ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৯৫
  • যীচুয়ে শিক্ষা দিয়াৰ পদ্ধতি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুয়ে শিক্ষা দিয়াৰ পদ্ধতি
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • যীচু আৰু এগৰাকী চমৰীয়া তিৰোতা
    বাইবেলৰ কাহিনী
বাইবেলৰ কাহিনী
my কাহিনী ৯৫
আঘাত পোৱা এজন যিহূদীক, ভাল চমৰীয়া এজনে ঔষধ লগাই দিছ

কাহিনী ৯৫

যীচুয়ে শিক্ষা দিয়াৰ পদ্ধতি

যীচুয়ে ওচৰ-চুবুৰীয়াক প্ৰেম কৰাৰ ওপৰত গুৰুত্ব দিছিল। এজন ব্যক্তিৰ লগত আলোচনা কৰোঁতে যীচুয়ে কৈছিল যে তেওঁ ওচৰ-চুবুৰীয়াক প্ৰেম কৰা উচিত। তেতিয়া মানুহজনে যীচুক সুধিছিল: ‘মোৰ ওচৰ-চুবুৰীয়ানো কোন?’ মানুহজনে এনেদৰে প্ৰশ্ন সোধাৰ কাৰণ যীচুয়ে ভালদৰে জানে। প্ৰকৃততে মানুহজনে ভাবিছিল যে নিজৰ জাতি আৰু ধৰ্ম্মৰ লোকসকলেহে কেৱল তেওঁৰ ওচৰ-চুবুৰীয়া। কিন্তু যীচুয়ে তেওঁক কি উত্তৰ দিলে, আহাঁ আমি ইয়াৰ বিষয়ে চাওঁ।

কেতিয়াবা যীচুয়ে লোকসকলক কাহিনীৰ দ্বাৰা শিক্ষা দিয়ে। এইবাৰো তেওঁ একেই কৰিলে। মানুহজনক তেওঁ এজন যিহূদী আৰু চমৰীয়া লোকৰ কাহিনী কʼলে। বেছিভাগ যিহূদীয়ে চমৰীয়াসকলক ভাল নাপায় বুলি আমি আগতেই শিকিছিলো। যীচুৰ কাহিনীটো এইদৰে আৰম্ভ হয়:

এদিনাখন যিহূদী লোক এজনে পাহাৰীয়া বাটেদি যিৰীহো নগৰলৈ বুলি গৈ আছিল। কিন্তু হঠাতে কিছুমান ডকাইতে তেওঁক আক্ৰমণ কৰি তেওঁৰ সকলো ধন-সম্পত্তি কাঢ়ি লʼলে। ডকাইতবিলাকে তেওঁক বৰ বেয়াকৈ মাৰ-ধৰ কৰিলে আৰু আধামৰা অৱস্থাত বাটৰ কাষত এৰি গʼল।

কিছুসময়ৰ পাছত, এজন যিহূদী পুৰোহিতক সেই বাটেদি গৈ থকা দেখা গʼল। বাটৰ কাষত পৰি থকা মানুহজনলৈ তেওঁৰ চকু পৰিল। তেওঁ কি কৰিলে তোমালোকে জানানে? পুৰোহিতজনে মানুহজনক নেদেখাৰ ভাও ধৰি গুচি গʼল। ইয়াৰ পাছত, এজন লেবীয়া পুৰুষ তাত উপস্থিত হয়। মানুহজনক বাটৰ কাষত পৰি থকা দেখি তেওঁ সহায় কৰিলেনে? পুৰোহিতজনৰ দৰে তেৱোঁ এই আধামৰা মানুহজনক সহায় নকৰিলে। ছবিখনত পুৰোহিত আৰু লেবীয়াজনক গৈ থকা দেখিছানে?

এতিয়া ছবিখনলৈ চোৱাচোন। কোনে এই আঘাত পোৱা মানুহজনক সহায় কৰিছে? তেওঁ এজন চমৰীয়া লোক হয় আৰু তেওঁ যিহূদী এজনক সহায় কৰিছে। আঘাত পোৱা ঠাইবোৰত তেওঁ ঔষধ লগাই দিছে। ইয়াৰ পাছত তেওঁ যিহূদী লোকজনক এখন ঠাইলৈ লৈ যায়, যʼত তেওঁ সুস্থ হৈ উঠিব পাৰে।

কাহিনীটো শেষ কৰি যীচুয়ে তেওঁক প্ৰশ্ন কৰা মানুহজনক উদ্দেশ্য কৰি কʼলে: ‘এই তিনিজনৰ ভিতৰত, ডকাইতৰ হাতত পৰা সেই মানুহজনৰ ওচৰ-চুবুৰীয়া কোন হয় বুলি ভাবিছা? পুৰোহিত, লেবীয়া নে চমৰীয়া লোকজন?’

মানুহজনে উত্তৰ দিলে: ‘চমৰীয়া লোকজন। বাটত পৰি থকা মানুহজনক তেওঁ দয়া দেখুৱালে।’

যীচুয়ে কʼলে: ‘তুমি ঠিকেই কৈছা। তুমিও গৈ সেইদৰে কৰা।’

যীচুয়ে শিক্ষা দিয়াৰ পদ্ধতি তোমালোকক ভাল নালাগেনে? বাইবেলত উল্লেখ কৰা যীচুৰ শিক্ষাবোৰৰপৰা আমি বহুতো কথা শিকিব পাৰোঁ, নহয়নে বাৰু?

লূক ১০:২৫-৩৭.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক