ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৩৫
  • ভাল নিৰ্ণয় কেনেকৈ লʼব পাৰি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাল নিৰ্ণয় কেনেকৈ লʼব পাৰি?
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • আমি আমাৰ বিবেক কেনেকৈ শুদ্ধ ৰাখিম?
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • যিহোৱাই আনন্দিত হোৱা নিৰ্ণয় লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৩৫
পাঠ ৩৫. এজন ব্যক্তিয়ে গাড়ী কিনিবলৈ ৱেবছাইটত অনুসন্ধান কৰিছে। তেওঁৰ পত্নী আৰু তেওঁৰ সন্তানসকলে চাই আছে।

পাঠ ৩৫

ভাল নিৰ্ণয় কেনেকৈ লʼব পাৰি?

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

আমি জীৱনত বহুতো নিৰ্ণয় লʼবলগীয়া হয়। কিছুমান নিৰ্ণয়ে আমাৰ জীৱন আৰু যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। যেনে, বিয়া আৰু পৰিয়ালক লৈ আমি কি নিৰ্ণয় লʼম, কʼত থাকিম, ঘৰখন কেনেকৈ চলাম। যেতিয়া আমি ভাৱি-চিন্তি নিৰ্ণয় লওঁ, তেতিয়া আমি নিজেও আনন্দিত হওঁ আৰু যিহোৱাৰ মনকো আনন্দিত কৰোঁ।

১. ভাল নিৰ্ণয় লʼবলৈ বাইবেলে আমাক কেনেকৈ সহায় কৰিব পাৰে?

কোনো এটা বিষয়ত নিৰ্ণয় লোৱাৰ আগতে আমি সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। তাৰ পাছত এই বিষয়ে যিহোৱাৰ দৃষ্টিভংগী জানিবলৈ আমি বাইবেলৰপৰা অনুসন্ধান কৰা উচিত। (হিতোপদেশ ২:৩-৬ পঢ়ক।) কিছুমান বিষয়ত আমি কি কৰিব লাগে, এই বিষয়ে বাইবেলত যিহোৱাই পোনপটীয়াকৈ আজ্ঞা দিছে। এনে পৰিস্থিতিত যিহোৱাৰ আজ্ঞা পালন কৰাটো সহজ হৈ পৰে।

যদি কোনো এটা বিষয়ত বাইবেলত স্পষ্টকৈ কোনো আজ্ঞা দিয়া নাই, তেনেহʼলে আমি কি কৰিম? সেইসময়তো যিহোৱাই আমাক সহায় কৰিব পাৰে। তেওঁ আমাক ‘যাব লগীয়া বাট দেখুৱাব।’ (যিচয়া ৪৮:১৭) আমাক সহায় কৰিবলৈ যিহোৱাই বাইবেলত কিছুমান সিদ্ধান্ত উল্লেখ কৰিছে। এইবোৰৰ সহায়ত আমি জানিব পাৰোঁ যে কোনো এটা বিষয়ত যিহোৱাই কি ভাবে। বাইবেলৰ ঘটনাবোৰ পঢ়িও আমি যিহোৱাৰ দৃষ্টিভংগী জানিব পাৰোঁ। যেতিয়া আমি যিহোৱাৰ দৃষ্টিভংগী জানিব পাৰিম, তেতিয়া আমি যিহোৱাই আনন্দিত হোৱা নিৰ্ণয় লʼব পাৰিম।

২. নিৰ্ণয় লোৱাৰ আগতে আমি কি কি কথাৰ ওপৰত ধ্যান দিব পাৰোঁ?

কিছুমান বিষয়ত বেলেগ বেলেগ নিৰ্ণয় লʼব পাৰি। এনে পৰিস্থিতিত আমি কি কৰা উচিত? বাইবেলত লিখা আছে, “বুদ্ধিমান লোকে নিজ ভৰিৰ খোজ বিবেচনা কৰে।” (হিতোপদেশ ১৪:১৫) ইয়াৰ অৰ্থ হৈছে কোনো এটা নিৰ্ণয় লোৱাৰ আগতে আমি সেই বিষয়ে ভালদৰে চিন্তা কৰা উচিত। আমি নিজকে সুধিব পাৰোঁ, ‘বাইবেলৰ কোনটো সিদ্ধান্তই মোক সহায় কৰিব পাৰে? কি নিৰ্ণয় লʼলে পাছত মই দুখ নকৰিম? আটাইতকৈ গুৰুত্বপূৰ্ণ, এই নিৰ্ণয়ে যিহোৱাক আনন্দিত কৰিবনে?’—দ্বিতীয় বিবৰণ ৩২:২৯.

আমাৰ বাবে কি ভাল আৰু কি বেয়া, সেয়া কোৱাৰ যিহোৱাৰ অধিকাৰ আছে। তেওঁ ভাল বেয়াৰ মাজত পাৰ্থক্য কৰিবলৈ আমাক কিছুমান নিয়ম আৰু সিদ্ধান্ত দিছে। ইয়াৰ লগতে তেওঁ আমাক বিবেকো দিছে। (ৰোমীয়া ২:১৪, ১৫) যেতিয়া আমি যিহোৱাৰ নিয়ম আৰু সিদ্ধান্তবোৰ ভালদৰে জানিম আৰু যিকোনো পৰিস্থিতিত পালন কৰিবলৈ চেষ্টা কৰিম, তেতিয়া আমি নিজৰ বিবেকক ভালদৰে প্ৰশিক্ষণ দিয়াৰ দৰে হʼব। এই প্ৰশিক্ষণ পোৱা বিবেকে আমাক ভাল নিৰ্ণয় লʼবলৈ সহায় কৰিব।

গভীৰভাৱে ধ্যান কৰক

নিৰ্ণয় লʼবলৈ বাইবেলৰ সিদ্ধান্ত আৰু আমাৰ বিবেকে কেনেকৈ সহায় কৰে, আহক এই বিষয়ে আলোচনা কৰোঁ।

৩. বাইবেলে আপোনাক সঠিক পথ দেখুৱাব পাৰে

নিৰ্ণয় লোৱাৰ সময়ত বাইবেলৰ সিদ্ধান্তই আমাক কেনেকৈ সহায় কৰিব পাৰে? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

ভিডিঅʼ: নিৰ্ণয় লোৱাৰ সময়ত বাইবেলৰ সিদ্ধান্ত মনত ৰাখক (৫:৫৪)

  • যিহোৱাই আমাক কি কৰাৰ স্বাধীনতা দিছে?

  • তেওঁ আমাক নিজে নিৰ্ণয় লʼবলৈ স্বাধীনতা কিয় দিছে?

  • ভাল নিৰ্ণয় লʼবলৈ বাইবেলে আমাক কেনেকৈ সহায় কৰে?

আহক বাইবেলৰ এটা সিদ্ধান্তৰ ওপৰত ধ্যান দিওঁ। ইফিচীয়া ৫:১৫, ১৬ পঢ়ক, তাৰ পাছত আলোচনা কৰক যে আপোনাৰ ওচৰত যি সময় আছে, সেয়া আপুনি কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰে, যাতে আপুনি . . .

  • সদায় বাইবেল পঢ়িব পাৰে।

  • এজন ভাল স্বামী বা পত্নী, পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালী হʼব পাৰে।

  • সভাত উপস্থিত হʼব পাৰে।

৪. ভাল নিৰ্ণয় লʼবলৈ নিজৰ বিবেকক প্ৰশিক্ষণ দিয়ক

যেতিয়া বাইবেলত কোনো এটা বিষয়ত পোনপটীয়াকৈ নিয়ম দিয়া থাকে, তেতিয়া নিৰ্ণয় লʼবলৈ আমাৰ কাৰণে সহজ হয়। কিন্তু কোনো এটা বিষয়ত যদি নিয়ম দিয়া নাথাকে, তেনেহʼলে আমি কেনেকৈ নিৰ্ণয় লʼব পাৰোঁ? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

ভিডিঅʼ: “নিজৰ বিবেক শুদ্ধ ৰাখক” (৫:১৩)

  • ভিডিঅʼখনত ভনীগৰাকীয়ে বাইবেলৰ অনুসৰি নিজৰ বিবেকক প্ৰশিক্ষণ দিবলৈ আৰু যিহোৱাই আনন্দিত হোৱা নিৰ্ণয় লʼবলৈ কি পদক্ষেপ লʼলে?

আমাৰ বাবে নিৰ্ণয় লʼবলৈ আমি কিয় আনক কোৱা উচিত নহয়? ইব্ৰী ৫:১৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আমাৰ কাৰণে নিৰ্ণয় লʼবলৈ আনক কোৱাটো সহজ হয়, কিন্তু আমি নিজে কি কৰিবলৈ শিকা উচিত?

  • আপুনি ভাল নিৰ্ণয় লʼবলৈ নিজৰ বিবেকক কেনেকৈ প্ৰশিক্ষণ দিব পাৰে?

এজন ব্যক্তিয়ে গাড়ী চলাই আছে। তেওঁৰ সন্মুখত মোবাইলত জিপিএচ খোলা আছে আৰু তাৰ সহায়ত ব্যক্তিজন সঠিক পথত গৈ আছে।

এখন মানচিত্ৰৰ দৰে বিবেকে আমাক পথ দেখুৱায় আৰু সঠিক নিৰ্ণয় লʼবলৈ আমাক সহায় কৰে

৫. আনৰ বিবেকৰ বিষয়ে চিন্তা কৰক

কোনো এটা বিষয়ত আমাৰ সকলোৰে নিৰ্ণয় বেলেগ বেলেগ হʼব পাৰে। সেইবাবে, আমি নিৰ্ণয় লোৱাৰ সময়ত আনৰ বিবেকৰ বিষয়ে কেনেকৈ চিন্তা কৰিব পাৰোঁ? দুটা পৰিস্থিতিৰ বিষয়ে মন কৰক:

১: এগৰাকী ভনীয়ে আন এখন মণ্ডলীলৈ গৈছে। ব্যক্তিগত কাম কৰাৰ সময়ত বা একগোট হোৱাৰ সময়ত তাই পেণ্ট বা ট্ৰাউজাৰ পিন্ধি ভাল পায়। কিন্তু সেই মণ্ডলীৰ ভনীসকলে, কোনো ভনীয়ে পেণ্ট বা ট্ৰাউজাৰ পিন্ধাটো ভাল নাপায়।

ৰোমীয়া ১৫:১ আৰু ১ কৰিন্থীয়া ১০:২৩, ২৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • এই পদবোৰৰ অনুসৰি ভনীগৰাকীয়ে হয়তো কি কৰিব পাৰে? যদি কোনো এটা কাম কৰিবলৈ আপোনাৰ বিবেকে বাধা নিদিয়ে, কিন্তু আনৰ বিবেকে বাধা দিয়ে, তেনেহʼলে আপুনি কি কৰিব?

২: এজন ভায়ে জানে যে বাইবেলৰ অনুসৰি অলপ পৰিমাণ মদ খোৱাটো ভুল নহয়। তথাপিও, তেওঁ মদ সেৱন নকৰোঁ বুলি নিৰ্ণয় লৈছে। কিন্তু আহাৰৰ বাবে কোনোবাই তেওঁক নিমন্ত্ৰণ কৰিছে আৰু তেওঁ দেখিছে যে তাত মণ্ডলীৰ ভাইসকলে মদ সেৱন কৰিছে।

উপদেশক ৭:১৬ আৰু ৰোমীয়া ১৪:১, ১০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • এই পদবোৰৰ অনুসৰি ভাইজনে হয়তো কি কৰিব পাৰে? যদি আপুনি কাৰোবাক এনে কাম কৰা দেখিছে, যিটো আপোনাৰ বিবেকে বাধা দিছে, তেনেহʼলে আপুনি কি কৰিব?

ভাল নিৰ্ণয় লʼবলৈ কি কৰিব পাৰোঁ?

এগৰাকী মহিলাই প্ৰাৰ্থনা কৰি আছে।

১. প্ৰাৰ্থনা কৰক: ভাল নিৰ্ণয় লʼবলৈ যিহোৱাৰপৰা সহায় বিচাৰক।—যাকোব ১:৫.

সেই একে মহিলাগৰাকীয়ে কম্পিউটাৰ, বাইবেল আৰু বাইবেল আধাৰিত প্ৰকাশনৰ সহায়ত অনুসন্ধান কৰি আছে।

২. অনুসন্ধান কৰক: বাইবেল আৰু বাইবেল আধাৰিত প্ৰকাশনবোৰত এনে সিদ্ধান্ত বিচাৰক, যিবোৰে আপোনাক সহায় কৰিব পাৰে। যদি আপুনি বিচাৰে, তেনেহʼলে অভিজ্ঞ ভাই-ভনীৰপৰা সহায় লʼব পাৰে।

সেই একে মহিলাগৰাকীয়ে গভীৰভাৱে চিন্তা কৰি আছে।

৩. ধ্যান কৰক: আপোনাৰ নিৰ্ণয়ে আপোনাৰ বিবেক আৰু আনৰ বিবেকৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে, এই বিষয়ে চিন্তা কৰক।

কিছুমান লোকে কয়: “মোৰ ইচ্ছা, মই যিয়েই কৰিব পাৰোঁ।”

  • কোনো এটা বিষয়ত ঈশ্বৰে আৰু আনে কি ভাবে, এই বিষয়ে কিয় ধ্যান দিয়া উচিত?

আমি কি শিকিলোঁ

কোনো এটা বিষয়ত ভাল নিৰ্ণয় লʼবলৈ যিহোৱাৰ দৃষ্টিভংগী কি, সেয়া জনা উচিত। লগতে এয়াও চিন্তা কৰা উচিত যে আমাৰ নিৰ্ণয়ে আনৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাই আনন্দিত হোৱা নিৰ্ণয় আপুনি কেনেকৈ লʼব পাৰে?

  • ভাল নিৰ্ণয় লʼবলৈ আপুনি আপোনাৰ বিবেকক কেনেকৈ প্ৰশিক্ষণ দিব পাৰে?

  • নিৰ্ণয় লোৱাৰ সময়ত আপুনি আনৰ বিবেকৰ বিষয়ে কেনেকৈ চিন্তা কৰিব পাৰে?

লক্ষ্য

বেছিকৈ জানক

আপুনি এনে নিৰ্ণয় কেনেকৈ লʼব পাৰে, যাতে আপোনাৰ সম্পৰ্ক ঈশ্বৰৰ লগত দৃঢ় হয়?

“এনে নিৰ্ণয় লওক, যাৰপৰা যিহোৱাৰ মহিমা হয়” (প্ৰহৰীদুৰ্গ-হিন্দী, এপ্ৰিল ১৫, ২০১১)

যিহোৱাই আমাক কেনেকৈ পথ দেখুৱায়, আহক এই বিষয়ে চাওঁ।

যিহোৱাই নিজৰ লোকসকলক পথ দেখুৱায় (৯:৫০)

এজন ব্যক্তিক এটা বিষয়ত নিৰ্ণয় লʼবলগীয়া আছিল। তেওঁক নিৰ্ণয় লʼবলৈ কিহে সহায় কৰিলে, আহক এই বিষয়ে চাওঁ।

যিহোৱাই আশীৰ্বাদৰ গেৰেণ্টি দিয়ে (৫:৪৬)

যেতিয়া কোনো এটা বিষয়ত আমি কি কৰিব লাগে, সেয়া যিহোৱাই পোনপটীয়াকৈ আমাক নকয়, তেতিয়াও আমি যিহোৱাৰ হৃদয়ক কেনেকৈ আনন্দিত কৰিব পাৰোঁ, আহক চাওঁ।

“আপোনাক সদায় বাইবেলৰ নিয়মৰ প্ৰয়োজন আছেনে?” (প্ৰহৰীদুৰ্গ-হিন্দী, ডিচেম্বৰ ১, ২০০৩)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক