ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt পাঁচনিৰ কৰ্ম্ম ১:১-২৮:৩১
  • পাঁচনিৰ কৰ্ম্ম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পাঁচনিৰ কৰ্ম্ম
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পাঁচনিৰ কৰ্ম্ম

পাঁচনিৰ কৰ্ম্ম

১ মৰমৰ থিয়ফিল, যেতিয়াৰে পৰা যীচুৱে সেৱা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰে পৰা তেওঁ যি যি কাম কৰিলে আৰু শিকালে, সেই সকলো মই নিজৰ কিতাপত লিখিলোঁ। ২ তাত সেই সময়ৰ ঘটনা উল্লেখ আছে, যেতিয়া যীচুৱে নিজৰ বাছনি কৰা পাঁচনিসকলক* পবিত্ৰ শক্তিৰ যোগেদি নিৰ্দেশনা দিয়াৰ পাছত যীচুক স্বৰ্গলৈ উঠাই লৈ যোৱা হৈছিল। ৩ তেওঁ মৃত্যুলৈকে দুখ ভোগাৰ পাছত তেওঁ পাঁচনিসকলৰ আগত কেইবাবাৰো দেখা দি তেওঁ জীৱিত হʼল বুলি প্ৰমাণ দিলে। এইদৰে যীচুৱে ৪০ দিনলৈকে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে তেওঁলোকক কৈ থাকিল। ৪ যেতিয়া তেওঁ শিষ্যসকলক লগ পালে, তেতিয়া যীচুৱে তেওঁলোকক আজ্ঞা দিলে, “যিৰূচালেম এৰি নাযাবা, ইয়াতে থাকিবা আৰু পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছে আৰু যিবোৰৰ বিষয়ে তোমালোকে মোৰ পৰা শুনিছা, সেয়া পূৰ হোৱালৈকে অপেক্ষা কৰিবা। ৫ কিয়নো যোহনেতো পানীত বাপ্তিষ্মা দিছিল,* কিন্তু এতিয়াৰে পৰা কিছু দিনৰ পাছত তোমালোকক পবিত্ৰ শক্তিৰে বাপ্তিষ্মা দিয়া হʼব।”

৬ যেতিয়া শিষ্যসকলে গোট খালে, তেতিয়া তেওঁক সুধিবলৈ ধৰিলে, “প্ৰভু, আপুনি এতিয়াই ইস্ৰায়েলত ঈশ্বৰৰ ৰাজ্য পুনৰ স্থাপন কৰিব নে?” ৭ তেওঁ তেওঁলোকক কʼলে, “সময় বা কাল* জনাৰ অধিকাৰ তোমালোকৰ নাই, এয়া নিৰ্ণয় লোৱাৰ অধিকাৰ পিতৃয়ে নিজৰ ওচৰত ৰাখিছে। ৮ কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ শক্তি আহিব, তেতিয়া তোমালোকে শক্তি পাবা আৰু যিৰূচালেম আৰু গোটেই যিহূদিয়া আৰু চমৰীয়া আনকি পৃথিৱীৰ আটাইতকৈ দূৰ-দূৰণি এলেকাত* মোৰ বিষয়ে সাক্ষ্য দিবা।” ৯ তেওঁ এই সকলো কথা কোৱাৰ পাছত তেওঁলোকে চাই থাকোঁতেই তেওঁক ওপৰলৈ উঠাই নিয়া হʼল আৰু এডোখৰ মেঘে তেওঁক ঢাকি ধৰিলে। তাৰ পাছত তেওঁলোকে তেওঁক আৰু দেখা নাপালে। ১০ যেতিয়া তেওঁ গৈ আছিল, তেতিয়া তেওঁলোকে আকাশলৈ চাই আছিল। তেতিয়া হঠাতে বগা কাপোৰ পিন্ধা দুজন মানুহ আহি তেওঁলোকৰ ওচৰত থিয় হʼল ১১ আৰু তেওঁলোকে কʼলে, “হে গালীলৰ লোকসকল, তোমালোকে ইয়াত থিয় হৈ আকাশলৈ কিয় চাই আছা? এই যীচু, যিজনক তোমালোকৰ ওচৰৰ পৰা আকাশলৈ নিয়া হʼল, তোমালোকে তেওঁক যেনেকৈ আকাশলৈ যোৱা দেখিলা, সেইদৰেই তেওঁ আহিব।”

১২ তাৰ পাছত তেওঁলোকে জৈতুন পাহাৰৰ পৰা যিৰূচালেমলৈ উভতি আহিলে। এই পাহাৰ যিৰূচালেমৰ ওচৰত আছিল আৰু প্ৰায় এক কিলোমিটাৰ দূৰত আছিল।* ১৩ যিৰূচালেম চহৰ পোৱাৰ পাছত শিষ্যসকলে ওপৰৰ সেই কোঠালিলৈ গʼল, যʼত তেওঁলোকে থাকিছিল। এই শিষ্যসকল আছিল পিতৰ, যোহন আৰু যাকোব, আন্দ্ৰিয়, ফিলিপ আৰু থোমা, বাৰ্থলময় আৰু মথি, আলফয়ৰ লʼৰা যাকোব, উৎসাহী চিমোন আৰু যাকোবৰ লʼৰা যিহূদা। ১৪ তেওঁলোক সকলোৱে এক উদ্দেশ্যেৰে প্ৰাৰ্থনা কৰি আছিল আৰু তেওঁলোকৰ লগত কিছুমান তিৰোতা, যীচুৰ ভায়েকসকল আৰু তেওঁৰ মা মৰিয়মো আছিল।

১৫ এইদৰে একগোট হৈ প্ৰাৰ্থনা কৰাৰ সময়ত, এদিন পিতৰ ভাইসকলৰ মাজত থিয় হʼল (তেওঁলোকৰ* সংখ্যা প্ৰায় ১২০ আছিল) আৰু কʼবলৈ ধৰিলে, ১৬ “ভাইসকল, পবিত্ৰ শক্তিয়ে দায়ূদৰ যোগেদি যিহূদাৰ বিষয়ে যি ভৱিষ্যবাণী কৰিছিল, সেয়া পূৰ হোৱাটো প্ৰয়োজন আছিল। যিহূদাই সেই লোকসকলক যীচুৰ ওচৰলৈ লৈ গʼল, যিসকলে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল। ১৭ তেওঁ আমাৰে মাজৰ এজন আছিল আৰু তেওঁ আমাৰ নিচিনা সেৱাত ভাগো লৈছিল। ১৮ (এই মানুহজনে বেয়া কাম কৰি পোৱা টকাৰে এডোখৰ মাটি কিনিছিল। তেওঁ তল মূৰকৈ পৰিলে আৰু তেওঁৰ পেট ফাটি নাড়ীভুঁৰি সকলো ওলাই গʼল।) ১৯ যিৰূচালেমত থকা সকলোৱে এই কথা গʼম পালে, সেইবাবে তেওঁলোকৰ ভাষাত সেই মাটিডোখৰৰ নাম হকলদামা অৰ্থাৎ “তেজৰ মাটি” বুলি কোৱা হʼল। ২০ কিয়নো গীতমালা কিতাপত লিখা আছে, ‘তেওঁৰ ঘৰ ধ্বংস হৈ যাওক আৰু তাত কোনো মানুহ নাথাকক’ আৰু ‘তেওঁৰ অধ্যক্ষ পদ আন কোনোবাই লৈ লওক।’ ২১ সেইবাবে, আমি তাৰ ঠাইত এনে ব্যক্তিক বাছনি কৰিব লাগিব, যিজন প্ৰভু যীচুৱে আমাৰ মাজত বিভিন্ন কামবোৰ কৰাৰ সময়ত সদায় আমাৰ লগত আছিল। ২২ অৰ্থাৎ এনে ব্যক্তি, যিজন যীচুক যোহনে বাপ্তিষ্মা দিয়া সময়ৰে পৰা তেওঁক ওপৰলৈ উঠাই নিয়া সময়লৈকে তেওঁ আমাৰ লগত আছিল। আৰু সেই ব্যক্তিজন এই কথাৰো সাক্ষী হʼব লাগিব যে যীচুক মৃতবিলাকৰ মাজৰ পৰা জীৱিত কৰা হৈছে।”

২৩ সেইবাবে, তেওঁলোকে দুজন শিষ্যৰ নাম কʼলে। প্ৰথমজন আছিল যোচেফ, যি বাৰ্চব্বা আৰু যুষ্ট নামেৰে জনা যায় আৰু দ্বিতীয়জন আছিল মত্তথিয়। ২৪ তাৰ পাছত শিষ্যসকলে প্ৰাৰ্থনা কৰিলে, “হে যিহোৱা,* তুমি সকলোৰে হৃদয় জানা, আমাক কোৱা যে তুমি এই দুজন ব্যক্তিৰ মাজত কাক বাছনি কৰিছা ২৫ যাতে তেওঁ সেৱাৰ দায়িত্ব আৰু পাঁচনি পদ লাভ কৰে, যি যিহূদাই অস্বীকাৰ কৰি নিজৰ ৰাস্তাত গুচি গৈছিল।” ২৬ তেতিয়া তেওঁলোকে দুয়োজনৰ কাৰণে চিঠি খেলিলে আৰু চিঠিত মত্তথিয়ৰ নাম ওলালে। আৰু তেওঁ ১১ জন পাঁচনিৰ লগত গণিত হʼল।

২ পেণ্টাকোষ্টৰ* উৎসৱৰ দিনা, যেতিয়া তেওঁলোক সকলোৱে একেখন ঘৰত একগোট হৈ আছিল। ২ তেতিয়া হঠাতে আকাশৰ পৰা ধুমুহা বতাহ বলাৰ নিচিনা এটা শব্দ হʼল আৰু সেয়া গোটেই ঘৰত শুনিবলৈ পোৱা গʼল। ৩ আৰু তেওঁলোকে জিভাৰ দৰে জুইৰ শিখা দেখিবলৈ পালে আৰু সেয়া বেলেগ বেলেগ হৈ গʼল আৰু প্ৰতিজনৰ ওপৰত এটা এটাকৈ ৰৈ গʼল। ৪ তেতিয়া তেওঁলোক সকলোৱে পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হʼল আৰু পবিত্ৰ শক্তিয়ে তেওঁলোকক যিদৰে কথা কʼবলৈ ক্ষমতা দিলে, সেইদৰে তেওঁলোকে বেলেগ বেলেগ ভাষা কʼবলৈ ধৰিলে।

৫ সেই সময়ত পৃথিৱীৰ সকলো দেশৰ পৰা ঈশ্বৰলৈ ভয় ৰখা যিহূদীসকল আহি যিৰূচালেমত আছিল। ৬ এই মাত শুনি বহুতো লোকে তাত একগোট হʼল আৰু তেওঁলোক আচৰিত হʼল, কিয়নো প্ৰতিজনে শিষ্যসকলৰ মুখৰ পৰা নিজৰ নিজৰ ভাষা শুনা পাইছিল। ৭ লোকসকল আচৰিত হʼল আৰু কʼবলৈ ধৰিলে, “আচৰিত কথা! কথা কোৱা এই সকলো লোক গালীলৰ নহয় জানো? ৮ তেনেহʼলে আমি প্ৰতিজনে নিজৰ নিজৰ মাতৃভাষা কেনেকৈ শুনা পাইছোঁ? ৯ আমিতো পাৰ্থীয়া, মাদিয়া, এলমীয়া হওঁ আৰু মিচপতামিয়া, যিহূদিয়া, কাপ্পদকিয়া, পন্ত আৰু এচিয়াৰ হওঁ। ১০ আৰু ফৰুগীয়া, পাম্ফুলিয়া, মিচৰ আৰু কুৰীণীৰ ওচৰত থকা লুবিয়াৰ হওঁ আৰু ৰোমৰ পৰা অহা লোক হওঁ। আমি সকলোৱে যিহূদী আৰু যিহূদী ধৰ্ম লোৱা লোকসকলৰ মাজৰ হওঁ। ১১ আমাৰ মাজত ক্ৰীতী আৰু আৰবী লোকসকলো আছে। তথাপি আমি এই লোকসকলক আমাৰ নিজৰ ভাষাত ঈশ্বৰৰ আশ্চৰ্য্যজনক কামবোৰৰ বিষয়ে কোৱা শুনিছোঁ।” ১২ সকলোৱে আচৰিত হৈছিল আৰু চিন্তিত হৈছিল। তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, “এইবোৰ কি হৈ আছে?” ১৩ কিন্তু কিছুমান লোকে শিষ্যসকলক ঠাট্টা কৰিবলৈ ধৰিলে, “এওঁলোকেতো নতুন* দ্ৰাক্ষাৰস খাই মতলীয়া হৈছে।”

১৪ তেতিয়া পিতৰে সেই ১১ জনৰ লগত থিয় হʼল আৰু তেওঁ তাত উপস্থিত থকা লোকসকলক ডাঙৰ মাতেৰে কʼলে, “হে যিহূদিয়া আৰু যিৰূচালেমৰ সকলো লোক, মোৰ কথা মন দি শুনা। ১৫ যিদৰে তোমালোকে ভাবিছা, এওঁলোক মতলীয়া হোৱা নাই, কিয়নো এতিয়া ৰাতিপুৱাৰ তৃতীয় ঘণ্টাহে* হৈছে। ১৬ ইয়াৰ পৰিৱৰ্তে, ভৱিষ্যবক্তা যোৱেলে কোৱা এই কথা পূৰ হৈ আছে: ১৭ ‘ঈশ্বৰে কয়, “মই শেষ-কালত সকলো ধৰণৰ লোকৰ ওপৰত নিজৰ পবিত্ৰ শক্তি বাকি দিম আৰু তোমালোকৰ লʼৰা-ছোৱালীয়ে ভৱিষ্যবাণী কৰিব, তোমালোকৰ ডেকাসকলে দৰ্শন দেখিব আৰু তোমালোকৰ বৃদ্ধসকলে বিশেষ সপোন দেখিব। ১৮ সেই সময়ত মই নিজৰ দাস-দাসীসকলৰ ওপৰতো নিজৰ পবিত্ৰ শক্তি বাকি দিম আৰু তেওঁলোকে ভৱিষ্যবাণী কৰিব। ১৯ আৰু মই আকাশত অদ্ভুত ঘটনা আৰু পৃথিৱীত আচৰিত চিন, যেনে তেজ, জুই আৰু ধোঁৱাৰ দৰে মেঘ দেখুৱাম। ২০ যিহোৱাৰ* মহান আৰু মহিমাৰে ভৰা দিন অহাৰ আগতে সূৰ্য অন্ধকাৰ হৈ যাব আৰু চন্দ্ৰ তেজৰ দৰে ৰঙা হৈ যাব। ২১ আৰু যি কোনোৱে যিহোৱাৰ* নাম লয়, তেওঁ উদ্ধাৰ পাব।”’

২২ হে ইস্ৰায়েলীসকল, মোৰ এই কথা শুনা: তোমালোকে জানা যে নাচৰতীয়া যীচুক ঈশ্বৰে পঠাইছিল আৰু এই কথা প্ৰমাণ কৰিবলৈ ঈশ্বৰে তেওঁৰ যোগেদি তোমালোকৰ মাজত ডাঙৰ ডাঙৰ কাম আৰু চমৎকাৰ কৰিলে। ২৩ এই মানুহজনক তোমালোকে দুষ্টৰ হাতত গতাই দিলা আৰু কাঠত আঁৰি হত্যা কৰিলা। ঈশ্বৰে ভৱিষ্যৎ জনাৰ ক্ষমতা ব্যৱহাৰ কৰি নিজৰ ইচ্ছা* অনুসৰি এয়া নিৰ্ণয় লʼলে যে তেওঁৰ লগত এইদৰেই হওক। ২৪ কিন্তু ঈশ্বৰে তেওঁক জীৱিত কৰি মৃত্যুৰ বান্ধোনৰ পৰা মুকলি কৰিলে, কিয়নো তেওঁ মৃত্যুৰ বান্ধোনত* থকাটো অসম্ভৱ আছিল। ২৫ কাৰণ দায়ূদে তেওঁৰ বিষয়ে কৈছিল, ‘মই সকলো সময়ত যিহোৱাক* নিজৰ ওচৰত* ৰাখোঁ। তেওঁ মোৰ সোঁফালে থাকে যাতে মই কেতিয়াও বিচলিত নহওঁ। ২৬ সেইবাবে, মোৰ হৃদয় আনন্দেৰে ভৰি পৰিছে আৰু মোৰ জিভাই আনন্দেৰে কৈছে। মই* সম্পূৰ্ণ আশাৰে জীয়াই থাকিম। ২৭ কিয়নো তুমি মোক কবৰত* এৰি নিদিবা, তুমি নিজৰ বিশ্বাসীজনক গেলিবলৈ নিদিবা। ২৮ তুমি মোক জীৱনৰ পথ দেখুৱালা, তুমি নিজৰ উপস্থিতিৰ দ্বাৰা মোক আনন্দেৰে পৰিপূৰ্ণ কৰিবা।’

২৯ ভাইসকল, মই কুলপিতৃ দায়ূদৰ বিষয়ে সংকোচ নকৰাকৈ তোমালোকক এয়া কʼব পাৰোঁ যে তেওঁৰ মৃত্যু হʼল আৰু তেওঁক কবৰ দিয়া হʼল আৰু তেওঁৰ কবৰ আজিলৈকে আমাৰ মাজত আছে। ৩০ তেওঁ এজন ভৱিষ্যবক্তা আছিল আৰু জানিছিল যে ঈশ্বৰে শপত খাই তেওঁক প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ বংশৰ মাজৰ এজনক তেওঁৰ সিংহাসনত বহাব। ৩১ দায়ূদে খ্ৰীষ্টৰ জীৱিত হোৱাৰ বিষয়ে আগৰে পৰা জানিছিল আৰু তেওঁ কৈছিল যে খ্ৰীষ্টক কবৰত এৰি দিয়া নহʼব আৰু তেওঁৰ শৰীৰ গেলিবলৈও দিয়া নহʼব। ৩২ এইজন যীচুকে ঈশ্বৰে আকৌ জীয়াই তুলিলে আৰু আমি সকলোৱে এই কথাৰ সাক্ষী হওঁ। ৩৩ তেওঁক ঈশ্বৰৰ সোঁফালে ওখ পদ দিয়া হৈছে আৰু প্ৰতিজ্ঞা কৰাৰ অনুসৰি তেওঁ পিতৃৰ পৰা পবিত্ৰ শক্তি পাইছে। সেইবাবে, তেওঁ এই শক্তি আমাৰ ওপৰত বাকি দিছে, যিদৰে তোমালোকে দেখা আৰু শুনা পাইছা। ৩৪ দায়ূদ স্বৰ্গলৈ নগʼল, কিন্তু তেওঁ নিজেই কৈছে, ‘যিহোৱাই* মোৰ প্ৰভুক কʼলে, ৩৫ “মই তোমাৰ শত্ৰুবিলাকক তোমাৰ ভৰি-পীৰা নকৰালৈকে, তুমি মোৰ সোঁহাতে বহি থাকা।”’ ৩৬ সেইবাবে, ইস্ৰায়েলৰ সকলো মানুহে এয়া জনা উচিত যে ঈশ্বৰে এইজন যীচুকে প্ৰভু আৰু খ্ৰীষ্ট পাতিলে, যিজনক তোমালোকে কাঠত আঁৰি হত্যা কৰিলা।”

৩৭ যেতিয়া তেওঁলোকে এই কথা শুনিলে, তেতিয়া তেওঁলোকৰ হৃদয়ে তেওঁলোকক আঘাত কৰিবলৈ ধৰিলে আৰু তেওঁলোকে পিতৰ আৰু আন পাঁচনিসকলক* কʼলে, “ভাইসকল, এতিয়া আমি কি কৰা উচিত?” ৩৮ পিতৰে তেওঁলোকক কʼলে, “অনুতাপ কৰা আৰু তোমালোকৰ মাজৰ প্ৰতিজনে নিজৰ পাপৰ কাৰণে যীচু খ্ৰীষ্টৰ নামেৰে বাপ্তিষ্মা* লোৱা। তেতিয়া তোমালোকে পবিত্ৰ শক্তি দান হিচাপে লাভ কৰিবা। ৩৯ কিয়নো এই প্ৰতিজ্ঞা তোমালোকৰ আৰু তোমালোকৰ লʼৰা-ছোৱালী আৰু দূৰ-দূৰণিত থকা সেই লোকসকলৰ কাৰণে হয়, যিসকলক আমাৰ ঈশ্বৰ যিহোৱাই* নিজৰ ওচৰলৈ মাতিব।” ৪০ তেওঁ আৰু বহুতো বিষয় কৈ ভালদৰে সাক্ষ্য দিলে আৰু তেওঁলোকক বুজাই থাকিল, “এই দুষ্ট প্ৰজন্মৰ* পৰা পৃথক হোৱা আৰু উদ্ধাৰ পোৱা।” ৪১ যিসকল লোকে আনন্দেৰে তেওঁৰ বাক্য গ্ৰহণ কৰিলে, তেওঁলোকে বাপ্তিষ্মা লʼলে। সেই দিনা প্ৰায় ৩,০০০ জন শিষ্যসকলৰ লগত যোগ হʼল। ৪২ আৰু তেওঁলোক সকলোৱে পাঁচনিসকলৰ পৰা একেৰাহে শিকি থাকিল। তেওঁলোকে গোট খাইছিল, আহাৰ খাইছিল আৰু প্ৰাৰ্থনা কৰিছিল।

৪৩ সকলোৱে ভয় খাবলৈ ধৰিলে আৰু পাঁচনিসকলে বহুতো আশ্চৰ্য্যজনক কাম আৰু চমৎকাৰ কৰিবলৈ ধৰিলে। ৪৪ বিশ্বাস কৰা সকলোৱে একেলগে একগোট হৈছিল আৰু তেওঁলোকৰ ওচৰত যি যি আছিল, সেয়া এজনে-আনজনৰ মাজত ভগাই লৈছিল। ৪৫ তেওঁলোকে নিজৰ বস্তু আৰু সম্পত্তি বেচি দিছিল আৰু তাৰ পৰা যি টকা পাইছিল, সেয়া সকলোৰে মাজত ভগাই দিছিল। প্ৰতিজনক প্ৰয়োজন অনুসৰি দিছিল। ৪৬ তেওঁলোকে এক উদ্দেশ্যেৰে প্ৰতিদিন মন্দিৰত উপস্থিত হৈছিল আৰু এজনে-আনজনৰ ঘৰত গৈ খোৱা-বোৱা কৰিছিল আৰু হৃদয়েৰে আৰু আনন্দেৰে মিলিজুলি ভগাই খাইছিল। ৪৭ তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিছিল আৰু তেওঁলোকে সকলো মানুহৰ মাজত ভাল নাম অৰ্জন কৰিছিল। লগতে উদ্ধাৰ পোৱা সকলোকে যিহোৱাই* তেওঁলোকৰ লগত যোগ কৰিছিল।

৩ পিতৰ আৰু যোহনে প্ৰায় ন ঘণ্টাত* প্ৰাৰ্থনা কৰাৰ সময়ত মন্দিৰলৈ গৈছিল। ২ সেই সময়ত লোকসকলে এনে এজন মানুহক লৈ আহিছিল, যিজন জন্মৰে পৰা খোজকাঢ়িব নোৱাৰিছিল। তেওঁলোকে সদায় সেই মানুহজনক মন্দিৰৰ সুন্দৰ নামৰ দুৱাৰ মুখত বহুৱাই দিছিল যাতে তেওঁ মন্দিৰলৈ যোৱা লোকসকলক ভিক্ষা* খুজিব পাৰে। ৩ যেতিয়া তেওঁ পিতৰ আৰু যোহনক মন্দিৰৰ ভিতৰলৈ যোৱা দেখিলে, তেতিয়া তেওঁ তেওঁলোকক ভিক্ষা খুজিবলৈ ধৰিলে। ৪ তেতিয়া পিতৰ আৰু যোহনে চিধাকৈ তেওঁলৈ চালে আৰু কʼলে, “আমাৰ ফালে চোৱা।” ৫ সেইবাবে, তেওঁ তেওঁলোকৰ পৰা কিবা পোৱাৰ আশাৰে তেওঁলোকৰ ফালে চাবলৈ ধৰিলে। ৬ কিন্তু পিতৰে কʼলে, “সোণ-ৰূপতো মোৰ ওচৰত নাই, কিন্তু মোৰ ওচৰত যি আছে, সেয়াই তোমাক দি আছোঁ। নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে মই তোমাক কৈছোঁ, থিয় হোৱা আৰু খোজকাঢ়ি ফুৰা।” ৭ পিতৰে তেওঁৰ সোঁ হাতখনত ধৰি তেওঁক উঠালে। সেই সময়তে সেই মানুহজনৰ ভৰি মজবুত হʼল। ৮ আৰু তেওঁ জপিয়াই থিয় হʼল আৰু খোজকাঢ়িবলৈ ধৰিলে। তেওঁ জপিয়াই জপিয়াই খোজকাঢ়ি ঈশ্বৰৰ প্ৰশংসা কৰি তেওঁলোকৰ লগত মন্দিৰলৈ গʼল। ৯ সকলোৱে তেওঁক খোজকাঢ়ি ফুৰা আৰু ঈশ্বৰৰ প্ৰশংসা কৰি থকা দেখিলে। ১০ মন্দিৰৰ সুন্দৰ নামৰ দুৱাৰ মুখত বহি ভিক্ষা খুজি থকা মানুহজন সেইজনেই হয় বুলি তেওঁলোকে চিনি পালে। তেওঁ খোজকাঢ়ি ফুৰা দেখি লোকসকল আচৰিত হʼল আৰু তেওঁলোক বহুত আনন্দিত হʼল।

১১ যেতিয়া সেই মানুহজনে পিতৰ আৰু যোহনৰ হাতত ধৰি আছিল, তেতিয়া সকলোৱে দৌৰি দৌৰি সেই ঠাইলৈ আহিলে, ‘যাক চলোমনৰ স্তম্ভ থকা বাৰান্দা’ বুলি কোৱা হয়। এই ঘটনা দেখি লোকসকলে বৰ আচৰিত হৈছিল। ১২ লোকসকলক দেখি পিতৰে তেওঁলোকক কʼলে, “ইস্ৰায়েলৰ লোকসকল তোমালোকে এয়া দেখি কিয় ইমান আচৰিত হৈছা? তোমালোকে আমাক এইদৰে কিয় চাইছা যেন আমি নিজৰ শক্তিৰে বা ঈশ্বৰৰ ভক্তিৰে ইয়াক খোজ কঢ়ালোঁ? ১৩ অব্ৰাহাম, ইচহাক, যাকোব আৰু আমাৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰে নিজৰ সেৱক যীচুৰ মহিমা কৰিলে, যিজনক তোমালোকে শত্ৰুবিলাকৰ হাতত গতাই দিছিলা। যদিও পীলাতে তেওঁক এৰি দিব বিচাৰিছিল, কিন্তু তোমালোকে পীলাতৰ আগত তেওঁক অস্বীকাৰ কৰিলা। ১৪ হয়, তোমালোকে সেই পবিত্ৰ আৰু ভাল ব্যক্তিজনক অস্বীকাৰ কৰি তেওঁৰ সলনি এজন হত্যাকাৰীক মুকলি কৰিবলৈ কʼলা। ১৫ আনকি, জীৱন দিবলৈ নিযুক্ত কৰা মুখ্য অধিকাৰীক তোমালোকে হত্যা কৰিলা। কিন্তু ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে আৰু এই সত্যতাৰ আমি সাক্ষী হওঁ। ১৬ আমি তেওঁৰ নামৰ ওপৰত বিশ্বাস কৰোঁ আৰু তেওঁৰ নামৰ কাৰণেহে এই মানুহজন ঠিক হʼল, যিজনক তোমালোকে দেখি আছা আৰু চিনিও পোৱা। যীচুৰ ওপৰত আমি বিশ্বাস কৰাৰ কাৰণেহে এই মানুহজনক তোমালোকৰ আগত সম্পূৰ্ণভাৱে সুস্থ কৰা হʼল। ১৭ ভাইসকল, মই জানোঁ যে তোমালোকে যি কৰিলা, অজানিতে কৰিলা, যিদৰে তোমালোকৰ ধৰ্ম-অধিকাৰীয়ে কৰিলে। ১৮ কিন্তু এইদৰে ঈশ্বৰে, সেই কথাবোৰ পূৰ কৰিলে, যিবোৰ তেওঁ সকলো ভৱিষ্যবক্তাৰ যোগেদি বহুত আগতেই কৈছিল যে তেওঁৰ খ্ৰীষ্টই দুখভোগ কৰিব।

১৯ সেইবাবে, অনুতাপ কৰা আৰু ঈশ্বৰৰ ওচৰলৈ উভতি আহা যাতে তোমালোকৰ পাপ মচি দিয়া হয় আৰু এইদৰে যিহোৱাই* শান্তিৰ দিন লৈ আহিব। ২০ আৰু তোমালোকৰ কাৰণে নিযুক্ত কৰা খ্ৰীষ্টক অৰ্থাৎ যীচুক পঠাব। ২১ যেতিয়ালৈকে সকলোবোৰ আগৰ দৰে কৰা নহয়, তেতিয়ালৈকে তেওঁক স্বৰ্গতেই থাকিব লাগিব, যাৰ বিষয়ে ঈশ্বৰে পুৰণি সময়ত নিজৰ পবিত্ৰ ভৱিষ্যবক্তাসকলৰ যোগেদি কৈছিল। ২২ আচলতে মোচিয়ে কৈছিল, ‘তোমালোকৰ ঈশ্বৰ যিহোৱাই* তোমালোকৰ ভাইসকলৰ মাজৰ পৰা তোমালোকৰ কাৰণে মোৰ দৰে এজন ভৱিষ্যবক্তাক নিযুক্ত কৰিব। তেওঁ তোমালোকক যি যি কʼব, সেই সকলো তোমালোকে শুনিবা। ২৩ যি কোনোৱে সেই ভৱিষ্যবক্তাৰ কথা নুশুনিব, তেওঁক লোকসকলৰ মাজৰ পৰা নাইকিয়া কৰা হʼব।’ ২৪ সকলো ভৱিষ্যবক্তাই অৰ্থাৎ চমূৱেলৰ পৰা লৈ যিমান ভৱিষ্যবক্তা আছিল, সেই সকলোৱে এই দিনবোৰৰ বিষয়ে স্পষ্টকৈ ঘোষণা কৰিছিল। ২৫ তোমালোক ভৱিষ্যবক্তাসকলৰ বংশ আৰু সেই চুক্তিৰ উত্তৰাধিকাৰী হোৱা যি ঈশ্বৰে তোমালোকৰ পূৰ্বপুৰুষসকলৰ লগত কৰিছিল। ঈশ্বৰে অব্ৰাহামক কৈছিল, ‘তোমাৰ বংশৰ যোগেদি পৃথিৱীৰ সকলো পৰিয়ালে আশীৰ্বাদ পাব।’ ২৬ তেওঁ নিজৰ সেৱকক নিযুক্ত কৰি প্ৰথমতে তোমালোকৰ ওচৰলৈ পঠিয়ালে যাতে তেওঁ তোমালোকৰ মাজৰ প্ৰতিজনকে দুষ্ট কাম এৰিবলৈ সহায় কৰে আৰু আশীৰ্বাদ দিয়ে।”

৪ যেতিয়া এই দুয়োজনে লোকসকলক এইবোৰ কথা কৈ আছিল, তেতিয়া কিছুমান পুৰোহিত, মন্দিৰৰ পহৰা দিয়া লোকসকলৰ অধ্যক্ষ আৰু চদ্দূকীবিলাকে তালৈ আহিল। ২ তেওঁলোকৰ এই কথাক লৈ খং উঠিল যে পাঁচনিসকলে* লোকসকলক শিকাই আছে আৰু মুকলিভাৱে জনাই আছে যে যীচু মৃতবিলাকৰ মাজৰ পৰা জীয়াই উঠিল।* ৩ আৰু তেওঁলোকে দুয়োজন পাঁচনিক ধৰি* লʼলে আৰু গধূলি হোৱাৰ কাৰণে তেওঁলোকক পাছ দিনালৈকে বন্দী কৰি ৰাখিলে। ৪ কিন্তু যিসকল লোকে সেই ভাষণ শুনিছিল, তেওঁলোকৰ মাজৰ বহুতো লোকে বিশ্বাস কৰিলে আৰু এই বিশ্বাস কৰা লোকসকলৰ মাজত পুৰুষৰ সংখ্যা আছিল প্ৰায় ৫,০০০ জন।

৫ পাছ দিনাখন যিৰূচালেমত যিহূদীসকলৰ নেতা, ধৰ্ম-অধিকাৰী আৰু নিয়ম শিকোৱা লোকসকল* একগোট হʼল। ৬ তেওঁলোকৰ লগত প্ৰধান পুৰোহিত হানন, কায়াফা, যোহন, আলেকজেন্দাৰ আৰু প্ৰধান পুৰোহিতৰ পৰিয়ালৰ লোকসকলেও আছিল। ৭ তেওঁলোকে পিতৰ আৰু যোহনক নিজৰ মাজত থিয় কৰাই তেওঁলোকক সোধ-পোছ কৰিবলৈ আৰম্ভ কৰিলে, “তোমালোকে এই কামবোৰ কি অধিকাৰেৰে কৰিছা আৰু কাৰ নামেৰে এইবোৰ কৰিছা?” ৮ তেতিয়া পিতৰে পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কʼলে,

“হে ধৰ্ম-অধিকাৰী আৰু যিহূদীৰ নেতাসকল, ৯ আজি দিনটোত যদি খোৰা মানুহজনক সুস্থ কৰাৰ কাৰণে আমাক সোধ-পোছ কৰা হৈছে যে ইয়াক কোনে ঠিক কৰিলে, ১০ তেনেহʼলে আপোনালোকে আৰু ইস্ৰায়েলৰ সকলোৱে জানি লওক যে নাচৰতীয়া যীচুৰ নামেৰে এই ব্যক্তিজন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে। হয়, সেইজন যীচুৰ নামেৰেই যিজনক আপোনালোকে কাঠত আঁৰি হত্যা কৰিছিলে, কিন্তু ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে। ১১ যীচুৱেই ‘সেই শিল, যাক ৰাজমিস্ত্ৰীসকলে অৱহেলা কৰিলে, কিন্তু সেয়াই চুকৰ প্ৰধান শিল* হৈ পৰিল।’ ১২ এয়াও জানি লওক যে আন কাৰোবাৰ যোগেদি উদ্ধাৰ পোৱা নাযাব, কিয়নো ঈশ্বৰে আমাক উদ্ধাৰ কৰিবলৈ পৃথিৱীত মানুহৰ মাজত আন কোনো নাম বাছনি কৰা নাই।”

১৩ পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক কম পঢ়া-শুনা* সাধাৰণ মানুহ বুলি জানি তেওঁলোকে আচৰিত হʼল। তাৰ পাছত তেওঁলোকে জানিব পাৰিলে যে এওঁলোক যীচুৰ লগত থাকিছিল। ১৪ সেই সুস্থ হোৱা মানুহজন পিতৰ আৰু যোহনৰ লগত থিয় হৈ থকা দেখি তেওঁলোকে পাঁচনিসকলৰ বিৰুদ্ধে একো কʼব নোৱাৰিলে। ১৫ তেওঁলোকে পিতৰ আৰু যোহনক মহা-সভাৰ ভৱনৰ পৰা বাহিৰলৈ ওলাই যাবলৈ আদেশ দিলে। তাৰ পাছত তেওঁলোকে এজনে-আনজনৰ মাজত আলোচনা কৰিবলৈ ধৰিলে ১৬ আৰু কʼবলৈ ধৰিলে, “আমি এই মানুহবিলাকৰ লগত কি কৰিম? কিয়নো এয়া সঁচা যে তেওঁলোকে এটা ডাঙৰ চমৎকাৰ কৰিলে, যাক যিৰূচালেমত থকা সকলোৱে দেখিলে আৰু আমি ইয়াক মিছা বুলি কʼব নোৱাৰোঁ। ১৭ গতিকে আহা, মানুহৰ মাজত যেন এই কথা বিয়পি নাযায়, সেই কাৰণে এওঁলোকক এই নামেৰে আন লোকৰ আগত কোনো কথা নকʼবলৈ আমি তেওঁলোকক ধমকি দিওঁ।”

১৮ তাৰ পাছত তেওঁলোকে শিষ্যসকলক মাতিলে আৰু যীচুৰ নামেৰে কোনো কথা নকʼবলৈ আৰু শিক্ষা নিদিবলৈ তেওঁলোকক আদেশ দিলে। ১৯ কিন্তু পিতৰ আৰু যোহনে তেওঁলোকক উত্তৰ দিলে, “ঈশ্বৰৰ কথা নুশুনি আপোনালোকৰ কথা শুনাটো ঈশ্বৰৰ দৃষ্টিত উচিত নে, সেয়া আপোনালোকেই বিচাৰ কৰক। ২০ কিন্তু যিবোৰ আমি দেখিলোঁ আৰু শুনিলোঁ, সেইবোৰ নোকোৱাকৈ আমি থাকিব নোৱাৰোঁ।” ২১ তেওঁলোকে পিতৰ আৰু যোহনক আৰু এবাৰ ধমকি দি এৰি দিলে, কিয়নো তেওঁলোকক শাস্তি দিয়াৰ কোনো কাৰণ বিচাৰি নাপালে। অধিকাৰীসকলে লোকসকলকো ভয় কৰিছিল। কিয়নো যি ঘটনা ঘটিছিল, তাৰ কাৰণে সকলোৱে ঈশ্বৰৰ মহিমা কৰি আছিল। ২২ যিজন মানুহক চমৎকাৰ কৰি সুস্থ কৰা হৈছিল, তেওঁৰ বয়স ৪০ বছৰতকৈ বেছি আছিল।

২৩ পিতৰ আৰু যোহনক এৰি দিয়াৰ পাছত তেওঁলোকে নিজৰ লোকসকলৰ ওচৰলৈ গʼল আৰু তেওঁলোকক সেই সকলো কথা জনালে, যি প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলে তেওঁলোকক কৈছিল। ২৪ এয়া শুনাৰ পাছত তেওঁলোক সকলোৱে একেলগে জোৰেৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলে:

“হে গোটেই বিশ্বৰ মালিক, তুমিয়েই আকাশ, পৃথিৱী, সমুদ্ৰ আৰু ইয়াত যি যি আছে, সেই সকলোবোৰ সৃষ্টি কৰিলা। ২৫ আৰু তুমি পবিত্ৰ শক্তিৰ যোগেদি তোমাৰ সেৱক, আমাৰ পূৰ্বপুৰুষ দায়ূদৰ যোগেদি কৈছিলা, ‘ৰাষ্ট্ৰৰ লোকসকলে কিয় ক্ৰোধিত হৈছে? দেশৰ লোকসকলে কিয় অনৰ্থক কথাবোৰৰ বিষয়ে চিন্তা কৰিছে? ২৬ যিহোৱা* আৰু তেওঁৰ অভিষিক্ত জনাৰ* বিৰুদ্ধে পৃথিৱীৰ ৰজাসকল একেলগে উঠিছে আৰু শাসনকৰ্তাসকল একগোট হৈছে।’ ২৭ আৰু সঁচাকৈ এইদৰেই হʼল। ৰজা হেৰোদ আৰু পন্তীয় পীলাত দুয়োজনে যিহূদী নোহোৱা লোক আৰু ইস্ৰায়েলী লোকসকলৰ লগত মিলি এই চহৰত তোমাৰ পবিত্ৰ সেৱক যীচুৰ বিৰুদ্ধে একগোট হৈছিল, যিজনক তুমি অভিষেক কৰিছিলা ২৮ যাতে তেওঁলোকে যীচুৰ লগত সেই সকলোবোৰ কৰে, যি তুমি নিজৰ শক্তি আৰু ইচ্ছাৰ অনুসৰি আগতেই নিৰ্ণয় লৈছিলা। ২৯ এতিয়া হে যিহোৱা,* তেওঁলোকৰ ধমকিলৈ ধ্যান দিয়া আৰু নিজৰ দাসসকলক সহায় কৰা যাতে তেওঁলোকে ভয় নকৰাকৈ তোমাৰ বাক্য শুনাই থাকে ৩০ আৰু তুমি নিজৰ হাত আগবঢ়াই লোকসকলক সুস্থ কৰি থাকা আৰু তোমাৰ পবিত্ৰ সেৱক যীচুৰ নামেৰে চমৎকাৰ আৰু আশ্চৰ্য্যজনক কাম হৈ থাকক।”

৩১ এনেদৰে মিনতি কৰাৰ পাছত যি ঠাইত তেওঁলোক একগোট হৈ আছিল, সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হʼল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কʼবলৈ ধৰিলে।

৩২ বিশ্বাস কৰা সকলোৱে মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ মাজত কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি কোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে সকলো বস্তু তেওঁলোকে এজনে-আনজনৰ লগত ভগাই লৈছিল। ৩৩ আৰু পাঁচনিসকলে প্ৰভাৱশালীৰূপে প্ৰভু যীচু মৃতবিলাকৰ মাজৰ পৰা জীয়াই উঠিল বুলি সাক্ষ্য দিবলৈ ধৰিলে আৰু সেই সকলোৰে ওপৰত ঈশ্বৰৰ মহা-কৃপা থাকিল। ৩৪ আচলতে, তেওঁলোকৰ মাজৰ এজনৰো একো অভাৱ হোৱা নাছিল, কিয়নো যিসকলৰ ওচৰত খেতি-বাতি বা ঘৰ-বাৰী আছিল, তেওঁলোকে সেইবোৰ বিক্ৰী কৰি দিছিল আৰু বিক্ৰী কৰি পোৱা টকা ৩৫ পাঁচনিসকলৰ ওচৰলৈ লৈ আনিছিল। আৰু প্ৰতিজনকে তেওঁলোকৰ প্ৰয়োজন অনুসৰি সেই টকা ভগাই দিয়া হৈছিল। ৩৬ যোচেফ নামৰ এজন লেবী আছিল আৰু তেওঁ কুপ্ৰ দ্বীপত থাকিছিল। পাঁচনিসকলে তেওঁক বাৰ্ণব্বা বুলি মাতিছিল (যাৰ অৰ্থ হৈছে, “শান্ত্বনাৰ লʼৰা”)। ৩৭ তেওঁৰ ওচৰত এডোখৰ মাটি আছিল, সেই মাটি বিক্ৰী কৰি তেওঁ যি টকা পাইছিল, সেয়া তেওঁ পাঁচনিসকলৰ ওচৰলৈ লৈ আনিছিল।

৫ অননিয় নামৰ এজন ব্যক্তি আৰু তেওঁৰ পত্নী চাফীৰাও তেওঁলোকৰ অলপ মাটি বিক্ৰী কৰিলে। ২ কিন্তু অননিয়ই মাটি বিক্ৰী কৰি যি টকা পাইছিল, তাৰ কিছু অংশ নিজৰ ওচৰত মনে মনে ৰাখিলে আৰু বাকী অংশখিনি পাঁচনিসকলৰ* ওচৰলৈ লৈ গʼল আৰু এই কথাটো তেওঁৰ পত্নীও জানিছিল। ৩ তেতিয়া পিতৰে কʼলে, “অননিয় চয়তানে তোমাক ইমান সাহস দিলে নে যে তুমি পবিত্ৰ শক্তিক মিছা কথা কʼলা আৰু মাটি বিক্ৰী কৰি কিছু টকা নিজৰ ওচৰত লুকুৱাই ৰাখিলা? ৪ যেতিয়ালৈকে সেয়া তোমাৰ ওচৰত আছিল, তেতিয়ালৈকে সেয়া তোমাৰ নাছিল নে আৰু বেচাৰ পাছতো সেই টকাৰ ওপৰত তোমাৰ অধিকাৰ নাছিল নে? তেনেহʼলে তুমি কিয় নিজৰ মনত এনে কাম কৰিবলৈ চিন্তা কৰিলা? তুমি মানুহক নহয়, কিন্তু ঈশ্বৰক মিছা কথা কʼলা।” ৫ এই কথা শুনাৰ লগে লগে অননিয়ই মাটিত পৰি মৰি গʼল আৰু যিসকলে এই বিষয়ে শুনিলে, তেওঁলোকে বৰ ভয় খালে। ৬ তাৰ পাছত কেইজনমান ডেকাই উঠি, তাক কাপোৰেৰে মেৰিয়ালে আৰু বাহিৰলৈ নি কবৰ দিলে।

৭ প্ৰায় তিনি ঘণ্টাৰ পাছত তেওঁৰ পত্নী আহিলে আৰু তাত কি হৈছিল, তেওঁ জনা নাছিল। ৮ পিতৰে তেওঁক কʼলে, “মোক কোৱা তোমালোক দুয়োজনে নিজৰ মাটি ইমান দামতে বেচিছিলা নে?” তেওঁ কʼলে, “হয়, ইমান দামতে বেচিছিলোঁ।” ৯ পিতৰে তেওঁক কʼলে, “যিহোৱাৰ* পবিত্ৰ শক্তিক পৰীক্ষা কৰিবলৈ তোমালোক দুয়োজনে কিয় একমত হʼলা? চোৱা! তোমাৰ স্বামীক কবৰ দিয়া লোকসকলে দুৱাৰ মুখতে আছে আৰু এতিয়া তেওঁলোকে তোমাকো উঠাই লৈ যাব।” ১০ সেই সময়তে তেওঁ পিতৰৰ ভৰিত পৰি মৰি গʼল। যেতিয়া সেই ডেকাসকলে ভিতৰলৈ আহিলে, তেতিয়া তেওঁলোকে তেওঁক মৰি থকা পালে আৰু তেওঁলোকে তেওঁক উঠাই বাহিৰলৈ লৈ গʼল আৰু তেওঁৰ স্বামীৰ ওচৰত কবৰ দিলে। ১১ এই ঘটনাৰ পৰা গোটেই মণ্ডলীয়ে আৰু ইয়াৰ বিষয়ে শুনা সকলোৱে বৰ ভয় খালে।

১২ পাঁচনিসকলে লোকসকলৰ মাজত আৰু বহুতো চমৎকাৰ আৰু আশ্চৰ্য্যজনক কাম কৰি থাকিল। তেওঁলোক সকলোৱে ‘চলোমনৰ স্তম্ভ থকা বাৰান্দাত’ একগোট হৈছিল। ১৩ আন লোকসকলৰ মাজৰ কোনেও তেওঁলোকৰ লগত যোগ দিবলৈ সাহস কৰা নাছিল। তথাপিও লোকসকলে শিষ্যসকলৰ প্ৰশংসা কৰিছিল। ১৪ ইয়াৰ উপৰিও আৰু বহুতো পুৰুষ আৰু তিৰোতাই প্ৰভুৰ ওপৰত বিশ্বাস কৰি শিষ্য হʼবলৈ ধৰিলে। ১৫ আনকি, পিতৰে সেই ফালেদি যোৱাৰ সময়ত অন্ততঃ তেওঁৰ ছাঁ যেন বেমাৰীবিলাকৰ গাত পৰে। সেইবাবে, লোকসকলে বেমাৰীবিলাকক ৰাস্তাৰ কাষত বিছনা আৰু খাটত শুৱাই থৈছিল। ১৬ যিৰূচালেমৰ আশে-পাশে থকা চহৰৰ পৰাও বহুতো লোক তালৈ আহি আছিল আৰু বেমাৰী আৰু দুষ্ট স্বৰ্গদূতে পোৱা লোকসকলকো লৈ আহিছিল আৰু তেওঁলোক সকলোৱে সুস্থ হৈ গৈছিল।

১৭ কিন্তু মহা-পুৰোহিত আৰু সেই সকলো লোক, যিসকল তেওঁৰ লগত আছিল অৰ্থাৎ চদ্দূকীবিলাকৰ গোটৰ লোকসকল ঈৰ্ষাত জ্বলি উঠিল। ১৮ তেওঁলোকে পাঁচনিসকলক ধৰিলে* আৰু জেলত বন্দী কৰি দিলে। ১৯ কিন্তু ৰাতি যিহোৱাৰ* স্বৰ্গদূতে জেলৰ দুৱাৰখন খুলি দিলে আৰু বাহিৰলৈ আনি তেওঁলোকক কʼলে, ২০ “যোৱা আৰু গৈ মন্দিৰত লোকসকলক জীৱনৰ* বাৰ্তা শুনোৱা।” ২১ সেইবাবে, ৰাতিপুৱা হোৱাৰ লগে লগে তেওঁলোকে মন্দিৰলৈ গৈ শিকাবলৈ ধৰিলে।

তাৰ পাছত যেতিয়া মহা-পুৰোহিত আৰু তেওঁৰ লগৰবিলাকে আহিলে, তেতিয়া তেওঁলোকে মহা-সভা আৰু ইস্ৰায়েলৰ সকলো যিহূদী নেতাক একগোট কৰিলে আৰু জেলৰ পৰা পাঁচনিসকলক লৈ আনিবলৈ পহৰা দিয়া লোকসকলক পঠিয়ালে। ২২ কিন্তু তাত গৈ পহৰা দিয়া লোকসকলে দেখিলে যে তেওঁলোকে জেলত নাই। সেইবাবে, তেওঁলোকে উভতি আহি এই খবৰ দিলে, ২৩ “আমি দেখিলোঁ যে জেলৰ দুৱাৰখন ভালদৰে বন্ধ আছে আৰু পহৰা দিয়া লোকসকলে দুৱাৰ মুখত ৰৈ আছে, কিন্তু দুৱাৰখন খোলাৰ পাছত আমি ভিতৰত কাকো নাপালোঁ।” ২৪ যেতিয়া মন্দিৰৰ পহৰা দিয়া লোকসকলৰ অধ্যক্ষ আৰু প্ৰধান পুৰোহিতে এয়া শুনিলে, তেতিয়া আগলৈ কি হʼব বুলি তেওঁলোকে চিন্তিত হʼল। ২৫ কিন্তু কোনোবাই আহি তেওঁলোকক খবৰ দিলে, “চাওক! আপোনালোকে যিসকল মানুহক জেলত বন্দী কৰি থৈছিলে, তেওঁলোকেতো মন্দিৰত আছে আৰু তাত থিয় হৈ লোকসকলক শিকাই আছে।” ২৬ তেতিয়া সেই অধ্যক্ষই নিজৰ পহৰা দিয়া লোকসকলৰ লগত গৈ তেওঁলোকক লৈ আহিলে। কিন্তু মানুহবোৰে শিল দলিয়াই মাৰিব পাৰে বুলি ভয় খাই তেওঁলোকে পাঁচনিসকলৰ লগত কোনো জোৰ-জবৰদস্তি কৰা নাছিল।

২৭ তেওঁলোকে পাঁচনিসকলক লৈ আহি মহা-সভাৰ আগত থিয় কৰালে। মহা-পুৰোহিতে তেওঁলোকক কিছুমান প্ৰশ্ন সুধিলে ২৮ আৰু কʼলে, “এই নামেৰে শিক্ষা নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ, কিন্তু তথাপিও চোৱা! তোমালোকে নিজৰ শিক্ষাৰে গোটেই যিৰূচালেম পূৰ কৰিলা আৰু তোমালোকে এই মানুহজনৰ তেজৰ দোষ আমাৰ ওপৰত জাপি দিবলৈ বিচাৰিছা।” ২৯ তেতিয়া পিতৰ আৰু আন পাঁচনিসকলে কʼলে, “আমি মানুহতকৈ ঈশ্বৰৰ* আজ্ঞা মানিব লাগে। ৩০ যিজন যীচুক আপোনালোকে কাঠত* আঁৰি হত্যা কৰিছিলে, তেওঁক আমাৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰে জীৱিত কৰিলে। ৩১ ঈশ্বৰে তেওঁকে ওখ পদ দি মুখ্য অধিকাৰী আৰু উদ্ধাৰকৰ্তা হিচাপে নিযুক্ত কৰিলে আৰু নিজৰ সোঁফালে বহুৱালে যাতে ইস্ৰায়েলীসকলে অনুতাপ কৰে আৰু পাপৰ ক্ষমা পায়। ৩২ আমি এই সকলো কথাৰ সাক্ষী হওঁ আৰু যিসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ শক্তি দিছে, সেই পবিত্ৰ শক্তিও ইয়াৰ সাক্ষী হয়।”

৩৩ যেতিয়া তেওঁলোকে এয়া শুনিলে, তেতিয়া তেওঁলোকৰ বহুত খং উঠিল আৰু তেওঁলোকক হত্যা কৰিব বিচাৰিছিল। ৩৪ কিন্তু মহা-সভাত গমলীয়েল নামৰ এজন ফৰীচী থিয় হʼল, তেওঁ নিয়মৰ শিক্ষক আছিল আৰু এজন সন্মানীয় ব্যক্তি আছিল। তেওঁ পাঁচনিসকলক কিছু সময়ৰ কাৰণে বাহিৰলৈ লৈ যাবলৈ আদেশ দিলে। ৩৫ তাৰ পাছত গমলীয়েলে তেওঁলোকক কʼলে, “হে ইস্ৰায়েলৰ লোকসকল, আপোনালোকে এই মানুহবিলাকৰ লগত যি কৰিব বিচাৰিছে, তাৰ বিষয়ে ভালদৰে চিন্তা কৰি লওক। ৩৬ উদাহৰণস্বৰূপে, ইয়াৰ আগতেও থূদা নামৰ এজন ব্যক্তিয়ে আহি নিজকে মহান বুলি দাবী কৰিছিল আৰু প্ৰায় ৪০০ জন লোক তেওঁৰ গোটত জড়িত হৈছিল, কিন্তু তেওঁক হত্যা কৰা হʼল আৰু যিমান লোকে তেওঁক অনুকৰণ কৰিছিল তেওঁলোক সকলোৱে ছিন্ন-ভিন্ন হৈ গʼল। ৩৭ তাৰ পাছত নাম লিখাৰ সময়ত গালীলৰ যিহূদা নামৰ এজন ব্যক্তিয়ে আহি লোকসকলক ফুচলাই নিজৰ ফলিয়া কৰিলে, কিন্তু সেই মানুহজনো মৰিল আৰু যিসকলে তেওঁৰ অনুকৰণ কৰিছিল, সেই সকলোৱে ছিন্ন-ভিন্ন হৈ গʼল। ৩৮ সেইবাবে, এতিয়াৰ পৰিস্থিতি চাই মই আপোনালোকক কৈছোঁ যে এই মানুহবিলাকৰ কামত বাধা নিদিব, এওঁলোকক এৰি দিয়ক। কিয়নো যদি এই যোজনা বা এই কাম মানুহৰ ফালৰ পৰা হয়, তেনেহʼলে এয়া নাইকিয়া হৈ যাব। ৩৯ কিন্তু এয়া যদি ঈশ্বৰৰ ফালৰ পৰা হয়, তেনেহʼলে আপোনালোকে ইয়াক নাইকিয়া কৰিব নোৱাৰে। নহʼলে, হয়তো আপোনালোকে ঈশ্বৰৰ বিৰুদ্ধে যুঁজ কৰাৰ দৰে হʼব।” ৪০ তেওঁলোকে তেওঁৰ কথা মানি লʼলে আৰু পাঁচনিসকলক মাতি চাবুকেৰে কোবোৱালে আৰু যীচুৰ নামেৰে কʼবলৈ বন্ধ কৰিবলৈ তেওঁলোকক আদেশ দিলে আৰু তাৰ পাছত তেওঁলোকক যাবলৈ দিলে।

৪১ তেতিয়া পাঁচনিসকলে যীচুৰ নামেৰে অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহা-সভাৰ পৰা গুচি গʼল। ৪২ আৰু তেওঁলোকে প্ৰতিদিনে মন্দিৰত আৰু ঘৰে ঘৰে গৈ শিকাই থাকিল আৰু যীচু খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা শুনাই থাকিল।

৬ সেই সময়ত শিষ্যসকলৰ সংখ্যা বাঢ়ি আছিল। তেতিয়া গ্ৰীক ভাষা কোৱা যিহূদী শিষ্যসকলে হিব্ৰু ভাষা কোৱা যিহূদী শিষ্যসকলৰ বিষয়ে অভিযোগ কৰিবলৈ ধৰিলে। কিয়নো প্ৰতিদিনে খোৱা-বোৱা বিলোৱাৰ সময়ত গ্ৰীক ভাষা কোৱা বিধৱাসকলক অৱহেলা কৰা হৈছিল। ২ তেতিয়া সেই ১২ জন পাঁচনিয়ে* আন সকলো শিষ্যক মাতিলে আৰু তেওঁলোকক কʼলে, “আমি পাঁচনিসকলে ঈশ্বৰৰ বাক্য শিকাবলৈ বাদ দি খোৱা-বোৱা বিলোৱা কামত লাগি যোৱাটো উচিত নহয়। ৩ সেইবাবে, ভাইসকল, নিজৰ মাজৰ পৰা এনে সাতজন মানুহক বাছনি কৰা, যিসকলৰ তোমালোকৰ মাজত ভাল নাম আছে আৰু যিসকল পবিত্ৰ শক্তি আৰু বুদ্ধিৰে পৰিপূৰ্ণ হয় যাতে আমি তেওঁলোকক এই গুৰুত্বপূৰ্ণ কামৰ চোৱা-চিতা কৰিবলৈ নিযুক্ত কৰিব পাৰোঁ। ৪ আৰু আমি প্ৰাৰ্থনা কৰা আৰু বাক্য শিকোৱা কামত লাগি থাকিম।” ৫ এই কথা সকলোৰে ভাল লাগিল আৰু তেওঁলোকে এই মানুহবিলাকক বাছনি কৰিলে: স্তিফান, যিজন বিশ্বাস আৰু পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ আছিল আৰু ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পাৰ্মিনা আৰু নিকলায়। নিকলায় আন্তিয়খিয়াৰ আছিল আৰু তেওঁ যিহূদী ধৰ্ম গ্ৰহণ কৰিছিল। ৬ তেওঁলোকে এই সাতজনক পাঁচনিসকলৰ ওচৰলৈ লৈ আহিলে। তেওঁলোকে প্ৰাৰ্থনা কৰিলে আৰু তেওঁলোকৰ ওপৰত হাত থʼলে।

৭ সেইবাবে, ঈশ্বৰৰ বাক্য বিয়পি গʼল আৰু যিৰূচালেমত শিষ্যসকলৰ সংখ্যা বাঢ়ি থাকিল আৰু বহুতো পুৰোহিতেও প্ৰভুত বিশ্বাস কৰিবলৈ ধৰিলে।

৮ স্তিফানৰ ওপৰত ঈশ্বৰৰ কৃপা আছিল আৰু তেওঁ ঈশ্বৰৰ শক্তিৰে পৰিপূৰ্ণ আছিল। সেইবাবে, তেওঁ লোকসকলৰ মাজত ডাঙৰ ডাঙৰ আশ্চৰ্য্যজনক কাম আৰু চমৎকাৰ কৰিছিল। ৯ কিন্তু ‘স্বাধীন দলৰ সভাঘৰ’ বুলি কোৱা সমূহৰ কিছুমান মানুহ, লগতে কুৰীণীয়া, আলেকজেন্দ্ৰিয়া, কিলিকিয়া আৰু এচিয়াৰ লোকসকলে স্তিফানৰ বিৰুদ্ধে থিয় হʼল আৰু তেওঁৰ লগত তৰ্ক কৰিবলৈ ধৰিলে। ১০ কিন্তু স্তিফানে বুদ্ধিমতাৰে আৰু পবিত্ৰ শক্তিৰ সহায়ত তেওঁলোকক উত্তৰ দিলে। সেইবাবে, তেওঁলোকে স্তিফানৰ বিৰোধ কৰিব নোৱাৰিলে। ১১ তেতিয়া তেওঁলোকে মনে মনে কিছুমান মানুহক এই কথা কʼবলৈ উচটালে: “আমি ইয়াক মোচি আৰু ঈশ্বৰৰ বিৰুদ্ধে নিন্দাজনক কথা কোৱা শুনিলোঁ।” ১২ তেওঁলোকে জনসাধাৰণ, যিহূদীসকলৰ নেতা আৰু নিয়ম শিকোৱা লোকসকলক* উচটালে আৰু হঠাতে তেওঁলোকে তেওঁৰ ওচৰলৈ আহি জোৰ-জবৰদস্তি কৰি তেওঁক মহা-সভালৈ লৈ গʼল। ১৩ আৰু তেওঁলোকে মিছা সাক্ষীসকলক লৈ আহিলে, যিসকলে কৈছিল, “এই মানুহজনে আমাৰ পবিত্ৰ মন্দিৰ আৰু ঈশ্বৰৰ নিয়মৰ বিৰুদ্ধে কʼবলৈ বন্ধ কৰা নাই। ১৪ যেনে, আমি ইয়াক এয়া কোৱা শুনিছোঁ যে নাচৰতীয়া যীচুৱে এই মন্দিৰক ধ্বংস কৰিব আৰু সেই ৰীতি-নীতিবোৰ সলনি কৰিব, যি আমি মোচিৰ পৰা পাইছোঁ।”

১৫ যেতিয়া মহা-সভাত বহি থকা সকলোৱে স্তিফানৰ ফালে চালে, তেতিয়া তেওঁলোকে স্তিফানৰ চেহেৰা এজন স্বৰ্গদূতৰ চেহেৰাৰ দৰে দেখা পালে।

৭ তাৰ পাছত মহা-পুৰোহিতে তেওঁক সুধিলে, “এই কথা সঁচা নে?” ২ স্তিফানে উত্তৰ দিলে, “ভাইসকল আৰু পিতৃ সমান বয়সস্থ লোকসকল, শুনক। আমাৰ পূৰ্বপুৰুষ অব্ৰাহাম হাৰোণত থকাৰ আগেয়ে যেতিয়া মিচপতামিয়াত আছিল, তেতিয়া মহিমাৰে পৰিপূৰ্ণ ঈশ্বৰে তেওঁক দৰ্শন দিছিল ৩ আৰু তেওঁক কৈছিল, ‘তুমি নিজৰ দেশ আৰু সম্বন্ধীয় লোকসকলক এৰি এনে এখন দেশলৈ যোৱা, যি মই তোমাক দেখুৱাম।’ ৪ তেতিয়া অব্ৰাহামে কলদীয়াবিলাকৰ সেই দেশৰ পৰা ওলাই হাৰোণত থাকিবলৈ ধৰিলে। পাছত তেওঁৰ দেউতাৰ মৃত্যু হোৱাত ঈশ্বৰে তেওঁক তাৰ পৰা উলিয়াই এই দেশলৈ আনিলে, যʼত এতিয়া তোমালোকে থাকা। ৫ তথাপি ঈশ্বৰে সেই সময়ত অব্ৰাহামক এই দেশত কোনো মাটি নিদিলে আনকি ভৰি থʼবলৈও ঠাই নিদিলে। কিন্তু ঈশ্বৰে এই দেশ তেওঁক আৰু তেওঁৰ বংশক দিবলৈ প্ৰতিজ্ঞা কৰিছিল, যদিও সেই সময়লৈকে অব্ৰাহামৰ কোনো সন্তান নাছিল। ৬ আৰু ঈশ্বৰে এয়াও কʼলে যে অব্ৰাহামৰ বংশই বিদেশত বিদেশী হিচাপে থাকিব আৰু তাৰ লোকসকলে তেওঁলোকক দাস হিচাপে ৰাখিব আৰু ৪০০ বছৰলৈকে তেওঁলোকক অত্যাচাৰ কৰিব।* ৭ তাৰ পাছত ঈশ্বৰে কʼলে, ‘যি দেশত তেওঁলোকে দাস হিচাপে সেৱা কৰিব, তাক মই শাস্তি দিম আৰু এই সকলো হোৱাৰ পাছত তেওঁলোকে তাৰ পৰা ওলাই আহিব আৰু এই ঠাইত মোৰ পবিত্ৰ সেৱা কৰিব।’

৮ ঈশ্বৰে অব্ৰাহামৰ লগত চুন্নতৰ চুক্তিও কৰিলে। তাৰ পাছত অব্ৰাহাম ইচহাকৰ পিতৃ হʼল আৰু আঠদিনৰ দিনা তাৰ চুন্নৎ কৰা হʼল। আৰু ইচহাকৰ পৰা যাকোবৰ জন্ম হʼল* আৰু যাকোবৰ ১২ জন লʼৰা হʼল, যিসকলে নিজৰ গোষ্ঠীৰ মুৰব্বী* হʼল। ৯ তেওঁলোকে নিজৰ ভায়েক যোচেফক ঈৰ্ষা কৰিবলৈ ধৰিলে আৰু তেওঁলোকে তেওঁক মিচৰীয়াবিলাকৰ হাতত বেচি দিলে। কিন্তু ঈশ্বৰ যোচেফৰ লগত আছিল। ১০ ঈশ্বৰে তেওঁক সকলো সমস্যাৰ পৰা উলিয়ালে আৰু তেওঁক এইদৰে যোগ্য কৰি তুলিলে যে তেওঁ ফৰৌণৰ মন জয় কৰিব পাৰিলে আৰু যোচেফ তেওঁৰ ওচৰত বুদ্ধিমান বুলি প্ৰমাণিত হʼল। আৰু ফৰৌণে তেওঁক মিচৰ আৰু নিজৰ গোটেই ঘৰৰ অধিকাৰী পাতিলে। ১১ কিন্তু তাৰ পাছত গোটেই মিচৰ দেশ আৰু কনান দেশত এটা ডাঙৰ সংকট আহি পৰিল। তাত আকাল হʼল আৰু আমাৰ পূৰ্বপুৰুষসকলে কʼতো খাবলৈ একো বস্তু পোৱা নাছিল। ১২ কিন্তু যেতিয়া যাকোবে শুনিলে যে মিচৰত খোৱা-বোৱাৰ বস্তু* আছে, তেতিয়া তেওঁ নিজৰ লʼৰাবিলাক অৰ্থাৎ আমাৰ পূৰ্বপুৰুষসকলক প্ৰথমবাৰ তালৈ পঠালে। ১৩ আৰু যেতিয়া তেওঁলোকে দ্বিতীয়বাৰ তালৈ গʼল, তেতিয়া যোচেফে নিজৰ ভায়েকবিলাকক জনালে যে তেওঁ কোন হয় আৰু ফৰৌণে তেওঁৰ পৰিয়ালৰ বিষয়ে গʼম পালে। ১৪ তেতিয়া যোচেফে নিজৰ দেউতা যাকোবক আৰু নিজৰ পৰিয়ালৰ সকলো লোকক কনানৰ পৰা মাতিলে, তেওঁলোক মুঠ ৭৫ জন আছিল। ১৫ তেতিয়া যাকোবে আহি মিচৰত থাকিবলৈ ধৰিলে আৰু তাতে তেওঁৰ মৃত্যু হʼল আৰু আমাৰ পূৰ্বপুৰুষসকলৰো মৃত্যু হʼল ১৬ আৰু তেওঁলোকৰ হাড়বোৰ চিখিমলৈ লৈ অনা হʼল আৰু সেই কবৰত থোৱা হʼল, যি অব্ৰাহামে চিখিমত হমোৰৰ লʼৰাবিলাকৰ পৰা ৰূপ দি কিনিছিল।

১৭ আৰু ঈশ্বৰে অব্ৰাহামক যি প্ৰতিজ্ঞা কৰিছিল, সেয়া পূৰ হোৱাৰ সময় যেতিয়া আহিল, তেতিয়া মিচৰত তেওঁৰ লোকসকলৰ সংখ্যা বাঢ়ি বাঢ়ি বহুত হʼল। ১৮ তাৰ পাছত মিচৰত আন এজন ৰজা হʼল, তেওঁ যোচেফৰ বিষয়ে নাজানিছিল। ১৯ তেওঁলোকে আমাৰ জাতিৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ কৰিলে আৰু আমাৰ পূৰ্বপুৰুষসকলক আদেশ দিলে যে তেওঁলোকে যেন নিজৰ সন্তানক জন্ম হোৱাৰ লগে লগে মৰিবলৈ এৰি দিয়ে। ২০ সেই সময়ছোৱাত মোচিৰ জন্ম হʼল আৰু সি বহুত ধুনীয়া* আছিল। তিনি মাহলৈকে তাৰ মা-দেউতাই তাক ঘৰতেই তুলি-তালি ডাঙৰ কৰিলে।* ২১ কিন্তু যেতিয়া তাক এৰি দিয়া হʼল, তেতিয়া ফৰৌণৰ ছোৱালীয়ে তাক তুলি নি নিজৰ লʼৰাৰ দৰে ডাঙৰ-দীঘল কৰিলে। ২২ আৰু মোচিক মিচৰীয়াবিলাকৰ সকলো ধৰণৰ শিক্ষা দিয়া হʼল। ইয়াৰ উপৰিও, তেওঁ প্ৰভাৱশালীৰূপে কথা পাতিছিল আৰু ডাঙৰ ডাঙৰ কাম কৰিছিল।

২৩ যেতিয়া তেওঁৰ বয়স ৪০ বছৰ হʼল, তেতিয়া তেওঁ গৈ নিজৰ ভাইবিলাকক অৰ্থাৎ আন ইস্ৰায়েলীক চাবলৈ* তেওঁৰ মন গʼল।* ২৪ যেতিয়া তেওঁ দেখিলে যে এজন মিচৰীয়াই এজন ইস্ৰায়েলীৰ লগত অন্যায় কৰি আছে, তেতিয়া তেওঁ গৈ তেওঁক বচালে আৰু মিচৰীয়াজনক হত্যা কৰি সেই ইস্ৰায়েলীৰ ফালৰ পৰা প্ৰতিশোধ লʼলে। ২৫ তেওঁ ভাবিলে যে ইস্ৰায়েলীসকলে এয়া বুজি পাব যে ঈশ্বৰে তেওঁৰ যোগেদি তেওঁলোকক উদ্ধাৰ কৰি আছে, কিন্তু তেওঁলোকে বুজি নাপালে। ২৬ পাছ দিনাখন যেতিয়া দুজন ইস্ৰায়েলীয়ে কাজিয়া কৰি আছিল, তেতিয়া তেওঁ তেওঁলোকৰ ওচৰলৈ গʼল আৰু তেওঁলোকক মিল হʼবলৈ কʼলে, ‘তোমালোক ভাই-ভাই হয়, তেনেহʼলে এজনে-আনজনৰ লগত কিয় বেয়া ব্যৱহাৰ কৰিছা?’ ২৭ কিন্তু যিজনে নিজৰ ভাইৰ লগত বেয়া ব্যৱহাৰ কৰি আছিল, তেওঁ মোচিক ঠেলা মাৰি কʼলে, ‘তোমাক কোনে আমাৰ অধিকাৰী আৰু ন্যায়ী পাতিলে? ২৮ কালি যেনেকৈ মিচৰীয়াজনক হত্যা কৰিলা, তেনেকৈ মোকো হত্যা কৰিব বিচাৰিছা নে?’ ২৯ এয়া শুনি মোচিয়ে তাৰ পৰা পলাই গʼল আৰু মিদিয়ান দেশত বিদেশীৰ দৰে থাকিবলৈ ধৰিলে। তাত তেওঁৰ দুজন লʼৰাৰ জন্ম হʼল।

৩০ ইয়াৰ ৪০ বছৰৰ পাছত যেতিয়া মোচি চীনয় পাহাৰৰ ওচৰৰ অৰণ্যত* আছিল, তেতিয়া এজন স্বৰ্গদূতে তেওঁৰ ওচৰত এটা জ্বলি থকা কাঁইটীয়া জোপোহাৰ শিখাৰ মাজত দেখা দিলে। ৩১ মোচিয়ে এয়া দেখি আচৰিত হʼল। যেতিয়া তেওঁ সেয়া চাবলৈ ওচৰলৈ গৈ আছিল, তেতিয়া তেওঁ যিহোৱাৰ* এই মাত শুনিবলৈ পালে, ৩২ ‘মই তোমাৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ আৰু যাকোবৰ ঈশ্বৰ হওঁ।’ এয়া শুনি মোচিয়ে কঁপিবলৈ ধৰিলে আৰু তেওঁ আগবাঢ়ি গৈ চাবলৈ সাহস নকৰিলে। ৩৩ যিহোৱাই* তেওঁক কʼলে, ‘তুমি নিজৰ ভৰিৰ জোতা খুলি দিয়া, কিয়নো যি ঠাইত তুমি থিয় হৈ আছা, সেয়া পবিত্ৰ হয়। ৩৪ মিচৰত মোৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰা মই দেখিছোঁ আৰু তেওঁলোকৰ দুখৰ কান্দোন শুনিছোঁ। মই তেওঁলোকক উদ্ধাৰ কৰিবলৈ আহিছোঁ। এতিয়া আহা, মই তোমাক মিচৰলৈ পঠাম।’ ৩৫ যিজন মোচিক তেওঁলোকে এইদৰে কৈ অস্বীকাৰ কৰিছিল, ‘তোমাক কোনে আমাৰ অধিকাৰী আৰু ন্যায়ী পাতিলে?’ সেইজনকে ঈশ্বৰে অধিকাৰী আৰু উদ্ধাৰকৰ্তা হিচাপে নিযুক্ত কৰি সেই স্বৰ্গদূতৰ যোগেদি পঠালে, যিজনে কাঁইটীয়া জোপোহাত তেওঁক দেখা দিছিল। ৩৬ এইজন মোচিয়ে তেওঁলোকক মিচৰ আৰু লোহিত সাগৰত* চমৎকাৰ আৰু আশ্চৰ্য্যজনক কাম দেখুৱাইছিল আৰু তেওঁলোকক তাৰ পৰা উলিয়াই আনিছিল। তেওঁ ৪০ বছৰ অৰণ্যতো এনেধৰণৰ আশ্চৰ্য্যজনক কাম কৰিলে।

৩৭ এয়া সেইজন মোচিয়েই হয়, যিজনে ইস্ৰায়েলীসকলক কৈছিল, ‘ঈশ্বৰে তোমালোকৰ ভাইসকলৰ মাজৰ পৰা তোমালোকৰ কাৰণে মোৰ দৰে এজন ভৱিষ্যবক্তাক নিযুক্ত কৰিব।’ ৩৮ এয়া সেইজন মোচিয়েই হয়, যিজনে অৰণ্যত ইস্ৰায়েলৰ মণ্ডলীৰ মাজত আছিল। আৰু সেই স্বৰ্গদূতজনৰ লগত আছিল, যিজনে চীনয় পাহাৰত তেওঁৰ লগত কথা পাতিছিল। মোচিয়ে আমাৰ পূৰ্বপুৰুষৰ লগত কথা পাতিছিল আৰু তেৱেঁই আমাক জনাবলৈ ঈশ্বৰৰ পৰা জীৱিত আৰু পবিত্ৰ বাক্য পাইছিল। ৩৯ আমাৰ পূৰ্বপুৰুষে তেওঁৰ কথা নুশুনিলে আৰু তেওঁক অস্বীকাৰ কৰিলে। তেওঁলোকে মনতে মিচৰলৈ উভতি যাবলৈ সপোন দেখিলে। ৪০ আৰু তেওঁলোকে হাৰোণক কʼলে, ‘নাজানোঁ সেই মোচিৰ কি হʼল, যিজনে আমাক মিচৰৰ পৰা উলিয়াই ইয়ালৈ লৈ আহিছিল, গতিকে এতিয়া আমাক বাট দেখুৱাই নিবলৈ দেৱতাবোৰ সাজি দিয়ক।’ ৪১ তাৰ পাছত তেওঁলোকে এটা দামুৰিৰ মূৰ্তি সাজিলে আৰু সেই মূৰ্তিৰ আগত বলিদান আগবঢ়ালে। আৰু নিজ হাতেৰে সজা সেই মূৰ্তিৰ আগত আনন্দ-ফূৰ্তি কৰিবলৈ ধৰিলে। ৪২ সেইবাবে, ঈশ্বৰে তেওঁলোকক ত্যাগ কৰিলে আৰু আকাশৰ গ্ৰহ-নক্ষত্ৰবোৰক উপাসনা কৰিবলৈ এৰি দিলে, যিদৰে ভৱিষ্যবক্তাসকলৰ কিতাপত লিখা আছে, ‘হে ইস্ৰায়েল জাতি, তোমালোকে ৪০ বছৰলৈকে অৰণ্যত মোৰ কাৰণে বলিদান আৰু উছৰ্গা আগবঢ়াইছিলা নে? ৪৩ নহয়, ইয়াৰ পৰিৱৰ্তে তোমালোকে মোলকৰ তম্বু আৰু ৰিফনৰ দেৱতাৰ তৰাৰ মূৰ্তিবোৰ লৈ ফুৰিছিলা, যিবোৰক তোমালোকে উপাসনা কৰিবলৈ সাজিছিলা। সেইবাবে, মই তোমালোকক দেশৰ পৰা উলিয়াই বাবিলৰ সিপাৰলৈ পঠাই দিম।’

৪৪ আমাৰ পূৰ্বপুৰুষসকলৰ ওচৰত অৰণ্যত সাক্ষ্যৰ তম্বু আছিল, ঈশ্বৰে মোচিক যিদৰে আজ্ঞা দিছিল আৰু মোচিয়ে যিদৰে নমুনা দেখিছিল, সেই অনুসৰি তেওঁ তম্বু সাজিছিল। ৪৫ এই তম্বু আমাৰ পূৰ্বপুৰুষসকলক দিয়া হʼল আৰু তেওঁলোকে ইয়াক যিহোচূৱাৰ লগত এই দেশত লৈ আনিলে, যʼত আন জাতিবিলাক থাকিছিল আৰু যিসকলক ঈশ্বৰে আমাৰ পূৰ্বপুৰুষসকলৰ ওচৰৰ পৰা খেদি দিছিল। সাক্ষ্যৰ এই তম্বু দায়ূদৰ দিনলৈকে এই ঠাইতে আছিল। ৪৬ দায়ূদৰ ওপৰত ঈশ্বৰৰ কৃপা আছিল আৰু যাকোবৰ ঈশ্বৰৰ কাৰণে এটা ভৱন বনাবলৈ সুযোগ দিবলৈ তেওঁ মিনতি কৰিলে। ৪৭ কিন্তু তেওঁ নহয়, ইয়াৰ পৰিৱৰ্তে চলোমনে এই ভৱন বনালে। ৪৮ তথাপি মহান ঈশ্বৰে হাতেৰে বনোৱা ভৱনত নাথাকে, যিদৰে এই ভৱিষ্যবক্তাই কৈছিল, ৪৯ ‘যিহোৱাই* কয়, স্বৰ্গ মোৰ সিংহাসন আৰু পৃথিৱী মোৰ ভৰিৰ পীৰা। তেনেহʼলে তোমালোকে মোৰ কাৰণে কেনেকৈ ভৱন বনাবা? মই জিৰণি লোৱা ঠাই কʼত বনাবা? ৫০ মোৰ হাতে জানো এই আটাই সৃষ্টি কৰা নাই?’

৫১ হে অবুজ লোকসকল, তোমালোকে নিজৰ কাণ আৰু নিজৰ মনৰ দুৱাৰ বন্ধ কৰি থৈছা। তোমালোকে সদায় পবিত্ৰ শক্তিৰ বিৰোধ কৰি আহিছা। তোমালোকে সেয়াই কৰা যি তোমালোকৰ পূৰ্বপুৰুষসকলে কৰিছিল। ৫২ এনে কোনো ভৱিষ্যবক্তা আছিল নে যিজনক তোমালোকৰ পূৰ্বপুৰুষসকলে অত্যাচাৰ কৰা নাছিল? হয়, তেওঁলোকে সেই লোকসকলক হত্যা কৰিলে, যিসকলে সেই ভাল মানুহজন আহিব বুলি আগৰে পৰা ঘোষণা কৰিছিল। আৰু এতিয়া তোমালোকেও তেওঁৰ লগত বিশ্বাসঘাত কৰিলা আৰু তেওঁৰ হত্যা কৰিলা। ৫৩ হয় তোমালোকেই এইদৰে কৰিলা। স্বৰ্গদূতৰ যোগেদি তোমালোকে নিয়ম পাইছিলা, কিন্তু সেয়া তোমালোকে পালন নকৰিলা।”

৫৪ যেতিয়া তেওঁলোকে এইবোৰ কথা শুনিলে, তেতিয়া তেওঁলোক খঙত জ্বলি-পকি উঠিল আৰু তেওঁৰ ফালে চাই দাঁত কৰচিবলৈ ধৰিলে। ৫৫ কিন্তু তেওঁ পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ স্বৰ্গৰ ফালে একেথৰে চালে আৰু তেওঁ ঈশ্বৰৰ মহিমা দেখিলে আৰু যীচুক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিলে ৫৬ আৰু কʼলে, “চোৱা! মই স্বৰ্গ মুকলি হোৱা আৰু মানুহৰ পুত্ৰক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিছোঁ।” ৫৭ এয়া শুনাৰ লগে লগে তেওঁলোকে চিঞৰি উঠিল আৰু হাতেৰে নিজৰ কাণ বন্ধ কৰিলে আৰু সকলোৱে মিলি তেওঁক মাৰিবলৈ হেঁচি ধৰিলে। ৫৮ আৰু তেওঁক খেদি চহৰৰ বাহিৰলৈ লৈ গʼল আৰু শিল দলিয়াই মাৰিবলৈ ধৰিলে। স্তিফানৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়া লোকসকলে নিজৰ কাপোৰ খুলি চৌল নামৰ এজন ডেকাৰ ভৰিৰ ওচৰত থৈ দিলে। ৫৯ যেতিয়া তেওঁলোকে স্তিফানক শিল দলিয়াই মাৰি আছিল, তেতিয়া তেওঁ এইদৰে প্ৰাৰ্থনা কৰিলে, “হে প্ৰভু যীচু, মই নিজৰ জীৱন* আপোনালৈ সমৰ্পণ কৰিছোঁ।” ৬০ তাৰ পাছত তেওঁ আঁঠুকাঢ়ি ডাঙৰ মাতেৰে কʼলে, “যিহোৱা,* এওঁলোকক এই পাপৰ কাৰণে শাস্তি নিদিবা।” এইদৰে কোৱাৰ পাছত তেওঁ মৃত্যুৰ টোপনিত গʼল।

৮ স্তিফানক হত্যা কৰাত চৌলেও সহযোগ দিছিল।

সেই দিনাৰে পৰা যিৰূচালেমৰ মণ্ডলীৰ ওপৰত বহুত অত্যাচাৰ হʼবলৈ ধৰিলে। পাঁচনিসকলৰ* বাহিৰে বাকী সকলো শিষ্যই যিহূদিয়া আৰু চমৰীয়াৰ এলেকাত সিঁচৰিত হৈ গʼল। ২ কিন্তু ঈশ্বৰলৈ ভয় ৰখা কিছুমান লোকে স্তিফানক কবৰ দিবলৈ লৈ গʼল আৰু তেওঁলোকে স্তিফানৰ কাৰণে বহুত শোক কৰিলে। ৩ চৌলে মণ্ডলীক নিষ্ঠুৰভাৱে অত্যাচাৰ কৰিবলৈ ধৰিলে। তেওঁ ঘৰে ঘৰে সোমাই পুৰুষ-স্ত্ৰী সকলোকে চোঁচৰাই আনি তেওঁলোকক জেলত বন্দী কৰি দিছিল।

৪ কিন্তু যিসকল শিষ্যই সিঁচৰিত হৈ গৈছিল, তেওঁলোকে যʼতেই গৈছিল, তাত বাক্যৰ শুভবাৰ্তা শুনাইছিল। ৫ ফিলিপ নামৰ শিষ্যই চমৰীয়া চহৰলৈ* গʼল আৰু তাত খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰিবলৈ ধৰিলে। ৬ লোকসকলে ফিলিপৰ কথা শুনিলে আৰু তেওঁ যি চমৎকাৰ কৰিছিল, সেইবোৰ দেখি তেওঁৰ কথাৰ ওপৰত আৰু বেছি মনোযোগ দিলে। ৭ কাৰণ তাত এনে বহুতো লোক আছিল, যিসকলক দুষ্ট স্বৰ্গদূতে পাইছিল আৰু সিহঁতে জোৰেৰে চিঞৰি তেওঁলোকৰ শৰীৰৰ পৰা ওলাই গৈছিল। ইয়াৰ উপৰিও, বহুতো জঠৰ ৰোগী* আৰু খোৰাই সুস্থ হʼল। ৮ সেইবাবে, সেই চহৰৰ লোকসকল বহুত আনন্দিত হʼল।

৯ চমৰীয়া চহৰত চিমোন নামৰ এজন মানুহ আছিল, যিজনে যাদু কৰি লোকসকলক আচৰিত কৰি তুলিছিল। তেওঁ নিজকে মহান বুলি দাবী কৰিছিল। ১০ সৰু-ডাঙৰ সকলোৱে তেওঁৰ ওপৰত ধ্যান দিছিল আৰু কৈছিল, “এই মানুহজনৰ ওপৰত ঈশ্বৰৰ মহাশক্তি আছে।” ১১ তেওঁ বহু সময় ধৰি তেওঁলোকক নিজৰ যাদুৰে আচৰিত কৰি তুলিছিল, সেইবাবে লোকসকলে তেওঁৰ ওপৰত ধ্যান দিছিল। ১২ কিন্তু তেওঁলোকে যেতিয়া ফিলিপৰ ওপৰত বিশ্বাস কৰিলে, যিজনে তেওঁলোকক ঈশ্বৰৰ ৰাজ্য আৰু যীচু খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা শুনাইছিল, তেতিয়া পুৰুষ-তিৰোতা সকলোৱে বাপ্তিষ্মা লʼলে। ১৩ চিমোনে নিজেও প্ৰভুত বিশ্বাস কৰিলে আৰু বাপ্তিষ্মা লোৱাৰ পাছত ফিলিপৰ লগত সময় কটাবলৈ ধৰিলে। তেওঁ ফিলিপৰ চমৎকাৰ আৰু ডাঙৰ ডাঙৰ কাম দেখি আচৰিত হৈছিল।

১৪ যেতিয়া যিৰূচালেমত পাঁচনিসকলে শুনিলে যে চমৰীয়াৰ লোকসকলে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে, তেতিয়া তেওঁলোকে পিতৰ আৰু যোহনক তেওঁলোকৰ ওচৰলৈ পঠালে। ১৫ আৰু পিতৰ আৰু যোহনে তালৈ গৈ তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিলে যাতে তেওঁলোকে পবিত্ৰ শক্তি পায়। ১৬ কিয়নো তেতিয়ালৈকে তেওঁলোকৰ মাজৰ কোনেও পবিত্ৰ শক্তি পোৱা নাছিল। তেওঁলোকে কেৱল প্ৰভু যীচুৰ নামেৰে বাপ্তিষ্মা লৈছিল। ১৭ তেতিয়া পিতৰ আৰু যোহনে তেওঁলোকৰ ওপৰত হাত থʼলে আৰু তেওঁলোকে পবিত্ৰ শক্তি পাবলৈ ধৰিলে।

১৮ চিমোনে যেতিয়া দেখিলে যে সেই পাঁচনিসকলে যিসকলৰ ওপৰত হাত থয়, তেওঁলোক সকলোৱে পবিত্ৰ শক্তি লাভ কৰিছে, তেতিয়া তেওঁ তেওঁলোকক টকা দি ১৯ এইদৰে কʼলে, “মোকো এই অধিকাৰ দিয়ক যে ময়ো যিজনৰ ওপৰত হাত ৰাখোঁ, তেওঁ যেন পবিত্ৰ শক্তি পায়।” ২০ কিন্তু পিতৰে তেওঁক কʼলে, “তুমি আৰু তোমাৰ ৰূপৰ মুদ্ৰা ধ্বংস হওক, কিয়নো তুমি ভাবিলা যে ঈশ্বৰৰ দান তুমি টকাৰে কিনিব পাৰা। ২১ কিন্তু এই সেৱাত তোমাৰ কোনো ভাগ বা অংশ নাই, কিয়নো ঈশ্বৰৰ দৃষ্টিত তোমাৰ মন চফা নহয়। ২২ সেইবাবে, নিজৰ এই দুষ্টতা এৰি দিয়া আৰু অনুতাপ কৰি যিহোৱালৈ* মিনতি কৰা, তেতিয়া তেওঁ হয়তো তোমাক ক্ষমা কৰি দিব। ২৩ কিয়নো মই দেখিছোঁ যে তোমাৰ হৃদয় বিহেৰে ভৰি আছে* আৰু তুমি দুষ্ট কামৰ দাস হোৱা।” ২৪ তেতিয়া চিমোনে তেওঁলোকক কʼলে, “অনুগ্ৰহ কৰি মোৰ কাৰণে যিহোৱালৈ* মিনতি কৰি দিয়ক যে যিবোৰ কথা আপোনালোকে কʼলে, সেইবোৰৰ মাজৰ এটাও যেন মোলৈ নঘটে।”

২৫ এইদৰে পিতৰ আৰু যোহনে গোটেই এলেকাত ভালদৰে সাক্ষ্য দিয়াৰ পাছত আৰু যিহোৱাৰ* বাক্য শুনোৱাৰ পাছত তেওঁলোকে যিৰূচালেমলৈ উভতি গʼল আৰু ৰাস্তাত চমৰীয়াৰ বহুতো গাঁৱত শুভবাৰ্তা শুনালে।

২৬ কিন্তু যিহোৱাৰ* স্বৰ্গদূতে ফিলিপক কʼলে, “উঠা আৰু দক্ষিণৰ ফালৰ সেই ৰাস্তালৈ যোৱা, যি যিৰূচালেমৰ পৰা গাজালৈ যায়।” (এই ৰাস্তা মৰুভূমি হৈ গৈছিল।) ২৭ এয়া শুনি ফিলিপ উঠিল আৰু ওলাই গʼল আৰু তেওঁ ৰাস্তাত ইথিউপিয়াৰ এজন নপুংসকক* লগ পালে। এই নপুংসকজন ইথিউপিয়াৰ ৰাণী কান্দাকীৰ অধীনত উচ্চ পদত আছিল আৰু তেওঁৰ সকলো ধন-সম্পত্তিৰ চোৱা-চিতা কৰিছিল। তেওঁ যিৰূচালেমলৈ উপাসনা কৰিবলৈ গৈছিল। ২৮ তাৰ পৰা তেওঁ উভতি আহোঁতে নিজৰ ৰথত বহি জোৰ জোৰকৈ ভৱিষ্যবক্তা যিচয়াৰ কিতাপ পঢ়ি আছিল। ২৯ তেতিয়া পবিত্ৰ শক্তিয়ে ফিলিপক কʼলে, “যোৱা, সেই ৰথৰ ওচৰলৈ যোৱা।” ৩০ ফিলিপে সেই ৰথৰ লগে লগে দৌৰিবলৈ ধৰিলে আৰু তেওঁ নপুংসকজনক ভৱিষ্যবক্তা যিচয়াৰ কিতাপ পঢ়ি থকা শুনিলে আৰু তেওঁক সুধিলে, “আপুনি যি পঢ়িছে, সেয়া বুজি পাইছে নে?” ৩১ তেওঁ কʼলে, “কোনোবাই মোক বুজাই নিদিলে মই কেনেকৈ বুজি পাম?” তাৰ পাছত তেওঁ ফিলিপক ৰথত উঠি তেওঁৰ লগত বহিবলৈ অনুৰোধ কৰিলে। ৩২ তেওঁ শাস্ত্ৰৰ এই অংশটো পঢ়ি আছিল: “বলি দিবলৈ এটা ভেড়াক যিদৰে নিয়া হয়, তেনেকৈ তেওঁকো নিয়া হʼল। আৰু নোম কটাজনৰ আগত এটা ভেড়া যেনেকৈ মনে মনে থাকে, তেনেকৈ তেৱোঁ মুখৰ পৰা এটাও মাত নুলিয়ালে। ৩৩ যেতিয়া তেওঁৰ অপমান কৰা হৈছিল, তেতিয়া তেওঁৰ ন্যায় কৰা নহʼল। তেওঁ কোন হয়, কʼৰ পৰা আহিছে, এয়া কোনে জনাব? কিয়নো পৃথিৱীৰ পৰা তেওঁৰ জীৱন লৈ লোৱা হʼল।”

৩৪ তেতিয়া নপুংসকজনে ফিলিপক কʼলে, “অনুগ্ৰহ কৰি মোক কোৱা যে ভৱিষ্যবক্তাই এই কথা কাৰ বিষয়ে কৈ আছে? নিজৰ বিষয়ে, নে আন কাৰোবাৰ বিষয়ে?” ৩৫ তেতিয়া ফিলিপে কʼবলৈ আৰম্ভ কৰিলে আৰু শাস্ত্ৰৰ এই বাক্যৰ পৰা আৰম্ভ কৰি তেওঁ যীচুৰ বিষয়ে শুভবাৰ্তা জনালে। ৩৬ যেতিয়া তেওঁলোকে ৰাস্তাত গৈ আছিল, তেতিয়া তেওঁলোকে এনে এখন ঠাই পালেগৈ, যʼত যথেষ্ট পানী আছিল আৰু নপুংসকজনে কʼলে, “চোৱা! ইয়াত পানী আছে, এতিয়া মোক বাপ্তিষ্মা* লʼবলৈ কিহে বাধা দিব পাৰে?” ৩৭* — ৩৮ তেতিয়া নপুংসকজনে ৰথ ৰখাবলৈ আদেশ দিলে আৰু তেওঁলোক দুয়োজনে পানীত নামিল আৰু ফিলিপে তেওঁক বাপ্তিষ্মা দিলে। ৩৯ যেতিয়া তেওঁলোকে পানীৰ পৰা ওপৰলৈ আহিলে, তেতিয়া যিহোৱাৰ* পবিত্ৰ শক্তিয়ে ফিলিপক তাৰ পৰা লগে লগে বেলেগ কʼৰবাত লৈ গʼল আৰু নপুংসকজনে তেওঁক আকৌ দেখা নাপালে আৰু তেওঁ আনন্দ মনেৰে নিজৰ ৰাস্তাত গুচি গʼল। ৪০ ইয়াৰ পাছত ফিলিপে নিজকে অচদোদত পালে আৰু কৈচৰিয়া নোপোৱাৰ আগেয়ে তেওঁ সকলো এলেকা আৰু চহৰত শুভবাৰ্তা শুনাই থাকিল।

৯ কিন্তু চৌলে এতিয়াও প্ৰভুৰ শিষ্যসকলক ধমকি দিবলৈ আৰু হত্যা কৰিবলৈ ক্ৰোধিত হৈ আছিল। সেইবাবে, তেওঁ মহা-পুৰোহিতৰ ওচৰলৈ গʼল। ২ আৰু তেওঁক দম্মেচক চহৰত থকা সভাঘৰবোৰৰ নামত চিঠি খুজিলে যাতে ‘প্ৰভুৰ পথত’ চলা পুৰুষ হওক বা স্ত্ৰী, যাকে লগ পায়, তেওঁলোকক গ্ৰেপ্তাৰ কৰি* যিৰূচালেমলৈ লৈ আহে।

৩ যেতিয়া তেওঁ দম্মেচকলৈ পাবলগীয়া আছিল, তেতিয়া ৰাস্তাত হঠাতে তেওঁৰ চাৰিওফালে আকাশৰ পৰা পোহৰ জিলিকি উঠিল। ৪ তেতিয়া তেওঁ মাটিত পৰি গʼল আৰু এই মাত শুনিবলৈ পালে, “চৌল, চৌল, তুমি কিয় মোৰ ওপৰত অত্যাচাৰ কৰি আছা?” ৫ চৌলে কʼলে, “হে প্ৰভু, আপুনি কোন?” তেওঁ কʼলে, “মই যীচু হওঁ, যাৰ ওপৰত তুমি অত্যাচাৰ কৰি আছা। ৬ কিন্তু এতিয়া উঠা আৰু চহৰলৈ যোৱা আৰু যি তুমি কৰিব লাগিব, সেয়া তোমাক কোৱা হʼব।” ৭ যি লোকসকলে চৌলৰ লগত যাত্ৰা কৰি আছিল, তেওঁলোকে আচৰিত হৈছিল আৰু তাতে থিয় হৈ আছিল। তেওঁলোকে কিবা মাতটো শুনি পাইছিল, কিন্তু কাকো দেখা পোৱা নাছিল। ৮ তেতিয়া চৌলে মাটিৰ পৰা উঠি থিয় হʼল। তেওঁৰ চকু যদিও খোলা আছিল, কিন্তু একো দেখা পোৱা নাছিল, সেইবাবে তেওঁলোকে তেওঁৰ হাতত ধৰি দম্মেচকলৈ লৈ গʼল। ৯ তিনি দিনলৈকে চৌলে একো দেখা পোৱা নাছিল আৰু খোৱা-বোৱাও কৰা নাছিল।

১০ তাত দম্মেচকত অননিয় নামৰ এজন শিষ্য আছিল আৰু প্ৰভুৱে এটা দৰ্শনত তেওঁক কʼলে, “অননিয়!” তেওঁ কʼলে, “হয়, প্ৰভু!” ১১ প্ৰভুৱে তেওঁক কʼলে, “উঠা, পোন নামৰ ৰাস্তাইদি যোৱা। তাত যিহূদাৰ ঘৰলৈ গৈ চৌল নামৰ মানুহজনৰ বিষয়ে সুধিবা, যিজন তাৰ্চ চহৰৰ হয়। কিয়নো চোৱা তেওঁ প্ৰাৰ্থনা কৰি আছে। ১২ আৰু তেওঁ এটা দৰ্শন দেখিছে যে অননিয় নামৰ এজন মানুহ তেওঁৰ ওচৰলৈ আহিছে আৰু অননিয়ই তেওঁৰ ওপৰত হাত থৈছে যাতে তেওঁৰ দৃষ্টিশক্তি ঘূৰাই পায়।” ১৩ কিন্তু অননিয়ই কʼলে, “প্ৰভু, মই সেই মানুহজনৰ বিষয়ে বহুতো মানুহৰ পৰা শুনিছোঁ যে তেওঁ যিৰূচালেমত ঈশ্বৰৰ লোকসকলৰ ওপৰত কিমান অত্যাচাৰ কৰিছে। ১৪ আৰু এতিয়া তেওঁ প্ৰধান পুৰোহিতৰ পৰা অধিকাৰ পাইছে যাতে যিসকলে আপোনাৰ নাম লয়, সেই সকলোকে গ্ৰেপ্তাৰ কৰিব পাৰে।”* ১৫ কিন্তু প্ৰভুৱে তেওঁক কʼলে, “তুমি তেওঁৰ ওচৰলৈ যোৱা, কিয়নো মই তেওঁক বাছনি কৰিলোঁ* যাতে তেওঁ যিহূদী নোহোৱা লোক, ৰজাসকল আৰু ইস্ৰায়েলীসকলক মোৰ নামৰ বিষয়ে সাক্ষ্য দিয়ে। ১৬ মই তেওঁক দেখুৱাম যে মোৰ নামৰ কাৰণে তেওঁ কিমান কষ্ট ভুগিব লাগিব।”

১৭ তেতিয়া অননিয় গʼল আৰু সেই ঘৰত সোমাল, যʼত চৌল আছিল। তেওঁ নিজৰ হাত চৌলৰ ওপৰত থʼলে আৰু কʼলে, “চৌল, মোৰ ভাই, আপুনি যেন দৃষ্টিশক্তি ঘূৰাই পাই আৰু পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হয়, এই কাৰণে আপুনি অহা ৰাস্তাত যিজন প্ৰভু যীচুৱে আপোনাক দৰ্শন দিছিল, তেৱেঁই মোক আপোনাৰ ওচৰলৈ পঠাইছে।” ১৮ সেই সময়তে চৌলৰ চকুৰ পৰা বাকলিৰ নিচিনা কিবা পৰিলে আৰু তেওঁ আকৌ দেখা পাবলৈ ধৰিলে আৰু তেওঁ উঠি বাপ্তিষ্মা লʼলে।* ১৯ তেওঁ খোৱা-বোৱা কৰাৰ পাছত শক্তি পালে।

চৌল কিছু দিনলৈকে দম্মেচকত শিষ্যসকলৰ লগত থাকিল। ২০ আৰু তেওঁ লগে লগে তাত থকা সভাঘৰত যীচুৰ বিষয়ে এই কথা প্ৰচাৰ কৰিবলৈ ধৰিলে যে তেৱেঁই ঈশ্বৰৰ পুত্ৰ হয়। ২১ কিন্তু যিমান লোকসকলে তেওঁৰ বিষয়ে শুনিলে, তেওঁলোক আচৰিত হʼল আৰু কʼবলৈ ধৰিলে, “ই সেই মানুহজন নহয় জানো, যিজনে যিৰূচালেমত যীচুৰ নাম লোৱা লোকসকলক অত্যাচাৰ কৰিছিল? তেওঁ শিষ্যসকলক গ্ৰেপ্তাৰ কৰি* প্ৰধান পুৰোহিতসকলৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে ইয়ালৈ অহা নাছিল নে?” ২২ কিন্তু চৌলে আৰু বেছি প্ৰভাৱশালীৰূপে শিক্ষা দিবলৈ ধৰিলে। তেওঁ ভাল যুক্তি দি প্ৰমাণ কৰিছিল যে যীচুৱেই খ্ৰীষ্ট হয় আৰু দম্মেচকত থকা যিহূদীসকলে একো উত্তৰ দিব নোৱাৰিছিল।

২৩ এইদৰে কিছু দিন পাৰ হোৱাৰ পাছত যিহূদীসকলে মিলি তেওঁক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিলে। ২৪ কিন্তু চৌলে তেওঁলোকৰ ষড়যন্ত্ৰৰ বিষয়ে গʼম পালে। যিহূদীসকলে তেওঁক হত্যা কৰিবলৈ দিনে-ৰাতিয়ে চহৰৰ দুৱাৰ মুখত পহৰা দি আছিল। ২৫ সেইবাবে, তেওঁৰ শিষ্যসকলে ৰাতিতেই তেওঁক এটা ডাঙৰ টুকুৰীত বহাই চহৰৰ দেৱালত বনোৱা এখন খিৰিকীয়েদি তললৈ নমাই দিলে।

২৬ যেতিয়া তেওঁ যিৰূচালেম পালেগৈ, তেতিয়া তেওঁ শিষ্যসকলৰ লগত একলগ হʼবলৈ চেষ্টা কৰিছিল। কিন্তু সকলোৱে তেওঁক ভয় কৰিছিল, কিয়নো তেৱোঁ এজন শিষ্য হʼল বুলি তেওঁলোকৰ বিশ্বাস হোৱা নাছিল। ২৭ সেইবাবে, বাৰ্ণব্বাই তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিল আৰু তেওঁক পাঁচনিসকলৰ* ওচৰলৈ লৈ গʼল আৰু চৌলে ৰাস্তাত কেনেকৈ প্ৰভুক দেখা পাইছিল আৰু প্ৰভুৱে তেওঁৰ লগত কথা পাতিছিল, সেই সকলো কথা বাৰ্ণব্বাই তেওঁলোকক জনালে। আৰু তেওঁলোকক এয়াও জনালে যে চৌলে দম্মেচকত কেনেকৈ সাহসেৰে যীচুৰ নামেৰে প্ৰচাৰ কৰিছিল। ২৮ সেইবাবে, চৌলে যিৰূচালেমত শিষ্যসকলৰ লগত থাকিল আৰু তাত মুকলিভাৱে অহা-যোৱা কৰিছিল আৰু প্ৰভুৰ নামেৰে সাহসেৰে কথা পাতিছিল। ২৯ তেওঁ গ্ৰীক ভাষা কোৱা যিহূদীসকলৰ লগত কথা পাতিছিল আৰু তৰ্ক-বিতৰ্ক কৰিছিল। কিন্তু সেই লোকসকলে তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিলে। ৩০ যেতিয়া এই কথা ভাইসকলে গʼম পালে, তেতিয়া তেওঁলোকে তেওঁক কৈচৰিয়ালৈ লৈ আহিলে আৰু তাৰ পৰা তেওঁক তাৰ্চলৈ পঠাই দিলে।

৩১ ইয়াৰ পাছত গোটেই যিহূদিয়া, গালীল আৰু চমৰীয়াৰ মণ্ডলীত শান্তিৰ পৰিৱেশ হʼল আৰু তেওঁলোকৰ বিশ্বাস মজবুত হৈ থাকিল। মণ্ডলীয়ে যিহোৱাৰ* প্ৰতি ভয় ৰাখিলে আৰু পবিত্ৰ শক্তিৰ পৰা শান্ত্বনা পাই থাকিল আৰু মণ্ডলীৰ সংখ্যা বৃদ্ধি হৈ থাকিল।

৩২ যেতিয়া পিতৰে গোটেই এলেকাত যাত্ৰা কৰি আছিল, তেতিয়া তেওঁ লুদ্দা চহৰত থকা ঈশ্বৰৰ লোকসকলৰ ওচৰলৈও গʼল। ৩৩ তাত তেওঁ ঐনিয় নামৰ এজন মানুহক লগ পালে, যিজন আঠ বছৰৰ পৰা জঠৰ ৰোগৰ* কাৰণে খাটত পৰি আছিল। ৩৪ পিতৰে তেওঁক কʼলে, “ঐনিয়, যীচু খীষ্ট্ৰই তোমাৰ বেমাৰ সুস্থ কৰিলে। উঠা আৰু নিজৰ বিছনা ঠিক কৰা।” তেওঁ লগে লগে উঠি থিয় হʼল। ৩৫ যেতিয়া লুদ্দা আৰু চাৰোণত থকা সকলো লোকে তেওঁক দেখিলে, তেতিয়া তেওঁলোক যীচুৰ শিষ্য হʼল।

৩৬ যাফো চহৰত টাবিথা নামৰ এজনী শিষ্য আছিল, যাৰ নাম গ্ৰীক ভাষাত “দৰ্কা”* আছিল। তেওঁ বহুতো ভাল কাম কৰিছিল আৰু দান দিছিল। ৩৭ কিন্তু সেই সময়ত তেওঁৰ বেমাৰ হৈ মৃত্যু হʼল। তেওঁলোকে তেওঁক গা ধুৱাই ওপৰৰ এটা কোঠালিত থʼলে। ৩৮ লুদ্দা চহৰ যাফোৰ ওচৰতে আছিল, সেইবাবে যেতিয়া শিষ্যসকলে শুনিলে যে পিতৰ লুদ্দাত আছে, তেতিয়া তেওঁলোকে দুজন মানুহক পঠাই তেওঁক এইদৰে মিনতি কৰিলে, “অনুগ্ৰহ কৰি সোনকালে আমাৰ ওচৰলৈ আহক।” ৩৯ তেতিয়া পিতৰে উঠি তেওঁলোকৰ লগত গʼল। যেতিয়া তেওঁ যাফো পালেগৈ, তেতিয়া তেওঁলোকে তেওঁক ওপৰৰ কোঠালিলৈ লৈ গʼল আৰু সকলো বিধৱাই কান্দি কান্দি তেওঁৰ ওচৰলৈ আহিলে আৰু তেওঁলোকে পিতৰক সেই কাপোৰ আৰু চোলা দেখুৱাবলৈ ধৰিলে, যিবোৰ দৰ্কাই তেওঁলোকৰ লগত থকাৰ সময়ত বনাইছিল। ৪০ তাৰ পাছত পিতৰে সকলোকে বাহিৰলৈ যাবলৈ কʼলে আৰু আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিলে। ইয়াৰ পাছত তেওঁ মৃতদেহৰ ফালে ঘূৰি চাই কʼলে, “টাবিথা, উঠা!” টাবিথাই নিজৰ চকু মেলিলে আৰু পিতৰক দেখাৰ লগে লগে উঠি বহিল। ৪১ পিতৰে নিজৰ হাত আগবঢ়াই তেওঁক উঠালে আৰু ঈশ্বৰৰ লোক আৰু বিধৱাসকলক মাতি জীৱিত হোৱা টাবিথাক তেওঁলোকক দি দিলে। ৪২ এই কথা গোটেই যাফোত বিয়পি গʼল আৰু বহুতো লোকে প্ৰভুৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে। ৪৩ পিতৰে কিছু দিনলৈকে যাফোতে থাকিল। তেওঁ চিমোন নামৰ এজন মানুহৰ ঘৰত থাকিছিল, যিজনে চামৰাৰ কাম কৰিছিল।

১০ কৈচৰিয়াত কৰ্ণীলিয় নামৰ এজন ব্যক্তি আছিল, যিজন ইতালীয়া সৈন্যদলৰ* এজন সেনাপতি* আছিল। ২ তেওঁ নিজৰ গোটেই পৰিয়ালৰ সৈতে ঈশ্বৰৰ উপাসনা কৰিছিল। তেওঁ লোকসকলক বহুতো দান দিছিল আৰু ঈশ্বৰলৈ মিনতি কৰিছিল। ৩ তেওঁ দিনৰ প্ৰায় ন ঘণ্টাত* ঈশ্বৰৰ এজন স্বৰ্গদূতক দৰ্শনত স্পষ্টকৈ দেখিলে, যিজনে তেওঁৰ ওচৰলৈ আহি কʼলে, “কৰ্ণীলিয়!” ৪ তেওঁ ভয়ত দূতজনক একেথৰে চাই থাকিল আৰু তেওঁ কʼলে, “কওক প্ৰভু, মই কি কৰিম?” দূতজনে তেওঁক কʼলে, “ঈশ্বৰে তোমাৰ প্ৰাৰ্থনা শুনিলে আৰু যি দান তুমি দিয়া, তাৰ ওপৰত ধ্যান দিলে। ৫ সেইবাবে, এতিয়া তুমি নিজৰ মানুহ পঠাই যাফোৰ পৰা চিমোনক মাতি আনা, যিজনক পিতৰ বুলিও কোৱা হয়। ৬ তেওঁ চামৰাৰ কাম কৰা চিমোনৰ ঘৰত আলহী হৈ আছে, যিজনৰ ঘৰ সমুদ্ৰৰ পাৰত আছে।” ৭ সেই স্বৰ্গদূতজন যোৱাৰ লগে লগে কৰ্ণীলিয়ই নিজৰ ঘৰৰ দুজন সেৱকক আৰু ঈশ্বৰলৈ ভয় ৰখা সৈনিকসকলৰ মাজৰ এজনক মাতিলে, যিজনে সকলো সময়তে তেওঁৰ সেৱাৰ কাৰণে উপস্থিত থাকিছিল। ৮ তেওঁ তেওঁলোকক সম্পূৰ্ণ কথাবোৰ জনাই যাফোলৈ পঠালে।

৯ পাছ দিনাখন যেতিয়া কৰ্ণীলিয়ৰ সেৱকসকলে যাত্ৰা কৰি কৰি চহৰৰ ওচৰ পালেহি, তেতিয়া প্ৰায় ছয় ঘণ্টাত* পিতৰে প্ৰাৰ্থনা কৰিবলৈ ঘৰৰ ছাদৰ ওপৰত উঠিল। ১০ কিন্তু তেওঁৰ বহুত ভোক লাগিল আৰু তেওঁ কিবা খাব বিচাৰিছিল। যেতিয়া তেওঁলোকে আহাৰ তৈয়াৰ কৰি আছিল, তেতিয়া তেওঁ এটা দৰ্শন দেখিলে। ১১ আৰু তেওঁ দেখিলে যে আকাশ মুকলি হʼল আৰু ডাঙৰ চাদৰৰ দৰে কিবা* তললৈ আহি আছিল। তাৰ চাৰিও চুকত ধৰি পৃথিৱীত নমোৱা হৈছিল। ১২ তাত পৃথিৱীত পোৱা সকলো ধৰণৰ জন্তু* আৰু বগাই ফুৰা জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ আছে। ১৩ তাৰ পাছত পিতৰে এটা মাত শুনিবলৈ পালে, “পিতৰ উঠা, এইবোৰ কাটি খোৱা!” ১৪ কিন্তু তেওঁ কʼলে, “নহয় প্ৰভু, মই কেতিয়াও নিয়মৰ অনুসৰি নিষিদ্ধ আৰু অশুচি বস্তু খোৱা নাই।” ১৫ দ্বিতীয়বাৰ আকৌ তেওঁ সেই মাত শুনিবলৈ পালে, “ঈশ্বৰে যিবোৰক শুচি কৰিছে, তুমি সেইবোৰক এতিয়াৰে পৰা অশুচি বুলি নকʼবা।” ১৬ তৃতীয়বাৰো এইদৰে হʼল আৰু তাৰ পাছত সেই চাদৰৰ নিচিনা কিবা বস্তু* লগে লগে আকাশলৈ উঠাই নিয়া হʼল।

১৭ এই দৰ্শনৰ অৰ্থ কি হʼব পাৰে বুলি পিতৰে চিন্তিত হৈ পৰিছিল। তেওঁ এই বিষয়ে ভাবি থাকোঁতেই কৰ্ণীলিয়ৰ মানুহবিলাকে চিমোনৰ ঘৰ বিচাৰি বিচাৰি তেওঁৰ দুৱাৰ মুখত আহি থিয় হʼল। ১৮ তেওঁলোকে জোৰেৰে মাত লগালে আৰু সুধিলে যে চিমোন, যাক পিতৰ বুলি কোৱা হয়, তেওঁ ইয়াতে আছে নে। ১৯ পিতৰে দৰ্শনৰ বিষয়ে ভাবি আছিল আৰু পবিত্ৰ শক্তিয়ে তেওঁক কʼলে, “চোৱা! তিনিজন মানুহে তোমাৰ বিষয়ে সুধি আছে। ২০ উঠা, তললৈ যোৱা আৰু সন্দেহ নকৰাকৈ তেওঁলোকৰ লগত যোৱা, কাৰণ ময়েই তেওঁলোকক পঠাইছোঁ।” ২১ তেতিয়া পিতৰে নামি সেই মানুহবিলাকৰ ওচৰলৈ গʼল আৰু তেওঁ কʼলে, “চোৱা! তোমালোকে যাক বিচাৰি আছা, সেইজন ময়েই হওঁ। তোমালোকে ইয়ালৈ কি কাৰণত আহিলা?” ২২ তেওঁলোকে কʼলে, “সেনাপতি কৰ্ণীলিয়ই আমাক পঠাইছে। তেওঁ ঈশ্বৰলৈ ভয় ৰখা এজন ভাল মানুহ হয়। সকলো যিহূদীয়েও তেওঁৰ প্ৰশংসা কৰে। আপোনাক মাতি আনিবলৈ আৰু যি কথা আপুনি কʼব, সেই কথা শুনিবলৈ এজন পবিত্ৰ স্বৰ্গদূতে ঈশ্বৰৰ ফালৰ পৰা তেওঁক নিৰ্দেশনা দিলে।” ২৩ এয়া শুনি পিতৰে তেওঁলোকক ভিতৰলৈ মাতিলে আৰু তেওঁলোকক আলহী কৰি ৰাখিলে।

পাছ দিনাখন পিতৰ উঠিল আৰু তেওঁলোকৰ লগত গুচি গʼল আৰু যাফোৰ কেইজনমান ভায়ো তেওঁৰ লগত গʼল। ২৪ দ্বিতীয় দিনাখন তেওঁ কৈচৰিয়া পালেগৈ। তাত কৰ্ণীলিয়ই তেওঁলোকৰ কাৰণে অপেক্ষা কৰি আছিল। তেওঁ নিজৰ সম্বন্ধীয় আৰু ঘনিষ্ঠ বন্ধুসকলকো নিজৰ ঘৰলৈ মাতিছিল। ২৫ যেতিয়া পিতৰ ঘৰৰ ভিতৰলৈ গʼল, তেতিয়া কৰ্ণীলিয়ই আহি তেওঁক লগ কৰিলে আৰু তেওঁ পিতৰৰ ভৰিত পৰি* তেওঁক প্ৰণাম কৰিলে। ২৬ কিন্তু পিতৰে তেওঁক উঠাই কʼলে, “উঠক, ময়ো আপোনাৰ নিচিনা এজন মানুহেই হওঁ।” ২৭ পিতৰে তেওঁৰ লগত কথা পাতি পাতি ভিতৰলৈ গʼল আৰু তেওঁ দেখিলে যে তাত বহুতো মানুহ গোট খাই আছে। ২৮ পিতৰে তেওঁলোকক কʼলে, “আপোনালোকে ভালদৰে জানে যে এজন যিহূদীয়ে আন জাতিৰ কোনো মানুহক লগ কৰা বা তেওঁৰ তাত যোৱাটোও নিয়মৰ বিৰুদ্ধে হয়, তথাপি ঈশ্বৰে মোক দেখুৱালে যে মই কোনো মানুহক অশুচি বুলি কোৱাটো উচিত নহয়। ২৯ সেইবাবে, মোক যেতিয়া মতা হʼল, তেতিয়া মই কোনো আপত্তি নকৰাকৈ আহিলোঁ। এতিয়া মোক কওক, আপোনালোকে মোক ইয়ালৈ কি কাৰণত মাতিলে।”

৩০ তাৰ পাছত কৰ্ণীলিয়ই কʼলে, “আজিৰ পৰা চাৰি দিনৰ আগৰ কথা হয়, যেতিয়া মই ন ঘণ্টাত* নিজৰ ঘৰত প্ৰাৰ্থনা কৰি আছিলোঁ, তেতিয়া মই দেখিলোঁ যে উজ্জ্বল কাপোৰ পিন্ধা এজন মানুহ মোৰ ওচৰত থিয় হʼল। ৩১ তেওঁ মোক কʼলে, ‘কৰ্ণীলিয়, ঈশ্বৰে তোমাৰ প্ৰাৰ্থনা শুনিলে আৰু যি দান তুমি দিয়া, তাৰ ওপৰত ধ্যান দিলে। ৩২ সেইবাবে, এতিয়া নিজৰ মানুহবিলাকক যাফোলৈ পঠোৱা আৰু সেই চিমোনক, যাক পিতৰ বুলিও কোৱা হয়, তেওঁক মাতি আনা। তেওঁ চামৰাৰ কাম কৰা চিমোনৰ ঘৰত আলহী হৈ আছে, যিজনৰ ঘৰ সমুদ্ৰৰ পাৰত আছে।’ ৩৩ সেইবাবে, মই লগে লগে তোমাক মাতি পঠালোঁ আৰু তুমি ইয়ালৈ আহি ভাল কৰিলা। এতিয়া আমি সকলোৱে ঈশ্বৰৰ ওচৰত উপস্থিত হৈছোঁ যাতে যি যি কʼবলৈ যিহোৱাই* তোমাক আজ্ঞা দিছে, সেইবোৰ যেন আমি শুনিব পাৰোঁ।”

৩৪ তেতিয়া পিতৰে কʼবলৈ আৰম্ভ কৰিলে, “এতিয়া মই ভালদৰে বুজি পালোঁ যে ঈশ্বৰে পক্ষপাত নকৰে। ৩৫ ইয়াৰ পৰিৱৰ্তে, যিয়ে জাতিৰ নহওক কিয় যদি কোনোবাই ঈশ্বৰলৈ ভয় ৰাখে আৰু সঠিক কাম কৰে, তেনেহʼলে ঈশ্বৰে তেওঁক গ্ৰহণ কৰে। ৩৬ ঈশ্বৰে ইস্ৰায়েলীসকললৈ এটা খবৰ পঠিয়ালে, তেওঁলোকক এই শুভবাৰ্তা দিলে যে যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ লগত শান্তি স্থাপন কৰিব পাৰি। এইজন যীচুৱে সকলোৰে প্ৰভু হয়। ৩৭ যোহনে বাপ্তিষ্মাৰ বিষয়ে প্ৰচাৰ কৰাৰ পাছত গালীলৰ পৰা আৰম্ভ কৰি গোটেই যিহূদিয়াত কাৰ বিষয়ে আলোচনা হʼবলৈ ধৰিলে, সেয়া আপোনালোকে নিজেও জানে। ৩৮ অৰ্থাৎ নাচৰতীয়া যীচুৰ বিষয়ে। আপোনালোকে শুনিছে যে ঈশ্বৰে কেনেকৈ পবিত্ৰ শক্তিৰে তেওঁক অভিষেক কৰিলে আৰু তেওঁক শক্তি দিলে আৰু তেওঁ গোটেই দেশত ভাল কাম কৰি থাকিল আৰু চয়তানৰ* কাৰণে কষ্ট ভুগি থকা লোকসকলক সুস্থ কৰি থাকিল, কিয়নো ঈশ্বৰ তেওঁৰ লগত আছিল। ৩৯ আৰু আমি সেই সকলো কামৰ সাক্ষী হওঁ, যি তেওঁ যিহূদীসকলৰ দেশত আৰু যিৰূচালেমত কৰিছিল। কিন্তু তেওঁলোকে তেওঁক কাঠত* আঁৰি হত্যা কৰিলে। ৪০ ঈশ্বৰে এইজন যীচুকে তৃতীয় দিনাখন জীয়াই তুলিলে যাতে লোকসকলে তেওঁক দেখা পায়। ৪১ কিন্তু সকলোৱেই নহয়, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰে যিসকলক আগৰে পৰা নিযুক্ত কৰিছিল অৰ্থাৎ আমি। মৃতবিলাকৰ মাজৰ পৰা তেওঁ জীৱিত হোৱাৰ পাছত আমি তেওঁৰ লগত খোৱা-বোৱা কৰিলোঁ। ৪২ জীৱিত আৰু মৃত্যু হোৱা লোকসকলৰ ন্যায়ী হʼবলৈ ঈশ্বৰে যিজনক নিযুক্ত কৰিলে, তেৱেঁই সেইজনা। এই কথা লোকসকলক প্ৰচাৰ কৰিবলৈ আৰু ভালদৰে সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিছে। ৪৩ সকলো ভৱিষ্যবক্তাই এইজন যীচুৰ বিষয়ে সাক্ষ্য দিছিল যে যি কোনোৱে তেওঁৰ ওপৰত বিশ্বাস কৰিব, তেওঁ যীচুৰ নামেৰে পাপৰ ক্ষমা পাব।”

৪৪ পিতৰে এই কথা কৈ থাকোঁতেই বাক্য শুনি থকা সকলোৰে ওপৰত পবিত্ৰ শক্তি আহিল। ৪৫ পিতৰৰ লগত অহা চুন্নৎ হোৱা* সেই সকলো শিষ্যই আচৰিত হৈছিল, কিয়নো দান হিচাপে পবিত্ৰ শক্তি যিহূদী নোহোৱা লোকসকলকো দিয়া হৈছিল। ৪৬ তেওঁলোকে সেই লোকসকলক বেলেগ বেলেগ ভাষা কোৱা আৰু ঈশ্বৰৰ প্ৰশংসা কৰা শুনিলে। তেতিয়া পিতৰে কʼলে, ৪৭ “এই লোকসকলেও আমাৰ দৰে পবিত্ৰ শক্তি পাইছে, এতিয়া পানীত বাপ্তিষ্মা* লʼবলৈ এওঁলোকক কোনে বাধা দিব পাৰে?” ৪৮ তাৰ পাছত পিতৰে এই আজ্ঞা দিলে তেওঁলোকক যেন যীচু খ্ৰীষ্টৰ নামেৰে বাপ্তিষ্মা দিয়া হয়। ইয়াৰ পাছত কিছু দিন তাতে থাকিবলৈ তেওঁলোকে পিতৰক মিনতি কৰিলে।

১১ পাঁচনিসকলে* আৰু যিহূদিয়াত থকা ভাইসকলে শুনিবলৈ পালে যে যিহূদী নোহোৱা লোকসকলে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিছে। ২ সেইবাবে, পিতৰে যেতিয়া যিৰূচালেমলৈ আহিলে, তেতিয়া চুন্নতৰ বিষয়টোক সমৰ্থন কৰা লোকসকলে তেওঁক বেয়াকৈ কʼবলৈ* ধৰিলে, ৩ “যিসকলৰ চুন্নৎ হোৱা নাই, তুমি তেওঁলোকৰ ঘৰলৈ গʼলা আৰু তেওঁলোকৰ লগত খোৱা-বোৱাও কৰিলা।” ৪ তেতিয়া পিতৰে তেওঁলোকক আৰম্ভণিৰ পৰা সকলো কথা কʼবলৈ ধৰিলে:

৫ “যেতিয়া মই যাফো চহৰত প্ৰাৰ্থনা কৰি আছিলোঁ, তেতিয়া মই এটা দৰ্শন দেখিলোঁ। মই দেখিলোঁ যে এটা ডাঙৰ চাদৰৰ নিচিনা কিবা* আকাশৰ পৰা নামি আহিছে। তাৰ চাৰিও চুকত ধৰি পৃথিৱীলৈ নমোৱা হৈছিল আৰু সেয়া মোৰ একেবাৰে ওচৰলৈ আহি গʼল। ৬ তাৰ পাছত মই মন কৰিলোঁ যে তাত পৃথিৱীত পোৱা সকলো ধৰণৰ জন্তু,* বনৰীয়া জন্তু, বগাই ফুৰা জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ আছিল। ৭ আৰু মই এটা মাত শুনিবলৈ পাইছিলোঁ, ‘পিতৰ উঠা, এইবোৰ কাটি খোৱা!’ ৮ কিন্তু মই কʼলো, ‘নহয়, প্ৰভু! মই কেতিয়াও নিয়মৰ অনুসৰি নিষিদ্ধ আৰু অশুচি বস্তু খোৱা নাই।’ ৯ তাৰ পাছত দ্বিতীয়বাৰ আকাশৰ পৰা সেই মাত শুনিবলৈ পালোঁ, ‘ঈশ্বৰে যিবোৰক শুচি কৰিছে, তুমি সেইবোৰক এতিয়াৰ পৰা অশুচি বুলি নকʼবা।’ ১০ এইদৰে তৃতীয়বাৰো হʼল আৰু তাৰ পাছত সকলো আকাশলৈ উঠাই নিয়া হʼল। ১১ সেই সময়তে তিনিজন মানুহ আহি আমি থকা সেই ঘৰৰ ওচৰত থিয় হʼল, তেওঁলোকক কৈচৰিয়াৰ পৰা মোৰ ওচৰলৈ পঠোৱা হৈছিল। ১২ পবিত্ৰ শক্তিয়ে মোক সন্দেহ নকৰাকৈ তেওঁলোকৰ লগত যাবলৈ কʼলে আৰু এই ছজন ভায়ো মোৰ লগত গʼল আৰু আমি সেই মানুহজনৰ ঘৰলৈ গʼলোঁ।

১৩ তেওঁ আমাক কʼলে যে তেওঁ এজন স্বৰ্গদূতক নিজৰ ঘৰত থিয় হৈ থকা দেখিলে, যিজনে তেওঁক কʼলে, ‘যাফোলৈ মানুহ পঠাই চিমোনক, যিজনক পিতৰ বুলিও কোৱা হয়, মাতি আনা। ১৪ তেওঁ তোমাক সেই কথাবোৰ জনাব, যাৰ পৰা তুমি আৰু তোমাৰ গোটেই পৰিয়ালে উদ্ধাৰ পাবা।’ ১৫ কিন্তু যেতিয়া মই কʼবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া তেওঁলোকৰ ওপৰত পবিত্ৰ শক্তি আহিল, যিদৰে আৰম্ভণিতে আমাৰ ওপৰত আহিছিল। ১৬ তেতিয়া মোৰ সেই কথা মনত পৰিল, যি প্ৰভুৱে প্ৰায়েই কৈছিল, ‘যোহনেতো পানীত বাপ্তিষ্মা দিছিল, কিন্তু তোমালোকক পবিত্ৰ শক্তিৰে বাপ্তিষ্মা দিয়া হʼব।’ ১৭ সেইবাবে, প্ৰভু যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰা লোকসকলৰ নিচিনা অৰ্থাৎ আমাৰ নিচিনা তেওঁলোককো যদি ঈশ্বৰে দান হিচাপে পবিত্ৰ শক্তি দিয়ে, তেনেহʼলে ঈশ্বৰক বাধা দিবলৈ* মইনো কোন?”

১৮ যেতিয়া তেওঁলোকে এই বিষয়ে শুনিলে, তেতিয়া এই বিষয়ে আৰু একো নকʼলে।* আৰু এইদৰে কৈ ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে, “তেনেহʼলে ইয়াৰ অৰ্থ হৈছে ঈশ্বৰে যিহূদী নোহোৱা লোকসকলকো অনুতাপ কৰিবলৈ সুযোগ দিছে যাতে তেওঁলোকেও যেন জীৱন পায়।”

১৯ স্তিফানৰ হত্যাৰ পাছত যেতিয়া ভাইসকলৰ ওপৰত অত্যাচাৰ হʼবলৈ ধৰিলে আৰু তেওঁলোকে সিঁচৰিত হৈ গʼল, তেতিয়া তেওঁলোকে ফৈনীকিয়া, কুপ্ৰ আৰু আন্তিয়খিয়ালৈকে পালেগৈ। কিন্তু তেওঁলোকে কেৱল যিহূদীসকলক শুভবাৰ্তা শুনাবলৈ ধৰিলে। ২০ কিন্তু তেওঁলোকৰ মাজৰ কুপ্ৰ আৰু কুৰীণীৰ কিছুমান শিষ্যই আন্তিয়খিয়ালৈ আহিল আৰু গ্ৰীক ভাষা কোৱা লোকসকলক প্ৰভু যীচুৰ শুভবাৰ্তা শুনাবলৈ ধৰিলে। ২১ ইয়াৰ উপৰিও, যিহোৱা* তেওঁলোকৰ লগত আছিল আৰু বহুতো লোকে বিশ্বাস কৰিলে আৰু প্ৰভুৰ শিষ্য হʼল।

২২ তেওঁলোকৰ বিষয়ে যিৰূচালেমৰ মণ্ডলীলৈকে খবৰ পালেগৈ আৰু তেওঁলোকে বাৰ্ণব্বাক আন্তিয়খিয়ালৈ পঠালে। ২৩ তাত পোৱাৰ পাছত যেতিয়া তেওঁ ঈশ্বৰৰ মহা-কৃপা দেখিলে, তেতিয়া তেওঁ বহুত আনন্দিত হʼল আৰু হৃদয়েৰে প্ৰভুৰ বিশ্বাসী হৈ থাকিবলৈ সকলোকে উৎসাহিত কৰিবলৈ ধৰিলে। ২৪ কিয়নো বাৰ্ণব্বা এজন ভাল ব্যক্তি আছিল আৰু পবিত্ৰ শক্তি আৰু বিশ্বাসেৰে পৰিপূৰ্ণ আছিল আৰু বহুতো লোকে প্ৰভুৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে। ২৫ সেইবাবে, বাৰ্ণব্বাই চৌলক বিচাৰিবলৈ তাৰ্চলৈ গʼল। ২৬ আৰু যেতিয়া তেওঁ চৌলক লগ পালে, তেতিয়া তেওঁ চৌলক আন্তিয়খিয়ালৈ লৈ আহিলে। ইয়াৰ পাছত, তেওঁলোকে এবছৰলৈকে তাত থকা মণ্ডলীৰ লগত একগোট হৈ থাকিল আৰু লোকসকলৰ ডাঙৰ ভিৰক শিকাই থাকিল। আৰু এই আন্তিয়খিয়াতে প্ৰথমবাৰ ঈশ্বৰৰ নিৰ্দেশনাত শিষ্যসকলক ‘খ্ৰীষ্টান’ বুলি কোৱা হʼল।

২৭ সেই দিনবোৰতে যিৰূচালেমৰ পৰা কিছুমান ভৱিষ্যবক্তা আন্তিয়খিয়ালৈ আহিল। ২৮ তেওঁলোকৰ মাজৰ এজনৰ নাম আছিল আগাব। তেওঁ উঠি পবিত্ৰ শক্তিৰ সহায়ত কʼলে যে গোটেই পৃথিৱীত ডাঙৰ আকাল হʼব আৰু এই আকাল ক্লৌদিয়ৰ সময়ত হৈছিল। ২৯ তেতিয়া আন্তিয়খিয়াৰ শিষ্যসকলে থিৰাং কৰিলে যে তেওঁলোক প্ৰতিজনে যিমান পাৰে, সিমান যিহূদিয়াৰ ভাইসকলক সহায় কৰিবলৈ সাহায্য বস্তু পঠাব। ৩০ আৰু তেওঁলোকে এইদৰে কৰিলে আৰু এই বস্তুবোৰ বাৰ্ণব্বা আৰু চৌলৰ হাতত প্ৰাচীনসকললৈ পঠাই দিলে।

১২ সেই সময়তে ৰজা হেৰোদে মণ্ডলীৰ কিছুমান লোকৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰিলে। ২ তেওঁ যোহনৰ ভায়েক যাকোবক তৰোৱালেৰে হত্যা কৰালে। ৩ যেতিয়া তেওঁ দেখিলে যে ইয়াৰ পৰা যিহূদীসকল আনন্দিত হৈছে, তেতিয়া তেওঁ পিতৰকো গ্ৰেপ্তাৰ কৰিলে। (এয়া খমিৰ নোহোৱা ৰুটিৰ উৎসৱৰ সময় আছিল।) ৪ হেৰোদে পিতৰক জেলত বন্দী কৰি দিলে আৰু তেওঁক পালপাতি পহৰা দিবলৈ চাৰিজনকৈ চাৰিটা সৈন্যদলক নিযুক্ত কৰিলে। তেওঁৰ উদ্দেশ্য আছিল যে নিস্তাৰ-পৰ্বৰ পাছত তেওঁ পিতৰক লোকসকলৰ ওচৰলৈ* লৈ যাব। ৫ যেতিয়া পিতৰ জেলত আছিল, তেতিয়া মণ্ডলীয়ে তেওঁৰ কাৰণে মনে-প্ৰাণে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি আছিল।

৬ যিদিনাখন হেৰোদে পিতৰক লোকসকলৰ ওচৰলৈ লৈ যাবলগীয়া আছিল, তাৰ আগৰাতি পিতৰ দুজন সৈন্যৰ মাজত শুই আছিল আৰু তেওঁক দুডাল শিকলিৰে বন্ধা হৈছিল আৰু জেলৰ দুৱাৰত পহৰা দিয়া লোকসকলে পহৰা দি আছিল। ৭ তেতিয়া হঠাতে যিহোৱাৰ* স্বৰ্গদূত তাত আহি থিয় হʼল আৰু জেলৰ সেই কোঠালি পোহৰেৰে উজ্জ্বল হৈ উঠিল। স্বৰ্গদূতজনে পিতৰৰ পিঠিত লাহেকৈ ঢকিয়াই জগালে আৰু তেওঁক কʼলে, “উঠা, সোনকালে কৰা!” তেতিয়া তেওঁৰ হাতৰ শিকলি খুলি পৰি গʼল। ৮ স্বৰ্গদূতে পিতৰক কʼলে, “কঁকাল বান্ধা আৰু জোতা পিন্ধা।” তেওঁ এইদৰেই কৰিলে। তাৰ পাছত তেওঁ পিতৰক কʼলে, “তোমাৰ কাপোৰ গাত লৈ মোৰ পিছে পিছে আহা।” ৯ তেওঁ ওলাই স্বৰ্গদূতৰ পিছে পিছে যাবলৈ ধৰিলে, কিন্তু তেওঁ এয়া নাজানিছিল যে স্বৰ্গদূতে যি কৰি আছে, সেয়া সঁচাকৈ হৈ আছে। তেওঁতো কিবা দৰ্শন দেখিছে বুলি ভাবিছিল। ১০ প্ৰথম আৰু দ্বিতীয় পহৰা দিয়া লোকসকলক পাৰ কৰি তেওঁলোকে চহৰলৈ যোৱা লোহাৰ দুৱাৰৰ ওচৰ পালেহি আৰু সেই দুৱাৰ নিজে নিজে তেওঁলোকৰ কাৰণে খুলি গʼল। বাহিৰলৈ ওলোৱাৰ পাছত তেওঁলোকে এটা গলি পালেগৈ আৰু সেই সময়তে স্বৰ্গদূতে তেওঁক এৰি গুচি গʼল। ১১ তেতিয়া পিতৰৰ অনুভৱ হʼল যে আচলতে কি হৈছে। তেওঁ কʼলে, “এতিয়া মই গʼম পালোঁ যে যিহোৱাই* এজন স্বৰ্গদূত পঠাই মোক হেৰোদৰ হাতৰ পৰা বচালে আৰু যিহূদীসকলে আশা কৰাৰ দৰে মোৰ লগত সেই বেয়া ঘটনাবোৰ হʼবলৈ নিদিলে।”

১২ ইয়াৰ পাছত তেওঁ মৰিয়মৰ ঘৰলৈ গʼল, যিগৰাকী মাৰ্ক বুলি কোৱা যোহনৰ মা আছিল। তাত বহুতো শিষ্যই গোট খাইছিল আৰু প্ৰাৰ্থনা কৰি আছিল। ১৩ যেতিয়া পিতৰে বাহিৰৰ দুৱাৰ টুকুৰিয়ালে, তেতিয়া ৰোদা নামৰ চাকৰণীয়ে কোন আহিছে বুলি চাবলৈ আহিলে। ১৪ পিতৰৰ মাত চিনি পাই তাই ইমানেই আনন্দিত হʼল যে দুৱাৰ নোখোলাকৈ ভিতৰলৈ দৌৰি গʼল আৰু গৈ সকলোকে কʼবলৈ ধৰিলে যে পিতৰ বাহিৰৰ দুৱাৰ মুখত থিয় হৈ আছে। ১৫ শিষ্যসকলে তেওঁক কʼলে, “তুমি পাগলী হৈছা নেকি?” কিন্তু তেওঁ জোৰ দি কৈ থাকিল যে সঁচাকৈ তেৱেঁই আহিছে। তেতিয়া তেওঁলোকে কʼবলৈ ধৰিলে, “তেনেহʼলে তেওঁ এজন স্বৰ্গদূত।”* ১৬ কিন্তু পিতৰে তাতে থিয় হৈ দুৱাৰ টুকুৰিয়াই থাকিল। যেতিয়া তেওঁলোকে দুৱাৰ খুলিলে, তেতিয়া তেওঁক দেখি আচৰিত হʼল। ১৭ পিতৰে তেওঁলোকক মনে মনে থাকিবলৈ হাতেৰে ইংগিত দিলে আৰু যিহোৱাই* কেনেকৈ তেওঁক জেলৰ পৰা বাহিৰলৈ উলিয়ালে, সেই সকলো ঘটনা তেওঁলোকক কʼলে। তাৰ পাছত তেওঁ কʼলে, “এই কথা যাকোব আৰু আন ভাইসকলক জনাই দিবা।” ইয়াৰ পাছত তেওঁ বাহিৰলৈ গৈ বেলেগ এখন ঠাইলৈ ওলাই গʼল।

১৮ যেতিয়া পোহৰ হʼল, তেতিয়া পিতৰ কʼত গʼল বুলি সৈন্যসকলৰ মাজত হুলস্থূল লাগিল। ১৯ হেৰোদে পিতৰক বহুত বিচাৰিলে আৰু যেতিয়া বিচাৰি নাপালে, তেতিয়া তেওঁ পহৰা দিয়া লোকসকলক সোধ-পোছ কৰিলে আৰু তেওঁলোকক লৈ যাবলৈ আৰু শাস্তি দিবলৈ আদেশ দিলে। তাৰ পাছত হেৰোদে যিহূদিয়াৰ পৰা কৈচৰিয়ালৈ গুচি গʼল আৰু কিছু সময়ৰ কাৰণে তাতে থাকিল।

২০ ৰজা হেৰোদে তূৰ আৰু চীদোনৰ লোকসকলক বহুত খং কৰিছিল। সেইবাবে, সেই ঠাইৰ লোকসকলে একলগ হৈ ৰজাৰ ওচৰলৈ আহিলে। তেওঁলোকে ৰজাৰ ঘৰৰ চোৱা-চিতা কৰা ব্লাস্তৰ লগত কথা পাতি ৰজাৰ লগত শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰিলে। কিয়নো ৰজাৰ দেশৰ পৰাই তেওঁলোকৰ দেশলৈ খোৱা বস্তু আহিছিল। ২১ তাৰ পাছত এটা বিশেষ দিনত হেৰোদে ৰাজকীয় কাপোৰ পিন্ধি ন্যায়ৰ আসনত বহিল আৰু তেওঁ জনসাধাৰণক ভাষণ দিবলৈ আৰম্ভ কৰিলে। ২২ তেওঁৰ কথা শুনি তাত জমা হৈ থকা লোকসকলে চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “এয়া কোনো মানুহৰ নহয়, কিন্তু দেৱতাৰ মাত হয়!” ২৩ সেই সময়তে যিহোৱাৰ* স্বৰ্গদূতে হেৰোদক আঘাত কৰিলে, কিয়নো তেওঁ ঈশ্বৰৰ মহিমা নকৰিলে। তেওঁৰ শৰীৰত পোক লাগিল আৰু তেওঁ মৰি গʼল।

২৪ কিন্তু যিহোৱাৰ* বাক্য বিয়পি গʼল আৰু বহুতো লোকে বিশ্বাস কৰিলে।

২৫ বাৰ্ণব্বা আৰু চৌলে যিৰূচালেমত সাহায্য কাম সম্পূৰ্ণ কৰাৰ পাছত উভতি গʼল আৰু নিজৰ লগত যোহনক লৈ গʼল, যিজনক মাৰ্ক বুলি কোৱা হয়।

১৩ আন্তিয়খিয়া মণ্ডলীত বহুতো ভৱিষ্যবক্তা আৰু শিক্ষক আছিল। তেওঁলোক বাৰ্ণব্বা, চিমোন, যিজনক নিগ্ৰ বোলা হৈছিল, কুৰীণীৰ লূকীয়, জিলা প্ৰশাসক হেৰোদৰ লগত পঢ়া মনহেম আৰু চৌল আছিল। ২ যেতিয়া তেওঁলোকে যিহোৱাৰ* সেৱা কৰি আছিল আৰু লঘোন* দি আছিল, তেতিয়া পবিত্ৰ শক্তিয়ে তেওঁলোকক কʼলে, “মোৰ কাৰণে বাৰ্ণব্বা আৰু চৌলক সেই কামৰ কাৰণে পৃথক কৰা, যি কাম কৰিবলৈ মই তেওঁলোকক মাতিছোঁ।” ৩ তেতিয়া লঘোন দিয়া আৰু প্ৰাৰ্থনা কৰাৰ পাছত তেওঁলোকে সেই দুয়োজনৰ ওপৰত হাত থʼলে আৰু তেওঁলোকক বিদায় দিলে।

৪ তাৰ পাছত এই মানুহবিলাকে পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি চিলুকিয়ালৈ গʼল আৰু তাৰ পৰা জাহাজত উঠি কুপ্ৰ দ্বীপলৈ গʼল। ৫ যেতিয়া তেওঁলোকে সেই দ্বীপৰ চালামী চহৰ পালেগৈ, তেতিয়া তেওঁলোকে যিহূদীসকলৰ সভাঘৰত ঈশ্বৰৰ বাক্য শুনাবলৈ ধৰিলে। তেওঁলোকৰ লগত যোহনো* আছিল, যিজনে তেওঁলোকৰ সেৱা কৰিছিল।*

৬ যেতিয়া তেওঁলোকে সেই গোটেই দ্বীপ যাত্ৰা কৰি কৰি পাফঃ চহৰ পালেগৈ, তেতিয়া তেওঁলোকে তাত বাৰ-যীচু নামৰ এজন যিহূদীক লগ পালে। তেওঁ এজন যাদুকৰ আৰু মিছা ভৱিষ্যবক্তা আছিল। ৭ তেওঁ সেই প্ৰদেশৰ ৰাজ্যপাল* চৰ্জিয় পৌলৰ কাৰণে কাম কৰিছিল। চৰ্জিয় পৌল এজন বুদ্ধিমান ব্যক্তি আছিল। তেওঁ বাৰ্ণব্বা আৰু চৌলক নিজৰ ওচৰলৈ মাতিলে। কিয়নো তেওঁ ঈশ্বৰৰ বাক্য শুনিবলৈ আগ্ৰহী হৈ আছিল। ৮ কিন্তু বাৰ-যীচু, যিজনক ইলুমাই যাদুকৰ বুলি কোৱা হয় (ইলুমাই নামৰ অৰ্থ হৈছে যাদুকৰ), তেওঁলোকৰ বিৰোধ কৰিবলৈ ধৰিলে আৰু ৰাজ্যপালে যাতে এই বিশ্বাস গ্ৰহণ নকৰে, তাৰ বাবে তেওঁ সম্পূৰ্ণৰূপে চেষ্টা কৰিলে। ৯ তেতিয়া চৌলে, যাৰ নাম পৌলো হয়, পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ একেথৰে তেওঁৰ ফালে চালে ১০ আৰু কʼলে, “হে চয়তানৰ সন্তান, তই সকলো ধৰণৰ মিছা আৰু দুষ্ট কামেৰে পৰিপূৰ্ণ হৈছ আৰু তই সকলো ধৰণৰ ভাল কামৰ শত্ৰু হয়। তই যিহোৱাৰ* সঠিক পথক বেয়া কৰিবলৈ নেৰিবি নে? ১১ এতিয়া চা! যিহোৱাৰ* হাত তোৰ বিৰুদ্ধে উঠিছে আৰু তই অন্ধ হৈ যাবি আৰু কিছু সময়ৰ কাৰণে তই সূৰ্যৰ ৰশ্মি দেখা নাপাবি।” সেই সময়তে ঘন কুঁৱলী আৰু অন্ধকাৰ তাৰ ওপৰত নামি আহিল। আৰু কোনোবাই যেন তাৰ হাতত ধৰে, তাৰ কাৰণে সি ইফালে-সিফালে কাৰোবাক বিচাৰিবলৈ ধৰিলে। ১২ তেতিয়া যি হৈছিল, সেয়া দেখি ৰাজ্যপালে প্ৰভুত বিশ্বাস কৰিলে, কিয়নো তেওঁ যিহোৱাৰ* বিষয়ে শিকি আচৰিত হৈছিল।

১৩ ইয়াৰ পাছত পৌল আৰু তেওঁৰ লগৰকেইজনে পাফঃ চহৰৰ পৰা সমুদ্ৰ পথেদি যাত্ৰা কৰি পাম্ফুলিয়াৰ পৰ্গা চহৰ পালেগৈ। তাত যোহনে* তেওঁলোকক এৰি যিৰূচালেমলৈ উভতি গʼল। ১৪ কিন্তু তেওঁলোকে পৰ্গাৰ পৰা আগবাঢ়িল আৰু পিচিদিয়া এলেকাৰ আন্তিয়খিয়া চহৰলৈ আহিল আৰু বিশ্ৰাম-বাৰে* সভাঘৰত গৈ বহিল। ১৫ তাত যেতিয়া সকলোৰে আগত নিয়ম আৰু ভৱিষ্যবক্তাসকলৰ কিতাপ পঢ়ি শুনোৱা হʼল, তেতিয়া ইয়াৰ পাছত সভাঘৰৰ অধিকাৰীসকলে পৌল আৰু তেওঁৰ লগৰবিলাকক এইদৰে কৈ মাতিলে, “ভাইসকল, লোকসকলৰ সাহস বঢ়াবলৈ তোমালোকৰ যদি কিবা কʼবলগীয়া আছে, তেনেহʼলে কোৱা।” ১৬ তেতিয়া পৌল উঠিল আৰু সকলোকে শান্ত হʼবলৈ হাতেৰে ইংগিত কৰি কʼলে,

“ইস্ৰায়েলী আৰু ঈশ্বৰলৈ ভয় ৰখা আন লোকসকল, শুনা। ১৭ ইস্ৰায়েলৰ ঈশ্বৰে আমাৰ পূৰ্বপুৰুষসকলক বাছনি কৰিলে আৰু যেতিয়া তেওঁলোকে মিচৰত বিদেশীৰ দৰে আছিল, তেতিয়া তেওঁলোকক মহান কৰিলে আৰু নিজৰ শক্তিশালী হাতেৰে তেওঁলোকক তাৰ পৰা উলিয়াই আনিলে। ১৮ তেওঁ প্ৰায় ৪০ বছৰলৈকে অৰণ্যত* তেওঁলোকক সহ্য কৰি থাকিল। ১৯ তেওঁ কনান দেশত সাতটা জাতিক ধ্বংস কৰাৰ পাছত তেওঁলোকৰ দেশ ইস্ৰায়েলীসকলক উত্তৰাধিকাৰী হিচাপে দিলে। ২০ এই সকলো প্ৰায় ৪৫০ বছৰৰ সময়ছোৱাত হʼল।

ইয়াৰ পাছত ঈশ্বৰে তেওঁলোকৰ কাৰণে ভৱিষ্যবক্তা চমূৱেলৰ সময়লৈকে বিচাৰকৰ্তাসকলক নিযুক্ত কৰিলে। ২১ কিন্তু আগলৈ গৈ ইস্ৰায়েলীসকলে এজন ৰজা বিচাৰিলে আৰু ঈশ্বৰে কীচৰ পুতেক চৌলক তেওঁলোকৰ ৰজা পাতিলে, যিজন বিন্যামীন গোষ্ঠীৰ আছিল। তেওঁ ৪০ বছৰলৈকে তেওঁলোকৰ ৰজা হৈ থাকিল। ২২ তেওঁক আঁতৰোৱাৰ পাছত ঈশ্বৰে দায়ূদক তেওঁলোকৰ ৰজা পাতিলে, যাৰ বিষয়ে তেওঁ এইদৰে সাক্ষ্য দিছিল, ‘মই যিচয়ৰ পুতেক দায়ূদক পালোঁ। তেওঁ মোৰ ইচ্ছাৰ অনুসৰি কাম কৰে। মোৰ যিয়েই ইচ্ছা আছে, সেয়া তেওঁ পূৰ কৰিব।’ ২৩ ঈশ্বৰে নিজৰ প্ৰতিজ্ঞাৰ অনুসৰি এই দায়ূদৰ বংশৰ* পৰাই ইস্ৰায়েলীসকলৰ ওচৰলৈ এজন উদ্ধাৰকৰ্তা অৰ্থাৎ যীচুক পঠিয়ালে। ২৪ যীচু অহাৰ আগতে যোহনে ইস্ৰায়েলৰ সকলো লোকক বাপ্তিষ্মা* লʼবলৈ প্ৰচাৰ কৰিলে, যি এই কথাৰ চিন হʼব যে তেওঁলোকে অনুতাপ কৰিলে। ২৫ কিন্তু যোহনে নিজৰ সেৱাৰ শেষৰ ফালে এইদৰে কৈছিল, ‘তোমালোকে কি ভাবা, মই কোন? মই সেইজন নহওঁ। কিন্তু চোৱা! মোৰ পাছত সেইজন আহি আছে, যিজনৰ ভৰিৰ জোতা খোলাৰো মই যোগ্য নহওঁ।’

২৬ ভাইসকল, অব্ৰাহামৰ বংশ আৰু ঈশ্বৰলৈ ভয় ৰখা বাকী লোকসকল, শুনা। ঈশ্বৰে আমাৰ উদ্ধাৰৰ বিষয়ে এটা বাৰ্তা আমাৰ ওচৰলৈ পঠিয়াইছে। ২৭ যিৰূচালেমত থকা লোক আৰু তেওঁলোকৰ ধৰ্ম-অধিকাৰীসকলে সেই উদ্ধাৰকৰ্তাক চিনি নাপালে। কিন্তু তেওঁৰ ন্যায় কৰাৰ সময়ত তেওঁলোকে ভৱিষ্যবক্তাসকলে কোৱা সেই সকলো কথা পূৰ কৰিলে, যি প্ৰতিটো বিশ্ৰাম-বাৰে পঢ়ি শুনোৱা হয়। ২৮ যদিও তেওঁক হত্যা কৰাৰ তেওঁলোকে কোনো কাৰণ বিচাৰি নাপালে, তথাপি তেওঁক মৃত্যুৰ শাস্তি দিবলৈ তেওঁলোকে পীলাতক অনুৰোধ কৰিলে। ২৯ আৰু যেতিয়া তেওঁলোকে সেই সকলো কৰিলে, যি তেওঁৰ বিষয়ে লিখা আছিল, তেতিয়া তেওঁক কাঠৰ পৰা* নমালে আৰু এটা কবৰত* থʼলে। ৩০ কিন্তু ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে। ৩১ তাৰ পাছত তেওঁ বহু দিনলৈকে সেই লোকসকলক দেখা দি থাকিল, যিসকলে তেওঁৰ লগত গালীলৰ পৰা যিৰূচালেমলৈ গৈছিল। এতিয়া তেওঁলোকে তেওঁৰ বিষয়ে লোকসকলক সাক্ষ্য দি আছে।

৩২ সেইবাবে, আমি তোমালোকক সেই প্ৰতিজ্ঞাৰ বিষয়ে শুভবাৰ্তা শুনাই আছোঁ, যি আমাৰ পূৰ্বপুৰুষসকলৰ লগত কৰা হৈছিল। ৩৩ ঈশ্বৰে নিজৰ সন্তান অৰ্থাৎ আমাৰ কাৰণে এই প্ৰতিজ্ঞা সম্পূৰ্ণৰূপে পূৰ কৰিলে আৰু ইয়াৰ কাৰণে তেওঁ যীচুক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে, যিদৰে গীতমালাৰ দ্বিতীয় গীতত লিখা আছে, ‘তুমি মোৰ পুত্ৰ হয়, আজি মই তোমাৰ পিতৃ হৈছোঁ।’ ৩৪ ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে আৰু তেওঁ কেতিয়াও মানৱীয় শৰীৰ ধাৰণ নকৰিব, যি গেলি-পচি যায়। ঈশ্বৰে এই কথাক নিশ্চিত কৰিবলৈ এইদৰে কʼলে, ‘মই দায়ূদক প্ৰতিজ্ঞা কৰা অটুট প্ৰেম তোমালোকক দেখুৱাম। এই প্ৰতিজ্ঞা ভৰসাযোগ্য হয়।’ ৩৫ সেইবাবে, গীতমালাৰ আৰু এটা গীতে এইদৰে কৈছে, ‘তুমি নিজৰ বিশ্বাসীজনক গেলিবলৈ নিদিবা।’ ৩৬ আনহাতে, দায়ূদে গোটেই জীৱন ঈশ্বৰৰ পবিত্ৰ সেৱা কৰিলে।* তাৰ পাছত তেওঁ মৃত্যুৰ টোপনিত গʼল আৰু তেওঁক নিজৰ পূৰ্বপুৰুষসকলৰ লগত কবৰ দিয়া হʼল আৰু তেওঁ গেলি গʼল। ৩৭ কিন্তু ঈশ্বৰে যিজনক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে, তেওঁৰ শৰীৰ গেলি নগʼল।

৩৮ সেইবাবে, ভাইসকল, তোমালোকে জানি লোৱা যে তেওঁৰ যোগেদিয়েই তোমালোকে পাপৰ ক্ষমা পাবা আৰু এই খবৰেই আমি তোমালোকক শুনাই আছোঁ। ৩৯ আৰু যিবোৰ কথাত মোচিৰ নিয়মে তোমালোকক নিৰ্দোষী বুলি গণ্য কৰিব নোৱাৰিলে, সেইবোৰ কথাতেই এজন মানুহ যীচুৰ যোগেদি নিৰ্দোষী বুলি গণ্য হʼব। কিন্তু তেওঁ বিশ্বাস কৰিব লাগিব। ৪০ সেইবাবে, সাৱধান হোৱা, ভৱিষ্যবক্তাসকলৰ কিতাপত লিখা এই কথা যেন তোমালোকৰ লগত নঘটে: ৪১ ‘হে ঠাট্টা কৰা লোকসকল, চোৱা, আচৰিত হোৱা আৰু নাইকিয়া হোৱা, কিয়নো মই তোমালোকৰ সময়ত এনে কাম কৰিবলৈ গৈ আছোঁ, যাৰ বিষয়ে যদি কোনোবাই তোমালোকক ভাঙি-পাতিও কয়, তেনেহʼলে তোমালোকে তেওঁৰ ওপৰত বিশ্বাস নকৰিবা।’”

৪২ এই সকলো কোৱাৰ পাছত যেতিয়া তেওঁলোকে বাহিৰলৈ গৈ আছিল, তেতিয়া লোকসকলে অহা বিশ্ৰাম-বাৰেও এইবোৰ কথা আকৌ শুনাবলৈ তেওঁলোকক মিনতি কৰিবলৈ ধৰিলে। ৪৩ যেতিয়া সভা শেষ হʼল, তেতিয়া বহুতো যিহূদী আৰু যিহূদী ধৰ্ম গ্ৰহণ কৰা লোকসকল, যিসকলে ঈশ্বৰৰ উপাসনা কৰিছিল, তেওঁলোকে পৌল আৰু বাৰ্ণব্বাৰ লগত গʼল। সেই দুজনে তেওঁলোকৰ লগত কথা পাতিলে আৰু তেওঁলোকক ঈশ্বৰৰ মহা-কৃপাৰ যোগ্য হৈ থাকিবলৈ উৎসাহিত কৰিলে।

৪৪ তাৰ পাছৰ বিশ্ৰাম-বাৰে প্ৰায় গোটেই চহৰৰ লোকসকলে যিহোৱাৰ* বাক্য শুনিবলৈ গোট খালে। ৪৫ যেতিয়া যিহূদীসকলে লোকসকলৰ ইমান ডাঙৰ ভিৰ দেখিলে, তেতিয়া তেওঁলোকে ঈৰ্ষা কৰিবলৈ ধৰিলে আৰু পৌলৰ কথা ভুল বুলি প্ৰমাণ কৰিবলৈ তৰ্ক কৰিবলৈ ধৰিলে আৰু তেওঁৰ কথাৰ নিন্দা কৰিবলৈ ধৰিলে। ৪৬ তেতিয়া পৌল আৰু বাৰ্ণব্বাই সাহসেৰে তেওঁলোকক কʼলে, “ঈশ্বৰৰ বাক্য প্ৰথমে তোমালোকক অৰ্থাৎ যিহূদীসকলক শুনোৱাৰ প্ৰয়োজন আছিল। কিন্তু তোমালোকে ইয়াক অস্বীকাৰ কৰিছা আৰু দেখুৱাইছা যে তোমালোক অনন্ত জীৱন পোৱাৰ যোগ্য নোহোৱা। সেইবাবে চোৱা! আমি আন ৰাষ্ট্ৰৰ লোকসকলৰ ওচৰলৈ গৈ আছোঁ। ৪৭ যিহোৱাই* আমাক এই আজ্ঞা দিছে, ‘মই তোমাক যিহূদী নোহোৱা লোকসকলৰ কাৰণে পোহৰ হিচাপে নিযুক্ত কৰিছোঁ যাতে তুমি পৃথিৱীৰ সীমালৈকে উদ্ধাৰৰ বাৰ্তা শুনাব পাৰা।’”

৪৮ যেতিয়া যিহূদী নোহোৱা লোকসকলে এই কথা শুনিলে, তেতিয়া তেওঁলোক বহুত আনন্দিত হʼল আৰু যিহোৱাৰ* বাক্যৰ প্ৰশংসা কৰিবলৈ ধৰিলে আৰু অনন্ত জীৱন পাবলৈ যিসকলৰ সঠিক মন আছে, তেওঁলোকে প্ৰভুৰ ওপৰত বিশ্বাস কৰিলে। ৪৯ ইয়াৰ উপৰিও, যিহোৱাৰ* বাক্য ওচৰে-পাজৰে থকা গোটেই এলেকাত বিয়পি থাকিল। ৫০ কিন্তু যিহূদীসকলে ঈশ্বৰলৈ ভয় ৰখা চহৰৰ বিখ্যাত তিৰোতাসকলক আৰু প্ৰধান পুৰুষবিলাকক উচটালে। তেওঁলোকে পৌল আৰু বাৰ্ণব্বাৰ ওপৰত অত্যাচাৰ কৰোৱালে আৰু তেওঁলোকক নিজৰ সীমাৰ পৰা বাহিৰ কৰি দিলে। ৫১ তেতিয়া পৌল আৰু বাৰ্ণব্বাই নিজৰ ভৰিৰ ধূলি জোকাৰি পেলালে যাতে তেওঁলোকে সাক্ষ্য পায় আৰু তেওঁলোকে ইকনিয় চহৰলৈ গুচি গʼল। ৫২ আৰু শিষ্যসকলে আনন্দ আৰু পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ থাকিল।

১৪ এতিয়া পৌল আৰু বাৰ্ণব্বাই ইকনিয়ত একেলগে যিহূদীসকলৰ সভাঘৰলৈ গʼল আৰু তাত তেওঁলোকে ইমানেই ভালকৈ কথা পাতিলে যে বহুতো যিহূদী আৰু গ্ৰীকসকলে প্ৰভুত বিশ্বাস কৰিবলৈ ধৰিলে। ২ কিন্তু যিসকল যিহূদীয়ে বিশ্বাস নকৰিলে, তেওঁলোকে যিহূদী নোহোৱা লোকসকলক উচটালে আৰু ভাইসকলৰ বিৰুদ্ধে তেওঁলোকৰ মনত ঘৃণাভাৱ ভৰাই দিলে। ৩ সেইবাবে, পৌল আৰু বাৰ্ণব্বাই তাত বহু দিন থাকিল আৰু যিহোৱাৰ* পৰা পোৱা অধিকাৰৰ কাৰণে সাহসেৰে তেওঁৰ বাক্য শুনাই থাকিল। লগতে তেওঁলোকক শুনোৱা ঈশ্বৰৰ মহা-কৃপাৰ বাক্য তেওঁৰ ফালৰ পৰা হয় বুলি দেখুৱাবলৈ ঈশ্বৰে তেওঁলোকৰ যোগেদি চমৎকাৰ আৰু আশ্চৰ্য্যজনক কাম কৰি থাকিল। ৪ কিন্তু চহৰৰ লোকসকলৰ মাজত কথা নিমিলা হʼল আৰু কিছুমানে যিহূদীসকলৰ ফলীয়া আৰু আন কিছুমানে পাঁচনিসকলৰ* ফলীয়া হʼল। ৫ যিহূদী নোহোৱা লোক আৰু যিহূদীসকলে নিজৰ অধিকাৰীসকলৰ লগত মিলি পৌল আৰু বাৰ্ণব্বাক অপমান কৰিবলৈ আৰু শিল দলিয়াই মাৰি পেলাবলৈ ষড়যন্ত্ৰ কৰিলে। ৬ কিন্তু পৌল আৰু বাৰ্ণব্বাই এই বিষয়ে গʼম পালে, সেইবাবে তেওঁলোকে তাৰ পৰা পলাই গʼল। আৰু লুকায়নিয়াৰ লুস্ত্ৰা আৰু দৰ্বী চহৰ আৰু ওচৰে-পাজৰে থকা এলেকালৈ গুচি গʼল। ৭ তাত তেওঁলোকে শুভবাৰ্তা ঘোষণা কৰিবলৈ ধৰিলে।

৮ লুস্ত্ৰাত এজন ব্যক্তি আছিল, যিজন জন্মৰে পৰা খোৰা আছিল আৰু কেতিয়াও খোজ কঢ়া নাছিল। ৯ এই মানুহজনে পৌলৰ কথা ধ্যান দি শুনি আছিল। পৌলে তেওঁৰ ফালে একেথৰে চালে আৰু বুজি পালে যে সুস্থ হʼব বুলি মানুহজনৰ বিশ্বাস আছে। ১০ সেইবাবে, পৌলে জোৰেৰে কʼলে, “নিজৰ ভৰিত ভৰ দি থিয় হোৱা।” তেতিয়া তেওঁ জপিয়াই থিয় হʼল আৰু খোজকাঢ়িবলৈ ধৰিলে। ১১ যেতিয়া লোকসকলে পৌলৰ এই কাম দেখিলে, তেতিয়া লুকায়নিয়া ভাষাত চিঞৰিবলৈ ধৰিলে, “দেৱতা মানুহৰ ৰূপত আমাৰ মাজলৈ আহিছে!” ১২ তেওঁলোকে বাৰ্ণব্বাক জীউচ দেৱতা, কিন্তু পৌলক হাৰ্মেচ দেৱতা বুলি কʼবলৈ ধৰিলে, কিয়নো আগবাঢ়ি আহি কথা পতাজন পৌলেই আছিল। ১৩ আৰু চহৰৰ ওচৰৰ যি জীউচৰ মন্দিৰ আছিল, তাত থকা পূজাৰীজনে ষাঁড় গৰু আৰু ফুলৰ মালা* লৈ চহৰৰ দুৱাৰ মুখলৈ আহিলে। তেওঁ লোকসকলৰ লগত মিলি পৌল আৰু বাৰ্ণব্বাৰ আগত বলিদান আগবঢ়াব বিচাৰিছিল।

১৪ কিন্তু যেতিয়া পাঁচনি বাৰ্ণব্বা আৰু পৌলে এই বিষয়ে শুনিলে, তেতিয়া তেওঁলোকে নিজৰ কাপোৰ ফালিলে আৰু দৌৰি ভিৰৰ মাজত সোমাল আৰু এইদৰে চিঞৰি কʼবলৈ ধৰিলে, ১৫ “হে লোকসকল, তোমালোকে এইবোৰ কিয় কৰি আছা? আমিও তোমালোকৰ দৰে সাধাৰণ মানুহ হওঁ আৰু তোমালোকক শুভবাৰ্তা শুনাই আছোঁ যাতে তোমালোকে এই ব্যৰ্থ বস্তুবোৰ এৰি জীৱিত ঈশ্বৰৰ ওচৰলৈ আহিব পাৰা, যিজনে আকাশ, পৃথিৱী আৰু সমুদ্ৰ আৰু তাত থকা সকলো সৃষ্টি কৰিছে। ১৬ প্ৰাচীন সময়ত তেওঁ সকলো ৰাষ্ট্ৰক নিজৰ নিজৰ পথত চলিবলৈ দিলে, ১৭ তথাপি তেওঁ ভাল কাম কৰি থাকিল আৰু এইদৰে তেওঁ নিজৰ বিষয়ে সাক্ষ্য দি থাকিল। তেওঁ তোমালোকক আকাশৰ পৰা বৰষুণ আৰু বিভিন্ন ঋতুত প্ৰচুৰ শস্য দি থাকিল আৰু পেট ভৰাই খাব পৰাকৈ তোমালোকক আহাৰ দি থাকিল আৰু তোমালোকৰ হৃদয় আনন্দেৰে পূৰ্ণ কৰি থাকিল।” ১৮ এই সকলো কোৱাৰ পাছতো তেওঁলোকে বহুত কষ্টেৰে ভিৰক তেওঁলোকৰ আগত বলিদান দিবলৈ বাধা দিব পাৰিলে।

১৯ কিন্তু আন্তিয়খিয়া আৰু ইকনিয়ৰ পৰা যিহূদীসকল তালৈ আহিল আৰু তেওঁলোকে লোকসকলক নিজৰ ফলীয়া কৰিলে, তেতিয়া লোকসকলে পৌলক শিল দলিয়াই মাৰিলে আৰু তেওঁ মৰি গʼল বুলি ভাবি চহৰৰ বাহিৰলৈ চোঁচৰাই লৈ গʼল। ২০ কিন্তু শিষ্যসকলে যেতিয়া তেওঁৰ চাৰিওফালে আহি থিয় হʼল, তেতিয়া তেওঁ উঠিল আৰু চহৰলৈ গʼল। পাছ দিনাখন তেওঁ বাৰ্ণব্বাৰ লগত দৰ্বীলৈ গʼল। ২১ তেওঁলোকে সেই চহৰত শুভবাৰ্তা শুনালে আৰু বহুতো লোক শিষ্য হʼল, তাৰ পাছত তেওঁলোকে লুস্ত্ৰা, ইকনিয় আৰু আন্তিয়খিয়ালৈ উভতি গʼল। ২২ তাত তেওঁলোকে শিষ্যসকলৰ সাহস বঢ়ালে আৰু এইদৰে কৈ নিজৰ বিশ্বাস মজবুত কৰিবলৈ তেওঁলোকক উৎসাহিত কৰিলে, “আমি বহুতো সমস্যা সহন কৰিহে ঈশ্বৰৰ ৰাজ্যত সোমাব লাগিব।” ২৩ ইয়াৰ উপৰিও, তেওঁলোকে প্ৰতিটো মণ্ডলীত তেওঁলোকৰ কাৰণে প্ৰাচীন নিযুক্ত কৰিলে, লঘোন* দিলে আৰু প্ৰাৰ্থনা কৰিলে আৰু প্ৰাচীনসকলক যিহোৱাৰ* হাতত গতাই দিলে, কাৰণ সেই প্ৰাচীনসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছিল।

২৪ তাৰ পাছত তেওঁলোকে পিচিদিয়া এলেকাৰ মাজেদি হৈ পাম্ফুলিয়া পালেগৈ। ২৫ আৰু পৰ্গাত বাক্য শুনোৱাৰ পাছত তেওঁলোক আত্তালিয়ালৈ আহিল। ২৬ তাৰ পৰা তেওঁলোকে জাহাজত উঠি আন্তিয়খিয়ালৈ গʼল। যি কাম এতিয়া তেওঁলোকে পূৰ কৰিলে, সেই কামৰ কাৰণে এই আন্তিয়খিয়াতে ভাইসকলে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল যাতে ঈশ্বৰে তেওঁলোকক মহা-কৃপা কৰে।

২৭ যেতিয়া তেওঁলোকে আন্তিয়খিয়া পালেগৈ, তেতিয়া তেওঁলোকে মণ্ডলীবোৰক একগোট কৰিলে আৰু তেওঁলোকক কʼবলৈ ধৰিলে যে ঈশ্বৰে তেওঁলোকৰ যোগেদি কি কি কাম কৰিলে আৰু তেওঁ যিহূদী নোহোৱা লোকসকলৰ বাবে প্ৰভুত বিশ্বাস কৰিবলৈ কেনেকৈ বাট মুকলি কৰিলে। ২৮ আৰু তাত তেওঁলোকে শিষ্যসকলৰ লগত বহুত সময় কটালে।

১৫ তাৰ পাছত যিহূদিয়াৰ পৰা কিছুমান লোক আন্তিয়খিয়ালৈ আহিল আৰু ভাইসকলক এয়া শিকাবলৈ ধৰিলে, “যেতিয়ালৈকে তোমালোকে মোচিৰ নিয়মৰ অনুসৰি চুন্নৎ নকৰা, তেতিয়ালৈকে তোমালোকে উদ্ধাৰ পাব নোৱাৰা।” ২ কিন্তু এই বিষয়ে যেতিয়া পৌল আৰু বাৰ্ণব্বাৰ লগত তেওঁলোকৰ বহুত তৰ্ক-বিতৰ্ক আৰু কাজিয়া হʼল, তেতিয়া এই বিষয়ে আলোচনা কৰিবলৈ পৌল আৰু বাৰ্ণব্বাৰ লগতে আন কিছুমান ভাইক যিৰূচালেমত থকা পাঁচনি* আৰু প্ৰাচীনসকলৰ ওচৰলৈ পঠিয়াবলৈ ব্যৱস্থা কৰা হʼল।

৩ মণ্ডলীয়ে তেওঁলোকক কিছু দূৰ আগবঢ়াই দিলে আৰু তেওঁলোকে ফৈনীকিয়া আৰু চমৰীয়াৰ মাজেদি গৈ থাকোঁতে যিহূদী নোহোৱা লোকসকলে নিজকে সলনি কৰি ঈশ্বৰৰ ফলীয়া হোৱাৰ বিষয়ে তাত থকা ভাইসকলক বৰ্ণনা কৰিলে। এয়া শুনি ভাইসকলে অতি আনন্দিত হʼল। ৪ যেতিয়া তেওঁলোকে যিৰূচালেম পালেগৈ, তেতিয়া মণ্ডলী, পাঁচনি আৰু প্ৰাচীনসকলে তেওঁলোকক আনন্দেৰে আদৰণি জনালে আৰু পৌল আৰু বাৰ্ণব্বাই, ঈশ্বৰে তেওঁলোকৰ যোগেদি কৰা সেই সকলো কামৰ বিষয়ে তেওঁলোকক জনালে। ৫ কিন্তু ফৰীচীবিলাকৰ গোটৰ কিছুমান লোক, যিসকলে প্ৰভুত বিশ্বাস কৰিবলৈ ধৰিছিল, তেওঁলোকে নিজৰ বহা ঠাইৰ পৰা উঠি কʼলে, “তেওঁলোকক চুন্নৎ কৰাব লাগিব আৰু মোচিৰ নিয়ম পালন কৰিবলৈ আদেশ দিব লাগিব।”

৬ তেতিয়া পাঁচনি আৰু প্ৰাচীনসকলে এই বিষয়ে আলোচনা কৰিবলৈ একগোট হʼল। ৭ তেওঁলোকে এই বিষয়ে গভীৰভাৱে ভাবিলে আৰু তেওঁলোকৰ মাজত দীঘলীয়া আলোচনা* হʼল। ইয়াৰ পাছত পিতৰে উঠি তেওঁলোকক কʼলে, “ভাইসকল, তোমালোকে ভালদৰে জানা যে তোমালোকৰ মাজৰ পৰা প্ৰথমে ঈশ্বৰে মোক বাছনি কৰিলে যাতে যিহূদী নোহোৱা লোকসকলে শুভবাৰ্তা শুনে আৰু বিশ্বাস কৰে। ৮ আৰু ঈশ্বৰ, যিজনে হৃদয়ক জানে, তেওঁ আমাৰ নিচিনা তেওঁলোককো পবিত্ৰ শক্তি দি তেওঁলোকক বাছনি কৰিলে বুলি প্ৰমাণ দিলে। ৯ তেওঁ আমাৰ আৰু তেওঁলোকৰ মাজত কোনো পক্ষপাত নকৰিলে, ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ বিশ্বাসৰ কাৰণে তেওঁলোকৰ হৃদয় শুচি কৰিলে। ১০ গতিকে, এতিয়া তোমালোকে শিষ্যসকলৰ কান্ধত এনে যুঁৱলি তুলি কিয় ঈশ্বৰৰ পৰীক্ষা কৰিছা, যি যুঁৱলি আমাৰ পূৰ্বপুৰুষসকলে উঠাব পৰা নাছিল আৰু আমিও পৰা নাই? ১১ ইয়াৰ পৰিৱৰ্তে, আমাৰ বিশ্বাস আছে যে প্ৰভু যীচুৰ মহা-কৃপাৰ কাৰণে আমি যেনেকৈ উদ্ধাৰ পাওঁ, তেনেকৈ তেওঁলোকেও উদ্ধাৰ পায়।”

১২ এয়া শুনি সকলোৱে মনে মনে থাকিল আৰু তেওঁলোকে বাৰ্ণব্বা আৰু পৌলৰ কথা শুনিবলৈ ধৰিলে যে ঈশ্বৰে কেনেকৈ তেওঁলোকৰ যোগেদি যিহূদী নোহোৱা লোকসকলৰ মাজত বহুতো চমৎকাৰ আৰু আশ্চৰ্য্যজনক কামবোৰ কৰিলে। ১৩ তেওঁলোকৰ কথা শেষ হোৱাৰ পাছত যাকোবে কʼলে, “ভাইসকল, মোৰ কথা শুনা। ১৪ চিমোনে* বৰ্ণনা কৰি কʼলে যে ঈশ্বৰে কেনেকৈ প্ৰথমবাৰ যিহূদী নোহোৱা লোকসকলৰ ফালে ধ্যান দিলে যাতে তেওঁলোকৰ মাজৰ পৰা এনে লোকসকলক একগোট কৰিব পাৰে, যিসকলক ঈশ্বৰৰ নামেৰে জনা যায়। ১৫ আৰু ভৱিষ্যবক্তাসকলে কোৱা কথাও ইয়াৰ লগত মিল খায়, যিদৰে লিখা আছে: ১৬ ‘এই সকলো কথাৰ পাছত মই আকৌ আহিম আৰু দায়ূদৰ ভাঙি যোৱা ঘৰ* পুনৰাই বনাম আৰু তাৰ ধ্বংসস্থানবিলাক পুনৰাই নিৰ্মাণ কৰিম আৰু ইয়াক আগৰ দৰে কৰি তুলিম ১৭ যাতে তাৰ বাকী থকা লোকসকলে সকলো ৰাষ্ট্ৰৰ লগত মিলি মনে-প্ৰাণে যিহোৱাক* বিচাৰে, যাৰ বিষয়ে যিহোৱাই* কৈছিল যে তেওঁলোকক মোৰ নামেৰে মতা হয়। ঈশ্বৰে এইবোৰ যি কৰি আছে, ১৮ তেওঁ বহু আগতেই এইবোৰ কৰিবলৈ থিৰাং কৰিছিল।’ ১৯ সেইবাবে, মোৰ নিৰ্ণয়* এয়া যে যিহূদী নোহোৱা লোকসকলৰ মাজৰ পৰা যিসকলে ঈশ্বৰৰ সেৱা কৰিব বিচাৰে, তেওঁলোকক যেন আমি আমনি নকৰোঁ। ২০ কিন্তু তেওঁলোকক এয়া লিখি পঠাওঁ যে তেওঁলোকে যেন মূৰ্তিপূজাৰ দ্বাৰা অপবিত্ৰ হোৱা বস্তুবোৰৰ পৰা, অনৈতিক শাৰীৰিক সম্পৰ্কৰ* পৰা, ডিঙি চেপি মৰা জন্তুৰ মাংসৰ পৰা* আৰু তেজৰ পৰা আঁতৰি থাকে। ২১ কাৰণ প্ৰাচীন সময়ৰ পৰাই এনে লোকসকল আছে, যিসকলে মোচিৰ কিতাপত লিখা এই কথাবোৰ প্ৰত্যেক চহৰত প্ৰচাৰ কৰি আহিছে, প্ৰতিটো বিশ্ৰাম-বাৰে* সভাঘৰত তেওঁৰ কিতাপ পঢ়ি শুনাই আহিছে।”

২২ তাৰ পাছত পাঁচনিসকল আৰু প্ৰাচীনসকলে গোটেই মণ্ডলীৰ লগত মিলি নিৰ্ণয় লʼলে যে তেওঁলোকে পৌল আৰু বাৰ্ণব্বাৰ লগত নিজৰ মাজৰ পৰা বাছনি কৰা ব্যক্তি কেইজনক আন্তিয়খিয়ালৈ পঠাব অৰ্থাৎ বাৰ্চব্বা বুলি কোৱা যিহূদা আৰু চীলক পঠাব, যিসকলে ভাইসকলৰ বিভিন্ন কামত নেতৃত্ব লৈছিল। ২৩ তেওঁলোকে এই ভাইসকলৰ হাতত এই চিঠি লিখি পঠালে:

“আন্তিয়খিয়া, চিৰিয়া আৰু কিলিকিয়াত থকা যিহূদী নোহোৱা ভাইসকললৈ, তোমালোকৰ ভাই অৰ্থাৎ পাঁচনিসকল আৰু প্ৰাচীনসকলৰ নমস্কাৰ! ২৪ আমি শুনিলোঁ যে আমাৰ ইয়াৰ পৰা কিছুমান লোকে গৈ তোমালোকক এনে কথা কʼলে যাৰ বাবে তোমালোকে চিন্তিত হʼলা। আৰু তেওঁলোকে তোমালোকৰ বিশ্বাস নাইকিয়া কৰিবলৈ চেষ্টা কৰিলে। কিন্তু আমি তেওঁলোকক এনে কোনো নিৰ্দেশনা দিয়া নাছিলোঁ। ২৫ সেইবাবে, আমি সকলোৱে একমত হৈ নিৰ্ণয় লʼলোঁ যে আমি কিছুমান ভাইক বাছনি কৰি আমাৰ প্ৰিয় বাৰ্ণব্বা আৰু পৌলৰ লগত তেওঁলোকক তোমালোকৰ ওচৰলৈ পঠাম। ২৬ এই দুয়োজনে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামৰ কাৰণে নিজৰ জীৱন বিপদত পেলাইছিল। ২৭ আমি যিহূদা আৰু চীলক পঠাইছোঁ যাতে তেওঁলোকেও তোমালোকক এই বিষয়ে জনাব পাৰে। ২৮ আমি পবিত্ৰ শক্তিৰ সহায়ত এই নিৰ্ণয় লৈছোঁ যে এই গুৰুত্বপূৰ্ণ বিষয়বোৰৰ বাহিৰে আমি তোমালোকৰ ওপৰত কোনো বোজা জাপি নিদিওঁ: ২৯ তোমালোকে মূৰ্তিৰ আগত বলি দিয়া বস্তুবোৰৰ পৰা, তেজৰ পৰা, ডিঙি চেপি মৰা জন্তুৰ মাংসৰ পৰা আৰু অনৈতিক শাৰীৰিক সম্পৰ্কৰ পৰা সদায় আঁতৰি থাকা। যদি তোমালোকে সাৱধানে থাকি এইবোৰৰ পৰা সদায় আঁতৰি থাকা, তেনেহʼলে তোমালোকৰ ভাল হʼব। ভালদৰে থাকা!”*

৩০ তাৰ পাছত যেতিয়া এই লোকসকলক বিদায় দিয়া হʼল, তেতিয়া তেওঁলোকে আন্তিয়খিয়ালৈ গʼল আৰু তেওঁলোকে সকলো শিষ্যক একগোট কৰি তেওঁলোকক সেই চিঠি দিলে। ৩১ চিঠি পঢ়ি তেওঁলোকে বহুত উৎসাহ পালে আৰু বহুত আনন্দিত হʼল। ৩২ যিহূদা আৰু চীল ভৱিষ্যবক্তা আছিল, সেইবাবে তেওঁলোকে বহুতো ভাষণ দি ভাইসকলৰ সাহস বঢ়ালে আৰু তেওঁলোকক মজবুত কৰিলে। ৩৩ তেওঁলোকে তাত কিছু সময় কটালে। তাৰ পাছত তাত থকা ভাইসকলে তেওঁলোকক বিদায় দিলে আৰু তেওঁলোকে সেই ভাইসকলৰ ওচৰলৈ উভতি আহিলে, যিসকলে তেওঁলোকক পঠাইছিল। ৩৪* — ৩৫ কিন্তু পৌল আৰু বাৰ্ণব্বাই আন্তিয়খিয়াতে থাকিল আৰু বহুতো লোকৰ লগত মিলি যিহোৱাৰ* বাক্যৰ শুভবাৰ্তা প্ৰচাৰ কৰি থাকিল আৰু শিকাই থাকিল।

৩৬ তাৰ কিছু দিনৰ পাছত পৌলে বাৰ্ণব্বাক কʼলে, “বʼলা,* আমি যি যি চহৰত যিহোৱাৰ* বাক্য প্ৰচাৰ কৰিছিলোঁ, তাত আকৌ গৈ ভাইসকল কেনে আছে চাই আহোঁ।” ৩৭ বাৰ্ণব্বাই থিৰাং কৰি লৈছিল যে তেওঁ নিজৰ লগত যোহনকো লৈ যাব, যিজনক মাৰ্ক বুলিও কোৱা হয়। ৩৮ কিন্তু পৌলে তেওঁক নিজৰ লগত লৈ যাব বিচৰা নাছিল, কিয়নো তেওঁ পাম্ফুলিয়াত তেওঁলোকক এৰি গুচি গৈছিল আৰু তেওঁ এই কামত তেওঁলোকক সহযোগ কৰা নাছিল। ৩৯ এই কথাক লৈ পৌল আৰু বাৰ্ণব্বাৰ মাজত কাজিয়া হʼল, সেইবাবে তেওঁলোকে বেলেগ বেলেগ হৈ গʼল। বাৰ্ণব্বাই মাৰ্কক লৈ জাহাজেৰে কুপ্ৰলৈ ওলাই গʼল। ৪০ কিন্তু পৌলে চীলক বাছনি কৰিলে। পৌলৰ ওপৰত যিহোৱাৰ* মহা-কৃপা থাকিবলৈ ভাইসকলে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিলে। তাৰ পাছত তেওঁলোক দুয়োজনে ওলাই গʼল। ৪১ তেওঁলোকে চিৰিয়া আৰু কিলিকিয়া এলেকাৰ মাজেদি গৈ মণ্ডলীবোৰক মজবুত কৰি গৈ থাকিল।

১৬ তাৰ পাছত পৌলে দৰ্বী আৰু লুস্ত্ৰা চহৰতো গʼল আৰু চোৱা! তাত তীমথিয় নামৰ এজন শিষ্য আছিল। তেওঁৰ মা প্ৰভুত বিশ্বাস কৰা যিহূদী তিৰোতা আছিল। কিন্তু তেওঁৰ দেউতা গ্ৰীক আছিল। ২ লুস্ত্ৰা আৰু ইকনিয়ৰ ভাইসকলে তীমথিয়ৰ বহুত প্ৰশংসা কৰিছিল। ৩ সেইবাবে, পৌলে যাত্ৰাত তীমথিয়ক নিজৰ লগত লৈ যাব বিচাৰিছিল। তেওঁ তীমথিয়ক নিজৰ লগত লৈ গʼল আৰু তেওঁৰ চুন্নৎ কৰালে। কিয়নো সেই এলেকাৰ সকলো যিহূদীয়ে জানিছিল যে তীমথিয়ৰ দেউতা এজন গ্ৰীক আছিল। ৪ তেওঁলোকে নিজৰ যাত্ৰাত যি যি চহৰলৈ গʼল, তাত যিৰূচালেমৰ পাঁচনি* আৰু প্ৰাচীনসকলে লোৱা নিৰ্ণয় তেওঁলোকক জনালে যাতে তেওঁলোকে সেইবোৰ পালন কৰে। ৫ পৰিণামস্বৰূপে, মণ্ডলীৰ বিশ্বাস মজবুত হৈ থাকিল আৰু তেওঁলোকৰ সংখ্যা দিনক দিনে বাঢ়ি থাকিল।

৬ ইয়াৰ পাছত তেওঁলোকে ফৰুগিয়া আৰু গালাতিয়া এলেকাৰ মাজেদি গʼল, কিয়নো পবিত্ৰ শক্তিয়ে তেওঁলোকক এচিয়া প্ৰদেশত ঈশ্বৰৰ বাক্য শুনাবলৈ মানা কৰিছিল। ৭ তাৰ পাছত যেতিয়া তেওঁলোকে মূচীয়া পালেগৈ, তেতিয়া তেওঁলোকে বিথূনিয়া এলেকালৈ যাবলৈ চেষ্টা কৰিছিল। কিন্তু যীচুৱে পবিত্ৰ শক্তিৰ যোগেদি তেওঁলোকক তালৈ যাবলৈ অনুমতি নিদিলে। ৮ সেইবাবে, তেওঁলোকে মূচীয়া হৈ* ত্ৰোৱা চহৰ পালেগৈ। ৯ ৰাতি পৌলে এটা দৰ্শনত দেখিলে যে মাকিদনিয়াৰ এজন মানুহে থিয় হৈ তেওঁক এইদৰে মিনতি কৰিছে, “মাকিদনিয়ালৈ আহি আমাক সহায় কৰা।” ১০ তেওঁ এই দৰ্শন দেখাৰ পাছত আমি লগে লগে মাকিদনিয়ালৈ ওলালোঁ। কাৰণ আমি বুজি পালোঁ যে মাকিদনিয়াৰ লোকসকলক শুভবাৰ্তাৰ প্ৰচাৰ কৰিবলৈ ঈশ্বৰে আমাক মাতিছে।

১১ সেইবাবে, আমি ত্ৰোৱাৰ পৰা জাহাজত উঠি মাজত কʼতো নৰখি চিধা চামথাকী দ্বীপ পালোঁগৈ আৰু পাছ দিনাখন নিয়াপলি চহৰলৈ গʼলোঁ। ১২ তাৰ পৰা আমি ফিলিপীলৈ গʼলোঁ। সেই চহৰ ৰোমৰ অধীনত আছিল আৰু মাকিদনিয়া অঞ্চলৰ প্ৰধান অঞ্চল আছিল। আমি সেই চহৰত কিছু দিন থাকিলোঁ। ১৩ বিশ্ৰাম-বাৰে* আমি চহৰৰ দুৱাৰৰ বাহিৰেদি নদীৰ কাষলৈ গʼলোঁ আমি ভাবিছিলোঁ যে তাত নিশ্চয় প্ৰাৰ্থনা কৰিবলৈ ঠাই আছে। আমি তাতে বহি তাত গোট খাই থকা তিৰোতাসকলক প্ৰচাৰ কৰিবলৈ ধৰিলোঁ। ১৪ তাত থূয়াতীৰা চহৰৰ লুদিয়া নামৰ এগৰাকী তিৰোতাও আছিল আৰু তেওঁ বেঙুনীয়া ৰঙৰ কাপোৰ বেচিছিল। তেওঁ ঈশ্বৰৰ উপাসক আছিল আৰু যেতিয়া তেওঁ পৌলৰ কথা শুনি আছিল, তেতিয়া যিহোৱাই* তেওঁৰ হৃদয় সম্পূৰ্ণৰূপে খুলি দিলে যাতে তেওঁ পৌলৰ কথাৰ ওপৰত বিশ্বাস কৰিব পাৰে। ১৫ লুদিয়া আৰু তেওঁৰ পৰিয়ালে বাপ্তিষ্মা* লʼলে। তাৰ পাছত তেওঁ আমাক মিনতি কৰিলে, “যদি আপোনালোকে ভাবে যে মই যিহোৱাৰ* বিশ্বাসী হওঁ, তেনেহʼলে মোৰ ঘৰত আহি থাককহি।” তেওঁ আমাক জোৰ কৰি নিজৰ ঘৰলৈ লৈ গʼল।

১৬ তাৰ পাছত যেতিয়া আমি প্ৰাৰ্থনা কৰা ঠাইলৈ গৈ আছিলোঁ, তেতিয়া আমি এজনী দাসীক লগ পালোঁ, যাৰ শৰীৰত ভৱিষ্যবাণী কৰা দুষ্ট স্বৰ্গদূত সোমাই আছিল। সেই দাসীজনীয়ে ভৱিষ্যতৰ বিষয়ে কৈছিল, যাৰ পৰা তেওঁৰ মালিকবিলাকে বহুতো টকা উপাৰ্জন কৰিছিল। ১৭ পৌল আৰু আমি যʼলৈকে গৈছিলোঁ, সেই ছোৱালীজনী আমাৰ পিছে পিছে আহিছিল আৰু চিঞৰি চিঞৰি কৈছিল, “এই মানুহবিলাক মহান ঈশ্বৰৰ দাস হয়। তোমালোকক উদ্ধাৰৰ পথৰ বিষয়ে প্ৰচাৰ কৰি আছে।” ১৮ তেওঁ বহু দিনলৈকে এইদৰে কৰি আছিল। অৱশেষত, পৌলে আমনি পাই পিছফালে ঘূৰি সেই দাসীজনীৰ শৰীৰত সোমাই থকা দুষ্ট স্বৰ্গদূতক কʼলে, “মই তোক যীচু খ্ৰীষ্টৰ নামেৰে আদেশ দিছোঁ, তাৰ শৰীৰৰ পৰা ওলাই যা।” সেই সময়তে সি ওলাই গʼল।

১৯ যেতিয়া সেই দাসীজনীৰ মালিকবিলাকে দেখিলে যে তেওঁলোকৰ টকা উপাৰ্জন কৰাৰ উপায় বন্ধ হৈ গʼল, তেতিয়া তেওঁলোকে পৌল আৰু চীলক ধৰি লʼলে আৰু তেওঁলোকক চোঁচৰাই বজাৰৰ অধিকাৰীসকলৰ ওচৰলৈ লৈ গʼল। ২০ ইয়াৰ পাছত নগৰ অধিকাৰীসকলৰ ওচৰলৈ তেওঁলোকক নি এইদৰে কʼলে, “এই মানুহকেইজনে আমাৰ চহৰত অশান্তি কৰি আছে। এওঁলোক যিহূদী হয় আৰু ২১ এওঁলোকে এনে ৰীতি-নীতিৰ বিষয়ে প্ৰচাৰ কৰিছে, যিবোৰ ৰোমান হিচাপে আমি গ্ৰহণ কৰা বা পালন কৰাটো উচিত নহয়।” ২২ তেতিয়া লোকসকলৰ ভিৰে তেওঁলোকৰ বিৰুদ্ধে জমা হʼল আৰু নগৰ অধিকাৰীসকলে পৌল আৰু চীলৰ কাপোৰ ফালি দিলে আৰু তেওঁলোকক বেতেৰে কোবাবলৈ আদেশ দিলে। ২৩ তেওঁলোকক বহুত কোবোৱাৰ পাছত জেলত বন্দী কৰা হʼল আৰু তেওঁলোকৰ ওপৰত কাঢ়া পহৰা দিবলৈ জেলৰ অধ্যক্ষক আদেশ দিয়া হʼল। ২৪ এনে কাঢ়া আদেশ পোৱাৰ কাৰণে জেলৰ অধ্যক্ষজনে তেওঁলোকক জেলৰ একেবাৰে ভিতৰ কোঠালিত সোমোৱাই থʼলে আৰু তেওঁলোকৰ ভৰি কাঠত সোমোৱাই বান্ধি দিলে।

২৫ কিন্তু মাজৰাতি পৌল আৰু চীলে প্ৰাৰ্থনা কৰি আছিল আৰু গীত গাই ঈশ্বৰৰ প্ৰশংসা কৰি আছিল আৰু বাকী কয়দীবিলাকে শুনি আছিল। ২৬ তেতিয়া হঠাতে এটা ডাঙৰ ভূমিকম্প হʼল, যাৰ কাৰণে জেলৰ ভিত্তি পৰ্যন্ত হিলি গʼল। সেই সময়তে জেলৰ সকলো দুৱাৰ খোল খাই গʼল আৰু সকলোৰে শিকলি খুলি পৰিল। ২৭ তেতিয়া জেলৰ অধ্যক্ষই সাৰ পালে আৰু জেলৰ দুৱাৰ খোলা দেখি তেওঁ ভাবিলে কয়দীবিলাক পলাই গʼল। তেওঁ নিজৰ তৰোৱাল উলিয়াই নিজকে হত্যা কৰিবলৈ লৈছিল। ২৮ তেতিয়া পৌলে জোৰেৰে চিঞৰি কʼলে, “নিজকে হত্যা নকৰিব, কিয়নো আমি সকলোৱে ইয়াতে আছোঁ!” ২৯ তেতিয়া জেলৰ অধ্যক্ষই চাকি অনোৱালে আৰু সোনকালে ভিতৰলৈ আহিলে আৰু কঁপি কঁপি পৌল আৰু চীলৰ ভৰিত পৰিলে। ৩০ তেওঁ তেওঁলোকক বাহিৰলৈ লৈ আনিলে আৰু কʼলে, “উদ্ধাৰ পাবলৈ মই কি কৰিব লাগিব?” ৩১ তেওঁলোকে কʼলে, “প্ৰভু যীচুৰ ওপৰত বিশ্বাস কৰক, তেতিয়া আপুনি আৰু আপোনাৰ গোটেই পৰিয়ালে উদ্ধাৰ পাব।” ৩২ পৌল আৰু চীলে তেওঁক আৰু তেওঁৰ গোটেই পৰিয়ালক যিহোৱাৰ* বাক্য শুনালে। ৩৩ জেলৰ অধ্যক্ষজনে ৰাতিৰ সেই সময়তে তেওঁলোকক নিজৰ লগত লৈ গʼল আৰু তেওঁলোকৰ ঘাবোৰ ধুলে। তাৰ পাছত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সকলোৱে দেৰি নকৰাকৈ বাপ্তিষ্মা লʼলে। ৩৪ তেওঁ তেওঁলোকক নিজৰ ঘৰলৈ লৈ আহিলে আৰু তেওঁলোকক খাবলৈ দিলে। তেওঁ ঈশ্বৰৰ ওপৰত বিশ্বাস কৰাৰ বাবে তেওঁ নিজৰ গোটেই পৰিয়ালৰ সৈতে আনন্দ কৰিলে।

৩৫ যেতিয়া পোহৰ হʼল, তেতিয়া নগৰ অধিকাৰীসকলে পহৰা দিয়া লোকসকলৰ হাতত এই বাৰ্তা পঠিয়ালে: “সেই মানুহবিলাকক মুকলি কৰি দিয়া।” ৩৬ তেতিয়া জেলৰ অধ্যক্ষই তেওঁলোকৰ কথা পৌলক জনালে, “তোমালোক দুয়োজনক মুকলি কৰি দিবলৈ নগৰ অধিকাৰীসকলে কিছুমান মানুহৰ হাতত এই বাৰ্তা পঠিয়ালে। সেইবাবে, এতিয়া বাহিৰলৈ আহা আৰু শান্তিৰে উভতি যোৱা।” ৩৭ কিন্তু পৌলে তেওঁলোকক কʼলে, “আমি ৰোমান নাগৰিক হওঁ, তথাপি আমি কি ভুল কৰিলোঁ, এয়া প্ৰমাণ নকৰাকৈ* সকলোৰে আগত আমাক কোবোৱালে আৰু জেলত বন্দী কৰি দিলে। আৰু এতিয়া আমাক ইয়াৰ পৰা মনে মনে যাবলৈ কৈছে? নহয়, এইদৰে কেতিয়াও হʼব নোৱাৰে! তেওঁলোকে নিজে আহি আমাক ইয়াৰ পৰা বাহিৰলৈ লৈ যাব লাগিব।” ৩৮ পহৰা দিয়া লোকসকলে গৈ এই কথা নগৰ অধিকাৰীসকলক জনালে। যেতিয়া নগৰ অধিকাৰীসকলে শুনিলে যে এই মানুহ কেইজন ৰোমান নাগৰিক হয়, তেতিয়া তেওঁলোকে বহুত ভয় খালে। ৩৯ সেইবাবে, তেওঁলোকে আহি তেওঁলোকক মিনতি কৰিবলৈ ধৰিলে আৰু তেওঁলোকক বাহিৰলৈ উলিয়াই চহৰ এৰি গুচি যাবলৈ তেওঁলোকক অনুৰোধ কৰিবলৈ ধৰিলে। ৪০ কিন্তু তেওঁলোকে জেলৰ পৰা ওলাই লুদিয়াৰ ঘৰলৈ গʼল আৰু যেতিয়া তেওঁলোকে ভাইসকলক লগ পালে, তেতিয়া তেওঁলোকৰ সাহস বঢ়ালে আৰু তাৰ পাছত তেওঁলোকে তাৰ পৰা গুচি গʼল।

১৭ এতিয়া তেওঁলোকে আম্ফিপলি আৰু আপল্লোনিয়া চহৰেদি হৈ থিচলনীকী চহৰলৈ আহিল, যʼত যিহূদীসকলৰ এখন সভাঘৰ আছিল। ২ পৌলে নিজৰ অভ্যাসৰ অনুসৰি সেই সভাঘৰলৈ গʼল আৰু তেওঁ তিনি সপ্তাহলৈকে প্ৰতিটো বিশ্ৰাম-বাৰে* পবিত্ৰ শাস্ত্ৰৰ পৰা সেই যিহূদীসকলৰ লগত তৰ্ক-বিতৰ্ক কৰিলে। ৩ আৰু তেওঁ শাস্ত্ৰৰ পৰা বৰ্ণনা কৰি কৰি বুজাই থাকিল আৰু পদবোৰ পঢ়ি প্ৰমাণ দি থাকিল যে খ্ৰীষ্টই দুখভোগ কৰা আৰু মৃতবিলাকৰ মাজৰ পৰা জীৱিত হোৱাটো আৱশ্যক আছিল। তেওঁ কৈছিল, “যীচুৱেই খ্ৰীষ্ট হয়, যাৰ বিষয়ে মই তোমালোকক কৈ আছোঁ।” ৪ পৰিণামস্বৰূপে, তেওঁলোকৰ মাজৰ কিছুমানে বিশ্বাস কৰিবলৈ ধৰিলে আৰু পৌল আৰু চীলৰ লগত সংগতি কৰিবলৈ ধৰিলে। ইয়াৰ উপৰিও, ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা গ্ৰীকসকলৰ এটা ডাঙৰ ভিৰেও বিশ্বাস কৰিলে। তেওঁলোকৰ মাজত বহুতো পৰিচিত তিৰোতাও আছিল।

৫ কিন্তু এয়া দেখি যিহূদীসকলে ঈৰ্ষাৰে ভৰি পৰিল আৰু নিজৰ লগত বজাৰৰ কিছুমান বদমাছ মানুহক লৈ এটা দল বনালে আৰু চহৰৰ মাজত হুলস্থূল লগালে। তেওঁলোকে যাচোনৰ ঘৰত আক্ৰমণ কৰিলে যাতে পৌল আৰু চীলক এক খঙাল ভিৰৰ হাতত গতাই দিব পাৰে। ৬ কিন্তু তেওঁলোকে তাত পৌল আৰু চীলক যেতিয়া বিচাৰি নাপালে, তেতিয়া তেওঁলোকে যাচোন আৰু আন কিছুমান ভাইক ধৰি লʼলে আৰু তেওঁলোকক চোঁচৰাই নগৰ অধিকাৰীসকলৰ ওচৰলৈ লৈ গʼল আৰু চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “যি মানুহবিলাকে গোটেই পৃথিৱীত অশান্তি কৰি আছে, তেওঁলোকে এতিয়া ইয়াতো আহি পাইছে ৭ আৰু এই যাচোনে তেওঁলোকক নিজৰ ঘৰত আলহী কৰি ৰাখিছে। এই মানুহবিলাকে সম্ৰাটৰ* আদেশৰ বিৰুদ্ধে বিদ্ৰোহ কৰে আৰু যীচু নামৰ আন এজন ৰজা আছে বুলি কয়।” ৮ যেতিয়া ভিৰ আৰু নগৰ অধিকাৰীসকলে এয়া শুনিলে, তেতিয়া তেওঁলোকৰ ওগুল-থোগুল লাগিল। ৯ নগৰ অধিকাৰীসকলে যাচোন আৰু বাকী লোকসকলৰ পৰা জৰিমনা হিচাপে বহুত টকা লৈ তেওঁলোকক এৰি দিলে।

১০ তেতিয়া ভাইসকলে দেৰি নকৰাকৈ ৰাতিয়েই পৌল আৰু চীল দুয়োজনক বিৰয়া চহৰলৈ পঠাই দিলে। তাত পাই তেওঁলোকে যিহূদীসকলৰ সভাঘৰলৈ গʼল। ১১ বিৰয়াৰ লোকসকল থিচলনীকীৰ লোকসকলতকৈ বেছি খোলা মনৰ আছিল। কিয়নো তেওঁলোকে অতি আগ্ৰহেৰে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে আৰু তেওঁলোকে যি শুনিছিল, সেয়া সত্য হয় নে নহয়, সেয়া জানিবলৈ প্ৰতিদিনে মন দি শাস্ত্ৰৰ পৰীক্ষা কৰিছিল। ১২ সেইবাবে, তেওঁলোকৰ মাজৰ বহুতো লোকে বিশ্বাস কৰিবলৈ ধৰিলে। আৰু গ্ৰীকসকলৰ মাজত বহুতো সন্মানীয় পুৰুষ আৰু তিৰোতাও বিশ্বাস কৰিবলৈ ধৰিলে। ১৩ কিন্তু থিচলনীকীৰ যিহূদীসকলে যেতিয়া গʼম পালে যে পৌলে বিৰয়াতো ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰি আছে, তেতিয়া লোকসকলক উচটাবলৈ আৰু হুলস্থূল কৰিবলৈ তেওঁলোকে তালৈ আহিল। ১৪ তেতিয়া ভাইসকলে লগে লগে পৌলক সমুদ্ৰৰ পাৰলৈ পঠিয়াই দিলে। কিন্তু চীল আৰু তীমথিয় বিৰয়াতে থাকিল। ১৫ যিসকল ভায়ে পৌলক এৰিবলৈ তেওঁৰ লগত গৈছিল, তেওঁলোকে পৌলক আথীনীলৈকে লৈ গʼল। পৌলে তেওঁলোকক বিদায় দিয়াৰ সময়ত চীল আৰু তীমথিয়ৰ কাৰণে এই খবৰ পঠিয়ালে যে তেওঁলোকে যেন অতি সোনকালে তেওঁৰ ওচৰলৈ আহে।

১৬ যেতিয়া পৌলে আথীনীত তেওঁলোকৰ কাৰণে অপেক্ষা কৰি আছিল, তেতিয়া তেওঁ দেখিলে যে গোটেই চহৰ মূৰ্তিবোৰেৰে ভৰি আছে। এয়া দেখি তেওঁৰ গা শিয়ঁৰি উঠিল। ১৭ সেইবাবে, তেওঁ সভাঘৰত যিহূদীসকলৰ লগত আৰু ঈশ্বৰলৈ ভয় ৰখা আন লোকসকলৰ লগত শাস্ত্ৰৰ পৰা তৰ্ক-বিতৰ্ক কৰিবলৈ ধৰিলে। লগতে প্ৰতিদিনে বজাৰত তেওঁ যিসকলক লগ পাইছিল, তেওঁলোকৰ লগত এইদৰেই তৰ্ক-বিতৰ্ক কৰিছিল। ১৮ কিন্তু ইফিকূৰী আৰু স্তোয়িকী দাৰ্শনিকসকলৰ মাজৰ কিছুমান লোকে পৌলৰ লগত তৰ্ক কৰিবলৈ ধৰিলে। তেওঁলোকৰ মাজৰ কিছুমানে কৈছিল, “এই বকবকাই থকা মানুহজনে কি কʼব বিচাৰিছে?” আন কিছুমানে কৈছিল, “ইতো কোনোবা বিদেশী দেৱতাৰ প্ৰচাৰক যেন লাগিছে।” কিয়নো পৌলে যীচুৰ বিষয়ে শুভবাৰ্তা শুনাই আছিল আৰু মৃতবিলাকক আকৌ জীয়াই তোলা হʼব বুলি শিকাই আছিল। ১৯ তেতিয়া এই লোকসকলে তেওঁক নিজৰ লগত আৰেয়পাগলৈ লৈ গʼল আৰু কʼবলৈ ধৰিলে, “তুমি এয়া কি নতুন শিক্ষা শিকাইছা, আমাক কʼবা নে? ২০ কিয়নো আমি কেতিয়াও নুশুনা কথাবোৰ তুমি শিকাই আছা। আমি ইয়াৰ অৰ্থ জানিব বিচাৰোঁ।” ২১ আচলতে আথীনীৰ সকলোৱে আৰু তাত থকা* বিদেশীসকলে নিজৰ আজৰি সময়ত কিবা কামত ব্যস্ত থকাৰ পৰিৱৰ্তে সেই সময়খিনি কিবা নতুন বিষয় শুনিবলৈ বা কʼবলৈ অতিবাহিত কৰিছিল। ২২ তেতিয়া পৌলে আৰেয়পাগৰ মাজত থিয় হʼল আৰু তেওঁলোকক কʼবলৈ ধৰিলে,

“আথীনীৰ লোকসকল, মই তোমালোকক প্ৰতিটো কথাত আনতকৈ বেছি দেৱতাভক্ত* দেখিছোঁ। ২৩ উদাহৰণস্বৰূপে, যেতিয়া মই ইয়াৰ পৰা গৈ আছিলোঁ আৰু সেই বস্তুবোৰৰ ওপৰত মন কৰিছিলোঁ, যিবোৰক তোমালোকে পূজা কৰা, তেতিয়া মই এটা বেদী দেখিলোঁ, যʼত লিখা আছিল, ‘অপৰিচিত ঈশ্বৰলৈ।’ সেইবাবে, অজানিতে তোমালোকে যিজন ঈশ্বৰক উপাসনা কৰা, মই সেইজনৰ বিষয়েই তোমালোকক কৈ আছোঁ। ২৪ যিজন ঈশ্বৰে গোটেই পৃথিৱী আৰু তাত থকা সকলো বস্তু সৃষ্টি কৰিলে, তেওঁ আকাশ আৰু পৃথিৱীৰ মালিক হয়। সেইবাবে, তেওঁ হাতেৰে বনোৱা মন্দিৰত নাথাকে। ২৫ আৰু মানুহৰ হাতেৰে আগবঢ়োৱা কোনো সেৱাও তেওঁৰ প্ৰয়োজন নাই। কিয়নো তেওঁ নিজেই সকলোকে জীৱন, উশাহ আৰু সকলো বস্তু দিয়ে। ২৬ গোটেই পৃথিৱীত বাস কৰিবলৈ তেওঁ এজন মানুহৰ পৰাই গোটেই ৰাষ্ট্ৰ বনালে আৰু বিভিন্ন বিষয়ত সময় নিৰ্ধাৰিত কৰিলে আৰু মানুহবিলাকে থাকিবৰ কাৰণে ঠাইৰ সীমা নিৰ্ধাৰণ কৰিলে ২৭ যাতে তেওঁলোকে ঈশ্বৰক বিচাৰে। যদি তেওঁলোকে ঈশ্বৰক বিচাৰিবলৈ চেষ্টা কৰে, তেনেহʼলে পাব। আচলতে তেওঁ আমাৰ কাৰোৰে পৰা দূৰ নহয়। ২৮ কিয়নো তেওঁৰ কাৰণে আমি জীৱন পাইছোঁ আৰু আমি চলা-ফুৰা কৰিছোঁ আৰু অস্তিত্বত আছোঁ, যিদৰে তোমালোকৰ কিছুমান কবিও কৈছে, ‘আমিতো তেওঁৰেই সন্তান।’

২৯ আমি ঈশ্বৰৰ সন্তান হওঁ। সেইবাবে, আমি এয়া ভবা উচিত নহয় যে ঈশ্বৰ সোণ বা ৰূপ বা শিলৰ দৰে হয় বা মানুহৰ কল্পনা বা শিল্পকলাৰে সঁজা কোনো বস্তুৰ দৰে হয়। ৩০ এয়া সঁচা যে ঈশ্বৰে সেই সময়ক আওকাণ কৰিলে, যেতিয়া লোকসকলে অজানিতে এইদৰে কৰিছিল। কিন্তু লোকসকলে অনুতাপ কৰিবলৈ ঈশ্বৰে এতিয়া সকলো ঠাইতে ঘোষণা কৰি আছে। ৩১ কিয়নো তেওঁ সত্যেৰে গোটেই পৃথিৱীক ন্যায় কৰিবলৈ এটা দিন ঠিক কৰিছে। আৰু ইয়াৰ কাৰণে তেওঁ এজন মানুহক নিযুক্ত কৰিছে। আৰু সকলো মানুহক এই কথাৰ ওপৰত বিশ্বাস জন্মাবলৈ* ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে।”

৩২ যেতিয়া তেওঁলোকে মৃতবিলাকক জীয়াই তোলাৰ বিষয়ে শুনিলে, তেতিয়া কিছুমান লোকে তেওঁৰ ঠাট্টা কৰিবলৈ ধৰিলে। কিন্তু আন কিছুমানে কʼলে, “আমি এই বিষয়ে আপোনাৰ পৰা বেলেগ এদিন শুনিম।” ৩৩ তেতিয়া পৌলে তাৰ পৰা ওলাই গʼল। ৩৪ কিন্তু কিছুমান মানুহে তেওঁক যোগ দিলে আৰু বিশ্বাস কৰিবলৈ ধৰিলে। ইয়াৰ মাজত আৰেয়পাগৰ ন্যায়ালয়ৰ এজন ন্যায়ী দিয়নুচিয় আৰু দামাৰী নামৰ এগৰাকী তিৰোতা আৰু তেওঁলোকৰ উপৰিও আৰু বহুতো লোক আছিল।

১৮ ইয়াৰ পাছত পৌলে আথিনীৰ পৰা ওলাই কৰিন্থ চহৰলৈ আহিল। ২ কৰিন্থত তেওঁ আক্কিলা নামৰ এজন যিহূদীক লগ পালে। তেওঁৰ জন্ম পন্ত এলেকাত হৈছিল। কিছু দিনৰ আগতে তেওঁ নিজৰ পত্নী প্ৰিষ্কিল্লাৰ লগত ইটালীৰ পৰা আহিছিল। কিয়নো সম্ৰাট ক্লৌদিয়ই সকলো যিহূদীক ৰোমৰ পৰা ওলাই যাবলৈ আদেশ দিছিল। পৌলে আক্কিলা আৰু প্ৰিষ্কিল্লাৰ ওচৰলৈ গʼল। ৩ পৌল আৰু তেওঁলোকে একেই ব্যৱসায় কৰিছিল, সেইবাবে পৌলে তেওঁলোকৰ ঘৰতে থাকিল আৰু তেওঁলোকৰ লগত কাম কৰিবলৈ ধৰিলে। তেওঁলোকে তম্বু বনোৱা কাম কৰিছিল। ৪ পৌলে প্ৰতিটো বিশ্ৰাম-বাৰে* সভাঘৰত ভাষণ দিছিল* আৰু যিহূদী আৰু গ্ৰীকসকলক বিশ্বাস জন্মাইছিল যাতে তেওঁলোকে তেওঁৰ কথাৰ ওপৰত বিশ্বাস কৰে।

৫ যেতিয়া চীল আৰু তীমথিয় দুয়োজনে মাকিদনিয়াৰ পৰা আহিলে, তেতিয়া পৌলে আৰু বেছি উৎসাহেৰে ঈশ্বৰৰ বাক্যৰ প্ৰচাৰ কৰিবলৈ ধৰিলে। তেওঁ যিহূদীসকলক সাক্ষ্য দিবলৈ ধৰিলে আৰু যীচুৱেই খ্ৰীষ্ট হয় বুলি প্ৰমাণ কৰিবলৈ ধৰিলে। ৬ কিন্তু যেতিয়া তেওঁলোকে পৌলৰ বাৰ্তাৰ বিৰোধ কৰি থাকিল আৰু তেওঁৰ বিৰুদ্ধে বেয়াকৈ কৈ থাকিল, তেতিয়া তেওঁ নিজৰ কাপোৰ জোকাৰি তেওঁলোকক কʼলে, “তোমালোকৰ তেজৰ দোষ, তোমালোকৰ ওপৰতে থাকক। মই নিৰ্দোষী হওঁ। এতিয়াৰ পৰা মই যিহূদী নোহোৱা লোকসকলৰ ওচৰলৈ যাম।” ৭ তাৰ পাছত তেওঁ তাৰ* পৰা নিজৰ ঠাই সলনি কৰি তীত যুষ্ট নামৰ এজন মানুহৰ ঘৰত থাকিবলৈ ধৰিলে, যিজন ঈশ্বৰৰ উপাসক আছিল আৰু তেওঁৰ ঘৰ সভাঘৰতে লাগি আছিল। ৮ সভাঘৰৰ অধিকাৰী ক্ৰীস্প আৰু তেওঁৰ গোটেই পৰিয়ালে পৌলৰ বাৰ্তা শুনি প্ৰভুত বিশ্বাস কৰিবলৈ ধৰিলে। কৰিন্থৰ বহুতো লোকেও এই বাৰ্তা শুনি বিশ্বাস কৰিলে আৰু বাপ্তিষ্মা* লʼলে। ৯ ইয়াৰ উপৰিও প্ৰভুৱে ৰাতি এটা দৰ্শনত পৌলক কʼলে, “ভয় নকৰিবা, প্ৰচাৰ কৰি থাকা, মনে মনে নাথাকিবা। ১০ এই চহৰত মোৰ বহুতো লোক আছে, যিসকলক একগোট কৰিবলৈ বাকী আছে। সেইবাবে, মই তোমাৰ লগত আছোঁ আৰু কোনেও তোমাক আক্ৰমণ কৰি হানি কৰিব নোৱাৰিব।” ১১ সেইবাবে, পৌলে ডেৰ বছৰলৈকে তাতে থাকিল আৰু তেওঁলোকক ঈশ্বৰৰ বাক্য শুনাই থাকিল।

১২ গাল্লিয়ো যেতিয়া আখায়াৰ ৰাজ্যপাল* আছিল, তেতিয়া যিহূদীসকলে একগোট হৈ পৌলৰ বিৰুদ্ধে উঠিল আৰু তেওঁক ন্যায়ৰ আসনৰ ওচৰলৈ লৈ গʼল। ১৩ আৰু এইদৰে কʼলে, “এই মানুহজনে লোকসকলক এনেদৰে ঈশ্বৰৰ উপাসনা কৰিবলৈ উচটাইছে যি নিয়মৰ বিৰুদ্ধে হয়।” ১৪ কিন্তু পৌলে কিবা কোৱাৰ আগতেই গাল্লিয়োৱে যিহূদীসকলক কʼলে, “যিহূদীসকল, এয়া অন্যায় বা ডাঙৰ অপৰাধ হোৱা হʼলে মই নিশ্চয় ধৈৰ্যেৰে তোমালোকৰ কথা শুনিলোঁহেঁতেন। ১৫ কিন্তু এই কাজিয়া যদি কোনো কথা বা কোনো ব্যক্তি আৰু তোমালোকৰ কোনো নিয়মৰ বিষয়ে হয়, তেনেহʼলে তোমালোকে সেয়া নিজেই সমাধান কৰা। মই তোমালোকৰ কাজিয়াৰ মাজত সোমাব নিবিচাৰোঁ।” ১৬ এইদৰে কৈ তেওঁ যিহূদীসকলক ন্যায়ৰ আসনৰ ওচৰৰ পৰা উলিয়াই দিলে। ১৭ তাৰ পাছত সেই সকলোৱে সভাঘৰৰ অধিকাৰী চোস্থিনিক ধৰি লʼলে আৰু ন্যায়ৰ আসনৰ ওচৰত কোবাবলৈ ধৰিলে। কিন্তু গাল্লিয়োৱে এই বিষয়ে কোনো মাত নামাতিলে।

১৮ তথাপিও পৌলে তাত কিছু দিন থাকিল আৰু ইয়াৰ পাছত তেওঁ ভাইসকলৰ পৰা বিদায় লʼলে। তেওঁ কিংক্ৰিয়াত নিজৰ চুলি চুটিকৈ কাটিলে। কিয়নো তেওঁ ঈশ্বৰক এটা প্ৰতিজ্ঞা কৰিছিল। তাৰ পাছত তেওঁ জাহাজেৰে চিৰিয়ালৈ গʼল আৰু প্ৰিষ্কিলা আৰু আক্কিলাও তেওঁৰ লগত আছিল। ১৯ যেতিয়া তেওঁলোকে ইফিচলৈ আহিল, তেতিয়া প্ৰিষ্কিলা আৰু আক্কিলাক তাতে এৰি তেওঁ তাত থকা সভাঘৰলৈ গʼল আৰু যিহূদীসকলৰ লগত তৰ্ক-বিতৰ্ক কৰি তেওঁলোকক বুজাবলৈ ধৰিলে। ২০ তেওঁলোকে পৌলক আৰু কিছু দিন তাতে থাকিবলৈ মিনতি কৰি থাকিল, কিন্তু পৌলে নামানিলে। ২১ তেওঁ এইদৰে কৈ তেওঁলোকৰ পৰা বিদায় লʼলে, “যদি যিহোৱাই* বিচাৰে, তেনেহʼলে মই তোমালোকৰ ওচৰলৈ আকৌ আহিম।” আৰু তেওঁ ইফিচৰ পৰা জাহাজত উঠিল ২২ আৰু কৈচৰিয়ালৈ আহিল। তাৰ পাছত তেওঁ যিৰূচালেমলৈ গৈ মণ্ডলীক লগ কৰিলে আৰু তাৰ পৰা আন্তিয়খিয়ালৈ গʼল।

২৩ আন্তিয়খিয়াত কিছু দিন থকাৰ পাছত পৌলে তাৰ পৰা ওলাই গʼল আৰু গালাতিয়া আৰু ফৰুগিয়াৰ ঠায়ে ঠায়ে গৈ সকলো শিষ্যৰ সাহস বঢ়াই থাকিল।

২৪ আপল্লো নামৰ এজন যিহূদী, ইফিচলৈ আহিল, যাৰ জন্ম আলেকজেন্দ্ৰিয়া চহৰত হৈছিল। তেওঁ কথা পতাত পাকৈত আছিল আৰু শাস্ত্ৰৰ ভাল জ্ঞান আছিল। ২৫ সেই মানুহজনক যিহোৱাৰ* পথৰ বিষয়ে শিকোৱা হৈছিল।* আৰু তেওঁ পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে বহুত উৎসাহী আছিল। তেওঁ যীচুৰ বিষয়ে সঠিক কথা কৈছিল আৰু শিকাইছিল। কিন্তু তেওঁ কেৱল যোহনে প্ৰচাৰ কৰা বাপ্তিষ্মাৰ বিষয়ে জানিছিল। ২৬ আপল্লোৱে সভাঘৰত সাহসেৰে কʼবলৈ ধৰিলে। যেতিয়া আক্কিলা আৰু প্ৰিষ্কিলাই তেওঁৰ কথা শুনিলে, তেতিয়া তেওঁলোকে আপল্লোক নিজৰ লগত লৈ গʼল আৰু তেওঁক ঈশ্বৰৰ পথৰ বিষয়ে সঠিকভাৱে বুজাই দিলে। ২৭ আপল্লোৱে আখায়ালৈ যাব বিচাৰিছিল, সেইবাবে আপল্লোক আনন্দেৰে আদৰণি জনাবলৈ ভাইসকলে তাত থকা শিষ্যসকলক চিঠি লিখি তেওঁলোকক উৎসাহিত কৰিলে। আখায়ালৈ গৈ পোৱাৰ পাছত আপল্লোৱে সেই লোকসকলক বহুত সহায় কৰিলে, যিসকলে ঈশ্বৰৰ মহা-কৃপাৰ কাৰণে বিশ্বাস কৰিবলৈ ধৰিছিল। ২৮ তেওঁ উৎসাহেৰে সকলোৰে আগত যিহূদীসকলক ভুল বুলি প্ৰমাণ কৰিলে আৰু যীচুৱেই খ্ৰীষ্ট হয় বুলি শাস্ত্ৰৰ পৰা স্পষ্টকৈ দেখুৱালে।

১৯ যেতিয়া আপল্লো কৰিন্থত আছিল, তেতিয়া পৌলে সাগৰৰ পাৰৰ পৰা দূৰত থকা একেবাৰে ভিতৰুৱা এলেকাৰ মাজেদি যাত্ৰা কৰি ইফিচ চহৰলৈ আহিল। তাত তেওঁ কিছুমান শিষ্যক লগ পালে। ২ পৌলে তেওঁলোকক সুধিলে, “যেতিয়া তোমালোকে বিশ্বাস কৰিবলৈ ধৰিছিলা, তেতিয়া তোমালোকে পবিত্ৰ শক্তি পাইছিলা নে?” তেওঁলোকে কʼলে, “আমি পবিত্ৰ শক্তিৰ বিষয়ে কেতিয়াও শুনা নাই।” ৩ তেতিয়া পৌলে কʼলে, “তেনেহʼলে তোমালোকে কোনটো বাপ্তিষ্মা* লʼলা?” তেওঁলোকে কʼলে, “যোহনৰ।” ৪ পৌলে কʼলে, “যোহনে অনুতাপৰ চিন হিচাপে বাপ্তিষ্মা দিছিল আৰু তেওঁৰ পাছত যিজন আহিব লগা আছে, তেওঁৰ ওপৰত অৰ্থাৎ যীচুৰ ওপৰত লোকসকলক বিশ্বাস কৰিবলৈ কৈছিল।” ৫ এয়া শুনি তেওঁলোকে প্ৰভু যীচুৰ নামেৰে বাপ্তিষ্মা লʼলে। ৬ আৰু যেতিয়া পৌলে তেওঁলোকৰ ওপৰত হাত থʼলে, তেতিয়া তেওঁলোকৰ ওপৰত পবিত্ৰ শক্তি আহিল আৰু তেওঁলোকে বেলেগ বেলেগ ভাষা কʼবলৈ আৰু ভৱিষ্যবাণী কৰিবলৈ ধৰিলে। ৭ তাত প্ৰায় ১২ জন পুৰুষ আছিল।

৮ তাৰ পাছত পৌলে তিনি মাহলৈকে ইফিচৰ সভাঘৰত গৈ সাহসেৰে কৈ থাকিল। তেওঁ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ভাষণ দিছিল আৰু তেওঁলোকৰ বিশ্বাস জন্মাবলৈ চেষ্টা কৰিছিল। ৯ কিন্তু কিছুমান লোকে নিজৰ হৃদয় কঠোৰ কৰি তেওঁৰ কথা নামানিলে আৰু লোকসকলৰ আগত ‘প্ৰভুৰ পথৰ’ নিন্দা কৰিবলৈ ধৰিলে, তেতিয়া তেওঁ তেওঁলোকক এৰি দিলে আৰু শিষ্যসকলক তেওঁলোকৰ পৰা বেলেগ কৰিলে। তেওঁ প্ৰতিদিনে তুৰাণ্নৰ স্কুলত ভাষণ দিছিল। ১০ এইদৰে দুবছৰলৈকে চলি থাকিল। সেইবাবে, এচিয়া প্ৰদেশত থকা যিহূদী হওক বা গ্ৰীক সকলোৱে প্ৰভুৰ বাক্য শুনিলে।

১১ ঈশ্বৰে পৌলৰ যোগেদি ডাঙৰ ডাঙৰ কাম কৰি থাকিল। ১২ আনকি তেওঁৰ শৰীৰক স্পৰ্শ কৰা কাপোৰ আৰু ৰুমাল বেমাৰী লোকসকলৰ ওচৰলৈ লৈ যাওঁতেই তেওঁলোক সুস্থ হৈ গৈছিল আৰু যিসকলক দুষ্ট স্বৰ্গদূতে পাইছিল, তেওঁলোকৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত ওলাই গৈছিল। ১৩ কিন্তু কিছুমান যিহূদী, যিসকলে ঠায়ে ঠায়ে গৈ দুষ্ট স্বৰ্গদূতক উলিয়াইছিল তেওঁলোকেও যীচুৰ নাম লৈ লোকসকলৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত উলিয়াবলৈ চেষ্টা কৰিছিল। তেওঁলোকে কৈছিল, “মই তোমালোকক সেই যীচুৰ নামেৰে আদেশ দিছোঁ, যিজনৰ বিষয়ে পৌলে প্ৰচাৰ কৰে।” ১৪ স্কিবা নামৰ এজন যিহূদী প্ৰধান পুৰোহিতৰ সাতজন লʼৰাও এইদৰে কৰিবলৈ চেষ্টা কৰিছিল। ১৫ কিন্তু সেই দুষ্ট স্বৰ্গদূতে তেওঁলোকক উত্তৰ দিলে, “মই যীচুকো জানোঁ আৰু পৌলকো জানোঁ, কিন্তু তোমালোক কোন হোৱা?” ১৬ এইদৰে কৈ সেই মানুহজন, যিজনক দুষ্ট স্বৰ্গদূতে পাইছিল, তেওঁ তেওঁলোকৰ ওপৰত জাপ মাৰিলে আৰু তেওঁলোকৰ লগত যুঁজ কৰি এজন এজনকৈ তেওঁলোকক এনেদৰে নিয়ন্ত্ৰণ কৰিলে যে তেওঁলোকে উদং আৰু আঘাতপ্ৰাপ্ত হৈ তেওঁৰ ঘৰৰ পৰা পলালে। ১৭ এই কথা ইফিচত থকা যিহূদী আৰু গ্ৰীক সকলোৱে গʼম পালে আৰু তেওঁলোকে ভয় খালে আৰু প্ৰভু যীচুৰ নামৰ প্ৰশংসা হৈ থাকিল। ১৮ প্ৰভুত বিশ্বাস কৰা বহুতো লোকে আহিছিল আৰু তেওঁলোকে কি কি বেয়া কাম কৰিলে, সেইবোৰ সকলোৰে আগত স্বীকাৰ কৰিছিল আৰু ইয়াৰ বিষয়ে স্পষ্টকৈ জনাইছিল। ১৯ আনকি যাদুবিদ্যাত লাগি থকা বহুতো লোকে নিজৰ নিজৰ পুস্তক আনিলে আৰু সেইবোৰ সকলোৰে আগত জ্বলাই দিলে, যেতিয়া তেওঁলোকে তাৰ হিচাপ কৰিলে, তেতিয়া তাৰ মূল্য ৫০,০০০ ৰূপৰ মুদ্ৰাৰ সমান ওলাল। ২০ এইদৰে যিহোৱাৰ* শক্তিৰ কাৰণে তেওঁৰ বাক্য বিয়পি গৈ থাকিল আৰু তেওঁৰ জয় হৈ থাকিল।

২১ এই সকলো হোৱাৰ পাছত পৌলে মনতে থিৰাং কৰিলে যে তেওঁ মাকিদনিয়া আৰু আখায়াৰ যাত্ৰা কৰাৰ পাছত যিৰূচালেমলৈ যাব। তেওঁ কʼলে, “তাত পোৱাৰ পাছত মই ৰোমলৈও যাব লাগিব।” ২২ তেওঁ নিজৰ সেৱা কৰা দুজন সেৱক তীমথিয় আৰু ইৰাস্তক মাকিদনিয়ালৈ পঠালে, কিন্তু তেওঁ নিজেই কিছু দিনৰ কাৰণে এচিয়া প্ৰদেশত থাকি গʼল।

২৩ সেই সময়ছোৱাত ইফিচত ‘প্ৰভুৰ পথক’ লৈ ডাঙৰ হুলস্থূল হʼল। ২৪ তাত দীমীত্ৰিয় নামৰ এজন সোণাৰি আছিল, যিজনে আৰ্ত্তেমী দেৱীৰ ৰূপেৰে সৰু সৰু মন্দিৰ বনাইছিল আৰু তেওঁ শিল্পকাৰসকলৰ যথেষ্ট লাভ হʼবলৈ সহায় কৰিছিল। ২৫ তেওঁ এই শিল্পকাৰসকলক আৰু তেওঁলোকৰ নিচিনা আন শিল্পকাৰসকলকো একগোট কৰিলে আৰু তেওঁলোকক কʼলে, “লোকসকল, তোমালোকে ভালদৰে জানা যে এই ব্যৱসায়ৰ পৰা আমি বহুত টকা অৰ্জন কৰোঁ। ২৬ কিন্তু যিবোৰ হাতেৰে বনোৱা হৈছে, সেইবোৰ ঈশ্বৰ নহয় বুলি সেই পৌলে কেৱল ইফিচতে নহয় ইয়াৰ লগতে এচিয়া প্ৰদেশৰ প্ৰায় সকলো এলেকাত কেনেকৈ বহুতো লোকক বিশ্বাস কৰিবলৈ উৎসাহিত কৰিছে আৰু বেলেগ এটা মত মানিবলৈ উচটাইছে, এয়াও তোমালোকে দেখিছা আৰু শুনিছা। ২৭ ইয়াৰ পৰা কেৱল আমাৰ ব্যৱসায়ৰ বদনাম হোৱাৰ বিপদ আছে এনে নহয়, ইয়াৰ পৰিৱৰ্তে মহান দেৱী আৰ্ত্তেমী মন্দিৰক তুচ্ছ বুলি ভবা হʼব আৰু যি দেৱীক এচিয়াৰ গোটেই প্ৰদেশে আৰু গোটেই জগতে পূজা কৰে, তেওঁৰ গৌৰৱ নাইকিয়া হʼব।” ২৮ এয়া শুনি লোকসকলে খঙত জ্বলি উঠিল আৰু চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “ইফিচীয়াবিলাকৰ দেৱী আৰ্ত্তেমী মহান!”

২৯ তেতিয়া চহৰত হুলস্থূল লাগিল আৰু তেওঁলোক সকলোৱে একগোট হৈ ৰংভূমিলৈ দৌৰি গʼল, তেওঁলোকে পৌলৰ লগত যাত্ৰা কৰা মাকিদনিয়াৰ গায় আৰু আৰিষ্টাৰ্খক চোঁচৰাই লৈ গʼল। ৩০ পৌলে নিজেই ভিতৰলৈ লোকসকলৰ ওচৰলৈ যাব বিচাৰিছিল, কিন্তু শিষ্যসকলে তেওঁক যাবলৈ নিদিলে। ৩১ আনকি উৎসৱ আৰু খেলৰ কিছুমান প্ৰবন্ধকে, যিসকলে পৌলৰ ভাল হোৱাটো বিচাৰিছিল তেওঁলোকে খবৰ পঠিয়ালে আৰু এইদৰে মিনতি কৰিলে যে তেওঁ যেন ৰংভূমিলৈ গৈ নিজৰ জীৱন বিপদত নেপেলায়। ৩২ ভিৰৰ মাজত হুলস্থূল হোৱাৰ বাবে বেলেগ বেলেগ লোকে বেলেগ বেলেগ কথা কৈ চিঞৰি আছিল আৰু বেছি ভাগ লোকে জনাই নাছিল যে তেওঁলোকে ৰংভূমিত কিয় জমা হৈছে। ৩৩ সেইবাবে, ভিৰৰ মাজৰ পৰা কিছুমান লোকে আলেকজেন্দাৰক টানি উলিয়ালে আৰু যিহূদীসকলে তেওঁক আগলৈ ঠেলি দিলে। তেতিয়া আলেকজেন্দাৰে নিজৰ হাতেৰে ইংগিত দিলে আৰু লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলে। ৩৪ কিন্তু যেতিয়া তেওঁলোকে তেওঁ এজন যিহূদী হয় বুলি চিনি পালে, তেতিয়া তেওঁলোক সকলোৱে একেলগে চিঞৰি উঠিল আৰু দুই ঘণ্টালৈকে চিঞৰি থাকিল, “ইফিচীয়াবিলাকৰ দেৱী আৰ্ত্তেমী মহান!”

৩৫ অৱশেষত নগৰৰ শাসনকৰ্তাই ভিৰক শান্ত কৰিলে আৰু তেওঁলোকক কʼলে, “হে ইফিচৰ লোকসকল, ইফিচীয়াবিলাকৰ এই চহৰ মহান আৰ্ত্তেমী মন্দিৰৰ আৰু আকাশৰ পৰা তলত পৰা মূৰ্তিবোৰৰ ৰক্ষক বুলি এই পৃথিৱীত থকা লোকসকলৰ মাজত নজনা লোক কোন আছে? ৩৬ এই কথাবোৰক কোনেও মিছা বুলি কʼব নোৱাৰে, সেইবাবে তোমালোকে শান্ত হোৱা আৰু খৰ-ধৰকৈ একো নকৰিবা। ৩৭ তোমালোকে এনে মানুহবিলাকক ধৰি আনিছা, যিসকলে মন্দিৰৰ লুট নকৰে বা আমাৰ দেৱীৰ নিন্দাও নকৰে। ৩৮ সেইবাবে, দীমীত্ৰিয় আৰু তেওঁৰ লগৰ শিল্পকাৰসকলৰ যদি কাৰোবাৰ বিৰুদ্ধে কোনো অভিযোগ আছে, তেনেহʼলে আদালত খোলা আছে আৰু ৰাজ্যপালো আছে। তেওঁলোকে তাতে গৈ এজনে-আনজনৰ বিৰুদ্ধে অভিযোগ কৰক। ৩৯ কিন্তু ইয়াৰ বাহিৰে যদি তোমালোকৰ আন কিবা আছে, তেনেহʼলে তাৰ নিৰ্ণয় জনসাধাৰণৰ সভাত লোৱা উচিত, ৪০ কিয়নো আজি এই ঘটনাৰ বাবে বিদ্ৰোহ কৰাৰ অভিযোগ আমাৰ ওপৰত আহি পৰাৰ বিপদ আছে। কাৰণ আমি হুলস্থূল কৰা এই ভিৰক একগোট হʼবলৈ দিলোঁ, ইয়াৰ কাৰণ আমি দিব নোৱাৰোঁ।” ৪১ এয়া কোৱাৰ পাছত তেওঁ ভিৰক পঠাই দিলে।

২০ যেতিয়া হুলস্থূল শান্ত হʼল, তেতিয়া পৌলে শিষ্যসকলক মাতিলে আৰু তেওঁলোকক উৎসাহিত কৰাৰ পাছত তেওঁলোকক বিদায় দিলে আৰু মাকিদনিয়ালৈ ওলাই গʼল। ২ সেই এলেকাৰ বিভিন্ন ঠাইত গৈ তাত থকা শিষ্যসকলক বহুতো কথা কৈ উৎসাহিত কৰিলে আৰু তাৰ পাছত তেওঁ গ্ৰীচলৈ আহিলে। ৩ তাত তিনি মাহ থকাৰ পাছত যেতিয়া তেওঁ জাহাজেৰে চিৰিয়ালৈ যাবলগীয়া আছিল, তেতিয়া যিহূদীসকলে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে, সেইবাবে তেওঁ মাকিদনিয়া হৈ উভতি যাবলৈ নিৰ্ণয় লʼলে। ৪ তেওঁৰ লগত এই লোকসকল গʼল: বিৰয়াত থকা পুৰ্হৰ লʼৰা চোপাত্ৰ, থিচলনীকীয়াৰ লʼৰা আৰিষ্টাৰ্খ আৰু চিকুণ্ড, দৰ্বীৰ গায় আৰু তীমথিয়, এচিয়া প্ৰদেশৰ তুখিক আৰু ত্ৰফিম। ৫ এই লোকসকল আগবাঢ়ি গʼল আৰু ত্ৰোৱা চহৰত আমাৰ কাৰণে অপেক্ষা কৰি থাকিল। ৬ কিন্তু আমি খমিৰ* নোহোৱা ৰুটিৰ উৎসৱৰ পাছত ফিলিপীৰ পৰা সমুদ্ৰৰ পথেদি যাত্ৰা কৰি ওলাই গʼলোঁ আৰু পাঁচ দিনৰ পাছত ত্ৰোৱাত তেওঁলোকৰ ওচৰলৈ আহিলোঁ। আমি তাত সাত দিন থাকিলোঁ।

৭ সপ্তাহৰ প্ৰথম দিনা যেতিয়া আমি আহাৰ খাবলৈ একগোট হʼলোঁ, তেতিয়া পৌলে গোট খোৱা লোকসকলক উপদেশ দিবলৈ ধৰিলে। তেওঁ পাছ দিনাখন তাৰ পৰা ওলাই যাবলগীয়া আছিল, সেইবাবে তেওঁ মাজৰাতিলৈকে ভাষণ দি থাকিল। ৮ ওপৰৰ যি কোঠালিত আমি গোট খাইছিলোঁ, তাত বহুতো চাকি জ্বলি আছিল। ৯ উতুখ নামৰ এজন ডেকা খিৰিকীত বহি আছিল। যেতিয়া পৌলে দেৰিলৈকে কথা পাতি আছিল, তেতিয়া সেই লʼৰাজন গভীৰ টোপনি গʼল আৰু তৃতীয় মহলাৰ পৰা তললৈ পৰি গʼল আৰু তেওঁলোকে গৈ তাক মৰি থকা অৱস্থাত পালে। ১০ কিন্তু পৌলে খটখটিৰে তললৈ নামি আহিল আৰু তাৰ ওপৰত পৰি তাক সাৱটি ধৰিলে আৰু ভাইসকলক কʼলে, “শান্ত হোৱা, কিয়নো ই এতিয়া জীৱিত হʼল।” ১১ ইয়াৰ পাছত তেওঁ ওপৰলৈ গʼল আৰু আহাৰ খাবলৈ ধৰিলে* আৰু পোহৰ নোহোৱালৈকে পৌলে তেওঁলোকৰ লগত কথা পাতি থাকিল আৰু তাৰ পাছত তেওঁ তেওঁলোকৰ পৰা বিদায় লʼলে। ১২ আৰু তেওঁলোকে সেই লʼৰাজনক লৈ গʼল আৰু তাক জীৱিত দেখি তেওঁলোকে বহুত শান্ত্বনা পালে।

১৩ ইয়াৰ পাছত আমি জাহাজত উঠি আঃচৰলৈ ওলাই গʼলোঁ। কিন্তু পৌলে খোজকাঢ়ি তালৈ আহিলে। পৌলে আমাক কোৱাৰ দৰে আমি তেওঁক আঃচৰ পৰা জাহাজত লৈ যাবলগীয়া আছিল। ১৪ যেতিয়া পৌলে আঃচ পালেহি, তেতিয়া আমি তেওঁক নিজৰ লগত জাহাজত উঠালোঁ আৰু মিতুলীনীলৈ গʼলোঁ। ১৫ পাছ দিনাখন আমি তাৰ পৰা জাহাজেৰে ওলালোঁ আৰু খীয় ওচৰ পালোঁহি। তাৰ পাছত দ্বিতীয় দিনা জাহাজখন চামঃত ৰখিল আৰু পাছ দিনাখন আমি মিলীত পালোঁহি। ১৬ ইফিচত নৰখাকৈ আগবাঢ়ি যাবলৈ পৌলে নিৰ্ণয় লৈছিল যাতে তেওঁ এচিয়া প্ৰদেশত বেছি সময় অতিবাহিত কৰিবলগীয়া নহয়। তেওঁ খৰ-ধৰ কৰাৰ কাৰণ আছিল যাতে সম্ভৱ হʼলে তেওঁ পেণ্টাকোষ্টৰ উৎসৱৰ দিনালৈকে যিৰূচালেম পায়গৈ।

১৭ কিন্তু তেওঁ মিলীতৰ পৰা ইফিচলৈ খবৰ পঠালে আৰু তাৰ মণ্ডলীৰ প্ৰাচীনসকলক মাতিলে। ১৮ যেতিয়া তেওঁলোকে তেওঁৰ ওচৰলৈ আহিলে, তেতিয়া তেওঁ তেওঁলোকক কʼলে, “তোমালোকে ভালদৰে জানা যে এচিয়া প্ৰদেশত অহাৰ প্ৰথম দিনাৰে পৰা মই তোমালোকৰ মাজত কেনেকৈ জীৱন কটালোঁ। ১৯ মই সম্পূৰ্ণ নম্ৰতাৰে দাস হিচাপে প্ৰভুৰ সেৱা কৰিছোঁ আৰু যিহূদীসকলে কৰা ষড়যন্ত্ৰৰ কাৰণে মই বহুত কান্দিলোঁ আৰু বহুতো কষ্ট ভুগিলোঁ। ২০ তোমালোকে এয়াও জানা যে তোমালোকে লাভৱান হোৱা এনে কোনো বিষয় মই নোকোৱাকৈ থকা নাই আৰু তোমালোকক ৰাজহুৱা আৰু ঘৰে ঘৰে গৈ শিক্ষা দিয়াৰ পৰা আঁতৰি থকা নাই। ২১ কিন্তু মই যিহূদী আৰু গ্ৰীক দুয়োকে ঈশ্বৰৰ আগত অনুতাপ কৰা আৰু আমাৰ প্ৰভু যীচুৰ ওপৰত বিশ্বাস কৰাৰ বিষয়ে ভালদৰে সাক্ষ্য দিলোঁ। ২২ আৰু এতিয়া চোৱা, মই পবিত্ৰ শক্তিৰ নিৰ্দেশনা অনুসৰি যিৰূচালেমলৈ গৈ আছোঁ, যদিও তাত মোৰ লগত কি কি হʼব, মই নাজানোঁ। ২৩ মই কেৱল ইমানেই জানোঁ যে প্ৰত্যেকখন চহৰত পবিত্ৰ শক্তিয়ে মোক বাৰে বাৰে সতৰ্ক কৰিছে যে মই জেলত বন্দী হʼব লাগিব আৰু কষ্ট ভুগিব লাগিব। ২৪ তথাপিও মই নিজৰ জীৱনক অলপো মূল্যৱান বুলি নাভাবোঁ। মই কেৱল ইমানেই বিচাৰোঁ যে মই নিজৰ দৌৰ আৰু নিজৰ সেৱা সম্পূৰ্ণ কৰোঁ। এই সেৱা মই প্ৰভু যীচুৰ পৰা পাইছোঁ যে মই ঈশ্বৰৰ মহা-কৃপাৰ শুভবাৰ্তাৰ বিষয়ে ভালদৰে সাক্ষ্য দিওঁ।

২৫ এতিয়া চোৱা! মই জানোঁ যে তোমালোক সকলোৱে, যিসকলৰ ওচৰত মই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিছিলোঁ, মোৰ মুখ আকৌ কেতিয়াও দেখা নাপাবা। ২৬ সেইবাবে, আজিৰ দিনা তোমালোকে এই কথাৰ সাক্ষী হোৱা যে মই সকলো লোকৰ তেজৰ পৰা নিৰ্দোষী হওঁ। ২৭ কিয়নো মই ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে সকলো কথা তোমালোকক নোকোৱাকৈ থকা নাই। ২৮ তোমালোকে নিজৰ বিষয়ে আৰু গোটেই জাকৰ বিষয়ে সাৱধান হোৱা, যিসকলৰ ওপৰত পবিত্ৰ শক্তিয়ে তোমালোকক অধ্যক্ষ হিচাপে নিযুক্ত কৰিছে যাতে তোমালোকে ৰখীয়াৰ দৰে ঈশ্বৰৰ মণ্ডলীৰ চোৱা-চিতা কৰা, যিসকলক তেওঁ নিজৰ পুত্ৰৰ তেজেৰে কিনিছে। ২৯ মই জানোঁ যে মই যোৱাৰ পাছত হিংস্ৰ বনৰীয়া জন্তুৱে তোমালোকৰ মাজত সোমাই আহিব আৰু জাকৰ লগত কোমলতাৰে ব্যৱহাৰ নকৰিব ৩০ আৰু তোমালোকৰ মাজৰ পৰা এনে লোকসকল থিয় হʼব, যিসকলে শিষ্যসকলক নিজৰ ফালে আকৰ্ষণ কৰিবলৈ ভুল কথা কʼব।

৩১ সেইবাবে, জাগি থাকা আৰু মনত ৰাখা যে তিনি বছৰলৈকে মই দিনে-ৰাতিয়ে চকুপানী টুকি টুকি তোমালোকৰ মাজৰ প্ৰতিজনকে বুজাই আছিলোঁ। ৩২ আৰু এতিয়া মই ঈশ্বৰ আৰু তেওঁৰ মহা-কৃপাৰ বাক্যৰ ওচৰত তোমালোকক সমৰ্পণ কৰিছোঁ। এই বাক্যই তোমালোকক মজবুত কৰিব পাৰে আৰু সকলো পবিত্ৰ ব্যক্তিৰ মাজত উত্তৰাধিকাৰ দিব পাৰে। ৩৩ মই কাৰো ৰূপ বা সোণ বা কাপোৰত লোভ কৰা নাই। ৩৪ মোৰ এই হাতেৰে মই নিজৰ আৰু মোৰ লগৰবিলাকৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিলোঁ, সেয়া তোমালোকে নিজেই জানা। ৩৫ মই সকলো বিষয়ত তোমালোকক দেখুৱালোঁ যে তোমালোকেও এইদৰেই পৰিশ্ৰম কৰি সেই লোকসকলক সহায় কৰা, যিসকল দুৰ্বল হয় আৰু প্ৰভু যীচুৱে কোৱা এই কথা সদায় মনত ৰাখা: ‘লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায়।’”

৩৬ এই সকলো কোৱাৰ পাছত পৌলে সেই সকলোৰে লগত আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিলে। ৩৭ তেতিয়া তেওঁলোক সকলোৱে হোক-হোকাই কান্দিবলৈ ধৰিলে আৰু পৌলক সাৱটি ধৰি মৰমেৰে চুমা খাবলৈ ধৰিলে। ৩৮ তেওঁলোকে বিশেষকৈ পৌলৰ এই কথাৰ কাৰণে দুখ কৰিছিল যে তেওঁলোকে পৌলৰ মুখ আকৌ কেতিয়াও দেখা নাপাব। ইয়াৰ পাছত তেওঁলোকে তেওঁক জাহাজলৈকে এৰিবলৈ গʼল।

২১ আমি দুখ মনেৰে তেওঁলোকৰ পৰা বিদায় ললোঁ আৰু সমুদ্ৰ পথেদি যাত্ৰা আৰম্ভ কৰিলোঁ। আমি বেগেৰে পোন বাটেদি কো দ্বীপ পালোঁগৈ। তাৰ পাছত দ্বিতীয় দিনাখন ৰোদঃ দ্বীপ আহিলোঁ আৰু তাৰ পৰা পাতাৰা পালোঁগৈ। ২ তাত সমুদ্ৰৰ পাৰত ফৈনীকিয়ালৈ যোৱা এখন জাহাজ পালোঁ আৰু তাত উঠি ওলাই গʼলোঁ। ৩ ৰাস্তাত আমি কুপ্ৰ দ্বীপ দেখা পালোঁ, যি আমাৰ বাওঁফালে* আছিল। তাক পিছফালে এৰি আমি চিৰিয়াৰ ফালে আগবাঢ়ি গʼলোঁ আৰু তূৰ পোৱাৰ পাছত জাহাজৰ পৰা নামিলোঁ। কিয়নো তাত জাহাজৰ পৰা মাল-বস্তু নমাবলগীয়া আছিল। ৪ তাত শিষ্যসকল কʼত থাকে, সেয়া আমি বিচাৰি উলিয়ালোঁ আৰু সাত দিনলৈকে তেওঁলোকৰ তাতে থাকিলোঁ। কিন্তু পবিত্ৰ শক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁলোকে পৌলক যিৰূচালেমলৈ নাযাবলৈ বাৰে বাৰে কʼলে। ৫ তাত থকাৰ সময় পূৰ হোৱাৰ পাছত আমি তাৰ পৰা ওলাই নিজৰ যাত্ৰা আৰম্ভ কৰিলোঁ। কিন্তু সকলো ভায়ে তিৰোতা আৰু লʼৰা-ছোৱালীৰ সৈতে আমাক চহৰৰ বাহিৰলৈকে বিদায় দিবলৈ আহিলে। আমি সমুদ্ৰৰ পাৰত আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিলোঁ ৬ আৰু এজনে-আনজনক বিদায় দিয়াৰ পাছত আমি জাহাজত উঠিলোঁ আৰু তেওঁলোক নিজৰ ঘৰলৈ উভতি গʼল।

৭ তাৰ পাছত আমি তূৰৰ পৰা ওলালোঁ আৰু সমুদ্ৰৰ পথেদি তলিমায়ি চহৰ পালোঁগৈ। তাত আমি ভাইসকলক লগ কৰিলোঁ আৰু এদিন তেওঁলোকৰ লগত থাকিলোঁ। ৮ পাছ দিনাখন তাৰ পৰা ওলাই কৈচৰিয়া পালোঁগৈ আৰু প্ৰচাৰক ফিলিপৰ ঘৰলৈ গʼলোঁ। বাছনি কৰা সাতজন মানুহৰ ভিতৰত ফিলিপ এজন আছিল আৰু আমি তেওঁৰ তাতে থাকিলোঁ। ৯ সেই মানুহজনৰ চাৰিজনী অবিবাহিতা ছোৱালী আছিল, যিসকলে ভৱিষ্যবাণী কৰিছিল। ১০ আমি তাত থকা বহুত দিন হʼল আৰু তেতিয়া যিহূদিয়াৰ পৰা আগাব নামৰ এজন ভৱিষ্যবক্তা আহিল। ১১ তেওঁ আমাৰ ইয়াত আহি পৌলৰ পেটী লʼলে আৰু সেই পেটীৰে নিজৰ হাত-ভৰি বান্ধি কʼলে, “পবিত্ৰ শক্তিয়ে কৈছে, ‘যিজন মানুহৰ এই পেটী হয়, তেওঁক যিৰূচালেমত যিহূদীসকলে এইদৰেই বান্ধিব আৰু আন ৰাষ্ট্ৰৰ লোকসকলৰ হাতত গতাই দিব।’” ১২ যেতিয়া আমি এয়া শুনিলোঁ, তেতিয়া আমি আৰু তাত থকা লোকসকলে পৌলক যিৰূচালেমলৈ নাযাবলৈ মিনতি কৰিবলৈ ধৰিলোঁ। ১৩ তেতিয়া পৌলে কʼলে, “তোমালোকে কান্দি কান্দি মোৰ ইচ্ছা* কিয় দুৰ্বল কৰি আছা? বিশ্বাস কৰা, মই প্ৰভু যীচুৰ নামৰ কাৰণে যিৰূচালেমত কেৱল বন্দী হʼবলৈ নহয়, কিন্তু মৰিবলৈও সাজু আছোঁ।” ১৪ যেতিয়া তেওঁ মান্তি নহʼল, তেতিয়া আমি এইদৰে কৈ মনে মনে থাকিলোঁ, “যিহোৱাৰ* ইচ্ছা পূৰ হওক।”

১৫ ইয়াৰ পাছত আমি যাত্ৰাৰ কাৰণে তৈয়াৰী কৰিলোঁ আৰু যিৰূচালেমলৈ ওলাই গʼলোঁ। ১৬ কৈচৰিয়াৰ কিছুমান শিষ্যও আমাৰ লগত আহিল যাতে আমাক কুপ্ৰৰ ম্নাচোনৰ ঘৰলৈ লৈ যায়, যাৰ ঘৰত আমি থাকিবলগীয়া আছিল। ম্নাচোন আৰম্ভণিৰ শিষ্যসকলৰ মাজৰ এজন আছিল। ১৭ যেতিয়া আমি যিৰূচালেম পালোঁগৈ, তেতিয়া ভাইসকলে আমাক আনন্দেৰে আদৰণি জনালে। ১৮ কিন্তু পাছ দিনাখন পৌলে আমাৰ লগত যাকোবক লগ কৰিবলৈ গʼল আৰু সকলো প্ৰাচীন তাতে আছিল। ১৯ পৌলে তেওঁলোকক নমস্কাৰ জনালে আৰু তেওঁৰ সেৱাৰ যোগেদি ঈশ্বৰে যিহূদী নোহোৱা লোকসকলৰ মাজত যি যি কাম কৰিছিল, সেই সকলো বিষয়ে বৰ্ণনা কৰিলে।

২০ এয়া শুনি তেওঁলোকে ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে আৰু তেওঁলোকে পৌলক কʼলে, “ভাই, তুমি দেখি আছা যে হাজাৰ হাজাৰ যিহূদীয়ে প্ৰভুত বিশ্বাস কৰিবলৈ ধৰিছে আৰু তেওঁলোক সকলোৱে উৎসাহেৰে নিয়ম পালন কৰে। ২১ কিন্তু তেওঁলোকে তোমাৰ বিষয়ে এই উৰা-বাতৰি শুনিছে যে তুমি যিহূদী নোহোৱা লোকসকলৰ মাজত থকা সকলো যিহূদীক মোচিৰ নিয়ম ত্যাগ কৰিবলৈ শিকাইছা। তেওঁলোকৰ সন্তানসকলক চুন্নৎ নকৰিবলৈ বা আগৰে পৰা চলি অহা ৰীতি-নীতি পালন নকৰিবলৈ কৈছা। ২২ এতিয়া এই বিষয়ে কি কৰিব পাৰি? তুমি ইয়ালৈ আহিছা বুলি তেওঁলোকে গʼমেই পাই যাব। ২৩ সেইবাবে, আমি তোমাক যি কৰিবলৈ কৈছোঁ, সেয়া কৰা। আমাৰ ইয়াত এনে চাৰিজন মানুহ আছে, যিসকলে ঈশ্বৰলৈ প্ৰতিজ্ঞা কৰিছে। ২৪ তুমি এই মানুহবিলাকক লগত লৈ যোৱা আৰু ৰীতিৰ অনুসৰি তেওঁলোকৰ লগতে নিজকেও শুচি কৰা আৰু তেওঁলোকৰ মূৰ খূৰাবলৈ খৰচ দিয়া। তেতিয়া সকলোৱে জানিব পাৰিব যে তোমাৰ বিষয়ে তেওঁলোকে যি উৰা-বাতৰি শুনিছে, সেয়া সঁচা নহয়, ইয়াৰ পৰিৱৰ্তে তুমি সঠিকভাৱে চলা আৰু নিয়মো পালন কৰা। ২৫ কিন্তু যিহূদী নোহোৱা লোকসকলৰ মাজৰ যিসকলে প্ৰভুত বিশ্বাস কৰিছে, তেওঁলোকৰ ওচৰলৈ আমি এই নিৰ্ণয় লিখি পঠাইছোঁ যে তেওঁলোকে যেন মূৰ্তিৰ আগত বলি দিয়া বস্তুবোৰৰ পৰা, তেজৰ পৰা, ডিঙি চেপি মৰা জন্তুৰ মাংসৰ পৰা* আৰু অনৈতিক শাৰীৰিক সম্পৰ্কৰ* পৰা সদায় আঁতৰি থাকে।”

২৬ পাছ দিনাখন পৌলে সেই মানুহবিলাকক লৈ গʼল আৰু নিয়মৰ অনুসৰি তেওঁ নিজকে সেই মানুহবিলাকৰ লগত শুচি কৰিলে। নিয়মৰ অনুসৰি শুচি হোৱাৰ দিন কেতিয়া পূৰ হʼব আৰু তেওঁলোকৰ মাজৰ প্ৰতিজনৰ কাৰণে কেতিয়া বলিদান আগবঢ়োৱা হʼব, সেয়া জনাবলৈ তেওঁ মন্দিৰৰ ভিতৰলৈ গʼল।

২৭ যেতিয়া সেই সাত দিন পূৰ হʼবলগীয়া আছিল, তেতিয়া এচিয়াৰ পৰা অহা যিহূদীসকলে তেওঁক মন্দিৰত দেখিলে আৰু ভিৰক উচটাই তেওঁক ধৰিলে। ২৮ তেওঁলোকে চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “ইস্ৰায়েলৰ লোকসকল, আমাক সহায় কৰা! এয়া সেই মানুহজনেই হয়, যিজনে ঠায়ে ঠায়ে গৈ সকলোকে আমাৰ লোকসকলৰ বিৰুদ্ধে, আমাৰ নিয়ম আৰু এই ঠাইৰ বিৰুদ্ধে শিক্ষা দি আছে। ইয়াৰ উপৰিও, তেওঁ গ্ৰীকসকলক এই মন্দিৰলৈ লৈ আহিছে আৰু ই এই পবিত্ৰ ঠাইক অশুচি কৰিছে।” ২৯ কিয়নো তেওঁলোকে আগতে ইফিচীয়াৰ ত্ৰফিমক পৌলৰ লগত চহৰত দেখিছিল আৰু পৌলে তেওঁক মন্দিৰৰ ভিতৰলৈ আনিছিল বুলি তেওঁলোকে ভাবিছিল। ৩০ তেতিয়া গোটেই চহৰত হুলস্থূল লাগিল আৰু লোকসকল একগোট হৈ মন্দিৰৰ ফালে দৌৰিলে। আৰু তেওঁলোকে পৌলক ধৰি চোঁচৰাই মন্দিৰৰ বাহিৰলৈ লৈ গʼল। সেই সময়তে দুৱাৰবোৰ বন্ধ কৰি দিয়া হʼল। ৩১ তেওঁলোকে পৌলক হত্যা কৰিব বিচাৰিছিল। তেতিয়াই প্ৰধান সেনাপতিয়ে খবৰ পালে যে গোটেই যিৰূচালেমত হুলস্থূল হৈ আছে। ৩২ তেতিয়া তেওঁ লগে লগে সৈন্য আৰু সেনাপতিসকলক লৈ তললৈ তেওঁলোকৰ ওচৰলৈ দৌৰি আহিলে। যেতিয়া যিহূদীসকলে প্ৰধান সেনাপতি আৰু তেওঁৰ সৈন্যসকলক দেখিলে, তেতিয়া পৌলক কোবাবলৈ বন্ধ কৰি দিলে।

৩৩ তেতিয়া প্ৰধান সেনাপতিজনে ওচৰলৈ আহিলে আৰু তেওঁ পৌলক গ্ৰেপ্তাৰ কৰিলে। পৌলক দুডাল শিকলিৰে বান্ধিবলৈ তেওঁ আদেশ দিলে। তাৰ পাছত তেওঁক সোধ-পোছ কৰিবলৈ ধৰিলে যে তেওঁ কোন হয় আৰু তেওঁ কি কৰিলে। ৩৪ কিন্তু ভিৰৰ মাজত বেলেগ বেলেগ লোকে বেলেগ বেলেগ কথা কৈ চিঞৰি আছিল। যেতিয়া তেওঁ এই হুলস্থূল হোৱাৰ কাৰণে পৌলৰ বিষয়ে ভালদৰে জানিব নোৱাৰিলে, তেতিয়া তেওঁ পৌলক সৈন্যসকলে থকা ঠাইত লৈ যাবলৈ আদেশ দিলে। ৩৫ যেতিয়া পৌল খটখটি পালেগৈ, তেতিয়া ভিৰৰ লোকসকল ইমানেই হিংস্ৰোক হৈ উঠিল যে সৈনিকসকলে তেওঁক দাঙি নিবলগীয়া হʼল। ৩৬ ভিৰৰ লোকসকলে পিছে পিছে এইদৰে চিঞৰি আহিছিল, “ইয়াক মাৰি পেলাওক!”

৩৭ যেতিয়া তেওঁলোকে পৌলক লৈ নিজে থকা ঠাইৰ ওচৰ পাইছিলহি, তেতিয়া পৌলে প্ৰধান সেনাপতিজনক কʼলে, “মই কিবা কʼব পাৰোঁ নে?” তেওঁ কʼলে, “তুমি গ্ৰীক ভাষা কʼব পাৰা নে? ৩৮ তুমি সেইজন মিচৰীয়া নোহোৱা নে, যিজনে কিছুসময়ৰ আগতে বিদ্ৰোহ কৰিবলৈ উচটাইছিল আৰু ৪,০০০ জন অস্ত্ৰ লৈ থকা মানুহক অৰণ্যলৈ* লৈ গৈছিল?” ৩৯ তেতিয়া পৌলে কʼলে, “মই আচলতে এজন যিহূদী হওঁ আৰু কিলিকিয়াৰ তাৰ্চ চহৰৰ নাগৰিক হওঁ আৰু সেয়া কোনো সৰু চহৰ নহয়। সেইবাবে, মই আপোনাক মিনতি কৰিছোঁ যে মোক এই লোকসকলৰ লগত কথা পাতিবলৈ অনুমতি দিয়ক।” ৪০ যেতিয়া তেওঁ অনুমতি দিলে, তেতিয়া পৌলে খটখটিতে থিয় হৈ হাতেৰে ইংগিত কৰি লোকসকলক শান্ত হʼবলৈ কʼলে। তেতিয়া লোকসকল শান্ত হʼল আৰু পৌলে হিব্ৰু ভাষাত তেওঁলোকৰ লগত কথা পাতিবলৈ ধৰিলে। তেওঁ কʼলে,

২২ “ভাইসকল আৰু পিতৃ সমান বয়সস্থ লোকসকল, এতিয়া মই নিজৰ পক্ষে যি কʼবলৈ গৈ আছোঁ, সেয়া শুনক।” ২ যেতিয়া তেওঁলোকে পৌলক হিব্ৰু ভাষাত কোৱা শুনিলে, তেতিয়া তেওঁলোকে আৰু বেছি শান্ত হৈ গʼল আৰু তেওঁ কʼলে, ৩ “মই এজন যিহূদী হওঁ। মোৰ জন্ম কিলিকিয়াৰ তাৰ্চত হৈছিল। কিন্তু মই ইয়াত যিৰূচালেমত গমলীয়েলৰ পৰা ব্যক্তিগতভাৱে শিক্ষা লাভ কৰিলোঁ আৰু পূৰ্বপুৰুষসকলৰ নিয়ম কঠোৰভাৱে পালন কৰিবলৈ মোক শিকোৱা হʼল। মই ঈশ্বৰৰ সেৱাত বহুত উৎসাহী আছিলোঁ, যিদৰে আজি তোমালোক সকলোৱে আছা। ৪ ‘প্ৰভুৰ পথত’ চলা পুৰুষেই হওক বা স্ত্ৰীয়েই হওক, মই সকলোকে গ্ৰেপ্তাৰ কৰি জেলত বন্দী কৰি দিছিলোঁ। মই তেওঁলোকৰ ওপৰত বহুত অত্যাচাৰ কৰিছিলোঁ। আনকি, তেওঁলোকক হত্যাও কৰিছিলোঁ। ৫ মহা-পুৰোহিত আৰু যিহূদী নেতাৰ গোটেই সভাই মোৰ এই কথাৰ সাক্ষী হয়। মই তেওঁলোকৰ পৰা দম্মেচকৰ যিহূদী ভাইসকলৰ নামত চিঠি লৈছিলোঁ আৰু যিসকলে ‘প্ৰভুৰ পথত’ চলিছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰি যিৰূচালেমলৈ লৈ আনিবলৈ আৰু শাস্তি দিবলৈ তালৈ ওলাই গʼলোঁ।

৬ কিন্তু মই যেতিয়া যাত্ৰা কৰি দম্মেচকৰ ওচৰলৈ আহি পালোঁ, তেতিয়া দুপৰীয়াৰ সময়ত হঠাতে আকাশৰ পৰা উজ্জ্বল পোহৰ মোৰ চাৰিওফালে জিলিকি উঠিল। ৭ তেতিয়া মই মাটিত পৰি গʼলোঁ আৰু মই এই মাত শুনা পালোঁ, ‘চৌল, চৌল, তুমি কিয় মোৰ ওপৰত অত্যাচাৰ কৰি আছা?’ ৮ মই সুধিলোঁ, ‘হে প্ৰভু, আপুনি কোন?’ তেওঁ কʼলে, ‘মই নাচৰতীয়া যীচু হওঁ, যাৰ ওপৰত তুমি অত্যাচাৰ কৰি আছা।’ ৯ যিসকল মানুহ মোৰ লগত আছিল, তেওঁলোকে পোহৰ দেখা পাইছিল। কিন্তু যিজনে মোৰ লগত কথা পাতি আছিল, তেওঁলোকে তেওঁৰ কথা বুজি পোৱা নাছিল। ১০ তেতিয়া মই কʼলোঁ, ‘প্ৰভু, মই কি কৰিম?’ প্ৰভুৱে মোক কʼলে, ‘উঠা আৰু দম্মেচকলৈ যোৱা আৰু তাত তুমি যি কৰিব লাগিব, সেয়া তোমাক কোৱা হʼব।’ ১১ কিন্তু মই সেই পোহৰ জিলিকি উঠাৰ কাৰণে একো দেখা পোৱা নাছিলোঁ। সেইবাবে, যিসকল মোৰ লগত আছিল, তেওঁলোকে মোৰ হাতত ধৰি মোক দম্মেচকলৈ লৈ গʼল।

১২ তাত অননিয় নামৰ এজন ব্যক্তি আছিল, যিজনে ঈশ্বৰলৈ ভয় ৰাখিছিল আৰু নিয়ম পালন কৰিছিল। আৰু তাত থকা সকলো যিহূদীয়ে তেওঁৰ প্ৰশংসা কৰিছিল। ১৩ তেওঁ মোৰ ওচৰত আহি থিয় হʼল আৰু তেওঁ মোক কʼলে, ‘চৌল, মোৰ ভাই, চকুৰ দৃষ্টিশক্তি ঘূৰাই পোৱা!’ সেই সময়তে মই চকুৰ দৃষ্টি ঘূৰাই পালোঁ আৰু মই তেওঁক দেখিলোঁ। ১৪ তেওঁ কʼলে, ‘আমাৰ পূৰ্বপুৰুষৰ ঈশ্বৰে তোমাক বাছনি কৰিছে, তুমি যেন তেওঁৰ ইচ্ছা জানিব পাৰা, সেই ভাল ব্যক্তিজনক দেখিব পাৰা আৰু তেওঁৰ মাত শুনিব পাৰা। ১৫ কাৰণ তুমি যি যি দেখিলা আৰু শুনিলা, সেই বিষয়ে সকলো মানুহক তুমি সাক্ষ্য দিব লাগিব। ১৬ এতিয়া তুমি কিয় দেৰি কৰিছা? উঠা, বাপ্তিষ্মা* লোৱা আৰু তেওঁৰ নাম লৈ নিজৰ পাপ ধুই পেলোৱা।’

১৭ কিন্তু যেতিয়া মই যিৰূচালেমলৈ উভতি গৈ মন্দিৰত প্ৰাৰ্থনা কৰি আছিলোঁ, তেতিয়া মই এটা দৰ্শন দেখিলোঁ। ১৮ আৰু মই দেখিলোঁ যে তেওঁ মোক কৈছে, ‘সোনকালে কৰা, লগে লগে যিৰূচালেমৰ পৰা ওলাই যোৱা। কিয়নো তুমি মোৰ বিষয়ে যি সাক্ষ্য দিছা, সেয়া তেওঁলোকে গ্ৰহণ নকৰিব।’ ১৯ তেতিয়া মই কʼলোঁ, ‘প্ৰভু, তেওঁলোকে জানে যে মই আপোনাৰ ওপৰত বিশ্বাস কৰা লোকসকলক জেলত বন্দী কৰিছিলোঁ আৰু প্ৰত্যেক সভাঘৰত গৈ তেওঁলোকক কোবাইছিলোঁ। ২০ আৰু যেতিয়া আপোনাৰ সাক্ষী স্তিফানক হত্যা কৰা হৈছিল, তেতিয়া ময়ো তাতে থিয় হৈ সেই হত্যাক সমৰ্থন কৰি আছিলোঁ আৰু যিসকলে হত্যা কৰিছিল, তেওঁলোকৰ কাপোৰৰ পহৰা দিছিলোঁ।’ ২১ তথাপিও তেওঁ মোক কʼলে, ‘যোৱা, মই তোমাক দূৰ-দূৰণিত থকা যিহূদী নোহোৱা লোকসকলৰ ওচৰলৈ পঠাইছোঁ।’”

২২ ভিৰৰ লোকসকলে এতিয়ালৈকে পৌলৰ কথা শুনি আছিল। তাৰ পাছত তেওঁলোকে জোৰ জোৰকৈ চিঞৰিবলৈ ধৰিলে, “এই মানুহজনক পৃথিৱীৰ পৰা নাইকিয়া কৰি দিয়া, কিয়নো সি জীয়াই থকাৰ যোগ্য নহয়!” ২৩ তেওঁলোকে নিজৰ নিজৰ কাপোৰ বতাহত উৰুৱাইছিল আৰু ধূলি উৰুৱাই জোৰ জোৰকৈ চিঞৰি আছিল। ২৪ সেইবাবে, প্ৰধান সেনাপতিয়ে পৌলক সৈন্যসকলে থকা ঠাইত লৈ যাবলৈ আদেশ দিলে আৰু তেওঁক চাবুকেৰে কোবাই সোধ-পোছ কৰিবলৈ কʼলে যাতে তেওঁ ভালদৰে জানিব পাৰে যে এই লোকসকলে কিয় পৌলৰ বিৰুদ্ধে ইমান চিঞৰি আছে। ২৫ কিন্তু সৈনিকসকলে যেতিয়া তেওঁক চাবুকেৰে কোবাবলৈ বান্ধিলে, তেতিয়া পৌলে তাত থিয় হৈ থকা সেনাপতিক কʼলে, “আপুনি এজন ৰোমান নাগৰিকক তেওঁ কিবা অপৰাধ কৰিছে নে নাই, সেয়া প্ৰমাণ নকৰাকৈ* চাবুকেৰে কোবাব নে? এয়া নিয়মৰ অনুসৰি সঠিক হয় নে?” ২৬ যেতিয়া সেনাপতিজনে এয়া শুনিলে, তেতিয়া তেওঁ প্ৰধান সেনাপতিজনৰ ওচৰলৈ গʼল আৰু তেওঁক এই খবৰ দি কʼলে, “আপুনি কি কৰিব বিচাৰে? এই মানুহজন ৰোমান নাগৰিক হয়।” ২৭ তেতিয়া প্ৰধান সেনাপতিজনে পৌলৰ ওচৰলৈ আহি তেওঁক সুধিলে, “মোক কোৱা, তুমি এজন ৰোমান নাগৰিক হোৱা নে?” তেওঁ কʼলে, “হয়।” ২৮ প্ৰধান সেনাপতিজনে কʼলে, “মই বহুত টকা দি নাগৰিক হোৱাৰ অধিকাৰ কিনিছোঁ।” পৌলে কʼলে, “কিন্তু মই জন্মৰে পৰা ৰোমান নাগৰিক হওঁ।”

২৯ এই কথা শুনি যিসকলে তেওঁক কোবাই সোধ-পোছ কৰিবলগীয়া আছিল, তেওঁলোকে পৌলৰ ওচৰৰ পৰা আঁতৰি গʼল আৰু প্ৰধান সেনাপতিজনে এজন ৰোমান মানুহক শিকলিৰে বান্ধি ৰখাৰ কাৰণে তেওঁ ভয় খালে।

৩০ সেইবাবে, পাছ দিনাখন তেওঁ পৌলৰ বান্ধোন খুলি দিলে আৰু প্ৰধান পুৰোহিত আৰু গোটেই মহা-সভাক একগোট হʼবলৈ আদেশ দিলে। কিয়নো তেওঁ ভালদৰে জানিব বিচাৰিছিল যে যিহূদীসকলে কিয় তেওঁৰ ওপৰত অভিযোগ লগাইছে। ইয়াৰ পাছত তেওঁ পৌলক তললৈ লৈ আহিলে আৰু তেওঁলোকৰ মাজত থিয় কৰালে।

২৩ পৌলে মহা-সভাৰ ফালে একেথৰে চাই কʼলে, “ভাইসকল, মই আজিলৈকে ঈশ্বৰৰ আগত শুদ্ধ বিবেকেৰে জীৱন-যাপন কৰি আহিছোঁ।” ২ এয়া শুনি মহা-পুৰোহিত অননিয়ই পৌলৰ ওচৰত থিয় হৈ থকা লোকসকলক পৌলৰ মুখত চৰ মাৰিবলৈ আদেশ দিলে। ৩ তেতিয়া পৌলে তেওঁক কʼলে, “হে কপটীয়া,* তোমাক ঈশ্বৰে আঘাত কৰিব। তুমি নিয়মৰ অনুসৰি মোৰ ন্যায় কৰিবলৈ বহিছা আৰু মোক মাৰিবলৈ আদেশ দি সেই নিয়ম নিজেই পালন কৰা নাই?” ৪ তেতিয়া তাত থিয় হৈ থকা লোকসকলে কʼলে, “তুমি ঈশ্বৰৰ মহা-পুৰোহিতৰ অপমান কৰিছা?” ৫ পৌলে কʼলে, “ভাইসকল, এওঁ মহা-পুৰোহিত হয় বুলি মই জনা নাছিলোঁ। কিয়নো শাস্ত্ৰত লিখা আছে, ‘তুমি নিজৰ লোকসকলৰ অধিকাৰীক অপমানজনক কথা নকʼবা।’”

৬ তেওঁলোকৰ মাজত এটা দল চদ্দূকী আৰু আন এটা দল ফৰীচীৰ হয় বুলি যেতিয়া পৌলে গʼম পালে, তেতিয়া মহা-সভাক জোৰেৰে চিঞৰি কʼলে, “ভাইসকল, মই এজন ফৰীচী হওঁ আৰু ফৰীচীবিলাকৰ লʼৰা হওঁ। মৃতবিলাকক আকৌ জীয়াই তোলা হʼব বুলি মই বিশ্বাস কৰাৰ কাৰণে মোৰ ওপৰত মোকৰ্দ্দমা চলোৱা হৈছে।” ৭ যেতিয়া তেওঁ এয়া কʼলে, তেতিয়া ফৰীচী আৰু চদ্দূকীসকলৰ মাজত কাজিয়া হʼবলৈ ধৰিলে আৰু সভাত বিভেদৰ সৃষ্টি হʼল। ৮ কাৰণ চদ্দূকীসকলে কয় যে মৃতবিলাকক আকৌ জীয়াই তোলা নহয় আৰু স্বৰ্গদূত বা অদৃশ্য প্ৰাণীও নাথাকে। কিন্তু ফৰীচীসকলে এইবোৰত বিশ্বাস কৰে। ৯ সেইবাবে, তাত ডাঙৰ হুলস্থূল হʼবলৈ ধৰিলে আৰু ফৰীচীসকলৰ দলৰ কিছুমান নিয়ম শিকোৱা লোকে* থিয় হৈ এইদৰে কৈ কাজিয়া কৰিবলৈ ধৰিলে, “আমি এই মানুজনত কোনো দোষ বিচাৰি পোৱা নাই। কিন্তু কোনো অদৃশ্য প্ৰাণী বা স্বৰ্গদূতে যদি ইয়াৰ লগত কথা পাতিছে, তেনেহʼলে . . .।” ১০ যেতিয়া কাজিয়া বেছি বাঢ়ি গʼল, তেতিয়া হয়তো তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰি দিব বুলি প্ৰধান সেনাপতিজনে ভয় খালে। তেওঁ সৈনিকসকলক তললৈ গৈ পৌলক এৰাই আনিবলৈ আৰু সৈনিকসকলে থকা ঠাইত লৈ আনিবলৈ আদেশ দিলে।

১১ কিন্তু সেই ৰাতি প্ৰভুৱে পৌলৰ ওচৰত আহি থিয় হʼল আৰু তেওঁ কʼলে, “ভয় নকৰিবা! কিয়নো যিদৰে তুমি যিৰূচালেমত মোৰ বিষয়ে ভালদৰে সাক্ষ্য দি আহিছা, ঠিক সেইদৰে তুমি ৰোমতো সাক্ষ্য দিব লাগিব।”

১২ যেতিয়া পোহৰ হʼল, তেতিয়া যিহূদীসকলে এটা ষড়যন্ত্ৰ কৰিলে আৰু এই শপত খালে যে পৌলক হত্যা নকৰালৈকে তেওঁলোকে একো খোৱা-বোৱা নকৰিব। ১৩ যিসকলে এই শপত খাই ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকৰ সংখ্যা ৪০ জনতকৈ বেছি আছিল। ১৪ তেওঁলোকে প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলৰ ওচৰলৈ গʼল আৰু কʼবলৈ ধৰিলে, “আমি শপত খাইছোঁ যে পৌলক হত্যা নকৰালৈকে আমি একো খোৱা-বোৱা নকৰিম। ১৫ সেইবাবে, এতিয়া তোমালোকে মহা-সভাৰ লগত মিলি পৌলৰ বিষয়ে আৰু ভালদৰে জানিবৰ ছলেৰে তোমালোকৰ ওচৰলৈ তলত তেওঁক লৈ আনিবৰ বাবে সেনাপতিজনক কোৱা। কিন্তু সি ইয়াত আহি নৌ পাওঁতেই তাক হত্যা কৰিবলৈ আমি সাজু হৈ থাকিম।”

১৬ কিন্তু তেওঁলোকে পৌলক লুকাই হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছে বুলি যেতিয়া পৌলৰ ভাগিনজনে শুনিলে, তেতিয়া তেওঁ সৈনিকসকলে থকা ঠাইত গৈ পৌলক এই খবৰ দিলে। ১৭ তেতিয়া পৌলে এজন সেনাপতিক নিজৰ ওচৰলৈ মাতি তেওঁক কʼলে, “এই লʼৰাজনক প্ৰধান সেনাপতিজনৰ ওচৰলৈ লৈ যাওক। ই তেওঁক এটা খবৰ দিব বিচাৰে।” ১৮ তেওঁ সেই লʼৰাজনক লৈ প্ৰধান সেনাপতিজনৰ ওচৰলৈ গʼল আৰু তেওঁ কʼলে, “আপোনাৰ আগত এই লʼৰাজনৰ কিবা কথা কʼবলৈ আছে বুলি কয়দী পৌলে মোক মাতি আপোনাৰ ওচৰলৈ ইয়াক লৈ আনিবলৈ অনুৰোধ কৰিলে।” ১৯ প্ৰধান সেনাপতিজনে লʼৰাজনৰ হাতত ধৰি বেলেগকৈ লৈ গʼল আৰু অকলশৰীয়াকৈ তাক সুধিলে, “তুমি মোক কি খবৰ দিব বিচাৰা?” ২০ সি কʼলে, “যিহূদীসকলে পৌলৰ বিষয়ে আৰু বেছিকৈ জানিব বিচৰাৰ ছলেৰে পৌলক অহাকালি মহা-সভাৰ ওচৰলৈ লৈ আনিবলৈ তেওঁলোকে আপোনাক অনুৰোধ কৰিবলৈ নিৰ্ণয় লৈছে। ২১ কিন্তু আপুনি তেওঁলোকৰ কথা নুশুনিব। কিয়নো তেওঁলোকৰ ৪০ জনতকৈ বেছি মানুহে পৌলক লুকাই হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰি আছে আৰু তেওঁলোকে শপত খাইছে যে পৌলক হত্যা নকৰালৈকে তেওঁলোকে একো খোৱা-বোৱা নকৰিব। আৰু এতিয়া তেওঁলোকে সাজু আছে আৰু আপোনাৰ অনুমতিৰ অপেক্ষা কৰি আছে।” ২২ সেইবাবে, প্ৰধান সেনাপতিজনে লʼৰাজনক সাৱধান কৰি এইদৰে কৈ পঠালে, “তুমি মোক এই কথা কৈছা বুলি কাকো নকʼবা।”

২৩ তেতিয়া তেওঁ দুজন সেনাপতিক মাতি তেওঁলোকক কʼলে, “আজি ৰাতিৰ তৃতীয় ঘণ্টাত* কৈচৰিয়ালৈ যাবলৈ ২০০ জন সৈনিক, ৭০ জন অশ্বাৰোহী আৰু ২০০ জন বৰছা-ধাৰী প্ৰস্তুত কৰা। ২৪ আৰু পৌলক সুৰক্ষিতভাৱে ৰাজ্যপাল ফীলিক্সৰ ওচৰলৈ লৈ যাবলৈ ঘোঁৰাও প্ৰস্তুত কৰা।” ২৫ আৰু তেওঁ চিঠি লিখিলে, যʼত এই কথাবোৰ লিখা আছিল:

২৬ “মহামহিম ৰাজ্যপাল ফীলিক্সলৈ ক্লৌদিয় লুচিয়ৰ নমস্কাৰ! ২৭ এই মানুহজনক যিহূদীসকলে ধৰি লৈছিল আৰু তেওঁলোকে ইয়াক হত্যা কৰিবলৈ লৈছিল। কিন্তু সেই সময়ত মই লগে লগে নিজৰ সৈনিকসকলৰ লগত গৈ ইয়াক বচালোঁ। কাৰণ মই জানিছিলোঁ যে ই এজন ৰোমান নাগৰিক হয়। ২৮ মই জানিব বিচাৰিছিলোঁ যে তেওঁলোকে কি কাৰণে ইয়াৰ ওপৰত অভিযোগ লগাইছে। সেইবাবে, মই ইয়াক তেওঁলোকৰ মহা-সভালৈ লৈ গʼলোঁ। ২৯ মই বুজি পালোঁ যে তেওঁলোকে নিজৰ নিয়মৰ বিষয়ক লৈ ইয়াৰ ওপৰত অভিযোগ লগাইছিল। কিন্তু ইয়াক মৃত্যুৰ শাস্তি দিয়া আৰু জেলত বন্দী কৰাৰ নিচিনা ইয়াৰ ওপৰত এনে কোনো অভিযোগ নাছিল। ৩০ কিন্তু মই খবৰ পালোঁ যে ইয়াৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ কৰা হৈছে। সেইবাবে, মই দেৰি নকৰাকৈ ইয়াক আপোনাৰ ওচৰলৈ পঠাইছোঁ আৰু ইয়াৰ ওপৰত যিসকলে অভিযোগ কৰিছে, তেওঁলোকে যেন এই ব্যক্তিৰ বিৰুদ্ধে যি কʼবলগীয়া আছে, সেয়া আপোনাৰ ওচৰত কʼবলৈ মই আদেশ দিলোঁ।”

৩১ সেইবাবে, সৈনিকসকলক যিদৰে আদেশ দিয়া হৈছিল, তেওঁলোকে পৌলক ৰাতিয়েই আন্তিপাত্ৰিক চহৰলৈ লৈ আহিলে। ৩২ পাছ দিনাখন অশ্বাৰোহীয়ে পৌলক লৈ আগলৈ ওলাই গʼল আৰু সৈনিকসকলে নিজে থকা ঠাইত উভতি আহিলে। ৩৩ কৈচৰিয়ালৈ পোৱাৰ পাছত অশ্বাৰোহীসকলে ৰাজ্যপালক চিঠিখন দিলে আৰু পৌলক তেওঁৰ আগত উপস্থিত কৰালে। ৩৪ চিঠিখন পঢ়ি ৰাজ্যপালে সুধিলে যে পৌল কোনখন প্ৰদেশৰ হয় আৰু পৌল কিলিকিয়াৰ হয় বুলি তেওঁ গʼম পালে। ৩৫ তেওঁ পৌলক কʼলে, “যেতিয়া তোমাৰ ওপৰত অভিযোগ কৰা লোকসকল ইয়ালৈ আহিব, তেতিয়া মই তোমাক নিজৰ পক্ষে কʼবলৈ সুযোগ দিম।” পৌলক হেৰোদৰ মহলত পহৰা দি থʼবলৈ তেওঁ আদেশ দিলে।

২৪ পাঁচ দিনৰ পাছত মহা-পুৰোহিত অননিয়ই কেইজনমান যিহূদী নেতা আৰু তৰ্ত্তল্ল নামৰ এজন উকীলৰ লগত তালৈ আহিলে আৰু তেওঁলোকে ৰাজ্যপালৰ আগত পৌলৰ বিৰুদ্ধে অভিযোগ দিলে। ২ যেতিয়া তৰ্ত্তল্লক কʼবলৈ কোৱা হʼল, তেতিয়া তেওঁ পৌলৰ বিৰুদ্ধে এইদৰে কৈ অভিযোগ কৰিবলৈ আৰম্ভ কৰিলে,

“হে মহামহিম ফীলিক্স, আপোনাৰ কাৰণে আমি মহা শান্তিৰে জীৱন-যাপন কৰিছোঁ আৰু আপোনাৰ ভাল ভাল যোজনাৰ কাৰণে এই জাতিৰ বহুতো উন্নতি হৈছে। ৩ সকলো সময়তে আৰু সকলো ঠাইতে আমি ইয়াৰ লাভৰ অনুভৱ কৰিছোঁ আৰু ইয়াৰ কাৰণে আমি আপোনাৰ বহুত কৃতজ্ঞ। ৪ কিন্তু মই আপোনাৰ বেছি সময় লʼব নিবিচাৰোঁ, সেইকাৰণে অনুগ্ৰহ কৰি আপুনি নিজৰ অলপ সময় দি আমাৰ কথা শুনক। ৫ আমি দেখিছোঁ যে এই মানুহজন সমস্যাৰ মূল কাৰণ* হয় আৰু গোটেই পৃথিৱীত যিহূদীসকলক বিদ্ৰোহ কৰিবলৈ উচটাইছে আৰু নাচৰতীয়াবিলাকৰ দলৰ এজন প্ৰধান নেতা হয়। ৬ ই মন্দিৰক অপবিত্ৰ কৰিবলৈও চেষ্টা কৰিছে, সেইবাবে আমি ইয়াক ধৰি লʼলোঁ। ৭* — ৮ আমি ইয়াৰ ওপৰত যি যি অভিযোগ লগাইছোঁ, সেইবোৰৰ বিষয়ে যদি আপুনি নিজেই তাক সোধ-পোছ কৰে, তেনেহʼলে এইবোৰ কথা সঁচা হয় বুলি গʼম পাব।”

৯ তেতিয়া যিহূদীসকলেও পৌলৰ বিৰুদ্ধে কʼবলৈ ধৰিলে আৰু জোৰ দি কʼলে যে এইবোৰ কথা সঁচা হয়। ১০ ৰাজ্যপালে যেতিয়া পৌলক কথা কʼবলৈ ইংগিত দিলে, তেতিয়া তেওঁ কʼলে,

“মই জানোঁ আপুনি বহু বছৰ ধৰি এই জাতিৰ বিচাৰকৰ্তা হয়, সেইকাৰণে মই আপোনাক নিজৰ পক্ষে কʼবলৈ পাই আনন্দিত হৈছোঁ। ১১ আপুনি নিজেই অনুসন্ধান কৰিব পাৰে যে মই উপাসনা কৰিবলৈ যিৰূচালেমলৈ যোৱা ১২ দিনতকৈ বেছি হোৱা নাই। ১২ আৰু যিহূদীসকলে মোক মন্দিৰত কাৰো লগত তৰ্ক কৰি থকা দেখা নাই নাইবা সভাঘৰ বা চহৰৰ কোনো ঠাইত লোকসকলক উচটাই থকা দেখা নাই। ১৩ ইয়াৰ উপৰিও, এইমাত্ৰ তেওঁলোকে মোৰ ওপৰত যি যি অভিযোগ লগাইছে, সেইবোৰৰ প্ৰমাণ আপোনাক দিব নোৱাৰে। ১৪ কিন্তু মই আপোনাৰ আগত স্বীকাৰ কৰিছোঁ যে যি পথক এওঁলোকে দল বুলি কয়, সেই দলৰ উপাসনাৰ ৰীতিৰ অনুসৰি মই নিজৰ পূৰ্বপুৰুষৰ ঈশ্বৰৰ পবিত্ৰ সেৱা কৰি আছোঁ। কিয়নো মই নিয়ম আৰু ভৱিষ্যবক্তাসকলে লিখা সকলো কথাৰ ওপৰত বিশ্বাস কৰোঁ। ১৫ আৰু লোকসকলৰ নিচিনা ময়ো ঈশ্বৰলৈ এই আশা ৰাখিছোঁ যে ভাল আৰু বেয়া, দুয়োধৰণৰ লোকসকলক মৃতবিলাকৰ মাজৰ পৰা আকৌ জীয়াই তোলা হʼব। ১৬ সেইবাবে, মই সদায় ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত নিজৰ বিবেক শুদ্ধ* কৰি ৰাখিবলৈ মনে-প্ৰাণে চেষ্টা কৰোঁ। ১৭ বহু বছৰৰ পাছত মই নিজৰ লোকসকলৰ কাৰণে দান আনিছিলোঁ আৰু ঈশ্বৰলৈ বলি উৎসৰ্গ কৰিবলৈ আহিছিলোঁ। ১৮ যেতিয়া মই এই কাম কৰি আছিলোঁ, তেতিয়া তেওঁলোকে মোক মন্দিৰত মোচিৰ নিয়মৰ অনুসৰি শুচি পালে, কিন্তু তাত মোৰ লগত কোনো ভিৰো নাছিল আৰু মই কোনো প্ৰতিবাদো কৰা নাছিলোঁ। তাত এচিয়া প্ৰদেশৰ কিছুমান যিহূদীও আছিল। ১৯ তেওঁলোকৰ ওচৰত মোৰ বিৰুদ্ধে কʼবলৈ কিবা থকা হʼলে তেওঁলোকে নিজেই আপোনালোকৰ ওচৰলৈ আহি মোক অভিযোগ কৰিব লাগিছিল। ২০ বা ইয়াত উপস্থিত থকা এওঁলোকে কওক যে যেতিয়া মই মহা-সভাৰ আগত থিয় আছিলোঁ, তেতিয়া এওঁলোকে মোৰ কি দোষ বিচাৰি পালে। ২১ তেওঁলোকে মোক কেৱল এটা বিষয়তে অভিযোগ কৰিব পাৰে, মই তেওঁলোকৰ মাজত থিয় হৈ চিঞৰি কৈছিলোঁ, ‘মৃতবিলাকক আকৌ জীয়াই তোলা হʼব বুলি মই বিশ্বাস কৰাৰ কাৰণে আজি আপোনাৰ আগত মোৰ ওপৰত মোকৰ্দ্দমা চলাইছে।’”

২২ ফীলিক্সে ‘প্ৰভুৰ পথৰ’ বিষয়ে সত্য কি হয়, সেয়া ভালদৰে জানিছিল, তথাপি তেওঁ এইদৰে কৈ বিষয়টো পিছুৱাই দিছিল, “যেতিয়া প্ৰধান সেনাপতি লুচিয় ইয়ালৈ আহিব, তেতিয়া মই তোমাৰ এই বিষয়টো নিৰ্ণয় লʼম।” ২৩ তাৰ পাছত তেওঁ পৌলক বন্দী কৰি ৰাখিবলৈ আৰু তেওঁক অলপ স্বাধীনতা দিবলৈ আৰু তেওঁৰ লোকসকলে যদি তেওঁৰ সেৱা কৰিব বিচাৰে, তেনেহʼলে তেওঁলোকক বাধা নিদিবলৈ তেওঁ সেনাপতিজনক আদেশ দিলে।

২৪ কিছু দিনৰ পাছত যেতিয়া ফীলিক্সে নিজৰ পত্নী দ্ৰুচিল্লাক, যি এগৰাকী যিহূদী আছিল, লগত লৈ আহিলে, তেতিয়া তেওঁ পৌলক মাতিলে। আৰু যেতিয়া পৌলে তেওঁক খ্ৰীষ্ট যীচুৰ ওপৰত বিশ্বাস কৰাৰ বিষয়ে কʼলে, তেতিয়া তেওঁ শুনিলে। ২৫ কিন্তু যেতিয়া পৌলে যি সঠিক হয়, সেই বিষয়ে আৰু আত্মনিয়ন্ত্ৰণ আৰু আহিবলগীয়া ন্যায়ৰ বিষয়ে কথা পাতিবলৈ ধৰিলে, তেতিয়া ফীলিক্সে ভয় খালে আৰু তেওঁ কʼলে, “এতিয়া তুমি যোৱা। কেতিয়াবা আকৌ সুযোগ পালে মই তোমাক মাতিম।” ২৬ লগতে পৌলে তেওঁক ঘোচ দিব বুলিও তেওঁ আশা কৰি আছিল। সেইবাবে, তেওঁ পৌলক বাৰে বাৰে মাতিছিল আৰু তেওঁৰ লগত কথা পাতিছিল। ২৭ এইদৰে দুবছৰ বাগৰি গʼল আৰু পৰ্কিয় ফীষ্টে ফীলিক্সৰ পদ পালে। ফীলিক্সে যিহূদীসকলক আনন্দিত কৰিব বিচাৰিছিল। সেইবাবে, তেওঁ পৌলক বন্দী অৱস্থাতে এৰি থৈ গʼল।

২৫ সেই প্ৰদেশত আহি ক্ষমতা গ্ৰহণ কৰাৰ তিনি দিনৰ পাছত ফীষ্টে কৈচৰীয়াৰ পৰা যিৰূচালেমলৈ গʼল। ২ তেতিয়া প্ৰধান পুৰোহিত আৰু যিহূদীসকলৰ প্ৰধান লোকসকলে তেওঁৰ ওচৰত পৌলৰ বিৰুদ্ধে নিজৰ অভিযোগ জনালে। তেওঁলোকে ফীষ্টক মিনতি কৰিবলৈ ধৰিলে ৩ তেওঁ যেন পৌলক তেওঁলোকৰ অনুৰোধত যিৰূচালেমলৈ পঠায়। কিন্তু তেওঁলোকে ষড়যন্ত্ৰ কৰিছিল যে তেওঁলোকে লুকাই থাকিব আৰু ৰাস্তাতেই পৌলক হত্যা কৰিব। ৪ কিন্তু ফীষ্টে পৌলক কৈচৰিয়াতে বন্দী কৰি ৰাখিবলৈ আৰু মই নিজেই সোনকালে তালৈ যাবলগীয়া আছে বুলি কʼলে। ৫ তেওঁ কʼলে, “সেইবাবে, তোমালোকৰ মাজৰ যিসকল ডাঙৰ অধিকাৰী হয়, তেওঁলোকে মোৰ লগত বʼলক আৰু সেই মানুহজনে যদি কিবা ভুল কৰিছে, তেনেহʼলে তেওঁৰ ওপৰত অভিযোগ লগাওক।”

৬ ফীষ্টে যিৰূচালেমত প্ৰায় আঠ-দহ দিন থকাৰ পাছত কৈচৰিয়ালৈ আহিলে আৰু পাছ দিনাখন তেওঁ ন্যায়ৰ আসনত বহিলে আৰু পৌলক লৈ আনিবলৈ আদেশ দিলে। ৭ যেতিয়া পৌল আহিলে, তেতিয়া যিসকল যিহূদী যিৰূচালেমৰ পৰা আহিছিল, তেওঁলোকে পৌলৰ চাৰিওফালে থিয় হʼল আৰু তেওঁৰ ওপৰত বহুতো ডাঙৰ ডাঙৰ অভিযোগ লগাবলৈ ধৰিলে, যিবোৰৰ প্ৰমাণ তেওঁলোকে দিব নোৱাৰিছিল।

৮ কিন্তু পৌলে নিজৰ পক্ষে কʼলে, “মই যিহূদীসকলৰ নিয়মৰ বিৰুদ্ধে বা মন্দিৰৰ বিৰুদ্ধে বা সম্ৰাটৰ* বিৰুদ্ধেও কোনো পাপ কৰা নাই।” ৯ ফীষ্টে যিহূদীসকলক আনন্দিত কৰাৰ উদ্দেশ্যেৰে পৌলক কʼলে, “তুমি যিৰূচালেমত গৈ মোৰ আগত এইবোৰৰ বিষয়ে তোমাৰ ন্যায় কৰাটো বিচাৰা নে?” ১০ কিন্তু পৌলে কʼলে, “মই সম্ৰাটৰ ন্যায়ৰ আসনৰ আগত থিয় হৈ আছোঁ, ইয়াতে মোৰ ন্যায় কৰা উচিত। মই যিহূদীসকলৰ লগত একো বেয়া কৰা নাই, এই কথা আপুনিও ভালদৰে বুজি পাইছে। ১১ যদি মই সঁচাকৈ অপৰাধী হওঁ আৰু মই মৃত্যুৰ শাস্তি পোৱা কোনো অপৰাধ কৰিছোঁ, তেনেহʼলে মই মৰিবলৈ ভয় নকৰোঁ। কিন্তু এওঁলোকৰ অভিযোগ যদি এটাও সঁচা নহয়, তেনেহʼলে কোনো মানুহে তেওঁলোকক আনন্দিত কৰিবলৈ মোক তেওঁলোকৰ হাতত গতাই দিব নোৱাৰে। মই সম্ৰাটক আপিল কৰিছোঁ!” ১২ তেতিয়া ফীষ্টে নিজৰ পৰামৰ্শদাতাসকলৰ সভাত আলোচনা কৰাৰ পাছত পৌলক কʼলে, “তুমি সম্ৰাটক আপিল কৰিলা, সেইবাবে তুমি সম্ৰাটৰ ওচৰলৈ যাবা।”

১৩ কিছু দিনৰ পাছত ৰজা আগ্ৰিপ্প আৰু বৰ্ণীকীয়ে ফীষ্টক শুভেচ্ছা জনাবলৈ তেওঁক লগ কৰিবলৈ কৈচৰিয়ালৈ আহিল। ১৪ তেওঁলোকে তাত বহু দিনলৈকে থাকিবলগীয়া আছিল, সেইবাবে ফীষ্টে ৰজাক পৌলৰ মোকৰ্দ্দমাৰ বিষয়ে জনালে আৰু কʼলে,

“ইয়াত এজন ব্যক্তি আছে, যিজনক ফীলিক্সে জেলত বন্দী কৰি এৰি থৈ গʼল। ১৫ যেতিয়া মই যিৰূচালেমত আছিলোঁ, তেতিয়া যিহূদীসকলৰ প্ৰধান পুৰোহিত আৰু যিহূদী নেতাসকলে এই বিষয়ে মোক জনালে আৰু ইয়াক শাস্তি দিবলৈ মোক মিনতি কৰিলে। ১৬ কিন্তু মই তেওঁলোকক কʼলোঁ কোনো ব্যক্তিক যদি অভিযোগ কৰা হৈছে, তেনেহʼলে যিসকলে অভিযোগ কৰিছে, তেওঁলোকৰ ওচৰত যেতিয়ালৈকে তেওঁক কʼবলৈ সুযোগ দিয়া নহয়, তেতিয়ালৈকে কাৰোবাক আনন্দিত কৰিবলৈ সেই ব্যক্তিক যিসকলে অভিযোগ কৰিছে, তেওঁলোকৰ হাতত গতাই দিয়াটো ৰোমান ৰীতিৰ অনুসৰি নহয়। ১৭ সেইবাবে, যেতিয়া তেওঁলোক ইয়ালৈ আহিল, তেতিয়া মই দেৰি নকৰাকৈ পাছ দিনাখনেই ন্যায়ৰ আসনত বহিলোঁ আৰু সেই মানুহজনক লৈ আনিবলৈ আদেশ দিলোঁ। ১৮ মই ভাবিছিলোঁ যে তেওঁক অভিযোগ লগোৱা লোকসকলে তেওঁৰ ওপৰত বেয়া বেয়া অভিযোগ লগাব, কিন্তু যেতিয়া তেওঁলোকে থিয় হʼল, তেতিয়া তেওঁলোকে এইদৰে একো নকʼলে। ১৯ তেওঁলোকে পৌলৰ লগত কেৱল নিজৰ ঈশ্বৰৰ উপাসনাক লৈ* আৰু যীচু নামৰ এজন ব্যক্তিক লৈ কাজিয়া কৰিছিল, যিজন যীচুৰ মৃত্যু হৈছিল, কিন্তু পৌলে কয় যে তেওঁ জীয়াই আছে। ২০ মই বুজি পোৱা নাছিলোঁ যে এই বিষয়টোক কেনেকৈ সমাধান কৰিম, সেইবাবে মই তাক সুধিলোঁ যে সি যিৰূচালেম যাব বিচাৰে নে যাতে তাৰ ন্যায় তাতে কৰা হয়। ২১ কিন্তু পৌলে যেতিয়া আগস্তৰ* নিৰ্ণয়ৰ কাৰণে বন্দীত থকাৰ বিষয়ে আপিল কৰিলে। তেতিয়া মই তাক সম্ৰাটৰ ওচৰলৈ নপঠোৱালৈকে বন্দী অৱস্থাতে ৰাখিবলৈ আদেশ দিলোঁ।”

২২ তেতিয়া আগ্ৰিপ্পই ফীষ্টক কʼলে, “মই নিজেই তাৰ মুখৰ পৰা শুনিব বিচাৰোঁ।” ফীষ্টে কʼলে, “আপুনি কালি তাৰ কথা শুনিব পাৰে।” ২৩ সেইবাবে, পাছ দিনাখন আগ্ৰিপ্প আৰু বৰ্ণীকীয়ে অতি গৌৰৱেৰে ৰাজদৰবাৰত আহিলে আৰু তেওঁলোকৰ লগত প্ৰধান সেনাপতি আৰু চহৰৰ জনপ্ৰিয় লোকসকলো আহিল। তাৰ পাছত ফীষ্টৰ আদেশৰ অনুসৰি পৌলক তালৈ লৈ অনা হʼল। ২৪ ফীষ্টে কʼলে, “হে ৰজা আগ্ৰিপ্প আৰু ইয়াত উপস্থিত থকা সকলো লোক, আপোনালোকে সেই মানুহজনক চাই আছে, যিজনৰ বিৰুদ্ধে গোটেই যিহূদী সমাজে যিৰূচালেমত আৰু ইয়াতো এই মানুহজনক হত্যা কৰা হওক আৰু ই জীয়াই থকাৰ যোগ্য নহয় বুলি চিঞৰি চিঞৰি মোলৈ মিনতি কৰিছে। ২৫ কিন্তু মই গʼম পালোঁ যে এই মানুহজনে মৃত্যুৰ শাস্তি পোৱাৰ নিচিনা এনে একো কাম কৰা নাই। সেইবাবে, যেতিয়া ই নিজেই আগস্তৰ ওচৰলৈ যাবলৈ আপিল কৰিলে, তেতিয়া মই ইয়াক তালৈ পঠাবলৈ নিৰ্ণয় লʼলোঁ। ২৬ কিন্তু এই মানুহজনৰ বিষয়ে মোৰ মালিকলৈ লিখিবলৈ এনে একো প্ৰমাণ নাই। সেইবাবে, মই এই মানুহজনক আপোনালোক সকলোৰে ওচৰত, বিশেষকৈ ৰজা আগ্ৰিপ্প আপোনাৰ ওচৰলৈ আনিছোঁ যাতে সোধ-বিচাৰ কৰাৰ পাছত ইয়াৰ বিষয়ে লিখিবলৈ মোৰ ওচৰত কিবা থাকে। ২৭ কাৰণ কৈদীজনক পঠোৱাৰ সময়ত তেওঁৰ বিৰুদ্ধে কোনো অভিযোগৰ বিষয়ে উল্লেখ নকৰাকৈ তেওঁক তালৈ পঠোৱাটো মোৰ উচিত লগা নাই।”

২৬ তাৰ পাছত আগ্ৰিপ্পই পৌলক কʼলে, “তুমি নিজৰ পক্ষে কʼবলৈ তোমাক অনুমতি দিয়া হৈছে।” তেতিয়া পৌলে হাত উঠালে আৰু নিজৰ পক্ষে কʼবলৈ ধৰিলে,

২ “হে ৰজা আগ্ৰিপ্প, যিহূদীসকলে মোৰ বিষয়ে যি অভিযোগ কৰিছে, সেই বিষয়ে আজি আপোনাৰ ওচৰত নিজৰ পক্ষে কʼবলৈ পাই মই বহুত আনন্দিত হৈছোঁ, ৩ বিশেষকৈ এই কাৰণে যে আপুনি যিহূদীসকলৰ সকলো ৰীতি, লগতে তেওঁলোকৰ বিবাদবোৰৰ বিষয়ে ভালদৰে জানে। সেইবাবে, মোৰ কথা ধৈৰ্যেৰে শুনিবলৈ মই আপোনাক মিনতি কৰিছোঁ।

৪ সঁচাকৈ, মই ডেকা কালৰে পৰা নিজৰ লোকসকলৰ মাজত আৰু যিৰূচালেমত থকাৰ সময়ত যিদৰে জীৱন-যাপন কৰিছিলোঁ, তাৰ বিষয়ে সেই সকলো যিহূদীয়ে ভালদৰে জানে, ৫ যিসকলে মোক আগৰে পৰা জানে। যদি তেওঁলোকে বিচাৰে, তেনেহʼলে এই কথাৰ সাক্ষ্য দিব পাৰে যে মই নিজৰ ধৰ্মৰ সকলো নিয়ম কঠোৰভাৱে পালন কৰিছিলোঁ আৰু এজন ফৰীচীৰ দৰে জীৱন-যাপন কৰিছিলোঁ। ৬ কিন্তু ঈশ্বৰে আমাৰ পূৰ্বপুৰুষৰ লগত কৰা প্ৰতিজ্ঞাৰ ওপৰত আশা ৰখাৰ কাৰণে এতিয়া মোৰ ওপৰত মোকৰ্দ্দমা চলোৱা হৈছে। ৭ এই প্ৰতিজ্ঞা পূৰ হোৱাটো চাবলৈ আশা কৰি আমাৰ ১২ গোষ্ঠীয়ে মনে-প্ৰাণে দিনে-ৰাতিয়ে ঈশ্বৰৰ পবিত্ৰ সেৱা কৰে। হে ৰজা, এই আশা ৰখাৰ কাৰণে যিহূদীসকলে মোক অভিযোগ কৰিছে।

৮ ঈশ্বৰে যে মৃতবিলাকক আকৌ জীয়াই তোলে, এই কথাৰ ওপৰত বিশ্বাস কৰিবলৈ আপোনালোকৰ কিয় কঠিন লাগিছে? ৯ নাচৰতীয়া যীচুৰ নামেৰে কঠোৰভাৱে বিৰোধ কৰাটো মোৰ কৰ্তব্য হয় বুলি এটা সময়ত ময়ো ভাবিছিলোঁ। ১০ আৰু মই যিৰূচালেমত এইদৰেই কৰিলোঁ। মই প্ৰধান পুৰোহিতসকলৰ পৰা অধিকাৰ লৈ বহুতো পবিত্ৰ ব্যক্তিক জেলত বন্দী কৰিলোঁ আৰু যেতিয়া তেওঁলোকক মৃত্যুৰ শাস্তি দিবলৈ নিৰ্ণয় লোৱা হৈছিল, তেতিয়া ময়ো সমৰ্থন কৰিছিলোঁ। ১১ মই প্ৰত্যেক সভাঘৰত গৈ তেওঁলোকক বহুবাৰ শাস্তি দিছিলোঁ যাতে তেওঁলোকে বাধ্যত পৰি নিজৰ বিশ্বাস এৰি দিয়ে। তেওঁলোকলৈ মোৰ ইমানেই খং উঠিছিল যে মই আন চহৰবোৰতো গৈ তেওঁলোকক অত্যাচাৰ কৰিবলৈ ধৰিলোঁ।

১২ এইদৰে যেতিয়া মই প্ৰধান পুৰোহিতসকলৰ পৰা অধিকাৰ আৰু আজ্ঞা পাবলৈ দম্মেচকলৈ গৈ আছিলোঁ, ১৩ তেতিয়া হে ৰজা, ভৰ দুপৰীয়া আকাশৰ পৰা পোহৰ জিলিকি উঠিল, যি সূৰ্যতকৈও উজ্জ্বল আছিল। সেই পোহৰ মোৰ আৰু মোৰ লগত যাত্ৰা কৰা লোকসকলৰ চাৰিওফালে জিলিকি উঠিল। ১৪ তেতিয়া আমি সকলোৱে মাটিত পৰি গʼলোঁ আৰু মই হিব্ৰু ভাষাত এই মাত শুনা পালোঁ, ‘চৌল, চৌল, তুমি কিয় মোৰ ওপৰত অত্যাচাৰ কৰি আছা? এইদৰে বিৰোধ কৰি* তুমি নিজৰ কাৰণে সমস্যাৰ সৃষ্টি কৰি আছা।’ ১৫ কিন্তু মই কʼলোঁ, ‘হে প্ৰভু আপুনি কোন?’ আৰু প্ৰভুৱে কʼলে, ‘মই যীচু হওঁ, যাৰ ওপৰত তুমি অত্যাচাৰ কৰি আছা। ১৬ কিন্তু এতিয়া উঠা আৰু তোমাৰ ভৰিত ভৰ দি থিয় হোৱা। মই তোমাক দৰ্শন দেখুৱাৰ কাৰণ হৈছে যেন তোমাক এজন সেৱক আৰু সাক্ষী নিযুক্ত কৰোঁ যাতে তুমি নিজৰ বিষয়ে যি দেখিলা আৰু যি মই তোমাক আগলৈ দেখুৱাম, তাৰ সাক্ষ্য দিয়া। ১৭ আৰু মই এই ৰাষ্ট্ৰ আৰু আন ৰাষ্ট্ৰৰ পৰা তোমাক সুৰক্ষা দিম, যিসকলৰ ওচৰলৈ মই তোমাক পঠাইছোঁ। ১৮ মই তোমাক পঠোৱাৰ কাৰণ হৈছে যাতে তুমি তেওঁলোকৰ চকু মুকলি কৰা আৰু তেওঁলোকক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ আনা আৰু চয়তানৰ অধিকাৰৰ পৰা এৰুৱাই ঈশ্বৰৰ অধিকাৰলৈ লৈ আনা আৰু তেওঁলোকে মোৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে যেন পাপৰ ক্ষমা পায় আৰু সেই লোকসকলৰ লগত উত্তৰাধিকাৰী পায়, যিসকলক পবিত্ৰ বুলি গণ্য কৰা হৈছে।’

১৯ সেইবাবে, হে ৰজা আগ্ৰিপ্প, যি আজ্ঞা মই স্বৰ্গৰ পৰা এই দৰ্শনত পালোঁ, মই সেয়া পালন কৰিলোঁ। ২০ মই প্ৰথমতে দম্মেচকৰ লোকসকলক, তাৰ পাছত যিৰূচালেমৰ লোকসকলক আৰু যিহূদিয়াৰ গোটেই এলেকাত, তাৰ পাছত আন ৰাষ্ট্ৰবোৰতো এই বাৰ্তা দিলোঁ যে তেওঁলোকে অনুতাপ কৰা উচিত আৰু অনুতাপৰ যোগ্য কাম কৰি ঈশ্বৰৰ ফালে ঘূৰি অহা উচিত। ২১ সেইবাবে, যিহূদীসকলে মোক মন্দিৰত ধৰিলে আৰু মোক হত্যা কৰিবলৈ চেষ্টা কৰিলে। ২২ কিন্তু ঈশ্বৰে মোক সহায় কৰি থাকিল। সেইবাবে, মই আজিলৈকে সৰু-ডাঙৰ সকলোকে সাক্ষ্য দি আহিছোঁ। আৰু ভৱিষ্যবক্তাসকলে আৰু মোচিয়ে আগতেই যিবোৰ কৈছিল, সেইবোৰৰ বাহিৰে মই একো নকওঁ। ২৩ অৰ্থাৎ এই যে খ্ৰীষ্টই দুখভোগ কৰিব আৰু মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলাজন তেৱেঁই প্ৰথম হʼব আৰু তেওঁ এই ৰাষ্ট্ৰ আৰু আন ৰাষ্ট্ৰক প্ৰচাৰ কৰিব আৰু পোহৰ দিব।”

২৪ পৌলে নিজৰ পক্ষে এই কথাবোৰ কৈ থাকোঁতেই ফীষ্টে জোৰেৰে কʼলে, “হে পৌল, তই পগলা হৈছ, বহুতো জ্ঞানে তোক পগলা কৰি দিছে!” ২৫ কিন্তু পৌলে কʼলে, “হে মহামহিম ফীষ্ট, মই পগলা হোৱা নাই। মই সঁচা কথা কৈছোঁ আৰু সুস্থ মনেৰে কৈ আছোঁ। ২৬ আচলতে যিজন ৰজাৰ আগত মই সাহসেৰে কৈ আছোঁ, তেওঁ নিজেও এই কথাবোৰৰ বিষয়ে ভালদৰে জানে। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এইবোৰৰ ভিতৰত এটাও কথা তেওঁৰ পৰা লুকাই থকা নাই। কিয়নো এই ঘটনাবোৰ কোনো এটা চুকত ঘটা নাই। ২৭ হে ৰজা আগ্ৰিপ্প, আপুনি ভৱিষ্যবক্তাসকলৰ কথাৰ ওপৰত বিশ্বাস কৰে নে? মই জানোঁ আপুনি বিশ্বাস কৰে।” ২৮ কিন্তু আগ্ৰিপ্পই পৌলক কʼলে, “অলপ সময়তেই তুমি নিজৰ কথাৰে মই খ্ৰীষ্টান হʼবলৈ মোৰ মন সলনি কৰি দিবা।” ২৯ তেতিয়া পৌলে কʼলে, “কেৱল আপুনিয়েই নহয়, আজি যিমান লোকে মোৰ কথা শুনি আছে, সেই লোকসকলে অলপ সময়তেই হওক বা বেছি সময়তেই হওক, শিকলিৰ বন্ধনত নাথাকি মোৰ দৰে হোৱাটোৱেই ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা।”

৩০ তেতিয়া ৰজা আগ্ৰিপ্প উঠিলে আৰু তেওঁৰ লগত ৰাজ্যপাল বৰ্ণীকী আৰু তেওঁলোকৰ লগত বহা মানুহবিলাক উঠি থিয় হʼল। ৩১ কিন্তু গৈ থাকোঁতে তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, “এই মানুহজনে এনে একো কাম কৰা নাই, যাৰ কাৰণে ইয়াক মৃত্যুৰ শাস্তি দিয়া হয় বা জেলত বন্দী কৰা হয়।” ৩২ তেতিয়া আগ্ৰিপ্পই ফীষ্টক কʼলে, “এই মানুহজনে সম্ৰাটক আপিল নকৰা হʼলে ইয়াক মুকলি কৰি দিব পৰা গʼলহেঁতেন।”

২৭ যেতিয়া নিৰ্ণয় লোৱা হৈছিল যে আমি জাহাজেৰে ইটালীলৈ যাম, তেতিয়া পৌল আৰু আন কয়দীসকলক আগস্তৰ* সৈন্য দলৰ সেনাপতি যুলিয়ৰ হাতত গতাই দিলে। ২ তাৰ পাছত আমি আদ্ৰামুত্তীয়ৰ এখন জাহাজত উঠিলোঁ, যি এচিয়া প্ৰদেশৰ কাষৰ জাহাজঘাটেদি হৈ যাবলগীয়া আছিল আৰু আমি তাৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ। থিচলনীকীত থকা মাকিদনিয়াৰ আৰিষ্টাৰ্খও আমাৰ লগত আছিল। ৩ পাছ দিনাখন আমি চীদোনত লংগৰ পেলালোঁ আৰু যুলিয়ই পৌলৰ ওপৰত কৃপা কৰিলে* আৰু পৌলক নিজৰ বন্ধুসকলৰ তাত যাবলৈ অনুমতি দিলে যাতে তেওঁৰ বন্ধুসকলে তেওঁক সহায় কৰিব পাৰে।

৪ তাৰ পৰা লংগৰ উঠাই আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু কুপ্ৰ দ্বীপৰ কাষেদি হৈ গʼলোঁ, কিয়নো বতাহ বিপৰীত দিশৰ পৰা বলিছিল। ৫ আমি সমুদ্ৰত কিলিকিয়া আৰু পাম্ফুলিয়া হৈ লুকিয়াৰ মুৰা জাহাজঘাটত নামিলোঁ। ৬ তাত সেনাপতিজনে আলেকজেন্দ্ৰিয়াৰ এখন জাহাজ দেখিলে, যিখন ইটালীলৈ যাবলগীয়া আছিল আৰু তেওঁ আমাক তাত উঠাই দিলে। ৭ তাৰ পাছত বহু দিনলৈকে লাহে লাহে আমি যেনে-তেনে ক্লীদ দ্বীপ পালোঁহি। বতাহ বলাৰ কাৰণে আমি আগবাঢ়ি যাব পৰা নাছিলোঁ, সেইবাবে আমি চলমোনীৰ ওচৰেদি হৈ ক্ৰীতী দ্বীপৰ কাষেদি হৈ গʼলোঁ। ৮ আৰু কাষেদি হৈ বহুত কষ্টেৰে আমি সেই ঠাই গৈ পালোঁ, যাক ‘সুন্দৰ জাহাজঘাট’ বুলি কোৱা হয়, যʼৰ পৰা লাচেয়া চহৰ ওচৰতে আছিল।

৯ বহুত দিন পাৰ হৈ গʼল, আনকি প্ৰায়শ্চিত্তৰ দিনৰ লঘোন দিয়াৰ* সময়ো পাৰ হৈ গʼল আৰু সমুদ্ৰত যাত্ৰা কৰাটো এতিয়া বিপদজনক আছিল। সেইবাবে, পৌলে তেওঁলোকক এই পৰামৰ্শ দিলে, ১০ “বন্ধুসকল, মই দেখা পাইছোঁ যে এতিয়া জাহাজখন আগবঢ়াই লৈ যোৱাটো ভাল নহʼব, নহʼলে মাল বস্তু বা জাহাজৰ কেৱল ক্ষতি হʼব এনে নহয়, কিন্তু আমাৰ জীৱনো বিপদত পৰিব।” ১১ কিন্তু সেনাপতিজনে পৌলৰ কথা শুনাৰ পৰিৱৰ্তে জাহাজৰ প্ৰধান নাৱিক আৰু মালিকৰ কথা শুনিলে। ১২ জাৰকালিত সেই জাহাজঘাটত থকাটো সুবিধাজনক নাছিল, সেইবাবে বেছি ভাগ লোকে ইয়াৰ পৰা আগবাঢ়ি গৈ কোনোমতে ফৈনীকত গৈ তাত জাৰকালি কটাম বুলি কʼলে। ফৈনীক, ক্ৰীতীৰ এনে এটা জাহাজঘাট হয়, যাৰ উত্তৰ-পূব আৰু দক্ষিণ-পূব দুয়োফালৰ পৰা জাহাজ আহি ৰৈছিল।

১৩ যেতিয়া দক্ষিণৰ বতাহ অলপ অলপকৈ বলি আছিল, তেতিয়া তেওঁলোকে ভাবিলে যে যিদৰে তেওঁলোকে ভাবিছিল সেইদৰেই হʼব। তেওঁলোকে লংগৰ উঠালে আৰু ক্ৰীতীৰ কাষেদি হৈ জাহাজখন আগবঢ়াই লৈ গʼল। ১৪ কিন্তু কিছু সময়ৰ পাছত উত্তৰ-পূবৰ পৰা এটা ডাঙৰ ধুমুহা বতাহ বলিল, যাক উৰাকুলো বুলি কোৱা হয়। ১৫ জাহাজখন ধুমুহাৰ কবলত পৰিলে আৰু বতাহৰ কাৰণে জাহাজখন আগবাঢ়ি যাব নোৱাৰিলে। আমি একো কৰিব নোৱাৰাৰ কাৰণে বতাহৰ গতিত জাহাজখন যাবলৈ দিলোঁ। ১৬ তেতিয়া আমি বৈ গৈ কৌদা নামৰ এটা সৰু দ্বীপৰ কাষত আহি পালোঁ, তাৰ পাছত আমি বহুত কষ্টেৰে জাহাজৰ পিছফালে লাগি থকা সৰু নাওখন* নিয়ন্ত্ৰণ কৰিব পাৰিলোঁ। ১৭ কিন্তু সৰু নাওখন ওপৰলৈ তুলি অনাৰ পাছত নাৱিকসকলে জাহাজখন ওপৰৰ পৰা তললৈকে ৰছীৰে বান্ধি দিলে আৰু জাহাজখন চুৰ্ত্তিত* লাগি যাব বুলি ভয়ত তেওঁলোকে পাল নমাই দিলে আৰু জাহাজখন বৈ যাবলৈ দিলে। ১৮ ধুমুহাৰ কাৰণে জাহাজখন বেয়াকৈ টুলুং-ভুটুং হৈছিল, সেইবাবে পাছ দিনাখন নাৱিকে জাহাজৰ ওজন কম কৰিবলৈ মাল বস্তুবোৰ সমুদ্ৰত পেলাই দিলে। ১৯ তৃতীয় দিনাখন তেওঁলোকে নিজৰ হাতেৰে পাল উঠোৱা ৰছীবোৰ সমুদ্ৰত পেলাই দিলে।

২০ বহু দিনলৈকে সূৰ্য ওলোৱা নাছিল, তৰা দেখিবলৈ পোৱা নগৈছিল আৰু এই ডাঙৰ ধুমুহাও কমি যোৱা নাছিল। আমি ৰক্ষা পোৱাৰ কোনো আশা দেখা পোৱা নাছিলোঁ। ২১ বহু দিনলৈকে কোনেও একো খোৱা নাছিল। পৌলে তেওঁলোকৰ মাজত থিয় হৈ কʼলে, “বন্ধুসকল, তোমালোকে মোৰ কথা মানিব লাগিছিল আৰু ক্ৰীতীৰ পৰা আগলৈ যাত্ৰা কৰা উচিত নাছিল, তেতিয়া তোমালোকৰ এই ক্ষতি আৰু বিপদ নহ’লহেঁতেন। ২২ কিন্তু এতিয়াও মই তোমালোকক অনুৰোধ কৰিছোঁ যে ভয় নকৰিবা, কিয়নো তোমাৰ মাজৰ এজনৰো মৃত্যু নহʼব, কেৱল জাহাজৰ ক্ষতি হʼব। ২৩ কিয়নো মই যিজন ঈশ্বৰৰ সেৱক হওঁ আৰু যিজনৰ পবিত্ৰ সেৱা কৰোঁ, তেওঁৰ এজন স্বৰ্গদূত ৰাতি মোৰ ওচৰলৈ আহিছিল। ২৪ আৰু তেওঁ মোক কʼলে, ‘পৌল, ভয় নকৰিবা। তুমি সম্ৰাটৰ আগত নিশ্চয় থিয় হʼবা আৰু চোৱা, ঈশ্বৰে তোমাৰ কাৰণে সেই সকলোৰে জীৱন বচাব, যিসকলে তোমাৰ লগত যাত্ৰা কৰিছে।’ ২৫ সেইবাবে, লোকসকল ভয় নকৰিবা, কিয়নো মই ঈশ্বৰৰ ওপৰত বিশ্বাস কৰোঁ যে যিদৰে মোক কোৱা হʼল, ঠিক সেইদৰেই হʼব। ২৬ কিন্তু আমাৰ জাহাজখন এটা দ্বীপৰ কাষত গৈ ভাঙি যাব।”

২৭ এইদৰে জাহাজখন ১৪ দিন ধৰি আন্দ্ৰিয় সমুদ্ৰত টুলুং-ভুটুং কৰাৰ পাছত মাজৰাতি নাৱিকসকলে ভাবিলে যে তেওঁলোকে কোনো বামৰ ওচৰত পালেহি। ২৮ আৰু যেতিয়া তেওঁলোকে পানীৰ গভীৰতা জুখিলে, তেতিয়া তেওঁলোকে প্ৰায় ১২০ ফুট* গভীৰ পালে আৰু অলপ দূৰ গৈ জোখাৰ পাছত প্ৰায় ৯০ ফুট* গভীৰ পালে। ২৯ আৰু কোনো শিলাত লাগিব বুলি ভয় কৰি তেওঁলোকে জাহাজৰ পিছফালৰ পৰা চাৰিটা লংগৰ পেলালে আৰু পোহৰ হোৱালৈ অপেক্ষা কৰিবলৈ ধৰিলে। ৩০ কিন্তু যেতিয়া নাৱিকসকলে জাহাজৰ পৰা ওলাই পলাবলৈ আগফালৰ পৰা লংগৰ পেলোৱাৰ ছলেৰে সৰু নাওখন সমুদ্ৰত পেলালে, ৩১ তেতিয়া পৌলে সেনাপতি আৰু সৈনিকসকলক কʼলে, “যদি এই মানুহবিলাক জাহাজত নাথাকে, তেনেহʼলে আপোনালোকেও ৰক্ষা নপৰিব।” ৩২ তেতিয়া সৈনিকসকলে সৰু নাওখনৰ ৰছীবোৰ কাটি দিলে আৰু সেয়া সমুদ্ৰত পৰি যাবলৈ দিলে।

৩৩ যেতিয়া পোহৰ হʼবলগীয়া আছিল, তেতিয়া পৌলে তেওঁলোকক কিবা খাবলৈ অনুৰোধ কৰিবলৈ ধৰিলে। তেওঁ কʼলে, “তোমালোকে অপেক্ষা কৰি কৰি আজি ১৪ দিন হৈ গʼল আৰু ইমান দিনৰ পৰা তোমালোকে একো খোৱা নাই। ৩৪ সেইবাবে, মোৰ কথা শুনা আৰু কিবা খাই লোৱা, মই তোমালোকৰ ভালৰ কাৰণে কৈ আছোঁ, কিয়নো তোমালোকৰ মাজৰ এজনৰো মূৰৰ এডাল চুলিও নষ্ট নহʼব।” ৩৫ এইদৰে কোৱাৰ পাছত তেওঁ সকলোৰে আগত এখন ৰুটি লৈ ঈশ্বৰলৈ ধন্যবাদ দি, সেয়া ভাঙি খাবলৈ ধৰিলে। ৩৬ তেতিয়া সেই সকলোৱে সাহস পালে আৰু তেওঁলোকেও খাবলৈ ধৰিলে। ৩৭ জাহাজত আমি ২৭৬ জন লোক আছিলোঁ। ৩৮ যেতিয়া তেওঁলোকে পেট ভৰাই খালে, তেতিয়া তেওঁলোকে জাহাজৰ ওজন কম কৰিবলৈ ঘেঁহুবোৰ সমুদ্ৰত পেলাবলৈ ধৰিলে।

৩৯ যেতিয়া পোহৰ হʼল, তেতিয়া তেওঁলোকে সেই ঠাই চিনি নাপালে, কিন্তু তেওঁলোকে এটা বালিময় সমুদ্ৰৰ পাৰ দেখা পালে। তেওঁলোকে কোনোমতে জাহাজখন পাৰলৈ লৈ যাবলৈ থিৰাং কৰিলে। ৪০ সেইবাবে, তেওঁলোকে লংগৰৰ ৰছীবোৰ কাটি সমুদ্ৰত পেলাই দিলে আৰু জাহাজৰ গুৰি-বʼঠাৰ বান্ধোন ঢিলা কৰি দিলে আৰু বতাহৰ দিশৰ ফালে জাহাজৰ আগফালৰ পাল উঠাই পাৰলৈ আগবাঢ়ি গʼল। ৪১ দুয়োখন সমুদ্ৰৰ ঢৌৰে খুন্দা খাই জমা হোৱা বালিত তেওঁলোকৰ জাহাজখন ৰৈ গʼল। জাহাজখন বালিত লাগি ধৰিল আৰু তাৰ আগ অংশটো বালিত সোমাই গʼল আৰু লৰচৰ হʼব নোৱাৰিলে, কিন্তু জাহাজৰ পিছফালৰ অংশটো ঢৌৰ খুন্দাত বেয়াকৈ ভাঙিবলৈ ধৰিলে। ৪২ এয়া দেখি সৈনিকসকলে নিৰ্ণয় লʼলে যে তেওঁলোকে কয়দীসকলক হত্যা কৰিব যাতে কোনেও সাঁতুৰি পলাই যাব নোৱাৰে। ৪৩ কিন্তু সেনাপতিজনে পৌলক বচোৱাৰ উদ্দেশ্যেৰে তেওঁলোকক এইদৰে কৰিবলৈ বাধা দিলে, তেওঁ আদেশ দিলে যে যিসকলে সাঁতুৰিব জানে তেওঁলোকে যেন আগেয়ে জাপ মাৰি সাঁতুৰি পাৰলৈ যায়। ৪৪ আৰু বাকী লোকসকলে জাহাজৰ তক্তা আৰু আন বস্তুবোৰৰ সহায়ত যেন পাৰলৈ যায়। এইদৰে সকলোৱে সুৰক্ষিতভাৱে পাৰত পালেগৈ।

২৮ যেতিয়া আমি সুৰক্ষিতভাৱে পাৰলৈ আহি পালোঁ, তেতিয়া আমি গʼম পালোঁ যে সেই দ্বীপৰ নাম মিলিতা হয়। ২ সেই দ্বীপৰ লোকসকলে* আমাৰ ওপৰত বহুত কৃপা* কৰিলে আৰু আমাক বহুত সহায় কৰিলে, তেওঁলোকে আমাৰ কাৰণে জুই জ্বলালে, কিয়নো বৰষুণ দি আছিল আৰু বহুত ঠাণ্ডা আছিল। ৩ পৌলে যেতিয়া এমুঠি খৰি গোটাই জুইত দিলে, তেতিয়া জুইৰ তাপ পাই সেই মুঠিৰ পৰা এটা বিষাক্ত সাপ ওলালে আৰু পৌলৰ হাতত মেৰিয়াই ধৰিলে। ৪ যেতিয়া দ্বীপৰ লোকসকলে দেখিলে যে এটা বিষাক্ত সাপ তেওঁৰ হাতত ওলমি আছে, তেতিয়া তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, “এই মানুহজন নিশ্চয় এজন হত্যাকাৰী হয়। ই সমুদ্ৰৰ পৰা বাচি গʼল, কিন্তু ন্যায়ে* ইয়াক বাচি থাকিবলৈ অনুমতি দিয়া নাই।” ৫ পৌলে হাতখন জোকাৰি সাপটো জুইত পেলাই দিলে। কিন্তু পৌলৰ একো নহʼল। ৬ তথাপিও লোকসকলে আশা কৰি আছিল যে পৌলৰ শৰীৰ ফুলি যাব বা তেওঁ হঠাতে পৰি মৰি যাব। তেওঁলোকে বহু সময়লৈকে অপেক্ষা কৰিলে আৰু যেতিয়া তেওঁলোকে দেখিলে যে তেওঁৰ লগত একো বেয়া নঘটিল, তেতিয়া তেওঁলোকে নিজৰ মত সলনি কৰি কʼবলৈ ধৰিলে এইজন নিশ্চয় কোনো দেৱতা হয়।

৭ সেই ঠাইৰ ওচৰতে দ্বীপটোৰ প্ৰধান পুব্লিয়ৰ মাটি আছিল। তেওঁ আমাক প্ৰেমেৰে আদৰণি জনালে আৰু তিনি দিনলৈকে আমাক আলহী কৰি ৰাখিলে। ৮ পুব্লিয়ৰ দেউতা বেমাৰ হোৱাৰ কাৰণে বিছনাত শুই আছিল, তেওঁৰ জ্বৰ হৈছিল আৰু গ্ৰহণী ৰোগ* হৈছিল। পৌলে তেওঁৰ ওচৰলৈ গʼল আৰু প্ৰাৰ্থনা কৰিলে, তেওঁৰ ওপৰত হাত থʼলে আৰু তেওঁক সুস্থ কৰিলে। ৯ যেতিয়া এইদৰে হʼল, তেতিয়া দ্বীপৰ আন বেমাৰী লোকসকলেও পৌলৰ ওচৰলৈ আহিবলৈ ধৰিলে আৰু সুস্থ হʼল। ১০ তাৰ পাছত তেওঁলোকে আমাক বহুতো উপহাৰ দি কৃতজ্ঞতা দেখুৱালে আৰু যেতিয়া আমি জাহাজত উঠি যাবলৈ ধৰিছিলোঁ, তেতিয়া তেওঁলোকে আমাক প্ৰয়োজনীয় বহুতো বস্তু দিলে।

১১ তিনি মাহৰ পাছত আমি আলেকজেন্দ্ৰিয়াৰ এখন জাহাজেৰে যাত্ৰা আৰম্ভ কৰিলোঁ, সেই জাহাজখন গোটেই জাৰকালি সেই দ্বীপতে ৰখিছিল। সেই জাহাজৰ আগফালে, “জীউচৰ যঁজা লʼৰাৰ” চিন বনোৱা আছিল। ১২ তাৰ পাছত আমি চুৰাকূচৰ জাহাজঘাটত লংগৰ পেলাই তিনি দিন তাতে থাকিলোঁ। ১৩ তাৰ পৰা যাত্ৰা আৰম্ভ কৰি আমি ৰীগিয় পালোঁগৈ, এদিনৰ পাছত দক্ষিণৰ বতাহ বলিলে আৰু আমি পাছ দিনাখন পুতিয়লী পালোঁগৈ। ১৪ ইয়াত আমি ভাইসকলক লগ পালোঁ আৰু তেওঁলোকে আমাক তেওঁলোকৰ তাত সাত দিন থাকিবলৈ মিনতি কৰিলে। ইয়াৰ পাছত আমি ৰোমলৈ যাবলৈ ওলাই গʼলোঁ। ১৫ আমি আহিছোঁ বুলি যেতিয়া ভাইসকলে খবৰ পালে, তেতিয়া তেওঁলোকে আমাক লগ কৰিবলৈ অপ্পিয় বজাৰ আৰু তিনিটা আলহী ঘৰলৈকে আহিলে। ভাইসকলক দেখি পৌলে ঈশ্বৰক ধন্যবাদ দিলে আৰু সাহস পালে। ১৬ অৱশেষত যেতিয়া আমি ৰোমত আহি পালোঁ, তেতিয়া পৌলে অকলে থাকিবলৈ অনুমতি পালে আৰু তেওঁক পহৰা দিবলৈ এজন সৈনিকক নিযুক্ত কৰা হʼল।

১৭ তিনি দিনৰ পাছত তেওঁ যিহূদীসকলৰ প্ৰধান মানুহবিলাকক নিজৰ তাত মাতিলে। যেতিয়া তেওঁলোকে একগোট হʼল, তেতিয়া তেওঁ তেওঁলোকক কʼবলৈ ধৰিলে, “ভাইসকল, মই নিজৰ লোকসকল বা নিজৰ পূৰ্বপুৰুষসকলৰ ৰীতিৰ বিৰুদ্ধে একো কৰা নাই। তথাপিও মোক যিৰূচালেমত কয়দী হিচাপে ৰোমানসকলৰ হাতত গতাই দিয়া হʼল। ১৮ তেওঁলোকে বিষয়টো চালি-জাৰি চোৱাৰ পাছত মোক এৰি দিব বিচাৰিছিল, কিয়নো মোক মৃত্যুৰ শাস্তি দিবলৈ তেওঁলোকে মোৰ বিৰুদ্ধে একো প্ৰমাণ নাপালে। ১৯ কিন্তু যেতিয়া যিহূদীসকলে আপত্তি কৰিলে, তেতিয়া মই সম্ৰাটক আপিল কৰিবলৈ বাধ্য হʼলোঁ, কিন্তু মই নিজৰ জাতিক কোনো দোষ দিয়াৰ মোৰ উদ্দেশ্য নাছিল। ২০ সেইবাবে, মই আপোনালোকক মাতিবলৈ আৰু আপোনালোকৰ লগত কথা পাতিবলৈ মিনতি কৰিলোঁ, কিয়নো ইস্ৰায়েলৰ যি আশা আছিল, সেই আশাৰ কাৰণে মই এই শিকলিৰ বান্ধোনত আছোঁ।” ২১ তেওঁলোকে পৌলক কʼলে, “আমি তোমাৰ বিষয়ে যিহূদিয়াৰ পৰা চিঠিও পোৱা নাই আৰু তাৰ পৰা অহা কোনো যিহূদী ভায়ে তোমাৰ বিষয়ে খবৰ দিয়া নাই বা একো বেয়াও কোৱা নাই। ২২ কিন্তু তোমাৰ মত কি এয়া আমি তোমাৰ পৰাই শুনাটো সঠিক বুলি ভাবোঁ, কাৰণ আমি জানোঁ যে সকলো ঠাইত লোকসকলে এই গোটৰ বিৰুদ্ধে কথা পাতে।”

২৩ তেওঁলোকে তেওঁৰ লগত এটা দিন ঠিক কৰিলে আৰু তেওঁ থকা ঠাইত তেওঁলোকে একগোট হʼল। পৌলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ভালদৰে সাক্ষ্য দি থাকিল আৰু বুজাই থাকিল। তেওঁ মোচিৰ নিয়ম আৰু ভৱিষ্যবক্তাসকলৰ কিতাপৰ পৰা যীচুৰ বিষয়ে যুক্তি দি তেওঁলোকৰ বিশ্বাস জন্মাই থাকিল। ২৪ তেওঁলোকৰ মাজৰ কিছুমান লোকে তেওঁৰ কথাৰ ওপৰত বিশ্বাস কৰিলে, কিন্তু কিছুমানে নকৰিলে। ২৫ তেওঁলোকৰ মাজত একমত নহʼল, সেইবাবে তেওঁলোকে তাৰ পৰা যাবলৈ ধৰিলে, তেতিয়া পৌলে তেওঁলোকক আৰু এটা কথা কʼলে,

“পবিত্ৰ শক্তিয়ে ভৱিষ্যবক্তা যিচয়াৰ যোগেদি তোমালোকৰ পূৰ্বপুৰুষসকলৰ বিষয়ে ঠিকেই কৈছিল, ২৬ ‘এই লোকসকলৰ ওচৰলৈ গৈ কোৱা, “তোমালোকে শুনোঁতে শুনিবা, কিন্তু বুজি নাপাবা আৰু চাওঁতে চাবা, কিন্তু অলপো দেখা নাপাবা। ২৭ কিয়নো এই লোকসকলৰ হৃদয় শিলৰ দৰে টান হৈ পৰিছে। তেওঁলোকে শুনোঁতে শুনে, কিন্তু পালন নকৰে। তেওঁলোকে নিজৰ চকু আৰু কাণ বন্ধ কৰি লৈছে যাতে তেওঁলোকে যেন একো দেখা বা শুনা নাপায় আৰু কেতিয়াও ইয়াৰ অৰ্থ বুজি নাপায়। সেইবাবে, তেওঁলোকে মোৰ ওচৰলৈ উভতি নাহে আৰু মই তেওঁলোকক সুস্থ নকৰোঁ।”’ ২৮ সেইবাবে, তোমালোকে জানি লোৱা যে ঈশ্বৰৰ ফালৰ পৰা পোৱা এই উদ্ধাৰৰ বাৰ্তা যিহূদী নোহোৱা লোকসকলৰ ওচৰলৈ পঠোৱা হৈছে আৰু তেওঁলোকে ইয়াক নিশ্চয় শুনিব।” ২৯* —

৩০ পৌলে দুবছৰলৈকে ভাড়া ঘৰত থাকিল আৰু যিমান লোকসকলে তেওঁৰ তালৈ আহিছিল পৌলে তেওঁলোকক প্ৰেমেৰে আদৰণি জনাইছিল। ৩১ পৌলে তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিছিল আৰু প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ে সাহসেৰে কোনো বাধা নোহোৱাকৈ শিকাই থাকিল।

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

বা “সম্পূৰ্ণৰূপে পানীত ডুবাইছিল।”

অৰ্থাৎ নিৰ্ধাৰিত কৰা দিন।

বা “চুকে-কোণে।”

আক্ষ., “বিশ্ৰাম-বাৰৰ দূৰত আছিল।”

বা “ভিৰৰ।”

অতি. ক৫ চাওক।

শব্দকোষ চাওক।

বা “মিঠা।”

অৰ্থাৎ ৰাতিপুৱা প্ৰায় ৯ বজাত।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

বা “উদ্দেশ্য।”

বা হয়তো, “ৰছী।”

অতি. ক৫ চাওক।

বা “নিজৰ চকুৰ ওচৰত।”

আক্ষ., “মোৰ শৰীৰৰ।”

বা “হেডীজ।” শব্দকোষ চাওক।

অতি. ক৫ চাওক।

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”

অতি. ক৫ চাওক।

প্ৰায় একে সময়তে জন্ম হোৱা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।

অতি. ক৫ চাওক।

অৰ্থাৎ আবেলি প্ৰায় ৩ বজাত।

আক্ষ., “দয়াৰ দান।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

বা “যীচুৰ উদাহৰণ দি মৃতবিলাক জীয়াই উঠাৰ বিষয়ে ঘোষণা কৰি আছিল।”

বা “গ্ৰেপ্তাৰ।”

আক্ষ., “লেখক।” শব্দকোষ চাওক।

বা “আটাইতকৈ গুৰুত্বপূৰ্ণ শিল হʼল।”

বা “অশিক্ষিত।” আচলতে তেওঁলোক অশিক্ষিত নাছিল, কিন্তু তেওঁলোকে কেতিয়াও ৰব্বিসকলৰ স্কুলত পঢ়া নাছিল।

অতি. ক৫ চাওক।

বা “তেওঁৰ খ্ৰীষ্টৰ।”

অতি. ক৫ চাওক।

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

অতি. ক৫ চাওক।

বা “গ্ৰেপ্তাৰ কৰিলে।”

অতি. ক৫ চাওক।

বা “এই জীৱনৰ।”

বা “ৰজা হিচাপে ঈশ্বৰৰ।”

বা “গছত।”

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

আক্ষ., “লেখক।” শব্দকোষ চাওক।

বা “বেয়া ব্যৱহাৰ কৰিব।”

বা হয়তো, “সেইদৰেই যাকোবৰ চুন্নৎ কৰা হʼল।”

বা “কুলপিতৃ।”

বা “শস্য।”

বা “ঈশ্বৰৰ দৃষ্টিত ধুনীয়া।”

বা “গাখীৰ খোৱালে।”

বা “অৱস্থা চাবলৈ।”

বা “তেওঁ নিৰ্ণয় লʼলে।”

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

বা “চূফ সাগৰত।”

অতি. ক৫ চাওক।

শব্দকোষত “ৰোৱাষ্‌; নিওমা” চাওক।

অতি. ক৫ চাওক।

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

বা হয়তো, “এখন চহৰ।”

অৰ্থাৎ গোটেই শৰীৰ বা শৰীৰৰ কোনো এটা অংগ লৰচৰ কৰিব নোৱাৰা লোক।

অতি. ক৫ চাওক।

আক্ষ., “তুমি তিতা পিত্তৰ দৰে হোৱা।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

বা “ৰাজকৰ্মচাৰীক।”

বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”

অতি. ক৩ চাওক।

অতি. ক৫ চাওক।

বা “বান্ধি।”

আক্ষ., “বান্ধি লয়; জেলত বন্দী কৰি দিয়ে।”

বা “সেইজন মোৰ মনোনীত ব্যক্তি হয়।”

বা “সম্পূৰ্ণৰূপে পানীত ডুবালে।”

আক্ষ., “তেওঁলোকক বান্ধি।”

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

অতি. ক৫ চাওক।

অৰ্থাৎ গোটেই শৰীৰ বা শৰীৰৰ কোনো এটা অংগ লৰচৰ কৰিব নোৱাৰা বেমাৰ।

গ্ৰীক নাম দৰ্কা আৰু অৰামীয়া নাম টাবিথা। এই দুয়োটা নামৰ অৰ্থ হৈছে, “হৰিণী।”

৬০০ জন সৈন্যেৰে গঠিত ৰোমান বাহিনী।

সেই সেনাপতিজনৰ অধীনত ১০০ জন সৈন্য থাকে।

অৰ্থাৎ আবেলি প্ৰায় ৩ বজাত।

অৰ্থাৎ দুপৰীয়া প্ৰায় ১২ বজাত।

আক্ষ., “এক প্ৰকাৰৰ পাত্ৰ।”

আক্ষ., “চাৰিঠেঙীয়া প্ৰাণী।”

আক্ষ., “পাত্ৰ।”

বা “মূৰ দোৱাই।”

অৰ্থাৎ আবেলি প্ৰায় ৩ বজাত।

অতি. ক৫ চাওক।

আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।

বা “গছত।”

বা “বিশ্বাসী লোক।”

বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

বা “কাজিয়া কৰিবলৈ।”

আক্ষ., “এক প্ৰকাৰৰ পাত্ৰ।”

বা “চাৰিঠেঙীয়া প্ৰাণী।”

বা “ঈশ্বৰৰ ৰাস্তাত বাধা হৈ থিয় হোৱাজন।”

বা “আৰু আপত্তি নকৰিলে।”

অতি. ক৫ চাওক।

বা “মোকৰ্দ্দমাৰ কাৰণে বাহিৰলৈ।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

আক্ষ., “তেওঁ তাৰ স্বৰ্গদূত।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

বা “উপবাস।”

অৰ্থাৎ যোহন মাৰ্ক।

বা “তেওঁলোকৰ সহায়ক আছিল।”

শব্দকোষ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অৰ্থাৎ যোহন মাৰ্ক।

বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

আক্ষ., “বীজ।”

বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”

বা “গছৰ পৰা।”

বা “স্মৰণীয় কবৰত।”

বা “ঈশ্বৰৰ ইচ্ছা পূৰ কৰিলে।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

বা “ফুলৰ কিৰীটি।”

বা “উপবাস।”

অতি. ক৫ চাওক।

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

বা “বহু তৰ্ক-বিতৰ্ক।”

বা “পিতৰে।”

বা “তম্বু; পঁজা।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

বা “মোৰ মন্তব্য।”

গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

বা “এনে জন্তুৰ মাংস, যাৰ তেজ ভালদৰে উলিয়াই দিয়া নহয়।”

বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।

বা “বিদায়।”

অতি. ক৩ চাওক।

অতি. ক৫ চাওক।

বা হয়তো, “যিকোনো পৰিস্থিতিত।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

বা “মাজেদি।”

বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।

অতি. ক৫ চাওক।

বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

বা “তেওঁলোকে কোনো মোকৰ্দ্দমা নকৰাকৈ।”

বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।

গ্ৰীক ভাষাত “কৈচৰ।”

বা “তালৈ অহা।”

বা “ধাৰ্মিক।”

বা “গেৰাণ্টি দিবলৈ।”

বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।

বা “তেওঁলোকক যুক্তি দি বুজাইছিল।”

অৰ্থাৎ সভাঘৰ।

বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”

শব্দকোষ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

বা “মৌখিকভাৱে শিকোৱা হৈছিল।”

বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”

অতি. ক৫ চাওক।

বা “বেকিং পাউদাৰ।”

আক্ষ., “ৰুটি ভাঙিলে।”

বা “জাহাজঘাটৰ ফালে।”

বা “হৃদয়।”

অতি. ক৫ চাওক।

বা “এনে জন্তুৰ মাংস, যাৰ তেজ ভালদৰে উলিয়াই দিয়া নহয়।”

গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”

বা “মোকৰ্দ্দমা নকৰাকৈ।”

বা “বগাকৈ লিপা গড়।”

আক্ষ., “লেখক।” শব্দকোষ চাওক।

অৰ্থাৎ ৰাতি প্ৰায় ৯ বজাত।

আক্ষ., “মহামাৰী।”

অতি. ক৩ চাওক।

বা “নিষ্কলংক।”

গ্ৰীক ভাষাত “কৈচৰ।”

বা “নিজৰ ধৰ্মক লৈ।”

ই এটা ৰোমান সম্ৰাটৰ উপাধি, কোনো ব্যক্তিৰ নাম নহয়।

আক্ষ., “জোঙত গোৰ বা লাথ মাৰি।”

ই এটা ৰোমান সম্ৰাটৰ উপাধি, কোনো ব্যক্তিৰ নাম নহয়।

বা “পৌলৰ প্ৰতি মানৱতা দেখুৱালে।”

বা “উপবাসৰ।”

যেতিয়া সমুদ্ৰত কোনো ডাঙৰ সমস্যা দেখা পোৱা যায়, তেতিয়া সেই সৰু নাওখন, লোকসকলক বচাবলৈ ব্যৱহাৰ কৰা হয়।

শব্দকোষ চাওক।

প্ৰায় ৩৬ মিটাৰ।

প্ৰায় ২৭ মিটাৰ।

বা “বেলেগ ভাষা কোৱা লোকসকলে।”

বা “মানৱতাৰ কাৰণে।”

গ্ৰীক ভাষাত ডাইকি। এই শব্দটো হয়তো প্ৰতিশোধ লৈ ন্যায় কৰা দেৱীক বুজোৱা হৈছে বা হয়তো ইয়াত ন্যায় গুণৰ বিষয়ে কোৱা হৈছে।

বা “ডিচেনটেৰি।”

অতি. ক৩ চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক