ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 মাৰ্চ পৃষ্ঠা ১৪-১৯
  • সমস্যাৰ সন্মুখীন হʼবলৈ বাইবেলে আপোনাক সহায় কৰিব পাৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সমস্যাৰ সন্মুখীন হʼবলৈ বাইবেলে আপোনাক সহায় কৰিব পাৰে
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ৰজা দায়ূৰপৰা আপুনি কি শিকিব পাৰে?
  • পৌলৰপৰা আপুনি কি শিকিব পাৰে?
  • বাইবেলত উল্লেখ কৰা লোকসকলৰপৰা শিকক
  • “যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • ডেকা ভাইসকল, আপোনালোকে আনৰ ভৰসা কেনেকৈ লাভ কৰিবে পাৰে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • ‘যিহোৱাক বিচৰা লোকসকলৰ মঙ্গলৰ একো অভাৱ নহব’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • জীৱনত পৰিৱৰ্তনশীল অৱস্থাৰ সম্মুখীন হোৱাৰ সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মাত ভাৰসা ৰাখক
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 মাৰ্চ পৃষ্ঠা ১৪-১৯

অধ্যয়নৰ লেখ ১১

সমস্যাৰ সন্মুখীন হʼবলৈ বাইবেলে আপোনাক সহায় কৰিব পাৰে

“আগেয়ে যি সকলো কথা লিখা হৈছিল, আমি ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ শান্ত্বনাৰে আশা পাবলৈ, আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল।”—ৰোম. ১৫:৪.

গীত ৯৪ যিহোৱাৰ বাক্যৰ প্ৰতি কৃতজ্ঞ

লেখৰ এক আভাসa

১. যিহোৱাৰ লোকসকলে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয়?

আপুনি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হৈ আছে নেকি? হয়তো মণ্ডলীৰ কোনো ভাই বা ভনীয়ে আপোনাক আঘাত দিছে। (যাকো. ৩:১, ২) বা আপুনি এজন যিহোৱাৰ সাক্ষী হোৱাৰ বাবে আপোনাৰ সহকৰ্মী বা সহপাঠীয়ে ঠাট্টা কৰিব পাৰে। (১ পিত. ৪:৩, ৪) বা আপোনাৰ পৰিয়ালৰ লোকসকলে আপোনাক সভা আৰু প্ৰচাৰত যাবলৈ বাধা দিব পাৰে। (মথি ১০:৩৫, ৩৬) যেতিয়া আমাৰ ওপৰত কোনো ডাঙৰ সমস্যা আহে, তেতিয়া আমি প্ৰায়ে সাহস হেৰুৱাও। কিন্তু মনত ৰাখক যে আপোনাৰ ওপৰত যিয়ে সমস্যা নাহক কিয়, যিহোৱাই আপোনাক সঠিক নিৰ্ণয় লʼবলৈ বুদ্ধি দিব আৰু সেই সমস্যা সহন কৰিবলৈ শক্তি দিব।

যদি আমি সমস্যাৰ সন্মুখীন হৈছোঁ, তেনেহʼলে আমি সহায় লাভ কৰিবলৈ কি কৰা উচিত?

  1. এজনী ভনীয়ে বাইবেল পঢ়াৰ আগতে প্ৰাৰ্থনা কৰিছে।

    ১. প্ৰাৰ্থনা কৰক

    বাইবেল পঢ়াৰ আগতে সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক, যাতে আপুনি যি পঢ়িব, তাৰপৰা আপুনি লাভৱান হʼব পাৰে (অনুচ্ছেদ ৩ চাওক)

  2. জেলত বন্দী থকাৰ সময়ত পাঁচনি পৌলে চিঠি লিখি থকাটো ভনীগৰাকীয়ে কল্পনা কৰিছে।

    ২. কল্পনা কৰক

    যিজন ব্যক্তিৰ বিষয়ে আপুনি পঢ়ি আছে, তেওঁৰ বিষয়ে কল্পনা কৰিবলৈ চেষ্টা কৰক (অনুচ্ছেদ ৪ চাওক)

  3. ভনীগৰাকীয়ে বাইবেলত যি পঢ়িলে, তাৰ ওপৰত ধ্যান কৰিছে আৰু তাই ‘ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ‘সাক্ষ্য’ দিয়ক’ নামৰ কিতাপখন পঢ়িছে।

    ৩. ধ্যান কৰক

    পঢ়া কথাবোৰ গভীৰভাৱে চিন্তা কৰক আৰু বুজিবলৈ চেষ্টা কৰক যে সেই তথ্যৰপৰা আপোনাৰ কি লাভ হʼব (অনুচ্ছেদ ৫ চাওক)

  4. পাৰ্কৰ এখন বেঞ্চত বহি থকাৰ সময়ত তাই এগৰাকী তিৰোতাক প্ৰচাৰ কৰিছে।

    ৪. শিকা কথাবোৰ পালন কৰক

    শিকা কথাবোৰ পালন কৰিলে আপুনি সঠিক নিৰ্ণয় লʼব পাৰিব, মনত শান্তি লাভ কৰিব আৰু আপোনাৰ বিশ্বাস মজবুত হʼব (অনুচ্ছেদ ৬ চাওক)

২. ৰোমীয়া ১৫:৪ পদৰ অনুসৰি বাইবেল পঢ়িলে কি লাভ হʼব?

২ যিহোৱাই বাইবেলত এনে লোকসকলৰ বিষয়ে উল্লেখ কৰিছে, যিসকলে সমস্যাবোৰ ধৈৰ্য্যৰে সহন কৰিছিল। কিন্তু যিহোৱাই তেওঁলোকৰ বিষয়ে বাইবেলত কিয় উল্লেখ কৰিছে? কিয়নো আমি তেওঁলোকৰপৰা শিকিব পাৰোঁ। এই কথা যিহোৱাই পাঁচনি পৌলৰ যোগেদিও লিখাইছিল। (ৰোমীয়া ১৫:৪ পঢ়ক।) যদি আমি এই লোকসকলৰ বিষয়ে পঢ়িম, তেনেহʼলে আমি সান্ত্বনা লাভ কৰিম আৰু উৎসাহিত হʼম। কিন্তু পঢ়াই যথেষ্ট নহয়। আমি যিয়ে পঢ়োঁ, সেয়া আমাৰ চিন্তাধাৰাৰ ওপৰত প্ৰভাৱ পৰা উচিত আৰু আমাৰ হৃদয় স্পৰ্শ কৰা উচিত। যদি আপুনি সমস্যাৰ সন্মুখীন হৈ আছে, তেনেহʼলে কিহে আপোনাক সহায় কৰিব পাৰে? এই চাৰিটা কথাই আপোনাক সহায় কৰিব: (১ ) প্ৰাৰ্থনা কৰক, (২ ) কল্পনা কৰক, (৩ ) ধ্যান কৰক আৰু (৪ ) শিকা কথাবোৰ পালন কৰক। এই লেখত আমি আলোচনা কৰিম যে আমি এইবোৰ কেনেকৈ কৰিব পাৰোঁ?b তাৰ পাছত আমি এই পদ্ধতিবোৰ ব্যৱহাৰ কৰি ৰজা দায়ূদ আৰু পাঁচনি পৌলৰ জীৱনৰপৰা বহুতো কথা শিকিব পাৰোঁ।

এজনী ভনীয়ে বাইবেল পঢ়াৰ আগতে প্ৰাৰ্থনা কৰিছে।

১. প্ৰাৰ্থনা কৰক

বাইবেল পঢ়াৰ আগতে সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক, যাতে আপুনি যি পঢ়িব, তাৰপৰা আপুনি লাভৱান হʼব পাৰে (অনুচ্ছেদ ৩ চাওক)

৩. (ক) বাইবেল পঢ়াৰ আগতে আপুনি কি কৰা উচিত? (খ) এইদৰে কৰিলে কি লাভ হʼব?

৩ (১ ) প্ৰাৰ্থনা কৰক। বাইবেল পঢ়াৰ আগতে যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু সহায় বিচাৰক, যাতে আপুনি যি পঢ়িছে, তাৰপৰা লাভৱান হʼব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি কিবা সমস্যাত ভুগি আছে, তেনেহʼলে বাইবেলৰপৰা সঠিক সিদ্ধান্ত বিচাৰি পাবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক।—ফিলি. ৪:৬, ৭; যাকো. ১:৫.

জেলত বন্দী থকাৰ সময়ত পাঁচনি পৌলে চিঠি লিখি থকাটো ভনীগৰাকীয়ে কল্পনা কৰিছে।

২. কল্পনা কৰক

যিজন ব্যক্তিৰ বিষয়ে আপুনি পঢ়ি আছে, তেওঁৰ বিষয়ে কল্পনা কৰিবলৈ চেষ্টা কৰক (অনুচ্ছেদ ৪ চাওক)

৪. আপোনাৰ মনত বাইবেলত উল্লেখ কৰা লোকসকলৰ ছবি ভাহি আহিবলৈ আপুনি কি কৰা উচিত?

৪ (২ ) কল্পনা কৰক। যিহোৱাই আমাক কল্পনা কৰাৰ অদ্ভুদ দক্ষতা দিছে। যিজন ব্যক্তিৰ বিষয়ে আপুনি পঢ়ি আছে, যদি তেওঁৰ বিষয়ে কল্পনা কৰে যে তেওঁ কেনেধৰণৰ ব্যক্তি হয়, তেওঁ কি কৰি আছে, তেওঁৰ আশে-পাশে কি হৈ আছে, তেওঁ কি চাই আছে, তেওঁ কেনে অনুভৱ কৰিছে, তেনেহʼলে আপোনাৰ মনত সেই ব্যক্তিজনৰ ছবি ভাহি আহিব।

ভনীগৰাকীয়ে বাইবেলত যি পঢ়িলে, তাৰ ওপৰত ধ্যান কৰিছে আৰু তাই ‘ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ‘সাক্ষ্য’ দিয়ক’ নামৰ কিতাপখন পঢ়িছে।

৩. ধ্যান কৰক

পঢ়া কথাবোৰ গভীৰভাৱে চিন্তা কৰক আৰু বুজিবলৈ চেষ্টা কৰক যে সেই তথ্যৰপৰা আপোনাৰ কি লাভ হʼব (অনুচ্ছেদ ৫ চাওক)

৫. (ক) ধ্যান কৰাৰ অৰ্থ কি? (খ) আপুনি কেনেকৈ ধ্যান কৰিব পাৰে?

৫ (৩ ) ধ্যান কৰক। ধ্যান কৰাৰ অৰ্থ হৈছে আপুনি যি পঢ়ি আছে, তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰা আৰু এই বিষয়ৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে, তাক বুজি পোৱা। ধ্যান কৰিলে কোনো এটা বিষয়ৰ আগৰ তথ্যৰ লগত এতিয়াৰ তথ্য মিলাব পাৰি আৰু এইদৰে কৰিলে আপুনি বিষয়টো ভালদৰে বুজিব পাৰিব। যদি আপুনি বাইবেল পঢ়াৰ পাছত ধ্যান নকৰে, তেনেহʼলে এনে হʼব যেন আপুনি খোৱা বস্তু ৰান্ধিবলৈ সকলো বস্তু যোগাৰ কৰিলে, কিন্তু সেইবোৰ একেলগে মিলাই ৰন্ধা নাই। কিন্তু যেতিয়া আপুনি ধ্যান কৰে, তেতিয়া এনে হয় যেন আপুনি সকলো বস্তু মিলাই ৰান্ধিলে আৰু এক সুৱাদ লগা আহাৰ তৈয়াৰ হয়। ধ্যান কৰিবলৈ আপুনি নিজকে কিছুমান প্ৰশ্ন সুধিব পাৰে। যেনে, এই ঘটনাৰ মূখ্য ব্যক্তিজনে নিজৰ সমস্যাৰ সন্মুখীন হʼবলৈ কি কৰিলে? যিহোৱাই তেওঁক কেনেকৈ সহায় কৰিলে? নিজৰ সমস্যাৰ সন্মুখীন হʼবলৈ মই এই ব্যক্তিজনৰপৰা কি শিকিব পাৰোঁ।

পাৰ্কৰ এখন বেঞ্চত বহি থকাৰ সময়ত তাই এগৰাকী তিৰোতাক প্ৰচাৰ কৰিছে।

৪. শিকা কথাবোৰ পালন কৰক

শিকা কথাবোৰ পালন কৰিলে আপুনি সঠিক নিৰ্ণয় লʼব পাৰিব, মনত শান্তি লাভ কৰিব আৰু আপোনাৰ বিশ্বাস মজবুত হʼব (অনুচ্ছেদ ৬ চাওক)

৬. শিকা কথাবোৰ আপুনি কিয় পালন কৰা উচিত?

৬ (৪ ) শিকা কথাবোৰ পালন কৰক। যীচুৱে কৈছিল যদি এজন ব্যক্তিয়ে শিকা কথাবোৰ পালন নকৰে, তেনেহʼলে সেই ব্যক্তিজনে বালিত ঘৰ সাজে। তেওঁ সেই ঘৰখন বনাবলৈ যিমান পৰিশ্ৰম কৰিছিল, সেই পৰিশ্ৰম ব্যৰ্থ হʼব। কাৰণ ধুমুহা আৰু বানপানীয়ে সেই ঘৰখন ভাঙি পেলাব। (মথি ৭:২৪-২৭) ঠিক সেইদৰে, যদি আপুনি প্ৰাৰ্থনা কৰে, কল্পনা কৰে আৰু ধ্যান কৰে, কিন্তু শিকা কথাবোৰ পালন নকৰে, তেনেহʼলে আপোনাৰ সকলো পৰিশ্ৰম ব্যৰ্থ হʼব। কিয়নো যেতিয়া আপোনাৰ ওপৰত তাড়না আৰু সমস্যা আহিব, তেতিয়া আপোনাৰ বিশ্বাস দুৰ্বল হৈ পৰিব। কিন্তু যদি আপুনি শিকা কথাবোৰ পালন কৰে, তেনেহʼলে আপুনি সঠিক নিৰ্ণয় লʼব পাৰিব, আপুনি মনত শান্তি লাভ কৰিব আৰু আপোনাৰ বিশ্বাসো মজবুত হʼব। (যিচ. ৪৮:১৭, ১৮) আহক চাওঁ এই চাৰিটা কথাৰ যোগেদি আপুনি ৰজা দায়ূদৰ জীৱনৰপৰা কি শিকিব পাৰে।

ৰজা দায়ূৰপৰা আপুনি কি শিকিব পাৰে?

৭. আমি বাইবেলৰ কোনটো উদাহৰণলৈ মন কৰিম?

৭ কোনো বন্ধু বা পৰিয়ালৰ লোকসকলে আপোনাৰ লগত বিশ্বাসঘাত কৰিছেনে? যদি কৰিছে, তেনেহʼলে ৰজা দায়ূদৰ উদাহৰণলৈ মন কৰক। দায়ূদৰ পুত্ৰ অবচালোমে তেওঁক বিশ্বাসঘাত কৰিলে আৰু তেওঁৰ ঠাইত নিজে ৰজা হʼবলৈ চেষ্টা কৰিলে।—২ চমূ. ১৫:৫-১৪, ৩১; ১৮:৬-১৪.

৮. যিহোৱাৰপৰা সহায় পাবলৈ আপুনি কি কৰা উচিত?

৮ (১ ) প্ৰাৰ্থনা কৰক। বাইবেলত পঢ়া কথাখিনি মনত ৰাখি, যিহোৱাক স্পষ্টকৈ জনাওক যে আপুনি যি সমস্যাৰ সন্মুখীন হৈছে, তাৰ বিষয়ে আপুনি কেনে অনুভৱ কৰিছে। (গীত. ৬:৬-৯) তাৰ পাছত তেওঁক কওক যে তেওঁ এনে সিদ্ধান্ত বিচাৰিবলৈ আপোনাক সহায় কৰে, যাৰপৰা আপুনি বুজি পায় যে আপুনি কি কৰা উচিত।

৯. দায়ূদ আৰু অবচালোমৰ মাজত কি হৈছিল?

৯ (২ ) কল্পনা কৰক। কল্পনা কৰক যে সেইসময়ত দায়ূদৰ কেনে অনুভৱ হৈছিল। বহুবছৰৰপৰা অবচালোমে লোকসকলৰ মন তেওঁৰ ফালে নিবলৈ চেষ্টা কৰিছিল। (২ চমূ. ১৫:৭) তাৰ পাছত তেওঁ সঠিক সময়ত গোটেই ইস্ৰায়েলত নিজৰ চোৰাংচোৱা পঠিয়ালে, যাতে লোকসকলে তেওঁক ৰজা হিচাপে স্বীকাৰ কৰে। অবচালোমে দায়ূদৰ বন্ধু আৰু বিশ্বাসী পৰামৰ্শদাতা অহীথোফলকো নিজৰ ফালে কৰি লʼলে। তাৰ পাছত তেওঁ নিজকে ৰজা হিচাপে ঘোষণা কৰিলে আৰু দায়ূদক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিলে, আনকি সেইসময়ত দায়ূদ বহুত বেমাৰ আছিল। (গীত. ৪১:১-৯) যেতিয়া দায়ূদে এই ষড়যন্ত্ৰৰ বিষয়ে গম পালে, তেতিয়া তেওঁ যিৰূচালেমলৈ পলাই যায়। তাৰ পাছত অবচালোমৰ সৈন্য আৰু দায়ূদৰ লোকসকলৰ মাজত যুদ্ধ হয়। সেই যুদ্ধত অবচালোমৰ মৃত্যু হয় আৰু অবচালোমৰ সৈন্যসকল পৰাজিত হয়।

১০. ৰজা দায়ূদে বিচৰা হʼলে কি কৰিব পাৰিলেহেঁতেন?

১০ কল্পনা কৰক দায়ূদে কেনে অনুভৱ কৰিছিল। তেওঁ নিজৰ পুত্ৰ অবচালোমক বহুত প্ৰেম কৰিছিল আৰু নিজৰ বন্ধু অহীথোফলক ভৰসা কৰিছিল। কিন্তু দুয়োজনে তেওঁৰ লগত বিশ্বাসঘাত কৰিলে। তেওঁলোকে দায়ূদক হত্যাও কৰিব বিচাৰিছিল। দায়ূদৰ আন বন্ধুসকলেও অবচালোমৰ ফলীয়া হৈছে বুলি দায়ূদে তেওঁলোকৰ ওপৰত সন্দেহ কৰিব পাৰিলেহেঁতেন। তেওঁ বিচৰা হʼলে কেৱল নিজৰ বিষয়ে চিন্তা কৰিব পাৰিলেহেঁতেন আৰু নিজৰ জীৱন ৰক্ষা কৰি পলাই যাব পাৰিলেহেঁতেন বা তেওঁ একেবাৰে নিৰাশ হৈ যাব পাৰিলেহেঁতেন। কিন্তু দায়ূদে এইদৰে নকৰিলে। তেওঁ নিজৰ সমস্যাবোৰ সন্মুখীন হʼব পাৰিলে। তেওঁ এইদৰে কিয় কৰিব পাৰিলে? আহক চাওঁ?

১১. দায়ূদে নিজৰ সমস্যাৰ কেনেকৈ সন্মুখীন হʼব পাৰিলে?

১১ (৩ ) ধ্যান কৰক। এই বিষয়ে চিন্তা কৰক যে দায়ূদে নিজৰ সমস্যাবোৰ সন্মুখীন হʼবলৈ কি কৰিলে? দায়ূদে ভয় কৰি হাৰ মনা নাছিল আৰু লগে লগে নিৰ্ণয়ো লোৱা নাছিল। ইয়াৰ পৰিৰ্ৱতে, তেওঁ যিহোৱাৰপৰা সহায় বিচাৰিলে। তেওঁ নিজৰ বন্ধুসকলৰপৰাও সহায় বিচাৰিলে। তেওঁ যি নিৰ্ণয় লৈছিল, সেই অনুসৰি লগে লগে পদক্ষেপো লʼলে। যদিও দায়ূদে বৰ আঘাত পাইছিল, কিন্তু তেওঁ খং কৰা নাছিল। তেওঁ যিহোৱা আৰু নিজৰ বন্ধুসকলৰ ওপৰত ভৰসা কৰি থাকিল।

১২. যিহোৱাই দায়ূদক কেনেকৈ সহায় কৰিছিল?

১২ যিহোৱাই দায়ূদক কেনেকৈ সহায় কৰিছিল? আপুনি যদি অনুসন্ধান কৰে, তেনেহʼলে আপুনি জানিব পাৰিব যে যিহোৱাই এই সমস্যাৰ সন্মুখীন হʼবলৈ দায়ূদক সাহস দিছিল। (গীত. ৩:১-৮; ওপৰৰ লেখ) যিহোৱাই দায়ূদৰ নিৰ্ণয়তো আশীৰ্বাদ দিলে। যেতিয়া দায়ূদৰ লোকসকলে তেওঁক ৰক্ষা কৰিবলৈ অবচালোমৰ সৈন্যৰ লগত যুদ্ধ কৰিছিল, তেতিয়াও যিহোৱাই তেওঁলোকক ৰক্ষা কৰিলে।

১৩. কোনোবাই আপোনাক আঘাত দিলে, আপুনি দায়ূদৰ দৰে কি কৰিব পাৰে? (মথি ১৮:১৫-১৭)

১৩ (৪ ) শিকা কথাবোৰ পালন কৰক। নিজকে সোধক, মই দায়ূদৰ দৰে কি কৰিব পাৰোঁ? সমস্যাটো সমাধান কৰিবলৈ লগে লগে পদক্ষেপ লওক। প্ৰয়োজন হʼলে যীচুৱে মথি ১৮ অধ্যায়ত দিয়া পৰামৰ্শ পালন কৰক। (মথি ১৮:১৫-১৭ পঢ়ক।) বিশেষকৈ আপোনাৰ খং উঠি থকাৰ সময়ত আপুনি লগে লগে নিৰ্ণয় লোৱা উচিত নহয়। শান্ত মনেৰে আৰু বুদ্ধিমতাৰে কাম কৰিবলৈ যিহোৱাৰপৰা সহায় বিচাৰক। নিজৰ বন্ধুসকলৰ ওপৰত ভৰসা কৰক আৰু তেওঁলোকৰ সহায় লওক। (হিতো. ১৭:১৭) এই সকলোতকৈ বাইবেলত যিহোৱাই যি পৰামৰ্শ দিয়ে, তাক পালন কৰক।—হিতো. ৩:৫, ৬.

পৌলৰপৰা আপুনি কি শিকিব পাৰে?

১৪. কেনে পৰিস্থিতিত আপুনি ২ তীমথিয় ১:১২-১৬; ৪:৬-১১, ১৭-২২ পদৰপৰা উৎসাহিত হʼব পাৰে?

১৪ আপোনাৰ পৰিয়ালৰ লোকসকলে আপোনাক বিৰোধ কৰেনে? বা আপুনি এনে দেশত থাকেনে যʼত আমাৰ কাম নিষেধ কৰা হৈছে। যদি হয়, তেনেহʼলে ২ তীমথিয় ১:১২-১৬ আৰু ৪:৬-১১, ১৭-২২ পদত পৌলে যি লিখিছে, সেইবোৰ পঢ়ি আপুনি উৎসাহিত হʼব।c পৌলে জেলত বন্দী হৈ থকাৰ সময়ত এইবোৰ কথা লিখিছিল।

১৫. আপুনি কিহৰ বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে?

১৫ (১ ) প্ৰাৰ্থনা কৰক। এই পদবোৰ পঢ়াৰ সময়ত আপুনি যিহোৱাক স্পষ্টকৈ জনাওক যে আপুনি কি কি সমস্যাৰ সন্মুখীন হৈছে আৰু আপুনি কেনে অনুভৱ কৰিছে। তাৰ পাছত তেওঁক কওক যে তেওঁ এনে সিদ্ধান্ত বিচাৰিবলৈ আপোনাক সহায় কৰে, যাৰ যোগেদি আপুনি নিজৰ সমস্যা পাৰ কৰিব পাৰে।

১৬. পৌলৰ লগত কি হৈছিল?

১৬ (২ ) কল্পনা কৰক। পৌলৰ পৰিস্থিতিৰ বিষয়ে কল্পনা কৰক। তেওঁ ৰোমৰ এখন জেলত বন্দী আছে আৰু তেওঁক শিকলিৰে বন্ধা হৈছে। তেওঁ আগতেও জেলত বন্দী আছিল, কিন্তু এইবাৰ তেওঁক হত্যা কৰা হʼব বুলি তেওঁ জানে। তেওঁৰ কিছুমান বন্ধুৱে তেওঁক এৰি দিছে আৰু তেওঁ শাৰীৰিকভাৱেও ভাগৰি পৰিছে।—২ তীম. ১:১৫.

১৭. পৌলে বিচৰা হʼলে কি কৰিব পাৰিলেহেঁতেন?

১৭ পৌলে বিচৰা হʼলে ভাবিব পাৰিলেহেঁতেন মই খ্ৰীষ্টান নোহোৱা হʼলে মোৰ লগত এইদৰে নহʼলহেঁতেন। মোক জেলত বন্দী নকৰিলেহেঁতেন। এছিয়াৰ যিসকল ভায়ে পৌলক এৰি দিছিল, পৌলে তেওঁলোকক খং কৰিব পাৰিলেহেঁতেন আৰু তেওঁ আন বন্ধুসকলৰ ওপৰত ভৰসা নকৰিব পাৰিলেহেঁতেন। কিন্তু পৌলে এইদৰে নকৰিলে। তেওঁ নিজৰ বন্ধুসকলৰ ওপৰত ভৰসা কৰিলে আৰু যিহোৱাই তেওঁক পুৰস্কাৰ দিব বুলি বিশ্বাস কৰিলে। তেওঁৰ কিয় ইমান বিশ্বাস আছিল?

১৮. পৌলে নিজৰ সমস্যাৰ কেনেকৈ সন্মুখীন হৈছিল?

১৮ (৩ ) ধ্যান কৰক। এই বিষয়ে চিন্তা কৰক যে “পৌলে নিজৰ সমস্যাবোৰ সন্মুখীন হʼবলৈ কি কৰিলে?” পৌলে জানিছিল যে অতি সোনকালে তেওঁৰ মৃত্যু হʼব। তথাপি তেওঁ যিহোৱাৰ মহিমা কেনেকৈ কৰিব পাৰে, তাৰ বিষয়ে চিন্তা কৰিছিল। তেওঁ নিজৰ বিষয়ে চিন্তা কৰাৰ পৰিৰ্ৱতে আনৰ বিষয়ে চিন্তা কৰিছিল যে তেওঁ আনক কেনেকৈ উৎসাহিত কৰিব পাৰে। তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰি থাকিল আৰু তেওঁৰ ওপৰত নিৰ্ভৰ আছিল। (২ তীম. ১:৪) যিসকলে তেওঁক এৰি দিছিল, তেওঁলোকৰ বিষয়ে চিন্তা কৰি তেওঁ দুখ কৰা নাছিল। ইয়াৰ পৰিৰ্ৱতে, কঠিন পৰিস্থিতিত যিসকলে তেওঁক সহায় কৰিছিল, পৌলে তেওঁলোকৰ প্ৰতি কৃতজ্ঞ আছিল। তেওঁ শাস্ত্ৰৰ অধ্যয়নো কৰিছিল। (২ তীম. ৩:১৬, ১৭; ৪:১৩) এই সকলোতকৈ যিহোৱা আৰু যীচুৱে তেওঁক প্ৰেম কৰে বুলি তেওঁৰ বিশ্বাস আছিল। যিহোৱা আৰু যীচুৱে পৌলক এৰি দিয়া নাছিল আৰু তেওঁলোকে পৌলৰ বিশ্বাসৰ বাবে তেওঁক নিশ্চয় পুৰস্কাৰ দিব।

১৯. যিহোৱাই পৌলক কেনেকৈ সহায় কৰিলে?

১৯ যিহোৱাই পৌলক কৈছিল যে খ্ৰীষ্টান হʼলে তেওঁ কিছুমান সমস্যাৰ সন্মুখীন হʼব লাগিব। (পাঁচ. ২১:১১-১৩) কিন্তু পৌল অকলশৰীয়া নাছিল। যিহোৱাই তেওঁক সহায় কৰিলে। কেনেকৈ বাৰু? যিহোৱাই পৌলৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁক শক্তি দিলে। (২ তীম. ৪:১৭) যিহোৱাই পৌলক আশ্বাস দিলে যে তেওঁ যি পুৰস্কাৰৰ বাবে পৰিশ্ৰম কৰিছে, সেয়া তেওঁ নিশ্চয় পাব। যিহোৱাই পৌলৰ বন্ধুসকলক পৌলৰ সহায় কৰিবলৈ অনুপ্ৰাণিত কৰিলে।

২০. (ক) ৰোমীয়া ৮:৩৮, ৩৯ পদৰ অনুসৰি পৌলৰ কি কথাৰ ওপৰত বিশ্বাস আছিল? (খ) আমি তেওঁৰ দৰে কি কৰিব পাৰোঁ?

২০ (৪ ) শিকা কথাবোৰ পালন কৰক। নিজকে সোধক, ‘মই পৌলৰ দৰে কি কৰিব পাৰোঁ।’ যিদৰে পৌলক তাড়না দিয়া হৈছিল, ঠিক সেইদৰে, আপোনাকো নিজৰ বিশ্বাসৰ বাবে তাড়না দিয়া হʼব। (মাৰ্ক ১০:২৯, ৩০) কিন্তু যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ তেওঁলৈ প্ৰাৰ্থনা কৰক, তেওঁৰ ওপৰত নিৰ্ভৰ হওক আৰু বাইবেলৰ অধ্যয়ন কৰি থাকক। কিন্তু এটা কথা মনত ৰাখিব যে যিহোৱাৰ মহিমা কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। যিহোৱাই আপোনাক কেতিয়াও অকলে এৰি নিদিব বুলি বিশ্বাস ৰাখক আৰু কোনো কথাই আপোনাক তেওঁৰ প্ৰেমৰ পৰা পৃথক কৰিব নোৱাৰিব।—ৰোমীয়া ৮:৩৮, ৩৯ পঢ়ক; ইব্ৰী ১৩:৫, ৬.

বাইবেলত উল্লেখ কৰা লোকসকলৰপৰা শিকক

২১. আয়াকʼ আৰু হেক্টৰে নিজৰ সমস্যাৰ কেনেকৈ সন্মুখীন হʼব পাৰিলে?

২১ যদি আমি বাইবলেত উল্লেখ কৰা লোকসকলৰ বিষয়ে পঢ়িম, তেনেহʼলে আমি সাহস লাভ কৰিম আৰু আমি সমস্যাবোৰ পাৰ কৰিব পাৰিম। উদাহৰণস্বৰূপে, জাপানৰ অগ্ৰগামী সেৱক ভনী আয়াকʼক ৰাজহুৱাভাৱে প্ৰচাৰ কৰিবলৈ ভয় লাগিছিল। কিন্তু বাইবেলৰপৰা যোনাৰ বিষয়ে পঢ়ি তাই নিজৰ ভয় দূৰ কৰিব পাৰিলে। ইণ্ডোনেছিয়াৰ হেক্টৰ নামৰ ডেকা ভাইজনলৈ মন কৰক। তেওঁৰ পিতৃ-মাতৃ সত্যত নাই। কিন্তু বাইবেলত ৰূথৰ বিষয়ে পঢ়ি তেওঁ যিহোৱাৰ বিষয়ে শিকিবলৈ ধৰিলে আৰু তেওঁৰ সেৱা কৰিবলৈ ধৰিলে।

২২. (ক) বাইবেলত উল্লেখ কৰা লোকসকলৰ বিষয়ে আপুনি কʼৰপৰা জানিব পাৰে? (খ) ইয়াৰপৰা লাভৱান হʼবলৈ আপুনি কি কৰিব পাৰে?

২২ বাইবেলত উল্লেখ কৰা লোকসকলৰ বিষয়ে আপুনি কʼৰপৰা জানিব পাৰে? আমাৰ ভিডিঅʼ, নাটকৰ আকাৰত বাইবেল পঢ়া আৰু “তেওঁলোকৰ বিশ্বাসৰ উদাহৰণ অনুকৰণ কৰক” নামৰ ধাৰাবাহিকত পাব।d এইবোৰ চোৱা, শুনা আৰু পঢ়াৰ আগতে যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু তেওঁক স্পষ্টকৈ জনাওক যে আপোনাক কি বিষয়ত সহায়ৰ প্ৰয়োজন আছে। সেই লোকসকলৰ বিষয়ে কল্পনা কৰক যে তেওঁ কেনে পৰিস্থিতিত আছে, তেওঁ কি চিন্তা কৰি আছে আৰু তেওঁ কেনে অনুভৱ কৰিছে। ধ্যান কৰক যে তেওঁ নিজৰ সমস্যাৰ কেনেকৈ সন্মুখীন হʼল আৰু যিহোৱাই তেওঁক কেনেকৈ সহায় কৰিলে। তাৰ পাছত আপুনি যি শিকিলে সেই অনুসৰি কাম কৰক। যিহোৱাই এতিয়ালৈকে আপোনাৰ বাবে যি কৰিলে, তাৰ বাবে তেওঁক ধন্যবাদ দিয়ক। আনক সহায় কৰাৰ যোগেদি যিহোৱাই কৰা কামৰ বাবে তেওঁক মূল্যাংকন কৰক।

২৩. যিচয়া ৪১:১০, ১৩ পদত যিহোৱাই আমাক কি প্ৰতিজ্ঞা কৰিছে?

২৩ চয়তানৰ জগতত জীয়াই থকাটো সহজ নহয়। কেতিয়াবা কেতিয়াবা আমি বুজি নাপাওঁ যে আমি কি কৰা উচিত। (২ তীম. ৩:১) কিন্তু আমি ভয় কৰাৰ প্ৰয়োজন নাই কিয়নো আমি কেনে সমস্যাৰ সন্মুখীন হৈ আছোঁ, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে। তেওঁ আমাক প্ৰতিজ্ঞা কৰিছে যে কঠিন পৰিস্থিতিত তেওঁ আমাৰ সোঁহাত ধৰি যত্ন লʼব। (যিচয়া ৪১:১০, ১৩ পঢ়ক।) আমি ভৰসা কৰিব পাৰোঁ যে যিহোৱাই আমাক সহায় কৰিব আৰু যিকোনো সমস্যাৰ সন্মুখীন হʼবলৈ বাইবেলৰ যোগেদি তেওঁ আমাক সাহস দিব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • এই লেখত আমি ব্যক্তিগত অধ্যয়ন কৰাৰ কি কি উপায় শিকিলোঁ?

  • ৰজা দায়ূদ আৰু পাঁচনি পৌলৰপৰা আপুনি কি শিকিলে?

  • বাইবেলত উল্লেখ কৰা কোনজন ব্যক্তিৰ বিষয়ে আপুনি আৰু ভালদৰে অধ্যয়ন কৰিব বিচাৰে?

গীত ৯৬ যিহোৱাৰ পবিত্ৰ কিতাপ—এক ৰত্ন

a বাইবেলত বহুতো লোকৰ বিষয় উল্লেখ আছে। তেওঁলোকৰ ঘটনাৰপৰা বুজিব পাৰি যে যিহোৱাই নিজৰ সেৱকসকলক বহুত প্ৰেম কৰে আৰু যিকোনো সমস্যাত তেওঁলোকক সহায় কৰিবলৈ সাজু থাকে। এই লেখত আমি ব্যক্তিগত অধ্যয়ন কৰাৰ এটা উপায় চাম, যাতে বাইবেল পঢ়ি আপুনি লাভৱান হয়।

b এই লেখত ব্যক্তিগত অধ্যয়নৰ কৰাৰ বিষয়ে কেৱল এটা উপায় কোৱা হৈছে। ব্যক্তিগত অধ্যয়ন কৰাৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইড (হিন্দী) নামৰ কিতাপখনৰ “বাইবেল” বিষয়ৰ তলত দিয়া “বাইবেল পঢ়ক আৰু বুজক” নামৰ উপশীৰ্ষকত চাওক।

c এই পদবোৰ মণ্ডলীৰ প্ৰহৰীদুৰ্গ অধ্যয়নৰ সময়ত নপঢ়িব।

d jw.org. ৱেবছাইটত “তেওঁলোকৰ বিশ্বাসৰ উদাহৰণ অনুকৰণ কৰক” বাইবেলত উল্লেখ কৰা লোকসকলৰ বিষয়ে চাওক। (বাইবেলৰ শিক্ষা > ঈশ্বৰৰ ওপৰত বিশ্বাস ভাগলৈ যাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক