-
ঈশ্বৰৰ ৰাজ্য কি হয়?দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
-
-
পাঠ ৩১
ঈশ্বৰৰ ৰাজ্য কি হয়?
বাইবেলৰ মুখ্য বিষয় হৈছে ঈশ্বৰৰ ৰাজ্য। আৰম্ভণিতে বিচৰাৰ দৰে ঈশ্বৰে এই ৰাজ্যৰ যোগেদি পৃথিৱীখনক এক সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰিব। কিন্তু ঈশ্বৰৰ ৰাজ্য কি হয়? ঈশ্বৰৰ ৰাজ্যই এতিয়া শাসন কৰিছে বুলি আমি কিয় কʼব পাৰোঁ? ঈশ্বৰৰ ৰাজ্যই এতিয়ালৈকে কি কৰিলে আৰু ভৱিষ্যতে কি কৰিব? এই প্ৰশ্নবোৰৰ উত্তৰ এই পাঠত আৰু পৰৱৰ্তী দুটা পাঠত দিয়া হʼব।
১. ঈশ্বৰৰ ৰাজ্য কি হয় আৰু এই ৰাজ্যৰ ৰজা কোন?
যিহোৱা ঈশ্বৰে স্বৰ্গত এখন চৰকাৰ গঠন কৰিছে আৰু ইয়াক ঈশ্বৰৰ ৰাজ্য বুলি কোৱা হয়। যিহোৱা ঈশ্বৰে যীচুক এই ৰাজ্যৰ ৰজা হিচাপে নিযুক্ত কৰিছে। (মথি ৪:১৭; যোহন ১৮:৩৬) বাইবেলত যীচুৰ বিষয়ে এইদৰে কোৱা হৈছে, ‘তেওঁ পিতৃ দায়ুদৰ সিংহাসনত সৰ্ব্বদায় ৰাজত্ব কৰিব।’ (লূক ১:৩২, ৩৩) এজন ৰজা হিচাপে যীচুৱে স্বৰ্গৰপৰা পৃথিৱীত শাসন কৰিব।
২. যীচুৰ লগত কোনে শাসন কৰিব?
যীচুৱে অকলে শাসন নকৰিব। তেওঁৰ লগত ‘সকলো ফৈদ, ভাষা, ৰাজ্য, আৰু জাতিবিলাকে ৰজা আৰু পুৰোহিত হিচাপে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব।’ (প্ৰকাশিত বাক্য ৫:৯, ১০) যীচুৱে পৃথিৱীলৈ অহাৰ সময়ৰপৰা এতিয়ালৈকে লাখ লাখ লোক তেওঁৰ শিষ্য হৈছে। কিন্তু সকলোৱে তেওঁৰ লগত স্বৰ্গৰপৰা শাসন কৰিব নে? নকৰে। কেৱল ১,৪৪,০০০ জন লোকেহে তেওঁৰ লগত শাসন কৰিব। (প্ৰকাশিত বাক্য ১৪:১-৪ পঢ়ক।) বাকী সকলো শিষ্যই এই পৃথিৱীত তেওঁৰ ৰাজ্যৰ প্ৰজা হিচাপে জীয়াই থাকিব।—গীতমালা ৩৭:২৯.
৩. মানুহৰ চৰকাৰতকৈ ঈশ্বৰৰ চৰকাৰ কিয় ভাল?
এজন শাসকে হয়তো লোকসকলৰ ভালৰ বাবে বহুতো কাম কৰিব বিচাৰে। কিন্তু সকলো কাম কৰিবলৈ তেওঁৰ ওচৰত শক্তি নাথাকে। ইয়াৰ উপৰিও, তেওঁ সদায় শাসন কৰিব নোৱাৰে। কিয়নো তেওঁৰ ঠাইত কিছু বছৰৰ পাছত আন এজন শাসক আহে আৰু তেওঁ হয়তো লোকসকলৰ ভালৰ বাবে চিন্তা নকৰে। কিন্তু যীচুৱে সদায় শাসন কৰিব আৰু ঈশ্বৰে “এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব।” (দানিয়েল ২:৪৪) যীচুৱে গোটেই পৃথিৱীত শাসন কৰিব আৰু কাৰো লগত পক্ষপাত নকৰিব। তেওঁ এজন মৰমিয়াল, দয়ালু আৰু ন্যায়ী ৰজা হয়। তেওঁ এজনে-আনজনক প্ৰেম কৰিবলৈ, দয়া দেখুৱাবলৈ আৰু ন্যায়েৰে ব্যৱহাৰ কৰিবলৈ নিজৰ প্ৰজাসকলক শিক্ষা দিব।—যিচয়া ১১:৯ পঢ়ক।
গভীৰভাৱে ধ্যান কৰক
মানুহৰ চৰকাৰতকৈ ঈশ্বৰৰ চৰকাৰ কিয় ভাল? আহক এই বিষয়ে আলোচনা কৰোঁ।
৪. ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিৱীত শাসন কৰিব
যীচুৰ ওচৰত যিমান অধিকাৰ আৰু শক্তি আছে, সিমান আন কোনো শাসকৰ ওচৰত নাই। মথি ২৮:১৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
যীচুৰ ওচৰত আন শাসকতকৈ বেছি অধিকাৰ আছে বুলি আমি কিয় কʼব পাৰোঁ?
মানুহৰ চৰকাৰ সলনি হৈয়ে থাকে। ইয়াৰ উপৰিও, প্ৰতিটো চৰকাৰে পৃথিৱীৰ কোনো এক এলেকা বা দেশত শাসন কৰে। কিন্তু মন কৰক, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কি কোৱা হৈছে? দানিয়েল ৭:১৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
ঈশ্বৰৰ ৰাজ্য কেতিয়াও শেষ নহʼব, আপুনি কি ভাবে ইয়াৰপৰা আমাৰ কি লাভ হʼব?
আপুনি কি ভাবে, যেতিয়া ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিৱীত শাসন কৰিব, তেতিয়া আমাৰ কি লাভ হʼব?
৫. মানুহৰ চৰকাৰে আমাৰ সমস্যাবোৰ সমাধান কৰিব নোৱাৰে
মানুহৰ চৰকাৰৰ সলনি আমাক ঈশ্বৰৰ ৰাজ্যৰ কিয় প্ৰয়োজন? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
মানুহে শাসন কৰাৰ বাবে কি পৰিণাম হৈছে?
উপদেশক ৮:৯ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
আপুনি কি ভাবে, মানুহৰ চৰকাৰৰ সলনি আমাক ঈশ্বৰৰ ৰাজ্যৰ প্ৰয়োজন আছেনে? আপুনি এইদৰে কিয় ভাবে?
৬. ঈশ্বৰৰ ৰাজ্যৰ ৰজাই আমাক ভালদৰে বুজি পায়
ঈশ্বৰৰ ৰাজ্যৰ ৰজা যীচুৱে মানুহ হিচাপে এই পৃথিৱীত জীয়াই আছিল। সেইবাবে, তেওঁ আমাক ভালদৰে বুজি পায় আৰু ‘আমাৰ দুখত দুঃখিত হʼব পাৰে।’ (ইব্ৰী ৪:১৫) যিহোৱাই যীচুৰ লগত শাসন কৰিবলৈ পৃথিৱীৰপৰা ১,৪৪,০০০ জন লোকক নিযুক্ত কৰিছে। এই বিশ্বাসী পুৰুষ আৰু তিৰোতাসকলক “সকলো ফৈদ, ভাষা, ৰাজ্য, আৰু জাতিবিলাকৰ” মাজৰপৰা লোৱা হৈছে।—প্ৰকাশিত বাক্য ৫:৯.
যীচু আৰু তেওঁৰ লগত শাসন কৰিবলগীয়া শাসকসকলে আমাক আৰু আমাৰ সমস্যাবোৰ ভালদৰে বুজি পায়। এই বিষয়ে জানি আপুনি কিয় শান্ত্বনা লাভ কৰে?
যিহোৱাই যীচুৰ লগত শাসন কৰিবলৈ বেলেগ বেলেগ জাতি, ভাষা আৰু দেশৰপৰা পুৰুষ আৰু তিৰোতাসকলক বাছনি কৰিছে
৭. মানুহৰ চৰকাৰৰ তুলনাত ঈশ্বৰৰ চৰকাৰৰ নিয়মবোৰ উত্তম
সাধাৰণতে চৰকাৰে নিজৰ নাগৰিকৰ সুৰক্ষা আৰু লাভৰ বাবে কিছুমান নিয়ম বনায়। ঠিক সেইদৰে, ঈশ্বৰৰ ৰাজ্য বা চৰকাৰেও নিজৰ নাগৰিকৰ বাবে কিছুমান নিয়ম বনাইছে। ১ কৰিন্থীয়া ৬:৯-১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
যদি ঈশ্বৰে দিয়া নিয়মবোৰ সকলোৱে পালন কৰে, তেনেহʼলে পৃথিৱীৰ পৰিস্থিতি কেনেকুৱা হʼব?a
নাগৰিকসকলে যিহোৱাৰ নিয়মবোৰ পালন কৰাটো তেওঁ আশা কৰে। যিহোৱাই এইদৰে আশা কৰাটো উচিত বুলি আপুনি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?
যিহোৱাৰ নিয়ম পালন নকৰা লোকসকলেও সলনি হʼব পাৰে বুলি কি কথাৰপৰা জানিব পাৰি?—পদ ১১ চাওক।
সাধাৰণতে চৰকাৰে নিজৰ নাগৰিকৰ সুৰক্ষা আৰু ভালৰ বাবে নিয়ম বনায়। ঈশ্বৰৰ চৰকাৰেও নিজৰ নাগৰিকৰ সুৰক্ষা আৰু ভালৰ বাবে নিয়ম বনাইছে। কিন্তু এই নিয়ম মানুহৰ নিয়মৰ তুলনাত উত্তম
কোনোবাই সুধিব পাৰে: “ঈশ্বৰৰ ৰাজ্য কি হয়?”
আপুনি কি উত্তৰ দিব?
আমি কি শিকিলোঁ
ঈশ্বৰৰ ৰাজ্য এখন চৰকাৰ হয় আৰু এই চৰকাৰে স্বৰ্গৰপৰা গোটেই পৃথিৱীত শাসন কৰিব।
আপুনি কেনেকৈ উত্তৰ দিব?
ঈশ্বৰৰ ৰাজ্যৰ ৰজা কোন?
মানুহৰ চৰকাৰতকৈ ঈশ্বৰৰ চৰকাৰ কিয় ভাল?
যিহোৱাই নিজৰ ৰাজ্যৰ প্ৰজাসকলৰপৰা কি আশা কৰে?
বেছিকৈ জানক
ঈশ্বৰৰ ৰাজ্য কʼত আছে, মন কৰক যে এই বিষয়ে যীচুৱে কি কৈছিল।
যিহোৱাৰ সাক্ষীসকলে কিয় মানুহৰ চৰকাৰতকৈ বেছি ঈশ্বৰৰ ৰাজ্যৰ বিশ্বাসী হৈ থাকে?
যিহোৱাই যীচুৰ লগত শাসন কৰিবলৈ নিযুক্ত কৰা ১,৪৪,০০০ জন লোকৰ বিষয়ে বাইবেলত কি কোৱা হৈছে, আহক চাওঁ।
জেলত থকা এগৰাকী তিৰোতাৰ কি কথাৰপৰা সম্পূৰ্ণ বিশ্বাস হʼল যে কেৱল ঈশ্বৰেই জগতৰপৰা অন্যায় নাইকিয়া কৰিব পাৰে।
-
-
ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল!দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
-
-
পাঠ ৩২
ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল!
১৯১৪ চনৰপৰা ঈশ্বৰৰ ৰাজ্য স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে। সেইসময়ৰপৰা মানুহৰ শাসনৰ শেষ-কাল আৰম্ভ হʼল। এয়া আমি কিয় কʼব পাৰোঁ? ইয়াৰ উত্তৰ জানিবলৈ আহক আমি বাইবেলৰ ভৱিষ্যতবাণী আৰু ১৯১৪ চনৰপৰা পৃথিৱীৰ পৰিস্থিতি আৰু মানুহৰ মনোবৃত্তি বা স্বভাৱ-চৰিত্ৰৰ ওপৰত ধ্যান দিওঁ।
১. বাইবেলত কি ভৱিষ্যতবাণী কৰা হৈছিল?
বাইবেলত দানিয়েল নামৰ কিতাপত ভৱিষ্যতবাণী কৰা হৈছিল যে “সাত কাল” শেষ হোৱাৰ পাছত ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼব। (দানিয়েল ৪:১৬, ১৭) বহুবছৰৰ পাছত যীচুৱে এই সময়ছোৱাক “পৰজাতি মানুহৰ কাল” বুলি কৈছিল। এই সময়ছোৱা যীচুৰ সময়তো চলি আছিল বুলি তেওঁ শিকাইছিল। (লূক ২১:২৪) কিন্তু এই সাত কাল ১৯১৪ চনত শেষ হʼল। এই বিষয়ে আমি আগলৈ বেছিকৈ শিকিম।
২. ১৯১৪ চনৰপৰা পৃথিৱীৰ পৰিস্থিতি আৰু লোকসকলৰ স্বভাৱ-চৰিত্ৰৰ ওপৰত কি পৰিৱৰ্তন হৈছে?
যীচুৰ শিষ্যসকলে তেওঁক সুধিছিল যে “আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি?” (মথি ২৪:৩) তেতিয়া যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে তেওঁ স্বৰ্গত ঈশ্বৰৰ ৰাজ্যৰ ৰজা হোৱাৰ পাছত পৃথিৱীত কি কি ঘটনা ঘটিব। যেনে, যুদ্ধ, আকাল আৰু ভূমিকম্প হʼব বুলি তেওঁ কৈছিল। (মথি ২৪:৭ পঢ়ক।) বাইবেলত এয়াও ভৱিষ্যতবাণী কৰা হৈছিল যে “শেষ-কালত” এনে লোকসকলক দেখিবলৈ পোৱা যাব, যিসকলৰ বাবে জীয়াই থকাটো কঠিন হৈ পৰিব। (২ তীমথিয় ৩:১-৫) ১৯১৪ চনৰপৰা স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে যে পৃথিৱীৰ পৰিস্থিতি আৰু লোকসকলৰ স্বভাৱ-চৰিত্ৰ পৰিৱৰ্তন হৈছে।
৩. স্বৰ্গত ঈশ্বৰৰ ৰাজ্য আৰম্ভ হোৱাৰেপৰা পৃথিৱীৰ পৰিস্থিতি কিয় ইমান বেয়ালৈ ঢাল খাইছে?
ৰজা হোৱাৰ পাছত যীচুৱে স্বৰ্গত চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ লগত যুদ্ধ কৰিছিল। এই যুদ্ধত চয়তান পৰাজিত হৈছিল। বাইবেলত লিখা আছে যে চয়তানক পৃথিৱীলৈ “পেলোৱা হল; আৰু তাৰ দূতবিলাককো তাৰ লগতে পেলোৱা হল।” (প্ৰকাশিত বাক্য ১২:৯, ১০, ১২) চয়তান বহুত খঙত আছে, কিয়নো চয়তানে জানে যে তাক ধ্বংস কৰা হʼব। সেইবাবে, সি গোটেই পৃথিৱীত হুলস্থুল কৰিছে আৰু লোকসকলক কষ্ট দিছে। চয়তানৰ কাৰণে পৃথিৱীৰ পৰিস্থিতি একেবাৰে বেয়ালৈ ঢাল খাইছে। কিন্তু অতি সোনকালে ঈশ্বৰে নিজৰ ৰাজ্যৰ যোগেদি এই সকলো সমস্যা দূৰ কৰিব।
গভীৰভাৱে ধ্যান কৰক
১৯১৪ চনৰপৰা ঈশ্বৰৰ ৰাজ্য স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে বুলি আমি কিয় কʼব পাৰোঁ? এয়া জানি আমি কি কৰা উচিত? আহক এই বিষয়ে আলোচনা কৰোঁ।
৪. বাইবেলৰ ভৱিষ্যতবাণীৰ অনুসৰি ১৯১৪ চনত ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল
প্ৰাচীন সময়ত বাবিলৰ ৰজা নবূখদনেচৰক ঈশ্বৰে ভৱিষ্যতৰ বিষয়ে এটা সপোন দেখুৱাইছিল। দানিয়েলে সেই সপোন আৰু তাৰ অৰ্থ নবূখদনেচৰক জনালে। ইয়াৰপৰা বুজিব পাৰি যে এই সপোনৰ কথা দুবাৰ পূৰ হʼবলগীয়া আছিল, এবাৰ নবূখদনেচৰৰ শাসনৰ ওপৰত আৰু দ্বিতীয়বাৰ ঈশ্বৰৰ ৰাজ্যৰ ওপৰত।—দানিয়েল ৪:১৭ পঢ়ক।a
দানিয়েল ৪:২০-২৬ পঢ়ক, তাৰ পাছত তালিকাখন চাই নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
(ক) নবূখদনেচৰে সপোনত কি দেখিছিল?—পদ ২০ আৰু ২১ চাওক।
(খ) সপোনত দেখুৱা গছজোপাৰ কি হʼল?—পদ ২৩ চাওক।
(গ) “সাত কাল” পাৰ হোৱাৰ পাছত কি হʼলহেঁতেন?—পদ ২৬ চাওক।
গছৰ বিষয়ে দেখা সপোনটো ঈশ্বৰৰ ৰাজ্যৰ লগত কেনেকৈ জড়িত আছে?
ভৱিষ্যতবাণী (দানিয়েল ৪:২০-৩৬)
শাসন
(ক) এজোপা ডাঙৰ গছ
শাসন ৰখি গʼল
(খ) “গছজোপা কাটি পেলাই নষ্ট কৰা” আৰু “সাত কাল” যাবলৈ দিয়া
শাসন পুনৰ আৰম্ভ হʼল
(গ) “আপোনাৰ হাতত আপোনাৰ ৰাজ্য থিৰ হব”
প্ৰথমবাৰ এই ভৱিষ্যতবাণী কেতিয়া আৰু কেনেকৈ পূৰ হৈছিল?
(ঘ) গছজোপাই কিহক চিত্ৰিত কৰিছিল?—পদ ২২ চাওক।
(ঙ) তেওঁৰ শাসন কিয় ৰখি গʼল?—দানিয়েল ৪:২৯-৩৩ পঢ়ক।
(চ) “সাত কাল” শেষ হোৱাৰ পাছত নবূখদনেচৰৰ কি হʼল?—দানিয়েল ৪:৩৪-৩৬ পঢ়ক।
প্ৰথমবাৰ কেতিয়া আৰু কেনেকৈ পূৰ হৈছিল?
শাসন
(ঘ) বাবিলৰ ৰজা নবূখদনেচৰ
শাসন ৰখি গʼল
(ঙ) খ্ৰীষ্টপূৰ্ব ৬০৬-ৰ পাছত নবূখদনেচৰ পগলা হৈ গৈছিল আৰু তেওঁ সাত বছৰলৈকে শাসন কৰিব নোৱাৰিলে
শাসন পুনৰ আৰম্ভ হʼল
(চ) নবূখদনেচৰ ভাল হৈ যায় আৰু পুনৰ শাসন কৰিবলৈ আৰম্ভ কৰে
দ্বিতীয়বাৰ এই ভৱিষ্যতবাণী কেতিয়া আৰু কেনেকৈ পূৰ হৈছিল?
(ছ) গছজোপাই কিহক চিত্ৰিত কৰিছিল?—১ বংশাৱলি ২৯:২৩ পঢ়ক।
(জ) তেওঁৰ শাসন কিয় ৰখি গৈছিল? যীচুৱে পৃথিৱীত থকাৰ সময়তো এই শাসন ৰখি আছিল বুলি আমি কিয় কʼব পাৰোঁ?—লূক ২১:২৪ পঢ়ক।
(ঝ) এই শাসন কʼত আৰু কেতিয়া পুনৰ আৰম্ভ হʼল?
দ্বিতীয়বাৰ কেতিয়া আৰু কেনেকৈ পূৰ হৈছিল?
শাসন
(ছ) ঈশ্বৰৰ ফালৰপৰা শাসন কৰা ইস্ৰায়েলী ৰজা
শাসন ৰখি গʼল
(জ) যিৰূচালেম ধ্বংস হʼল আৰু ইস্ৰায়েলী ৰজাবিলাকৰ শাসন ২,৫২০ বছৰৰ বাবে ৰখি গৈছিল
শাসন পুনৰ আৰম্ভ হʼল
(ঝ) যীচুৱে স্বৰ্গত ঈশ্বৰৰ ৰাজ্যৰ ৰজা হয় আৰু শাসন কৰিবলৈ ধৰে
সাত কাল কিমান দীঘলীয়া?
বাইবেলৰ কিছুমান পদ বুজিবলৈ আন পদবোৰে আমাক সহায় কৰে। যেনে, প্ৰকাশিত বাক্য কিতাপত কোৱা হৈছে যে চাৰে তিনি কাল ১,২৬০ দিনৰ সমান হয়। (প্ৰকাশিত বাক্য ১২:৬, ১৪) গতিকে, চাৰে তিনি বছৰৰ দুগুণ সাত কাল অৰ্থাৎ ২,৫২০ দিন। বাইবেলত কিছুমান ভৱিষ্যতবাণী এদিনক এবছৰৰ সমান বুলি কৈছে। (যিহিষ্কেল ৪:৬) সেইবাবে, দানিয়েল কিতাপত কোৱা সাত কালটো ২,৫২০ বছৰ দীঘলীয়া হয়।
৫. পৃথিৱীৰ পৰিস্থিতি ১৯১৪ চনৰপৰা সলনি হʼল
যীচুৱে ৰজা হোৱাৰ পাছত এই পৃথিৱীৰ পৰিস্থিতি কেনেকুৱা হʼব, তাৰ বিষয়ে তেওঁ আগতেই কৈছিল। লূক ২১:৯-১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
এই পদবোৰত কোৱা কোনটো পৰিস্থিতি আপুনি দেখিবলৈ বা শুনিবলৈ পাইছে?
পাঁচনি পৌলে কৈছিল যে মানুহৰ শাসনৰ শেষ-কালত কেনেধৰণৰ লোকসকলক দেখিবলৈ পোৱা যাব। ২ তীমথিয় ৩:১-৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
এই পদবোৰত কোৱা কোনবোৰ বেয়া গুণ আপুনি মানুহৰ মাজত দেখিবলৈ পাইছে?
৬. ঈশ্বৰৰ ৰাজ্যই শাসন কৰিছে বুলি আপুনি কেনেকৈ দেখুৱাব পাৰে?
মথি ২৪:৩, ১৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
ঈশ্বৰৰ ৰাজ্যই শাসন কৰিছে বুলি কোনটো গুৰুত্বপূৰ্ণ কামে প্ৰকাশ কৰিছে?
এই কামক আপুনি কেনেকৈ সমৰ্থন কৰিব পাৰে?
ঈশ্বৰৰ ৰাজ্যই স্বৰ্গত শাসন কৰিছে আৰু অতি সোনকালে গোটেই পৃথিৱীতো শাসন কৰিব। ইব্ৰী ১০:২৪, ২৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
আমি দিন যিমান ওচৰ হোৱা দেখোঁ, সিমানেই কি কৰা উচিত?
আপুনি এনে এটা কথা জানিলে, যিয়ে আনক সহায় কৰিব পাৰে আৰু আনৰ জীৱন বচাব পাৰে, তেনেহʼলে আপুনি কি কৰিব?
কোনোবাই সুধিব পাৰে: “যিহোৱাৰ সাক্ষীসকলে ১৯১৪ চনৰ বিষয়ে কিয় ইমান কথা পাতি থাকে?”
আপুনি কি উত্তৰ দিব?
আমি কি শিকিলোঁ
বাইবেলৰ ভৱিষ্যতবাণী আৰু পৃথিৱীৰ পৰিস্থিতিৰপৰা বুজিব পাৰি যে ঈশ্বৰৰ ৰাজ্যই স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে। আমিও এই কথাৰ ওপৰত বিশ্বাস কৰোঁ, সেইবাবে আমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰোঁ আৰু মণ্ডলীৰ সভাবোৰত উপস্থিত হওঁ।
আপুনি কেনেকৈ উত্তৰ দিব
দানিয়েলৰ ভৱিষ্যতবাণীৰ সাত কাল পাৰ হোৱাৰ পাছত কি হʼল?
ঈশ্বৰৰ ৰাজ্য ১৯১৪ চনত আৰম্ভ হʼল বুলি আপুনি কিয় বিশ্বাস কৰে?
যদি আপুনি ঈশ্বৰৰ ৰাজ্যই শাসন কৰিছে বুলি বিশ্বাস কৰে, তেনেহʼলে আপুনি কি কৰিব বিচাৰে?
বেছিকৈ জানক
১৯১৪ চনৰপৰা পৃথিৱীৰ পৰিস্থিতি কেনেকৈ সলনি হৈছে, ইয়াৰ বিষয়ে বুৰঞ্জীবিদ আৰু আন লোকসকলে কি কয়, আহক চাওঁ।
“নৈতিক মানদণ্ড বেয়ালৈ ঢাল খাবলৈ কেতিয়াৰপৰা আৰম্ভ হʼল?”(সচেতন থাকক!-হিন্দী, জুলাই-চেপ্টেম্বৰ, ২০০৭)
মথি ২৪:১৪ পদৰ ভৱিষ্যতবাণীয়ে এজন ব্যক্তিৰ ওপৰত কেনে প্ৰভাৱ পেলালে, আহক তেওঁৰ জীৱন কাহিনী পঢ়োঁ।
“মই বেচবল খেলি বহুত ভাল পাইছিলোঁ!” (প্ৰহৰীদুৰ্গ-হিন্দী, নং ৩, ২০১৭)
দানিয়েল ৪ অধ্যায়ৰ ভৱিষ্যতবাণী ঈশ্বৰৰ ৰাজ্যৰ বাবে কৰা হৈছিল বুলি আমি কেনেকৈ জানিব পাৰোঁ?
দানিয়েল ৪ অধ্যায়ত উল্লেখ কৰা “সাত কাল” ১৯১৪ চনত শেষ হʼল বুলি আমি কেনেকৈ জানিব পাৰোঁ?
a এই পাঠৰ বেছিকৈ জানক ভাগত দিয়া শেষৰ দুটা লেখ পঢ়ক।
-
-
ঈশ্বৰৰ ৰাজ্যই কি কৰিব?দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
-
-
পাঠ ৩৩
ঈশ্বৰৰ ৰাজ্যই কি কৰিব?
ঈশ্বৰৰ ৰাজ্যই স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে আৰু অতি সোনকালে এই পৃথিৱীতো শাসন কৰিব। এই ৰাজ্যই পৃথিৱীৰ বেয়া পৰিস্থিতি ভাল কৰিব আৰু ইয়াত লোকসকলে বহুতো আশীৰ্বাদ লাভ কৰিব। এই ৰাজ্যই আৰু কি কি কৰিব, আহক এই বিষয়ে আলোচনা কৰোঁ।
১. ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত শান্তি আৰু ন্যায় কেনেকৈ স্থাপন কৰিব?
ঈশ্বৰৰ ৰাজ্যৰ ৰজা যীচুৱে হৰমাগিদোনৰ যুদ্ধত দুষ্ট লোক আৰু মানুহৰ চৰকাৰক শেষ কৰিব। (প্ৰকাশিত বাক্য ১৬:১৪, ১৬) সেইসময়ত বাইবেলৰ এই প্ৰতিজ্ঞা পূৰ হʼব, “অলপতে দুষ্ট লোক নাইকিয়া হব।” (গীতমালা ৩৭:১০) এইদৰে যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ যোগেদি গোটেই পৃথিৱীত শান্তি আৰু ন্যায় স্থাপন কৰিব।—যিচয়া ১১:৪ পঢ়ক।
২. ঈশ্বৰৰ ৰাজ্যই পৃথিৱীত শাসন কৰাৰ সময়ত আমাৰ জীৱন কেনেকুৱা হʼব?
ঈশ্বৰৰ ৰাজ্যত “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।” (গীতমালা ৩৭:২৯) কল্পনা কৰক, গোটেই পৃথিৱীত কেৱল ভাল লোকসকল থাকিব। তেওঁলোকে যিহোৱা আৰু এজনে-আনজনক প্ৰেম কৰিব। কোনেও বেমাৰ নহʼব আৰু সকলোৱে সদায় দিনৰ বাবে জীয়াই থাকিব। সেইসময়ৰ পৰিস্থিতি কিমান যে ভাল হʼব!
৩. দুষ্ট লোকসকলক শেষ কৰাৰ পাছত ঈশ্বৰৰ ৰাজ্যই কি কৰিব?
দুষ্ট লোকসকলক শেষ কৰাৰ পাছত যীচুৱে ১,০০০ বছৰলৈকে শাসন কৰিব। সেইসময়ছোৱাত যীচু আৰু তেওঁৰ লগত শাসন কৰা ১,৪৪,০০০ জন লোকে মানুহক সিদ্ধ হʼবলৈ সহায় কৰিব। হাজাৰ বছৰৰ শেষলৈকে এই পৃথিৱীখন সুন্দৰ বাগিচালৈ পৰিৱৰ্তন হʼব। তাত সকলোৱে একেলগে মিলি আনন্দত থাকিব, কিয়নো তেওঁলোকে যিহোৱাৰ আজ্ঞা মানি চলিব। তাৰ পাছত যীচুৱে নিজৰ পিতৃ যিহোৱাক শাসনভাৰ গতাই দিব। সেইসময়ত যিহোৱাৰ নাম পবিত্ৰ কৰা হʼব আৰু এইদৰে আগতে কেতিয়াও হোৱা নাই। (মথি ৬:৯, ১০) ঈশ্বৰৰ ৰাজ্যই প্ৰমাণ কৰিব যে যিহোৱা এজন ভাল ৰজা হয় আৰু তেওঁ নিজৰ লোকসকলৰ যত্ন লয়। তাৰ পাছত যিহোৱাই চয়তান, দুষ্ট স্বৰ্গদূত আৰু তেওঁৰ শাসনক অস্বীকাৰ কৰা লোকসকলক ধ্বংস কৰিব। (প্ৰকাশিত বাক্য ২০:৭-১০) ঈশ্বৰৰ ৰাজ্যত পোৱা আশীৰ্বাদবোৰ সদায় দিনৰ বাবে থাকিব।
গভীৰভাৱে ধ্যান কৰক
বাইবেলত উল্লেখ কৰা প্ৰতিজ্ঞাবোৰ ঈশ্বৰে নিজৰ ৰাজ্যৰ যোগেদি পূৰ কৰিব বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ? আহক এই বিষয়ে আলোচনা কৰোঁ।
৪. ঈশ্বৰৰ ৰাজ্যই মানুহৰ শাসনক শেষ কৰিব
মানুহে ‘এজনে আন জনৰ ওপৰত অপকাৰলৈ ক্ষমতা পায়।’ (উপদেশক ৮:৯) যিহোৱাই নিজৰ ৰাজ্যৰ যোগেদি মানুহৰ শাসন আৰু তেওঁলোকৰ বাবে হোৱা সকলো দুখ-কষ্ট নাইকিয়া কৰিব।
দানিয়েল ২:৪৪ আৰু ২ থিচলনীকীয়া ১:৬-৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
যিহোৱা আৰু যীচুৱে মানুহৰ চৰকাৰ আৰু তেওঁলোকক সমৰ্থন কৰা লোকসকলক কি কৰিব?
এতিয়ালৈকে আপুনি যিহোৱা আৰু যীচুৰ বিষয়ে বহুতো কথা শিকিলে। এই কথা মনত ৰাখি আপুনি কিয় বিশ্বাস কৰে যে তেওঁলোকে যি কৰিব, সেয়া ভাল হʼব?
৫. যীচুৰ দৰে ভাল ৰজা আৰু কোনো নাই
ঈশ্বৰৰ ৰাজ্যৰ ৰজা যীচুৱে নিজৰ প্ৰজাৰ কাৰণে বহুতো ভাল কাম কৰিব আৰু পৃথিৱীত থকাৰ সময়ত তেওঁ ইয়াৰ প্ৰমাণ দিলে। তেওঁ কৰা কামৰপৰা বুজিব পাৰি যে তেওঁ লোকসকলৰ বিষয়ে চিন্তা কৰে আৰু লোকসকলৰ বাবে ভাল কাম কৰিবলৈ যিহোৱাই তেওঁক শক্তি দিছে। এই বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক।
পৃথিৱীত থকাৰ সময়ত যীচুৱে যি কৰিলে, তাৰপৰা বুজিব পাৰি যে ঈশ্বৰৰ ৰাজ্যই কি কৰিব। তলত কিছুমান প্ৰতিজ্ঞাৰ বিষয়ে উল্লেখ আছে, যিবোৰ ঈশ্বৰৰ ৰাজ্যত পূৰ হʼব। আপুনি কোনটো প্ৰতিজ্ঞা পূৰ হোৱালৈ আগ্ৰহেৰে বাট চাই আছে? প্ৰতিটো প্ৰতিজ্ঞাৰ লগত দিয়া পদবোৰ পঢ়ক।
পৃথিৱীত থকাৰ সময়ত যীচুৱে কি কৰিলে?
স্বৰ্গৰপৰা যীচুৱে কি কৰিব?
তেওঁ প্ৰাকৃতিক দুৰ্যোগবোৰ নিজৰ নিয়ন্ত্ৰণ ৰাখিছিল।—মাৰ্ক ৪:৩৬-৪১.
পৰিৱেশৰ যি ক্ষতি হৈছে, সেয়া তেওঁ ভাল কৰিব।—যিচয়া ৩৫:১, ২.
তেওঁ আচৰিত কৰ্ম কৰি হাজাৰ হাজাৰ লোকক আহাৰ খুৱাইছিল।—মথি ১৪:১৭-২১.
তেওঁ পৃথিৱীৰপৰা দৰিদ্ৰতা নাইকিয়া কৰিব।—গীতমালা ৭২:১৬.
তেওঁ বহুতো বেমাৰী লোকক সুস্থ কৰিলে।—লূক ১৮:৩৫-৪৩.
তেওঁ বেমাৰ নাইকিয়া কৰিব আৰু সকলোৱে সুস্থ হৈ থাকিব।—যিচয়া ৩৩:২৪.
তেওঁ মৃত লোকসকলক জীয়াই তুলিলে।—লূক ৮:৪৯-৫৫.
তেওঁ মৃত্যুক নাইকিয়া কৰিব আৰু মৃত লোকসকলক জীয়াই তুলিব।—প্ৰকাশিত বাক্য ২১:৩, ৪.
৬. ঈশ্বৰৰ ৰাজ্যই মানুহক ভাল ভৱিষ্যৎ দিব
আৰম্ভণিতে যিহোৱাই মানুহৰ বাবে যি যি কৰিব বিচাৰিছিল, সেয়া তেওঁ ঈশ্বৰৰ ৰাজ্যত পূৰ কৰিব। পৃথিৱীখন সুন্দৰ বাগিচালৈ পৰিৱৰ্তন হʼব আৰু মানুহে তাত সদায় জীয়াই থাকিব। যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ নিজৰ পুত্ৰৰ যোগেদি কি কৰি আছে, ইয়াৰ বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক।
গীতমালা ১৪৫:১৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
যিহোৱাই সকলোৰে ইচ্ছা পূৰ কৰিব, এয়া জানি আপুনি কেনে অনুভৱ কৰে?
কিছুমান লোকে কয়: “যদি আমি সকলোৱে মিলি চেষ্টা কৰোঁ, তেনেহʼলে পৃথিৱীৰ সমস্যাবোৰ সমাধান কৰিব পাৰিম।”
মানুহৰ চৰকাৰে শেষ কৰিব নোৱাৰা কি কি সমস্যা ঈশ্বৰৰ ৰাজ্যই শেষ কৰিব?
আমি কি শিকিলোঁ
যিহোৱাই নিজৰ ৰাজ্যৰ যোগেদি নিজৰ উদ্দেশ্য পূৰ কৰিব। সেই ৰাজ্যত গোটেই পৃথিৱীখন সুন্দৰ বাগিচালৈ পৰিৱৰ্তন হʼব। তাত কেৱল নম্ৰ লোকসকলে বাস কৰিব আৰু তেওঁলোকে সদায় যিহোৱাৰ উপাসনা কৰিব।
আপুনি কেনেকৈ উত্তৰ দিব?
ঈশ্বৰৰ ৰাজ্যই যিহোৱাৰ নাম কেনেকৈ পবিত্ৰ কৰিব?
ঈশ্বৰৰ ৰাজ্যই বাইবেলত উল্লেখ কৰা সকলো প্ৰতিজ্ঞা পূৰ কৰিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?
ঈশ্বৰৰ ৰাজ্যত কোনটো প্ৰতিজ্ঞা পূৰ হোৱালৈ আপুনি আগ্ৰহেৰে বাট চাই আছে?
বেছিকৈ জানক
হৰমাগিদোন কি হয়, আহক চাওঁ।
যীচুৱে কোৱা ‘মহা-সংকটৰʼ সময়ত কি কি হʼব, আহক তাৰ বিষয়ে চাওঁ।—মথি ২৪:২১.
নিজৰ পৰিয়ালৰ লগত একেলগে মিলি কেনেকৈ নতুন পৃথিৱীৰ কল্পনা কৰিব পাৰি, আহক ভিডিঅʼখনত চাওঁ।
“মই কিছুমান প্ৰশ্নক লৈ চিন্তিত আছিলোঁ,” এই জীৱন কাহিনীত এনে এজন ব্যক্তিৰ বিষয়ে পঢ়ক, যিজনে নিজৰ দেশৰ চৰকাৰ সলনি কৰিব বিচাৰিছিল। অৱশেষত তেওঁ বিচাৰি থকা প্ৰশ্নবোৰৰ উত্তৰ পালে।
-