অতিৰিক্ত লেখ
পতাকা চেলামি, ভোট দিয়া আৰু অসামৰিক সেৱা
পতাকা চেলামি। যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে পতাকাক প্ৰণাম কৰা বা ৰাষ্ট্ৰীয় সংগীত গাই চেলামি দিয়াটো, পতাকা উপাসনা কৰাৰ নিচিনা হয়। ইয়াৰ দ্বাৰা এইটো প্ৰকাশ কৰা হয় যে উদ্ধাৰ ঈশ্বৰে নহয়, কিন্তু ৰাষ্ট্ৰ বা তাৰ নেতাসকলে দিব পাৰে। (যিচয়া ৪৩:১১; ১ কৰিন্থীয়া ১০:১৪; ১ যোহন ৫:২১) এনে এজন নেতা হৈছে পুৰণি বাবিলৰ ৰজা নবূখদ্নেচৰ। নিজৰ মহিমা আৰু ধৰ্মৰ প্ৰতি তেওঁৰ কিমান যে ভক্তি আছে তাক প্ৰকাশ কৰিবলৈ নবূখদ্নেচৰে এটা প্ৰকাণ্ড মূৰ্তি নিৰ্মাণ কৰিছিল। যেতিয়া ৰাষ্ট্ৰীয় গীতৰ সংগীত বজোৱা হʼব, তেতিয়া এই মূৰ্তিটোক মূৰ দুৱাবলৈ তেওঁ প্ৰজাসকলক আদেশ দিছিল। কিন্তু চদ্ৰক, মৈচক আৰু আবেদ-নগো নামৰ তিনিজন ইব্ৰী ডেকাই মৃত্যুৰ শাস্তিকো ভয় নকৰি, সেই মূৰ্তিৰ সন্মুখত মূৰ দুৱাবলৈ অস্বীকাৰ কৰিছিল।—দানিয়েল ৩ অধ্যায়।
বুৰঞ্জীবিদ কাৰ্লটন হেইজে এইদৰে লিখিছিল: আমাৰ সময়ত “জাতীয়তাবাদ বিশ্বাসৰ প্ৰধান প্ৰতীক আৰু উপাসনাৰ প্ৰধান বস্তু হৈছে পতাকা। সন্মুখেদি পতাকা লৈ যোৱাৰ সময়ত লোকসকলে সন্মান দেখুৱাবলৈ মূৰৰপৰা টুপি খুলি দিয়ে। তাৰ প্ৰশংসাৰ বাবে কবিসকলে কবিতা ৰচে আৰু সৰু সৰু লʼৰা-ছোৱালীয়ে দেশভক্তিমূলক গীত গায়।” তেওঁ আগলৈ এইদৰে কৈছে যে জাতীয়তাবাদৰ দৰে “পবিত্ৰ দিন” অৰ্থাৎ ৰাষ্ট্ৰীয় দিৱসো পালন কৰা হয়। ইয়াৰ লগতে “সাধু-সন্যাসী আৰু বীৰ” আৰু আন কিছুমান ঠাইত ৰাষ্ট্ৰীয় প্ৰতীকবোৰক শ্ৰদ্ধা আৰু উপাসনা কৰা হয়। ব্ৰাজিলৰ এখন জনসভাত সৈন্য-বাহিনীৰ এজন মুখ্য বিষয়াই এইদৰে কৈছিল: “পতাকাক পবিত্ৰ বুলি মনা হয় আৰু ইয়াৰ উপাসনা কৰা হয় . . . যেনেকৈ জন্মভূমিৰ পূজা কৰা হয়।” এই সমন্ধে ইনচাইক্লোপিডিয়া আমেৰিকানাই এইদৰে বৰ্ণনা কৰিছে, “ক্ৰুচৰ দৰে পতাকাও পবিত্ৰ হয়।”
অলপ দিনৰ আগতে এই ইনচাইক্লোপিডিয়াখনতে বৰ্ণনা কৰিছে যে ৰাষ্ট্ৰীয় সংগীতত “দেশভক্তিমুলক ভাৱনা প্ৰকাশ কৰা হয় আৰু ইয়াত প্ৰায়েই দেশৰ লোক আৰু তাৰ শাসকসকলৰ সুৰক্ষা আৰু নিৰ্দেশনাৰ বাবে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা আদি জড়িত থাকে।” সেইবাবে যিহোৱাৰ সেৱকসকলে এইটো বিশ্বাস কৰা ভুল নহʼব যে পতাকা চেলামি দিয়া আৰু ৰাষ্ট্ৰীয় সংগীত গোৱা আদি দেশভক্তিমুলক কাৰ্য্যক্ৰম ধৰ্মৰ লগত জড়িত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্কুলবোৰত যেতিয়া যিহোৱাৰ সাক্ষীৰ লʼৰা-ছোৱালীবিলাকে পতাকাক শ্ৰদ্ধা কৰিবলৈ আৰু দেশৰ প্ৰতি আনুগত্য হৈ থকাৰ শপত গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, তেতিয়া দ্যা আমেৰিকান কেৰেক্টাৰ্ নামৰ কিতাপখনে এইদৰে মন্তব্য কৰে: “উচ্চ ন্যায়ালয়ে কেইবাটাও মোকৰ্দ্দমাৰ ৰায় দিয়াৰ পাছত, এইটো স্পষ্ট কৰি দিলে যে প্ৰতিদিনে [স্কুলত] পালন কৰা নিয়মবোৰ আচলতে ধৰ্মীয় ৰীতি-নীতি হয়।”
বাইবেলে ভুল বুলি বিবেচনা কৰা অনুষ্ঠানবোৰত যিহোৱাৰ সাক্ষীসকলে অংশগ্ৰহণ নকৰে। কিন্তু আন লোকসকলে যদি এনে অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰে, তেনেহʼলে যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ ব্যক্তিগত অধিকাৰক সন্মান জনায়। তেওঁলোকে জাতীয় পতাকাক, ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে সন্মান কৰে আৰু তেওঁলোকে শাসনত অহা চৰকাৰক “ঈশ্বৰৰ পৰিচাৰক” বুলি গ্ৰহণ কৰে আৰু “ক্ষমতা পোৱাবিলাকৰ” অধীনত থাকে। (ৰোমীয়া ১৩:১-৪) সেইবাবে, যিহোৱাৰ সাক্ষীসকলে এই উপদেশ পালন কৰে: “ৰজাসকলৰ আৰু ওখ পদ পোৱাসকলৰ অৰ্থে নিবেদন, প্ৰাৰ্থনা, অনুৰোধ, আৰু ধন্যবাদ কৰা হওক।” এইদৰে কৰাৰ মুখ্য কাৰণ হৈছে: ‘আমি যেন সকলো ভক্তি আৰু ধীৰতাত, নিৰ্ব্বিঘ্ন আৰু শান্ত জীৱন যাপন কৰিব পাৰোঁ।’—১ তীমথিয় ২:১, ২.
নিৰ্বাচনত ভোট দিয়া। সত্য খ্ৰীষ্টানসকলে আনৰ ভোট দিয়া অধিকাৰক সন্মান কৰে। তেওঁলোকে নিৰ্বাচনৰ বিৰুদ্ধে কোনো অভিযান নচলায় আৰু নিৰ্বাচিত হোৱা বিষয়াসকলক সহযোগ কৰে। কিন্তু সত্য খ্ৰীষ্টানসকলে দেশৰ ৰাজনৈতিক বিষয়বোৰত নিৰপেক্ষ হৈ থাকে। (মথি ২২:২১; ১ পিতৰ ৩:১৬) যিবোৰ দেশত ভোট দিয়াটো বাধ্যতামুলক বা ভোট কেন্দ্ৰলৈ নোযোৱা লোকসকলক বেয়া দৃষ্টিভংগীৰে চোৱা হয়, তেনে পৰিস্থিতিত এজন সত্য খ্ৰীষ্টানে কি কৰা উচিত? চদ্ৰক, মৈচক আৰু আবেদ-নগোৱে দূৰা নামৰ ঠাইখনলৈ গৈছিল, কিন্তু তেওঁলোকে মূৰ্তিৰ সন্মুখত মূৰ দোৱা নাছিল। ঠিক সেইদৰে, এনে পৰিস্থিতিত হয়তো এজন খ্ৰীষ্টানৰ বিবেকে ভোট কেন্দ্ৰলৈ যাবলৈ অনুমতি দিব পাৰে। কিন্তু তেওঁ যাতে নিৰপেক্ষতা বজাই ৰখাত বিফল নহয়, তাৰ বাবে সতৰ্ক হোৱা উচিত। ইয়াৰ উপৰিও তেওঁ তলৰ ছটা সিদ্ধান্তৰ ওপৰত ধ্যান দিয়াৰ প্ৰয়োজন:
১. যীচুৰ শিষ্যসকল এই ‘জগতৰ নহয়।’—যোহন ১৫:১৯.
২. সত্য খ্ৰীষ্টানসকলে খ্ৰীষ্ট আৰু তেওঁৰ ৰাজ্যৰ প্ৰতিনিধিত্ব কৰে।—যোহন ১৮:৩৬; ২ কৰিন্থীয়া ৫:২০.
৩. সত্য খ্ৰীষ্টানসকলৰ মণ্ডলীৰ বিশ্বাস এক হোৱাৰ বাবে আৰু ইয়াৰ সদস্যসকলৰ মাজত খ্ৰীষ্টৰ দৰে প্ৰেম থকাৰ বাবে তেওঁলোকৰ মাজত একতা আছে।—১ কৰিন্থীয়া ১:১০; কলচীয়া ৩:১৪.
৪. যিসকলে কোনো অধিকাৰীক নিৰ্বাচন কৰে, তেওঁলোকেও কম বেছি পৰিমাণে তেওঁ কৰা কাৰ্য্যৰ দায়ী হয়।—১ চমূৱেল ৮:৫, ১০-১৮ আৰু ১ তীমথিয় ৫:২২ পদত যি লিখা আছে, তাৰ আঁৰত থকা সিদ্ধান্তবোৰ ধ্যান দিয়ক।
৫. যেতিয়া ইস্ৰায়েলীসকলে এজন ব্যক্তিক তেওঁলোকৰ ৰজা হিচাপে বিচাৰিছিল, তেতিয়া যিহোৱাৰ দৃষ্টিত সেয়া, তেওঁক ৰজা হিচাপে অস্বীকাৰ কৰাৰ দৰে আছিল।—১ চমূৱেল ৮:৭.
৬. সত্য খ্ৰীষ্টানসকলে ৰাজনীতিৰ ওপৰত বিশ্বাস কৰা লোকসকলক, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কোৱাৰ সময়ত নিঃসংকোচে কোৱা উচিত।—মথি ২৪:১৪; ২৮:১৯, ২০; ইব্ৰী ১০:৩৫.
অসামৰিক সেৱা। কিছুমান দেশত সামৰিক সেৱা কৰিবলৈ অস্বীকাৰ কৰা লোকসকলে অলপ দিনৰ বাবে অসামৰিক সেৱা কৰাটো বাধ্যতামুলক। এনে বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত প্ৰাৰ্থনা কৰা উচিত। যদি প্ৰয়োজন হয়, তেনেহʼলে কোনো এজন পৰিপক্ক খ্ৰীষ্টানৰ লগত ইয়াৰ বিষয়ে আলোচনা কৰক আৰু নিজৰ প্ৰশিক্ষিত বিবেকৰ সহায়ত নিৰ্ণয় লওক।—হিতোপদেশ ২:১-৫; ফিলিপীয়া ৪:৫.
ঈশ্বৰৰ বাক্যই আমাক “আধিপত্য আৰু ক্ষমতা পোৱাবিলাকৰ বশীভূত হবলৈ, আজ্ঞা মানিবলৈ, সকলো সৎকৰ্ম্মত যুগুত হবলৈ, . . . ক্ষান্ত স্বভাৱী” হʼবলৈ আজ্ঞা দিছে। (তীত ৩:১, ২) এই কথাবোৰ মনত ৰাখি আমি নিজকে এইদৰে সুধিব পাৰোঁ: ‘মোক যিধৰণৰ অসামৰিক সেৱা কৰিবলৈ কোৱা হৈছে, সেয়া কৰিলে মই নিৰপেক্ষতা বজাই ৰাখিব পাৰিমনে, নে মই মিছা ধৰ্মৰ লগত জড়িত হৈ পৰিম?’ (মীখা ৪:৩, ৫; ২ কৰিন্থীয়া ৬:১৬, ১৭) ‘এই কামে মোক মণ্ডলীৰ দায়িত্ব পালন কৰিবলৈ কঠিন কৰি তুলিব পাৰে নেকি অথবা এইবোৰে মোক বাধাৰ সৃষ্টি কৰিব নেকি?’ (মথি ২৮:১৯, ২০; ইফিচীয়া ৬:৪; ইব্ৰী ১০:২৪, ২৫) ‘আনহাতে, এই কাৰ্য্যত এনে এক তালিকা জড়িত আছে নেকি, যিয়ে মোক আধ্যাত্মিক কাৰ্য্যত অধিক সময় দিবলৈ সুযোগ দিব, হয়তো পূৰ্ণসময়ৰ সেৱা কৰিবলৈ সুবিধা পাম?’—ইব্ৰী ৬:১১, ১২.
যদি এজন সত্য খ্ৰীষ্টানে নিজৰ বিবেকৰ সহায়ত এই সিদ্ধান্তত উপনিত হৈছে যে তেওঁ জেল যোৱাৰ পৰিৱৰ্তে অসামৰিক সেৱা কৰিব, তেনেহʼলে আন ভাই-ভনীসকলে তেওঁৰ সিদ্ধান্তক সন্মান কৰা উচিত। (ৰোমীয়া ১৪:১০) অথবা তেওঁ যদি অসামৰিক সেৱা নকৰিবলৈ সিদ্ধান্ত লয়, তেনেহʼলে ভাই-ভনীসকলে তেওঁৰ সিদ্ধান্তক সন্মান কৰা উচিত হʼব।—১ কৰিন্থীয়া ১০:২৯; ২ কৰিন্থীয়া ১:২৪.