ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জুলাই পৃষ্ঠা ৩
  • নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—অগ্ৰগামী সেৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—অগ্ৰগামী সেৱা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জুলাই পৃষ্ঠা ৩
এগৰাকী যুৱতী ভনীয়ে তাইৰ পিতৃ-মাতৃ আৰু আইতাৰ লগত মিলি তেওঁলোকৰ তালিকাৰ বিষয়ে আলোচনা কৰি আছে।

নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক

নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—অগ্ৰগামী সেৱা

অতি সোনকালে এই জগতৰ ধ্বংস হʼব। সেইবাবে, যদি আমি যিহোৱাৰ সেৱাত কিবা লক্ষ্য ৰাখোঁ, তেনেহʼলে আমি সঠিক কাম কৰিবলৈ নিজৰ সময় আৰু শক্তি ব্যৱহাৰ কৰা যেন হʼব। (১কৰি ৯:২৬; ইফি ৫:১৫, ১৬) গতিকে নিজৰ পাৰিবাৰিক উপাসনাৰ সময়ত আপুনি নতুন সেৱা বছৰৰ বাবে কি লক্ষ্য ৰাখিব বিচাৰে, সেই বিষয়ে আলোচনা কৰিব পাৰে। এই সভা পুস্তিকাত বহুতো লক্ষ্যৰ বিষয়ে কোৱা হৈছে। আপুনি ইয়াৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিব পাৰে আৰু যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে।—যাকো ১:৫.

আপোনাৰ পৰিয়ালৰ কমেও এজন সদস্যই অগ্ৰগামী সেৱা কৰিব পাৰিবনে আৰু পৰিয়ালৰ বাকী লোকে তেওঁক সহায় কৰিব পাৰিবনে? আপুনি অগ্ৰগামী সেৱাৰ ঘন্টা পূৰ কৰিব নোৱাৰে বুলি যদি ভাবে, তেনেহʼলে কি কৰিব পাৰে? আপোনাৰ নিচিনা পৰিস্থিতি হোৱাৰ সত্ত্বেও অগ্ৰগামী সেৱা কৰা ভাই-ভনীৰ লগত কথা পাতক। (হিতো ১৫:২২) আপুনি নিজৰ পাৰিবাৰিক উপাসনাত অগ্ৰগামী সেৱা কৰা ভাই বা ভনীক মাতিব পাৰে আৰু তেওঁলোকক কিছুমান প্ৰশ্ন সুধিব পাৰে। আপুনি কেতিয়া প্ৰচাৰ কৰিব পাৰিব, তাৰ বিষয়ে চিন্তা কৰক। আগতে যদি আপুনি অগ্ৰগামী সেৱা কৰিছিল, তেনেহʼলে এতিয়া আকৌ এই সেৱা কৰিব পাৰিবনে, তাৰ বিষয়ে চিন্তা কৰক।

আপোনাৰ পৰিয়ালৰ কিছুমানে এক বা তাতকৈ বেছি মাহ সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰিবনে? যদি আপুনি সোনকালে ভাগৰি পৰে, তেন্তে সদায় অলপ অলপকৈ প্ৰচাৰ কৰি সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰে। আপুনি সোমবাৰৰপৰা শুক্ৰবাৰলৈকে কাম কৰে বা স্কুললৈ যায় নেকি? যদি যায়, তেনেহʼলে যি মাহত বেছি ছুটী পোৱা যায় বা পাঁচটা শনিবাৰ আৰু দেওবাৰ থাকে, সেই মাহত আপুনি সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰে। আপোনাৰ পৰিয়ালে মিলি কেলেণ্ডাৰত লিখি ৰাখিব পাৰে যে সকলোৱে কোনটো মাহত সহকাৰী অগ্ৰগামী সেৱা কৰিব বিচাৰে আৰু সেই মাহত কেতিয়া প্ৰচাৰ কৰিব।—হিতো ২১:৫.

সাহসী হওক . . . অগ্ৰগামী সেৱক হিচাপে নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • যিহোৱাই ভনী আমন্দৰ কেনেকৈ যত্ন লʼলে? ইয়াৰপৰা আমি কি শিকিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক