ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 ডিচেম্বৰ পৃষ্ঠা ৩০
  • পাঠকসকলৰ প্ৰশ্ন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পাঠকসকলৰ প্ৰশ্ন
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মিল থকা বিষয়
  • বিশ্বাসী স্বৰ্গদূতসকলৰ দৰে হওক!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 ডিচেম্বৰ পৃষ্ঠা ৩০

পাঠকসকলৰ প্ৰশ্ন

প্ৰথম তীমথিয় ৫:২১ পদত “বাছনি কৰা স্বৰ্গদূতৰ” বিষয়ে যি উল্লেখ আছে, তেওঁলোক কোন হয়?

পাঁচনি পৌলে নিজৰ বন্ধু তীমথিয়লৈ লিখিলে, “মই তোমাক ঈশ্বৰ আৰু খ্ৰীষ্ট যীচু আৰু বাছনি কৰা স্বৰ্গদূতৰ আগত সম্পূৰ্ণ দৃঢ়তাৰে আদেশ দিছোঁ যে আগতীয়াকৈ কোনো মতামত নিদিয়াকৈ আৰু পক্ষপাত নকৰাকৈ এই নিৰ্দেশনাবোৰ পালন কৰা।”—১ তীম. ৫:২১.

প্ৰথমে এয়া চাওঁ যে এই স্বৰ্গদূতসকল কোন নহয়। এই স্বৰ্গদূতসকল ১,৪৪,০০০ জন অভিষিক্ত খ্ৰীষ্টান হʼব নোৱাৰে। কিয় বাৰু? কাৰণ যেতিয়া পাঁচনি পৌলে তীমথিয়লৈ এয়া লিখিছিল, তেতিয়ালৈকে কোনো অভিষিক্ত খ্ৰীষ্টানক স্বৰ্গত আকৌ জীয়াই তোলা হোৱা নাছিল। পাঁচনিসকল আৰু আন অভিষিক্ত খ্ৰীষ্টানসকল স্বৰ্গলৈ যোৱা নাছিল। সেইবাবে, তেওঁলোক ‘বাছনি কৰা স্বৰ্গদূত’ হʼব নোৱাৰে।—১ কৰি. ১৫:৫০-৫৪; ১ থিচ. ৪:১৩-১৭; ১ যোহ. ৩:২.

এই ‘বাছনি কৰা স্বৰ্গদূত’ সেই স্বৰ্গদূতো হʼব নোৱাৰে, যিসকলে জলপ্লাৱনৰ সময়ত যিহোৱাৰ আজ্ঞা পালন কৰা নাছিল। সেই দুষ্ট স্বৰ্গদূতসকল চয়তানৰ ফলীয়া হৈ যীচুৰ শত্ৰু হৈ পৰিছিল। (আদি. ৬:২; লূক ৮:৩০, ৩১; ২ পিত. ২:৪) ভৱিষ্যতে ১,০০০ বছৰৰ কাৰণে এই স্বৰ্গদূতসকলক অগাধ ঠাইলৈ পেলাই দিয়া হʼব আৰু শেষত চয়তানৰ লগতে নাশ কৰি দিয়া হʼব।—যিহূ. ৬; প্ৰকা. ২০:১-৩, ১০.

মন কৰক এই “বাছনি কৰা স্বৰ্গদূতৰ” উল্লেখ ঈশ্বৰ আৰু যীচুৰ লগত কৰা হৈছে। তেনেহʼলে নিশ্চয় পৌলে সেই বিশ্বাসী স্বৰ্গদূতসকলৰ বিষয়ে কৈছিল, যিসকলে ‘ঈশ্বৰ আৰু খ্ৰীষ্ট যীচুক’ সহযোগ কৰে।

স্বৰ্গত কোটি কোটি স্বৰ্গদূত আছে। (ইব্ৰী ১২:২২, ২৩) এনে লাগে যেন যিহোৱাই সকলো স্বৰ্গদূতক বেলেগ বেলেগ কাম দিয়ে। (প্ৰকা. ১৪:১৭, ১৮) যেনে, এবাৰ যিহোৱাই এজন স্বৰ্গদূতক ১,৮৫,০০০ অচূৰীয়াক মাৰি পেলোৱাৰ কাম দিছিল। (২ ৰাজা. ১৯:৩৫) কিছুমান স্বৰ্গদূতক হয়তো এই দায়িত্ব দিয়া হৈছে যে আগলৈ গৈ যীচুৰ “ৰাজ্যৰ পৰা সেই সকলো লোককে একগোট কৰিব, যিসকলে আনক পাপলৈ নিয়ে আৰু যিসকলে দুষ্ট কাম কৰে।” (মথি ১৩:৩৯-৪১) হয়তো আন কিছুমান স্বৰ্গদূতক “[যীচুৱে] বাছনি কৰা লোকসকলক” স্বৰ্গলৈ যোৱাৰ বাবে ‘একগোট কৰাৰ’ দায়িত্ব দিয়া হʼব। (মথি ২৪:৩১) ইয়াৰ উপৰিও, কিছুমান স্বৰ্গদূতক ‘আমাৰ সকলো পথত আমাক ৰক্ষা কৰিবলৈ আজ্ঞা দিয়া হৈছে।’—গীত. ৯১:১১; মথি ১৮:১০; মথি ৪:১১; লূক ২২:৪৩ লগত তুলনা কৰক।

এহাল দম্পতীয়ে প্ৰচাৰৰ বাবে ওলাইছে আৰু স্বৰ্গদূতে তেওঁলোকক এখন ঘৰলৈ যাবলৈ নিৰ্দেশনা দিছে। এজন ব্যক্তি ঘৰৰ ভিতৰত প্ৰাৰ্থনা কৰি আছে।

প্ৰথম তীমথিয় ৫:২১ পদত কোৱা ‘বাছনি কৰা স্বৰ্গদূত’ হয়তো সেই স্বৰ্গদূত হয়, যিসকলক মণ্ডলীক সহায় কৰাৰ কাম দিয়া হৈছিল। আমি এইদৰে কিয় কʼব পাৰোঁ? আশে-পাশে থকা পদবোৰৰ পৰা জানিব পাৰি যে ইয়াত পাঁচনি পৌলে প্ৰাচীনসকলক কৈ আছিল যে তেওঁলোকে নিজৰ দায়িত্ব কেনেকৈ পূৰ কৰিব লাগে আৰু মণ্ডলীত সকলোৱে তেওঁলোকৰ সন্মান কৰিব লাগে। তেওঁ কৈছিল প্ৰাচীনসকলে “আগতীয়াকৈ কোনো মতামত নিদিয়াকৈ আৰু পক্ষপাত নকৰাকৈ” নিজৰ দায়িত্ব পালন কৰিব লাগে। লগতে, খৰ-খেদাকৈ নিৰ্ণয় লʼব নালাগে। এই পৰামৰ্শ গভীৰভাৱে কিয় লোৱা উচিত, তাৰ বিষয়েও পৌলে কৈছিল। কিয়নো প্ৰাচীনসকলে “ঈশ্বৰ আৰু খ্ৰীষ্ট যীচু আৰু বাছনি কৰা স্বৰ্গদূতৰ আগত” সেৱা কৰে অৰ্থাৎ প্ৰাচীনসকলে কি দৰে মণ্ডলীত সেৱা কৰি আছে, তেওঁলোকে তাৰ প্ৰতি ধ্যান দিয়ে। সেইবাবে, কিছুমান স্বৰ্গদূতক মণ্ডলীক সহায় কৰাৰ কাম দিয়া হৈছে বুলি আমি কʼব পাৰোঁ। যেনে, ঈশ্বৰৰ সেৱকসকলক সুৰক্ষা দিয়ে, প্ৰচাৰ কামত সহযোগ কৰে, আৰু তেওঁলোকে যি চাই সেয়া যিহোৱাক জনায়।—মথি ১৮:১০; প্ৰকা. ১৪:৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক