ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 ডিচেম্বৰ পৃষ্ঠা ১৪
  • পাঠকসকলৰ প্ৰশ্ন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পাঠকসকলৰ প্ৰশ্ন
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • মিল থকা বিষয়
  • আনৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • তোমালোক পবিত্ৰ হোৱা
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • “তোমাৰ নাম পূজনীয় হওক”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 ডিচেম্বৰ পৃষ্ঠা ১৪
এজনী ভনীয়ে আন এজনী ভনীক আনৰ বিষয়ে বেয়াকৈ কৈছে।

পাঠকসকলৰ প্ৰশ্ন

লেবীয়া পুস্তক ১৯:১৬ পদত এইদৰে লিখা আছে, “তোমাৰ ওচৰ-চুবুৰীয়াৰ ৰক্তপাতৰ নিমিত্তে উঠি থিয় নহবা” ইয়াৰ অৰ্থ কি আৰু ইয়াৰপৰা আমি কি শিকিব পাৰোঁ?

ইস্ৰায়েলীসকলে পবিত্ৰ হৈ থকাটো যিহোৱাই বিচাৰিছিল। সেইবাবে, তেওঁ ইস্ৰায়েলীসকলক এইদৰে কৈছিল, “তুমি নিজ লোকবিলাকৰ মাজত চৰ্চ্চি ফুৰোঁতা নহবা; আৰু তোমাৰ ওচৰ-চুবুৰীয়াৰ ৰক্তপাতৰ নিমিত্তে উঠি থিয় নহবা; মই যিহোৱা।”—লেবী. ১৯:২, ১৬.

পদৰ এই ভাগ ‘উঠি থিয় হোৱা’ অৰ্থাৎ শত্ৰু হোৱা এই বাক্যটো প্ৰকৃততে হীব্ৰু ভাষাৰ হয়। কিন্তু ইয়াৰ অৰ্থ কি? লেবীয়া পুস্তকৰ ওপৰত লিখা এখন কিতাপে এইদৰে কৈছে, “পদৰ এই ভাগ বুজি পোৱাটো সহজ নহয়, কিয়নো আমি এই হীব্ৰু ভাষাৰ প্ৰকৃত অৰ্থ নাজানোঁ।”

কিছুমান বিদ্বানে বিশ্বাস কৰে যে এই শব্দটো ১৫ পদৰ লগত জড়িত আছে, যʼত লিখা আছে, “তোমালোকে বিচাৰত অন্যায় নকৰিবা; বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা, আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা; কিন্তু তুমি ধৰ্ম্মমতে নিজ ওচৰ-চুবুৰীয়াৰ বিচাৰ নিষ্পত্তি কৰিবা।” (লেবী. ১৯:১৫) যদি এইদৰে হয়, তেনেহʼলে কাৰোবাৰ “ৰক্তপাতৰ নিমিত্তে উঠি থিয় নহবা” ইয়াৰ অৰ্থ হৈছে ইস্ৰায়েলীসকলে বিচাৰত, ব্যৱসায়ত আৰু পৰিয়ালতো কোনো লোকৰ হানি কৰা উচিত নাছিল। তেওঁলোকে নিজৰ লাভৰ বাবে কাৰো লগত বিশ্বাসঘাত কৰা উচিত নাছিল। এয়া সঁচা যে আমি এই সকলো কাম কৰা উচিত নহয়। কিন্তু এই শব্দৰ অৰ্থ ১৬ পদত আৰু ভালদৰে বুজোৱা হৈছে।

পদৰ আৰম্ভণিতে যিহোৱাই নিজৰ লোকসকলক আনৰ বিষয়ে মিছা কথা কৈ তেওঁলোকক বদনাম কৰিবলৈ মানা কৰিছিল। যদিও পৰচৰ্চা কৰিলে সমস্যা হʼব পাৰে, কিন্তু কাৰোবাক বদনাম কৰাটো তেওঁৰ বিষয়ে চৰ্চা কৰাতকৈ বেছি বেয়া হয়। (হিতো. ১০:১৯; উপ. ১০:১২-১৪; ১ তীম. ৫:১১-১৫; যাকো. ৩:৬) হয়তো এজন বদনাম কৰা ব্যক্তিয়ে কোনো এজন ব্যক্তিৰ বিষয়ে মিছা সাক্ষ্য দিবলৈ সাজু হʼব পাৰে, এইদৰে কৰিলে হয়তো সেই ব্যক্তিজনৰ মৃত্যু হʼব পাৰে। নাবোতৰ লগত এইদৰে হৈছিল। তেওঁৰ বিষয়ে কিছুমান ব্যক্তিয়ে মিছা সাক্ষ্য দিছিল, সেইবাবে তেওঁক শিল দলিয়াই হত্যা কৰা হৈছিল। (১ ৰাজা. ২১:৮-১৩) গতিকে লেবীয়া পুস্তক ১৯:১৬ পদৰ দ্বিতীয় ভাগৰপৰা আমি জানিব পাৰিলোঁ যে কাৰোবাক বদনাম কৰিলে তেওঁৰ মৃত্যু হʼব পাৰে। এইদৰে কৰি বদনাম কৰা ব্যক্তিজনে তেওঁৰ ৰক্তপাতৰ নিমিত্তে উঠি থিয় হʼব পাৰে।

হয়তো এজন ব্যক্তিয়ে কাৰোবাক ঘিণ কৰাৰ বাবে তেওঁক বদনাম কৰে। প্ৰথম যোহন ৩:১৫ পদত এইদৰে লিখা আছে, “যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ নৰ-বধী; আৰু কোনো নৰ-বধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক তোমালোকে জানা।” মন কৰক কাৰোবাৰ “ৰক্তপাতৰ নিমিত্তে উঠি থিয় নহবা” বুলি কোৱাৰ পাছত যিহোৱাই এইদৰে কৈছিল, “নিজ ভাইক মনত ঘিণ নকৰিবা।”—লেবী. ১৯:১৭.

লেবীয়া পুস্তক ১৯:১৬ পদৰপৰা শিকিলোঁ যে আমি কাৰোবাৰ ৰক্তপাতৰ নিমিত্তে উঠি থিয় হোৱা উচিত নহয়। আমি কাৰোবাৰ বিষয়ে বেয়াকৈ ভবা আৰু বদনাম কৰা উচিত নহয়। যদি আমি কাৰোবাক বেয়া পোৱাৰ বাবে বা ঈৰ্ষা কৰাৰ বাবে তেওঁক বদনাম কৰোঁ অৰ্থাৎ তেওঁৰ ‘ৰক্তপাতৰ নিমিত্তে উঠি থিয় হওঁ,’ তেনেহʼলে ইয়াৰ অৰ্থ হৈছে আমি তেওঁক ঘিণ কৰোঁ। সত্য খ্ৰীষ্টানসকলে কেতিয়াও আনক ঘিণ কৰা উচিত নহয়।—মথি ১২:৩৬, ৩৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক