ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৪৮
  • ভাবি-চিন্তি বন্ধু বাছনি কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাবি-চিন্তি বন্ধু বাছনি কৰক
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • আপুনি যিহোৱাৰ বন্ধু হʼব পাৰে!
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৪৮
পাঠ ৪৮. চাৰিজন বন্ধুৱে একেলগে ফটো তুলিছে।

পাঠ ৪৮

ভাবি-চিন্তি বন্ধু বাছনি কৰক

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

যি ব্যক্তিয়ে আমাৰ সুখত সুখী হয়, দুখত দুখী হয় আৰু ভাল-বেয়া দুয়োটা পৰিস্থিতিত আমাৰ লগত থাকে, সেই ব্যক্তিজনেই আমাৰ প্ৰকৃত বন্ধু। কিন্তু বাইবেলে আমাক সতৰ্ক কৰিছে যে সকলোৱে আমাৰ ভাল বন্ধু হʼব নোৱাৰে। তেনেহʼলে আমি ভাল বন্ধু কেনেকৈ বাছনি কৰিব পাৰোঁ? আহক, কিছুমান প্ৰশ্নৰ ওপৰত ধ্যান দিওঁ।

১. আপোনাৰ বন্ধুৱে আপোনাৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে?

আমাৰ বন্ধুৱে আমাৰ ওপৰত ভাল আৰু বেয়া দুয়োটাই প্ৰভাৱ পেলাব পাৰে। কিয়নো আমি যিসকলৰ লগত বন্ধুত্ব কৰোঁ, আমি তেওঁলোকৰ দৰেই হʼব বিচাৰোঁ। এয়া চʼচিয়েল মিডিয়া বা অনলাইনত কৰা বন্ধুৰ ক্ষেত্ৰতো এইদৰেই হয়। বাইবেলত এইদৰে লিখা আছে, “তুমি জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা; কিন্তু অজ্ঞানবোৰৰ (অৰ্থাৎ যিহোৱাক প্ৰেম নকৰা) লগৰীয়াই ক্লেশ পাব।” (হিতোপদেশ ১৩:২০) যদি আপোনাৰ বন্ধুৱে যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ উপাসনা কৰে, তেনেহʼলে তেওঁ আপোনাক যিহোৱাৰ কাষ চাপিবলৈ আৰু ভাল নিৰ্ণয় লʼবলৈ সহায় কৰিব। কিন্তু যিহোৱাক প্ৰেম নকৰা লোকসকলৰ লগত যদি আপুনি সংগতি কৰে, তেনেহʼলে আপুনি যিহোৱাৰপৰা আঁতৰি যাব পাৰে। সেইবাবে, বাইবেলে আমাক উৎসাহিত কৰিছে যে আমি ভাবি-চিন্তি বন্ধু বাছনি কৰা উচিত। যেতিয়া আমাৰ বন্ধুৱে যিহোৱাক প্ৰেম কৰে, তেতিয়া তেওঁৰ আৰু আমাৰো লাভ হয়। কিয়নো আমি ‘পৰস্পৰে প্ৰবোধ দি থাকোঁ, আৰু ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰোঁ।’—১ থিচলনীকীয়া ৫:১১.

২. আমি কেনে লোকসকলৰ লগত বন্ধুত্ব কৰিলে যিহোৱা আনন্দিত হʼব?

যিহোৱাই সকলোৰে লগত বন্ধুত্ব নকৰে। তেওঁ কেৱল “সৰলবিলাকৰ লগত্‌হে” বন্ধুত্ব কৰে। (হিতোপদেশ ৩:৩২) যদি আমি যিহোৱাক প্ৰেম নকৰা লোকসকলৰ লগত বন্ধুত্ব কৰোঁ, তেনেহʼলে যিহোৱাক কেনেকুৱা লাগিব? তেওঁক নিশ্চয় বহুত দুখ লাগিব। (যাকোব ৪:৪ পঢ়ক।) কিন্তু যদি আমি বেয়া সংগতিৰপৰা আঁতৰি থাকোঁ আৰু তেওঁক প্ৰেম কৰা লোকসকলৰ লগত বন্ধুত্ব কৰোঁ, তেনেহʼলে যিহোৱা আনন্দিত হʼব আৰু আমাক তেওঁৰ বন্ধু বুলি ভাবিব।—গীতমালা ১৫:১-৪.

গভীৰভাৱে ধ্যান কৰক

আমি কিয় ভাবি-চিন্তি বন্ধু বাছনি কৰা উচিত? যিহোৱাৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰা বন্ধু আমি কেনেকৈ বিচাৰি পাম? আহক এই বিষয়ে আলোচনা কৰোঁ।

৩. বেয়া সংগতিৰপৰা আঁতৰি থাকক

যিসকল লোকে যিহোৱাক প্ৰেম নকৰে আৰু তেওঁৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন নকৰে, তেওঁলোকৰ লগত সংগতি কৰাই হৈছে বেয়া সংগতি। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

ভিডিঅʼ: কুসংগ ত্যাগ কৰিবলৈ শিকক (৬:১৭)

  • আমি অজানিতে কেনেকৈ বেয়া সংগতিৰ প্ৰভাৱত পৰিব পাৰোঁ?

প্ৰথম কৰিন্থীয়া ১৫:৩৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আমি কেনে লোকসকলৰ লগত সংগতি কৰিব নালাগে আৰু কিয়?

গীতমালা ১১৯:৬৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আপুনি কেনে লোকসকলৰ লগত বন্ধুত্ব কৰিব বিচাৰে?

এটা পাত্ৰত আপেল ৰখা হৈছে। ইয়াৰ এটা আপেল বেয়া হৈছে আৰু তাত মাখি পৰিছে। সেই আপেলৰ বাবে বাকী আপেলখিনিও বেয়া হʼবলৈ ধৰিছে।

যিদৰে এটা পচি যোৱা আপেলে গোটেই আপেলখিনি বেয়া কৰিব পাৰে। ঠিক সেইদৰে, এজন বেয়া বন্ধুৱে আপোনাৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে?

৪. আপুনি বিভিন্ন বয়স আৰু পৃষ্ঠভূমিৰ লোকসকলৰ লগত বন্ধুত্ব কৰিব পাৰে

বাইবেলত দায়ূদ আৰু যোনাথন নামৰ দুজন ইস্ৰায়েলী ব্যক্তিৰ বিষয়ে উল্লেখ আছে। তেওঁলোক একে বয়সৰ নাছিল আৰু বেলেগ বেলেগ পৃষ্ঠভূমিৰপৰা আহিছিল, তথাপি তেওঁলোকৰ মাজত ঘনিষ্ঠ বন্ধুত্ব আছিল। তেওঁলোকে এজনে-আনজনৰ বাবে জীৱন দিবলৈও সাজু আছিল। ১ চমূৱেল ১৮:১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • কেৱল একে বয়স আৰু পৃষ্ঠভূমিৰ দুজন ব্যক্তিৰ মাজতহে বন্ধুত্ব গঢ়ি উঠে বুলি আপুনি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

ৰোমীয়া ১:১১, ১২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাক প্ৰেম কৰা দুজন বন্ধুৱে এজনে-আনজনক কেনেকৈ উৎসাহিত কৰিব পাৰে?

এজন ভায়ে কেনেকৈ এজন ভাল বন্ধু বিচাৰি পালে? তেওঁ ভবাই নাছিল যে সেই ব্যক্তিজন তেওঁৰ ভাল বন্ধু হʼব পাৰিব। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

ভিডিঅʼ: অচিনাকী ঠাইত বন্ধু বিচৰা (৫:০৬)

  • অখিলে স্কুলত কাৰ লগত বন্ধুত্ব কৰিছে, তাৰ বিষয়ে তেওঁৰ মা-দেউতাই কিয় চিন্তা কৰিছিল?

  • আৰম্ভণিতে তেওঁলোকৰ লগত বন্ধুত্ব কৰিবলৈ অখিলক কিয় ভাল লাগিছিল?

  • অখিলে অকলশৰীয়া অনুভৱ কেনেকৈ দূৰ কৰিব পাৰিলে?

৫. ভাল বন্ধু কেনেকৈ বিচাৰি পাব?

আপুনি কেনেকৈ ভাল বন্ধু বিচাৰিব পাৰে আৰু এজন ভাল বন্ধু হʼব পাৰে? ভিডিঅʼখন চাওক।

ভিডিঅʼ: প্ৰকৃত বন্ধু কোন হয়? (৪:১৪)

‘প্ৰকৃত বন্ধু কোন হয়?’ ভিডিঅʼখনৰ দৃশ্য। বেলেগ বেলেগ বয়স আৰু দেশৰ লোকসকল এজনী ছোৱালীৰ বন্ধু হয় আৰু তেওঁলোকৰ ওচৰত বেলেগ বেলেগ দক্ষতা আছে।

হিতোপদেশ ১৮:২৪ আৰু ২৭:১৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • প্ৰকৃত বন্ধুৱে এজনে-আনজনক কেনেকৈ সহায় কৰে?

  • আপোনাৰ প্ৰকৃত বন্ধু আছেনে? যদি নাই, তেনেহʼলে আপুনি প্ৰকৃত বন্ধু কেনেকৈ বিচাৰিব পাৰে?

ফিলিপীয়া ২:৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যদি আমি ভাল বন্ধু বিচাৰোঁ, তেনেহʼলে আমি নিজেই এজন ভাল বন্ধু হʼব লাগিব। আপুনি এইদৰে কেনেকৈ কৰিব পাৰে?

ছবি: এগৰাকী ডেকা ভনীয়ে নিজৰ তিনিজন বন্ধুক লগ কৰিছে। ১. তেওঁ এজন বন্ধুৰ লগত কথা পাতি আছে। ২. তেওঁ ৰাজ্যগৃহত নিজৰ বয়সস্থ বন্ধুসকলৰ লগত কথা পাতিছে। ৩. তাই আৰু এজনী ভনীক লগ কৰিবলৈ আহিছে, যিগৰাকীয়ে নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাইছে।

যদি আপুনি এজন ভাল বন্ধু বিচাৰে, তেনেহʼলে আপুনি নিজেই এজন ভাল বন্ধু হʼব লাগিব

কিছুমান লোকে কয়: “যাক ভাল লাগে, তেওঁৰ লগত বন্ধুত্ব কৰক।”

  • আপুনি কি উত্তৰ দিব?

আমি কি শিকিলোঁ

ভাবি-চিন্তি বন্ধু বাছনি কৰিলে যিহোৱা আনন্দিত হয় আৰু আমাৰো লাভ হয়।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি যিসকলৰ লগত বন্ধুত্ব কৰোঁ, তাৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে?

  • আমি কেনে লোকসকলৰ লগত বন্ধুত্ব কৰা উচিত নহয়?

  • যিহোৱাক প্ৰেম কৰা লোকসকলৰ লগত আমি কেনেকৈ ঘনিষ্ঠ বন্ধুত্ব গঢ়ি তুলিব পাৰোঁ?

লক্ষ্য

বেছিকৈ জানক

সমস্যাৰ সময়ত প্ৰকৃত বন্ধুৱে আমাক কেনেকৈ সহায় কৰিব পাৰে? আহক চাওঁ।

“বিনাশ অহাৰ আগতে ভাল বন্ধু স্থাপন কৰক” (প্ৰহৰীদুৰ্গ-হিন্দী নৱেম্বৰ ২০১৯)

ভাল বন্ধু বিচাৰিবলৈ আপুনি কি কৰিব পাৰে? আহক চাওঁ।

“মই ভাল বন্ধু কেনেকৈ বিচাৰিম?” (অনলাইন লেখ-হিন্দী)

অনলাইনত বন্ধুত্ব কৰাৰ বিষয়ে আপুনি কি জনা উচিত?

বুদ্ধিমত্তাৰে চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰক (৪:১২)

“পিতৃৰ দৰে মোক কোনোবাই সহায় কৰাটো বিচাৰিছিলোঁ,” এই জীৱন কাহিনীত এজন ব্যক্তিয়ে নিজৰ পুৰণি বন্ধুসকলক এৰি কিয় নতুন বন্ধু বনালে?

“পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে” (প্ৰহৰীদুৰ্গ-হিন্দী, জুলাই-চেপ্টেম্বৰ ২০১২)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক