অধ্যয়নৰ লেখ ৪০
গীত নং ১১১ আমাৰ আনন্দৰ কাৰণবোৰ
যিহোৱাইহে প্ৰকৃত আনন্দ দিব পাৰে
“ মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম, মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম।”—গীত. ৪৩:৪, IRV.
কি শিকিম?
আমি শিকিম যে কি কি কথাই আমাৰ আনন্দ নাইকিয়া কৰিব পাৰে আৰু আমি সেই আনন্দ কেনেকৈ ঘূৰাই পাব পাৰোঁ।
১-২ (ক) আজি বহুতো লোকে কেনে অনুভৱ কৰে? (খ) এই লেখত আমি কি শিকিম?
আজি জগতৰ লোকসকলে আনন্দ পাবলৈ বহুত চেষ্টা কৰে, কিন্তু তেওঁলোকে পাব নোৱাৰে। বহুতো লোকে জীৱনত অকলশৰীয়া অনুভৱ কৰে আৰু দুখত থাকে। কেতিয়াবা কেতিয়াবা যিহোৱাৰ লোকসকলৰ লগতো এইদৰে হʼব পাৰে। তেওঁলোকে হয়তো এনে পৰিস্থিতিৰ মাজেদি পাৰ হʼবলগীয়া হʼব যাৰ বাবে তেওঁলোকে নিৰাশ হʼব পাৰে বা তেওঁলোকৰ আনন্দ নাইকিয়া হʼব পাৰে। কিন্তু এই কথাৰ বাবে আমি আচৰিত নহওঁ। কাৰণ আমি “শেষ কালত” জীয়াই আছোঁ, “যাৰ সন্মুখীন হোৱাটো বৰ কঠিন।”—২ তীম. ৩:১.
২ এই লেখত আমি শিকিম যে কি কি কথাই আমাৰ আনন্দ নাইকিয়া কৰিব পাৰে আৰু যদি আমি নিজৰ আনন্দ হেৰুৱাই দিওঁ, তেনেহʼলে আমি কেনেকৈ ইয়াক ঘূৰাই পাব পাৰোঁ? কিন্তু প্ৰথমে আমি চাম যে প্ৰকৃত আনন্দ আমাক কোনে দিব পাৰে?
প্ৰকৃত আনন্দ কোনে দিব পাৰে?
৩. যিহোৱাই সৃষ্টি কৰা বস্তুবোৰৰ পৰা তেওঁৰ বিষয়ে কি জানিব পাৰি? (ছবিখনো চাওক।)
৩ যিহোৱাই সদায় আনন্দত থাকে আৰু আমিও আনন্দত থকাটো তেওঁ বিচাৰে। এয়া তেওঁৰ সৃষ্টিৰ পৰা স্পষ্টকৈ দেখিবলৈ পোৱা যায়। চিন্তা কৰকচোন, যিহোৱাই পৃথিৱীখনক কিমান ধুনীয়াকৈ সৃষ্টি কৰিছে আৰু বিভিন্ন ৰঙেৰে সজাইছে। জীৱ-জন্তুৰ ফুৰ্তি আৰু সিহঁতৰ খেলা-ধূলা চাই আমাৰ চেহেৰাত হাঁহি বিৰিঙি আহে। যিহোৱাই আমাৰ বাবে বিভিন্ন প্ৰকাৰৰ খোৱা বস্তুৰ সৃষ্টি কৰিছে আৰু ইয়াৰ একো অভাৱ নাই। ইয়াৰ পৰাও জানিব পাৰি যে যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু আমি জীৱনৰ আনন্দ লোৱাটো তেওঁ বিচাৰে।
এটা হাতীৰ পোৱালি: Image © Romi Gamit/Shutterstock; পেংগুইনৰ পোৱালিবোৰ: Vladimir Seliverstov/500px via Getty Images; ছাগলীৰ পোৱালিবোৰ: Rita Kochmarjova/stock.adobe.com; দুটা ডলফিন: georgeclerk/E+ via Getty Images
জীৱ-জন্তুবোৰে যিদৰে ফুৰ্তি কৰে, খেলা-ধূলা কৰে, তাৰ পৰা জানিব পাৰি যে যিহোৱা আনন্দিত ঈশ্বৰ হয় (অনুচ্ছেদ ৩ চাওক)
৪. (ক) যিহোৱাই ইমান দুখ-কষ্ট চাই কেনেকৈ আনন্দিত থাকে? (খ) যিহোৱাই আমাক কেনেকৈ সহায় কৰে? (গীতমালা ১৬:১১)
৪ যিহোৱা ‘আনন্দিত ঈশ্বৰ’ হয়। তেওঁ ভালদৰে জানে যে লোকসকলে আজি কিমান দুখ-কষ্ট সহ্য কৰি আছে আৰু কান্দি আছে। (১ তীম. ১:১১) কিন্তু সেইবোৰ চোৱাৰ সত্ত্বেও তেওঁ নিজৰ আনন্দ কম হʼবলৈ নিদিয়ে। কাৰণ তেওঁ জানে যে এই দুখ-কষ্ট অলপদিনীয়া আৰু তেওঁ এইবোৰ শেষ কৰাৰ তাৰিখো নিৰ্ধাৰিত কৰি থৈছে। আনকি তেওঁ সেই সময়ৰ বাবে বাট চাই আছে, যেতিয়া আমাৰ সকলো দুখ তেওঁ আনন্দত পৰিৱৰ্তন কৰিব। কিন্তু তেওঁ এতিয়াও আমাৰ যত্ন লৈ আছে। তেওঁ আমাৰ দুখ-কষ্ট ভালদৰে বুজি পাই আৰু আমাক সহায় কৰে। কেনেকৈ বাৰু? তেওঁ আমাক প্ৰকৃত আনন্দ দিয়ে। (গীতমালা ১৬:১১ পঢ়ক।) এতিয়া আহক চাওঁ যে তেওঁ নিজৰ পুত্ৰ যীচুক এই আনন্দ কেনেকৈ দিছিল।
৫-৬. যীচু কিয় আনন্দিত থাকে, তাৰ কিছুমান কাৰণৰ বিষয়ে জনাওক।
৫ যিহোৱাৰ পাছত গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আটাইতকৈ বেছি কোনে আনন্দিত আছে? তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্ট। আমি এইদৰে কিয় কʼব পাৰোঁ? ইয়াৰ বহুতো কাৰণ আছে। যেনে, “তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিৰূপ হয়” আৰু তেওঁ সকলো ক্ষেত্ৰতে নিজৰ পিতৃৰ দৰেই হয়। (কল. ১:১৫) তেওঁ নিজৰ পিতৃ যিহোৱাৰ লগত সকলোতকৈ বেছি সময় কটাইছে, যিজন আনন্দৰ ভুমুক হয়।
৬ ইয়াৰ উপৰিও নিজৰ পিতৃৰ কথা পালন কৰি যীচু আনন্দিত হয়। তেওঁৰ পিতৃয়ে তেওঁক যিয়েই কৰিবলৈ কয়, তেওঁ সেয়া পূৰ কৰে। (হিতো. ৮:৩০, ৩১; যোহ. ৮:২৯) যীচুৱে এই কথাৰ পৰা আনন্দিত হয় যে তেওঁৰ পিতৃ যিহোৱা তেওঁৰ পৰা আনন্দিত আছে আৰু তেওঁক লৈ গৰ্ব কৰে।—মথি ৩:১৭.
৭. আমি প্ৰকৃত আনন্দ কেনেকৈ পাব পাৰোঁ?
৭ কেৱল যিহোৱাইহে আমাক প্ৰকৃত আনন্দ দিব পাৰে। সেইবাবে, তেওঁৰ কাষ চাপিলে আমি আনন্দিত হওঁ। আমি যিমানেই যিহোৱাৰ বিষয়ে জানিম আৰু তেওঁৰ দৰে হʼবলৈ চেষ্টা কৰিম, সিমানেই আমি আনন্দ লাভ কৰিম। ইয়াৰ উপৰিও, আমি যিহোৱাৰ ইচ্ছা পূৰ কৰি আছোঁ আৰু তেওঁ আমাৰ পৰা আনন্দিত আছে, এয়া জানিও আমি আনন্দ লাভ কৰিম।a (গীত. ৩৩:১২) কিন্তু কেতিয়াবা কেতিয়াবা আমাৰ দুখ লাগিব পাৰে বা আমাৰ আনন্দ নাইকিয়া হʼব পাৰে। ইয়াৰ অৰ্থ এয়া নে যে যিহোৱা আমাৰ পৰা আনন্দিত নাই? নহয়। যিহোৱাই ভালদৰে জানে যে আমি অসিদ্ধ হওঁ, কেতিয়াবা কেতিয়াবা আমি নিৰাশ হওঁ আৰু দুখত থাকোঁ। (গীত. ১০৩:১৪) আহক চাওঁ যে কি কি কথাৰ পৰা আমাৰ দুখ লাগিব পাৰে আৰু আমাৰ আনন্দ নাইকিয়া হʼব পাৰে। আমি এয়াও চাম যে আমি কেনেকৈ আমাৰ আনন্দ ঘূৰাই পাব পাৰোঁ।
কোনো কথাক নিজৰ আনন্দ নাইকিয়া কৰিবলৈ নিদিব
৮. সমস্যা আহিলে কি হʼব পাৰে?
৮ প্ৰথম কথা: যেতিয়া সমস্যা আহে। আপোনাক অত্যাচাৰ বা বিৰোধ কৰা হৈছে নে? আপুনি প্ৰাকৃতিক দুৰ্যোগ বা দৰিদ্ৰতাৰ বাবে সমস্যাবোৰৰ সন্মুখীন হৈ আছে নে? বৃদ্ধ বয়স বা বেমাৰৰ বাবে আপুনি চিন্তিত হৈছে নে? যেতিয়া আমাৰ ওপৰত এনে কিবা সমস্যা আহে যি আমাৰ হাতত নাথাকে, তেতিয়া আমাৰ আনন্দ নাইকিয়া হʼব পাৰে। বাইবেলতো লিখা আছে, “মনৰ দুখত মন ভগ্ন হয়।” (হিতো. ১৫:১৩) বʼবিছ নামৰ এজন প্ৰাচীনৰ অনুভৱলৈ মন কৰক। চাৰি বছৰৰ ভিতৰতে তেওঁৰ মা-দেউতা আৰু দাদাৰ মৃত্যু হʼল। তেওঁ এইদৰে কৈছে, “মই একেবাৰে অকলশৰীয়া অনুভৱ কৰিছিলোঁ। এনে লাগিছিল যেন মোৰ আপোন কোনোৱেই নাই। তেওঁলোকৰ মৃত্যুৰ আগতে মই কামত বহুত ব্যস্ত থাকিছিলোঁ, যাৰ বাবে মই তেওঁলোকক সময় দিব পৰা নাছিলোঁ। ইয়াৰ বিষয়ে ভাবি মোৰ বহুত দুখ লাগিছিল আৰু মই একেবাৰে ভাগি পৰিছিলোঁ।” সঁচাকৈ জীৱনৰ চিন্তাৰ বাবে আমি একেবাৰে ভাগি পৰিব পাৰোঁ আৰু সাহস হেৰুৱাব পাৰোঁ।
৯. আমি আমাৰ আনন্দ কেনেকৈ ঘূৰাই পাব পাৰোঁ? (যিৰিমিয়া ২৯:৪-৭, ১০)
৯ আমি নিজৰ আনন্দ কেনেকৈ ঘূৰাই পাব পাৰোঁ? যিবোৰ কথা আপোনাৰ হাতত নাই তাৰ বিষয়ে ভাবি ভাবি আপুনি চিন্তিত নহʼব। আপুনি যি কৰিব পাৰে সেয়া কৰক। আপোনাৰ ওচৰত যি ভাল বস্তুবোৰ আছে তাৰ বাবে কৃতজ্ঞ হওক। জগতৰ লোকসকলে ভাবে যে যেতিয়া সকলোবোৰ ঠিকে চলি থাকে, তেতিয়া আমি আনন্দিত থাকিব পাৰিম। কিন্তু এয়া সঁচা নহয়। মন কৰক, বাবিলত বন্দী থকা যিহূদীসকলক যিহোৱাই কি কৈছিল। তেওঁ যিহূদীসকলক নতুন পৰিৱেশত নিজকে খাপ খোৱাবলৈ, নতুন ঠাইখনক নিজৰ কৰি লʼবলৈ আৰু আনন্দিত থাকিবলৈ কʼলে। (যিৰিমিয়া ২৯:৪-৭, ১০ পঢ়ক।) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া আমাৰ পৰিস্থিতি সলনি হয়, তেতিয়া আমি তাৰ অনুসৰি খাপ খোৱা উচিত আৰু আমি যি কৰিব পাৰোঁ সেয়া কৰা উচিত। আমাৰ ওচৰত যিবোৰ ভাল বস্তু আছে, তাৰ বাবে আমি কৃতজ্ঞ হোৱা উচিত আৰু আমি মনত ৰখা উচিত যে যিহোৱাই সকলো সময়তে আমাৰ লগতে আছে। (গীত. ৬৩:৭; ১৪৬:৫) ভনী এফীৰ বিষয়ে মন কৰক, যাৰ এটা দুৰ্ঘটনাত জঠৰ ৰোগ (পেৰেলাইজ) হʼল। তাই এইদৰে কৈছে, “যিহোৱা, মোৰ পৰিয়ালৰ লোক আৰু মোৰ ভাই-ভনীসকলে মোক যিদৰে সহায় কৰিলে, তাৰ বিষয়ে মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মই ভাবিলোঁ যে যদি মই হাৰ মানি লওঁ, তেনেহʼলে এয়া এনে হʼব যেন তেওঁলোকে মোৰ বাবে যি কৰিলে তাৰ বাবে মই কৃতজ্ঞ নহওঁ। সেইবাবে, মই আনন্দিত থাকিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ আৰু মই যি কৰিব পাৰোঁ সেয়া কৰোঁ।”
১০. সমস্যাৰ সন্মুখীন হৈ থকাৰ সময়তো আমি কিয় আনন্দিত থাকিব পাৰোঁ?
১০ হয়তো আমাৰ জীৱনত কিবা সমস্যা আহে বা আমাৰ বা আমাৰ পৰিয়ালৰ কাৰোবাৰ লগত বেয়া ঘটনা ঘটে, এনে পৰিস্থিতিতো আমি আনন্দত থাকিব পাৰোঁ।b (গীত. ১২৬:৫) কাৰণ আমাৰ আনন্দ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ নকৰে। অগ্ৰগামী সেৱা কৰা ভনী মাৰীয়াই এইদৰে কৈছে, “সমস্যাৰ সত্ত্বেও আপুনি যেতিয়া আনন্দিত থাকে, তেতিয়া ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি নিজৰ ভাৱনা লুকুৱাই ৰাখিছে। তাৰ পৰিৱৰ্তে ইয়াৰ অৰ্থ হৈছে যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত আপোনাৰ সম্পূৰ্ণ ভৰসা আছে। আপোনাৰ বিশ্বাস আছে যে পৰিস্থিতি যিয়েই নহওক কিয় আপোনাৰ পিতৃয়ে আনন্দত থাকিবলৈ আপোনাক সহায় কৰিব।” মনত ৰাখক, আপোনাৰ সমস্যা যিমানেই ডাঙৰ নহওক কিয়, সেয়া অলপদিনীয়া অতি সোনকালে সেই সকলো শেষ হৈ যাব। যেনেকৈ সমুদ্ৰৰ ঢৌবোৰে আমাৰ ভৰিৰ খোজবোৰ মচি পেলাই, ঠিক সেইদৰে যিহোৱাই আমাৰ সকলো সমস্যা সম্পূৰ্ণৰূপে নাইকিয়া কৰিব।
১১. পৌলৰ উদাহৰণৰ পৰা আপুনি কি শিকিলে?
১১ যেতিয়া আমাৰ ওপৰত এটাৰ পাছত এটা সমস্যা আহে, তেতিয়া আমাৰ অনুভৱ হʼব পাৰে যে যিহোৱা আমাৰ পৰা আনন্দিত নাই, তেতিয়া আমি কি কৰিব পাৰোঁ? আমি যিহোৱাৰ সেই বিশ্বাসী সেৱকসকলৰ বিষয়ে চিন্তা কৰিব পাৰোঁ, যিসকলে ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল। যেনে আমি পৌলৰ বিষয়ে চিন্তা কৰিব পাৰোঁ। যীচুৱে তেওঁক নিজেই বাছনি কৰিছিল “যাতে তেওঁ ইস্ৰায়েলী নোহোৱা লোক, ৰজাসকল আৰু ইস্ৰায়েলীসকলক” শুভবাৰ্তা শুনায়। (পাঁচ. ৯:১৫) চিন্তা কৰকচোন, পৌলৰ বাবে এই কথা কিমান বিশেষ আছিল। তথাপিও তেওঁৰ জীৱনত এটাৰ পাছত এটা বহুতো সমস্যা আহিল। (২ কৰি. ১১:২৩-২৭) ইয়াৰ অৰ্থ এয়া আছিল নে যে যিহোৱা তেওঁৰ পৰা আনন্দিত নাছিল? নহয়। তেওঁ সমস্যাৰ সময়ত যিদৰে ধৈৰ্য্য ধৰিলে, ইয়ে স্পষ্টকৈ প্ৰমাণ কৰে যে তেওঁৰ ওপৰত যিহোৱাৰ আশীৰ্বাদ আছিল। (ৰোম. ৫:৩-৫) যদি আপুনিও সমস্যাৰ সময়ত ধৈৰ্য্য ধৰি আছে আৰু বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি আছে, তেনেহʼলে বিশ্বাস ৰাখিব পাৰে যে যিহোৱা আপোনাৰ পৰা বহুত আনন্দিত আছে।
১২. যেতিয়া আশা পূৰ নহয়, তেতিয়া কি হʼব পাৰে?
১২ দ্বিতীয় কথা: যেতিয়া আশা পূৰ নহয়। (হিতো. ১৩:১২) আমি যিহোৱাক বহুত প্ৰেম কৰোঁ আৰু তেওঁ আমাৰ বাবে যি কৰিলে, তাৰ বাবে বহুত কৃতজ্ঞ। সেইবাবে, আমি তেওঁৰ সেৱা বেছিকৈ কৰিব বিচাৰোঁ। কিন্তু আমি হয়তো এনে লক্ষ্য ৰাখিছোঁ, যাক আমি পূৰ কৰিব নোৱাৰোঁ। এনে পৰিস্থিতিত আমি নিৰাশ হʼব পাৰোঁ। (হিতো. ১৭:২২) অগ্ৰগামী সেৱা কৰা ভনী হʼলীয়ে এইদৰে কৈছে, “মই ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত যাব বিচাৰিছিলোঁ, বিদেশত গৈ সেৱা কৰিব বিচাৰিছিলোঁ আৰু ৰামাপো নিৰ্মাণ কামত সহায় কৰিব বিচাৰিছিলোঁ। কিন্তু মোৰ পৰিস্থিতি সলনি হʼল আৰু মই নিজৰ লক্ষ্য পূৰ কৰিব নোৱাৰিলোঁ। তেতিয়া মই বহুত নিৰাশ হৈ পৰিলোঁ। যেতিয়া আপুনি কিবা কৰিব বিচাৰে কিন্তু সেয়া পূৰ কৰিব নোৱাৰে, তেতিয়া বহুত দুখ লাগে।” এনে বহুতো ভাই-ভনী আছে যিসকলে ভনী হʼলীৰ দৰে অনুভৱ কৰে।
১৩. আমাৰ পৰিস্থিতি যিয়েই নহওক কিয়, আমি সকলোৱে কি কি লক্ষ্য ৰাখিব পাৰোঁ?
১৩ আমি আমাৰ আনন্দ কেনেকৈ ঘূৰাই পাব পাৰোঁ? মনত ৰাখক যিহোৱা নিষ্ঠুৰ ঈশ্বৰ নহয়। তেওঁ এনে কাম কৰাটো আশা নকৰে যি আমি কৰিব নোৱাৰোঁ। তেওঁ আমাৰ কাম চাই আমাৰ মূল্য নিৰ্ধাৰণ নকৰে। আমি তেওঁৰ বিশ্বাসী হৈ থকা আৰু নিজৰ সীমা বুজি পোৱাটো তেওঁ বিচাৰে। (মীখা ৬:৮; ১ কৰি. ৪:২) আপুনি যিহোৱাৰ সেৱাত কিমান কৰিব পাৰিছে সেয়া তেওঁ নাচায়, তাৰ পৰিৱৰ্তে আপুনি অন্তৰৰ পৰা কেনে ব্যক্তি হয় সেয়া চায়। চিন্তা কৰক যিহোৱাই আপোনাৰ পৰা বেছিকৈ আশা নকৰে। গতিকে আপুনি নিজৰ পৰা এনে আশা কৰাটো উচিত হʼব নে?c যদি আপুনি নিজৰ পৰিস্থিতিৰ বাবে যিহোৱাৰ সেৱাত যিমান কৰিব বিচাৰে, সিমান কৰিব পৰা নাই, তেনেহʼলে নিৰাশ নহʼব। তাৰ পৰিৱৰ্তে এনে লক্ষ্য ৰাখক যি আপুনি পাব পাৰে। যেনে, আপুনি ডেকাসকলক ট্ৰেইনিং দিব পাৰে নে? আপুনি বৃদ্ধ ভাই-ভনীসকলৰ সাহস বঢ়াব পাৰে নে? আপুনি কোনো ভাই বা ভনীক লগ কৰি, ফোনত বা মেচেজ দি তেওঁক উৎসাহিত কৰিব পাৰে নে? যদি আপুনি এইদৰে কৰে, তেনেহʼলে যিহোৱাই আপোনাৰ পৰা আনন্দিত হʼব আৰু আপোনাক প্ৰকৃত আনন্দ দিব। মনত ৰাখক অতি সোনকালে নতুন পৃথিৱী আহিবলগীয়া আছে। তেতিয়া আপুনি যিহোৱাৰ সেৱা কৰাৰ এনে বহুতো সুযোগ পাব, যাৰ বিষয়ে আজি আপুনি ভাবিবও নোৱাৰে। ওপৰত উল্লেখ কৰা ভনী হʼলীয়ে এইদৰে কৈছে, “যেতিয়া মই নিৰাশ হৈ পৰোঁ, তেতিয়া চিন্তা কৰোঁ যে নতুন পৃথিৱীত মই সদায় জীয়াই থাকিব পাৰিম। তেতিয়া মই মোৰ সকলো লক্ষ্যত উপনীত হʼম।”
১৪. আমাৰ আনন্দ আৰু কি কথাই নাইকিয়া কৰিব পাৰে?
১৪ তৃতীয় কথা: যেতিয়া আমি নিজৰ ইচ্ছা পূৰ কৰাত লাগি থাকোঁ। আজি চʼচিয়েল মিডিয়াত দেখুৱাই যে আমি নিজৰ ইচ্ছা পূৰ কৰিলেহে আনন্দত থাকিব পাৰিম। লোকসকলে কয় যে নিজৰ চক পূৰ কৰা, নতুন নতুন বস্তু কিনা আৰু বেলেগ বেলেগ ঠাইত ফুৰিবলৈ যোৱা, এইদৰে কৰাত একো ভুল নাই। আমি এইবোৰৰ আনন্দ লোৱাটো যিহোৱাও বিচাৰে। কিন্তু বহুতো লোকে দেখিলে যে এইবোৰৰ পিছত লাগি থাকিলে আনন্দৰ পৰিৱৰ্তে দুখহে পোৱা যায়। অগ্ৰগামী সেৱা কৰা ভনী ইবাই এইদৰে কৈছে, “আপুনি নিজৰ ইচ্ছাবোৰ পূৰ কৰিবলৈ যিয়েই নকৰক কিয়, এইবোৰ কেতিয়াও পূৰ নহয়।” যদি এজন ব্যক্তিয়ে নিজৰ ইচ্ছা পূৰ কৰাত লাগি থাকে, তেনেহʼলে তেওঁ দুখ আৰু নিৰাশাহে পাব।
১৫. ৰজা চলোমনৰ পৰা আমি কি শিকিব পাৰোঁ?
১৫ নিজৰ ইচ্ছা পূৰ কৰাত লাগি থাকিলে কি পৰিণাম হয়, আমি সেয়া ৰজা চলোমনৰ অনুভৱৰ পৰা জানিব পাৰোঁ। আনন্দ পাবলৈ তেওঁ নিজৰ সকলো ইচ্ছা পূৰ কৰিলে। যেনে, তেওঁ ভাল ভাল আহাৰ খালে, মধুৰ গীত শুনিলে আৰু ধন-সম্পত্তিৰে যি কিনিব পাৰি সেই সকলো কিনিলে। কিন্তু ইমানখিনি কৰাৰ পাছতো তেওঁ এইদৰে কʼলে, এইবোৰৰ “দৰ্শনত চকু আৰু শ্ৰৱণত কাণ তৃপ্ত নহয়।” (উপ. ১:৮; ২:১-১১) চলোমনে যি আনন্দ বিচাৰি আছিল, সেয়া তেওঁ সেই বস্তুবোৰৰ পৰা নাপালে। আজিও লোকসকলে ভাবে যে নিজৰ ইচ্ছা পূৰ কৰিলেহে আনন্দ পাব পাৰি। কিন্তু ইচ্ছাবোৰ আচলতে নকলি পইচাৰ দৰে হয়। যিদৰে নকলি পইচাৰ পৰা একো কিনিব নোৱাৰি, ঠিক সেইদৰে ইচ্ছাবোৰ পূৰ কৰিলে আনন্দ পাব নোৱাৰি।
১৬. আনৰ বাবে কিবা কৰিলে, আমি কেনেকৈ নিজৰ আনন্দ ঘূৰাই পাব পাৰোঁ? (ছবিখনো চাওক।)
১৬ আমি আমাৰ আনন্দ কেনেকৈ ঘূৰাই পাব পাৰোঁ? যীচুৱে কৈছিল, “লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায়।” (পাঁচ. ২০:৩৫) অলেকʼছ নামৰ এজন প্ৰাচীনে এইদৰে কৈছে, “মই নিজৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে আনক সহায় কৰাৰ বিষয়ে চিন্তা কৰোঁ। মই যিমানেই বেছি আনৰ বাবে কিবা কৰোঁ, সিমানেই বেছি আনন্দ পাওঁ।” এতিয়া চিন্তা কৰক আপুনি আনৰ বাবে কি কৰিব পাৰে? যদি কোনোবাই দুখত বা নিৰাশাত আছে, তেনেহʼলে তেওঁলোকক উৎসাহিত কৰক। আপুনি হয়তো তেওঁলোকৰ সমস্যা সমাধান কৰিব নোৱাৰে, কিন্তু আপুনি তেওঁলোকৰ কথা মনোযোগেৰে শুনিব পাৰে আৰু সহানুভূতি দেখুৱাব পাৰে। আপুনি প্ৰেমেৰে তেওঁক মনত পেলাই দিব পাৰে যে তেওঁ যাতে নিজৰ সকলো বোজা যিহোৱাক দি দিয়ে। (গীত. ৫৫:২২; ৬৮:১৯) আপুনি তেওঁক আশ্বাস দিব পাৰে যে যিহোৱা তেওঁৰ লগত আছে আৰু তেওঁক কেতিয়াও নেৰিব। (গীত. ৩৭:২৮; যিচ. ৫৯:১) আপুনি আন কিছুমান উপায়েৰে তেওঁক সহায় কৰিব পাৰে। আপুনি তেওঁৰ বাবে আহাৰ ৰান্ধিব পাৰে বা তেওঁৰ লগত খোজ কাঢ়িবলৈ যাব পাৰে। আপুনি তেওঁক নিজৰ লগত প্ৰচাৰলৈ লৈ যাব পাৰে। এইদৰে কৰিলে তেওঁ আনন্দিত হʼব। চিন্তা কৰকচোন, যিহোৱাই আপোনাৰ যোগেদি আনক উৎসাহিত কৰিব পাৰে। গতিকে নিজৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে আনৰ বিষয়ে চিন্তা কৰক আৰু তেওঁলোকক সহায় কৰক। এইদৰে কৰিলে আপুনি প্ৰকৃত আনন্দ লাভ কৰিব।—হিতো. ১১:২৫.
নিজৰ ইচ্ছা পূৰ কৰাৰ পৰিৱৰ্তে আনৰ বাবে কিবা কৰক (অনুচ্ছেদ ১৬ চাওক)d
১৭. যদি আমি প্ৰকৃত আনন্দ পাব বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব? (গীতমালা ৪৩:৪)
১৭ বাইবেলত কোৱা হৈছে যে কেৱল যিহোৱাইহে আমাক প্ৰকৃত আনন্দ দিব পাৰে। সেইবাবে, যদি আমি যিহোৱাৰ কাষ চাপি থাকোঁ, তেনেহʼলে আমি ‘পৰম আনন্দ’ অৰ্থাৎ প্ৰকৃত আনন্দ পাম। (গীতমালা ৪৩:৪, IRV পঢ়ক।) তেতিয়া আমাৰ জীৱনত যিমানেই সমস্যা নহওক কিয়, আমি ভয় নকৰিম। গতিকে, আহক আমি যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰি থাকোঁ। তেতিয়া আমি সদায় আনন্দত থাকিব পাৰিম।—গীত. ১৪৪:১৫.
গীত নং ১৫৫ চিৰকালৰ আনন্দ
a “যিহোৱাৰ পৰা আনন্দ পাবলৈ কি কৰিম?” নামৰ বক্সখন চাওক।
b উদাহৰণস্বৰূপে, jw.org-ত ২০২৩ প্ৰশাসন গোষ্ঠীৰ আপডেট #৫-ত ভাই ডেনিচ আৰু ভনী ইৰীনা ক্ৰিষ্টেনচনৰ ইন্টাৰভিউ চাওক।
c ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ জুলাই ২০২৩ চনৰ প্ৰহৰীদুৰ্গত দিয়া “যিহোৱাৰ দৰে সঠিক চিন্তাধাৰা ৰাখক” লেখখনৰ পৃষ্ঠা ৮-১২ পঢ়ক।
d ছবিৰ বিষয়ে: এজনী ভনীয়ে নিজৰ বাবে বহুতো বস্তু কিনে। কিন্তু পাছত তেওঁ এগৰাকী বৃদ্ধ ভনীৰ বাবে কিছুমান ফুল কিনে, যিগৰাকীক উৎসাহৰ প্ৰয়োজন আছে। ইয়াৰ পৰা তাই বেছিকৈ আনন্দিত হয়।