ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt যোহন ১:১-২১:২৫
  • যোহন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যোহন
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
যোহন

যোহনে লিখা শুভবাৰ্তা

১ আৰম্ভণিতে* বাক্য* আছিল আৰু বাক্য ঈশ্বৰৰ লগত আছিল আৰু বাক্য এজন ঈশ্বৰ* আছিল। ২ তেওঁ আৰম্ভণিতে ঈশ্বৰৰ লগত আছিল। ৩ সকলো বস্তু তেওঁৰ যোগেদিহে অস্তিত্বত আহিল আৰু তেওঁৰ অবিহনে কোনো বস্তুৱেই অস্তিত্বত অহা নাই।

৪ তেওঁৰ যোগেদি জীৱন অস্তিত্বত আহিল আৰু তেওঁ মানুহৰ কাৰণে পোহৰ আছিল। ৫ এই পোহৰ আন্ধাৰত জিলিকি আছে, কিন্তু আন্ধাৰে তাক নুমুৱাব নোৱাৰিলে।

৬ ঈশ্বৰৰ ফালৰ পৰা পঠোৱা এজন মানুহ আহিছিল, তেওঁৰ নাম যোহন আছিল। ৭ এই মানুহজনে সাক্ষী হৈ আহিছিল যাতে সেই পোহৰৰ বিষয়ে সাক্ষ্য দিয়ে আৰু এইদৰে তেওঁৰ যোগেদি সকলো ধৰণৰ লোকে বিশ্বাস কৰে। ৮ এই মানুহজন নিজে সেই পোহৰ নাছিল, কিন্তু সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ আহিছিল।

৯ সকলো ধৰণৰ মানুহক পোহৰ দিয়া সেই সত্যৰ পোহৰ অতি সোনকালে এই জগতত আহিবলগীয়া আছিল। ১০ তেওঁ* জগতত আছিল আৰু তেওঁৰ যোগেদি জগত অস্তিত্বত আহিল, কিন্তু জগতে তেওঁক চিনি নাপালে। ১১ তেওঁ নিজৰ ঘৰলৈ আহিছিল, কিন্তু তেওঁৰ নিজৰ লোকসকলে তেওঁক গ্ৰহণ নকৰিলে। ১২ কিন্তু যিসকলে তেওঁক গ্ৰহণ কৰিলে, সেই সকলোকে তেওঁ ঈশ্বৰৰ সন্তান হʼবলৈ অধিকাৰ দিলে, কাৰণ তেওঁলোকে তেওঁৰ নামৰ ওপৰত বিশ্বাস কৰিছিল। ১৩ তেওঁলোকৰ জন্ম তেজেৰে বা শৰীৰৰ ইচ্ছাৰে আনকি কোনো মানুহৰ ইচ্ছাৰেও হোৱা নাছিল, কিন্তু ঈশ্বৰৰ ইচ্ছাৰে হৈছিল।

১৪ বাক্য মানুহ হʼল আৰু আমাৰ মাজত থাকিল আৰু আমি তেওঁৰ মহিমা দেখিলোঁ, সেই মহিমা যি একমাত্ৰ পুত্ৰই নিজৰ পিতৃৰ পৰা পায় আৰু তেওঁ ঈশ্বৰৰ কৃপা* আৰু সত্যতাৰে পৰিপূৰ্ণ আছিল। ১৫ (যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দিলে, হয় তেওঁ চিঞৰি কʼলে, “এওঁৱেই সেইজন, যিজনৰ বিষয়ে মই কৈছিলোঁ, ‘যিজন মোৰ পাছত আহিছে তেওঁ মোতকৈ আগ হʼল, কিয়নো তেওঁ মোতকৈ আগতে অস্তিত্বত আছিল।’”) ১৬ আমি সকলোৱে তেওঁৰ পৰা অধিক মাত্ৰাত মহা-কৃপা পালোঁ, যি তেওঁ নিজেই মহা-কৃপাৰে পৰিপূৰ্ণ। ১৭ কিয়নো মোচিৰ যোগেদি আমি নিয়ম পাইছিলোঁ, কিন্তু মহা-কৃপা আৰু সত্য আমি যীচু খ্ৰীষ্টৰ যোগেদি পালোঁ। ১৮ কোনো মানুহে ঈশ্বৰক কেতিয়াও দেখা নাই। একমাত্ৰ পুত্ৰই আমাক পিতৃৰ বিষয়ে বুজালে, যিজন ঈশ্বৰৰ নিচিনা হয়* আৰু পিতৃৰ একেবাৰে কাষত* আছে।

১৯ যোহনে এই সাক্ষ্য সেই সময়ত দিছিল, যেতিয়া যিহূদীসকলে যিৰূচালেমৰ পৰা পুৰোহিত আৰু লেবীসকলক যোহনৰ ওচৰলৈ এয়া সুধিবলৈ পঠিয়াইছিল যে “তুমি কোন হোৱা?” ২০ তেওঁ উত্তৰ দিবলৈ অস্বীকাৰ নকৰিলে, ইয়াৰ পৰিৱৰ্তে তেওঁ কʼলে, “মই খ্ৰীষ্ট নহওঁ।” ২১ তাৰ পাছত তেওঁলোকে তেওঁক সুধিলে, “তুমি এলিয়া নে?” তেওঁ কʼলে, “নহয়।” “আহিবলগীয়া ভৱিষ্যবক্তাজন তুমিয়েই নে?” তেওঁ কʼলে, “নহয়!” ২২ তেতিয়া তেওঁলোকে সুধিলে, “তেনেহʼলে তুমি কোন হোৱা? আমাক কোৱা যাতে যিসকলে আমাক পঠাইছে, তেওঁলোকক আমি উত্তৰ দিব পাৰোঁ। তুমি নিজৰ বিষয়ে কি কোৱা?” ২৩ যোহনে কʼলে, “ভৱিষ্যবক্তা যিচয়াই যিদৰে কৈছিল, ময়েই সেই মাত, যিজনে অৰণ্যত* মাতি আছে, ‘যিহোৱাৰ* পথ পৰিষ্কাৰ কৰা।’” ২৪ যোহনৰ ওচৰলৈ অহা এই লোকসকলক ফৰীচীবিলাকে পঠাইছিল। ২৫ তেওঁলোকে সুধিলে, “যদি তুমি খ্ৰীষ্ট বা এলিয়া বা সেই ভৱিষ্যবক্তা নোহোৱা, তেনেহʼলে তুমি বাপ্তিষ্মা* কিয় দিয়া?” ২৬ যোহনে উত্তৰ দিলে, “মই পানীত বাপ্তিষ্মা দিওঁ। কিন্তু তোমালোকৰ মাজত এজন আছে, যাক তোমালোকে চিনি নোপোৱা। ২৭ তেওঁ মোৰ পাছত আহি আছে আৰু মই তেওঁৰ জোতাৰ ফিতা খোলাৰো যোগ্য নহওঁ।” ২৮ এই সকলো ঘটনা যৰ্দ্দনৰ সিপাৰে থকা বৈথনিয়াত ঘটিছিল, যʼত যোহনে বাপ্তিষ্মা দিছিল।

২৯ পাছ দিনাখন যেতিয়া তেওঁ যীচুক নিজৰ ফালে আহি থকা দেখিলে, তেতিয়া কʼলে, “চোৱা, ঈশ্বৰৰ ভেড়া পোৱালি, যিয়ে জগতৰ পাপ দূৰলৈ লৈ যায়! ৩০ তেৱেঁই সেইজন, যিজনৰ বিষয়ে মই কৈছিলোঁ, মোৰ পাছত এজন ব্যক্তি আহি আছে, যিজন মোতকৈ আগ হʼল, কিয়নো তেওঁ মোতকৈ আগতে অস্তিত্বত আছিল। ৩১ ময়ো তেওঁৰ বিষয়ে জনা নাছিলোঁ। কিন্তু তেওঁ যেন ইস্ৰায়েলীসকলৰ আগত প্ৰকাশিত হʼব পাৰে, সেইবাবে মই পানীত বাপ্তিষ্মা দিছোঁ।” ৩২ যোহনে এইদৰেও সাক্ষ্য দিলে, “মই পবিত্ৰ শক্তিক কপৌৰ* ৰূপত আকাশৰ পৰা নামি অহা দেখিলোঁ আৰু সেই পবিত্ৰ শক্তি তেওঁৰ* ওপৰত ৰৈ গʼল। ৩৩ ময়ো তেওঁৰ বিষয়ে জনা নাছিলোঁ, কিন্তু যিজনে পানীত বাপ্তিষ্মা দিবলৈ মোক পঠালে, তেৱেঁই মোক কৈছিল, ‘তুমি যিজনৰ ওপৰত পবিত্ৰ শক্তিক নামি অহা আৰু ৰৈ থকা দেখিবা, তেৱেঁই সেইজন, যিজনে পবিত্ৰ শক্তিৰে বাপ্তিষ্মা দিব।’ ৩৪ মই এয়া দেখিলোঁ আৰু সাক্ষ্য দিওঁ যে এওঁৱেই ঈশ্বৰৰ পুত্ৰ।”

৩৫ পাছ দিনাখন আকৌ যোহনে নিজৰ দুজন শিষ্যৰ লগত থিয় হৈ আছিল। ৩৬ যেতিয়া তেওঁ যীচুক তাৰ পৰা গৈ থকা দেখিলে, তেতিয়া কʼলে, “সৌৱা চোৱা, ঈশ্বৰৰ ভেড়া পোৱালি!” ৩৭ তেওঁৰ এই কথা শুনি দুজন শিষ্যই যীচুৰ পিছে পিছে গʼল। ৩৮ তেতিয়া যীচুৱে পিছফালে ঘূৰি চাই তেওঁলোকক পিছে পিছে আহি থকা দেখি তেওঁলোকক সুধিলে, “তোমালোকে কি বিচাৰা?” তেওঁলোকে কʼলে, “ৰব্বি, (যাৰ অৰ্থ হৈছে, “গুৰু”) আপুনি কʼত থাকে?” ৩৯ যীচুৱে তেওঁলোকক কʼলে, “আহা চোৱাহি।” তেতিয়া তেওঁলোকে গৈ তেওঁ থকা ঠাই চালে আৰু সেই দিনা তেওঁৰ লগতে থাকিল। এয়া দিনৰ প্ৰায় ১০ ঘণ্টা* আছিল। ৪০ যোহনৰ কথা শুনি যীচুৰ পিছে পিছে যোৱা এই দুয়োজনৰ মাজৰ এজনৰ নাম আছিল আন্দ্ৰিয়, যিজন চিমোন পিতৰৰ ভায়েক আছিল। ৪১ আন্দ্ৰিয়ই প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই কʼলে, “আমি মচীহক পালোঁ।” (মচীহৰ অৰ্থ হৈছে, “অভিষিক্ত জনা।”) ৪২ আন্দ্ৰিয়ই চিমোনক যীচুৰ ওচৰলৈ লৈ গʼল। যীচুৱে চিমোনক দেখি কʼলে, “তুমি যোহনৰ লʼৰা চিমোন। তোমাক কৈফা বুলি মতা হʼব।” (গ্ৰীক ভাষাত কৈফাৰ অনুবাদ “পিতৰ” বুলি কৰা হয়)।

৪৩ পাছ দিনাখন যীচুৱে গালীললৈ যাব বিচাৰিছিল। যেতিয়া তেওঁ ফিলিপক লগ পালে, তেতিয়া তেওঁ কʼলে, “মোৰ শিষ্য হোৱা।” ৪৪ ফিলিপ বৈৎচৈদা চহৰৰ আছিল, আন্দ্ৰিয় আৰু পিতৰো সেই একে চহৰৰেই আছিল। ৪৫ যেতিয়া ফিলিপে নথনেলক লগ পালে, তেতিয়া তেওঁ কʼলে, “যিজনৰ বিষয়ে মোচিয়ে নিয়মত আৰু ভৱিষ্যবক্তাসকলে লিখিছিল, আমি তেওঁক দেখা পালোঁ। তেওঁ নাচৰতত থকা যোচেফৰ লʼৰা যীচু হয়।” ৪৬ কিন্তু নথনেলে তেওঁক কʼলে, “নাচৰতৰ পৰাও কিবা ভাল ওলাব পাৰে নে?” ফিলিপে কʼলে, “আহি চোৱাহি।” ৪৭ যীচুৱে নথনেলক নিজৰ ফালে আহি থকা দেখিলে আৰু তেওঁৰ বিষয়ে কʼলে, “চোৱা, এওঁ এজন প্ৰকৃত ইস্ৰায়েলী, যাৰ মনত কোনো কপট নাই।” ৪৮ তেতিয়া নথনেলে তেওঁক কʼলে, “আপুনি মোক কেনেকৈ চিনি পালে?” যীচুৱে তেওঁক কʼলে, “ফিলিপে তোমাক মতাৰ আগেয়ে যেতিয়া তুমি ডিমৰু গছৰ তলত আছিলা, মই তেতিয়াই তোমাক দেখিছিলোঁ।” ৪৯ তেতিয়া নথনেলে তেওঁক কʼলে, “গুৰু, আপুনি ঈশ্বৰৰ পুত্ৰ হয়, ইস্ৰায়েলৰ ৰজা হয়।” ৫০ যীচুৱে কʼলে, “তোমাক ডিমৰু গছৰ তলত দেখিছিলোঁ, এই কথা কোৱাৰ কাৰণে বিশ্বাস কৰিছা নে? ইয়াতকৈ ডাঙৰ ডাঙৰ কাম তুমি দেখিবলৈ পাবা।” ৫১ তাৰ পাছত যীচুৱে তেওঁক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকে স্বৰ্গ মুকলি হোৱা আৰু ঈশ্বৰৰ স্বৰ্গদূতসকলক মানুহৰ পুত্ৰৰ ওচৰলৈ নামি অহা আৰু ওপৰলৈ যোৱা দেখিবা।”

২ তাৰ পাছত তৃতীয় দিনা গালীলত কান্না নামৰ ঠাইত এখন বিয়া আছিল আৰু যীচুৰ মাকো তাত আছিল। ২ যীচু আৰু তেওঁৰ শিষ্যসকলকো বিয়ালৈ মতা হৈছিল।

৩ যেতিয়া তাত দ্ৰাক্ষাৰস শেষ হৈ আহিল, তেতিয়া যীচুৰ মাকে আহি তেওঁক কʼলে, “তেওঁলোকৰ দ্ৰাক্ষাৰস শেষ হৈ গʼল।” ৪ কিন্তু যীচুৱে তেওঁক কʼলে, “আমি কিয় ইয়াৰ বিষয়ে চিন্তা কৰিম?* মোৰ সময় এতিয়াও অহা নাই।” ৫ তেওঁৰ মাকে দাসসকলক কʼলে, “তেওঁ তোমালোকক যি কʼব, তাকে কৰিবা।” ৬ সেই ঠাইতে যিহূদীসকলৰ ৰীতি অনুসৰি শুচি হʼবৰ কাৰণে পানী থোৱা ছটা শিলৰ পাত্ৰ আছিল। প্ৰতিটো পাত্ৰত ৪৪-ৰ পৰা ৬৬ লিটাৰ* পানী ভৰাব পৰা গৈছিল। ৭ যীচুৱে তেওঁলোকক কʼলে, “এই পাত্ৰ কেইটাত পানী ভৰাই দিয়া।” তেতিয়া দাসসকলে সেই পাত্ৰ কেইটাত মুখলৈকে পানী ভৰাই দিলে। ৮ তাৰ পাছত তেওঁ কʼলে, “এতিয়া ইয়াৰ পৰা অলপ লৈ ভোজৰ চোৱা-চিতা কৰা মানুহজনৰ ওচৰলৈ লৈ যোৱা।” তেতিয়া তেওঁলোকে সেইদৰেই কৰিলে। ৯ ভোজৰ চোৱা-চিতা কৰাজনে পানীৰ পৰা হোৱা সেই দ্ৰাক্ষাৰস অলপ খাই চালে। কিন্তু সেই দ্ৰাক্ষাৰস কʼৰ পৰা আহিল, তেওঁ নাজানিলে (কিন্তু যিসকল দাসে পানী উলিয়াই আনিছিল, তেওঁলোকেহে জানিছিল)। তেতিয়া তেওঁ দৰাক মাতিলে ১০ আৰু তেওঁক কʼলে, “সকলো লোকে প্ৰথমতে উত্তম দ্ৰাক্ষাৰসহে দিয়ে আৰু যেতিয়া লোকসকলে খাই মতলীয়া হৈ যায়, তেতিয়া কম মূল্যৰ দ্ৰাক্ষাৰস দিয়ে। কিন্তু তুমি দেখোন উত্তম দ্ৰাক্ষাৰস এতিয়াও ৰাখি থৈছা।” ১১ এইদৰে যীচুৱে গালীলৰ কান্না নামৰ ঠাইত প্ৰথম চমৎকাৰ কৰিলে আৰু নিজৰ শক্তি দেখুৱালে আৰু তেওঁৰ শিষ্যসকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে।

১২ ইয়াৰ পাছত যীচু, তেওঁৰ মা, তেওঁৰ ভায়েকসকল আৰু শিষ্যসকলে কফৰনাহূমলৈ গʼল, কিন্তু তেওঁলোকে তাত বেছি দিন নাথাকিল।

১৩ যিহূদীসকলৰ নিস্তাৰ-পৰ্ব ওচৰ পাইছিলহি আৰু যীচু যিৰূচালেমলৈ গʼল। ১৪ তেওঁ তাত দেখিলে যে মন্দিৰত গৰু, ভেড়া আৰু কপৌ বেচা লোকসকল আৰু পইচা সলনি কৰা লোকসকল নিজৰ নিজৰ ঠাইত বহি আছে। ১৫ তেতিয়া তেওঁ ৰচীৰে এটা চাবুক বনালে আৰু সেয়া লৈ ভেড়া আৰু গৰুবিলাকৰ সৈতে সিহঁতৰ মালিকবিলাকক মন্দিৰৰ পৰা বাহিৰ কৰি দিলে। তেওঁ পইচা সলনি কৰা লোকসকলৰ মুদ্ৰা ইফাল-সিফাল কৰি দিলে আৰু তেওঁলোকৰ মেজবোৰ লুটিয়াই পেলালে। ১৬ তেওঁ কপৌ বেচা লোকসকলক কʼলে, “এইবোৰ লৈ ইয়াৰ পৰা ওলাই যা! মোৰ পিতৃৰ ঘৰখনক ব্যৱসায়ৰ ঘৰ* নবনাবি!” ১৭ তেতিয়া আগতে লিখা এই কথা শিষ্যসকলৰ মনত পৰিল, “তোমাৰ ভৱনৰ প্ৰতি থকা উৎসাহৰ জুই মোৰ ভিতৰত জ্বলি আছে।”

১৮ এয়া দেখি যিহূদীসকলে তেওঁক কʼলে, “এই সকলো কাম কৰাৰ যে আপোনাৰ অধিকাৰ আছে, তাৰে প্ৰমাণ হিচাপে কোনো এটা চিন আমাক দেখুৱাওক।” ১৯ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “এই মন্দিৰটো ধ্বংস কৰি দিয়া আৰু মই তিনি দিনৰ ভিতৰত ইয়াক বনাম।” ২০ তেতিয়া যিহূদীসকলে কʼবলৈ ধৰিলে, “এই মন্দিৰটো বনাবলৈ ৪৬ বছৰ লাগিছিল আৰু আপুনি ইয়াক তিনিদিনতে বনাব নে?” ২১ আচলতে তেওঁ ইয়াত মন্দিৰৰ বিষয়ে নহয়, কিন্তু নিজৰ শৰীৰৰ বিষয়ে কৈ আছিল। ২২ যেতিয়া তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল, তেতিয়া তেওঁৰ শিষ্যসকলৰ এই কথা মনত পৰিল যে তেওঁ প্ৰায়েই এই কথা কৈছিল। আৰু তেওঁলোকে শাস্ত্ৰ আৰু যীচুৱে কোৱা কথাৰ ওপৰত বিশ্বাস কৰিলে।

২৩ যেতিয়া তেওঁ নিস্তাৰ-পৰ্বৰ সময়ত যিৰূচালেমত আছিল, তেতিয়া বহুতো লোকে তেওঁৰ চমৎকাৰ দেখি তেওঁৰ নামৰ ওপৰত বিশ্বাস কৰিলে। ২৪ কিন্তু যীচুৱে তেওঁলোকৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা নকৰিলে, কাৰণ তেওঁ তেওঁলোকক ভালদৰে জানিছিল। ২৫ আৰু লোকসকলৰ বিষয়ে জানিবলৈ তেওঁক কোনো মানুহৰ প্ৰয়োজন নাছিল, কিয়নো মানুহৰ হৃদয়ত কি আছে তেওঁ জানিছিল।

৩ নীকদীম নামৰ এজন ফৰীচী আছিল, তেওঁ যিহূদীসকলৰ এজন ধৰ্ম-অধিকাৰী আছিল। ২ তেওঁ ৰাতি যীচুৰ ওচৰলৈ আহি এইদৰে কʼলে, “ৰব্বি, আমি জানোঁ যে আপুনি ঈশ্বৰৰ ফালৰ পৰা অহা এজন শিক্ষক হয়। কিয়নো আপুনি যি চমৎকাৰ কৰে, সেয়া কোনো মানুহে তেতিয়ালৈকে কৰিব নোৱাৰে, যেতিয়ালৈকে ঈশ্বৰ তেওঁৰ লগত নাথাকে।” ৩ যীচুৱে তেওঁক উত্তৰ দিলে, “মই তোমাক সঁচাকৈ কৈছোঁ যে যেতিয়ালৈকে কোনোৱে আকৌ জন্ম নহয়,* তেতিয়ালৈকে তেওঁ ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।” ৪ নীকদীমে কʼলে, “এজন মানুহে ডাঙৰ হোৱাৰ পাছত আকৌ কেনেকৈ জন্ম হʼব পাৰে? তেওঁ মাকৰ গৰ্ভত সোমাই আকৌ জন্ম হʼব পাৰে নে?” ৫ যীচুৱে তেওঁক উত্তৰ দিলে, “মই তোমাক সঁচাকৈ কৈছোঁ, যেতিয়ালৈকে কোনোৱে পানী আৰু পবিত্ৰ শক্তিৰে জন্ম নহয়, তেতিয়ালৈকে তেওঁ ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। ৬ শৰীৰৰ পৰা যাৰ জন্ম হয় , তেওঁ শাৰীৰিক হয় আৰু পবিত্ৰ শক্তিৰ পৰা যাৰ জন্ম হয়, তেওঁ স্বৰ্গৰ হয়। ৭ মই যে তোমালোকক আকৌ জন্ম হʼব লাগিব বুলি কʼলোঁ, এই কথাত আচৰিত নহʼবা। ৮ বতাহে যিফালে ইচ্ছা কৰে, সেইফালেই বলে আৰু তুমি বতাহ বলাৰ শব্দ শুনি পোৱা, কিন্তু তুমি নাজানা যে সেয়া কʼৰ পৰা আহে আৰু কʼলৈ যায়। যিজন পবিত্ৰ শক্তিৰে জন্ম হয়, তেৱোঁ সেইদৰেই হয়।”

৯ এয়া শুনি নীকদীমে তেওঁক কʼলে, “এইবোৰ কেনেকৈ হʼব পাৰে?” ১০ যীচুৱে উত্তৰ দিলে, “তুমি ইস্ৰায়েলীসকলৰ এজন গুৰু হৈও এইবোৰ নাজানা নে? ১১ মই তোমাক সঁচাকৈ কৈছোঁ, আমি যি জানোঁ তাৰ বিষয়ে কওঁ আৰু আমি যি দেখিলোঁ তাৰ বিষয়ে সাক্ষ্য দিওঁ, কিন্তু তোমালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰা। ১২ মই তোমালোকক পৃথিৱীৰ কথা কৈ আছোঁ, তথাপি তোমালোকে বিশ্বাস নকৰা, কিন্তু মই যদি তোমালোকক স্বৰ্গৰ কথা কওঁ, তেনেহʼলে তোমালোকে কেনেকৈ বিশ্বাস কৰিবা? ১৩ ইয়াৰ উপৰিও, কোনো মানুহ স্বৰ্গলৈ যোৱা নাই, কিন্তু কেৱল এজনেই আছে, যিজন স্বৰ্গৰ পৰা আহিছে আৰু তেওঁ হৈছে মানুহৰ পুত্ৰ। ১৪ যিদৰে মোচিয়ে অৰণ্যত* সেই সাপটোক আঁৰি দিছিল, সেইদৰে মানুহৰ পুত্ৰকো আঁৰি দিয়া হʼব ১৫ যাতে যিসকলে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন পায়।

১৬ কিয়নো ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দি দিলে যাতে যি কোনোৱে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ ধ্বংস নহয়, কিন্তু অনন্ত জীৱন পায়। ১৭ ঈশ্বৰে জগতৰ ন্যায় কৰিবলৈ নিজৰ পুত্ৰক জগতলৈ পঠোৱা নাই, কিন্তু তেওঁৰ দ্বাৰাই জগতক উদ্ধাৰ কৰিবলৈ তেওঁক পঠালে। ১৮ যিজনে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁক শাস্তি দিয়া নহʼব। যিজনে তেওঁৰ ওপৰত বিশ্বাস নকৰে, তেওঁৰ শাস্তিৰ ঘোষণা কৰা হʼল, কিয়নো তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ নামৰ ওপৰত বিশ্বাস নকৰিলে। ১৯ ন্যায় ইয়াৰ আধাৰত কৰা হয়: পোহৰ জগতত আহিল, কিন্তু লোকসকলে পোহৰৰ পৰিৱৰ্তে অন্ধকাৰক প্ৰেম কৰিলে, কিয়নো তেওঁলোকৰ কাম দুষ্ট আছিল। ২০ যিজনে বেয়া কামবোৰত লাগি থাকে, তেওঁ পোহৰক ঘিণ কৰে আৰু তেওঁৰ বেয়া কাম যেন প্ৰকাশ নাপায়, এই কাৰণে তেওঁ পোহৰলৈ নাহে। ২১ কিন্তু যিজনে ভাল কাম কৰে, তেওঁ পোহৰলৈ আহে যাতে তেওঁৰ কাম যেন ঈশ্বৰৰ ইচ্ছা অনুসৰি হয়, সেয়া প্ৰকাশ পায়।”

২২ ইয়াৰ পাছত যীচু আৰু তেওঁৰ শিষ্যসকলে যিহূদিয়াৰ গাঁওবোৰলৈ গʼল আৰু তেওঁ তাত শিষ্যসকলৰ লগত কিছু দিন থাকিল আৰু লোকসকলক বাপ্তিষ্মা দিলে।* ২৩ কিন্তু যোহনেও চালীমৰ ওচৰৰ ঐনোন নামৰ এখন ঠাইত বাপ্তিষ্মা দি আছিল, কিয়নো তাত বহুত পানী আছিল আৰু লোকসকলে তেওঁৰ ওচৰলৈ আহি আছিল আৰু বাপ্তিষ্মা লৈ আছিল। ২৪ তেতিয়ালৈকে যোহনক জেলত বন্দী কৰা হোৱা নাছিল।

২৫ সেই সময়ত ৰীতিৰ অনুসৰি শুচি হোৱাৰ বিষয়টোক লৈ এজন যিহূদীৰ লগত যোহনৰ শিষ্যসকলৰ তৰ্ক হʼল। ২৬ তাৰ পাছত যোহনৰ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহিলে আৰু তেওঁক কʼবলৈ ধৰিলে, “গুৰু, যিজন ব্যক্তি যৰ্দ্দনৰ সিপাৰে আপোনাৰ লগত আছিল আৰু যিজনৰ বিষয়ে আপুনি সাক্ষ্য দিছিল, তেওঁ বাপ্তিষ্মা দি আছে আৰু সকলোৱে তেওঁৰ ওচৰলৈ গৈ আছে।” ২৭ যোহনে কʼলে, “যেতিয়ালৈকে এজন মানুহক ঈশ্বৰে নিদিয়ে, তেতিয়ালৈকে তেওঁ একোকেই পাব নোৱাৰে। ২৮ তোমালোকে নিজেই মোক এই কথা কোৱা শুনিছা, মই খ্ৰীষ্ট নহওঁ, কিন্তু মোক তেওঁৰ আগেয়ে পঠোৱা হৈছে। ২৯ যাৰ ওচৰত কন্যা আছে, তেৱেঁই দৰা হয়। কিন্তু দৰাৰ বন্ধু যেতিয়া তেওঁৰ ওচৰত থিয় হৈ তেওঁৰ মাত শুনে, তেতিয়া তেওঁ বহুত আনন্দিত হয়। সেইবাবে, মোৰ এই আনন্দ সম্পূৰ্ণ হʼল। ৩০ তেওঁ বাঢ়ি যোৱা আৰু মই কমি যোৱাটো প্ৰয়োজন।”

৩১ যিজন ওপৰৰ পৰা আহে, তেওঁ সকলোৰে ওপৰত। যিজন পৃথিৱীৰ পৰা আহে, তেওঁ পৃথিৱীৰ হয় আৰু পৃথিৱীৰ কথা কয়। যিজন স্বৰ্গৰ পৰা আহে, তেওঁ সকলোতকৈ ওপৰত। ৩২ তেওঁ যি দেখিলে আৰু শুনিলে, তাৰ বিষয়ে তেওঁ সাক্ষ্য দিয়ে, কিন্তু কোনো মানুহে তেওঁৰ সাক্ষ্যৰ ওপৰত বিশ্বাস নকৰে। ৩৩ যিজনে তেওঁৰ সাক্ষ্যৰ ওপৰত বিশ্বাস কৰিলে, তেওঁ এই কথাৰ ওপৰত নিজৰ মোহৰ মাৰিলে* যে ঈশ্বৰ সত্য হয়। ৩৪ ঈশ্বৰে যিজনক পঠালে, তেওঁ ঈশ্বৰৰ বিষয়ে কয়, কাৰণ ঈশ্বৰে অলপ অলপকৈ* পবিত্ৰ শক্তি নিদিয়ে। ৩৫ পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু পিতৃয়ে সকলোবোৰ তেওঁৰ হাতত গতাই দিলে। ৩৬ যিজনে পুত্ৰৰ ওপৰত বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন পাব। যিজনে পুত্ৰৰ আজ্ঞা পালন নকৰে, তেওঁ জীৱন নাপাব, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ ক্ৰোধ তেওঁৰ ওপৰত সদায় থাকিব।

৪ যোহনতকৈ বেছি যীচুৱে শিষ্য বনাইছে আৰু বাপ্তিষ্মা দিছে,* এই কথা ফৰীচীবিলাকে শুনিছে বুলি যীচুৱে যেতিয়া গʼম পালে ২ (যদিও যীচুৱে নিজেই বাপ্তিষ্মা দিয়া নাছিল, কিন্তু তেওঁৰ শিষ্যসকলে দিছিল), ৩ তেতিয়া তেওঁ যিহূদিয়া এৰি আকৌ গালীললৈ গুচি গʼল। ৪ কিন্তু তেওঁ চমৰীয়াৰ মাজেদি যোৱাটো প্ৰয়োজন আছিল। ৫ তেওঁ চমৰীয়াৰ চুখৰ নামৰ এখন চহৰলৈ আহি পালে। এই চহৰ যাকোবে তেওঁৰ লʼৰা যোচেফক যি ডোখৰ মাটি দিছিল, তাৰ ওচৰতে আছিল। ৬ আচলতে যাকোবৰ নাদ* তাতে আছিল আৰু যীচুৱে যাত্ৰা কৰি বহুত ভাগৰি নাদৰ কাষত বহি আছিল। এয়া দিনৰ প্ৰায় ছয় ঘণ্টা* আছিল।

৭ তাত চমৰীয়াৰ এগৰাকী তিৰোতাই পানী নিবলৈ আহিছিল। তেতিয়া যীচুৱে তেওঁক কʼলে, “মোক অলপ পানী খাবলৈ দিয়াচোন।” ৮ (তেওঁৰ শিষ্যসকলে খোৱা বস্তু কিনিবলৈ চহৰলৈ গৈছিল।) ৯ সেই চমৰীয়া তিৰোতাগৰাকীয়ে তেওঁক কʼলে, “আপুনি এজন যিহূদী হৈও কেনেকৈ মোৰ পৰা পানী বিচাৰিছে, মইতো এগৰাকী চমৰীয়া তিৰোতা?” (কিয়নো যিহূদীসকলে চমৰীয়াসকলৰ লগত কোনো সম্পৰ্ক নাৰাখে।) ১০ যীচুৱে কʼলে, “ঈশ্বৰৰ দান কি, যি তেওঁ বিনামূল্যে দিয়ে আৰু কোনে তোমাক ‘মোক পানী খাবলৈ দিয়া’ বুলি কৈছে, এই কথা তুমি জনা হʼলে তুমি নিজেই তেওঁক পানী খুজিলাহেঁতেন আৰু তেওঁ তোমাক জীৱন দিয়া পানী দিলেহেঁতেন।” ১১ তেতিয়া তিৰোতা গৰাকীয়ে কʼলে, “নাদটো বহুত গভীৰ আৰু পানী তুলিবলৈ আপোনাৰ ওচৰত কোনো পাত্ৰও নাই, তেনেহʼলে এই জীৱন দিয়া পানী আপোনাৰ ওচৰত কʼৰ পৰা আহিল? ১২ আমাৰ পূৰ্বপুৰুষ যাকোব, যিজনে আমাক এই নাদ দিছিল আৰু ইয়াৰ পৰা তেওঁ আৰু তেওঁৰ লʼৰাবিলাক আৰু জীৱ-জন্তুৱে পানী খাইছিল, আপুনি তেওঁতকৈ মহান নে?” ১৩ যীচুৱে উত্তৰ দিলে, “যিসকলে এই পানী খাব, তেওঁলোকৰ আকৌ পিয়াহ লাগিব। ১৪ কিন্তু যি কোনোৱে মই দিয়া পানী খাব, তেওঁৰ আৰু কেতিয়াও পিয়াহ নালাগিব। যি পানী মই তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত বুৰবুৰাই ওলাই থকা পানীৰ ভুমুকৰ দৰে হʼব, যিয়ে তেওঁক অনন্ত জীৱন দিব।” ১৫ তেতিয়া তিৰোতাগৰাকীয়ে কʼলে, “মোৰ যেন পিয়াহ নালাগে আৰু পানী নিবলৈ যেন বাৰে বাৰে ইয়ালৈ আহিব নালাগে, সেইবাবে মোক সেই পানী দিয়ক।”

১৬ তেওঁ তিৰোতাগৰাকীক কʼলে, “যোৱা আৰু নিজৰ স্বামীক ইয়ালৈ লৈ আহা।” ১৭ তিৰোতাগৰাকীয়ে কʼলে, “মোৰ কোনো স্বামী নাই।” যীচুৱে তেওঁক কʼলে, “মোৰ কোনো স্বামী নাই বুলি তুমি ঠিকেই কৈছা। ১৮ কিয়নো তোমাৰ পাঁচজন স্বামী আছিল আৰু এতিয়া তুমি যিজন ব্যক্তিৰ লগত থাকা, তেৱোঁ তোমাৰ স্বামী নহয়। তুমি সঁচা কথা কৈছা।” ১৯ তেতিয়া তিৰোতাগৰাকীয়ে তেওঁক কʼলে, “প্ৰভু, আপুনি নিশ্চয় এজন ভৱিষ্যবক্তা হয়। ২০ আমাৰ পূৰ্বপুৰুষসকলে এই পাহাৰতে উপাসনা কৰিছিল, কিন্তু আপোনালোকে কয়, যিৰূচালেমেই সেই ঠাই, যʼত উপাসনা কৰা উচিত।” ২১ যীচুৱে তেওঁক কʼলে, “মোৰ বিশ্বাস কৰা এনে সময় আহিছে, যেতিয়া তোমালোকে এই পাহাৰত বা যিৰূচালেমত পিতৃৰ উপাসনা নকৰিবা। ২২ তোমালোকে জ্ঞানৰ অবিহনে উপাসনা কৰা, কিন্তু আমি জ্ঞানৰ সৈতে উপাসনা কৰোঁ, কিয়নো উদ্ধাৰৰ আৰম্ভণি যিহূদীসকলৰ পৰাই হয়। ২৩ কিন্তু সেই সময় আহি আছে আৰু এতিয়াও আছে, যেতিয়া সত্য উপাসকসকলে পবিত্ৰ শক্তি আৰু সত্যতাৰে পিতৃৰ উপাসনা কৰিব। আচলতে এনেদৰে উপাসনা কৰা লোকসকলক পিতৃয়ে বিচাৰি আছে। ২৪ ঈশ্বৰ অদৃশ্য হয় আৰু তেওঁৰ উপাসনা কৰা লোকসকলে পবিত্ৰ শক্তি আৰু সত্যতাৰে তেওঁৰ উপাসনা কৰা উচিত।” ২৫ তেতিয়া সেই তিৰোতাগৰাকীয়ে তেওঁক কʼলে, “মচীহ, যিজনক খ্ৰীষ্ট বুলি কোৱা হয়, তেওঁ যে আহিবলগীয়া আছে, সেই বিষয়ে মই জানোঁ। তেওঁ যেতিয়া আহিব, তেতিয়া আমাক সকলো কথা খুলি জনাব।” ২৬ যীচুৱে তেওঁক কʼলে, “ময়েই সেইজন, যিজনৰ লগত তুমি কথা পাতি আছা।”

২৭ সেই সময়তেই যীচুৰ শিষ্যসকলে উভতি আহিল আৰু তেওঁলোকে যীচুক এগৰাকী তিৰোতাৰ লগত কথা পাতি থকা দেখি আচৰিত হʼল। তথাপি তেওঁক কোনেও নুসুধিলে, “আপুনি এই তিৰোতাগৰাকীৰ পৰা কি বিচাৰিছে?” বা “আপুনি তেওঁৰ লগত কিয় কথা পাতিছে?” ২৮ তেতিয়া সেই তিৰোতাই নিজৰ পানীৰ কলহ তাতেই এৰি চহৰলৈ গুচি গʼল আৰু লোকসকলক কʼবলৈ ধৰিলে, ২৯ “আহা, মোৰ লগত বʼলা, সেই মানুহজনক চোৱাহি, যিজনে মই যি যি কৰিলোঁ, সেই সকলো কথা কৈ দিলে। সেই জনেই খ্ৰীষ্টতো নহয়?” ৩০ লোকসকলে চহৰৰ পৰা ওলাই তেওঁৰ ওচৰলৈ আহিবলৈ ধৰিলে।

৩১ সেই সময়ছোৱাৰ মাজতে শিষ্যসকলে তেওঁক বাৰে বাৰে কʼবলৈ ধৰিলে, “গুৰু, কিবা এটা খাই লওক।” ৩২ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “মোৰ ওচৰত এনে আহাৰ আছে, যাৰ বিষয়ে তোমালোকে নাজানা।” ৩৩ তেতিয়া শিষ্যসকলে এজনে-আনজনক কʼবলৈ ধৰিলে, “কোনোবাই তেওঁৰ কাৰণে কিবা খাবলৈ আনি দিয়াতো নাছিল?” ৩৪ যীচুৱে তেওঁলোকক কʼলে, “মোক পঠোৱাজনৰ ইচ্ছা পূৰ কৰা আৰু তেওঁৰ কাম সম্পূৰ্ণ কৰাটোৱেই হৈছে মোৰ আহাৰ। ৩৫ তোমালোকে নোকোৱা নে শস্য দাবলৈ এতিয়াও চাৰি মাহ বাকী আছে? চোৱা! মই তোমালোকক কৈছোঁ, নিজৰ চকু তুলি পথাৰলৈ চোৱা, সেয়া দাবলৈ পকি গৈছে। ৩৬ যিজনে শস্য দায়, তেওঁ এতিয়াৰে পৰা মজুৰি পাই আছে আৰু অনন্ত জীৱনৰ কাৰণে শস্য গোটাই আছে যাতে বওঁতা আৰু দাওঁতা দুয়োজনে মিলি যেন আনন্দ কৰে। ৩৭ এই ক্ষেত্ৰত এই প্ৰবাদ সঁচা যে এজনে বয় আৰু আনজনে দায়। ৩৮ মই তোমালোকক সেই শস্য দাবলৈ পঠাইছোঁ, যাৰ কাৰণে তোমালোকে পৰিশ্ৰম কৰা নাই। আন লোকসকলে পৰিশ্ৰম কৰিলে আৰু তোমালোকে সেই পৰিশ্ৰমৰ ফল লাভ কৰি আছা।”

৩৯ সেই চহৰৰ বহুতো চমৰীয়াই যীচুৰ ওপৰত বিশ্বাস কৰিলে। কাৰণ সেই তিৰোতাই এইদৰে কৈ সাক্ষ্য দিছিল, “মই যি যি কৰিছিলোঁ, তেওঁ সেই সকলো কথা কৈ দিলে।” ৪০ সেইবাবে, যেতিয়া চমৰীয়াৰ লোকসকলে যীচুৰ ওচৰলৈ আহিলে, তেতিয়া তেওঁলোকে যীচুক তেওঁলোকৰ তাত থাকিবলৈ অনুৰোধ কৰিবলৈ ধৰিলে। আৰু তেওঁ তেওঁলোকৰ তাত দুদিন থাকিল। ৪১ পৰিণামস্বৰূপে, বহুতো লোকে তেওঁৰ কথা শুনি বিশ্বাস কৰিলে। ৪২ আৰু তেওঁলোকে তিৰোতাগৰাকীক কʼবলৈ ধৰিলে, “আমি এতিয়া বিশ্বাস কৰিছোঁ, সেয়া কেৱল তোমাৰ কথা শুনিয়েই নহয়, ইয়াৰ পৰিৱৰ্তে আমি নিজেই তেওঁৰ কথা শুনিছোঁ আৰু বুজিব পাৰিছোঁ যে এই মানুহজনেই সঁচাকৈ জগতৰ উদ্ধাৰকৰ্তা।”

৪৩ দুদিনৰ পাছত যীচুৱে সেই ঠাই এৰি গালীললৈ ওলাই গʼল। ৪৪ কিন্তু তেওঁ নিজেই কৈছিল যে নিজৰ এলেকাত এজন ভৱিষ্যবক্তাক সন্মান কৰা নহয়। ৪৫ যেতিয়া তেওঁ গালীল পালেগৈ, তেতিয়া তাত থকা লোকসকলে তেওঁক আদৰণি জনালে। কিয়নো তেওঁলোকে সেই সকলো কাম দেখিছিল, যি তেওঁ উৎসৱৰ সময়ত যিৰূচালেমত কৰিছিল। যিহেতু তেওঁলোকেও সেই উৎসৱৰ কাৰণে তালৈ গৈছিল।

৪৬ তাৰ পাছত যীচুৱে গালীলৰ কান্নালৈ আহিল, যʼত তেওঁ পানীক দ্ৰাক্ষাৰসলৈ সলনি কৰিছিল। কফৰনাহূমত ৰজাৰ এজন অধিকাৰী আছিল, যিজনৰ লʼৰা বেমাৰ হৈ আছিল। ৪৭ যেতিয়া এই মানুহজনে শুনিলে যে যীচুৱে যিহূদিয়াৰ পৰা গালীললৈ আহিছে, তেতিয়া তেওঁ যীচুৰ ওচৰলৈ গৈ অনুৰোধ কৰিবলৈ ধৰিলে যে যীচুৱে যেন আহি তেওঁৰ লʼৰাক সুস্থ কৰি দিয়ে। কিয়নো তেওঁৰ লʼৰাজন মৰো মৰো অৱস্থাত আছিল। ৪৮ কিন্তু যীচুৱে তেওঁক কʼলে, “যেতিয়ালৈকে তোমালোকে কোনো চিন আৰু চমৎকাৰ নেদেখা, তেতিয়ালৈকে তোমালোকে কেতিয়াও বিশ্বাস নকৰিবা।” ৪৯ ৰজাৰ অধিকাৰীয়ে তেওঁক কʼলে, “প্ৰভু, মোৰ লʼৰাটো মৰি যোৱাৰ আগতেই মোৰ লগত বʼলক।” ৫০ যীচুৱে তেওঁক কʼলে, “যোৱা, তোমাৰ লʼৰাটো সুস্থ হʼল।” সেই মানুহজনে যীচুৰ কথাৰ ওপৰত বিশ্বাস কৰিলে আৰু গুচি গʼল। ৫১ যেতিয়া তেওঁ ৰাস্তাতেই আছিল, তেতিয়া তেওঁৰ দাসসকলে তেওঁক লগ পালে আৰু তেওঁলোকে কʼলে যে তেওঁৰ লʼৰাটো সুস্থ হৈ গʼল। ৫২ তেওঁ তেওঁলোকক সুধিলে যে লʼৰাটো কোনটো সময়ত সুস্থ হʼল। তেওঁলোকে কʼলে, “কালি সাত ঘণ্টাত* তাৰ জ্বৰ নাইকিয়া হʼল।” ৫৩ সেই সময়ত দেউতাকে বুজি পালে যে যীচুৱে ঠিক সেই সময়তে তেওঁক কৈছিল, “তোমাৰ লʼৰাটো সুস্থ হʼল।” তেতিয়া তেওঁ আৰু তেওঁৰ গোটেই পৰিয়ালে যীচুৰ ওপৰত বিশ্বাস কৰিলে। ৫৪ এয়া যীচুৰ দ্বিতীয় চমৎকাৰ আছিল, যি তেওঁ যিহূদিয়াৰ পৰা গালীললৈ অহাৰ পাছত কৰিছিল।

৫ ইয়াৰ পাছত যিহূদীসকলৰ এটা উৎসৱ আহিল আৰু যীচুৱে যিৰূচালেমলৈ গʼল। ২ যিৰূচালেমত ভেড়া দুৱাৰৰ ওচৰত এটা পুখুৰী আছে, যাক হিব্ৰু ভাষাত বৈথেচদা বুলি কোৱা হয়। সেই পুখুৰীৰ চাৰিওফালে স্তম্ভ থকা বাৰান্দা আছে। ৩ বেমাৰী, অন্ধ, খোৰা আৰু বিকলাংগ, এনেধৰণৰ বহুতো লোক এই বাৰান্দাত পৰি থাকিছিল। ৪* — ৫ তাত এজন মানুহ আছিল, যিজন ৩৮ বছৰৰ পৰা বেমাৰত ভুগি আছিল। ৬ যীচুৱে সেই মানুহজনক তাত পৰি থকা দেখিলে আৰু তেওঁ বহু বছৰৰ পৰা বেমাৰত ভুগি আছে বুলি জানি তেওঁক সুধিলে, “তুমি সুস্থ হʼব বিচাৰা নে?” ৭ তেতিয়া অসুস্থ মানুহজনে উত্তৰ দিলে, “প্ৰভু, যেতিয়া পানী হিলোৱা হয়, তেতিয়া পানীত মোক নমাই দিবলৈ মোৰ লগত এনে কোনো মানুহ নাই। মই যোৱাৰ আগতেই আন কোনোবাই পানীত নামি যায়।” ৮ যীচুৱে তেওঁক কʼলে, “উঠা আৰু নিজৰ ঢাৰিখন উঠাই খোজকাঢ়ি যোৱা।” ৯ তেতিয়াই সেই মানুহজন সুস্থ হʼল আৰু নিজৰ ঢাৰিখন উঠাই খোজকাঢ়িবলৈ ধৰিলে।

সেই দিনাখন বিশ্ৰাম-বাৰ* আছিল। ১০ সেইবাবে, যিহূদীসকলে সেই সুস্থ হোৱা মানুহজনক কʼবলৈ ধৰিলে, “আজি বিশ্ৰাম-বাৰ হয় আৰু আজিৰ দিনাখন তুমি ঢাৰিখন উঠোৱাটো নিয়মৰ অনুসৰি সঠিক নহয়।” ১১ কিন্তু তেওঁ কʼলে, “যিজনে মোক সুস্থ কৰিলে, তেৱেঁই মোক কৈছে, ‘নিজৰ ঢাৰিখন উঠাই খোজকাঢ়ি যোৱা।’” ১২ তেওঁলোকে কʼলে, “এয়া উঠাই খোজকাঢ়ি যাবলৈ কোনে তোমাক কৈছিল?” ১৩ কিন্তু সেই মানুহজনে নাজানিছিল যে তেওঁক সুস্থ কৰাজন কোন হয়, কাৰণ যীচুৱে মনে মনে গৈ ভিৰৰ মাজত মিলি গৈছিল।

১৪ ইয়াৰ পাছত যীচুৱে যেতিয়া সেই মানুহজনক মন্দিৰত দেখিলে, তেতিয়া তেওঁক কʼলে, “চোৱা, এতিয়া তুমি সুস্থ হʼলা। তোমাৰ লগত যাতে ইয়াতকৈয়ো বেয়া পৰিস্থিতি নহয়, তাৰ কাৰণে আৰু পাপ নকৰিবা।” ১৫ তেতিয়া সেই মানুহজনে গৈ তেওঁক সুস্থ কৰাজন যীচু হয় বুলি যিহূদীসকলক কʼলে। ১৬ সেইবাবে, যিহূদীসকলে যীচুৰ বিৰোধ কৰিবলৈ ধৰিলে। কিয়নো তেওঁ বিশ্ৰাম-বাৰে এইবোৰ কৰি আছিল। ১৭ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “মোৰ পিতৃয়ে এতিয়ালৈকে কাম কৰি আছে আৰু ময়ো কাম কৰি আছোঁ।” ১৮ সেইবাবে, যিহূদীসকলে তেওঁক হত্যা কৰিবলৈ আৰু উপায় বিচাৰিবলৈ ধৰিলে। কিয়নো তেওঁলোকৰ মতে যীচুৱে কেৱল বিশ্ৰাম-বাৰৰ নিয়ম পালন কৰা নাছিল, এনে নহয়, কিন্তু তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিছিল।

১৯ সেইবাবে, যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, পুত্ৰই নিজৰ ফালৰ পৰা একো কৰিব নোৱাৰে। কিন্তু পিতৃক যি যি কৰা দেখে, কেৱল তাকেহে কৰে। কাৰণ পিতৃয়ে যি যি কৰে, পুত্ৰয়ো সেই কামবোৰ সেইদৰেই কৰে। ২০ পিতৃয়ে পুত্ৰক বহুত প্ৰেম কৰে আৰু তেওঁ নিজেই যি যি কৰে, সেই সকলো পুত্ৰকো দেখুৱায় আৰু পিতৃয়ে ইয়াতকৈয়ো ডাঙৰ ডাঙৰ কাম তেওঁক দেখুৱাব যাতে তোমালোকে আচৰিত হোৱা। ২১ যিদৰে পিতৃয়ে মৃতবিলাকক জীয়াই তোলে আৰু তেওঁলোকক জীৱন দিয়ে, ঠিক সেইদৰে পুত্ৰয়ো যিসকলকে ইচ্ছা কৰে, তেওঁলোকক জীৱন দিয়ে। ২২ পিতৃয়ে নিজেই কাৰো ন্যায় নকৰে, ইয়াৰ পৰিৱৰ্তে তেওঁ ন্যায় কৰাৰ সকলো দায়িত্ব পুত্ৰক দিছে ২৩ যাতে তেওঁলোকে যেনেকৈ পিতৃক সন্মান কৰে, তেনেকৈ পুত্ৰকো যেন সন্মান কৰে। যিজনে পুত্ৰক সন্মান নকৰে, তেওঁ তেওঁক পঠোৱা পিতৃকো সন্মান নকৰে। ২৪ মই তোমালোকক সঁচাকৈ কৈছোঁ, যিজনে মোৰ বাক্য শুনে আৰু মোক পঠোৱাজনৰ ওপৰত বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন পায় আৰু তেওঁক শাস্তি দিয়া নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁ মৃত্যুক পাৰ কৰি জীৱন পায়।

২৫ মই তোমালোকক সঁচাকৈ কৈছোঁ, সেই সময় আহি আছে আৰু এতিয়াও আছে, যেতিয়া মৃতবিলাকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব আৰু যিসকলে তেওঁৰ কথা শুনিব, তেওঁলোক জীৱিত হʼব। ২৬ যিদৰে পিতৃৰ ওচৰত জীৱন দিয়াৰ শক্তি আছে,* ঠিক সেইদৰে তেওঁ নিজৰ পুত্ৰকো জীৱন দিয়াৰ শক্তি দিছে। ২৭ আৰু পিতৃয়ে তেওঁক ন্যায় কৰিবলৈ অধিকাৰ দিছে, কিয়নো তেওঁ মানুহৰ পুত্ৰ হয়। ২৮ এই কথাত আচৰিত নহʼবা, কিয়নো সেই সময় আহি আছে, যেতিয়া কবৰত* থকা সকলোৱে তেওঁৰ মাত শুনিব ২৯ আৰু জীৱিত হʼব। যিসকলে ভাল কাম কৰিছিল, তেওঁলোকক জীৱন পাবলৈ আকৌ জীয়াই তোলা হʼব আৰু যিসকলে বেয়া কামত লাগি আছিল, তেওঁলোকক ন্যায় কৰিবলৈ আকৌ জীয়াই তোলা হʼব। ৩০ মই নিজৰ ফালৰ পৰা এটাও কাম কৰিব নোৱাৰোঁ। কিন্তু মোৰ পিতৃয়ে যিদৰে কয়, ঠিক সেইদৰে মই ন্যায় কৰোঁ। আৰু মই কৰা ন্যায় সঠিক হয়, কিয়নো মই নিজৰ নহয়, কিন্তু মোক পঠোৱাজনৰ ইচ্ছা পূৰ কৰিব বিচাৰোঁ।

৩১ যদি মই অকলেই নিজৰ বিষয়ে সাক্ষ্য দিওঁ, তেনেহʼলে মোৰ সাক্ষ্য সঁচা নহয়। ৩২ আৰু এজন আছে, যিজনে মোৰ বিষয়ে সাক্ষ্য দিয়ে আৰু মই জানোঁ, তেওঁ মোৰ বিষয়ে যি সাক্ষ্য দিয়ে, সেয়া সঁচা হয়। ৩৩ তোমালোকে যোহনৰ ওচৰলৈ মানুহ পঠাইছিলা আৰু তেওঁ সত্যৰ বিষয়ে সাক্ষ্য দিলে। ৩৪ মোক মানুহৰ সাক্ষ্যৰ প্ৰয়োজন আছে, এনে নহয়, কিন্তু মই এইবোৰ কথা কোৱাৰ কাৰণ হৈছে তোমালোকে যাতে উদ্ধাৰ পোৱা। ৩৫ সেই মানুহজন জ্বলি থকা আৰু জকমকাই থকা চাকি আছিল আৰু তোমালোকে অলপ সময়ৰ কাৰণে তেওঁৰ পোহৰত আনন্দ কৰিবলৈ সাজু আছিলা। ৩৬ কিন্তু মোৰ ওচৰত সেই সাক্ষ্য আছে, যি যোহনৰ সাক্ষ্যতকৈও ডাঙৰ। পিতৃয়ে মোক যি কামবোৰ পূৰ কৰিবলৈ দিছে আৰু যিবোৰ কাম মই কৰি আছোঁ, সেইবোৰেই মোৰ বিষয়ে সাক্ষ্য দিয়ে যে পিতৃয়ে মোক পঠাইছে। ৩৭ আৰু মোক পঠোৱা পিতৃয়েও নিজে মোৰ বিষয়ে সাক্ষ্য দিছে। তোমালোকে কেতিয়াও তেওঁৰ মাতো শুনা নাই আৰু তেওঁক দেখাও নাই। ৩৮ আৰু তেওঁৰ বাক্য তোমালোকৰ হৃদয়ত নাই। কিয়নো পিতৃয়ে পঠোৱাজনক তোমালোকে বিশ্বাস নকৰা।

৩৯ তোমালোকে শাস্ত্ৰত অনুসন্ধান কৰা, কিয়নো তোমালোকে ভাবা যে ইয়াৰ যোগেদি তোমালোকে অনন্ত জীৱন পাবা। কিন্তু সেই শাস্ত্ৰয়েই মোৰ বিষয়ে সাক্ষ্য দিয়ে। ৪০ তথাপি তোমালোকে জীৱন পাবলৈ মোৰ ওচৰলৈ আহিব নিবিচাৰা। ৪১ মই মানুহৰ পৰা প্ৰশংসা নিবিচাৰোঁ। ৪২ কিন্তু মই ভালদৰে জানোঁ যে তোমালোকৰ হৃদয়ত ঈশ্বৰৰ প্ৰতি প্ৰেম নাই। ৪৩ মই নিজৰ পিতৃৰ নামেৰে আহিছোঁ। কিন্তু তোমালোকে মোক গ্ৰহণ নকৰা। কোনোবাই নিজৰ নামেৰে অহা হʼলে, তোমালোকে তাক গ্ৰহণ কৰিলাহেঁতেন। ৪৪ যদি তোমালোকে মানুহৰ প্ৰশংসা কৰা আৰু তেওঁলোকৰ পৰা প্ৰশংসা লোৱা আৰু সেই প্ৰশংসা পাব নিবিচাৰা, যি একমাত্ৰ ঈশ্বৰৰ পৰা পোৱা যায়, তেনেহʼলে তোমালোকে কেনেকৈ মোৰ ওপৰত বিশ্বাস কৰিব পাৰা? ৪৫ এয়া নাভাবিবা যে পিতৃৰ আগত মই তোমালোকক দোষী কৰিম। কিয়নো তোমালোকক দোষী কৰা এজন আছে অৰ্থাৎ মোচি, যিজনৰ ওপৰত তোমালোকে আশা ৰাখিছা। ৪৬ আচলতে তোমালোকে মোচিৰ ওপৰত বিশ্বাস কৰা হʼলে মোৰ ওপৰতো বিশ্বাস কৰিলাহেঁতেন, কিয়নো তেওঁ মোৰ বিষয়ে লিখিছিল। ৪৭ যদি তোমালোকে তেওঁ লিখা কিতাপবোৰত বিশ্বাস নকৰা, তেনেহʼলে মোৰ কথাৰ ওপৰত কেনেকৈ বিশ্বাস কৰিবা?”

৬ ইয়াৰ পাছত যীচুৱে গালীল সাগৰ অৰ্থাৎ তিবিৰিয়া সাগৰৰ সিপাৰে গুচি গʼল। ২ কিন্তু এটা ডাঙৰ ভিৰ তেওঁৰ পিছে পিছে গʼল। কিয়নো যীচুৱে চমৎকাৰ কৰি বেমাৰী লোকসকলক কেনেকৈ সুস্থ কৰিছিল, সেয়া তেওঁলোকে দেখিছিল। ৩ তাৰ পাছত যীচুৱে নিজৰ শিষ্যসকলৰ লগত এখন পাহাৰৰ ওপৰত উঠিলে আৰু তাত বহিল। ৪ যিহূদীসকলৰ নিস্তাৰ-পৰ্ব ওচৰ চাপি আহিছিল। ৫ যেতিয়া যীচুৱে দেখিলে যে এটা ডাঙৰ ভিৰ তেওঁৰ ফালে আহি আছে, তেতিয়া তেওঁ ফিলিপক কʼলে, “এওঁলোকক খুৱাবৰ কাৰণে আমি ৰুটি কʼৰ পৰা কিনিম?” ৬ কিন্তু ফিলিপক পৰীক্ষা কৰিবলৈহে যীচুৱে এই কথা কৈছিল, কিয়নো তেওঁ জানিছিল যে তেওঁ নিজে কি কৰিবলৈ গৈ আছে। ৭ ফিলিপে তেওঁক উত্তৰ দিলে, “তেওঁলোক প্ৰতিজনকে ২০০ দীনাৰৰ* ৰুটি অলপ অলপকৈ দিলেও তেওঁলোকৰ কাৰণে যথেষ্ট নহʼব।” ৮ তেতিয়া যীচুৰ এজন শিষ্য আন্দ্ৰিয়ই, যিজন চিমোন পিতৰৰ ভায়েক আছিল, তেওঁক কʼলে, ৯ “ইয়াত এজন লʼৰা আছে, যিজনৰ ওচৰত যৱৰ পাঁচখন ৰুটি আৰু দুটা সৰু মাছ আছে। কিন্তু ইমান লোকৰ কাৰণে এইখিনিৰে কেনেকৈ জুৰিব?”

১০ যীচুৱে কʼলে, “লোকসকলক বহিবলৈ দিয়া।” সেই ঠাইত বহুত ঘাঁহ আছিল, সেইবাবে লোকসকলে তাত আৰামেৰে বহিলে। তাত পুৰুষৰ সংখ্যা প্ৰায় ৫,০০০ আছিল। ১১ তেতিয়া যীচুৱে সেই ৰুটি লৈ প্ৰাৰ্থনাত ধন্যবাদ দিয়াৰ পাছত লোকসকলৰ মাজত ভগাই দিলে। তাৰ পাছত তেওঁ সেই সৰু মাছবোৰো ভগাই দিলে। যাক যিমান লাগিছিল, সিমান দিলে। ১২ যেতিয়া তেওঁলোকে পেট ভৰাই খালে, তেতিয়া তেওঁ শিষ্যসকলক কʼলে, “ৰৈ যোৱা টুকুৰাবোৰ গোটাই লোৱা যাতে একোৱেই নষ্ট নহয়।” ১৩ সেইবাবে, যৱৰ পাঁচখন ৰুটিৰ পৰা লোকসকলে খোৱাৰ পাছত তেওঁলোকে ৰৈ যোৱা টুকুৰাবোৰ তুলিলে আৰু ১২ টা টুকুৰী ভৰি গʼল।

১৪ যেতিয়া লোকসকলে তেওঁৰ চমৎকাৰ দেখিলে, তেতিয়া তেওঁলোকে কʼবলৈ ধৰিলে, “জগতলৈ যিজন ভৱিষ্যবক্তা অহাৰ কথা আছিল, এওঁ নিশ্চয় সেই ভৱিষ্যবক্তা।” ১৫ তাৰ পাছত যীচুৱে গʼম পালে যে লোকসকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ আহিছে। সেইবাবে, তেওঁ অকলে পাহাৰলৈ গুচি গʼল।

১৬ যেতিয়া গধূলি হʼল, তেতিয়া তেওঁৰ শিষ্যসকলে সাগৰৰ পাৰলৈ গʼল। ১৭ তেওঁলোকে এখন নাৱত উঠি সাগৰৰ সিপাৰৰ কফৰনাহূমলৈ গʼল। আন্ধাৰ হৈ গৈছিল আৰু যীচুৱে এতিয়ালৈকে তেওঁলোকৰ ওচৰ পোৱাগৈ নাছিল। ১৮ আৰু ধুমুহা বতাহৰ কাৰণে সাগৰত ডাঙৰ ডাঙৰ ঢৌ উঠিবলৈ ধৰিলে। ১৯ কিন্তু শিষ্যসকলে নাও বাই প্ৰায় পাঁচ-ছয় কিলোমিটাৰমান* যোৱাৰ পাছত তেওঁলোকে যীচুক সাগৰৰ ওপৰেদি খোজকাঢ়ি নাৱৰ ওচৰলৈ আহি থকা দেখিলে আৰু তেওঁলোকে ভয়ত কঁপিবলৈ ধৰিলে। ২০ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “ভয় নকৰিবা, এয়া ময়েই!” ২১ তেতিয়া তেওঁলোকে তেওঁক নাৱত উঠাবলৈ সাজু হʼল আৰু সোনকালে তেওঁলোকে যি ঠাইলৈ যাব বিচাৰিছিল, সেই ঠাইৰ পাৰত নাওখন পালেগৈ।

২২ পাছ দিনাখন যি লোকসকলে সাগৰৰ সিপাৰে থাকি গৈছিল, তেওঁলোকে দেখিলে যে যি নাওখন পাৰত আছিল, সেয়া নাই। ভিৰে গʼম পালে যে সেই নাৱত উঠি শিষ্যসকলে গুচি গʼল, কিন্তু যীচুৱে তেওঁলোকৰ লগত যোৱা নাই। ২৩ তাৰ পাছত তিবিৰিয়াৰ পৰা কেইখনমান নাও সেই ঠাইলৈ আহিছিল, যʼত যীচুৱে ঈশ্বৰক ধন্যবাদ দিয়াৰ পাছত লোকসকলে ৰুটি খাইছিল। ২৪ যেতিয়া ভিৰৰ লোকসকলে দেখিলে যে তাত যীচু আৰু তেওঁৰ শিষ্যসকল নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠিলে আৰু যীচুক বিচাৰি কফৰনাহূমলৈ গʼল।

২৫ সাগৰৰ পাৰত যেতিয়া তেওঁলোকে যীচুক দেখিলে, তেতিয়া সুধিলে, “গুৰু, আপুনি ইয়ালৈ কেতিয়া আহিলে?” ২৬ যীচুৱে তেওঁলোকক কʼলে, মই তোমালোকক সঁচাকৈ কৈছোঁ, “তোমালোকে চমৎকাৰ দেখাৰ কাৰণে নহয়, কিন্তু পেট ভৰাই ৰুটি খাবলৈ পোৱাৰ কাৰণেহে মোক বিচাৰি আছা। ২৭ যি আহাৰ নষ্ট হৈ যায়, তাৰ কাৰণে পৰিশ্ৰম নকৰিবা, কিন্তু যি আহাৰ নষ্ট নহয় আৰু অনন্ত জীৱন দিয়ে, তাৰ কাৰণে পৰিশ্ৰম কৰা। সেই আহাৰ মানুহৰ পুত্ৰই তোমালোকক দিব। কিয়নো পিতৃ অৰ্থাৎ ঈশ্বৰে নিজেই সেই পুত্ৰৰ ওপৰত নিজৰ অনুমোদনৰ মোহৰ মাৰিলে।”

২৮ তেতিয়া তেওঁলোকে যীচুক সুধিলে, “ঈশ্বৰৰ অনুমোদন পাবলৈ আমি কি কৰিব লাগিব?” ২৯ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “ঈশ্বৰৰ অনুমোদন পাবলৈ তোমালোকে সেইজনৰ ওপৰত বিশ্বাস কৰা, যিজনক তেওঁ পঠাইছে।” ৩০ তেতিয়া তেওঁলোকে কʼলে, “আপোনাৰ ওপৰত বিশ্বাস কৰিবলৈ আপুনি আমাক কি চমৎকাৰ দেখুৱাব? আপুনি কি কাম কৰিবলৈ গৈ আছে? ৩১ আমাৰ পূৰ্বপুৰুষসকলে অৰণ্যত* মান্না খাইছিল, যেনেকৈ লিখা আছে, ‘তেওঁলোকে খাবলৈ তেওঁ স্বৰ্গৰ পৰা আহাৰ দিলে।’” ৩২ যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, মোচিয়ে তোমালোকক স্বৰ্গৰ পৰা আহাৰ দিয়া নাছিল। কিন্তু মোৰ পিতৃয়ে তোমালোকক স্বৰ্গৰ পৰা প্ৰকৃত আহাৰ দিয়ে। ৩৩ কাৰণ যিজনে স্বৰ্গৰ পৰা নামি আহিছে আৰু জগতক জীৱন দিয়ে, তেৱেঁই ঈশ্বৰে দিয়া আহাৰ।” ৩৪ তেতিয়া লোকসকলে কʼলে, “প্ৰভু, আমাক এই আহাৰ সদায় দি থাকক।”

৩৫ যীচুৱে তেওঁলোকক কʼলে, “ময়েই সেই জীৱন দিওঁতা আহাৰ। যিজনে মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব আৰু যিজনে মোৰ ওপৰত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। ৩৬ কিন্তু যিদৰে মই তোমালোকক কৈছিলোঁ, তোমালোকে মোক দেখিও মোৰ ওপৰত বিশ্বাস নকৰা। ৩৭ পিতৃয়ে মোক যিসকলক দিছে, সেই সকলোৱেই মোৰ ওচৰলৈ আহিব আৰু যিসকলে মোৰ ওচৰলৈ আহিব, তেওঁলোকক মই কেতিয়াও দূৰ নকৰিম। ৩৮ কিয়নো মই নিজৰ ইচ্ছা পূৰ কৰিবলৈ নহয়, কিন্তু মোক পঠোৱাজনৰ ইচ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি আহিছোঁ। ৩৯ মোক পঠোৱাজনৰ ইচ্ছা এয়ে যে তেওঁ যিমান লোকক মোক দিলে, তেওঁলোকৰ মাজৰ এজনকো যেন মই নেহেৰুৱাওঁ, কিন্তু শেষৰ দিনা তেওঁলোকক যেন জীয়াই তোলোঁ। ৪০ মোৰ পিতৃৰ ইচ্ছা এই যে যি কোনোৱে পুত্ৰক গ্ৰহণ কৰে আৰু তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন পাব আৰু মই তেওঁক শেষৰ দিনা আকৌ জীয়াই তুলিম।”

৪১ তেতিয়া যিহূদীসকলে ভোৰভোৰাবলৈ ধৰিলে, কাৰণ তেওঁ কৈছিল, “ময়েই সেই আহাৰ হওঁ, যি স্বৰ্গৰ পৰা নামি আহিছে।” ৪২ তেওঁলোকে কʼবলৈ ধৰিলে, “ই যোচেফৰ লʼৰা যীচু নহয় নে, যাৰ মা-দেউতাকক আমি জানোঁ? তেনেহʼলে ই কেনেকৈ কʼব পাৰে যে ‘মই স্বৰ্গৰ পৰা নামি আহিছোঁ’?” ৪৩ যীচুৱে তেওঁলোকক কʼলে, “নিজৰ মাজতে ভোৰভোৰাই নাথাকিবা। ৪৪ মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰালৈকে কোনো মানুহেই মোৰ ওচৰলৈ আহিব নোৱাৰে। আৰু শেষৰ দিনা মই তেওঁক আকৌ জীয়াই তুলিম। ৪৫ ভৱিষ্যবক্তাসকলে লিখিছে, ‘তেওঁলোক সকলোৱে যিহোৱাৰ* দ্বাৰা শিক্ষিত হʼব।’ যিসকলে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেওঁলোক মোৰ ওচৰলৈ আহে। ৪৬ কোনো মানুহে ঈশ্বৰক কেতিয়াও দেখা নাই, কেৱল সেইজনেই দেখিছে, যিজনে ঈশ্বৰৰ ফালৰ পৰা আহিছে। ৪৭ মই তোমালোকক সঁচাকৈ কৈছোঁ যে যি কোনোৱে বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন পাব।

৪৮ ময়েই জীৱন দিওঁতা আহাৰ হওঁ। ৪৯ তোমালোকৰ পূৰ্বপুৰুষে অৰণ্যত মান্না খাইছিল, তথাপি তেওঁলোকৰ মৃত্যু হʼল। ৫০ কিন্তু যিসকলে স্বৰ্গৰ পৰা নামি অহা আহাৰৰ পৰা খায়, তেওঁলোকৰ মৃত্যু নহʼব। ৫১ স্বৰ্গৰ পৰা নামি অহা জীৱন দিওঁতা আহাৰ ময়েই হওঁ। যদি কোনোৱে এই আহাৰৰ পৰা খায়, তেওঁ সদায় জীয়াই থাকিব। আচলতে যি আহাৰ মই দিম, সেয়া মোৰ শৰীৰ হয়, যি মই মানুহৰ কাৰণে দিম যাতে তেওঁলোকে জীৱন পায়।”

৫২ তেতিয়া যিহূদীসকলে এজনে-আনজনৰ লগত তৰ্ক কৰিবলৈ ধৰিলে, “এই মানুহজনে কেনেকৈ নিজৰ শৰীৰ আমাক খাবলৈ দিব পাৰে?” ৫৩ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, মানুহৰ পুত্ৰৰ মাংস আৰু তেজ নোখোৱালৈকে তোমালোকে জীৱন নাপাবা। ৫৪ যিজনে মোৰ শৰীৰ আৰু তেজৰ পৰা খায়, তেওঁ অনন্ত জীৱন পাব আৰু মই তেওঁক শেষৰ দিনা আকৌ জীয়াই তুলিম। ৫৫ কাৰণ মোৰ শৰীৰ আৰু তেজ প্ৰকৃত আহাৰ হয়। ৫৬ যিজনে মোৰ শৰীৰ আৰু তেজৰ পৰা খায়, তেওঁ মোৰ লগত আৰু মই তেওঁৰ লগত একতাত থাকোঁ। ৫৭ যেনেকৈ জীৱিত পিতৃয়ে মোক পঠালে আৰু পিতৃৰ কাৰণে মই জীৱিত আছোঁ, তেনেকৈ যি কোনোৱে মোৰ শৰীৰৰ পৰা খায়, তেৱোঁ মোৰ কাৰণে জীয়াই থাকিব। ৫৮ এয়াই স্বৰ্গৰ পৰা নামি অহা আহাৰ। এই আহাৰ সেইদৰে নহয়, যি তোমালোকৰ পূৰ্বপুৰুষে খাইছিল, তথাপি তেওঁলোকৰ মৃত্যু হʼল। যিজনে এই আহাৰৰ পৰা খাব, তেওঁ সদায় জীয়াই থাকিব।” ৫৯ যেতিয়া তেওঁ কফৰনাহূমৰ সভাঘৰত* শিকাই আছিল, তেতিয়া তেওঁ এই কথাবোৰ কৈছিল।

৬০ যেতিয়া তেওঁৰ বহুতো শিষ্যই এই কথা শুনিলে, তেতিয়া তেওঁলোকে কʼবলৈ ধৰিলে, “এই কথা কি যে ঘিণলগীয়া, কোনে এয়া শুনিব?” ৬১ কিন্তু যীচুৱে বুজি পাইছিল যে তেওঁৰ শিষ্যসকলে এই বিষয়ে ভোৰভোৰাই আছে। সেইবাবে, যীচুৱে তেওঁলোকক কʼলে, “এই কথাৰ কাৰণে তোমালোকে বিশ্বাস হেৰুৱাইছা নেকি?* ৬২ তেনেহʼলে মানুহৰ পুত্ৰক যেতিয়া আগতে থকা ঠাইলৈ উঠি যোৱা দেখিবা, তেতিয়া তোমালোকে কি কʼবা? ৬৩ শৰীৰ কোনো কামৰ নহয়, কিয়নো ঈশ্বৰৰ পবিত্ৰ শক্তিৰ পৰাই জীৱন পোৱা যায়। মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেয়া পবিত্ৰ শক্তিৰ অনুসৰি হয় আৰু ইয়ে জীৱন দিয়ে। ৬৪ কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে, যিসকলে মোৰ কথাৰ ওপৰত বিশ্বাস নকৰে।” কোনে তেওঁৰ ওপৰত বিশ্বাস নকৰে আৰু কোনে তেওঁৰ লগত বিশ্বাসঘাত কৰিব, এই বিষয়ে যীচুৱে আৰম্ভণিৰ পৰাই জানিছিল। ৬৫ যীচুৱে তেওঁলোকক কʼবলৈ ধৰিলে, “সেইবাবে, মই তোমালোকক কৈছিলোঁ যে পিতৃয়ে অনুমতি নিদিয়ালৈকে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।”

৬৬ ইয়াৰ কাৰণে তেওঁৰ বহুতো শিষ্যই তেওঁৰ পিছে পিছে চলিবলৈ এৰি দিলে আৰু যিবোৰ কাম তেওঁলোকে এৰি আহিছিল পুনৰ সেই কামবোৰতে লাগি গʼল। ৬৭ তেতিয়া যীচুৱে নিজৰ ১২ জন শিষ্যক কʼলে, “তোমালোকেও যাব বিচাৰা নে?” ৬৮ চিমোন পিতৰে উত্তৰ দিলে, “প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথাবোৰতো আপোনাৰ ওচৰতে আছে। ৬৯ আমি বিশ্বাস কৰিলোঁ আৰু জানিলোঁ যে আপুনিয়েই ঈশ্বৰৰ পবিত্ৰজনা।” ৭০ যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোক ১২ জনক বাছনি কৰা নাছিলোঁ নে? কিন্তু তোমালোকৰ মাজত এজন বদনাম কৰোঁতা* আছে।” ৭১ আচলতে তেওঁ চিমোন ঈষ্কৰিয়োতীয়াৰ লʼৰা যিহূদাৰ কথা কৈ আছিল। কিয়নো তেওঁ ১২ জনৰ মাজৰ এজন হোৱাৰ সত্ত্বেও যীচুক বিশ্বাসঘাত কৰিবলগীয়া আছিল।

৭ ইয়াৰ পাছত যীচুৱে গালীলতে যাত্ৰা কৰি থাকিল। তেওঁ যিহূদিয়ালৈ যাব বিচৰা নাছিল। কিয়নো যিহূদীসকলে তেওঁক হত্যা কৰিবলৈ সুযোগ বিচাৰি আছিল। ২ যিহূদীসকলৰ পঁজা-পৰ্ব ওচৰ চাপিছিলহি। ৩ সেইবাবে, যীচুৰ ভায়েকসকলে তেওঁক কʼলে, “ইয়াৰ পৰা ওলাই যিহূদালৈ যোৱা যাতে তুমি যি কাম কৰা, সেয়া তোমাৰ সকলো শিষ্যই চাব পাৰে। ৪ কাৰণ যদি কোনোবাই নিজে জনাজাত হʼব বিচাৰে, তেনেহʼলে তেওঁ লুকাই কাম নকৰে। যদি তুমি এইবোৰ কাম কৰা, তেনেহʼলে নিজকে জগতৰ আগত প্ৰকাশ কৰা।” ৫ আচলতে তেওঁৰ ভায়েকসকলে তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল। ৬ সেইবাবে, যীচুৱে তেওঁলোকক কʼলে, “মোৰ সময় এতিয়াও অহা নাই, কিন্তু তোমালোকে যিকোনো সময়ত যাব পাৰা। ৭ জগতে তোমালোকক ঘিণ কৰাৰ কোনো কাৰণ নাই। কিন্তু জগতে মোক ঘিণ কৰে, কিয়নো মই এই সাক্ষ্য দিওঁ যে ইয়াৰ কামবোৰ দুষ্ট হয়। ৮ তোমালোকে উৎসৱলৈ যোৱা। মই এই উৎসৱলৈ এতিয়া নাযাওঁ, কিয়নো মোৰ সময় এতিয়াও অহা নাই।” ৯ তেওঁলোকক এইদৰে কোৱাৰ পাছত তেওঁ গালীলতে থাকিল।

১০ কিন্তু তেওঁৰ ভায়েকসকলে উৎসৱলৈ যোৱাৰ পাছত তেৱোঁ তালৈ গʼল। কিন্তু তেওঁ লুকাই লুকাই গʼল যাতে লোকসকলে তেওঁক দেখা নাপায়। ১১ সেইবাবে, উৎসৱৰ সময়ত যিহূদীসকলে এইদৰে কৈ তেওঁক বিচাৰিবলৈ ধৰিলে, “সেই মানুহজন কʼত আছে?” ১২ লোকসকলৰ মাজত যীচুৰ বিষয়ে নানা ধৰণৰ আলোচনা হʼবলৈ ধৰিলে। কোনো কোনোৱে কʼলে, “তেওঁ এজন ভাল মানুহ।” আন কিছুমানে কʼলে, “নহয় নহয়, তেওঁ ভাল মানুহ নহয়। তেওঁ লোকসকলক ভুল পথলৈ নিয়ে।” ১৩ কিন্তু যিহূদীসকলক ভয় কৰাৰ কাৰণে কোনেও সকলোৰে আগত তেওঁৰ বিষয়ে কথা পতা নাছিল।

১৪ যেতিয়া উৎসৱৰ আধা সময় পাৰ হʼল, তেতিয়া যীচু মন্দিৰলৈ গʼল আৰু শিকাবলৈ ধৰিলে। ১৫ সেইবাবে, যিহূদীসকলে আচৰিত হৈ কʼবলৈ ধৰিলে, “এই মানুহজনে শাস্ত্ৰৰ ইমান জ্ঞান কʼৰ পৰা পালে? এওঁতো কেতিয়াও ধৰ্মগুৰুসকলৰ স্কুলত* পঢ়াও নাছিল!” ১৬ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “মই যি শিকাওঁ, সেয়া মোৰ ফালৰ পৰা নহয়, কিন্তু মোক পঠোৱাজনৰ ফালৰ পৰাহে হয়। ১৭ যদি কোনোৱে ঈশ্বৰৰ ইচ্ছা পূৰ কৰিব বিচাৰে, তেনেহʼলে তেওঁ সেয়া বুজি পাব যে মই যি শিকাই আছোঁ, সেয়া ঈশ্বৰৰ ফালৰ পৰা হয়, নে মোৰ নিজৰ কথা হয়। ১৮ যিজনে নিজৰ কথা শিকায়, তেওঁ নিজৰ প্ৰশংসা বিচাৰে। কিন্তু যিজনে পঠোৱাজনৰ প্ৰশংসা হোৱাটো বিচাৰে, তেওঁ সত্য হয় আৰু তেওঁত কোনো মিছা নাই। ১৯ মোচিয়ে জানো তোমালোকক নিয়ম দিয়া নাই? কিন্তু তোমালোকৰ মাজৰ কোনেও সেই নিয়ম পালন নকৰা। তোমালোকে কিয় মোক হত্যা কৰিব বিচাৰা?” ২০ ভিৰৰ লোকসকলে তেওঁক উত্তৰ দিলে, “তোমাৰ ভিতৰত দুষ্ট স্বৰ্গদূত আছে। কোনে তোমাক হত্যা কৰিব বিচাৰে?” ২১ যীচুৱে তেওঁলোকক কʼলে, “মই কেৱল এটা কাম কৰিলোঁ আৰু তোমালোক সকলোৱেই আচৰিত হৈছা। ২২ সেইবাবে, এই কথালৈ মন কৰা, মোচিয়ে তোমালোকক চুন্নৎ কৰাৰ আজ্ঞা দিছিল (সেই আজ্ঞা মোচিৰ সময়ৰ পৰা নহয়, কিন্তু আমাৰ পূৰ্বপুৰুষসকলৰ সময়ৰ পৰাই আছিল) আৰু তোমালোকে বিশ্ৰাম-বাৰতো* শিশুসকলৰ চুন্নৎ কৰা। ২৩ মোচিৰ নিয়ম পালন কৰিবলৈ তোমালোকে যদি বিশ্ৰাম-বাৰে এটি শিশুৰ চুন্নৎ কৰা, তেনেহʼলে মই বিশ্ৰাম-বাৰে এজন মানুহক সম্পূৰ্ণকৈ সুস্থ কৰাৰ কাৰণে তোমালোকে মোক কিয় খং কৰিছা? ২৪ বাহিৰৰ ৰূপ চাই ন্যায় নকৰিবা, কিন্তু সত্যতাৰে ন্যায় কৰা।”

২৫ তেতিয়া যিৰূচালেমৰ কিছুমান লোকে কʼবলৈ ধৰিলে, “তেওঁলোকে হত্যা কৰিব বিচৰা মানুহজন এইজনেই নহয় জানো? ২৬ তথাপিও চোৱা! তেওঁ লোকসকলৰ ওচৰত মুকলিকৈ কথা পাতি আছে আৰু তেওঁলোকে তাক একোৱেই নকয়। এৱেঁই খ্ৰীষ্ট হয় বুলি ধৰ্ম-অধিকাৰীসকলে বিশ্বাস কৰাতো নাই? ২৭ কিন্তু আমি জানোঁ যে এই মানুহজন কʼৰ হয়। কিন্তু যেতিয়া খ্ৰীষ্ট আহিব, তেতিয়া কোনেও নাজানিব যে তেওঁ কʼৰ হয়।” ২৮ তাৰ পাছত যেতিয়া যীচুৱে মন্দিৰত শিকাই আছিল, তেতিয়া তেওঁ জোৰকৈ কʼলে, “তোমালোকে মোক চিনি পোৱা আৰু এয়াও জানা যে মই কʼৰ হওঁ। মই নিজৰ ইচ্ছাৰে অহা নাই, কিন্তু যিজনে মোক পঠাইছে, তেওঁ সঁচাকৈ অস্তিত্বত আছে আৰু তোমালোকে তেওঁক নাজানা। ২৯ মই তেওঁক জানোঁ, কিয়নো মই তেওঁৰ ফালৰ পৰা আহিছোঁ আৰু তেওঁ মোক পঠাইছে।” ৩০ তেতিয়া তেওঁলোকে কিবা উপায়েৰে যীচুক ধৰিবলৈ সুযোগ বিচাৰি থাকিল। কিন্তু কোনেও তেওঁৰ গাত হাত নিদিলে। কিয়নো তেওঁৰ সময় তেতিয়ালৈকে অহা নাছিল। ৩১ তথাপিও ভিৰৰ মাজৰ বহুতো লোকে তেওঁৰ ওপৰত বিশ্বাস কৰিলে আৰু কʼলে, “এই মানুহজনে ইমান চমৎকাৰ কৰিলে, এওঁ যদি খ্ৰীষ্ট নহয়, তেনেহʼলে কোন হয়?”

৩২ ফৰীচীসকলে শুনিলে যে ভিৰে তেওঁৰ বিষয়ে মনে মনে কথা পাতি আছে। আৰু প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে যীচুক ধৰিবলৈ* পহৰা দিয়া লোকসকলক পঠিয়ালে। ৩৩ তেতিয়া যীচুৱে কʼলে, “যিজনে মোক পঠাইছে, তেওঁৰ ওচৰলৈ যোৱাৰ আগতে মই তোমালোকৰ লগত কিছু সময় থাকিম। ৩৪ তোমালোকে মোক বিচাৰিবা, কিন্তু মোক নাপাবা আৰু মই যʼত থাকিম, তাত তোমালোকে আহিব নোৱাৰিবা।” ৩৫ সেইবাবে, যিহূদীসকলে নিজৰ মাজতে কʼবলৈ ধৰিলে, “এই মানুহজন কʼলৈ যাব বিচাৰে যে আমি তেওঁক বিচাৰি নাপাম? ই সেই যিহূদীসকলৰ ওচৰলৈ যাবতো বিচৰা নাই, যিসকলে গ্ৰীকসকলৰ মাজত সিঁচৰিত হৈ থাকে? ই গ্ৰীকসকলক শিকাব বিচৰাতো নাই? ৩৬ ই কি কৈ আছে, ‘তোমালোকে মোক বিচাৰিবা, কিন্তু বিচাৰি নাপাবা আৰু মই যʼত থাকিম, তাত তোমালোকে আহিব নোৱাৰিবা’?”

৩৭ তাৰ পাছত উৎসৱৰ শেষৰ দিনা, যি আটাইতকৈ বিশেষ দিন হয়, যীচুৱে থিয় হৈ জোৰেৰে কʼলে, “যদি কাৰোবাৰ পিয়াহ লাগিছে, তেনেহʼলে মোৰ ওচৰলৈ আহি পানী খোৱা। ৩৮ যিজনে মোৰ ওপৰত বিশ্বাস কৰে, শাস্ত্ৰত কোৱাৰ দৰে ‘তেওঁৰ হৃদয়ৰ পৰা জীৱন দিয়াৰ পানীৰ সোঁত বʼব।’” ৩৯ এই কথা তেওঁ পবিত্ৰ শক্তিৰ বিষয়ে কৈছিল, যি যীচুৰ ওপৰত বিশ্বাস কৰা লোকসকলে পাবলগীয়া আছিল। তেওঁলোকে তেতিয়ালৈকে পবিত্ৰ শক্তি পোৱা নাছিল। কিয়নো যীচুৱে তেতিয়ালৈকে মহিমা পোৱা নাছিল। ৪০ যেতিয়া ভিৰৰ কিছুমান লোকে এই কথা শুনিলে, তেতিয়া তেওঁলোকে কʼবলৈ ধৰিলে, “ই সঁচাকৈ সেইজন ভৱিষ্যবক্তাই হয়, যিজন আহিবলগীয়া আছিল।” ৪১ আন কিছুমানে কৈছিল, “ইয়েই খ্ৰীষ্ট হয়।” কিন্তু কিছুমান লোকে কৈছিল, “খ্ৰীষ্ট জানো গালীলৰ পৰা আহিব? ৪২ খ্ৰীষ্ট দায়ূদৰ বংশৰ পৰা আৰু দায়ূদৰ গাঁও অৰ্থাৎ বৈৎলেহেমৰ পৰা আহিব বুলি শাস্ত্ৰত কোৱা নাই নে?” ৪৩ সেইবাবে, যীচুৰ কাৰণে ভিৰৰ মাজত এজনে-আনজনৰ কথা নিমিলা হʼল। ৪৪ তেওঁলোকৰ মাজৰ কিছুমানে তেওঁক ধৰিব বিচাৰিছিল, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে।

৪৫ যি পহৰা দিয়া লোকসকলক পঠোৱা হৈছিল, তেওঁলোকে প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকৰ ওচৰলৈ খালী হাতেৰে ঘূৰি আহিলে। তেতিয়া তেওঁলোকে পহৰা দিয়া লোকসকলক সুধিলে, “তোমালোকে তাক কিয় ধৰি নানিলা?” ৪৬ পহৰা দিয়া লোকসকলে কʼলে, “আজিলৈকে কোনো মানুহে তেওঁৰ দৰে কথা কোৱা নাই।” ৪৭ তেতিয়া ফৰীচীবিলাকে তেওঁলোকক কʼলে, “তোমালোকেও তাৰ কথাত ভুল গʼলা নেকি? ৪৮ ধৰ্ম-অধিকাৰী আৰু ফৰীচীবিলাকৰ মাজৰ এজনেও জানো তেওঁৰ ওপৰত বিশ্বাস কৰিছে? ৪৯ কিন্তু নিয়মৰ বিষয়ে একোকে নজনা এই লোকসকল শাও পোৱা লোক।” ৫০ তেতিয়া নীকদীম, যি এই ধৰ্ম-অধিকাৰীসকলৰ মাজৰ এজন আছিল আৰু আগতে যীচুৰ ওচৰলৈ আহিছিল, তেওঁ তেওঁলোকক কʼলে, ৫১ “প্ৰথমে এজন ব্যক্তিৰ কথা নুশুনি অথবা তেওঁ কি কৰে, সেয়া নাজানি আমাৰ নিয়মে কাৰোবাক দোষী কৰে নে?” ৫২ তেওঁলোকে নীকদীমক কʼলে, “তুমিও গালীলৰতো নহয়? শাস্ত্ৰত ধ্যান দি পঢ়ি চোৱা, কোনো ভৱিষ্যবক্তা গালীলৰ পৰা নাহিব।”*

৮ ১২ যীচুৱে আকৌ এবাৰ লোকসকলক কʼলে, “মই জগতৰ পোহৰ হওঁ। যিজনে মোৰ পিছে পিছে আহে, তেওঁ কেতিয়াও অন্ধকাৰত নচলিব। কিন্তু জীৱনৰ পোহৰ তেওঁৰ লগত থাকিব।” ১৩ তেতিয়া ফৰীচীবিলাকে তেওঁক কʼলে, “তোমাৰ সাক্ষ্য সত্য নহয়, কাৰণ তুমি নিজেই নিজৰ বিষয়ে সাক্ষ্য দিয়া।” ১৪ যীচুৱে তেওঁলোকক কʼলে, “যদি মই নিজেই নিজৰ বিষয়ে সাক্ষ্য দিওঁ, তথাপি মোৰ সাক্ষ্য সত্য হয়। কিয়নো মই জানোঁ যে মই কʼৰ পৰা আহিছোঁ আৰু কʼলৈ গৈ আছোঁ। কিন্তু তোমালোকে নাজানা যে মই কʼৰ পৰা আহিছোঁ আৰু কʼলৈ গৈ আছোঁ। ১৫ তোমালোকে মানুহৰ দৃষ্টিৰে* ন্যায় কৰা, কিন্তু মই কাৰো ন্যায় নকৰোঁ। ১৬ আৰু যদি ন্যায়ো কৰোঁ, তেনেহʼলে মোৰ ন্যায় সত্য হয়। কিয়নো মই অকলশৰীয়া নহওঁ, কিন্তু মোক পঠোৱা মোৰ পিতৃ মোৰ লগত আছে। ১৭ তোমালোকৰ নিজৰ নিয়মতো লিখা আছে, ‘দুজন ব্যক্তিৰ সাক্ষ্য সত্য হয়।’ ১৮ এজন মই নিজেই হওঁ। মই নিজৰ বিষয়ে নিজেই সাক্ষ্য দিছোঁ আৰু দ্বিতীয়জন হৈছে মোৰ পিতৃ, যিজনে মোক পঠাইছে আৰু মোৰ বিষয়ে সাক্ষ্য দিছে।” ১৯ তেতিয়া তেওঁলোকে কʼলে, “কʼত আছে তোমাৰ পিতৃ?” যীচুৱে উত্তৰ দিলে, “তোমালোকে মোকো নাজানা আৰু মোৰ পিতৃকো নাজানা। তোমালোকে মোক জনা হʼলে মোৰ পিতৃকো জানিলাহেঁতেন।” ২০ এই কথাবোৰ তেওঁ মন্দিৰৰ দান-পাত্ৰৰ ওচৰত শিকোৱাৰ সময়ত কৈছিল, কিন্তু কোনেও তেওঁক নধৰিলে। কিয়নো তেওঁৰ সময় এতিয়াও অহা নাছিল।

২১ যীচুৱে আকৌ এবাৰ তেওঁলোকক কʼলে, “মই গৈ আছোঁ আৰু তোমালোকে মোক বিচাৰিবা, কিন্তু তোমালোকে নিজৰ পাপতে মৰিবা। যʼলৈ মই গৈ আছোঁ, তাত তোমালোকে আহিব নোৱাৰা।” ২২ সেইবাবে, যিহূদীসকলে কʼবলৈ ধৰিলে, “ই আত্মহত্যা কৰিব নেকি? কিয়নো ই কৈ আছে, ‘যʼলৈ মই গৈ আছোঁ, তাত তোমালোকে আহিব নোৱাৰা।’” ২৩ সেইবাবে, যীচুৱে তেওঁলোকক কʼবলৈ ধৰিলে, “তোমালোক পৃথিৱীৰ আৰু মই স্বৰ্গৰ পৰা হওঁ। তোমালোক এই জগতৰ হোৱা, কিন্তু মই নহওঁ। ২৪ সেইবাবে, মই তোমালোকক কৈছিলোঁ যে তোমালোকে নিজৰ পাপতে মৰিবা। কিয়নো যদি তোমালোকে এই কথাৰ ওপৰত বিশ্বাস নকৰা যে মই সেইজনেই হওঁ, তেনেহʼলে তোমালোকে নিজৰ পাপতে মৰিবা।” ২৫ তেতিয়া তেওঁলোকে তেওঁক কʼবলৈ ধৰিলে, “তুমিনো কোন?” যীচুৱে তেওঁলোকক কʼলে, “তোমালোকৰ লগত কথা পাতি কি লাভ, যদি তোমালোকে মোৰ কথা বুজিয়েই নোপোৱা?” ২৬ তোমালোকৰ বিষয়ে মই বহুতো কথা কʼবলগীয়া আছে আৰু বহুতো বিষয়ত ন্যায় কৰিবলগীয়া আছে। কিন্তু যিজনে মোক পঠাইছে, তেওঁ সত্য আৰু তেওঁৰ পৰা মই যি শুনিলোঁ, সেয়া মই জগতক কৈছোঁ। ২৭ যীচুৱে তেওঁলোকক পিতৃৰ বিষয়ে কৈ আছে বুলি তেওঁলোকে বুজি নাপালে। ২৮ সেইবাবে, যীচুৱে কʼলে, “যেতিয়া তোমালোকে মানুহৰ পুত্ৰক ওপৰত আঁৰি দিবা, তেতিয়া তোমালোকে জানিবা যে মই সেইজনেই হওঁ। মই নিজৰ ইচ্ছাৰে একো নকৰোঁ, কিন্তু পিতৃয়ে মোক যিবোৰ শিকালে, মই সেইবোৰেই জনাওঁ। ২৯ যিজনে মোক পঠালে, তেওঁ মোৰ লগত আছে। তেওঁ মোক অকলশৰীয়াকৈ এৰি দিয়া নাই। কিয়নো মই সদায় তেওঁ আনন্দিত হোৱা কামবোৰ কৰোঁ।” ৩০ যেতিয়া তেওঁ এইবোৰ কথা কৈ আছিল, তেতিয়া বহুতো লোকে তেওঁৰ ওপৰত বিশ্বাস কৰিলে।

৩১ তেতিয়া যীচুৰ ওপৰত বিশ্বাস কৰা যিহূদীসকলক তেওঁ কʼবলৈ ধৰিলে, “যদি তোমালোকে সদায় মোৰ শিক্ষাবোৰ পালন কৰা, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে তোমালোক মোৰ প্ৰকৃত শিষ্য। ৩২ তোমালোকে সত্যক জানিবা আৰু সত্যই তোমালোকক মুকলি কৰিব।” ৩৩ তেওঁলোকে যীচুক কʼলে, “আমি অব্ৰাহামৰ বংশৰ হওঁ আৰু কেতিয়াও কাৰো দাস হৈ থকা নাই। তেনেহʼলে তুমি কেনেকৈ কʼব পাৰিবা যে তোমালোকে মুকলি হৈ যাবা।” ৩৪ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, যি কোনোৱে পাপ কৰে, তেওঁ পাপৰ দাস হয়। ৩৫ আৰু দাসে সদায় মালিকৰ ঘৰত নাথাকে, কিন্তু পুত্ৰ সদায় থাকে। ৩৬ সেইবাবে, পুত্ৰই যদি তোমালোকক মুকলি কৰে, তেনেহʼলে তোমালোকে সঁচাকৈ মুকলি হৈ যাবা। ৩৭ মই জানোঁ যে তোমালোক অব্ৰাহামৰ বংশৰ হোৱা। কিন্তু তোমালোকেই মোক হত্যা কৰিবলৈ চেষ্টা কৰি আছা, কিয়নো মোৰ শিক্ষা তোমালোকে গ্ৰহণ নকৰা। ৩৮ মই মোৰ পিতৃৰ লগত থাকি যি দেখিছোঁ, সেয়াই কওঁ। কিন্তু তোমালোকে তোমাৰ পিতৃৰ পৰা যি শুনিছা, সেইবোৰেই কৰা।” ৩৯ যিহূদীসকলে তেওঁক কʼলে, “আমাৰ পিতৃতো অব্ৰাহাম হয়।” যীচুৱে তেওঁলোকক কʼলে, “তোমালোক অব্ৰাহামৰ বংশৰ হোৱা হʼলে তোমালোকে অব্ৰাহামৰ দৰে কাম কৰিলাহেঁতেন। ৪০ কিন্তু যিজনে ঈশ্বৰৰ পৰা সত্য শুনি তোমালোকক জনাইছে, সেইজনকে তোমালোকে হত্যা কৰিব বিচাৰিছা। অব্ৰাহামেতো এইদৰে কৰা নাছিল। ৪১ তোমালোকে নিজৰ পিতৃৰ দৰে কাম কৰা।” তেওঁলোকে কʼলে, “আমি অবৈধ* সন্তান নহওঁ। আমাৰ এজনেই পিতৃ আছে, তেওঁ হৈছে ঈশ্বৰ।”

৪২ যীচুৱে তেওঁলোকক কʼলে, “ঈশ্বৰ তোমালোকৰ পিতৃ হোৱা হʼলে তোমালোকে মোক প্ৰেম কৰিলাহেঁতেন। কিয়নো মই ঈশ্বৰৰ ফালৰ পৰা আহিছোঁ আৰু ইয়াত আছোঁ। মই নিজৰ ইচ্ছাৰে অহা নাই, কিন্তু তেৱেঁই মোক পঠাইছে। ৪৩ তোমালোকে মোৰ কথা কিয় বুজি পোৱা নাই? কাৰণ তোমালোকে মোৰ কথা শুনিবই নিবিচাৰা। ৪৪ তোমালোকৰ পিতৃ চয়তান* হয় আৰু তোমালোকে তোমালোকৰ পিতৃৰ ইচ্ছা পূৰ কৰিব বিচাৰা। সি আৰম্ভণিৰে পৰা হত্যাকাৰী আৰু সত্যত নাথাকিল, কিয়নো তাৰ ভিতৰত সত্য নাই। যেতিয়া সি মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ অনুসৰি কয়। কাৰণ সি মিছলীয়া আৰু মিছাৰ পিতৃ। ৪৫ কিন্তু মই তোমালোকক সত্য জনাওঁ, তথাপি তোমালোকে মোক বিশ্বাস নকৰা। ৪৬ তোমালোকৰ মাজৰ কোনে মোক পাপী বুলি প্ৰমাণ কৰিব পাৰে? আৰু যদি মই সঁচা কথা কৈছোঁ, তেনেহʼলে তোমালোকে মোক কিয় বিশ্বাস নকৰা? ৪৭ যিসকলে ঈশ্বৰৰ ফালৰ পৰা হয়, তেওঁলোকে ঈশ্বৰৰ কথা শুনে। কিন্তু তোমালোক ঈশ্বৰৰ ফালৰ পৰা নহয়, সেইবাবে তোমালোকে মোৰ কথা নুশুনা।”

৪৮ যিহূদীসকলে তেওঁক কʼলে, “আমি সঁচাকৈ নকওঁ জানো যে তুমি এজন চমৰীয়া আৰু তোমাক দুষ্ট স্বৰ্গদূতে পাইছে?” ৪৯ যীচুৱে উত্তৰ দিলে, “মোক কোনো দুষ্ট স্বৰ্গদূতে পোৱা নাই। কিন্তু মই নিজৰ পিতৃক সন্মান কৰোঁ আৰু তোমালোকে মোক অনাদৰ কৰা। ৫০ মই নিজৰ মহিমা নিবিচাৰোঁ, কিন্তু এজন আছে, যিজনে বিচাৰে আৰু তেৱেঁই ন্যায়ী হয়। ৫১ মই তোমালোকক সঁচাকৈ কৈছোঁ, যদি কোনোৱে মোৰ বাক্য পালন কৰে, তেনেহʼলে তেওঁৰ কেতিয়াও মৃত্যু নহʼব।” ৫২ যিহূদীসকলে তেওঁক কʼলে, “এতিয়া আমি বুজি পাইছোঁ যে তোমাক সঁচাকৈ দুষ্ট স্বৰ্গদূতে পাইছে। অব্ৰাহামৰ মৃত্যু হʼল আৰু ভৱিষ্যবক্তাসকলৰো মৃত্যু হʼল। কিন্তু তুমি কৈছা, ‘যদি কোনোৱে মোৰ বাক্য পালন কৰে, তেনেহʼলে তেওঁৰ কেতিয়াও মৃত্যু নহʼব।’ ৫৩ তুমি আমাৰ পিতৃ অব্ৰাহামতকৈও মহান নে? তেওঁৰতো মৃত্যু হʼল আৰু ভৱিষ্যবক্তাসকলৰো মৃত্যু হʼল। তুমি নিজকে কোন বুলি ভাবিছা?” ৫৪ যীচুৱে উত্তৰ দিলে, “যদি মই নিজৰ মহিমা কৰোঁ, তেনেহʼলে মোৰ মহিমাৰ একো মূল্য নাই। মোৰ পিতৃয়ে মোৰ মহিমা কৰে, যিজনক তোমালোকে ঈশ্বৰ বুলি কোৱা। ৫৫ তথাপিও তোমালোকে তেওঁক নাজানা, কিন্তু মই তেওঁক জানোঁ। যদি মই তেওঁক নাজানোঁ বুলি কওঁ, তেনেহʼলে তোমালোকৰ নিচিনা মিছলীয়া হʼম। কিন্তু মই তেওঁক জানোঁ আৰু তেওঁৰ বাক্য পালন কৰোঁ। ৫৬ তোমালোকৰ পিতৃ অব্ৰাহামে মোৰ দিন চাবলৈ আনন্দেৰে আশা কৰি আছিল। সেই দিন তেওঁ দেখিলে আৰু বহুত আনন্দিত হʼল।” ৫৭ তেতিয়া যিহূদীসকলে তেওঁক কʼলে, “তোমাৰ বয়স ৫০ বছৰো হোৱা নাই, তথাপিও কৈছা মই অব্ৰাহামক দেখিলোঁ?” ৫৮ যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰা মই অস্তিত্বত আছোঁ।” ৫৯ তেতিয়া তেওঁলোকে যীচুক মাৰিবলৈ শিল উঠাই লʼলে। কিন্তু তেওঁ লুকাই গʼল আৰু মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গʼল।

৯ যীচুৱে যেতিয়া গৈ আছিল, তেতিয়া তেওঁ জন্মৰে পৰা অন্ধ এজন মানুহক দেখা পালে। ২ শিষ্যসকলে তেওঁক সুধিলে, “গুৰু,* কোনে পাপ কৰিছিল যে এই মানুহজন অন্ধ হৈ জন্ম হʼল? সি নিজেই, নে তাৰ মা-দেউতাই?” ৩ যীচুৱে উত্তৰ দিলে, “সি বা তাৰ মা-দেউতাই পাপ কৰাৰ কাৰণে তেওঁ অন্ধ হৈ জন্ম হৈছে, এনে নহয়। কিন্তু ইয়াৰ যোগেদি যাতে লোকসকলে ঈশ্বৰৰ কাম দেখা পায়, সেইবাবে এইদৰে হৈছে। ৪ যিজনে মোক পঠাইছে, তেওঁৰ কাম আমি দিন থাকোঁতেই কৰি লোৱা উচিত। কিয়নো সেই ৰাতি আহি আছে, যেতিয়া কোনেও কাম কৰিব নোৱাৰিব। ৫ যেতিয়ালৈকে মই জগতত আছোঁ, মই জগতৰ পোহৰ হওঁ।” ৬ এই কথা কোৱাৰ পাছত তেওঁ মাটিত থু পেলালে আৰু সেই থুৰে বোকা কৰিলে আৰু অন্ধ মানুহজনৰ চকুত সেই বোকা লগাই দিলে। ৭ আৰু তেওঁ কʼলে, “যোৱা আৰু চীলোহৰ পুখুৰীত গৈ ধুই লোৱা।” (চীলোহৰ অৰ্থ হৈছে, ‘পঠোৱা হʼল’)। তেতিয়া তেওঁ গৈ নিজৰ চকু ধুলে আৰু দৃষ্টিশক্তি ঘূৰাই পাই উভতি আহিলে।

৮ সেই মানুহজনৰ চুবুৰীয়া আৰু যিসকলে তেওঁক ভিক্ষা খুজি থকা দেখিছিল, তেওঁলোকে কʼবলৈ ধৰিলে, “এই মানুহজন সেইজন নহয় জানো, যি আগতে বহি ভিক্ষা খুজি আছিল?” ৯ কিছুমানে কৈ আছিল, “হয় হয়, সিয়েই হয়।” আন কিছুমানে কৈছিল, “নহয়, ই সেইজন নহয়। কিন্তু দেখাত তাৰ নিচিনাই।” সেই মানুহজনে কৈ আছিল, “মই সেইজনেই হওঁ।” ১০ তেতিয়া তেওঁলোকে তেওঁক সুধিবলৈ ধৰিলে, “তোৰ চকু কেনেকৈ ভাল হৈ গʼল?” ১১ তেওঁ কʼলে, “যীচু নামৰ মানুহজনে মাটি বোকা কৰি মোৰ চকুত লগাই দিলে আৰু মোক কʼলে, ‘চীলোহলৈ গৈ ধুই লোৱা।’ যেতিয়া মই গৈ নিজৰ চকু ধুলোঁ, তেতিয়া মই দেখা পাবলৈ ধৰিলোঁ।” ১২ তেতিয়া তেওঁলোকে তেওঁক সুধিবলৈ ধৰিলে, “সেই মানুহজন কʼত আছে?” তেওঁ কʼলে, “মই নাজানোঁ।”

১৩ তেওঁলোকে সেই মানুহজনক ফৰীচীবিলাকৰ ওচৰলৈ লৈ গʼল। ১৪ যিদিনাখন যীচুৱে মাটি বোকা কৰি সেই অন্ধ মানুহজনৰ চকু ভাল কৰিছিল, সেই দিনটো বিশ্ৰাম-বাৰ* আছিল। ১৫ সেইবাবে, ফৰীচীবিলাকেও সেই মানুহজনক সোধ-পোছ কৰিবলৈ ধৰিলে যে তেওঁৰ চকু কেনেকৈ ভাল হʼল। সেই মানুহজনে কʼলে, “তেওঁ মোৰ চকুত মাটিৰ বোকা লগালে আৰু যেতিয়া মই চকু ধুলোঁ, তেতিয়া মই দেখা পাবলৈ ধৰিলোঁ।” ১৬ সেইবাবে, কিছুমান ফৰীচীয়ে কʼবলৈ ধৰিলে, “সেই মানুহজন ঈশ্বৰৰ ফালৰ পৰা নহয়, কিয়নো তেওঁ বিশ্ৰাম-বাৰ পালন নকৰে।” কিন্তু আন কিছুমানে কʼলে, “এজন পাপী মানুহে কেনেকৈ এনে চমৎকাৰ কৰিব পাৰে?” এইদৰে তেওঁলোকৰ মাজত কথা নিমিলা হʼল। ১৭ তেতিয়া তেওঁলোকে সেই মানুহজনক আকৌ কʼলে, “তই তাৰ বিষয়ে কি ভাব, যিহেতু সি তোৰ চকু ভাল কৰি দিলে?” সেই মানুহজনে কʼলে, “তেওঁ এজন ভৱিষ্যবক্তা হয়।”

১৮ কিন্তু মানুহজনৰ মা-দেউতাকক মাতি আনি নোসোধালৈকে যিহূদীসকলে বিশ্বাস কৰা নাছিল যে এই মানুহজন আগতে অন্ধ আছিল আৰু এতিয়া দেখা পাইছে। ১৯ তেওঁলোকে তেওঁৰ মা-দেউতাকক সুধিলে, “ই তোমালোকৰেই লʼৰা নে, যাৰ বিষয়ে তোমালোকে কোৱা যে ই জন্মৰে পৰা অন্ধ আছিল? তেনেহʼলে ই এতিয়া কেনেকৈ দেখা পাইছে?” ২০ তেওঁৰ মা-দেউতাই কʼলে, “হয়, ই আমাৰেই লʼৰা হয় আৰু ই জন্মৰে পৰা অন্ধ আছিল। ২১ কিন্তু আমি নাজানোঁ যে ই কেনেকৈ দেখা পাবলৈ ধৰিলে বা কোনে ইয়াৰ চকু ঠিক কৰিলে। আপোনালোকে তাকেই সুধি লওক। সি কোনো সৰু লʼৰা নহয়, সি নিজেই নিজৰ বিষয়ে কʼব পাৰে।” ২২ তেওঁৰ মা-দেউতাই যিহূদী ধৰ্ম-অধিকাৰীসকলক ভয় কৰাৰ কাৰণে এইদৰে কৈছিল। কাৰণ যিহূদীসকলে থিৰাং কৰি লৈছিল যে যদি কোনোৱে যীচুক খ্ৰীষ্ট বুলি গ্ৰহণ কৰে, তেনেহʼলে তেওঁক সভাঘৰৰ পৰা উলিয়াই দিয়া হʼব। ২৩ সেইবাবে, তেওঁৰ মা-দেউতাই কৈছিল, “সি কোনো সৰু লʼৰা নহয়, তাকে সুধি লওক।”

২৪ তেতিয়া তেওঁলোকে আগতে অন্ধ থকা সেই মানুহজনক আকৌ মাতিলে আৰু তেওঁক কʼলে, “ঈশ্বৰৰ ওচৰত সঁচা কথা কোৱা। কিয়নো আমি জানোঁ যে সেই মানুহজন পাপী হয়।” ২৫ তেওঁ কʼলে, “তেওঁ পাপী হয় নে নহয়, মই নাজানোঁ। মই কেৱল ইমানেই জানোঁ যে মই আগতে অন্ধ আছিলোঁ আৰু এতিয়া দেখা পাইছোঁ।” ২৬ তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেওঁ কি কৰিলে? তোৰ চকু কেনেকৈ ঠিক কৰিলে?” ২৭ তেওঁ কʼলে, “মই আপোনালোকক আগতেই কৈছিলোঁ, কিন্তু আপোনালোকে নুশুনিলে। আপোনালোকে আকৌ কিয় সুধিছে? আপোনালোকে তেওঁৰ শিষ্য হʼবতো বিচৰা নাই?” ২৮ তেতিয়া তেওঁলোকে তেওঁৰ অপমান কৰি কʼলে, “তইহে তাৰ শিষ্য, আমিতো মোচিৰ শিষ্য হওঁ। ২৯ আমি জানোঁ যে ঈশ্বৰে মোচিৰ লগত কথা পাতিছিল। কিন্তু এই মানুহজন কʼৰ পৰা আহিছে, আমি নাজানোঁ।” ৩০ তেতিয়া সেই মানুহজনে কʼলে, “আচৰিত কথা, তেওঁ মোৰ চকু ভাল কৰিলে, তথাপি আপোনালোকে নাজানে যে তেওঁ কʼৰ পৰা আহিছে? ৩১ আমি জানোঁ যে ঈশ্বৰে পাপীবিলাকৰ কথা নুশুনে। কিন্তু যদি কোনোবাই তেওঁৰ প্ৰতি ভয় ৰাখে আৰু তেওঁৰ ইচ্ছা পূৰ কৰে, তেনেহʼলে তেওঁ তাৰ কথা শুনে। ৩২ আজিলৈকে এই কথা কেতিয়াও শুনা নাই যে কোনোবাই জন্মৰে পৰা অন্ধ এজন ব্যক্তিৰ চকু ভাল কৰি দিছে। ৩৩ এই মানুহজন ঈশ্বৰৰ ফালৰ পৰা নোহোৱা হʼলে একোৱেই কৰিব নোৱাৰিলেহেঁতেন।” ৩৪ তেওঁলোকে তেওঁক কʼলে, “তইতো সম্পূৰ্ণ পাপতে জন্ম পাইছ, এতিয়া তই আমাক শিকাবলৈ আহিছ?” আৰু তেওঁলোকে সেই মানুহজনক সভাঘৰৰ পৰা বাহিৰ কৰি দিলে!

৩৫ যীচুৱে শুনিলে যে তেওঁলোকে সেই মানুহজনক সভাঘৰৰ পৰা বাহিৰ কৰি দিলে। যেতিয়া যীচুৱে সেই মানুহজনক লগ পালে, তেতিয়া তেওঁক সুধিলে, “তুমি মানুহৰ পুত্ৰৰ ওপৰত বিশ্বাস কৰা নে?” ৩৬ সেই মানুহজনে উত্তৰ দিলে, “প্ৰভু, তেওঁ কোন, মোক কওক, মই যেন তেওঁৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ?” ৩৭ যীচুৱে তেওঁক কʼলে, “তুমি তেওঁক দেখিছা। আচলতে তেৱেঁই তোমাৰ লগত কথা পাতি আছে।” ৩৮ তেতিয়া তেওঁ কʼলে, “প্ৰভু, মই তেওঁৰ ওপৰত বিশ্বাস কৰোঁ।” আৰু তেওঁ মূৰ দোৱাই যীচুক প্ৰণাম কৰিলে। ৩৯ তেতিয়া যীচুৱে কʼলে, “মই ন্যায় কৰিবলৈ এই জগতলৈ আহিছোঁ যাতে যিসকলে দেখা নাপায়, তেওঁলোকে যেন দেখা পায় আৰু যিসকলে দেখা পায়, তেওঁলোকে যেন অন্ধ হৈ যায়।” ৪০ যিসকল ফৰীচীয়ে তেওঁৰ লগত আছিল, তেওঁলোকে এয়া শুনি যীচুক কʼলে, “আমিও অন্ধ নে?” ৪১ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে অন্ধ হোৱা হʼলে তোমালোকৰ কোনো পাপ নাথাকিলেহেঁতেন। কিন্তু এতিয়া তোমালোকে কোৱা, ‘আমি দেখা পাওঁ।’ সেইবাবে, তোমালোকৰ পাপ ক্ষমা কৰা নহʼব।”

১০ “মই তোমালোকক সঁচাকৈ কৈছোঁ, যিজনে ভেড়াৰ গঁৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু আন কোনো ফালেদি বগাই সোমায়, তেওঁ চোৰ আৰু ডকাইত হয়। ২ কিন্তু যিজনে দুৱাৰেদি সোমায়, তেওঁ ভেড়া ৰখীয়া হয়। ৩ দুৱাৰ ৰখীয়াই তেওঁৰ কাৰণে দুৱাৰ খুলি দিয়ে আৰু ভেড়াবোৰে নিজৰ ৰখীয়াৰ মাত শুনে। আৰু তেওঁ নিজৰ ভেড়াবোৰক নাম ধৰি ধৰি মাতে আৰু বাহিৰলৈ লৈ যায়। ৪ নিজৰ সকলো ভেড়াক বাহিৰলৈ লৈ অনাৰ পাছত তেওঁ ভেড়াবোৰৰ আগে আগে যায় আৰু ভেড়াবোৰে তেওঁৰ পিছে পিছে গৈ থাকে, কিয়নো সিহঁতে তেওঁৰ মাত চিনি পায়। ৫ সিহঁতে কোনো অচিনাকী মানুহৰ পিছে পিছে কেতিয়াও নাযাব, ইয়াৰ পৰিৱৰ্তে সিহঁতে তেওঁৰ ওচৰৰ পৰা পলাইহে যাব, কিয়নো সিহঁতে অচিনাকী মানুহৰ মাত চিনি নাপায়।” ৬ যীচুৱে তেওঁলোকক এই উদাহৰণ দিলে, কিন্তু তেওঁলোকে বুজি নাপালে যে তেওঁ কি কৈ আছে।

৭ সেইবাবে, যীচুৱে আকৌ এবাৰ কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ যে মই ভেড়াবোৰৰ কাৰণে দুৱাৰ হওঁ। ৮ মোৰ আগেয়ে আহি যিসকলে নিজকে প্ৰকৃত ভেড়াৰখীয়া বুলি দাবী কৰিছিল, তেওঁলোক সকলোৱে চোৰ আৰু ডকাইত। কিন্তু ভেড়াবোৰে সিহঁতৰ নুশুনিলে। ৯ ময়েই দুৱাৰ হওঁ, যি কোনোৱে মোৰ মাজেদি সোমায়, তেওঁ উদ্ধাৰ পাব আৰু তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা-যোৱা কৰিব আৰু চৰণীয়া ঠাই পাব। ১০ চোৰে কেৱল চুৰ কৰিবলৈ, হত্যা কৰিবলৈ আৰু ধ্বংস কৰিবলৈ আহে। কিন্তু মই এই কাৰণে আহিছোঁ যাতে ভেড়াবোৰে যেন জীৱন পায়, হয়, অনন্ত জীৱন পায়। ১১ ভাল ৰখীয়া মই হওঁ। ভাল ৰখীয়াই ভেড়াবোৰৰ কাৰণে নিজৰ জীৱন দিয়ে। ১২ কিন্তু মজুৰি দি ৰখা কাম কৰা মানুহ ৰখীয়া নহয় আৰু ভেড়াবোৰ তেওঁৰ নিজৰ নহয়। যেতিয়া তেওঁ বনৰীয়া জন্তুক আহি থকা দেখে, তেতিয়া তেওঁ ভেড়াবোৰ এৰি পলাই যায় (আৰু বনৰীয়া জন্তুৱে ভেড়াবোৰক জপিয়াই ধৰে আৰু সিহঁতক ইফাল-সিফাল কৰি দিয়ে) ১৩ কিয়নো সেই মানুহজনক মজুৰি দি ৰখা হৈছে আৰু তেওঁ ভেড়াবোৰৰ বিষয়ে চিন্তা নকৰে। ১৪ ভাল ৰখীয়া মই হওঁ। মই নিজৰ ভেড়াবোৰক জানোঁ আৰু মোৰ ভেড়াবোৰে মোক জানে, ১৫ যিদৰে পিতৃয়ে মোক জানে আৰু মই পিতৃক জানোঁ। মই নিজৰ ভেড়াবোৰৰ কাৰণে নিজৰ জীৱন দিওঁ।

১৬ মোৰ আৰু অন্য ভেড়া আছে, যিসকল এই গঁৰালৰ নহয়, মই সিহঁতকো আনিব লাগিব। সিহঁতে মোৰ মাত শুনিব আৰু তেতিয়া একেটা জাক আৰু এজন ৰখীয়া হʼব। ১৭ পিতৃয়ে মোক প্ৰেম কৰে, কিয়নো মই নিজৰ জীৱন দিওঁ যাতে মই সেয়া আকৌ ঘূৰাই পাওঁ। ১৮ কোনো মানুহে মোৰ জীৱন মোৰ পৰা লʼব নোৱাৰে, কিন্তু মই নিজ ইচ্ছাৰে ইয়াক দিওঁ, এয়া দিয়াৰ মোৰ অধিকাৰ আছে আৰু আকৌ ঘূৰাই পোৱাৰো অধিকাৰ আছে। এই আজ্ঞা মই নিজৰ পিতৃৰ পৰা পাইছোঁ।”

১৯ এই কথাবোৰৰ কাৰণে যিহূদীসকলৰ মাজত আকৌ এবাৰ কথা নিমিলা হʼল। ২০ বহুতো লোকে কৈ আছিল, “ইয়াক দুষ্ট স্বৰ্গদূতে পাইছে, ই পগলা হৈ গʼল। তোমালোকে ইয়াৰ কথা কিয় শুনিছা?” ২১ আন কিছুমানে কৈ আছিল, “দুষ্ট স্বৰ্গদূতে পোৱা কোনো ব্যক্তিয়েতো এনে কথা কʼব নোৱাৰে। দুষ্ট স্বৰ্গদূতে জানো অন্ধৰ চকু ভাল কৰিব পাৰে?”

২২ সেই সময়ত যিৰূচালেমত মন্দিৰ সমৰ্পণৰ উৎসৱ চলি আছিল। তেতিয়া জাৰকালি আছিল ২৩ আৰু যীচুৱে মন্দিৰৰ দুয়োফালে স্তম্ভ থকা চলোমনৰ বাৰান্দাত খোজকাঢ়ি আছিল। ২৪ তেতিয়া যিহূদীসকলে তেওঁক আগুৰি ধৰি সুধিবলৈ ধৰিলে, “তুমি কোন হোৱা, আমাক কিয় কোৱা নাই? যদি তুমি খ্ৰীষ্ট হোৱা, তেনেহʼলে চিধা-চিধিকৈ কৈ দিয়া।” ২৫ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “মই তোমালোকক কʼলোঁ, কিন্তু তোমালোকে বিশ্বাসেই নকৰা। মোৰ পিতৃৰ নামেৰে মই যি কাম কৰোঁ, সেইবোৰেই মোৰ বিষয়ে সাক্ষ্য দিয়ে। ২৬ তোমালোক মোৰ ভেড়া নোহোৱা, সেই কাৰণে তোমালোকে মোৰ ওপৰত বিশ্বাস নকৰা। ২৭ মোৰ ভেড়াবোৰে মোৰ মাত শুনে আৰু মই সিহঁতক জানোঁ আৰু সিহঁতে মোৰ পিছে পিছে আহে। ২৮ মই সিহঁতক অনন্ত জীৱন দিওঁ আৰু সিহঁতক কেতিয়াও নাশ কৰা নহʼব আৰু কোনেও মোৰ হাতৰ পৰা সিহঁতক কাঢ়ি নলʼব। ২৯ মোৰ পিতৃয়ে মোক যি দিছে, সেয়া বাকী সকলো বস্তুতকৈ মূল্যৱান আৰু কোনেও সিহঁতক পিতৃৰ হাতৰ পৰা কাঢ়ি লʼব নোৱাৰিব। ৩০ মই আৰু পিতৃ এক হওঁ।”*

৩১ আকৌ এবাৰ যিহূদীসকলে তেওঁক মাৰিবলৈ শিল উঠালে। ৩২ যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক পিতৃৰ ফালৰ পৰা বহুতো ভাল কাম কৰি দেখুৱালোঁ। সেইবোৰৰ মাজত কোনটো কামৰ কাৰণে তোমালোকে মোক শিল দলিয়াই মাৰিব বিচাৰিছা?” ৩৩ যিহূদীসকলে তেওঁক উত্তৰ দিলে, “ভাল কামৰ কাৰণে আমি তোমাক শিল দলিয়াই মাৰিব বিচৰা নাই, কিন্তু তুমি ঈশ্বৰৰ নিন্দা কৰিছা। তুমি মানুহ হৈও নিজকে ঈশ্বৰ বুলি দাবী কৰিছা। সেই কাৰণেহে মাৰিব বিচাৰিছোঁ।” ৩৪ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকৰ নিয়মত এইদৰে লিখা নাই নে, ‘মই কʼলোঁ, “তোমালোক সকলো ঈশ্বৰ* হোৱা।”’ ৩৫ যদি সেই লোকসকলক তেওঁ ‘ঈশ্বৰ’ বুলি কয়, যিসকলক ঈশ্বৰৰ বাক্যই দোষী কৰিছে আৰু শাস্ত্ৰৰ এই কথাক মিছা বুলি কʼব নোৱাৰি, ৩৬ তেনেহʼলে যিজনক পিতৃয়ে পবিত্ৰ কৰিলে আৰু জগতলৈ পঠালে, তেওঁক তোমালোকে কিয় কোৱা ‘তুমি ঈশ্বৰৰ নিন্দা কৰিছা’, কাৰণ মই কʼলোঁ, ‘মই ঈশ্বৰৰ পুত্ৰ’? ৩৭ যদি মই পিতৃৰ কাম কৰা নাই, তেনেহʼলে মোৰ ওপৰত বিশ্বাস নকৰিবা। ৩৮ কিন্তু যদি মই নিজৰ পিতৃৰ কাম কৰি আছোঁ, তেনেহʼলে মোৰ ওপৰত বিশ্বাস নকৰিলেও, অন্ততঃ মোৰ কামৰ ওপৰতো বিশ্বাস কৰা যাতে তোমালোকে জানিব পাৰা আৰু বুজিব পাৰা যে পিতৃ মোৰ লগত আৰু মই পিতৃৰ লগত একতাত আছোঁ।” ৩৯ সেইবাবে, তেওঁলোকে আকৌ এবাৰ তেওঁক ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ তেওঁলোকৰ হাতৰ পৰা ওলাই গʼল।

৪০ তাৰ পাছত তেওঁ যৰ্দ্দনৰ সিপাৰে থকা সেই ঠাইলৈ গুচি গʼল, যʼত যোহনে আগতে বাপ্তিষ্মা দিছিল* আৰু তেওঁ তাতে থাকিল। ৪১ বহুতো লোকে তেওঁৰ ওচৰলৈ আহিলে আৰু কʼবলৈ ধৰিলে, “যোহনেতো এটাও চমৎকাৰ কৰা নাছিল, কিন্তু তেওঁ এই মানুহজনৰ বিষয়ে যিবোৰ কৈছিল, সেই সকলো সঁচা আছিল।” ৪২ তাত বহুতো লোকে যীচুৰ ওপৰত বিশ্বাস কৰিলে।

১১ বৈথনিয়া গাঁৱত লাজাৰ নামৰ এজন ব্যক্তি বেমাৰ হৈ আছিল। মাৰ্থা আৰু তেওঁৰ ভনীয়েক মৰিয়মো সেই গাঁৱতে থাকিছিল। ২ আচলতে এওঁ সেইজনী মৰিয়ম যিগৰাকীয়ে প্ৰভুৰ ওপৰত সুগন্ধি তেল ঢালিছিল আৰু নিজৰ চুলিৰে প্ৰভুৰ ভৰি মচিছিল। অসুস্থ লাজাৰ এই মৰিয়মৰে ভায়েক আছিল। ৩ সেইবাবে, লাজাৰৰ বায়েকহঁতে যীচুৰ ওচৰলৈ খবৰ পঠালে, “প্ৰভু, চাওকহি! আপুনি যাক বহুত প্ৰেম কৰে, আপোনাৰ সেই বন্ধু বেমাৰত পৰি আছে।” ৪ কিন্তু এই কথা শুনাৰ পাছত যীচুৱে কʼলে, “এই বেমাৰৰ পৰিণাম মৃত্যু নহয়, ইয়াৰ পৰিৱৰ্তে ইয়াৰ পৰা ঈশ্বৰৰ মহিমা হʼব যাতে ইয়াৰ যোগেদি ঈশ্বৰৰ পুত্ৰৰ মহিমা হʼব পাৰে।”

৫ যীচুৱে মাৰ্থা, তেওঁৰ ভনীয়েক মৰিয়ম আৰু লাজাৰক বহুত প্ৰেম কৰিছিল। ৬ কিন্তু তেওঁ যেতিয়া শুনিলে যে লাজাৰ বেমাৰত পৰি আছে, তেতিয়া তেওঁ যিখন ঠাইত আছিল, তাতে আৰু দুদিন থাকিল। ৭ ইয়াৰ পাছত তেওঁ নিজৰ শিষ্যসকলক কʼলে, “বʼলা আমি আকৌ যিহূদিয়ালৈ যাওঁ।” ৮ তেতিয়া শিষ্যসকলে তেওঁক কʼলে, “গুৰু, কিছু দিনৰ আগেয়ে যিহূদীসকলে আপোনাক শিল দলিয়াই মাৰিব বিচাৰিছিল, আপুনি আকৌ তালৈ যাব বিচাৰে নে?” ৯ যীচুৱে উত্তৰ দিলে, “দিনটোত ১২ ঘণ্টা পোহৰ হৈ নাথাকে জানো? যদি কোনোবাই দিনৰ পোহৰত খোজ কাঢ়ে, তেনেহʼলে তেওঁ কোনো বস্তুত উজুটি নাখায়। কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে। ১০ কিন্তু কোনোৱে যদি ৰাতি খোজ কাঢ়ে, তেনেহʼলে তেওঁ উজুটি খায়, কিয়নো পোহৰ তেওঁৰ মাজত নাই।”

১১ এইবোৰ কথা কোৱাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে, কিন্তু মই তেওঁক জগাবলৈ তালৈ গৈ আছোঁ।” ১২ শিষ্যসকলে তেওঁক কʼলে, “প্ৰভু, যদি তেওঁ টোপনি গৈছে, তেনেহʼলে ঠিক হৈ যাব।” ১৩ আচলতে, যীচুৱে কৈ আছিল যে লাজাৰ মৰি গʼল। কিন্তু যীচুৱে সঁচাকৈ টোপনি যোৱাৰ কথা কৈছে বুলি শিষ্যসকলে ভাবিলে। ১৪ সেইবাবে, যীচুৱে তেওঁলোকক স্পষ্টকৈ কʼলে, “লাজাৰ মৰি গʼল ১৫ আৰু মই তাত নথকাৰ কাৰণে আনন্দিত হৈছোঁ, কাৰণ মই তাত গৈ যি কৰিম, সেয়া দেখি তোমালোকৰ বিশ্বাস মজবুত হʼব। বʼলা আমি তেওঁৰ ওচৰলৈ যাওঁ।” ১৬ সেইবাবে, থোমাই যাক যঁজা বুলিও কোৱা হয়, আন শিষ্যসকলক কʼলে, “বʼলা আমিও তেওঁৰ লগত যাওঁ যাতে আমি তেওঁৰ লগত মৰিব পাৰোঁ।”

১৭ যেতিয়া যীচুৱে বৈথনিয়া পালেগৈ, তেতিয়া তেওঁ গʼম পালে যে লাজাৰক কবৰত* থোৱা চাৰি দিন হৈ গʼল। ১৮ বৈথনিয়া, যিৰূচালেমৰ পৰা প্ৰায় তিনি কিলোমিটাৰ* দূৰত আছিল। ১৯ বহুতো যিহূদীয়ে মাৰ্থা আৰু মৰিয়মক তেওঁলোকৰ ভায়েকৰ মৃত্যু হোৱাৰ কাৰণে শান্ত্বনা দিবলৈ আহিছিল। ২০ যেতিয়া মাৰ্থাই শুনিলে যে যীচু আহি আছে, তেতিয়া তেওঁ যীচুক লগ কৰিবলৈ গʼল। কিন্তু মৰিয়ম ঘৰতে বহি থাকিল। ২১ মাৰ্থাই যীচুক কʼলে, “প্ৰভু, আপুনি ইয়াত থকা হʼলে মোৰ ভাই নমৰিলেহেঁতেন। ২২ কিন্তু এতিয়াও মই জানোঁ যে ঈশ্বৰৰ পৰা আপুনি যিয়েই খুজিব, ঈশ্বৰে আপোনাক দিব।” ২৩ যীচুৱে তেওঁক কʼলে, “তোমাৰ ভাই জীয়াই উঠিব।” ২৪ মাৰ্থাই তেওঁক কʼলে, “মই জানোঁ যে শেষৰ দিনা মৃতবিলাকক যেতিয়া আকৌ জীয়াই তোলা হʼব, তেতিয়া তেওঁ জীয়াই উঠিব।” ২৫ যীচুৱে তেওঁক কʼলে, “মৃতবিলাকক জীয়াই তোলা আৰু তেওঁলোকক জীৱন দিওঁতাজন ময়েই হওঁ। যিজনে মোৰ ওপৰত বিশ্বাস কৰে, তেওঁৰ যদিও মৃত্যু হৈ যায়, তথাপি তেওঁক জীয়াই তোলা হʼব। ২৬ আৰু যি কোনোৱে জীয়াই আছে আৰু মোৰ ওপৰত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব। তুমি এই কথাৰ ওপৰত বিশ্বাস কৰা নে?” ২৭ তেওঁ কʼলে, “হয় প্ৰভু, মই বিশ্বাস কৰোঁ যে আপুনি ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হয়, যিজন জগতলৈ আহিবলগীয়া আছিল।” ২৮ এয়া কোৱাৰ পাছত তেওঁ গুচি গʼল আৰু তেওঁ গৈ নিজৰ ভনী মৰিয়মক অকলশৰীয়াকৈ কʼলে, “গুৰু আহিছে আৰু তোমাক মাতিছে।” ২৯ মৰিয়মে এই কথা শুনাৰ লগে লগে উঠিলে আৰু তেওঁক লগ কৰিবলৈ ওলাই গʼল।

৩০ যীচুৱে এতিয়াও গাঁৱৰ ভিতৰলৈ অহা নাছিল। মাৰ্থাই তেওঁক যি ঠাইত লগ কৰিবলৈ গৈছিল, তেওঁ সেই ঠাইতে আছিল। ৩১ যিসকল যিহূদীয়ে ঘৰত মৰিয়মক শান্ত্বনা দি আছিল, তেওঁলোকে মৰিয়মক বেগেৰে উঠি বাহিৰলৈ যোৱা দেখি তেওঁৰ পিছে পিছে গʼল। তেওঁলোকে ভাবিলে যে মৰিয়মে কবৰৰ ওচৰত কান্দিবলৈ গৈছে। ৩২ যি ঠাইত যীচু আছিল, মৰিয়মে সেই ঠাইলৈ আহি যীচুক দেখা পাই তেওঁৰ ভৰিত পৰি এইদৰে কʼলে, “প্ৰভু, আপুনি ইয়াত থকা হʼলে মোৰ ভাই নমৰিলেহেঁতেন।” ৩৩ যেতিয়া যীচুৱে তেওঁ আৰু তেওঁৰ লগত অহা যিহূদীসকলক কান্দি থকা দেখিলে, তেতিয়া তেওঁৰ বহুত দুখ লাগিল। ৩৪ তেওঁ কʼলে, “তোমালোকে তাক কʼত থৈছা?” তেওঁলোকে কʼলে, “প্ৰভু, আহি চাই লওকহি।” ৩৫ যীচুৰ চকু পানী ওলাবলৈ ধৰিলে। ৩৬ এয়া দেখি যিহূদীসকলে কʼলে, “চোৱা, তেওঁ লাজাৰক কিমান প্ৰেম কৰিছিল!” ৩৭ কিন্তু কিছুমানে কʼলে, “যদি এই মানুহজনে অন্ধ মানুহজনৰ চকু ভাল কৰি দিলে, তেনেহʼলে ইয়াৰ জীৱন কিয় বচাব নোৱাৰিলে?”

৩৮ যীচুৰ আকৌ এবাৰ বহুত দুখ লাগিল আৰু তেওঁ কবৰৰ ওচৰলৈ আহিলে। এয়া আচলতে এটা গুহা আছিল আৰু ইয়াৰ মুখত এচটা শিল থোৱা আছিল। ৩৯ যীচুৱে কʼলে, “শিলচটা গুচাই দিয়া।” তেতিয়া মৃত লাজাৰৰ বায়েক মাৰ্থাই তেওঁক কʼলে, “প্ৰভু, এতিয়া হয়তো তাৰ পৰা বেয়া গোন্ধ ওলাইছে, কিয়নো সি মৰা আজি চাৰি দিন হʼল।” ৪০ যীচুৱে তেওঁক কʼলে, “মই তোমাক কোৱা নাছিলোঁ নে যদি তুমি বিশ্বাস কৰা, তেনেহʼলে তুমি ঈশ্বৰৰ মহিমা দেখিবা?” ৪১ তেতিয়া তেওঁলোকে শিলচটা গুচাই দিলে। তাৰ পাছত যীচুৱে চকু তুলি স্বৰ্গলৈ চাই কʼলে, “পিতৃ, মই তোমাক ধন্যবাদ দিওঁ যে তুমি মোৰ প্ৰাৰ্থনা শুনিলা। ৪২ মই জানোঁ যে তুমি সদায় মোৰ প্ৰাৰ্থনা শুনা। কিন্তু ইয়াত থিয় হৈ থকা ভিৰৰ কাৰণে মই তোমাক এইদৰে কৈছোঁ যাতে তুমিয়েই মোক পঠাইছা বুলি এওঁলোকে বিশ্বাস কৰিব পাৰে।” ৪৩ যেতিয়া তেওঁ এইবোৰ কথা কৈ শেষ কৰিলে, তেতিয়া তেওঁ জোৰেৰে চিঞৰি কʼলে, “লাজাৰ বাহিৰলৈ ওলাই আহা!” ৪৪ তেতিয়া মৃত লাজাৰ বাহিৰলৈ ওলাই আহিলে। তেওঁৰ হাত-ভৰি আৰু মুখ কাপোৰেৰে মেৰিয়াই বন্ধা আছিল। যীচুৱে তেওঁলোকক কʼলে, “ইয়াক খুলি দিয়া আৰু যাবলৈ দিয়া।”

৪৫ সেইবাবে, মৰিয়মৰ ওচৰলৈ যিসকল যিহূদী আহিছিল, সেই লোকসকলৰ মাজৰ বহুতো লোকে যীচুৰ এই কাম দেখি তেওঁৰ ওপৰত বিশ্বাস কৰিলে। ৪৬ কিন্তু যীচুৱে যি কৰিলে, তাৰ বিষয়ে কিছুমান লোকে গৈ ফৰীচীবিলাকক কʼলে। ৪৭ তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে মহা-সভাৰ সদস্যসকলক একগোট কৰিলে আৰু কʼলে, “আমি কি কৰিম, এই মানুহজনে দেখোন বহুতো চমৎকাৰ কৰিছে? ৪৮ যদি আমি ইয়াক এনেই এৰি দিওঁ, তেনেহʼলে সকলোৱে ইয়াৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিব আৰু ৰোমানসকলে আহি আমাৰ ঠাই* আৰু ৰাষ্ট্ৰ দুয়োটাই কাঢ়ি লʼব।” ৪৯ কিন্তু তেওঁলোকৰ মাজৰ কায়াফা নামৰ এজনে, যিজন সেই বছৰৰ মহা-পুৰোহিত আছিল তেওঁ তেওঁলোকক কʼলে, “তোমালোকে একোৱেই নাজানা ৫০ আৰু তোমালোকে ভাবিও নোচোৱা যে গোটেই ৰাষ্ট্ৰ ধ্বংস হোৱাতকৈ এজন মানুহ সকলোৰে কাৰণে মৰিলে তোমালোকৰেই লাভ হʼব।” ৫১ তেওঁ এই কথা নিজৰ ফালৰ পৰা কোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ সেই বছৰৰ মহা-পুৰোহিত হোৱাৰ কাৰণে তেওঁ এই ভৱিষ্যবাণী কৰিছিল যে যীচুৱে গোটেই ৰাষ্ট্ৰৰ কাৰণে নিজৰ জীৱন দিব ৫২ আৰু কেৱল সেই ৰাষ্ট্ৰৰ কাৰণে নহয়, কিন্তু ঈশ্বৰৰ সেই সকলো সন্তান, যিসকল চাৰিওফালে সিঁচৰিত হৈ আছে, তেওঁলোকক একগোট কৰিবলৈও তেওঁ নিজৰ জীৱন দিব। ৫৩ সেইবাবে, সেই দিনাৰে পৰা তেওঁলোকে যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে।

৫৪ সেইবাবে, যীচুৱে যিহূদীসকলৰ মাজত মুকলিকৈ ফুৰা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ সেই এলেকা এৰি অৰণ্যৰ* ওচৰৰ ইফ্ৰয়িম নামৰ চহৰলৈ গুচি গʼল আৰু নিজৰ শিষ্যসকলৰ লগত তাতে থাকিল। ৫৫ যিহূদীসকলৰ নিস্তাৰ-পৰ্ব ওচৰ পাইছিলহি আৰু বহুতো লোকে গাঁৱৰ পৰা যিৰূচালেমলৈ গৈছিল যাতে নিস্তাৰ-পৰ্বৰ আগেয়ে নিয়মৰ অনুসৰি নিজকে শুচি কৰিব পাৰে। ৫৬ তাত তেওঁলোকে যীচুক বিচাৰিবলৈ ধৰিলে আৰু মন্দিৰত থিয় হৈ নিজৰ মাজতে কʼবলৈ ধৰিলে, “তোমালোকে কি ভাবা, তেওঁ উৎসৱৰ কাৰণে নাহিব নেকি?” ৫৭ প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে আদেশ দিছিল যে যীচু কʼত আছে, সেই বিষয়ে যদি কোনোবাই গʼম পায়, তেনেহʼলে আহি খবৰটো তেওঁলোকক জনাওক যাতে তেওঁলোকে যীচুক ধৰিব* পাৰে।

১২ নিস্তাৰ-পৰ্বৰ ছদিনৰ আগেয়ে যীচু বৈথনিয়ালৈ পালেগৈ। লাজাৰ তাতে থাকিছিল, যিজনক যীচুৱে আকৌ জীয়াই তুলিছিল। ২ তাত যীচুৰ কাৰণে ৰাতিৰ ভোজৰ আয়োজন কৰা হʼল আৰু মাৰ্থাই আহাৰ বাঢ়ি দিছিল। যীচুৰ লগত যিসকলে ভোজনত বহিছিল,* তেওঁলোকৰ মাজত লাজাৰো আছিল। ৩ তেতিয়া মৰিয়মে প্ৰায় ৩২৭ গ্ৰাম* আচল জটামাংসীৰ* বহুমূলীয়া সুগন্ধি তেল লʼলে। তেওঁ যীচুৰ ভৰিত এই তেল ঢালি দিলে আৰু নিজৰ চুলিৰে তেওঁৰ ভৰি মচিলে। তেতিয়া সেই তেলৰ গোন্ধ গোটেই ঘৰখনত মলমলাই গʼল। ৪ কিন্তু যীচুৰ শিষ্যসকলৰ মাজৰ এজন যিহূদা ঈষ্কৰিয়োতীয়াই, যিজনে যীচুক বিশ্বাসঘাত কৰিবলগীয়া আছিল, তেওঁ কʼলে, ৫ “এই সুগন্ধি তেল ৩০০ দীনাৰত* বিক্ৰী কৰি সেই টকাখিনি দুখীয়াসকলক কিয় দিয়া নহʼল?” ৬ কিন্তু তেওঁ দুখীয়াসকলৰ বিষয়ে চিন্তা কৰাৰ কাৰণে এইদৰে কোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ চোৰ আছিল আৰু টকাৰ বাকচটো তেওঁৰ লগতে থাকিছিল আৰু তেওঁ তাৰ পৰা টকা চুৰ কৰিছিল। সেইবাবে, তেওঁ এইদৰে কৈছিল। ৭ তেতিয়া যীচুৱে কʼলে, “তেওঁক কৰিবলৈ দিয়া, মোক কবৰ দিবলৈ প্ৰস্তুতি কৰাৰ কাৰণে তেওঁ এইদৰে কৰিছে। ৮ কিয়নো দুখীয়াসকল সদায় তোমালোকৰ লগত থাকিব, কিন্তু মই তোমালোকৰ লগত সদায় নাথাকিম।”

৯ সেই সয়মছোৱাত যিহূদীসকলৰ এটা ডাঙৰ ভিৰে গʼম পালে যে যীচু তাত আছে। তেতিয়া তেওঁলোকে কেৱল যীচুক নহয় কিন্তু লাজাৰকো চাবলৈ আহিছিল, যিজনক যীচুৱে মৃতবিলাকৰ মাজৰ পৰা আকৌ জীয়াই তুলিছিল। ১০ এতিয়া প্ৰধান পুৰোহিতসকলে লাজাৰকো হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিলে। ১১ কিয়নো তেওঁৰ কাৰণে বহুতো যিহূদীয়ে তালৈ গৈছিল আৰু যীচুৰ ওপৰত বিশ্বাস কৰিছিল।

১২ পাছ দিনা উৎসৱৰ কাৰণে অহা লোকসকলৰ ডাঙৰ ভিৰে শুনিলে যে যীচু যিৰূচালেমলৈ আহি আছে। ১৩ তেতিয়া তেওঁলোকে খেজুৰৰ ডালবোৰ লৈ তেওঁক লগ কৰিবলৈ ওলালে। তেওঁলোকে চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “আমি তোমাক প্ৰাৰ্থনা কৰিছোঁ, তেওঁক ৰক্ষা কৰা! যিজন যিহোৱাৰ* নামেৰে আহে আৰু ইস্ৰায়েলৰ ৰজা হয়, তেওঁ ধন্য!” ১৪ যীচুৱে এটা গাধ পোৱালি পাই তাৰ ওপৰত বহিল, যিদৰে লিখা আছে, ১৫ “চিয়োনৰ জীয়াৰী, ভয় নকৰিবা। চোৱা! তোমাৰ ৰজা গাধ পোৱালিৰ ওপৰত বহি আহি আছে।” ১৬ আৰম্ভণিতে তেওঁৰ শিষ্যসকলে এই কথাবোৰৰ অৰ্থ বুজি পোৱা নাছিল। কিন্তু যেতিয়া যীচুৱে মহিমা পালে, তেতিয়া তেওঁলোকৰ মনত পৰিল যে যীচুৰ বিষয়ে যিদৰে লিখা আছিল, তেওঁলোকে ঠিক সেইদৰেই কৰিলে।

১৭ যিসকলে দেখিলে যে যীচুৱে কেনেকৈ লাজাৰক কবৰৰ* পৰা বাহিৰলৈ মাতিলে আৰু মৃত লোকসকলৰ মাজৰ পৰা জীয়াই তুলিলে, তেওঁলোকে এই বিষয়ে আনক সাক্ষ্য দি থাকিল। ১৮ সেই ভিৰৰ লোকসকলে এই চমৎকাৰৰ বিষয়ে শুনিছিল, সেইবাবে তেওঁলোকে যীচুক লগ কৰিবলৈ আহিছিল। ১৯ তেতিয়া ফৰীচীবিলাকে নিজৰ মাজতে কʼবলৈ ধৰিলে, “চোৱা, আমি একোৱেই কৰিব পৰা নাই। গোটেই জগত তেওঁৰ পিছে পিছে গৈ আছে।”

২০ উৎসৱৰ সময়ত উপাসনাৰ কাৰণে অহা লোকসকলৰ মাজত কিছুমান গ্ৰীক মানুহো আছিল। ২১ সেইবাবে, তেওঁলোকে ফিলিপৰ ওচৰলৈ আহিল, যিজন গালীলৰ বৈৎচৈদাৰ আছিল। তেওঁলোকে তাক অনুৰোধ কৰিবলৈ ধৰিলে, “আমি যীচুক লগ কৰিব বিচাৰোঁ।” ২২ ফিলিপে গৈ আন্দ্ৰিয়ক কʼলে। আন্দ্ৰিয় আৰু ফিলিপে গৈ যীচুক জনালে।

২৩ কিন্তু যীচুৱে তেওঁলোকক উত্তৰ দিলে, “সেই সময় আহি পৰিছে, যেতিয়া মানুহৰ পুত্ৰই মহিমা পাব। ২৪ মই তোমালোকক সঁচাকৈ কৈছোঁ, যেতিয়ালৈকে ঘেঁহুৰ এটা গুটি মাটিত পৰি মৰি নাযায়, তেতিয়ালৈকে সেয়া এটা গুটিয়েই হৈ থাকে। কিন্তু যেতিয়া সেইটো মৰি যায়, তেতিয়া বহুত ফল উৎপন্ন কৰে। ২৫ যি কোনোৱে নিজৰ জীৱনক প্ৰেম কৰে, তেওঁ তাক হেৰুৱায়। কিন্তু যিজনে এই জগতত নিজৰ জীৱনক ঘৃণা কৰে, তেওঁ তাক বচাব যাতে অনন্ত জীৱন পায়। ২৬ যিজনে মোৰ সেৱা কৰিব বিচাৰে, তেওঁ মোৰ পিছে পিছে আহক আৰু মই যʼত থাকিম মোৰ সেৱকো তাতে থাকিব। যিজনে মোৰ সেৱা কৰিব, পিতৃয়ে তেওঁক আশীৰ্বাদ কৰিব। ২৭ এতিয়া আৰু মই কি কʼম? মোৰ মন ব্যাকুল হৈছে। হে পিতৃ, মোক এই সময়ৰ পৰা বচোৱা! কিন্তু এই সময়ৰ কাৰণেইতো মই জগতলৈ আহিছোঁ। ২৮ পিতৃ, নিজৰ নাম মহিমা কৰা।” তেতিয়া আকাশৰ পৰা মাত শুনিবলৈ পোৱা গʼল: “মই ইয়াৰ মহিমা কৰিলোঁ আৰু আকৌ কৰিম।”

২৯ যেতিয়া আশে-পাশে থিয় হৈ থকা ভিৰৰ লোকসকলে এই মাত শুনিলে, তেতিয়া লোকসকলে কʼবলৈ ধৰিলে যে মেঘে গাজিছে। আন কিছুমানে কʼলে, “কোনো স্বৰ্গদূতে তেওঁৰ লগত কথা পাতিলে।” ৩০ যীচুৱে কʼলে, “এই মাত মোৰ কাৰণে নহয়, কিন্তু তোমালোকৰ কাৰণে শুনোৱা হৈছে। ৩১ এতিয়া এই জগতৰ ন্যায় কৰা হৈছে আৰু এই জগতৰ শাসকক বাহিৰ কৰি দিয়া হʼব। ৩২ কিন্তু মোক যেতিয়া পৃথিৱীৰ পৰা উঠোৱা হʼব,* তেতিয়া মই সকলো ধৰণৰ লোকক নিজৰ ফালে আকৰ্ষিত কৰিম।” ৩৩ তেওঁৰ মৃত্যু কেনেদৰে হʼব, সেই বিষয়ে বুজাবলৈ তেওঁ এই কথা কৈছিল। ৩৪ তেতিয়া ভিৰে তেওঁক কʼলে, “আমিতো নিয়মত শুনিছিলোঁ যে খ্ৰীষ্ট সদায় থাকিব, তেনেহʼলে আপুনি কেনেকৈ কʼব পাৰে যে মানুহৰ পুত্ৰক ওপৰলৈ উঠোৱা হʼব? এই মানুহৰ পুত্ৰ কোন হয়?” ৩৫ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “পোহৰ কেৱল অলপ সময়ৰ কাৰণে তোমালোকৰ মাজত থাকিব, যেতিয়ালৈকে এয়া তোমালোকৰ লগত থাকে, তেতিয়ালৈকে তোমালোকে পোহৰত চলি থাকা যাতে আন্ধাৰে তোমালোকক ঢাকি নধৰে। যিজনে আন্ধাৰত চলে, তেওঁ নাজানে যে তেওঁ কʼলৈ গৈ আছে। ৩৬ যেতিয়ালৈকে পোহৰ তোমালোকৰ লগত আছে, তেতিয়ালৈকে তেওঁৰ ওপৰত বিশ্বাস কৰা আৰু তোমালোকক পোহৰৰ সন্তান বুলি কোৱা হʼব।”

যীচুৱে এইবোৰ কথা কোৱাৰ পাছত গুচি গʼল আৰু তেওঁলোকৰ পৰা লুকাই গʼল। ৩৭ যীচুৱে তেওঁলোকৰ ওচৰত বহুতো চমৎকাৰ কৰিছিল, তথাপিও তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস কৰা নাছিল। ৩৮ এইদৰে ভৱিষ্যবক্তা যিচয়াই কোৱা এই কথা পূৰ হʼল, “হে যিহোৱা,* কোনে আমাৰ বাৰ্তাৰ ওপৰত বিশ্বাস কৰিলে? যিহোৱাই* নিজৰ শক্তি* কাৰ ওপৰত প্ৰকাশ কৰিলে?” ৩৯ তেওঁলোকে কিয় বিশ্বাস নকৰিলে, তাৰ বিষয়ে যিচয়াই আকৌ কয়, ৪০ “তেওঁ তেওঁলোকৰ চকু অন্ধ কৰি দিছে আৰু তেওঁলোকৰ হৃদয় কঠোৰ কৰি দিছে যাতে তেওঁলোকে নিজৰ চকুৰে দেখা নাপায় আৰু নিজৰ হৃদয়েৰে বুজিব নোৱাৰে। সেইবাবে, তেওঁলোকে মোৰ ওচৰলৈ উভতি নাহে আৰু ময়ো তেওঁলোকক সুস্থ নকৰোঁ।” ৪১ যিচয়াই খ্ৰীষ্টৰ বিষয়ে এই সকলো কথা কোৱাৰ কাৰণ হৈছে তেওঁ খ্ৰীষ্টৰ মহিমা দেখিছিল। ৪২ যদিও বহুতো ধৰ্ম-অধিকাৰীয়ে যীচুৰ ওপৰত বিশ্বাস কৰিছিল, কিন্তু তেওঁলোকে ফৰীচীবিলাকক ভয় কৰাৰ কাৰণে তেওঁক সকলোৰে আগত গ্ৰহণ কৰা নাছিল যাতে তেওঁলোকক সভাঘৰৰ পৰা বাহিৰ কৰি দিয়া নহয়। ৪৩ ঈশ্বৰৰ পৰা পোৱা মহিমাতকৈ মানুহৰ পৰা পোৱা মহিমাক তেওঁলোকে বেছি প্ৰেম কৰিছিল।

৪৪ কিন্তু যীচুৱে জোৰেৰে কʼলে, “যিজনে মোৰ ওপৰত বিশ্বাস কৰে, তেওঁ কেৱল মোৰ ওপৰতেই নহয়, কিন্তু মোক পঠোৱাজনৰ ওপৰতো বিশ্বাস কৰে। ৪৫ আৰু যিজনে মোক দেখে, তেওঁ মোক পঠোৱাজনকো দেখে। ৪৬ মই এই জগতলৈ পোহৰ হৈ আহিছোঁ যাতে যি কোনোৱে মোৰ ওপৰত বিশ্বাস কৰে, তেওঁ আন্ধাৰত নাথাকে। ৪৭ কিন্তু যদি কোনোবাই মোৰ কথা শুনি পালন নকৰে, তেনেহʼলে মই তেওঁক দোষাৰোপ নকৰোঁ, কিয়নো মই জগতক দোষাৰোপ কৰিবলৈ নহয়, ৰক্ষা কৰিবলৈ আহিছোঁ। ৪৮ যি কোনোৱে মোক অস্বীকাৰ কৰে আৰু মোৰ বাক্য গ্ৰহণ নকৰে, তেওঁক দোষাৰোপ কৰোঁতা আন এজন আছে। মই যি কথা কৈছোঁ, সেই কথাই তেওঁক শেষৰ দিনা দোষাৰোপ কৰিব। ৪৯ কিয়নো মই নিজৰ ফালৰ পৰা একো কোৱা নাই। কিন্তু মই কি কʼব লাগে আৰু কি শিক্ষা দিব লাগে, এই বিষয়ে মোক পঠোৱা পিতৃয়ে নিজেই মোক এই আজ্ঞা দিছে। ৫০ আৰু মই জানোঁ যে তেওঁৰ আজ্ঞা পালন কৰাৰ অৰ্থ হৈছে অনন্ত জীৱন। সেইবাবে, পিতৃয়ে মোক যি যি কৈছে, মই কেৱল সেইবোৰ কথাই কওঁ।”

১৩ নিস্তাৰ-পৰ্বৰ আগেয়ে যীচুৱে জানিছিল যে এই জগতক এৰি পিতৃৰ ওচৰলৈ যোৱাৰ সময় ওচৰ চাপি আহিছে। সেইবাবে, জগতত যিসকল তেওঁৰ আপোন আছিল আৰু যিসকলক তেওঁ প্ৰেম কৰিছিল, তেওঁলোকক শেষলৈকে প্ৰেম কৰি থাকিল। ২ তেওঁলোকে ৰাতিৰ আহাৰ খাই আছিল আৰু যীচুক বিশ্বাসঘাত কৰাৰ কথা চিমোনৰ লʼৰা যিহূদা ঈষ্কৰিয়োতীয়াৰ মনত চয়তানে ইতিমধ্যে সোমোৱাই দিছিল। ৩ যিহেতু যীচুৱে জানিছিল যে পিতৃয়ে সকলোবোৰ তেওঁৰ* হাতত তুলি দিছে আৰু তেওঁ ঈশ্বৰৰ ফালৰ পৰা আহিছে আৰু আকৌ ঈশ্বৰৰ ওচৰলৈ উভতি গৈছে। ৪ সেইবাবে, তেওঁ খোৱা ঠাইৰ পৰা উঠিলে আৰু নিজৰ গাত লোৱা কাপোৰখন থৈ এখন গামোচা লৈ নিজৰ কঁকালত বান্ধিলে। ৫ ইয়াৰ পাছত তেওঁ এটা পাত্ৰত পানী ভৰালে আৰু নিজৰ শিষ্যসকলৰ ভৰি ধুৱাবলৈ ধৰিলে আৰু কঁকালত বন্ধা গামোচাখনেৰে তেওঁলোকৰ ভৰি মচিবলৈ ধৰিলে। ৬ যেতিয়া তেওঁ চিমোন পিতৰৰ ওচৰলৈ আহিলে, তেতিয়া পিতৰে তেওঁক কʼলে, “প্ৰভু, আপুনি মোৰ ভৰি ধুৱাব নে?” ৭ যীচুৱে তেওঁক কʼলে, “মই যি কৰি আছোঁ, সেয়া তুমি এতিয়া নুবুজা, কিন্তু পাছত বুজি পাবা।” ৮ পিতৰে তেওঁক কʼলে, “নহয়, আপুনি মোৰ ভৰি নুধুৱাব।” যীচুৱে তেওঁক কʼলে, “যদি মই তোমাৰ ভৰি নুধুৱাওঁ, তেনেহʼলে মোৰ লগত তোমাৰ একো সম্পৰ্ক নাই।” ৯ চিমোন পিতৰে তেওঁক কʼলে, “তেনেহʼলে প্ৰভু, মোৰ কেৱল ভৰিয়ে নহয়, মোৰ হাত আৰু মূৰো ধুৱাই দিয়ক।” ১০ যীচুৱে তেওঁক কʼলে, “যিজনে গা ধুলে তেওঁ ভৰি ধোৱাৰ বাহিৰে আন একো ধোৱাৰ প্ৰয়োজন নাই, তেওঁ সম্পূৰ্ণৰূপে শুচি হয়। তোমালোক শুচি, কিন্তু তোমালোকৰ মাজৰ সকলোৱে নহয়।” ১১ তেওঁৰ লগত কোনে বিশ্বাসঘাত কৰিব, তাৰ বিষয়ে তেওঁ জানিছিল। সেইবাবে, তেওঁ কʼলে, “তোমালোকৰ মাজৰ সকলো শুচি নহয়।”

১২ তেওঁলোকৰ ভৰি ধোৱাৰ পাছত যীচুৱে গাত লোৱা কাপোৰখন পিন্ধিলে আৰু আকৌ বহিল। তেতিয়া তেওঁ তেওঁলোকক কʼলে, “মই তোমালোকৰ লগত কি কৰিলোঁ, তোমালোকে বুজি পালা নে? ১৩ তোমালোকে মোক ‘গুৰু’ আৰু ‘প্ৰভু’ বুলি কোৱা আৰু তোমালোকে ঠিকেই কোৱা, কিয়নো মই সেয়াই হওঁ। ১৪ সেইবাবে, মই তোমালোকৰ প্ৰভু আৰু গুৰু হৈও যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেনেহʼলে তোমালোকেও এজনে-আনজনৰ ভৰি ধুউৱা উচিত।* ১৫ কাৰণ মই তোমালোকৰ কাৰণে উদাহৰণ* ৰাখিলোঁ যে যিদৰে মই তোমালোকৰ লগত কৰিলোঁ, তোমালোকেও সেইদৰে কৰা উচিত। ১৬ মই তোমালোকক সঁচাকৈ কৈছোঁ, দাস নিজৰ মালিকতকৈ ডাঙৰ নহয় আৰু যাক পঠোৱা হৈছে, তেওঁ পঠোৱাজনতকৈ ডাঙৰ নহয়। ১৭ তোমালোকে এইবোৰ কথা জানিব পাৰিলা, কিন্তু তোমালোকে যদি এইবোৰ পালন কৰা, তেনেহʼলে সুখী হʼবা। ১৮ মই তোমালোকৰ সকলোৰে বিষয়ে কোৱা নাই। যিসকলক মই বাছনি কৰিলোঁ, মই তেওঁলোকক জানোঁ কিন্তু শাস্ত্ৰৰ এই কথাটো পূৰ হোৱাটো অতি প্ৰয়োজন, ‘যিজনে মোৰ ৰুটি খাইছিল, তেৱেঁই মোৰ বিৰুদ্ধে হʼল।’* ১৯ যি হʼবলগীয়া আছে, সেয়া মই তোমালোকক এতিয়াৰে পৰা কৈ আছোঁ যাতে সেইবোৰ ঘটনা যেতিয়া ঘটিব, তেতিয়া তোমালোকে বিশ্বাস কৰিব পাৰিবা যে শাস্ত্ৰত লিখা এই কথাবোৰ মোৰ বিষয়ে কোৱা হৈছে। ২০ মই তোমালোকক সঁচাকৈ কৈছোঁ, মই যিজনক পঠাওঁ, তেওঁক যদি এজন ব্যক্তিয়ে গ্ৰহণ কৰে, তেনেহʼলে তেওঁ মোকো গ্ৰহণ কৰে। আৰু যিজনে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱাজনকো গ্ৰহণ কৰে।”

২১ এইবোৰ কথা কোৱাৰ পাছত যীচুৱে ব্যাকুল হৈ উঠিল আৰু তেওঁ স্পষ্টকৈ কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকৰ মাজৰ এজনে মোৰ লগত বিশ্বাসঘাত কৰি মোক ধৰাই দিব।” ২২ এয়া শুনি শিষ্যসকলে এজনে-আনজনৰ মুখলৈ চাবলৈ ধৰিলে, কিয়নো তেওঁলোকে বুজি পোৱা নাছিল যে যীচুৱে কাৰ কথা কৈ আছে। ২৩ যীচুৰ এজন শিষ্য তেওঁৰ বুকুৰ কাষতে বহি আছিল, যাক যীচুৱে বহুত প্ৰেম কৰিছিল। ২৪ সেইবাবে, চিমোন পিতৰে ইংগিত দি সেই শিষ্যজনক কʼলে, “তেওঁ কাৰ বিষয়ে কৈ আছে, আমাক কোৱাচোন।” ২৫ তেতিয়া সেই শিষ্যজনে যীচুৰ বুকুৰ ফালে হাউলি তেওঁক সুধিলে, “প্ৰভু, সেইজননো কোন?” ২৬ যীচুৱে উত্তৰ দিলে, “এই ৰুটি টুকুৰা জুবুৰিয়াই মই যাক দিম, তেৱেঁই সেইজন।” তাৰ পাছত যীচুৱে ৰুটি টুকুৰা জুবুৰিয়াই চিমোন ঈষ্কৰিয়োতীয়াৰ লʼৰা যিহূদাক দিলে। ২৭ যিহূদাই ৰুটি টুকুৰা লোৱাৰ পাছতেই চয়তান তেওঁৰ শৰীৰত সোমাল। সেইবাবে, যীচুৱে তেওঁক কʼলে, “তুমি যি কাম কৰিবলৈ লৈছা, সেয়া সোনকালে কৰা।” ২৮ কিন্তু যিসকলে খাবলৈ বহিছিল, তেওঁলোকৰ মাজত কোনেও জনা নাছিল যে যীচুৱে যিহূদাক এইদৰে কিয় কৈছিল। ২৯ যিহূদাৰ লগত টকাৰ বাকচ থাকিছিল, সেইবাবে কিছুমান শিষ্যই ভাবিলে যে, “উৎসৱৰ কাৰণে যি যি লাগে সেইবোৰ কিনিবলৈ” বা দুখীয়াসকলক কোনো বস্তু দিবলৈ যীচুৱে তেওঁক এই কথা কʼলে। ৩০ সেইবাবে, ৰুটি টুকুৰা লোৱাৰ পাছত যিহূদাই লগে লগে তাৰ পৰা গুচি গʼল, এয়া ৰাতিৰ সময় আছিল।

৩১ তেওঁ ওলাই যোৱাৰ পাছত যীচুৱে কʼলে, “এতিয়া মানুহৰ পুত্ৰৰ মহিমা হʼল আৰু তেওঁৰ যোগেদি ঈশ্বৰৰ মহিমা হʼল। ৩২ ঈশ্বৰে নিজেই তেওঁৰ মহিমা কৰিব আৰু বহুত সোনকালে এইদৰে কৰিব। ৩৩ বন্ধুসকল,* মই আৰু অলপ সময়হে তোমালোকৰ লগত থাকিম। তোমালোকে মোক বিচাৰিবা আৰু যি কথা মই যিহূদীসকলক কৈছিলোঁ, সেই কথা এতিয়া মই তোমালোককো কৈছোঁ, ‘যʼলৈ মই গৈ আছোঁ, তাত তোমালোকে আহিব নোৱাৰা।’ ৩৪ মই তোমালোকক এটা নতুন আজ্ঞা দিছোঁ, তোমালোকে এজনে-আনজনক প্ৰেম কৰা। যিদৰে মই তোমালোকক প্ৰেম কৰিলোঁ, ঠিক সেইদৰে তোমালোকেও এজনে-আনজনক প্ৰেম কৰা। ৩৫ যদি তোমালোকৰ মাজত প্ৰেম থাকে, তেনেহʼলে সকলোৱে জানিব যে তোমালোক মোৰ শিষ্য হোৱা।”

৩৬ চিমোন পিতৰে তেওঁক কʼলে, “প্ৰভু, আপুনি কʼলৈ গৈ আছে?” যীচুৱে উত্তৰ দিলে, “যʼলৈ মই গৈ আছোঁ, তাত তুমি এতিয়া মোৰ পিছে পিছে আহিব নোৱাৰা, কিন্তু পাছত তুমি আহিবা।” ৩৭ পিতৰে তেওঁক কʼলে, “প্ৰভু, মই এতিয়া আপোনাৰ পিছে পিছে কিয় আহিব নোৱাৰোঁ? মই আপোনাৰ কাৰণে নিজৰ জীৱনো দি দিম।” ৩৮ যীচুৱে উত্তৰ দিলে, “তুমি মোৰ কাৰণে নিজৰ জীৱন দিবা নে? মই তোমাক সঁচাকৈ কৈছোঁ, তুমি মোক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ নকৰালৈকে কুকুৰাই ডাক নিদিব।”

১৪ “তোমালোকৰ হৃদয় দুখত ভাঙি নপৰক। ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা আৰু মোৰ ওপৰতো বিশ্বাস কৰা। ২ মোৰ পিতৃৰ ঘৰত থাকিবলৈ বহুত ঠাই আছে। নথকা হʼলে মই তোমালোকক এই কথা নকʼলোঁহেঁতেন। কিন্তু এতিয়া মই তোমালোকৰ কাৰণে ঠাই প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। ৩ আৰু মই যেতিয়া গৈ তোমালোকৰ কাৰণে ঠাই প্ৰস্তুত কৰিম, তেতিয়া মই আকৌ আহিম আৰু তোমোলোকক নিজৰ ঘৰলৈ লৈ যাম যাতে যʼত মই থাকোঁ, তাত যেন তোমালোকেও থাকা। ৪ যʼলৈ মই গৈ আছোঁ, তাৰ ৰাস্তা তোমালোকে জানা।”

৫ থোমাই তেওঁক কʼলে, “প্ৰভু, আমি নাজানোঁ যে আপুনি কʼলৈ গৈ আছে। তেনেহʼলে আমি তাৰ ৰাস্তা কেনেকৈ জানিম?”

৬ যীচুৱে তেওঁক কʼলে, “ময়েই সেই ৰাস্তা, সত্য আৰু জীৱন হওঁ। মোৰ যোগেদি নাহিলে পিতৃৰ ওচৰলৈ কোনেও আহিব নোৱাৰে। ৭ তোমালোকে মোক সঁচাকৈ জনা হʼলে মোৰ পিতৃকো জানিলাহেঁতেন। এই সময়ৰ পৰা তোমালোকে তেওঁক জানিবা, আচলতে তোমালোকে তেওঁক দেখিছা।”

৮ ফিলিপে তেওঁক কʼলে, “প্ৰভু, আমাক পিতৃক দেখুৱাওক, ইমানেই আমাৰ কাৰণে যথেষ্ট।”

৯ যীচুৱে তেওঁক কʼলে, “ফিলিপ, মই ইমান দিনৰ পৰা তোমালোকৰ লগতে আছোঁ, তথাপি তুমি মোক চিনি নাপালা? যিজনে মোক দেখিলে তেওঁ পিতৃকো দেখিলে। তেনেহʼলে তুমি কিয় ‘আমাক পিতৃ দেখুৱাওক বুলি কোৱা’? ১০ মই পিতৃৰ লগত আৰু পিতৃ মোৰ লগত একতাত আছে বুলি তুমি বিশ্বাস নকৰা নে? মই যিবোৰ কথা কওঁ, সেইবোৰ নিজৰ ফালৰ পৰা নকওঁ, ইয়াৰ পৰিৱৰ্তে মোৰ লগত একতাত থকা পিতৃয়ে মোৰ যোগেদি নিজৰ কাম কৰি আছে। ১১ পিতৃ মোৰ লগত আৰু মই পিতৃৰ লগত একতাত আছোঁ বুলি বিশ্বাস কৰা নাইবা মোৰ কামৰ যোগেদি মোৰ ওপৰত বিশ্বাস কৰা। ১২ মই তোমালোকক সঁচাকৈ কৈছোঁ, মই যি যি কাম কৰোঁ, মোক বিশ্বাস কৰাজনেও তেনেকুৱা কাম কৰিব। আনকি ইয়াতকৈ ডাঙৰ ডাঙৰ কাম কৰিব, কিয়নো মই পিতৃৰ ওচৰলৈ গৈ আছোঁ। ১৩ লগতে, মোৰ নামেৰে তোমালোকে যিয়েই খোজা, সেয়া মই কৰিম যাতে পুত্ৰৰ যোগেদি পিতৃৰ মহিমা হয়। ১৪ যদি তোমালোকে মোৰ নামেৰে কিবা খোজা, তেনেহʼলে মই সেয়া কৰিম।

১৫ তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহʼলে মোৰ আজ্ঞাবোৰ পালন কৰিবা। ১৬ মই পিতৃক মিনতি কৰিম আৰু তেওঁ তোমালোকক আৰু এক সহায়কৰ্তা* দিব, যি তোমালোকৰ লগত সদায় থাকিব ১৭ অৰ্থাৎ সত্যৰ পবিত্ৰ শক্তি, যি জগতে লাভ কৰিব নোৱাৰে, কিয়নো জগতে ইয়াক নেদেখে আৰু নাজানেও। তোমালোকে ইয়াক জানা, কিয়নো ই তোমালোকৰ লগত থাকে আৰু তোমালোকৰ মাজত থাকে। ১৮ মই তোমালোকক শোকৰ সময়ত* এৰি নিদিম। মই তোমালোকৰ ওচৰলৈ আকৌ আহি আছোঁ। ১৯ অলপ সময়ৰ পাছত জগতে মোক কেতিয়াও দেখা নাপাব, কিন্তু তোমালোকে মোক দেখা পাবা। কিয়নো মই জীয়াই আছোঁ আৰু তোমালোকেও জীয়াই থাকিবা। ২০ সেই দিনা তোমালোকে জানিবা যে মই পিতৃৰ লগত একতাত আছোঁ আৰু তোমালোকে মোৰ লগত আৰু মই তোমালোকৰ লগত একতাত আছোঁ। ২১ যিজনৰ ওচৰত মোৰ আজ্ঞা আছে আৰু যিজনে সেইবোৰ পালন কৰে, তেৱেঁই মোক প্ৰেম কৰে। যিজনে মোক প্ৰেম কৰে, তেওঁক মোৰ পিতৃয়ে প্ৰেম কৰিব আৰু ময়ো তেওঁক প্ৰেম কৰিম আৰু মই তেওঁৰ আগত নিজকে স্পষ্টকৈ প্ৰকাশ কৰিম।”

২২ যিহূদাই (ঈষ্কৰিয়োতীয়া নহয়) তেওঁক কʼলে, “প্ৰভু, আপুনি কিয় আমাৰ আগত নিজকে স্পষ্টকৈ প্ৰকাশ কৰিব বিচাৰে, কিন্তু জগতৰ আগত প্ৰকাশ কৰিব নিবিচাৰে?”

২৩ যীচুৱে উত্তৰ দিলে, “যদি কোনোৱে মোক প্ৰেম কৰে, তেনেহʼলে তেওঁ মোৰ বাক্য পালন কৰিব আৰু মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব। আমি তেওঁৰ ওচৰলৈ আহিম আৰু তেওঁৰ লগত থাকিম। ২৪ যিজনে মোক প্ৰেম নকৰে, তেওঁ মোৰ বাক্য পালন নকৰে। যি বাক্য তোমালোকে শুনি আছা, সেয়া মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰ হয়।

২৫ মই তোমালোকৰ লগত থাকোঁতেই এইবোৰ কথা তোমালোকক কʼলোঁ। ২৬ কিন্তু সেই সহায়কৰ্তা অৰ্থাৎ পবিত্ৰ শক্তি, যাক পিতৃয়ে মোৰ নামেৰে পঠাব, তেওঁ তোমালোকক সকলো কথা শিকাব আৰু মই তোমালোকক যি যি কৈছোঁ, এই আটাই কথা তোমালোকক মনত পেলাই দিব। ২৭ যি শান্তি মই দিওঁ, সেয়া তোমালোকৰ ওচৰত এৰি গৈ আছোঁ। এই শান্তি মই তোমালোকক জগতে যেনেকৈ দিয়ে, তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় দুখত ভাঙি নপৰক আৰু ভয়ত দুৰ্বল নহওক। ২৮ তোমালোকে মোক এয়া কোৱা শুনিছা যে মই গৈ আছোঁ আৰু তোমালোকৰ ওচৰলৈ আকৌ উভতি আহিম। তোমালোকে মোক প্ৰেম কৰা হʼলে এই কথাত আনন্দ কৰিলাহেঁতেন যে মই পিতৃৰ ওচৰলৈ গৈ আছোঁ, কিয়নো পিতৃ মোতকৈ ডাঙৰ। ২৯ এতিয়া এইবোৰ কথা হোৱাৰ আগতে মই তোমালোকক কৈছোঁ যাতে এইবোৰ হোৱাৰ সময়ত তোমালোকে বিশ্বাস কৰিব পাৰা। ৩০ এতিয়া মই তোমালোকৰ লগত আৰু বেছি কথা নাপাতিম, কিয়নো এই জগতৰ ৰজা আহি আছে আৰু সি মোক নিয়ন্ত্ৰণ কৰিব নোৱাৰে।* ৩১ কিন্তু জগতে যেন জানিব পাৰে যে মই পিতৃক প্ৰেম কৰোঁ, সেইবাবে পিতৃয়ে মোক যিদৰে আজ্ঞা দিছে, মই সেইদৰেই কাম কৰোঁ। এতিয়া উঠা, আমি ইয়াৰ পৰা যাওঁ।

১৫ মই আঙুৰৰ প্ৰকৃত লতা হওঁ আৰু মোৰ পিতৃ খেতিয়ক হয়। ২ মোৰ যি যি ডালত ফল নধৰে, তেওঁ তাক কাটি পেলায় আৰু যি যি ডালত ফল ধৰে, সেইবোৰ তেওঁ কাটি পৰিষ্কাৰ কৰে যাতে তাত আৰু বেছিকৈ ফল ধৰে। ৩ মই তোমালোকক কোৱা বাক্যৰ কাৰণে তোমালোকে ইতিমধ্যে পৰিষ্কাৰ হৈছা। ৪ মোৰ লগত একতাত থাকা আৰু মই তোমালোকৰ লগত একতাত থাকিম। যিদৰে আঙুৰৰ লতাৰ পৰা বেলেগ হৈ ডালে ফল উৎপন্ন কৰিব নোৱাৰে, ঠিক সেইদৰে তোমালোকেও মোৰ লগত একতাত নাথাকিলে ফল উৎপন্ন কৰিব নোৱাৰা। ৫ মই আঙুৰৰ লতা হওঁ আৰু তোমালোক ডাল হোৱা। যিসকলে মোৰ লগত একতাত থাকে আৰু যিসকলৰ লগত মই একতাত থাকোঁ, তেওঁ বহুত ফল উৎপন্ন কৰে। মোৰ পৰা বেলেগ হৈ তোমালোকে একোৱেই কৰিব নোৱাৰা। ৬ যি কোনোৱে মোৰ লগত একতাত নাথাকে, তেওঁ এনে ডালৰ নিচিনা হয়, যাক পেলাই দিয়া হয় আৰু যি শুকাই যায়। লোকসকলে এনে ডালবোৰক গোটাই জুইত পেলাই দিয়ে আৰু জ্বলাই দিয়ে। ৭ যদি তোমালোকে মোৰ লগত একতাত থাকা আৰু মোৰ কথাবোৰ তোমালোকৰ হৃদয়ত থাকে, তেনেহʼলে তোমালোকে যিয়েই খোজা, সেয়া তোমালোকক দিয়া হʼব। ৮ যদি তোমালোকে অধিক ফল উৎপন্ন কৰা আৰু নিজকে মোৰ শিষ্য হয় বুলি প্ৰমাণিত কৰা, তেনেহʼলে মোৰ পিতৃৰ মহিমা হʼব। ৯ যিদৰে পিতৃয়ে মোক প্ৰেম কৰিলে, ময়ো তোমালোকক প্ৰেম কৰিলোঁ। তোমালোকে মোৰ প্ৰেমৰ যোগ্য হৈ থাকা। ১০ যদি তোমালোকে মোৰ আজ্ঞাবোৰ পালন কৰা, তেনেহʼলে মোৰ প্ৰেমৰ যোগ্য হৈ থাকিবা, যিদৰে মই পিতৃৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ প্ৰেমৰ যোগ্য হৈ থাকোঁ।

১১ মই তোমালোকক এইবোৰ কথা কোৱাৰ কাৰণ হৈছে যে তোমালোকে সেই আনন্দ পোৱা, যি আনন্দ মই পাইছোঁ আৰু সেই আনন্দ কেতিয়াও শেষ নহওক। ১২ মই তোমালোকক এই আজ্ঞা দিছোঁ, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও এজনে-আনজনক প্ৰেম কৰা। ১৩ নিজৰ বন্ধুসকলৰ কাৰণে নিজৰ জীৱন দিয়াতকৈ শ্ৰেষ্ঠ প্ৰেম আৰু হʼব পাৰে নে? ১৪ মই দিয়া আজ্ঞাবোৰ যদি তোমালোকে পালন কৰা, তেনেহʼলে তোমালোক মোৰ বন্ধু। ১৫ এতিয়া মই তোমালোকক দাস বুলি নকওঁ, কিয়নো মালিকে যি কৰে, সেয়া দাসে নাজানে। কিন্তু মই তোমালোকক নিজৰ বন্ধু বুলি কʼলোঁ, কিয়নো মই নিজৰ পিতৃৰ পৰা যি যি শুনিলোঁ, সেই সকলো তোমালোকক জনালোঁ। ১৬ তোমালোকে মোক বাছনি কৰা নাই, কিন্তু মই তোমালোকক বাছনি কৰিলোঁ, মই তোমালোকক নিযুক্ত কৰাৰ কাৰণ হৈছে যে তোমালোক যোৱা আৰু ফল উৎপন্ন কৰি থাকা। আৰু তোমালোকৰ ফল সদায় থাকক যাতে তোমালোকে মোৰ নামেৰে পিতৃক যিয়েই খোজা, সেয়া যেন তোমালোকক দিয়ে।

১৭ মই তোমালোকক এই সকলো আজ্ঞা দিয়াৰ কাৰণ হৈছে যাতে তোমালোকে এজনে-আনজনক প্ৰেম কৰা। ১৮ জগতে যদি তোমালোকক ঘৃণা কৰে, তেনেহʼলে মনত ৰাখা, তোমালোকক ঘৃণা কৰাৰ আগতে জগতে মোক ঘৃণা কৰিলে। ১৯ তোমালোক জগতৰ হোৱা হʼলে জগতে তোমালোকক নিজৰ বুলি প্ৰেম কৰিলেহেঁতেন। কিন্তু তোমালোক জগতৰ নোহোৱা, ইয়াৰ পৰিৱৰ্তে মই তোমালোকক জগতৰ পৰা বাছনি কৰিলোঁ। সেইবাবে, জগতে তোমালোকক ঘৃণা কৰে। ২০ মই যি কথা তোমালোকক কʼলোঁ, সেয়া মনত ৰাখা। এজন দাস নিজৰ মালিকতকৈ ডাঙৰ নহয়। যদি সিহঁতে মোক অত্যাচাৰ কৰিলে, তেনেহʼলে তোমালোককো কৰিব। যদি সিহঁতে মোৰ কথা শুনিলে, তেনেহʼলে তোমালোকৰো শুনিব। ২১ কিন্তু তেওঁলোকে মোৰ নামৰ কাৰণে তোমালোকৰ বিৰুদ্ধে এইবোৰ কৰিব। কিয়নো তেওঁলোকে মোক পঠোৱাজনক নাজানে। ২২ মই নহা হʼলে আৰু তেওঁলোকৰ লগত কথা নপতা হʼলে তেওঁলোকৰ পাপ নহʼলহেঁতেন। কিন্তু এতিয়া তেওঁলোকে নিজৰ পাপৰ কাৰণে কোনো বাহানা মাৰিব নোৱাৰে। ২৩ যিজনে মোক ঘৃণা কৰে, তেওঁ মোৰ পিতৃকো ঘৃণা কৰে। ২৪ মই তেওঁলোকৰ মাজত সেইবোৰ কাম কৰিলোঁ, যি আন কোনেও কৰা নাছিল। মই তেওঁলোকৰ মাজত এইবোৰ কাম নকৰা হʼলে তেওঁলোকৰ কোনো পাপ নহʼলহেঁতেন। কিন্তু এতিয়া তেওঁলোকে মোক দেখিছে আৰু মোক আৰু মোৰ পিতৃক ঘৃণা কৰিলে। ২৫ কিন্তু এইদৰে ঘটাৰ কাৰণ হৈছে নিয়মত লিখা এই কথা যেন পূৰ হয়, ‘কোনো কাৰণ নোহোৱাকৈ তেওঁলোকে মোক ঘৃণা কৰিলে।’ ২৬ মই মোৰ পিতৃৰ ওচৰৰ পৰা তোমালোকলৈ এক সহায়কৰ্তা পঠাম অৰ্থাৎ সত্যৰ পবিত্ৰ শক্তি, যি পিতৃৰ পৰা আহে। সেই সহায়কৰ্তাই মোৰ বিষয়ে সাক্ষ্য দিব। ২৭ তাৰ পাছত তোমালোকেও মোৰ বিষয়ে সাক্ষ্য দিব লাগিব, কাৰণ আৰম্ভণিৰে পৰা তোমালোক মোৰ লগত আছা।

১৬ মই তোমালোকক এইবোৰ কথা কোৱাৰ কাৰণ হৈছে যাতে তোমালোকে মোক এৰি নোযোৱা। ২ লোকসকলে তোমালোকক সভাঘৰৰ পৰা বাহিৰ কৰি দিব। ইয়াৰ উপৰিও, এনে সময় আহি আছে যেতিয়া সকলোৱে তোমালোকক হত্যা কৰিব, তেওঁলোকে ভাবিব যে তেওঁলোকে ঈশ্বৰৰ পবিত্ৰ সেৱা কৰিছে। ৩ কিন্তু তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এই কামবোৰ কৰিব। ৪ কিন্তু মই তোমালোকক এই সকলো কথা কʼলোঁ যাতে এইবোৰ যেতিয়া ঘটিব, তেতিয়া তোমালোকৰ মনত পৰিব যে মই তোমালোকক এই কথাবোৰ কৈছিলোঁ।

মই আগতে তোমালোকক এই কথাবোৰ কোৱা নাছিলোঁ, কাৰণ মই তোমালোকৰ লগত আছিলোঁ। ৫ কিন্তু এতিয়া মই মোক পঠোৱা জনৰ ওচৰলৈ গৈ আছোঁ, তথাপিও তোমালোকৰ মাজৰ কোনেও মোক সোধা নাই যে আপুনি কʼলৈ গৈ আছে? ৬ মই তোমালোকক এইবোৰ কথা কোৱাৰ কাৰণে তোমালোকৰ হৃদয় দুখেৰে ভৰি পৰিছে। ৭ তথাপিও মই তোমালোকক সঁচাকৈ কৈছোঁ, মই তোমালোকৰ ভালৰ কাৰণে গৈ আছোঁ। কাৰণ মই যদি নাযাওঁ, তেনেহʼলে সেই সহায়কৰ্তা কেতিয়াও তোমালোকৰ ওচৰলৈ নাহিব। কিন্তু মই যদি যাওঁ, তেনেহʼলে মই তেওঁক তোমালোকৰ ওচৰলৈ পঠাম। ৮ যেতিয়া সেই সহায়কৰ্তা আহিব, তেতিয়া স্পষ্টকৈ দেখুৱাব যে পাপ কি হয়, ভাল কাম কি হয় আৰু ন্যায় কি হয়। ৯ প্ৰথমতে তেওঁ জগতৰ পাপৰ বিষয়ে কʼব, কিয়নো তেওঁলোকে মোৰ ওপৰত বিশ্বাস কৰা নাই। ১০ তাৰ পাছত তেওঁ দেখুৱাব যে মই কৰা কামবোৰ ভাল হয়, কিয়নো মই পিতৃৰ ওচৰলৈ গৈ আছোঁ আৰু তোমালোকে মোক আকৌ দেখা নাপাবা। ১১ ইয়াৰ পাছত তেওঁ কʼব যে ঈশ্বৰে কাৰ ন্যায় কৰিব, কিয়নো এই জগতৰ ৰজাৰ ন্যায় কৰা হʼল।

১২ মই তোমালোকক আৰু বহুতো কথা কʼবলগীয়া আছে, কিন্তু এতিয়া তোমালোকে সেইবোৰ বুজিব নোৱাৰা। ১৩ কিন্তু তেওঁ* অৰ্থাৎ সত্যৰ পবিত্ৰ শক্তি যেতিয়া আহিব, তেতিয়া তেওঁ তোমালোকক সত্য ভালদৰে বুজিবলৈ সহায় কৰিব। কিয়নো তেওঁ নিজৰ ফালৰ পৰা নকʼব, ইয়াৰ পৰিৱৰ্তে যি কথা তেওঁ ঈশ্বৰৰ ফালৰ পৰা শুনে, সেইবোৰহে কʼব আৰু আহিবলগীয়া কথাৰ বিষয়ে তোমালোকক জনাব। ১৪ তেওঁ মোৰ মহিমা কৰিব, কিয়নো তেওঁ মোৰ পৰা যি শুনিলে, সেয়াই তোমালোকক কʼব। ১৫ যিবোৰ পিতৃৰ হয় সেই সকলো মোৰ হয়। সেইবাবে, মই কʼলোঁ যে সেই সহায়কৰ্তাই মোৰ পৰা যি শুনে, সেয়াই তোমালোকক কʼব। ১৬ এতিয়াৰ পৰা কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ পাবা।”

১৭ তেতিয়া তেওঁৰ কিছুমান শিষ্যই এজনে-আনজনক কʼবলৈ ধৰিলে, “এওঁ যি আমাক কৈ আছে, ইয়াৰ অৰ্থ কি: ‘এতিয়াৰ পৰা কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ পাবা’ আৰু ‘কিয়নো মই নিজৰ পিতৃৰ ওচৰলৈ গৈ আছোঁ’?” ১৮ সেইবাবে, তেওঁলোকে কʼবলৈ ধৰিলে, “এওঁ যি কৈ আছে ‘কিছু সময়ৰ পাছত,’ ইয়াৰ অৰ্থ কি? তেওঁ কি বিষয়ে কৈ আছে আমি নাজানোঁ।” ১৯ যীচুৱে জানিছিল যে তেওঁলোকে তেওঁক প্ৰশ্ন সুধিব বিচাৰিছে, সেইবাবে তেওঁ শিষ্যসকলক কʼলে, “তোমালোকে এজনে-আনজনক এয়া সুধি আছা নে যে মই এইদৰে কিয় কʼলোঁ: ‘কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ পাবা’? ২০ মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকে কান্দিবা আৰু শোক কৰিবা কিন্তু জগতে আনন্দ কৰিব। তোমালোকৰ দুখ লাগিব, কিন্তু তোমালোকৰ দুখ আনন্দলৈ সলনি হʼব। ২১ এগৰাকী তিৰোতাই যেতিয়া সন্তান জন্ম দিবলৈ হয়, তেতিয়া তেওঁ বহুত কষ্ট পায়, কিয়নো তেওঁৰ সময় আহি পৰে। কিন্তু যেতিয়া তেওঁ সন্তান জন্ম দিয়ে, তেতিয়া তেওঁ নিজৰ কষ্ট পাহৰি যায় আৰু নিজৰ সন্তানক দেখি আনন্দিত হয়। ২২ ঠিক সেইদৰে, তোমালোকেও এতিয়া দুখ কৰি আছা। কিন্তু যেতিয়া মই তোমালোকক আকৌ দেখা দিম, তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হʼব আৰু তোমালোকৰ সেই আনন্দ কোনেও কাঢ়ি নিব নোৱাৰিব। ২৩ সেই দিনা তোমালোকে মোক একো প্ৰশ্ন নকৰিবা। মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকে পিতৃক যিয়েই খোজা তেওঁ মোৰ নামেৰে তোমালোকক দিব। ২৪ এতিয়ালৈকে তোমালোকে মোৰ নামেৰে একোৱেই খোজা নাই। খোজা তেতিয়া তোমালোকে পাবা, এইদৰে তোমালোকৰ আনন্দ সম্পূৰ্ণ হʼব।

২৫ এইবোৰ কথা মই তোমালোকক উদাহৰণ দি কʼলোঁ। সেই সময় আহি আছে, যেতিয়া মই তোমালোকৰ লগত উদাহৰণ দি কথা নাপাতিম, কিন্তু পিতৃৰ বিষয়ে স্পষ্টকৈ কʼম। ২৬ সেই দিনা তোমালোকে মোৰ নামেৰে পিতৃক প্ৰাৰ্থনা কৰিবা। মই কোৱাৰ অৰ্থ এয়া নহয় যে মই তোমালোকৰ কাৰণে পিতৃক মিনতি কৰিম। ২৭ পিতৃয়ে নিজে তোমালোকক প্ৰেম কৰে, কিয়নো তোমালোকে মোক প্ৰেম কৰা আৰু মই পিতৃৰ ফালৰ পৰা আহিছোঁ বুলি তোমালোকে বিশ্বাস কৰিলা। ২৮ মই পিতৃৰ ফালৰ পৰা এই জগতলৈ আহিছোঁ। এতিয়া মই এই জগত এৰি পিতৃৰ ওচৰলৈ গৈ আছোঁ।”

২৯ তেওঁৰ শিষ্যসকলে কʼলে, “এতিয়া আপুনি আমাক স্পষ্টকৈ কৈ আছে আৰু উদাহৰণ দি কোৱা নাই। ৩০ এতিয়া আমি জানোঁ যে আপুনি সকলো কথা জানে আৰু কোনেও আপোনাক প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই। সেইবাবে, আপুনি ঈশ্বৰৰ ফালৰ পৰা হয় বুলি আমি বিশ্বাস কৰোঁ।” ৩১ যীচুৱে কʼলে, “তোমালোকে এতিয়া বিশ্বাস কৰা নে? ৩২ চোৱা! সেই সময় আহি আছে, আচলতে আহিয়েই পালে, যেতিয়া তোমালোক সকলোৱে ইফাল-সিফাল হৈ যাবা আৰু নিজৰ নিজৰ ঘৰলৈ গুচি যাবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা। তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে। ৩৩ মই তোমালোকক এইবোৰ কথা কোৱাৰ কাৰণ হৈছে যাতে তোমালোকে মোৰ যোগেদি শান্তি পোৱা। জগতত তোমালোকে কষ্ট ভুগিব লাগিব। কিন্তু ভয় নকৰিবা! মই এই জগতক জয় কৰিলোঁ।”

১৭ যীচুৱে এইবোৰ কথা কোৱাৰ পাছত স্বৰ্গৰ ফালে চাই কʼলে, “পিতৃ, সেই সময় আহি পৰিছে। নিজৰ পুত্ৰৰ মহিমা কৰা যাতে তোমাৰ পুত্ৰই তোমাৰ মহিমা কৰে। ২ তুমি তেওঁক সকলো মানুহৰ ওপৰত অধিকাৰ দিছা যাতে তুমি যিসকলক তেওঁক দিছা, সেই সকলোকে তেওঁ অনন্ত জীৱন দিব পাৰে। ৩ অনন্ত জীৱন পাবলৈ হʼলে তেওঁলোকে তোমাক অৰ্থাৎ একমাত্ৰ সত্য ঈশ্বৰক জানিব লাগিব আৰু তুমি যিজনক পঠাইছা, সেই যীচু খ্ৰীষ্টকো জানিব লাগিব।* ৪ তুমি দিয়া কাম পূৰ কৰি মই পৃথিৱীত তোমাৰ মহিমা কৰিলোঁ। ৫ এতিয়া হে পিতৃ, মোক তোমাৰ ওচৰত সেই মহিমা দিয়া, যি জগতৰ সৃষ্টি হোৱাৰ আগতেই তোমাৰ লগত থকাৰ সময়ত মই পাইছিলোঁ।

৬ তুমি এই জগতৰ মাজৰ পৰা যিসকলক মোক দিলা, সেই সকলৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ।* তেওঁলোক তোমাৰ আছিল আৰু তুমি তেওঁলোকক মোক দিলা আৰু তেওঁলোকে তোমাৰ বাক্য পালন কৰিলে। ৭ এতিয়া তেওঁলোকে গʼম পালে যে তুমি মোক যি যি দিছা, সেই সকলো তোমাৰ ফালৰ পৰা হয়। ৮ কিয়নো তুমি যি যি কথা মোক কৈছিলা, সেই সকলো মই তেওঁলোকক জনালোঁ। তেওঁলোকে এই কথাবোৰ গ্ৰহণ কৰিলে আৰু স্পষ্টকৈ জানিব পাৰিলে যে মই তোমাৰ ফালৰ পৰা আহিছোঁ আৰু তুমি মোক পঠাইছা বুলি তেওঁলোকে বিশ্বাস কৰিলে। ৯ মই তেওঁলোকৰ কাৰণে মিনতি কৰিছোঁ, মই জগতৰ কাৰণে মিনতি কৰা নাই। কিন্তু যিসকলক তুমি মোক দিলা, তেওঁলোকৰ কাৰণে কৰিছোঁ, কিয়নো তেওঁলোক তোমাৰ হয়। ১০ আৰু মোৰ সকলো তোমাৰ হয় আৰু যি তোমাৰ হয়, সেয়া মোৰ হয় আৰু তেওঁলোকৰ মাজত মোৰ মহিমা হৈছে।

১১ ইয়াৰ উপৰিও, এতিয়াৰ পৰা মই এই জগতত নাথাকিম, কিন্তু তেওঁলোকে এই জগততে থাকিব আৰু মই তোমাৰ ওচৰলৈ আহি আছোঁ। হে পবিত্ৰ পিতৃ, তুমি মোক যি নাম দিছা, তোমাৰ নিজৰ সেই নামৰ কাৰণে তেওঁলোকৰ চোৱা-চিতা কৰা যাতে আমি যেনেকৈ এক হওঁ,* তেনেকৈ তেওঁলোকেও এক হয়।* ১২ যেতিয়া মই তেওঁলোকৰ লগত আছিলোঁ, তেতিয়া মই তোমাৰ নামৰ কাৰণে তুমি যিসকলক মোক দিছা, তেওঁলোকৰ চোৱা-চিতা কৰিছিলোঁ। মই তেওঁলোকৰ ৰক্ষা কৰিলোঁ আৰু তেওঁলোকৰ মাজৰ এজনো বিনষ্ট নহʼল, কেৱল বিনাশৰ লʼৰা বিনষ্ট হʼল যাতে শাস্ত্ৰত লিখা কথা পূৰ হয়। ১৩ কিন্তু এতিয়া মই তোমাৰ ওচৰলৈ আহি আছোঁ আৰু এইবোৰ কথা মই জগতত থাকোঁতেই কৈছোঁ, কাৰণ যি আনন্দ মই পাইছোঁ, সেই আনন্দ তেওঁলোকেও যেন সম্পূৰ্ণৰূপে পায়। ১৪ মই তোমাৰ বাক্য তেওঁলোকক দিলোঁ, কিন্তু জগতে তেওঁলোকক ঘৃণা কৰিলে। কিয়নো মই যেনেকৈ জগতৰ নহওঁ, তেনেকৈ তেওঁলোকো জগতৰ নহয়।

১৫ মই তোমাক এই মিনতি কৰা নাই যে তুমি তেওঁলোকক জগতৰ পৰা উলিয়াই নিয়া, ইয়াৰ পৰিৱৰ্তে এই মিনতি কৰিছোঁ যে তুমি তেওঁলোকক চয়তানৰ* পৰা ৰক্ষা কৰা। ১৬ মই যেনেকৈ জগতৰ নহওঁ, তেনেকৈ তেওঁলোক জগতৰ নহয়। ১৭ সত্যৰে তেওঁলোকক পবিত্ৰ কৰা। তোমাৰ বাক্য সত্য। ১৮ তুমি যেনেকৈ মোক জগতলৈ পঠালা, তেনেকৈ ময়ো তেওঁলোকক জগতলৈ পঠালোঁ। ১৯ আৰু মই তেওঁলোকৰ কাৰণে নিজকে পবিত্ৰ কৰিছোঁ যাতে তেওঁলোকেও সত্যৰ যোগেদি পবিত্ৰ হয়।

২০ মই কেৱল এওঁলোকৰ কাৰণে মিনতি নকৰোঁ, কিন্তু এওঁলোকৰ কথা শুনি মোক বিশ্বাস কৰা সকলোৰে কাৰণে মিনতি কৰোঁ ২১ যাতে সেই সকলোৱে এক হʼব পাৰে। হে পিতৃ, যিদৰে তুমি মোৰ লগত একতাত আছা আৰু মই তোমাৰ লগত একতাত আছোঁ, ঠিক সেইদৰে তেওঁলোকেও যেন আমাৰ লগত একতাত থাকে যাতে তুমি মোক পঠাইছা বুলি জগতে বিশ্বাস কৰে। ২২ মই তেওঁলোকক সেই মহিমা দিলোঁ, যি তুমি মোক দিছিলা যাতে তেওঁলোকেও এক হয়, যিদৰে আমি এক হওঁ। ২৩ মই তেওঁলোকৰ লগত একতাত আছোঁ আৰু তুমি মোৰ লগত একতাত আছা যাতে তেওঁলোকে সম্পূৰ্ণৰূপে এক হয়, যাৰ যোগেদি জগতে জানিব পাৰে যে তুমি মোক পঠাইছা আৰু তুমি মোক যেনেকৈ প্ৰেম কৰা, তেনেকৈ তেওঁলোককো প্ৰেম কৰা। ২৪ হে পিতৃ, তুমি যিসকলক মোক দিছা, তেওঁলোকেও মোৰ লগত মই যʼত থাকিম, তাত থকাটো বিচাৰোঁ আৰু তুমি মোক যি মহিমা দিছা, সেই মহিমা যেন তেওঁলোকে চাবলৈ পায়, কাৰণ জগত সৃষ্টি হোৱাৰ আগৰে পৰা তুমি মোক প্ৰেম কৰিলা। ২৫ হে ন্যায়ৱান পিতৃ, জগতে সঁচাকৈ তোমাক নাজানিলে, কিন্তু মই তোমাক জানিলোঁ আৰু তুমি মোক পঠাইছা বুলি এওঁলোকেও জানিলে। ২৬ মই তোমাৰ নাম তেওঁলোকক জনালোঁ আৰু আগলৈও জনাম যাতে যি প্ৰেম তুমি মোক কৰিলা, সেই প্ৰেম যেন তেওঁলোকৰ মাজতো থাকে আৰু মই তেওঁলোকৰ লগত একতাত থাকিম।”

১৮ এইবোৰ কথা কোৱাৰ পাছত যীচুৱে নিজৰ শিষ্যসকলৰ লগত কিদ্ৰোণ উপত্যকা* পাৰ হৈ সেই ঠাইলৈ গʼল, যʼত এখন বাগিচা আছিল। তেওঁ আৰু তেওঁৰ শিষ্যসকলে বাগিচাৰ ভিতৰলৈ গʼল। ২ যীচুৰ লগত বিশ্বাসঘাত কৰিবলগীয়া যিহূদাও এই ঠাইৰ বিষয়ে জানিছিল, কিয়নো যীচুৱে নিজৰ শিষ্যসকলৰ লগত প্ৰায়েই সেই ঠাইলৈ গৈছিল। ৩ সেইবাবে, যিহূদাই নিজৰ লগত সৈনিকসকলৰ দল, প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকক পহৰা দিয়া লোকসকলক তালৈ লৈ আহিল। তেওঁলোকে হাতত জোঁৰ, চাকি আৰু অস্ত্ৰ-শস্ত্ৰ লৈ আছিল। ৪ যীচুৱে জানিছিল যে তেওঁৰ লগত কি কি হʼবলগীয়া আছে, সেইবাবে তেওঁ আগবাঢ়ি আহি তেওঁলোকক কʼলে, “তোমালোকে কাক বিচাৰি আছা?” ৫ তেওঁলোকে কʼলে, “নাচৰতীয়া যীচুক।” যীচুৱে তেওঁলোকক কʼলে, “মই সেইজনেই হওঁ।” তেওঁৰ লগত বিশ্বাসঘাত কৰিবলগীয়া যিহূদাও তেওঁলোকৰ লগত থিয় হৈ আছিল।

৬ যীচুৱে যেতিয়া কʼলে, “মই সেইজনেই হওঁ,” তেতিয়া তেওঁলোকে পিছফালে আঁতৰি মাটিত পৰি গʼল। ৭ সেইবাবে, যীচুৱে তেওঁলোকক আকৌ সুধিলে, “তোমালোকে কাক বিচাৰি আছা?” তেওঁলোকে কʼলে, “নাচৰতীয়া যীচুক।” ৮ যীচুৱে কʼলে, “মই তোমালোকক কʼলোঁ যে মই সেইজনেই হওঁ। যদি তোমালোকে মোক বিচাৰি আছা, তেনেহʼলে এওঁলোকক যাবলৈ দিয়া।” ৯ এইদৰে হোৱাৰ কাৰণ হৈছে যাতে তেওঁৰ এই কথাবোৰ পূৰ হয়, “যিসকলক তুমি মোক দিলা, তেওঁলোকৰ মাজৰ এজনকো মই হেৰুৱা নাই।”

১০ চিমোন পিতৰৰ ওচৰত এখন তৰোৱাল আছিল। তেওঁ তৰোৱালখন উলিয়াই মহা-পুৰোহিতৰ দাসজনক আঘাত কৰি, তেওঁৰ সোঁ কাণখন কাটি পেলালে। সেই দাসজনৰ নাম মল্ক আছিল। ১১ কিন্তু যীচুৱে পিতৰক কʼলে, “তৰোৱালখন খাপত ভৰাই থোৱা। পিতৃয়ে যি পাত্ৰ মোক দিলে, সেয়া খোৱাটো মই উচিত নহয় নে?”

১২ তেতিয়া সেনাপতি আৰু সৈনিকসকলে আৰু যিহূদীসকলে পঠোৱা পহৰা দিয়া লোকসকলে যীচুক ধৰিলে* আৰু তেওঁক বান্ধিলে। ১৩ তেওঁলোকে যীচুক প্ৰথমে হাননৰ ওচৰলৈ লৈ গʼল, কিয়নো তেওঁ কায়াফাৰ শহুৰেক আছিল আৰু কায়াফা সেই বছৰৰ মহা-পুৰোহিত আছিল। ১৪ আচলতে কায়াফাই যিহূদীসকলক পৰামৰ্শ দিছিল যে এজন মানুহ সকলোৰে কাৰণে মৰিলে তেওঁলোকৰেই লাভ হʼব।

১৫ চিমোন পিতৰ আৰু এজন শিষ্যই যীচুৰ পিছে পিছে গʼল। এই শিষ্যজন মহা-পুৰোহিতৰ চিনাকী আছিল আৰু তেওঁ যীচুৰ লগত মহা-পুৰোহিতৰ চোতাললৈ গʼল। ১৬ কিন্তু পিতৰে বাহিৰৰ দুৱাৰত* থিয় হৈ আছিল। সেইবাবে, আন শিষ্যজন যি মহা-পুৰোহিতৰ চিনাকী আছিল, তেওঁ বাহিৰলৈ গʼল আৰু দুৱাৰ ৰখীয়াৰ লগত কথা পাতিলে। তাৰ পাছত তেওঁ পিতৰক ভিতৰলৈ লৈ আহিলে। ১৭ তেতিয়া সেই দুৱাৰ ৰখীয়া চাকৰণীজনীয়ে পিতৰক কʼলে, “তুমিও সেই মানুহজনৰ শিষ্য নোহোৱা নে?” তেওঁ কʼলে, “নহয়, মই নহওঁ।” ১৮ তাত দাস আৰু পহৰা দিয়া লোকসকল থিয় হৈ আছিল আৰু ঠাণ্ডাৰ কাৰণে জুই পুৱাই আছিল। পিতৰেও তেওঁলোকৰ লগত থিয় হৈ জুই পুৱাই আছিল।

১৯ তেতিয়া প্ৰধান পুৰোহিতে যীচুক তেওঁৰ শিষ্যসকলৰ বিষয়ে আৰু তেওঁৰ শিক্ষাৰ বিষয়ে কিছুমান প্ৰশ্ন কৰিলে। ২০ যীচুৱে উত্তৰ দিলে, “মই গোটেই জগতৰ আগত মুকলিকৈ কʼলোঁ। মই সদায় সভাঘৰত আৰু মন্দিৰত শিকাইছিলোঁ, যʼত সকলো যিহূদী একগোট হয় আৰু মই লুকাই একোৱেই কোৱা নাই। ২১ তেনেহʼলে আপুনি মোক কিয় সুধিছে? যিসকলে মোৰ কথা শুনিছিল, তেওঁলোকক সোধক যে মই তেওঁলোকক কি কি কৈছিলোঁ। চাওক! এওঁলোকে জানে যে মই কি কৈছিলোঁ।” ২২ যেতিয়া যীচুৱে এইদৰে কʼলে, তেতিয়া তাত থিয় হৈ থকা পহৰা দিয়া লোকসকলৰ মাজৰ এজনে যীচুৰ গালত চৰ মাৰিলে আৰু কʼলে, “প্ৰধান পুৰোহিতৰ লগত এইদৰে কথা পাতে নেকি?” ২৩ যীচুৱে উত্তৰ দিলে, “মই কিবা ভুল কৰিলোঁ যদি মোক কোৱা। কিন্তু মই যদি ঠিকেই কʼলোঁ, তেনেহʼলে তুমি মোক কিয় মাৰিলা?” ২৪ তেতিয়া হাননে বান্ধি থোৱা যীচুক মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ পঠাই দিলে।

২৫ চিমোন পিতৰে তাত থিয় হৈ জুই পুৱাই আছিল। তেতিয়া লোকসকলে তেওঁক কʼলে, “তুমিও তেওঁৰ শিষ্য নোহোৱা নে?” তেওঁ অস্বীকাৰ কৰি কʼলে, “নহয়, মই নহওঁ।” ২৬ তাত মহা-পুৰোহিতৰ এজন দাসো থিয় হৈ আছিল, যি সেই মানুহজনৰ সম্বন্ধীয় আছিল, যাৰ কাণ পিতৰে কাটি দিছিল। সেই দাসজনে কʼলে, “মই তোমাক তেওঁৰ লগত বাগিচাত দেখা নাছিলোঁ নে?” ২৭ কিন্তু পিতৰে আকৌ অস্বীকাৰ কৰিলে আৰু সেই সময়তেই এটা কুকুৰাই ডাক দিলে।

২৮ তেতিয়া তেওঁলোকে যীচুক কায়াফাৰ তাৰ পৰা ৰাজ্যপালৰ ঘৰলৈ লৈ গʼল। এয়া ৰাতিপুৱাৰ সময় আছিল। কিন্তু তেওঁলোকে নিজে ৰাজ্যপালৰ ঘৰৰ ভিতৰলৈ নগʼল যাতে তেওঁলোকে অশুচি নহয় আৰু নিস্তাৰ-পৰ্বৰ ভোজ যেন খাব পাৰে। ২৯ সেইবাবে, পীলাতে বাহিৰলৈ তেওঁলোকৰ ওচৰলৈ আহিলে আৰু কʼলে, “এই মানুহজনে কি ভুল কৰাৰ কাৰণে তোমালোকে মোৰ ওচৰলৈ লৈ আহিলা?” ৩০ তেওঁলোকে কʼলে, “ই অপৰাধী নোহোৱা হʼলে, আমি ইয়াক আপোনাৰ হাতত গতাই নিদিলোঁহেঁতেন।” ৩১ তেতিয়া পীলাতে তেওঁলোকক কʼলে, “তোমালোকেই ইয়াক লৈ যোৱা আৰু নিজৰ নিয়মৰ অনুসৰি ইয়াৰ ন্যায় কৰা।” যিহূদীসকলে তেওঁক কʼলে, “নিয়মৰ অনুসৰি কাৰোবাক হত্যা কৰাৰ আমাৰ অধিকাৰ নাই।” ৩২ যীচুৱে যি কৈছিল, সেয়া পূৰ হʼবলৈ এইদৰে হʼল, যীচুৱে আগতেই কৈছিল যে তেওঁৰ মৃত্যু কিদৰে হʼব।

৩৩ তেতিয়া পীলাতে আকৌ নিজৰ ঘৰলৈ গʼল আৰু যীচুক মাতি সুধিলে, “তুমি যিহূদীসকলৰ ৰজা নে?” ৩৪ যীচুৱে উত্তৰ দিলে, “আপুনি এই কথাবোৰ নিজৰ ফালৰ পৰা কৈছে, নে আনে মোৰ বিষয়ে আপোনাক কʼলে?” ৩৫ পীলাতে উত্তৰ দিলে, “মই জানো যিহূদী? তোমাৰ নিজৰ লোক আৰু প্ৰধান পুৰোহিতসকলে তোমাক মোৰ হাতত গতাই দিছে। কোৱা তুমি কি কৰিলা?” ৩৬ যীচুৱে উত্তৰ দিলে, “মোৰ ৰাজ্য এই জগতৰ নহয়। মোৰ ৰাজ্য এই জগতৰ হোৱা হʼলে মোক যিহূদীসকলৰ হাতত গতাই নিদিবলৈ মোৰ সেৱকসকলে যুঁজিলেহেঁতেন। কিন্তু আচলতে মোৰ ৰাজ্য এই জগতৰ নহয়।” ৩৭ পীলাতে তেওঁক কʼলে, “তেনেহʼলে তুমি এজন ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই এজন ৰজা বুলি আপুনি নিজেই কৈছে। মই সত্যৰ সাক্ষ্য দিবলৈ জন্ম হৈছোঁ আৰু এই জগতলৈ আহিছোঁ। যি কোনোৱে সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ মাত শুনে।” ৩৮ পীলাতে তেওঁক কʼলে, “সত্য কি হয়?”

এয়া কোৱাৰ পাছত পীলাতে আকৌ বাহিৰলৈ যিহূদীসকলৰ ওচৰলৈ গʼল আৰু তেওঁলোকক কʼলে, “মই সেই মানুহজনৰ কোনো দোষ বিচাৰি পোৱা নাই। ৩৯ তোমালোকৰ পৰম্পৰাৰ অনুসৰি মই নিস্তাৰ-পৰ্বৰ সময়ত এজন কয়দীক মুকলি কৰা উচিত। মই তোমালোকৰ কাৰণে যিহূদীসকলৰ এই ৰজাক মুকলি কৰাটো তোমালোকে বিচাৰা নে?” ৪০ তেতিয়া তেওঁলোকে আকৌ চিঞৰি কʼলে, “এই মানুহজনক নহয়, কিন্তু বাৰাব্বাক মুকলি কৰি দিয়ক!” আচলতে বাৰাব্বা এজন ডকাইত আছিল।

১৯ তেতিয়া পীলাতে যীচুক লৈ গʼল আৰু চাবুকেৰে কোবাবলৈ আদেশ দিলে। ২ সৈনিকসকলে কাঁইটেৰে কিৰীটি সাজি তেওঁৰ মূৰত দিলে আৰু তেওঁক এখন বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধালে। ৩ তেওঁলোকে যীচুৰ ওচৰলৈ আহি কʼবলৈ ধৰিলে, “হে যিহূদীসকলৰ ৰজা, প্ৰণাম!”* আৰু তেওঁক চৰ মাৰিবলৈ ধৰিলে। ৪ পীলাতে আকৌ এবাৰ বাহিৰলৈ আহি লোকসকলক কʼলে, “চোৱা! মই তেওঁক বাহিৰলৈ আনিছোঁ যাতে তোমালোকে জানিব পাৰা যে মই তেওঁৰ কোনো দোষ বিচাৰি নাপালোঁ।” ৫ তেতিয়া যীচুৱে কাঁইটৰ কিৰীটি আৰু বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধি বাহিৰলৈ আহিলে। আৰু পীলাতে লোকসকলক কʼলে, “চোৱা এই মানুহজনক।” ৬ কিন্তু প্ৰধান পুৰোহিত আৰু পহৰা দিয়া লোকসকলে যেতিয়া যীচুক দেখিলে, তেতিয়া তেওঁলোকে চিঞৰিবলৈ ধৰিলে, “ইয়াক কাঠত আঁৰি দিয়ক! কাঠত আঁৰি দিয়ক!” পীলাতে তেওঁলোকক কʼলে, “তোমালোকে নিজেই ইয়াক লৈ কাঠত আঁৰি দিয়া, কিয়নো মই এই মানুহজনৰ কোনো দোষ বিচাৰি নাপালোঁ।” ৭ যিহূদীসকলে কʼলে, “আমাৰ এটা নিয়ম আছে আৰু সেই নিয়মৰ অনুসৰি ই মৃত্যুৰ শাস্তি পোৱাৰ যোগ্য, কিয়নো ই নিজকে ঈশ্বৰৰ পুত্ৰ বুলি কৈছে।”

৮ যেতিয়া পীলাতে এই কথা শুনিলে, তেতিয়া তেওঁ আৰু বেছিকৈ ভয় খালে। ৯ তেওঁ আকৌ ঘৰৰ ভিতৰলৈ গʼল আৰু যীচুক সুধিলে, “তুমি কʼৰ হোৱা?” কিন্তু যীচুৱে একো উত্তৰ নিদিলে। ১০ পীলাতে তেওঁক কʼলে, “তুমি মোক উত্তৰ নিদিয়া নে? তোমাক এৰি দিবলৈ আৰু তোমাক হত্যা কৰিবলৈও* মোৰ অধিকাৰ আছে বুলি তুমি নাজানা নে?” ১১ যীচুৱে তেওঁক উত্তৰ দিলে, “এই অধিকাৰ আপোনাক ওপৰৰ পৰা নিদিয়া হʼলে মোৰ ওপৰত আপোনাৰ কোনো অধিকাৰ নাথাকিলেহেঁতেন। সেইবাবে, যিজন ব্যক্তিয়ে মোক আপোনাৰ হাতত গতাই দিলে, তেওঁ ডাঙৰ পাপ কৰিছে।”

১২ সেইবাবে, পীলাতে যিকোনো উপায়েৰে তেওঁক এৰি দিবলৈ চেষ্টা কৰি থাকিল। কিন্তু যিহূদীসকলে চিঞৰি চিঞৰি কʼলে, “যদি আপুনি এই মানুহজনক এৰি দিয়ে, তেনেহʼলে আপুনি সম্ৰাটৰ* বন্ধু নহয়। যি কোনোৱে নিজকে নিজে ৰজা পাতে, তেওঁ সম্ৰাটৰ বিৰুদ্ধে কয়।”* ১৩ এই কথা শুনাৰ পাছত পীলাতে যীচুক বাহিৰলৈ লৈ আহিলে। তাৰ পাছত তেওঁ শিলপতা নামৰ এখন ঠাইৰ ন্যায়ৰ আসনত বহিলে, যাক হিব্ৰু ভাষাত গব্বথা বুলি কোৱা হয়। ১৪ এয়া নিস্তাৰ-পৰ্বৰ আয়োজনৰ দিন আছিল আৰু দিনৰ প্ৰায় ছয় ঘণ্টা* আছিল। পীলাতে যিহূদীসকলক কʼলে, “চোৱা! তোমালোকৰ ৰজা!” ১৫ কিন্তু তেওঁলোকে চিঞৰিলে, “ইয়াক মাৰি পেলাওক! মাৰি পেলাওক! ইয়াক কাঠত আঁৰি দিয়ক!” পীলাতে তেওঁলোকক কʼলে, “মই তোমালোকৰ ৰজাক কাঠত আঁৰি দিম নে?” প্ৰধান পুৰোহিতসকলে কʼলে, “সম্ৰাটৰ বাহিৰে আমাৰ কোনো ৰজা নাই।” ১৬ তেতিয়া তেওঁ যীচুক কাঠত আঁৰি হত্যা কৰিবলৈ তেওঁলোকক গতাই দিলে।

আৰু সৈনিকসকলে যীচুক লৈ গʼল। ১৭ যীচুৱে নিজৰ যাতনাৰ কাঠ* উঠাই সেই ঠাইলৈ গʼল, যাক মূৰৰ লাওখোলা বুলি কোৱা হয়। হিব্ৰু ভাষাত সেই ঠাইক গলগথা বুলি কোৱা হয়। ১৮ তাত তেওঁলোকে দুজন মানুহৰ মাজত যীচুক কাঠত গজাল মাৰি দিলে। এজন তেওঁৰ বাওঁফালে আৰু আনজন তেওঁৰ সোঁফালে আছিল আৰু যীচু তেওঁলোকৰ মাজত আছিল। ১৯ পীলাতে যাতনাৰ কাঠৰ ওপৰত এই কথা লিখালে: “নাচৰতীয়া যীচু, যিহূদীসকলৰ ৰজা।” ২০ এয়া বহুতো যিহূদীয়ে পঢ়িছিল, কিয়নো যি ঠাইত যীচুক কাঠত গজাল মাৰি দিয়া হৈছিল, সেই ঠাই চহৰৰ ওচৰতে আছিল। আৰু এয়া হিব্ৰু, লেটিন আৰু গ্ৰীক ভাষাত লিখা হৈছিল। ২১ কিন্তু যিহূদীবিলাকৰ প্ৰধান পুৰোহিতসকলে পীলাতক কʼলে, “‘যিহূদীবিলাকৰ ৰজা’ বুলি নিলিখিব, কিন্তু এয়া লিখক যে তেওঁ কʼলে, ‘মই যিহূদীসকলৰ ৰজা হওঁ।’” ২২ কিন্তু পীলাতে উত্তৰ দিলে, “মই যি লিখিলোঁ, লিখিলোঁ আৰু।”

২৩ যেতিয়া সৈনিকসকলে যীচুক কাঠত গজাল মাৰি দিলে, তেতিয়া তেওঁলোকে যীচুৰ কাপোৰখন লʼলে আৰু তাৰ চাৰিভাগ কৰি তেওঁলোকে নিজৰ মাজতে ভগাই লʼলে। প্ৰতিজন সৈনিকে এডোখৰকৈ লʼলে। তাৰ পাছত তেওঁলোকে চোলাও লʼলে। কিন্তু চোলাটোত কোনো চিলাই নাছিল, ইয়াৰ পৰিৱৰ্তে ওপৰৰ পৰা তললৈকে বোৱা আছিল। ২৪ সেইবাবে, তেওঁলোকে এজনে-আনজনক কʼলে, “আমি ইয়াক নাফালিম, ইয়াৰ পৰিৱৰ্তে চিঠি খেলি আমি নিৰ্ণয় লʼম যে এয়া কাৰ হʼব।” এইদৰে হোৱাৰ কাৰণ হৈছে যে শাস্ত্ৰত লিখা এই কথা পূৰ হয়, “তেওঁলোকে মোৰ কাপোৰ নিজৰ মাজত ভগাই লয় আৰু মোৰ চোলাৰ কাৰণে চিঠি খেলে।” আৰু সৈনিকসকলে সঁচাকৈ এইদৰে কৰিলে।

২৫ যীচুৰ যাতনাৰ কাঠৰ ওচৰত তেওঁৰ মা, তেওঁৰ মাহী, ক্লোপাৰ পত্নী মৰিয়ম আৰু মৰিয়ম মগ্দলীনী থিয় হৈ আছিল। ২৬ যিজন শিষ্যক তেওঁ বহুত প্ৰেম কৰিছিল, সেইজন শিষ্যৰ ওচৰত যেতিয়া নিজৰ মাক থিয় হৈ থকা তেওঁ দেখিলে, তেতিয়া তেওঁ মাকক কʼলে, “চোৱা! তোমাৰ লʼৰা!” ২৭ ইয়াৰ পাছত যীচুৱে সেই শিষ্যজনক কʼলে, “চোৱা! তোমাৰ মা!” সেই দিনাই সেই শিষ্যজনে মৰিয়মক নিজৰ ঘৰলৈ লৈ গʼল যাতে তেওঁ তেওঁৰ লগতে থাকে।

২৮ ইয়াৰ পাছত যীচুৱে যেতিয়া সকলোবোৰ সম্পূৰ্ণ হʼল বুলি গʼম পালে, তেতিয়া শাস্ত্ৰত লিখা কথা পূৰ হʼবলৈ তেওঁ এইদৰে কʼলে, “মোৰ পিয়াহ লাগিছে।” ২৯ তাত টেঙা দ্ৰাক্ষাৰসেৰে ভৰা এটা পাত্ৰ ৰখা হৈছিল। সেইবাবে, তেওঁলোকে টেঙা দ্ৰাক্ষাৰসত স্পঞ্জৰ টুকুৰা তিয়াই লʼলে আৰু সেয়া এচোব* এডালত লগাই তেওঁৰ মুখত দিলে। ৩০ যীচুৱে সেই টেঙা দ্ৰাক্ষাৰস খোৱাৰ পাছত কʼলে, “পূৰ হʼল।” আৰু তেওঁ মূৰ দোৱাই প্ৰাণ ত্যাগ কৰিলে।

৩১ এয়া আয়োজনৰ দিন আছিল আৰু বিশ্ৰাম-বাৰে* যাতনাৰ কাঠত মৃতদেহ উলমি থকাটো যিহূদীসকলে বিচৰা নাছিল (কিয়নো এয়া ডাঙৰ বিশ্ৰাম-বাৰ আছিল)। সেইবাবে, কাঠত আঁৰি দিয়া মানুহবিলাকৰ ভৰি ভাঙিবলৈ আৰু তেওঁলোকৰ মৃতদেহ নমাবলৈ যিহূদীসকলে পীলাতক অনুৰোধ কৰিছিল। ৩২ সেইবাবে, সৈনিকসকলে আহি যীচুৰ কাষত কাঠত আঁৰি দিয়া প্ৰথমজন অপৰাধীৰ ভৰি ভাঙি দিলে আৰু তাৰ পাছত দ্বিতীয়জনৰো ভৰি ভাঙি দিলে। ৩৩ কিন্তু তেওঁলোকে যেতিয়া যীচুৰ ওচৰলৈ আহিলে, তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি তেওঁলোকে যীচুৰ ভৰি নাভাঙিলে। ৩৪ তথাপি সৈনিকসকলৰ মাজৰ এজনে নিজৰ বৰছাৰে তেওঁৰ কামিহাড়ৰ মাজত খুঁচিলে আৰু লগে লগে তেজ আৰু পানী বৈ আহিল। ৩৫ যিজনে এই সকলোবোৰ নিজ চকুৰে দেখিছিল, তেওঁ ইয়াৰ সাক্ষ্য দিলে আৰু তেওঁৰ সাক্ষ্য সত্য। তেওঁ জানে যে তেওঁ যি কৈছে, সেই সকলো সত্য আৰু তোমালোকে যেন বিশ্বাস কৰা, সেইবাবে তেওঁ এই সকলোবোৰ কৈছে। ৩৬ আচলতে এই সকলোবোৰ হোৱাৰ কাৰণ হৈছে যাতে শাস্ত্ৰত লিখা এই কথা পূৰ হয়: “তেওঁৰ এডালো হাড় ভঙা নহʼব।” ৩৭ শাস্ত্ৰত আৰু এঠাইত লিখা আছে: “যিজনক তেওঁলোকে খুঁচিলে, তেওঁলোকে তেওঁক দেখিব।”

৩৮ ইয়াৰ পাছত অৰিমাথিয়াৰ যোচেফে পীলাতক অনুৰোধ কৰিলে যে তেওঁ যীচুৰ মৃতদেহ নিব বিচাৰিছে। যোচেফ, যীচুৰ এজন শিষ্য আছিল, কিন্তু যিহূদীসকলৰ ভয়ৰ কাৰণে তেওঁ এই কথা লুকুৱাই ৰাখিছিল। পীলাতে তেওঁক যীচুৰ মৃতদেহ লৈ যাবলৈ অনুমতি দিলে। সেইবাবে, যোচেফে গৈ তাৰ পৰা মৃতদেহ লৈ গʼল। ৩৯ সেই নীকদীমো আহিছিল, যিজন প্ৰথমবাৰ যীচুৰ ওচৰত ৰাতিৰ সময়ত আহিছিল, তেওঁ প্ৰায় ৩০ কিলো* গন্ধৰস আৰু অগুৰু মিশ্ৰণ লৈ আনিছিল। ৪০ তেতিয়া তেওঁলোকে যীচুৰ মৃতদেহ লʼলে আৰু যিহূদীসকলৰ কবৰ দিয়া ৰীতিৰ অনুসৰি সেই সুগন্ধি দ্ৰব্যেৰে সৈতে মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰেৰে মৃতদেহটো মেৰিয়ালে। ৪১ যি ঠাইত তেওঁক কাঠত আঁৰি দিয়া হৈছিল, সেই ঠাইতে এখন বাগিচা আছিল আৰু তাত এটা নতুন কবৰ* আছিল, যʼত এতিয়ালৈকে কোনো মৃতদেহ থোৱা নাছিল। ৪২ তেওঁলোকে যীচুক সেই কবৰতে থʼলে, কিয়নো সেই দিনা যিহূদীসকলৰ উৎসৱৰ আয়োজনৰ দিন আছিল আৰু সেই কবৰো ওচৰতে আছিল।

২০ সপ্তাহৰ প্ৰথম দিনা ৰাতিপুৱাৰ সময়ত যেতিয়া আন্ধাৰেই আছিল, মৰিয়ম মগ্দলীনী কবৰলৈ* আহিল। তেওঁ দেখিলে যে কবৰৰ পৰা শিলচটা আগৰে পৰা আঁতৰাই থোৱা আছে। ২ তেতিয়া তেওঁ চিমোন পিতৰ আৰু সেই শিষ্যজনৰ ওচৰলৈ দৌৰি দৌৰি গʼল, যিজনক যীচুৱে বহুত প্ৰেম কৰিছিল আৰু তেওঁলোকক কʼলে, “তেওঁলোকে প্ৰভুক কবৰৰ পৰা উলিয়াই লৈ গʼল আৰু আমি নাজানোঁ যে তেওঁলোকে তেওঁক কʼত থৈছে।”

৩ তেতিয়া পিতৰ আৰু সেই শিষ্যজন কবৰৰ ফালে গʼল। ৪ তেওঁলোক দুয়োজনে লগে লগে দৌৰিবলৈ ধৰিলে, কিন্তু আনজন শিষ্যই পিতৰতকৈ বেগেৰে দৌৰি প্ৰথমে কবৰৰ ওচৰ পালেগৈ। ৫ তেওঁ যেতিয়া কবৰত জুমি চালে, তেতিয়া তেওঁ মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰ দেখা পালে, কিন্তু তেওঁ ভিতৰলৈ নগʼল। ৬ তেতিয়া চিমোন পিতৰো তেওঁৰ পিছে পিছে আহি পালেহি আৰু কবৰৰ ভিতৰলৈ গʼল। তেওঁ তাত মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰ পৰি থকা দেখিলে। ৭ তেওঁ দেখিলে যে যি কাপোৰ যীচুৰ মূৰত আছিল, সেয়া আন কাপোৰৰ সৈতে নাছিল, ইয়াৰ পৰিৱৰ্তে বেলেগ ফালে মেৰিয়াই থোৱা আছিল। ৮ ইয়াৰ পাছত যিজন শিষ্য কবৰলৈ প্ৰথমে গৈছিল, তেওঁ ভিতৰলৈ সোমাই সকলো দেখি বিশ্বাস কৰিলে। ৯ মৃতবিলাকৰ মাজৰ পৰা তেওঁ আকৌ জীয়াই উঠিব লাগিব বুলি শাস্ত্ৰৰ এই কথা তেওঁলোকে এতিয়ালৈকে বুজি পোৱা নাছিল। ১০ সেইবাবে, তেওঁলোকে নিজৰ ঘৰলৈ উভতি গʼল।

১১ কিন্তু মৰিয়মে কবৰৰ বাহিৰত থিয় হৈ কান্দি আছিল। যেতিয়া তেওঁ কান্দি কান্দি কবৰৰ ভিতৰলৈ জুমি চালে, ১২ তেতিয়া বগা কাপোৰ পিন্ধা দুজন স্বৰ্গদূতক দেখা পালে। এজন যীচুৰ মূৰ থকা ঠাইত আৰু আনজন যীচুৰ ভৰি থকা ঠাইত বহি আছিল। ১৩ তেওঁলোকে মৰিয়মক কʼলে, “তুমি কিয় কান্দি আছা?” মৰিয়মে তেওঁলোকক কʼলে, “তেওঁলোকে মোৰ প্ৰভুক লৈ গʼল আৰু মই নাজানোঁ যে তেওঁলোকে তেওঁক কʼত থৈছে।” ১৪ এয়া কোৱাৰ পাছত যেতিয়া তেওঁ পিছফালে ঘূৰি চালে, তেতিয়া যীচুক তাত থিয় হৈ থকা দেখিলে, কিন্তু তেওঁ যীচুক চিনি নাপালে। ১৫ যীচুৱে তেওঁক কʼলে, “তুমি কিয় কান্দিছা? তুমি কাক বিচাৰি আছা?” মৰিয়মে তেওঁক মালী বুলি ভাবি কʼলে, “ভাই, যদি তুমি তেওঁক উঠাই লৈ গৈছা, তেনেহʼলে মোক কোৱা যে তুমি তেওঁক কʼত থৈছা আৰু মই তেওঁক লৈ যাম।” ১৬ যীচুৱে তেওঁক কʼলে, “মৰিয়ম!” তেতিয়া মৰিয়মে পিছফালে ঘূৰি হিব্ৰু ভাষাত কʼলে, “ৰব্বূণি।” (যাৰ অৰ্থ হৈছে, “গুৰু!”) ১৭ যীচুৱে তেওঁক কʼলে, “মোক ধৰি নাথাকিবা, কিয়নো মই এতিয়ালৈকে পিতৃৰ ওচৰলৈ যোৱা নাই। কিন্তু গৈ মোৰ ভাইবিলাকক কোৱা, ‘মই নিজৰ পিতৃ আৰু তোমালোকৰ পিতৃ আৰু নিজৰ ঈশ্বৰ আৰু তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ গৈ আছোঁ।’” ১৮ মৰিয়ম মগ্দলীনী শিষ্যসকলৰ ওচৰলৈ গʼল আৰু তেওঁলোকক কʼলে, “মই প্ৰভুক দেখিলোঁ!” আৰু যীচুৱে তেওঁক কি কি কʼলে, সেয়া তেওঁলোকক জনালে।

১৯ সেই দিনাই অৰ্থাৎ সপ্তাহৰ প্ৰথম দিনা গধূলিৰ সময়ত যিহূদীসকলৰ ভয়ত শিষ্যসকলে দুৱাৰ বন্ধ কৰি ঘৰৰ ভিতৰতে আছিল। কিন্তু দুৱাৰ বন্ধ থকাৰ সত্ত্বেও যীচুৱে তেওঁলোকৰ মাজত থিয় হʼল আৰু তেওঁলোকক কʼলে, “তোমালোকৰ শান্তি হওক।” ২০ এয়া কোৱাৰ পাছত যীচুৱে তেওঁলোকক নিজৰ হাত আৰু কামিহাড় দেখুৱালে। তেতিয়া শিষ্যসকলে প্ৰভুক দেখি বহুত আনন্দিত হʼল। ২১ যীচুৱে আকৌ এবাৰ তেওঁলোকক কʼলে, “তোমালোকৰ শান্তি হওক। যিদৰে পিতৃয়ে মোক পঠাইছে, ময়ো তোমালোকক পঠাইছোঁ।” ২২ এয়া কোৱাৰ পাছত যীচুৱে তেওঁলোকলৈ ফু মাৰি কʼলে, “ঈশ্বৰৰ পবিত্ৰ শক্তি গ্ৰহণ কৰা। ২৩ যদি তুমি কাৰোবাৰ পাপ ক্ষমা কৰা, তেনেহʼলে তেওঁক ক্ষমা কৰা হʼব। তোমালোকে যিজনৰ পাপ ক্ষমা নকৰা, তেওঁৰ পাপ ক্ষমা কৰা নহʼব।”

২৪ আৰু যেতিয়া যীচু আহিছিল, তেতিয়া থোমা, যিজন সেই ১২ জনৰ মাজৰ এজন আছিল আৰু যাক যঁজা বুলি কোৱা হৈছিল, তেওঁ শিষ্যসকলৰ লগত নাছিল। ২৫ সেইবাবে, আন শিষ্যসকলে তেওঁক কʼলে, “আমি প্ৰভুক দেখিলোঁ!” কিন্তু থোমাই তেওঁলোকক কʼলে, “যেতিয়ালৈকে মই তেওঁৰ হাতত গজালৰ চিন নেদেখোঁ আৰু তাত নিজৰ আঙুলি সোমোৱাই নাচাওঁ আৰু তেওঁৰ কামিহাড়ৰ মাজত নিজৰ হাত সোমোৱাই নাচাওঁ, তেতিয়ালৈকে মই বিশ্বাস নকৰিম।”

২৬ আঠ দিনৰ পাছত শিষ্যসকলে আকৌ ঘৰৰ ভিতৰত আছিল আৰু থোমাও তেওঁলোকৰ লগত আছিল। তেতিয়া ঘৰৰ দুৱাৰ বন্ধ থকাৰ সত্ত্বেও যীচু তেওঁলোকৰ মাজত আহি থিয় হʼল আৰু তেওঁলোকক কʼলে, “তোমালোকৰ শান্তি হওক।” ২৭ ইয়াৰ পাছত তেওঁ থোমাক কʼলে, “নিজৰ আঙুলি মোৰ হাতত দি চোৱা আৰু নিজৰ হাত মোৰ কামিহাড়ৰ মাজত লগাই চোৱা। সন্দেহ নকৰিবা, কিন্তু বিশ্বাস কৰা।” ২৮ তেতিয়া থোমাই তেওঁক কʼলে, “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ!” ২৯ যীচুৱে তেওঁক কʼলে, “তুমি মোক দেখাৰ কাৰণেহে বিশ্বাস কৰিছা নেকি? যিসকলে মোক নেদেখিও বিশ্বাস কৰে, তেওঁলোক সুখী।”

৩০ আচলতে যীচুৱে নিজৰ শিষ্যসকলৰ ওচৰত আৰু বহুতো চমৎকাৰ কৰিছিল, যিবোৰ এই নুৰাখনত লিখা নাই। ৩১ কিন্তু যীচু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা আৰু বিশ্বাস কৰাৰ কাৰণে তেওঁৰ নামৰ যোগেদি যেন জীৱন পোৱা, এই কাৰণে এইবোৰ কথা লিখা হʼল।

২১ ইয়াৰ পাছত আকৌ এবাৰ যীচুৱে তিবিৰিয়া সাগৰৰ পাৰত শিষ্যসকলক দেখা দিলে। তেওঁ এইদৰে দেখা দিলে: ২ চিমোন পিতৰ, থোমা (যিজনক যঁজা বুলি কোৱা হৈছিল), গালীলৰ কান্না চহৰৰ নথনেল, চিবদিয়ৰ লʼৰাবোৰ আৰু যীচুৰ আৰু দুজন শিষ্য একেলগতে আছিল। ৩ চিমোন পিতৰে তেওঁলোকক কʼলে, “মই মাছ ধৰিবলৈ গৈ আছোঁ।” তেওঁলোকে কʼলে, “আমিও তোমাৰ লগত যাম।” তেওঁলোকে বাহিৰলৈ ওলাই গৈ নাৱত উঠিল, কিন্তু সেই ৰাতি তেওঁলোকে এটাও মাছ নাপালে।

৪ যেতিয়া ৰাতিপুৱা হʼবলৈ ধৰিলে, তেতিয়া যীচুৱে পাৰত আহি থিয় হʼল। কিন্তু শিষ্যসকলে তেওঁ যীচু হয় বুলি চিনি নাপালে। ৫ তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “বন্ধুসকল,* তোমালোকৰ ওচৰত খাবলৈ কিবা আছে নে?”* তেওঁলোকে কʼলে, “নাই!” ৬ যীচুৱে তেওঁলোকক কʼলে, “নাৱৰ সোঁফালে জাল পেলোৱা আৰু তোমালোকে কিছুমান মাছ পাবা।” তেতিয়া তেওঁলোকে জাল পেলালে আৰু তাত বহুতো মাছ লাগিল, যাৰ বাবে তেওঁলোকে জালখন টানিব নোৱাৰিলে। ৭ তেতিয়া যিজন শিষ্যক যীচুৱে বহুত প্ৰেম কৰিছিল, সেইজন শিষ্যই পিতৰক কʼলে, “এওঁতো প্ৰভু হয়!” যেতিয়া চিমোন পিতৰে শুনিলে যে এওঁ প্ৰভু হয়, তেতিয়া তেওঁ কাপোৰ পিন্ধিলে,* কিয়নো তেওঁ কম কাপোৰত আছিল আৰু তেওঁ সাগৰত জাপ মাৰিলে। ৮ কিন্তু আন শিষ্যসকলে সৰু নাৱত মাছেৰে ভৰা জাল টানি টানি আনি আছিল, কিয়নো তেওঁলোকে পাৰৰ পৰা বেছি দূৰত নাছিল, প্ৰায় ৩০০ ফুট* দূৰত আছিল।

৯ যেতিয়া তেওঁলোক পাৰলৈ আহিলে, তেতিয়া তেওঁলোকে দেখিলে যে জ্বলি থকা কয়লাৰ ওপৰত মাছবোৰ থোৱা আছে আৰু ৰুটিও আছে। ১০ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে এতিয়াই যি মাছ ধৰিলা, তাৰ পৰা কিছুমান লৈ আহা।” ১১ তেতিয়া চিমোন পিতৰে নাৱত উঠিল আৰু মাছেৰে ভৰা জালখন টানি আনিলে, যʼত ১৫৩ টা ডাঙৰ মাছ আছিল। কিন্তু ইমান বেছি মাছ থকাৰ সত্ত্বেও জালখন নাফাটিল। ১২ যীচুৱে তেওঁলোকক কʼলে, “আহি খাই লোৱা।” কিন্তু শিষ্যসকলৰ মাজৰ কোনেও এয়া সুধিবলৈ সাহস নকৰিলে যে “আপুনি কোন হয়?” কিয়নো তেওঁলোকে জানিছিল যে তেওঁ প্ৰভুৱেই হয়। ১৩ যীচুৱে ৰুটি লʼলে আৰু তেওঁলোকক দিলে। তাৰ পাছত তেওঁ মাছবোৰো তেওঁলোকক দিলে। ১৪ এইদৰে যীচুৱে মৃতবিলাকৰ মাজৰ পৰা জীৱিত হোৱাৰ পাছত তৃতীয়বাৰ নিজৰ শিষ্যসকলক দেখা দিলে।

১৫ তেওঁলোকৰ খোৱা শেষ হোৱাৰ পাছত যীচুৱে চিমোন পিতৰক কʼলে, “চিমোন, যোহনৰ লʼৰা, তুমি এইবোৰতকৈ বেছি মোক প্ৰেম কৰা নে?” পিতৰে তেওঁক কʼলে, “হয় প্ৰভু, আপুনি জানে যে মই আপোনাক কিমান প্ৰেম কৰোঁ।” যীচুৱে তেওঁক কʼলে, “মোৰ ভেড়া পোৱালিবিলাকক চৰোৱা।” ১৬ যীচুৱে দ্বিতীয়বাৰ তেওঁক কʼলে, “চিমোন, যোহনৰ লʼৰা, তুমি মোক প্ৰেম কৰা নে?” পিতৰে কʼলে, “হয় প্ৰভু, আপুনি জানে যে মই আপোনাক কিমান প্ৰেম কৰোঁ।” যীচুৱে পিতৰক কʼলে, “ৰখীয়াৰ দৰে মোৰ সৰু ভেড়াবিলাকৰ চোৱা-চিতা কৰা।” ১৭ যীচুৱে তৃতীয়বাৰ তেওঁক কʼলে, “চিমোন, যোহনৰ লʼৰা, তুমি মোক প্ৰেম কৰা নে?” এয়া শুনি পিতৰৰ দুখ লাগিল, কাৰণ যীচুৱে তেওঁক তৃতীয়বাৰ এই কথা সুধিলে যে ‘তুমি মোক প্ৰেম কৰা নে?’ সেইবাবে, পিতৰে তেওঁক কʼলে, “আপুনি সকলো জানে। আপুনি এয়াও জানে যে মই আপোনাক কিমান প্ৰেম কৰোঁ।” যীচুৱে কʼলে, “মোৰ সৰু ভেড়াবিলাকক চৰোৱা। ১৮ মই তোমাক সঁচাকৈ কৈছোঁ, যেতিয়া তুমি ডেকা আছিলা, তেতিয়া নিজে কাপোৰ পিন্ধিছিলা আৰু যʼত যাব বিচাৰিছিলা, তালৈ গৈছিলা। কিন্তু যেতিয়া তুমি বৃদ্ধ হʼবা, তেতিয়া নিজৰ হাত মেলিবা আৰু আন কোনোবাই তোমাক কাপোৰ পিন্ধাই দিব আৰু যʼত তুমি নিবিচাৰিবা, তালৈ তোমাক লৈ যাব।” ১৯ পিতৰে কিদৰে মৃত্যু হৈ ঈশ্বৰৰ মহিমা কৰিব, তাক বুজাবলৈ তেওঁ এই কথা কʼলে। এয়া কোৱাৰ পাছত যীচুৱে তেওঁক কʼলে, “মোৰ পিছে পিছে আহি থাকা।”

২০ পিতৰে ঘূৰি চাই দেখিলে যে সেই শিষ্যজন পিছে পিছে আহি আছে, যিজনক যীচুৱে প্ৰেম কৰিছিল আৰু যিজনে গধূলিৰ ভোজনৰ সময়ত যীচুৰ বুকুফালে হাউলি তেওঁক সুধিছিল, “প্ৰভু, যিজনে আপোনাৰ লগত বিশ্বাসঘাত কৰিব, তেওঁ কোন হয়?” ২১ যেতিয়া পিতৰে সেই শিষ্যজনক দেখিলে, তেতিয়া তেওঁ যীচুক সুধিলে, “প্ৰভু, এই মানুহজনৰ কি হʼব?” ২২ যীচুৱে তেওঁক কʼলে, “মই অহালৈকে যদি এই মানুহজন থকাটো মই বিচাৰোঁ, তেনেহʼলে তোমাৰ কি আহে যায়? তুমি মোৰ পিছে পিছে আহি থাকা।” ২৩ সেইবাবে, ভাইসকলৰ মাজত এই কথা বিয়পি গʼল যে সেই শিষ্যজন নমৰিব। কিন্তু তেওঁ নমৰিব বুলি যীচুৱে কোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে এয়া কৈছিল যে “মই অহালৈকে যদি সেই ব্যক্তিজন থকাটো মই বিচাৰোঁ, তেনেহʼলে তোমাৰ কি আহে যায়?”

২৪ এওঁ সেইজনেই শিষ্য হয়, যিজনে এই কথাবোৰৰ সাক্ষ্য দিছে আৰু যিজনে এই কথাবোৰ লিখিলে আৰু আমি জানোঁ যে তেওঁৰ সাক্ষ্য সত্য হয়।

২৫ আচলতে এনে বহুতো কাম আছে, যিবোৰ যীচুৱে কৰিছিল। সেই সকলো কামৰ বিষয়ে এটা এটা কথা লিখা হʼলে, মই ভাবোঁ যে যি নুৰাত লিখা হʼলহেঁতেন, সেয়া গোটেই পৃথিৱীতে নোজোৰিলেহেঁতেন।

বা “বহু সময়ৰ আগতে; সকলো সৃষ্টি হোৱাৰ আগতে।”

এই অধ্যায়ত “বাক্য” যীচুৰ এক উপাধি হিচাপে ব্যৱহাৰ কৰা হৈছে।

বা “ঈশ্বৰৰ নিচিনা।”

অৰ্থাৎ বাক্য।

বা “মহা-কৃপা।”

আক্ষ., “যি এজন ঈশ্বৰ হয়।”

বা “বুকুৰ ওচৰত।” ইয়ে দেখুৱায় যে তেওঁ পিতৃৰ কাৰণে কিমান বিশেষ হয়।

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

অতি. ক৫ চাওক।

বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”

বা “পাৰ।”

অৰ্থাৎ যীচুৰ।

অৰ্থাৎ গধূলি প্ৰায় ৪ বজা।

আক্ষ., “হে তিৰোতা, মোৰ কি আহে যায় আৰু তোমাৰ কি আহে যায়।” কাৰোবাৰ কথাত অসন্মত হʼবলৈ এই জতুৱা ঠাঁচ কোৱা হৈছিল। “তিৰোতা” শব্দ ব্যৱহাৰ কৰাটো অসন্মান যেন নাছিল।

হয়তো ইয়াত পনীয়া দ্ৰব্য জোখা বত মাপৰ বিষয়ে কোৱা হৈছে, যি ২২ লিটাৰৰ সমান আছিল। অতি. খ১৪ চাওক।

বা “বজাৰৰ ঠাই; ব্যৱসায়ৰ ঠাই।”

বা হয়তো, “কোনোৱে ওপৰৰ পৰা জন্ম নহয়।”

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

বা “সম্পূৰ্ণৰূপে পানীত ডুবালে।”

বা “নিশ্চিত কৰিলে।”

বা “জুখি জুখি।”

বা “সম্পূৰ্ণৰূপে পানীত ডুবাইছে।”

বা “কুঁৱা।”

অৰ্থাৎ দুপৰীয়া প্ৰায় ১২ বজা।

অৰ্থাৎ দুপৰীয়া প্ৰায় ১ বজাত।

অতি. ক৩ চাওক।

বা “আৰাম কৰা দিন।” শব্দকোষ চাওক।

বা “তেওঁৰ ওচৰত জীৱনৰ বৰদান আছে।”

বা “স্মৰণীয় কবৰত।”

অতি. খ১৪ চাওক।

আক্ষ., “প্ৰায় ২৫ বা ৩০ ষ্টেডিয়াম।” অতি. খ১৪ চাওক।

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

অতি. ক৫ চাওক।

বা হয়তো, “জনসাধাৰণৰ সভা।”

আক্ষ., “তোমালোকে উজুটি খাইছা নেকি?”

বা “দিয়াবল।”

অৰ্থাৎ ৰব্বিসকলৰ স্কুলত।

বা “আৰাম কৰা দিনতো।” শব্দকোষ চাওক।

বা “গ্ৰেপ্তাৰ কৰিবলৈ।”

কিছুমান প্ৰাচীন আৰু ভৰসাযোগ্য হস্তলিপিত যোহন ৭:৫৩ পদৰ পৰা ৮:১১ পদলৈকে পোৱা নাযায়।

বা “মানদণ্ড অনুসৰি।”

বা “অনৈতিক শাৰীৰিক সম্পৰ্কৰ যোগেদি জন্ম হোৱা।” গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।

আক্ষ., “ৰব্বি।”

বা “আৰাম কৰা দিন।” শব্দকোষ চাওক।

বা “মোৰ আৰু পিতৃৰ মাজত একতা আছে।”

বা “ঈশ্বৰৰ নিচিনা।”

বা “সম্পূৰ্ণৰূপে পানীত ডুবাইছিল।”

বা “স্মৰণীয় কবৰত।”

আক্ষ., “প্ৰায় ১৫ ষ্টেডিয়াম।” অতি. খ১৪ চাওক।

অৰ্থাৎ মন্দিৰ।

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

বা “গ্ৰেপ্তাৰ কৰিব।”

বা “মেজত একেলগে বহিছিল।”

আক্ষ., “এক পাউণ্ড।” অৰ্থাৎ ৰোমান পাউণ্ড। অতি. খ১৪ চাওক।

জটামাংসী হৈছে এনে এক উদ্ভিদ, যাৰ শিপা আৰু কাণ্ডৰ পৰা সুগন্ধ ওলায়।

অতি. খ১৪ চাওক।

অতি. ক৫ চাওক।

বা “স্মৰণীয় কবৰৰ।”

অৰ্থাৎ যেতিয়া যাতনা কাঠত আঁৰি দিয়া হʼব।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

আক্ষ., “বাহু।”

অৰ্থাৎ যীচুৰ।

বা “এয়া তোমালোকৰ কৰ্তব্য হয়।”

আক্ষ., “আৰ্হি।”

আক্ষ., “মোৰ বিৰুদ্ধে গোৰোহা দাঙিলে।”

আক্ষ., “সন্তানসকল।”

বা “শান্ত্বনা দিওঁতা।”

বা “অনাথৰ দৰে।”

বা “মোৰ ওপৰত তাৰ অধিকাৰ নাই।”

১৩ আৰু ১৪ পদত “তেওঁ” শব্দৰ অৰ্থ ৭ পদত কোৱা “সহায়কৰ্তা” হয়। যীচুৱে পবিত্ৰ শক্তিৰ তুলনা এক “সহায়কৰ্তাৰ” লগত কৰিছে। পবিত্ৰ শক্তি কোনো ব্যক্তি নহয়, কিন্তু এক শক্তি হয়।

বা “তোমাৰ আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টৰ বিষয়ে জ্ঞান লৈ থাকিব লাগিব।”

বা “জনালোঁ।”

বা “একতাত থাকোঁ।”

বা “একতাত থাকে।”

আক্ষ., “সেই দুষ্ট।”

বা “ঠাণ্ডা দিনত বৈ যোৱা কিদ্ৰোণ নদী।”

বা “গ্ৰেপ্তাৰ কৰিলে।”

বা “প্ৰৱেশ দুৱাৰত।”

বা “তোমাৰ জয় হওক।”

বা “কাঠত আঁৰি হত্যা কৰিবলৈও।”

গ্ৰীক ভাষাত “কৈচৰ।”

বা “সম্ৰাটক বিৰোধ কৰে।”

অৰ্থাৎ দুপৰীয়া প্ৰায় ১২ বজা।

শব্দকোষ চাওক।

শব্দকোষ চাওক।

বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।

আক্ষ., “১০০ পাউণ্ড।” অৰ্থাৎ ৰোমান পাউণ্ড। অতি. খ১৪ চাওক।

বা “স্মৰণীয় কবৰ।”

বা “স্মৰণীয় কবৰৰ।”

আক্ষ., “সন্তানসকল।”

বা “মাছ আছে নে?”

বা “বান্ধিলে।”

প্ৰায় ৯০ মিটাৰ; আক্ষ., “প্ৰায় ২০০ হাত।” অতি. খ১৪ চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক