ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w22 ডিচেম্বৰ পৃষ্ঠা ২৮-৩০
  • আপুনি “পৃথিৱীৰ অধিকাৰী” হʼবলৈ সাজু আছেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি “পৃথিৱীৰ অধিকাৰী” হʼবলৈ সাজু আছেনে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আপুনি পৃথিৱীক প্ৰমোদবন কৰি তুলিবলৈ সাজু আছেনে?
  • পুনৰ জীৱিত কৰা লোকসকলক আপুনি সহায় কৰিবলৈ সাজু আছেনে?
  • পুনৰ জীৱিত হোৱা লোকসকলক আপুনি শিকাবলৈ সাজু আছেনে?
  • মৃত লোকসকলক পুনৰ জীৱিত কৰা হ’ব!
    বাইবেলে আমাক কি শিকায়?
  • ভাগ ১০
    ঈশ্বৰৰ বাক্য শুনক
  • পুনৰুত্থানে যিহোৱাৰ প্ৰেম, প্ৰজ্ঞা আৰু ধৈৰ্য্য প্ৰকাশ কৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • ভাগ ৮
    ঈশ্বৰৰ বাক্য শুনক
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
w22 ডিচেম্বৰ পৃষ্ঠা ২৮-৩০
লোকসকলে পৃথিৱীক প্ৰমোদবনলৈ পৰিৱৰ্তন কৰি আছে। কিছুমানে জাৱৰ-জোঁথৰ পেলাই আছে, কিছুমানে ঘৰ বনাই আছে আৰু বাগিচাত কাম কৰি আছে।

আপুনি “পৃথিৱীৰ অধিকাৰী” হʼবলৈ সাজু আছেনে?

যীচুৱে কৈছিল “নম্ৰবিলাক ধন্য; কিয়নো তেওঁবিলাকে দেশখন অধিকাৰ কৰিব।” (মথি ৫:৫) যীচুৰ এই প্ৰতিজ্ঞা পূৰ হোৱাটো চাবলৈ আমি আগ্ৰহেৰে বাট চাই আছোঁ। অভিষিক্ত খ্ৰীষ্টানসকলে যীচুৰ লগত মিলি স্বৰ্গৰ পৰা পৃথিৱীত শাসন কৰিব। তেতিয়া তেওঁলোকে পৃথিৱীৰ অধিকাৰী হʼব। (প্ৰকা. ৫:১০; ২০:৬) যিহোৱাৰ বেছিভাগ সেৱকে যেতিয়া এই পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিব, তেতিয়া তেওঁলোক পৃথিৱীৰ অধিকাৰী হʼব। সেই সময়ত তেওঁলোক সিদ্ধ হৈ শান্তি আৰু আনন্দেৰে থাকিব। কিন্তু ইয়াৰ আগতে তেওঁলোকে বহুতো কাম কৰিব লাগিব। তাৰে মাজৰ তিনিটা কামৰ বিষয়ে আমি আলোচনা কৰিম। যেনে, তেওঁলোকে এই পৃথিৱীখনক প্ৰমোদবন কৰিবলৈ সহায় কৰিব, নতুন পৃথিৱীত জীৱিত হোৱা লোকসকলক সহায় কৰাৰ লগতে তেওঁলোকক শিকাব লাগিব। আহক চাওঁ যে নতুন পৃথিৱীত এইবোৰ কামক সহায় কৰিবলৈ আমি এতিয়াৰে পৰা কি কৰিব পাৰোঁ?

আপুনি পৃথিৱীক প্ৰমোদবন কৰি তুলিবলৈ সাজু আছেনে?

মানুহক সৃষ্টি কৰাৰ পাছত ঈশ্বৰে তেওঁলোকক কৈছিল যে “পৃথিবীখন পৰিপূৰ্ণ কৰা, আৰু তাক বশীভূত কৰা।” (আদি. ১:২৮) ইয়াৰ অৰ্থ হৈছে যিহোৱা ঈশ্বৰে গোটেই পৃথিৱীখন প্ৰমোদবন হোৱাটো বিচাৰিছিল। আগলৈ গৈ যিসকলে পৃথিৱীৰ অধিকাৰী হʼব, তেওঁলোকে ঈশ্বৰৰ এই উদ্দেশ্য পূৰ কৰিব আৰু পৃথিৱীক প্ৰমোদবন কৰি তুলিব। আদম আৰু হৱাৰ ওচৰত দেখোন আগৰে পৰা এদন বাগিচা আছিল, তেওঁলোকে সেই এদন বাগিচাৰ কেৱল সীমাহে লাহে লাহে বঢ়াবলগীয়া আছিল। কিন্তু নতুন পৃথিৱীত লোকসকলে আৰম্ভণিৰে পৰা আৰম্ভ কৰিব লাগিব। হৰমাগিদোনৰ পাছত গোটেই পৃথিৱী চাফ-চিকুণ কৰি ধুনীয়া বাগিচা কৰি তুলিব লাগিব। সঁচাকৈ সেই সময়ত বহুতো কাম থাকিব লাগিব!

ইস্ৰায়েলীসকলে যেতিয়া বাবিল দেশৰ পৰা নিজৰ দেশলৈ উভতি আহিছিল, তেতিয়া তেওঁলোকে এনেধৰণৰ কিছুমান কাম কৰিবলগীয়া হৈছিল। কাৰণ তেওঁলোকৰ দেশ ৭০ বছৰৰ পৰা খালী আছিল। কিন্তু যিচয়াই ভৱিষ্যতবাণী কৰিছিল যে যিহোৱাৰ সহায়ত তেওঁলোকে নিজৰ দেশখন ধুনীয়া কৰি তুলিব। যিচয়াই এইদৰে কৈছে, ‘তেওঁ তাৰ অৰণ্য এদনৰ তুল্য, আৰু তাৰ মৰুভূমি যিহোৱাৰ উদ্যানৰ নিচিনা কৰিব।’ (যিচ. ৫১:৩) ভৱিষ্যতবাণীত কোৱাৰ দৰেই তেওঁলোকে কৰিলে। গতিকে ভৱিষ্যতেও যিসকল লোক পৃথিৱীৰ অধিকাৰী হʼব, তেওঁলোকে যিহোৱাৰ সহায়ত গোটেই পৃথিৱীক ধুনীয়া প্ৰমোদবন কৰি তুলিব। কিন্তু নতুন পৃথিৱীত সহায় কৰিবলৈ আপুনি আজিও বহুতো কাম কৰিব পাৰে।

যদিও আপোনাৰ ওচৰ-চুবুৰিয়াই নিজৰ ঘৰ আৰু ওচৰে-পাজৰে চাফ-চিকুণ কৰি নাৰাখে, তথাপি আপুনি এইদৰে কৰি থাকিব পাৰে। আপুনি ৰাজ্যগৃহ, সন্মিলন ভৱন চাফ-চিকুণ আৰু মেৰামতি কৰিবলৈ সহায় কৰিব পাৰে। সম্ভৱ হʼলে আপুনি সাহায্য কামত সহায় কৰিবলৈ ফৰ্ম ভৰ্তি কৰিব পাৰে। এইদৰে কৰিলে ভাইসকলে গম পাব যে প্ৰয়োজন হোৱাৰ সময়ত আপুনি এই কামৰ বাবে সাজু আছে। গতিকে আপুনি নিজকে এইদৰে সুধিব পাৰে, ‘নতুন পৃথিৱীত কামত অহা আজি মই কি দক্ষতা বঢ়াই আছোঁ?’

কিছুমান ভাই-ভনীয়ে ৰাজ্যগৃহৰ চাফ-চিকুণ কৰি আছে।

পুনৰ জীৱিত কৰা লোকসকলক আপুনি সহায় কৰিবলৈ সাজু আছেনে?

মন কৰক, যেতিয়া যীচুৱে যায়ীৰৰ ছোৱালীক পুনৰ জীৱিত কৰিছিল, তেতিয়া কি হʼল। তাইক জীৱিত কৰাৰ পাছত যীচুৱে তাইক আহাৰ দিবলৈ কʼলে। (মাৰ্ক ৫:৪২, ৪৩) তাই কেৱল ১২ বছৰৰ আছিল, তাইৰ কাৰণে আহাৰ যোগোৱাটো ইমান ডাঙৰ কথা নাছিল। কিন্তু চিন্তা কৰক, যেতিয়া “মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি” উলাব, তেতিয়া আমাৰ ওচৰত বহুতো কাম থাকিব। (যোহ. ৫:২৮, ২৯) বাইবেলত ইয়াৰ বিষয়ে বেছিকৈ উল্লেখ কৰা নাই, কিন্তু আমি হয়তো তেওঁলোকৰ বাবে আহাৰ, ঘৰ আৰু কাপোৰ-কানিৰ ব্যৱস্থা কৰিব লাগিব। আপুনি নতুন পৃথিৱীত লোকসকলক সহায় কৰিবলৈ আজি কি কৰিব পাৰে? আহক কিছুমান কথালৈ মন কৰোঁ?

আপুনি এতিয়াৰে পৰা কি কৰিব পাৰে, যাৰ পৰা জানিব পাৰি যে আপুনি পৃথিৱীৰ অধিকাৰী হʼবলৈ সাজু আছে?

কিছুমান ভাই-ভনীয়ে পেৰিছত আন্তঃৰাষ্ট্ৰীয় অধিৱেশনৰ বাবে অহা ভাই-ভনীসকলক আদৰণি জনাই আছে।

যেতিয়া চাৰ্কিট ওভাৰচিয়াৰৰ ভিজিট হʼব বুলি আপোনাৰ মণ্ডলীত ঘোষণা হয়, তেতিয়া আপুনি তেওঁলোকক নিজৰ ঘৰলৈ আহাৰ খাবলৈ মাতিব পাৰেনে? চিন্তা কৰক, আগতে বেথেল সেৱা কৰা আৰু চাৰ্কিট ওভাৰচিয়াৰ থকা ভাই-ভনীসকল, আপোনাৰ মণ্ডলীলৈ আহে, তেতিয়া আপুনি তেওঁলোকক ঘৰ বিচাৰিবলৈ সহায় কৰিব পাৰেনে? যেতিয়া আঞ্চলিক অধিৱেশন বা বিশেষ অধিৱেশন ৰখা হয়, তেতিয়া বহুতো কাম থাকে। যদি আপোনাৰ এলেকাতো কিবা অধিৱেশন ৰখা হৈছে, তেনেহʼলে অধিৱেশনৰ আগত আৰু পাছত আপুনি সহায় কৰিব পাৰেনে? অথবা আপুনি অধিৱেশনত অহা ভাই-ভনীসকলক আদৰণি জনাব পাৰেনে?

পুনৰ জীৱিত হোৱা লোকসকলক আপুনি শিকাবলৈ সাজু আছেনে?

পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পদৰ পৰা জানিব পাৰি যে নতুন পৃথিৱীত মৃত হোৱা লাখ লাখ লোকক জীৱিত কৰা হʼব। তাৰে মাজৰ বেছিভাগ লোকে যিহোৱাৰ বিষয়ে শিকিবলৈ সুযোগ পোৱা নাছিল। যেতিয়া তেওঁলোকক জীৱিত কৰা হʼব, তেতিয়া তেওঁলোকক যিহোৱাৰ বিষয়ে শিকোৱা হʼব।a কিন্তু তেওঁলোকক কোনে শিকাব? বহু বছৰৰ পৰা যিহোৱাৰ বিশ্বাসী সেৱকসকলে তেওঁলোকক শিকাব। (যিচ. ১১:৯) ভনী চাৰ্লেটে এই বিষয়ে কি কৈছে, তালৈ মন কৰকচোন। তেওঁ সেই সময়লৈ আগ্ৰহেৰে বাট চাই আছে, যেতিয়া নতুন পৃথিৱীত তেওঁক শিকাবলৈ সুযোগ দিয়া হʼব। তেওঁ ইউৰোপ, দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাত বহুত প্ৰচাৰ কৰিছিল। তেওঁ এইদৰে কৈছে, “নতুন পৃথিৱীত জীৱিত হোৱা লোকসকলক শিকাবলৈ মই আগ্ৰহী হৈ আছোঁ। যেতিয়া মই প্ৰাচীন সময়ত কোনো ব্যক্তিৰ বিষয়ে পঢ়োঁ, তেতিয়া মই চিন্তা কৰোঁ যে তেওঁ যিহোৱাক জনা হʼলে তেওঁৰ জীৱন কিমান ধুনীয়া হʼলহেঁতেন। এনে লোকসকলক যিহোৱাৰ বিষয়ে শিকাবলৈ মোৰ বৰ মন যায় আৰু তেওঁলোকক কʼবলৈ মন যায় যে তেওঁলোকে যিহোৱাক জানিলে তেওঁলোকৰ জীৱন বহুত ভাল হʼব।”

যীচু খ্ৰীষ্ট পৃথিৱীলৈ অহাৰ আগতে যিহোৱাৰ যি বিশ্বাসী সেৱকসকল আছিল, তেওঁলোকক জীৱিত কৰা হʼব আৰু তেওঁলোকক শিকোৱা হʼব। দানিয়েলৰ বিষয়ে চিন্তা কৰক তেওঁ যি ভৱিষ্যতবাণী কৰিছিল, তাৰ অৰ্থৰ বিষয়ে তেওঁ নিজেই নাজানিছিল। নতুন পৃথিৱীত আমি তেওঁক তেওঁৰ ভৱিষ্যতবাণীৰ অৰ্থৰ বিষয়ে জনাব লাগিব আৰু সেয়া কেনেকৈ পূৰ হʼল তাৰ বিষয়েও কʼব লাগিব। চিন্তা কৰকচোন, এয়া আমাৰ বাবে কিমান সন্মানৰ বিষয় হʼব আৰু তেওঁক শিকাই আমি বহুত আনন্দ পাম। (দানি. ১২:৮) অথবা নয়মী আৰু ৰূথৰ বিষয়ে চিন্তা কৰক। যেতিয়া আমি তেওঁলোকক জনাম যে আগলৈ গৈ তেওঁলোকৰ বংশৰ পৰাই মচীহৰ জন্ম হʼল, তেতিয়া আমাক কেনেকুৱা লাগিব। নতুন পৃথিৱীত যেতিয়া সকলো ঠাইত শিক্ষা দিয়াৰ কাম চলি থাকিব, তেতিয়া তাত আজিৰ নিচিনা কোনোধৰণৰ চিন্তা আৰু ধ্যান বিচলিত কৰা বস্তুবোৰ নাথাকিব। কল্পনা কৰকচোন, আমি লোকসকলক শিকাই কিমান আনন্দ পাম!

এগৰাকী ভনীয়ে কাপোৰ ধোৱা ঠাইত এগৰাকী তিৰোতাক ট্ৰেক্ট দি আছে।

নতুন পৃথিৱীত পুনৰুত্থান হোৱা লোকসকলক যদি আপুনি শিকাব বিচাৰে, তেনেহʼলে এতিয়াৰে পৰা আপুনি কি কৰিব লাগিব। লোকসকলক আৰু ভালদৰে শিকাবলৈ আৰু প্ৰচাৰ কামত নিয়মীয়াকৈ ভাগ লʼবলৈ চেষ্টা কৰক। (মথি ২৪:১৪) আপোনাৰ বয়স বাঢ়ি যোৱাৰ বাবে বা পৰিস্থিতি ভাল নথকাৰ বাবে আপুনি যিমান কৰিব বিচাৰে সিমান কৰিব পৰা নাই নেকি? যদি এইদৰে হয়, তেনেহʼলে হাৰ নামানিব। আপুনি যিমান কৰিব পাৰিছে সিমান কৰি থাকক। এইদৰে আপুনি নতুন পৃথিৱীত পুনৰুত্থান হোৱা লোকসকলক শিকাবলৈ এতিয়াৰে পৰা সাজু হৈ থাকিব পাৰিব।

নিজকে সোধক, ‘মই এই পৃথিৱীৰ অধিকাৰী হʼবলৈ সাজু হৈ আছোঁনে? এই পৃথিৱীক প্ৰমোদবন কৰি তুলিবলৈ, পুনৰুত্থান হোৱা লোকসকলক সহায় কৰিবলৈ আৰু তেওঁলোকক শিকাবলৈ মই আগ্ৰহেৰে বাট চাই আছোঁনে?’ গতিকে এতিয়াৰে পৰা আপুনি এনে কামবোৰ কৰি থাকক, যিবোৰ আপুনি নতুন পৃথিৱীত কৰিব লাগিব, তেতিয়া আপুনি পৃথিৱীৰ অধিকাৰী হʼবলৈ সাজু থাকিব পাৰিব!

a চেপ্টেম্বৰ মাহৰ ২০২২ চনত প্ৰহৰীদুৰ্গত দিয়া “বহুতো লোকক ধাৰ্মিকৰ পথত অনা হʼব!” নামৰ লেখ পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক