ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w22 এপ্ৰিল পৃষ্ঠা ১৫
  • মোৰ কুকুৰ কেইটাৰ বাবে বিস্কুট

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মোৰ কুকুৰ কেইটাৰ বাবে বিস্কুট
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
w22 এপ্ৰিল পৃষ্ঠা ১৫
এজন ব্যক্তিয়ে দুটা কুকুৰক লগত লৈ খোজকাঢ়ি আছে। সেই ব্যক্তিজনে যিহোৱাৰ সাক্ষীৰ ওচৰলৈ গৈছে, যিসকলে কাৰ্ট লৈ থিয় হৈ আছে।

মোৰ কুকুৰ কেইটাৰ বাবে বিস্কুট

নিক, আমেৰিকাৰ অৰেগন নামৰ ৰাজ্যত বাস কৰিছিল। তেওঁ এইদৰে কৈছে, “এয়া ২০১৪ চনৰ কথা। মোৰ দুটা কুকুৰ আছিল, যাক মই সদায় চহৰৰ বিজনেচ এলেকাত ফুৰাবলৈ নিছিলোঁ। তাত মই প্ৰায়ে যিহোৱাৰ সাক্ষীসকলক দেখিছিলোঁ। তেওঁলোকে কাৰ্ট [ট্ৰʼলি] লগাই থিয় হৈ থাকিছিল। তেওঁলোকে সদায় চাফ-চিকুণ কাপোৰ পিন্ধিছিল আৰু অহা-যোৱা কৰা লোকসকললৈ চাই মিচিকিয়াই হাঁহিছিল।

তেওঁলোকে মোৰ দুটা কুকুৰক বৰ মৰম কৰিছিল। এদিনাখন কাৰ্টৰ ওচৰত থিয় হৈ থকা এলেন নামৰ সাক্ষীয়ে মোৰ কুকুৰ দুটাক বিস্কুট খাবলৈ দিলে। ইয়াৰ পাছত আমি যেতিয়াই তেওঁলোকৰ সন্মুখেদি পাৰ হৈছিলোঁ, তেতিয়াই মোৰ কুকুৰ দুটাই বিস্কুট পোৱাৰ আশাত মোক তেওঁলোকৰ কাৰ্টৰ ফালে টানি নিছিল।

বহু মাহলৈকে এইদৰে চলি থাকিল। মোৰ কুকুৰ কেইটাই বিস্কুট খাই ভাল পাইছিল আৰু মই সাক্ষীসকলৰ লগত দুই-এটা কথা পাতি ভাল পাইছিলোঁ। কিন্তু মই তেওঁলোকৰ লগত বেছি কথা নাপাতিছিলোঁ। কিয়নো সাক্ষীসকলে কি বিশ্বাস কৰে, তাৰ বিষয়ে মই বেছিকৈ নাজানিছিলোঁ, যিহেতু মোৰ বয়সো ৭০ বছৰতকৈ বেছি হৈছিল। মই ভাবিছিলোঁ যে বাইবেল পঢ়াটোৱেই যথেষ্ট, কিয়নো বহুতো গীৰ্জাৰ পৰা মোৰ ভৰসা নাইকিয়া হৈছিল।

সেই সময়ছোৱাত মই চহৰৰ আন এলেকাতো বহুতো সাক্ষীক দেখিলোঁ। তেওঁলোকেও কাৰ্ট লগাই থিয় হৈ থাকিছিল আৰু সকলোৰে লগত ভালদৰে কথা পাতিছিল। মই তেওঁলোকক যিয়েই প্ৰশ্ন সুধিছিলোঁ, তেওঁলোকে তাৰ বাইবেলৰ পৰা উত্তৰ দিছিল। সেইবাবে, লাহে লাহে তেওঁলোকৰ ওপৰত মোৰ ভৰসা বাঢ়িবলৈ ধৰিল।

এদিনাখন এলেনে মোক সুধিলে, ‘ঈশ্বৰে জীৱ-জন্তুক আমাৰ আনন্দৰ বাবে বনাইছেনে, আপুনি কি ভাবে?’ মই কʼলোঁ, ‘হয়, বনাইছে।’ তাৰ পাছত তেখেতে মোক যিচয়া ১১:৬-৯ পদ দেখুৱালে। ইয়াৰ পাছৰে পৰা মই বাইবেলৰ বিষয়ে আৰু জানিব বিচাৰিছিলোঁ। কিন্তু মই এতিয়াও সাক্ষীসকলৰ পৰা পত্ৰিকা লʼবলৈ সংকোচ কৰিছিলোঁ।

কিছু দিনৰলৈকে ভনী এলেন আৰু তেওঁৰ স্বামী ব্ৰেন্টৰ লগত মোৰ ভাল কথা-বতৰা হʼল। যদিও আমি অলপ সময়লৈকে কথা পাতিছিল, কিন্তু তেওঁলোকৰ পৰা মই বাইবেলৰ বিষয়ে বহুতো কথা শিকিব পাৰিলোঁ। তেওঁলোকে মোক মথি কিতাপৰ পৰা পাঁচনিৰ কৰ্ম্ম কিতাপৰলৈকে পঢ়িবলৈ কʼলে। তেতিয়া মই জানিব পাৰিম যে খ্ৰীষ্টৰ এজন শিষ্য হোৱাৰ অৰ্থ কি। মই সেই কিতাপবোৰ পঢ়িলোঁ। তাৰ কিছু সময়ৰ পাছত মই ব্ৰেন্ট আৰু এলেনৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ ধৰিলোঁ। এয়া ২০১৬ চনৰ কথা হয়।

প্ৰতিটো সপ্তাহে বাইবেল অধ্যয়ন কৰিবলৈ আৰু সভালৈ যাবলৈ মোৰ বহুত ভাল লাগিছিল। এতিয়া মই শিকিব পাৰিছিলোঁ যে বাইবেলত প্ৰকৃততে কি লিখা আছে। মই বহুত আনন্দিত আছিলোঁ। ইয়াৰ প্ৰায় এবছৰৰ পাছত মই বাপ্তিষ্মা লʼলোঁ আৰু এজন যিহোৱাৰ সাক্ষী হʼলোঁ। আজি ৭৯ বছৰ বয়সত মই কʼব পাৰোঁ যে মই সঠিক পথ বিচাৰি পালোঁ। মই যিহোৱাক ধন্যবাদ দিব বিচাৰোঁ, কিয়নো তেওঁ মোক নিজৰ পৰিয়ালৰ ভাগ হʼবলৈ সুযোগ দিলে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক