ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt মথি ১:১-২৮:২০
  • মথি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মথি
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
মথি

মথিয়ে লিখা শুভবাৰ্তা

১ এই কিতাপখনত যীচু খ্ৰীষ্টৰ* জীৱনৰ বিষয়ে লিখা আছে। তেওঁ দায়ূদৰ বংশৰ পৰা আৰু দায়ূদ অব্ৰাহামৰ বংশৰ পৰা আহিল। আহক যীচুৰ বংশাৱলী চাওঁ।

 ২ অব্ৰাহামৰ পৰা ইচহাক,

ইচহাকৰ পৰা যাকোবৰ জন্ম হʼল।

যাকোবৰ পৰা যিহূদা আৰু তেওঁৰ ভাই-ককাইবিলাকৰ জন্ম হʼল।

 ৩ যিহূদাৰ পৰা পেৰচ আৰু জেৰহৰ জন্ম হʼল আৰু তেওঁলোকৰ মা তামাৰ আছিল।

পেৰচৰ পৰা হিচৰোণ;

হিচৰোণৰ পৰা ৰামৰ জন্ম হʼল।

 ৪ ৰামৰ পৰা অম্মীনাদব;

অম্মীনাদবৰ পৰা নহচোন;

নহচোনৰ পৰা চলমোনৰ জন্ম হʼল।

 ৫ চলমোনৰ পৰা বোৱজৰ জন্ম হৈছিল।

তেওঁৰ মা ৰাহাব আছিল।

বোৱজৰ পৰা ওবেদৰ জন্ম হʼল; তেওঁৰ মা ৰূথ আছিল।

ওবেদৰ পৰা যিচয়ৰ জন্ম হʼল;

 ৬ যিচয়ৰ পৰা ৰজা দায়ূদৰ আৰু দায়ূদৰ পৰা চলোমনৰ জন্ম হৈছিল।

চলোমনৰ মা আগতে উৰিয়াৰ পত্নী আছিল।

 ৭ চলোমনৰ পৰা ৰহবিয়াম,

ৰহবিয়ামৰ পৰা অবিয়,

অবিয়ৰ পৰা আচা,

 ৮ আচাৰ পৰা যিহোচাফট,

যিহোচাফটৰ পৰা যিহোৰাম,

যিহোৰামৰ পৰা উজ্জিয়া,

 ৯ উজ্জিয়াৰ পৰা যোথম,

যোথমৰ পৰা আহজ,

আহজৰ পৰা হিষ্কিয়া,

১০ হিষ্কিয়াৰ পৰা মনচি,

মনচিৰ পৰা আমোন আৰু

আমোনৰ পৰা যোচিয়াৰ জন্ম হʼল।

১১ যোচিয়াৰ পৰা যকনীয়া আৰু তেওঁৰ ভাইবিলাকৰ জন্ম হʼল। সেই সময়ছোৱাত যিহূদীসকলক বন্দী বনাই বাবিললৈ লৈ যোৱা হৈছিল।

১২ বাবিলত যকনীয়াৰ পৰা চলটীয়েল,

চলটীয়েলৰ পৰা জৰুব্বাবিল,

১৩ জৰুব্বাবিলৰ পৰা অবিহূদ,

অবিহূদৰ পৰা ইলীয়াকীম,

ইলীয়াকীমৰ পৰা আচোৰ,

১৪ আচোৰৰ পৰা চাদোক,

চাদোকৰ পৰা আখীম আৰু

আখীমৰ পৰা ইলীহূদৰ জন্ম হʼল।

১৫ ইলীহূদৰ পৰা ইলিয়াচৰ,

ইলিয়াচৰৰ পৰা মত্তন,

মত্তনৰ পৰা যাকোব,

১৬ যাকোবৰ পৰা যোচেফৰ জন্ম হʼল আৰু তেওঁ মৰিয়মৰ স্বামী আছিল। মৰিয়মে যীচুক জন্ম দিছিল, যি খ্ৰীষ্ট বুলি জনা যায়।

১৭ অব্ৰাহামৰ পৰা দায়ূদলৈকে মুঠ ১৪ পুৰুষ আৰু দায়ূদৰ পৰা যিহূদীসকলক বাবিললৈ বন্দী কৰি নিয়ালৈকে ১৪ পুৰুষ আৰু বাবিললৈ বন্দী কৰি নিয়াৰ পৰা খ্ৰীষ্টলৈকে ১৪ পুৰুষ হয়।

১৮ যীচুৰ জন্ম এইদৰে হʼল: তেওঁৰ মা মৰিয়ম আৰু যোচেফে বিয়া কৰিবলৈ প্ৰতিজ্ঞা কৰিছিল। কিন্তু তেওঁলোকে স্বামী-স্ত্ৰীৰ দৰে থকাৰ আগতে ঈশ্বৰৰ পবিত্ৰ শক্তিৰ* সহায়ত মৰিয়মে গৰ্ভৱতী হৈছিল। ১৯ যোচেফ এজন ভাল ব্যক্তি আছিল আৰু তেওঁ মৰিয়মক লোকসকলৰ আগত লাজত পেলাব বিচৰা নাছিল, সেইবাবে যোচেফে তেওঁক মনে মনে তালাক* দিব বিচাৰিছিল। ২০ কিন্তু এই বিষয়ে চিন্তা কৰাৰ পাছত যেতিয়া তেওঁ শুই গʼল, তেতিয়া তেওঁ সপোনত যিহোৱাৰ* এজন স্বৰ্গদূতক দেখিলে। স্বৰ্গদূতে তেওঁক কʼলে, “যোচেফ, দায়ূদৰ বংশ, তুমি মৰিয়মক বিয়া কৰিবলৈ* ভয় নকৰিবা। কাৰণ তেওঁ ঈশ্বৰৰ পবিত্ৰ শক্তিৰ সহায়ত গৰ্ভৱতী হৈছে। ২১ মৰিয়মে এটি লʼৰাক জন্ম দিব, তেওঁৰ নাম যীচু* ৰাখিবা। কাৰণ তেওঁ নিজৰ লোকসকলক পাপৰ পৰা উদ্ধাৰ কৰিব।” ২২ এই সকলো যিহোৱাৰ* বাক্য পূৰ হʼবলৈ হʼল, যি তেওঁ নিজৰ ভৱিষ্যবক্তাৰ যোগেদি কৈছিল, ২৩ “চোৱা! যুৱতীজনী গৰ্ভৱতী হৈ এটি লʼৰাক জন্ম দিব আৰু তেওঁৰ নাম ইম্মানূৱেল ৰাখিব,” যাৰ অৰ্থ হৈছে “ঈশ্বৰ আমাৰ লগত আছে।”

২৪ তেতিয়া যোচেফে টোপনিৰ পৰা সাৰ পালে আৰু যিহোৱাৰ* স্বৰ্গদূতে যি কৈছিল, ঠিক সেইদৰেই কৰিলে। তেওঁ নিজৰ পত্নীক ঘৰলৈ লৈ আহিল। ২৫ কিন্তু মৰিয়মে লʼৰাটিক জন্ম নিদিয়ালৈকে যোচেফে তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা নাছিল। যোচেফে সেই লʼৰাটিৰ নাম যীচু ৰাখিলে।

২ যিহূদিয়াৰ ৰজা হেৰোদৰ* সময়ত যিহূদিয়াৰ বৈৎলেহেমত যীচুৰ জন্ম হোৱাৰ পাছত চোৱা! পূব ফালৰ পৰা কেইজনমান জ্যোতিষী* যিৰূচালেমলৈ আহিল। ২ তেওঁলোকে সুধিবলৈ ধৰিলে, “যিহূদীবিলাকৰ যি ৰজা জন্ম হৈছিল, তেওঁ কʼত আছে? যেতিয়া আমি পূব দিশত আছিলোঁ, তেতিয়া আমি তেওঁৰ তৰা দেখা পালোঁ। সেইবাবে, আমি তেওঁক মূৰ দোৱাই প্ৰণাম কৰিবলৈ আহিছোঁ।” ৩ এই বিষয়ে শুনি ৰজা হেৰোদ চিন্তিত হৈ পৰিল আৰু গোটেই যিৰূচালেমত হুলস্থূলীয়া পৰিৱেশ হʼল। ৪ হেৰোদে সকলো প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলক* একগোট কৰি তেওঁলোকক সুধিলে যে খ্ৰীষ্টৰ* জন্ম কʼত হʼবলগীয়া আছিল? ৫ তেওঁলোকে কʼলে, “যিহূদিয়াৰ বৈৎলেহেমত। কাৰণ ভৱিষ্যবক্তাৰ দ্বাৰা এইদৰে লিখাইছিল, ৬ ‘হে যিহূদাৰ বৈৎলেহেম, যিহূদাৰ ৰাজ্যপালসকলৰ মাজত তুমি কোনোমতেই আটাইতকৈ সৰু চহৰ নোহোৱা। কিয়নো তোমাৰ মাজৰ পৰা এজন শাসনকৰ্তা ওলাব, যিজনে ৰখীয়াৰ দৰে মোৰ প্ৰজা ইস্ৰায়েলৰ চোৱা-চিতা কৰিব।’”

৭ তেতিয়া হেৰোদে কোনেও গʼম নোপোৱাকৈ সেই জ্যোতিষীসকলক মাতিলে। আৰু তেওঁলোকে সেই তৰাটো প্ৰথমবাৰ কেতিয়া দেখিছিল, তাৰ বিষয়ে তেওঁলোকৰ পৰা ভালদৰে জানি লʼলে। ৮ তাৰ পাছত তেওঁ এইদৰে কৈ তেওঁলোকক বৈৎলেহেমলৈ পঠিয়ালে, “যোৱা, সেই লʼৰাটিক ভালদৰে বিচাৰা। যেতিয়া তোমালোকে তাক বিচাৰি পাবা, তেতিয়া আহি মোক খবৰ দিবা। তেতিয়া ময়ো গৈ মূৰ দোৱাই তেওঁক প্ৰণাম কৰিব পাৰিম।” ৯ ৰজা হেৰোদৰ এই কথা শুনাৰ পাছত জ্যোতিষীসকলে তাৰ পৰা ওলাই গʼল। তেতিয়া চোৱা, যি তৰা তেওঁলোকে পূব ফালে দেখিছিল, সেই তৰা তেওঁলোকৰ আগে আগে যাবলৈ ধৰিলে। আৰু যি ঘৰত লʼৰাটি আছিল, সেই ঘৰৰ ওপৰত ৰৈ গʼল। ১০ যেতিয়া তেওঁলোকে তৰাটো ৰৈ থকা দেখিলে, তেতিয়া তেওঁলোকে বহুত আনন্দিত হʼল। ১১ তেওঁলোকে ঘৰৰ ভিতৰত সোমাই লʼৰাটিক তেওঁৰ মা মৰিয়মৰ লগত দেখে। তেওঁলোকে লʼৰাটিৰ আগত মূৰ দোৱাই প্ৰণাম কৰিলে। তাৰ পাছত নিজৰ নিজৰ মূল্যৱান বস্তুৰ টোপোলা খুলি সোণ আৰু দুবিধ সুগন্ধি বস্তু* উপহাৰ হিচাপে তেওঁক দিলে। ১২ কিন্তু হেৰোদৰ ওচৰলৈ উভতি নাযাবলৈ ঈশ্বৰে তেওঁলোকক সপোনত সাৱধান কৰিলে। সেইবাবে, তেওঁলোকে বেলেগ ৰাস্তাইদি নিজৰ দেশলৈ উভতি গʼল।

১৩ তেওঁলোকে যোৱাৰ পাছত চোৱা, যিহোৱাৰ* স্বৰ্গদূতে যোচেফক সপোনত দেখা দিলে আৰু তেওঁক এইদৰে কʼবলৈ ধৰিলে, “উঠা, লʼৰাটি আৰু তেওঁৰ মাকক লৈ মিচৰলৈ পলাই যোৱা। যেতিয়ালৈকে মই নকওঁ, তাতে থাকিবা। কাৰণ এই লʼৰাটিক হত্যা কৰিবলৈ হেৰোদে অতি সোনকালে বিচাৰিব।” ১৪ সেইবাবে, যোচেফ উঠিল আৰু সেই ৰাতিয়েই লʼৰাটি আৰু তেওঁৰ মাকক লৈ মিচৰলৈ গুচি গʼল। তেওঁ হেৰোদৰ মৃত্যুলৈকে তাতে থাকিল। ১৫ এইদৰে যিহোৱাই* নিজৰ ভৱিষ্যবক্তাৰ দ্বাৰা কোৱা এই কথা পূৰ হʼল, “মিচৰ দেশৰ পৰা মই মোৰ লʼৰাক মাতিলোঁ।”

১৬ জ্যোতিষীসকলে হেৰোদক বিশ্বাসঘাত কৰিলে বুলি যেতিয়া তেওঁ গʼম পালে, তেতিয়া তেওঁৰ বহুত খং উঠিল। আৰু তেওঁ সেই জ্যোতিষীসকলৰ পৰা যি সময়ৰ বিষয়ে ভালকৈ জানিছিল, সেই অনুসৰি বৈৎলেহেম আৰু তাৰ আশে-পাশে থকা সকলো এলেকাত নিজৰ সেৱকসকলক পঠিয়াই দুবছৰ আৰু তাতকৈ কম বয়সৰ যিমান লʼৰা আছিল, সকলোকে হত্যা কৰোৱালে। ১৭ এই ঘটনাৰ পৰা ভৱিষ্যবক্তা যিৰিমিয়াৰ যোগেদি কোৱা এই কথা পূৰ হʼল, ১৮ “ৰামাত শোক আৰু কান্দোনৰ শব্দ শুনা গৈছিল। তেওঁ ৰাহেল আছিল, যিয়ে নিজৰ সন্তানসকলৰ কাৰণে কান্দি আছিল আৰু কোনো ধৰণৰ শান্ত্বনা বিচৰা নাছিল। কাৰণ সিহঁত এতিয়া নাই।”

১৯ হেৰোদৰ মৃত্যুৰ পাছত চোৱা, মিচৰত যিহোৱাৰ* স্বৰ্গদূতে সপোনত যোচেফক দেখা দিলে ২০ আৰু তেওঁ কʼলে, “উঠা, লʼৰাটি আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ যোৱা। কাৰণ যিসকলে লʼৰাটিক হত্যা কৰিব বিচাৰিছিল, তেওঁলোকৰ মৃত্যু হʼল।” ২১ তেতিয়া যোচেফ উঠিল আৰু লʼৰাটি আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ গুচি গʼল। ২২ কিন্তু আৰ্খিলাই নিজৰ পিতৃ হেৰোদৰ সলনি যিহূদিয়াত শাসন কৰিছে বুলি শুনি যোচেফে তালৈ যাবলৈ ভয় কৰিলে। ইয়াৰ উপৰিও, ঈশ্বৰে যিহেতু সপোনত আৰু এটা সাৱধানবাণী দিছিল, সেইবাবে, তেওঁ গালীল এলেকালৈ গুচি গʼল। ২৩ আৰু তেওঁ নাচৰৎ নামৰ চহৰলৈ আহি থাকিবলৈ ধৰিলে। ইয়াৰ পৰা ভৱিষ্যবক্তাসকলৰ যোগেদি কোৱা এই কথাষাৰ পূৰ হʼল, “তেওঁক নাচৰতীয়া* বুলি কোৱা হʼব।”

৩ তাৰ পাছত যোহন বাপ্তিষ্মা দিওঁতাই যিহূদিয়াৰ অৰণ্যৰ* এলেকালৈ আহিলে আৰু এইদৰে প্ৰচাৰ কৰিবলৈ ধৰিলে, ২ “অনুতাপ কৰা, কিয়নো স্বৰ্গৰাজ্য নিচেই কাষত।” ৩ আচলতে যোহনেই সেই ব্যক্তি হয়, যাৰ বিষয়ে ভৱিষ্যবক্তা যিচয়াৰ যোগেদি এই কথা কোৱা হৈছিল, “শুনা! অৰণ্যত কোনোবাই মাতি আছে, ‘যিহোৱাৰ* পথ তৈয়াৰ কৰা আৰু তেওঁৰ পথ পৰিষ্কাৰ কৰা।’” ৪ যোহনে উটৰ নোমৰ কাপোৰ পিন্ধিছিল আৰু তেওঁ কঁকালত ছালৰ পেটী লগাইছিল। তেওঁ ফৰিং আৰু হাবিৰ মৌ খাইছিল। ৫ তেতিয়া যিৰূচালেম, গোটেই যিহূদিয়া আৰু যৰ্দ্দন নদীৰ আশে-পাশে থকা গোটেই এলেকাৰ লোকসকলে তেওঁৰ ওচৰলৈ যাবলৈ ধৰিলে। ৬ তেওঁলোকে নিজৰ পাপবোৰ সকলোৰে আগত স্বীকাৰ কৰিছিল আৰু যোহনে তেওঁলোকক যৰ্দ্দন নদীত বাপ্তিষ্মা দিছিল।*

৭ যোহনে যেতিয়া বহুতো ফৰীচী আৰু চদ্দূকীবিলাকক বাপ্তিষ্মা লোৱা ঠাইত অহা দেখিলে, তেতিয়া যোহনে তেওঁলোকক কʼলে, “হে সাপৰ বংশবিলাক, আহিবলগীয়া ক্ৰোধৰ পৰা পলাবলৈ কোনে তোমালোকক সাৱধান কৰিলে? ৮ সেইবাবে, তোমালোকে অনুতাপ কৰিছোঁ বুলি নিজৰ কামৰ যোগেদি দেখুৱা। ৯ আৰু তোমালোকে এইদৰে নাভাবিবা যে ‘আমি অব্ৰাহামৰ বংশৰ হওঁ।’ কিয়নো মই তোমালোকক কওঁ যে ঈশ্বৰে এই শিলবোৰৰ পৰা অব্ৰাহামৰ বাবে সন্তান জন্ম দিয়াব পাৰে। ১০ গছৰ গুৰিত কুঠাৰ ৰখা হৈছে, যিবোৰ গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলাই দিয়া হʼব। ১১ তোমালোকে অনুতাপ কৰাৰ কাৰণে মইতো তোমালোকক পানীত বাপ্তিষ্মা দিওঁ, কিন্তু মোৰ পাছত অহাজন মোতকৈ বহুত শক্তিশালী। মই তেওঁৰ জোতা খোলাৰো যোগ্য নহওঁ। তেওঁ তোমালোকক পবিত্ৰ শক্তি আৰু জুইৰে বাপ্তিষ্মা দিব।* ১২ তেওঁৰ হাতত শস্য ঝৰা বেল্‌চা আছে, তেওঁ নিজৰ মৰণা মৰা খলা ভালদৰে পৰিষ্কাৰ কৰিব আৰু ঘেঁহু গোটাই ভঁৰালত ৰাখিব। কিন্তু পতানবোৰ একেৰাহে জ্বলি থকা জুইত জ্বলাই দিব।”

১৩ তাৰ পাছত যোহনৰ পৰা বাপ্তিষ্মা লʼবলৈ যীচুৱে গালীলৰ পৰা যৰ্দ্দন নদীৰ ওচৰলৈ আহে। ১৪ কিন্তু যোহনে এইদৰে কৈ তেওঁক বাধা দিবলৈ ধৰিলে, “মই নিজেই আপোনাৰ হাতৰ পৰা বাপ্তিষ্মা লোৱাৰ প্ৰয়োজন আছে আৰু আপুনি মোৰ ওচৰলৈ আহিছে?” ১৫ তেতিয়া যীচুৱে তেওঁক কʼলে, “এতিয়া এইদৰে হʼবলৈ দিয়া, কিয়নো ঈশ্বৰৰ দৃষ্টিত যি সঠিক আমি সেয়াই কৰা উচিত।” তাৰ পাছত যোহনে তেওঁক বাধা নিদিলে। ১৬ বাপ্তিষ্মা লোৱাৰ পাছত যীচুৱে লগে লগে পানীৰ পৰা ওলাই আহিল, তেতিয়া আকাশ মুকলি হʼল। আৰু তেওঁ* ঈশ্বৰৰ পবিত্ৰ শক্তিক কপৌৰ* ৰূপত তেওঁৰ* ওপৰত নামি অহা দেখিলে। ১৭ সেই সময়ত স্বৰ্গৰ পৰা মাত শুনা গʼল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁক মই গ্ৰহণ কৰিলোঁ।”

৪ তাৰ পাছত ঈশ্বৰৰ পবিত্ৰ শক্তিয়ে যীচুক অৰণ্যলৈ* লৈ যায়। তাত চয়তানে* তেওঁক ফুচলাবলৈ ধৰিলে। ২ যীচুৱে ৪০ দিন আৰু ৪০ ৰাতি একো নোখোৱাকৈ আছিল, তাৰ পাছত তেওঁৰ ভোক লাগিল। ৩ তেতিয়া চয়তানে আহি তেওঁক কʼলে, “যদি তুমি ঈশ্বৰৰ এজন পুত্ৰ হোৱা, তেনেহʼলে এই শিলবোৰক কোৱা, যেন এইবোৰ ৰুটি হৈ যায়।” ৪ কিন্তু যীচুৱে এইদৰে উত্তৰ দিলে, “শাস্ত্ৰত লিখা আছে, ‘মানুহে কেৱল ৰুটিৰে নহয়, কিন্তু যিহোৱাৰ* মুখৰ পৰা ওলোৱা প্ৰত্যেকটো বাক্যৰেহে জীয়াই থাকিব লাগিব।’”

৫ ইয়াৰ পাছত চয়তানে তেওঁক পবিত্ৰ নগৰ যিৰূচালেমলৈ লৈ গʼল আৰু তেওঁক মন্দিৰৰ আটাইতকৈ ওখ ঠাইত নি থিয় কৰালে। ৬ সি যীচুক কʼলে, “যদি তুমি ঈশ্বৰৰ এজন পুত্ৰ হোৱা, তেনেহʼলে ইয়াৰ পৰা তললৈ জাপ মাৰি দিয়া, কিয়নো শাস্ত্ৰত লিখা আছে, ‘তেওঁ তোমাৰ কাৰণে নিজৰ স্বৰ্গদূতসকলক আদেশ দিব। তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব।’” ৭ যীচুৱে চয়তানক কʼলে, “শাস্ত্ৰত এয়াও লিখা আছে, ‘তুমি নিজৰ ঈশ্বৰ যিহোৱাৰ* পৰীক্ষা নলʼবা।’”

৮ তাৰ পাছত চয়তানে যীচুক নিজৰ লগত আটাইতকৈ ওখ পাহাৰলৈ লৈ গʼল আৰু তেওঁক জগতৰ সকলো ৰাজ্য আৰু তাৰ জাকজমকতা দেখুৱালে। ৯ তাৰ পাছত সি যীচুক কʼলে, “যদি তুমি মূৰ দোৱাই এবাৰ হʼলেও মোৰ উপাসনা কৰা, তেনেহʼলে এই সকলো মই তোমাক দি দিম।” ১০ যীচুৱে তাক কʼলে, “গুচি যা চয়তান! কিয়নো শাস্ত্ৰত লিখা আছে, ‘তুমি কেৱল নিজৰ ঈশ্বৰ যিহোৱাৰ* উপাসনা কৰা আৰু তেওঁৰেই পবিত্ৰ সেৱা কৰা।’” ১১ তেতিয়া চয়তানে তেওঁক এৰি গুচি গʼল আৰু চোৱা! স্বৰ্গদূতসকলে আহি যীচুৰ সেৱা কৰিবলৈ ধৰিলে।

১২ যোহনক গ্ৰেপ্তাৰ কৰা হʼল বুলি যেতিয়া যীচুৱে শুনিলে, তেতিয়া তেওঁ তাৰ পৰা গালীললৈ গুচি গʼল। ১৩ তাৰ পাছত তেওঁ নাচৰৎ এৰি সাগৰৰ তীৰত থকা কফৰনাহূমত থাকিবলৈ ধৰিলে, যি জবূলূন আৰু নপ্তালী এলেকাত অৱস্থিত আছিল। ১৪ ইয়াৰ পৰা ভৱিষ্যবক্তা যিচয়াৰ যোগেদি কোৱা এই কথাষাৰ পূৰ হʼল, ১৫ “হে জবূলূন দেশ আৰু নপ্তালী দেশ, সাগৰত যোৱা ৰাস্তা আৰু যৰ্দ্দনৰ সিপাৰে থকা যিহূদী নোহোৱা সকলৰ গালীল, ১৬ যিসকল লোকে অন্ধকাৰত আছিল, তেওঁলোকে উজ্জ্বল পোহৰ দেখা পালে। যিসকল লোকে মৃত্যুছাঁয়াৰ দেশত আছিল, তেওঁলোকৰ ওপৰত পোহৰ পৰিল।” ১৭ সেই সময়ৰ পৰা যীচুৱে এইদৰে প্ৰচাৰ কৰিবলৈ ধৰিলে, “অনুতাপ কৰা কিয়নো স্বৰ্গৰাজ্য নিচেই কাষত।”

১৮ যীচুৱে গালীল সাগৰৰ* পাৰত খোজকাঢ়ি ফুৰোঁতে চিমোন, যাক পিতৰ বুলিও কোৱা হয় আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক সাগৰত জাল পেলোৱা দেখিলে। তেওঁলোক দুয়োজন মাছমৰীয়া আছিল। ১৯ যীচুৱে তেওঁলোকক কʼলে, “মোৰ পিছে পিছে আহা আৰু তোমালোকে যিদৰে মাছ ধৰা, ঠিক সেইদৰে মই তোমালোকক মানুহ ধৰিবলৈ শিকাম।” ২০ তেওঁলোকে লগে লগে নিজৰ জাল এৰি তেওঁৰ পিছে পিছে গʼল। ২১ তাৰ পৰা আগুৱাই যাওঁতে যীচুৱে যাকোব আৰু তেওঁৰ ভাই যোহনক দেখিলে। তেওঁলোক দুয়োজন চিবদিয়ৰ লʼৰা আছিল। তেওঁলোকে নিজৰ পিতৃৰ লগত নাৱত নিজৰ জাল ঠিক কৰি আছিল। যীচুৱে তেওঁলোককো মাতিলে। ২২ তেওঁলোকে লগে লগে নাও আৰু নিজৰ পিতৃক এৰি তেওঁৰ পিছে পিছে গʼল।

২৩ তাৰ পাছত যীচুৱে গালীলৰ গোটেই ঠাইত ফুৰি তেওঁলোকৰ সভাঘৰত শিকাবলৈ আৰু ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ধৰিলে। তেওঁ লোকসকলৰ সকলো ধৰণৰ বেমাৰ আৰু শাৰীৰিকভাৱে দুৰ্বল লোকক সুস্থ কৰি থাকিল। ২৪ এই খবৰ গোটেই চিৰিয়াত বিয়পি পৰিল। লোকসকলে বিভিন্ন ধৰণৰ বেমাৰী, বেমাৰৰ কাৰণে কষ্ট পাই থকা লোক, দুষ্ট স্বৰ্গদূতে পোৱা লোক, মৃগী বেমাৰ হোৱা লোক আৰু জঠৰ ৰোগীক* তেওঁৰ ওচৰলৈ আনিলে। যীচুৱে সেই সকলোকে সুস্থ কৰিলে। ২৫ সেইবাবে গালীল, দিকাপলি,* যিৰূচালেম আৰু যিহূদিয়াৰ পৰা আৰু যৰ্দ্দনৰ সিপাৰৰ পৰা অহা বহুতো মানুহ যীচুৰ পিছে পিছে গʼল।

৫ যীচুৱে যেতিয়া ভিৰক দেখিলে, তেতিয়া তেওঁ পাহাৰত গৈ বহিল আৰু তেওঁৰ শিষ্যসকলেও তেওঁৰ ওচৰলৈ আহিল। ২ তাৰ পাছত তেওঁ এই কথাবোৰ তেওঁলোকক শিকাবলৈ ধৰিলে:

৩ “যিসকলে জানে যে তেওঁলোকক ঈশ্বৰৰ নিৰ্দেশনাৰ প্ৰয়োজন আছে তেওঁলোক সুখী, কাৰণ তেওঁলোক স্বৰ্গৰাজ্যৰ যোগ্য।

৪ যিসকলে দুখ কৰে তেওঁলোক সুখী, কাৰণ তেওঁলোকক শান্ত্বনা দিয়া হʼব।

৫ যিসকল কোমল স্বভাৱৰ হয় তেওঁলোক সুখী, কাৰণ পৃথিৱীখন তেওঁলোকক দিয়া হʼব।

৬ যিসকলে ভাল কাম কৰিবলৈ মনে-প্ৰাণে চেষ্টা কৰে তেওঁলোক সুখী, কাৰণ ঈশ্বৰে তেওঁলোকৰ ইচ্ছা পূৰ কৰিব।

৭ যিসকল দয়ালু তেওঁলোক সুখী, কাৰণ তেওঁলোকৰ ওপৰত দয়া দেখুৱা হʼব।

৮ যিসকলৰ মনত কপট নাই তেওঁলোক সুখী, কাৰণ তেওঁলোকে ঈশ্বৰক দেখা পাব।*

৯ যিসকলে আনৰ লগত শান্তি বজাই ৰাখে তেওঁলোক সুখী, কাৰণ তেওঁলোকক ঈশ্বৰৰ লʼৰা-ছোৱালী বুলি কোৱা হʼব।

১০ যিসকলে ভাল কাম কৰাৰ কাৰণে অত্যাচাৰ সহন কৰে তেওঁলোক সুখী, কাৰণ তেওঁলোকেই স্বৰ্গৰাজ্যৰ যোগ্য।

১১ যেতিয়া লোকসকলে তোমালোকক মোৰ শিষ্য হোৱাৰ কাৰণে বদনাম কৰিব, অত্যাচাৰ কৰিব আৰু তোমালোকৰ বিষয়ে মিছা কথা আৰু বেয়াকৈ কʼব, তেতিয়া সুখী হʼবা। ১২ তোমালোকে বহুত আনন্দ কৰিবা, কাৰণ স্বৰ্গত তোমালোকক ডাঙৰ পুৰস্কাৰ দিয়া হʼব। তেওঁলোকে আগতে ভৱিষ্যবক্তাসকলকো এইদৰেই অত্যাচাৰ কৰিছিল।

১৩ তোমালোক জগতৰ নিমখৰ দৰে হোৱা। যদি নিমখে নিজৰ সোৱাদ হেৰুৱায়, তেনেহʼলে তাক আকৌ নিমখীয়া কৰিব পাৰি নে? নোৱাৰি! সেয়া কোনো কামত নাহে, তাক ৰাস্তাত পেলাই দিয়া হয় আৰু লোকসকলে তাৰ ওপৰত খোজ কাঢ়ে।

১৪ তোমালোক জগতৰ পোহৰৰ দৰে হোৱা, যি চহৰ পাহাৰত থাকে সেয়া লুকাই নাথাকে। ১৫ লোকসকলে চাকি জ্বলাই ইয়াক ঢাকি নাৰাখে,* ইয়াৰ পৰিৱৰ্তে মেজত ৰাখে। যাৰ কাৰণে ঘৰৰ সকলোৱে পোহৰ পায়। ১৬ ঠিক সেইদৰে, তোমালোকৰ পোহৰ লোকসকলৰ আগত জিলিকি থাকক যাতে তেওঁলোকে তোমালোকৰ ভাল কাম দেখি স্বৰ্গত থকা পিতৃৰ* মহিমা কৰে।

১৭ মই নিয়ম বা ভৱিষ্যবক্তাসকলৰ বাক্য* নষ্ট কৰিবলৈ আহিছোঁ বুলি নাভাবিবা। মই সেইবোৰ নষ্ট কৰিবলৈ নহয়, কিন্তু পূৰ কৰিবলৈ আহিছোঁ। ১৮ মই তোমালোকক সঁচাকৈ কৈছোঁ, যিদৰে আকাশ আৰু পৃথিৱী কেতিয়াও শেষ নহʼব, ঠিক সেইদৰে নিয়মত লিখা সৰুতকৈ সৰু আখৰ বা বিন্দুও পূৰ নোহোৱাকৈ নাথাকিব। তাত লিখা সকলো কথা আখৰে আখৰে পূৰ হʼব। ১৯ সেইবাবে, কোনোবাই ইয়াৰ সৰু আজ্ঞাবোৰৰ ভিতৰত যদি এটা আজ্ঞাও নামানে আৰু আনকো এইদৰে কৰিবলৈ শিকায়, তেনেহʼলে তেওঁ স্বৰ্গৰাজ্যৰ বাবে যোগ্য নহʼব।* কিন্তু যিজনে এইবোৰ মানে আৰু আনকো এইদৰে কৰিবলৈ শিকায়, তেওঁ স্বৰ্গৰাজ্যৰ বাবে যোগ্য হʼব।* ২০ কিয়নো মই তোমালোকক কওঁ যে তোমালোকৰ বিশ্বাস ফৰীচী* আৰু যিসকলে নিয়ম শিকায়* তেওঁলোকতকৈ বেছি নহʼলে তোমালোকে স্বৰ্গৰাজ্যত যাব নোৱাৰিবা।

২১ তোমালোকে জানা যে পূৰ্বপুৰুষসকলক কোৱা হৈছিল, ‘তুমি হত্যা নকৰিবা, যিজনে হত্যা কৰিব তেওঁ আদালতত উত্তৰ দিব লাগিব।’ ২২ কিন্তু মই তোমালোকক কওঁ যে যিজনে নিজৰ ভাইৰ প্ৰতি খং পুহি ৰাখে, তেওঁ আদালতত উত্তৰ দিব লাগিব। আৰু যিজনে নিজৰ ভাইক অপমান কৰিবলৈ বেয়া শব্দ ব্যৱহাৰ কৰে, তেওঁ আটাইতকৈ ডাঙৰ আদালতত উত্তৰ দিব লাগিব। যিজনে নিজৰ ভায়েকক মূৰ্খ বুলি কয়, তেওঁ গেহেনাৰ* জুইত পেলাই দিয়াৰ যোগ্য হʼব।

২৩ যদি তুমি ঈশ্বৰলৈ বলিদান আগবঢ়াবলৈ গৈছা, তাতে তোমাৰ মনত পৰে যে তোমাৰ কোনো কথাৰ পৰা তোমাৰ ভায়ে দুখ পাইছে, ২৪ তেনেহʼলে নিজৰ বলিদান বেদীৰ ওচৰত এৰি প্ৰথমে গৈ নিজৰ ভাইৰ লগত শান্তি স্থাপন কৰা, তাৰ পাছত আহি বলিদান আগবঢ়োৱা।

২৫ যদি কোনোবাই তোমাৰ বিৰুদ্ধে মোকৰ্দ্দমা কৰে, তেনেহʼলে ৰাস্তাতেই লগে লগে তেওঁৰ লগত সমস্যাটো সমাধান কৰা। নহʼলে তেওঁ তোমাক ন্যায়াধীশৰ হাতত দি দিব আৰু ন্যায়াধীশে কৰ্মচাৰীৰ আৰু কৰ্মচাৰীয়ে তোমাক জেলত বন্দী কৰি দিব। ২৬ মই তোমালোকক সঁচাকৈ কৈছোঁ, তুমি গোটেই টকাখিনি নিদিয়ালৈকে তাৰ পৰা কোনোপধ্যেই ওলাই আহিব নোৱাৰিবা।

২৭ তোমালোকে জানা যে কোৱা হৈছিল, ‘তুমি ব্যভিচাৰ* নকৰিবা।’ ২৮ কিন্তু মই তোমালোকক কওঁ যে যিজনে কোনো তিৰোতাক বেয়া দৃষ্টিৰে চাই থাকে, তেনেহʼলে তেওঁ নিজৰ মনতে সেই তিৰোতাগৰাকীৰ লগত ব্যভিচাৰ কৰিলে। ২৯ যদি তোমাৰ চকুৱে তোমাক পাপ কৰাইছে, তেনেহʼলে তাক কাঢ়ি পেলাই দিয়া, কাৰণ গোটেই শৰীৰ গেহেনাত* ধ্বংস হোৱাতকৈ তোমাৰ এটা অংগ হেৰুৱাটোৱেই ভাল। ৩০ যদি তোমাৰ হাতে পাপ কৰাইছে, তেনেহʼলে তাক কাটি পেলাই দিয়া, কাৰণ গোটেই শৰীৰ গেহেনাত* ধ্বংস হোৱাতকৈ তোমাৰ এটা অংগ হেৰুৱাটোৱেই ভাল।

৩১ এয়াও কোৱা হৈছিল যে ‘যিজনে নিজৰ পত্নীক তালাক দিয়ে, তেওঁ পত্নীক তালাকৰ প্ৰমাণ পত্ৰ দিয়ক।’ ৩২ কিন্তু মই তোমালোকক কওঁ যে যিজনে অনৈতিক শাৰীৰিক সম্পৰ্কৰ* বাহিৰে আন কিবা কাৰণত নিজৰ পত্নীক তালাক দিয়ে, তেনেহʼলে তেওঁ নিজৰ পত্নীক এনে পৰিস্থিতিত পেলায়, যাৰ বাবে তেওঁ ব্যভিচাৰ কৰিব পাৰে আৰু যিজনে এনে তালাক লোৱা তিৰোতাক বিয়া কৰে, তেনেহʼলে তেওঁ ব্যভিচাৰ কৰে।

৩৩ তোমালোকে জানা যে পূৰ্বপুৰুষসকলক কোৱা হৈছিল, ‘তুমি এনে শপত নাখাবা, যিটো তুমি পূৰ কৰিব নোৱাৰিবা, কিন্তু যিহোৱালৈ* কৰা নিজৰ প্ৰতিজ্ঞা পূৰ কৰিবা।’ ৩৪ কিন্তু মই তোমালোকক কওঁ যে তোমালোকে কেতিয়াও শপত নাখাবা, স্বৰ্গৰ নামেৰে নাখাবা, কিয়নো সেয়া ঈশ্বৰৰ সিংহাসন, ৩৫ পৃথিৱীৰ নামেৰেও নাখাবা, কিয়নো সেয়া তেওঁৰ ভৰি-পীৰা; যিৰূচালেমৰো* শপত নাখাবা, কিয়নো সেয়া মহা-ৰজাৰ* নগৰ। ৩৬ তুমি নিজৰ মূৰত ধৰি শপতো নাখাবা, কিয়নো তুমি এডাল চুলিও বগা বা কʼলা কৰিব নোৱাৰিবা। ৩৭ তোমালোকৰ ‘হয়’ মানে ‘হয়’ হওক আৰু ‘নহয়’ মানে ‘নহয়’ হওক, কাৰণ তোমালোকে যি কৰিম বুলি কোৱা, কিন্তু নকৰা, তেনেহʼলে তোমালোকে চয়তানৰ দৰে কাম কৰিছা।

৩৮ তোমালোকে জানা যে কোৱা হৈছিল, ‘চকুৰ সলনি চকু আৰু দাঁতৰ সলনি দাঁত।’ ৩৯ কিন্তু মই তোমালোকক কওঁ যে দুষ্ট লোকসকলৰ লগত কাজিয়া নকৰিবা, ইয়াৰ পৰিৱৰ্তে যদি কোনোবাই তোমাৰ এখন গালত চৰ মাৰে, তেনেহʼলে সিখন গালো পাতি দিবা। ৪০ যদি কোনোবাই তোমাৰ ওপৰত মোকৰ্দ্দমা কৰি তোমাৰ চোলা লʼব খোজে, তেনেহʼলে তেওঁক বাকী কাপোৰবোৰো দি দিবা। ৪১ আৰু যদি কোনো অধিকাৰীয়ে তোমাক কিবা কাম কৰিবলৈ কয়, তেনেহʼলে তেওঁ যিমান কৈছে, তাতকৈ বেছি কৰি দিবা। ৪২ যিজনে তোমাক কিবা খোজে তেওঁক দিবা আৰু যদি ধাৰ* খোজে, তেনেহʼলে নিদিওঁ বুলি নকʼবা।

৪৩ তোমালোকে জানা যে কোৱা হৈছিল, ‘তুমি নিজৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু তোমাক হানি কৰিব বিচৰা লোকক ঘিণ কৰিবা।’ ৪৪ কিন্তু মই তোমালোকক কওঁ যে তোমাক হানি কৰিব বিচৰা লোকসকলক প্ৰেম কৰি থাকা আৰু তোমাৰ লগত বেয়া ব্যৱহাৰ কৰা লোকসকলৰ বাবে প্ৰাৰ্থনা কৰি থাকা। ৪৫ এইদৰে তোমালোকে স্বৰ্গত থকা পিতৃৰ লʼৰা-ছোৱালী হয় বুলি প্ৰমাণ কৰা, কিয়নো তেওঁ ভাল আৰু বেয়া দুয়োজনকে ৰʼদ দিয়ে আৰু ভাল কাম কৰা আৰু বেয়া কাম কৰা দুয়োজনৰ ওপৰতে বৰষুণ পেলায়। ৪৬ কাৰণ যিসকলে তোমালোকক প্ৰেম কৰে কেৱল তেওঁলোককেই প্ৰেম কৰিলে, তোমালোকে কি পুৰস্কাৰ পাবা? যিসকলে কৰ লয়, তেওঁলোকেও জানো এইদৰে নকৰে নে? ৪৭ আৰু তোমালোকে যদি কেৱল ভাইসকলক নমস্কাৰ কৰা, তেনেহʼলে কি ডাঙৰ কাম কৰিছা? যিসকল ইস্ৰায়েলী নহয় তেওঁলোকেও জানো এইদৰে নকৰে নে? ৪৮ সেইবাবে, স্বৰ্গত থকা পিতৃয়ে তোমালোকক যিদৰে সম্পূৰ্ণৰূপে প্ৰেম কৰিলে, ঠিক সেইদৰে তোমালোকেও সম্পূৰ্ণৰূপে প্ৰেম কৰা।

৬ সাৱধান হোৱা, মানুহক দেখুৱাবলৈ তোমালোকে তেওঁলোকৰ আগত ভাল কাম নকৰিবা, যদি এইদৰে কৰা, তেনেহʼলে স্বৰ্গত থকা পিতৃয়ে* তোমালোকক কোনো পুৰস্কাৰ নিদিব। ২ সেইবাবে, যেতিয়া তুমি আনক সহায় কৰা,* তেতিয়া কপটীয়াবিলাকৰ দৰে আনক কৈ নুফুৰিবা,* তেওঁলোকে সভাঘৰ আৰু ৰাস্তাত প্ৰশংসা পাবলৈ এইদৰেই কৰে। মই তোমালোকক সঁচাকৈ কওঁ যে তেওঁলোকে মানুহৰ পৰা প্ৰশংসা পালে, কিন্তু ঈশ্বৰৰ পৰা কোনো পুৰস্কাৰ নাপাব। ৩ কিন্তু তুমি যেতিয়া আনক সহায় কৰা, তেতিয়া তোমাৰ সোঁহাতে কি কৰে, বাওঁহাতক জানিবলৈ নিদিবা।* ৪ এইদৰে কৰিলে তোমাৰ দানৰ বিষয়ে কোনেও নাজানিব আৰু তোমাৰ সকলো কাম চাই থকা পিতৃয়ে* তোমাক পুৰস্কাৰ দিব।

৫ যেতিয়া তোমালোকে প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়াবিলাকৰ দৰে নকৰিবা, কিয়নো তেওঁলোকে সভাঘৰ আৰু ৰাস্তাত আনে দেখাকৈ প্ৰাৰ্থনা কৰি ভাল পায়। মই তোমালোকক সঁচাকৈ কওঁ যে তেওঁলোকে ঈশ্বৰৰ পৰা কোনো পুৰস্কাৰ নাপাব। ৬ কিন্তু তুমি যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া অকলে নিজৰ ঘৰৰ কোঠালিত গৈ দুৱাৰ বন্ধ কৰা আৰু নিজৰ পিতৃক প্ৰাৰ্থনা কৰা, যিজনক কোনেও দেখা নাপায়* আৰু তোমাৰ সকলো কাম চাই থকা পিতৃয়ে তোমাক পুৰস্কাৰ দিব। ৭ প্ৰাৰ্থনা কৰাৰ সময়ত একেটা কথাকে বাৰে বাৰে কৈ নাথাকিবা, যিদৰে ঈশ্বৰক উপাসনা কৰিব নজনা লোকসকলে কৰে, কিয়নো তেওঁলোকে ভাবে যে এইদৰে কৰিলে ঈশ্বৰে তেওঁলোকৰ শুনিব। ৮ সেইবাবে, তেওঁলোকৰ দৰে নহʼবা, কিয়নো খোজাৰ আগতে তোমালোকৰ পিতৃয়ে জানে যে তোমালোকৰ কি প্ৰয়োজন আছে।

৯ সেইবাবে, তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা:

‘হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পবিত্ৰ হওক। ১০ তোমাৰ ৰাজ্য আহক;* যেনেকৈ স্বৰ্গত তোমাৰ ইচ্ছা পূৰ হয়, তেনেকৈ পৃথিৱীতো হওক। ১১ আজিৰ আহাৰ আমাক দিয়া। ১২ যিদৰে আমি আমাৰ বিৰুদ্ধে পাপ কৰা লোকসকলক* ক্ষমা কৰিলোঁ, ঠিক সেইদৰে তুমিও আমাৰ পাপবোৰ* ক্ষমা কৰা। ১৩ বেয়া কাম কৰিবলৈ প্ৰলোভন আহিলে আমাক সহায় কৰিবা আৰু চয়তানৰ* পৰা আমাক বচোৱা।’

১৪ যদি তোমালোকে আনৰ অপৰাধ ক্ষমা কৰা, তেনেহʼলে স্বৰ্গত থকা পিতৃয়েও তোমালোকক ক্ষমা কৰিব। ১৫ কিন্তু তোমালোকে যদি আনৰ অপৰাধ ক্ষমা নকৰা, তেনেহʼলে স্বৰ্গত থকা পিতৃয়েও তোমালোকক ক্ষমা নকৰিব।

১৬ যেতিয়া তোমালোকে লঘোন* দিয়া, তেতিয়া মুখখন এনেদৰে নকৰিবা যাতে লোকসকলক লাগিব যে তোমালোকে লঘোন দিছা, যিদৰে কপটীয়াবিলাকে কৰে। মই তোমালোকক সঁচাকৈ কওঁ যে তেওঁলোকে ঈশ্বৰৰ পৰা কোনো পুৰস্কাৰ নাপাব। ১৭ কিন্তু তোমালোকে যেতিয়া লঘোন দিবা, তেতিয়া চুলিত তেল লগাবা আৰু মুখখন ধুবা। ১৮ এইদৰে কৰিলে তোমালোকে লঘোন দিছা বুলি লোকসকলে গʼম নাপাব, কেৱল স্বৰ্গত থকা পিতৃয়ে জানিব পাৰিব আৰু সকলো চাই থকা পিতৃয়ে তোমাক পুৰস্কাৰ দিব।

১৯ পৃথিৱীত ধন সাঁচিবলৈ বন্ধ কৰা, যʼত পোকে খায় আৰু মামৰে ক্ষয় কৰে আৰু চোৰে চুৰ কৰি নিয়ে। ২০ ইয়াৰ পৰিৱৰ্তে স্বৰ্গত ধন জমা কৰা, যʼত পোকে নাখায়, মামৰে ক্ষয় নকৰে আৰু চোৰেও চুৰ কৰি নিনিয়ে। ২১ কাৰণ যʼতেই তোমাৰ ধন, তʼতেই তোমাৰ মন হʼব।

২২ তোমালোকৰ চকু পোহৰৰ নিচিনা হয়। সেইবাবে, তোমাৰ চকু যদি ভাল বিষয়বোৰত লাগি থাকে,* তেনেহʼলে তোমাৰ গোটেই শৰীৰ উজ্জ্বল হʼব। ২৩ কিন্তু তোমাৰ চকু যদি বেয়া বিষয়বোৰত লাগি থাকে, তেনেহʼলে তোমাৰ গোটেই শৰীৰ অন্ধকাৰ হʼব। শৰীৰক উজ্জ্বল কৰা তোমাৰ চকুৱে যদি অন্ধকাৰত থাকে, তেনেহʼলে তোমালোক কিমান যে ঘোৰ অন্ধকাৰত থাকিবা।

২৪ কোনো দাসে দুজন মালিকৰ সেৱা কৰিব নোৱাৰে। যদি তেওঁ এজনক প্ৰেম কৰে, তেনেহʼলে আনজনক ঘিণ কৰিব আৰু যদি তেওঁ এজনৰ বিশ্বাসী হৈ থাকে, তেনেহʼলে আনজনক সন্মান নকৰিব। তোমালোকে ঈশ্বৰৰ সেৱা কৰাৰ লগতে ধন-সম্পত্তিক নিজৰ জীৱনত প্ৰথম স্থান দিব নোৱাৰা।

২৫ সেইবাবে, মই তোমালোকক কওঁ যে কি খাম, এই বুলি জীৱনৰ কাৰণে বা কি পিন্ধিম, এই বুলি শৰীৰৰ কাৰণে তোমালোকে চিন্তা কৰিবলৈ এৰি দিয়া। আহাৰতকৈ জীৱন আৰু কাপোৰতকৈ শৰীৰ গুৰুত্বপূৰ্ণ নহয় নে? ২৬ আকাশত উৰি ফুৰা চৰাইবোৰলৈ চোৱাচোন। সিহঁতে শস্য নিসিঁচে, নাদায় আৰু ভঁৰালতো জমা নকৰে, তথাপি স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে সিহঁতৰ কাৰণে আহাৰৰ ব্যৱস্থা কৰে। তোমালোক সিহঁততকৈ মূল্যৱান নোহোৱা নে? ২৭ তোমালোকৰ মাজৰ কোনে চিন্তা কৰি অলপ হʼলেও নিজৰ বয়স বঢ়াব পাৰে? ২৮ তোমালোকে কি পিন্ধিম বুলি কিয় চিন্তা কৰিছা? মুকলি পথাৰত ফুলা ফুলবোৰ* কেনেকৈ বাঢ়ে, তাৰ পৰা শিকা; সেইবোৰে পৰিশ্ৰম নকৰে বা কাপোৰো নবয়।* ২৯ কিন্তু মই তোমালোকক কওঁ যে যদিও চলোমনৰ ওচৰত বহুতো ধুনীয়া ধুনীয়া বস্তু আছিল, তথাপি তেওঁ নিজকে সেই ফুলবোৰৰ নিচিনা সজাব নোৱাৰিলে। ৩০ সেইবাবে পথাৰত হোৱা বনক, যি আজি আছে কাইলৈ জুইত* পেলোৱা হʼব, ঈশ্বৰে যদি সেইবোৰকো ইমান ধুনীয়াকৈ কাপোৰ পিন্ধাইছে, তেনেহʼলে হে কম বিশ্বাস কৰা লোকসকল, তেওঁ তোমালোকক নিপিন্ধাব নে? ৩১ সেইবাবে, তোমালোকে কি খাম বা কি পিন্ধিম, এই বুলি কেতিয়াও চিন্তা নকৰিবা। ৩২ কিয়নো যিসকলে ঈশ্বৰক নাজানে, তেওঁলোকে এই বস্তুবোৰৰ বিষয়ে দিনে-ৰাতিয়ে চিন্তা কৰে। কিন্তু স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে জানে যে তোমালোকক এই বস্তুবোৰৰ প্ৰয়োজন আছে।

৩৩ সেইবাবে, তোমালোকে ঈশ্বৰৰ ৰাজ্য আৰু তেওঁৰ দৃষ্টিত যিবোৰ সঠিক, সেইবোৰক জীৱনত প্ৰথম স্থান দিয়া। তাৰ পাছত এই সকলো বস্তু তোমালোকক দিয়া হʼব। ৩৪ সেইবাবে, কাইলৈৰ কাৰণে কেতিয়াও চিন্তা নকৰিবা। কিয়নো কাইলৈ বেলেগ চিন্তা থাকিব। আজিৰ কাৰণে আজিৰ চিন্তাই যথেষ্ট।

৭ তোমালোকে আনৰ নিন্দা নকৰিবা, তেতিয়াহে তোমালোকৰো নিন্দা কৰা নহʼব। ২ কিয়নো তোমালোকে যিদৰে আনক নিন্দা কৰা, ঠিক সেইদৰে আনেও তোমালোকক নিন্দা কৰিব আৰু যি জোখেৰে তোমালোকে আনক জোখা, সেই জোখেৰে তোমালোককো জোখা হʼব। ৩ তোমাৰ চকুত থকা ডাঙৰ কাঠৰ টুকুৰালৈ* মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটাডালিলৈ কিয় মন কৰিছা? ৪ যদি তোমাৰ চকুত ডাঙৰ কাঠৰ টুকুৰা থাকে, তেনেহʼলে তুমি নিজৰ ভাইক কেনেকৈ কʼব পাৰিবা যে আহা, তোমাৰ চকুৰ পৰা কুটাডালি উলিয়াই দিওঁ? ৫ হে কপটীয়া! প্ৰথমে নিজৰ চকুত থকা কাঠৰ টুকুৰাডাল ওলোৱা, তেতিয়াহে নিজৰ ভায়েৰাৰ চকুৰ পৰা কুটাডালি উলিয়াবলৈ ভালকৈ দেখা পাবা।

৬ যিবোৰ বস্তু ঈশ্বৰৰ হয়, সেইবোৰ কুকুৰক নিদিবা আৰু মূল্যৱান বস্তু গাহৰিৰ আগত পেলাই নিদিবা। যদি তোমালোকে এইদৰে কৰা, তেনেহʼলে সিহঁতে সেইবোৰ গচকি শেষ কৰিব আৰু তোমালোককে বেয়াকৈ আঘাত কৰিব।

৭ খুজি থাকা, তেতিয়াহে তোমালোকক দিয়া হʼব। বিচাৰি থাকা, তেতিয়াহে তোমালোকে পাবা। টুকুৰিয়াই থাকা, তেতিয়াহে তোমালোকৰ কাৰণে দুৱাৰ খোলা হʼব। ৮ কিয়নো যিজনে খোজে, তেওঁ পায় আৰু যিজনে বিচাৰে তেওঁ দেখা পায় আৰু যিজনে টুকুৰিয়ায়, তেওঁৰ কাৰণে দুৱাৰ খোলা হয়। ৯ যদি তোমাৰ সন্তানে আহাৰ বিচাৰে, তেন্তে নিশ্চয় তুমি শিল নিদিয়া! ১০ বা যদি তোমাক মাছ খোজে, তেনেহʼলে তুমি তাক নিশ্চয় সাপ নিদিয়া! ১১ বহুতো বেয়া কাম কৰাৰ সত্ত্বেও যদি তোমালোকে নিজৰ লʼৰা-ছোৱালীক ভাল বস্তু দিব জানা, তেনেহʼলে স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে খোজাবিলাকক তাতকৈ বেছি ভাল বস্তু নিদিব নে?

১২ আনে তোমাৰ লগত যিদৰে ব্যৱহাৰ কৰাটো তুমি বিচাৰা, ঠিক সেইদৰে তুমিও আনৰ লগত ব্যৱহাৰ কৰা। কিয়নো এয়া নিয়ম আৰু ভৱিষ্যবক্তাসকলৰ বাক্যৰ* মূল শিক্ষা।

১৩ ঠেক দুৱাৰেদি সোমোৱা, কিয়নো যি দুৱাৰে আৰু যি বাটে সৰ্বনাশলৈ নিয়ে, সেই দুৱাৰ বহল, বাটো সহজ আৰু সেই ফালেদি সোমোৱা লোকসকলৰ সংখ্যাও বহুত। ১৪ কিন্তু যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক আৰু বাটো কঠিন আৰু ইয়াক পোৱা লোকসকলৰ সংখ্যাও কম।

১৫ মিছা কোৱা এনে মানুহৰ পৰা সাৱধান হোৱা, যিসকলে তোমাৰ ওচৰলৈ আহে আৰু ঈশ্বৰৰ বিষয়ে শিকাইছোঁ বুলি কয়। সিহঁতে ভেড়াৰ নিচিনা হানি নকৰোঁ বুলি ভাও ধৰে। কিন্তু আচলতে সিহঁতে তোমালোকক ভোকাতুৰ বনৰীয়া জন্তুৰ দৰে হানি কৰিব বিচাৰে। ১৬ যিদৰে ফলৰ যোগেদি তোমালোকে তাৰ গছজোপাক চিনি পোৱা, ঠিক সেইদৰে সিহঁতৰ কামৰ যোগেদি তোমালোকে সিহঁতক চিনি পাবা। লোকসকলে কেতিয়াবা কাঁইটীয়া গছৰ পৰা আঙুৰ বা বনৰীয়া গছৰ পৰা ডিমৰু ছিঙে নে? ১৭ ঠিক সেইদৰে ভাল গছে ভাল ফল দিয়ে, কিন্তু বেয়া গছে বেয়া ফল দিয়ে। ১৮ ভাল গছে বেয়া ফল দিব নোৱাৰে আৰু বেয়া গছে ভাল ফল দিব নোৱাৰে। ১৯ যদি কোনো এজোপা গছে ভাল ফল নিদিয়ে, তেনেহʼলে মানুহে গছজোপা কাটি জ্বলাই দিয়ে। ২০ সেইবাবে, সিহঁতৰ কামৰ যোগেদি* তোমালোকে সিহঁতক চিনি পাবা।

২১ যিসকলে মোক হে প্ৰভু, হে প্ৰভু বুলি কয়, তেওঁলোক স্বৰ্গৰাজ্যৰ ভাগ নহʼব। কিন্তু যিসকলে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পূৰ কৰে, তেওঁলোকেহে স্বৰ্গৰাজ্যৰ ভাগ হʼব। ২২ এনে এদিন আহিব যিদিনা লোকসকলে মোক কʼব, ‘হে প্ৰভু, হে প্ৰভু, আমি তোমাৰ নামেৰে ভৱিষ্যবাণী কৰা নাই নে, আমি তোমাৰ নামেৰে দুষ্ট স্বৰ্গদূতবিলাকক খেদুৱা নাই নে আৰু তোমাৰ নামেৰে আমি ডাঙৰ ডাঙৰ কাম কৰা নাই নে?’ ২৩ তেতিয়া মই সিহঁতক স্পষ্টকৈ কʼম: ‘মই তহঁতক চিনি নাপাওঁ। হে দুষ্টবিলাক, মোৰ ওচৰৰ পৰা আঁতৰি যা!’

২৪ সেইবাবে, যিজনে মোৰ এই কথাবোৰ শুনে আৰু পালন কৰে, তেওঁ সেই বুদ্ধিমান ব্যক্তিৰ দৰে হʼব, যিয়ে নিজৰ ঘৰ শিলাৰ ওপৰত বনালে। ২৫ তাৰ পাছত ধাৰাষাৰ বৰষুণ হʼল, বানপানী আহিল, বতাহ-ধুমুহা আহিল আৰু সেই ঘৰটোত খুন্দা মাৰিল, তথাপি ঘৰটো ভাঙি নগʼল, কাৰণ সেয়া শিলাৰ ওপৰত বনোৱা হৈছিল। ২৬ আনহাতে, যিজনে মোৰ এই কথাবোৰ শুনে কিন্তু পালন নকৰে, তেওঁ সেই মূৰ্খৰ নিচিনা হʼব, যিজনে নিজৰ ঘৰ বালিৰ ওপৰত বনালে। ২৭ আৰু ধাৰাষাৰ বৰষুণ হʼল, বানপানী আহিল, বতাহ-ধুমুহা আহিল আৰু সেই ঘৰটোত খুন্দা মাৰিল আৰু ঘৰটো ভাঙি শেষ হৈ গʼল।”

২৮ যেতিয়া যীচুৱে এইবোৰ কথা কৈ শেষ কৰিলে, তেতিয়া যীচুৱে যিদৰে শিকালে সেয়া দেখি ভিৰৰ লোকসকল আচৰিত হʼল, ২৯ কাৰণ যিসকলে নিয়ম শিকায়,* তেওঁলোকৰ দৰে যীচুৱে শিকোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ পৰা পোৱা শক্তিৰ দ্বাৰা তেওঁ শিকাইছিল।

৮ যেতিয়া যীচুৱে পাহাৰৰ পৰা তললৈ নামি আহে, তেতিয়া বহুতো লোক তেওঁৰ পিছে পিছে আহিল। ২ আৰু চোৱা! এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি মূৰ দোৱাই তেওঁক প্ৰণাম কৰিলে আৰু কʼলে, “প্ৰভু, যদি আপুনি বিচাৰে, তেনেহʼলে মোক সুস্থ* কৰিব পাৰে।” ৩ তেতিয়া যীচুৱে হাতখন আগবঢ়াই তেওঁক চুলে আৰু কʼলে, “হয়, মই বিচাৰোঁ। সুস্থ হোৱা।” সেই সময়তে তেওঁৰ কুষ্ঠ ৰোগ ভাল হৈ গʼল আৰু তেওঁ সুস্থ হʼল। ৪ তাৰ পাছত যীচুৱে তেওঁক কʼলে, “চোৱা, এই কথা কাকো নকʼবা। কিন্তু গৈ নিজকে পুৰোহিতক দেখুৱা আৰু তেওঁলোকে সাক্ষ্য পাবলৈ মোচিয়ে যি বলিদান আগবঢ়াবলৈ কৈছিল, সেয়া আগবঢ়োৱা।”

৫ যেতিয়া যীচু কফৰনাহূমলৈ আহিলে, তেতিয়া এজন সেনাপতি তেওঁৰ ওচৰলৈ আহি তেওঁক মিনতি কৰিবলৈ ধৰিলে, ৬ “হে প্ৰভু, মোৰ এজন সেৱক জঠৰ ৰোগৰ* কাৰণে বিছনাত পৰি আছে আৰু তেওঁৰ অৱস্থা একেবাৰে বেয়া।” ৭ যীচুৱে তেওঁক কʼলে, “মই তালৈ গʼলে তেওঁক সুস্থ কৰিম।” ৮ সেনাপতিয়ে এইদৰে উত্তৰ দিলে, “প্ৰভু, মই ইমান যোগ্য নহওঁ যে আপুনি মোৰ ঘৰলৈ আহিব। আপুনি কেৱল এবাৰ মুখেৰে কওক আৰু মোৰ সেৱকজন সুস্থ হৈ যাব। ৯ কিয়নো ময়ো আন অধিকাৰীৰ অধীনত কাম কৰোঁ আৰু মোৰ অধীনতো সেনাবিলাকে কাম কৰে। যেতিয়া মই এজনক কওঁ, ‘যা!’ তেতিয়া সি যায় আৰু যেতিয়া আনজনক কওঁ, ‘আ!’ তেতিয়া সি আহে আৰু মই নিজৰ দাসক ‘এইটো কৰ’ বুলি কʼলে সি কৰে।” ১০ এই কথাষাৰ শুনি যীচুৱে আচৰিত হʼল আৰু তেওঁ নিজৰ পিছে পিছে অহা লোকসকলক এইদৰে কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, তেওঁৰ নিচিনা বিশ্বাস থকা এজনো মানুহ মই ইস্ৰায়েল⁠ত দেখা নাই। ১১ কিন্তু মই তোমালোকক কওঁ যে পূব আৰু পশ্চিমৰ পৰা বহুতো লোক আহিব আৰু স্বৰ্গৰাজ্যত তেওঁলোকে অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত মেজত বহি একেলগে আহাৰ খাব। ১২ কিন্তু ৰাজ্যৰ সন্তানবিলাকক বাহিৰৰ আন্ধাৰত পেলাই দিয়া হʼব। তেওঁলোকে তাত কান্দিব আৰু দাঁত কৰচিব।” ১৩ তাৰ পাছত যীচুৱে সেই সেনাপতিক কʼলে, “তুমি যোৱা। যিদৰে তুমি বিশ্বাস কৰিলা, সেইদৰেই তোমালৈ হওক।” আৰু সেই সময়তে তেওঁৰ সেৱকজন সুস্থ হৈ গʼল।

১৪ যীচুৱে পিতৰৰ ঘৰলৈ আহি পিতৰৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে। ১৫ তেতিয়াই যীচুৱে তেওঁৰ হাতখন চুলে আৰু তেওঁৰ জ্বৰ নাইকিয়া হʼল। তেওঁ উঠিলে আৰু যীচুৰ সেৱা কৰিবলৈ ধৰিলে। ১৬ যেতিয়া সন্ধিয়া হʼল, তেতিয়া লোকসকলে দুষ্ট স্বৰ্গদূতে পোৱা বহুতো লোকক তেওঁৰ ওচৰলৈ আনিবলৈ ধৰিলে। তেওঁ এই দুষ্ট স্বৰ্গদূতবিলাকক কেৱল আদেশ দিয়েই উলিয়ালে আৰু কষ্টত ভুগি থকা সেই সকলো লোকক সুস্থ কৰিলে ১৭ যাতে ভৱিষ্যবক্তা যিচয়াৰ যোগেদি কোৱা এই বাক্য পূৰ হয়, “তেওঁ আমাৰ বেদনা আৰু বেমাৰৰ ভাৰ লʼলে।”

১৮ যেতিয়া যীচুৱে নিজৰ চাৰিওফালে লোকসকলক দেখিলে, তেতিয়া নাওখন সিপাৰলৈ লৈ যাবলৈ শিষ্যসকলক কʼলে। ১৯ সেই সময়ত নিয়ম শিকোৱা* এজনে আহি তেওঁক কʼলে, “হে গুৰু, আপুনি যʼলৈকে যায়, তালৈকে ময়ো আপোনাৰ পিছে পিছে যাম।” ২০ কিন্তু যীচুৱে তেওঁক কʼলে, “শিয়ালৰ গাঁত আৰু আকাশৰ চৰাইৰো বাহ আছে, কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থʼবলৈও ঠাই নাই।” ২১ তেতিয়া আৰু এজন শিষ্যই আহি তেওঁক কʼলে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক কবৰ দিবলৈ মোক অনুমতি দিয়ক।” ২২ যীচুৱে তেওঁক কʼলে, “তুমি মোৰ পিছে পিছে আহা! মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক।”

২৩ যেতিয়া যীচুৱে এখন নাৱত উঠিল, তেতিয়া তেওঁৰ শিষ্যসকলেও তেওঁৰ লগত গʼল। ২৪ সেই সময়ত সাগৰত হঠাতে ডাঙৰ ধুমুহা আহিল, যাৰ বাবে ঢৌৱে নাওখন ঢাকিবলৈ ধৰিলে, কিন্তু যীচু শুই আছিল। ২৫ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি এইদৰে কৈ তেওঁক জগাবলৈ ধৰিলে, “হে প্ৰভু, আমাক বচাওক, আমি এতিয়া মৰিম।” ২৬ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “হে কম বিশ্বাস কৰা লোকসকল, তোমালোকে কিয় ইমান ভয় খাইছা?” তাৰ পাছত তেওঁ উঠি ধুমুহা আৰু সাগৰৰ ঢৌক ধমকি দিলে আৰু চাৰিওফালে একেবাৰে শান্ত হৈ গʼল। ২৭ এয়া দেখি শিষ্যসকলে আচৰিত হʼল আৰু এইদৰে কʼবলৈ ধৰিলে, “এই মানুহজননো কোন যে ধুমুহা আৰু সাগৰেও তেওঁৰ কথা মানে।”

২৮ ইয়াৰ পাছত যীচুৱে সিপাৰে থকা গাদাৰীয়াবিলাকৰ এলেকা পালেগৈ। তাত দুষ্ট স্বৰ্গদূতে পোৱা দুজন ব্যক্তি আছিল। সিহঁতে কবৰৰ মাজৰ পৰা ওলাই যীচুৰ ওচৰলৈ আহিলে। সিহঁত ইমানেই ভয়ানক আছিল যে কোনেও সেই ৰাস্তাইদি যাবলৈ সাহস কৰা নাছিল। ২৯ আৰু চোৱা! সিহঁতে চিঞৰি এইদৰে কʼবলৈ ধৰিলে, “হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰ কি কাম? নিৰ্ধাৰিত সময়ৰ আগতেই আপুনি আমাক কষ্ট দিবলৈ আহিছে নে?” ৩০ সিহঁতৰ পৰা কিছু দূৰত গাহৰিৰ এটা ডাঙৰ জাকে চৰি আছিল। ৩১ দুষ্ট স্বৰ্গদূতবিলাকে যীচুক মিনতি কৰিবলৈ ধৰিলে, “আপুনি যদি আমাক উলিয়াই দিয়ে, তেনেহʼলে সেই গাহৰি জাকলৈকে আমাক পঠাই দিয়ক।” ৩২ সেই সময়ত যীচুৱে সিহঁতক কʼলে, “তেনেহʼলে যা!” আৰু সিহঁতে সেই মানুহ কেইজনৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই গাহৰিবোৰত সোমাল আৰু চোৱা! গাহৰিৰ গোটেই জাকে বেগেৰে দৌৰিলে আৰু পাহাৰৰ গৰাৰ পৰা সাগৰত পৰি সকলো গাহৰি মৰি থাকিল। ৩৩ কিন্তু এইবোৰ দেখি গাহৰি চৰোৱা লোকসকলে তাৰ পৰা পলাই গʼল আৰু নগৰত গৈ ঘটনাৰ বিষয়ে সকলো কথা কʼলে আৰু দুষ্ট স্বৰ্গদূতে পোৱা সেই মানুহবিলাকৰ কথাও কʼলে। ৩৪ আৰু চোৱা! নগৰৰ সকলো মানুহে যীচুক চাবলৈ আহিলে। যেতিয়া তেওঁলোকে যীচুক দেখিলে, তেতিয়া তেওঁলোকৰ এলেকাৰ পৰা ওলাই যাবলৈ তেওঁক বাৰে বাৰে কʼলে।

৯ তাৰ পাছত যীচুৱে নাৱত উঠি সাগৰ পাৰ হৈ নিজৰ নগৰলৈ গʼল। ২ আৰু চোৱা! কিছুমান লোকে এজন জঠৰ ৰোগীক* খাটত উঠাই লৈ আহি আছিল। যেতিয়া যীচুৱে তেওঁলোকৰ বিশ্বাস দেখিলে, তেতিয়া তেওঁ জঠৰ ৰোগীজনক কʼলে, “চিন্তা নকৰিবা বোপা, তোমাৰ পাপ ক্ষমা কৰা হʼল।” ৩ তেতিয়া কিছুমান নিয়ম শিকোৱা লোকে* মনতে ভাবিবলৈ ধৰিলে, “এই মানুহজনে ঈশ্বৰক নিন্দা কৰিছে।” ৪ যীচুৱে তেওঁলোকৰ মনৰ কথা বুজি পাই কʼলে, “তোমালোকে বেয়া কথাবোৰ কিয় চিন্তা কৰিছা? ৫ কি কোৱাটো বেছি সহজ ‘তোমাৰ পাপ ক্ষমা কৰা হʼল,’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’? ৬ কিন্তু তোমালোকে যেন জানিব পাৰা এই পৃথিৱীত পাপ ক্ষমা কৰাৰ অধিকাৰ মানুহৰ পুত্ৰক দিয়া হৈছে . . .।” তাৰ পাছত যীচুৱে জঠৰ ৰোগীজনক কʼলে, “উঠা আৰু নিজৰ খাটখন তুলি লৈ ঘৰলৈ যোৱা।” ৭ তেতিয়া সেই মানুহজন উঠি নিজৰ ঘৰলৈ গʼল। ৮ এয়া দেখি লোকসকলৰ বহুত ভয় লাগিল আৰু যিজন ঈশ্বৰে এজন মানুহক এই ক্ষমতা দিলে, তেওঁৰ মহিমা কৰিবলৈ ধৰিলে।

৯ তাৰ পাছত যীচুৱে যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল, তেতিয়া মথি নামৰ এজন ব্যক্তিক কৰতোলা ঠাইত বহি থকা দেখিলে। যীচুৱে তেওঁক কʼলে, “আহা, মোৰ শিষ্য হোৱা।” মথিয়ে তেতিয়াই উঠি তেওঁৰ পিছে পিছে গʼল। ১০ ইয়াৰ পাছত যীচুৱে যেতিয়া এখন ঘৰত খোৱা-বোৱা কৰি আছিল,* তেতিয়া চোৱা! বহুতো কৰতোলা লোক আৰু তেওঁলোকৰ দৰে আন পাপী লোকসকলেও যীচু আৰু তেওঁৰ শিষ্যসকলৰ লগত খাবলৈ বহিল। ১১ কিন্তু এয়া দেখি ফৰীচীবিলাকে তেওঁৰ শিষ্যসকলক কʼবলৈ ধৰিলে, “তোমালোকৰ গুৰুৱে কৰতোলা লোক আৰু পাপীবিলাকৰ লগত কিয় খোৱা-বোৱা কৰে?” ১২ তেওঁলোকৰ কথা শুনি যীচুৱে কʼলে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্ৰয়োজন নাই, কিন্তু ৰোগীসকলৰ কাৰণেহে প্ৰয়োজন আছে। ১৩ ‘মই বলিদান নিবিচাৰোঁ, কিন্তু তোমালোকে আনক দয়া কৰাটোহে বিচাৰোঁ’ এই কথাষাৰৰ অৰ্থ কি এই বিষয়ে শিকাগৈ, কিয়নো যিবিলাকে আনতকৈ নিজকে ভাল বুলি ভাবে, মই তেওঁলোকক নহয়, কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।”

১৪ তাৰ পাছত যোহনৰ শিষ্যসকলে যীচুৰ ওচৰলৈ আহি সুধিবলৈ ধৰিলে “আমি আৰু ফৰীচীসকলে প্ৰায়েই লঘোন দিওঁ, কিন্তু আপোনাৰ শিষ্যসকলে কিয় লঘোন নিদিয়ে?” ১৫ যীচুৱে তেওঁলোকক কʼলে, “যেতিয়ালৈকে দৰা নিজৰ বন্ধুসকলৰ লগত থাকে, তেতিয়ালৈকে তেওঁলোকে শোক কৰে নে? নকৰে। কিন্তু এনে এদিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হʼব, তেতিয়া তেওঁলোকে লঘোন দিব। ১৬ কোনেও পুৰণি কাপোৰত নতুন কাপোৰৰ টাপলি নামাৰে। এনে কৰিলে টাপলি মৰা নতুন কাপোৰে সেই পুৰণি কাপোৰক ফালি নিয়ে আৰু ফটা ডোখৰ আৰু বেছিকৈহে ফাটি যায়। ১৭ আৰু কোনেও নতুন দ্ৰাক্ষাৰস পুৰণি দ্ৰাক্ষাৰসৰ মোনাত* নথয়। যদি তেওঁলোকে এইদৰে কৰে, তেনেহʼলে মোনাটো ফাটি যাব আৰু দ্ৰাক্ষাৰস পৰি যাব আৰু মোনাটো নষ্ট হৈ যাব। কিন্তু লোকসকলে নতুন দ্ৰাক্ষাৰস নতুন মোনাত থয়, তেতিয়াহে দুয়ো সুৰক্ষিত থাকে।”

১৮ যীচুৱে তেওঁলোকক এই কথাবোৰ কৈ থকাৰ সময়ত, চোৱা! এজন অধিকাৰীয়ে তেওঁৰ ওচৰলৈ আহি তেওঁক মূৰ দোৱাই প্ৰণাম কৰিলে আৰু কʼলে, “এতিয়ালৈকে হয়তো মোৰ ছোৱালীজনীৰ মৃত্যু হʼল, তথাপিও বʼলক আৰু তাইৰ ওপৰত হাত ৰাখক, তাতে তাই আকৌ জীয়াই উঠিব।”

১৯ তাৰ পাছত যীচু উঠিল আৰু নিজৰ শিষ্যসকলৰ সৈতে সেই ব্যক্তিজনৰ লগত গʼল। ২০ আৰু চোৱা! ১২ বছৰৰ পৰা তেজ বোৱা বেমাৰত ভুগি থকা এগৰাকী তিৰোতাই যীচুৰ পিছফালে আহি তেওঁৰ কাপোৰৰ দহি চুলে। ২১ কিয়নো তেওঁ মনে মনে ভাবিছিল যে “যদি মই তেওঁৰ কাপোৰখনকে চুই লওঁ, তেনেহʼলে মই ভাল হৈ যাম।” ২২ যীচুৱে ঘূৰি চাই তেওঁক কʼলে, “মোৰ ছোৱালী, ভয় নকৰিবা, তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে।” সেই সময়তে তিৰোতাগৰাকী সুস্থ হʼল।

২৩ যেতিয়া যীচুৱে সেই অধিকাৰীৰ ঘৰ পালেগৈ, তেতিয়া তেওঁ বাঁহী বজোৱা লোক আৰু হুলস্থূল কৰি থকা লোকক দেখা পালে। ২৪ যীচুৱে তেওঁলোকক কʼলে, “তোমালোক ইয়াৰ পৰা আঁতৰি যোৱা, কিয়নো ছোৱালীজনী মৰা নাই, টোপনি গৈছে।” এই কথা শুনি তেওঁলোকে যীচুক ঠাট্টা কৰিবলৈ ধৰিলে। ২৫ লোকসকলক ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ পাছত যীচু ভিতৰলৈ গʼল আৰু ছোৱালীজনীৰ হাতখন ধৰিলে, তেতিয়া ছোৱালীজনী উঠি বহিল ২৬ আৰু এই ঘটনাটো গোটেই এলেকাত বিয়পি পৰিল।

২৭ যেতিয়া যীচু তাৰ পৰা গৈ আছিল, তেতিয়া দুজন অন্ধ ব্যক্তিয়ে তেওঁৰ পিছে পিছে আহি এইদৰে কৈ চিঞৰিবলৈ ধৰিলে, “হে দায়ূদৰ বংশ আমাক দয়া কৰক।” ২৮ যেতিয়া যীচুৱে ঘৰৰ ভিতৰত সোমালে, তেতিয়া সেই দুজন অন্ধ ব্যক্তিয়ে তেওঁৰ ওচৰলৈ আহিল। সেই সময়ত যীচুৱে তেওঁলোকক সুধিলে, “এই কাম মই কৰিব পাৰোঁ বুলি তোমালোকে বিশ্বাস কৰা নে?” তেওঁলোকে কʼলে “হয়, প্ৰভু।” ২৯ তেতিয়া যীচুৱে তেওঁলোকৰ চকু চুই কʼলে, “তোমালোকে যিদৰে বিশ্বাস কৰিছা, তোমালোকৰ লগত সেইদৰেই হওক।” ৩০ আৰু তেওঁলোকে চকুৰে দেখা পালে, তাৰ পাছত যীচুৱে তেওঁলোকক সাৱধান কৰি কʼলে, “চোৱা এই বিষয়ে কাকো নকʼবা।” ৩১ কিন্তু তেওঁলোকে ওলাই গৈ গোটেই এলেকাত তেওঁৰ বিষয়ে কৈ দিলে।

৩২ তাৰ পাছত তেওঁলোকে যেতিয়া তাৰ পৰা গৈ আছিল, তেতিয়া চোৱা! লোকসকলে দুষ্ট স্বৰ্গদূতে পোৱা এজন বোবা ব্যক্তিক তেওঁৰ ওচৰলৈ লৈ আহিল। ৩৩ যেতিয়া দুষ্ট স্বৰ্গদূতক তেওঁৰ পৰা উলিয়াই দিলে, তেতিয়া সেই ব্যক্তিজনে কথা কʼবলৈ ধৰিলে। এয়া দেখি ভিৰৰ লোকসকলে আচৰিত হʼল আৰু কʼবলৈ ধৰিলে, “ইস্ৰায়েলত এনেকুৱা আগতে কেতিয়াও দেখা নাই।” ৩৪ কিন্তু ফৰীচীবিলাকে কʼলে, “সি দুষ্ট স্বৰ্গদূতবিলাকৰ ৰজাৰ সহায়ত দুষ্ট স্বৰ্গদূতক উলিয়ায়।”

৩৫ যীচুৱে গোটেই চহৰ আৰু গাঁৱত ফুৰি তেওঁলোকৰ সভাঘৰত শিকাবলৈ আৰু ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ধৰিলে। তেওঁ লোকসকলৰ সকলো ধৰণৰ বেমাৰ আৰু শাৰীৰিকভাৱে দুৰ্বল লোকসকলক সুস্থ কৰি থাকিল। ৩৬ যেতিয়া যীচুৱে লোকসকলৰ ভিৰক দেখিলে, তেতিয়া তেওঁৰ হৃদয়খন দয়াৰে ভৰি পৰিল। কাৰণ সিহঁত আঘাত পোৱা ভেড়াৰ নিচিনা আছিল আৰু ৰখীয়া নোহোৱা ভেড়াৰ দৰে তেওঁলোকক ইফালে-সিফালে ঘূৰি ফুৰিবলৈ এৰি দিয়া হৈছিল। ৩৭ তেতিয়া যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “সঁচাকৈ শস্য বহুত, কিন্তু কাম কৰা মানুহৰ সংখ্যা কম।” ৩৮ সেইবাবে, খেতিৰ মালিকক মিনতি কৰা যাতে তেওঁ শস্য দাবলৈ আৰু কাম কৰা মানুহ পঠাই দিয়ে।

১০ তাৰ পাছত যীচুৱে নিজৰ ১২ জন শিষ্যক ওচৰলৈ মাতি তেওঁলোকক লোকসকলৰ পৰা দুষ্ট স্বৰ্গদূতক উলিয়াবলৈ, সকলো ধৰণৰ বেমাৰ আৰু শাৰীৰিকভাৱে দুৰ্বল লোকক সুস্থ কৰিবলৈ অধিকাৰ দিলে।

২ এই ১২ জন পাঁচনিৰ* নাম হৈছে: চিমোন, যিজনক পিতৰ বুলিও কোৱা হয় আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ লʼৰা যাকোব আৰু তেওঁৰ ভায়েক যোহন, ৩ ফিলিপ আৰু বাৰ্থলময়, থোমা আৰু কৰতোলা মথি, আলফয়ৰ লʼৰা যাকোব আৰু থদ্দেয়। ৪ উৎসাহী* চিমোন আৰু ঈষ্কৰিয়োতীয়া যিহূদা, যিজনে পাছত যীচুৰ লগত বিশ্বাসঘাত কৰিলে।

৫ এই ১২ জনক যীচুৱে এই আদেশ দি পঠালে, “তোমালোকে যিহূদী নোহোৱা লোকসকলৰ এলেকা বা চমৰীয়াৰ কোনো চহৰলৈ নাযাবা। ৬ ইয়াৰ পৰিৱৰ্তে কেৱল ইস্ৰায়েল জাতিৰ হেৰুৱা ভেড়াবোৰৰ ওচৰলৈ যোৱা। ৭ তোমালোকে যাওঁতে যাওঁতে এইদৰে প্ৰচাৰ কৰা, ‘স্বৰ্গৰাজ্য নিচেই কাষত।’ ৮ ৰোগীবিলাকক সুস্থ কৰা, মৃতবিলাকক জীয়াই তোলা, কুষ্ঠ ৰোগীবিলাকক সুস্থ* কৰা, দুষ্ট স্বৰ্গদূতবিলাকক উলিওৱা। তোমালোকে বিনামূল্যে পালা, বিনামূল্যে দিয়া। ৯ তোমালোকে টকাৰ মোনাত সোণ, ৰূপ আৰু তামৰ পইচা নলʼবা। ১০ যাত্ৰাৰ কাৰণে খোৱাৰ মোনা, দুযোৰ কাপোৰ বা জোতা অথবা লাখুটিও নলʼবা। কিয়নো কাম কৰাজনে আহাৰ পোৱাৰ যোগ্য।

১১ তোমালোকে যিকোনো নগৰ বা গাঁৱলৈ যোৱা, তাত যোগ্য লোকক ভালদৰে বিচাৰা। আৰু সেই এলেকাৰ পৰা ওলাই নহালৈকে তেওঁৰ ঘৰতে থাকিবা। ১২ যেতিয়া তোমালোকে কাৰোবাৰ ঘৰলৈ যোৱা, তেতিয়া ঘৰৰ লোকসকলক নমস্কাৰ জনাবা। ১৩ যদি সেই ঘৰৰ লোকসকল যোগ্য হয়, তেনেহʼলে যি শান্তিৰ কাৰণে তোমালোকে প্ৰাৰ্থনা কৰিছিলা, সেয়া তেওঁলোকৰ ওপৰত থাকক। কিন্তু তেওঁলোক যদি যোগ্য নহয়, তেনেহʼলে সেই শান্তি তোমালোকৰ ওচৰলৈ উলটি আহক। ১৪ যদি কোনো ঘৰ বা চহৰত কোনোবাই তোমালোকক গ্ৰহণ নকৰে বা তোমালোকৰ কথা নুশুনে, তেনেহʼলে তাৰ পৰা ওলাই আহোঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা। ১৫ মই তোমালোকক সঁচাকৈ কৈছোঁ, ন্যায়ৰ দিনত সেই নগৰৰ অৱস্থা, চদোম আৰু ঘমোৰাৰ অৱস্থাতকৈয়ো বেছি বেয়া হʼব।

১৬ চোৱা! মই তোমালোকক ভেড়াৰ নিচিনা বনৰীয়া জন্তুৰ মাজলৈ পঠাইছোঁ। সেইবাবে, সাপৰ দৰে সতৰ্ক হোৱা আৰু কপৌৰ* নিচিনা হোজা হোৱা। ১৭ লোকসকলৰ পৰা সাৱধান হোৱা। কিয়নো তেওঁলোকে তোমালোকক আদালতত গতাই দিব। আৰু নিজৰ সভাঘৰবোৰত তোমালোকক চাবুকেৰে কোবাব। ১৮ মোৰ কাৰণে তোমালোকক ৰাজ্যপাল আৰু ৰজাবিলাকৰ ওচৰলৈ নিয়া হʼব যাতে তেওঁলোকে আৰু যিহূদী নোহোৱা লোকসকলে সাক্ষ্য পায়। ১৯ কিন্তু তেওঁলোকে যেতিয়া তোমালোকক গতাই দিব, তেতিয়া কি কʼব লাগে আৰু কেনেকৈ কʼব লাগে, এই বিষয়ে চিন্তা নকৰিবা। কাৰণ কি কʼব লাগে, তাৰ বিষয়ে সেই সময়তেই তোমালোকক জনোৱা হʼব। ২০ কিয়নো তোমালোকে নিজৰ ফালৰ পৰা নহয়, কিন্তু নিজৰ পিতৃৰ পবিত্ৰ শক্তিৰ সহায়ত কʼবা। ২১ ককায়েকে ভায়েকক বা ভায়েকে ককায়েকক মৃত্যুৰ কাৰণে গতাই দিব আৰু দেউতাকে নিজৰ সন্তানক। সন্তানে মা-দেউতাকৰ বিৰুদ্ধে থিয় হʼব আৰু তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব। ২২ মোৰ নামৰ কাৰণে সকলোৱে তোমালোকক ঘিণ কৰিব, কিন্তু যিজনে শেষলৈকে ধৈৰ্য ধৰিব* তেৱেঁই উদ্ধাৰ পাব। ২৩ যেতিয়া তেওঁলোকে এখন চহৰত তোমালোকক অত্যাচাৰ কৰে, তেতিয়া আনখন চহৰলৈ পলাই যাবা, কিয়নো মই তোমালোকক সঁচাকৈ কৈছোঁ, ইস্ৰায়েলৰ দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব।

২৪ শিষ্য নিজৰ গুৰুতকৈ আৰু দাস নিজৰ মালিকতকৈ ডাঙৰ নহয়। ২৫ এজন শিষ্যই নিজৰ গুৰুৰ দৰে আৰু দাস নিজৰ মালিকৰ দৰে হোৱাটোৱেই যথেষ্ট। যদি লোকসকলে ঘৰৰ মালিককে বেল্‌চবূব* বুলি কয়, তেনেহʼলে তেওঁ ঘৰৰ লোকসকলক কিয় নকʼব? ২৬ সেইবাবে, তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো লুকুৱাই ৰখা সকলো বিষয় প্ৰকাশ পাব আৰু গোপনে ৰখা সকলো বিষয় জনোৱা হʼব। ২৭ যি কথা মই তোমালোকক আন্ধাৰত কওঁ, সেয়া পোহৰত কোৱা আৰু যি কথা মই তোমালোকক ফুচফুচাই কওঁ, সেয়া ঘৰৰ ছাদত উঠি ঘোষণা কৰা। ২৮ যিজনে শৰীৰক নষ্ট কৰিব পাৰে, কিন্তু জীৱনক নোৱাৰে* তেওঁলৈ ভয় নকৰিবা। কিন্তু যিজনে জীৱন আৰু শৰীৰ দুয়োকে গেহেনাত* ধ্বংস কৰিব পাৰে, তেওঁলৈ ভয় কৰা। ২৯ দুটা ঘৰচিৰিকা এপইচাকৈ* নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতিৰ অবিহনে সেইবোৰৰ এটিও মাটিত নপৰে। ৩০ কিন্তু তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে। ৩১ সেইবাবে ভয় নকৰিবা, তোমালোক বহুতো ঘৰচিৰিকাতকৈ মূল্যৱান।

৩২ যি কোনোৱে লোকসকলৰ আগত মোক গ্ৰহণ কৰে, ময়ো তেওঁক স্বৰ্গত থকা মোৰ পিতৃৰ আগত গ্ৰহণ কৰিম। ৩৩ কিন্তু যি কোনোৱে লোকসকলৰ আগত মোক গ্ৰহণ নকৰে, ময়ো তেওঁক স্বৰ্গত থকা পিতৃৰ আগত গ্ৰহণ নকৰিম। ৩৪ মই পৃথিৱীত শান্তি আনিবলৈ আহিছোঁ বুলি নাভাবিবা, মই শান্তি আনিবলৈ নহয়, কিন্তু বিভেদ সৃষ্টি কৰিবলৈহে আহিছোঁ।* ৩৫ মই লʼৰাক দেউতাকৰ বিৰুদ্ধে, ছোৱালীক মাকৰ বিৰুদ্ধে আৰু বোৱাৰীক শাহুৱেকৰ বিৰুদ্ধে কৰিবলৈ আহিছোঁ। ৩৬ আচলতে এজন ব্যক্তিৰ শত্ৰু নিজৰ পৰিয়ালৰ লোকসকলেই হʼব। ৩৭ যিজনে মা বা দেউতাকক মোতকৈ বেছি প্ৰেম কৰে, তেওঁ মোৰ যোগ্য নহয় আৰু যিজনে নিজৰ লʼৰা বা ছোৱালীক মোতকৈ বেছি প্ৰেম কৰে, তেওঁ মোৰ যোগ্য নহয়। ৩৮ যি কোনোৱে নিজৰ যাতনাৰ কাঠ* উঠাব নিবিচাৰে আৰু মোৰ পিছে পিছে নাহে, তেওঁ মোৰ শিষ্য হোৱাৰ যোগ্য নহয়। ৩৯ যি কোনোৱে নিজৰ জীৱন বচাব বিচাৰে, তেওঁ তাক হেৰুৱাব আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱাব, তেওঁ তাক পাব।

৪০ যিজনে তোমালোকক গ্ৰহণ কৰে, তেওঁ মোকো গ্ৰহণ কৰে আৰু যিজনে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱাজনকো গ্ৰহণ কৰে। ৪১ যি কোনোৱে ভৱিষ্যবক্তাক, ভৱিষ্যবক্তা হোৱাৰ কাৰণে তেওঁক গ্ৰহণ কৰে, তেওঁ ভৱিষ্যবক্তাই পোৱা পুৰস্কাৰ পাব আৰু যি কোনোৱে ভাল মানুহক, ভাল মানুহ হোৱাৰ কাৰণে তেওঁক গ্ৰহণ কৰে, তেওঁ ভাল মানুহে পোৱা পুৰস্কাৰ পাব। ৪২ মই তোমালোকক সঁচাকৈ কৈছোঁ, যি কোনোৱে এই সৰুবিলাকৰ মাজৰ এজনকো মোৰ শিষ্য বুলি খাবলৈ অলপ হʼলেও ঠাণ্ডা পানী দিয়ে, তেওঁ নিশ্চয় নিজৰ পুৰস্কাৰ পাব।”

১১ যীচুৱে নিজৰ ১২ জন শিষ্যক এই নিৰ্দেশনা দিয়াৰ পাছত তেওঁলোকে আন চহৰবোৰত শিকাবলৈ আৰু প্ৰচাৰ কৰিবলৈ সেই ঠাইৰ পৰা ওলাই গʼল।

২ কিন্তু যোহনে জেলত থকাৰ সময়ত যেতিয়া খ্ৰীষ্টৰ কামৰ বিষয়ে শুনিলে, তেতিয়া তেওঁ নিজৰ শিষ্যসকলক তেওঁৰ ওচৰলৈ পঠাই ৩ এইদৰে সুধিবলৈ কʼলে, “যিজন আহিবলগীয়া আছিল, সেইজন আপুনিয়েই নে? নে আমি আন কাৰোবালৈ বাট চাম?” ৪ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে যি দেখিছা আৰু শুনিছা, সেই সকলো কথা যোহনক কোৱাগৈ: ৫ অন্ধ লোকসকলে এতিয়া দেখা পাইছে, খোৰাই খোজকাঢ়িব পাৰিছে, কুষ্ঠ ৰোগীক সুস্থ কৰা হৈছে,* কলাই শুনিব পাৰিছে, মৃত লোকসকলক আকৌ জীয়াই তোলা হৈছে আৰু দুখীয়া লোকসকলক শুভবাৰ্তা জনোৱা হৈছে। ৬ যিজনে মোৰ বিষয়ে সন্দেহ নকৰে, তেওঁ সুখী।”*

৭ তেওঁলোকে তাৰ পৰা যোৱাৰ পাছত যীচুৱে যোহনৰ বিষয়ে ভিৰৰ লোকসকলক এইদৰে কʼবলৈ ধৰিলে, “তোমালোকে অৰণ্যলৈ* কি চাবলৈ গৈছিলা? বতাহে লৰোৱা নলখাগৰিক? ৮ তেনেহʼলে তোমালোকে কি চাবলৈ গৈছিলা? মিহি কাপোৰ পিন্ধা কোনো মানুহক নে? যিসকলে মিহি কাপোৰ পিন্ধে, তেওঁলোকে দেখোন ৰজাৰ ভৱনত থাকে। ৯ তেনেহʼলে তোমালোকে কিয় গৈছিলা? এজন ভৱিষ্যবক্তাক চাবলৈ নে? হয়, তেওঁ এজন ভৱিষ্যবক্তা। কিন্তু মই তোমালোকক কওঁ, ভৱিষ্যবক্তাতকৈও মহান ব্যক্তিক চাবলৈ গৈছিলা। ১০ এইজন তেৱেঁই, যিজনৰ বিষয়ে শাস্ত্ৰত লিখা আছে, ‘চোৱা! মই তোমাৰ আগত মোৰ বাৰ্তাবাহকক পঠাইছোঁ, যিজনে তোমাৰ কাৰণে পথ তৈয়াৰ কৰিব।’ ১১ মই তোমালোকক সঁচাকৈ কৈছোঁ, এতিয়ালৈকে যিমান মানুহৰ জন্ম হৈছে, তেওঁলোকৰ মাজত যোহন বাপ্তিষ্মা দিওঁতাতকৈ মহান কোনো নাই। কিন্তু যিজন স্বৰ্গৰ ৰাজ্যত আটাইতকৈ সৰু, তেওঁ যোহনতকৈ মহান। ১২ যোহন বাপ্তিষ্মা দিওঁতাৰ দিনৰ পৰা এতিয়ালৈকে লোকসকলে স্বৰ্গৰাজ্যৰ ভাগ হʼবলৈ চেষ্টা কৰি আছে আৰু যিসকলে পৰিশ্ৰম কৰি আছে, তেওঁলোকে তাৰ ভাগ হৈ আছে। ১৩ কিয়নো নিয়ম আৰু ভৱিষ্যবক্তাসকলৰ কিতাপে* যোহনৰ সময়লৈকে ভৱিষ্যবাণী কৰিলে। ১৪ তোমালোকে বিশ্বাস কৰা বা নকৰা, তেৱেঁই সেই এলিয়া, যি আহিবলগীয়া আছিল। ১৫ মই কি কৈ আছোঁ কাণ পাতি শুনা।

১৬ এই যুগৰ লোকসকলক কাৰ লগত তুলনা কৰিম? এওঁলোক এনেকুৱা লʼৰা-ছোৱালীৰ নিচিনা হয়, যিসকলে বজাৰত বহি নিজৰ লগৰবিলাকক মাতি কয়, ১৭ ‘আমি তোমালোকৰ কাৰণে বাঁহী বজালোঁ, কিন্তু তোমালোকে নানাছিলা। আমি কান্দিলোঁ, কিন্তু তোমালোকে শোক নকৰিলা।’* ১৮ ঠিক সেইদৰে, যোহনে আনৰ দৰে খোৱা-বোৱা কৰা নাছিল, তথাপি লোকসকলে কৈছিল, ‘তেওঁক দুষ্ট স্বৰ্গদূতে পাইছে।’ ১৯ আনহাতে মানুহৰ পুত্ৰই আনৰ নিচিনাকৈ খোৱা-বোৱা কৰে, তথাপি লোকসকলে কয়, ‘চোৱা! এই মানুহজন খকুৱা আৰু মদাহী, কৰতোলা আৰু পাপীবিলাকৰ বন্ধু।’ কিন্তু বুদ্ধি নিজৰ কামৰ* যোগেদি সঠিক বুলি প্ৰমাণিত হয়।”

২০ তাৰ পাছত যীচুৱে যিবোৰ চহৰত বেছিভাগ শক্তিশালী কাম কৰিছিল, তেওঁ সেইবোৰ চহৰক নিন্দা কৰিবলৈ ধৰিলে। কাৰণ তেওঁলোকে অনুতাপ নকৰিলে: ২১ “হে কোৰাচীন, মই তোমাক নিন্দা কৰিছোঁ! হে বৈৎচৈদা, মই তোমাক নিন্দা কৰিছোঁ! কিয়নো তোমালোকৰ মাজত যিবোৰ শক্তিশালী কাম কৰা হʼল, সেইবোৰ তূৰ আৰু চীদোনত হোৱা হʼলে, তাত থকা লোকসকলে কেতিয়াবাই ডাঠ কাপোৰ পিন্ধি* আৰু ছাইত বহি অনুতাপ কৰিলেহেঁতেন। ২২ সেইবাবে, মই তোমালোকক কওঁ, ন্যায়ৰ দিনত তোমালোকৰ অৱস্থা তূৰ আৰু চীদোনৰ অৱস্থাতকৈয়ো বেছি বেয়া হʼব। ২৩ হে কফৰনাহূম, তুমি ভাবা নেকি যে তোমাক আকাশলৈকে ওখ কৰা হʼব? তুমি কবৰলৈ যাবা। কিয়নো তোমাৰ মাজত যি শক্তিশালী কাম কৰা হৈছিল, সেইবোৰ চদোমত কৰা হʼলে সেই নগৰ আজিলৈকে থাকিলেহেঁতেন। ২৪ মই তোমালোকক কৈছোঁ, ন্যায়ৰ দিনত তোমালোকৰ অৱস্থা চদোমৰ অৱস্থাতকৈয়ো বেছি বেয়া হʼব।”

২৫ সেই সময়ত যীচুৱে কʼলে, “হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই সকলোৰে আগত তোমাৰ প্ৰশংসা কৰোঁ। কাৰণ তুমি এই কথাবোৰ বুদ্ধিমান আৰু জ্ঞানীবিলাকৰ পৰা লুকুৱাই ৰাখিলা, কিন্তু শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা।” ২৬ কাৰণ হে পিতৃ, তুমি এই উপায়টো গ্ৰহণ কৰিলা। ২৭ মোৰ পিতৃয়ে সকলোবোৰ মোৰ হাতত তুলি দিছে। পিতৃৰ বাহিৰে পুত্ৰক সম্পূৰ্ণৰূপে কোনেও নাজানে আৰু পুত্ৰৰ বাহিৰে পিতৃক সম্পূৰ্ণৰূপে কোনেও নাজানে। সেইবাবে, পুত্ৰই যাক জনাব বিচাৰে কেৱল তেৱেঁই পিতৃক জানিব পাৰে। ২৮ হে কঠোৰ পৰিশ্ৰম কৰা আৰু গধুৰ বোজা লোৱা লোকসকল, তোমালোক মোৰ ওচৰলৈ আহা, মই তোমালোকক সতেজ কৰিম। ২৯ মোৰ যুঁৱলি লোৱা আৰু মোৰ পৰা শিকা। কিয়নো, মই নম্ৰ আৰু কোমল স্বভাৱৰ হওঁ। আৰু তোমালোকে সতেজ হʼবা। ৩০ কাৰণ মোৰ যুঁৱলি লোৱাটো সহজ আৰু মোৰ বোজা গধুৰ নহয়।

১২ এবাৰ বিশ্ৰাম-বাৰে* যীচুৱে নিজৰ শিষ্যসকলৰ লগত শস্যৰ পথাৰৰ মাজেদি গৈ আছিল। সেই সময়তে তেওঁৰ শিষ্যসকলৰ ভোক লাগিল। আৰু তেওঁলোকে শস্যৰ থোক চিঙি চিঙি খাবলৈ ধৰিলে। ২ এয়া দেখি ফৰীচীবিলাকে তেওঁক কʼলে, “চাওক, আপোনাৰ শিষ্যসকলে এনে কাম কৰিছে, যি বিশ্ৰাম-বাৰে কৰিব নালাগে।” ৩ যীচুৱে তেওঁলোকক কʼলে, “যেতিয়া দায়ূদ আৰু তেওঁৰ লোকসকলক ভোক লাগিছিল, তেতিয়া তেওঁলোকে কি কৰিলে, এই বিষয়ে তোমালোকে পঢ়া নাই নে? ৪ ঈশ্বৰলৈ আগবঢ়োৱা ৰুটি* কেৱল পুৰোহিতসকলে খাব পাৰিছিল। তথাপিও তেওঁ ঈশ্বৰৰ ভৱনত সোমালে আৰু তেওঁলোকে সেই ৰুটি খালে। আৰু এইদৰে কৰাটো দায়ূদ আৰু তেওঁৰ লোকসকলৰ কাৰণে নিয়মৰ বিৰুদ্ধে আছিল। ৫ বা মন্দিৰত সেৱা কৰা পুৰোহিতসকলে বিশ্ৰাম-বাৰে নিয়ম পালন নকৰিও নিৰ্দোষী হয়, এই বিষয়ে তোমালোকে পঢ়া নাই নে? ৬ কিন্তু মই তোমালোকক কওঁ, মন্দিৰতকৈও মহান এজন ইয়াত আছে। ৭ মই বলিদান নিবিচাৰোঁ, কিন্তু তোমালোকে আনক দয়া কৰাটোহে বিচাৰোঁ। তোমালোকে এই কথাষাৰৰ অৰ্থ বুজা হʼলে তোমালোকে নিৰ্দোষী লোকসকলক দোষী নকৰিলাহেঁতেন। ৮ কিয়নো মানুহৰ পুত্ৰ বিশ্ৰাম-বাৰৰ প্ৰভু হয়।”

৯ তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা গৈ তেওঁলোকৰ সভাঘৰত সোমাল। ১০ আৰু চোৱা, তাত এজন মানুহ আছিল আৰু সেই মানুহজনৰ এখন হাত শুকাই গৈছিল।* তেতিয়া কিছুমান লোকে যীচুক দোষ দিয়াৰ উদ্দেশ্যেৰে এইদৰে সুধিছিল, “বিশ্ৰাম-বাৰে বেমাৰ ঠিক কৰাটো উচিত নে?” ১১ তেওঁ কʼলে, “তোমালোকৰ মাজৰ কাৰোবাৰ যদি কেৱল এটা ভেড়া থাকে আৰু সেই ভেড়াটো যদি বিশ্ৰাম-বাৰে গাঁতত পৰে, তেনেহʼলে তাক তুলিবলৈ নোযোৱা কোনোবা আছে নে? ১২ তেনেহʼলে চিন্তা কৰাচোন ভেড়াতকৈ মানুহ কিমান মূল্যৱান! সেইবাবে, বিশ্ৰাম-বাৰে ভাল কাম কৰাটো কোনো ভুল নহয়।” ১৩ তাৰ পাছত তেওঁ সেই ব্যক্তিজনক কʼলে, “তোমাৰ হাতখন আগবঢ়াই দিয়া।” যেতিয়া তেওঁ নিজৰ হাতখন আগবঢ়াই দিলে, তেতিয়া তেওঁৰ হাতখন আন হাতখনৰ দৰে ভাল হৈ গʼল। ১৪ কিন্তু ফৰীচীবিলাকে বাহিৰলৈ ওলাই গʼল আৰু যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে। ১৫ যীচুৱে এই কথা জানিব পাৰি তাৰ পৰা ওলাই গʼল। বহুতো লোকে তেওঁৰ পিছে পিছে গʼল আৰু তেওঁ সেই সকলোৰে বেমাৰ সুস্থ কৰিলে। ১৬ কিন্তু তেওঁ কোন হয়, এই বিষয়ে কাকো নকʼবলৈ যীচুৱে তেওঁলোকক কʼলে ১৭ যাতে ভৱিষ্যবক্তা যিচয়াৰ যোগেদি কোৱা এই কথাষাৰ পূৰ হয়,

১৮ “চোৱা, তেওঁ মোৰ সেৱক, তেওঁক মই বাছনি কৰিলোঁ। তেওঁ মোৰ প্ৰিয়জন, তেওঁক মই গ্ৰহণ কৰিলোঁ। মই তেওঁক পবিত্ৰ শক্তি দিম আৰু প্ৰকৃত ন্যায় কি হয়, তেওঁ ৰাষ্ট্ৰৰ লোকসকলক দেখুৱাব। ১৯ তেওঁ কাজিয়াও নকৰিব, তেওঁ জোৰেৰে নিচিঞৰিব আৰু তেওঁৰ মাত ৰাস্তাৰ* লোকসকলে শুনিও নাপাব। ২০ তেওঁ থেতেলি যোৱা নলখাগৰি নাভাঙিব। নুমাবলৈ ধৰা চাকি গছো নুনুমাব আৰু তেওঁ সম্পূৰ্ণৰূপে ন্যায় কৰিব। ২১ সঁচাকৈ, ৰাষ্ট্ৰৰ লোকসকলে তেওঁৰ নামত আশা ৰাখিব।”

২২ ইয়াৰ পাছত তেওঁলোকে দুষ্ট স্বৰ্গদূতে পোৱা এজন ব্যক্তিক যীচুৰ ওচৰলৈ আনিলে আৰু সেই ব্যক্তিজনে চকুৰে দেখা পোৱা নাছিল আৰু কথা কʼব নোৱাৰিছিল।* যীচুৱে সেই ব্যক্তিজনক ভাল কৰিলে আৰু তেওঁ কথা কʼব পাৰিলে আৰু চকুৰে দেখা পালে। ২৩ এয়া দেখি লোকসকলে আচৰিত হʼল আৰু এইদৰে কʼবলৈ ধৰিলে, “তেওঁ হয়তো দায়ূদৰ বংশৰ হয়।” ২৪ এয়া শুনি ফৰীচীসকলে কʼলে, “এই মানুহজনে দুষ্ট স্বৰ্গদূতবিলাকৰ ৰজা বেল্‌চবূবৰ* সহায়তহে লোকসকলৰ পৰা দুষ্ট স্বৰ্গদূতক উলিয়ায়।” ২৫ যীচুৱে তেওঁলোকৰ মনৰ কথা বুজি পাই কʼলে, “যি ৰাজ্যত বিভেদৰ সৃষ্টি হয়, সেয়া ধ্বংস হৈ যাব। আৰু যি চহৰ বা ঘৰত বিভেদৰ সৃষ্টি হয়, সেয়া টিকি নাথাকিব। ২৬ ঠিক সেইদৰে, চয়তানে যদি চয়তানক উলিয়ায়, তেনেহʼলে তেওঁলোকৰ মাজত বিভেদৰ সৃষ্টি হʼল। আৰু তেওঁ নিজেই নিজৰ বিৰুদ্ধে হʼল। যদি এইদৰে হয়, তেনেহʼলে তেওঁৰ ৰাজ্য কেনেকৈ টিকি থাকিব? ২৭ আৰু মই যদি বেল্‌চবূবৰ সহায়ত দুষ্ট স্বৰ্গদূতক উলিয়াওঁ, তেনেহʼলে তোমালোকৰ শিষ্যবিলাকে কাৰ সহায়ত সিহঁতক উলিয়ায়? সেইবাবে, তেওঁলোকেই তোমালোকৰ ন্যায় কৰিব। ২৮ কিন্তু মই যদি ঈশ্বৰৰ পবিত্ৰ শক্তিৰ সহায়ত দুষ্ট স্বৰ্গদূতবিলাকক উলিয়াওঁ, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে, ঈশ্বৰৰ ৰাজ্য পালেহি আৰু তোমালোকে ইয়াক ধ্যান দিয়া নাই। ২৯ অথবা শক্তিশালী ব্যক্তিক প্ৰথমে নাবান্ধিলে কোনোবাই জানো তেওঁৰ ঘৰত সোমাই বস্তু লুট কৰিব পাৰে? শক্তিশালী ব্যক্তিক বন্ধাৰ পাছতহে তেওঁৰ ঘৰত সকলো বস্তু তেওঁ লুট কৰিব পাৰিব। ৩০ যি কোনোৱে মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিৰুদ্ধে হʼব। আৰু যি কোনোৱে মোৰ লগত নোগোটায়, তেওঁ ইফাল-সিফাল কৰি দিয়ে।

৩১ সেইবাবে, মই তোমালোকক কওঁ, মানুহৰ সকলো ধৰণৰ পাপ আৰু নিন্দাজনক কথা ক্ষমা কৰা হʼব। কিন্তু পবিত্ৰ শক্তিৰ বিৰুদ্ধে কোৱা কোনো নিন্দাজনক কথা ক্ষমা কৰা নহʼব। ৩২ উদাহৰণস্বৰূপে, যদি কোনোবাই মানুহৰ পুত্ৰৰ বিৰুদ্ধে কয়, তেনেহʼলে তেওঁক ক্ষমা কৰা হʼব। কিন্তু যিজনে পবিত্ৰ শক্তিৰ বিৰুদ্ধে কয়, তেওঁক এই জগতত* আৰু আহিবলগীয়া জগততো ক্ষমা কৰা নহʼব।

৩৩ যদি তোমালোক ভাল গছ হোৱা, তেনেহʼলে তোমালোকৰ ফলো ভাল হʼব। আৰু যদি তোমালোক বেয়া গছ হোৱা, তেনেহʼলে তোমালোকৰ ফলো বেয়া হʼব। কিয়নো ফলৰ যোগেদি এজোপা গছক চিনাক্ত কৰিব পাৰি। ৩৪ হে সাপৰ বংশবিলাক, তোমালোকে নিজে দুষ্ট হৈ কেনেকৈ ভাল কথা কʼব পাৰা? কিয়নো হৃদয়ত যি থাকে, সেয়াই মুখৰ পৰা ওলায়। ৩৫ ভাল মানুহে ভাল কথা কয়, কিয়নো তেওঁৰ হৃদয় ভাল কথাৰে ভৰি থাকে। কিন্তু বেয়া মানুহে বেয়া কথা কয়, কিয়নো তেওঁৰ হৃদয় বেয়া কথাৰে ভৰি থাকে। ৩৬ মই তোমালোকক কওঁ, লোকসকলে যি অৰ্থ নথকা কথাবোৰ কয়, তাৰ বাবে তেওঁলোকে ন্যায়ৰ দিনত হিচাপ দিব লাগিব। ৩৭ নিজৰ কথাৰ কাৰণে তোমালোকক ভাল ব্যক্তি বুলি গণ্য কৰা হʼব। আৰু নিজৰ কথাৰ কাৰণে তোমালোকক দোষী বুলি কোৱা হʼব।”

৩৮ এইবোৰ শুনি কিছুমান নিয়ম শিকোৱা লোকে* আৰু ফৰীচীবিলাকে যীচুক কʼলে, “হে গুৰু, আপুনি আমাক কিবা চিন দেখুৱাটো আমি বিচাৰোঁ।” ৩৯ যীচুৱে তেওঁলোকক কʼলে, “এই যুগৰ দুষ্ট আৰু বিশ্বাসঘাতক* লোকসকলে সদায় কিবা চিন চাবলৈ বিচাৰি থাকে। কিন্তু যোনা ভৱিষ্যবক্তাৰ চিনৰ বাহিৰে আন কোনো চিন তেওঁলোকক দেখুৱা নহʼব। ৪০ যিদৰে যোনাই এটা ডাঙৰ মাছৰ পেটত তিনি দিন আৰু তিনি ৰাতি আছিল, ঠিক সেইদৰে মানুহৰ পুত্ৰয়ো পৃথিৱীৰ গৰ্ভত তিনি দিন আৰু তিনি ৰাতি থাকিব। ৪১ ন্যায়ৰ সময়ত এই যুগৰ লোকসকলৰ লগত নীনবিৰ লোকসকলে জীয়াই উঠিব আৰু তেওঁলোকক দোষাৰোপ কৰিব। কিয়নো তেওঁলোকে যোনাৰ প্ৰচাৰ শুনি অনুতাপ কৰিছিল। কিন্তু চোৱা! ইয়াত যোনাতকৈও মহান এজন আছে। ৪২ ন্যায়ৰ সময়ত দক্ষিণৰ ৰাণীক এই যুগৰ লোকসকলৰ লগত জীয়াই তোলা হʼব আৰু ৰাণীয়ে তেওঁলোকক দোষাৰোপ কৰিব। কিয়নো তেওঁ চলোমনৰ বুদ্ধিৰ কথা শুনিবলৈ বহু দূৰৈৰ পৰা আহিছিল। কিন্তু চোৱা! ইয়াত চলোমনতকৈও মহান এজন আছে।

৪৩ যেতিয়া এজন দুষ্ট স্বৰ্গদূত* কোনো এজন মানুহৰ পৰা ওলাই আৰাম কৰিবলৈ ঠাই বিচাৰি পানী নথকা শুকান ঠাইবোৰত ঘূৰি ফুৰে, কিন্তু সি কোনো ঠাই বিচাৰি নাপায়। ৪৪ তেতিয়া সি কয়, ‘মই যি ঘৰৰ পৰা ওলাই আহিলোঁ, আকৌ মই সেই ঘৰলৈ উভতি যাম।’ পাছত সি আহি দেখে যে ঘৰখন খালী আৰু সজাই-পৰাই পৰিষ্কাৰকৈ থোৱা আছে। ৪৫ তেতিয়া সেই দুষ্ট স্বৰ্গদূতে নিজতকৈয়ো দুষ্ট আৰু সাতটা দুষ্ট স্বৰ্গদূতক নিজৰ লগত লৈ আহে আৰু সিহঁতে সেই মানুহজনৰ ভিতৰত সোমাই তাতে থাকিবলৈ ধৰে। আৰু মানুহজনৰ অৱস্থা আগতকৈয়ো বেছি বেয়া হৈ পৰে। এই দুষ্ট যুগৰ লোকসকলৰ অৱস্থাও ঠিক এইদৰেই হʼব।”

৪৬ যেতিয়া যীচুৱে লোকসকলৰ লগত কথা পাতি আছিল, তেতিয়া চোৱা! তেওঁৰ মা আৰু ভায়েকবিলাকে তেওঁৰ লগত কথা পাতিবলৈ বাহিৰত থিয় হৈ আছিল। ৪৭ তেতিয়া কোনোবা এজনে যীচুক কʼলে, “চাওক! আপোনাৰ মা আৰু ভাইবিলাকে আপোনাৰ লগত কথা পাতিবলৈ বাহিৰত থিয় হৈ আছে।” ৪৮ তেতিয়া যীচুৱে তেওঁক কʼলে, “মোৰ মা আৰু মোৰ ভাইবিলাক কোন হয়?” ৪৯ তাৰ পাছত তেওঁ নিজৰ শিষ্যসকলৰ ফালে দেখুৱাই কʼলে, “চোৱা, এওঁলোক হৈছে মোৰ মা আৰু ভাই! ৫০ কিয়নো যিজনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পূৰ কৰে, তেৱেঁই মোৰ ভাই, মোৰ ভনী আৰু মোৰ মা হয়।”

১৩ সেই দিনাখন যীচুৱে ঘৰৰ পৰা ওলাই যোৱাৰ পাছত সাগৰৰ পাৰত বহি আছিল। ২ সেই সময়ত লোকসকলৰ এটা ডাঙৰ ভিৰে তেওঁৰ ওচৰলৈ আহি গোট খালে। সেইবাবে, যীচুৱে নাৱত উঠি বহিল আৰু লোকসকলে সাগৰৰ পাৰতে থিয় হৈ আছিল। ৩ তাৰ পাছত তেওঁ উদাহৰণ দি তেওঁলোকক বহুতো কথা কʼলে, তেওঁ কʼলে “চোৱা! এজন বীজ সিঁচোঁতা মানুহে বীজ সিঁচিবলৈ ওলাইছে। ৪ যেতিয়া তেওঁ সিঁচি আছিল, তেতিয়া কিছুমান বীজ ৰাস্তাৰ কাষত পৰিল আৰু চৰাইবোৰে আহি সেইবোৰ খাই পেলালে। ৫ কিছুমান বীজ শিলাময় মাটিত পৰিল। তাত মাটি বেছি নথকাৰ বাবে আৰু মাটি গভীৰ নোহোৱাৰ বাবে সোনকালে গজালি ওলালে। ৬ কিন্তু বেলি ওলোৱাৰ পাছত শিপা গভীৰ নোহোৱাৰ কাৰণে সেইবোৰ লেৰেলি শুকাই গʼল। ৭ আন কিছুমান বীজ কাঁইটীয়া বনত পৰিল আৰু কাঁইটীয়া বনবোৰ বাঢ়ি সেইবোৰক হেঁচি ধৰিল। ৮ কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল আৰু কিছুমানত ১০০ গুণ, কিছুমানত ৬০ গুণ, আৰু কিছুমানত ৩০ গুণকৈ ফল লাগিবলৈ ধৰিলে। ৯ মই কি কৈ আছোঁ কাণ পাতি শুনা।”

১০ তাৰ পাছত শিষ্যসকলে যীচুৰ ওচৰলৈ আহি সুধিবলৈ ধৰিলে, “আপুনি লোকসকলক উদাহৰণ দি কিয় শিকায়?” ১১ তেতিয়া তেওঁ উত্তৰ দিলে, “স্বৰ্গৰাজ্যৰ পবিত্ৰ ৰহস্য বুজি পোৱাৰ ক্ষমতা তোমালোকক দিয়া হৈছে, কিন্তু তেওঁলোকক নহয়। ১২ কিয়নো যাৰ আছে, তেওঁক বেছিকৈ দিয়া হʼব আৰু তেওঁৰ বহুত হʼব। কিন্তু যাৰ নাই তেওঁৰ যি আছে সেইখিনিও তেওঁৰ পৰা নিয়া হʼব। ১৩ মই তেওঁলোকক উদাহৰণ দিওঁ, কাৰণ তেওঁলোকে দেখিও নেদেখে, শুনিও নুশুনে আৰু ইয়াৰ অৰ্থও বুজি নাপায়। ১৪ তেওঁলোকৰ ওপৰত যিচয়াই কৰা এই ভৱিষ্যবাণী পূৰ হয় ‘তোমালোকে শুনোতে শুনিবা, কিন্তু ইয়াৰ অৰ্থ অলপো বুজি নাপাবা। আৰু চোৱাতো চাবা, কিন্তু অলপো দেখা নাপাবা।’ ১৫ কিয়নো এই লোকসকলৰ হৃদয় শিলৰ দৰে টান হৈ পৰিছে। তেওঁলোকে শুনোতে শুনে, কিন্তু পালন নকৰে, তেওঁলোকে নিজৰ চকু আৰু কাণ বন্ধ কৰি লৈছে যাতে তেওঁলোকে একো দেখা বা শুনা নাপায়। আৰু কেতিয়াও ইয়াৰ অৰ্থ বুজি নাপায়। সেইবাবে, তেওঁলোকে মোৰ ওচৰলৈ উভতি নাহে আৰু মই তেওঁলোকক সুস্থ নকৰোঁ।

১৬ তোমালোক সুখী কাৰণ তোমালোকৰ চকুৱে দেখা পায় আৰু তোমালোকৰ কাণে শুনা পায়। ১৭ মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকে যিবোৰ দেখিছা, সেইবোৰ বহুতো ভৱিষ্যবক্তা আৰু ভাল মানুহে চাবলৈ বিচাৰিও দেখা নাপালে আৰু তোমালোকে যিবোৰ শুনিছা, সেইবোৰ শুনিবলৈ নাপালে।

১৮ এতিয়া তোমালোকে বীজ সিঁচোঁতাজনৰ উদাহৰণলৈ ধ্যান দিয়া। ১৯ ৰাস্তাৰ কাষত সিঁচা বীজ হৈছে সেই ব্যক্তিজন, যিজনে ৰাজ্যৰ বাক্য শুনে, কিন্তু তাৰ অৰ্থ বুজি নাপায়। পাছত চয়তানে* আহি তেওঁৰ হৃদয়ত সিঁচা বীজটো কাঢ়ি নিয়ে। ২০ শিলাময় মাটিত সিঁচা বীজ হৈছে সেই ব্যক্তিজন, যিজনে বাক্য শুনাৰ লগে লগে আনন্দেৰে সেয়া গ্ৰহণ কৰে। ২১ কিন্তু তেওঁৰ হৃদয়ত সেই বাক্যৰ শিপা গভীৰ নোহোৱাৰ বাবে সেয়া অলপ সময়ৰ কাৰণে থাকে। যেতিয়া সেই বাক্যৰ কাৰণে সমস্যা বা তাড়না আহে, তেতিয়া তেওঁ লগে লগে বাক্যৰ ওপৰত বিশ্বাস কৰিবলৈ এৰি দিয়ে।* ২২ কাঁইটীয়া বনত সিঁচা বীজ হৈছে সেই ব্যক্তিজন, যিজনে বাক্য শুনে, কিন্তু জগতৰ* চিন্তা আৰু প্ৰলোভনত পেলোৱা ধন-সম্পত্তিৰ শক্তিয়ে বাক্যক হেঁচি ধৰে আৰু তেওঁ কোনো ফল নিদিয়ে। ২৩ ভাল মাটিত সিঁচা বীজ হৈছে, সেই ব্যক্তিজন যিজনে বাক্য শুনে, তাৰ অৰ্থ বুজে আৰু কিছুমানে ১০০ গুণ, কিছুমানে ৬০ গুণ আৰু কিছুমানে ৩০ গুণ ফল দিয়ে।”

২৪ যীচুৱে লোকসকলক আৰু এটা উদাহৰণ দিলে, “স্বৰ্গৰ ৰাজ্যৰ তুলনা এনে এজন ব্যক্তিৰ লগত কৰিব পাৰি, যিজনে নিজৰ পথাৰত ভাল বীজ সিঁচিলে। ২৫ ৰাতি লোকসকলে যেতিয়া শুই আছিল, তেতিয়া তেওঁৰ শত্ৰুৱে আহি ঘেঁহুৰ মাজত বনৰীয়া ঘাঁহৰ বীজ* সিঁচি থৈ গʼল। ২৬ যেতিয়া ঘেঁহুৰ গছ বাঢ়ি থোক ওলালে, তেতিয়া বনৰীয়া ঘাঁহো দেখিবলৈ পোৱা গʼল। ২৭ সেইবাবে, সেই ব্যক্তিজনৰ দাসবিলাকে আহি তেওঁক কʼলে, ‘মালিক, আপুনি পথাৰত ভাল বীজ সিঁচা নাছিল নে? তেনেহʼলে তাত বনৰীয়া ঘাঁহ কʼৰ পৰা ওলালে?’ ২৮ মালিকে কʼলে, ‘এইবোৰ শত্ৰুৰ কাম হয়।’ তেতিয়া তেওঁলোকে কʼলে, ‘আপুনি যদি বিচাৰে, তেনেহʼলে আমি বনৰীয়া ঘাঁহবোৰ উঘালি পেলাম নে?’ ২৯ তেওঁ কʼলে, ‘নালাগে! বনৰীয়া ঘাঁহবোৰ উঘালিবলৈ যাওঁতে তোমালোকে কিজানি তাৰ লগতে ঘেঁহুকো উঘালি পেলাবা। ৩০ গতিকে, শস্য দোৱাৰ সময়লৈকে সেইবোৰক একেলগে বাঢ়িবলৈ দিয়া, যেতিয়া শস্য দোৱাৰ সময় আহিব, তেতিয়া মই শস্য দোৱাবিলাকক কʼম যে প্ৰথমে বনৰীয়া ঘাঁহবোৰ উঘালিবা আৰু সেইবোৰক জ্বলাবলৈ মুঠি মুঠিকৈ বান্ধিবা। তাৰ পাছত ঘেঁহুবোৰক মোৰ ভঁৰালত জমা কৰি দিবা।’”

৩১ তেওঁ লোকসকলক আৰু এটা উদাহৰণ দিলে, “স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা আৰু সেই গুটি এজন মানুহে লৈ নিজৰ পথাৰত সিঁচিলে। ৩২ আচলতে এয়া বীজবোৰৰ ভিতৰত আটাইতকৈ সৰু হয়। কিন্তু সেয়া যেতিয়া বাঢ়িবলৈ ধৰে, তেতিয়া ই শাক-পাচলিৰ গছবোৰৰ মাজত সকলোতকৈ ডাঙৰ এজোপা গছ হৈ পৰে আৰু আকাশৰ চৰায়ে আহি তাৰ ডালবোৰত আশ্ৰয় লয়।”

৩৩ যীচুৱে তেওঁলোকক আৰু এটা উদাহৰণ দিলে, “স্বৰ্গৰাজ্য খমিৰৰ* নিচিনা আৰু সেয়া লৈ এগৰাকী তিৰোতাই প্ৰায় ১০ কিলো আটা গুড়ি সানিলে আৰু অৱশেষত গোটেই আটাখিনি খমিৰ হৈ গʼল।”

৩৪ যীচুৱে এই সকলো কথা লোকসকলক উদাহৰণ দি কৈছিল। তেওঁ উদাহৰণ নিদিয়াকৈ একো কথা কোৱা নাছিল ৩৫ যাতে ভৱিষ্যবক্তাই কোৱা এই কথাষাৰ পূৰ হয়, “মই উদাহৰণ দি শিকাম আৰু আৰম্ভণিৰে পৰা* যিবোৰ কথা গুপ্ত আছিল, সেইবোৰ প্ৰকাশ কৰিম।”

৩৬ ইয়াৰ পাছত যীচুৱে লোকসকলক বিদায় দি ঘৰলৈ আহিল। তেতিয়া তেওঁৰ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি কʼলে, “পথাৰৰ বনৰীয়া ঘাঁহৰ উদাহৰণৰ অৰ্থ আমাক বুজাই দিয়ক।” ৩৭ তেওঁ কʼলে, “ভাল বীজ সিঁচোঁতাজন মানুহৰ পুত্ৰ হয়। ৩৮ পথাৰখন হৈছে এই জগত। ভাল বীজ হৈছে ৰাজ্যৰ সন্তানসকল। কিন্তু বনৰীয়া ঘাঁহৰ বীজ হৈছে চয়তানৰ সন্তানসকল। ৩৯ আৰু যিজন শত্ৰুৱে সেইবোৰ সিঁচিলে সি হৈছে চয়তান। শস্য দোৱা হৈছে জগতৰ ব্যৱস্থাৰ* শেষ সময় আৰু শস্য দোৱাসকল হৈছে স্বৰ্গদূত। ৪০ সেইবাবে, বনৰীয়া ঘাঁহবোৰ গোটাই যেনেকৈ জ্বলাই দিয়া হয়, ঠিক তেনেকৈ এই জগতৰ ব্যৱস্থাৰ শেষ সময়ত হʼব। ৪১ মানুহৰ পুত্ৰই নিজৰ স্বৰ্গদূতসকলক পঠাব আৰু তেওঁলোকে তেওঁৰ ৰাজ্যৰ পৰা সেই সকলো লোককে একগোট কৰিব, যিসকলে আনক পাপলৈ নিয়ে* আৰু যিসকলে দুষ্ট কাম কৰে। ৪২ স্বৰ্গদূতে তেওঁলোকক অগ্নিকুণ্ডত পেলাই দিব, যʼত তেওঁলোকে কান্দিব আৰু দাঁত কৰচিব। ৪৩ সেই সময়ত ভাল মানুহে নিজৰ পিতৃৰ ৰাজ্যত সূৰ্যৰ দৰে জিলিকিব। মই কি কৈ আছোঁ কাণ পাতি শুনা।

৪৪ স্বৰ্গৰ ৰাজ্য মাটিত লুকুৱাই ৰখা ধনৰ নিচিনা হয়। এজন মানুহে সেই ধন বিচাৰি পোৱাৰ পাছত আকৌ তাতে লুকুৱাই থʼলে। তাৰ পাছত তেওঁ আনন্দেৰে গৈ তেওঁৰ যি যি আছিল, সকলো বিক্ৰী কৰি সেই মাটি কিনি লʼলে।

৪৫ ইয়াৰ উপৰিও স্বৰ্গৰাজ্য এনে এজন ব্যৱসায়ীৰ নিচিনা হয়, যিজনে উত্তম মুকুতা বিচাৰি ফুৰে। ৪৬ যেতিয়া তেওঁ এটা বহুমূলীয়া মুকুতা বিচাৰি পালে, তেতিয়া তেওঁ লগে লগে গৈ নিজৰ যি যি আছিল, সকলো বিক্ৰী কৰি সেই মুকুতাটো কিনি লʼলে।

৪৭ লগতে, স্বৰ্গৰাজ্য এখন ডাঙৰ জালৰ নিচিনা হয়। সেই জাল সাগৰত পেলোৱা হʼল আৰু সকলো বিধৰ মাছ সেই জালত উঠিল। ৪৮ সেই জাল ভৰি যোৱাৰ পাছত তেওঁলোকে তাক টানি বামলৈ আনিলে। তাৰ পাছত তেওঁলোকে বহি ভাল মাছবোৰ বাছি খালৈত ৰাখিলে আৰু খাব নোৱাৰা মাছবোৰ তেওঁলোকে পেলাই দিলে। ৪৯ এই জগতৰ ব্যৱস্থাৰ শেষ সময়তো এইদৰেই হʼব: স্বৰ্গদূতে আহি ভাল মানুহৰ পৰা দুষ্ট লোকসকলক পৃথক কৰিব। ৫০ আৰু দুষ্টবিলাকক অগ্নিকুণ্ডত পেলাই দিব, যʼত তেওঁলোকে কান্দিব আৰু দাঁত কৰচিব।

৫১ তোমালোকে এই সকলো কথাৰ অৰ্থ বুজি পালা নে?” তেওঁলোকে কʼলে, “হয়, পালোঁ।” ৫২ যীচুৱে তেওঁলোকক কʼলে, “যদি তোমালোকে বুজি পাইছা, তেনেহʼলে লোকসকলক শিকোৱা সকলো শিক্ষক, যিসকলক স্বৰ্গৰ ৰাজ্যৰ বিষয়ে শিকোৱা হৈছে, তেওঁলোক ঘৰৰ সেই মালিকৰ নিচিনা হয়, যিজনে নিজৰ ধনৰ বাকচৰ পৰা নতুন আৰু পুৰণি বস্তুবোৰ বাহিৰলৈ লৈ আনে।”

৫৩ এই উদাহৰণবোৰ কোৱাৰ পাছত যীচু তাৰ পৰা গুচি গʼল। ৫৪ তাৰ পাছত তেওঁ নিজৰ এলেকালৈ আহি সভাঘৰত লোকসকলক শিকাবলৈ ধৰিলে। তেওঁৰ কথা শুনি লোকসকলে আচৰিত হৈ কʼবলৈ ধৰিলে, “এই মানুহজনে ইমান বুদ্ধি কʼৰ পৰা পালে আৰু এনেধৰণৰ চমৎকাৰ কৰিবলৈ তেওঁক কোনে শক্তি দিলে? ৫৫ ই জানো সেই বাঢ়ৈৰ লʼৰা নহয়? ইয়াৰ মাকৰ নাম মৰিয়ম আৰু ভায়েকহঁতৰ নাম যাকোব, যোচেফ, চিমোন আৰু যিহূদা নহয় নে? ৫৬ ইয়াৰ ভনীসকলেও আমাৰ মাজতে নাই জানো? তেনেহʼলে ই এই সকলো কথা কʼৰ পৰা শিকিলে?” ৫৭ সেইবাবে, তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস নকৰিলে। কিন্তু যীচুৱে তেওঁলোকক কʼলে, “এজন ভৱিষ্যবক্তাক নিজৰ এলেকা আৰু ঘৰৰ বাহিৰে সকলো ঠাইতে সন্মান কৰা হয়।” ৫৮ তেওঁলোকৰ কম বিশ্বাস থকাৰ কাৰণে যীচুৱে তাত বেছি চমৎকাৰ নকৰিলে।

১৪ সেই সময়ত জিলা প্ৰশাসক হেৰোদে* যীচুৰ বিষয়ে শুনিলে। ২ তেওঁ নিজৰ সেৱকসকলক কʼলে, “এওঁ বাপ্তিষ্মা দিওঁতা যোহনেই হয়, যিজনৰ মৃত্যু হৈছিল, কিন্তু এতিয়া তেওঁক আকৌ জীয়াই তোলা হৈছে। সেইবাবে, তেওঁ এই সকলো চমৎকাৰ কৰিছে।” ৩ হেৰোদে নিজৰ ভাই ফিলিপৰ পত্নী হেৰোদিয়াৰ কাৰণে যোহনক গ্ৰেপ্তাৰ কৰি লৈছিল আৰু শিকলিৰে বান্ধি তেওঁক জেলত বন্দী কৰিছিল। ৪ কিয়নো যোহনে হেৰোদক প্ৰায়েই কৈছিল, “আপুনি হেৰোদিয়াক নিজৰ পত্নী হিচাপে ৰাখি নিয়ম ভংগ কৰিছে।” ৫ হেৰোদে যোহনক হত্যা কৰিব বিচাৰিছিল। কিন্তু লোকসকলক ভয় কৰিছিল, কাৰণ যোহন এজন ভৱিষ্যবক্তা বুলি লোকসকলে বিশ্বাস কৰিছিল। ৬ কিন্তু হেৰোদৰ জন্মদিনৰ দিনাখন যেতিয়া হেৰোদিয়াৰ ছোৱালীজনী নাচিছিল, তেতিয়া হেৰোদ ইমানেই আনন্দিত হʼল ৭ যে তেওঁ তাইক শপত খাই প্ৰতিজ্ঞা কৰিলে যে তাই যিয়েই বিচাৰে, তাকে তাইক দিব। ৮ তেতিয়া মাকে শিকোৱা মতে তাই কʼলে, “আপুনি এখন থালত যোহন বাপ্তিষ্মা দিওঁতাৰ মূৰটো আনি মোক দিয়ক।” ৯ এয়া শুনি ৰজাৰ দুখ লাগিল। কিন্তু তেওঁ নিজৰ শপতৰ কাৰণে আৰু তেওঁৰ লগত বহা* লোকসকলৰ কাৰণে যোহনৰ মূৰ আনি তাইক দিবলৈ আদেশ দিলে। ১০ তেওঁ মানুহ পঠাই জেলত যোহনৰ মূৰ কটোৱালে। ১১ তেওঁৰ মূৰটো এখন থালত আনি ছোৱালীজনীক দিলে আৰু তাই সেইটো মাকৰ ওচৰলৈ লৈ গʼল। ১২ তাৰ পাছত যোহনৰ শিষ্যসকলে আহি মৃতদেহটো লৈ গৈ কবৰ দিলে আৰু আহি যীচুক জনালে। ১৩ এয়া শুনি যীচুৱে এখন নাৱত উঠি সেই ঠাইৰ পৰা কোনো এখন নিৰ্জন ঠাইলৈ গʼল যাতে তেওঁ অকলশৰীয়াকৈ থাকিব পাৰে। কিন্তু লোকসকলে যেতিয়া এই বিষয়ে শুনিলে, তেতিয়া তেওঁলোকে বিভিন্ন চহৰৰ পৰা খোজকাঢ়ি তেওঁৰ পিছে পিছে গʼল।

১৪ যীচুৱে যেতিয়া সাগৰৰ পাৰ পালেগৈ, তেতিয়া তেওঁ লোকসকলৰ এটা ডাঙৰ ভিৰক দেখিলে। তেওঁলোকক দেখি তেওঁৰ হৃদয় দয়াৰে ভৰি পৰিল আৰু তেওঁ লোকসকলৰ বেমাৰ সুস্থ কৰিলে। ১৫ কিন্তু যেতিয়া গধূলি হʼল, তেতিয়া শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি কʼলে, “এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায়েই শেষ হʼল। সেইবাবে, লোকসকলক বিদায় দিয়ক, যাতে তেওঁলোকে ওচৰৰ গাঁওবোৰলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰে।” ১৬ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “তেওঁলোক যোৱাৰ প্ৰয়োজন নাই, তোমালোকেই তেওঁলোকক কিবা খাবলৈ দিয়া।” ১৭ শিষ্যসকলে তেওঁক কʼলে, “আমাৰ ওচৰত কেৱল পাঁচখন ৰুটি আৰু দুটা মাছহে আছে।” ১৮ যীচুৱে কʼলে, “ৰুটি আৰু মাছ মোৰ ওচৰলৈ আনা।” ১৯ ইয়াৰ পাছত যীচুৱে লোকসকলক ঘাঁহৰ ওপৰত বহিবলৈ কʼলে। তাৰ পাছত তেওঁ পাঁচখন ৰুটি আৰু দুটা মাছ লৈ আকাশৰ ফালে চাই প্ৰাৰ্থনাত ধন্যবাদ দিলে। তাৰ পাছত তেওঁ ৰুটি ভাঙি শিষ্যসকলক দিলে আৰু শিষ্যসকলে সেইবোৰ লোকসকলক খাবলৈ দিলে। ২০ সকলোৱে পেট ভৰাই খালে আৰু শিষ্যসকলে যেতিয়া ৰৈ যোৱা টুকুৰাবোৰ তুলিলে, তেতিয়া ১২ টা টুকুৰী ভৰি গʼল। ২১ খোৱা মানুহৰ মাজত তিৰোতা আৰু লʼৰা-ছোৱালীক বাদ দি প্ৰায় ৫,০০০ জন পুৰুষ আছিল। ২২ ইয়াৰ পাছতে যীচুৱে নিজৰ শিষ্যসকলক কʼলে তেওঁলোকে যেন নাৱত উঠি তেওঁৰ আগেয়ে সিপাৰলৈ যায় আৰু তেওঁ নিজেই লোকসকলক বিদায় দিলে।

২৩ লোকসকলক বিদায় দিয়াৰ পাছত তেওঁ প্ৰাৰ্থনা কৰিবলৈ পাহাৰৰ ওপৰলৈ উঠিলে। যেতিয়া গধূলি হʼল, তেতিয়া তেওঁ তাত অকলে আছিল। ২৪ তেতিয়ালৈকে শিষ্যসকলৰ নাওখন, পাৰৰ পৰা কেই কিলোমিটাৰ* দূৰ পাইছিলগৈ। ঢৌৰ কোবত নাওখন তুলুং ভুতুং কৰি আছিল, কিয়নো বতাহ বিপৰীত দিশৰ পৰা বলিছিল। ২৫ কিন্তু ৰাতিপুৱা সোনকালে* যীচুৱে পানীৰ ওপৰত খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহিল। ২৬ যীচুক পানীৰ ওপৰত খোজকাঢ়ি অহা দেখি শিষ্যসকলে আচৰিত হৈ এইদৰে কʼবলৈ ধৰিলে, “এয়া আমি কি দেখিছোঁ!” আৰু তেওঁলোকে ভয়ত জোৰেৰে চিঞৰিবলৈ ধৰিলে। ২৭ কিন্তু তেতিয়াই যীচুৱে তেওঁলোকক কʼলে, “ভয় নকৰিবা, এয়া ময়েই।” ২৮ তেতিয়া পিতৰে কʼলে, “হে প্ৰভু যদি আপুনিয়েই হয়, তেনেহʼলে পানীৰ ওপৰেদি আপোনাৰ ওচৰলৈ খোজকাঢ়ি যাবলৈ মোক আজ্ঞা দিয়ক।” ২৯ যীচুৱে কʼলে, “আহা!” তেতিয়া পিতৰে নাৱৰ পৰা নামি খোজকাঢ়ি যীচুৰ ওচৰলৈ যাবলৈ ধৰিলে। ৩০ কিন্তু ধুমুহা বতাহ অহা দেখি তেওঁ ভয় খালে আৰু ডুবিবলৈ ধৰিলে। তেতিয়া তেওঁ চিঞৰি কʼলে, “হে প্ৰভু, মোক বচাওক!” ৩১ যীচুৱে লগে লগে নিজৰ হাতখন আগবঢ়াই তেওঁক ধৰি লʼলে আৰু তেওঁক কʼলে, “হে কম বিশ্বাসী, তুমি কিয় সন্দেহ কৰিলা?” ৩২ যেতিয়া যীচু আৰু পিতৰ নাৱত উঠিল, তেতিয়া ধুমুহা বতাহ কমি গʼল। ৩৩ তাৰ পাছত নাৱত থকা শিষ্যসকলে যীচুক মূৰ দোৱাই প্ৰণাম কৰি কʼলে, “আপুনি সঁচাকৈ ঈশ্বৰৰ পুত্ৰ।” ৩৪ তাৰ পাছত তেওঁলোকে সাগৰ পাৰ হৈ গিনেচৰৎ অঞ্চললৈ আহিলে।

৩৫ তাত থকা লোকসকলে তেওঁক চিনি পালে আৰু ওচৰে-পাজৰে থকা সকলো ঠাইতে খবৰ পঠিয়ালে আৰু লোকসকলে সকলো ধৰণৰ বেমাৰী লোকসকলক তেওঁৰ ওচৰলৈ লৈ আহিলে। ৩৬ আৰু তেওঁলোকে যীচুৰ কাপোৰৰ কেৱল দহি চুবলৈ তেওঁক মিনতি কৰিলে আৰু যিসকলে চুলে, তেওঁলোক সকলোৱেই সুস্থ হৈ গʼল।

১৫ ইয়াৰ পাছত যিৰূচালেমৰ পৰা ফৰীচী আৰু নিয়ম শিকোৱা লোকে* যীচুৰ ওচৰলৈ আহি কʼবলৈ ধৰিলে। ২ “আপোনাৰ শিষ্যসকলে পুৰুষে পুৰুষে চলি অহা নিয়মবোৰ কিয় পালন নকৰে? যেনে, খোৱাৰ আগতে তেওঁলোকে হাত নোধোৱে।”*

৩ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “তোমালোকে কিয় নিজৰ পৰম্পৰাৰ কাৰণে ঈশ্বৰৰ আজ্ঞা পালন নকৰা? ৪ উদাহৰণস্বৰূপে, ঈশ্বৰে কৈছিল, ‘নিজৰ মা-দেউতাক সন্মান কৰিবা’ আৰু ‘যি কোনোৱে নিজৰ মা বা দেউতাক বেয়াকৈ কয়,* তেওঁক মৃত্যুদণ্ড দিয়া হʼব।’ ৫ কিন্তু তোমালোকে কোৱা, ‘যদি এজন ব্যক্তিয়ে নিজৰ মা বা দেউতাকক কয়, “আপোনালোকে লাভৱান হোৱা মোৰ ওচৰত যি বস্তু আছে, সেই সকলো ঈশ্বৰৰ উদ্দেশ্যে ৰখা উপহাৰ হয়,” ৬ তেনেহʼলে তেওঁ নিজৰ মা-দেউতাক সন্মান কৰাৰ কোনো প্ৰয়োজন নাই।’ এইদৰে তোমালোকে নিজৰ পৰম্পৰাৰ কাৰণে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছা। ৭ হে কপটীয়াবিলাক, যিচয়াই তোমালোকৰ বিষয়ে এইদৰে কৈ ঠিকেই ভৱিষ্যবাণী কৰিছিল, ৮ ‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে। ৯ তেওঁলোকে অনৰ্থকৰূপে মোৰ উপাসনা কৰে, কিয়নো তেওঁলোকে মানুহৰ ৰীতি-নীতিবোৰ এনেদৰে শিকায়, যেন সেইবোৰ ঈশ্বৰৰ শিক্ষা হয়।’” ১০ তেতিয়া যীচুৱে লোকসকলক নিজৰ ওচৰলৈ মাতি কʼলে, “শুনা আৰু এই কথাৰ অৰ্থ বুজা: ১১ মুখত যি সোমায়, সেয়া মানুহক অশুচি নকৰে, কিন্তু মুখৰ পৰা যি ওলায়, সেয়েহে মানুহক অশুচি কৰে।”

১২ তাৰ পাছত শিষ্যসকলে আহি তেওঁক কʼলে, “ফৰীচীসকলে আপোনাৰ কথা শুনি খং কৰিছে বুলি আপুনি জানে নে?” ১৩ তেতিয়া তেওঁ কʼলে, “যিবোৰ গছপুলি স্বৰ্গত থকা মোৰ পিতৃয়ে ৰোৱা নাই, তাক শিপাৰে সৈতে উঘালি পেলোৱা হʼব। ১৪ তেওঁলোকক তেওঁলোকৰ মতেই থাকিবলৈ দিয়া, তেওঁলোকে নিজেই অন্ধ আৰু আনক পথ দেখুৱায়। যদি অন্ধই অন্ধক পথ দেখুৱায়, তেনেহʼলে দুয়োজনে গাঁতত গৈ পৰিব।” ১৫ এয়া শুনি পিতৰে তেওঁক কʼলে, “আমাক সেই উদাহৰণৰ অৰ্থ বুজাই দিয়ক।” ১৬ যীচুৱে কʼলে, “তুমিও এতিয়ালৈকে বুজি পোৱা নাই নে? ১৭ তোমালোকে নাজানা নে মুখেদি যি সোমায়, সেয়া পেটলৈ যায় আৰু পাছত বাহিৰলৈ ওলায়? ১৮ কিন্তু মুখৰ পৰা যি ওলায়, সেইবোৰ হৃদয়ৰ পৰা ওলায় আৰু সেইবোৰেই এজন মানুহক অশুচি কৰে। ১৯ যেনে, বেয়া চিন্তা, হত্যা, ব্যভিচাৰ, অনৈতিক শাৰীৰিক সম্পৰ্ক,* চোৰ কৰা, মিছা সাক্ষ্য দিয়া আৰু নিন্দাজনক কথা এই সকলোবোৰ হৃদয়ৰ পৰা ওলায়। ২০ এইবোৰেই মানুহক অশুচি কৰে, কিন্তু হাত নোধোৱাকৈ আহাৰ খালে তেওঁক অশুচি নকৰে।”

২১ তাৰ পাছত যীচুৱে তাৰ পৰা ওলাই তূৰ আৰু চীদোনৰ এলেকালৈ গুচি গʼল। ২২ আৰু চোৱা! ফৈনীকিয়াত থকা এগৰাকী তিৰোতা যীচুৰ ওচৰলৈ আহি চিঞৰি চিঞৰি তেওঁক কʼবলৈ ধৰিলে, “হে প্ৰভু, দায়ূদৰ বংশ, মোলৈ দয়া কৰক। দুষ্ট স্বৰ্গদূতে পোৱাৰ বাবে মোৰ ছোৱালীজনীয়ে বহুত কষ্ট পাইছে।” ২৩ কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে। সেইবাবে, তেওঁৰ শিষ্যসকলে আহি বাৰে বাৰে কʼবলৈ ধৰিলে, “এওঁক পঠাই দিয়ক, কিয়নো এওঁ চিঞৰি চিঞৰি আমাৰ পিছে পিছে আহিছে।” ২৪ তেতিয়া যীচুৱে কʼলে, “মোক ইস্ৰায়েল জাতিৰ হেৰুৱা ভেড়াবোৰৰ বাহিৰে বেলেগৰ ওচৰলৈ পঠোৱা নাই।” ২৫ কিন্তু সেই তিৰোতাগৰাকী যীচুৰ ওচৰলৈ আহি মূৰ দোৱাই প্ৰণাম কৰি কʼলে, “হে প্ৰভু মোক সহায় কৰক!” ২৬ তেওঁ কʼলে, “লʼৰা-ছোৱালীৰ খোৱা বস্তুবোৰ লৈ কুকুৰৰ পোৱালিৰ আগত পেলাই দিয়াটো উচিত নহয়।” ২৭ তেতিয়া তিৰোতাগৰাকীয়ে কʼলে, “ঠিকেই কৈছে প্ৰভু, তথাপিওতো কুকুৰৰ পোৱালিয়ে নিজৰ মালিকৰ মেজৰ পৰা পৰি যোৱা টুকুৰাবোৰ খায়।” ২৮ এয়া শুনি যীচুৱে তেওঁক কʼলে, “তোমাৰ বিশ্বাস বহুত, যিদৰে তুমি বিচাৰিছা, তোমালৈ সেইদৰেই হওক।” আৰু সেই সময়তে তেওঁৰ ছোৱালীজনী ভাল হৈ গʼল।

২৯ তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা ওলাই গালীল সাগৰৰ ওচৰলৈ গʼল আৰু তেওঁ গৈ পাহাৰৰ ওপৰত উঠি বহিল। ৩০ তেতিয়া বহুতো লোকে তেওঁৰ ওচৰলৈ আহিলে আৰু তেওঁলোকে নিজৰ লগত খোৰা, অন্ধ, বোবা আৰু এনে বহুতো অসুস্থ ব্যক্তিক লৈ আহি তেওঁৰ ভৰিৰ ওচৰত শুৱাই দিলে আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে। ৩১ যেতিয়া লোকসকলে দেখিলে যে বোবাই কথা কʼব পাৰিছে, খোৰাই খোজকাঢ়িব পাৰিছে আৰু অন্ধই দেখা পাইছে, তেতিয়া তেওঁলোকে আচৰিত হৈ ইস্ৰায়েলৰ ঈশ্বৰৰ মহিমা কৰিলে।

৩২ তেতিয়া যীচুৱে নিজৰ শিষ্যসকলক মাতি কʼলে, “তেওঁলোকক দেখি মোৰ হৃদয় দয়াৰে ভৰি পৰিছে, কিয়নো তেওঁলোক মোৰ লগত থকা তিনি দিন হৈ গʼল আৰু তেওঁলোকৰ ওচৰত খাবলৈ একোৱেই নাই। মই তেওঁলোকক ভোকত পঠিয়াব নিবিচাৰোঁ, হয়তো তেওঁলোকে বাটত অসুস্থ হৈ পৰিব পাৰে।” ৩৩ কিন্তু শিষ্যসকলে তেওঁক কʼলে, “এই নিৰ্জন ঠাইত ইমানবোৰ মানুহক খোৱাবৰ বাবে আমি ইমান ৰুটি কʼত পাম?” ৩৪ যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকৰ ওচৰত কেইখন ৰুটি আছে?” তেওঁলোকে কʼলে “সাতখন আৰু কেইটামান সৰু মাছো আছে।” ৩৫ তেতিয়া যীচুৱে লোকসকলক মাটিত বহিবলৈ কʼলে ৩৬ আৰু তেওঁ সেই সাতখন ৰুটি আৰু মাছ লৈ প্ৰাৰ্থনাত ধন্যবাদ দিলে। তাৰ পাছত তেওঁ সেইবোৰ ভাঙি শিষ্যসকলক দিলে আৰু শিষ্যসকলে লোকসকলৰ মাজত ভগাই দিলে। ৩৭ সকলোৱে পেট ভৰাই খালে আৰু যেতিয়া ৰৈ যোৱা টুকুৰাবোৰ তুলিলে, তেতিয়া সাতখন ডাঙৰ টুকুৰী ভৰি গʼল। ৩৮ খোৱা মানুহৰ মাজত তিৰোতা আৰু লʼৰা-ছোৱালীক বাদ দি প্ৰায় ৪,০০০ জন পুৰুষ আছিল। ৩৯ অৱশেষত তেওঁ লোকসকলক বিদায় দিলে আৰু তেওঁ নাৱত উঠি মগদন এলেকালৈ আহিল।

১৬ ইয়াত ফৰীচী আৰু চদ্দূকীবিলাকে যীচুক পৰীক্ষা কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আহিলে আৰু স্বৰ্গৰ পৰা কিবা এটা চিন তেওঁলোকক দেখুৱাবলৈ কʼলে। ২ যীচুৱে তেওঁলোকক কʼলে, “সন্ধিয়া হʼলে তোমালোকে কোৱা, ‘বতৰ ফৰকাল হʼব, কিয়নো আকাশখন ৰঙা।’ ৩ আকৌ ৰাতিপুৱা কোৱা, ‘আজি ডাৱৰীয়া হʼব আৰু বৰষুণ দিব, কিয়নো আকাশখন ৰঙা, কিন্তু ডাৱৰে ঢাকি ধৰিছে।’ তোমালোকে আকাশখন চাই বতৰ কেনেকুৱা হʼব, সেয়া বুজি পোৱা, কিন্তু এতিয়া ঘটি থকা ঘটনাবোৰ চাই তাৰ অৰ্থ বুজিব নোৱাৰা। ৪ এই যুগৰ দুষ্ট আৰু বিশ্বাসঘাতক* লোকসকলে সদায় কিবা চিন চাবলৈ বিচাৰি থাকে। কিন্তু যোনাৰ চিনৰ বাহিৰে আন কোনো চিন তেওঁলোকক দেখুৱা নহʼব।” এইবোৰ কোৱাৰ পাছত যীচুৱে তেওঁলোকক এৰি তাৰ পৰা গুচি গʼল।

৫ শিষ্যসকলে সিপাৰে যোৱাৰ সময়ত নিজৰ লগত ৰুটি নিবলৈ পাহৰি গৈছিল। ৬ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে নিজৰ চকু খুলি ৰাখিবা আৰু ফৰীচী আৰু চদ্দূকীবিলাকৰ খমিৰৰ* পৰা সাৱধানে থাকিবা।” ৭ তেতিয়া তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, “আমি নিজৰ লগত ৰুটিয়েই অনা নাই।” ৮ এই কথা বুজিব পাৰি যীচুৱে কʼলে, “হে কম বিশ্বাস কৰা লোকসকল, তোমালোকে নিজৰ মাজতে কিয় আলোচনা কৰিছা যে তোমালোকে ৰুটি অনা নাই। ৯ তোমালোকে এতিয়াও বুজি পোৱা নাই নে? কেনেকৈ পাঁচখন ৰুটিৰ পৰা ৫,০০০ লোকে খাইছিল আৰু কেইটা টুকুৰী তোমালোকে তুলি লৈছিলা, সেয়া পাহৰি গʼলা নে? ১০ কেনেকৈ সাতখন ৰুটিৰ পৰা ৪,০০০ লোকে আহাৰ খাইছিল আৰু কেইটা ডাঙৰ টুকুৰী তুলি লৈছিলা, সেয়াও পাহৰি গʼলা নে? ১১ তেনেহʼলে তোমালোকে কিয় বুজি নাপালা যে মই তোমালোকক ৰুটিৰ বিষয়ে নহয়, কিন্তু ফৰীচী আৰু চদ্দূকীবিলাকৰ খমিৰৰ পৰা সাৱধান হৈ থকাৰ বিষয়েহে কৈছোঁ?” ১২ তেতিয়া তেওঁলোকে বুজি পালে যে তেওঁ ৰুটিৰ খমিৰৰ বিষয়ে কোৱা নাই, কিন্তু ফৰীচী আৰু চদ্দূকীসকলৰ শিক্ষাৰ পৰা সাৱধান হৈ থকাৰ বিষয়েহে কৈছে।

১৩ যেতিয়া যীচুৱে কৈচৰিয়া ফিলিপীৰ এলেকালৈ আহিল, তেতিয়া তেওঁ নিজৰ শিষ্যসকলক সুধিলে, “লোকসকলে কি কয়, মানুহৰ পুত্ৰ কোন হয়?” ১৪ তেওঁলোকে কʼলে, “কিছুমানে কয়, যোহন বাপ্তিষ্মা দিওঁতা, আন কিছুমানে কয় এলিয়া আৰু কিছুমানে যিৰিমিয়া বা আন কোনো ভৱিষ্যবক্তা বুলি কয়।” ১৫ যীচুৱে তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে কি কোৱা, মই কোন?” ১৬ চিমোন পিতৰে উত্তৰ দিলে, “আপুনি জীৱিত ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হয়।” ১৭ যীচুৱে তেওঁক কʼলে, “হে যোনাৰ পুত্ৰ চিমোন, তুমি সুখী, কিয়নো তুমি এই কথা মানুহৰ সহায়ত নহয়, কিন্তু স্বৰ্গত থকা মোৰ পিতৃৰ সহায়ত বুজি পালা।” ১৮ মই তোমাক কওঁ, তুমি পিতৰ। আৰু এই শিলাৰ ওপৰত মই নিজৰ মণ্ডলী স্থাপন কৰিম আৰু কবৰৰ দুৱাৰে* ইয়াৰ ওপৰত জয় কৰিব নোৱাৰে। ১৯ মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম আৰু তুমি পৃথিৱীত যিহকে বন্ধ কৰিবা, সেয়া স্বৰ্গত আগতেই বন্ধ থাকিব। আৰু তুমি পৃথিৱীত যিহকে খুলিবা, সেয়া স্বৰ্গত আগতেই খোলা থাকিব। ২০ ইয়াৰ পাছত যীচুৱে শিষ্যসকলক তেওঁ খ্ৰীষ্ট হয় বুলি কাকো নকʼবলৈ সাৱধান কৰি কʼলে।

২১ সেই সময়ৰ পৰা যীচুৱে নিজৰ শিষ্যসকলক কʼবলৈ ধৰিলে যে তেওঁ যিৰূচালেমলৈ যাব লাগিব আৰু তাত যিহূদী নেতা, প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলৰ* পৰা বহুতো দুখ-কষ্ট ভুগিব লাগিব, তেওঁক হত্যা কৰা হʼব আৰু তৃতীয় দিনাখন আকৌ জীয়াই তোলা হʼব। ২২ তাৰ পাছত পিতৰে তেওঁক অকলশৰীয়াকৈ নি টানকৈ কʼলে, “প্ৰভু, নিজৰ ওপৰত দয়া কৰক, আপোনাৰ লগত এইদৰে কেতিয়াও নহʼব।” ২৩ কিন্তু যীচুৱে পিতৰৰ পৰা মুখখন ঘূৰাই কʼলে, “হে চয়তান, মোৰ ওচৰৰ পৰা গুচি যা! তই মোৰ উজুটি খোৱাৰ কাৰণ, কিয়নো তোৰ চিন্তাধাৰা ঈশ্বৰৰ দৰে নহয়, কিন্তু মানুহৰ দৰে হয়।”

২৪ ইয়াৰ পাছত যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “যদি কোনোৱে মোৰ পিছে পিছে আহিব বিচাৰে, তেনেহʼলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ যাতনাৰ কাঠ* উঠাই মোৰ পিছে পিছে আহি থাকক।” ২৫ কিয়নো যি কোনোৱে নিজৰ জীৱন বচাব বিচাৰে, তেওঁ তাক হেৰুৱাব আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱাব, তেওঁ তাক পাব। ২৬ এজন ব্যক্তিয়ে গোটেই জগতখন লাভ কৰিও যদি নিজৰ জীৱন হেৰুৱায়, তেনেহʼলে তেওঁৰ কি লাভ? বা এজন ব্যক্তিয়ে নিজৰ জীৱনৰ সলনি কি দিব? ২৭ কিয়নো এয়া নিশ্চিত যে মানুহৰ পুত্ৰ নিজৰ পিতৃৰ মহিমাৰে সৈতে নিজৰ স্বৰ্গদূতৰ লগত আহিব। তেতিয়া তেওঁ প্ৰতিজনকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰৰ অনুসৰি ফল দিব। ২৮ মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে, যিসকলে মানুহৰ পুত্ৰক তেওঁৰ ৰাজ্যলৈ অহা নেদেখালৈকে তেওঁলোকৰ মৃত্যু নহʼব।

১৭ ছদিনৰ পাছত যীচুৱে পিতৰ, যাকোব আৰু তেওঁৰ ভায়েক যোহনক লগত লৈ এখন ওখ পাহাৰলৈ উঠি গʼল আৰু তাত তেওঁলোকৰ বাহিৰে কোনো নাছিল। ২ তেওঁলোকৰ সন্মুখতে যীচুৰ ৰূপ সলনি হʼল। তেওঁৰ চেহেৰা সূৰ্যৰ দৰে উজ্জ্বল হʼল আৰু তেওঁৰ কাপোৰ পোহৰৰ দৰে জিলিকিবলৈ ধৰিলে।* ৩ তেতিয়া হঠাতে তেওঁলোকে তাত মোচি আৰু এলিয়াক দেখা পালে আৰু তেওঁলোকে যীচুৰ লগত কথা পাতি আছিল। ৪ তেতিয়া পিতৰে যীচুক কʼলে, “প্ৰভু, আমি ইয়াত থকাটো আমাৰ কাৰণে আনন্দৰ বিষয়। যদি আপুনি বিচাৰে, তেনেহʼলে মই ইয়াত তিনিটা তম্বু সাজিম, এটা আপোনাৰ কাৰণে, এটা মোচিৰ কাৰণে আৰু এটা এলিয়াৰ কাৰণে।” ৫ তেওঁ যেতিয়া কৈ আছিল, সেই সময়তে এডোখৰ উজ্জ্বল মেঘে তেওঁলোকক ঢাকি ধৰিলে আৰু চোৱা! সেই মেঘৰ পৰা এই মাত শুনিবলৈ পোৱা গʼল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁক মই গ্ৰহণ কৰিলোঁ। এওঁৰ কথা শুনা।” ৬ এই কথা শুনি শিষ্যসকলে বৰ ভয় খালে আৰু মাটিত উবুৰি খাই পৰিল। ৭ তেতিয়া যীচুৱে তেওঁলোকৰ ওচৰলৈ আহি তেওঁলোকক চুই কʼলে, “উঠা, ভয় নকৰিবা।” ৮ যেতিয়া তেওঁলোকে মূৰ তুলি চালে, তেতিয়া যীচুৰ বাহিৰে তাত কাকো দেখা নাপালে। ৯ ইয়াৰ পাছত যেতিয়া তেওঁলোকে পাহাৰৰ পৰা নামি আহিছিল, তেতিয়া যীচুৱে তেওঁলোকক আদেশ দিলে, “যেতিয়ালৈকে মানুহৰ পুত্ৰক মৃত্যুৰ পৰা জীয়াই তোলা নহʼব, তেতিয়ালৈকে এই দৰ্শনৰ বিষয়ে তোমালোকে কাকো নকʼবা।”

১০ কিন্তু শিষ্যসকলে তেওঁক সুধিলে, “তেনেহʼলে এলিয়া প্ৰথমে আহিব লাগে বুলি নিয়ম শিকোৱা লোকে* কিয় কয়?” ১১ তেওঁ উত্তৰ দিলে, “এলিয়া নিশ্চয় প্ৰথমে আহিব আৰু সকলোবোৰ আগৰ দৰেই কৰি দিব। ১২ কিন্তু মই তোমালোকক কওঁ যে এলিয়া আহি গʼল আৰু তেওঁলোকে চিনি নাপালে। আৰু তেওঁৰ লগত তেওঁলোকে যি বিচাৰিছিল, সেইদৰেই কৰিলে। ঠিক সেইদৰে মানুহৰ পুত্ৰয়ো তেওঁলোকৰ হাতত দুখভোগ কৰিব।” ১৩ তেতিয়া শিষ্যসকলে বুজি পালে যে যীচুৱে যোহন বাপ্তিষ্মা দিওঁতাজনৰ বিষয়ে কৈ আছে।

১৪ যেতিয়া তেওঁলোকে লোকসকলৰ ওচৰলৈ আহিলে, তেতিয়া এজন ব্যক্তিয়ে যীচুৰ ওচৰলৈ আহিল আৰু আঁঠুকাঢ়ি কʼবলৈ ধৰিলে, ১৫ “প্ৰভু, মোৰ লʼৰাৰ ওপৰত দয়া কৰক, কাৰণ ইয়াৰ মৃগী বেমাৰ আছে আৰু ইয়াৰ অৱস্থা একেবাৰে বেয়া। সি কেতিয়াবা জুইত আৰু কেতিয়াবা পানীত পৰি যায়। ১৬ মই ইয়াক আপোনাৰ শিষ্যসকলৰ ওচৰলৈ আনিছিলোঁ, কিন্তু তেওঁলোকে ইয়াক সুস্থ কৰিব নোৱাৰিলে।” ১৭ তেতিয়া যীচুৱে কʼলে, “হে অবিশ্বাসী আৰু পাপী প্ৰজন্মৰ* লোকসকল, কিমান দিনলৈকে মই তোমালোকৰ লগত থাকিম? কেতিয়ালৈকে মই তোমালোকক সহ্য কৰিম? তেওঁক মোৰ ওচৰলৈ লৈ আনা।” ১৮ তেতিয়া যীচুৱে সেই লʼৰাজনক পোৱা দুষ্ট স্বৰ্গদূতক ধমকি দিলে আৰু সি তাৰ পৰা ওলাই গʼল। সেই সময়তে লʼৰাজন সুস্থ হৈ গʼল। ১৯ ইয়াৰ পাছত শিষ্যসকলে যীচুৰ ওচৰলৈ অকলে আহিলে আৰু কʼলে, “আমি সেই দুষ্ট স্বৰ্গদূতক কিয় উলিয়াব নোৱাৰিলোঁ?” ২০ যীচুৱে কʼলে, “তোমালোকৰ কম বিশ্বাসৰ কাৰণে। মই তোমালোকক সঁচাকৈ কৈছোঁ, এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহʼলে এই পাহাৰটোক তোমালোকে কʼবা, ‘ইয়াৰ পৰা তালৈ যা, তেতিয়া ই যাব।’ তোমালোকৰ বাবে একোৱেই অসম্ভৱ নহʼব।” ২১* —

২২ যেতিয়া যীচু আৰু তেওঁৰ শিষ্যসকল গালীলত একেলগে আছিল, তেতিয়া তেওঁ শিষ্যসকলক কʼলে, “মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰা হʼব আৰু তেওঁক লোকসকলৰ হাতত গতাই দিয়া হʼব। ২৩ লোকসকলে তেওঁক হত্যা কৰিব আৰু তৃতীয় দিনাখন তেওঁক জীয়াই তোলা হʼব।” এই কথা শুনি শিষ্যসকলৰ বহুত দুখ লাগিল।

২৪ যেতিয়া তেওঁলোকে কফৰনাহূম আহি পালে, তেতিয়া যিসকলে মন্দিৰৰ কৰ* তোলে তেওঁলোকে পিতৰৰ ওচৰলৈ আহি কʼলে, “তোমালোকৰ গুৰুৱে মন্দিৰৰ কৰ নিদিয়ে নেকি?” ২৫ পিতৰে কʼলে, “হয়, দিয়ে।” কিন্তু যেতিয়া তেওঁ ঘৰৰ ভিতৰলৈ সোমাল, তেতিয়া পিতৰে কোৱাৰ আগতেই যীচুৱে তেওঁক সুধিলে, “চিমোন, তুমি কি ভাবা? জগতৰ ৰজাসকলে কোন লোকসকলৰ পৰা কৰ বা মাচুল লয়? নিজৰ লʼৰাবিলাকৰ পৰা, নে আন লোকসকলৰ পৰা?” ২৬ যেতিয়া তেওঁ কʼলে, “আন লোকসকলৰ পৰা,” তেতিয়া যীচুৱে তেওঁক কʼলে, “ইয়াৰ অৰ্থ হৈছে লʼৰাবিলাকে কৰ দিয়াৰ কোনো প্ৰয়োজন নাই। ২৭ কিন্তু তেওঁলোকে যেন আমাৰ কাৰণে উজুটি নাখায়, সেইবাবে তুমি সাগৰৰ পাৰলৈ যোৱা আৰু মাছ ধৰিবলৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব তাৰ মুখ মেলিবা আৰু তাত তুমি এটা ৰূপৰ মুদ্ৰা* পাবা। সেয়া নি নিজৰ আৰু মোৰ কাৰণে কৰতোলা লোকসকলক দি দিবা।”

১৮ সেই সময়ত শিষ্যসকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “স্বৰ্গৰাজ্যত সকলোতকৈ ডাঙৰ অধিকাৰ কোনে পাব?” ২ তেতিয়া যীচুৱে এটি সৰু লʼৰাক নিজৰ ওচৰলৈ মাতি সকলোৰে মাজত থিয় কৰালে ৩ আৰু কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, যদি তোমালোকে নিজকে সলনি কৰি সৰু লʼৰা-ছোৱালীৰ দৰে হʼব নোৱাৰা, তেনেহʼলে স্বৰ্গৰাজ্যত কেতিয়াও যাব নোৱাৰিবা। ৪ সেইবাবে, যি কোনোৱে এই সৰু লʼৰাটিৰ দৰে নিজকে নম্ৰ কৰিব, তেৱেঁই স্বৰ্গৰাজ্যত ডাঙৰ অধিকাৰ পাব। ৫ যি কোনোৱে মোৰ নামেৰে এনে এটি লʼৰাক গ্ৰহণ কৰে, তেওঁ মোকেই গ্ৰহণ কৰে। ৬ কিন্তু মোক বিশ্বাস কৰা এই সৰুবিলাকৰ মাজৰ এজনকো যদি কোনোবাই উজুটি* খোৱায়, তেনেহʼলে তেওঁৰ ডিঙিত এটা জাঁত* বান্ধি সমুদ্ৰৰ গভীৰ পানীত তেওঁক ডুবুৱাই দিয়াটোৱেই ভাল হʼব।

৭ এই জগতৰ অৱস্থা একেবাৰে বেয়া হʼব, কিয়নো ইয়ে বিশ্বাসৰ পথত চলিবলৈ বাধা* দিয়ে! এই পথত চলিবলৈ নিশ্চয় বাধা আহিব, কিন্তু যি মানুহে বিশ্বাসৰ পথত চলিবলৈ বাধা দিয়ে, তেওঁৰ অৱস্থা একেবাৰে বেয়া হʼব। ৮ সেইবাবে, যদি তোমাৰ হাত বা ভৰিয়ে তোমাক পাপ কৰাইছে,* তেনেহʼলে তাক কাটি পেলাই দিয়া, কাৰণ দুখন হাত বা দুখন ভৰিৰে সৈতে সদায় জ্বলি থকা জুইত নাশ হোৱাতকৈ এখন হাত বা এখন ভৰি নথকাকৈ জীৱন পোৱাটোৱেই তোমাৰ কাৰণে ভাল। ৯ যদি তোমাৰ চকুৱে তোমাক পাপ কৰাইছে, তেনেহʼলে তাক কাঢ়ি পেলাই দিয়া, কাৰণ দুয়ো চকুৰে সৈতে গেহেনাত* ধ্বংস হোৱাতকৈ এটা চকু নথকাকৈ জীৱন পোৱাটোৱেই তোমাৰ কাৰণে ভাল। ১০ চোৱা, তোমালোকে এই সৰুবিলাকৰ মাজৰ এজনকো তুচ্ছ বুলি নাভাবিবা। মই তোমালোকক কৈছোঁ, এওঁলোকৰ স্বৰ্গদূত স্বৰ্গত থকা মোৰ পিতৃৰ ওচৰত সদায় উপস্থিত থাকে। ১১* —

১২ তোমালোকে কি ভাবা? যদি কোনো ব্যক্তিৰ ১০০ টা ভেড়া আছে আৰু তাৰ মাজত এটা ভেড়া যদি হেৰাই যায়, তেনেহʼলে তেওঁ ৯৯ টা ভেড়াক পাহাৰত এৰি, হেৰাই যোৱা ভেড়াটোক বিচাৰি নাযাব নে? ১৩ আৰু যদি সেই ভেড়াটোক বিচাৰি পায়, তেনেহʼলে মই তোমালোকক সঁচাকৈ কৈছোঁ যে হেৰাই নোযোৱা ৯৯ টা ভেড়াতকৈ হেৰাই যোৱা ভেড়াটোক ঘূৰাই পোৱাৰ বাবে তেওঁ বহুত আনন্দ কৰিব। ১৪ এইদৰে এই সৰুবিলাকৰ মাজৰ এটিও নাশ হোৱাটো স্বৰ্গত থকা মোৰ* পিতৃয়ে নিবিচাৰে।

১৫ যদি তোমাৰ ভায়ে কিবা পাপ কৰে, তেনেহʼলে যোৱা আৰু তেওঁৰ লগত অকলে কথা পাতা আৰু তেওঁৰ ভুলবোৰ তেওঁক কোৱা।* তেওঁ যদি তোমাৰ কথা শুনে, তেনেহʼলে তুমি তোমাৰ ভাইক ঘূৰাই পালা। ১৬ কিন্তু তেওঁ যদি তোমাৰ কথা নুশুনে, তেনেহʼলে নিজৰ লগত এজন বা দুজন লোকক লৈ তেওঁৰ লগত কথা পাতা যাতে দুই বা তিনিজন সাক্ষীয়ে সাক্ষ্য দিয়াত* প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়। ১৭ যদি তেওঁ তেওঁলোকৰ কথা নুশুনে, তেনেহʼলে মণ্ডলীক কোৱা আৰু তেওঁ যদি মণ্ডলীৰ কথাও নুশুনে, তেনেহʼলে তেওঁ তোমালোকৰ কাৰণে যিহূদী নোহোৱা লোক বা কৰতোলা লোকৰ দৰে হওক।

১৮ মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকে পৃথিৱীত যিহকে বন্ধ কৰিবা, সেয়া স্বৰ্গত আগতেই বন্ধ থাকিব আৰু তোমালোকে পৃথিৱীত যিহকে খুলিবা, সেয়া স্বৰ্গত আগতেই খোলা থাকিব। ১৯ আকৌ মই তোমালোকক সঁচাকৈ কৈছোঁ, যদি পৃথিৱীত তোমালোকৰ মাজৰ দুজনে একমত হৈ কিবা গুৰুত্বপূৰ্ণ বিষয়ৰ কাৰণে প্ৰাৰ্থনা কৰা, তেনেহʼলে স্বৰ্গত থকা মোৰ পিতৃয়ে সেয়া পূৰ কৰিব। ২০ সেইবাবে, মোৰ নামেৰে দুজন বা তিনিজন যʼত একগোট হয়, তাত মই তেওঁলোকৰ মাজত উপস্থিত থাকোঁ।”

২১ ইয়াৰ পাছত পিতৰে আহি যীচুক সুধিলে, “প্ৰভু, যদি মোৰ ভায়ে মোৰ বিৰুদ্ধে পাপ কৰি থাকে, তেনেহʼলে মই তেওঁক কিমান বাৰ ক্ষমা কৰিম? সাতবাৰ?” ২২ যীচুৱে তেওঁক কʼলে, “মই তোমাক কৈছোঁ সাতবাৰ নহয়, কিন্তু ৭৭ বাৰ।

২৩ সেইবাবে, স্বৰ্গৰাজ্য এনে এজন ৰজাৰ লগত তুলনা কৰিব পাৰি, যিজনে নিজৰ দাসসকলক নিজৰ নিজৰ ধাৰ পৰিশোধ কৰিবলৈ কয়। ২৪ যেতিয়া তেওঁ হিচাপ লʼবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ ওচৰলৈ এনে এজন দাসক অনা হʼল, যিজনে ৬ কোটি দীনাৰ* ধাৰ লৈছিল। ২৫ কিন্তু তেওঁৰ ওচৰত ধাৰ পৰিশোধ কৰিবলৈ একোৱেই নাছিল। সেইবাবে, তেওঁৰ মালিকে সেই দাস, তেওঁৰ পত্নী, লʼৰা-ছোৱালী আৰু তেওঁৰ ওচৰত যি আছে সেই সকলোকে বেচি ধাৰ পৰিশোধ কৰিবলৈ আদেশ দিলে। ২৬ তেতিয়া সেই দাসে ৰজাৰ সন্মুখত আঁঠুকাঢ়ি মিনতি কৰিবলৈ ধৰিলে, ‘মোক আৰু অলপ সময় দিয়ক, মই আপোনাৰ সকলো টকা ঘূৰাই দিম।’ ২৭ এয়া দেখি মালিকৰ বহুত দুখ লাগিল, তেওঁ দাসজনক এৰি দিলে আৰু তেওঁৰ সকলো ধাৰ ক্ষমা কৰি দিলে। ২৮ কিন্তু সেই দাসজনে বাহিৰলৈ গৈ তেওঁৰ লগত কাম কৰা এজন দাসক বিচাৰিলে, যিজনে তেওঁৰ পৰা ১০০ দীনাৰ* ধাৰ লৈছিল। তেওঁ তাক ধৰি ডিঙি চেপি কʼলে, ‘তই যি ধাৰ লৈছিলি, সেয়া মোক ঘূৰাই দে।’ ২৯ তেতিয়া সেই দাসে তেওঁৰ ভৰিত ধৰি মিনতি কৰিবলৈ ধৰিলে, ‘মোক আৰু অলপ সময় দিয়া, মই তোমাৰ সকলো টকা ঘূৰাই দিম।’ ৩০ কিন্তু সেই দাসজনে তেওঁৰ একো কথা নুশুনিলে আৰু যেতিয়ালৈকে তেওঁ নিজৰ ধাৰ পৰিশোধ নকৰিলে, তেতিয়ালৈকে তেওঁক জেলত বন্দী কৰি থʼলে। ৩১ যেতিয়া তেওঁৰ লগত কাম কৰা আন দাসসকলে এই সকলো দেখিলে, তেতিয়া তেওঁলোকৰ বহুত দুখ লাগিল আৰু তেওঁলোকে গৈ নিজৰ মালিকক সকলো কথা কʼলে। ৩২ তেতিয়া মালিকে সেই প্ৰথমজন দাসক মাতি পঠালে আৰু কʼলে, ‘দুষ্ট দাস, তই মোক মিনতি কৰাত মই তোৰ সকলো ধাৰ ক্ষমা কৰিলোঁ। ৩৩ তেনেহʼলে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ লগত কাম কৰা দাসক দয়া কৰা উচিত নাছিল নে?’ ৩৪ তেতিয়া মালিকৰ বৰ খং উঠিল আৰু যেতিয়ালৈকে সেই দাসে সকলো টকা ঘূৰাই নিদিলে, তেতিয়ালৈকে মালিকে তেওঁক জেইলাৰৰ হাতত গতাই দিলে। ৩৫ তোমালোক প্ৰতিজনে যদি তোমালোকৰ ভায়েৰাক হৃদয়ৰ পৰা ক্ষমা নকৰা, তেনেহʼলে স্বৰ্গত থকা মোৰ পিতৃয়েও তোমালোকৰ লগত এইদৰেই কৰিব।”

১৯ এইবোৰ কথা শেষ কৰাৰ পাছত যীচু গালীলৰ পৰা ওলাই আহি যৰ্দ্দনৰ সিপাৰে থকা যিহূদিয়াৰ সীমালৈ আহিল। ২ ভিৰৰ লোকসকলে তেওঁৰ পিছে পিছে আহিল আৰু যীচুৱে তাত লোকসকলক সুস্থ কৰিলে।

৩ তেতিয়া ফৰীচীবিলাকে যীচুক পৰীক্ষা কৰিবলৈ তেওঁৰ ওচৰলৈ আহিল। তেওঁলোকে যীচুক সুধিলে, “এজন পুৰুষে যিকোনো কাৰণৰ বাবে নিজৰ পত্নীক তালাক দিয়াটো উচিত নে?” ৪ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “তোমালোকে পঢ়া নাই নে যে যিজনে তেওঁলোকক সৃষ্টি কৰিলে, তেওঁ আৰম্ভণিৰে পৰা তেওঁলোকক পুৰুষ আৰু স্ত্ৰী হিচাপে বনাইছিল ৫ আৰু কৈছিল, ‘সেইবাবে পুৰুষে নিজৰ মা-দেউতাক এৰি দিব আৰু নিজৰ পত্নীৰ লগত থাকিব আৰু তেওঁলোক দুয়োজন একদেহ হʼব’? ৬ গতিকে, তেওঁলোক এতিয়া দুজন নহয়, কিন্তু একদেহ হয়। সেইবাবে, ঈশ্বৰে যাক এটা বান্ধোনত বান্ধিছে,* তাক কোনো মানুহে পৃথক নকৰক।” ৭ তেতিয়া ফৰীচীসকলে যীচুক কʼলে, “তেনেহʼলে মোচিয়ে এইদৰে কিয় কৈছিল যে এজন পুৰুষে তালাকৰ প্ৰমাণ পত্ৰ দি নিজৰ পত্নীক তালাক দিব পাৰে?” ৮ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকৰ হৃদয় কঠোৰ হোৱাৰ কাৰণে মোচিয়ে তোমালোকক নিজৰ পত্নীক তালাক দিবলৈ অনুমতি দিছিল, কিন্তু আৰম্ভণিৰে পৰা এইদৰে নাছিল।” ৯ মই তোমালোকক কওঁ যে যি কোনোৱে অনৈতিক শাৰীৰিক সম্পৰ্কৰ* বাহিৰে আন কিবা কাৰণত নিজৰ পত্নীক তালাক দিয়ে আৰু আন কাৰোবাক বিয়া কৰে, তেনেহʼলে তেওঁ ব্যভিচাৰ* কৰে।

১০ শিষ্যসকলে তেওঁক কʼলে, “যদি স্বামী-স্ত্ৰীৰ মাজত এনেধৰণৰ পৰিস্থিতি হয়, তেনেহʼলে বিয়া নকৰাটোৱে ভাল।” ১১ যীচুৱে তেওঁলোকক কʼলে, “মই যি কৈ আছোঁ সেয়া সকলোৱে কৰিব নোৱাৰে, কিন্তু যিসকলক এই উপহাৰ দিয়া হৈছে, কেৱল তেওঁলোকেহে কৰিব পাৰে। ১২ কিয়নো কিছুমানে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে। কিছুমানক মানুহে নপুংসক কৰি দিছে আৰু কিছুমানে স্বৰ্গৰাজ্যৰ কাৰণে নিজকে নপুংসক কৰিছে। যি কোনোৱে ৰাজ্যৰ কাৰণে অবিবাহিত হৈ থাকিব পাৰে, তেওঁ থাকক।”

১৩ তাৰ পাছত লোকসকলে সৰু সৰু লʼৰা-ছোৱালীক যীচুৰ ওচৰলৈ লৈ আহিল যাতে তেওঁ লʼৰা-ছোৱালীৰ ওপৰত হাত ৰাখি সিহঁতৰ কাৰণে প্ৰাৰ্থনা কৰে। কিন্তু শিষ্যসকলে তেওঁলোকক ধমকি দিলে। ১৪ কিন্তু যীচুৱে কʼলে, “লʼৰা-ছোৱালীক মোৰ ওচৰলৈ আহিবলৈ দিয়া, সিহঁতক বাধা নিদিবা, কিয়নো স্বৰ্গৰাজ্য এওঁলোকৰ নিচিনা লোকসকলৰ বাবেহে।” ১৫ তেওঁ সিহঁতৰ ওপৰত হাত ৰাখিলে আৰু পাছত তেওঁ তাৰ পৰা গুচি গʼল।

১৬ আৰু চোৱা! এজন মানুহে তেওঁৰ ওচৰলৈ আহি কʼবলৈ ধৰিলে, “গুৰু, অনন্ত জীৱন পাবলৈ মই কি ভাল কাম কৰা উচিত?” ১৭ যীচুৱে তেওঁক কʼলে, “ভাল কাম কি হয় বুলি তুমি মোক কিয় সুধিছা? ভাল মাত্ৰ এজনেই আছে। যদি তুমি জীৱন পাব বিচাৰা, তেনেহʼলে আজ্ঞাবোৰ পালন কৰি থাকা।” ১৮ সেই মানুহজনে সুধিলে, “কোনবোৰ আজ্ঞা?” যীচুৱে কʼলে, “তুমি হত্যা নকৰিবা, তুমি ব্যভিচাৰ নকৰিবা, তুমি চুৰ নকৰিবা, তুমি মিছা সাক্ষ্য নিদিবা, ১৯ নিজৰ মা-দেউতাক সন্মান কৰিবা আৰু নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।” ২০ সেই ডেকাজনে যীচুক কʼলে, “মই এই সকলো পালন কৰি আহিছোঁ, কওক মই আৰু কি কৰিম?” ২১ যীচুৱে তেওঁক কʼলে, “যদি তুমি বেছিকৈ কৰিব বিচাৰা, তেনেহʼলে যোৱা আৰু নিজৰ সকলো বেচি দুখীয়াক দি দিয়া, কিয়নো তুমি স্বৰ্গত ধন পাবা আৰু আহি মোৰ শিষ্য হোৱা।” ২২ এই কথা শুনি ডেকাজন বহুত দুখীত হʼল আৰু তাৰ পৰা গুচি গʼল। কাৰণ তেওঁৰ বহুত ধন-সম্পত্তি আছিল। ২৩ তেতিয়া যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, এজন ধনী ব্যক্তিৰ কাৰণে স্বৰ্গৰাজ্যত সোমোৱাটো বৰ কঠিন হʼব। ২৪ মই তোমালোকক আকৌ কৈছোঁ, এজন ধনী ব্যক্তিয়ে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ, এটা উটে বেজীৰ ফুটাইদি সোমোৱাটোৱেই সহজ হʼব।”

২৫ এই কথা শুনি শিষ্যসকলে আচৰিত হৈ কʼবলৈ ধৰিলে, “তেনেহʼলে কোনে উদ্ধাৰ পাব?” ২৬ যীচুৱে তেওঁলোকৰ ফালে চকুৱে চকুৱে চাই কʼলে, “মানুহৰ কাৰণে এয়া অসম্ভৱ, কিন্তু ঈশ্বৰৰ কাৰণে সকলো সম্ভৱ।”

২৭ তাৰ পাছত পিতৰে তেওঁক কʼলে, “চাওক! আমি সকলো এৰি আপোনাৰ পিছে পিছে আহিছোঁ, তেনেহʼলে আমি কি পাম?” ২৮ যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, যেতিয়া সকলো নতুন কৰা হʼব* আৰু মানুহৰ পুত্ৰ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব, তেতিয়া মোৰ পিছে পিছে অহা তোমালোকেও ১২ টা সিংহাসনত বহি ইস্ৰায়েলৰ ১২ টা গোষ্ঠীৰ ন্যায় কৰিবা। ২৯ যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ বা ভাই বা ভনী বা মা বা দেউতা বা সন্তান বা মাটি এৰি দিয়ে, তেওঁ ১০০ গুণ বেছি পাব আৰু অনন্ত জীৱন পাব।

৩০ কিন্তু যিসকল প্ৰথমে আছে, তেওঁলোক শেষত হʼব আৰু যিসকল শেষত আছে, তেওঁলোক প্ৰথম হʼব।

২০ সেইবাবে, স্বৰ্গৰাজ্য সেই মালিকৰ দৰে হয়, যাৰ আঙুৰৰ খেতি আছিল। তেওঁ নিজৰ খেতিত কাম কৰিবলৈ মানুহ বিচাৰি ৰাতিপুৱা সোনকালে ওলাই গʼল। ২ তেওঁ কাম কৰা লোকসকলক গোটেই দিন কাম কৰাৰ বাবে এক দীনাৰ* দিবলৈ সন্মত হʼল আৰু তেওঁ লোকসকলক নিজৰ খেতিলৈ পঠাই দিলে। ৩ তাৰ পাছত তেওঁ তৃতীয় ঘণ্টাৰ* সময়ছোৱাত বাহিৰলৈ ওলাই গৈ দেখিলে যে বজাৰৰ কিনাৰত এনে কিছুমান লোক থিয় হৈ আছিল, যিসকলে কোনো কাম পোৱা নাছিল। ৪ খেতিৰ মালিকে তেওঁলোকক কʼলে, ‘তহঁতেও মোৰ আঙুৰৰ খেতিলৈ গৈ কাম কৰ আৰু যি উচিত, মই তহঁতক দিম।’ ৫ তেতিয়া তেওঁলোকে তালৈ গʼল। তেওঁ আকৌ প্ৰায় ছয়* আৰু ন ঘণ্টাৰ* সময়ছোৱাত বাহিৰলৈ ওলাই এইদৰেই কৰিলে। ৬ অৱশেষত, তেওঁ প্ৰায় ১১ ঘণ্টাৰ* সময়ছোৱাত বাহিৰলৈ ওলাল আৰু আন কিছুমান লোকক থিয় হৈ থকা দেখিলে। তেতিয়া খেতিৰ মালিকে তেওঁলোকক সুধিলে, ‘তহঁতি গোটেই দিন এনেই ইয়াত কিয় থিয় হৈ আছিলি?’ ৭ তেওঁলোকে কʼলে, ‘আমাক কোনেও কামত লগোৱা নাই।’ তেতিয়া তেওঁ কʼলে, ‘তহঁতেও মোৰ আঙুৰৰ খেতিলৈ যা।’

৮ যেতিয়া গধূলি হʼল, তেতিয়া খেতিৰ মালিকজনে কাম চোৱা-চিতা কৰা মানুহজনক কʼলে, ‘কাম কৰা লোকসকলক মাতি, শেষত অহা লোকসকলৰ পৰা আৰম্ভ কৰি প্ৰথমে অহা কেইজনলৈকে হাজিৰা দিয়া।’ ৯ যিসকলে ১১ ঘণ্টাত কাম কৰিবলৈ আৰম্ভ কৰিছিল, তেওঁলোকে আহি প্ৰতিজনে এক দীনাৰকৈ* পালে। ১০ যেতিয়া প্ৰথমে কাম আৰম্ভ কৰা লোকসকল আহিল, তেতিয়া তেওঁলোকে মনে মনে ভাবিলে যে তেওঁলোকে বেছি হাজিৰা পাব। কিন্তু তেওঁলোককো এক দীনাৰকৈ দিয়া হʼল। ১১ এক দীনাৰ পোৱাৰ পাছত তেওঁলোকে মালিকক বেয়াকৈ কʼবলৈ ধৰিলে, ১২ ‘আমি গোটেই দিন ইমান ৰʼদত কাম কৰিলোঁ, কিন্তু এই শেষত কাম কৰিবলৈ অহা লোকসকলে মাত্ৰ এঘণ্টা কাম কৰিছে, তথাপি আপুনি সিহঁতক আমাৰ সমানেই দিলে!’ ১৩ কিন্তু মালিকজনে তেওঁলোকৰ মাজৰ এজনক কʼলে, ‘চা ভাই, মই তোৰ লগত একো অন্যায় কৰা নাই। তই মোৰ ইয়াত এক দীনাৰত কাম কৰিবলৈ সন্মত হোৱা নাছিলি নে? ১৪ সেইবাবে, তোৰখিনি তই লৈ যা, মই তোক যিমান দিলোঁ, শেষত অহা লোকসকলকো সিমানেই দিব বিচাৰোঁ। ১৫ মোৰ পইচা, মোৰ নিজৰ ইচ্ছা মতে ব্যৱহাৰ কৰাৰ অধিকাৰ মোৰ নাই নে? নে মই ভাল কাম* কৰা দেখি তোৰ হিংসা লাগিছে?’* ১৬ এইদৰে যিসকলে শেষত আছে, তেওঁলোকে প্ৰথম হʼব আৰু যিসকলে প্ৰথমত আছে, তেওঁলোক শেষত হʼব।”

১৭ যেতিয়া তেওঁলোক সকলোৱে যিৰূচালেমলৈ গৈ আছিল, তেতিয়া ৰাস্তাত যীচুৱে নিজৰ ১২ জন শিষ্যক অকলশৰীয়াকৈ নি কʼলে, ১৮ “চোৱা! আমি যিৰূচালেমলৈ গৈ আছোঁ আৰু মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলৰ* হাতত গতাই দিয়া হʼব। তেওঁলোকে তেওঁক মৃত্যুদণ্ডৰ আজ্ঞা দিব। ১৯ তাৰ পাছত তেওঁক যিহূদী নোহোৱা লোকসকলৰ হাতত গতাই দিব। আৰু তেওঁলোকে তেওঁক ঠাট্টা কৰিব, চাবুকেৰে কোবাব আৰু কাঠত আঁৰি মাৰি পেলাব। আৰু তৃতীয় দিনাখন তেওঁক জীয়াই তোলা হʼব।”

২০ ইয়াৰ পাছত চিবদিয়ৰ পত্নী তেওঁৰ দুজন লʼৰাৰ লগত যীচুৰ ওচৰলৈ আহি তেওঁক মূৰ দোৱাই প্ৰণাম কৰিলে। তেওঁ যীচুৰ পৰা কিবা খুজিব বিচাৰিছিল। ২১ যীচুৱে তেওঁক কʼলে, “তুমি কি বিচাৰি আহিছা?” তেওঁ যীচুক কʼলে, “আপুনি এই প্ৰতিজ্ঞা কৰক যেন আপোনাৰ ৰাজ্যত মোৰ এই দুজন লʼৰাই এজনে আপোনাৰ সোঁহাতে আৰু আনজনে বাওঁহাতে বহিবলৈ পায়।” ২২ যীচুৱে কʼলে, “তোমালোকে নাজানা, তোমালোকে কি বিচাৰি আছা। মই যি পাত্ৰত খাবলৈ গৈছোঁ, তোমালোকে সেই পাত্ৰৰ পৰা খাব পাৰিবা নে?” তেওঁলোকে কʼলে, “হয়, পাৰিম।” ২৩ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে মোৰ পাত্ৰৰ পৰা নিশ্চয় খাবা, কিন্তু মোৰ সোঁহাতে বা বাওঁহাতে বহিবলৈ অনুমতি দিয়াৰ অধিকাৰ মোৰ নাই। মোৰ পিতৃয়ে যি লোকসকলৰ কাৰণে ইয়াক ৰাখিছে, তেওঁলোককেই দিয়া হʼব।”

২৪ যেতিয়া আন দহজনে এই কথা শুনিলে, তেতিয়া তেওঁলোকে এই দুজন ভাই-ককায়েকৰ ওপৰত বহুত খং কৰিলে। ২৫ কিন্তু যীচুৱে নিজৰ শিষ্যসকলক নিজৰ ওচৰলৈ মাতি কʼলে, “তোমালোকে জানা যে জগতৰ অধিকাৰীয়ে লোকসকলৰ ওপৰত শাসন চলায় আৰু ডাঙৰ ডাঙৰ মানুহে তেওঁলোকৰ ওপৰত অধিকাৰ চলায়। ২৬ কিন্তু তোমালোকৰ মাজত এইদৰে হোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, তোমালোকৰ মাজত যিজনে ডাঙৰ হʼব বিচাৰে, তেওঁ তোমালোকৰ সেৱক হোৱা উচিত ২৭ আৰু যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হʼব বিচাৰে, তেওঁ তোমালোকৰ দাস হোৱা উচিত। ২৮ ঠিক যেনেকৈ মানুহৰ পুত্ৰয়ো সেৱা পাবলৈ নহয়, কিন্তু সেৱা কৰিবলৈ আৰু বহুতো লোকৰ জীৱনৰ কাৰণে নিজৰ জীৱন মুক্তিৰ মূল্য হিচাপে দিবলৈহে আহিল।”

২৯ তেওঁলোকে যিৰীহো নগৰৰ পৰা ওলাই যাওঁতে লোকসকলৰ এটা ডাঙৰ ভিৰে যীচুৰ পিছে পিছে আহিবলৈ ধৰিলে। ৩০ আৰু চোৱা! দুজন অন্ধ ব্যক্তি ৰাস্তাৰ কাষত বহি আছিল। যীচু সেই ৰাস্তাইদি যোৱা শুনি তেওঁলোকে চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “হে প্ৰভু, দায়ূদৰ বংশ, আমাক দয়া কৰক।” ৩১ কিন্তু লোকসকলে তেওঁলোকক মনে মনে থাকিবলৈ ধমকি দিলে। কিন্তু তেওঁলোকে আৰু জোৰকৈ চিঞৰিলে, “হে প্ৰভু, দায়ূদৰ বংশ, আমাক দয়া কৰক।” ৩২ তেতিয়া যীচু ৰৈ গʼল আৰু তেওঁলোকক মাতি সুধিলে, “তোমালোকে কি বিচাৰা, মই তোমালোকৰ কাৰণে কি কৰিম?” ৩৩ তেওঁলোকে কʼলে, “প্ৰভু, আমাৰ চকু ভাল কৰি দিয়ক।” ৩৪ এয়া দেখি যীচুৰ হৃদয় দয়াৰে ভৰি পৰিল আৰু যীচুৱে তেওঁলোকৰ চকু চুলে। সেই সময়তে তেওঁলোকে নিজৰ দৃষ্টিশক্তি ঘূৰাই পালে আৰু তেওঁলোকে যীচুৰ পিছে পিছে গʼল।

২১ যেতিয়া তেওঁলোকে যিৰূচালেমৰ ওচৰৰ জৈতুন পাহাৰৰ বৈৎফগী গাঁৱলৈ আহিল, তেতিয়া যীচুৱে নিজৰ দুজন শিষ্যক এইদৰে কৈ পঠালে, ২ “যি গাঁও তোমালোকে দেখা পাইছা, তালৈ যোৱা। তাত গৈয়ে তোমালোকে এজনী গাধ আৰু তাৰ পোৱালিক বান্ধি থোৱা পাবা। সেই দুটা খুলি মোৰ ওচৰলৈ লৈ আনা ৩ আৰু তোমালোকক যদি কোনোবাই কিবা কয়, তেনেহʼলে কʼবা, ‘প্ৰভুক ইয়াৰ প্ৰয়োজন আছে।’ তেতিয়া তেওঁ লগে লগে তোমালোকক দি পঠিয়াব।”

৪ ভৱিষ্যবক্তাৰ যোগেদি কোৱা এই বাক্য পূৰ হʼবলৈ এইদৰেই হৈছিল, ৫ “চিয়োনৰ জীয়াৰীক কোৱা, ‘চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহি আছে, তেওঁ কোমল স্বভাৱৰ হয় আৰু তেওঁ এটা গাধৰ ওপৰত, হয় গাধ পোৱালিৰ ওপৰত উঠি আহিছে।’”

৬ তেতিয়া শিষ্যসকলে ওলাই গʼল আৰু যীচুৱে তেওঁলোকক যিদৰে কৰিবলৈ কৈছিল, তেওঁলোকে ঠিক সেইদৰেই কৰিলে। ৭ তেওঁলোকে সেই গাধজনী আৰু তাৰ পোৱালি আনিলে আৰু তেওঁলোকে সিহঁতৰ ওপৰত নিজৰ কাপোৰ পাৰি দিলে আৰু যীচু তাৰ ওপৰত বহিল। ৮ তেতিয়া ভিৰৰ বেছিভাগ লোকে নিজৰ কাপোৰবোৰ ৰাস্তাত পাৰি দিলে আৰু আন কিছুমানে গছৰ পৰা ডালবোৰ কাটি ৰাস্তাত পাৰিবলৈ ধৰিলে। ৯ যিসকলে যীচুৰ আগে আগে আৰু পিছে পিছে গৈছিল, তেওঁলোকে চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “হে ঈশ্বৰ, দায়ূদৰ বংশক ৰক্ষা কৰা! যিজন যিহোৱাৰ* নামেৰে আহে, তেওঁ ধন্য! হে স্বৰ্গত থকা ঈশ্বৰ, আমি তোমাক প্ৰাৰ্থনা কৰিছোঁ, তেওঁক ৰক্ষা কৰা!”

১০ যেতিয়া তেওঁ যিৰূচালেম পালেহি, তেতিয়া গোটেই চহৰত হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হʼল আৰু সকলোৱে কʼবলৈ ধৰিলে, “এওঁ কোন?” ১১ ভিৰৰ লোকসকলে কʼবলৈ ধৰিলে, “এওঁ গালীলৰ নাচৰতৰ পৰা অহা ভৱিষ্যবক্তা যীচু হয়!”

১২ তাৰ পাছত যীচু মন্দিৰলৈ গʼল আৰু যিসকলে মন্দিৰৰ ভিতৰত কিনা-বেচা কৰিছিল, তেওঁলোকক বাহিৰ কৰিলে আৰু পইচা সলনি কৰা লোকসকলৰ মেজ আৰু কপৌ বেচা লোকসকলৰ বেঞ্চবোৰ লুটিয়াই পেলালে। ১৩ আৰু যীচুৱে তেওঁলোকক কʼলে, “শাস্ত্ৰত লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ বুলি কোৱা হʼব,’ কিন্তু তোমালোকে ইয়াক ডকাইতৰ আড্ডা* বনাইছা।” ১৪ তাৰ পাছত মন্দিৰত অন্ধ আৰু খোৰা লোকসকলে যীচুৰ ওচৰলৈ আহিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।

১৫ যেতিয়া প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলে* যীচুৱে কৰা আচৰিত কামবোৰ দেখিলে আৰু লʼৰাবোৰে মন্দিৰত চিঞৰি, “হে ঈশ্বৰ দায়ূদৰ বংশক ৰক্ষা কৰা” বুলি কোৱা শুনিলে, তেতিয়া তেওঁলোকৰ বৰ খং উঠিল। ১৬ তেওঁলোকে যীচুক কʼলে, “তুমি শুনিছা নে সিহঁতে কি কৈ আছে?” যীচুৱে তেওঁলোকক কʼলে, “হয়, তোমালোকে এই বিষয়ে পঢ়া নাই নে, ‘তুমি সৰু লʼৰা-ছোৱালীৰ মুখৰ পৰা নিজৰ প্ৰশংসা কৰাইছা’?” ১৭ আৰু যীচুৱে তেওঁলোকক এৰি যিৰূচালেমৰ পৰা ওলাই বৈথনিয়ালৈ গʼল আৰু ৰাতিটো তাতে থাকিল।

১৮ যেতিয়া ৰাতিপুৱা সোনকালে তেওঁ যিৰূচালেমলৈ উভতি আহিছিল, তেতিয়া তেওঁৰ ভোক লাগিল। ১৯ আৰু ৰাস্তাৰ কাষত যেতিয়া তেওঁ এজোপা ডিমৰু গছ দেখা পালে, তেতিয়া তেওঁ তাৰ ওচৰলৈ গʼল, কিন্তু তাত পাতৰ বাহিৰে একো নাপালে। তেতিয়া তেওঁ গছ জোপাক কʼলে, “এতিয়াৰ পৰা তোৰ আৰু কেতিয়াও ফল নধৰক।” আৰু লগে লগে সেই ডিমৰু গছজোপা শুকাই গʼল। ২০ যেতিয়া শিষ্যসকলে এয়া দেখিলে, তেতিয়া তেওঁলোকে আচৰিত হৈ কʼবলৈ ধৰিলে, “এই ডিমৰু গছজোপা হঠাতে কেনেকৈ শুকাই গʼল?” ২১ যীচুৱে কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকে যদি সন্দেহ নকৰি বিশ্বাস কৰা, তেনেহʼলে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়, কিন্তু এই পাহাৰটোক যদি কোৱা, ‘ইয়াৰ পৰা উঠি সাগৰত পৰগৈ,’ তেতিয়া সেইদৰেই হʼব। ২২ আৰু তোমালোকে বিশ্বাসেৰে প্ৰাৰ্থনাত যি যি খোজা, সেই সকলোকে পাবা।”

২৩ যেতিয়া যীচুৱে মন্দিৰলৈ গৈ শিকায় আছিল, তেতিয়া প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলে তেওঁৰ ওচৰলৈ আহি কʼলে, “তুমি এইবোৰ কি অধিকাৰেৰে কৰিছা? আৰু এই অধিকাৰ তোমাক কোনে দিলে?” ২৪ যীচুৱে তেওঁলোকক কʼলে, “ময়ো তোমালোকক এটা কথা সোধোঁ। যদি তোমালোকে তাৰ উত্তৰ দিয়া, তেনেহʼলে ময়ো তোমালোকক কʼম যে মই এইবোৰ কি অধিকাৰেৰে কৰিছোঁ: ২৫ যোহন বাপ্তিষ্মা দিওঁতাক কোনে পঠাইছিল? স্বৰ্গত থকা ঈশ্বৰে, নে মানুহে?” তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, “যদি আমি কওঁ, ‘ঈশ্বৰে পঠাইছে,’ তেনেহʼলে তেওঁ আমাক কʼব, ‘তোমালোকে কিয় তেওঁক বিশ্বাস নকৰিলা?’ ২৬ কিন্তু আমি যদি কওঁ ‘মানুহে পঠাইছে,’ তেনেহʼলে নাজানোঁ, লোকসকলে আমাৰ লগত কি কৰিব, কিয়নো তেওঁলোকে যোহনক এজন ভৱিষ্যবক্তা বুলি বিশ্বাস কৰে।” ২৭ সেইবাবে, তেওঁলোকে যীচুক উত্তৰ দিলে, “আমি নাজানোঁ।” তেতিয়া যীচুৱে কʼলে, “তেনেহʼলে ময়ো তোমালোকক নকওঁ যে মই এইবোৰ কি অধিকাৰেৰে কৰিছোঁ।

২৮ তোমালোকে কি ভাবা? এজন ব্যক্তিৰ দুজন লʼৰা আছিল। তেওঁ প্ৰথম লʼৰাজনৰ ওচৰলৈ গৈ কʼলে, ‘আজি তুমি আঙুৰৰ খেতিত কাম কৰাগৈ।’ ২৯ তেতিয়া সেই লʼৰাজনে কʼলে, ‘মই নাযাওঁ,’ কিন্তু পাছত তেওঁৰ বেয়া লাগিল আৰু গʼল। ৩০ তাৰ পাছত দ্বিতীয়জন লʼৰাৰ ওচৰত গৈ দেউতাকে সেই একেই কথাকে কʼলে। লʼৰাজনে দেউতাকক কʼলে, ‘ঠিক আছে মই যাম।’ কিন্তু তেওঁ নগʼল। ৩১ এই দুজনৰ মাজত কোনে দেউতাকৰ ইচ্ছা পূৰ কৰিলে?” তেওঁলোকে কʼলে, “প্ৰথমজনে?” যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, কৰতোলা লোক আৰু বেশ্যাবিলাকে তোমালোকতকৈ আগেই ঈশ্বৰৰ ৰাজ্যত যাব। ৩২ কিয়নো যোহনে সত্যৰ পথ দেখুৱাবলৈ তোমালোকৰ ওচৰলৈ আহিছিল, তথাপিও তোমালোকে তেওঁৰ ওপৰত বিশ্বাস নকৰিলা। কিন্তু কৰতোলা আৰু বেশ্যাবিলাকে তেওঁৰ ওপৰত বিশ্বাস কৰিলে। আৰু এই সকলোবোৰ দেখাৰ সত্ত্বেও তোমালোকে অনুতাপ নকৰিলা আৰু তোমালোকে তেওঁৰ ওপৰত বিশ্বাস নকৰিলা।

৩৩ আৰু এটা উদাহৰণ শুনা: এজন মাটিৰ মালিকে আঙুৰৰ খেতি কৰে আৰু তাৰ চাৰিওফালে বেৰা দিয়ে। আঙুৰ পেৰিবলৈ তেওঁ এটা গাঁত খান্দিলে আৰু খেতিৰ পহৰা দিবলৈ এটা ওখ টঙি ঘৰ বনালে। তাৰ পাছত তেওঁ খেতি কৰা লোকসকলক সেইবোৰ গতাই বিদেশলৈ গুচি গʼল। ৩৪ যেতিয়া আঙুৰ চপোৱাৰ সময় আহিল, তেতিয়া তেওঁ নিজৰ ভাগ আনিবৰ কাৰণে খেতি কৰা লোকসকলৰ ওচৰলৈ নিজৰ দাসবিলাকক পঠালে। ৩৫ কিন্তু খেতি কৰা লোকসকলে তেওঁৰ দাসবিলাকক ধৰি এজনক কোবালে, এজনক হত্যা কৰিলে আৰু এজনক শিল দলিয়াই মাৰিলে। ৩৬ মালিকজনে প্ৰথমবাৰতকৈ আৰু বেছি দাস পঠালে। কিন্তু খেতি কৰা লোকসকলে তেওঁলোকৰ লগতো একেধৰণে ব্যৱহাৰ কৰিলে। ৩৭ অৱশেষত, তেওঁ নিজৰ লʼৰাক এইদৰে ভাবি তেওঁলোকৰ ওচৰলৈ পঠিয়ালে, ‘সিহঁতে নিশ্চয় মোৰ লʼৰাক সন্মান কৰিব।’ ৩৮ তেওঁৰ লʼৰাক দেখি খেতি কৰা লোকসকলে নিজৰ মাজতে কʼলে, ‘এৱেঁই উত্তৰাধিকাৰী। আহা, ইয়াক হত্যা কৰি তেওঁৰ সম্পত্তি লৈ লওঁ!’ ৩৯ তেতিয়া তেওঁলোকে তেওঁক ধৰি আঙুৰ খেতিৰ বাহিৰলৈ নি হত্যা কৰিলে। ৪০ গতিকে, যেতিয়া খেতিৰ মালিক আহিব, তেতিয়া খেতি কৰা লোকসকলৰ লগত কি কৰিব?” ৪১ তেওঁলোকে কʼলে, “তেওঁলোক দুষ্ট হয়, সেইবাবে তেওঁলোকক কোনো দয়া নেদেখুৱাকৈ নাশ কৰিব আৰু নিজৰ খেতিবোৰ সেই লোকসকলক গতাই দিব, যিসকলে আঙুৰ চপোৱাৰ পাছত মালিকৰ ভাগ দি দিব।”

৪২ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে শাস্ত্ৰত কেতিয়াও পঢ়া নাই নে, ‘ৰাজমিস্ত্ৰীসকলে যিটো শিল ব্যৱহাৰ নকৰিলে, সেয়াই চুকৰ প্ৰধান শিল* হৈ পৰিল।’ তোমালোকে এয়াও পঢ়া নাই নে, ‘এয়া যিহোৱাৰ* পৰা হʼল আৰু আমাৰ দৃষ্টিত আচৰিতজনক?’ ৪৩ সেইবাবে, মই তোমালোকক কওঁ যে ঈশ্বৰৰ ৰাজ্য তোমালোকৰ পৰা লৈ লোৱা হʼব আৰু এনে এক ৰাষ্ট্ৰক দিয়া হʼব, যি ৰাষ্ট্ৰই ৰাজ্যৰ কাৰণে উপযুক্ত ফল উৎপন্ন কৰিব। ৪৪ যি কোনোৱে এই শিলৰ ওপৰত পৰিব, তেওঁ ডোখৰ ডোখৰকৈ ভাঙি যাব আৰু যাৰ ওপৰত এই শিল পৰিব, তেওঁ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।”

৪৫ যেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে তেওঁৰ উদাহৰণবোৰ শুনিলে, তেতিয়া তেওঁলোকে বুজি পালে যে যীচুৱে তেওঁলোকৰ বিষয়ে কৈ আছে। ৪৬ যদিও তেওঁলোকে যীচুক ধৰিব* বিচাৰিছিল, কিন্তু ভিৰক ভয় কৰিছিল, কাৰণ লোকসকলে যীচুক এজন ভৱিষ্যবক্তা বুলি বিশ্বাস কৰিছিল।

২২ যীচুৱে আৰু এবাৰ তেওঁলোকক উদাহৰণ দি কʼলে, ২ “স্বৰ্গৰাজ্য এনে এজন ৰজাৰ দৰে হয়, যিজনে নিজৰ লʼৰাৰ বিয়াৰ কাৰণে ডাঙৰ ভোজৰ আয়োজন কৰিছে। ৩ এই ভোজলৈ নিমন্ত্ৰণ দিয়া লোকসকলক মাতিবলৈ তেওঁ নিজৰ দাসসকলক পঠাইছিল। কিন্তু তেওঁলোকে আহিব বিচৰা নাছিল। ৪ ৰজাই আকৌ কিছুমান দাসক এইদৰে কৈ পঠালে, ‘যিসকলক নিমন্ত্ৰণ দিয়া হৈছে, তেওঁলোকক কোৱাগৈ, “চোৱা! মই আহাৰ তৈয়াৰ কৰিলোঁ, মই মোৰ জন্তুবোৰৰ ভিতৰত আটাইতকৈ ভাল জন্তুবোৰ কাটিছোঁ আৰু সকলো তৈয়াৰ হʼল। বিয়াৰ ভোজলৈ আহি যোৱা।”’ ৫ কিন্তু কোনেও ধ্যানেই নিদিলে আৰু তেওঁলোকে নিজৰ নিজৰ কামত লাগি গʼল, কিছুমানে নিজৰ খেতিলৈ আৰু কিছুমানে নিজৰ ব্যৱসায়লৈ ওলাই গʼল। ৬ আৰু আন কিছুমানে তেওঁৰ দাসসকলক ধৰি তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰিলে আৰু তেওঁলোকক হত্যা কৰিলে।

৭ তেতিয়া ৰজাৰ বৰ খং উঠিল আৰু তেওঁ নিজৰ সেনা পঠাই সেই হত্যাকাৰীসকলক হত্যা কৰালে। আৰু তেওঁলোকৰ চহৰ জ্বলাই ধ্বংস কৰি দিলে। ৮ ইয়াৰ পাছত তেওঁ নিজৰ দাসসকলক কʼলে, ‘বিয়াৰ ভোজৰ বাবে সকলো তৈয়াৰ কৰা হʼল, কিন্তু যিসকলক মতা হৈছিল, তেওঁলোক ইয়াৰ বাবে যোগ্য নাছিল। ৯ সেইবাবে, চহৰৰ ডাঙৰ ডাঙৰ ৰাস্তালৈ যোৱা আৰু তোমালোকে তাত যাকে পোৱা, তেওঁক* বিয়াৰ ভোজলৈ মাতি আনা।’ ১০ তেতিয়া সেই দাসসকলে ৰাস্তালৈ ওলাই গʼল আৰু তেওঁলোকে ভাল বা বেয়া যিমান লোকক লগ পালে, সেই সকলোকে লৈ আনিলে। আৰু বিয়াঘৰ আলহীৰে ভৰি পৰিল।

১১ যেতিয়া ৰজাই আলহীক চাবলৈ ভিতৰলৈ সোমালে, তেতিয়া তেওঁ বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহক দেখিলে। ১২ তেতিয়া তেওঁ সেই মানুহজনক সুধিলে, ‘বন্ধু, তুমি বিয়াৰ কাপোৰ নিপিন্ধাকৈ ভিতৰলৈ কেনেকৈ আহিলা?’ তেওঁ একো উত্তৰ দিব নোৱাৰিলে। ১৩ তেতিয়া ৰজাই নিজৰ সেৱকসকলক কʼলে, ‘ইয়াৰ হাত ভৰি বান্ধি বাহিৰত আন্ধাৰত পেলাই দিয়া, যʼত সি কান্দিব আৰু দাঁত কৰচিব।’

১৪ সেইবাবে, নিমন্ত্ৰণ বহুতো লোকে পাইছে, কিন্তু কম লোককহে বাছনি কৰা হৈছে।”

১৫ তাৰ পাছত ফৰীচীবিলাক গুচি গʼল আৰু তেওঁলোকে নিজৰ মাজতে ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে যাতে তেওঁলোকে যীচুক তেওঁৰ কথাতে ফান্দত পেলাব পাৰে। ১৬ সেইবাবে, তেওঁলোকে নিজৰ শিষ্যসকলক হেৰোদৰ গোটৰ লোকসকলৰ লগত যীচুৰ ওচৰলৈ পঠালে। তেওঁলোকে যীচুক কʼলে, “হে গুৰু, আমি জানোঁ যে আপুনি সকলো সময়তে সঁচা কথা কয় আৰু ঈশ্বৰৰ বিষয়ে সত্য শিকায়। আপুনি লোকসকলৰ পৰা প্ৰশংসা পাবলৈ চেষ্টা নকৰে, কিয়নো আপুনি কাৰোবাৰ বাহিৰৰ ৰূপ চাই ব্যৱহাৰ নকৰে। ১৭ সেইবাবে, আমাক কওক আপুনি কি ভাবে, সম্ৰাটক* কৰ দিয়াটো উচিত হয় নে নহয়?” ১৮ কিন্তু তেওঁলোকৰ উদ্দেশ্য সঠিক নহয় বুলি যীচুৱে বুজি পালে আৰু তেওঁ কʼলে, “হে কপটীয়াবিলাক, তোমালোকে মোৰ পৰীক্ষা কিয় কৰিছা? ১৯ মোক কৰ দিয়া মুদ্ৰা দেখুৱা।” তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ এক দীনাৰ* আনিলে। ২০ যীচুৱে তেওঁলোকক সুধিলে, “ইয়াত কাৰ ছবি আৰু নাম আছে?” ২১ তেওঁলোকে কʼলে, “সম্ৰাটৰ।” তেতিয়া যীচুৱে কʼলে, “সেইবাবে যি সম্ৰাটৰ হয়, সেয়া সম্ৰাটক দিয়া আৰু যি ঈশ্বৰৰ হয়, সেয়া ঈশ্বৰক দিয়া।” ২২ এই কথা শুনি তেওঁলোক আচৰিত হʼল আৰু তেওঁক এৰি তাৰ পৰা গুচি গʼল।

২৩ মৃতবিলাকক আকৌ জীয়াই তোলা হʼব* বুলি বিশ্বাস নকৰা চদ্দূকীসকলে আহি যীচুক সুধিলে, ২৪ “হে গুৰু, মোচিয়ে কৈছিল, ‘যদি কোনো ব্যক্তি সন্তান নোহোৱাকৈ মৰি যায়, তেনেহʼলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰিব আৰু নিজৰ মৃত ককায়েকৰ কাৰণে সন্তান জন্ম দিব।’ ২৫ আমাৰ ইয়াত সাতজন ভাই-ককাই আছিল। প্ৰথমজনে বিয়া কৰি সন্তান নোহোৱাকৈ মৰিল। আৰু ভায়েকৰ কাৰণে নিজৰ পত্নী এৰি গʼল। ২৬ এইদৰে দ্বিতীয় আৰু তৃতীয়জনৰ লগত হʼল, আনকি সাতজনলৈকে এইদৰেই হʼল। ২৭ অৱশেষত, সেই তিৰোতাগৰাকীও মৰি গʼল। ২৮ তেনেহʼলে মৃতবিলাকক যেতিয়া আকৌ জীয়াই তোলা হʼব, তেতিয়া তেওঁ সেই সাতজনৰ ভিতৰত কাৰ পত্নী হʼব? কাৰণ সেই সাতজনেই তেওঁক বিয়া কৰিছিল।”

২৯ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে ভুল বুজিছা, কিয়নো তোমালোকে শাস্ত্ৰ আৰু ঈশ্বৰৰ শক্তিৰ বিষয়ে নাজানা। ৩০ কাৰণ যেতিয়া মৃতবিলাকক আকৌ জীয়াই তোলা হʼব, তেতিয়া কোনো পুৰুষ বা তিৰোতাই বিয়া নকৰিব, কিন্তু তেওঁলোক স্বৰ্গদূতৰ দৰে হʼব। ৩১ মৃতবিলাকক আকৌ জীয়াই তোলাৰ বিষয়ে ঈশ্বৰে তোমালোকক যি কৈছিল, সেয়া তোমালোকে পঢ়া নাই নে, ৩২ ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ আৰু যাকোবৰ ঈশ্বৰ হওঁ’? তেওঁ মৃতবিলাকৰ নহয়, কিন্তু জীৱিতবিলাকৰ ঈশ্বৰ।” ৩৩ এই কথা শুনি লোকসকলে তেওঁৰ শিক্ষাত আচৰিত হʼল।

৩৪ যেতিয়া ফৰীচীসকলে শুনিলে যে চদ্দূকীবিলাকে যীচুক কোনো উত্তৰ দিব নোৱাৰিলে, তেতিয়া তেওঁলোকে একগোট হৈ যীচুৰ ওচৰলৈ আহিল। ৩৫ তেওঁলোকৰ মাজৰ নিয়মৰ বিষয়ে ভালদৰে জনা এজনে যীচুক পৰীক্ষা কৰিবলৈ এইদৰে সুধিলে, ৩৬ “হে গুৰু, নিয়মৰ ভিতৰত কোনটো আজ্ঞা প্ৰধান?” ৩৭ তেওঁ কʼলে, “‘তুমি নিজৰ ঈশ্বৰ যিহোৱাক* নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ* আৰু সম্পূৰ্ণ মগজুৰে প্ৰেম কৰিবা।’ ৩৮ এইটোৱে প্ৰধান আৰু প্ৰথম আজ্ঞা। ৩৯ আৰু ইয়াৰ দৰে দ্বিতীয় আজ্ঞাটো হৈছে, ‘তুমি নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।’ ৪০ গোটেই নিয়ম আৰু ভৱিষ্যবক্তাসকলৰ শিক্ষা এই দুটা আজ্ঞাৰ ওপৰতে আধাৰিত।”

৪১ যেতিয়া ফৰীচীসকল তাত একগোট হৈ আছিল, তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, ৪২ “তোমালোকে খ্ৰীষ্টৰ বিষয়ে কি ভাবা? তেওঁ কাৰ বংশৰ হয়?” তেওঁলোকে কʼলে, “দায়ূদৰ।” ৪৩ তেওঁ কʼলে, “তেনেহʼলে দায়ূদে কিয় পবিত্ৰ শক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁক প্ৰভু বুলি কয় আৰু এইদৰে কয়, ৪৪ ‘যিহোৱাই* মোৰ প্ৰভুক কʼলে, “মই তোমাৰ শত্ৰুবিলাকক তোমাৰ ভৰিৰ তল নকৰালৈকে তুমি মোৰ সোঁহাতে বহি থাকা”’? ৪৫ সেইবাবে, দায়ূদে যদি তেওঁক প্ৰভু বুলি কয়, তেনেহʼলে তেওঁ দায়ূদৰ বংশৰ কেনেকৈ হʼব পাৰে?” ৪৬ তেতিয়া তেওঁক কোনেও উত্তৰ দিব নোৱাৰিলে আৰু সেই দিনাৰে পৰা তেওঁক কিবা সুধিবলৈ কাৰো সাহস নহʼল।

২৩ ইয়াৰ পাছত যীচুৱে লোকসকলক আৰু তেওঁৰ শিষ্যসকলক কʼলে, ২ “নিয়ম শিকোৱা লোক* আৰু ফৰীচীবিলাকে মোচিৰ আসনত বহি আছে। ৩ সেইবাবে, তেওঁলোকে যি কৰিবলৈ কয়, সেই সকলো পালন কৰা, কিন্তু তেওঁলোকৰ দৰে তোমালোকে কাম নকৰিবা, কিয়নো তেওঁলোকে যি কয়, সেয়া নকৰে। ৪ তেওঁলোকে বনোৱা নিয়ম গধুৰ বোজাৰ দৰে হয়, যিবোৰ তেওঁলোকে লোকসকলৰ কান্ধত দি দিয়ে, কিন্তু নিজে এটা আঙুলিৰেও সেই ভাৰ লৰাব নিবিচাৰে। ৫ তেওঁলোকে সকলো কাম আনক দেখুৱাবলৈ কৰে, সেইবাবে তেওঁলোকে নিজৰ তাবিজ* ডাঙৰকৈ বনায় আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে। ৬ তেওঁলোকে ৰাতিৰ ভোজত প্ৰধান ঠাই আৰু সভাঘৰত সকলোতকৈ আগত থকা* আসনত বহি ভাল পায়। ৭ বজাৰত লোকসকলে নমস্কাৰ কʼলে আৰু গুৰু* বুলি মাতিলে তেওঁলোকে ভাল পায়। ৮ কিন্তু তোমালোকক গুৰু বুলি মতা নহওক, কিয়নো তোমালোকৰ গুৰু এজনেই আছে আৰু তোমালোক সকলোৱে ভাই ভাই হোৱা। ৯ আৰু পৃথিৱীত কাকো ‘পিতৃ’ বুলি নামাতিবা, কিয়নো তোমালোকৰ এজনেই পিতৃ আছে, যি স্বৰ্গত আছে। ১০ তোমালোকক ‘নেতা’ বুলি কোৱা নহওক, কিয়নো তোমালোকৰ এজনেই নেতা আছে, তেওঁ হৈছে খ্ৰীষ্ট। ১১ কিন্তু তোমালোকৰ মাজত যিজন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ সেৱক হওক। ১২ যি কোনোৱে নিজকে ডাঙৰ কৰে, তেওঁক সৰু কৰা হʼব আৰু যি কোনোৱে নিজকে সৰু কৰে, তেওঁক ডাঙৰ কৰা হʼব।

১৩ হে কপটীয়া নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাক, মই তোমালোকক নিন্দা কৰিছোঁ! কিয়নো মানুহবিলাক নোসোমাবলৈ তোমালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছা। তোমালোকে নিজেও নোসোমোৱা আৰু সোমাবলৈ বিচৰা লোককো ভিতৰত সোমাবলৈ নিদিয়া। ১৪* ⁠—

১৫ হে কপটীয়া নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাক, মই তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোকে এজন ব্যক্তিক যিহূদী ধৰ্ম গ্ৰহণ কৰাবলৈ গোটেই সমুদ্ৰ আৰু পৃথিৱীত ঘূৰি ফুৰা। আৰু যেতিয়া তেওঁ সেই ধৰ্ম গ্ৰহণ কৰে, তেতিয়া তোমালোকে তেওঁক গেহেনাত* ধ্বংস হʼবলৈ নিজতকৈ দুগুণ যোগ্য কৰি তোলা।

১৬ আনক পথ দেখুৱা হে অন্ধবিলাক, মই তোমালোকক নিন্দা কৰিছোঁ! তোমালোকে কোৱা, ‘যদি কোনোবাই মন্দিৰৰ শপত খায়, তেনেহʼলে একো নহয়। কিন্তু তেওঁ যদি মন্দিৰৰ সোণৰ শপত খায়, তেনেহʼলে তেওঁ নিজৰ শপত পূৰ কৰিবই লাগিব।’ ১৭ হে মূৰ্খ আৰু অন্ধবিলাক! আচলতে কোনটো ডাঙৰ, সোণ নে সোণক পবিত্ৰ কৰা মন্দিৰ? ১৮ তোমালোকে এয়াও কোৱা, ‘যদি কোনোবাই বেদীৰ শপত খায়, তেনেহʼলে একো নহয়। কিন্তু তেওঁ যদি সেই বেদীৰ ওপৰত ৰখা বলিদানৰ শপত খায়, তেনেহʼলে তেওঁ নিজৰ শপত পূৰ কৰিবই লাগিব।’ ১৯ হে অন্ধবিলাক! আচলতে কোনটো ডাঙৰ, বলিদান নে বলিদানক পবিত্ৰ কৰা সেই বেদী? ২০ সেইবাবে, যিজনে বেদীৰ শপত খায়, তেওঁ বেদী আৰু তাৰ ওপৰত ৰখা সকলো বস্তুৰ শপত খায়। ২১ যিজনে মন্দিৰৰ শপত খায়, তেওঁ মন্দিৰ আৰু মন্দিৰত বাস কৰা ঈশ্বৰৰো শপত খায়। ২২ যিজনে স্বৰ্গৰ শপত খায়, তেওঁ ঈশ্বৰৰ সিংহাসন আৰু তাৰ ওপৰত বহা ঈশ্বৰৰো শপত খায়।

২৩ হে কপটীয়া নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাক, মই তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোকে পদিনা, গুৱামৰি আৰু জীৰাৰ* দশম ভাগ দিয়া, কিন্তু নিয়মৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ অৰ্থাৎ ন্যায়, দয়া আৰু বিশ্বাসী হৈ থকাৰ ওপৰত কোনো গুৰুত্ব নিদিয়া। তোমালোকে এই বস্তুবোৰ দিয়াৰ লগতে আন আজ্ঞাবোৰো অৱহেলা কৰা উচিত নাছিল। ২৪ আনক পথ দেখুৱা হে অন্ধবিলাক! তোমালোকে মহক* চেকি পেলোৱা, কিন্তু উটকে গিলি খোৱা!

২৫ হে কপটীয়া নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাক, মই তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোক সেই কাঁহী-বাটিৰ নিচিনা হোৱা, যিবোৰ কেৱল বাহিৰৰ পৰা চাফা কৰা হয়, কিন্তু ভিতৰৰ ফালে লেতেৰা হৈ থাকে। তোমালোকৰ অন্তৰ লোভেৰে* পৰিপূৰ্ণ আৰু তোমালোক কেৱল নিজৰ ইচ্ছা পূৰ কৰাত ব্যস্ত হৈ থাকা। ২৬ হে অন্ধ ফৰীচীবিলাক, প্ৰথমে কাঁহী-বাটি ভিতৰৰ পৰা চাফা কৰা, তেতিয়া সেইবোৰ বাহিৰৰ পৰাও চাফা হʼব।

২৭ হে কপটীয়া নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাক, মই তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোক বগাকৈ লিপা কবৰৰ নিচিনা, যি বাহিৰৰ পৰা দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰত মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰৰ মলিৰে পৰিপূৰ্ণ। ২৮ ঠিক সেইদৰে, তোমালোকে বাহিৰ ফালে মানুহে দেখাত ভাল ব্যক্তি, কিন্তু ভিতৰত কপট আৰু দুষ্টতাৰে পূৰ হৈ আছা।

২৯ হে কপটীয়া নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাক, মই তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোকে ভৱিষ্যবক্তাসকলৰ কবৰ বনোৱা আৰু ভাল লোকসকলৰ কবৰ* সজোৱা ৩০ আৰু তোমালোকে কোৱা, ‘আমি নিজৰ পূৰ্বপুৰুষসকলৰ সময়ত থকা হʼলে ভৱিষ্যবক্তাসকলক হত্যা কৰিবলৈ সহযোগ নকৰিলোঁহেঁতেন।’ ৩১ এইদৰে তোমালোক ভৱিষ্যবক্তাসকলক হত্যা কৰাবিলাকৰ সন্তান হয় বুলি নিজৰ বিৰুদ্ধে নিজে সাক্ষ্য দিছা। ৩২ তোমালোকৰ পূৰ্বপুৰুষে যি কাম আৰম্ভ কৰিছিল, তাক শেষ কৰা।*

৩৩ হে সাপ আৰু বিষাক্ত সাপৰ বংশবিলাক, তোমালোকে গেহেনাৰ* শাস্তিৰ পৰা কেনেকৈ বাচি থাকিব পাৰিবা? ৩৪ সেইবাবে, মই তোমালোকৰ ওচৰলৈ ভৱিষ্যবক্তা, বুদ্ধিমান আৰু লোকসকলক শিকোৱা শিক্ষকসকলক পঠাইছোঁ। তেওঁলোকৰ মাজৰ কিছুমানক তোমালোকে হত্যা কৰিবা আৰু কাঠত আঁৰি দিবা আৰু আন কিছুমানক সভাঘৰত চাবুকেৰে কোবাবা আৰু চহৰে চহৰে গৈ তেওঁলোকক তাড়না দিবা। ৩৫ যিমান ভাল মানুহক পৃথিৱীত হত্যা কৰা হৈছে, যেনে, হেবলৰ পৰা বৰখিয়াৰ লʼৰা জখৰিয়ালৈকে, যিসকলক তোমালোকে মন্দিৰ আৰু বেদীৰ মাজত হত্যা কৰিছিলা, সেই সকলোৰে হত্যাৰ দোষ তোমালোকৰ ওপৰত আহি পৰক। ৩৬ মই তোমালোকক সঁচাকৈ কৈছোঁ, এইবোৰ এই যুগৰ লোকসকলৰ ওপৰত আহি পৰিব।

৩৭ যিৰূচালেম, হে যিৰূচালেম, তই ভৱিষ্যবক্তাসকলক হত্যা কৰিলি আৰু যিসকলক তোৰ ওচৰলৈ পঠোৱা হৈছিল, তেওঁলোকক শিল দলিয়াই মাৰিলি। কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোৰ সন্তানবোৰক চপাই লʼবলৈ ইচ্ছা কৰিছিলোঁ। কিন্তু তহঁতি সন্মত নহʼলি। ৩৮ চোৱা! ঈশ্বৰে তোমালোকৰ ঘৰখনক* এৰি দিছে।* ৩৯ মই তোমালোকক কওঁ, ‘যিজন যিহোৱাৰ* নামেৰে আহে, তেওঁ ধন্য!’ এই কথা নোকোৱালৈকে তোমালোকে এতিয়াৰ পৰা মোক কেতিয়াও দেখা নাপাবা।”

২৪ যীচুৱে যেতিয়া মন্দিৰৰ পৰা বাহিৰলৈ গৈ আছিল, তেতিয়া তেওঁৰ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি তেওঁক গোটেই মন্দিৰটো দেখুৱাবলৈ ধৰিলে। ২ তেতিয়া যীচুৱে শিষ্যসকলক কʼলে, “তোমালোকে এইবোৰ দেখি আচৰিত হৈছা নেকি? মই তোমালোকক সঁচাকৈ কৈছোঁ, এইবোৰৰ এটাও শিল, আনটো শিলৰ ওপৰত নাথাকিব। সকলোবিলাক ধ্বংস হৈ যাব।”

৩ যেতিয়া তেওঁ জৈতুন পাহাৰত বহি আছিল, তেতিয়া শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি অকলে তেওঁক সুধিলে, “এইবোৰ কেতিয়া হʼব, আপোনাৰ উপস্থিতি* আৰু এই জগতৰ ব্যৱস্থাৰ* শেষ সময়ৰ চিন কি হʼব? এই বিষয়ে আমাক কওক।”

৪ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “কোনেও যেন তোমালোকক নুভুলায়, এই বিষয়ে সাৱধান হোৱা। ৫ কাৰণ বহুতো লোকে মোৰ নামেৰে আহি কʼব, ‘ময়েই খ্ৰীষ্ট’ আৰু এইদৰে কৈ তেওঁলোকে বহুতো লোকক ভুলাব। ৬ তোমালোকে যুদ্ধৰ মাত আৰু যুদ্ধৰ খবৰ শুনিবলৈ পাবা, কিন্তু ভয় নাখাবা। কিয়নো এইদৰে হʼব লাগিব, কিন্তু তেতিয়াও অন্ত নহʼব।

৭ কিয়নো এটা ৰাষ্ট্ৰই আন এটা ৰাষ্ট্ৰৰ বিৰুদ্ধে আৰু এখন ৰাজ্যই আন এখন ৰাজ্যৰ বিৰুদ্ধে উঠিব। ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হʼব। ৮ এই সকলো প্ৰসৱ বেদনাৰ দৰে সমস্যাবোৰৰ আৰম্ভণিহে মাথোন।

৯ তেতিয়া লোকসকলে তোমালোকক তাড়না দিবলৈ শত্ৰুৰ হাতত গতাই দিব, তোমালোকক হত্যা কৰিব আৰু মোৰ নামৰ কাৰণে সকলো ৰাষ্ট্ৰৰ লোকসকলে তোমালোকক ঘিণ কৰিব। ১০ ইয়াৰ উপৰিও, বহুতো লোক ঈশ্বৰৰ পৰা আঁতৰি যাব,* এজনে-আনজনৰ লগত বিশ্বাসঘাত কৰিব আৰু এজনে-আনজনক ঘিণ কৰিব। ১১ বহুতো মিছা ভৱিষ্যবক্তা ওলাই বহুতো লোকক ভুলাব। ১২ আৰু দুষ্টতা* বাঢ়ি যোৱাৰ বাবে বহুতো লোকৰ প্ৰেম ঠাণ্ডা হৈ পৰিব। ১৩ কিন্তু যিজনে শেষলৈকে ধৈৰ্য ধৰিব,* তেৱেঁই উদ্ধাৰ পাব। ১৪ আৰু সকলো ৰাষ্ট্ৰই সাক্ষ্য পাবলৈ ৰাজ্যৰ এই শুভবাৰ্তা গোটেই জগতত প্ৰচাৰ কৰা হʼব আৰু ইয়াৰ পাছতহে অন্ত আহিব।

১৫ সেইবাবে, তোমালোকে যেতিয়া ধ্বংসকাৰী ঘিণলগীয়া বস্তু, যাৰ বিষয়ে ভৱিষ্যবক্তা দানিয়েলে কৈছিল, পবিত্ৰ ঠাইত থিয় হৈ থকা দেখিবা (পঢ়োঁতাজনে বুদ্ধি ব্যৱহাৰ কৰক), ১৬ তেতিয়া যিসকলে যিহূদিয়াত আছে, তেওঁলোকে পাহাৰৰ ফালে পলাবলৈ আৰম্ভ কৰক। ১৭ যিজন ব্যক্তিয়ে ঘৰৰ চাদৰ ওপৰত আছে, তেওঁ নিজৰ ঘৰৰ পৰা বস্তু লʼবলৈ তললৈ নামি নাহক। ১৮ আৰু যিজন ব্যক্তিয়ে পথাৰত আছে, তেওঁ নিজৰ কাপোৰখন লʼবলৈ উলটি নাযাওক। ১৯ গৰ্ভৱতী তিৰোতা আৰু কেঁচুৱাক গাখীৰ খোৱাওঁতা তিৰোতাসকলৰ বাবে সেই দিনটো কিমান যে ভয়ানক হʼব! ২০ তোমালোকে যেন জাৰকালি বা বিশ্ৰাম-বাৰে পলাবলগীয়া নহয়, তাৰ কাৰণে প্ৰাৰ্থনা কৰি থাকা। ২১ কিয়নো সেই সময়ত এনে মহা-সংকট হʼব, যি জগতৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে কেতিয়াও হোৱা নাই আৰু নহʼবও। ২২ আচলতে সেই দিনৰ সংখ্যা যদি কম কৰা নহয়, তেনেহʼলে কোনো মানুহ ৰক্ষা নপৰিব। কিন্তু বাছনি কৰা লোকৰ কাৰণে সেই দিনৰ সংখ্যা কম কৰা হʼব।

২৩ সেই সময়ত যদি কোনোবাই তোমালোকক কয়, ‘চোৱা! খ্ৰীষ্ট ইয়াত আছে,’ বা ‘তাত আছে,’ তেনেহʼলে বিশ্বাস নকৰিবা। ২৪ কিয়নো মিছা খ্ৰীষ্ট আৰু মিছা ভৱিষ্যবক্তা ওলাব আৰু সম্ভৱ হʼলে বাছনি কৰা লোকসকলকো ভুলাবলৈ তেওঁলোকে ডাঙৰ ডাঙৰ চমৎকাৰ কৰিব। ২৫ চোৱা! মই তোমালোকক আগতীয়াকৈ সাৱধান কৰিছোঁ। ২৬ সেইবাবে, মানুহে যদি তোমালোকক কয়, ‘চোৱা! তেওঁ অৰণ্যত* আছে,’ তেনেহʼলে বাহিৰলৈ নাযাবা। ‘চোৱা! তেওঁ ভিতৰ কোঠালিত আছে,’ তেনেহʼলে বিশ্বাস নকৰিবা। ২৭ কিয়নো যেনেকৈ বিজুলীয়ে পূব দিশত চমকনি মাৰিলে পশ্চিমলৈকে দেখিবলৈ পোৱা যায়, মানুহৰ পুত্ৰৰ উপস্থিতিও* তেনেকুৱাই হʼব। ২৮ যʼত মৃতদেহ থাকে, তাত ঈগলো* গোট খায়।

২৯ সেই সময়ৰ সংকটৰ পাছতেই সূৰ্য অন্ধকাৰময় হʼব, চন্দ্ৰই পোহৰ নিদিব, আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ শক্তিবোৰ লৰোৱা হʼব। ৩০ তেতিয়া মানুহৰ পুত্ৰৰ চিন আকাশত দেখিবলৈ পোৱা যাব আৰু পৃথিৱীৰ সকলো জাতিয়ে দুখত হিয়া ভুকুৱাব আৰু তেওঁলোকে মানুহৰ পুত্ৰক শক্তি আৰু মহিমাৰে সৈতে আকাশৰ মেঘৰ ওপৰত অহা দেখিব। ৩১ আৰু তেওঁ তূৰীৰ মহা শব্দেৰে নিজৰ স্বৰ্গদূতসকলক পঠাব আৰু তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন এক সীমালৈকে, চাৰিও দিশৰ পৰা তেওঁৰ বাছনি কৰা লোকসকলক একগোট কৰিব।

৩২ এতিয়া ডিমৰু গছৰ উদাহৰণৰ পৰা এই কথা শিকা: যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে, তেতিয়া গৰমকাল ওচৰ পালেহি বুলি তোমালোকে জানা। ৩৩ ঠিক সেইদৰে, যেতিয়া তোমালোকে এই সকলো কথা হোৱা দেখিবা, তেতিয়া মানুহৰ পুত্ৰ ওচৰ চাপি দুৱাৰ মুখ পালেহি বুলি তোমালোকে জানিবা। ৩৪ মই তোমালোকক সঁচাকৈ কৈছোঁ, যেতিয়ালৈকে এই সকলো কথা পূৰ নহʼব, তেতিয়ালৈকে এই যুগৰ লোকসকল কেতিয়াও লুপ্ত নহʼব। ৩৫ আকাশ আৰু পৃথিৱী লুপ্ত হʼব, কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহʼব।

৩৬ পিতৃৰ বাহিৰে স্বৰ্গৰ দূত, পুত্ৰ বা আন কোনেও সেই দিন আৰু সেই সময়ৰ বিষয়ে নাজানে। ৩৭ নোহৰ দিনৰ পৰিস্থিতি যেনেকুৱা আছিল, মানুহৰ পুত্ৰৰ উপস্থিতিৰ* সময়ৰ পৰিস্থিতিও তেনেকুৱাই হʼব। ৩৮ কাৰণ জলপ্লাৱনৰ আগেয়ে যেতিয়ালৈকে নোহ জাহাজত সোমোৱা নাছিল, তেতিয়ালৈকে লোকসকলে খোৱা-বোৱা আৰু বিয়া-বাৰু কৰিছিল ৩৯ আৰু যেতিয়ালৈকে জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিলে, তেতিয়ালৈকে তেওঁলোকে কোনো ধ্যানেই নিদিলে। মানুহৰ পুত্ৰৰ উপস্থিতিও ঠিক তেনেকুৱাই হʼব। ৪০ তেতিয়া দুজন মানুহ পথাৰত কাম কৰি থাকিব, এজনক লোৱা হʼব, কিন্তু আনজনক এৰি দিয়া হʼব। ৪১ দুগৰাকী তিৰোতাই হাতেৰে জাঁত পিহি থাকিব, এগৰাকীক লোৱা হʼব, কিন্তু আন গৰাকীক এৰি দিয়া হʼব। ৪২ সেইবাবে, জাগি থাকা; কিয়নো তোমালোকৰ প্ৰভু কোন সময়ত আহিব, সেয়া তোমালোকে নাজানা।

৪৩ কিন্তু এই বিষয়ে চিন্তা কৰা, কোন পৰত* চোৰ আহিব, সেই বিষয়ে গৃহস্থজনে জনা হʼলে জাগি থাকি চোৰক নিজৰ ঘৰত সোমাবলৈ নিদিলেহেঁতেন। ৪৪ সেইবাবে, তোমালোকেও সাজু হৈ থাকা, কিয়নো যি সময়ৰ কথা তোমালোকে ভবাই নাই, সেই সময়তেই মানুহৰ পুত্ৰ আহিব।

৪৫ সেই বিশ্বাসী আৰু বুদ্ধিমান* দাস কোন, যিজনক উচিত সময়ত আহাৰ দিবলৈ তেওঁৰ মালিকে নিজৰ ঘৰৰ কৰ্মচাৰীৰ ওপৰত গৰাকী পাতিলে? ৪৬ মালিকে আহি যদি সেই দাসক এইদৰেই কৰা দেখে, তেনেহʼলে সেই দাস সুখী! ৪৭ মই তোমালোকক সঁচাকৈ কৈছোঁ, মালিকে নিজৰ সকলো সম্পত্তিৰ ওপৰত তেওঁক গৰাকী পাতিব।

৪৮ কিন্তু সেই দুষ্ট দাসজনে যদি মনতে ভাবে, ‘মোৰ মালিকে আহিবলৈ দেৰি কৰিছে’ ৪৯ আৰু নিজৰ লগত কাম কৰা আন দাসসকলক মাৰ-পিট কৰিবলৈ আৰু মতলীয়াবোৰৰ লগত খোৱা-বোৱা কৰিবলৈ ধৰে, ৫০ তেনেহʼলে যি দিনৰ বিষয়ে সেই দাসে আশাই কৰা নাই আৰু যি সময়ৰ বিষয়ে তেওঁ নাজানে, সেই দিন বা সেই সময়তেই তেওঁৰ মালিক আহিব। ৫১ আৰু মালিকে তেওঁক কঠোৰ শাস্তি দিব আৰু সেই ঠাইত পেলাই দিব, যʼত কপটীয়াবিলাকক পেলোৱা হয়। তাত সি কান্দিব আৰু দাঁত কৰচিব।

২৫ স্বৰ্গৰাজ্যৰ তুলনা সেই দহগৰাকী কন্যাৰ লগত কৰিব পাৰি, যিসকলে নিজৰ নিজৰ চাকি লৈ দৰাক আগবঢ়াই আনিবলৈ ওলাই গৈছে। ২ তেওঁলোকৰ ভিতৰত পাঁচজনী মূৰ্খ আৰু পাঁচজনী বুদ্ধিমান* আছিল। ৩ কিয়নো মূৰ্খ কেইজনীয়ে নিজৰ নিজৰ লগত চাকিটো লৈছে, কিন্তু তেল লোৱা নাই। ৪ আনহাতে বুদ্ধিমান কেইজনীয়ে চাকিৰ লগতে নিজৰ নিজৰ পাত্ৰত তেলো লʼলে। ৫ যেতিয়া দৰাই আহিবলৈ দেৰি কৰিছিল, তেতিয়া সকলো কন্যাই ভাগৰি টোপনি গʼল। ৬ যেতিয়া মাজনিশাত এই চিঞৰ শুনিবলৈ পোৱা গʼল, ‘চোৱা, দৰা আহিছে! বʼলা তেওঁক লগ কৰিবলৈ বাহিৰলৈ যাওঁ।’ ৭ তেতিয়া সকলো কন্যাই উঠি তেওঁলোকে নিজৰ নিজৰ চাকি সাজু কৰিবলৈ ধৰিলে। ৮ যিসকল মূৰ্খ আছিল, তেওঁলোকে বুদ্ধিমান কেইজনীক কʼলে, ‘তোমালোকৰ তেলৰ পৰা আমাকো অলপ দিয়া, কিয়নো আমাৰ চাকি নুমাবলৈ ধৰিছে।’ ৯ কিন্তু বুদ্ধিমান কেইজনীয়ে কʼলে, ‘হয়তো তোমালোকক দিলে আমালৈ নুজুৰিব। সেইবাবে, তেল বেচোঁতাৰ ওচৰলৈ গৈ তোমালোকৰ কাৰণে কিনি আনাগৈ।’ ১০ যেতিয়া তেওঁলোকে কিনিবলৈ গৈ আছিল, তেতিয়াই দৰা আহি পালে। যি কেইজনী কন্যা সাজু আছিল, তেওঁলোকে দৰাৰ লগত বিয়াৰ ঘৰত সোমাল আৰু দুৱাৰখন বন্ধ কৰা হʼল। ১১ পাছত আন কেইজনী কন্যাই আহি কʼবলৈ ধৰিলে, ‘দৰা, আমাৰ কাৰণে দুৱাৰখন খুলি দিয়ক!’ ১২ কিন্তু দৰাই কʼলে, ‘মই সঁচাকৈ কৈছোঁ, মই তোমালোকক চিনি নাপাওঁ।’

১৩ সেইবাবে, জাগি থাকা, কিয়নো সেই দিন বা সময়ৰ বিষয়ে তোমালোকে নাজানা।

১৪ স্বৰ্গৰাজ্য এনে এজন ব্যক্তিৰ দৰে হয়, যিজনে বিদেশলৈ যোৱাৰ আগতে নিজৰ দাসসকলক মাতি নিজৰ সম্পত্তি গতাই দিলে। ১৫ তেওঁ এজনক পাঁচ গাগৰি,* এজনক দুই গাগৰি, এজনক এক গাগৰি দিলে। এইদৰে প্ৰতিজনকে যোগ্য অনুসাৰে ধন দি বিদেশলৈ গুচি গʼল। ১৬ যিজন দাসে পাঁচ গাগৰি পাইছিল, তেওঁ লগে লগে গৈ সেই পইচা* ব্যৱসায়ত লগাই আৰু পাঁচ গাগৰি লাভ কৰিলে। ১৭ ঠিক সেইদৰে যিজন দাসে দুই গাগৰি পাইছিল, তেওঁ আৰু দুই গাগৰি লাভ কৰিলে। ১৮ কিন্তু যিজন দাসে কেৱল এক গাগৰি পাইছিল, তেওঁ মাটিত গাঁত খান্দি মালিকৰ পইচা লুকুৱাই থʼলে।

১৯ বহুদিনৰ পাছত সেই দাসবিলাকৰ মালিক আহি তেওঁলোকৰ পৰা হিচাপ লʼলে। ২০ যিজন দাসে পাঁচ গাগৰি পাইছিল, তেওঁ নিজৰ লগত আৰু পাঁচ গাগৰি লৈ আহি কʼলে, ‘মালিক, আপুনি মোক পাঁচ গাগৰি দিছিল। চাওক, মই আৰু পাঁচ গাগৰি লাভ কৰিলোঁ।’ ২১ মালিকে তেওঁক কʼলে, ‘খুব ভাল বিশ্বাসী দাস! তুমি অলপ বিষয়তে বিশ্বাসী আছিলা। মই তোমাক বহুতো বিষয়ৰ ওপৰত গৰাকী পাতিম। তুমি তোমাৰ মালিকৰ লগত আনন্দ কৰা।’ ২২ ইয়াৰ পাছত যিজন দাসে দুই গাগৰি পাইছিল, তেওঁ আহি কʼলে, ‘মালিক, আপুনি মোক দুই গাগৰি দিছিল। চাওক, মই আৰু দুই গাগৰি লাভ কৰিলোঁ।’ ২৩ মালিকে তেওঁক কʼলে, ‘খুব ভাল বিশ্বাসী দাস! তুমি অলপ বিষয়তে বিশ্বাসী আছিলা। মই তোমাক বহুতো বিষয়ৰ ওপৰত গৰাকী পাতিম। তুমি তোমাৰ মালিকৰ লগত আনন্দ কৰা।’

২৪ অৱশেষত যিজন দাসে এক গাগৰি পাইছিল, তেওঁ আহি কʼলে, ‘মালিক, মই জানিছিলোঁ আপুনি এজন কঠোৰ মানুহ, আপুনি যি ঠাইত বোৱা নাই, তাতে দায় আৰু যি ঠাইত সিঁচা নাই, তাতে চপায়। ২৫ সেইবাবে, মোৰ ভয় লাগিল আৰু আপুনি দিয়া গাগৰি মই মাটিত লুকুৱাই থলোঁ। এয়া লওক আপোনাৰ গাগৰি।’ ২৬ মালিকে তেওঁক কʼলে, ‘দুষ্ট আৰু এলেহুৱা দাস! মই যি ঠাইত নবওঁ তাতে দাওঁ আৰু যি ঠাইত নিসিঁচোঁ তাতে চপাওঁ বুলি তই জানিছিলি ন? ২৭ তেনেহʼলে তই মোৰ পইচা মহাজনৰ ওচৰত কিয় জমা নকৰিলি। এইদৰে কৰা হʼলে মই উভতি আহি সুতে সৈতে মোৰ পইচা পালোঁহেঁতেন।

২৮ সেইবাবে, তেওঁৰ পৰা সেই গাগৰি লৈ যিজনৰ ওচৰত দহ গাগৰি আছে, তেওঁক দি দিয়া। ২৯ কিয়নো যাৰ আছে, তেওঁক বেছিকৈ দিয়া হʼব আৰু তেওঁৰ বহুত হʼব। কিন্তু যাৰ নাই, তেওঁৰ যি আছে সেইখিনিও তেওঁৰ পৰা নিয়া হʼব। ৩০ কোনো কামৰ যোগ্য নোহোৱা এই দাসক বাহিৰত আন্ধাৰত পেলাই দিয়া, যʼত সি কান্দিব আৰু দাঁত কৰচিব।’

৩১ যেতিয়া মানুহৰ পুত্ৰই সকলো স্বৰ্গদূতৰ লগত মহিমাৰে সৈতে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব। ৩২ আৰু সকলো ৰাষ্ট্ৰৰ লোকসকলক তেওঁৰ ওচৰত একগোট কৰা হʼব। ৰখীয়াই যিদৰে ছাগলীৰ পৰা ভেড়াবোৰক পৃথক কৰে, ঠিক সেইদৰে তেওঁ লোকসকলক দুটা সমূহত ভাগ কৰিব। ৩৩ তেওঁ ভেড়াবোৰক নিজৰ সোঁফালে কৰিব, কিন্তু ছাগলীবোৰক নিজৰ বাওঁফালে কৰিব।

৩৪ ইয়াৰ পাছত ৰজাই তেওঁৰ সোঁফালে থকা লোকসকলক কʼব, ‘মোৰ পিতৃৰ পৰা আশীৰ্বাদ পোৱা লোকসকল, আহা, সেই ৰাজ্যৰ অধিকাৰী হোৱা যি জগতৰ আৰম্ভণিৰে পৰা তোমালোকৰ কাৰণে ৰাখি থোৱা আছে। ৩৫ কাৰণ মই ভোকত থকাৰ সময়ত তোমালোকে মোক খাবলৈ দিলা। মোৰ পিয়াহ লগাৰ সময়ত তোমালোকে মোক পানী দিলা। তোমালোকৰ কাৰণে মই অচিনাকী থকাৰ সময়ত তোমালোকে মোক নিজৰ ঘৰত থাকিবলৈ দিলা। ৩৬ মই উদঙে* থকাৰ সময়ত তোমালোকে মোক কাপোৰ দিলা। মই বেমাৰত থকাৰ সময়ত তোমালোকে মোৰ চোৱা-চিতা কৰিলা। মই জেলত থকাৰ সময়ত তোমালোকে মোক লগ কৰিবলৈ আহিলা।’ ৩৭ তেতিয়া ভাল মানুহে তেওঁক কʼব, ‘হে প্ৰভু, আমি কেতিয়া আপোনাক ভোক লগা দেখি খাবলৈ দিছিলোঁ বা পিয়াহ লাগোতে পানী দিছিলোঁ? ৩৮ আমি কেতিয়া আপোনাক অচিনাকী দেখি নিজৰ ঘৰত থাকিবলৈ দিছিলোঁ বা উদঙে দেখি আপোনাক কাপোৰ দিছিলোঁ? ৩৯ আমি কেতিয়া আপোনাক বেমাৰ বা জেলত থকা দেখিছিলোঁ আৰু আপোনাক লগ কৰিবলৈ গৈছিলোঁ?’ ৪০ তেতিয়া ৰজাই তেওঁলোকক কʼব, ‘মই তোমালোকক সঁচাকৈ কৈছোঁ, মোৰ এই সৰু ভাইবিলাকৰ মাজৰ এজনৰ লগতো যদি তোমালোকে এইদৰে কৰিছা, তেনেহʼলে সেয়া মোৰ লগত কৰিছা।’

৪১ ইয়াৰ পাছত ৰজাই নিজৰ বাওঁফালে থকা লোকসকলক কʼব, ‘হে অভিশপ্ত লোকসকল, মোৰ পৰা আঁতৰি যা আৰু সদায় জ্বলি থকা সেই জুইলৈ গুচি যা, যি চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ কাৰণে তৈয়াৰ কৰা হৈছে। ৪২ কাৰণ মোৰ ভোক লগাৰ সময়ত তহঁতে মোক একো খাবলৈ নিদিলি আৰু পিয়াহ লগাৰ সময়ত তহঁতে মোক পানী নিদিলি। ৪৩ মই তহঁতৰ কাৰণে অচিনাকী থকাৰ সময়ত তহঁতে মোক নিজৰ ঘৰত থাকিবলৈ নিদিলি। মই উদঙে থকাৰ সময়ত তহঁতে মোক কাপোৰ নিদিলি। মই বেমাৰ আৰু জেলত থকাৰ সময়ত তহঁতে মোৰ চোৱা-চিতা নকৰিলি।’ ৪৪ তেতিয়া সিহঁতেও ৰজাক কʼব, ‘হে প্ৰভু, আমি কেতিয়া আপোনাক ভোকত, পিয়াহত, অচিনাকী, উদং, বেমাৰ বা জেলত থকা দেখিছিলোঁ আৰু আপোনাৰ সেৱা নকৰিলোঁ?’ ৪৫ তেতিয়া ৰজাই সিহঁতক কʼব, ‘মই তহঁতক সঁচাকৈ কৈছোঁ, মোৰ এই সৰু ভাইবিলাকৰ মাজৰ এজনৰ লগতো যদি তহঁতে এইদৰে কৰা নাই, তেনেহʼলে সেয়া মোৰ লগতো কৰা নাই।’ ৪৬ এই লোকসকল সদায় কালৰ কাৰণে নাশ হৈ যাব,* কিন্তু ভাল মানুহে অনন্ত জীৱন লাভ কৰিব।”

২৬ যীচুৱে এই সকলো কথা কৈ শেষ কৰাৰ পাছত তেওঁ নিজৰ শিষ্যসকলক কʼলে, ২ “তোমালোকে জানা যে দুদিনৰ পাছত নিস্তাৰ-পৰ্ব হʼব আৰু মানুহৰ পুত্ৰক কাঠত আঁৰি হত্যা কৰিবলৈ শত্ৰুবিলাকৰ হাতত গতাই দিয়া হʼব।”

৩ তেতিয়া প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলে কায়াফা নামৰ মহা-পুৰোহিতৰ চোতালত গোট খালে। ৪ তেওঁলোকে যীচুক ছলেৰে ধৰি* হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিলে। ৫ কিন্তু তেওঁলোকে কৈছিল, “উৎসৱৰ সময়ত নহয়, কাৰণ লোকসকলে হুলস্থুল কৰিব পাৰে।”

৬ যীচু বৈথনিয়াত চিমোনৰ ঘৰত আছিল, যি আগতে কুষ্ঠ ৰোগী আছিল। ৭ যেতিয়া তেওঁ খোৱা-বোৱা কৰি আছিল,* তেতিয়া এগৰাকী তিৰোতাই বহুমূলীয়া সুগন্ধি তেলৰ বটল লৈ যীচুৰ ওচৰলৈ আহি তেওঁৰ মূৰত তেল ঢালিবলৈ ধৰে। ৮ এয়া দেখি শিষ্যসকলৰ খং উঠে আৰু তেওঁলোকে কʼবলৈ ধৰে, “এই তিৰোতাগৰাকীয়ে কিয় তেল বৰ্বাদ কৰিছে? ৯ ইয়াক বেছি দামত বিক্ৰী কৰি দুখীয়া লোকসকলক দান কৰিব পৰা গʼলহেঁতেন।” ১০ তেওঁলোকৰ এই কথা বুজিব পাৰি যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে এই তিৰোতাগৰাকীক কিয় আমনি কৰিছা? তেওঁতো মোৰ কাৰণে বহুত ভাল কাম কৰিলে। ১১ দুখীয়াসকল সদায় তোমালোকৰ লগত থাকিব। কিন্তু মই তোমালোকৰ লগত সদায় নাথাকিম। ১২ তেওঁ মোৰ শৰীৰত সুগন্ধিৰ তেল লগোৱাৰ যোগেদি মৃত্যুৰ পাছত মোক কবৰ দিবলৈ প্ৰস্তুত কৰিলে। ১৩ মই তোমালোকক সঁচাকৈ কৈছোঁ, গোটেই জগতত যʼতেই শুভবাৰ্তা প্ৰচাৰ কৰা হʼব, তাতেই এই তিৰোতাগৰাকীৰ স্মৃতিত তেওঁ কৰা কামৰ বিষয়ে উল্লেখ কৰা হʼব।”

১৪ তাৰ পাছত ১২ জনৰ মাজত এজন, যাক যিহূদা ঈষ্কৰিয়োতীয়া বুলি কোৱা হয়, তেওঁ প্ৰধান পুৰোহিতসকলৰ ওচৰলৈ গʼল ১৫ আৰু তেওঁ তেওঁলোকক কʼলে, “যদি মই তেওঁক আপোনালোকৰ হাতত ধৰাই দিওঁ, তেনেহʼলে আপোনালোকে মোক কি দিব?” তেতিয়া তেওঁক ৩০ টা ৰূপৰ মুদ্ৰা দিম বুলি তেওঁলোকে কʼলে। ১৬ তেতিয়াৰে পৰা যিহূদাই যীচুক ধৰাই দিবলৈ সুযোগ বিচাৰি থাকিল।

১৭ খমিৰ* নোহোৱা ৰুটিৰ উৎসৱৰ প্ৰথম দিনা যীচুৰ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি সুধিবলৈ ধৰিলে, “আমি কʼত আপোনাৰ কাৰণে নিস্তাৰ-পৰ্বৰ ভোজ প্ৰস্তুত কৰাটো আপুনি বিচাৰে?” ১৮ তেওঁ কʼলে, “চহৰৰ অমুক ব্যক্তিৰ ওচৰলৈ যোৱা আৰু তেওঁক কোৱা, ‘গুৰুৱে কৈছে, মোৰ মৃত্যুৰ সময় কাষ চাপিছে, মই তোমাৰ ঘৰত মোৰ শিষ্যসকলৰ লগত নিস্তাৰ-পৰ্ব পালন কৰিম।’” ১৯ তেতিয়া শিষ্যসকলে যীচুৱে কোৱাৰ দৰেই কৰিলে আৰু নিস্তাৰ-পৰ্বৰ তৈয়াৰী কৰিলে।

২০ যেতিয়া গধূলি হʼল, তেতিয়া তেওঁ নিজৰ ১২ জন শিষ্যৰ লগত খোৱা-বোৱা কৰিবলৈ বহিল। ২১ যেতিয়া তেওঁলোকে খোৱা-বোৱা কৰি আছিল, তেতিয়া যীচুৱে কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকৰ মাজৰ এজনে মোৰ লগত বিশ্বাসঘাত কৰি মোক ধৰাই দিব।” ২২ এয়া শুনি তেওঁলোকৰ বহুত দুখ লাগিল আৰু এজন এজনকৈ যীচুক সুধিবলৈ ধৰিলে, “প্ৰভু, সেইজন মইতো নহয়?” ২৩ তেওঁ কʼলে, “যিজনে মোৰ লগত একেখন পাত্ৰত হাত সোমোৱায়, তেৱেঁই মোৰ লগত বিশ্বাসঘাত কৰিব। ২৪ এয়া সঁচা যে মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁ তোমালোক সকলোকে এৰি গৈছে। কিন্তু যিজন ব্যক্তিয়ে মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰি তেওঁক ধৰাই দিব, তেওঁৰ অৱস্থা বহুত বেয়া হʼব। সেই মানুহজন জন্ম নোহোৱা হʼলেই তেওঁৰ কাৰণে ভাল আছিল।” ২৫ তেতিয়া যীচুক বিশ্বাসঘাত কৰিবলৈ যোৱা যিহূদাই তেওঁক কʼলে, “ৰব্বি, সেইজন মইতো নহয়?” যীচুৱে তেওঁক কʼলে, “তুমি নিজেই কʼলা।”

২৬ যেতিয়া তেওঁলোকে খোৱা-বোৱা কৰি আছিল, তেতিয়া যীচুৱে এখন ৰুটি লʼলে আৰু প্ৰাৰ্থনাত ধন্যবাদ দি সেয়া ভাঙি নিজৰ শিষ্যসকলক দি কʼলে, “লোৱা, এয়া খোৱা। ইয়ে মোৰ শৰীৰক চিত্ৰিত কৰে।” ২৭ তাৰ পাছত তেওঁ এটা পাত্ৰ লʼলে আৰু প্ৰাৰ্থনাত ধন্যবাদ দি শিষ্যসকলক দিলে আৰু তেওঁলোকক কʼলে, “তোমালোকে সকলোৱে ইয়াৰ পৰা খোৱা। ২৮ কিয়নো ইয়ে মোৰ তেজক চিত্ৰিত কৰে, যি বহুতো লোকৰ পাপৰ ক্ষমাৰ কাৰণে দিয়া হʼব আৰু ঈশ্বৰৰ লগত কৰা চুক্তিক নিশ্চিত কৰিব। ২৯ মই তোমালোকক কৈছোঁ, যেতিয়ালৈকে নিজৰ পিতৃৰ ৰাজ্যত তোমালোকৰ লগত মই নতুন দ্ৰাক্ষাৰস নাখাওঁ, তেতিয়ালৈকে মই এই দ্ৰাক্ষাৰস কেতিয়াও নাখাম।” ৩০ অৱশেষত, তেওঁলোকে ঈশ্বৰৰ প্ৰশংসাত গীত গালে আৰু তাৰ পাছত জৈতুন পাহাৰলৈ ওলাই গʼল।

৩১ ইয়াৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “আজি ৰাতি মোৰ লগত যি হʼব, তাৰ কাৰণে তোমালোক সকলোৱে মোক এৰি যাবা।* কিয়নো লিখা আছে, ‘মই ৰখীয়াক আঘাত কৰিম আৰু জাকৰ ভেড়াবোৰ ছিন্ন-ভিন্ন হৈ যাব।’ ৩২ কিন্তু যেতিয়া মোক জীয়াই তোলা হʼব, তেতিয়া তোমালোকতকৈ আগতেই মই গালীললৈ যাম।” ৩৩ কিন্তু পিতৰে তেওঁক কʼলে, “আপোনাৰ লগত যি হʼব, তাৰ কাৰণে আন সকলোৱে এৰি গʼলেও মই আপোনাক কেতিয়াও এৰি নাযাওঁ।” ৩৪ যীচুৱে তেওঁক কʼলে, “মই তোমাক সঁচাকৈ কৈছোঁ, আজি ৰাতি কুকুৰাই ডাক দিয়াৰ আগেয়ে তুমি মোক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ কৰিবা।” ৩৫ পিতৰে তেওঁক কʼলে, “আপোনাৰ লগত মৰিব লগা হʼলেও মই আপোনাক কেতিয়াও চিনি পাবলৈ অস্বীকাৰ নকৰিম।” আন শিষ্যসকলেও এইদৰেই কʼলে।

৩৬ তেতিয়া যীচুৱে নিজৰ শিষ্যসকলৰ লগত গেৎচিমানী নামৰ ঠাইলৈ আহিলে আৰু তেওঁ নিজৰ শিষ্যসকলক কʼলে, “মই তালৈ প্ৰাৰ্থনা কৰিবলৈ গৈ আছোঁ, তোমালোকে ইয়াতে বহি থাকা।” ৩৭ আৰু তেওঁ পিতৰ আৰু চিবদিয়ৰ দুজন লʼৰাক নিজৰ লগত লৈ গʼল। তেওঁ ব্যাকুল আৰু দুখত ভাঙি পৰিবলৈ ধৰিলে। ৩৮ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “মোৰ বহুত দুখ লাগিছে, আনকি মোৰ মৰো মৰো অৱস্থা হৈছে। তোমালোকে ইয়াতে থাকি মোৰ লগত জাগি থাকা।” ৩৯ তাৰ পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি এইদৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, “হে মোৰ পিতৃ, যদি সম্ভৱ হয়, তেনেহʼলে এই পাত্ৰ মোৰ পৰা আঁতৰাই দিয়া। তথাপিও মোৰ ইচ্ছা নহয়, কিন্তু তোমাৰ ইচ্ছা পূৰ হওক।”

৪০ তাৰ পাছত শিষ্যসকলৰ ওচৰলৈ আহি তেওঁলোকক টোপনি যোৱা দেখি তেওঁ পিতৰক কʼলে, “তোমালোকে মোৰ লগত এঘণ্টাও জাগি থাকিব নোৱাৰিলা নে? ৪১ পৰীক্ষাত যেন নপৰা এই কাৰণে তোমালোকে জাগি থাকা আৰু প্ৰাৰ্থনা কৰি থাকা। হৃদয় সাজু আছে,* কিন্তু শৰীৰ দুৰ্বল।” ৪২ তাৰ পাছত তেওঁ দ্বিতীয় বাৰ গৈ এইদৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, “হে মোৰ পিতৃ, এই পাত্ৰৰ পৰা খোৱাৰ বাহিৰে যদি আন কোনো উপায় নাই, তেনেহʼলে তোমাৰ ইচ্ছা পূৰ হওক।” ৪৩ তেওঁ আকৌ শিষ্যসকলৰ ওচৰলৈ আহিলে আৰু তেওঁলোকক শুই থকা দেখিলে। কিয়নো তেওঁলোকৰ চকু টোপনিত জাপ খাই গৈছিল। ৪৪ তাৰ পাছত যীচুৱে শিষ্যসকলক তাতে এৰি আকৌ তৃতীয় বাৰ গৈ সেই একে প্ৰাৰ্থনা কৰিলে। ৪৫ তাৰ পাছত তেওঁ আকৌ শিষ্যসকলৰ ওচৰলৈ আহি এইদৰে কʼলে, “তোমালোকে এনে এক সময়ত শুই আছা আৰু আৰাম কৰিছা! চোৱা, সেই সময় আহি পৰিছে, যেতিয়া মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰি তেওঁক পাপীবিলাকৰ হাতত গতাই দিয়া হʼব। ৪৬ উঠা, বʼলা যাওঁ। চোৱা, যিজনে মোৰ লগত বিশ্বাসঘাত কৰিব, তেওঁ ওচৰ পালেহি।” ৪৭ তেওঁ কৈ থাকোঁতেই যিহূদা আহিল, যি ১২ জনৰ ভিতৰত এজন আছিল। তেওঁৰ লগত তৰোৱাল আৰু লাঠি লোৱা লোকসকলৰ এটা ডাঙৰ ভিৰ আহিছিল আৰু তেওঁলোকক প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলে পঠাইছিল।

৪৮ তেওঁৰ লগত বিশ্বাসঘাত কৰাজনে তেওঁলোকক এইদৰে কৈ এটা চিন দিছিল, “যিজনক মই চুমা খাম, তেৱেঁই সেইজন। তেওঁক গ্ৰেপ্তাৰ কৰি লʼবা।” ৪৯ যিহূদাই যীচুৰ ওচৰলৈ গৈ তেওঁক কʼলে, “নমস্কাৰ ৰব্বি!” আৰু তেওঁক মৰমেৰে চুমা খালে। ৫০ কিন্তু যীচুৱে তেওঁক কʼলে, “তুমি কি উদ্দেশ্যেৰে ইয়ালৈ আহিছা?” তেতিয়া তেওঁলোকে আগলৈ আহি যীচুক ধৰি গ্ৰেপ্তাৰ কৰি লʼলে। ৫১ কিন্তু সেই সময়তেই যীচুৰ লগত যিসকল আছিল, তেওঁলোকৰ মাজৰ এজনে নিজৰ তৰোৱালখন উলিয়াই মহা-পুৰোহিতৰ এজন দাসক আঘাত কৰি তেওঁৰ কাণ এখন কাটি পেলালে। ৫২ তেতিয়া যীচুৱে তেওঁক কʼলে, “নিজৰ তৰোৱাল খাপত ভৰাই থোৱা। কিয়নো যিজনে তৰোৱাল ধৰে, তেওঁক তৰোৱালেৰে নাশ কৰা হʼব। ৫৩ তুমি কি ভাবা, মই নিজৰ পিতৃক এতিয়াই মোৰ কাৰণে হাজাৰ হাজাৰ স্বৰ্গদূতক* পঠিয়াবলৈ মিনতি কৰিব নোৱাৰোঁ নে? ৫৪ যদি মই এইদৰে কৰোঁ, তেনেহʼলে শাস্ত্ৰত যিদৰে লিখা আছে এই সকলো ঘটিব লাগিব, এই কথাষাৰ কেনেকৈ পূৰ হʼব?” ৫৫ তাৰ পাছত যীচুৱে ভিৰক কʼলে, “এজন ডকাইতক যিদৰে ধৰিবলৈ যায়, তেনেকৈ তোমালোকে মোক তৰোৱাল আৰু লাঠি লৈ গ্ৰেপ্তাৰ কৰিবলৈ আহিছা? মই সদায় মন্দিৰত বহি শিকাইছিলোঁ, তথাপি তোমালোকে মোক গ্ৰেপ্তাৰ নকৰিলা। ৫৬ কিন্তু ভৱিষ্যবক্তাসকলৰ যোগেদি লিখা কথাবোৰ পূৰ হʼবলৈ এই সকলো ঘটিল।” তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গʼল।

৫৭ যিসকলে যীচুক গ্ৰেপ্তাৰ কৰিছিল, তেওঁলোকে যীচুক মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ লৈ গʼল, যʼত নিয়ম শিকোৱা লোক* আৰু যিহূদী নেতাসকল গোট খাই আছিল। ৫৮ কিন্তু পিতৰে মহা-পুৰোহিতৰ চোতাললৈকে, আঁতৰে আঁতৰে তেওঁৰ পিছে পিছে গৈ ভিতৰলৈ সোমাল। তাৰ পাছত তাত কি হʼব, সেয়া চাবলৈ তেওঁ ঘৰৰ সেৱকসকলৰ লগত বহিল।

৫৯ প্ৰধান পুৰোহিত আৰু গোটেই মহা-সভাই যীচুক হত্যা কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰি আছিল। ৬০ যদিও বহুতো মিছা সাক্ষীয়ে সাক্ষ্য দিছিল, কিন্তু যীচুক দোষাৰোপ কৰিবলৈ তেওঁলোকে একোৱেই বিচাৰি নাপালে। তাৰ পাছত দুজন সাক্ষী আহিল ৬১ আৰু তেওঁলোকে কʼলে, “এই মানুহজনে কৈছিল, ‘মই ঈশ্বৰৰ এই মন্দিৰ ধ্বংস কৰি তিনি দিনৰ ভিতৰতে তাক আকৌ বনাব পাৰোঁ।’” ৬২ এই কথা শুনি মহা-পুৰোহিতে উঠি যীচুক কʼলে, “তই একো উত্তৰ নিদিয় নে? তই শুনা নাই নে, তোৰ ওপৰত তেওঁলোকে কি অভিযোগ লগাইছে?” ৬৩ কিন্তু তেতিয়াও যীচু মনে মনে থাকিল। মহা-পুৰোহিতে তেওঁক আকৌ কʼলে, “মই তোক জীৱিত ঈশ্বৰৰ শপত দিছোঁ, আমাক ক, তই ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হয় নে নহয়?” ৬৪ যীচুৱে তেওঁক কʼলে, “আপুনি নিজেই কʼলে। তথাপি মই আপোনালোকক কৈছোঁ, এতিয়াৰ পৰা আপোনালোকে মানুহৰ পুত্ৰক শক্তিশালী ঈশ্বৰৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘৰ ওপৰত আহি থকা দেখিব।” ৬৫ তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি কʼলে, “সি ঈশ্বৰৰ নিন্দা কৰিছে! এতিয়া আমাক আৰু সাক্ষীৰ প্ৰয়োজন আছে নে? চোৱা! তোমালোকে নিজেই ঈশ্বৰৰ নিন্দা কৰা শুনিলা। ৬৬ গতিকে তোমালোকে কি ভাবা?” তেওঁলোকে উত্তৰ দি কʼলে, “এওঁ মৃত্যুদণ্ডৰ যোগ্য।” ৬৭ ইয়াৰ পাছত তেওঁলোকে যীচুৰ মুখত থু পেলালে আৰু ঘোচা মাৰিলে। আন কিছুমানে এইদৰে কৈ তেওঁক চৰ মাৰিলে, ৬৮ “হে খ্ৰীষ্ট, তই যদি ভৱিষ্যবক্তা হয়, তেনেহʼলে ক, তোক কোনে মাৰিলে?”

৬৯ পিতৰে বাহিৰৰ চোতালত বহি আছিল। সেই সময়তেই এজনী চাকৰণী তেওঁৰ ওচৰলৈ আহি কʼলে, “তুমিও গালীলীয়া যীচুৰ লগত আছিলা!” ৭০ কিন্তু তেওঁ সকলোৰে আগত অস্বীকাৰ কৰি কʼলে, “মই নাজানোঁ, তুমি কি কৈ আছা।” ৭১ যেতিয়া তেওঁ বাহিৰলৈ ওলাই চোতালৰ দুৱাৰৰ ফালে গৈ আছিল, তেতিয়া আন এজনী চাকৰণীয়ে তেওঁক দেখা পালে আৰু তাত থকা লোকসকলক কʼলে, “এই মানুহজন নাচৰতীয়া যীচুৰ লগত আছিল।” ৭২ আৰু এবাৰ তেওঁ শপত খাই অস্বীকাৰ কৰি কʼলে, “সেই মানুহজনক মই চিনি নাপাওঁ!” ৭৩ অলপ সময়ৰ পাছত আশে-পাশে থিয় হৈ থকা লোকসকলে পিতৰৰ ওচৰলৈ আহি কʼবলৈ ধৰিলে, “অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন। কিয়নো তোমাৰ কথাৰ পৰা* জানিব পৰা গৈছে।” ৭৪ তেতিয়া তেওঁ নিজকে শাও দি আৰু শপত খাই কʼলে, “মই সেই মানুহজনক চিনি নাপাওঁ!” সেই সময়তেই এটা কুকুৰাই ডাক দিলে। ৭৫ তেতিয়া যীচুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল, “কুকুৰাই ডাক দিয়াৰ আগেয়ে তুমি মোক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ কৰিবা।” আৰু তেওঁ বাহিৰলৈ ওলাই গৈ হোক-হোকাই কান্দিবলৈ ধৰিলে।

২৭ যেতিয়া ৰাতিপুৱা হʼল, তেতিয়া সকলো প্ৰধান পুৰোহিত আৰু যিহূদী নেতাসকলে যীচুক হত্যা কৰিবলৈ নিজৰ মাজতে আলোচনা কৰিলে। ২ তেওঁলোকে যীচুক বান্ধি ৰাজ্যপাল পীলাতৰ ওচৰলৈ লৈ গʼল আৰু তেওঁৰ হাতত গতাই দিলে।

৩ যীচুৰ লগত বিশ্বাসঘাত কৰা যিহূদাই যেতিয়া দেখিলে যে যীচুক মৃত্যুদণ্ড দিয়া হৈছে, তেতিয়া তেওঁৰ বহুত দুখ লাগিল। তেওঁ প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলক ৰূপৰ সেই ৩০ টা মুদ্ৰা ঘূৰাই দি ৪ কʼলে, “মই এজন নিৰ্দোষী ব্যক্তিৰ* লগত বিশ্বাসঘাত কৰি পাপ কৰিলোঁ।” তেওঁলোকে কʼলে, “তাতে আমাৰ কি আহে যায়? তুমিয়ে জানা!”* ৫ তেতিয়া তেওঁ ৰূপৰ মুদ্ৰা মন্দিৰত পেলাই দিলে আৰু গৈ ফাঁচি লগাই আত্মহত্যা কৰিলে। ৬ কিন্তু প্ৰধান পুৰোহিতসকলে সেই ৰূপৰ মুদ্ৰাবোৰ লৈ কʼলে, “এইবোৰক মন্দিৰৰ দানৰ বাকচত ৰখাটো সঠিক নহʼব। কাৰণ, এয়া তেজৰ মূল্য হয়।” ৭ তেওঁলোকে নিজৰ মাজতে কথা পতাৰ পাছত সেই টকাৰে বিদেশীসকলক কবৰ দিবলৈ কুমাৰৰ মাটি কিনি লʼলে। ৮ সেই কাৰণে, সেই মাটিক আজিলৈকে তেজৰ মাটি বুলি কোৱা হয়। ৯ ইয়াৰ পৰা ভৱিষ্যবক্তা যিৰিমিয়াই কোৱা এই বাক্য পূৰ হʼল, “তেওঁলোকে ৩০ টা ৰূপৰ মুদ্ৰা লʼলে, যি সেই ব্যক্তিৰ কাৰণে নিৰ্ধাৰিত মূল্য আছিল। ইস্ৰায়েলৰ কিছুমান সন্তানে সেই ব্যক্তিৰ কাৰণে এক মূল্য নিৰ্ধাৰণ কৰিছিল। ১০ আৰু তেওঁলোকে এই মুদ্ৰা কুমাৰৰ মাটিৰ কাৰণে দিলে, যিদৰে যিহোৱাই* মোক আজ্ঞা দিছিল।”

১১ পাছত যীচুক ৰাজ্যপালৰ সন্মুখত থিয় কৰোৱা হʼল আৰু ৰাজ্যপালে তেওঁক সুধিলে, “তুমি যিহূদীসকলৰ ৰজা নে?” যীচুৱে উত্তৰ দিলে, “আপুনি নিজেই এইদৰে কৈছে।” ১২ কিন্তু প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলে যেতিয়া যীচুৰ বিৰুদ্ধে বিভিন্ন অভিযোগ কৰিবলৈ ধৰিলে, তেতিয়া যীচুৱে একো উত্তৰ নিদিলে। ১৩ তেতিয়া পীলাতে তেওঁক কʼলে, “তুমি শুনা নাই নে, এই লোকসকলে তোমাৰ ওপৰত কি কি অভিযোগ লগাইছে?” ১৪ তথাপিও যীচুৱে তেওঁক একো উত্তৰ নিদিলে। আনকি, এটা শব্দও নকʼলে। সেইবাবে, ৰাজ্যপাল বৰ আচৰিত হʼল।

১৫ ৰাজ্যপালে প্ৰতিটো নিস্তাৰ-পৰ্বৰ সময়ত লোকসকলৰ ইচ্ছাৰ অনুসৰি কোনো এজন কয়দীক মুকলি কৰি দিয়াৰ পৰম্পৰা আছিল। ১৬ সেই সময়ত বাৰাব্বা নামৰ এজন কুখ্যাত কয়দীক বন্দী কৰি ৰখা হৈছিল। ১৭ সেইবাবে, যেতিয়া তেওঁলোকে একগোট হৈছিল, তেতিয়া পীলাতে তেওঁলোকক সুধিলে, “তোমালোকে কি বিচাৰা, মই তোমালোকৰ কাৰণে কাক মুকলি কৰিম, বাৰাব্বাক নে যীচুক, যাক খ্ৰীষ্ট বুলি কোৱা হয়?” ১৮ পীলাতে জানিছিল যে তেওঁলোকে ঈৰ্ষাৰ কাৰণে যীচুক তেওঁৰ হাতত শোধাই দিছিল। ১৯ ইয়াৰ উপৰিও, যেতিয়া তেওঁ ন্যায়ৰ আসনত বহি আছিল, তেতিয়া তেওঁৰ পত্নীয়ে তেওঁৰ ওচৰলৈ এই বাৰ্তা পঠিয়ালে, “আপুনি সেই ভাল ব্যক্তিজনক একো নকৰিব। কিয়নো তেওঁৰ কাৰণে মই এটা ভয়লগা সপোন দেখিলোঁ আৰু আজি মই বহুত চিন্তিত হৈ আছোঁ।” ২০ কিন্তু প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলে বাৰাব্বাক মুকলি কৰিবলৈ আৰু যীচুক হত্যা কৰিবলৈ কʼবৰ কাৰণে লোকসকলক উচটালে। ২১ ৰাজ্যপালে তেওঁলোকক আকৌ এবাৰ সুধিলে, “তোমালোকে কি বিচাৰা, মই দুজনৰ ভিতৰত কাক মুকলি কৰিম?” তেওঁলোকে কʼলে, “বাৰাব্বাক।” ২২ পীলাতে তেওঁলোকক কʼলে, “তেনেহʼলে মই যীচুক কি কৰিম, যাক খ্ৰীষ্ট বুলি কোৱা হয়?” সকলোৱে কʼলে, “ইয়াক কাঠত আঁৰি দিয়ক!” ২৩ ৰাজ্যপালে কʼলে, “কিয়, তেওঁনো কি অপৰাধ কৰিলে?” কিন্তু তেওঁলোকে আৰু জোৰকৈ চিঞৰিবলৈ ধৰিলে, “ইয়াক কাঠত আঁৰি দিয়ক!”

২৪ যেতিয়া পীলাতে দেখিলে যে তেওঁ কোৱাৰ একো লাভ হোৱা নাই, আনকি হুলস্থুল আৰু বেছিকৈ বাঢ়ি গৈছে, তেতিয়া তেওঁ পানী লʼলে আৰু ভিৰৰ ওচৰত নিজৰ হাত ধুই কʼলে, “মই এই মানুহজনৰ তেজৰ পৰা নিৰ্দোষী। তোমালোকেই জানা।” ২৫ তেতিয়া সকলোৱেই কʼলে, “ইয়াৰ তেজৰ দোষ আমাৰ আৰু আমাৰ সন্তানবিলাকৰ ওপৰত আহি পৰক।” ২৬ তেতিয়া তেওঁ বাৰাব্বাক মুকলি কৰি দিলে। কিন্তু যীচুক তেওঁ চাবুকেৰে কোবোৱালে আৰু কাঠত আঁৰি হত্যা কৰিবলৈ তেওঁ লোকসকলৰ হাতত গতাই দিলে।

২৭ ইয়াৰ পাছত ৰাজ্যপালৰ সৈনিকসকলে যীচুক ৰাজ্যপালৰ ভৱনৰ ভিতৰলৈ লৈ গʼল আৰু তেওঁলোকে গোটেই সৈন্যদলক যীচুৰ চাৰিওফালে একগোট কৰিলে। ২৮ তেওঁলোকে যীচুৰ কাপোৰ খুলি তেওঁক উজ্জ্বল ৰঙা ৰঙৰ কাপোৰ পিন্ধালে। ২৯ আৰু কাঁইটেৰে কিৰীটি সাঁজি তেওঁৰ মূৰত দিলে আৰু তেওঁৰ সোঁহাতত এডাল নলখাগৰি দিলে। তাৰ পাছত তেওঁলোকে যীচুৰ সন্মুখত আঁঠুকাঢ়ি এইদৰে কৈ ঠাট্টা কৰিবলৈ ধৰিলে, “হে যিহূদীসকলৰ ৰজা, প্ৰণাম!”* ৩০ তেওঁলোকে তেওঁৰ ওপৰত থু পেলালে আৰু নলখাগৰি লৈ তেওঁৰ মূৰত মাৰিবলৈ ধৰিলে। ৩১ ঠাট্টা কৰাৰ পাছত তেওঁলোকে যীচুৰ সেই ৰঙা ৰঙৰ কাপোৰ খুলি তেওঁৰ কাপোৰ তেওঁকেই পিন্ধাই দিলে। তাৰ পাছত তেওঁলোকে যীচুক কাঠত আঁৰিবলৈ লৈ গʼল।

৩২ তেওঁলোকে গৈ থাকোঁতে কুৰীণীৰ পৰা অহা চিমোন নামেৰে এজন মানুহক লগ পালে। তেওঁলোকে যীচুৰ যাতনাৰ কাঠ* উঠাবলৈ তেওঁক আদেশ দিলে। ৩৩ যেতিয়া তেওঁলোকে গলগথা অৰ্থাৎ মূৰৰ লাওখোলা নামৰ এখন ঠাই পালে, ৩৪ তেতিয়া তেওঁলোকে যীচুক তিতা মিহলোৱা* দ্ৰাক্ষাৰস খাবলৈ দিলে। কিন্তু তেওঁ অলপমান মুখত দিয়াৰ লগে লগে সেয়া খাবলৈ অস্বীকাৰ কৰিলে। ৩৫ সৈনিকসকলে তেওঁক কাঠত গজাল মাৰি দিলে আৰু চিঠি খেলি তেওঁৰ কাপোৰ ভগাই লʼলে। ৩৬ তাৰ পাছত তেওঁলোকে তাতে বহি যীচুক পহৰা দি থাকিল। ৩৭ আৰু তেওঁৰ বিৰুদ্ধে এই অভিযোগ লিখি তেওঁৰ মূৰৰ ওপৰত কাঠত আঁৰি দিলে: “এইজন যিহূদীসকলৰ ৰজা যীচু।”

৩৮ সেই সময়ত তেওঁৰ লগত দুজন ডকাইতক কাঠত আঁৰি দিয়া হৈছিল, এজনক তেওঁৰ সোঁফালে আৰু আনজনক বাওঁফালে। ৩৯ যিসকলে সেই বাটেদি অহা-যোৱা কৰিছিল, তেওঁলোকে মূৰ জোকাৰি জোকাৰি তেওঁৰ নিন্দা কৰিবলৈ ধৰিলে, ৪০ “তইতো মন্দিৰ ভাঙি তিনি দিনৰ ভিতৰতে বনাব পাৰ, এতিয়া নিজকে ৰক্ষা কৰ! তই যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহʼলে যাতনাৰ কাঠৰ পৰা নামি আহ!” ৪১ এইদৰে প্ৰধান পুৰোহিতেও নিয়ম শিকোৱা* আৰু যিহূদী নেতাসকলৰ লগত মিলি তেওঁৰ ঠাট্টা কৰিবলৈ ধৰিলে, ৪২ “সি আনক বচালে, কিন্তু নিজকে বচাব নোৱাৰে! ই বোলে ইস্ৰায়েলৰ ৰজা। এতিয়া সি যাতনাৰ কাঠৰ পৰা নামি দেখাওক, তেতিয়াহে আমি তাক বিশ্বাস কৰিব পাৰিম। ৪৩ ই ঈশ্বৰৰ ওপৰত ভৰসা কৰিছে, যদি ঈশ্বৰ তাৰ পৰা আনন্দিত, তেনেহʼলে তাক বচাব। কিয়নো ই কৈছে, ‘মই ঈশ্বৰৰ পুত্ৰ।’” ৪৪ আনকি তেওঁৰ দুয়োফালে কাঠত আঁৰি দিয়া ডকাইত কেইজনেও তেওঁৰ বিষয়ে বেয়াকৈ কৈছিল।

৪৫ ছয় ঘণ্টাৰ* পৰা ন ঘণ্টালৈকে* গোটেই দেশত অন্ধকাৰ হৈ আছিল। ৪৬ প্ৰায় ন ঘণ্টাৰ সময়ছোৱাত যীচুৱে জোৰকৈ চিঞৰি কʼলে, “এলী, এলী, লামা চবক্তানী?” যাৰ অৰ্থ হৈছে, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি মোক কিয় এৰি দিলা?” ৪৭ এয়া শুনি তাত থিয় হৈ থকা কিছুমান লোকে কʼবলৈ ধৰিলে, “এই মানুহজনে এলিয়াক মাতিছে।” ৪৮ তেওঁলোকৰ মাজৰ এজনে লগে লগে দৌৰি গৈ এটা স্পঞ্জৰ টুকুৰা টেঙা দ্ৰাক্ষাৰসত ডুবালে আৰু নলখাগৰিত লগাই তেওঁক খাবলৈ দিলে। ৪৯ কিন্তু আন লোকসকলে কʼলে, “চাওঁচোন, এলিয়াই ইয়াক বচাবলৈ আহে নে নাহে।” ৫০ যীচুৱে আকৌ এবাৰ জোৰকৈ চিঞৰিলে আৰু প্ৰাণ ত্যাগ কৰিলে।

৫১ আৰু চোৱা! মন্দিৰৰ পৰ্দা ওপৰৰ পৰা তললৈকে ফাটি দুভাগ হʼল, ভূমিকম্প হʼল আৰু শিলাবোৰ ফাটি গʼল। ৫২ কবৰবোৰ* খুলি গʼল আৰু মৃত্যুৰ টোপনিত যোৱা ঈশ্বৰৰ বহুতো লোকৰ মৃতদেহ কবৰৰ পৰা বাহিৰলৈ ওলাই পৰিল। ৫৩ আৰু কবৰস্থানত থকা বহুতো লোকে সেই মৃতদেহবোৰ দেখিলে। (যিসকলে কবৰৰ ওচৰলৈ গৈছিল, তেওঁলোকে যীচুক জীৱিত কৰাৰ পাছত পবিত্ৰ চহৰলৈ আহিল।) ৫৪ কিন্তু সেনাপতি আৰু তেওঁৰ লগত পহৰা দিয়া লোকসকলে যেতিয়া ভূমিকম্প আৰু সেই সকলো ঘটনা দেখিলে, তেতিয়া তেওঁলোকে বৰ ভয় খালে আৰু কʼবলৈ ধৰিলে, “সঁচাকৈ, তেওঁ ঈশ্বৰৰ পুত্ৰ আছিল।”

৫৫ তাত বহুতো তিৰোতাই দূৰত থিয় হৈ চাই আছিল, তেওঁলোকে যীচুৰ সেৱা কৰিবলৈ গালীলৰ পৰা তেওঁৰ লগত আহিছিল। ৫৬ তেওঁলোকৰ ভিতৰত মৰিয়ম মগ্দলীনী, যাকোব আৰু যোচিৰ মা মৰিয়ম আৰু চিবদিয়ৰ লʼৰা দুজনৰ মাকো আছিল।

৫৭ যেতিয়া গধূলি হৈ আহিছিল, তেতিয়া অৰিমাথিয়াত থকা যোচেফ নামৰ ব্যক্তিজন তালৈ আহিলে। তেৱোঁ যীচুৰ এজন শিষ্য হৈছিল। ৫৮ এই ব্যক্তিজনে পীলাতৰ ওচৰলৈ গʼল আৰু যীচুৰ মৃতদেহ খুজিলে। তেতিয়া পীলাতে তেওঁক যীচুৰ মৃতদেহ দিবলৈ সৈনিকসকলক আদেশ দিলে। ৫৯ যোচেফে সেই মৃতদেহ লৈ তাক মিহি সূতাৰে তৈয়াৰ কৰা চাফা কাপোৰেৰে মেৰিয়ালে, ৬০ আৰু তেওঁ নিজৰ নতুন কবৰত ৰাখিলে, যি তেওঁ শিলা খান্দি বনাইছিল। তাৰ পাছত এচটা ডাঙৰ শিল বগৰাই আনি কবৰৰ দুৱাৰত থʼলে আৰু তেওঁ তাৰ পৰা গুচি গʼল। ৬১ কিন্তু মৰিয়ম মগ্দলীনী আৰু আনজনী মৰিয়ম তাতে কবৰৰ ওচৰত বহি আছিল।

৬২ পাছদিনা অৰ্থাৎ বিশ্ৰাম-বাৰৰ দিনাখন* প্ৰধান পুৰোহিত আৰু ফৰীচীসকলে পীলাতৰ ওচৰত গোট খালে। ৬৩ আৰু কʼবলৈ ধৰিলে, “প্ৰভু, আমাৰ মনত আছে সেই মিছলীয়াজনে জীয়াই থাকোঁতে কৈছিল যে ‘তিনি দিনৰ পাছত মই আকৌ জীয়াই উঠিম।’ ৬৪ সেইবাবে তিনি দিনলৈকে কবৰৰ পহৰা দিবলৈ আজ্ঞা দিয়ক যাতে তেওঁৰ শিষ্যসকলে আহি তেওঁৰ মৃতদেহ চুৰ কৰি নিব নোৱাৰে আৰু লোকসকলক এইদৰে কʼব নোৱাৰে, ‘তেওঁক মৃত লোকসকলৰ মাজৰ পৰা জীয়াই তোলা হʼল!’ যদি এইদৰে হয়, তেনেহʼলে এই প্ৰথম মিছাতকৈ শেষ মিছা আৰু বেছি হানিজনক হʼব।” ৬৫ পীলাতে তেওঁলোকক কʼলে, “তোমালোকে পহৰা দিয়া মানুহবিলাকক লৈ যাব পাৰা আৰু যেনেকৈ পহৰা দিব বিচাৰা, তেনেকৈ দিয়া।” ৬৬ তেতিয়া তেওঁলোক গʼল আৰু তেওঁলোকে এচটা ডাঙৰ শিলেৰে কবৰৰ দুৱাৰ ভালদৰে বন্ধ কৰিলে আৰু পহৰা দিয়া মানুহবিলাকক পহৰা দিবলৈ দায়িত্ব দিলে।

২৮ বিশ্ৰাম-বাৰৰ পাছত সপ্তাহৰ প্ৰথম দিনা পুৱতি নিশাতে মৰিয়ম মগ্দলীনী আৰু আনজনী মৰিয়মে কবৰ চাবলৈ আহিল।

২ কিছু সময়ৰ আগতে এটা ডাঙৰ ভূমিকম্প হৈছিল। কিয়নো যিহোৱাৰ* স্বৰ্গদূত স্বৰ্গৰ পৰা নামি আহিছিল। তেওঁ কবৰৰ দুৱাৰৰ পৰা শিলচটা বগৰাই তাৰ ওপৰত বহি আছিল। ৩ স্বৰ্গদূতজন বিজুলীৰ দৰে জিলিকি আছিল আৰু তেওঁৰ কাপোৰ বৰফৰ দৰে বগা আছিল। ৪ পহৰা দিয়া লোকসকলে ইমানেই ভয় খালে যে তেওঁলোকে কপিবলৈ ধৰিলে আৰু মৰা মানুহৰ দৰে ঠৰ লাগিল।

৫ কিন্তু এই তিৰোতা কেইজনীয়ে যেতিয়া কবৰৰ ওচৰলৈ আহিল, তেতিয়া স্বৰ্গদূতজনে তেওঁলোকক কʼলে, “ভয় নকৰিবা, তোমালোকে যীচুক বিচাৰি আছা ন, যিজনক কাঠত আঁৰি হত্যা কৰা হৈছিল? ৬ তেওঁ ইয়াত নাই, যিদৰে তেওঁ কৈছিল তেওঁক জীৱিত কৰা হৈছে। আহা, তেওঁক ৰখা ঠাইত চোৱাহি। ৭ এতিয়া তোমালোক সোনকালে যোৱা আৰু তেওঁৰ শিষ্যসকলক কোৱাগৈ যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল আৰু তেওঁ তোমালোকতকৈ আগতে গালীললৈ যাব আৰু তাত তোমালোকে তেওঁক দেখা পাবা। মই তোমালোকক এই বাৰ্তাই দিবলৈ আহিছোঁ।”

৮ এয়া শুনি তেওঁলোকে লগে লগে কবৰৰ ওচৰৰ পৰা ওলাই আহিল, যদিও তেওঁলোকে ভয় খাইছিল, কিন্তু বহুত আনন্দিতও হৈছিল। তেওঁলোকে যীচুৰ শিষ্যসকলক খবৰ দিবলৈ দৌৰি দৌৰি গৈ আছিল। ৯ কিন্তু হঠাতে যীচুৱে তেওঁলোকক ৰাস্তাত লগ পালে আৰু তেওঁলোকক সম্ভাষণ জনালে। তেওঁলোকে যীচুৰ ওচৰলৈ গৈ তেওঁৰ ভৰিত ধৰিলে আৰু মূৰ দোৱাই তেওঁক প্ৰণাম কৰিলে। ১০ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “ভয় নকৰিবা, যোৱা, মোৰ ভাইবিলাকক গালীললৈ যাবলৈ কোৱাগৈ, তেওঁলোকে তাতে মোক দেখা পাব।”

১১ যেতিয়া এই তিৰোতাসকলে ৰাস্তাতে আছিল, তেতিয়া কবৰ পহৰা দিয়া লোকসকলৰ মাজৰ কিছুমানে চহৰলৈ গʼল আৰু তেওঁলোকে সকলো ঘটনা প্ৰধান পুৰোহিতসকলক জনালে। ১২ তেতিয়া প্ৰধান পুৰোহিতসকলে যিহূদী নেতাসকলক মাতিলে আৰু তেওঁলোকৰ লগত আলোচনা কৰাৰ পাছত সৈনিকসকলক বহুতো ৰূপৰ মুদ্ৰা দিলে। ১৩ আৰু তেওঁলোকক কʼলে, “তোমালোকে কʼবা যে ৰাতি যেতিয়া আমি শুই আছিলোঁ, তেতিয়া তেওঁৰ শিষ্যসকলে আহি তেওঁৰ মৃতদেহ চুৰ কৰি লৈ গʼল। ১৪ আৰু ৰাজ্যপালে যেতিয়া এই কথা শুনিব, তেতিয়া আমি তেওঁক বুজাই দিম, তোমালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই।” ১৫ তেতিয়া পহৰা দিয়া লোকসকলে ৰূপৰ মুদ্ৰা লʼলে আৰু তেওঁলোকক যিদৰে কোৱা হৈছিল, ঠিক সেইদৰেই কৰিলে। এই কথা যিহূদীসকলৰ মাজত বিয়পি গʼল আৰু আজিলৈকে এইদৰেই চলি আছে।

১৬ সেই ১১ জন শিষ্যই গালীলৰ সেই পাহাৰত গʼল, যʼত যীচুৱে তেওঁলোকক লগ কৰিবলৈ কৈছিল। ১৭ যেতিয়া তেওঁলোকে যীচুক দেখিলে, তেতিয়া তেওঁলোকে মূৰ দোৱাই প্ৰণাম কৰিলে, কিন্তু তেওঁলোকৰ মাজৰ কিছুমানে সন্দেহ কৰিলে। ১৮ যীচুৱে তেওঁলোকৰ ওচৰলৈ আহি তেওঁলোকক কʼলে, “স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হৈছে। ১৯ সেইবাবে যোৱা আৰু সকলো ৰাষ্ট্ৰৰ লোকসকলক মোৰ শিষ্য হʼবলৈ শিকোৱা আৰু তেওঁলোকক পিতৃ, পুত্ৰ আৰু পবিত্ৰ শক্তিৰ নামেৰে বাপ্তিষ্মা দিয়া। ২০ আৰু মই তোমালোকক যি যি আজ্ঞা দিছোঁ, সেই সকলো কথা পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া। আৰু চোৱা! জগতৰ ব্যৱস্থাৰ শেষ সময়লৈকে মই সদায় তোমালোকৰ লগত থাকিম।”

বা “মচীহ; অভিষিক্ত জনা।”

বা “সক্ৰিয় শক্তি।”

বা “বিবাহ-বিচ্ছেদ।”

গ্ৰীক শাস্ত্ৰত ঈশ্বৰৰ নাম ২৩৭ বাৰ পোৱা যায় আৰু তাৰ ভিতৰত প্ৰথমবাৰ এই পদত পোৱা গৈছে। অতি. ক৫ চাওক।

আক্ষ., “নিজৰ ঘৰলৈ আনিবলৈ।”

এই নাম হিব্ৰু ভাষাত “যেচূয়া” আৰু “যিহোচূৱাৰ” দৰে হয়, যাৰ অৰ্থ হৈছে “যিহোৱা উদ্ধাৰ।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অৰ্থাৎ মহান হেৰোদ।

যিসকলে তৰাৰ বিষয়ে অধ্যয়ন কৰি ভৱিষ্যতৰ ঘটনাৰ বিষয়ে জনায়।

আক্ষ., “লেখক।” শব্দকোষ চাওক।

বা “মচীহ; অভিষিক্ত জনা।”

সেই সুগন্ধি বস্তুবোৰ হৈছে ধূনাএঁঠা আৰু গন্ধৰস।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

এই শব্দটো হয়তো অংকুৰৰ কাৰণে যি হিব্ৰু শব্দ ব্যৱহাৰ কৰা হয়, তাৰ পৰা আহিছে।

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

অতি. ক৫ চাওক।

বা “সম্পূৰ্ণৰূপে পানীত ডুবাইছিল।”

অৰ্থাৎ তেওঁ তোমালোকক পবিত্ৰ শক্তিৰে অভিষেক কৰিব আৰু জুইৰে ধ্বংস কৰিব।

হয়তো যোহন হʼব পাৰে।

বা “পাৰ।”

যীচুৰ।

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

আক্ষ., “দিয়াবল।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

এয়া আচলতে এক ডাঙৰ হ্ৰদ আছিল।

অৰ্থাৎ গোটেই শৰীৰ বা শৰীৰৰ কোনো এটা অংগ লৰচৰ কৰিব নোৱাৰা লোক।

বা “দহখন চহৰৰ এলেকা।”

দেখা পোৱাৰ অৰ্থ কেৱল চকুৰে দেখা নহয়, কিন্তু মনৰ চকুৰে দেখা আৰু বুজাও হʼব পাৰে।

বা “ইয়াক টুকুৰীত ঢাকি নাৰাখে।”

অৰ্থাৎ যিহোৱা।

এয়া মোচি আৰু ভৱিষ্যবক্তাসকলে লিখা শাস্ত্ৰ হয়।

আক্ষ., “তেওঁ স্বৰ্গৰাজ্যত সকলোতকৈ ‘সৰু’ বুলি প্ৰখ্যাত হʼব।”

আক্ষ., “তেওঁ স্বৰ্গৰাজ্যত সকলোতকৈ ‘মহান’ বুলি প্ৰখ্যাত হʼব।”

শব্দকোষ চাওক।

আক্ষ., “লেখক।” শব্দকোষ চাওক।

গেহেনা যিৰূচালেমৰ এনে এক ঠাই আছিল, য’ত জাৱৰ জ্বলোৱা হৈছিল। শব্দকোষ চাওক।

ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।

শব্দকোষ চাওক।

শব্দকোষ চাওক।

গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

অতি. ক৫ চাওক।

যিৰূচালেমক পবিত্ৰ নগৰ বুলি বিশ্বাস কৰা হৈছিল।

অৰ্থাৎ যিহোৱাৰ।

অৰ্থাৎ সুত নিদিয়াকৈ ধাৰ খোজে।

অৰ্থাৎ যিহোৱাই।

আক্ষ., “দয়াৰ দান।” শব্দকোষ চাওক।

আক্ষ., “নিজৰ আগে আগে ঢোল কোবাই নুফুৰিবা।”

বা “আনক নজনাবা।”

বা “গুপুতে দেখা তোমাৰ পিতৃয়ে।”

বা “যিজনে গুপুতে চায়।”

অৰ্থাৎ পৃথিৱীত ঈশ্বৰৰ চৰকাৰ হওক।

আক্ষ., “ধৰুৱা লোকসকলক।”

আক্ষ., “আমাৰ ধাৰ।”

আক্ষ., “সেই দুষ্টৰ।”

বা “উপবাস।”

বা “চকুৱে যদি স্পষ্টকৈ দেখা পায়।” আক্ষ., “নিৰ্মল হয়।”

বা “লিলী।”

আক্ষ., “সূতা নাকাটে।”

বা “জুই শালত।”

বা “চতিলৈ।”

এয়া মোচি আৰু ভৱিষ্যবক্তাসকলে লিখা শাস্ত্ৰ হয়।

আক্ষ., “ফলৰ যোগেদি।”

আক্ষ., “লেখক।” শব্দকোষ চাওক।

বা “শুচি।”

অৰ্থাৎ গোটেই শৰীৰ বা শৰীৰৰ কোনো এটা অংগ লৰচৰ কৰিব নোৱাৰা বেমাৰ।

আক্ষ., “লেখক।” শব্দকোষ চাওক।

অৰ্থাৎ গোটেই শৰীৰ বা শৰীৰৰ কোনো এটা অংগ লৰচৰ কৰিব নোৱাৰা লোক।

আক্ষ., “লেখক।” শব্দকোষ চাওক।

বা “মেজত একেলগে বহিছিল।”

জন্তুৰ ছালেৰে বনোৱা মোনা।

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

আক্ষ., “কনানী।”

বা “শুচি কৰা।”

বা “পাৰ।”

বা “ধৰে।”

চয়তানক দিয়া এটা নাম, যি দুষ্ট স্বৰ্গদূতবিলাকৰ ৰজা বা শাসক হয়।

বা “জীৱন পোৱা আশাক কাঢ়ি লʼব নোৱাৰে।”

শব্দকোষ চাওক।

আক্ষ., “এক আচ্যাৰিয়ান।” এদিনৰ হাজিৰাৰ ১৬ ভাগৰ এভাগ। অতি. খ১৪ চাওক।

আক্ষ., “তৰোৱাল চলোৱাবলৈ।”

শব্দকোষ চাওক।

বা “শুচি কৰা হৈছে।”

বা “মোৰ কাৰণে উজুটি নাখায়, তেওঁ সুখী।”

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

নিয়ম আৰু ভৱিষ্যবক্তাসকলৰ কিতাপে গোটেই হিব্ৰু শাস্ত্ৰক বুজায়।

আক্ষ., “হিয়া ভুকুৱাই দুখ নকৰিলা।”

বা “পৰিণামৰ।”

ই এটা অনুতাপ কৰাৰ চিন আছিল।

বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।

বা “দৰ্শন-ৰুটি।”

বা “জঠৰ ৰোগ হৈছিল।”

বা “ডাঙৰ ডাঙৰ ৰাস্তাৰ।”

বা “বোবা আছিল।”

চয়তানক দিয়া এটা নাম।

বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।

আক্ষ., “লেখক।” শব্দকোষ চাওক।

আক্ষ., “ব্যভিচাৰী।”

শব্দকোষত “ৰোৱাষ্‌; নিওমা” চাওক।

আক্ষ., “সেই দুষ্ট।”

আক্ষ., “উজুটি খায়।”

বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।

ই এনে এক ঘাঁহৰ নিচিনা হয়, যি দেখাত একেবাৰে ঘেঁহুৰ নিচিনা, কিন্তু বিষাক্ত।

বা “বেকিং পাউদাৰৰ।”

বা হয়তো, “জগতৰ আৰম্ভণিৰে পৰা।”

শব্দকোষ চাওক।

আক্ষ., “যিবোৰ বস্তু উজুটি খোৱাৰ কাৰণ হয়।”

অৰ্থাৎ হেৰোদ আন্তিপা। শব্দকোষ চাওক।

বা “মেজত একেলগে বহা।”

আক্ষ., “বহু ষ্টেডিয়াম।” এক ষ্টেডিয়াম ১৮৫ মিটাৰৰ সমান (৬০৬.৯৫ ফুট)।

আক্ষ., “চতুৰ্থ প্ৰহৰ।” যীচুৰ সময়ত, এই সময় ৰাতিপুৱাৰ প্ৰায় ৩ বজাৰ পৰা সূৰ্য উদয় হোৱালৈকে বুজায়।

আক্ষ., “লেখক।” শব্দকোষ চাওক।

অৰ্থাৎ পৰম্পৰাৰ অনুসৰি হাত নোধোৱে।

বা “গালি পাৰে।”

গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

আক্ষ., “ব্যভিচাৰী।”

বা “বেকিং পাউদাৰৰ।”

বা “মৃত্যুৰ শক্তিয়ে।” আক্ষ., “হেডীজ।” শব্দকোষ চাওক।

আক্ষ., “লেখক।” শব্দকোষ চাওক।

শব্দকোষ চাওক।

বা “বগা হৈ গʼল।”

আক্ষ., “লেখক।” শব্দকোষ চাওক।

প্ৰায় একে সময়তে জন্ম হোৱা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।

অতি. ক৩ চাওক।

আক্ষ., “যি দুই ড্ৰাকমাৰ মুদ্ৰা।” এয়া দুদিনৰ হাজিৰাৰ সমান আছিল।

চাৰি ড্ৰাকমাৰ সমান। ইয়াৰ মূল্য আছিল প্ৰায় চাৰি দিনৰ হাজিৰাৰ সমান।

অৰ্থাৎ এনে কিবা কৰে, যাৰ বাবে আনে বিশ্বাস কৰিবলৈ এৰি দিয়ে।

বা “গাধই ঘূৰোৱা জাঁত।”

বা “উজুটি খোৱাৰ কাৰণ হয়।”

বা “তোমাক উজুটি খোৱাইছে।”

শব্দকোষ চাওক।

অতি. ক৩ চাওক।

বা হয়তো, “তোমালোকৰ।”

আক্ষ., “তেওঁক শুধৰণি কৰা।”

আক্ষ., “মুখ।”

আক্ষ., “১০ হাজাৰ টেলেণ্ট,” যি ৬ কোটি দীনাৰৰ সমান আছিল। দীনাৰ আছিল ৰোমানসকলৰ ৰূপৰ মুদ্ৰা। অতি. খ১৪ চাওক।

অতি. খ১৪ চাওক।

আক্ষ., “এটা যুঁৱলিত বন্ধা হৈছে।”

গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।

বা “নতুনকৈ সৃষ্টি কৰা হʼব।”

অতি. খ১৪ চাওক।

অৰ্থাৎ ৰাতিপুৱা প্ৰায় ৯ বজাত।

অৰ্থাৎ দুপৰীয়া প্ৰায় ১২ বজাত।

অৰ্থাৎ আবেলি প্ৰায় ৩ বজাত।

অৰ্থাৎ গধূলি প্ৰায় ৫ বজাত।

অতি. খ১৪ চাওক।

বা “উদাৰতা।”

আক্ষ., “তোৰ চকু দুষ্ট।”

আক্ষ., “লেখক।” শব্দকোষ চাওক।

অতি. ক৫ চাওক।

আক্ষ., “গুহা।”

আক্ষ., “লেখক।” শব্দকোষ চাওক।

বা “আটাইতকৈ গুৰুত্বপূৰ্ণ শিল হʼল।”

অতি. ক৫ চাওক।

বা “গ্ৰেপ্তাৰ কৰিব।”

বা “বেছিতকৈ বেছি লোকক।”

গ্ৰীক ভাষাত “কৈচৰ।”

অতি. খ১৪ চাওক।

বা “পুনৰুত্থান।” শব্দকোষ চাওক।

অতি. ক৫ চাওক।

শব্দকোষত “জীৱন” চাওক।

অতি. ক৫ চাওক।

আক্ষ., “লেখক।” শব্দকোষ চাওক।

সৰু আকৃতিৰ বাকচ, যʼত মোচিৰ নিয়মৰ চাৰিটা অংশ থোৱা হৈছিল আৰু যিহূদী পুৰুষসকলে সুৰক্ষাৰ কাৰণে সেয়া কপাল আৰু বাওঁহাতত পিন্ধিছিল।

বা “সকলোতকৈ ভাল।”

আক্ষ., “ৰব্বি।”

অতি. ক৩ চাওক।

শব্দকোষ চাওক।

পদীনা, গুৱামৰি আৰু জীৰা হৈছে বাগিছাত হোৱা এবিধ সৰু গছ, যি লোকসকলে খাদ্যত মচলা হিচাপে ব্যৱহাৰ কৰে।

মূল ভাষাত ই এনে এক সৰু উৰণীয়া পোক হয়, যিয়ে মহৰ দৰে কামোৰে।

বা “লোট কৰা বস্তুৰে।”

বা “স্মৰণীয় কবৰ।”

আক্ষ., “নিজৰ পূৰ্বপুৰুষসকলৰ জোখৰ পাত্ৰ পূৰ কৰা।”

শব্দকোষ চাওক।

অৰ্থাৎ মন্দিৰ।

বা হয়তো, “তোমালৈ নিৰ্জন অৱস্থাত এৰি দিছে।”

অতি. ক৫ চাওক।

শব্দকোষ চাওক।

শব্দকোষ চাওক।

বা “উজুটি খাব।”

অৰ্থাৎ ঈশ্বৰৰ নিয়মক তুচ্ছ বুলি গণ্য কৰা।

বা “ধৰে।”

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

শব্দকোষ চাওক।

বা হয়তো, “শগুন।”

শব্দকোষ চাওক।

বা “ৰাতিৰ কোনটো ভাগত।”

বা “ভাবি-চিন্তি কাম কৰা।”

বা “ভাবি-চিন্তি কাম কৰা।”

আক্ষ., “টেলেণ্ট।” এটা গ্ৰীক টেলেণ্টৰ ওজন ২০.৪ কিলো আছিল।

আক্ষ., “ৰূপ।”

বা “শৰীৰ ঢাকিবলৈ মোৰ ওচৰত কাপোৰ নাছিল।”

আক্ষ., “সদায় কালৰ বাবে কাটি পেলোৱা হ’ব, যেনেকৈ এজোপা গছৰ পৰা ডালবোৰ কাটি পেলোৱা হয়।”

বা “গ্ৰেপ্তাৰ কৰি।”

বা “মেজত একেলগে বহিছিল।”

বা “বেকিং পাউদাৰ।”

আক্ষ., “তোমালোক সকলোৱে উজুটি খাবা।”

বা “ইচ্ছুক আছে।”

আক্ষ., “১২ বাহিনী।”

আক্ষ., “লেখক।” শব্দকোষ চাওক।

বা “কথা কোৱাৰ ধৰণৰ পৰা।”

আক্ষ., “তেজৰ।”

বা “এয়া তোমাৰ সমস্যা।”

অতি. ক৫ চাওক।

বা “তোমাৰ জয় হওক।”

শব্দকোষ চাওক।

এয়া উদ্ভিদৰ পৰা তৈয়াৰ কৰা কোনো নিচা জাতীয় পদাৰ্থ হʼব পাৰে।

আক্ষ., “লেখক।” শব্দকোষ চাওক।

অৰ্থাৎ দুপৰীয়া প্ৰায় ১২ বজাৰ।

অৰ্থাৎ আবেলি প্ৰায় ৩ বজালৈকে।

বা “স্মৰণীয় কবৰ।”

আক্ষ., “আয়োজনৰ দিনৰ পাছদিনা।”

অতি. ক৫ চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক