ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w22 ছেপ্টেম্বৰ পৃষ্ঠা ২৭
  • পাঠকসকলৰ প্ৰশ্ন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পাঠকসকলৰ প্ৰশ্ন
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • মিল থকা বিষয়
  • মৃত লোকসকলৰ নিশ্চয় পুনৰুত্থান হʼব!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • মৃতবিলাকক কেনেকৈ জীৱিত কৰা হʼব?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
w22 ছেপ্টেম্বৰ পৃষ্ঠা ২৭
আকাশৰ পৰা ওলোৱা পোহৰৰ বাবে চৌলে চকুৰে দেখি পোৱা নাই আৰু তেওঁ মাটিত পৰি আছে। তেওঁৰ চাৰিওফালে আন যিহূদী লোকসকল আছে।

পাঠকসকলৰ প্ৰশ্ন

পৌলে কৈছিল যে তেওঁ ‘অকালত জন্মা শিশুৰ নিচিনা’ হয়, ইয়াৰ অৰ্থ কি আছিল? (১ কৰিন্থীয়া ১৫:৮)

প্ৰথম কৰিন্থীয়া ১৫:৮ পদত পৌলে এইদৰে কৈছিল, “সকলোৰে শেষত অকালত জন্মাৰ নিচিনা যি মই, মোকো দেখা দিলে।” আগতে আমি বিশ্বাস কৰিছিলোঁ যে যেতিয়া পৌলে কৈছিল যে তেওঁ ‘অকালত জন্মা শিশুৰ নিচিনা’ হয়, তেতিয়া তেওঁ সেই ঘটনাৰ বিষয়ে কৈছিল, যেতিয়া তেওঁ এটা দৰ্শনত যীচুক স্বৰ্গত দেখিছিল আৰু তেওঁ কʼব বিচাৰিছিল যে তেওঁক যেন সময়ৰ আগতেই স্বৰ্গত জীৱিত কৰা হʼল আৰু তেওঁ সময়ৰ আগতে যীচুক চাব পাৰিলে। আমি কিয় এইদৰে বিশ্বাস কৰিছিলোঁ? কিয়নো অভিষিক্তি খ্ৰীষ্টানসকলক বহু শতিকাৰ পাছতহে স্বৰ্গত জীৱিত কৰা হʼলহেঁতেন, কিন্তু পৌলে সেই সময়তে যীচুক দৰ্শনত দেখিছিল। কিন্তু ইয়াৰ বিষয়ে বেছিকৈ অধ্যয়ন কৰাৰ পাছত আমি বুজি পালোঁ যে আমি আগতে যি বিশ্বাস কৰিছিলোঁ, সেয়া ভুল আছিল আৰু আমাক কিছুমান সাল-সলনি কৰিব লাগিব।

এয়া সঁচা যে এই পদত পৌলে সেই সময়ৰ বিষয়ে কৈছিল, যেতিয়া তেওঁ খ্ৰীষ্টান হৈছিল। কিন্তু পৌলে কৈছিল যে তেওঁ ‘অকালত জন্মা শিশুৰ নিচিনা’ হয়, ইয়াৰ অৰ্থ কি আছিল? ইয়াৰ বহুতো অৰ্থ থাকিব পাৰে। যেনে:

পৌল হঠাতে খ্ৰীষ্টান হʼল আৰু তেওঁ বহুত কষ্টও পালে। যেতিয়া মা-দেউতাই গম পায় যে তেওঁলোকৰ সন্তানটি সময়ৰ আগতে জন্ম হʼব, তেতিয়া তেওঁলোকে আচৰিত আৰু চিন্তিত হয়। কাৰণ তেওঁলোকৰ লগত এইদৰে হʼব বুলি তেওঁলোকে কেতিয়াও ভবাই নাছিল। এক অৰ্থত কʼবলৈ গʼলে পৌলৰ (সেই সময়ত সকলোৱে তেওঁক চৌল নামেৰে জানিছিল) লগতো এইদৰেই হৈছিল। এবাৰ তেওঁ দম্মেচকত থকা খ্ৰীষ্টানসকলক অত্যাচাৰ কৰিবলৈ গৈছিল। হঠাতে তেওঁ ৰাস্তাত দৰ্শনত যীচুক স্বৰ্গত দেখা পালে। তাৰ পাছত তেওঁ খ্ৰীষ্টান হʼল। তেওঁ এদিন খ্ৰীষ্টান হʼব বুলি তেওঁ কেতিয়াও ভবা নাছিল আৰু যিসকল খ্ৰীষ্টানক তেওঁ অত্যাচাৰ কৰিবলৈ গৈছিল, তেওঁলোকেও এয়া দেখি হয়তো আচৰিত হৈছিল! ইয়াৰ উপৰিও পৌলে দৰ্শনত যীচুক দেখাৰ পাছত অলপ সময়ৰ বাবে তেওঁ চকুৰে নেদেখা হʼল। সেইবাবে, তেওঁ হয়তো বহুত কষ্ট পালে।—পাঁচ. ৯:১-৯, ১৭-১৯.

পৌল ভুল সময়ত খ্ৰীষ্টান হʼল, এনে সময়ত যি সময়ৰ বিষয়ে কোনেও আশাই কৰা নাছিল। যি গ্ৰীক শব্দৰ অনুবাদ ‘অকালত জন্মা শিশুৰ নিচিনা’ বুলি কৰা হৈছে, তাৰ অৰ্থ “ভুল সময়ত জন্ম হোৱা শিশুও” হʼব পাৰে। এই পদটো দ্যা যিৰূচালেম বাইবেলত এইদৰে লিখা আছে, “যেন মই সেই সময়ত জন্ম হʼলোঁ, যি সময়ৰ বিষয়ে কোনেও আশা কৰা নাছিল।” মন কৰক যে প্ৰথম কৰিন্থীয়া ১৫:৮ পদত লিখা কথাটো কোৱাৰ আগতে পৌলে কোন লোকসকলৰ বিষয়ে কৈছিল। তেওঁ সেই লোকসকলৰ বিষয়ে কৈছিল, যিসকলক যীচুৱে স্বৰ্গলৈ যোৱাৰ আগতে দেখা দিছিল। (১ কৰি. ১৫:৪-৮) পৌলে যীচুক দেখা পাব বুলি হয়তো কেতিয়াও আশা কৰা নাছিল, কিয়নো তেতিয়ালৈকে যীচু স্বৰ্গলৈ গুচি গৈছিল। তথাপি তেওঁ যীচুক চাবলৈ সুযোগ পালে কিন্তু ভুল সময়ত দেখা পোৱাৰ নিচিনা হʼল।

পৌলে নিজকে পাঁচনি বুলি মতাৰ যোগ্য নহয় বুলি ভাবিছিল। কিছুমান বিদ্বানৰ মতে পৌলৰ সময়ত সময়ৰ আগতে জন্মা সন্তানবোৰক তুচ্ছ বুলি ভবা হৈছিল। সেইবাবে, পৌলে এই কথাষাৰ কোৱাৰ সময়ত নিজকে অযোগ্য আৰু একেবাৰে সৰু বুলি ভাবিছিল। পৌলে এয়াও ভাবিছিল যে তেওঁ যীচুৰ পাঁচনি বুলি মতাৰো যোগ্য নহয়। মন কৰক, তেওঁ আগৰ পদবোৰত এইদৰেই কৈছিল: “পাঁচনিবিলাকৰ মাজত মই সকলোতকৈ সৰু, এনে কি, পাঁচনি নাম পাবৰো যোগ্য নহওঁ; কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাড়ানা কৰিছিলোঁ। তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ।”—১ কৰি. ১৫:৯, ১০.

আমি শিকিলোঁ যেতিয়া পৌলে প্ৰথম কৰিন্থীয়া ১৫:৮ পদত লিখা কথাষাৰ কৈছিল, তেতিয়া তেওঁ হয়তো কʼব বিচাৰিছিল যে যীচুৱে তেওঁক হঠাতে দেখা দিলে। অথবা তেওঁ হয়তো এয়া কʼবলৈ বিচাৰিছিল যে তেওঁ এনে সময়ত খ্ৰীষ্টান হʼল, যি সময়ৰ বিষয়ে কোনেও আশা কৰা নাছিল। পৌলে হয়তো এয়াও কʼব বিচাৰিছিল যে তেওঁ পাঁচনি বুলি মতাৰ যোগ্য নহয়। তেওঁ কোৱা কথাষাৰৰ অৰ্থ যিয়েই নহওক কিয়, কিন্তু এটা কথা স্পষ্ট যে তেওঁৰ বাবে এই দৰ্শন বৰ বিশেষ আছিল। ইয়াৰ পৰা পৌলৰ বিশ্বাস হʼল যে যীচুক সঁচাকৈ জীৱিত কৰা হৈছে। সেইবাবে, পৌলে লোকসকলক যীচুৰ পুনৰ জীৱিত হোৱা কথাটো জনাওতে প্ৰায়ে এই দৰ্শনৰ বিষয়ে কৈছিল।—পাঁচ. ২২:৬-১১; ২৬:১৩-১৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক