-
এগৰাকী বিধৱাৰ লʼৰা আকৌ জীয়াই উঠিলবাইবেলৰ পৰা শিকোঁ আহা
-
-
পাঠ ৪৮
এগৰাকী বিধৱাৰ লʼৰা আকৌ জীয়াই উঠিল
খৰাং বতৰত যিহোৱাই এলিয়াক কʼলে, ‘তুমি চাৰিফৎ নগৰলৈ যোৱা। তাত এগৰাকী বিধৱাই তোমাক খাবলৈ দিব।’ যেতিয়া তেওঁ নগৰৰ দুৱাৰৰ ওচৰত পালে, তেতিয়া এগৰাকী দুখীয়া বিধৱাই খৰি বুটলি আছিল। এলিয়াই তেওঁক খাবলৈ পানী খুজিলে। যেতিয়া তেওঁ পানী আনিবলৈ গৈ আছিল, তেতিয়া এলিয়াই তেওঁক কʼলে, ‘মোৰ কাৰণে ৰুটি এখনো আনিবা।’ কিন্তু বিধৱাগৰাকীয়ে কʼলে, ‘মোৰ ওচৰত আপোনাক দিবলৈ এখনো ৰুটি নাই। মোৰ ওচৰত কেৱল অলপহে আটা আৰু তেল আছে। ইয়াৰ পৰা মই মোৰ কাৰণে আৰু মোৰ লʼৰাৰ কাৰণে অলপহে খোৱা বস্তু বনাব পাৰিম।’ এলিয়াই কʼলে, ‘যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যদি তুমি মোক অলপ ৰুটি বনাই দিয়া, তেনেহʼলে বৰষুণ নহালৈকে তোমাৰ আটা আৰু তেল কেতিয়াও শেষ নহʼব।’
তেতিয়া বিধৱাগৰাকীয়ে ঘৰলৈ গʼল আৰু যিহোৱাৰ ভৱিষ্যবক্তাৰ কাৰণে ৰুটি বনালে। যেনেকৈ যিহোৱাই প্ৰতিজ্ঞা কৰিছিল খৰাং বতৰ শেষ নোহোৱালৈকে সেই বিধৱা আৰু তেওঁৰ লʼৰাটিৰ কাৰণে খোৱা-বোৱাৰ অভাৱ নহʼল। তেওঁৰ কলহত সদায় আটা আৰু তেল ভৰ্তি হৈ থাকিল।
ইয়াৰ পাছত এটা বহুত বেয়া ঘটনা ঘটিল। বিধৱাগৰাকীৰ লʼৰাটো ইমানেই বেমাৰ হʼল যে সি মৰি থাকিল। বিধৱাগৰাকীয়ে এলিয়াক সহায়ৰ বাবে মিনতি কৰিলে। তাৰ পাছত এলিয়াই লʼৰাটোক তুলি নিজৰ কোঠালিলৈ লৈ গʼল। তাক বিছনাত শোৱাই দিলে আৰু যিহোৱালৈ প্ৰাৰ্থনা কৰিলে, ‘হে যিহোৱা, এই লʼৰাটোক আকৌ জীৱিত কৰি দিয়া।’ তুমি জানা নে, যিহোৱাই সেই লʼৰাটোক জীয়াই তোলা হʼলে এয়া কিয় আচৰিতজনক কথা হʼলহেঁতেন? কিয়নো ইয়াৰ আগতে মৰা মানুহ কেতিয়াও জীৱিত হোৱা নাছিল আৰু সেই তিৰোতা আৰু তেওঁৰ লʼৰাটো ইস্ৰায়েলীও নাছিল।
তথাপি যিহোৱাই সেই লʼৰাটোক জীয়াই তুলিলে আৰু সি উশাহ লʼবলৈ ধৰিলে। এলিয়াই বিধৱাগৰাকীক কʼলে, ‘চোৱা! তোমাৰ লʼৰাটো জীৱিত হʼল।’ তেতিয়া বিধৱাগৰাকী বহুত আনন্দিত হʼল আৰু তেওঁ এলিয়াক কʼলে, ‘আপুনি সঁচাকৈ ঈশ্বৰৰ সেৱক হয়। মই এইদৰে কোৱাৰ কাৰণ হৈছে আপুনি সেয়াই কয়, যি যিহোৱাই আপোনাক কয়।’
“কাউৰীবোৰলৈ মন কৰা, সিহঁতে শস্য নিসিঁচে, নাদায় আৰু সিহঁতৰ ভঁৰালো নাথাকে, তথাপিও ঈশ্বৰে সিহঁতৰ কাৰণে আহাৰৰ ব্যৱস্থা কৰে। তোমালোক চৰাইবোৰতকৈ মূল্যৱান নোহোৱা নে?”—লূক ১২:২৪
-
-
এজনী বেয়া ৰাণীয়ে শাস্তি পালেবাইবেলৰ পৰা শিকোঁ আহা
-
-
পাঠ ৪৯
এজনী বেয়া ৰাণীয়ে শাস্তি পালে
ৰজা আহাবৰ ভৱন যিজ্ৰিয়েলত আছিল। তেওঁ নিজৰ ভৱনৰ খিৰিকীয়েদি এখন আঙুৰৰ বাৰী দেখা পাইছিল। সেই বাৰী নাবোত নামৰ এজন মানুহৰ আছিল। ৰজা আহাবক সেই বাৰী বহুত ভাল লাগিল। সেইবাবে, তেওঁ নাবোতৰ পৰা এই বাৰী কিনিবলৈ চেষ্টা কৰিলে। কিন্তু নাবোতে এয়া বিক্ৰী নকৰোঁ বুলি কʼলে, কিয়নো যিহোৱাৰ নিয়মত কোৱা আছিল যে কোনোৱে নিজৰ উত্তৰাধিকাৰীৰ মাটি বিক্ৰী কৰিব নোৱাৰে। নাবোতে ভাল কাম কৰি আছে বুলি আহাবে তেওঁৰ আদৰ কৰিলে নে? নাই কৰা। আহাবৰ বহুত খং উঠিল। তেওঁৰ ইমানেই খং উঠিল যে তেওঁ নিজৰ শোৱা কোঠালিৰ পৰা বাহিৰলৈ ওলাই নাহিছিল, আনকি একো খোৱাও নাছিল।
আহাবৰ পত্নী ঈজেবল বহুত বেয়া ৰাণী আছিল। তাই আহাবক কʼলে, ‘আপুনি ইস্ৰায়েলৰ ৰজা হয়। আপুনি যিয়েই বিচাৰে, সেয়া লʼব পাৰে। মই আপোনাক সেই মাটি দিয়াম।’ তাই চহৰৰ বৃদ্ধসকললৈ চিঠি লিখিলে আৰু নাবোতে ঈশ্বৰৰ বিষয়ে বেয়া বেয়া কথা কৈছে বুলি অভিযোগ লগাবলৈ কʼলে আৰু তেওঁক শিল দলিয়াই মাৰি পেলাবলৈ কʼলে। বৃদ্ধসকলে এইদৰেই কৰিলে। তাই আহাবক কʼলে, ‘নাবোত মৰি গʼল, এতিয়া তাৰ বাৰী আপোনাৰ হʼল।’
ঈজেবলে নাবোতৰ নিচিনা যিহোৱাক প্ৰেম কৰা বহুতো ভাল লোকক হত্যা কৰাইছিল। তাই মূৰ্তিপূজা কৰিছিল আৰু এনেধৰণৰ বহুতো বেয়া কাম কৰিছিল। তাই যি যি বেয়া কাম কৰিছিল, সেই সকলো যিহোৱাই দেখিলে। সেইবাবে, যিহোৱাই তাইৰ লগত কি কৰিলে?
আহাবৰ মৃত্যুৰ পাছত তেওঁৰ লʼৰা যোৰাম ৰজা হʼল। যিহোৱাই যেহূ নামৰ এজন মানুহক ঈজেবলৰ ওচৰলৈ পঠিয়ালে যাতে তেওঁ ঈজেবল আৰু তেওঁৰ পৰিয়ালক শাস্তি দিয়ে।
যেহূৱে নিজৰ ৰথত উঠি যিজ্ৰিয়েললৈ গʼল, যʼত ঈজেবল থাকিছিল। যোৰামে নিজৰ ৰথত উঠি যেহূক লগ কৰিবলৈ গʼল আৰু তেওঁক সুধিলে, ‘চব ঠিকেই আছে নে?’ যেহূৱে কʼলে, ‘যেতিয়ালৈকে তোমাৰ মায়ে বেয়া কাম কৰি থাকিব, তেতিয়ালৈকে চব কেনেকৈ ঠিক হʼব পাৰে?’ যোৰামে নিজৰ ৰথ ঘূৰাই পলাবলৈ চেষ্টা কৰিলে। কিন্তু যেহূৱে তেওঁলৈ ধনুৰ কাঁড় মাৰিলে আৰু তেওঁ মৰি গʼল।
তাৰ পাছত যেহূৱে ঈজেবলৰ ভৱনলৈ গʼল। যেতিয়া ঈজেবলে শুনিলে যে যেহূ আহি আছে, তেতিয়া তাই সাজি-কাচি তৈয়াৰ হʼল। তাই নিজৰ চুলি গুঁঠিলে আৰু ওপৰৰ খিৰিকীৰ ওচৰত যেহূৰ কাৰণে বাট চাবলৈ ধৰিলে। যেহূ যেতিয়া ভৱনৰ ওচৰত পালেগৈ, তেতিয়া ঈজেবলে তেওঁক বৰ বেয়াকৈ কʼবলৈ ধৰিলে। তেতিয়া যেহূৱে তাইৰ ওচৰত থিয় হৈ থকা সেৱকসকলক চিঞৰি কʼলে, ‘তাইক তললৈ পেলাই দিয়া!’ তেতিয়া তেওঁলোকে তাইক খিৰিকীয়েদি তললৈ ঠেলি পেলাই দিলে আৰু তাই মাটিত পৰি মৰি গʼল।
যেহূৱে আহাবৰ ৭০ জন লʼৰাক মাৰি পেলালে আৰু দেশৰ পৰা বালৰ পূজা একেবাৰে নাইকিয়া কৰিলে। এই কাহিনীৰ পৰা তুমি কি শিকিলা? যিহোৱাই সকলো চায় আৰু বেয়া কাম কৰা লোকসকলক সঠিক সময়ত শাস্তি দিয়ে।
“যদিও এজন ব্যক্তিয়ে লোভ কৰি ধন-সম্পত্তি লাভ কৰিও লয়; কিন্তু শেষত কোনো আশীৰ্বাদ নাপাব।”—হিতোপদেশ ২০:২১, NW
-