কৰিন্থীয়াসকললৈ দ্বিতীয় চিঠি
৪ গতিকে ঈশ্বৰৰ দয়াৰ কাৰণে আমাক যিহেতু সেৱা কৰাৰ দায়িত্ব দিয়া হৈছে, সেইবাবে আমি আশা এৰি নিদিওঁ। ২ কিন্তু আমি ঠগবাজি কামবোৰ এৰি দিলোঁ, যি লজ্জাজনক হয়। আমি চতুৰালি নকৰোঁ আৰু ঈশ্বৰৰ বাক্য ৰহন লগাই নকওঁ, ইয়াৰ পৰিৱৰ্তে সত্য জনাই ঈশ্বৰৰ দৃষ্টিত সকলো মানুহৰ আগত ভাল উদাহৰণ ৰাখোঁ। ৩ আমি যি শুভবাৰ্তা ঘোষণা কৰোঁ, তাৰ ওপৰত যদি সঁচাকৈ পৰ্দা ঢাক খাই আছে, তেনেহʼলে এই পৰ্দা তেওঁলোকৰ কাৰণে ঢাক খাই আছে, যিসকলে বিনাশৰ ফালে গৈ আছে। ৪ সেই অবিশ্বাসীসকলৰ বুদ্ধি এই জগতৰ ব্যৱস্থাৰ ঈশ্বৰে অন্ধ কৰি দিছে যাতে খ্ৰীষ্ট, যি ঈশ্বৰৰ প্ৰতিৰূপ হয়, তেওঁৰ বিষয়ে শুভবাৰ্তাৰ পোহৰ তেওঁলোকৰ ওপৰত যেন নপৰে। ৫ কাৰণ আমি নিজৰ বিষয়ে নহয়, কিন্তু যীচু খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰি আছোঁ যে তেওঁ প্ৰভু হয় আৰু আমি নিজৰ বিষয়ে এইদৰে কৈছোঁ যে আমি যীচুৰ কাৰণে তোমালোকৰ দাস হওঁ। ৬ কাৰণ ঈশ্বৰে কৈছিল, “অন্ধকাৰৰ পৰা পোহৰ জিলিকক।” তেৱেঁই আমাৰ হৃদয়ত নিজৰ পোহৰ জিলিকালে যাতে আমি তেওঁলোকক ঈশ্বৰৰ সেই মহিমাপূৰ্ণ জ্ঞানেৰে পোহৰ প্ৰকাশিত কৰিব পাৰোঁ, যি খ্ৰীষ্টৰ চেহেৰাত জিলিকে।
৭ কিন্তু আমাৰ ওচৰত এই ৰত্ন মাটিৰ পাত্ৰত আছে যাতে এয়া প্ৰকাশ হʼব পাৰে যে সেই শক্তি, যি মানুহৰ সাধাৰণ শক্তিতকৈ বহুগুণে শ্ৰেষ্ঠ, সেয়া আমি নিজৰ শক্তিৰে নহয়, কিন্তু ঈশ্বৰৰ ফালৰ পৰা পাইছোঁ। ৮ আমাক সকলো ধৰণৰ হেঁচা দিয়া হয়, কিন্তু এনে নহয় যে আমি ওলাই আহিব নোৱাৰোঁ। আমি চিন্তিত হওঁ, কিন্তু ইমানেই চিন্তিত নহওঁ যে আমি কোনো ৰাস্তা দেখা নাপাওঁ।* ৯ আমাৰ ওপৰত অত্যাচাৰ কৰা হয়, কিন্তু আমাক ত্যাগ কৰা নহয়। আমাক মাটিত পেলোৱা হয়, কিন্তু নষ্ট কৰা নহয়। ১০ সকলো সময়তে আমাৰ লগত বেয়া ব্যৱহাৰ কৰা হয় আৰু আমাক মৃত্যুৰ হাতত গতাই দিয়া হয়, যিদৰে যীচুৰ লগত হৈছিল যাতে যীচুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশ পায়। ১১ কাৰণ আমি জীয়াই থকা লোকসকলে সকলো সময়তে মৃত্যুৰ সন্মুখীন হʼবলগীয়া হয় যাতে যীচুৰ জীৱন আমাৰ অবিনাশী শৰীৰত প্ৰকাশ পায়। ১২ যদিও আমি মৃত্যুৰ সন্মুখীন হʼবলগীয়া হয়, কিন্তু ইয়াৰ কাৰণে তোমালোকে জীৱন লাভ কৰা।
১৩ শাস্ত্ৰত লিখা আছে, “মই বিশ্বাস কৰিলোঁ, সেইবাবে মই কʼলোঁ।” আমিও বিশ্বাস কৰোঁ, সেইবাবে, আমি কওঁ। ১৪ কিয়নো আমি জানোঁ যে যিজনে যীচুক জীয়াই তুলিছিল, তেওঁ আমাকো যীচুৰ লগত জীয়াই তুলিব আৰু আমাক তোমালোকৰ লগত তেওঁৰ ওচৰলৈ লৈ যাব। ১৫ এই সকলো তোমালোকৰ কাৰণে হৈছে যাতে বেছিতকৈ বেছি লোকসকলৰ ওপৰত মহা-কৃপা হয়, কিয়নো বহুতো লোকে ঈশ্বৰক ধন্যবাদ দি আছে, যাৰ পৰা তেওঁৰ মহিমা হৈ আছে।
১৬ সেইবাবে, আমি হাৰ নামানোঁ। যদিও আমাৰ শৰীৰ নষ্ট হৈ গৈ আছে, কিন্তু আমাৰ ভিতৰৰ ব্যক্তিত্ব দিনক দিনে নতুন হৈ গৈ আছে। ১৭ যদিও আমাৰ দুখ-কষ্ট* অলপ সময়ৰ কাৰণে হয় আৰু সামান্য হয়, কিন্তু ইয়াৰ কাৰণে আমি এনে মহিমা লাভ কৰিম, যাক কাৰো লগত তুলনা কৰিব নোৱাৰি* আৰু যি সদায় কালৰ কাৰণে থাকিব। ১৮ এই সময়ছোৱাত আমি নিজৰ দৃষ্টি দেখা পোৱা বস্তুৰ ওপৰত নহয়, কিন্তু নেদেখা বস্তুৰ ওপৰত ৰাখোঁ। কাৰণ যি দেখা পোৱা যায়, সেয়া কিছু সময়ৰ কাৰণে হয়, কিন্তু যি দেখা পোৱা নাযায়, সেয়া সদায় থাকে।