-
তেওঁলোকে নিজৰ প্ৰতিজ্ঞা পূৰ নকৰিলেবাইবেলৰ পৰা শিকোঁ আহা
-
-
পাঠ ২৪
তেওঁলোকে নিজৰ প্ৰতিজ্ঞা পূৰ নকৰিলে
যিহোৱাই মোচিক কʼলে, ‘তুমি পাহাৰৰ ওপৰত মোৰ ওচৰলৈ আহা। মই তোমাক শিলৰ ফলিত নিজৰ নিয়ম লিখি দিম।’ তাৰ পাছত মোচি পাহাৰৰ ওপৰলৈ গʼল আৰু তাত তেওঁ ৪০ দিন আৰু ৪০ ৰাতি থাকিল। সেই সময়ছোৱাত যিহোৱাই শিলৰ দুখন ফলিত দহ আজ্ঞা লিখিলে আৰু সেই ফলি দুখন মোচিক দিলে।
কিছুদিন পাৰ হোৱাৰ পাছত ইস্ৰায়েলীসকলে ভাবিলে যে মোচিয়ে তেওঁলোকক এৰি কʼৰবালৈ গুচি গʼল। সেইবাবে, তেওঁলোকে হাৰোণক কʼলে, ‘আমাক পথ দেখুৱাবলৈ কোনোবা লাগিব। আমাৰ কাৰণে এটা দেৱতা বনাই দিয়া!’ হাৰোণে কʼলে, ‘ঠিক আছে, তোমালোকে নিজৰ সোণ আনি মোক দিয়া।’ তেতিয়া তেওঁ সেই সোণ গলাই দামুৰিৰ এটা মূৰ্তি বনালে। লোকসকলে কʼবলৈ ধৰিলে, ‘এই দামুৰি আমাৰ ঈশ্বৰ হয়। ইয়ে আমাক মিচৰৰ পৰা বাহিৰলৈ উলিয়াই আনিলে।’ তেওঁলোকে সেই সোণৰ দামুৰিটো পূজা কৰিবলৈ ধৰিলে আৰু উৎসৱ পালন কৰিবলৈ ধৰিলে। তেওঁলোকে এইদৰে কৰাটো ভুল আছিল নে? নিশ্চয় ভুল আছিল, কিয়নো তেওঁলোকে প্ৰতিজ্ঞা কৰিছিল যে তেওঁলোকে কেৱল যিহোৱাৰেই উপাসনা কৰিব। কিন্তু এতিয়া তেওঁলোকে এই প্ৰতিজ্ঞা পূৰ নকৰিলে।
যিহোৱাই এই সকলো চাই আছিল। তেওঁ মোচিক কʼলে, ‘তুমি তললৈ নামি লোকসকলৰ ওচৰলৈ যোৱা। তেওঁলোকে মোৰ কথা নুশুনিলে আৰু এটা মিছা দেৱতাৰ পূজা কৰি আছে।’ মোচিয়ে দুখন ফলি হাতত লʼলে আৰু পাহাৰৰ পৰা তললৈ নামি আহিলে।
যেতিয়া মোচিয়ে লোকসকলৰ ওচৰলৈ গৈ পাইছিলহি, তেতিয়া তেওঁ তেওঁলোকৰ গান শুনা পালে। তেওঁ দেখা পালে যে লোকসকলে নাচি আছে আৰু দামুৰিৰ আগত মূৰ দোৱাই তাক পূজা কৰি আছে। সেয়া দেখি মোচিৰ বহুত খং উঠিল আৰু তেওঁ সেই ফলি দুখন মাটিত পেলাই দিলে আৰু সেয়া ডোখৰ ডোখৰ হৈ গʼল। তেওঁ লগে লগে গৈ দামুৰিটো ধ্বংস কৰিলে। তাৰ পাছত তেওঁ হাৰোণক সুধিলে, ‘লোকসকলে তোমাক ইমান ডাঙৰ পাপ কৰিবলৈ কেনেকৈ মনাব পাৰে?’ হাৰোণে কʼলে, ‘মোৰ ওপৰত খং নকৰিবা। তুমি জানাই এওঁলোক কেনেকুৱা হয়। এওঁলোকক এটা দেৱতা লাগিছিল। সেইবাবে, মই এওঁলোকৰ সোণ লৈ জুইত দি দিলোঁ আৰু তাৰ পৰা এই দামুৰি হৈ গʼল।’ হাৰোণে এইদৰে কৰিব নালাগিছিল। মোচিয়ে আকৌ পাহাৰৰ ওপৰলৈ গʼল আৰু লোকসকলক ক্ষমা কৰি দিবলৈ যিহোৱাক অনুৰোধ কৰিবলৈ ধৰিলে।
যিহোৱাই কেৱল সেইসকলক ক্ষমা কৰিলে, যিসকলে তেওঁৰ কথা শুনিবলৈ সাজু হʼল। দেখিলা নে ইস্ৰায়েলীসকলে যিহোৱা আৰু নেতৃত্ব লʼবলৈ তেওঁ বাছনি কৰা মোচিৰ কথা শুনাটো কিমান প্ৰয়োজন আছিল?
“ঈশ্বৰৰ আগত প্ৰতিজ্ঞা কৰিলে, তাক পূৰ কৰিবলৈ দেৰি নকৰিবা। কিয়নো তেওঁ মূৰ্খবিলাকৰ পৰা আনন্দিত নহয়। তুমি যি প্ৰতিজ্ঞা কৰা, তাক পূৰ কৰা।”—উপদেশক ৫:৪ NWT
-
-
উপাসনাৰ কাৰণে পবিত্ৰ তম্বুবাইবেলৰ পৰা শিকোঁ আহা
-
-
পাঠ ২৫
উপাসনাৰ কাৰণে পবিত্ৰ তম্বু
মোচি যেতিয়া চীনয় পাহাৰত আছিল, তেতিয়া যিহোৱাই তেওঁক এটা বিশেষ ধৰণৰ তম্বু বনাবলৈ কʼলে, যাক পবিত্ৰ তম্বু বুলি কোৱা হʼব আৰু ইয়াৰ ওচৰত ইস্ৰায়েলীসকলে আহি তেওঁৰ উপাসনা কৰিব। যেতিয়া তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ যাব, তেতিয়া তেওঁলোকে সেই তম্বু লৈ যাব পাৰিব।
যিহোৱাই কʼলে, ‘লোকসকলক কʼবা যে তেওঁলোকে পবিত্ৰ তম্বু বনাবলৈ যি যি বস্তু দিব পাৰে, সেই সকলো দিয়ক।’ ইস্ৰায়েলীসকলে সোণ, ৰূপ, তাম, মূল্যৱান ৰত্ন আৰু গহনা দিলে। ইয়াৰ উপৰিও, ঊণ, মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰ, জন্তুৰ ছাল আৰু আন বহুতো বস্তু দিলে। তেওঁলোকে ইমানেই বস্তু লৈ আহিলে যে মোচিয়ে এয়া কʼবলগীয়া হʼল, ‘এতিয়া আৰু বস্তু লৈ নাহিবা। কিয়নো আমাৰ ওচৰত বহুত বস্তু হৈ গʼল!’
দক্ষতা থকা বহুতো পুৰুষ আৰু তিৰোতাই তম্বু বনোৱা কামত সহায় কৰিলে। এই কাম কৰিবলৈ যিহোৱাই তেওঁলোকক বুদ্ধি দিলে। কিছুমানে সূতা কাটিলে, কিছুমানে সূতাৰে কাপোৰ তৈয়াৰ কৰিলে আৰু কিছুমানে তাৰ ওপৰত ফুল বাচিলে। আন কিছুমানে ৰত্নৰ জোৰা লগালে, সোণেৰে বস্তু বনালে আৰু কাঠ খোদিত কৰি বিভিন্ন বস্তু বনালে।
যিহোৱাই যিদৰে কৈছিল, লোকসকলে ঠিক সেইদৰেই পবিত্ৰ তম্বু বনালে। তেওঁলোকে এখন সুন্দৰ পৰ্দা বনালে, যি তম্বুৰ পবিত্ৰ ভাগ আৰু মহা-পবিত্ৰ ভাগৰ মাজত লগাব পাৰি। মহা-পবিত্ৰ ভাগত চুক্তিৰ চন্দুক আছিল, যি চিটীম কাঠ আৰু সোণেৰে বনোৱা হৈছিল। পবিত্ৰ ভাগত এটা সোণৰ দীপাধাৰ, এখন মেজ বা টেবুল আৰু ধূঁপ জ্বলাবলৈ বেদীও আছিল। বাহিৰৰ চোতালত এটা ডাঙৰ পাত্ৰ আছিল আৰু এটা ডাঙৰ বেদী আছিল। চুক্তিৰ চন্দুক ইস্ৰায়েলীসকলক এয়া মনত পেলাই দিবলৈ বনোৱা হৈছিল যে তেওঁলোকে যিহোৱাৰ আজ্ঞা পালন কৰিব বুলি প্ৰতিজ্ঞা কৰিছিল। তুমি জানা নে চুক্তিৰ চন্দুক মানে কি? চুক্তিৰ চন্দুক মানে হৈছে এটা বিশেষ ধৰণৰ প্ৰতিজ্ঞা।
যিহোৱাই হাৰোণ আৰু তেওঁৰ লʼৰাবিলাকক পুৰোহিত পাতিলে যাতে তেওঁলোকে তম্বুৰ ওচৰত কাম কৰিব পাৰে। তেওঁলোকে তম্বুৰ চোৱা-চিতা কৰিব লাগিছিল আৰু যিহোৱালৈ বলিদান আগবঢ়াব লাগিছিল। হাৰোণ মহা-পুৰোহিত আছিল। কেৱল তেওঁৱেই মহা-পবিত্ৰ ভাগৰ ভিতৰলৈ যাব পাৰিছিল আৰু তেওঁ বছৰেকত এবাৰ তাৰ ভিতৰত সোমাইছিল। তাত তেওঁ নিজৰ পাপ, নিজৰ পৰিয়ালৰ পাপ আৰু গোটেই ইস্ৰায়েল ৰাষ্ট্ৰৰ পাপৰ ক্ষমাৰ কাৰণে বলিদান আগবঢ়াইছিল।
ইস্ৰায়েলীসকলে মিচৰ এৰা এবছৰৰ পাছত পবিত্ৰ তম্বু বনোৱা কাম শেষ কৰিলে। এতিয়া তেওঁলোকৰ ওচৰত যিহোৱাৰ উপাসনা কৰিবলৈ এখন ঠাই আছে।
যিহোৱাই সেই তম্বুক নিজৰ মহিমাৰে পূৰ কৰিলে আৰু তেওঁ এনে কিবা কৰিলে, যাৰ বাবে এডোখৰ মেঘ তম্বুৰ ওপৰত দেখিবলৈ পোৱা গʼল। যেতিয়ালৈকে সেই মেঘ তম্বুৰ ওপৰত থাকে, তেতিয়ালৈকে তেওঁলোকে তম্বু লগাই থৈ দিয়ে। কিন্তু তম্বুৰ ওপৰৰ পৰা যেতিয়া সেই মেঘ উঠি যায়, তেতিয়া তেওঁলোকে বুজিব পাৰে যে তেওঁলোকে আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে। তেওঁলোকে পবিত্ৰ তম্বুৰ ভাগক বেলেগ কৰে আৰু সেইবোৰ উঠাই মেঘৰ পিছে পিছে গৈছিল।
“তাৰ পাছত মই সিংহাসনৰ পৰা এটা ডাঙৰ মাত শুনিবলৈ পালোঁ, যিয়ে কৈ আছিল, ‘চোৱা! ঈশ্বৰৰ তম্বু মানুহৰ মাজত আছে। তেওঁ তেওঁলোকৰ লগত থাকিব আৰু তেওঁলোক তেওঁৰ লোক হʼব আৰু ঈশ্বৰ নিজেই তেওঁলোকৰ লগত থাকিব।’”—প্ৰকাশিত বাক্য ২১:৩
-