ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g21 নং ১ পৃষ্ঠা ১২-১৩
  • এক ভাল ভৱিষ্যতৰ আশা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক ভাল ভৱিষ্যতৰ আশা
  • সচেতন থাকক!—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰে দুষ্ট লোকসকলক ধ্বংস কৰিব
  • ঈশ্বৰে চয়তানত ধ্বংস কৰিব
  • ঈশ্বৰে বেমাৰ আৰু মৃত্যুক শেষ কৰিব
  • ঈশ্বৰে এই পৃথিৱীখনক সুন্দৰ কৰি তুলিব
  • মৃত লোকসকলক ঈশ্বৰে জীয়াই তুলিব
  • এই পৃথিবীৰ বাবে ঈশ্বৰৰ উদ্দেৰ্শ্য কি?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • আপোনাৰ ভৱিষ্যত সুখী হব পাৰে!
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • ঈশ্বৰে মানৱজাতিক কিয় সৃষ্টি কৰিলে?
    বাইবেলে আমাক কি শিকায়?
আৰু চাওক
সচেতন থাকক!—২০২১
g21 নং ১ পৃষ্ঠা ১২-১৩
লোকসকলে জীৱ-জন্তুৰ লগত খেলিছে, খোৱা-বোৱাৰ কোনো অভাৱ নাই, পৃথিৱীখন সুন্দৰ আৰু পৰিষ্কাৰ হৈ আছে।

এক ভাল ভৱিষ্যতৰ আশা

ঈশ্বৰে এটা ভাল ভৱিষ্যতৰ বাবে প্ৰতিজ্ঞা কৰিছে। তেওঁ অতি সোনকালে সকলো দুখ-কষ্ট নাইকিয়া কৰিব আৰু লোকসকলে এই পৃথিৱীত আনন্দেৰে জীয়াই থাকিব। (গীতমালা ৩৭:১১) “ঈশ্বৰ মনুষ্য নহয়, যে মিছা কথা কব।” (গণনা পুস্তক ২৩:১৯) সেইবাবে, তেওঁ নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব। আহক চাওঁ, ভৱিষ্যতে তেওঁ কি কি কৰিব।

ঈশ্বৰে দুষ্ট লোকসকলক ধ্বংস কৰিব

“দুষ্টবোৰে চিৰকাললৈকে বিনষ্ট হবৰ অৰ্থেই তৃণৰ দৰে ঠন ধৰে, আৰু দুৰাচাৰীবোৰ প্ৰফুল্লিত হয়।”—গীতমালা ৯২:৭.

“শেষ-কালত” লোকসকলে বেয়া কাম কৰিব বুলি শাস্ত্ৰত আগতীয়াকৈ কোৱা হৈছিল। (২ তীমথিয় ৩:১-৫) আগৰ লেখত আমি শিকিলোঁ যে আজি এইদৰেই হৈ আছে আৰু দুষ্টতা বাঢ়ি গৈ আছে। অতি সোনকালে ঈশ্বৰে সকলো দুষ্ট লোকক ধ্বংস কৰিব। ইয়াৰ পাছত ঈশ্বৰৰ আজ্ঞা পালন কৰা লোকসকলেহে এই পৃথিৱীত জীয়াই থাকিব। শাস্ত্ৰত এইদৰে লিখা আছে, “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”—গীতমালা ৩৭:২৯.

ঈশ্বৰে চয়তানত ধ্বংস কৰিব

‘শান্তিৰ আকৰ ঈশ্বৰে অলপতে চয়তানক মৰ্দ্দন [ধ্বংস, NW] কৰিব।’—ৰোমীয়া ১৬:২০.

ঈশ্বৰে এনে এটা সময়ৰ বাবে প্ৰতিজ্ঞা কৰিছে, যেতিয়া আমাক কোনো কথাৰ ভয় নাথাকিব। কিয়নো সেইসময়ত চয়তান নাথাকিব, দুষ্ট স্বৰ্গদূত নাথাকিব আৰু বেয়া লোকসকলো নাথাকিব। পৃথিৱীৰ চাৰিওফালে শান্তি হʼব।—মীখা ৪:৪.

ঈশ্বৰে বেমাৰ আৰু মৃত্যুক শেষ কৰিব

‘ঈশ্বৰে মানুহৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।’—প্ৰকাশিত বাক্য ২১:৪.

চয়তান আৰু আদম-হৱাৰ বাবে আজি আমি যি দুখ-কষ্ট ভুগি আছোঁ, ঈশ্বৰে তাক একেবাৰে শেষ কৰি দিব। তাৰ পাছত কোনেও বেমাৰ নহʼব আৰু কোনো লোকৰ মৃত্যুও নহʼব। যিসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰিব আৰু তেওঁৰ উপাসনা কৰিব, তেওঁলোকে সদায় জীয়াই থাকিব। কিন্তু তেওঁলোকে কʼত জীয়াই থাকিব?

ঈশ্বৰে এই পৃথিৱীখনক সুন্দৰ কৰি তুলিব

“অৰণ্য আৰু নিৰ্জন ঠাই আনন্দিত হব, আৰু মৰুভূমি উল্লাসিত হৈ গোলাপ ফুলৰ নিচিনা প্ৰফুল্লিত হব।”—যিচয়া ৩৫:১.

যেতিয়া ঈশ্বৰে দুষ্ট লোকসকলক ধ্বংস কৰিব, তেতিয়া পৃথিৱীখন সুন্দৰ আৰু পৰিষ্কাৰ হৈ পৰিব। ঠায়ে ঠায়ে বাগিচা হʼব আৰু খোৱা-বোৱাৰ কোনো অভাৱ নহʼব। (গীতমালা ৭২:১৬) নদ-নদী আৰু সাগৰৰ পানী পৰিষ্কাৰ হʼব আৰু তাত বিভিন্ন ধৰণৰ প্ৰাণী থাকিব। বতাহ-পানী পৰিষ্কাৰ হʼব আৰু কʼতো প্ৰদূষণ নহʼব। আমি সকলোৱে নিজৰ নিজৰ ঘৰ বনাম আৰু তাত থাকিম। কোনেও ভোকত আৰু দুখীয়া হৈ নাথাকিব।—যিচয়া ৬৫:২১, ২২.

মৃত লোকসকলক ঈশ্বৰে জীয়াই তুলিব

‘লোকসকলৰ পুনৰুত্থান হব।’—পাঁচনিৰ কৰ্ম্ম ২৪:১৫.

আপুনি নিজৰ পৰিয়ালৰ কোনো আপোনাজনা বা বন্ধুক মৃত্যুত হেৰুৱাইছেনে? আপুনি তেওঁলোকক পুনৰ লগ পাব বিচাৰেনে? ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে অতি সোনকালে তেওঁলোকক এই পৃথিৱীত জীয়াই তুলিব। যেতিয়া ঈশ্বৰে তেওঁলোকক জীয়াই তুলিব, তেতিয়া আপোনালোকে এজনে-আনজনক চিনি পাব। ক্ষন্তেকৰ বাবে চিন্তা কৰক, সেইসময়ত আপুনি কিমান যে আনন্দিত হʼব! ঈশ্বৰৰ এই প্ৰতিজ্ঞাৰ ওপৰত আপুনি সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰে। কিয়নো প্ৰাচীন সময়তো কিছুমান লোকক জীয়াই তোলা হৈছিল। তাৰ মাজত সৰু-ডাঙৰ সকলোৱে আছিল। জীৱিত হোৱাৰ পাছত তেওঁলোকে নিজৰ পৰিয়ালৰ লগত থাকিবলৈ লʼলে। এইদৰে সঁচাকৈ হৈছিল। কিয়নো ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টই বহুতোলোকৰ আগত লোকসকলক জীয়াই তুলিছিল।—লূক ৮:৪৯-৫৬; যোহন ১১:১১-১৪, ৩৮-৪৪.

এতিয়া মই আনন্দিত

ৰবীয়ে এইদৰে কৈছে, “মোৰ এতিয়াও মনত আছে, যেতিয়া মই প্ৰথমবাৰ শুনিলোঁ যে এই পৃথিৱীখন সুন্দৰ বাগিচা হৈ যাব, কোনো দুখ-কষ্ট নাথাকিব, কোনেও বেমাৰ আৰু মৃত্যু নহʼব, তেতিয়া মই ভাবিলোঁ এয়া কেনেকৈ হʼব পাৰে? কিন্তু বাইবেল পঢ়াৰ পাছত মোৰ সম্পূৰ্ণ বিশ্বাস হʼল যে ইয়াত লিখা কথাবোৰ একেবাৰে সঁচা হয়। এই কথাবোৰ ঈশ্বৰে লিখাইছে আৰু তেওঁ নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব। আগতে মই বহুত দুখিত আৰু চিন্তিত আছিলোঁ। কিন্তু এতিয়া মই আনন্দিত। মোৰ পৰিয়াল আৰু বন্ধুসকলেও এইদৰেই কয়।”

ৰবী।

বেছিকৈ জানক:

এক সুন্দৰ পৃথিৱীত লোকসকল সদায় জীয়াই থকাটো ঈশ্বৰে বিচাৰে। এই বিষয়ে বেছিকৈ জানিবলৈ jw.org ৱেবছাইটত যাওক আৰু বাইবেলৰ শিক্ষা > পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ > জীৱন আৰু মৃত্যু ভাগত চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক