ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • আমাৰ সভাবোৰত আপুনি কি শিকিব পাৰিব?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
    • পাঠ ৫

      আমাৰ সভাবোৰত আপুনি কি শিকিব পাৰিব?

      আৰ্জেন্টনাৰ এটা ৰাজ্যগৃহত যিহোৱাৰ সাক্ষীসলক

      আৰ্জেণ্টিনা

      ছিয়েৰা লিওনত হোৱা যিহোৱাৰ সাক্ষীসকলৰ এখন সভা

      ছিয়েৰা লিওন

      বেলজিয়ামত যিহোৱাৰ সাক্ষীসকলৰ এখন সভা

      বেলজিয়াম

      মালয়েচিয়াত যিহোৱাৰ সাক্ষীসকলৰ এখন সভা

      মালয়েচিয়া

      আজি বহুতো লোকে ধৰ্মীয় অনুষ্ঠানবোৰত যাবলৈ বাদ দিছে। কিয়নো তেওঁলোকে বিচৰা জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পোৱা নাই বা মনত শান্তি পোৱা নাই। তেনেহʼলে, আপুনি কিয় যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰত উপস্থিত হোৱাটো উচিত? আপুনি তাত কি শিকিব পাৰিব?

      আনৰ প্ৰতি যত্ন লোৱা আৰু প্ৰেম দেখুৱা লোকসকলক পাব। প্ৰথম শতিকাত বাস কৰা খ্ৰীষ্টানসকলৰ সংগঠিত মণ্ডলী আছিল। ঈশ্বৰক উপাসনা কৰিবলৈ, শাস্ত্ৰীয় পদবোৰ অধ্যয়ন আৰু এজনে-আনজনক উৎসাহিত কৰিবলৈ তেওঁলোকে সভাৰ ব্যৱস্থা কৰিছিল। (ইব্ৰী ১০:২৪, ২৫) মণ্ডলীৰ এনে প্ৰেমময় পৰিৱেশত উপস্থিত হৈ তেওঁলোকে নিজৰ প্ৰকৃত বন্ধু-বান্ধৱ বা আধ্যাত্মিক ভাই-ভনীসকলৰ লগত থকা যেন অনুভৱ কৰিছিল। (২ থিচলনীকীয়া ১:৩; ৩ যোহন ১৪) বৰ্তমান সময়ত আমিও প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ উদাহৰণ অনুকৰণ কৰি আনন্দ লাভ কৰোঁ।

      বাইবেলৰ সিদ্ধান্তবোৰ শিকাৰ লাভ। পুৰুষ, তিৰোতা আৰু লʼৰা-ছোৱালী সকলোৱে সভাবোৰত উপস্থিত হোৱাৰ বিষয়ে বাইবেলত বৰ্ণনা আছে। ঠিক সেইদৰে, বৰ্তমান সময়তো যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰত পুৰুষ, তিৰোতা আৰু লʼৰা-ছোৱালী সকলোৱে উপস্থিত হয়। এই সভাবোৰত নিপুণ শিক্ষকসকলে বাইবেলৰ সিদ্ধান্তবোৰ আমাৰ জীৱনত কেনেকৈ পালন কৰিব লাগে, তাৰ বিষয়ে শিক্ষা দিয়ে। (দ্বিতীয় বিবৰণ ৩১:১২; নহিমিয়া ৮:৮) ইয়াত উপস্থিত থকা সকলোৱে গীত গোৱা আৰু প্ৰশ্ন-উত্তৰত ভাগ লʼব পাৰে আৰু এইদৰে আমি প্ৰকৃত খ্ৰীষ্টানৰ আশাৰ ব্যক্ত কৰোঁ।—ইব্ৰী ১০:২৩.

      ঈশ্বৰৰ ওপৰত আপোনাৰ বিশ্বাস দৃঢ় হʼব। পৌল নামৰ যীচুৰ শিষ্যজনে এইদৰে লিখিছিল: “তোমালোকৰ আৰু মোৰ উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই তোমালোকৰ মাজত নিজেও আশ্বাস পাবলৈ, মই তোমালোকক চাবলৈ বৰ ইচ্ছা কৰিছোঁ।” (ৰোমীয়া ১: ১১, ১২) নিয়মীয়াকৈ এই সভাবোৰত উপস্থিত হৈ ভাই-ভনীবিলাকৰ লগত কথা-বতৰা পাতিলে আমাৰ বিশ্বাস দৃঢ় হয় আৰু বাইবেলৰ সিদ্ধান্তবোৰৰ অনুসৰি জীৱন অতিবাহিত কৰিবলৈ উৎসাহিত কৰে।

      আপুনি নিজেই এই অনুভৱ লাভ কৰিবলৈ অহা সপ্তাহৰ আমাৰ মণ্ডলীৰ সভাত উপস্থিত হʼব বিচাৰেনে? আপোনাক আন্তৰিকতাৰে আদৰণি জনোৱা হʼব। এই সভাবোৰত উপস্থিত হোৱাৰ বাবে কোনো টকা-পইচা দিব নালাগে।

      • আমাৰ মণ্ডলীৰ সভাবোৰে কাৰ উদাহৰণ অনুকৰণ কৰে?

      • খ্ৰীষ্টান সভাবোৰত উপস্থিত হোৱাৰ যোগেদি আমি কেনেকৈ লাভৱান হʼম?

      বেছিকৈ শিকক

      সাধাৰণতে যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰ ৰাজ্যগৃহবোৰত হয়। যদি আপুনি সভালৈ অহাৰ আগতে আমাৰ ৰাজ্যগৃহটো চাবলৈ বিচাৰে, তেনেহʼলে আপুনি কোনো এজন যিহোৱাৰ সাক্ষীক সেই ঠাই দেখুৱাবলৈ অনুৰোধ কৰক।

  • খ্ৰীষ্টান ভাই-ভনীসকলৰ লগত সঙ্গতি কৰিলে আমাৰ কি লাভ হʼব?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
    • পাঠ ৬

      খ্ৰীষ্টান ভাই-ভনীসকলৰ লগত সঙ্গতি কৰিলে আমাৰ কি লাভ হʼব?

      যিহোৱাৰ সাক্ষীসকলে ভাই-ভনীসকলৰ লগত সংগতি কৰিছ

      মাদাগাস্কাৰ

      এজন যিহোৱাৰ সাক্ষীয়ে সংগী ভাই এজনক সহায় কৰিছ

      নৰৱে

      দুজন পাচীনে এগৰাকী ভনীক সাক্ষাৎ কৰিছ

      লেবানন

      যিহোৱাৰ সাক্ষীসকলে এজনে-আনজনৰ সগতিৰ আনন্দ লৈছ

      ইটালী

      বেয়া বতৰ আৰু বাট-পথৰ সমস্যা থকাৰ সত্ত্বেও আমি খ্ৰীষ্টান সভাবোৰত উপস্থিত হওঁ। জীৱনত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হোৱা আৰু দৈনন্দিন কাম-কাজ কৰি ভাগৰি পৰাৰ পাছতো, যিহোৱাৰ সাক্ষীসকলে কিয় ভাই-ভনীসকলৰ লগত সঙ্গতি কৰিবলৈ এৰি নিদিয়ে?

      ইয়ে আমাৰ জীৱনৰ সমস্যাবোৰ সন্মুখীন হʼবলৈ সহায় কৰে। পৌলে এইদৰে কৈছিল যে মণ্ডলীত সঙ্গতি কৰা লোকসকলক আমি “পৰস্পৰে মনোযোগ” দিয়া উচিত। (ইব্ৰী ১০:২৪) পৰস্পৰে মনোযোগ দিয়াৰ অৰ্থ হৈছে “ভালদৰে চিন্তা কৰা” অৰ্থাৎ আমি এজনে-আনজনক ভালদৰে জনা উচিত। গতিকে, পৌলৰ বাক্যই আমাক এজনে-আনজনৰ বিষয়ে চিন্তা কৰিবলৈ উৎসাহিত কৰিছে। মণ্ডলীৰ আন পৰিয়ালবোৰৰ বিষয়ে ভালদৰে জানিলে আমি লক্ষ্য কৰিব পাৰিম যে কেনেকৈ কিছুমান পৰিয়ালে বৰ্তমান সময়ত, আমি সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ অনুভৱৰপৰা আমিও শিকিব পাৰিম।

      ইয়ে আমাৰ বন্ধুত্ব দৃঢ় কৰিব। আমাৰ সভাবোৰত অহা ভাই-ভনীসকলক আমি কেৱল চিনি পাওঁ এনে নহয়, কিন্তু তেওঁলোক আমাৰ ঘনিষ্ঠ বন্ধু। ইয়াৰ উপৰিও আমি কেতিয়াবা কেতিয়াবা মনোৰঞ্জনৰ বাবে একেলগে সময় কটাওঁ। খ্ৰীষ্টান ভাই-ভনীসকলৰ লগত এনেধৰণৰ সঙ্গতিয়ে আমাৰ ওপৰত কি প্ৰভাৱ পেলায়? আমি এজনে-আনজনক সন্মান কৰিবলৈ শিকোঁ আৰু ইয়ে আমাৰ মাজত প্ৰেম দৃঢ় কৰে। আমাৰ মাজত থকা বন্ধুত্বৰ বাবে, ভাই-ভনীসকলে কিবা সমস্যাৰ সন্মুখীন হʼলে আমি তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহোঁ। (হিতোপদেশ ১৭:১৭) আমাৰ মণ্ডলীৰ সকলো সদস্যৰ লগত মিলা-মিচা কৰাৰ যোগেদি দেখুৱাওঁ যে আমি “পৰস্পৰে হিত চিন্তা” কৰোঁ।—১ কৰিন্থীয়া ১২:২৫, ২৬.

      ঈশ্বৰৰ ইচ্ছা পালন কৰা লোকসকলৰ লগত বন্ধুত্ব কৰিবলৈ আমি আপোনাক উৎসাহিত কৰোঁ। এনেধৰণৰ বন্ধু আপুনি যিহোৱাৰ সাক্ষীসকলৰ মাজত বিচাৰি পাব। আমাৰ লগত সঙ্গতি কৰাৰ বাবে আপোনাক একোয়েই যেন বাধা নিদিয়ে।

      • সভাবোৰত সঙ্গতি কৰাটো আমাৰ বাবে কিয় লাভজনক?

      • আপুনি কেতিয়া আমাৰ সভাবোৰলৈ আহিব বিচাৰে?

  • আমাৰ সভাবোৰত কি হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
    • পাঠ ৭

      আমাৰ সভাবোৰত কি হয়?

      নিউজিলেডত যিহোৱাৰ সাক্ষীসকলৰ এখন সভা

      নিউজিলেণ্ড

      জাপানত হোৱা যিহোৱাৰ সাক্ষীসকলৰ এখন সভা

      জাপান

      উগাডাৰ এজন সৰু ল’ৰাই বাইবলে পঢ়িছ

      উগাণ্ডা

      লিথুনিয়াত দুগৰাকী সাক্ষীয়ে বাইবেল অধ্যয়ন কেনেকৈ কৰা হয় তাক পদৰ্শন কৰিছ

      লিথুনিয়া

      প্ৰথম শতিকাৰ খ্ৰীষ্টান সভাবোৰত গীত, প্ৰাৰ্থনা, বাইবেল পঢ়া আৰু তাৰপৰা আলোচনা কৰা হৈছিল। এই সভাবোৰত কোনো ক্ৰিয়াপদ্ধতি পালন কৰা হোৱা নাছিল। (১ কৰিন্থীয়া ১৪:২৬) বৰ্তমান সময়তো আমাৰ সভাবোৰ ঠিক প্ৰথম শতিকাৰ দৰে হোৱা দেখিবলৈ পাব।

      সভাবোৰত শিকোৱা কথাবোৰ বাইবেলৰ আধাৰত আৰু ব্যৱহাৰিক। প্ৰতি শনিবাৰ বা দেওবাৰে প্ৰত্যেক মণ্ডলীৰ ভাই-ভনীসকলে একগোট হয় আৰু ৩০ মিনিটৰ এটা বাইবেলৰ ওপৰত আধাৰিত ভাষণ শুনে। এই ভাষণত আমাৰ দৈনন্দিন জীৱন আৰু বৰ্তমান সময়ৰ লগত শাস্ত্ৰীয় পদবোৰ কেনেকৈ জড়িত আছে তাৰ বিষয়ে বৰ্ণনা কৰে। বক্তাই বাইবেলৰ পদবোৰ পঢ়াৰ সময়ত আমাকো নিজৰ বাইবেলখন খুলি চাবলৈ উৎসাহিত কৰে। বাইবেলৰ ওপৰত আধাৰিত ভাষণ হোৱাৰ পাছত, ১ ঘণ্টাৰ বাবে “প্ৰহৰীবুৰুজ” অধ্যয়ন হয়। প্ৰহৰীবুৰুজ অধ্যয়ন সংস্কৰণৰপৰা লোৱা এটা লেখৰ ওপৰত হোৱা আলোচনাত সকলোৱে ভাগ লʼব পাৰে। এই আলোচনাই আমাক বাইবেলৰ নিৰ্দ্দেশনাবোৰ আমাৰ জীৱনত পালন কৰিবলৈ সহায় কৰে। বিশ্বজুৰি আমাৰ ১,১০,০০০ তকৈ বেছি মণ্ডলী আছে আৰু সকলো মণ্ডলীতে একেই লেখ আলোচনা কৰা হয়।

      আমাৰ শিকোৱা দক্ষতাক উন্নতি কৰিবলৈ সহায় কৰে। শনিবাৰ বা দেওবাৰৰ উপৰিও সপ্তাহৰ আন এক সন্ধ্যাত তিনিটা ভাগত হোৱা কাৰ্য্যক্ৰমৰ বাবে আমি একগোট হওঁ, যাৰ বিষয় হৈছে আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা। ইয়াত ব্যৱহাৰ হʼবলগীয়া বিষয়বোৰ আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাত বৰ্ণনা কৰা হয়। এই সভাৰ প্ৰথম ভাগ হৈছে ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান। এই ভাগে মণ্ডলীৰ সদস্যসকলে পঢ়ি অহা বাইবেলৰ কিছু অংশ বুজাত সহায় কৰে। ইয়াৰ পাছৰ অংশ হৈছে ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক। এই ভাগত বাইবেলৰ সত্য আনৰ লগত কেনেকৈ আলোচনা কৰিব পাৰি তাৰ বিষয়ে প্ৰদৰ্শনৰ দ্বাৰা দেখুৱা হয়। এজন ভায়ে আমাক পঢ়া আৰু কোৱাৰ দক্ষতা উন্নতি কৰিবলৈ উপদেশ আগবঢ়ায়। (১ তীমথিয় ৪:১৩) শেষৰ ভাগ হৈছে খ্ৰীষ্টান হিচাপে জীৱন-যাপন। দৈনন্দিন জীৱনত বাইবেলৰ সিদ্ধান্তবোৰ কেনেকৈ পালন কৰিব পাৰি তাৰ বিষয়ে এই ভাগত পৰামৰ্শ দিয়া হয়। ইয়াৰ লগতে প্ৰশ্ন-উত্তৰেৰে কিছুমান বিষয় আলোচনা কৰা হয়, যিয়ে আমাক বাইবেলৰ গভীৰ বিষয়বোৰ বুজিবলৈ সহায় কৰে।

      যেতিয়া আপুনি আমাৰ সভাবোৰলৈ আহিব, তেতিয়া আপুনি নিজেই দেখিবলৈ পাব যে আমি কিদৰে বাইবেলৰপৰা শিক্ষা দিওঁ।—যিচয়া ৫৪:১৩.

      • যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰৰপৰা আপুনি কি শিকিব?

      • আমাৰ কোনখন সভালৈ আপুনি আহিব বিচাৰে?

      বেছিকৈ শিকক

      সভাবোৰত আলোচনা হʼবলগীয়া বিষয়বোৰ পঢ়ক। ধ্যান দিয়ক যে কেনেকৈ বাইবেলৰপৰা পোৱা শিক্ষাবোৰে আপোনাৰ দৈনন্দিন জীৱনত লাভৱান হʼব পাৰে।

  • আমি সভাবোৰৰ বাবে কিয় পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰোঁ?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
    • পাঠ ৮

      আমি সভাবোৰৰ বাবে কিয় পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰোঁ?

      পিতৃ আৰু পুত্ৰই মডলীৰ সভাৰ বাবে সাজু হৈছ

      আইচলেণ্ড

      মাক আৰু জীয়েকে সভাৰ বাবে সাজু হৈছ

      মেক্সিকো

      গিনি-বিছাওত যিহোৱাৰ সাক্ষীসকলে পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰিছ

      গিনি-বিছাও

      ফিলিপাইনৰ এটি পৰিয়ালে সভালৈ খোজকাঢ়ি গৈছ

      ফিলিপাইন

      যিহোৱাৰ সাক্ষীসকলে মণ্ডলীৰ সভাবোৰত উপস্থিত হʼবলৈ, কেনেকৈ পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰিছে তাক আপুনি এই ব্ৰচাৰখনৰ ছবিবোৰত লক্ষ্য কৰিছেনে? আমি সাজ-পোছাক পৰিধান কৰাৰ ওপৰত কিয় ধ্যান দিওঁ?

      ঈশ্বৰৰ প্ৰতি আমাৰ সন্মান দেখুৱাবলৈ। এইটো সত্য যে ঈশ্বৰে আমাৰ কেৱল বাহ্যিক ৰূপটোৱেই নহয়, কিন্তু তেওঁ আমাৰ মনলৈও লক্ষ্য কৰে। (১ চমূৱেল ১৬:৭) যেতিয়া আমি ঈশ্বৰক উপাসনা কৰিবলৈ একগোট হওঁ, তেতিয়া আমি ঈশ্বৰ আৰু ভাই-ভনীসকলক আদৰ বা সন্মান দেখুৱাবলৈ বিচাৰোঁ। যদি আমি আদালতৰ এজন বিচাৰকৰ্ত্তাৰ সন্মুখত উপস্থিত হʼবলগীয়া হয়, তেতিয়া আমি তেওঁৰ পদৰ প্ৰতি সন্মান জনাই নিশ্চয় ভালদৰে সাজ-পোছাক পৰিধান কৰিম। ঠিক সেইদৰে, সভাবোৰত উপস্থিত হওঁতে আমি যিদৰে সাজ-পোছাক পৰিধান কৰোঁ, তাৰ দ্বাৰা দেখুৱাওঁ যে “সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা” যিহোৱা ঈশ্বৰ আৰু তেওঁক উপাসনা কৰা ঠাইক আমি সন্মান জনাওঁ।—আদিপুস্তক ১৮:২৫.

      আমি কাৰ মানদণ্ড অনুসৰি চলোঁ তাক দেখুৱাওঁ। বাইবেলে সত্য খ্ৰীষ্টানসকলক উৎসাহিত কৰিছে যে “সুলাজ আৰু সুবোধেৰে সৈতে” পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰা উচিত। (১ তীমথিয় ২:৯, ১০) ইয়াত উল্লেখ কৰা “সুলাজ” বা শালীনতাৰ সৈতে সাজ-পোছাক পৰিধান কৰাৰ অৰ্থ হৈছে, এনে কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থকা যিয়ে নিজৰৰ শৰীৰৰ অংশ প্ৰকাশ কৰিব পাৰে বা আনক কামাভিলাষৰ বাবে উত্তেজিত কৰিব পাৰে। ইয়াৰ উপৰিও “সুবোধেৰে” কাম কৰাৰ বাবে, আমাক ভাল কাপোৰ পৰিধান কৰিবলৈ সহায় কৰিব। বাইবেলৰ এই সিদ্ধান্তবোৰে আমাক বিভিন্ন ধৰণৰ সাজ-পোছাক পৰিধান কৰাৰ বাবে নিৰ্ণয় লʼবলৈ সহায় কৰিব। আমাৰ শালীনতাৰ সাজ-পোছাকে “আমাৰ ত্ৰাণকৰ্ত্তা” আৰু “ঈশ্বৰক স্তুতি” কৰে। (তীত ২:৯; ১ পিতৰ ২:১২) আমি যি ধৰণে সভাত উপস্থিত হʼবলৈ সাজ-পোছাক পৰিধান কৰোঁ, তাক দেখি আন লোকসকলে যিহোৱাৰ উপাসনাৰ প্ৰতি মন্তব্য কৰিব পাৰে।

      আপোনাৰ ওচৰত ভাল সাজ-পোছাক নাথাকিলেও, আপুনি ৰাজ্যগৃহত হোৱা সভাবোৰত আহিব পাৰে। দামী বা আকৰ্ষণীয় সাজ-পোছাকৰ পৰিৱৰ্ত্তে আমি পৰিষ্কাৰ বা উচিত সাজ-পোছাক পৰিধান কৰিব পাৰোঁ।

      • ঈশ্বৰক উপাসনা কৰিবলৈ একগোট হোৱাৰ সময়ত আমি সাজ-পোছাকৰ প্ৰতি ধ্যান দিয়াটো কিয় প্ৰয়োজন?

      • বাইবেলৰ কি সিদ্ধান্তবোৰে সাজ-পোছাক পৰিধান কৰাৰ বাবে আমাক নিৰ্ণয় লʼবলৈ সহায় কৰিব?

  • সভাবোৰৰ বাবে কেনেকৈ তৈয়াৰী কৰা উচিত?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
    • পাঠ ৯

      সভাবোৰৰ বাবে কেনেকৈ তৈয়াৰী কৰা উচিত?

      এজন যিহোৱাৰ সাক্ষীয়ে মডলীৰ সভাবোৰৰ বাবে তৈয়াৰী কৰিছ

      কম্বোডিয়া

      এজন যিহোৱাৰ সাক্ষীয়ে মডলীৰ সভাবোৰৰ বাবে তৈয়াৰী কৰিছ
      এজন যিহোৱাৰ সাক্ষীয়ে মডলীৰ সভাবোৰৰ বাবে তৈয়াৰী কৰিছ

      ইউক্ৰেইন

      যদি কোনো যিহোৱাৰ সাক্ষীৰ লগত আপুনি বাইবেলৰপৰা অধ্যয়ন কৰিছে, তেনেহʼলে অধ্যয়ন কৰিবলগীয়া বিষয়টো আগতীয়াকৈ পঢ়ি আহিবলৈ আপুনি নিশ্চয় চেষ্টা কৰে। ঠিক সেইদৰে, মণ্ডলীৰ সভাবোৰৰ বাবে আগতীয়াকৈ তৈয়াৰী কৰি আহিলে আমি লাভৱান হʼম। ইয়াৰ বাবে এখন ভাল তালিকা থকা উচিত।

      কʼত আৰু কেতিয়া অধ্যয়ন কৰিব আপুনি তাক নিৰ্ণয় লওক। অধ্যয়ন কৰিবলৈ আপুনি কোন সময়ত ভালদৰে মনোযোগ দিব পাৰে? ৰাতিপুৱা আপোনাৰ কাম আৰম্ভ কৰাৰ আগতে, নে ৰাতি লʼৰা-ছোৱালী টোপনি যোৱাৰ পাছত? আপুনি হয়তো অধ্যয়নৰ বাবে বেছি সময় দিব নোৱাৰিব, কিন্তু আছুতীয়াকৈ কিছু সময় ৰাখক। চেষ্টা কৰক, যাতে অধ্যয়নৰ বাবে আপোনাক কোনো বিষয়ে বাধা নিদিয়ে। আপুনি অধ্যয়ন কৰাৰ সময়ত এক নিৰৱ স্থান বিচাৰক আৰু অধ্যয়নত যাতে কোনো বাধা নাহে তাৰ বাবে ৰেডিঅ’, টেলিভিছন আৰু মʼবাইল ফোন বন্ধ কৰক। আৰম্ভণিতে কৰা প্ৰাৰ্থনাই দিনৰ দুশ্চিন্তাবোৰৰপৰা দূৰ হʼবলৈ আৰু অধ্যয়নত মনোযোগ দিবলৈ আপোনাক সহায় কৰিব।—ফিলিপীয়া ৪:৬, ৭.

      সভাত উত্তৰ দিবলৈ তৈয়াৰী কৰক আৰু প্ৰকাশনবোৰত দাগ দিয়ক। অধ্যয়ন কৰাৰ আগতে ওপৰে ওপৰে এবাৰ বিষয়টো চকু ফুৰাওক। লেখৰ মূল বিষয়বস্তু বা অধ্যায়টোৰ বিষয়ে চিন্তা কৰক। ইয়াৰ পাছত প্ৰতিটো উপশীৰ্ষৰ লগত বিষয়টো কেনেকৈ জড়িত আছে তাৰ বিষয়ে ধ্যান দিয়ক। ইয়াৰ উপৰিও, লেখত যদি কিবা ছবি আছে তেনেহʼলে ভালদৰে লক্ষ্য কৰক আৰু লেখ বা অধ্যায়ৰ শেষত উল্লেখ কৰা প্ৰশ্নবোৰ বিবেচনা কৰক। ইয়াৰ পাছত, প্ৰতিটো অনুচ্ছেদ পঢ়ি তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক। ইয়াত উল্লেখ থকা বাইবেলৰ পদসমূহ পঢ়ক আৰু বিষয়বস্তুৰ লগত কি সম্বন্ধ আছে তাক ধ্যান দিয়ক। (পাঁচনিৰ কৰ্ম্ম ১৭:১১) উত্তৰ বিচাৰি পোৱাৰ পাছত আপুনি মুখ্য শব্দবোৰ বা বাক্যশাৰীৰ তলত দাগ দিয়ক। এনে কৰিলে আপোনাক সভাত উত্তৰ দিবলৈ সহায় কৰিব। যদি আপুনি সভাত উত্তৰ দিবলৈ ইচ্ছা কৰে, তেনেহʼলে হাত উঠাই নিজৰ শব্দত চমুকৈ উত্তৰ দিব পাৰে।

      প্ৰতি সপ্তাহে সভাবোৰত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। সেইবোৰ আগৰে পৰা তৈয়াৰী কৰিলে আপুনি নতুন নতুন বিষয়বোৰ শিকি আপোনাৰ বাইবেলৰ জ্ঞানৰ ‘ভঁৰাল’ বৃদ্ধি কৰিব পাৰিব।—মথি ১৩:৫১, ৫২.

      • সভাবোৰৰ বাবে তৈয়াৰী কৰিবলৈ আপুনি কেনেধৰণৰ তালিকা বনাব?

      • সভাবোৰত উত্তৰ দিবলৈ আপুনি কেনেদৰে তৈয়াৰী কৰিব?

      বেছিকৈ শিকক

      ওপৰত উল্লেখ কৰা পদ্ধতিবোৰ ব্যৱহাৰ কৰি প্ৰহৰীবুৰুজ অধ্যয়ন বা মণ্ডলীৰ বাইবেল অধ্যয়নৰ বাবে তৈয়াৰী কৰক। আপোনাক যিয়ে বাইবেলৰপৰা শিকাইছে তেওঁৰ সহায়ত পৰৱৰ্ত্তী সভাত এটা উত্তৰ দিবলৈ তৈয়াৰী কৰক।

  • পৰিয়াল উপাসনা কি হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
    • পাঠ ১০

      পৰিয়াল উপাসনা কি হয়?

      এটা পৰিয়ালে পৰিয়াল উপাসনাৰ আনন্দ লৈছ

      দক্ষিণ কোৰিয়া

      এহাল দপতীয়ে একলগে বাইবেল অধ্যয়ন কৰিছ

      ব্ৰাজিল

      এজন যিহোৱাৰ সাক্ষীয়ে বাইবেল অধ্যয়ন কৰিছ

      অষ্ট্ৰেলিয়া

      এটা পৰিয়ালে বাইবেলৰ এটা বিষয় আলোচনা কৰিছ

      গিয়েনা

      প্ৰাচীন সময়ৰ পৰাই প্ৰতিটো পৰিয়ালে একগোট হৈ সময় অতিবাহিত কৰাটো যিহোৱা ঈশ্বৰে বিচাৰিছিল। এইদৰে কৰিলে তেওঁলোকে ঈশ্বৰৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পৰ্ক দৃঢ় হʼব। (দ্বিতীয় বিবৰণ ৬:৬, ৭) সেইবাবে, যিহোৱাৰ সাক্ষীসকলে প্ৰতি সপ্তাহে পৰিয়াল হিচাপে বাইবেলৰপৰা অধ্যয়ন কৰিবলৈ কিছু সময় আছুতীয়াকৈ ৰাখে। এই অধ্যয়নৰ সময়ছোৱাত পৰিয়ালৰ সকলো সদস্যই একেলগে বহি পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰৰ বিষয়ে বাইবেলৰপৰা আলোচনা কৰে। যদি আপুনি অকলশৰীয়াকৈ বাস কৰে, তেনেহʼলে আপুনি সেই সময় ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক গভীৰ কৰিবলৈ বাইবেলৰপৰা কিছু বিষয় অধ্যয়ন কৰিব পাৰে।

      পৰিয়ালৰ সৈতে বাইবেল অধ্যয়ন কৰাৰ যোগেদি যিহোৱাৰ কাষ চপা। বাইবেলে বৰ্ণনা কৰিছে যে “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” (যাকোব ৪:৮) যিহোৱা ঈশ্বৰৰ ব্যক্তিত্ব আৰু তেওঁৰ কাৰ্য্যৰ বিষয়ে আমি বাইবেল অধ্যয়নৰ পৰা শিকিব পাৰিছোঁ। পৰিয়ালৰ উপাসনা আৰম্ভ কৰাৰ এক ভাল উপায় হৈছে পৰিয়ালৰ সকলো সদস্যই একেলগে বাইবেল পঢ়া। আপুনি প্ৰতি সপ্তাহতে আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাত ব্যৱহাৰ হʼবলগীয়া বাইবেল পঢ়া তালিকাখন অনুকৰণ কৰিব পাৰে। পৰিয়ালৰ প্ৰতিজন সদস্যকে বাইবেলৰ কিছু অংশ পঢ়িবলৈ দি, ইয়াৰপৰা কি শিকিলে সেই বিষয়ে আলোচনা কৰিব পাৰে।

      পৰিয়ালৰ সদস্যসকলৰ লগত কাষ চপাৰ সময়। যেতিয়া পৰিয়ালৰ সকলো সদস্যই একেলগে বাইবেল অধ্যয়ন কৰে, তেতিয়া স্বামী-স্ত্ৰী, পিতৃ-মাতৃ আৰু লʼৰা-ছোৱলীৰ মাজত তেওঁলোকৰ সম্পৰ্ক দৃঢ় হয়। পৰিয়াল হিচাপে বাইবেল অধ্যয়ন কৰাৰ সময়ছোৱা এক শান্ত আৰু আনন্দৰ পৰিৱেশ হোৱা উচিত, যাতে পৰিয়ালৰ সকলো সদস্যই সেই দিনটোৰ বাবে অতি আগ্ৰহেৰে বাট চাই থাকে। পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ বয়স অনুসৰি কিছুমান ব্যৱহাৰিক বিষয় প্ৰহৰীবুৰুজ আৰু সচেতন থাকক! (ইংৰাজী) আলোচনীকেইখনৰ পৰা লʼব পাৰে বা আমাৰ jw.org ৱেৱছাইটত চাব পাৰে। ইয়াৰ উপৰিও, আপোনাৰ লʼৰা-ছোৱালীয়ে স্কুলত সন্মুখীন হোৱা সমস্যাবোৰ কেনেকৈ সমাধান কৰিব লাগে, তাৰ বিষয়ে আলোচনা কৰিব পাৰে। JW ব্ৰডকাষ্টিঙত (tv.jw.org) প্ৰচাৰণ হোৱা এটা কাৰ্য্যক্ৰম একেলগে উপভোগ কৰাৰ পাছত আলোচনা নকৰে কিয়? যদি আপুনি বিচাৰে, তেনেহʼলে পৰিয়াল হিচাপে মণ্ডলীৰ সভাবোৰত গাবলগীয়া গীতবোৰ গাব পাৰে আৰু পৰিয়াল উপাসনাৰ শেষ হোৱাৰ পাছত অলপ চাহ-জলপান খাব পাৰে।

      পৰিয়াল হিচাপে বাইবেল অধ্যয়ন কৰা এই বিশেষ সময়ছোৱাত, পৰিয়ালৰ সকলোৱে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি আনন্দিত হʼব আৰু আপুনি কৰা প্ৰচেষ্টাৰ বাবে যিহোৱা ঈশ্বৰে আশীৰ্ব্বাদ কৰিব।—গীতমালা ১:১-৩.

      • পৰিয়াল উপাসনাৰ বাবে আমি কিয় এক সময় নিৰ্ধাৰণ কৰা উচিত?

      • পিতৃ-মাতৃয়ে কেনেকৈ এই অধ্যয়ন আনন্দময় কৰি তুলিব পাৰে?

      বেছিকৈ শিকক

      মণ্ডলীৰ আন আন সদস্যসকলে কেনেকৈ তেওঁলোকৰ পৰিয়াল উপাসনা কৰে তাৰ বিষয়ে সোধক। ইয়াৰ উপৰিও, আপোনাৰ লʼৰা-ছোৱালীবিলাকক যিহোৱাৰ বিষয়ে শিকাবলৈ ৰাজ্যগৃহত কি কি প্ৰকাশন আছে, তাৰ খবৰ লওক।

  • আমি সন্মিলনবোৰত কিয় উপস্থিত হওঁ?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
    • পাঠ ১১

      আমি সন্মিলনবোৰত কিয় উপস্থিত হওঁ?

      মেক্সিকোত যিহোৱাৰ সাক্ষীসকলৰ এখন অধিৱেশন

      মেক্সিকো

      জাৰ্মানীৰ এখন অধিৱেশনত এখন কিতাপ পকাশ কৰিছ

      জাৰ্মানী

      বটছাৱানাত হোৱা আঞ্চলিক অধিৱেশনত যিহোৱাৰ সাক্ষীসকল

      বটছোৱানা

      নিকাৰাগুৱাত এজন ডেকা ল’ৰাই বাতমা লৈছ

      নিকাৰাগুৱা

      ইটালীৰ এখন অধিৱেশনত মঞ্চথ নাটক

      ইটালী

      এই লোকসকল ইমান আনন্দিত কিয় বাৰু? তেওঁলোকে আমাৰ এখন সন্মিলনত উপস্থিত হৈছে। প্ৰাচীন সময়ত ঈশ্বৰে তেওঁৰ লোকসকলক বছৰত তিনিবাৰকৈ একগোট হʼবলৈ আজ্ঞা দিছিল। ঠিক সেইদৰে, বৰ্তমান সময়ত আমিও এক বৃহৎ সংখ্যাত একগোট হʼবলৈ বহু আশাৰে বাট চাই থাকোঁ। (দ্বিতীয় বিবৰণ ১৬:১৬) প্ৰতি বছৰে আমাৰ তিনিখন এনেধৰণৰ ডাঙৰ সন্মিলন হয়: দুখনকৈ এদিনীয়া শাখা সন্মিলন আৰু তিনিদিনীয়া আঞ্চলিক অধিৱেশন। এই সন্মিলনবোৰৰ পৰা আমাৰ কি লাভ হয়?

      এনে সন্মিলনবোৰে আমাৰ ভ্ৰাতৃত্ব প্ৰেম দৃঢ় কৰে। যিদৰে ইস্ৰায়েলীসকলে “মণ্ডলীৰ মাজত” যিহোৱা ঈশ্বৰক প্ৰশংসা কৰি আনন্দিত হৈছিল, ঠিক সেইদৰে বৰ্তমান সময়ত আমিও সন্মিলনবোৰত উপস্থিত হৈ যিহোৱা ঈশ্বৰক উপাসনা কৰি আনন্দিত হওঁ। (গীতমালা ২৬:১২; ১১১:১) এই সন্মিলনবোৰে আমাক ওচৰে-পাজৰে থকা মণ্ডলী, বিভিন্ন ৰাজ্য বা আন দেশৰ পৰা অহা সাক্ষীসকলৰ লগত কথা-বতৰা আৰু সঙ্গতি কৰিবলৈ সুযোগ দিয়ে। ইয়াৰ উপৰিও, যেতিয়া আমি দুপৰীয়া সময়ত একেলগে আহাৰ খাওঁ, তেতিয়া এনেধৰণৰ আধ্যাত্মিক সুযোগবোৰে আমাৰ ভাই-ভনীসকলৰ মাজত এক বন্ধুত্বৰ পৰিৱেশ গঢ়ি তোলে। (পাঁচনিৰ কৰ্ম্ম ২:৪২) এই সন্মিলনবোৰত আমি নিজেই ভ্ৰাতৃত্ব প্ৰেম দেখিবলৈ পাওঁ।—১ পিতৰ ২:১৭.

      আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ সন্মিলনবোৰে আমাক সহায় কৰে। শাস্ত্ৰৰ পদবোৰ ভালদৰে বৰ্ণনা কৰাৰ বাবে সন্মিলনবোৰত উপস্থিত হৈ ইস্ৰায়েলী লোকসকলে শাস্ত্ৰৰ বিষয়ে ভালদৰে “বুজিব” পাৰিছিল আৰু ইয়াৰ পৰা লাভৱান হৈছিল। (নহিমিয়া ৮:৮, ১২) বৰ্তমান সময়ত সন্মিলনবোৰত লাভ কৰা বাইবেলৰ নিৰ্দ্দেশনাবোৰৰ প্ৰতি আমিও মূল্যাঙ্কন দেখুৱাওঁ। প্ৰতিটো কাৰ্য্যসূচী এটা বাইবেলৰ বিষয়বস্তুৰ ওপৰত আধাৰিত হয়। ভাষণ, পৰিচৰ্চ্চা আৰু দৈনন্দিন জীৱনৰ লগত জড়িত থকা বিভিন্ন পৰিস্থিতিৰ ওপৰত প্ৰদৰ্শন দেখুৱা হয়। এইবোৰৰ যোগেদি আমি আমাৰ জীৱনত ঈশ্বৰৰ ইচ্ছা কেনেকৈ পালন কৰিব লাগে তাৰ বিষয়ে শিকোঁ। বৰ্তমান সময়ৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও বাইবেলৰ নিয়মবোৰৰ অনুসৰি জীৱন-যাপন কৰি, সফল হোৱা লোকসকলৰ অনুভৱবোৰ শুনি আমি উৎসাহিত হওঁ। আঞ্চলিক অধিৱেশনবোৰত হোৱা মঞ্চস্থ নাটকবোৰে আমাৰ বাবে বাইবেলৰ ঘটনাবোৰ বাস্তৱ কৰি তোলে আৰু ইয়াৰ পৰা আমি ব্যৱহাৰিক শিক্ষা লাভ কৰোঁ। যিসকল লোকে নিজকে ঈশ্বৰলৈ সমৰ্পন কৰি বাপ্তিষ্মা লʼবলৈ বিচাৰে, তেওঁলোকৰ বাবে প্ৰতিখন সন্মিলনত ব্যৱস্থা আছে।

      • সন্মিলনবোৰ আমাৰ বাবে কিয় আনন্দজনক?

      • সন্মিলনত উপস্থিত হৈ আপুনি কেনেকৈ লাভৱান হʼব?

      বেছিকৈ শিকক

      আমাৰ ভ্ৰাতৃত্ব প্ৰেমৰ বিষয়ে যদি আপুনি ভালদৰে জানিব বিচাৰে, অনুগ্ৰহ কৰি আমাৰ হʼবলগীয়া সন্মিলনখনলৈ আহক। সন্মিলনৰ বিষয়ে অলপ আভাস পাবলৈ, আপোনাক বাইবেলৰপৰা শিকাই থকা ভাইজনে সন্মিলনখনৰ কাৰ্য্যসূচীখন দেখুৱাব পাৰে। হʼবলগীয়া সন্মিলনখনৰ তাৰিখ আৰু স্থান আপুনি নিজৰ কেলেণ্ডাৰখনত লিখি ৰাখক আৰু তাত উপস্থিত হʼবলৈ চেষ্টা কৰক।

  • আমাৰ ঘোষণা কৰা কাৰ্য্য কেনেকৈ কৰা হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
    • পাঠ ১২

      আমাৰ ঘোষণা কৰা কাৰ্য্য কেনেকৈ কৰা হয়?

      যিহোৱাৰ সাক্ষীসকলে ঘৰে ঘৰে ঘোষণা কাৰ্য্য কৰিছ

      স্পেইন

      এজন যিহোৱাৰ সাক্ষীয়ে পাৰ্কত ঘোষণা কৰিছ

      বেলাৰাছ

      এগৰাকী যিহোৱাৰ সাক্ষীয়ে টলিফোনৰ যোগেদি ঘোষণা কৰিছ

      হংকং

      যিহোৱাৰ সাক্ষীসকলে ঘোষণা কাৰ্য্যত ভাগ লৈছ

      পেৰু

      মৃত্যুৰ আগমুহূৰ্ত্তত যীচুয়ে এইদৰে কৈছিল: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (মথি ২৪:১৪) কিন্তু গোটেই পৃথিৱীজুৰি এই ঘোষণা কাৰ্য্য কেনেকৈ কৰা হʼব? যীচু খ্ৰীষ্টই দেখুৱাই যোৱা উদাহৰণৰ দ্বাৰা আমি এই কাৰ্য্য সম্পন্ন কৰিব পাৰিম।—লূক ৮:১.

      ঘৰে ঘৰে আমি লোকসকলক সাক্ষাৎ কৰোঁ। যীচু খ্ৰীষ্টই তেওঁৰ শিষ্যসকলক ঘৰে ঘৰে গৈ ঘোষণা কৰা কাৰ্য্য কৰিবলৈ প্ৰশিক্ষণ দিছিল। (মথি ১০:১১-১৩; পাঁচনিৰ কৰ্ম্ম ৫:৪২; ২০:২০) প্ৰথম শতিকাৰ শিষ্যসকলক ঘোষণা কৰিবলৈ কিছুমান বিশেষ ঠাই নিৰ্দ্ধাৰণ কৰি দিয়া হৈছিল। (মথি ১০:৫, ৬; ২ কৰিন্থীয়া ১০:১৩) ঠিক সেইদৰে, বৰ্তমান সময়ত ঘোষণা কৰা কাৰ্য্য ভালদৰে সংগঠিত কৰা হয়। ঘোষণা কৰা কাৰ্য্য সম্পন্ন কৰিবলৈ প্ৰতিটো মণ্ডলীকে কিছুমান ঠাই নিৰ্দ্ধাৰণ কৰি দিয়া হয়। এইদৰে আমি যীচুৰ এই আজ্ঞাক সম্পন্ন কৰিবলৈ সক্ষম হৈছোঁ, ‘জনসাধাৰণৰ আগত ঘোষণা কৰা আৰু সাক্ষ্য দিয়া।’—পাঁচনিৰ কৰ্ম্ম ১০:৪২.

      যʼতেই লোকসকলক পোৱা যায়, তাতেই আমি লগ ধৰোঁ। ঘৰে ঘৰে ঘোষণা কৰাৰ উপৰিও যীচুয়ে ৰাস্তা-ঘাটে, সাগৰৰ পাৰত বা নাদৰ কাষত লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাইছিল। (মাৰ্ক ৪:১; যোহন ৪:৫-১৫) ঠিক সেইদৰে, আমিও ৰাস্তা-ঘাটে, বজাৰত, পাৰ্কত বা ফোনৰ যোগেদি লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰোঁ। সুযোগ অনুসৰি আমি আমাৰ ওচৰ-চুবুৰীয়া, সহকৰ্মী, সহপাঠী আৰু সম্পৰ্কীয় লোকসকলক এই খবৰ জনাওঁ। এইদৰে কৰা প্ৰচেষ্টাৰ যোগেদি গোটেই পৃথিৱীজুৰি লাখ লাখ লোকে, ‘পৰিত্ৰাণৰ’ খবৰ শুনিবলৈ সক্ষম হৈছে।—গীতমালা ৯৬:২.

      ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা আৰু এই ৰাজ্যই আমাৰ বাবে কি কৰিব, তাৰ বিষয়ে আপোনাৰ পৰিয়াল বা সম্পৰ্কীয় লোকসকলক আপুনি কোৱাৰ বিষয়ে চিন্তা কৰিছেনে? এই খবৰ কেৱল নিজৰ লগতে নাৰাখি, যিমান সোনকালে সম্ভৱ তেওঁলোকক জনাওঁক।

      • কি শুভবাৰ্ত্তা ঘোষণা কৰা উচিত?

      • ঘোষণা কৰাৰ বিষয়ে যিহোৱাৰ সাক্ষীসকলে যীচুক কি দৰে অনুকৰণ কৰিছে?

      বেছিকৈ শিকক

      পৰিচিত লোকসকলক কেনেকৈ বাইবেলৰপৰা শিকা কথাবোৰ কʼব পাৰি, তাৰ বিষয়ে আপুনি, আপোনাক বাইবেলৰপৰা শিকোৱা ভাইজনক সোধক।

  • অগ্ৰগামী সেৱা কি হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
    • পাঠ ১৩

      অগ্ৰগামী সেৱা কি হয়?

      এজন পূৰ্ণসময়ৰ পচাৰকে ঘোষণা কাৰ্য্যত ভাগ লৈছ

      কানাডা

      পূৰ্ণসময়ৰ অগগামীকেইজনে ঘোষণা কাৰ্য্যত জড়িত হৈছ

      ঘৰে ঘৰে প্ৰচাৰ

      অগগামীসকলে বাইবেল অধ্যয়নৰ পৰিচালনা কৰিছ

      বাইবেল অধ্যয়ন

      এজন অগগামীয়ে ব্যক্তিগত বাইবেল অধ্যয়ন কৰিছ

      ব্যক্তিগত অধ্যয়ন

      নতুন এলাকাবোৰত কাম কৰা আৰু অন্যৰ বাবে সেৱা কৰিবলৈ বাট মুকলি কৰা লোকসকলক “অগ্ৰগামী” বুলি কোৱা হয়। যীচু খ্ৰীষ্টয়ো অগ্ৰগামীৰ দৰে কাৰ্য্য কৰিছিল। ঈশ্বৰে তেওঁক পৃথিৱীলৈ সেৱা কৰিবলৈ পঠাইছিল আৰু এই সেৱা কাৰ্য্যৰ যোগেদি তেওঁ সকলোৰে বাবে বাট মুকলি কৰিলে। (মথি ২০:২৬) বৰ্তমান সময়ত, যীচুৰ শিষ্যসকলে যিমান পাৰে সিমান সময়, ‘শিষ্য বনুৱা’ কাৰ্য্যত অতিবাহিত কৰাৰ যোগেদি তেওঁক অনুকৰণ কৰে। (মথি ২৮:১৯, ২০) ইয়াৰে কিছুমান লোকে অগ্ৰগামী সেৱা কৰিবলৈ সক্ষম হৈছে।

      অগ্ৰগামী সেৱা হৈছে পূৰ্ণসময়ৰ কাৰ্য্য। যিহোৱাৰ সাক্ষীসকলৰ প্ৰতিজন ব্যক্তিয়েই হৈছে শুভবাৰ্ত্তাৰ প্ৰচাৰক। ইয়াৰে কিছুমান লোকে নিজৰ জীৱনত অলপ সাল-সলনি কৰি নিয়মিত অগ্ৰগামীৰূপে সেৱা কৰিবলৈ সমৰ্থ হৈছে। তেওঁলোকে ৭০ ঘণ্টা সময় শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যত অতিবাহিত কৰে। এই কাৰ্য্য কৰিবলৈ বহুতো লোকে পূৰ্ণসময়ৰ চাকৰি কৰাৰ পৰিৱৰ্ত্তে অংশকালীন চাকৰি কৰে। আন কিছুমানক বিশেষ অগ্ৰগামীৰূপে সেৱা কৰিবলৈ নিৰ্বাচিত কৰা হয়। তেওঁলোকক এনে এলাকাবোৰলৈ পঠোৱা হয়, যʼত প্ৰচাৰকৰ অতি প্ৰয়োজন। বিশেষ অগ্ৰগামীসকলে ১৩০ ঘণ্টা বা তাতকৈ বেছি সময় সেৱা কাৰ্য্যত অতিবাহিত কৰে। (মথি ৬:৩১-৩৩; ১ তীমথিয় ৬:৬-৮) যিসকল লোকে পূৰ্ণসময়ৰ সেৱা কৰিব নোৱাৰে, তেওঁলোকে সহকাৰী অগ্ৰগামীৰূপে সেৱা কৰে। তেওঁলোকে এমাহত ৩০ বা ৫০ ঘণ্টা অতিবাহিত কৰে।

      ঈশ্বৰ আৰু লোকসকলৰ প্ৰতি থকা প্ৰেমৰ বাবে অগ্ৰগামী সেৱা কৰে। যীচুৰ দৰে আমি লক্ষ্য কৰোঁ যে আজি বহুতো লোকে ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে জনাৰ প্ৰয়োজন। (মাৰ্ক ৬:৩৪) আমাৰ ওচৰত ঈশ্বৰৰ বিষয়ে যি জ্ঞান আছে, তাৰ যোগেদি আমি লোকসকলক কেৱল বৰ্তমান সময়ত সহায় কৰিব পাৰিম এনে নহয়, কিন্তু ভৱিষ্যতে থকা আশাৰ বিষয়েও বৰ্ণনা কৰিব পাৰিম। ওচৰ-চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমৰ বাবে এজন অগ্ৰগামী সেৱকে নিজৰ সময় আৰু শক্তি ব্যৱহাৰ কৰি আনক শুভবাৰ্ত্তাৰ বিষয়ে জানিবলৈ সহায় কৰে। (মথি ২২:৩৯; ১ থিচলনীকীয়া ২:৮) এইদৰে কৰাৰ যোগেদি এজন অগ্ৰগামী সেৱকৰ বিশ্বাস দৃঢ় হয়, ঈশ্বৰৰ লগত সম্পৰ্ক গভীৰ হয় আৰু তেওঁ বহুতো আনন্দ লাভ কৰে।—পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

      • এজন অগ্ৰগামী সেৱকৰ বিষয়ে আপুনি কেনেকৈ বৰ্ণনা কৰিব?

      • যিহোৱাৰ সাক্ষীসকলৰ কিছুমান লোকক পূৰ্ণসময়ৰ অগ্ৰগামী কাৰ্য্য কৰিবলৈ কিহে অনুপ্ৰাণিত কৰে?

  • অগ্ৰগামীসকলৰ বাবে স্কুল
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
    • পাঠ ১৪

      অগ্ৰগামীসকলৰ বাবে স্কুল

      পূৰ্ণসময়ৰ সেৱকসকলে ঘোষণা কাৰ্য্যত ভাগ লৈছ

      আমেৰিকা যুক্তৰাষ্ট্ৰ

      বিদ্যাৰ্থীসকলে গিলিয়াড স্কুলত শিক্ষা গহণ কৰিছ
      মিছনাৰী সেৱাৰ বাবে বিদ্যাৰ্থীসকলে তৈয়াৰী কৰিছ

      গিলিয়াড স্কুল, পেটাৰচন, নিউয়ৰ্ক

      মিছনাৰী দপতীয়ে পানামা দেশত ঘোষণা কাৰ্য্য কৰিছ

      পানামা

      যিহোৱাৰ সাক্ষীসকলে একেৰাহে ঈশ্বৰীয় শিক্ষাৰ ব্যৱস্হা কৰি আহিছে। পূৰ্ণসময়ৰ প্ৰচাৰ কাৰ্য্যত জড়িত থকা সেৱকসকলৰ বাবে বিভিন্ন স্কুলৰ আয়োজন কৰা হয়, যাতে তেওঁলোকে ‘শুভবাৰ্ত্তা-প্ৰচাৰকৰ কাৰ্য্য’ সম্পূৰ্ণ কৰিব পাৰে।—২ তীমথিয় ৪:৫.

      অগ্ৰগামী সেৱা স্কুল। পূৰ্ণ সময়ৰ ৰাজ্য প্ৰচাৰ কাৰ্য্যত এবছৰ সম্পূৰ্ণ হʼলে, নিয়মিত অগ্ৰগামীসকলে ছয় দিন ধৰি হোৱা স্কুলত ভাগ লব পাৰে। সাধাৰণতে, এই স্কুলৰ আয়োজন কাষৰ ৰাজ্য গৃহত কৰা হয়। এই স্কুলৰ মূখ্য উদ্দেশ্য হৈছে, অগ্ৰগামীসকলক ঈশ্বৰৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ, প্ৰচাৰ কাৰ্য্যত পাৰ্গত হʼবলৈ আৰু বিশ্বাসীৰূপে সেৱা কৰিবলৈ সহায় কৰা।

      ৰাজ্য প্ৰচাৰকসকলৰ স্কুল। যʼত প্ৰচাৰকৰ অতি প্ৰয়োজন, তেনে ঠাইলৈ যাবলৈ ইচ্ছা কৰা অনুভৱী অগ্ৰগামীসকলক প্ৰশিক্ষণ দিবলৈ দুমহীয়া স্কুলৰ আয়োজন কৰা হয়। মহান প্ৰচাৰক যীচু খ্ৰীষ্টক অনুকৰণ কৰাৰ দ্বাৰাই অগ্ৰগামীসকলে যেন কৈছে, “মই আছো, মোক পঠাওক”। (যিচয়া ৬:৮; যোহন ৭:২৯) নিজৰ ঠাই এৰি অন্য ঠাইলৈ যোৱাৰ বাবে, তেওঁলোকক হয়তু সৰল জীৱন-যাপন কৰিবলগীয়া হয়। সেই ঠাইৰ জলবায়ু, পৰিবেশ, পৰিস্থিতি আৰু খোৱা-বোৱা আদি সম্পূৰ্ণ বেলেগো হʼব পাৰে। কিছুমান ঠাইত অগ্ৰগামীসকলক নতুন ভাষাও শিকাৰ প্ৰয়োজন হয়। প্ৰয়োজনীয় আধ্যাত্মিক গুণবোৰ বিকশিত কৰিবলৈ অবিবাহিত ভাই-ভনী আৰু বিবাহিত দম্পতিসকল, যাৰ বয়স ২৩-ৰ পৰা ৬৫-ৰ ভিতৰত, তেওঁলোকক এই স্কুলে শিক্ষা দিয়ে। এই শিক্ষাই তেওঁলোকক যিহোৱা আৰু তেওঁৰ সংগঠনৰ নিৰ্দেশনাত অধিকৰূপে সেৱা আগবঢ়াবলৈ সহায় কৰে।

      গিলিয়াড স্কুল। ইব্ৰী ভাষাত “গিলিয়াড” শব্দৰ অৰ্থ হৈছে, “সাক্ষীসকলৰ দʼল।” ১৯৪৩ চনত এই স্কুলৰ আৰম্ভণি হৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে এই স্কুলে ৮,০০০কৈও বেছি বিদ্যাৰ্থীক, “জগতৰ সীমালৈকে” শিক্ষা দিবলৈ প্ৰশিক্ষণ দিছে। (পাঁচনিৰ কৰ্ম্ম ১৩:৪৭) যেতিয়া অগ্ৰগামীসকলে প্ৰথমবাৰৰ বাবে পেৰু দেশত প্ৰৱেশ কৰিছিল, তেতিয়া সেই দেশত কোনো মণ্ডলী নাছিল। কিন্তু এতিয়া সেই ঠাইত ১,০০০কৈও অধিক মণ্ডলী আছে। অগ্ৰগামীসকলে জাপানত প্ৰৱেশ কৰাৰ সময়ত দহজনতকৈও কম সাক্ষী আছিল। কিন্তু সেই ঠাইত বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলৰ সংখ্যা ২,০০,০০০কৈও অধিক হৈছে। পাঁচমাহ ধৰি হোৱা এই গিলিয়াড স্কুলত, বিদ্যাৰ্থীসকলক বাইবেলৰপৰা গভীৰভাৱে অধ্যয়ন কৰিবলৈ শিকোৱা হয়। বিশেষ অগ্ৰগামী, চাৰ্কিট ওভাৰচিয়াৰ আৰু শাখা কাৰ্য্যালয়ত কাম কৰা পূৰ্ণসময়ৰ সেৱকসকলক, এই স্কুলৰ বাবে নিমন্ত্ৰণ দিয়া হয়। এই উপযুক্ত শিক্ষাৰ ফলত তেওঁলোকে বিশ্বাসত দৃঢ় হয় আৰু গোটেই পৃথিৱীব্যাপী হৈ থকা প্ৰচাৰ কাৰ্য্যত সহায় আগবঢ়ায়।

      • অগ্ৰগামী সেৱা স্কুলৰ উদ্দেশ্য কি?

      • ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত কোনে অংশ গ্ৰহণ কৰিব পাৰে?

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক