পাতনি
পবিত্ৰ শাস্ত্ৰ অৰ্থাৎ বাইবেল ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে। ইয়াক হিব্ৰু, অৰামী আৰু গ্ৰীক ভাষাত লিখা হৈছিল, কিন্তু ‘সকলো ৰাষ্ট্ৰৰ’ লোকসকলে ঈশ্বৰৰ বাক্যৰ পৰা লাভৱান হʼবলৈ শাস্ত্ৰৰ অনুবাদ বহুতো ভাষাত কৰাৰ প্ৰয়োজন। (মথি ২৪:১৪) মথিৰ পৰা প্ৰকাশিত বাক্যলৈকে মুঠতে ২৭ খন কিতাপ আছে। ঈশ্বৰৰ প্ৰেৰণাৰে লিখা এই কিতাপবোৰক খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰ বুলি কোৱা হয়। কিয়নো প্ৰথম শতিকাৰ খ্ৰীষ্টান লেখকসকলে এইবোৰ গ্ৰীক ভাষাত লিখিছিল।
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ নতুন জগত অনুবাদ সৰ্ব প্ৰথমে ১৯৫০ চনত ইংৰাজীত উলিওৱা হৈছিল। এই অনুবাদ বিখ্যাত ৱেচকʼট আৰু হাৰ্টৰ গ্ৰীক পাঠৰ ওপৰত আধাৰিত, যি আটাইতকৈ প্ৰাচীন হস্তলিপিৰ লগত মিল খায়। এই গ্ৰীক পাঠৰ পৰা ইংৰাজী নতুন জগত অনুবাদ সম্পূৰ্ণ বিশ্বাসেৰে অনুবাদ কৰা হৈছে। অসমীয়া ভাষাত ইয়াৰ অনুবাদ ২০১৩ চনৰ ইংৰাজী সংস্কৰণৰ ওপৰত আধাৰিত। যিদৰে ইংৰাজী অনুবাদ সম্পূৰ্ণ বিশ্বাসেৰে গ্ৰীক ভাষাত আগবঢ়োৱা হৈছে, ঠিক সেইদৰে অসমীয়া ভাষাতো কৰিবলৈ চেষ্টা কৰা হৈছে।
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ নতুন জগত অনুবাদৰ মুখ্য পাঠত ঈশ্বৰৰ অদ্বিতীয় নাম যিহোৱা ২৩৭ বাৰ পোৱা যায়। ঈশ্বৰৰ নাম পবিত্ৰ কৰাটোৱেই সকলোতকৈ গুৰুত্বপূৰ্ণ, লগতে লোকসকলে উদ্ধাৰ পাবলৈ ঈশ্বৰৰ এই নাম ব্যৱহাৰ কৰাৰ প্ৰয়োজন। এই গুৰুত্বপূৰ্ণ কথাবোৰ মনত ৰাখি এই অনুবাদত যিহোৱাৰ নাম সেই সকলো ঠাইত আকৌ দিয়া হৈছে, যʼত এই নাম হোৱা উচিত।—মথি ৬:৯; ৰোমীয়া ১০:১৩.
এই অনুবাদক নতুন জগত অনুবাদ নাম দিয়াৰ কাৰণ হৈছে ঈশ্বৰে সকলো মানুহৰ কাৰণে এনে এক নতুন জগত আনিম বুলি প্ৰতিজ্ঞা কৰিছে, যʼত ভাল লোকসকল থাকিব। (২ পিতৰ ৩:১৩) নতুন জগত অনুবাদৰ অনুবাদকসকলে পবিত্ৰ শাস্ত্ৰৰ ৰচনা কৰোঁতাক অৰ্থাৎ ঈশ্বৰক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁলোকে তেওঁৰ চিন্তাধাৰা আৰু তেওঁ কোৱা বাক্যবোৰক যিমান পাৰে, সিমান সঠিকভাৱে অনুবাদ কৰা এই কামক এক বিশেষ দায়িত্ব বুলি ভাবে। আমাৰ প্ৰাৰ্থনা এয়েই যে সত্যৰ সঠিক জ্ঞান পাবলৈ চেষ্টা কৰা সেই সকলো ভাল লোক, যিসকলে এই অনুবাদ পঢ়িব, তেওঁলোকৰ কাৰণে এই অনুবাদ অতি মূল্যৱান বুলি প্ৰমাণিত হওক।—১ তীমথিয় ২:৪.