ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w22 ডিচেম্বৰ পৃষ্ঠা ২-৭
  • আমি অনন্ত জীৱন জীয়াই থাকিব পাৰিম!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি অনন্ত জীৱন জীয়াই থাকিব পাৰিম!
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱা অনাদি কালৰ পৰা অনন্ত কাললৈকে থাকিব
  • আমাক অনন্ত জীৱন জীয়াই থকাৰ ইচ্ছাৰে সৃষ্টি কৰা হৈছে
  • যিহোৱাৰ উদ্দেশ্য সলনি হোৱা নাই
  • এক সুন্দৰ ভৱিষ্যত
  • ঈশ্বৰে এতিয়ালৈকে কি কি কৰিলে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • আপুনি যিহোৱাৰ পৰিয়ালৰ ভাগ হয়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
w22 ডিচেম্বৰ পৃষ্ঠা ২-৭

অধ্যয়নৰ লেখ ৪৯

আমি অনন্ত জীৱন জীয়াই থাকিব পাৰিম!

‘ঈশ্বৰে দিয়া বৰ হৈছে অনন্ত জীৱন।’—ৰোম. ৬:২৩.

গীত ১৪৭ অনন্ত জীৱনৰ প্ৰতিজ্ঞা

লেখৰ এক আভাসa

১. অনন্ত জীৱনৰ প্ৰতিজ্ঞাৰ বিষয়ে ভাবিলে কি হʼব?

যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে যদি আমি তেওঁৰ আজ্ঞাবোৰ মানিম, তেনেহʼলে তেওঁ আমাক “অনন্ত জীৱন” দিব। (ৰোম. ৬:২৩) চিন্তা কৰকচোন যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু আমি তেওঁৰ পৰা আঁতৰি নোযোৱাটো তেওঁ বিচাৰে। যিহোৱাৰ এই প্ৰতিজ্ঞাৰ বিষয়ে ভাবিলে, আমি তেওঁক বেছিকৈ প্ৰেম কৰিবলৈ ধৰোঁ।

২. যিহোৱাই আমাক অনন্ত জীৱন দিয়াৰ প্ৰতিজ্ঞা কৰিছে, এয়া মনত ৰাখিলে আমি কি কৰিব পাৰিম?

২ যিহোৱাই আমাক অনন্ত জীৱন দিয়াৰ যি প্ৰতিজ্ঞা কৰিছে, সেয়া মনত ৰাখিলে আমি সমস্যা আৰু অত্যাচাৰৰ সন্মুখীন হʼব পাৰোঁ। আনকি লোকসকলে আমাক মৃত্যুৰ ভাবুকি দিলেও আমি যিহোৱাৰ সেৱা কৰিবলৈ এৰি নিদিওঁ। কাৰণ আমাৰ ভৰসা আছে যে যদিও তেওঁৰ বিশ্বাসী লোকসকলৰ মৃত্যুও হৈ যায়, তথাপি যিহোৱাই তেওঁলোকক পুনৰ জীৱিত কৰিব আৰু তেওঁলোকে অনন্ত জীৱন লাভ কৰিব। (যোহ. ৫:২৮, ২৯; ১ কৰি. ১৫:৫৫-৫৮; ইব্ৰী ২:১৫) কিন্তু আমি কেতিয়াও নমৰিম আৰু যিহোৱাই আমাক পুনৰ জীৱিত কৰিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? আহক তাৰ কিছুমান কাৰণলৈ ধ্যান দিওঁ।

যিহোৱা অনাদি কালৰ পৰা অনন্ত কাললৈকে থাকিব

৩. যিহোৱাই আমাক অনন্ত জীৱন দিব পাৰিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? (গীতমালা ১০২:১২, ২৪, ২৭)

৩ বাইবেলত যিহোৱাৰ বিষয়ে কৈছে যে তেওঁ অনাদি কালৰ পৰা অনন্ত কাললৈকে থাকিব। তেৱেঁ আমাক জীৱন দিছে। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে আমাক অনন্ত জীৱন দিয়াৰ শক্তিও তেওঁৰ আছে। (গীত. ৩৬:৯) যেনে, গীতমালা ৯০:২ পদত কোৱা হৈছে যে “অনাদি কালৰ পৰা অনন্ত কাললৈকে তুমিয়েই ঈশ্বৰ।” গীতমালা ১০২ অধ্যায়তো এনেধৰণৰ কথাই কোৱা হৈছে। (গীতমালা ১০২:১২, ২৪, ২৭ পঢ়ক।) হবক্কুকেও ঈশ্বৰৰ বিষয়ে এইদৰে কৈছিল, “হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ পবিত্ৰ জনা, তুমি অনাদি কালেৰ পৰা” আছা।—হব. ১:১২.

৪. যিহোৱা যে অনাদি কালৰ পৰা অনন্ত কাললৈকে থাকিব এই কথা বুজিবলৈ যদি আপোনাক কঠিন লাগে, তেনেহʼলে ইয়াৰ অৰ্থ এয়ানে যে এনে হʼবই নোৱাৰে? বুজাওক।

৪ যিহোৱা যে অনাদি কালৰ পৰা অনন্ত কাললৈকে থাকিব আৰু তেওঁ “অনাদি অনন্ত ঈশ্বৰ” হয়, এই কথা বুজিবলৈ আপোনাৰ বাবেও কঠিন হয়নে? (যিচ. ৪০:২৮) প্ৰাচীন সময়ৰ লোকসকলৰ বাবেও এই কথা বুজিবলৈ কঠিন হৈছিল। যেনে, ইলীহূৱে যিহোৱাৰ বিষয়ে এইদৰে কৈছিল, “ঈশ্বৰ মহান, আৰু আমাৰ জ্ঞানৰ অগম্য; তেওঁৰ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য।” (ইয়ো. ৩৬:২৬) কিবা এটা কথা আমাৰ বাবে সম্পূৰ্ণৰূপে বুজিবলৈ কঠিন হয়। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে সেই কথাটো সঠিক নহয়। ইয়াক বুজিবলৈ আমি এটা উদাহৰণলৈ মন কৰিব পাৰোঁ। আমি জানোঁ যে সূৰ্য্য আৰু পানীৰ পৰা কাৰেণ্ট বনোৱা হয়। তথাপি এই কথা আমি সম্পূৰ্ণৰূপে বুজি নাপাবও পাৰোঁ। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে এই কথাটো হʼবই নোৱাৰে। ঠিক সেইদৰে যিহোৱা যে অনাদি কালৰ পৰা অনন্ত কাললৈকে থাকিব আৰু তেওঁ সূৰ্য্য, তৰা, জোন এইবোৰ সৃষ্টি হোৱাৰ আগৰে পৰা আছে, এই কথা আমি সম্পূৰ্ণৰূপে বুজি নাপাবও পাৰোঁ। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে এনে হʼবই নোৱাৰে। (ৰোম. ১১:৩৩-৩৬) কাৰণ যিহোৱাই “নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে, আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।” (যিৰি. ৫১:১৫; পাঁচ. ১৭:২৪) আমি অনন্ত কাল জীয়াই থাকিব পাৰিম বুলি আৰু কি কি কাৰণৰ বাবে বিশ্বাস কৰিব পাৰোঁ? আহক চাওঁ।

আমাক অনন্ত জীৱন জীয়াই থকাৰ ইচ্ছাৰে সৃষ্টি কৰা হৈছে

৫. যিহোৱাই আদম আৰু হৱাক কেনেদৰে সৃষ্টি কৰিছিল?

৫ যিহোৱাই জীৱ-জন্তু, গছ-গছনিবোৰ অলপ দিন জীয়াই থকাৰ বাবে সৃষ্টি কৰিছে। কিন্তু তেওঁ মানুহক অনন্ত জীৱন জীয়াই থাকিবলৈ সৃষ্টি কৰিছে আৰু আমাৰ কেতিয়াও মৃত্যু নোহোৱাটো তেওঁ বিচাৰে। যিহোৱাই আদমক এইদৰে কৈছিল, “ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হলে নেখাবা কিয়নো, যি দিনা তাক খাবা, সেই দিনাই তুমি অৱশ্যে মৰিবা।” (আদি. ২:১৭) আদম আৰু হৱাই যিহোৱাৰ এই আজ্ঞা পালন কৰা হʼলে তেওঁলোকে কেতিয়াও নমৰিলেহেঁতেন আৰু যিহোৱাই তেওঁলোকক সঠিক সময়ত “জীৱন-বৃক্ষৰ” ফল খাবলৈ দিলেহেঁতেন আৰু তেওঁলোকে ‘চিৰজীৱন’ জীয়াই থাকিলেহেঁতেন।b—আদি. ৩:২২.

“সদায় কালৰ বাবে”

বাইবেলৰ হিব্ৰু শাস্ত্ৰত বহু বাৰ “অহ-লাম” শব্দটো উল্লেখ কৰা আছে। এই শব্দটো এনে কথাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে, যি বহুত আগৰ কালৰ পৰা আছে বা বহু কাললৈকে থাকিব বা যাৰ আৰম্ভণি বা অন্তৰ বিষয়ে আমি নাজানোঁ। (যিহো. ২৪:২; গীত. ২৪:৭, ৯) ই এনে বস্তুও হʼব পাৰে, যাৰ কেতিয়াও অন্ত নহʼব। সেইবাবে, এই শব্দ যিহোৱাৰ বিষয়ে কʼবলৈও ব্যৱহাৰ কৰা হৈছে। (গীত. ১০২:১২, ২৪, ২৭) নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ বাইবেলত এই হিব্ৰু শব্দৰ অনুবাদ “অনন্ত কাললৈকে,” “চিৰকাললৈকে,” “যুগে-যুগে,” “চিৰস্থায়ী” বা “বহু কাল” বুলি কৰা হৈছে। এটা পদত যি বিষয়ে কথা পতা হৈছে, সেয়া মনত ৰাখি নিৰ্ণয় লোৱা হয় যে অহ-লামৰ ঠাইত ইয়াৰে মাজৰ কোনটো শব্দ ব্যৱহাৰ কৰা হʼব।

৬-৭. (ক) মানুহক অনন্ত জীৱন জীয়াই থাকিবলৈ সৃষ্টি কৰা হৈছে বুলি আমি কিয় কʼব পাৰোঁ? (খ) আপুনি নতুন পৃথিৱীত কি কৰিব বিচাৰে? (ছবিখন চাওক।)

৬ কিছুমান বৈজ্ঞানিকে অনুমান কৰিছে যে সাধাৰণতে মানুহে জীৱনত যিমান তথ্য লয়, তাতকৈ বহুগুণে বেছি তথ্য আমাৰ মগজুৱে ৰাখিব পাৰে। ২০১০ চনৰ এখন পত্ৰিকাই এইদৰে কৈছে অনুমান কৰা মতে আমাৰ মগজুৰ ক্ষমতা ৩০ লাখ ঘন্টা ভিডিঅʼ ৰেকৰ্ডিঙৰ সমান হয় আৰু ইয়াক চাবলৈ ৩০০ বছৰতকৈ অধিক সময় লাগিব পাৰে। এয়া কেৱল অনুমানহে হয়। আমাৰ মগজুৱে ইয়াতকৈ বেছি তথ্য ৰাখিব পাৰে। ইয়াৰ পৰা স্পষ্টকৈ জানিব পাৰি যে যিহোৱাই আমাৰ মগজুক এনেদৰে সৃষ্টি কৰিছে যাতে ইয়ে বহুতো তথ্য ৰাখিব পাৰে। আমি ৭০-৮০ বছৰহে জীয়াই থাকোঁ আৰু এই সময়ছোৱাত আমি যি তথ্য লওঁ, তাতকৈ বহুগুণে বেছি তথ্য আমাৰ মগজুৱে ৰাখিব পাৰে।—গীত. ৯০:১০.

৭ বাইবেলত কোৱা হৈছে যে যিহোৱাই আমাৰ ‘হৃদয়ত অনন্ত কাল’ জীয়াই থকাৰ ইচ্ছা দি আমাক সৃষ্টি কৰিছে। (উপ. ৩:১১) সেইবাবে, আমি কেতিয়াও মৰিব নিবিচাৰোঁ আৰু বাইবেলতো কোৱা হৈছে যে মৃত্যু আমাৰ শত্ৰু হয়। (১ কৰি. ১৫:২৬) যেনে, যেতিয়া আমি বেমাৰ হওঁ, তেতিয়া আমি সুস্থ হৈ থাকিবলৈ ডাক্তৰৰ ওচৰলৈ যাওঁ আৰু আমি দৰব খাওঁ। আমি জীয়াই থাকিবলৈ যিকোনো কৰিবলৈ সাজু থাকোঁ। আমাৰ বন্ধু বা পৰিয়ালৰ লোক ডেকাই হওক বা বৃদ্ধ, যেতিয়া তেওঁলোকৰ মৃত্যু হয়, তেতিয়া আমাক বহুত দুখ লাগে। (যোহ. ১১:৩২, ৩৩) যিহোৱাই আমাক অনন্ত জীৱন জীয়াই থকাৰ ইচ্ছা দিয়াৰ লগতে অনন্ত কাললৈকে জীয়াই থাকিব পৰাকৈ সৃষ্টি কৰিছে। ইয়াৰ পৰা জানিব পাৰি যে আমি অনন্ত জীৱন জীয়াই থকাটো তেওঁ বিচাৰে। এই কথাৰ ওপৰত বিশ্বাস কৰিবলৈ আমাৰ ওচৰত বহুতো কাৰণ আছে। যিহোৱাই আগতে কি কৰিছিল আৰু এতিয়া কি কৰিছে, যাৰ পৰা জানিব পাৰি যে আমি অনন্ত জীৱন জীয়াই থকাটো যিহোৱাই বিচাৰে। আহক ইয়াৰ বিষয়ে আৰু শিকোঁ।

ছবি: এজন বৃদ্ধ ভাই চকীত বহি আছে। তেওঁৰ ওচৰৰ টেবুলত বহুতো দৰৱ থোৱা আছে। তেওঁ বাইবেল পঢ়ি আছে আৰু নতুন পৃথিৱীত যেতিয়া তেওঁ পুনৰ ডেকা হʼব, তেতিয়া তেওঁ কি কি কৰিব, তাৰ বিষয়ে ভাবি আছে। ১. তেওঁ নাও চলাই আছে। ২. তেওঁ ছবি আঁকি আছে। ৩. ভাইজনে ফুৰিবলৈ গৈছে আৰু ওচৰতে এখন ঝৰণা বৈ আছে।

যেতিয়া আমি কল্পনা কৰোঁ যে আমি ভৱিষ্যতে অনন্ত জীৱন লাভ কৰিলে কি কি কৰিম, তেতিয়া আমি বহুত আনন্দ লাভ কৰোঁ (অনুচ্ছেদ ৭ চাওক)c

যিহোৱাৰ উদ্দেশ্য সলনি হোৱা নাই

৮. যিচয়া ৫৫:১১ পদৰ পৰা যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে কি জানিব পাৰি?

৮ আদম আৰু হৱাই পাপ কৰিছিল, যাৰ বাবে তেওঁলোকৰ মৃত্যু হʼল। তেতিয়াৰে পৰা লোকসকলৰ মৃত্যু হৈ আছে। কিন্তু ইয়াৰ অৰ্থ এয়া নেকি যে যিহোৱাৰ উদ্দেশ্য সলনি হʼল। (যিচয়া ৫৫:১১ পঢ়ক।) নহয়, লোকসকলে অনন্ত জীৱন জীয়াই থকাটো যিহোৱাই আজিও বিচাৰে। আহক চাওঁ যে প্ৰাচীন সময়ত যিহোৱাই নিজৰ লোকসকলক কি কৈছিল আৰু কি কৰিছিল, যাৰ পৰা জানিব পাৰি যে তেওঁ নিজৰ উদ্দেশ্য নিশ্চয় পূৰ কৰিব।

৯. যিহোৱাই কি প্ৰতিজ্ঞা কৰিছে? (দানিয়েল ১২:২, ১৩)

৯ যিহোৱাই প্ৰতিজ্ঞা কৰিছিল যে যিসকলৰ মৃত্যু হৈছে, সেই লোকসকলক তেওঁ পুনৰ জীৱিত কৰিব আৰু তেতিয়া তেওঁলোকে সদায়কাল জীয়াই থাকিব পাৰিব। (পাঁচ. ২৪:১৫; তীত ১:১, ২) ইয়োবে এই কথাৰ ওপৰত বিশ্বাস কৰিছিল যে যিসকল লোকৰ মৃত্যু হৈছে, তেওঁলোকক পুনৰ জীৱিত কৰিবলৈ যিহোৱা আগ্ৰহী হৈ আছে। (ইয়ো. ১৪:১৪, ১৫) ভৱিষ্যতবক্তা দানিয়েলে জানিছিল যে যিসকল লোকে মৃত্যুৰ টোপনিত শুই আছে, তেওঁলোকক যিহোৱাই পুনৰ জীৱিত কৰিব আৰু অনন্ত জীৱন জীয়াই থকাৰ সুযোগ দিব। (গীত. ৩৭:২৯; দানিয়েল ১২:২, ১৩ পঢ়ক।) যীচুৰ সময়ত থকা যিহূদী লোকসকলেও বিশ্বাস কৰিছিল যে যিহোৱাই তেওঁৰ বিশ্বাসী লোকসকলক ‘অনন্ত জীৱন’ দিব। (লূক ১০:২৫; ১৮:১৮) যীচুৱে লোকসকলক কৈছিল যে যিহোৱাই মৃত লোকসকলক জীৱিত কৰিব আৰু তেওঁলোকক অনন্ত জীৱন দিব। যীচুৰ যেতিয়া মৃত্যু হʼল, তেতিয়া যিহোৱাই তেওঁকো পুনৰ জীৱিত কৰিলে।—মথি ১৯:২৯; ২২:৩১, ৩২; লূক ১৮:৩০; যোহ. ১১:২৫.

এলিয়াই চাৰিফতত থকা বিধৱাৰ লʼৰা জীৱিত কৰিলে। তেওঁ নিজৰ লʼৰাক দেখি বহুত আনন্দিত আছে।

এলিয়াই এজন লʼৰাক জীৱিত কৰিছিল, ইয়াৰ পৰা আপোনাৰ কি বিশ্বাস হয়? (অনুচ্ছেদ ১০ চাওক)

১০. প্ৰাচীন সময়ত বহুতো লোকক জীৱিত কৰা হৈছিল, ইয়াৰ পৰা আমি যিহোৱাৰ বিষয়ে কি কʼব পাৰোঁ? (ছবিখন চাওক।)

১০ যিহোৱাই আমাক জীৱন দিছে, সেইবাবে তেওঁ মৃত হোৱা লোকসকলক পুনৰ জীৱিত কৰিব পাৰে। যেতিয়া চাৰিফতত থকা বিধৱাৰ পুত্ৰৰ মৃত্যু হʼল, তেতিয়া তাক জীৱিত কৰিবলৈ যিহোৱাই এলিয়াক শক্তি দিলে। (১ ৰাজা. ১৭:২১-২৩) ইলীচাও যিহোৱাৰ সহায়ত চূনেমীৰ এগৰাকী তিৰোতাৰ মৃত লʼৰাক জীৱিত কৰিব পাৰিলে। (২ ৰাজা. ৪:১৮-২০, ৩৪-৩৭) বাইবেলত এনেধৰণৰ বহুতো ঘটনা উল্লেখ আছে, যʼত লোকসকলে যিহোৱাৰ সহায়ত মৃত লোকসকলক পুনৰুত্থান কৰিব পাৰিলে। ইয়াৰ পৰা জানিব পাৰি যে লোকসকলক পুনৰ জীৱিত কৰাৰ শক্তি যিহোৱাৰ আছে আৰু তেওঁ এই শক্তি যীচুকো দিছে। যীচু পৃথিৱীত থকাৰ সময়ত এই শক্তিৰ সহায়ত মৃত লোকসকলক জীৱিত কৰিব পাৰিছিল। (যোহ. ১১:২৩-২৫, ৪৩, ৪৪) যীচুৱে এইদৰে প্ৰতিজ্ঞা কৰিছে ‘মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি ওলাব।’ আজি যীচু স্বৰ্গত আছে আৰু তেওঁক ‘স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা দিয়া হল।’ সেইবাবে, যীচুৱে নিজৰ এই প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব পাৰে আৰু মৃত্যু হোৱা লোকসকলক পুনৰ জীৱিত কৰি অনন্ত জীৱন জীয়াই থকাৰ সুযোগ দিব পাৰে।—মথি ২৮:১৮; যোহ. ৫:২৫-২৯.

১১. যীচুৰ বলিদানৰ যোগেদি আমি কেনেকৈ অনন্ত জীৱন পাব পাৰিম?

১১ যিহোৱাই যীচুক কিয় কাঠত আঁৰি আৰু দুখ-ভোগ কৰি মৃত্যু হʼবলৈ দিলে? ইয়াৰ উত্তৰ আমি যীচুৰ কথাৰ পৰাই জানিব পাৰোঁ। তেওঁ এইদৰে কৈছিল, “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।” (যোহ. ৩:১৬) পৃথিৱীৰ বাবে যিহোৱাৰ যি উদ্দেশ্য আছিল, তাক পূৰ কৰিবলৈ নিজৰ পুত্ৰৰ বলিদান দিলে। যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ দ্বাৰা আমি পাপৰ ক্ষমা পাওঁ আৰু অনন্ত জীৱন লাভ কৰিম। (মথি ২০:২৬) এই ব্যৱস্থাৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল, “মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱাত, মৃতবিলাকৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰা হল। কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোকে জীউৱা হব।”—১ কৰি. ১৫:২১, ২২.

১২. যিহোৱাই নিজৰ উদ্দেশ্য কেনেকৈ পূৰ কৰিব?

১২ যীচুৱে নিজৰ শিষ্যসকলক ঈশ্বৰৰ ৰাজ্য আহিবলৈ আৰু এই পৃথিৱীত ঈশ্বৰৰ উদ্দেশ্য পূৰ হʼবলৈ প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। (মথি ৬:৯, ১০) পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য হৈছে মানুহে ইয়াত অনন্ত জীৱন জীয়াই থকা। যিহোৱাই এই উদ্দেশ্য পূৰ কৰিবলৈ যীচুক ৰজা হিচাপে বাছনি কৰিলে। তেওঁ প্ৰথম শতিকাৰ পৰা ১,৪৪,০০০ জন লোককো একগোট কৰি আছে, যাতে তেওঁলোকে যীচুৰ লগত মিলি যিহোৱাৰ এই উদ্দেশ্য পূৰ কৰে।—প্ৰকা. ৫:৯, ১০.

১৩. আজি যিহোৱাই কি কৰি আছে আৰু আমি প্ৰতিজনে কি কৰা উচিত?

১৩ আজি যিহোৱাই ‘বৰ লোকসমূহক’ একগোট কৰি আছে আৰু তেওঁলোকক ঈশ্বৰৰ ৰাজ্যত অনন্ত জীৱন জীয়াই থাকিবলৈ শিকাই আছে। (প্ৰকা. ৭:৯, ১০; যাকো. ২:৮) আজি জগতৰ লোকসকলৰ মাজত একতা নাই আৰু তেওঁলোকে এজন-আনজনক ঘৃণা কৰাৰ বাবে যুদ্ধ কৰি আছে। কিন্তু ‘বৰ লোকসমূহে’ সকলোকে প্ৰেম কৰে। তেওঁলোকে বেলেগ জাতি বা ৰাষ্ট্ৰৰ লোকসকলক ঘৃণা নকৰে। তেওঁলোকে যেন ‘নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়িছে।’ (মীখা ৪:৩) জগতৰ লোকসকলে যুদ্ধ কৰি এজনে-আনজনক মাৰি আছে। কিন্তু আজি ‘বৰ লোকসমূহে’ যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে লোকসকলক জনাই আছে, যাতে তেওঁলোকে “প্ৰকৃত জীৱন” পাব পাৰে আৰু পৃথিৱীত অনন্ত জীৱন লাভ কৰিব পাৰে। (১ তীম. ৬:১৯) তেওঁলোকে ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰে। সেইবাবে, বহু বাৰ পৰিয়ালৰ লোকসকলে তেওঁলোকক বিৰোধ কৰে। বহু বাৰ তেওঁলোকৰ টকা-পইচাৰো অভাৱ হয়, কিন্তু যিহোৱাই তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ সহায় কৰে। (মথি ৬:২৫, ৩০-৩৩; লূক ১৮:২৯, ৩০) এই সকলোৰে পৰা জানিব পাৰি যে ঈশ্বৰৰ ৰাজ্য এটা আচল চৰকাৰ হয় আৰু যিহোৱাই ইয়াৰ যোগেদি নিজৰ উদ্দেশ্য নিশ্চয় পূৰ কৰিব।

এক সুন্দৰ ভৱিষ্যত

১৪-১৫. যিহোৱাই মৃত্যুক কেনেকৈ সদায়কালৰ বাবে নাশ কৰিব?

১৪ আজি যীচুৱে স্বৰ্গত শাসন কৰি আছে আৰু অতি সোনকালে ঈশ্বৰে আমাৰ কাৰণে কৰা প্ৰতিজ্ঞাবোৰ তেওঁ পূৰ কৰিব। (২ কৰি. ১:২০) ১৯১৪ চনৰ পৰা যীচুৱে শত্ৰুসকলৰ ওপৰত জয়লাভ কৰি আছে। (গীত. ১১০:১, ২) অতি সোনকালে তেওঁ, তেওঁৰ লগত শাসন কৰা অভিষিক্তি খ্ৰীষ্টানসকলৰ লগত মিলি শত্ৰুসকলক নাশ কৰি তেওঁলোকৰ ওপৰত জয়লাভ কৰিব।—প্ৰকা. ৬:২.

১৫ যিসকল লোকৰ মৃত্যু হৈছে, যীচুৱে তেওঁলোকক এক হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত পুনৰ জীৱিত কৰিব। সেই সময়ছোৱাত যিসকল লোকে যিহোৱাৰ আজ্ঞা মানিব, তেওঁলোকে লাহে লাহে সিদ্ধ হৈ পৰিব। তাৰ পাছত শেষ পৰীক্ষা হʼব। যিসকলে এই পৰীক্ষাৰ সময়ছোৱাত যিহোৱাৰ বিশ্বাসী হৈ থাকিব তেওঁলোকে “পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।” (গীত. ৩৭:১০, ১১, ২৯) সেই সময়ছোৱা সঁচাকৈ বৰ আনন্দময় হʼব। কাৰণ আমাৰ “শেষ শত্ৰু যি মৃত্যু” তাক সদায় কালৰ বাবে নাশ কৰা হʼব।—১ কৰি. ১৫:২৬.

১৬. যিহোৱাৰ বিশ্বাসী হৈ থকাৰ আটাইতকৈ ডাঙৰ কাৰণ কি হোৱা উচিত?

১৬ যিহোৱাই আমাক অনন্ত জীৱন দিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ, তাৰ তিনিটা কাৰণৰ বিষয়ে আমি এই লেখত শিকিলোঁ। এই আশা পূৰ হোৱাটো চাবলৈ আমি সকলোৱে বাট চাই আছোঁ। আমি নিজৰ আশাৰ বিষয়ে ভাবিলে সমস্যাৰ সময়তো যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ। কিন্তু আমি অনন্ত জীৱন পাবলৈ যিহোৱা আৰু যীচুৰ বিশ্বাসী হৈ থাকোঁ, এনে নহয়। তেওঁলোকৰ বিশ্বাসী হৈ থকাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আমি তেওঁলোকক প্ৰেম কৰোঁ। (২ কৰি. ৫:১৪, ১৫) সেইবাবে, আমি তেওঁলোকৰ দৰে হʼবলৈ চেষ্টা কৰোঁ আৰু নিজৰ আশাৰ বিষয়ে আনক প্ৰচাৰ কৰোঁ। (ৰোম. ১০:১৩-১৫) গতিকে আমি নিজৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে লোকসকলক জনালে, তেওঁ আনন্দিত হʼব আৰু আমি সদায়কাললৈকে তেওঁৰ বন্ধু হোৱাটো বিচাৰিব।—ইব্ৰী ১৩:১৬.

১৭. আমি প্ৰতিজনে কি কৰিব লাগিব? (মথি ৭:১৩, ১৪)

১৭ আজি যিহোৱাই প্ৰতিজন ব্যক্তিক অনন্ত জীৱন পাবলৈ সুযোগ দি আছে। কিন্তু ইয়াক পাবলৈ আমি জীৱনৰ বাটত চলি থাকিব লাগিব। (মথি ৭:১৩, ১৪ পঢ়ক।) নতুন পৃথিৱীত যেতিয়া আমি অনন্ত জীৱন জীয়াই থাকিম, তেতিয়া আমাৰ জীৱন কেনেকুৱা হʼব, তাৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • মানুহক অনন্ত জীৱন জীয়াই থকাৰ ইচ্ছা দি সৃষ্টি কৰা হৈছে বুলি আমি কিয় কʼব পাৰোঁ?

  • মানুহে অনন্ত জীৱন জীয়াই থকাটো যিহোৱাই এতিয়াও বিচাৰে বুলি আমি কিয় কʼব পাৰোঁ?

  • যদি আমি অনন্ত জীৱন জীয়াই থাকিব বিচাৰোঁ, তেন্তে ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ কি হোৱা উচিত?

গীত ১৪১ জীৱনৰ আচৰিত সৃষ্টি

a যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে আমি ভৱিষ্যতে এই পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিব পাৰিম। সেই সময়ছোৱাত মৃত্যুৰ ভয়ে আমাক আমনি নকৰিব। আপুনিও অনন্ত জীৱন জীয়াই থাকিব বিচাৰেনে? যিহোৱাই নিজৰ এই প্ৰতিজ্ঞা পূৰ কৰিব আৰু আমি অনন্ত জীৱন জীয়াই থাকিব পাৰিম বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ, তাৰ কিছুমান কাৰণৰ বিষয়ে আমি এই লেখত আলোচনা কৰিম।

b “সদায় কালৰ বাবে” নামৰ বক্সখন চাওক।

c ছবিৰ বিষয়ে: এজন বৃদ্ধ ভায়ে কল্পনা কৰি আছে যে যেতিয়া তেওঁ অনন্ত জীৱন জীয়াই থাকিব, তেতিয়া তেওঁ কি কি কৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক