ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 মে’ পৃষ্ঠা ৩১
  • আপুনি জানেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি জানেনে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • উপশীৰ্ষক
  • নল খাগৰীৰে কেনেকৈ নাওঁ সজা হৈছিল?
  • লোকসকলে নল খাগৰীৰে কিয় নাওঁ সাজিছিল?
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 মে’ পৃষ্ঠা ৩১

আপুনি জানেনে?

বাইবেলৰ সময়ত লোকসকলে নল খাগৰীৰে নাওঁ সাজিছিলনে?

নল খাগৰীৰ গছ

বহুতো লোকে জানে যে প্ৰাচীন সময়ত মিচৰ দেশৰ লোকসকলে নল খাগৰীৰপৰাa কাগজৰ দৰে কিবা বস্তু তৈয়াৰ কৰিছিল, যʼত তেওঁলোকে লিখিছিল। গ্ৰীক আৰু ৰোমান লোকসকলেও লিখিবলৈ এই বস্তু ব্যৱহাৰ কৰিছিল। নল খাগৰীৰপৰা নাওঁ সাজিব পাৰি বুলি বেছিভাগ লোকে জনা নাছিল।

নল খাগৰীৰে সজা দুখন নাওঁৰ আৰ্হি, যি মিচৰৰ মৈদামত পোৱা গৈছিল

২,৫০০ বছৰৰ আগতে ভৱিষ্যতবক্তা যিচয়াই লিখিছিল যে “কুচ দেশীয় নদীবোৰৰ সিপাৰে থকা” লোকসকলে “জলসমুহৰ ওপৰেদি নলেৰে [নল খাগৰীৰে] সজা নাৱেৰে প্ৰতিনিধি” পঠিয়াব। পাছত ভৱিষ্যতবক্তা যিৰিমিয়াই লিখিছিল যে যেতিয়া মাদীয়া আৰু পাৰসীয়ে বাবিলক আক্ৰমণ কৰিব, তেতিয়া তেওঁলোকে বাবিলৰ “নল খাগৰীৰে সজা নাওঁবোৰ জুই লগাই” পুৰিব, যাতে তেওঁৰ চহৰৰ লোকসকল পলাই যাব নোৱাৰে।—যিচ. ১৮:১, ২; যিৰি. ৫১:৩২ NW.

বাইবেলখন ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে। সেইবাবে, বাইবেলৰ ওপৰত বিশ্বাস কৰা লোকসকলে জানিছিল যে যেতিয়া পুৰাতত্ববিদসকলে অনুসন্ধান কৰিব, তেতিয়া তেওঁলোকে নিশ্চয় প্ৰমাণ পাব যে বাইবেলৰ সময়ত নল খাগৰীৰে নাওঁ সজা হৈছিল। (২ তীম. ৩:১৬, ১৭) তেওঁলোকে কিবা প্ৰমাণ পালেনে? নিশ্চয়। মিচৰ দেশত নল খাগৰীৰে নাওঁ সজা হৈছিল বুলি তেওঁলোকে বহুতো প্ৰমাণ পালে।

নল খাগৰীৰে কেনেকৈ নাওঁ সজা হৈছিল?

মিচৰৰ মৈদামত ছবি আৰু দেৱাল খোদাই বনোৱা যি শিল্প-বস্তু আছে, তাৰপৰা জানিব পাৰি যে মিচৰৰ লোকসকলে কেনেকৈ নল খাগৰীৰে নাওঁ সাজিছিল। মিচৰৰ লোকসকলে নল খাগৰীৰ ঠাৰি কাটি সৰু সৰুকৈ মুঠা বান্ধিছিল। নল খাগৰীৰ ঠাৰি তিনিকোণীয়া আছিল, সেইবাবে যেতিয়া সেইবোৰ জোৰেৰে বন্ধা হৈছিল, তেতিয়া সেইবোৰ মজবুত হৈছিল। মিচৰৰ ইতিহাসৰ বিষয়ে এখন কিতাপে কৈছে যে নল খাগৰীৰে সজা নাওঁ প্ৰায় ৫৫ ফুট দীঘল আছিল। ইয়াত ইমানেই ঠাই আছিল যে এফালে ১০ৰপৰা ১২ জন লোকে বঠা মাৰিব পাৰিছিল।

মিচৰৰ দেৱাল খোদাই বনোৱা শিল্প-বস্তু, যʼত দেখুওৱা হৈছে যে নল খাগৰীৰ নাওঁ কেনেকৈ সজা হয়

লোকসকলে নল খাগৰীৰে কিয় নাওঁ সাজিছিল?

নল খাগৰী নীল নদীৰ উপত্যকাত পোৱা গৈছিল। ইয়াৰ উপৰিও নল খাগৰীৰে নাওঁ সাজিবলৈ সহজ আছিল। পাছত যেতিয়া লোকসকলে কাঠেৰে ডাঙৰ ডাঙৰ নাওঁ সাজিবলৈ ধৰিলে, তেতিয়াও মাছমৰীয়া আৰু চিকাৰীসকলে নল খাগৰীৰে নাওঁ সাজিছিল।

লোকসকলে নল খাগৰীৰে সজা নাওঁ বহুবছৰলৈকে ব্যৱহাৰ কৰিছিল। পাঁচনিসকলৰ সময়ৰ এজন গ্ৰীক লেখক প্লুটাৰ্কে কৈছিল যে তেওঁৰ সময়ত কিছুমান লোকে নল খাগৰীৰে সজা নাওঁ ব্যৱহাৰ কৰিছিল।

a নল খাগৰীৰ গছ দ ঠাইত বা এনে নদীৰ কাষত পোৱা যায়, যʼত পানীৰ গতি কম হয়। এই গছ প্ৰায় ১৬ ফুটৰলৈকে বাঢ়ে আৰু ইয়াৰ ঠাৰি প্ৰায় ৬ ইঞ্চি বহল হয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক