ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 জুন পৃষ্ঠা ২৬-৩০
  • যিহোৱাৰ সেৱাত পালোঁ আনন্দ আৰু নতুন শিক্ষা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সেৱাত পালোঁ আনন্দ আৰু নতুন শিক্ষা
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যেতিয়া যিহোৱাই কিবা কৰিবলৈ কয়, তেতিয়া তাক কৰি চাওক
  • এষ্টনিয়া আৰু তাৰ ওচৰে-পাজৰে থকা দেশবোৰত যোৱাৰ বাবে নিমন্ত্ৰণ
  • আন এটা দেশত আৰু এটা চাৰপ্ৰাইজ
  • এছিয়াত নতুন দায়িত্ব
  • বহুতো কথা শিকিলোঁ
  • মহান উপদেশকৰ পৰা বহুমূলীয়া কথা শিকি থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যিহোৱাৰ বিষয়ে শিকি আৰু শিকায় মই বৰ আনন্দ পাইছোঁ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • যিহোৱাৰ সেৱাত বহুতো আশীৰ্বাদ পালোঁ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • যিহোৱাৰ সেৱাত পোৱা আনন্দ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 জুন পৃষ্ঠা ২৬-৩০
ৰেইনʼ কেছক

জীৱন কাহিনী

যিহোৱাৰ সেৱাত পালোঁ আনন্দ আৰু নতুন শিক্ষা

ৰেইনʼ কেছকৰ বাক্য

সৰুতে মই যেতিয়া উৰা জাহাজ উৰি যোৱা দেখিছিলোঁ, তেতিয়া মোৰো উৰা জাহাজত উঠি আন দেশত ফুৰিবলৈ যাবলৈ মন গৈছিল। কিন্তু এয়া অসম্ভৱ যেন লাগিছিল।

দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত মোৰ মা-দেউতাই এষ্টনিয়া এৰি জাৰ্মানীলৈ গʼল, তাতেই মোৰ জন্ম হʼল। মোৰ জন্মৰ পাছত তেওঁলোকে জাৰ্মানী এৰি কানাডালৈ যাবলৈ সাজু হʼল। কিছু সময়ৰ পাছত আমি কানাডালৈ গʼলোঁ আৰু তাত অটাৱা চহৰৰ ওচৰত থাকিবলৈ লʼলোঁ। আমি থকা ঠাইখন বহুত সৰু আছিল আৰু তাতে কুকুৰাৰ ফাৰ্মো আছিল। যদিও আমি বহুত দুখীয়া আছিলোঁ তথাপি কণী খাবলৈ পাইছিলোঁ।

এদিনাখন যিহোৱাৰ সাক্ষীসকলে মোৰ মাক লগ কৰিলে আৰু প্ৰকাশিত বাক্য ২১:৩, ৪ পদটো পঢ়ি শুনালে। এই পদে মোৰ মাৰ অন্তৰ চুই গʼল আৰু তেওঁ আনন্দত কান্দিবলৈ ধৰিলে। মোৰ মা-দেউতাই অধ্যয়ন কৰিবলৈ ধৰিলে আৰু কিছু সময়ৰ পাছতেই বাপ্তিষ্মা লʼলে।

মোৰ মা-দেউতাই ভালদৰে ইংৰাজী নাজানিছিল কিন্তু তেওঁলোকে উৎসাহেৰে যিহোৱাৰ সেৱা কৰিছিল। দেউতাই অণ্টাৰিঅʼৰ চাডবাৰী চহৰৰ এখন কাৰখানত ধাতু গলোৱাৰ কাম কৰিছিল। গোটেই ৰাতি কাম কৰাৰ পিছতো তেওঁ প্ৰতি শনিবাৰে মোক আৰু মোৰ সৰু ভনী চিলভিয়াক প্ৰচাৰত লৈ গৈছিল। প্ৰতি সপ্তাহে আমি পৰিয়ালে মিলি প্ৰহৰীদুৰ্গ অধ্যয়ন কৰিছিলোঁ। মা-দেইতাই মোক যিহোৱাৰ বিষয়ে শিকাবলৈ বহুত পৰিশ্ৰম কৰিলে, সেইবাবে মইয়ো যিহোৱাক প্ৰেম কৰিবলৈ ধৰিলোঁ। পাছত ১৯৫৬ চনত ১০ বছৰ বয়সতে নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিলোঁ। যেতিয়া মই যিহোৱাৰ প্ৰতি থকা তেওঁলোকৰ প্ৰেমৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া মই যিহোৱাৰ সেৱা কৰি থাকিবলৈ উৎসাহিত হওঁ।

স্কুলৰ শিক্ষা শেষ কৰাৰ পাছত মই যিহোৱাৰ সেৱাত ইমান ধ্যান দিয়া নাছিলোঁ। মই ভাবিলোঁ অগ্ৰগামী সেৱা কৰিলে মই বেছিকৈ টকা গোটাব নোৱাৰিম আৰু উৰা জাহাজত উঠি গোটেই পৃথিৱীত ফুৰাৰ মোৰ যি সপোন, সেয়া সপোন হৈয়ে থাকি যাব। মই ওচৰতে এখন ৰেডিঅʼ ষ্টেচনত গান বজোৱাৰ কাম পাইছিলোঁ আৰু এই কাম মোক বৰ ভাল লাগিছিল। কিন্তু মই গধুলি কাম কৰিছিলোঁ, সেইবাবে সভাবোৰত যাব নোৱাৰিছিলোঁ আৰু যিসকলে ঈশ্বৰক প্ৰেম কৰা নাছিল, তেওঁলোকৰ লগত বন্ধুত্ব কৰিছিলোঁ। কিছু সময়ৰ পাছত মোৰ বিবেকে মোক আমনি কৰিবলৈ ধৰিলে। মোৰ অনুভৱ হʼল যে মই বাইবেলৰ পৰা যি শিকিছিলোঁ, তাৰ অনুসৰি মই কিছুমান সাল-সলনি কৰিব লাগিব।

মই অন্টেৰিঅʼৰ অচিৱালৈ গʼলোঁ। মই তাত ৰে নৰমান, তেওঁৰ ভনী লেচলি আৰু আন অগ্ৰগামী সেৱকসকলক লগ পালোঁ। তেওঁলোকে মোক মৰমেৰে আদৰণি জনালে আৰু আমি ভাল বন্ধু হৈ পৰিলোঁ। তেওঁলোকে সদায় আনন্দত থাকে। সেইবাবে, মই ভাবিলোঁ মই জীৱনত কি কৰিব বিচাৰোঁ, কি লক্ষ্য ৰাখিব বিচাৰোঁ। তেওঁলোকে মোক অগ্ৰগামী সেৱা আৰম্ভ কৰিবলৈ উৎসাহিত কৰিলে আৰু ১৯৬৬ চনৰ চেপ্টেম্বৰ মাহত মই অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ। মই বৰ আনন্দিত আছিলোঁ আৰু সকলো ঠিকেই চলি আছিল। কিন্তু মোৰ জীৱনত এনে কিবা ঘটনা ঘটিবলগীয়া আছিল, যাৰ বিষয়ে মই ভবাই নাছিলোঁ।

যেতিয়া যিহোৱাই কিবা কৰিবলৈ কয়, তেতিয়া তাক কৰি চাওক

হাই স্কুলত পঢ়ি থকাৰ সময়তে মই কানাডাৰ টৰণ্টৰ বেথেলত সেৱা কৰাৰ ফৰ্ম পূৰ কৰিলোঁ। মই অগ্ৰগামী সেৱা কৰি থকা সময়ত মোক চাৰি বছৰ বাবে বেথেলত সেৱা কৰিবলৈ মাতা হʼল। কিন্তু মই লেচলিক ভাল পাইছিলোঁ, সেইবাবে এই নিমন্ত্ৰণ গ্ৰহণ কৰিলে তাইক আৰু কেতিয়াও লগ নাপাম বুলি ভয় কৰিছিলোঁ। বহু দেৰিলৈকে মই যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ পাছত এই নিমন্ত্ৰণ গ্ৰহণ কৰিলোঁ আৰু লেচলিক গুডবাই বুলি কʼলোঁ।

আৰম্ভণিতে মই বেথেলত লণ্ড্ৰী বিভাগত কাম কৰিছিলোঁ যʼত কাপোৰ ধোঁৱা হৈছিল। পাছত চেক্ৰেটেৰি হিচাপেও কাম কৰিলোঁ। সেই সময়ত লেচলিক কিউবেকৰ গ্ৰেটিনʼ চহৰত বিশেষ অগ্ৰগামী সেৱা কৰিবলৈ পঠিওৱা হʼল। মই প্ৰায়ে চিন্তা কৰিছিলোঁ যে তাই এতিয়া কি কৰি আছে, কেনেকুৱা আছে আৰু বেথেললৈ অহাৰ মোৰ নিৰ্ণয় সঠিক আছিলনে। তাৰ পাছত এনে কিবা হʼল যাৰ বিষয়ে মই আশাই কৰা নাছিলোঁ। লেচলিৰ ককায়েক ৰেকো বেথেললৈ মতা হʼল আৰু তেওঁ মোৰ লগতে থাকিবলৈ লʼলে। সেইবাবে, মই লেচলিৰ লগত পুনৰ কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। মোৰ বেথেল সেৱাৰ শেষ দিনা ফেব্ৰুৱাৰী ২৭, ১৯৭১ চনত আমি বিয়া পাতিলোঁ।

ৰেইনʼ আৰু লেচলিৰ ১৯৭৫ চনত তোলা এখন ফটো।

১৯৭৫ চনত যেতিয়া আমি চাৰ্কিটৰ কাম আৰম্ভ কৰিলোঁ

মোক আৰু লেচলিক কিউবেকৰ ফ্ৰান্স ভাষা কোৱা মণ্ডলীত সেৱা কৰিবলৈ পঠিওৱা হʼল। কিছু বছৰৰ পাছত ২৮ বছৰ বয়সতে মোক চাৰ্কিট ওভাৰচিয়াৰ হিচাপে নিযুক্ত কৰা হʼল। এয়া জানি মই আচৰিত হৈছিলোঁ, কাৰণ এই কামৰ বাবে মই নিজকে বহুত সৰু আৰু মোৰ বেছি অভিজ্ঞতা নাই বুলি ভাবিছিলোঁ। কিন্তু যিৰিমিয়া ১:৭, ৮ পদৰ পৰা মই উৎসাহিত হʼলোঁ। যিহেতু লেচলিৰ বহু বাৰ এক্সিডেন্ট হোৱাৰ বাবে তাইৰ শুবলৈ বৰ অসুবিধা হৈছিল। সেইবাবে, আমি চাৰ্কিটৰ কাম কৰিব পাৰিম জানোঁ বুলি ভাবিছিলোঁ। সেই সময়ত লেচলিয়ে এইদৰে কʼলে, “যদি যিহোৱাই আমাক কিবা কৰিবলৈ কৈছে, তেনেহʼলে আমি তাক কৰি চোৱা উচিত নহয়নে?” আমি সেই নিমন্ত্ৰণ গ্ৰহণ কৰিলোঁ আৰু ১৭ বছৰলৈকে আনন্দেৰে চাৰ্কিটৰ কাম কৰি থাকিলোঁ।

চাৰ্কিটৰ কামত মই বৰ ব্যস্ত হৈ পৰিছিলোঁ, সেইবাবে লেচলিক বেছি সময় দিব পৰা নাছিলোঁ। মই আৰু এটা কথা শিকিবলগীয়া আছিল। সোমবাৰে ৰাতিপুৱা দুৱাৰৰ বেল বাজিলে। তাত কোনো নাছিল কিন্তু এটা বাস্কেটত টেবুলৰ কাপোৰ, ফল, চীজ, ব্ৰেড, ৱাইনৰ বটল আৰু গিলাচ আছিল। তাত এখন চিঠিও আছিল, যʼত এইদৰে লিখা আছিল, “তোমাৰ পত্নীক পিকনিকলৈ লৈ যোৱা।” সেই দিনা বতৰ বৰ ভাল আছিল। কিন্তু মই লেচলিক কʼলোঁ যে আজি মোৰ বহুতো কাম আছে, কেইবাটাও ভাষণ তৈয়াৰী কৰিব আছে, গতিকে আজি যাব নোৱাৰোঁ। তাই মোৰ কথা বুজি পালে তথাপি অলপ দুখ অনুভৱ কৰিলে। কাম কৰিবলৈ বহাৰ লগে লগে মোৰ অনুভৱ হʼল যে মই চাগে ভুল কৰিলোঁ। ইফিচীয়া ৫:২৫, ২৮ পদটো মোৰ মনত পৰিল। এই পদৰ অনুসৰি যিহোৱাই মোৰ পৰা কি বিচাৰে, মই মোৰ পত্নীৰ ভাবনাৰ প্ৰতি ধ্যান দিছোঁনে? প্ৰাৰ্থনা কৰাৰ পাছত মই লেচলিক কʼলোঁ, “বʼলা যাওঁ” আৰু এই কথা শুনি তাই আনন্দিত হʼল। আমি এখন নদীৰ কাষত গʼলোঁ আৰু একেলগে সময় কটালোঁ। সেই দিনটো আমি কেতিয়াও নাপাহৰোঁ। আৰু এটা কথা মই মোৰ ভাষণো তৈয়াৰ কৰিবলৈ সময় পালোঁ।

আমি কলম্বিয়াৰ পৰা নিউফাউণ্ডলেণ্ডলৈকে বহুতো বেলেগ বেলেগ চহৰত সেৱা কৰাৰ সুযোগ পালোঁ। চাৰ্কিটৰ কাম কৰি আমাক বহুত ভাল লাগিছিল। সৰুতে মোৰ বেলেগ বেলেগ দেশত ফুৰিবলৈ যি সপোন আছিল, সেয়া এতিয়া পূৰ হৈ আছে বুলি মই অনুভৱ কৰিলোঁ। মোৰ গিলিয়াড স্কুললৈ যোৱাৰ ইচ্ছা আছিল, কিন্তু আন দেশলৈ গৈ মিচনেৰী হিচাপে সেৱা কৰাৰ মন নাছিল। মই ভাবিছিলোঁ মিচনেৰী কাম বিশেষ লোকসকলেহে কৰিব পাৰে আৰু ইয়াৰ বাবে মই যোগ্য নহয়। ইয়াৰ লগতে এয়াও চিন্তা কৰি ভয় খাইছিলোঁ যে মোক আফ্ৰিকাৰ এনে এখন দেশত পঠাই দিয়া হʼব, যʼত বেমাৰবোৰ বিয়পি আছে আৰু যুদ্ধ চলি আছে। মই কানাডাতে আনন্দিত আছিলোঁ।

এষ্টনিয়া আৰু তাৰ ওচৰে-পাজৰে থকা দেশবোৰত যোৱাৰ বাবে নিমন্ত্ৰণ

গাড়ী চলাই থকাৰ সময়ত লেচলিৰ এখন ফটো। ৰাস্তাত বৰফ পৰি আছে।

এষ্টনিয়া আৰু তাৰ ওচৰে-পাজৰে থকা দেশবোৰত যাত্ৰা কৰি থকাৰ সময়ত

১৯৯২ চনত যিহোৱাৰ সাক্ষীসকলে সেই দেশবোৰত মুকলিভাৱে প্ৰচাৰ কৰিবলৈ ধৰিলে, যিবোৰ আগতে ছʼভিয়েট সংঘৰ ভাগ আছিল। ভাইসকলে আমাক সুধিলে যে আমি এষ্টনিয়াত মিচনেৰী সেৱা কৰিব বিচাৰোঁনে। এয়া শুনি আমি চিন্তিত হৈছিলোঁ কিন্তু ইয়াৰ বাবে আমি প্ৰাৰ্থনা কৰিলোঁ। আমি আকৌ ভাবিলোঁ, ‘যদি যিহোৱাই আমাক কিবা কৰিবলৈ কৈছে, তেনেহʼলে আমি তাক কৰি চোৱা উচিত নহয়নে?ʼ আমি এই নিমন্ত্ৰণ গ্ৰহণ কৰিলোঁ আৰু মনতে ভাবিলোঁ, ‘ভালেই হʼল, তেওঁলোকে আমাক আফ্ৰিকালৈ পঠিওৱা নাই!ʼ

আমি লগে লগে এষ্টনিয়া ভাষা শিকিবলৈ আৰম্ভ কৰিলোঁ। কিছু মাহৰ পাছত চাৰ্কিটৰ কাম কৰিবলৈ কোৱা হʼল। আমাক এষ্টনিয়া, লাটবিয়া আৰু লিথুয়ানিয়া যাবলগীয়া আছিল কালিংগ্ৰেডতো যাবলগীয়া আছিল, যি ৰুচ দেশৰ ভাগ আছিল। আমি এই এলেকাবোৰত ৪৬ খন মণ্ডলী আৰু কিছুমান সমূহৰ সাক্ষাৎ কৰিবলগীয়া আছিল। অৰ্থাৎ এতিয়া আমি লেথভিয়ান, লিথুয়নিয়ান আৰু ৰুচ ভাষাও শিকিবলৈ আছিল। এয়া বহুত কঠিন আছিল। আমি এই ভাষাবোৰ শিকিবলৈ চেষ্টা কৰাৰ বাবে ভাই-ভনীসকল আনন্দিত আছিল আৰু আমাক সহায়ো কৰিছিল। ১৯৯৯ চনত এষ্টনিয়াত শাখা কাৰ্য্যালয় খোলা হʼল আৰু তাত মোক শাখা সমিতিৰ সদস্য হিচাপে কাম কৰিবলৈ মাতা হʼল। শাখা সমিতিত মোৰ লগত থমাছ, এদুৰ, লেম্বিট ৰায়লে আৰু টমি কাঅʼক আছিল।

১. লিথুয়ানিয়াত এখন অধিৱেশনত ভাষণ দিয়াৰ সময়ত

২. ১৯৯৯ চনত এষ্টনিয়াৰ শাখা সমিতি, যেতিয়া তাত শাখা কাৰ্য্যালয় খোলা হৈছিল

আমি এনে বহুতো ভাই-ভনীসকলৰ লগত চিনাকি হʼবলৈ সুযোগ পালোঁ, যিসকলে ছাইবেৰিয়াৰ যাতনা শিবিৰৰ পৰা উভতি আহিছিল। জেলত ইমান তাড়না পোৱা আৰু পৰিয়ালৰ পৰা দূৰত থকাৰ সত্ত্বেও তেওঁলোকে খং নকৰিলে আৰু হাৰো নামানিলে। তেওঁলোকে আনন্দেৰে আৰু উৎসাহেৰে প্ৰচাৰ কৰি থাকিল। তেওঁলোকৰ উদাহৰণে আমাক সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিবলৈ আৰু আনন্দত থাকিবলৈ সহায় কৰিলে।

আমি কামত ইমানেই ব্যস্ত আছিলোঁ যে সময়বোৰ কেনেকৈ পাৰ হʼল আমি গমেই নাপালোঁ। আমি আৰাম কৰিবলৈ সময়ে উলিয়াব পৰা নাছিলোঁ। সেইবাবে, লেচলি ভাগৰি পৰিছিল। আৰম্ভণিতে তাই ভাগৰি পৰাৰ কাৰণ বুজিয়েই পোৱা নাছিলোঁ। আমি কানাডালৈ উভতি যোৱাৰ কথা ভাবিলোঁ। তেতিয়া আমেৰিকাৰ পেটৰচন শাখা কাৰ্য্যালয়ৰ এখন স্কুলত উপস্থিত হʼবলৈ মাতা হʼল। আমি যাব নোৱাৰিম বুলি ভাবিছিলোঁ, কিন্তু প্ৰাৰ্থনা কৰাৰ পাছত আমি এই নিমন্ত্ৰণ গ্ৰহণ কৰিলোঁ। যিহোৱাই আমাৰ এই নিৰ্ণয়ত আশীৰ্বাদ দিলে। তাত গৈ আমি গম পালোঁ যে লেচলিৰ ফাইব্ৰʼমায়েল্জিয়া নামৰ বেমাৰ হৈছে। এই স্কুলৰ সময়ত লেচলিৰ ভালদৰে চিকিৎসা হʼল। সেইবাবে, আমি আমাৰ সেৱা আগৰ দৰে কৰিব পাৰিলোঁ।

আন এটা দেশত আৰু এটা চাৰপ্ৰাইজ

২০০৮ চনত এদিনাখন গধূলি যেতিয়া মই এষ্টনিয়াত আছিলোঁ, তেতিয়া মুখ্য কাৰ্য্যালয়ৰ পৰা ফোন আহিলে আৰু মোক সুধিলে যে আমি কংগোত গৈ সেৱা কৰিব পাৰিমনে। মই বৰ চিন্তিত হৈ পৰিলোঁ, কাৰণ এদিনৰ পিছতে মোক ইয়াৰ উত্তৰ দিবলগীয়া আছিল। মই ইয়াৰ বিষয়ে লেচলিক নজনালোঁ, কিয়নো মই জানোঁ যে ইয়াৰ বিষয়ে গম পালে ৰাতি তাইৰ টোপনিয়ে নাহিব। তাইতো শুই গʼল কিন্তু মইহে শুব পৰা নাছিলোঁ। আফ্ৰিকালৈ যোৱাৰ বিষয়ে যি ভয় আছিল, তাৰ বিষয়ে গোটেই ৰাতি যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ।

পাছদিনাখন মই লেচলিক ইয়াৰ বিষয়ে জনালোঁ আৰু আমি এজন-আনজনক বুজালোঁ যে “যিহোৱাই আমাক আফ্ৰিকালৈ মাতিছে। যদি আমি তাত নাযাওঁ, তেনেহʼলে আমি কেনেকৈ গম পাম যে আমি সেই সেৱা কৰিব পাৰিম নে নোৱাৰিম বা আনন্দত থাকিব পাৰিম নে নোৱাৰিম?” ১৬ বছৰ এষ্টনিয়াত থকাৰ পাছত আমি কংগোৰ কিনছাচালৈ গʼলোঁ। তাত থকা শাখা কাৰ্য্যালয়ৰ চাৰিওফালে শান্তিময় আৰু সুন্দৰ পৰিৱেশ আছিল। লেচলিয়ে কানাডাৰ পৰা লৈ অহা কাৰ্ডখন আমাৰ ৰুমত লগোৱা প্ৰথম বস্তু আছিল। তাত এইদৰে লিখা আছিল, “তোমাক এজোপা ফুলৰ দৰে যʼতেই ৰোৱা হয়, তাতেই ফুলি থাকিবা।” ভাই-ভনীসকলক লগ কৰা, বাইবেল অধ্যয়ন কৰা আৰু মিচনেৰী হিচাপে যিবোৰ অনুভৱ পালোঁ, সেয়া সঁচাকৈ বৰ আনন্দময় আছিল। কিছু সময়ৰ পাছত আমি আফ্ৰিকাৰ ১৩ খন দেশৰ শাখা কাৰ্য্যালয় সাক্ষাৎ কৰাৰ সুযোগ পালোঁ। ইয়ে আমাক বেলেগ বেলেগ লোকৰ সংস্কৃতি আৰু আচাৰ-ব্যৱহাৰৰ বিষয়ে জানিবলৈ সহায় কৰিলে। আফ্ৰিকাৰ বিষয়ে আগতে আমাৰ মনত যি ভয় আছিল, সেয়া নাইকিয়া হʼল আৰু যিহোৱাই আমাক ইয়াত সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ।

কংগোৰ ভাই-ভনীসকলে আহাৰ হিচাপে পোক-পতংগবোৰো খাইছিল আৰু আমাকো খাবলৈ দিছিল। প্ৰথমে আমি খাব নোৱাৰিম বুলি ভাবিছিলোঁ। কিন্তু যেতিয়া আমি তেওঁলোকে সোৱাদ লৈ খাই থকা দেখিলোঁ, তেতিয়া আমিও খাই চালোঁ আৰু এয়া আমাকো ভাল লাগিলে।

কংগোৰ পূবফালে থকা গাৱত কিছুমান বিদ্ৰোহী সমূহে আক্ৰমণ কৰিছিল আৰু তিৰোতা আৰু সৰু লʼৰা-ছোৱালীক অত্যাচাৰ কৰিছিল। সেই সময়ত তাত থকা ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ আৰু প্ৰয়োজনীয় বস্তুবোৰ তেওঁলোকক দিবলৈ সুযোগ পালোঁ। তাত বেছিভাগ ভাই-ভনীৰ খোৱা-বোৱা বস্তু খুব কম আছিল। তথাপি তেওঁলোকে যিহোৱাক প্ৰেম কৰিছিল, প্ৰতিটো বিষয়ত সংগঠনৰ প্ৰতি বিশ্বাসী হৈ থাকিব বিচাৰিছিল আৰু মৃত লোকসকলক আকৌ জীয়াই তোলা হʼব বুলি তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছিল। তেওঁলোকৰ উদাহৰণৰ পৰা আমি এয়া ভাবিবলৈ বাধ্য হʼলোঁ যে আমি কিয় যিহোৱাৰ সেৱা কৰি আছোঁ আৰু আমি তেওঁৰ ওপৰত কিয় বিশ্বাস বঢ়োৱাৰ প্ৰয়োজন। কিছুমান ভাই-ভনীয়ে নিজৰ ঘৰ আৰু খেতি হেৰুৱাইছিল। ইয়ে মোক মনত পেলাই দিলে যে আজি আমাৰ ওচৰত যি বস্তুবোৰ আছে, সেয়া সোনকালে নাইকিয়া হৈ যাব পাৰে কিন্তু যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। বহুতো সমস্যা সন্মুখীন হোৱাৰ সত্ত্বেও ভাই-ভনীসকলে নিৰাশ হোৱা নাছিল। তেওঁলোকৰ পৰা আমি শিকলোঁ যে আমি সাহসেৰে নিজৰ সমস্যা আৰু স্বাস্থ্য লগত জড়িত সমস্যাবোৰ সন্মুখীন হʼব পাৰিম।—হোচে. ১৩:১৪.

ছবি: ১. ভাই ৰেইনʼই ছাউনিত কিছুমান শৰনাৰ্থীক উৎসাহিত কৰি আছে। ২. কিছুমান ভায়ে এখন উৰা জাহাজত বস্তু থৈছে।

৩. কিছুমান শৰণাৰ্থীক উৎসাহিত কৰি থকাৰ সময়ত

৪. কংগোৰ ডংগো চহৰৰ লোকসকলক সাহায্যৰ বস্তু আৰু দৰৱ দিবলৈ যাওঁতে

এছিয়াত নতুন দায়িত্ব

আমাৰ জীৱনত আৰু এটা সাল-সলনি হʼল। আমাক হং-কঙৰ শাখা কাৰ্য্যালয়ত পঠিওৱা হʼল। আমি কেতিয়াও ভবা নাছিলোঁ যে আমাক এছিয়াত গৈ থাকিবলগীয়া হʼব। আমি জনা নাছিলোঁ যে আমি তাত গৈ কি কৰিম। যোৱা কেইবা বছৰ ধৰি আমি দেখিবলৈ পাইছিলোঁ যে যিহোৱাই আমাক প্ৰতিটো খোজতে সহায় কৰি আছে আৰু যত্ন লৈ আছে। সেইবাবে, আমি তাত যাবলৈ সন্মত হʼলোঁ। ২০১৩ চনত আফ্ৰিকাত থকা আমাৰ বন্ধুসকলক আৰু তাত থকা সুন্দৰ সুন্দৰ দৃশ্যবোৰক অতি দুখেৰে এৰি আহিলোঁ।

হং-কং এখন সদায় ব্যস্ত থকা চহৰ আৰু তাত পৃথিৱীৰ বহুতো ঠাইৰ পৰা লোকসকল আহি থাকিছিল। তাত বেছিভাগ লোকে চীনী ভাষা (কেন্টনীছ) কৈছিল আৰু আমাৰ বাবে চীনী ভাষা বৰ কঠিন আছিল। সকলোখিনি আমাৰ বাবে একেবাৰে নতুন আছিল। কিন্তু তাত থকা ভাই-ভনীসকলে আমাক বহুত ভালদৰে আদৰণি জনালে আৰু আমি তাৰ আহাৰ খাই বহুত ভাল পাইছিলোঁ। শাখা কাৰ্য্যালয়ৰ কাম বহুত বেগেৰে আগবাঢ়ি গৈ আছিল আৰু আমাক বেছি ঠাইৰ প্ৰয়োজন আছিল। সেইবাবে, তাৰ কিছুমান কাম বেলেগ ঠাইত কৰিবলৈ আৰু শাখা কাৰ্য্যালয়ৰ বেছিভাগ ব্লিডিং বিক্ৰী কৰিবলৈ প্ৰশাসন গোষ্ঠীয়ে নিৰ্ণয় লʼলে। কিছু সময়ৰ পাছত ২০১৫ চনত আমাক দক্ষিণ কোৰিয়ালৈ পঠিওৱা হʼল, যʼত আমি এতিয়াও সেৱা কৰি আছোঁ। ইয়াত আৰু এটা কঠিন ভাষা শিকিব আছিল। আমি এতিয়াও এই ভাষা ভালদৰে শিকিব পৰা নাই কিন্তু যেতিয়া ভাই-ভনীসকলে আমাক উৎসাহ দি আমাক কয় যে আমি এই ভাষা লাহে লাহে শিকিব পাৰিছোঁ, তেতিয়া এয়া শুনি আমাক বহুত ভাল লাগে।

ছবি: ১. ভাই ৰেইনʼ আৰু লেচলিৰ ফটো। তেওঁলোকৰ পিছফালে হং-কঙগৰ বহুত ওখ ওখ বিল্ডিংবোৰ দেখা গৈছে। ২. কোৰিয়াৰ শাখা কাৰ্য্যালয়।

হং-কঙত যিহোৱাৰ সেৱা কৰিবলৈ সাজু

কোৰিয়াৰ শাখা কাৰ্য্যালয়

বহুতো কথা শিকিলোঁ

নতুন বন্ধু বনোৱাটো সকলো সময়তে সহজ নহয়। কিন্তু আমি আনক যেতিয়া আমাৰ ঘৰলৈ মাতোঁ, তেওঁলোকৰ লগত সময় অতিবাহিত কৰোঁ, তেতিয়া আমি কিছু সময়ৰ ভিতৰতে তেওঁলোকক আৰু ভালকৈ জানিব পাৰোঁ। এবাৰ লগ পাওঁতে হয়তো লাগিব পাৰে যে আমাৰ ভাই-ভনীসকল এজনে-আনজনতকৈ একেবাৰে বেলেগ। কিন্তু আমি দেখিবলৈ পালোঁ যে তেওঁলোকৰ মাজত বহুতো কথাৰ মিল আছে। যিহোৱাই আমাক বহুত সুন্দৰৰূপে সৃষ্টি কৰিছে। সেইবাবে, আমি বহুতো বন্ধু বনাব পাৰোঁ আৰু তেওঁলোকক মৰম দেখুৱাব পাৰোঁ।—২ কৰি. ৬:১১.

আমি শিকিলোঁ যে আনক যিহোৱাৰ দৃষ্টিৰে চোৱা অতি প্ৰয়োজন আৰু আমি এয়াও শিকিলোঁ যে আজি কেনেকৈ যিহোৱাই নিজৰ প্ৰেম আমাৰ ওপৰত প্ৰকাশ কৰে আৰু আমাক পথ দেখুৱাই, সেই কথাৰ ওপৰত ধ্যান দিয়াটো কিমান প্ৰয়োজন। যেতিয়া আমি নিৰাশ হৈছিলোঁ আৰু ভাবিছিলোঁ যে আনে আমাক পছন্দ কৰে নে নকৰে, তেতিয়া আমি সেই কাৰ্ড আৰু চিঠিবোৰ পঢ়িছিলোঁ, যি আমাৰ বন্ধুসকলে আমাক দিছিলে। সেইবোৰ পঢ়ি আমি বহুত উৎসাহ লাভ কৰিছিলোঁ। আমি অনুভৱ কৰিলোঁ যে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে, আমাক বহুত প্ৰেম কৰে বুলি আশ্বাস আৰু সাহস দিলে।

এই বছৰবোৰত মই আৰু লেচলিয়ে এটা কথা শিকিলোঁ যে আমি যিমানেই ব্যস্ত নাথাকোঁ কিয় আমি এজনে-আনজনক সময় দিয়াটো অতি প্ৰয়োজন। আমি আৰু এটা কথা শিকিলোঁ যে যেতিয়া আমি কিবা এটা ভুল কৰোঁ, বিশেষকৈ আমি এটা নতুন ভাষা শিকাৰ সময়ত ভুল কৰিলে, তাৰ বিষয়ে বেছিকৈ ভাবি থকাৰ পৰিৱৰ্তে কেতিয়াবা কেতিয়াবা নিজৰ ওপৰতো হাঁহি দিয়াটো অতি প্ৰয়োজন। আমি প্ৰতিটো ৰাতি এনে এটা কথাৰ বিষয়ে ভাবিছিলোঁ, যাৰ বাবে আমি যিহোৱাক ধন্যবাদ দিব পাৰোঁ।

এজন মিচনেৰী হিচাপে সেৱা কৰা আৰু আন দেশলৈ যোৱাৰ বিষয়ে মই সপোনতো ভবা নাছিলোঁ। মই দেখিব পাৰিলোঁ যে যিহোৱাৰ বাবে সকলো সম্ভৱ। যেতিয়া মই এই বিষয়ে ভাবোঁ, তেতিয়া যিৰিমিয়াই কোৱা এটা কথা মোৰ মনলৈ আহে। ‘হে যিহোৱা তুমি মোৰ প্ৰবৃতি জন্মালা।ʼ (যিৰি. ২০:৭) সঁচাকৈ যিহোৱাই আমাক বহুতো আশীৰ্বাদ দিলে, যাৰ বিষয়ে আমি সপোনতো ভবা নাছিলোঁ। তেওঁ মোৰ সৰু কালৰ উৰা জাহাজেৰে যাত্ৰা কৰাৰ সপোনো পূৰ কৰিলে। সৰু হৈ থাকোঁতে মই ভবাই নাছিলোঁ যে উৰা জাহাজেৰে মই ইমান ঠাইত যোৱাৰ সুযোগ পাম। আমি বহুতো দেশৰ শাখা কাৰ্য্যালয় সাক্ষাৎ কৰাৰ সুযোগ পালোঁ। আমাক যʼতেই পঠিওৱা হʼল, লেচলিয়ে প্ৰতিটো সময়তে মোক সহযোগ কৰিছিল। সেইবাবে, মই তেওঁৰ বহুত কৃতজ্ঞ।

আমি নিজকে সোৱঁৰাই থাকোঁ যে আমি যি কৰিছোঁ, সেয়া যিহোৱাৰ বাবে কৰিছোঁ। কিয়নো আমি যিহোৱাক বহুত প্ৰেম কৰোঁ। আজি যি আশীৰ্বাদবোৰৰ আনন্দ লৈ আছোঁ, সেয়া ভৱিষ্যতে পাবলগীয়া অনন্ত জীৱনৰ এটা সৰু দৃশ্যহে। যেতিয়া ‘যিহোৱাই নিজৰ হাত মেলি সমুদায় প্ৰাণীৰ বাঞ্ছা পূৰ কৰিব।ʼ—গীত. ১৪৫:১৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক