প্ৰশ্ন ৩
মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম?
আপুনি কি কৰিব?
কল্পনা কৰক: বুধবাৰ সন্ধ্যা, ১৭ বছৰীয়া ডেকা ৰোহিতে নিজৰ সকলো কাম সম্পূৰ্ণ কৰি কিছু সময়ৰ বাবে বিশ্ৰাম কৰিব বিচাৰিছে। টিভিটো চলাই সি তাৰ আৰামী চকীখনত বহিছে।
সেই সময়তে, তাৰ দেউতাক উপস্থিত হয়। ৰোহিতক এইদৰে টিভি চোৱা দেখি, তেওঁ কিন্তু একেবাৰে আনন্দিত নহয়।
“ৰোহিত! টিভি চাই নিজৰ সময় কিয় অবাবত নষ্ট কৰিছা। যোৱা, তোমাৰ ভাইক হমৱৰ্ক কৰিবলৈ সহায় কৰা। তুমি কেতিয়াও মোৰ কথা নুশুনা!”
ৰোহিতে ভোৰভোৰালে, “পুনৰ একেই কথা।” দেউতাকে ৰোহিতৰ ভোৰভোৰণি শুনিবলৈ পালে।
দেউতাকে অলপ আগুৱাই আহি কʼলে, “কি কʼলা?”
ৰোহিতে হুমুনিয়াহ কাঢ়ি ইফালে-সিফালে চাই উত্তৰ দিলে, “একো নহয় দেউতা।”
এতিয়া দেউতাক খঙত জ্বলি-পকি উঠিল। দেউতাকে চিঞৰি কʼলে, “মোৰ লগত তেনেদৰে কথা নাপাতিবা।”
যদি আপুনি ৰোহিত হোৱাহেঁতেন, আপুনি কেনেকৈ এই তৰ্ক-বিতৰ্কৰপৰা হাত সাৰিব পাৰিলেহেঁতেন?
ক্ষন্তেক ৰওক আৰু চিন্তা কৰক!
মা-দেউতাৰ লগত সম্পৰ্ক ৰখা বা কথা-বতৰা হোৱা, এখন গাড়ী চলোৱাৰ লগত তুলনা কৰিব পাৰি। গাড়ী চলোৱাৰ সময়ত আপুনি বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হয়। যদি এটা ৰাস্তা বন্ধ থাকে, তেনেহʼলে অন্য এটা ৰাস্তা বিচাৰি উলিয়ায়।
উদাহৰণস্বৰূপে:
লীনা নামৰ এজনী ছোৱালীয়ে এইদৰে কয়, “দেউতাৰ লগত কথা পাতিবলৈ মোৰ বৰ অসুবিধা হয়। কেতিয়াবা কেতিয়াবা এনে হয় যে মই দেউতাক কিবা কৈ থকাৰ অলপ সময়ৰ পাছত দেউতাই মোক সোধে, ‘তুমি মোক কিবা কৈছা নেকি?’”
লীনাৰ ওচৰত অন্ততঃ তিনিটা উপায় আছে।
১. দেউতাকৰ ওপৰত চিঞৰ-বাখৰ কৰা।
লীনাই চিঞৰে, “মোৰ কথা শুনক, মোৰ কিবা কʼবলগীয়া আছে!”
২. দেউতাকৰ লগত কথা পতা বন্ধ কৰা।
লীনাই ভাবিছে যে তাই নিজৰ সমস্যাৰ বিষয়ে দেউতাকক আৰু কেতিয়াও নকʼব।
৩. উচিত সময়ৰ বাবে অপেক্ষা কৰা আৰু সমস্যাৰ বিষয়ে দেউতাকক পুনৰ জনোৱা।
লীনাই পাছত দেউতাকৰ লগত কথা পাতিব পাৰে নতুবা নিজৰ সমস্যাৰ বিষয়ে এখন চিঠিৰে জনাব পাৰে।
আপুনি লীনাক কোনটো উপায় পালন কৰিবলৈ কʼব?
বিবেচনা কৰক: দেউতাকে কিবা কাৰণত বিচলিত হৈ থকাৰ বাবে লীনাৰ সমস্যাটোলৈ ধ্যান দিব নোৱাৰিলে। এনে পৰিস্থিতিত যদি লীনাই প্ৰথম উপায়টো অৱলম্বন কৰে, তেনেহʼলে দেউতাকে লীনাৰ চিঞৰাৰ কাৰণ বুজিব নোৱাৰিব। এই উপায় অৱলম্বন কৰিলে হয়তো লীনাৰ কথা দেউতাকে নুশুনিব আৰু তেওঁক সন্মান কৰাও নহʼব। (ইফিচীয়া ৬:২) তেনেহʼলে নিশ্চয়, এই উপায়ৰ পৰা কোনেও উপকৃত নহʼব।
যদি ৰাস্তাত কিবা বাধা থাকে, তেনেহʼলে আপোনাৰ যাত্ৰা আপুনি তাতেই শেষ নকৰি অন্য এটা ৰাস্তা বিচাৰি উলিয়ায়। ঠিক সেইদৰে মা-দেউতাক নিজৰ মনৰ কথা কʼবলৈ অন্য উপায় বিচাৰক
দ্বিতীয় উপায়টো পালন কৰা একেবাৰে সহজ। কিন্তু ই বুদ্ধিমানৰ কাম নহʼব। কিয় বাৰু? যদি লীনাই সমস্যটোৰ সমাধান সফলতাৰে কৰিব বিচাৰে, তেনেহʼলে তাই দেউতাকৰ লগত কথা পাতিবই লাগিব। যদি দেউতাকে তাইক সহায় কৰিব বিচাৰে, তেনেহʼলে লীনাৰ জীৱনত কি হৈ আছে তাৰ বিষয়ে তেওঁ জনাৰ প্ৰয়োজন আছে। গতিকে কথা নপতাকৈ থাকিলে কাৰো লাভ নহʼব।
যদি এটা ৰাস্তা বন্ধ থাকে, তেনেহʼলে অন্য এটা ৰাস্তা বিচাৰি উলিওৱা হয়। ঠিক সেইদৰে তৃতীয় উপায়টো পালন কৰি লীনাই আন এক সময়ত কথা পতাৰ বাবে চেষ্টা কৰিব। যদি তাই নিজৰ সমস্যাৰ বিষয়ে দেউতাকক এখন চিঠিৰে বিতংভাৱে লিখিব বিচাৰিছে, তেনেহʼলে নিশ্চয় তাইক ভাল লাগিব।
আচলতে এখন চিঠিৰ দ্বাৰা, তাই কি কʼব বিচাৰিছে তাক সুন্দৰভাৱে বৰ্ণনা কৰিব পাৰিব। চিঠিখন পঢ়াৰ পাছত দেউতাকে লীনাই কʼব বিচৰা সমস্যাটোৰ বিষয়ে জানিব পাৰিব। তৃতীয় উপায়টো লীনা আৰু তাইৰ দেউতা দুয়োজনৰ বাবে ভাল হʼব। একেলগে কথা পতা বা এখন চিঠিৰে বিতংভাৱে বৰ্ণনা কৰাৰ দ্বাৰা তাই পবিত্ৰ শাস্ত্ৰৰ এই উপদেশ পালন কৰিছে: “এতেকে শান্তিজনক, আৰু পৰস্পৰ উন্নতিসাধক যি যি আছে, সেইবোৰেই যত্ন কৰোঁহঁক।”—ৰোমীয়া ১৪:১৯.
লীনাৰ ওচৰত আৰু কি উপায় আছে?
যদি আপোনাৰ ওচৰত এটা উপায় আছে, তেনেহʼলে এই উপায়টো পালন কৰিলে কি পৰিণাম হʼব।
ভুল বুজা-বুজি হʼব পৰা কথা নকʼব
মনত ৰাখিব যে আপুনি কোৱা কথা আৰু আপোনাৰ মা-দেউতাই ভবা কথাখিনি সকলো সময়তে একে নহয়।
উদাহৰণস্বৰূপে:
মা-দেউতাই আপোনাক সোধে, তোমাৰ মন বেয়া নেকি। আপুনি উত্তৰ দিয়ে, “মই এই বিষয়ে কথা পাতিব নিবিচাৰোঁ।”
কিন্তু আপোনাৰ কথাৰপৰা মা-দেউতাই ভাবিব পাৰে যে আপুনি এইদৰে কৈছে: “মোৰ আপোনালোকৰ ওপৰত অলপো বিশ্বাস নাই। মই মোৰ সমস্যাৰ বিষয়ে মোৰ বন্ধুসকলক কম, কিন্তু আপোনাক কেতিয়াও নকওঁ।”
কল্পনা কৰক যে আপুনি এটা ডাঙৰ সমস্যাত পৰিছে আৰু আপোনাৰ মা-দেউতাই আপোনাক সহায় কৰিব বিচাৰিছে। কিন্তু আপুনি তেওঁলোকক কৈছে, “চিন্তা নকৰিব। ইয়াক কেনেকৈ সমাধান কৰিব লাগে, মই ভালদৰে জানোঁ।”
আপুনি কোৱা কথাখিনিৰপৰা মা-দেউতাই কি ভাবিব পাৰে?
আপুনি হয়তো কি কোৱা উচিত হʼব?