ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • যিহোৱাৰ সাক্ষীসকল কেনেধৰণৰ লোক?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
    • পাঠ ১

      যিহোৱাৰ সাক্ষীসকল কেনেধৰণৰ লোক?

      ডেনমাৰ্কত এজন যিহোৱাৰ সাক্ষী

      ডেনমাৰ্ক

      টাইৱানত যিহোৱাৰ সাক্ষীসকল

      টাইৱান

      ভেনিজুৱেলাত যিহোৱাৰ সাক্ষীসকল

      ভেনিজুৱেলা

      ভাৰতত যিহোৱাৰ সাক্ষীসকল

      ভাৰত

      আপুনি কেইজন যিহোৱাৰ সাক্ষীক চিনি পায়? তেওঁলোক হয়তো আপোনাৰ ওচৰ-চুবুৰীয়া, সহকৰ্মী বা স্কুল-কলেজত পঢ়া সহপাঠী হʼব পাৰে। ইয়াৰ উপৰিও আপুনি হয়তো আমাৰ লগত বাইবেলৰপৰা আলোচনা কৰিছে। প্ৰকৃততে আমি কোন হওঁ আৰু কিয় সকলোকে আমাৰ বিশ্বাসৰ বিষয়ে জনাওঁ?

      আপোনালোকৰ দৰে আমিও সাধাৰণ লোক। আমি বিভিন্ন পৃষ্ঠভূমি আৰু সামাজিক পৰিস্থিতিৰপৰা আহিছোঁ। আমাৰ কিছুমানে ইয়াৰ আগতে আন ধৰ্ম পালন কৰিছিল আৰু আন কিছুমানে ঈশ্বৰক একেবাৰে বিশ্বাসেই কৰা নাছিল। এজন যিহোৱাৰ সাক্ষী হোৱাৰ আগতে আমি সকলোৱে বাইবেলৰ শিক্ষাবোৰ গভীৰভাৱে পৰীক্ষা কৰিবলৈ যথেষ্ট সময় অতিবাহিত কৰিছিলোঁ। (পাঁচনিৰ কৰ্ম্ম ১৭:১১) আমি শিকা কথাবোৰ সন্মত হোৱাৰ পাছত, আমি যিহোৱা ঈশ্বৰক উপাসনা কৰিবলৈ ব্যক্তিগতভাৱে নিৰ্ণয় লওঁ।

      বাইবেলৰপৰা অধ্যয়ন কৰি আমি লাভৱান হৈছোঁ। আন লোকসকলৰ দৰে আমিও সমস্যা আৰু নিজৰ দুৰ্ব্বলতাবোৰৰ সন্মুখীন হওঁ। কিন্তু আমি আমাৰ দৈনন্দিন জীৱনত বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰাৰ যোগেদি, আমাৰ জীৱনত পৰিৱৰ্ত্তন দেখিবলৈ পাওঁ। (গীতমালা ১২৮:১, ২) আমি বাইবেলৰপৰা শিকা ভাল কথাবোৰ আনক জনোৱাৰ এয়া হৈছে এটা কাৰণ।

      ঈশ্বৰে নিৰ্ধাৰিত কৰা নিয়ম অনুসৰি আমি জীৱন নিৰ্বাহ কৰোঁ। বাইবেলত পোৱা এই নিয়মবোৰে আমাৰ ভালৰ বাবে বৰঙণি আগবঢ়ায়। আনক সন্মান কৰিবলৈ, ন্যায়পৰায়ণ আৰু নম্ৰ হʼবলৈ সহায় কৰে। বাইবেলৰ এই নিয়মবোৰে এজন ব্যক্তিক সমাজৰ এজন ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ, পৰিয়ালত একতা আৰু নৈতিকতা বজাই ৰাখিবলৈ সহায় কৰে। আমি নিশ্চিত যে “ঈশ্বৰ পক্ষপাতী নহয়” আৰু সেইবাবে আমি জাতি বা ৰাজনৈতিকৰ কোনো বাধা নোহোৱা এক আন্তৰাষ্ট্ৰীয় আত্মিক পৰিয়ালৰ সদস্য। ব্যক্তিগতভাৱে যদিও আমি সাধাৰণ লোক, কিন্তু এক সমূহ হিচাপে আমি একেবাৰে ভিন্ন।—পাঁচনিৰ কৰ্ম্ম ৪:১৩; ১০:৩৪, ৩৫.

      • কি বিষয়বোৰত যিহোৱাৰ সাক্ষী আৰু আন লোকসকলৰ লগত মিল আছে?

      • বাইবেলৰপৰা অধ্যয়ন কৰি যিহোৱাৰ সাক্ষীসকলে কি নিয়মবোৰৰ বিষয়ে শিকিছে?

  • আমাক যিহোৱাৰ সাক্ষী বুলি কিয় কোৱা হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
    • পাঠ ২

      আমাক যিহোৱাৰ সাক্ষী বুলি কিয় কোৱা হয়?

      নোহ

      নোহ

      অবাহাম আৰু চাৰা

      অব্ৰাহাম আৰু চাৰা

      মোচি

      মোচি

      যীচু খীষ্ট

      যীচু খ্ৰীষ্ট

      বহুতো লোকে যিহোৱাৰ সাক্ষী, কোনো এটা নতুন ধৰ্মৰ নাম বুলি ভাবে। কিন্তু মন কৰিবলগীয়া বিষয় যে আজিৰপৰা প্ৰায় ২,৭০০ বছৰৰ আগতে কেৱল সত্য ঈশ্বৰক সেৱা কৰা লোকসকলকহে “সাক্ষী” বুলি কোৱা হৈছিল। (যিচয়া ৪৩:১০-১২) চন ১৯৩১ লৈকে আমি বাইবেল বিদ্যাৰ্থী হিচাপে পৰিচিত আছিলোঁ। তেনেহʼলে আমি কিয় যিহোৱাৰ সাক্ষী নামটো গ্ৰহণ কৰিলোঁ?

      এই নামে আমি কোন ঈশ্বৰক উপাসনা কৰোঁ তাৰ পৰিচয় দিয়ে। প্ৰাচীন হস্তলিপিবোৰৰ অনুসৰি ঈশ্বৰৰ নাম যিহোৱা বুলি ৭,০০০ বাৰতকৈয়ো বেছিবাৰ বাইবেলত পোৱা যায়। বাইবেলৰ বহুতো অনুবাদত এই নামৰ সলনি প্ৰভু বা ঈশ্বৰ উপাধি ব্যৱহাৰ কৰিছে। কিন্তু সত্য ঈশ্বৰে নিজেই তেওঁৰ নাম যিহোৱা হয় বুলি মোচিৰ আগত এইদৰে প্ৰকাশ কৰিছিল: “এয়ে মোৰ চিৰকালৰ নাম।” (যাত্ৰাপুস্তক ৩:১৫) এইদৰে যিহোৱা ঈশ্বৰে নিজকে সকলো মিছা দেৱতাৰপৰা পৃথক কৰিছে। ঈশ্বৰৰ পবিত্ৰ নাম ধাৰণ কৰিবলৈ পায় আমি আনন্দিত।

      এই নামে আমাৰ উদ্দেশ্যৰ বিষয়ে প্ৰকাশ কৰে। হেবল নামৰ এজন ধাৰ্মিক ব্যক্তিৰপৰা আৰম্ভ কৰি, বহুতো লোকে যিহোৱা ঈশ্বৰৰ বিষয়ে সাক্ষী দি আহিছে। সময় অতিবাহিত হোৱাৰ লগে লগে নোহ, অব্ৰাহাম, চাৰা, মোচি, দায়ূদ আৰু আন বহুতো লোকে এই বৃহৎ ‘মেঘৰূপ সাক্ষীত’ যোগ দিলে। (ইব্ৰী ১১:৪–১২:১) যিদৰে এজন ব্যক্তিক, নিৰ্দ্দোষী ব্যক্তিৰ পক্ষে আদালতত সাক্ষী দিয়াটো কৰ্তব্য, ঠিক সেইদৰে ঈশ্বৰৰ পক্ষে সাক্ষী দিবলৈ আমি দৃঢ়সংকল্প।

      আমি যীচুক অনুকৰণ কৰোঁ। বাইবেলত যীচুক “বিশ্বাসী আৰু সত্য সাক্ষী” বুলি উল্লেখ কৰিছে। (প্ৰকাশিত বাক্য ৩:১৪) ‘ঈশ্বৰৰ নাম’ আনক জনোৱা আৰু ঈশ্বৰৰ ‘সত্যতাৰ পক্ষে সাক্ষী’ দিম বুলি যীচুয়ে নিজেই কৈছিল। (যোহন ১৭:২৬; ১৮:৩৭) সেইবাবে, যীচুক অনুকৰণ কৰা লোকসকলে যিহোৱাৰ নামেৰে পৰিচিত আৰু ইয়াৰ বিষয়ে তেওঁলোকে আনকো জনায়। এই কাৰ্য্যকে যিহোৱাৰ সাক্ষীসকলে কৰিবলৈ চেষ্টা কৰে।

      • বাইবেলৰ বিদ্যাৰ্থীসকলে যিহোৱাৰ সাক্ষী নামটো কিয় গ্ৰহণ কৰে?

      • কেতিয়াৰপৰা যিহোৱা ঈশ্বৰৰ দাসসকলে তেওঁৰ বিষয়ে সাক্ষী দি আহিছে?

      • যিহোৱা ঈশ্বৰৰ পক্ষে সাক্ষী দিয়া সৰ্ব্বশ্ৰেষ্ঠ ব্যক্তিজন কোন হয়?

      বেছিকৈ শিকক

      যেতিয়া আপুনি স্থানীয় মণ্ডলীৰ সদস্যসকলক লগ পাব, তেতিয়া তেওঁলোকৰ বিষয়ে ভালদৰে জানিবলৈ চেষ্টা কৰক। আপুনি তেওঁলোকক সুধিব পাৰে: “আপুনি কিয় এজন যিহোৱাৰ সাক্ষী হʼল?”

  • বাইবেলৰ সত্যতাক কেনেকৈ পুনৰ আৱিষ্কাৰ কৰা হʼল?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
    • পাঠ ৩

      বাইবেলৰ সত্যতাক কেনেকৈ পুনৰ আৱিষ্কাৰ কৰা হʼল?

      ১৮৭০ দশকত এটা সমূহে বাইবেল অধ্যয়ন কৰিছ

      ১৮৭০ দশকত বাইবেলৰ বিদ্যাৰ্থীসকল

      পহৰীবুৰুজ আলোচনীখনৰ পথম সংখ্যাৰ এটা কপি মানুহজনে পঢ়ি আছ

      ১৮৭৯ চনত প্ৰকাশ হোৱা প্ৰথমখন প্ৰহৰীবুৰুজ

      এগৰাকী মহিলাই পহৰীবুৰুজ আৰু সচতন থাকক! আলোচনীকেইখন ধৰি আছ

      বৰ্তমান সময়ৰ প্ৰহৰীবুৰুজ আলোচনী

      বাইবেলে ভৱিষ্যতবাণী কৰিছিল যে যীচুৰ মৃত্যুৰ পাছত সত্য খ্ৰীষ্টানসকলৰ মাজত মিছা শিক্ষা দিওঁতা ওলাব আৰু তেওঁলোকে বাইবেলৰ সত্যতাক কলুষিত কৰিব। (পাঁচনিৰ কৰ্ম্ম ২০:২৯, ৩০) সময় অতিবাহিত হোৱাৰ লগে লগে ভৱিষ্যতবাণীত কোৱাৰ দৰেই ঘটিল। তেওঁলোকে যীচুৰ শিক্ষাৰ লগত মিছা ধৰ্মৰ শিক্ষাবোৰ যোগ কৰিলে আৰু মিছা খ্ৰীষ্টানৰূপে বাঢ়িবলৈ ধৰিলে। (২ তীমথিয় ৪:৩, ৪) গতিকে, আজি আমি কেনেকৈ নিশ্চিত হʼব পাৰিম যে বাইবেলে প্ৰকৃততে যি শিকাইছে, সেইয়া আমি সঠিকভাৱে বুজি পাইছোঁ?

      যিহোৱা ঈশ্বৰে সত্যক প্ৰকাশ কৰাৰ সময় আহিল। ঈশ্বৰে ভৱিষ্যতবাণী কৰিছিল যে শেষ-কালত সত্যৰ ‘জ্ঞান বৃদ্ধি হʼব।’ (দানিয়েল ১২:৪) এটা সৰু গোটে ১৮৭০ চনত বাইবেলত থকা সত্যক জানিব বিচাৰিছিল। তেওঁলোকে জানিব পাৰিলে যে গীৰ্জাৰ বহুতো শিক্ষা বাইবেলৰ লগত মিল নাই। তেওঁলোকে বাইবেলৰ প্ৰকৃত শিক্ষাৰ বিষয়ে বুজিবলৈ অনুসন্ধান কৰিবলৈ ধৰিলে আৰু যিহোৱা ঈশ্বৰে তেওঁলোকক বাইবেলৰ পদবোৰ সঠিকভাৱে বুজিবলৈ সহায় কৰিলে।

      নম্ৰ হৃদয়ৰ লোকসকলে গভীৰভাৱে বাইবেলৰপৰা অধ্যয়ন কৰিছিল। সেই বিদ্যাৰ্থীসকলক বৰ্তমান সময়ত যিহোৱাৰ সাক্ষী নামেৰে জনা যায়। তেওঁলোকে বাইবেল অধ্যয়ন কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি আজি আমিও ব্যৱহাৰ কৰোঁ। তেওঁলোকে বাইবেলৰ বিষয়বোৰ এটাৰ পাছত আনটো আলোচনা কৰিছিল। যেতিয়া কোনো এটা বিষয় বুজিবলৈ কঠিন হয়, তেতিয়া তেওঁলোকে বাইবেলৰ আন পদবোৰৰ সহায় লৈছিল। কোনো এটা নিৰ্ণয় লোৱাৰ সময়ত যেতিয়া বাইবেলৰ আন আন পদবোৰে সমৰ্থন কৰে, তেতিয়া তেওঁলোকে তাক লিখি ৰাখে। এইদৰে তেওঁলোকে বাইবেলৰ বিষয়ে বুজিবলৈ, বাইবেলৰ সহায় লৈছিল। ইয়াৰ যোগেদি তেওঁলোকে ঈশ্বৰৰ নাম আৰু তেওঁৰ ৰাজ্যৰ সত্যতাৰ বিষয়ে পুনৰ আৱিষ্কাৰ কৰিলে। ইয়াৰ উপৰিও মানৱজাতি আৰু পৃথিৱীৰ বাবে তেওঁৰ উদ্দেশ্য কি, মৃত লোকসকলৰ অৱস্থা আৰু পুনৰুত্থানৰ আশাৰ বিষয়ে তেওঁলোকে সঠিক জ্ঞান লাভ কৰিলে। এইদৰে অনুসন্ধান কৰাৰ যোগেদি বহুতো মিছা শিক্ষা আৰু অভ্যাসবোৰপৰা তেওঁলোকক মুক্ত হʼবলৈ সহায় কৰিলে।—যোহন ৮:৩১, ৩২.

      বাইবেলৰ বিদ্যাৰ্থীসকলে ১৮৭৯ চনলৈকে বুজিব পাৰিলে যে গোটেই পৃথিৱীজুৰি সত্যৰ বিষয়ে ঘোষণা কৰা উচিত। গতিকে, সেই বছৰৰপৰা তেওঁলোকে বাইবেল আধাৰিত এখন আলোচনী প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে। বৰ্তমান সময়তো সেই আলোচনীখন প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্য ঘোষণা কৰে, নামেৰে ছপা কৰা হয়। আজি আমি আমি ২৪০ খন দেশ আৰু দ্বীপত, ৭৫০ তকৈ অধিক ভাষাত বাইবেলৰ সত্যতাৰ বিষয়ে লোকসকলক জনাইছোঁ। সঁচাকৈ, ইয়াৰ আগতে সত্যৰ জ্ঞান কেতিয়াও এইদৰে পোৱা নগৈছিল।

      • যীচুৰ মৃত্যুৰ পাছত বাইবেলৰ সত্য কি হʼল?

      • আমি কেনেকৈ বাইবেলৰ সত্য পুনৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হʼলোঁ?

  • আমি কিয় নতুন পৃথিৱী অনুবাদ বাইবেল প্ৰকাশ কৰিলোঁ?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
    • পাঠ ৪

      আমি কিয় নতুন পৃথিৱী অনুবাদ বাইবেল প্ৰকাশ কৰিলোঁ?

      এটা পুৰণি ছপাশাল
      নতুন পৃথিৱী অনুবাদ বাইবেলখনৰ পথম সংস্কৰণ পকাশ কৰিছ
      কংগো (কিনচাছা) ভাষাত পকাশ হোৱা নতুন পৃথিৱী অনুবাদ বাইবেলখন পৰীক্ষা কৰিছ

      কংগো (কিনচাছা)

      ৰুৱাডাত নতুন পৃথিৱী অনুবাদ বাইবেলখন পকাশ কৰিছ

      ৰুৱাণ্ডা

      ছাইমেক্স টুকুৰাত ঈশ্বৰৰ নাম পোৱা যায়

      তৃতীয় বা চতুৰ্থ শতিকাৰ ছাইমেক্স টুকুৰা, যʼত গীতমালা ৬৯:৩১ পদত ঈশ্বৰৰ নাম পোৱা যায়

      বহু দশক ধৰি যিহোৱাৰ সাক্ষীসকলে বাইবেলৰ বিভিন্ন সংস্কৰণ ছপা কৰি বিতৰণ কৰিছিল আৰু নিজেও ব্যৱহাৰ কৰিছিল। কিন্তু এক নতুন অনুবাদৰ প্ৰয়োজন অনুভৱ কৰা হʼল, যিয়ে সকলো লোককে ‘সত্যৰ জ্ঞান’ লাভ কৰিবলৈ সহায় কৰিব আৰু ইয়ে হৈছে ঈশ্বৰৰ ইচ্ছা। (১ তীমথিয় ২:৩, ৪) সেইবাবে, ১৯৫০ চনৰপৰা আধুনিক ভাষাত নতুন পৃথিৱী অনুবাদ নামেৰে ইংৰাজী বাইবেল আমি ছপা কৰিবলৈ আৰম্ভ কৰিলোঁ। এই বাইবেলখন ১৩০ তকৈ বেছি ভাষাত অনুবাদ কৰা হৈছে আৰু ধ্যান ৰখা হৈছে, যাতে ই সঠিকভাৱে অনুবাদ কৰা হয়।

      সহজে বুজিব পৰা এখন বাইবেলৰ প্ৰয়োজন আছিল। সময় অতিবাহিত হোৱাৰ লগে লগে ভাষাৰ সলনি হয়। বহুতো অনুবাদৰ ভাষাবোৰ পুৰণি হোৱাৰ বাবে প্ৰকৃত অৰ্থ বুজিবলৈ কঠিন হয়। ইয়াৰ উপৰিও, প্ৰাচীন সময়ৰ বহুতো হস্তলিপি পোৱা গৈছে, যিবিলাক বাইবেলৰ মূল পাঠৰ লগত মিল আছে। এই হস্তলিপিবিলাকৰ সহায়ত, সেই সময়ৰ হিব্ৰু, অৰামীয়া আৰু গ্ৰীক ভাষাৰ বিষয়ে বুজিবলৈ সহায় হʼল।

      ঈশ্বৰৰ বাক্যৰ প্ৰতি বিশ্বাসী হোৱা অনুবাদৰ প্ৰয়োজন আছিল। বাইবেলৰ অনুবাদকসকলে ঈশ্বৰৰ অনুপ্ৰাণিত বাক্যক নিজ ইচ্ছাৰে সলনি কৰাৰ পৰিৱৰ্ত্তে, বাইবেলৰ মূল পাঠক সঠিকভাৱে অনুবাদ কৰা উচিত। কিন্তু প্ৰায়ে দেখিবলৈ পোৱা যায় যে বহুতো অনুবাদত ঈশ্বৰৰ নাম, যিহোৱা ব্যৱহাৰ কৰা নাই।

      এনে এখন বাইবেলৰ প্ৰয়োজন আছিল, যিয়ে ইয়াৰ লেখকক প্ৰশংসা কৰে। (২ চমূৱেল ২৩:২) বাইবেলৰ পুৰণি হস্তলিপিবোৰত যিহোৱাৰ নাম প্ৰায় ৭,০০০ বাৰ উল্লেখ আছে আৰু ইংৰাজীৰ নতুন পৃথিৱী অনুবাদ বাইবেলত সেই ঠাইবোৰত পুনৰ যিহোৱাৰ নাম লিখা হৈছে। তলত এটা হস্তলিপিৰ উদাহৰণ উল্লেখ কৰা হৈছে। (গীতমালা ৮৩:১৮) বহুবছৰ প্ৰচেষ্টা আৰু গভীৰভাৱে অনুসন্ধান কৰাৰ পাছত, নতুন পৃথিৱী অনুবাদ বাইবেলখন প্ৰস্তুত কৰা হৈছে। এনে লাগে যেন এই বাইবেলখনে ঈশ্বৰৰ চিন্তা-ধাৰাক প্ৰকাশ কৰিছে আৰু এইখন পঢ়িবলৈ বৰ ভাল। আপোনাৰ নিজৰ ভাষাত নতুন পৃথিৱী অনুবাদ বাইবেলখন থাকক বা নাথাকক, কিন্তু আপুনি যিহোৱা ঈশ্বৰৰ বাক্য প্ৰতিদিনে পঢ়িবলৈ আমি আপোনাক উৎসাহিত কৰিছোঁ।—যিহোচূৱা ১:৮; গীতমালা ১:২, ৩.

      • নতুন অনুবাদৰ এখন বাইবেল প্ৰয়োজন আছে বুলি আমি কিয় সিদ্ধান্ত লৈছিলো?

      • ঈশ্বৰৰ ইচ্ছাৰ বিষয়ে জানিব বিচৰা লোকসকলে প্ৰতিদিনে কি কৰা উচিত?

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক