প্ৰশ্ন ৭
বাইবেলে বৰ্তমান সময়ৰ বিষয়ে কি ভৱিষ্যবাণী কৰিছে?
“কিয়নো এটা ৰাষ্ট্ৰই আন এটা ৰাষ্ট্ৰৰ বিৰুদ্ধে আৰু এখন ৰাজ্যই আন এখন ৰাজ্যৰ বিৰুদ্ধে উঠিব। . . . এই সকলো প্ৰসৱ বেদনাৰ দৰে সমস্যাবোৰৰ আৰম্ভণিহে মাথোন।”
“বহুতো মিছা ভৱিষ্যবক্তা ওলাই বহুতো লোকক ভুলাব। আৰু দুষ্টতা বাঢ়ি যোৱাৰ বাবে বহুতো লোকৰ প্ৰেম ঠাণ্ডা হৈ পৰিব।”
“যেতিয়া তোমালোকে যুদ্ধৰ মাত আৰু যুদ্ধৰ খবৰ শুনিবলৈ পাবা, তেতিয়া ভয় নাখাবা। এইদৰে হʼব লাগিব, কিন্তু তেতিয়াও অন্ত নহʼব।”
“ডাঙৰ ডাঙৰ ভূমিকম্প হʼব আৰু ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হʼব। ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা যাব আৰু আকাশত ডাঙৰ ডাঙৰ চিন দেখিবলৈ পোৱা যাব।”
“শেষ-কালত সংকটেৰে ভৰা এনে সময় আহিব, যাৰ সন্মুখীন হোৱাটো বৰ কঠিন হʼব। কাৰণ লোকসকলে কেৱল নিজকে প্ৰেম কৰিব, টকা-পইচাক প্ৰেম কৰিব, ফিতাহি মাৰিব, অহংকাৰী হʼব, নিন্দা কৰিব, মা-দেউতাৰ কথা নুশুনিব, কৃতজ্ঞতা নেদেখুৱাব, আনৰ প্ৰতি বিশ্বাসী হৈ নাথাকিব, স্নেহ নেদেখুৱাব, কোনো কথাত মান্তি নহʼব, বদনাম কৰিব, আত্মনিয়ন্ত্ৰণ নকৰিব, হিংস্ৰ হʼব, ভাল বিষয়ক ঘিণ কৰিব, বিশ্বাসঘাতক হʼব, জেদী হʼব, গৰ্বেৰে ভৰি পৰিব, ঈশ্বৰৰ পৰিৱৰ্তে আনন্দ-ফূৰ্তিক প্ৰেম কৰিব, তেওঁলোকে ভক্তিৰ ভাও ধৰিব, কিন্তু সেই অনুসৰি জীৱন-যাপন নকৰিব।”