ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৩৬
  • সকলো বিষয়তে সদাচাৰ হওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সকলো বিষয়তে সদাচাৰ হওক
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • সকলো বিষয়তে সদাচাৰ হওক
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৩৬
পাঠ ৩৬. এজন ব্যক্তিয়ে এখন কাগজত চহী কৰিছে।

পাঠ ৩৬

সকলো বিষয়তে সদাচাৰ হওক

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

আমাৰ বন্ধুৱে সদায় সঁচা কথা কোৱা আৰু সদাচাৰ বা সত্যবাদী হৈ থকাটো আমি সকলোৱে বিচাৰোঁ। যিহোৱাও নিজৰ বন্ধুসকলৰপৰা এয়াই বিচাৰে। কিন্তু এই জগতত সদায় সদাচাৰ হৈ থকাটো ইমান সহজ নহয়। তথাপিও সকলো বিষয়তে সদাচাৰ হৈ থাকিলে আমাৰ কি লাভ হʼব? আহক চাওঁ।

১. সদাচাৰ হৈ থকাৰ মুখ্য কাৰণ কি?

যেতিয়া আমি আনক সঁচা কথা কওঁ আৰু সদাচাৰ হৈ থাকোঁ, তেতিয়া আমি দেখুৱাওঁ যে আমি যিহোৱাক প্ৰেম কৰোঁ আৰু তেওঁক সন্মান কৰোঁ। মন কৰক, যিহোৱাই আমাৰ বিষয়ে সকলো কথা জানে, যেনে আমি কি ভাবোঁ, কি কৰোঁ এই সকলো তেওঁ জানে। (ইব্ৰী ৪:১৩) যিকোনো পৰিস্থিতিত যেতিয়া আমি সদাচাৰ হৈ থাকোঁ, তেতিয়া যিহোৱা বহুত আনন্দিত হয়। তেওঁৰ বাক্যত এইদৰে লিখা আছে, “কুটিল লোক যিহোৱাৰ ঘিণলগীয়া; কিন্তু তেওঁৰ গুপ্ত মন্ত্ৰণা হলে সৰলবিলাকৰ [বা সদাচাৰৰ] লগত্‌হে।”—হিতোপদেশ ৩:৩২.

২. দৈনন্দিন কামত আমি সদাচাৰ হয় বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

আমি নিজৰ ‘ওচৰ চুবুৰীয়াক সত্য কথা কোৱাটো’ যিহোৱাই বিচাৰে। (জখৰিয়া ৮:১৬, ১৭) ইয়াৰ অৰ্থ হৈছে আমি নিজৰ পৰিয়াল, আমাৰ খ্ৰীষ্টান ভাই-ভনীক, আমাৰ সহকৰ্মী আৰু চৰকাৰী অধিকাৰীসকলৰ লগত কথা পতাৰ সময়ত তেওঁলোকক মিছা কথা নকওঁ আৰু তেওঁলোকৰপৰা আচল কথাটো লুকুৱাই নাৰাখোঁ। আমি কেতিয়াও কোনো বস্তু চুৰ নকৰোঁ আৰু বিশ্বাসঘাটো নকৰোঁ। (হিতোপদেশ ২৪:২৮ আৰু ইফিচীয়া ৪:২৭, ২৮ পঢ়ক।) ইয়াৰ উপৰিও, চৰকাৰে পাবলগীয়া সকলো কৰ বা টেক্স তেওঁলোকক দিওঁ। (ৰোমীয়া ১৩:৫-৭) এইবোৰ কৰাৰ যোগেদি আমি দেখুৱাব পাৰোঁ যে আমি ‘সকলো বিষয়তে সদাচাৰ হওঁ।’—ইব্ৰী ১৩:১৮.

৩. সদাচাৰ হৈ থাকিলে কি লাভ হʼব?

যেতিয়া আমি সদাচাৰ হৈ থাকোঁ, তেতিয়া মণ্ডলীৰ ভাই-ভনীসকলে আমাক ভৰসা কৰিব পাৰে আৰু ইয়াৰ বাবে আমাৰ মাজত প্ৰেম আৰু একতা থাকে। আনকি, আন লোকসকলেও আমাক ভৰসা কৰিব পাৰে। সদাচাৰ হৈ থাকিলে আমাৰ বিবেক শুদ্ধ হৈ থাকে। ইয়াৰ উপৰিও, আমি ‘ঈশ্বৰৰ শিক্ষা সকলো বিষয়তে ভুষিত কৰোঁ’ আৰু আমাৰ সদাচৰণ দেখি লোকসকলে যিহোৱাৰ ফালে আকৰ্ষিত হয়।—তীত ২:৯, ১০.

গভীৰভাৱে ধ্যান কৰক

যেতিয়া আপুনি সদাচাৰ হৈ থাকে, তেতিয়া যিহোৱাই কেনে অনুভৱ কৰে? ইয়াৰপৰা আপোনাৰ কি লাভ হয়? আপুনি কি কি পৰিস্থিতিত সদাচাৰ হৈ থাকিব পাৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. আমাৰ সদাচৰণ দেখি যিহোৱা আনন্দিত হয়

গীতমালা ৪৪:২১ আৰু মলাখী ৩:১৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱাৰপৰা কিবা এটা লুকুৱাব পাৰিম বুলি ভবাটো কিয় উচিত নহয়?

  • কঠিন হোৱাৰ সত্ত্বেও যেতিয়া আমি সঁচা কথা কওঁ, তেতিয়া যিহোৱাক কেনেকুৱা লাগে?

এজন পিতৃয়ে আঠুকাঢ়ি বহিছে আৰু নিজৰ সন্তানৰ কথা শুনিছে। ওচৰৰ এখন টেবুলত গিলাচ পৰি আছে আৰু সকলো জুচ পৰি গৈছে।

যেতিয়া এজন লʼৰাই সঁচা কথা কয়, তেতিয়া তেওঁৰ পিতৃ-মাতৃ আনন্দিত হয়। ঠিক সেইদৰে যেতিয়া আমি সঁচা কথা কওঁ, তেতিয়া যিহোৱা আনন্দিত হয়

৫. যিকোনো পৰিস্থিতিত সদাচাৰ হৈ থাকক

বহুতোলোকে ভাবে যে সদায় সদাচাৰ হৈ থকাটো বুদ্ধিমানৰ কাম নহয়। কিন্তু আমি যিকোনো পৰিস্থিতিত সদাচাৰ হৈ থকা কিয় উচিত? আহক এই বিষয়ে চাওঁ। ভিডিঅʼখন চাওক।

ভিডিঅʼ: আমি কি কথাৰপৰা আনন্দিত হʼব পাৰোঁ?—শুদ্ধ বিবেক (২:৩২)

“আমি কি কথাৰপৰা আনন্দিত হʼব পাৰোঁ?—শুদ্ধ বিবেক” নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। বেনে নিজৰ বʼছক সঁচা কথা কৈছে যে তেওঁৰ ভুলৰ বাবে কোম্পানীৰ দামী মেচিনটো বেয়া হʼল। তাৰ পাছত দুয়োজনে হাত মিলাইছে।

ইব্ৰী ১৩:১৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আমি নিজৰ পৰিয়ালৰ লগত কেনেকৈ সদাচাৰ হৈ থাকিব পাৰোঁ?

  • আমি কামৰ ঠাইত বা স্কুলত কেনেকৈ সদাচাৰ হৈ থাকিব পাৰোঁ?

  • আমি আন পৰিস্থিতিত কেনেকৈ সদাচাৰেৰে কাম কৰিব পাৰোঁ?

৬. সদাচাৰ হৈ থাকিলে আমাৰ লাভ হয়

সদাচাৰ হৈ থাকিবলৈ কেতিয়াবা কেতিয়াবা হয়তো আমি সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। কিন্তু সদাচাৰ হৈ থাকিলে সদায় আমাৰেই লাভ হয়। গীতমালা ৩৪:১২-১৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • সদাচাৰ হৈ থাকিলে আপোনাৰ কি লাভ হʼব পাৰে?

ক. এহাল দম্পতীয়ে একেলগে চাহ খাইছে আৰু কথা পাতিছে। খ. এজন মেকানিকক তেওঁৰ বʼছে প্ৰশংসা কৰিছে। গ. এজন ব্যক্তিয়ে এজন পুলিচক নিজৰ পৰিচয় পত্ৰ দেখুৱাইছে।
  1. ক. যেতিয়া স্বামী-স্ত্ৰীয়ে এজনে-আনজনক সঁচা কথা কয়, তেতিয়া তেওঁলোকৰ সম্পৰ্ক দৃঢ় হয়

  2. খ. যেতিয়া এজন ব্যক্তিয়ে সদাচাৰেৰে কাম কৰে, তেতিয়া তেওঁৰ মালিকে তেওঁক ভৰসা কৰে

  3. গ. যেতিয়া এজন নাগৰিকে সদাচাৰেৰে আইন পালন কৰে, তেতিয়া অধিকাৰীসকলে তেওঁ এজন ভাল ব্যক্তি বুলি জানিব পাৰে

কিছুমান লোকে কয়: “কাৰোবাৰ ভালৰ বাবে মিছা কথা কোৱাটো কোনো ভুল নহয়।”

  • যিহোৱাই সকলো ধৰণৰ মিছাক ঘিণ কৰে বুলি আপুনি কিয় বিশ্বাস কৰে?

আমি কি শিকিলোঁ

যিহোৱাৰ বন্ধুসকলে সদায় সঁচা কথা কোৱা আৰু সকলো কাম সদাচাৰেৰে কৰাটো তেওঁ বিচাৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি সদাচাৰ হয় বুলি কি কি উপায়েৰে দেখুৱাব পাৰোঁ?

  • যিহোৱাৰপৰা কিবা এটা লুকুৱাব পাৰিম বুলি ভবাটো কিয় উচিত নহয়?

  • আপুনি যিকোনো পৰিস্থিতিত কিয় সদাচাৰ হৈ থাকিব বিচাৰে?

লক্ষ্য

বেছিকৈ জানক

পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক সঁচা কথা কʼবলৈ কেনেকৈ শিকাব পাৰে?

সঁচা কথা কওক (১:৪৪)

নিজৰ প্ৰতিজ্ঞা পূৰ কৰিলে কি ভাল পৰিণাম হয়?

প্ৰতিজ্ঞা পূৰ কৰক, আশীৰ্বাদ লাভ কৰক (৯:০৯)

আমি দিয়া কৰ বা টেক্স লোকসকলে অপব্যৱহাৰ কৰিব পাৰে। তথাপিও আমি কিয় টেক্স দিয়া উচিত? আহক চাওঁ।

“টেক্স—দিয়াটো প্ৰয়োজন নে?” (প্ৰহৰীদুৰ্গ লেখ)

এজন ব্যক্তি প্ৰথমে সদাচাৰ নাছিল, কিন্তু কি কথাই তেওঁক নিজকে সলনি কৰিবলৈ আৰু সদাচাৰ হৈ থাকিবলৈ সহায় কৰিলে? আহক চাওঁ।

“মই জানিব পাৰিলোঁ যে যিহোৱা দয়ালু আৰু ক্ষমাৱান” (প্ৰহৰীদুৰ্গ-হিন্দী, জুলাই-চেপ্টেম্বৰ ২০১৫)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক