ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 জুন পৃষ্ঠা ২৬-৩০
  • যিহোৱাক সন্মুখত ৰাখি নিৰ্ণয় লʼলোঁ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাক সন্মুখত ৰাখি নিৰ্ণয় লʼলোঁ
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • উপশীৰ্ষক
  • লেবনানত প্ৰচাৰ কাম
  • আন এখন দেশলৈ যোৱাৰ নিৰ্ণয়
  • দুখজনক ঘটনা
  • জীৱনত লোৱা কিছুমান গুৰুত্বপূৰ্ণ নিৰ্ণয়
  • আন এক গুৰুত্বপূৰ্ণ নিৰ্ণয়
  • আচৰিত, কিন্তু আনন্দিত
  • আমি নিজৰ ঘৰ সলনি কৰিলোঁ
  • মোৰ নিৰ্ণয়ৰপৰা মই দুখী নহয়
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 জুন পৃষ্ঠা ২৬-৩০

জীৱন কাহিনী

যিহোৱাক সন্মুখত ৰাখি নিৰ্ণয় লʼলোঁ

দেয়া য়াজবেকৰ বাক্য

দেয়া য়াজবেকৰ ডেকা কালৰ ফটো।

মই ৱেনেজুৱেলাৰ কৰাকʼছ চহৰত বাস কৰিছিলোঁ। সেই এলেকাত বহুতো ধনী লোক থাকিছিল। ১৯৮৪ চনৰ কথা হয়, মই কামলৈ গৈ আছিলোঁ। সেইসময়ত কিছুদিনৰ আগতে পঢ়া প্ৰহৰীদুৰ্গৰ এখন লেখ মোৰ মনত পৰিছিল। তাত ওচৰ-চুবুৰীয়াই আমাৰ বিষয়ে কি ভাবে তাৰ বিষয়ে উল্লেখ আছিল। মই চিন্তা কৰিবলৈ ধৰিলোঁ যে মোৰ ওচৰ-চুবুৰীয়াই মোৰ বিষয়ে কি ভাবে। তেওঁলোকে মোক বেংকৰ কামত সফলতা লাভ কৰা ব্যক্তি বুলি ভাবে নে ঈশ্বৰৰ সেৱক বুলি ভাৱে, যিয়ে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ বেংকত কাম কৰে। মই বুজি পালোঁ যে লোকসকলে মোক বেংকৰ কামত সফলতা লাভ কৰা ব্যক্তি বুলি ভাবে। এই কথা মোক ভাল নালাগিছিল, সেইবাবে মই ইয়াৰ বিষয়ে কিবা কৰিম বুলি ভাবিলোঁ।

১৯৪০ চনৰ মেʼ মাহৰ ১৯ তাৰিখে লেবনানৰ এমিয়ুন নামৰ ঠাইত মোৰ জন্ম হৈছিল। কিছু বছৰৰ পাছত আমি ট্ৰিপোলিলৈ গʼলোঁ। আমি পাঁচজন ভাই-ভনী আছিলোঁ, তিনিজনী ছোৱালী আৰু দুজন লʼৰা। মই সকলোতকৈ সৰু আছিলোঁ। মোৰ পিতৃ-মাতৃ যিহোৱাৰ সাক্ষী আছিল আৰু তেওঁলোকে আমাক যিহোৱাৰ উপাসনা কৰিবলৈ শিকালে। তেওঁলোকৰ বাবে টকা-পইচা অৰ্জন কৰাতকৈ সভালৈ যোৱা, বাইবেল অধ্যয়ন কৰা আৰু প্ৰচাৰ কৰাটো গুৰুত্বপূৰ্ণ আছিল।

আমাৰ মণ্ডলীত বহুতো অভিষিক্ত ভাই-ভনী আছিল। তেওঁলোকৰ মাজৰ এজন আছিল ভাই মিচেল আবোদ। তেওঁ আমাৰ পুস্তক অধ্যয়ন পৰিচালনা কৰিছিল। তেওঁ ১৯২১ চনত সত্য শিকিছিল আৰু লেবনানত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। গিলিয়েডৰপৰা গ্ৰেজুৱেট হৈ এন আৰু গোৱেন বিবৰ নামৰ দুগৰাকী ভনীয়ে লেবনান চহৰত সেৱা কৰিবলৈ আহিছিল। ভাই আবোদে তেওঁলোকৰ লগত সন্মানেৰে ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকৰ বহুত সহায় কৰিছিল। আমি সকলোৱে ভাল বন্ধু হৈ পৰিছিলোঁ। বহুবছৰৰ পাছত আমেৰিকাত ভনী এনক লগ পাই মই বহুত আনন্দিত হʼলোঁ! ইয়াৰ কিছু বছৰৰ পাছত মই ভনী গোৱেনকো লগ পালোঁ। ভাই বিলফ্ৰেড গোচৰ লগত তাইৰ বিয়া হৈছিল আৰু দুয়োজনে মিলি লণ্ডনৰ বেথেলত সেৱা কৰি আছিল।

লেবনানত প্ৰচাৰ কাম

যেতিয়া মই ডেকা আছিলোঁ, তেতিয়া লেবনানত বহু কম সংখ্যক প্ৰচাৰক আছিল। তথাপি আমি উৎসাহেৰে প্ৰচাৰ কৰিছিলোঁ। কিছুমান ঘটনা মোৰ আজিও মনত আছে।

এদিনাখন মই আৰু মোৰ বাইদেউ চʼনাই এখন বিলডিঙত প্ৰচাৰ কৰি আছিলোঁ। আমি তাত প্ৰচাৰ কৰি আছোঁ বুলি হয়তো কোনোবাই এজন পাদুৰীক খবৰ দিলে আৰু সেই পাদুৰীজন তাত আহি পালে। পাদুৰীজনে মোৰ বাইদেউক গালি পাৰিবলৈ ধৰিলে। তেওঁ বাইদেউক খট-খটিৰপৰা তললৈ ঠেলি দিলে আৰু বাইদেউৱে দুখ পালে। সেইসময়ত কোনোবাই পুলিচক ফোন কৰিলে। পুলিচে বাইদেউক সহায় কৰিবলৈ লোকসকলক কʼলে আৰু পাদুৰীজনক থানালৈ লৈ গʼল। তালৈ যোৱাৰ পাছত তেওঁলোকে গʼম পালে যে পাদুৰীজনৰ ওচৰত পিচটʼল আছে। সেইসময়মত এজন পুলিচৰ অধিকাৰীজনে তেওঁক সুধিলে “আপুনি লোকসকলক ঈশ্বৰৰ বিষয়ে শিকায় নে গুণ্ডাগিৰী কৰিবলৈ শিকায়?”

আন এটা ঘটনা মোৰ ভালদৰে মনত আছে। আমাৰ মণ্ডলীয়ে এখন বাছ ভাড়াত লৈছিল আৰু আমি প্ৰচাৰ কৰিবলৈ দূৰৰ এখন গাঁৱত গৈছিলোঁ। আমি বহুত আনন্দিত আছিলোঁ। তেতিয়া সেই এলেকাৰ পাদুৰীয়ে এটা ভীৰক লৈ আহিলে আৰু আমাক ধমকি দিবলৈ ধৰিলে। তেওঁলোকে আমাৰ ওপৰত চিঞৰিবলৈ ধৰিলে আৰু শিলগুটি দলিয়ালে। দুখৰ বিষয়ে যে মোৰ দেউতাই মূৰত শিলগুটি লাগি আঘাত পালে। মোৰ আজিও মনত আছে যে তেওঁৰ মুখখন তেজেৰে ৰঙা হৈ পৰিছিল। দেউতাই মাৰ লগত বাছলৈ উভতি গʼল আৰু আমিও তেওঁলোকৰ পিছে পিছে গʼলোঁ। কিন্তু মায়ে দেউতাৰ চেহেৰা চফা কৰি থাকোঁতে তাই এষাৰ কথা কৈছিল, যি মই কেতিয়াও নাপাহৰিম। তাই কৈছিল, “হে যিহোৱা, তেওঁবিলাকক ক্ষমা কৰা। কিয়নো তেওঁবিলাকে কি কৰিছে, তাক নাজানে।”

মোৰ আৰু এটা ঘটনা মনত আছে। আমি পৰিয়ালৰ সম্বন্ধীয় লোকসকলক লগ কৰিবলৈ গাঁৱলৈ গৈছিলোঁ। তাত আমি ককাৰ ঘৰত এজন বিশ্বপ বা প্ৰধান পাদুৰীক লগ পালোঁ। তেওঁ জানিছিল যে মোৰ মা-দেউতা যিহোৱাৰ সাক্ষী হয়। মই সেইসময়ত মাত্ৰ ৬ বছৰৰ আছিলোঁ আৰু তেওঁ মোক সুধিলে, “তুমি কিয় এতিয়ালৈকে বাপ্তিষ্মা লোৱা নাই?” মই কʼলোঁ, “মই এতিয়া সৰু হৈ আছোঁ আৰু বাইবেলৰ বিষয়ে বেছিকৈ জানি মোৰ বিশ্বাস মজবুত কৰিব লাগিব।” তেওঁক মোৰ উত্তৰ ভাল লগা নাছিল আৰু মই তেওঁৰ লগত সন্মানেৰে কথা পতা নাই বুলি তেওঁ মোৰ ককাক কৈছিল।

আমাৰ লগত কেৱল এনেধৰণৰ ঘটনা ঘটিছিল, এনে নহয়। কাৰণ লেবনানৰ লোকসকল বৰ ভাল আছে। তেওঁলোকে আনক ঘৰলৈ মাতে আৰু মিলা-প্ৰীতিৰে থাকে। আমি বহুতোলোকক বাইবেলৰ সত্যতা জনাইছিলোঁ আৰু তাৰে মাজৰ কিছুমানলোকে বাইবেল অধ্যয়নো কৰিছিল।

আন এখন দেশলৈ যোৱাৰ নিৰ্ণয়

মই স্কুলত পঢ়ি থকাৰ সময়ত ৱেনেজুৱেলাৰ এজন ডেকা ভায়ে লেবনানলৈ আহিছিল আৰু তেওঁ আমাৰ মণ্ডলীত আহিবলৈ ধৰিলে। তেওঁ মোৰ বাইদেউ ৱফাৰ লগত চিনাকী হʼল আৰু পাছত তেওঁৰ লগত মোৰ বাইদেউৰ বিয়া হʼল। ইয়াৰ পাছত তেওঁলোকে ৱেনেজুৱেলালৈ গʼল। ৱফাই বাৰে বাৰে চিঠি লিখি দেউতাক কৈছিল যে আপোনালোকেও ৱেনেজুৱেলালৈ আহি যাওক। কাৰণ আমাক চাবলৈ তাইৰ বৰ মন গৈছিল। তাইৰ বহু পৰিশ্ৰমৰ পাছত আমি তাইৰ কথা শুনিলোঁ আৰু তাতে থাকিবলৈ নিৰ্ণয় লʼলোঁ।

১৯৫৩ চনত আমি ৱেনেজুৱেলাৰ কৰাকʼছ চহৰলৈ আহিলোঁ। আমাৰ ঘৰ ৰাষ্ট্ৰপতি ভৱনৰ ওচৰত আছিল। ৰাষ্ট্ৰপতিয়ে ডাঙৰ আৰু আৰামদায়ক গাড়ীত অহা-যোৱা কৰাটো দেখি মোৰ বৰ ভাল লাগিছিল! কিন্তু মোৰ মা-দেউতাৰ বাবে এই নতুন পৰিস্থিতিৰ লগত নিজকে খাপ খোৱাবলৈ কঠিন হৈছিল। ইয়াৰ সংস্কৃতি, ভাষা, বতৰ, আহাৰ এইবোৰ একেবাৰে বেলেগ আছিল। কিন্তু তেওঁলোকে লাহে লাহে এইবোৰ ভাল পাবলৈ ধৰিছিল, সেইসময়তে কিবা দুখজনক পৰিস্থিতিৰ সৃষ্টি হʼল।

বাওঁফালৰপৰা সোঁ হাতে: মোৰ দেউতা। মোৰ মা। ১৯৫৩ চনৰ ফটো, যেতিয়া আমি ৱেনেজুৱেলালৈ আহিছিলোঁ

দুখজনক ঘটনা

ইয়ালৈ অহাৰ পাছত দেউতাৰ বেমাৰ হʼবলৈ ধৰিলে। আগতে তেওঁৰ কেতিয়াও বেমাৰ হোৱা নাছিল আৰু সদায় তেওঁৰ স্বাস্থ্য ভালে থাকিছিল। ডাক্তৰে কʼলে যে তেওঁৰ কেন্সাৰ আছে আৰু তেওঁৰ অপাৰেশ্চনো হʼল। কিন্তু দুখৰ বিষয় যে এসপ্তাহৰ পাছত তেওঁৰ মৃত্যু হʼল।

মই শব্দেৰে প্ৰকাশ কৰিব নোৱাৰোঁ যে দেউতাৰ মৃত্যু আমাৰ বাবে কিমান বেদনাদায়ক আছিল। সেইসময়ত মই কেৱল ১৩ বছৰৰ আছিলোঁ। আমি ভাবিলোঁ যে আমি আৰু কেতিয়াও আনন্দিত হৈ থাকিব নোৱাৰিম। দেউতাক হেৰুৱাটো মাৰ বাবেও বৰ কঠিন আছিল। কিন্তু যিহোৱাৰ সহায়ত আমি লাহে লাহে এই পৰিস্থিতি সহন কৰিব পাৰিলোঁ। ১৬ বছৰ বয়সত মই কৰাকʼছত থকা স্কুলৰপৰা মোৰ পঢ়া শেষ কৰিলোঁ। মই পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ তেওঁলোকৰ সহায় কৰিব বিচাৰিছিলোঁ।

মোৰ বাইদেউ চʼনা আৰু তাইৰ স্বামী ৰুবেন। যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁলোকে মোক বহুত সহায় কৰিছিল

ইয়াৰ পাছত চʼনাৰ বিয়া ৰুবেন আৰাওহʼ নামৰ ভাইজনৰ লগত হৈছিল আৰু তেওঁ গিলিয়েড কৰি ৱেনেজুৱেলালৈ উভতি আহিছিল। পাছত তেওঁলোকে নিউ ৱৰ্কলৈ গুচি গʼল। মই বাইদেউৰ ঘৰত থাকি নিউ ৱৰ্কৰ বিশ্ববিদ্যায়ত পঢ়া-শুনা কৰাটো মোৰ পৰিয়ালে বিচাৰিছিল। মোৰ বাইদেউ আৰু ভিনদেউয়ে যিহোৱাৰ লগত এক ঘনিষ্ট সম্পৰ্ক গঢ়ি তুলিবলৈ মোক সহায় কৰিছিল। মই ব্ৰুকলিনৰ স্পেনিচ মণ্ডলীলৈ যাবলৈ ধৰিলোঁ আৰু তাত বহুতো অভিজ্ঞ ভাই-ভনী আছিল। তাৰে মাজত মিল্টন হেন্চেল আৰু ফ্ৰেডৰিক ফ্ৰান্জৰ লগত মোৰ ভাল চিনাকী হʼল। তেওঁলোকে ব্ৰুকলিন বেথেলত সেৱা কৰিছিল।

১৯৫৭ চনত, যেতিয়া মোৰ বাপ্তিষ্মা হৈছিল

বিশ্ববিদ্যালয়ৰ প্ৰথম বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে মই চিন্তা কৰিলোঁ যে মোৰ জীৱনত মই কি কৰি আছোঁ। মই প্ৰহৰীদুৰ্গ আলোচনীত বহুতো ভাই-ভনীৰ অনুভৱবোৰ পঢ়িছিলোঁ, যিসকলে আধ্যাত্মিক লক্ষ্য ৰাখিছিল। মই লক্ষ্য কৰিলোঁ যে মোৰ মণ্ডলীৰ অগ্ৰগামী সেৱা কৰা আৰু বেথেলৰ ভাই-ভনীসকলে কিমান আনন্দত থাকে। মইয়ো তেওঁলোকৰ দৰে আনন্দত থাকিব বিচাৰিছিলোঁ। কিন্তু সেইসময়ত মই বাপ্তিষ্মা লোৱা নাছিলোঁ। মই বুজিব পাৰিলোঁ যে মোৰ জীৱনটো যিহোৱালৈ সমৰ্পণ কৰিব লাগিব। মই নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিলোঁ আৰু ১৯৫৭ চনৰ মাৰ্চৰ ৩০ তাৰিখে বাপ্তিষ্মা লʼলোঁ।

জীৱনত লোৱা কিছুমান গুৰুত্বপূৰ্ণ নিৰ্ণয়

বাপ্তিষ্মা লোৱাৰ পাছত মই অগ্ৰগামী সেৱা কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু এনে কৰাটো সহজ নাছিল। মই বুজিব পৰা নাছিলোঁ যে বিশ্ববিদ্যালয়ৰ পঢ়াৰ লগতে অগ্ৰগামী সেৱা কেনেকৈ আৰম্ভ কৰিম। এই বিষয়ে সহায় বিচাৰি মই পৰিয়াললৈ বাৰে বাৰে চিঠি লিখিছিলোঁ আৰু তেওঁলোকেও মোলৈ চিঠি লিখিছিল। মই তেওঁলোকক কʼলোঁ যে মই বিশ্ববিদ্যালয়ৰ পঢ়া এৰি ৱেনেজুৱেলালৈ আহি অগ্ৰগামী সেৱা আৰম্ভ কৰিম।

১৯৫৭ চনত মই কৰাকʼছলৈ উভতি আহিলোঁ। কিন্তু মই লক্ষ্য কৰিলোঁ যে মোৰ পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নহয়। সেইবাবে, ময়ো কাম কৰাৰ প্ৰয়োজন আছিল। মই এখন বেংকত চাকৰি পালোঁ। কিন্তু মই অগ্ৰগামী সেৱা কৰিব বিচাৰিছিলোঁ। কিয়নো মই ইয়াৰ বাবে উভতি আহিছিলোঁ। এই দুয়োটা একেলগে কৰিবলৈ মই নিৰ্ণয় লʼলোঁ। বহুবছৰলৈকে মই চাকৰি কৰিলোঁ আৰু অগ্ৰগামী সেৱাও কৰিলোঁ। এই সময়ছোৱাত মই ব্যস্ত আছিলোঁ, কিন্তু মই বহুত আনন্দিত হৈছিলোঁ।

যেতিয়া চিলভিয়া নামৰ ভনীক মই বিয়া পাতিলোঁ, তেতিয়া মই আৰু বেছিকৈ আনন্দিত হʼলোঁ। তাই যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু তাই বৰ ধুনীয়া আছিল। তাই পিতৃ-মাতৃৰ লগত জাৰ্মানীৰপৰা ৱেনেজুৱেলালৈ বাস কৰিবলৈ আহিছিল। আমাৰ দুজন লʼৰা-ছোৱালী হʼল মিচেল (মাইক) আৰু চামীৰা। মোৰ মায়ে আমাৰ লগতে থাকিবলৈ আহিল আৰু মই তাইৰ চোৱা-চিতা কৰিছিলোঁ। পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ মই অগ্ৰগামী সেৱা এৰিবলগীয়া হʼল, তথাপি মই উৎসাহেৰে প্ৰচাৰত ভাগ লৈছিলোঁ। সুযোগ পালেই মই আৰু চিলভিয়াই সহকাৰী অগ্ৰগামী সেৱা কৰিছিলোঁ।

আন এক গুৰুত্বপূৰ্ণ নিৰ্ণয়

এই লেখৰ আৰম্ভণিত মই যি অনুভৱৰ বিষয়ে কৈছিলোঁ, সেই সময়ছোৱাত মোৰ লʼৰা-ছোৱালী সৰু আছিল আৰু স্কুলত পঢ়ি আছিল। আমি এক আৰামদায়ক জীৱন-যাপন কৰিছিলোঁ। বেংকত মোৰ এক ভাল নাম আছিল আৰু সকলোৱে মোৰ সন্মান কৰিছিল। তথাপি মই এজন যিহোৱাৰ সেৱক হিচাপে জনাজাত হোৱাটো বিচাৰিছিলোঁ। এই কথা মোৰ মনৰপৰা আঁতৰি যোৱাই নাছিল। ইয়াৰ বিষয়ে মই কিবা কৰিব বিচাৰিছিলোঁ। সেইবাবে, মই পত্নীৰ লগত কথা পাতিলোঁ আৰু আমাৰ খৰচৰ হিচাপ কৰিলোঁ। আমি গম পালোঁ যে যদি মই সোনকালে ৰিটায়ৰমেণ্ট লওঁ, তেনেহʼলে বেংকৰপৰা ভালেমান পইচা পাম। আমি এয়াও ভাবিলোঁ যে আমাৰ কোনো ধাৰ নাই। সেইবাবে, আমি যদি সৰল জীৱন-যাপন কৰোঁ, তেনেহʼলে সেই পইচাৰে আমি বহুবছৰলৈকে আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰিম। আমি পইচাৰ বিষয়ে চিন্তিত হʼব নালাগে।

চাকৰি এৰাটো মোৰ বাবে ইমান সহজ নাছিল, কিন্তু মোৰ পত্নী আৰু মায়ে মোক সহযোগ কৰিলে। সেইবাবে, মই পুনৰ অগ্ৰগামী সেৱা কৰিবলৈ সুযোগ পোৱাৰ বাবে মই বৰ আনন্দিত হৈছিলোঁ! মই অগ্ৰগামী সেৱা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আছিলোঁ। তেতিয়া মই এনে এটা খবৰ পালোঁ, যিয়ে মোক আচৰিত কৰি তুলিলে।

আচৰিত, কিন্তু আনন্দিত

দেয়া আৰু চিলভিয়াই তেওঁলোকৰ লʼৰা গেব্ৰিয়েলৰ জন্মৰ সময়ত লোৱা ফটো।

তৃতীয় সন্তানটিৰ জন্মৰ খবৰ শুনি আমি আচৰিত হৈছিলোঁ, লগতে আনন্দিত হৈছিলোঁ

এদিন ডাক্তৰজনে জনালে যে চিলভিয়া গৰ্ভৱতী হয়। এয়া শুনি যদিও আমি আচৰিত হʼলোঁ, কিন্তু আনন্দিত আছিলোঁ। আমি সেই সন্তানৰ অপেক্ষাত আছিলোঁ। কিন্তু মই মনতে চিন্তা কৰিলোঁ যে ‘মই কেনেকৈ অগ্ৰগামী সেৱা কৰিম?’

আমি এই বিষয়ে আলোচনা কৰিলোঁ আৰু নিৰ্ণয় লʼলোঁ যে মই অগ্ৰগামী সেৱা কৰিম। ১৯৮৫ চনৰ এপ্ৰিল মাহত গেব্ৰিয়েলৰ জন্ম হʼল। সেই বছৰতে মই বেংকৰ চাকৰি এৰি জুন মাহৰপৰা অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ। কিছুসময়ৰ পাছত মোক শাখা-সমিতিৰ সদস্য হিচাপে নিযুক্ত কৰা হʼল। কিন্তু শাখা-কাৰ্য্যালয় কৰাকʼছৰপৰা ৮০ কিলোমিটাৰ দূৰত আছিল আৰু সপ্তাহত দুই বা তিনিদিন তালৈ যাবলগীয়া হৈছিল।

আমি নিজৰ ঘৰ সলনি কৰিলোঁ

শাখা-কাৰ্য্যালয় লা-ভিক্টʼৰিয়াত আছিল। সেইবাবে, আমি বেথেলৰ ওচৰত লা-ভিক্টʼৰিয়াত থাকিবলৈ নিৰ্ণয় লʼলোঁ। এই নিৰ্ণয় লʼবলৈ মোৰ পৰিয়ালে মোক সহায় কৰিলে, সেইবাবে মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। মোৰ বাইদেউ বহাই কʼলে যে তাই মাৰ চোৱা-চিতা কৰিব। মাইকে বিয়া পাতি বেলেগকৈ থাকিছিল। কিন্তু চামীৰা আৰু গেব্ৰিয়েলে এতিয়াও আমাৰ লগতে আছিল। তেওঁলোকে নিজৰ বন্ধুক এৰি যাবলগীয়া হৈছিল। চিলভিয়াই এতিয়া এখন সৰু চহৰত থাকিবলৈ অভ্যাস কৰিবলগীয়া হৈছিল আৰু আমি এখন সৰু ঘৰত থাকিবলগীয়া হৈছিল। আমাৰ বাবে কৰাকʼছ এৰি লা-ভিক্টʼৰিয়ালৈ যাবলৈ সহজ নাছিল।

কিছু সময়ৰ পাছত গেব্ৰিয়েলে বিয়া পাতিলে আৰু বেলেগকৈ থাকিবলৈ আৰম্ভ কৰিলে আৰু চামীৰাও বেলেগকৈ থাকিবলৈ ধৰিলে। ২০০৭ চনত আমাক বেথেললৈ নিমন্ত্ৰণ কৰা হʼল আৰু আজিলৈকে আমি ইয়াত সেৱা কৰি আছোঁ। আজি আমাৰ ডাঙৰ লʼৰা মাইক এজন প্ৰাচীন হয় আৰু নিজৰ পত্নী মʼণিকাৰ লগত অগ্ৰগামী সেৱা কৰি আছে। চামীৰাই অগ্ৰগামী সেৱা কৰাৰ লগতে ঘৰৰপৰা বেথেলৰ সেৱা কৰি আছে। আমাৰ সৰু লʼৰা গেব্ৰিয়েল এজন প্ৰাচীন হয় আৰু নিজৰ পত্নীৰ লগত ইটালীত থাকে।

বাওঁফালৰপৰা সোঁ হাতে: মোৰ পত্নী চিলভিয়াৰ লগত ৱেনেজুৱেলাৰ শাখা-কাৰ্য্যালয়ত। আমাৰ ডাঙৰ লʼৰা মাইক আৰু তেওঁৰ পত্নী মʼণিকা। আমাৰ ছোৱালী চামীৰা। আমাৰ সৰু লʼৰা গেব্ৰিয়েল আৰু তেওঁৰ পত্নী অব্ৰা

মোৰ নিৰ্ণয়ৰপৰা মই দুখী নহয়

মই মোৰ জীৱনত বহুত ডাঙৰ ডাঙৰ নিৰ্ণয় লʼলোঁ আৰু ইয়াৰ বাবে মই দুখী নহয়। যদি মোক এই নিৰ্ণয় পুনৰ লʼবলগীয়া হয়, তেতিয়াও মই দুখী নহʼম। যিহোৱাই মোক তেওঁৰ সেৱাত বিভিন্ন কাম কৰিবলৈ সুযোগ দিয়াৰ বাবে মই আনন্দিত। এই সময়ছোৱাত মই শিকিলোঁ যে যিহোৱাৰ লগত ভাল সম্পৰ্ক থকাটো অতি প্ৰয়োজন। তেওঁ আমাক “সকলো বুদ্ধিতকৈ উত্তম” শান্তি দিব পাৰে। ইয়াৰ বাবে আমি সৰু-ডাঙৰ সকলো নিৰ্ণয় লʼব পাৰোঁ। (ফিলি. ৪:৬, ৭) চিলভিয়া আৰু মোক বেথেল সেৱা কৰি বৰ ভাল লাগে। আমি লক্ষ্য কৰিলোঁ যে যিহোৱাই আমাৰ সকলো নিৰ্ণয়ত আশীৰ্বাদ দিলে, কিয়নো আমি তেওঁক সন্মুখত ৰাখি নিৰ্ণয় লৈছিলোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক