ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w20 মে’ পৃষ্ঠা ২০-২৫
  • ঈশ্বৰে দিয়া ভাল বস্তুবোৰৰ প্ৰতি আপুনি কৃতজ্ঞনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰে দিয়া ভাল বস্তুবোৰৰ প্ৰতি আপুনি কৃতজ্ঞনে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • উপশীৰ্ষক
  • এটা অতুলনীয় গ্ৰহ
  • আমাৰ অদ্ভুত মগজু
  • বাইবেল এক অমূল্য উপহাৰ
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
w20 মে’ পৃষ্ঠা ২০-২৫

অধ্যয়নৰ লেখ ২১

ঈশ্বৰে দিয়া ভাল বস্তুবোৰৰ প্ৰতি আপুনি কৃতজ্ঞনে?

“হে মোৰ ঈশ্বৰ যিহোৱা, তুমি কৰা আচৰিত কাৰ্য্য অনেক, আৰু আমাৰ পক্ষে হোৱা তোমাৰ সঙ্কল্পও অনেক।”—গীত. ৪০:৫.

গীত ৫ ঈশ্বৰৰ আচৰিত কাৰ্য্য

লেখৰ এক আভাসa

১-২. (ক) যিহোৱাই আমাক কি কি দিছে? (খ) আমি এইবোৰৰ বিষয়ে কিয় আলোচনা কৰিম?

যিহোৱা এজন উদাৰ ঈশ্বৰ হয়। তেওঁ আমাক বহুতো বস্তু দিছে। উদাহৰণস্বৰূপে, আমি থাকিবলৈ এখন পৃথিৱী, অদ্ভুত মগজু আৰু তেওঁৰ অমূল্য বাক্য বাইবেল দিছে। তেওঁ পৃথিৱীখন এনেদৰে সৃষ্টি কৰিছে, যʼত জীয়াই থাকিবলৈ আমি সকলো ধৰণৰ প্ৰয়োজনীয় বস্তু পাওঁ। মগজুৰ বাবে আমি চিন্তা কৰিব পাৰোঁ আৰু আনৰ লগত কথা পাতিব পাৰোঁ। বাইবেলৰ যোগেদি আমি জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ জানিব পাৰোঁ।—গীতমালা ৪০:৫ পঢ়ক।

২ এই লেখত আমি ওপৰত উল্লেখ কৰা তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম। যেতিয়া আমি এই বিষয়বোৰৰ ওপৰত ধ্যান কৰিম, তেতিয়া আমি যিহোৱাৰ প্ৰতি আৰু কৃতজ্ঞ হʼম আৰু আমি যিহোৱাক আনন্দিত কৰিবলৈ চেষ্টা কৰিম। (প্ৰকা. ৪:১১) এই পৃথিৱীখনৰ এজন সৃষ্টিকৰ্তা আছে বুলি আমি আনক জনাব পাৰিম। বিৱৰ্তনৰ ভুল ধাৰণাৰ ওপৰত বিশ্বাস কৰা লোকসকলক আমি ভালদৰে যুক্তি দিব পাৰিম।

এটা অতুলনীয় গ্ৰহ

৩. আমাৰ পৃথিৱীখন কিয় অতুলনীয়?

৩ ঈশ্বৰে পৃথিৱীখনক অদ্ভুতভাৱে সৃষ্টি কৰিছে। ইয়াৰ ওপৰত ধ্যান দিলে আমি বুজিব পাৰিম যে তেওঁ কিমান বুদ্ধিমান হয়। (ৰোম. ১:২০; ইব্ৰী ৩:৪) পৃথিৱীৰ উপৰিও আন বহুতো গ্ৰহই সূৰ্য্যৰ চাৰিওফালে ঘূৰি থাকে। কিন্তু মানুহে জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা সকলো বস্তু কেৱল এই পৃথিৱীখনতে আছে।

৪. পৃথিৱীখনৰ সৃষ্টিৰপৰা আমি কেনেকৈ জানিব পাৰোঁ যে ঈশ্বৰ বুদ্ধিমান হয়? এটা উদাহৰণ দিয়ক।

৪ বিশাল মহাসাগৰত এখন নাওঁ চলাচল কৰি থকাৰ দৰে আমাৰ পৃথিৱীখনো মহাকাশত ঘূৰি থাকে। কল্পনা কৰক যে এখন ডাঙৰ মহাসাগৰত এখন নাওঁ চলাচল কৰি আছে আৰু তাত মানুহেৰে ভৰি আছে। যদি সেই নাৱত যাত্ৰা কৰা লোকসকলক অক্সিজেন আৰু খোৱা-বোৱাৰ যোগাৰ নিজে কৰিবলৈ কোৱা হয় আৰু সাগৰত জাবৰ-জোঁথৰ নেপেলাবলৈ কোৱা হয়, তেনেহʼলে তেওঁলোকে কিমান দিনলৈকে জীয়াই থাকিব। তেওঁলোকে বেছি দিনলৈকে জীয়াই নাথাকিব। এতিয়া পৃথিৱীখনৰ বিষয়ে চিন্তা কৰক। যদিও ই মহাকাশত ঘূৰি আছে, কিন্তু ইয়াত কোটি কোটি লোক জীয়াই আছে। এই সকলো লোকৰ বাবে পৃথিৱীখনতে অক্সিজেন আৰু খোৱা-বোৱাৰ বস্তু উৎপন্ন হয়। এই বস্তুবোৰৰ কেতিয়াও অভাৱ হোৱা নাই। পৃথিৱীখনৰপৰা ওলোৱা আৰ্ৱজনা মহাকাশত পেলোৱা নহয়, তথাপিও পৃথিৱীখন দেখিবলৈ সুন্দৰ হয় আৰু ইয়াত মানুহ আৰু জীৱ-জন্তু জীয়াই থাকিব পাৰে। এইবোৰ কেনেকৈ সম্ভৱ হয়? প্ৰকৃততে যিহোৱা ঈশ্বৰে পৃথিৱীখনক এনেদৰে সৃষ্টি কৰিছে যে ইয়াৰপৰা ওলোৱা আৰ্ৱজনাবোৰ নিজে নিজে উপকাৰী বস্তুলৈ পৰিৱৰ্তন হয়। ইয়াৰ বাবে যিহোৱাই কিছুমান চক্ৰ বনাইছে। আহক ইয়াৰে আমি দুটা চক্ৰৰ ওপৰত ধ্যান দিওঁ আৰু সেয়া হৈছে অক্সিজেন চক্ৰ আৰু জলচক্ৰ।

৫. (ক) পৃথিৱীত অক্সিজেন কিয় শেষ নহয়? (খ) ইয়ে কি প্ৰমাণ কৰে?

৫ আমি সকলোৱে জীয়াই থাকিবলৈ অক্সিজেনৰ প্ৰয়োজন। মানৱজাতি আৰু জীৱ-জন্তুৰ জীৱন ইয়াৰ ওপৰতে নিৰ্ভৰ কৰে। অনুমান কৰা হৈছে যে পৃথিৱীৰ সকলো মানুহ আৰু জীৱ-জন্তুৱে মিলি প্ৰতিবছৰে কোটি কোটি টন অক্সিজেন উশাহত লয় আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে, যি আমাৰ বাবে হানিকাৰক হয়। যদিও তেওঁলোকে এশ কোটি টন অক্সিজেন লয়, তথাপি পৃথিৱীত কেতিয়াও অক্সিজেন শেষ নহয় আৰু বায়ুমণ্ডলত কেতিয়াও কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা বাঢ়ি নাযায়। এইদৰে কিয় নহয়? যিহোৱাই বিভিন্ন ধৰণৰ সৰু-ডাঙৰ গছ-গছনি সৃষ্টি কৰিছে। যিয়ে কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰি ইয়াক অক্সিজেনলৈ ৰূপান্তৰ কৰে। অক্সিজেন চক্ৰই প্ৰমাণ কৰে যে বাইবেলত লিখা এই কথাষাৰ একেবাৰে সত্য “তেৱেঁই সকলোকে জীৱন, নিশ্বাস, আৰু আটাই বস্তু দিয়ে।”—পাঁচ. ১৭:২৪, ২৫.

৬. জলচক্ৰ কি আৰু ইয়ে কি প্ৰমাণ কৰে? (“যিহোৱাই বনোৱা জলচক্ৰ” নামৰ বক্সো চাওক।)

৬ আহক আমি এতিয়া পানীৰ বিষয়ে আলোচনা কৰোঁ। আমাৰ পৃথিৱীখন সূৰ্য্যৰ একেবাৰে সঠিক দূৰত্বত আছে। যদি ই সূৰ্য্যৰ অলপো ওচৰত থকা হʼলে, ইয়াৰ সকলো পানী ভাপ হৈ উৰি গʼলহেতেঁন আৰু পৃথিৱীখন এটা তপত শিলৰ দৰে হৈ থাকিলেহেতেঁন আৰু পৃথিৱীখন সূৰ্য্যৰ অলপো দূৰত থকা হʼলে নদী আৰু সমুদ্ৰৰ সকলো পানী বৰফৰ এটা গোলক হৈ পৰিলেহেঁতেন। দুয়োটা ক্ষেত্ৰতে পৃথিৱীত কোনো জীৱ-জন্তু জীয়াই থাকিব নোৱাৰিলেহেঁতেন। যিহোৱাই পৃথিৱীখনক এক সঠিক স্থানত ৰাখিছে। সেইবাবে, জলচক্ৰ ভালদৰে চলি থাকে আৰু সকলো জীৱ-জন্তুৱে যথেষ্ট পৰিমাণে পানী লাভ কৰে। সূৰ্য্যৰ তাপত সাগৰৰ পানী ভাপ হৈ উৰি যায় আৰু ই ডাৱৰৰ সৃষ্টি কৰে। পৃথিৱীত যিমান বিল আছে, তাতকৈ বেছি পানী প্ৰতিবছৰে ভাপ হৈ উৰি যায়। এই পানী বায়ুমণ্ডলত প্ৰায় দহ দিনলৈকে থাকে আৰু পুনৰ বৰফ বা বৰষুণ হৈ পৃথিৱীত পৰে। সেই বৰষুণৰ পানী পুনৰ নদী বা সাগৰত গৈ মিলিত হয়। তাৰ পাছত, সেই চক্ৰ পুনৰ আৰম্ভ হয়। এই জলচক্ৰ সঁচাকৈ আচৰিত। যিহোৱাই ইয়াক এইদৰে বনাইছে যাতে পৃথিৱীৰ পানী কেতিয়াও শেষ নহয়। ইয়াৰপৰা বুজিব পাৰি যে যিহোৱা কিমান বুদ্ধিমান আৰু শক্তিশালী ঈশ্বৰ হয়।—ইয়ো. ৩৬:২৭, ২৮; উপ. ১:৭.

যিহোৱাই বনোৱা জলচক্ৰ

ছবি: জলচক্ৰ। ১. সূৰ্যৰ তাপত সাগৰৰ পানী ভাপ হৈ ডাৱৰৰ সৃষ্টি হৈছে। ২. ডাৱৰৰপৰা বৰষুণৰ পানী পৃথিৱীত পৰিছে। ৩. সেই পানী পুনৰ সাগৰলৈ উভতি গৈছে।
  • এজন খেতিয়কে বৰষুণ পৰাৰ সময়ত আকাশলৈ চাইছে।

    ফল-মূল, শাক-পাচলি আৰু ফুলবোৰ

    বৰষুণৰ সহায়ত গছ-গছনি বৃদ্ধি পায় আৰু আমি আহাৰ লাভ কৰোঁ। ফুলবোৰ দেখি আমি আনন্দিত হওঁ।

  • এজন ফটʼগ্ৰাফাৰে নিজৰা আৰু পাহাৰৰ ফটো তুলিছে।

    মনোমোহা দৃশ্য

    নদ-নদী, হ্ৰদ আৰু জলপ্ৰপাতৰ দৃশ্যই পৃথিৱীখনক মনোমোহা কৰি তোলে আৰু তাক দেখি আমি আনন্দিত হওঁ।

  • এজন ব্যক্তিয়ে নিমখ তৈয়াৰ কৰিবলৈ সাগৰৰ পানী শুকুৱাইছে।

    আন কিছুমান লাভ

    জলচক্ৰৰ বাবে আৰু কিছুমান লাভ হয়। উদাহৰণস্বৰূপে, সাগৰৰ পানী শুকাই নিমখ প্ৰস্তুত কৰা হয়।

  • এগৰাকী মহিলাই এটা গিলাচত পানী খাইছে।

    দৈনন্দিন ব্যৱহাৰ

    আমি প্ৰতিদিনে পানী খাওঁ। চৰবত, চাহ আৰু কফি বনাবলৈ পানীৰ প্ৰয়োজন হয়। খোৱা-বোৱা বনাবলৈ, পৰিষ্কাৰ কৰিবলৈ আৰু গা ধুবলৈও আমি পানী ব্যৱহাৰ কৰোঁ।

৭. যদি আমি পৃথিৱীৰ বাবে যিহোৱাৰ প্ৰতি কৃতজ্ঞ, তেনেহʼলে আমি কি কৰিম?

৭ যিহোৱাই পৃথিৱীখনক অদ্ভুতৰূপে সৃষ্টি কৰিছে আৰু আমি জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা সকলো বস্তু তেওঁ আমাক দিছে। (গীতমালা ১১৫:১৬ পঢ়ক।) কৃতজ্ঞতা দেখুৱাৰ উপায় কি? এটা উপায় হৈছে যিহোৱাই আমাৰ বাবে কৰা উপকাৰৰ ওপৰত ধ্যান কৰা। পৃথিৱীত আমাৰ বাবে যিবোৰ বস্তু দিছে, তাৰ বাবে আমি প্ৰতিদিনে তেওঁক ধন্যবাদ দিয়া উচিত। ইয়াৰ উপৰিও, আমি ঘৰৰ আশে-পাশে থকা ঠাইবোৰ পৰিষ্কাৰ কৰি ৰখা উচিত। এনে কৰাৰ যোগেদি আমি কʼব পাৰিম যে আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ।

আমাৰ অদ্ভুত মগজু

৮. আমাৰ মগজুৰ সৃষ্টি কিয় অদ্ভুত হয়?

৮ আমাৰ মগজু অদ্ভুতভাৱে সৃষ্টি কৰা হৈছে। যেতিয়া আপুনি মাতৃৰ গৰ্ভত আছিল, তেতিয়াৰেপৰা আপোনাৰ মগজু এক সংগঠিতৰূপে বাঢ়িবলৈ ধৰিছিল। প্ৰতিটো মিনিটতে মগজুত হাজাৰ হাজাৰ নতুন কোষ সৃষ্টি হয়। অনুসন্ধানকাৰীসকলৰ মতে, এজন ব্যক্তিৰ মগজুত প্ৰায় কোটি কোটি বিশেষ কোষ থাকে আৰু ইয়াক স্নায়ুকোষ বুলি কোৱা হয়। আমাৰ মগজুৰ ওজন ১.৫ কিলোলৈকে হয়। মগজুৰ বহুতো আচৰিত ধৰণৰ দক্ষতা আছে। আহক ইয়াৰে কিছুমান বিষয়ে আমি আলোচনা কৰোঁ।

৯. আপুনি কিয় ভাবে যে কথা কোৱাৰ দক্ষতা যিহোৱাই দিয়া এটা উপহাৰ হয়?

৯ আমি আমাৰ মগজুৰ বাবেহে কথা পাতিব পাৰোঁ। কথা পতাৰ দক্ষতা সঁচাকৈ এক আচৰিত ধৰণৰ। খন্তেকৰ বাবে চিন্তা কৰকচোন, আমি কেনেকৈ কথা পাতিব পাৰোঁ। যদি আমি আমাৰ মুখৰপৰা শব্দ কʼব বিচাৰোঁ, তেনেহʼলে আমাৰ জিবা, ডিঙি, ওঁঠ, দাঁতৰ পাৰি আৰু বুকুক মগজুৱে নিয়ন্ত্ৰিত কৰে। তেতিয়া এই অংগবোৰে মুঠতে ১০০ টা মাংসপেশীৰ লগত মিলি কাম কৰে আৰু ইয়াৰ পাছতে আমি এটা শব্দ কʼব পাৰোঁ। এই সকলো মাংসপেশীয়ে সঠিকভাৱে ক্ৰম অনুসৰি কাম কৰে আৰু তেতিয়া আমাৰ মুখৰপৰা স্পষ্টভাৱে শব্দ ওলায়। আমাৰ ভিতৰত বিভিন্ন ধৰণৰ ভাষা শিকাৰ দক্ষতা আছে। নতুনকৈ জন্ম হোৱা শিশুৰ ওপৰত অধ্যয়ন কৰোতে বুজিব পাৰিছে যে সেই শিশুটোৱেও এটা এটা শব্দ বুজিব পাৰে আৰু সেই অনুসৰি সি প্ৰতিক্ৰিয়া দেখুৱায়। ইয়াৰপৰা প্ৰমাণিত হয় যে বহুতো অনুসন্ধানকাৰীৰ কথা সঠিক হয়। কিয়নো আমাৰ জন্মৰেপৰা নতুন ভাষা শিকাৰ দক্ষতা আছে। সঁচাকৈ কথা কোৱাৰ আমাৰ যি দক্ষতা আছে, সেয়া ঈশ্বৰৰপৰা পোৱা এক উপহাৰ।—যাত্ৰা. ৪:১১.

১০. আমি কথা কোৱাৰ দক্ষতাৰ বাবে মূল্যাংকন কেনেকৈ দেখুৱাব পাৰোঁ?

১০ কথা কোৱাৰ দক্ষতা দিয়াৰ বাবে আমি যিহোৱাৰ প্ৰতি মূল্যাংকন দেখুৱা উচিত। আমি কেনেকৈ মূল্যাংকন দেখুৱাব পাৰোঁ? ইয়াৰ এটা উপায় হৈছে আনক ঈশ্বৰৰ বিষয়ে জনোৱা। (গীত. ৯:১; ১ পিত. ৩:১৫) কিছুমান লোকে কয় যে কোনো ঈশ্বৰ নাই আৰু এই পৃথিৱী আৰু সকলো জীৱ-জন্তুৰ নিজে নিজেই সৃষ্টি হৈছে। তেওঁলোকে বুজিব নোৱাৰে যে আমি কিয় এই কথা বিশ্বাস নকৰোঁ। ইয়াৰে ভিতৰত কিছুমান লোকে জানিব বিচাৰে যে আমি কিয় বিশ্বাস কৰোঁ যে যিহোৱাই পৃথিৱীৰ সকলো বস্তু সৃষ্টি কৰিছে। এনে লোকসকলক আমি বাইবেলৰপৰা বুজিবলৈ সহায় কৰিব পাৰোঁ যে আমি কিয় বিশ্বাস কৰোঁ, যিহোৱাই আকাশ আৰু পৃথিৱীখন সৃষ্টি কৰিছে। (গীত. ১০২:২৫; যিচ. ৪০:২৫, ২৬) আমি তেওঁলোকক এই লেখত দিয়া কিছুমান কথা কʼব পাৰোঁ। এইদৰে আমি যিহোৱাৰ ফালৰপৰা কোৱাৰ যোগেদি আমি তেওঁৰ প্ৰতি মূল্যাংকন দেখুৱাব পাৰোঁ।

১১. আমাৰ মগজুৰ এক আচৰিতজনক বিশেষত্ব কি?

১১ আমাৰ মগজুত মনত ৰখাৰ যি ক্ষমতা আছে ই এক আচৰিতজনক। বহু আগতে এজন লেখকে কৈছিল যে ২ কোটি কিতাপত যিমান কথা লিখিব পাৰি, সিমান তথ্য আমাৰ মগজুত জমা কৰি ৰাখিব পাৰি। কিন্তু এতিয়া অনুমান কৰা হৈছে যে আমাৰ মগজুত ইয়াতকৈ বেছি তথ্য জমা কৰি ৰাখিব পাৰি। মগজুৰ এই ক্ষমতাৰ বাবে আমি কি কি কাম কৰিব পাৰোঁ?

১২. আমাৰ এনে কি দক্ষতা আছে, যি জীৱ-জন্তুৰ ওচৰত নাই?

১২ মনত ৰখাৰ ক্ষমতা থকাৰ বাবে আমাৰ জীৱনৰ বহুতো কথা আমি মনত ৰাখিব পাৰোঁ। এতিয়ালৈকে আমাৰ জীৱনত যি ভাল-বেয়া ঘটনা ঘটিছে, সেই সকলো কথা আমি মনত ৰাখিব পাৰোঁ আৰু ইয়াৰপৰা আমি এক ভাল শিক্ষা লাভ কৰিব পাৰোঁ। এই দক্ষতা কেৱল মানুহৰহে আছে, জীৱ-জন্তুৰ নাই। যেতিয়া আমি আমাৰ ভুলৰপৰা শিক্ষা লাভ কৰোঁ, তেতিয়া আমাৰ চিন্তাধাৰা সলনি কৰিব পাৰোঁ আৰু এজন ভাল ব্যক্তি হʼব পাৰোঁ। (১ কৰি. ৬:৯-১১; কল. ৩:৯, ১০) ভাল-বেয়া পাৰ্থক্যৰ বিষয়ে আমি আমাৰ বিবেকক শিকাব পাৰোঁ। (ইব্ৰী ৫:১৪) আমি আনক প্ৰেম, দয়া আৰু কৰুণা দেখুৱাৰ বিষয়ে শিকিব পাৰোঁ। ইয়াৰ উপৰিও, আমি যিহোৱাৰ দৰে ন্যায়েৰে কাম কৰিবলৈ শিকিব পাৰোঁ।

১৩. গীতমালা ৭৭:১১, ১২ পদৰ অনুসৰি আমি মনত ৰাখিব পৰা ক্ষমতাক কিদৰে ব্যৱহাৰ কৰা উচিত?

১৩ যিহোৱাই আমাক মনত ৰাখিব পৰা দক্ষতা দিয়াৰ বাবে আমি তেওঁৰ প্ৰতি মূল্যাংকন দেখুৱা উচিত। কিন্তু আমি কেনেকৈ মূল্যাংকন দেখুৱাব পাৰোঁ? আমি মনত ৰাখিব পাৰোঁ যে যিহোৱাই এতিয়ালৈকে আমাক কিমান সহায় কৰিছে আৰু কঠিন পৰিস্থিতিত তেওঁ আমাৰ কেনেকৈ যত্ন লৈছে। এনে কৰিলে আমাৰ যিহোৱাৰ প্ৰতি বিশ্বাস বাঢ়িব যে তেওঁ ভৱিষ্যতেও আমাৰ যত্ন লʼব। (গীতমালা ৭৭:১১, ১২ পঢ়ক; গীত. ৭৮:৪, ৭) আমি আৰু এটা উপায়েৰে কৃতজ্ঞতা দেখুৱাব পাৰোঁ। আমি মনত ৰাখিব পাৰোঁ যে আন লোকসকলে আমাৰ বাবে কি কি কাম কৰিছে। আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত। অনুসন্ধানকাৰীসকলৰ মতে, যিসকলৰ হৃদয় কৃতজ্ঞতাৰে ভৰি থাকে, তেওঁলোক আনন্দত থাকে। ইয়াৰ উপৰিও, আমি কিছুমান কথা পাহৰি যোৱা উচিত, যিহোৱাও এইদৰে কৰে। যেতিয়া আমি কিবা ভুলৰ বাবে অনুতাপ কৰোঁ, তেতিয়া যিহোৱাই সেই ভুলবোৰ পাহৰি যায় আৰু আমাক ক্ষমা কৰে। (গীত. ২৫:৭; ১৩০:৩, ৪) যদিও তেওঁ সকলো কথা মনত ৰাখিব পাৰে, তথাপি আমাৰ ভুলবোৰ পাহৰি যায়। আমিও আনৰ ভুলবোৰ পাহৰি যোৱাটো যিহোৱাই বিচাৰে। যেতিয়া লোকসকলে নিজৰ ভুলৰ বাবে অনুতাপ কৰে, তেতিয়া আমি তেওঁলোকক ক্ষমা কৰা উচিত।—মথি ৬:১৪; লূক ১৭:৩, ৪.

ছবি: ১. এগৰাকী ভনীয়ে হিন্দী শিকিবলৈ ফ্লেচ কাৰ্ড আৰু কিতাপৰ ব্যৱহাৰ কৰিছে। ২. ভনীগৰাকীয়ে বজাৰত ‘ভাল খবৰ’ নামৰ ব্ৰচাৰখন ব্যৱহাৰ কৰি এগৰাকী ভাৰতীয় মহিলাক সাক্ষ্য দিছে।

যদি আমি মগজুৰ বাবে কৃতজ্ঞ হওঁ, তেনেহʼলে আমি ইয়াক ব্যৱহাৰ কৰি যিহোৱাৰ মহিমা কৰিম (অনুচ্ছেদ ১৪ চাওক)b

১৪. আমি মগজুৰ অদ্ভুত দক্ষতাৰ ব্যৱহাৰ কেনেকৈ কৰা উচিত?

১৪ আমি মগজুৰ অদ্ভুত ক্ষমতাক ব্যৱহাৰ কৰি যিহোৱাৰ মহিমা কৰা উচিত। কিয়নো এয়া তেওঁৰেই দান। কিছুমান লোকে নিজৰ মগজুৰ দক্ষতা, নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰে। তেওঁলোকৰ বাবে কি ভাল আৰু কি বেয়া, তাৰ বিষয়ে তেওঁলোকে নিজে নিৰ্ণয় লয়। কিন্তু সঁচা কথা কʼবলৈ গʼলে যিহোৱাৰ মানদণ্ড আমাৰ মানদণ্ডতকৈ অতি উত্তম আৰু এয়া যুক্তিসংগত। কিয়নো যিহোৱাই আমাৰ সৃষ্টি কৰিছে। (ৰোম. ১২:১, ২) যিহোৱাৰ কথা পালন কৰিলে আমাৰ জীৱনত শান্তি থাকিব। (যিচ. ৪৮:১৭, ১৮) আমি জানিব পাৰিম যে আমাৰ জীৱনৰ উদ্দেশ্য কি? সেয়া হৈছে আমি নিজৰ সৃষ্টিকৰ্তা আৰু পিতৃৰ মহিমা কৰা আৰু তেওঁ আনন্দিত হোৱা কামবোৰ কৰা।—হিতো. ২৭:১১.

বাইবেল এক অমূল্য উপহাৰ

১৫. বাইবেল যিহোৱাই দিয়া এটা উপহাৰ বুলি আমি কিয় কʼব পাৰোঁ?

১৫ বাইবেল যিহোৱাই দিয়া এক মূল্যৱান উপহাৰ। তেওঁ আমাক প্ৰেম কৰাৰ বাবে আমাক বাইবেল দিছে। বাইবেলৰ যোগেদি তেওঁ আমাক বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ দিয়ে। উদাহৰণস্বৰূপে, আমাৰ আৰম্ভণি কেনেকৈ হৈছিল? যিহোৱাই আমাক সৃষ্টি কৰাৰ উদ্দেশ্য কি? ভৱিষ্যতে কি হʼব? এই প্ৰশ্নবোৰৰ উত্তৰ পৃথিৱীৰ সকলোৱে জনাটো যিহোৱাই বিচাৰে। সেইবাবে, তেওঁ বহু শতিকাৰেপৰা বহুতো ভাষাত বাইবেলৰ অনুবাদ কৰিবলৈ লোকসকলক সহায় কৰিছে। আজি সম্পূৰ্ণ বাইবেল বা তাৰ কিছুমান কিতাপ ৩,০০০ তকৈ বেছি ভাষাত পোৱা যায়। আজিলৈকে কোনো কিতাপ ইমান ভাষাত অনুবাদ কৰা হোৱা নাই। বাইবেলৰ বিতৰণ যিমান হৈছে, আন কোনো কিতাপৰ সিমান বিতৰণ হোৱা নাই। আজি পৃথিৱীৰ বেছিভাগ লোক যʼতেই নাথাকক কিয়, তেওঁলোকে নিজৰ ভাষাত বাইবেল পঢ়িব পাৰে।—“আফ্ৰিকী ভাষাত বাইবেল” নামৰ বক্স পঢ়ক।

আফ্ৰিকী ভাষাত বাইবেল

১৮০০ চনলৈকে সম্পূৰ্ণ বাইবেল বা তাৰ কিছুমান কিতাপ গোটেই পৃথিৱীৰ প্ৰায় ৭০ টা ভাষাত উপলব্ধ আছিল। কিন্তু তাৰ মাজত একেবাৰে কম ভাষা আফ্ৰিকাত ব্যৱহাৰ হৈছিল। সেইসময়ত আফ্ৰিকাৰ বণ্টু ভাষাত কোনো লিপি নাছিল। কিন্তু পাছলৈ যেতিয়া বিলিয়ম বʼয়ছ নামৰ এজন মিছনাৰীয়ে ইংলেণ্ডৰপৰা আফ্ৰিকালৈ আহে, তেতিয়া খʼছা ভাষাত লিপি তৈয়াৰ কৰাত সহায় কৰে। খʼছায়ো বণ্টু ভাষাৰ ভিতৰত এটা ভাষা। লিপি তৈয়াৰ কৰিবলৈ তেওঁ আফ্ৰিকাৰ এনে লোকসকলৰ লগত আছিল, যিসকলৰ ভাষাৰ কোনো লিপি নাছিল। তাৰ পাছত তেওঁ কিছুমান লোকৰ লগত খʼছা ভাষাত লুকা কিতাপৰ অনুবাদ কৰে। এই কিতাপখন ১৮৩৩ চনত প্ৰকাশিত কৰা হৈছিল। এই কিতাপখনতো সেই সকলো ঠাইত ঈশ্বৰৰ নাম আছে, যʼত আজি নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যানত পোৱা যায়। খʼছা আৰু বাকী বণ্টু ভাষাৰ ব্যাকৰণৰ নিয়মবোৰ বুজিবলৈ সহজ নোহোৱাৰ সত্ত্বেও বʼয়ছে কোনোমতে সেইবোৰ বুজি লʼলে। ইয়াৰ পাছৰেপৰা বহুতো আফ্ৰিকী ভাষাত বাইবেল অনুবাদ কৰিবলৈ অনুবাদকসকলৰ বাবে সহজ হৈ পৰিল। আজি সম্পূৰ্ণ বাইবেল বা ইয়াৰ কিছুমান কিতাপ ১,০০০ তকৈ বেছি ভাষাত উপলব্ধ আছে। ইয়াৰপৰা বুজিব পাৰি যে সকলো দেশৰ লোকসকলৰ ওচৰত এই উপহাৰ থকাটো যিহোৱাই বিচাৰে।—পাঁচ. ১০:৩৫.

এজন ভাই আৰু ভনীসকলে খʼছা ভাষাত নতুনকৈ প্ৰকাশিত হোৱা ‘নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যানত’ বাইবেলখন লৈছে।

২০১৯ চনত নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান বাইবেল খʼছা ভাষাত প্ৰকাশ পায়। ইয়াৰ অনুবাদ এতিয়ালৈকে ১৮০ তকৈ বেছি ভাষাত উপলব্ধ আছে। ইয়াৰে কিছুমান ভাষাত সম্পূৰ্ণ বাইবেল আৰু বাকী ভাষাত ইয়াৰ কিছুমান কিতাপ আছে

১৬. যদি আমি বাইবেলৰ বাবে মূল্যাংকন দেখুৱাব বিচাৰোঁ, তেনেহʼলে মথি ২৮:১৯, ২০ পদৰ অনুসৰি আমি কি কৰা উচিত?

১৬ এই উপহাৰৰ বাবে আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ? আমি প্ৰতিদিনে বাইবেল পঢ়া উচিত, ইয়াত লিখা কথাবোৰৰ ওপৰত ধ্যান কৰা উচিত আৰু সেই অনুসৰি চলিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ উপৰিও, আমি যিমান পাৰোঁ, সিমান লোকক বাইবেলৰ বিষয়ে কোৱা উচিত।—গীত. ১:১-৩; মথি ২৪:১৪; মথি ২৮:১৯, ২০ পঢ়ক।

১৭. (ক) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিলোঁ? (খ) পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

১৭ এই লেখত আমি পৃথিৱী, আমাৰ অদ্ভুত মগজু আৰু ঈশ্বৰৰ বাক্য বাইবেলৰ বিষয়ে আলোচনা কৰিলোঁ। আমি দেখিলোঁ যে যিহোৱাই এই সকলো দি আমাৰ উপকাৰ কৰিছে। ইয়াৰ উপৰিও, যিহোৱাই আমাক আৰু বহুতো উপহাৰ দিছে, যাক আমি দেখা নাপাওঁ। এই বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম।

তলত উল্লেখ কৰা বিষয়বোৰৰ বাবে আমি কেনেকৈ মূল্যাংকন দেখুৱাব পাৰোঁ?

  • পৃথিৱী

  • আমাৰ মগজু

  • বাইবেল

গীত ১২ যিহোৱা মহান ঈশ্বৰ

a এই লেখত যিহোৱাই দিয়া তিনিটা ভাল বস্তুৰ বিষয়ে আলোচনা কৰা হʼব। ইয়াৰ যোগেদি যিহোৱাৰ প্ৰতি থকা আমাৰ কৃতজ্ঞতা আৰু বাঢ়িব। আমি এয়াও শিকিম যে যিসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে, তেওঁলোকৰ লগত আমি কেনেকৈ যুক্তি কৰিব পাৰিম।

b ছবিৰ বিষয়ে: এগৰাকী ভনীয়ে আন এক ভাষা শিকিছে, যাতে তাই বিদেশীসকলক তেওঁলোকৰ ভাষাত সত্য শিকাব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক