ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g18 নং ৩ পৃষ্ঠা ৩
  • মনৰ দুখ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মনৰ দুখ
  • সচেতন থাকক!-২০১৮
  • মিল থকা বিষয়
  • সূচীপত্ৰ
    সচেতন থাকক!-২০১৮
  • মৃত্যুৰ দুখ কেনেকৈ সহন কৰিব পাৰি?
    সচেতন থাকক!-২০১৮
  • আমি কি আশা কৰিব পাৰোঁ?
    সচেতন থাকক!-২০১৮
  • পৰিচয়
    সচেতন থাকক!-২০১৮
আৰু চাওক
সচেতন থাকক!-২০১৮
g18 নং ৩ পৃষ্ঠা ৩
বেদনাত থকা এজন ব্যক্তিয়ে অকলে এখন ৰেষ্টুৰেণ্টত বহি আছে

মৃত্যুৰ দুখ কেনেকৈ সহন কৰিব পাৰি?

মনৰ দুখ

“বহু বছৰ ধৰি বেমাৰত ভুগি থকাৰ বাবে ছফিয়াৰa মৃত্যু হʼল আৰু সেই সময়ত আমাৰ বিয়া হোৱা ৩৯ বছৰতকৈও বেছি হৈছিল। সেই সময়ত মোক বহুতো বন্ধু-বান্ধৱে সহায় কৰিছিল আৰু মই নিজেও নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু প্ৰথম বছৰত মই একেবাৰে মানসিকভাৱে ভাঙি পৰিছিলোঁ। যদিও তাইৰ মৃত্যু হোৱা তিনি বছৰ হʼল, তথাপিও সেইবোৰ কথা এতিয়াও মনলৈ আহিলে মই ভাঙি পৰোঁ।”—অজয়।

আপুনি নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাইছেনে? যদি হেৰুৱাইছে, তেনেহʼলে আপুনিও নিশ্চয় অজয়ৰ দৰে অনুভৱ কৰিছে। নিজৰ জীৱন সংগী, কোনো সম্বন্ধীয় লোক বা প্ৰিয় বন্ধুৰ মৃত্যুৰ বাবে আপুনি যিমান দুখ অনুভৱ কৰে, হয়তো সিমান দুখ আন কোনো কথাৰ বাবে অনুভৱ হʼব নোৱাৰে। মনোবৈজ্ঞানিকসকলেও এয়াই কয় যে আপোনজনাক হেৰুৱাৰ দুখ আটাইতকৈ ডাঙৰ দুখ। মনোবিজ্ঞানৰ বিষয়ে লিখা এখন কিতাপত কোৱা হৈছে যে কাৰোবাক মৃত্যুত হেৰুৱা দুখ সহন কৰাটো বহুত কঠিন। কিয়নো এজন ব্যক্তিয়ে মৃত্যুত যি হেৰুৱাই, সেয়া কেতিয়াও ঘূৰাই পাব নোৱাৰে। সেইবাবে, কোনো এজন ব্যক্তিয়ে যেতিয়া আপোনজনাক মৃত্যুত হেৰুৱাই, তেতিয়া তেওঁৰ মনলৈ এনেধৰণৰ প্ৰশ্ন আহে, ‘এইদৰে আৰু কিমান দিনলৈকে সহন কৰি থাকিব লাগিব? কেতিয়াবা মই আকৌ সুখী হʼব পাৰিমনে? মই কেনেকৈ শান্ত্বনা পাম?’

এই প্ৰশ্নবোৰৰ বিষয়ে সচেতন থাকক! আলোচনীৰ এই সংখ্যাত আলোচনা কৰা হৈছে। পৰৱৰ্তী লেখত জনোৱা হৈছে যদি আপুনি শেহতীয়াকৈ নিজৰ আপোনাজনাক হেৰুৱাইছে, তেনেহʼলে হয়তো আপুনি কেনেধৰণৰ আৱেগৰ সন্মুখীন হʼব লাগিব। তাৰ পাছৰ লেখবোৰত কিছুমান পৰামৰ্শ দিয়া হৈছে, যিবোৰ পালন কৰিলে আপুনি দুখৰ পৰা ওলাই আহিবলৈ সহায় লাভ কৰিব পাৰে।

এই লেখবোৰে আপোনাৰ দুখ কম কৰিবলৈ সহায় কৰিব। আমি আশা কৰোঁ যে বেদনাত ভুগি থকা লোকসকলে ইয়াৰ পৰা শান্ত্বনা আৰু ব্যৱহাৰিক সহায় পাব।

a এই আলোচনীত দিয়া লোকসকলৰ নামবোৰ সলনি কৰা হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক