পাঠ ১০৩
“তোমাৰ ৰাজ্য আহক”
যিহোৱাই প্ৰতিজ্ঞা কৰিছে, ‘এনে সময় আহি আছে, যেতিয়া শোক বা ক্ৰন্দন, বেদনা, বেমাৰ আৰু মৃত্যু নাথাকিব। মই সকলোৰে চকুপানী মচি দিম। আগতে যিবোৰ বেয়া ঘটনা ঘটিছিল, সেইবোৰ মনত নপৰিব।’
শান্তি আৰু আনন্দেৰে জীয়াই থাকিবলৈ আদম আৰু হৱাক যিহোৱাই এদন বাগিচাত ৰাখিছিল। তেওঁলোকে স্বৰ্গত থকা নিজৰ পিতৃৰ উপাসনা কৰিব লাগিছিল আৰু সন্তান জন্ম দিব লাগিছিল যাতে গোটেই পৃথিৱীত লোকসকলেৰে ভৰি পৰে। কিন্তু আদম আৰু হৱাই যিহোৱাৰ কথা নুশুনিলে, তথাপিও যিহোৱাৰ উদ্দেশ্য সলনি নহʼল। এই কিতাপত আমি পঢ়িলোঁ যে যিহোৱাই যিয়ে প্ৰতিজ্ঞা কৰে, সেয়া নিশ্চয় পূৰ হয়। তেওঁ যিদৰে অব্ৰাহামক প্ৰতিজ্ঞা কৰিছিল, তেওঁৰ ৰাজ্যৰ যোগেদি পৃথিৱীৰ লোকসকলে বহুতো আশীৰ্বাদ লাভ কৰিব।
অতি সোনকালে চয়তান, তাৰ দুষ্ট স্বৰ্গদূত আৰু বেয়া লোকসকলক একেবাৰে শেষ কৰি দিয়া হʼব। তেতিয়া গোটেই পৃথিৱীত লোকসকলে কেৱল যিহোৱাৰ উপাসনা কৰিব। সেই সময়ত আমাৰ বেমাৰ নহʼব আৰু কাৰো মৃত্যুও নহʼব। প্ৰতিদিনে যেতিয়া আমি ৰাতিপুৱা উঠিম, আমাক ভাগৰ নালাগিব, আমি সতেজ অনুভৱ কৰিম আৰু এক ভাল জীৱন পোৱাৰ বাবে আনন্দিত হʼম। গোটেই পৃথিৱী এক সুন্দৰ বাগিচা অৰ্থাৎ প্ৰমোদবনৰ দৰে হৈ পৰিব। সকলোৰে ওচৰত ভাল আহাৰ আৰু থাকিবলৈ ঘৰ হʼব। তেতিয়া কেৱল ভাল লোকসকল থাকিব। কোনেও কাকো নামাৰিব আৰু জীৱ-জন্তুৱে আমাক ভয় নকৰিব আৰু আমি সেইবোৰক ভয় নকৰিম।
যেতিয়া যিহোৱাই মৃত লোকসকলক আকৌ জীয়াই তুলিব, তেতিয়া সেই সময় কিমান যে আনন্দময় হʼব। আমি আগৰ সময়ৰ লোকসকলক আদৰণি জনাম। যেনে: হেবল, নোহ, অব্ৰাহাম, চাৰা, মোচি, ৰূথ, ইষ্টেৰ আৰু দায়ূদ। তেওঁলোক সকলোৱে আমাৰ লগত একেলগে মিলি এই পৃথিৱীখনক প্ৰমোদবন কৰি তুলিব। আমাৰ ওচৰত কৰিবলৈ সদায় আনন্দৰ কাম থাকিব।
আপুনি প্ৰমোদবনত থকাটো যিহোৱাই বিচাৰে। আপুনি তাত যিহোৱাৰ বিষয়ে এনে বহুতো কথা শিকিবলৈ পাব, যাৰ বিষয়ে আপুনি চিন্তাই কৰা নাই। সেইবাবে, আহক! আমি প্ৰতিদিনে যিহোৱাৰ আৰু কাষ চাপোঁ। এইদৰে আমি আজি আৰু আগলৈয়ো কৰি থাকিম!
“হে যিহোৱা আমাৰ ঈশ্বৰ, তুমি মহিমা, আদৰ আৰু শক্তি পোৱাৰ যোগ্য, কিয়নো তুমিয়েই সকলো বস্তু সৃষ্টি কৰিলা।”—প্ৰকাশিত বাক্য ৪:১১