ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 নৱেম্বৰ পৃষ্ঠা ৩১
  • আপুনি জানেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি জানেনে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 নৱেম্বৰ পৃষ্ঠা ৩১
এজন চিত্ৰশিল্পীয়ে নীনবিৰ ডাঙৰ ডাঙৰ পকীঘৰ আৰু অট্টালিকাৰ ছবি বনাইছে।

নীনবিত ডাঙৰ ডাঙৰ পকীঘৰ আৰু অট্টালিকা আছিল

আপুনি জানেনে?

যোনাৰ দিনৰ পাছত নীনবি নগৰৰ কি হʼল?

প্ৰায় খ্ৰীষ্টপূৰ্ব ৬৭০ শতিকাত অচূৰীয়াসকলে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সাম্ৰাজ্য হৈ পৰিল। ব্ৰিটিছ মিউজিয়ামৰ এটা ৱেবছাইটত এইদৰে লিখা আছে, “এই সাম্ৰাজ্যৰ এলেকা পশ্চিমৰ চাইপ্ৰাছৰপৰা পূৰ্বৰ ইৰানলৈকে বিস্তাৰিত আছিল। এটা সময়ত মিচৰ দেশখনো ইয়াৰ অৰ্ন্তভুক্ত আছিল।” ইয়াৰ ৰাজধানী হৈছে নীনবি আৰু ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ নগৰ আছিল। তাত ওখ ওখ পকীঘৰ, সুন্দৰ সুন্দৰ বাগিচা, ডাঙৰ ডাঙৰ অট্টালিকা আৰু পুথিভঁৰাল আছিল। প্ৰাচীন নীনবি নগৰৰ দেৱালবোৰৰ লিখনিৰপৰা বুজিব পাৰি যে ৰজা অচূৰবনীপাল, আন অচূৰী ৰজাসকলৰ নিচিনা নিজকে “গোটেই পৃথিৱীৰ ৰজা” বুলি কৈছিল। তেওঁৰ শাসনৰ সময়ছোৱাত এনে লাগিছিল যে অচূৰ আৰু নীনবি নগৰক কোনেও জয় কৰিব নোৱাৰিব।

এখন মানচিত্ৰত দেখুৱা হৈছে যে খ্ৰীষ্টপূৰ্ব সপ্তম শতিকাত অচূৰীয়া সাম্ৰাজ্য কʼৰলৈকে বিস্তাৰিত আছিল। মানচিত্ৰত মিচৰ, চাইপ্ৰাছ দ্বীপ আৰু নীনবি নগৰখন দেখুৱা হৈছে।

সেই সময়ত অচূৰীয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাম্ৰাজ্য আছিল

কিন্তু সেই সময়তে যিহোৱাই এজন ভৱিষ্যতবক্তা চফনিয়াৰ যোগেদি এইদৰে কʼলে, “[যিহোৱাই] অচূৰক বিনষ্ট কৰিব, আৰু নীনবিক ধ্বংসস্থান, অৰণ্যৰ নিচিনা শুকান ভূমি কৰিব।” যিহোৱাৰ আন এজন ভৱিষ্যতবক্তা নহূমে এইদৰে কʼলে, ‘ৰূপ লূট কৰি নিয়া, সোণ লুট কৰি নিয়া নগৰী শূন্য, শুদা, আৰু উচ্ছন্ন হৈ আছে যি কোনোৱে তোমালৈ চাব, তেওঁ তোমাৰ পৰা পলাব, আৰু নীনবি উচ্ছন্ন হল বুলি কব।’ (চফ. ২:১৩; নহূ. ২:৯, ১০; ৩:৭) এই ভৱিষ্যতবাণীবোৰ শুনি কিছুমান লোকে হয়তো এইদৰে ভাবিলে, “সঁচাকৈ এইদৰে হʼবনে? এই শক্তিশালী অচূৰীয়াসকলক কোনোবাই পৰাজিত কৰিব পাৰিবনে?” হয়তো তেওঁলোকক এই ভৱিষ্যতবাণীবোৰৰ ওপৰত বিশ্বাস হোৱা নাছিল।

নীনবি সম্পূৰ্ণৰূপে ধ্বংস হৈ গʼল!

কিন্তু যিহোৱাই কোৱা কথাষাৰ পূৰ হʼল! খ্ৰীষ্টপূৰ্ব ৬০০ শতিকাৰ কিছু সময়ৰ আগতে বাবিল আৰু মাদীয়াৰ লোকসকলে অচূৰীয়াসকলক পৰাজিত কৰিলে। সময় অতিবাহিত হোৱাৰ লগে লগে লোকসকলে নীনবিত থাকিবলৈ এৰি দিলে আৰু তাৰ বিষয়ে সম্পূৰ্ণৰূপে পাহৰি গʼল। দ্যা মেট্ৰʼপলিটন মিউজিয়াম অফ আৰ্ট নামৰ এখন আলোচনীত এইদৰে লিখা আছে, “মধ্য যুগৰলৈকে এই নগৰখন একেবাৰে শেষ হৈ গৈছিল আৰু ইয়াৰ বিষয়ে কেৱল বাইবেলতহে পোৱা যায়।” বিবিলিকেল আৰ্কিয়লʼজি চʼচাইটিৰ অনুসৰি, “অচূৰীয়াসকলৰ এই ৰাজধানী সঁচাকৈ আছিল নে নাই, তাৰ বিষয়ে কোনেও নাজানিছিল।” কিন্তু ১৮৪৫ চনত পুৰাতত্ববিদ আস্টন হেনৰি লেয়াৰ্ডে যেতিয়া নীনবিৰ ধ্বংসাৱশেষ খান্দিছিল, তেতিয়া তেওঁ গম পালে যে এই নগৰখন সঁচাকৈ আছিল আৰু বৰ ধুনীয়া আছিল।

নীনবিৰ বিষয়ে যি ভৱিষ্যতবাণী কৰা হৈছিল, সেই সকলো পূৰ হʼল। ঠিক সেইদৰে আজিৰ চৰকাৰবোৰো শেষ হʼব বুলি বাইবেলত যি ভৱিষ্যতবাণী কৰা হৈছে, সেয়া পূৰ হʼব বুলি আমাৰ বিশ্বাস বাঢ়ে।—দানি. ২:৪৪; প্ৰকা. ১৯:১৫, ১৯-২১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক