ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 অক্টোবৰ পৃষ্ঠা ২-৭
  • হৃদয়ৰপৰা অনুতাপ কৰাৰ অৰ্থ কি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • হৃদয়ৰপৰা অনুতাপ কৰাৰ অৰ্থ কি?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আমি ৰজা আহাবৰপৰা কি শিকিব পাৰোঁ
  • ৰজা মনচিৰপৰা আমি কি শিকিব পাৰোঁ
  • এজন ব্যক্তিয়ে হৃদয়ৰপৰা অনুতাপ কৰিছে বুলি কেনেকৈ জানিব পাৰি
  • অনুতাপ কৰিবলৈ উৎসাহিত কৰক
  • সকলো লোকে অনুতাপ কৰাটো যিহোৱাই বিচাৰে!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 অক্টোবৰ পৃষ্ঠা ২-৭

অধ্যয়নৰ লেখ ৪০

হৃদয়ৰপৰা অনুতাপ কৰাৰ অৰ্থ কি?

“মই . . . মন পালটাবলৈ, পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।”—লূক ৫:৩২.

গীত ৩৬ জীৱনৰ মূল হৈছে হৃদয়

লেখৰ এক আভাসa

১-২. (ক) ৰজা আহাব আৰু মনচিৰ মাজত কি পাৰ্থক্য আছিল? (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

প্ৰাচীন সময়ত দুজন ৰজা আছিল। এজন হৈছে ইস্ৰায়েলৰ ৰজা আৰু আনজন, যিহূদাৰ ৰজা। তেওঁলোকে বেলেগ বেলেগ সময়ত জীয়াই আছিল। কিন্তু তেওঁলোকৰ মাজত বহুতো মিল আছিল। দুয়োজন ৰজাই যিহোৱাৰ বিৰুদ্ধে কাম কৰিছিল আৰু লোকসকলৰ হত্যা কৰিছিল। তেওঁলোকৰ বাবে যিহোৱাৰ লোকসকলে বেয়া কাম কৰিলে আৰু তেওঁলোকে মূৰ্তিপূজাও কৰিছিল। কিন্তু তেওঁলোকৰ মাজত এটা পাৰ্থক্য আছিল। এজন ৰজাই মৃত্যুলৈকে বেয়া কাম কৰিলে কিন্তু আনজন ৰজাই নিজৰ ভুল স্বীকাৰ কৰিলে আৰু অনুতাপ কৰিলে। সেইবাবে, যিহোৱাই তেওঁক ক্ষমা কৰিলে। সেই ৰজাসকল কোন আছিল? আহক চাওঁ।

২ ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ ৰজা মনচি। আমি এই দুয়োজন ৰজাৰ উদাহৰণৰপৰা শিকিম যে অনুতাপ কৰাৰ অৰ্থ কি আৰু আমি সঁচাকৈ অনুতাপ কৰিছোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (পাঁচ. ১৭:৩০; ৰোম. ৩:২৩) এয়া জনাটো অতি প্ৰয়োজন, কিয়নো আমি যদি পাপো কৰোঁ তেনেহ’লে যিহোৱাই আমাক ক্ষমা কৰিব। যীচুৱে অনুতাপ কৰাৰ বিষয়ে কি শিকাইছিল, তাৰ বিষয়েও আমি এই লেখত আলোচনা কৰিম।

আমি ৰজা আহাবৰপৰা কি শিকিব পাৰোঁ

৩. আহাব কেনেধৰণৰ ৰজা আছিল?

৩ আহাব ইস্ৰায়েলৰ সপ্তম ৰজা আছিল। তেওঁ চীদোনৰ ৰজাৰ জীয়েক ঈজেবলক বিয়া পাতিছিল। এই বিয়াৰ বাবে ইস্ৰায়েল ৰাষ্ট্ৰই বহুতো টকা ঘটিব পাৰিছিল। কিন্তু ইয়াৰ বাবে ইস্ৰায়েলীসকলে যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলে। ঈজেবলে বাল দেৱতাক উপাসনা কৰিছিল আৰু তাই ৰজা আহাবৰ যোগেদি গোটেই দেশৰ লোকসকলক বালৰ উপাসনা কৰিবলৈ উৎসাহিত কৰিছিল আৰু লোকসকলেও এইদৰে কৰিলে। এই উপাসনা ইমান ঘৃণনীয় আছিল যে মন্দিৰত বেশ্যাসকলে থাকিছিল আৰু লʼৰা-ছোৱালীক বলি দিয়া হৈছিল। ঈজেবলে যিহোৱাৰ বহুতো ভৱিষ্যবক্তাক হত্যা কৰিছিল। (১ ৰাজা. ১৮:১৩) ৰজা আহাবেও বহুতো বেয়া বেয়া কাম কৰিছিল। সেইবাবে, বাইবেলত এইদৰে কৈছে: “তেওঁৰ আগেয়ে যিবিলাক আছিল, সেই সকলোতকৈয়ো অম্ৰীৰ পুত্ৰ আহাবে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে।” (১ ৰাজা. ১৬:৩০) যিহোৱাই জানিছিল যে আহাব আৰু ঈজেবলে কি কৰিছে। তথাপি তেওঁলোকক দয়া দেখুৱাই তেওঁ ভৱিষ্যতবক্তা এলিয়াৰ যোগেদি তেওঁলোকক আৰু আন লোকসকলক সাৱধানবাণী দিছিল। কিন্তু আহাব আৰু ঈজেবলে তেওঁলোকৰ কথা নুশুনিলে।

৪. যিহোৱাই ৰজা আহাবক কি শাস্তি দিম বুলি কৈছিল আৰু আহাবে কি কৰিলে?

৪ অৱশেষত, যিহোৱাৰ ধৈৰ্য্যৰ সীমা পাৰ হ’ল। তেওঁ ৰজা আহাব আৰু ঈজেবলক এলিয়াৰ যোগেদি ক’লে যে যিহোৱাই তেওঁৰ সকলো বংশক ধ্বংস কৰি দিব। এই কথা শুনি ৰজা আহাবে মনত বহুত আঘাত পালে। সেইবাবে, তেওঁ নিজকে ‘নম্ৰ কৰিলে।’—১ ৰাজা. ২১:১৯-২৯.

ছবি: ১. ৰজা আহাবে নিজকে নম্ৰ কৰে। ২. পাছত তেওঁ খং কৰি যিহোৱাৰ ভৱিষ্যতবক্তা মীখায়াক জেʼলত বন্দী কৰিবলৈ নিজৰ লোকসকলক কৈছে।

ৰজা আহাবে নিজৰ ভুলৰ বাবে হৃদয়ৰপৰা অনুতাপ কৰা নাছিল। সেইবাবে, তেওঁ ভৱিষ্যতবক্তা মীখায়াক জেʼলত বন্দী কৰিছিল (অনুচ্ছেদ ৫-৬ চাওক)b

৫-৬. ৰজা আহাবে অনুতাপ কৰা নাছিল বুলি কেনেকৈ জানিব পাৰি?

৫ এয়া সঁচা যে ৰজা আহাবে নিজকে নম্ৰ কৰিলে। কিন্তু তেওঁ পাছলৈ যি কাম কৰিলে, তাৰপৰা বুজিব পাৰি যে তেওঁ অনুতাপ কৰা নাছিল। ৰজা আহাবে দেশৰপৰা বাল দেৱতাৰ উপাসনা আঁতৰাই দিয়া নাছিল আৰু লোকসকলক যিহোৱাৰ উপাসনা কৰিবলৈও উৎসাহিত কৰা নাছিল। ৰজা আহাবে আৰু বহুতো কাম কৰিলে, যাৰপৰা বুজিব পাৰি যে তেওঁ অনুতাপ কৰা নাছিল।

৬ কিছুসময়ৰ পাছত ৰজা আহাবে অৰামীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যিহূদাৰ ৰজা যিহোচাফটপৰা সহায় বিচাৰিলে। যিহোচাফট এজন ভাল ৰজা আছিল। সেইবাবে, তেওঁ এই বিষয়ে যিহোৱাৰ কোনো ভৱিষ্যতবক্তাৰপৰা পৰামৰ্শ লোৱাৰ প্ৰয়োজন আছে বুলি কৈছিল। কিন্তু ৰজা আহাবে এইদৰে কৰিবলৈ বিচৰা নাছিল। সেইবাবে, তেওঁ এইদৰে কৈছিল, “আমি যাৰ দ্বাৰাই যিহোৱাক সুধিব পাৰোঁ, এনে এজন আৰু আছে; কিন্তু মই তেওঁক ঘিন কৰোঁ, কিয়নো তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, কেৱল অমঙ্গলহে প্ৰচাৰ কৰে।” তথাপি আহাবে তেওঁৰ কথা মানিলে আৰু মীখায়া ভৱিষ্যতবক্তাৰপৰা পৰামৰ্শ ল’লে। যিদৰে আহাবে আগতে কৈছিল, ঠিক সেইদৰে ভৱিষ্যতবক্তাই আহাবৰ বিষয়ে বেয়া খবৰ দিলে। সেইবাবে, আহাবে তেওঁক জেʼলত বন্দী কৰিলে। (১ ৰাজা. ২২:৭-৯, ২৩, ২৭) যদিও তেওঁ ভৱিষ্যতবক্তাজনক বন্দী কৰিলে, তথাপি যিহোৱাই যি কৈছিল সেয়া পূৰ হোৱাত বাধা দিব নোৱাৰিলে। সেই যুদ্ধতে ৰজা আহাবৰ মৃত্যু হ’ল।— ১ ৰাজা. ২২:৩৪-৩৮.

৭. যিহোৱাই আহাবৰ বিষয়ে কি কৈছিল?

৭ যেতিয়া ৰজা যিহোচাফটে যুদ্ধৰপৰা ৰাজভৱনলৈ ঘূৰি আহিছিল, তেতিয়া যিহোৱাই নিজৰ ভৱিষ্যতবক্তা যেহূৰ যোগেদি তেওঁক কৈছিল যে তেওঁ ৰজা আহাবৰ বিষয়ে কি ভাৱে। যেহূৱে যিহোচাফটক খঙেৰে এইদৰে কৈছিল, “দুৰ্জনৰ সহায় কৰা আৰু যিহোৱাক ঘিণ কৰোঁতাবিলাকক প্ৰেম কৰা জানো তোমাৰ উচিত?” (২ বং. ১৯:১, ২) ৰজা আহাবে হৃদয়ৰপৰা অনুতাপ কৰা হ’লে যিহোৱাই তেওঁক দুৰ্জন বুলি নকʼলেহেঁতেন আৰু যিহোৱাক ঘিণ কৰোঁতাসকলৰ লগত গণ্য নকৰিলেহেঁতেন। যদিও আহাবে নিজৰ ভুলৰ বাবে দুখ কৰিছিল, কিন্তু তেওঁ হৃদয়ৰপৰা অনুতাপ কৰা নাছিল।

৮. ৰজা আহাবৰপৰা আমি কি শিকিব পাৰোঁ?

৮ আমি ৰজা আহাবৰপৰা কি শিকিলোঁ? আমি শিকিলোঁ যে অনুতাপ কৰিবলৈ কেৱল দুখ অনুভৱ কৰাই যথেষ্ট নহয়, আমি আৰু কিছুমান পদক্ষেপ লʼব লাগিব। ইয়াৰ বিষয়ে জানিবলৈ আহক আমি ৰজা মনচিৰ উদাহৰণলৈ মন কৰোঁ।

ৰজা মনচিৰপৰা আমি কি শিকিব পাৰোঁ

৯. মনচি কেনেধৰণৰ ৰজা আছিল?

৯ প্ৰায় ২০০ বছৰৰ পাছত মনচি যিহূদাৰ ৰজা হয়। তেওঁ হয়তো ৰজা আহাবতকৈও বেয়া বেয়া কাম কৰিছিল। সেইবাবে, তেওঁৰ বিষয়ে বাইবেলত এইদৰে কোৱা হৈছে, “যিহোৱাক বেজাৰ দিবৰ অৰ্থে তেওঁৰ সাক্ষাতে তেওঁ বহুত কু-আচৰণ কৰিলে।” (২ বং. ৩৩:১-৯) তেওঁ মিছা দেৱী-দেৱতাৰ বাবে বেদী তৈয়াৰ কৰিলে আৰু যিহোৱাৰ মন্দিৰৰ ভিতৰত আচেৰাৰ মূৰ্তিবোৰ স্থাপন কৰিলে, যি হয়তো লিঙ্গ উপাসনা কৰোতে ব্যৱহাৰ কৰা হৈছিল। ৰজা মনচিয়ে যাদু-বিদ্যাৰ লগত জড়িত সকলো কাম কৰিলে। ‘তেওঁ অতিশয় অধিকৰূপে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিলে,’ আনকি তেওঁ দেৱী-দেৱতাৰ বাবে ‘নিজৰ পুত্ৰটিক অগ্নিত’ বলিদান দিলে।—২ ৰাজা. ২১:৬, ৭, ১০, ১১, ১৬.

১০. যিহোৱাই মনচিক কেনেকৈ শুধৰণি কৰিলে আৰু মনচিয়ে কি কৰিলে?

১০ যিহোৱাই ৰজা মনচিক সৰ্তক কৰিবলৈ বহুতো ভৱিষ্যতবক্তাক পঠিয়াইছিল। কিন্তু তেওঁ ৰজা আহাবৰ নিচিনা যিহোৱাৰ কথালৈ ধ্যান নিদিলে। সেইবাবে, “যিহোৱাই তেওঁবিলাকৰ বিৰুদ্ধে অচূৰৰ ৰজাৰ সেনাপতিবিলাকক আনিলে; তেওঁবিলাকে মনচিক ধৰি হাঁকোটা লগাই শিকলিৰে বান্ধি বাবিললৈ লৈ গল।” জেʼলত বন্দী হৈ থকাৰ সময়ত তেওঁ নিজৰ কামৰ বিষয়ে চিন্তা কৰিলে। তেওঁ “নিজ ওপৰ-পিতৃবিলাকৰ ঈশ্বৰৰ আগত নিজকে অতিশয় নম্ৰ কৰিল।” ইমানে নহয়, “তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ আগত মিনতি কৰিলে” আৰু তেওঁলৈ “প্ৰাৰ্থনা” কৰি থাকিল। লাহে লাহে মনচিয়ে নিজকে পৰিৱৰ্তন কৰিলে। তেওঁ যিহোৱাক নিজৰ ঈশ্বৰ বুলি মানিলে।—২ বং. ৩৩:১০-১৩.

ছবি: ১. ৰজা মনচিয়ে দয়া পাবলৈ মিনতি কৰিছে। ২. পাছত তেওঁ যিহোৱাৰ মন্দিৰত যিবোৰ মূৰ্তি স্থাপন কৰিছিল, সেই সকলো ধ্বংস কৰিবলৈ নিজৰ লোকসকলক কৈছে।

ৰজা মনচিয়ে নিজৰ ভুলৰ বাবে হৃদয়ৰপৰা অনুতাপ কৰিছিল। সেইবাবে, তেওঁ মিছা উপাসনাক নাইকিয়া কৰিবলৈ চেষ্টা কৰিছিল (অনুচ্ছেদ ১১ চাওক)c

১১. মনচিয়ে নিজৰ ভুলৰ বাবে অনুতাপ কৰিছিল বুলি ২ বংশাৱলি ৩৩:১৫, ১৬ পদৰপৰা কেনেকৈ জানিব পাৰি?

১১ যিহোৱাই দেখিলে যে ৰজা মনচিয়ে সঁচাকৈ নিজৰ মন সলনি কৰিলে। সেইবাবে, যিহোৱাই তেওঁক ক্ষমা কৰিলে আৰু পুনৰ তেওঁক ৰজা পাতিলে। ৰজা হোৱাৰ পাছত মনচিয়ে দেখুৱালে যে তেওঁ নিজৰ ভুলৰ বাবে অনুতাপ কৰিছে। তেওঁ সেই কাম কৰিলে, যি ৰজা আহাবে কৰা নাছিল। তেওঁ নিজকে সলনি কৰিলে। তেওঁ দেশৰপৰা মূৰ্তিপূজা শেষ কৰিবলৈ চেষ্টা কৰিলে আৰু সকলোকে যিহোৱাৰ সেৱা কৰিবলৈ উৎসাহিত কৰিলে। (২ বংশাৱলি ৩৩:১৫, ১৬ পঢ়ক।) এইদৰে কৰাটো তেওঁৰ বাবে সহজ নাছিল। কিয়নো যেতিয়া তেওঁ ডেকা আছিল, সেই সময়ত তেওঁ বহুতো বেয়া বেয়া কাম কৰিলে আৰু তেওঁ নিজৰ পৰিয়াল, মন্ত্ৰী আৰু লোকসকলৰ বাবে এটা বেয়া উদাহৰণ ৰাখিলে। কিন্তু বৃদ্ধ অৱস্থাত তেওঁ যিহোৱাৰ ওপৰত বিশ্বাস কৰিলে আৰু সাহসেৰে নিজৰ ভুলবোৰ শুধৰণি কৰিবলৈ চেষ্টা কৰিলে। এইদৰে কৰাৰ বাবে হয়তো তেওঁৰ নাতিয়েক যোচিয়াৰ ওপৰত ভাল প্ৰভাৱ পৰিল। কিয়নো যোচিয়া আগলৈ গৈ ভাল ৰজা হ’ল।—২ ৰাজা. ২২:১, ২.

১২. অনুতাপ কৰাৰ বিষয়ে আমি মনচিৰপৰা কি শিকিব পাৰোঁ?

১২ ৰজা মনচিৰপৰা আমি কি শিকিলোঁ? তেওঁ নিজকে নম্ৰ কৰিলে, ইয়াৰ লগতে তেওঁ আৰু বহুতো পদক্ষেপ লʼলে। তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰিলে, মিনতি কৰিলে, নিজকে সলনি কৰিলে আৰু নিজৰ ভুল শুধৰণি কৰিবলৈ চেষ্টা কৰিলে। তেওঁ যিহোৱাৰ উপাসনা কৰিলে আৰু আন লোকসকলকো যিহোৱাৰ উপাসনা কৰিবলৈ উৎসাহিত কৰিলে। ৰজা মনচিৰ উদাহৰণৰপৰা আমি শিকিলোঁ যে গম্ভীৰ পাপ কৰা লোকসকলকো যিহোৱাই ক্ষমা কৰে। কিয়নো তেওঁ “মঙ্গলময় আৰু ক্ষমাৱান” হয়। (গীত. ৮৬:৫) কিন্তু তেওঁলোকে নিজৰ ভুলৰ বাবে হৃদয়েৰে অনুতাপ কৰিব লাগিব।

১৩. এটা উদাহৰণ দি বুজাওক যে অনুতাপ কৰিবলৈ কি কৰা যথেষ্ট নহয়?

১৩ হৃদয়ৰপৰা অনুতাপ কৰিবলৈ দুখ অনুভৱ কৰাই যথেষ্ট নহয়। ইয়াক বুজিবলৈ আহক এটা উদাহৰণলৈ মন কৰোঁ। আপুনি এখন মিঠাই দোকানলৈ যায়, আৰু দোকানীজনক গোলাব জামুন বিচাৰে, কিন্তু দোকানীজনে আপোনাক গোলাব জামুন নিদি চেনি দিয়ে। তেনেহ’লে সেয়া লৈ আপুনি আহিবনে? নিশ্চয় নাহে। দোকানীজনে আপোনাক কয় যে গোলাব জামুন বনাবলৈ চেনিৰ অতি প্ৰয়োজন। তেনেহ’লে আপুনি বিশ্বাস কৰি চেনিখিনি লৈ আহিবনে? নিশ্চয় সেইখিনি লৈ নাহে। ঠিক সেইদৰে অনুতাপ কৰিবলৈ দুখ কৰাটো অতি প্ৰয়োজন। কিন্তু এয়া যথেষ্ট নহয়। আমি হৃদয়েৰে অনুতাপ কৰাটো যিহোৱাই বিচাৰে। ইয়াৰ অৰ্থ কি? এয়া আমি যীচুৱে দিয়া বিদ্ৰোহী পুত্ৰৰ উদাহৰণৰপৰা জানিব পাৰোঁ। আহক সেই উদাহৰণলৈ মন কৰোঁ।

এজন ব্যক্তিয়ে হৃদয়ৰপৰা অনুতাপ কৰিছে বুলি কেনেকৈ জানিব পাৰি

যেতিয়া বিদ্ৰোহী পুত্ৰই নিজৰ ভুল বুজি পালে, তেতিয়া তেওঁ নিজৰ ঘৰলৈ উভতি আহিল (অনুচ্ছেদ ১৪-১৫ চাওক)d

১৪. যীচুৱে দিয়া উদাহৰণৰপৰা কেনেকৈ জানিব পাৰি যে বিদ্ৰোহী পুত্ৰই নিজৰ ভুলৰ বাবে দুখ অনুভৱ কৰিছে?

১৪ লূক ১৫:১১-৩২ পদত বিদ্ৰোহী পুত্ৰৰ উদাহৰণ দিয়া হৈছে। পুত্ৰই নিজৰ পিতৃৰ ঘৰ এৰি “দূৰ দেশলৈ” গুচি যায় আৰু তাত তেওঁ অনৈতিক জীৱন-যাপন কৰে। যেতিয়া পুত্ৰৰ ওপৰত সমস্যা আহিল, তেতিয়া তেওঁ “চেতন পাই” অৰ্থাৎ বুজি পাই যে তেওঁ যি কৰিছে, সেয়া ভুল হয়। সেইবাবে তেওঁ নিজৰ পিতৃক ক্ষমা খুজিবলৈ আৰু তেওঁৰ ঘৰলৈ উভতি যাবলৈ নিৰ্ণয় লয়। এয়া ভাল কথা যে তেওঁ যি কৰিছিল, তাৰপৰা তেওঁ ভুল কৰিছে বুলি বুজি পালে। কিন্তু ইমানে যথেষ্ট নাছিল, তেওঁ নিজকে সলনি কৰাৰ প্ৰয়োজন আছিল।

১৫. বিদ্ৰোহী পুত্ৰই হৃদয়ৰপৰা অনুতাপ কৰিছিল বুলি কেনেকৈ দেখুৱালে?

১৫ বিদ্ৰোহী পুত্ৰজনে নিজৰ ভুলৰ বাবে অনুতাপ কৰে। সেইবাবে, তেওঁ ইমান দীঘলীয়া যাত্ৰা কৰি নিজৰ ঘৰলৈ উভতি আহে। তেওঁ নিজৰ পিতৃক লগ কৰে আৰু এইদৰে কয়, “স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত, মই পাপ কৰিলোঁ; আপোনাৰ পুত্ৰ বুলি মতাৰ আৰু যোগ্য নহওঁ।” (লূক ১৫:২১) তেওঁৰ কথাৰপৰা বুজিব পাৰি যে তেওঁ যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্ক ভাল কৰিবলৈ বিচাৰিছিল। তেওঁ এয়াও স্বীকাৰ কৰে যে তেওঁ নিজৰ পিতৃক বহুত দুখ দিছে আৰু তেওঁ নিজৰ পিতৃৰ লগত থকা সম্পৰ্কক ভাল কৰিবলৈ বিচাৰিছিল। সেইবাবে, নিজৰ পিতৃৰ ঘৰত কাম কৰিবলৈ সাজু আছিল। (লূক ১৫:১৯) যীচুৱে দিয়া এই উদাহৰণটো কেৱল কাহিনীয়ে নহয়, ইয়াৰপৰা প্ৰাচীনসকলে বহুতো কথা শিকিব পাৰে। যেতিয়া কোনো ভাই বা ভনীয়ে পাপ কৰে আৰু প্ৰাচীনে জানিব বিচাৰে যে তেওঁ হৃদয়ৰপৰা অনুতাপ কৰিছে নে নাই কৰা, তেতিয়া যীচুৱে দিয়া এই উদাহৰণৰপৰা প্ৰাচীনসকলে সহায় লাভ কৰিব পাৰে।

১৬. এজন ব্যক্তিয়ে হৃদয়ৰপৰা অনুতাপ কৰিছে নে নাই কৰা, তাৰ বিষয়ে জানিবলৈ প্ৰাচীনসকলৰ কিয় কঠিন হয়?

১৬ পাপ কৰা ব্যক্তিয়ে হৃদয়ৰপৰা অনুতাপ কৰিছে নে নাই কৰা, তাৰ বিষয়ে জানিবলৈ প্ৰাচীনসকলৰ বাবে কঠিন হয়। কিয়নো তেওঁলোকে পাপ কৰা ব্যক্তিজনৰ হৃদয়ৰ কথা জানিব নোৱাৰে। প্ৰাচীনসকলে প্ৰমাণৰ আধাৰত নিৰ্ণয় লয়। কেতিয়াবা কেতিয়াবা এজন ব্যক্তিয়ে ইমানে গভীৰ পাপ কৰে যে প্ৰাচীনসকলক তেওঁৰ কথাৰ ওপৰত বিশ্বাস কৰিবলৈ কঠিন হয়।

১৭. (ক) এটা উদাহৰণ দি বুজাওক যে নিজৰ ভুলৰ বাবে দুখ কৰা কিয় যথেষ্ট নহয়? (খ) দ্বিতীয় কৰিন্থীয়া ৭:১১ পদৰ অনুসৰি হৃদয়ৰপৰা অনুতাপ কৰিবলৈ এজন ব্যক্তিয়ে কি কৰা উচিত?

১৭ ধৰি লওক এজন ভায়ে বহুবছৰ ধৰি বাৰে বাৰে ব্যভিচাৰ কৰে। তেওঁ এই কথাটো নিজৰ পত্নী, বন্ধু আৰু প্ৰাচীনসকলৰপৰা লুকুৱাই ৰাখে। কিন্তু পাছলৈ তেওঁৰ এই ভুল ওলাই পৰে। যেতিয়া প্ৰাচীনসকলে তেওঁৰ লগত ইয়াৰ বিষয়ে কথা পাতে, তেতিয়া তেওঁ নিজৰ ভুল স্বীকাৰ কৰে আৰু ইয়াৰ বাবে তেওঁ দুখো অনুভৱ কৰে। কিন্তু অনুতাপ কৰিবলৈ ইমানে যথেষ্ট নে? নহয়। প্ৰাচীনসকলে আৰু বহুতো কথাৰ ওপৰত ধ্যান দিয়া উচিত। সেই ভাইজনে বাৰে বাৰে পাপ কৰিলে আৰু নিজৰ ভুলৰ বিষয়ে তেওঁ নিজে আহি প্ৰাচীনসকলক জনোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে আনে আহি তেওঁৰ ভুলৰ বিষয়ে জনালে। এনে পৰিস্থিতিত প্ৰাচীনসকলে ধ্যান দিয়া উচিত যে তেওঁ নিজৰ চিন্তাধাৰা আৰু আচাৰ-ব্যৱহাৰত পৰিৱৰ্তন কৰিছে নে নাই কৰা। (২ কৰিন্থীয়া ৭:১১ পঢ়ক।) হয়তো সেই ব্যক্তিজনক নিজকে সলনি কৰিবলৈ বহুতো সময়ৰ প্ৰয়োজন হ’ব পাৰে। সেইবাবে প্ৰাচীনসকলে তেওঁক তেতিয়ালৈকে মণ্ডলীৰপৰা বহিষ্কৃত কৰিব, যেতিয়ালৈকে তেওঁ নিজকে সম্পূৰ্ণৰূপে সলনি নকৰে।—১ কৰি. ৫:১১-১৩; ৬:৯, ১০.

১৮. (ক) যদি এজন ব্যক্তিয়ে হৃদয়ৰপৰা অনুতাপ কৰিছে, তেনেহ’লে তেওঁ কি কৰিব? (খ) এইদৰে কৰিলে কি হ’ব?

১৮ যদি এজন পাপ কৰা ব্যক্তিয়ে হৃদয়ৰপৰা অনুতাপ কৰে, তেনেহ’লে তেওঁ প্ৰতিটো সভাত উপস্থিত হʼব। প্ৰাচীনসকলে তেওঁক যি পৰামৰ্শ দিয়ে, সেয়া পালন কৰিব। যেনে, সদায় প্ৰাৰ্থনা কৰা আৰু বাইবেল পঢ়া। তেওঁ এনে কামৰপৰা আঁতৰি থাকিব, যাৰ বাবে তেওঁ আকৌ পাপ কৰিব পাৰে। পাপ কৰা ব্যক্তিয়ে যদি যিহোৱাৰ লগত থকা তেওঁৰ সম্পৰ্ক শুধৰণি কৰিবলৈ চেষ্টা কৰে, তেনেহ’লে যিহোৱাই তেওঁক ক্ষমা কৰিব আৰু প্ৰাচীনসকলেও তেওঁক পুনৰ মণ্ডলীৰ ভাগ হ’বলৈ সহায় কৰিব। এয়া সঁচা যে পাপ কৰা প্ৰতিজন ব্যক্তিৰ পৰিস্থিতি বেলেগ বেলেগ হয়। সেইবাবে, প্ৰাচীনসকলে বিষয়টো ভালদৰে চালি-জাৰি চোৱা উচিত আৰু তেওঁলোকে যাতে কঠোৰতাৰে ন্যায় নকৰে, তালৈও ধ্যান দিয়া উচিত।

১৯. হৃদয়ৰপৰা অনুতাপ কৰিবলৈ হ’লে এজন ব্যক্তিয়ে কি কৰিব লাগিব? (যিহিষ্কেল ৩৩:১৪-১৬)

১৯ আমি শিকিলোঁ যে পাপ কৰা ব্যক্তিজনে অনুতাপ কৰিছোঁ বুলি কোৱাই যথেষ্ট নহয়। তেওঁ নিজৰ চিন্তাধাৰা আৰু আচাৰ-ব্যৱহাৰ সলনি কৰিব লাগিব। তেওঁ বেয়া কামবোৰ এৰিব লাগিব আৰু যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিব লাগিব। (যিহিষ্কেল ৩৩:১৪-১৬ পঢ়ক।) আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে তেওঁ যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্ক ভাল কৰিবলৈ কঠিন পৰিশ্ৰম কৰিব লাগিব।

অনুতাপ কৰিবলৈ উৎসাহিত কৰক

২০-২১. আমাৰ কোনো এজন বন্ধুৱে পাপ কৰিলে আমি কি কৰা উচিত?

২০ যীচুৱে এই পৃথিৱীখনত কেৱল প্ৰচাৰ কৰিবলৈ আহিছিল এনে নহয়, তেওঁ আৰু এটা কাৰণৰ বাবে আহিছিল। তেওঁ কৈছিল, “মই . . . মন পালটাবলৈ পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছো।” (লূক ৫:৩২) পাপ কৰা ব্যক্তিয়ে অনুতাপ কৰাটো আমিও বিচাৰোঁ। সেইবাবে, আমাৰ বন্ধুৱে পাপ কৰিছে বুলি যদি আমি গম পাওঁ, তেনেহ’লে আমি কি কৰা উচিত?

২১ আমি নিজৰ বন্ধুৰ ভুলবোৰ লুকুৱাই ৰখা উচিত নহয়। কিয়নো এইদৰে কৰিলে তেওঁৰহে হানি হʼব। যিহোৱাই সকলো চাই আছে। গতিকে লুকুৱাই ৰখাৰ কোনো লাভ নাই। (হিতো. ৫:২১,২২; ২৮:১৩) সেইবাবে, আমি আমাৰ বন্ধুক কোৱা উচিত যে তেওঁ প্ৰাচীনসকলৰ ওচৰলৈ গৈ নিজৰ ভুলবোৰৰ বিষয়ে স্পষ্টকৈ জনোৱা উচিত। কিন্তু যদি তেওঁ এইদৰে নকৰে, তেনেহ’লে আমি প্ৰাচীনসকলৰ ওচৰলৈ গৈ এই সকলো কথা জনোৱা উচিত। এনে কৰাটো অতি প্ৰয়োজন। কিয়নো যিহোৱাৰ লগত থকা তেওঁৰ সম্পৰ্ক বিপদত আছে। এনে কৰাৰ যোগেদি আমি তেওঁৰ প্ৰকৃত বন্ধু হয় বুলি দেখুৱাওঁ।

২২. পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

২২ যেতিয়া এজন ব্যক্তিয়ে গম্ভীৰ পাপ কৰে আৰু বহুসময়লৈকে কৰি থাকে, তেনেহ’লে হয়তো প্ৰাচীনসকলে তেওঁক বহিষ্কাৰ কৰিব। কিন্তু ইয়াৰ অৰ্থ এইটো নেকি যে প্ৰাচীনসকলে তেওঁৰ ওপৰত কোনো দয়া দেখুওৱা নাই? পৰৱৰ্তী লেখত আমি শিকিম যে যেতিয়া যিহোৱাই এজন পাপ কৰা ব্যক্তিক শুধৰণি কৰে, তেতিয়া তাৰপৰা কেনেকৈ জানিব পাৰিম যে তেওঁ এজন দয়ালু ঈশ্বৰ হয় আৰু আমি তেওঁৰ দৰে কেনেকৈ দয়া দেখুৱাব পাৰোঁ?

আপুনি কেনেকৈ উত্তৰ দিব?

  • ৰজা আহাবৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ?

  • ৰজা মনচিয়ে নিজৰ ভুলৰ বাবে হৃদয়ৰপৰা অনুতাপ কৰিছিল বুলি কেনেকৈ জানিব পাৰি?

  • যীচুৱে উদাহৰণত কোৱা বিদ্ৰোহী পুত্ৰৰপৰা আমি অনুতাপ কৰাৰ বিষয়ে কি শিকিব পাৰোঁ?

গীত ১০৩ মেৰৰখীয়া, মানুহৰ ৰূপত বৰ

a অনুতাপ কৰাৰ অৰ্থ কেৱল দুখ কৰাই নহয়, আমি ৰজা আহাব, ৰজা মনচ্‌ আৰু বিদ্ৰোহী পুত্ৰৰ উদাহৰণৰ পৰা শিকিম যে হৃদয়ৰপৰা অনুতাপ কৰাৰ অৰ্থ কি? যেতিয়া এজন ব্যক্তিয়ে পাপ কৰে, তেতিয়া সেই ব্যক্তিজনে হৃদয়ৰপৰা অনুতাপ কৰিছে বুলি প্ৰাচীনসকলে কেনেকৈ জানিব পাৰে? এই লেখত আমি ইয়াৰ বিষয়ে আলোচনা কৰিম।

b ছবিৰ বিষয়ে: ৰজা আহাবে খং কৰি যিহোৱাৰ ভৱিষ্যতবক্তা মীখায়াক বন্দী কৰিবলৈ নিজৰ লোকসকলক কৈছে।

c ছবিৰ বিষয়ে: ৰজা মনচিয়ে যিহোৱাৰ মন্দিৰত যিবোৰ মূৰ্তি স্থাপন কৰিছিল, সেই সকলো নিজৰ লোকসকলৰ যোগেদি ধ্বংস কৰি আছে।

d ছবিৰ বিষয়ে: যীচুৱে উদাহৰণত কোৱা পুত্ৰই দীঘলীয়া যাত্ৰা কৰি ভাগৰি পৰিছে। কিন্তু যেতিয়া তেওঁ নিজৰ ঘৰখন দেখি পাই, তেতিয়া বহুত আনন্দিত হয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক