কৰিন্থীয়াসকললৈ প্ৰথম চিঠি
১ মই পৌল, যিজনক ঈশ্বৰৰ ইচ্ছাৰে খ্ৰীষ্ট যীচুৰ পাঁচনি* হʼবলৈ নিমন্ত্ৰণ কৰা হৈছে। আমাৰ ভাই চোস্থিনিৰ লগত ২ এই চিঠি ঈশ্বৰৰ সেই মণ্ডলীলৈ লিখি আছোঁ, যি কৰিন্থত আছে। খ্ৰীষ্ট যীচুৰ শিষ্য হোৱাৰ কাৰণে তোমালোকক পবিত্ৰ কৰা হৈছে আৰু পবিত্ৰ লোক হʼবলৈ নিমন্ত্ৰণ কৰা হৈছে। মই সেই সকলো ভাইলৈও লিখি আছোঁ, যিসকলে আমাৰ আৰু তেওঁলোকৰো প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ে সকলো ঠাইতে নাম লয়:
৩ আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰৰ ফালৰ পৰা আৰু প্ৰভু যীচু খ্ৰীষ্টৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক।
৪ ঈশ্বৰে খ্ৰীষ্ট যীচুৰ যোগেদি তোমালোকক যি মহা-কৃপা কৰিলে, তাৰ কাৰণে মই সদায় মোৰ ঈশ্বৰক ধন্যবাদ দিওঁ। ৫ তোমালোকে খ্ৰীষ্ট যীচুত সকলো বিষয়ত বাক্য শুনাবলৈ সম্পূৰ্ণ দক্ষতাৰে আৰু জ্ঞানেৰে উপচি পৰিছা। ৬ যিহেতু খ্ৰীষ্টৰ বিষয়ে সাক্ষ্যৰ ওপৰত তোমালোকে গভীৰভাৱে বিশ্বাস কৰিলা। ৭ সেইবাবে, তোমালোকৰ কোনো ধৰণৰ বৰদানৰ অভাৱ নাই আৰু তোমালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰকাশ হোৱালৈ আগ্ৰহেৰে অপেক্ষা কৰি আছা। ৮ ঈশ্বৰে তোমালোকক শেষলৈকে মজবুত কৰি ৰাখিব যাতে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দিনত তোমালোক নিৰ্দোষী বুলি গণিত হʼবা। ৯ ঈশ্বৰ বিশ্বাসযোগ্য হয়, তেওঁ নিজৰ পুত্ৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ লগত সহভাগীতা হʼবলৈ তোমালোকক নিমন্ত্ৰণ কৰিছে।
১০ এতিয়া হে ভাইসকল, মই তোমালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে অনুৰোধ কৰোঁ যে তোমালোক সকলোৱে একে কথা কোৱা আৰু তোমালোকৰ মাজত বিভেদ নাথাকক, ইয়াৰ পৰিৱৰ্তে তোমালোকৰ যেন একেই মন আৰু একেই চিন্তাধাৰা হওক যাতে তোমালোকৰ মাজত একতা থাকে। ১১ কাৰণ মোৰ ভাইসকল, ক্লোয়ীহঁতৰ ঘৰৰ কিছুমান লোকে মোক কৈছে যে তোমালোকৰ মাজত কাজিয়া হৈছে। ১২ মই কোৱাৰ অৰ্থ হৈছে, তোমালোকৰ মাজৰ কিছুমানে কয়, “মই পৌলৰ শিষ্য হওঁ,” আন কিছুমানে কয়, “মই আপল্লোৰ শিষ্য হওঁ” আৰু আন কিছুমানে কয়, “মই কৈফাৰ* শিষ্য হওঁ” বা “মই খ্ৰীষ্টৰ শিষ্য হওঁ।” ১৩ খ্ৰীষ্টক তোমালোকৰ মাজত ভাগ কৰা হʼল নে? পৌলক জানো তোমালোকৰ কাৰণে কাঠত আঁৰি হত্যা কৰা হৈছিল? বা তোমালোকে জানো পৌলৰ নামেৰে বাপ্তিষ্মা* লৈছিলা? ১৪ ঈশ্বৰলৈ ধন্যবাদ যে মই ক্ৰিষ্প আৰু গায়ৰ বাহিৰে তোমালোকৰ মাজৰ এজনকো বাপ্তিষ্মা দিয়া নাই ১৫ যাতে কোনেও কʼব নোৱাৰে যে তোমালোকে মোৰ নামেৰে বাপ্তিষ্মা লৈছা। ১৬ হয়, মই স্তিফানাৰ পৰিয়ালকো বাপ্তিষ্মা দিছোঁ। এওঁলোকৰ বাহিৰে আন কাৰোবাক বাপ্তিষ্মা দিয়াটো মোৰ মনত পৰা নাই। ১৭ কাৰণ খ্ৰীষ্টই মোক বাপ্তিষ্মা দিবলৈ নহয়, ইয়াৰ পৰিৱৰ্তে শুভবাৰ্তা শুনাবলৈ পঠাইছে আৰু এয়া মই জ্ঞানী ব্যক্তিসকলৰ ভাষাত শুনাব নালাগে যাতে খ্ৰীষ্টৰ যাতনাৰ কাঠ* ব্যৰ্থ নহয়।
১৮ কাৰণ যাতনা কাঠৰ বাৰ্তা সেই লোকসকলৰ কাৰণে মূৰ্খতা হয়, যিসকল বিনাশৰ ফালে গৈ আছে, কিন্তু আমি উদ্ধাৰ পোৱা বিলাকৰ কাৰণে এয়া ঈশ্বৰৰ শক্তি হয়। ১৯ কিয়নো লিখা আছে, “মই বুদ্ধিমান লোকসকলৰ বুদ্ধি শেষ কৰিম আৰু জ্ঞানী লোকসকলৰ জ্ঞান অস্বীকাৰ কৰিম।” ২০ এই জগতৰ* বুদ্ধিমান লোকসকল কʼত? নিয়ম শিকোৱা লোকসকল* কʼত? তৰ্ক-বিতৰ্ক কৰা লোকসকল কʼত? ঈশ্বৰে এই জগতৰ বুদ্ধিক মূৰ্খতা বুলি প্ৰমাণ নকৰিলে নে? ২১ কাৰণ এই জগতৰ লোকসকলে নিজৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি ঈশ্বৰক জানিব নোৱাৰিলে, কিন্তু আমি যি বাৰ্তা প্ৰচাৰ কৰোঁ আৰু যাক জগতৰ লোকসকলে মূৰ্খতা বুলি ভাবে, সেই বাৰ্তাৰ ওপৰত যিসকলে বিশ্বাস কৰে, তেওঁলোকক উদ্ধাৰ কৰাৰ যোগেদি ঈশ্বৰে নিজৰ বুদ্ধি দেখুৱাইছে।
২২ যিহূদী লোকসকলে চমৎকাৰ বিচাৰে আৰু গ্ৰীক লোকসকলে বুদ্ধি বিচাৰি থাকে, ২৩ কিন্তু আমি কাঠত আঁৰি দিয়া খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰোঁ, যি যিহূদীসকলৰ কাৰণে উজুটি খোৱাৰ কাৰণ হয় আৰু যিহূদী নোহোৱা লোকসকলৰ কাৰণে মূৰ্খতা হয়। ২৪ কিন্তু যিসকলক নিমন্ত্ৰণ কৰা হৈছে, তেওঁলোক যিহূদী হওক বা গ্ৰীকেই হওক, তেওঁলোকৰ কাৰণে খ্ৰীষ্ট, ঈশ্বৰৰ শক্তি আৰু ঈশ্বৰৰ বুদ্ধি হয়। ২৫ কিয়নো ঈশ্বৰৰ যিবোৰ কথা মানুহে মূৰ্খতা বুলি ভাবে, সেইবোৰ মানুহৰ বুদ্ধিতকৈ শ্ৰেষ্ঠ হয় আৰু ঈশ্বৰৰ যিবোৰ কথা মানুহে দুৰ্বলতা বুলি ভাবে, সেইবোৰ মানুহৰ শক্তিতকৈ বহুত শক্তিশালী হয়।
২৬ ভাইসকল, তোমালোকে দেখিছা যে ঈশ্বৰে যেতিয়া তোমালোকক নিমন্ত্ৰণ কৰিছিল, তেতিয়া তোমালোকৰ মাজৰ বেছি ভাগেই মানুহৰ দৃষ্টিত* বুদ্ধিমান নাছিলা, শক্তিশালী নাছিলা বা উচ্চ বংশৰ লোক নাছিলা। ২৭ ইয়াৰ পৰিৱৰ্তে, বুদ্ধিমান লোকসকলক লাজত পেলাবলৈ ঈশ্বৰে জগতৰ মূৰ্খ লোকসকলক বাছনি কৰিলে আৰু শক্তিশালী লোকসকলক লাজত পেলাবলৈ ঈশ্বৰে জগতৰ দুৰ্বল লোকসকলক বাছনি কৰিলে। ২৮ ঈশ্বৰে এনে লোকসকলক বাছনি কৰিলে, যিসকলক জগতে তুচ্ছ বুলি ভাবে আৰু তল চকুৰে চায় আৰু যাৰ কোনো মূল্যই নাই, সেই লোকসকলক ঈশ্বৰে বাছনি কৰিলে যাতে মূল্যৱান লোকসকলক তেওঁ মূল্যহীন কৰিব পাৰে ২৯ আৰু কোনো মানুহে যেন ঈশ্বৰৰ ওচৰত ফিতাহি মাৰিব নোৱাৰে। ৩০ কিন্তু তোমালোকে ঈশ্বৰৰ কাৰণেহে যীচুৰ লগত একতাত আছা। তেওঁ ঈশ্বৰৰ বুদ্ধি প্ৰকাশ কৰিলে, তেৱেঁই ঈশ্বৰৰ দৃষ্টিত আমাক ভাল মানুহ বুলি গণিত কৰিলে, তেৱেঁই আমাক পবিত্ৰ কৰিলে আৰু মুক্তিৰ মূল্যৰ যোগেদি আমাক মুক্ত কৰিলে ৩১ যাতে সেইদৰেই হওক, যিদৰে লিখা আছে, “যিজনে গৰ্ব কৰে, তেওঁ যিহোৱাৰ* বিষয়ে গৰ্ব কৰক।”
২ সেইবাবে ভাইসকল, যেতিয়া মই তোমালোকৰ ওচৰলৈ আহিছিলোঁ আৰু মই ঈশ্বৰৰ পবিত্ৰ ৰহস্য জনাইছিলোঁ, তেতিয়া ডাঙৰ ডাঙৰ শব্দ ব্যৱহাৰ কৰা নাছিলোঁ বা নিজকে বুদ্ধিমান বুলি দেখুৱাও নাছিলোঁ। ২ কিয়নো যেতিয়া মই তোমালোকৰ লগত আছিলোঁ, তেতিয়া মই কেৱল যীচু খ্ৰীষ্ট আৰু তেওঁক কাঠত আঁৰি দিয়াৰ বিষয়ে তোমালোকৰ ধ্যান আকৰ্ষণ কৰিবলৈ নিৰ্ণয় লৈছিলোঁ। ৩ মই দুৰ্বলতাৰে সৈতে আৰু ভয়ত কঁপি কঁপি তোমালোকৰ ওচৰলৈ আহিছিলোঁ। ৪ যেতিয়া মই তোমালোকক প্ৰচাৰ কৰিছিলোঁ, তেতিয়া তোমালোকৰ বিশ্বাস জন্মাবলৈ জ্ঞানৰ ডাঙৰ ডাঙৰ কথাবোৰ শিকোৱা নাছিলোঁ, ইয়াৰ পৰিৱৰ্তে মোৰ কথাবোৰে পবিত্ৰ শক্তিৰ ক্ষমতা প্ৰকাশ কৰিলে ৫ যাতে তোমালোকৰ বিশ্বাস মানুহৰ বুদ্ধিৰ ওপৰত নহয়, কিন্তু ঈশ্বৰৰ শক্তিৰ ওপৰত হয়।
৬ এতিয়া আমি পৰিপক্ক লোকসকলৰ বুদ্ধিৰ বিষয়ে কওঁ। কিন্তু এই জগতৰ* বুদ্ধি বা এই জগতত শাসন কৰা লোকসকলৰ বুদ্ধিৰ বিষয়ে নহয়, যি নাইকিয়া হৈ যাব। ৭ ইয়াৰ পৰিৱৰ্তে, আমি এই পবিত্ৰ ৰহস্য অৰ্থাৎ ঈশ্বৰৰ লুকাই থকা বুদ্ধিৰ বিষয়ে কওঁ। এই জগতৰ ব্যৱস্থাৰ আৰম্ভণি হোৱাৰ আগতেই ঈশ্বৰে এই বুদ্ধিৰ অনুসৰি কাম কৰিবলৈ নিৰ্ণয় লৈছিল যাতে আমি মহিমা পাওঁ। ৮ এই বুদ্ধিৰ বিষয়ে এই জগতত শাসন কৰা লোকসকলৰ মাজৰ কোনেও জানিব নোৱাৰিলে। তেওঁলোকে এয়া জনা হʼলে তেওঁলোকে মহিমাপূৰ্ণ প্ৰভুক হত্যা নকৰিলেহেঁতেন।* ৯ কিন্তু যিদৰে শাস্ত্ৰত লিখা আছে, “যি বিষয়বোৰ কোনেও দেখা নাই, কোনেও শুনা নাই, আনকি কোনেও কল্পনাও কৰা নাই, সেইবোৰ ঈশ্বৰে সেই লোকসকলৰ কাৰণে প্ৰস্তুত কৰিছে, যিসকলে তেওঁক প্ৰেম কৰে।” ১০ কাৰণ ঈশ্বৰে নিজৰ পবিত্ৰ শক্তিৰ যোগেদি এই কথাবোৰ আমাক জনালে আৰু এই শক্তিৰে সকলো কথা আনকি ঈশ্বৰৰ গভীৰ কথাবোৰো অনুসন্ধান কৰে।
১১ কোনো মানুহে কাৰোবাৰ মনৰ কথা জানিব পাৰে নে? কেতিয়াও নোৱাৰে। সেই ব্যক্তিৰ মনৰ কথা কেৱল তেওঁ নিজেই জানে। ঠিক সেইদৰে, কোনেও ঈশ্বৰৰ মনৰ কথা জানিব নোৱাৰে, কেৱল ঈশ্বৰৰ পবিত্ৰ শক্তিয়ে জানিব পাৰে। ১২ আমি জগতৰ মনোভাৱ পোৱা নাই, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ পবিত্ৰ শক্তি পাইছোঁ যাতে আমি সেই কথাবোৰ জানিব পাৰোঁ, যি ঈশ্বৰে আমাৰ ওপৰত কৃপা কৰি আমাক দিছে। ১৩ আমি এই কথাবোৰ আনকো জনাওঁ, কিন্তু মানুহৰ বুদ্ধিৰে শিকোৱা শব্দৰে নহয়, ইয়াৰ পৰিৱৰ্তে পবিত্ৰ শক্তিৰ যোগেদি শিকোৱা শব্দৰে শিকাওঁ, কিয়নো ঈশ্বৰৰ কথাবোৰ ঈশ্বৰৰ* শব্দৰে বুজাওঁ।
১৪ কিন্তু মানুহৰ চিন্তাধাৰা ৰখা ব্যক্তিয়ে ঈশ্বৰৰ পবিত্ৰ শক্তিৰ কথাবোৰ গ্ৰহণ নকৰে, কিয়নো তেওঁৰ দৃষ্টিত এইবোৰ মূৰ্খতা। তেওঁ এই কথাবোৰ জানিব নোৱাৰে, কিয়নো এইবোৰ পবিত্ৰ শক্তিৰ সহায়তহে চালি-জাৰি চাব পাৰি। ১৫ ঈশ্বৰৰ চিন্তাধাৰা ৰখা ব্যক্তিয়ে* মানুহৰ সকলো বিষয় চালি-জাৰি চাব পাৰে, কিন্তু কোনো মানুহে তেওঁক চালি-জাৰি চাব নোৱাৰে। ১৬ কিয়নো “যিহোৱাৰ* মন কোনে বুজিব পাৰে যে তেওঁক শিকাব পাৰে? কিন্তু খ্ৰীষ্টৰ দৰে চিন্তাধাৰা আমাৰো আছে।”
৩ সেইবাবে ভাইসকল, ঈশ্বৰৰ চিন্তাধাৰা ৰখা লোকসকলৰ লগত যিদৰে কথা পতা হয়, ঠিক সেইদৰে মই তোমালোকৰ লগত কথা পাতিব পৰা নাই, ইয়াৰ পৰিৱৰ্তে যিসকলে জগতৰ* চিন্তাধাৰা ৰাখে আৰু যিসকল খ্ৰীষ্টৰ পথ বুজাৰ ক্ষেত্ৰত এতিয়াও শিশু, তেওঁলোকৰ লগত যিদৰে কথা পতা হয়, ঠিক সেইদৰে পাতিছোঁ। ২ মই তোমালোকক গাখীৰ দিলোঁ, টান আহাৰ দিয়া নাই, কাৰণ সেই সময়ত সেয়া হজম কৰাৰ ক্ষমতা তোমালোকৰ নাছিল। আচলতে এতিয়াও তোমালোকৰ হজম কৰাৰ ক্ষমতা নাই। ৩ কিয়নো তোমালোক এতিয়াও জগতৰ চিন্তাধাৰা ৰাখা। তোমালোকৰ মাজত ঈৰ্ষা আছে আৰু কাজিয়া হয়, সেইবাবে তোমালোকে জগতৰ লোকসকলৰ দৰে নোহোৱা নে আৰু তোমালোক জগতৰ লোকসকলৰ দৰে নচলা নে? ৪ যেতিয়া তোমালোকৰ মাজৰ কোনোবাই কয়, “মই পৌলৰ শিষ্য হওঁ,” আৰু আনজনে কয়, “মই আপল্লোৰ হওঁ,” তেতিয়া তোমালোকে জগতৰ লোকসকলৰ দৰে ব্যৱহাৰ কৰা নাই নে?
৫ আপল্লো কোন? পৌলেই বা কোন? তেওঁলোক কেৱল সেৱক হয়, যিসকলক প্ৰভুৱে সেৱা কৰাৰ দায়িত্ব দিছে আৰু যিসকলৰ যোগেদি তোমালোকে বিশ্বাসী হৈছা। ৬ মই ৰুলোঁ, আপল্লোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়াই থাকিল। ৭ সেইবাবে, ৰুওঁতাজন একো নহয় আৰু পানী দিওঁতাজনো একো নহয়, কিন্তু ঈশ্বৰ, যিজনে বঢ়ায় তেৱেঁই সকলো। ৮ যিজনে পুলি ৰুৱে আৰু যিজনে পানী দিয়ে, তেওঁলোক দুয়োজন একতাত আছে,* কিন্তু প্ৰতিজনে নিজৰ নিজৰ পৰিশ্ৰমৰ অনুসৰি পুৰস্কাৰ পাব। ৯ আমি ঈশ্বৰৰ সহকৰ্মী হওঁ। তোমালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ হোৱা, যʼত খেতি কৰা হয় আৰু ঈশ্বৰৰ ভৱন হোৱা।
১০ ঈশ্বৰে মোৰ ওপৰত মহা-কৃপা কৰিলে আৰু সেইবাবে মই এজন নিপুণ ৰাজমিস্ত্ৰীৰ দৰে ভিত্তি স্থাপন কৰিলোঁ। কিন্তু আন এজনে সেই ভিত্তিৰ ওপৰত ভৱন নিৰ্মাণ কৰিছে। সেই ভিত্তিৰ ওপৰত ভৱন কেনেকৈ নিৰ্মাণ কৰা হৈছে, সেয়া প্ৰতিজনে ধ্যান দি থাকক। ১১ কাৰণ যি ভিত্তি স্থাপন কৰা হৈছে, তাৰ বাহিৰে কোনো মানুহেই বেলেগ ভিত্তি স্থাপন কৰিব নোৱাৰে আৰু এই ভিত্তি হৈছে, যীচু খ্ৰীষ্ট। ১২ কোনোবাই এই ভিত্তিৰ ওপৰত সোণ, ৰূপ আৰু মূল্যৱান পাথৰেৰে নিৰ্মাণ কৰে আৰু আন কোনোবাই কাঠ, খেৰ বা নৰাৰে ভৱন নিৰ্মাণ কৰে। ১৩ এজন মানুহৰ কাম কেনেকুৱা, সেয়া সেই দিনাখন গʼম পোৱা যাব, যিদিনাখন পৰীক্ষা কৰা হʼব, কিয়নো জুইয়ে সকলো প্ৰকাশ কৰিব আৰু প্ৰমাণ কৰিব যে প্ৰতিজনৰ কাম কেনেকুৱা। ১৪ ভিত্তিত নিৰ্মাণ কৰা কাৰোবাৰ ভৱন যদি টিকি থাকে, তেনেহʼলে তেওঁ পুৰস্কাৰ পাব। ১৫ আৰু কাৰোবাৰ ভৱন যদি জ্বলি যায়, তেনেহʼলে তেওঁৰ ক্ষতি হʼব, কিন্তু তেওঁক বচোৱা হʼব, তথাপি তেওঁৰ অৱস্থা সেই মানুহজনৰ দৰে হʼব, যিজনে জুইৰ পৰা কোনোমতে বাচিছে।
১৬ তোমালোকে নাজানা নে তোমালোক ঈশ্বৰৰ মন্দিৰ হোৱা আৰু ঈশ্বৰৰ পবিত্ৰ শক্তি তোমালোকৰ হৃদয়ত থাকে? ১৭ যদি কোনোবাই ঈশ্বৰৰ মন্দিৰ ধ্বংস কৰে, তেনেহʼলে ঈশ্বৰে তেওঁক ধ্বংস কৰিব, কাৰণ ঈশ্বৰৰ মন্দিৰ পবিত্ৰ হয় আৰু এই মন্দিৰ তোমালোক হোৱা।
১৮ কোনেও যেন নিজকে নুভুলাওক: যদি তোমালোকৰ মাজৰ কোনোবাই ভাবে যে তেওঁ এই জগতত* বুদ্ধিমান হয়, তেনেহʼলে তেওঁ মূৰ্খ হওক যাতে তেওঁ বুদ্ধিমান হʼব পাৰে। ১৯ এই জগতৰ বুদ্ধি ঈশ্বৰৰ দৃষ্টিত মূৰ্খতা হয়, কিয়নো শাস্ত্ৰত লিখা আছে, “তেওঁ বুদ্ধিমান লোকসকলক তেওঁলোকৰ ফান্দতে পেলায়।” ২০ আৰু এয়াও লিখা আছে, “যিহোৱাই* জানে যে বুদ্ধিমান লোকসকলৰ যুক্তি ব্যৰ্থ।” ২১ সেইবাবে, কোনেও মানুহক লৈ ফিতাহি নামাৰক, কিয়নো ঈশ্বৰে সকলো বস্তু তোমালোকক দিছে, ২২ পৌলেও হওক বা আপল্লো বা কৈফা* হওক বা এই জগত, মৃত্যু, জীৱন বা আজি বা আহিবলগীয়া বস্তুৱেই হওক, সকলো তোমালোকৰ হয়। ২৩ আৰু তোমালোক খ্ৰীষ্টৰ হোৱা আৰু খ্ৰীষ্ট ঈশ্বৰৰ হয়।
৪ লোকসকলে আমাক খ্ৰীষ্টৰ সেৱক* আৰু এনে প্ৰবন্ধক বুলি ভাবক, যিসকলক ঈশ্বৰৰ পবিত্ৰ ৰহস্যৰ দায়িত্ব দিয়া হৈছে। ২ আৰু এজন প্ৰবন্ধক বিশ্বাসী হোৱাটো তেওঁৰ পৰা আশা কৰা হয়। ৩ তোমালোকে বা কোনো মানৱীয় আদালতে মোৰ বিচাৰ কৰাটো মোৰ কাৰণে কোনো অৰ্থ নাৰাখে। আনকি মই নিজেও নিজৰ বিচাৰ নকৰোঁ। ৪ মই নিজৰ মাজত কোনো দোষ বিচাৰি নাপাওঁ। তথাপিও এই কথাই মোক ভাল ব্যক্তি বুলি প্ৰমাণিত নকৰে। যিজনে মোৰ বিচাৰ কৰে, তেওঁ হৈছে যিহোৱা।* ৫ সেইবাবে, নিৰ্ধাৰিত সময়ৰ আগতে অৰ্থাৎ প্ৰভু নহালৈকে কোনো কথাৰ ন্যায় নকৰিবা। তেৱেঁই অন্ধকাৰত লুকাই থকা বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰ প্ৰকাশ কৰিব। তেতিয়া প্ৰতিজনে ঈশ্বৰৰ পৰা পাবলগীয়া প্ৰশংসা পাব।
৬ ভাইসকল, মই তোমালোকৰ ভালৰ কাৰণে নিজৰ আৰু আপল্লোৰ উদাহৰণ দি এই কথাবোৰ কৈছোঁ যাতে তোমালোকে আমাৰ উদাহৰণৰ পৰা এই নিয়মত চলিবলৈ শিকিব পাৰা: “যি লিখা আছে, তাতকৈ আগলৈ নাযাবা” যাতে তোমালোকে অহংকাৰেৰে ভৰি এজনক, আনজনতকৈ শ্ৰেষ্ঠ বুলি নাভাবা। ৭ তোমাৰ এনে কি আছে, যাৰ কাৰণে তোমাক আনতকৈ শ্ৰেষ্ঠ বুলি ভবা হয়? আচলতে তোমাৰ ওচৰত যি আছে, সেই সকলো ঈশ্বৰেই তোমাক দিয়া নাই নে? তেওঁ যদি তোমাক সকলো দিছে, তেনেহʼলে তুমি এইদৰে কিয় ফিতাহি মাৰা যেন তুমি সকলো নিজৰ শক্তিৰে পাইছা?
৮ তোমালোকৰ আশা পূৰ হৈ গʼল নে? তোমালোক এতিয়াৰ পৰাই ধনী হৈ গʼলা নে? তোমালোকে আমাৰ অবিহনে শাসন কৰিবলৈ আৰম্ভ কৰিলা নে? তোমালোকে ৰজা হিচাপে শাসন কৰিবলৈ আৰম্ভ কৰা হʼলে ভালেই আছিল, তেতিয়া আমিও তোমালোকৰ লগত ৰজা হিচাপে শাসন কৰিব পাৰিলোঁহেঁতেন। ৯ মই ভাবোঁ যে ঈশ্বৰে আমাক অৰ্থাৎ পাঁচনিসকলক* সেই মানুহবিলাকৰ দৰে গণিত কৰিছে, যিসকলক মৃত্যুৰ শাস্তি শুনোৱা হৈছে আৰু যিসকলক ৰংভূমিত একেবাৰে শেষত অনা হয়, কিয়নো জগত, স্বৰ্গদূত আৰু মানুহবিলাকৰ সন্মুখত আমি হাঁহিৰ পাত্ৰ হৈছোঁ। ১০ আমাক খ্ৰীষ্টৰ কাৰণে মূৰ্খ বুলি ভবা হয়, কিন্তু তোমালোক নিজকে খ্ৰীষ্টত বুদ্ধিমান বুলি ভাবা। আমি দুৰ্বল হওঁ, কিন্তু তোমালোক শক্তিশালী হোৱা। তোমালোক সন্মানীয় হোৱা, কিন্তু আমাৰ কোনো সন্মান নাই। ১১ আজিলৈকে আমি ভোকে-পিয়াহে আৰু ফটা-ছিটা কাপোৰত* আছোঁ, আমাক মাৰ-পিট কৰা হয়,* আমাৰ কোনো ঘৰ নাই। ১২ আৰু আমি কঠিন পৰিশ্ৰম কৰোঁ। যেতিয়া আমাৰ অপমান কৰা হয়, তেতিয়া আমি আশীৰ্বাদ দিওঁ। যেতিয়া আমাক অত্যাচাৰ কৰা হয়, তেতিয়া আমি ধৈৰ্য ধৰি সহ্য কৰোঁ। ১৩ যেতিয়া আমাক বদনাম কৰা হয়, তেতিয়া আমি কোমলতাৰে উত্তৰ দিওঁ।* আজিলৈকে আমাক জগতৰ জাৱৰ আৰু সকলো ধৰণৰ লেতেৰা বস্তু বুলি ভবা হৈছে।
১৪ মই তোমালোকক লাজ দিবলৈ এই কথাবোৰ লিখা নাই, ইয়াৰ পৰিৱৰ্তে নিজৰ মৰমৰ লʼৰা-ছোৱালী বুলি ভাবি তোমালোকক বুজাই আছোঁ। ১৫ কাৰণ খ্ৰীষ্টত তোমালোকৰ চোৱা-চিতা কৰোঁতা* ১০ হাজাৰ জন হʼলেও তোমালোকৰ কোনো পিতৃ নাই। শুভবাৰ্তাৰ যোগেদি খ্ৰীষ্টত মই তোমালোকৰ পিতৃ হৈছোঁ। ১৬ সেইবাবে, মোৰ উদাহৰণত চলিবলৈ মই তোমালোকক অনুৰোধ কৰিছোঁ। ১৭ ইয়াৰ কাৰণে মই তোমালোকৰ ওচৰলৈ তীমথিয়ক পঠাই আছোঁ, যিজন প্ৰভুত মোৰ মৰমৰ আৰু বিশ্বাসযোগ্য লʼৰা হয়। তেওঁ খ্ৰীষ্টৰ সেৱাৰ লগত জড়িত মোৰ সকলো উপায়বিলাকৰ বিষয়ে তোমালোকক মনত পেলাই দিব। যিবোৰ উপায় ব্যৱহাৰ কৰি মই ঠায়ে ঠায়ে সকলো মণ্ডলীক শিকাই আছোঁ।
১৮ কিছুমান লোকে এইদৰে অহংকাৰেৰে ভৰি পৰিছে যেন মই তোমালোকৰ ওচৰলৈ আৰু কেতিয়াও নাহোঁ। ১৯ কিন্তু যিহোৱাৰ* যদি ইচ্ছা হয়, তেনেহʼলে অতি সোনকালে মই তোমালোকৰ ওচৰলৈ আহিম। আৰু যিসকলে অহংকাৰেৰে ভৰি পৰিছে, মই তেওঁলোকৰ কথালৈ গুৰুত্ব নিদিওঁ, ইয়াৰ পৰিৱৰ্তে মই এয়া চাম যে তেওঁলোকত ঈশ্বৰৰ শক্তি আছে নে নাই। ২০ কাৰণ ঈশ্বৰৰ ৰাজ্য কথাৰে নহয়, কিন্তু ঈশ্বৰৰ শক্তিৰে প্ৰকাশ হয়। ২১ তোমালোকে কি বিচাৰা? মই লাঠি লৈ তোমালোকৰ ওচৰলৈ অহাটো বিচাৰা, নে প্ৰেম আৰু কোমল স্বভাৱেৰে অহাটো বিচাৰা?
৫ আচলতে মই খবৰ পাইছোঁ যে তোমালোকৰ ইয়াত এজন পুৰুষে অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখাৰ পাপ কৰিলে আৰু সেয়া এনে পাপ, যি জগতৰ লোকসকলেও নকৰে। তেওঁ নিজৰ দেউতাৰ পত্নীৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিলে। ২ তোমালোকে এই কথাক লৈ গৰ্ব কৰি আছা নে? তোমালোকে শোক কৰা উচিত নহয় নে? আৰু যিজন পুৰুষে এনে বেয়া কাম কৰিছে, তেওঁক নিজৰ মাজৰ পৰা উলিয়াই দিয়াটো উচিত নহয় নে? ৩ যদিও মই তোমালোকৰ তাত নাই, কিন্তু মনৰ পৰা তাতেই আছোঁ আৰু মই সেই মানুহজনক দোষী কৰিছোঁ যেন মই তাতেই আছোঁ। ৪ যেতিয়া তোমালোকে আমাৰ প্ৰভু যীচুৰ নামেৰে একগোট হোৱা, তেতিয়া মোৰ মন আৰু আমাৰ প্ৰভু যীচুৰ শক্তিও তোমালোকৰ লগত থাকে। ৫ তোমালোকে সেই মানুহজনক চয়তানক গতাই দিয়া যাতে তেওঁৰ পাপৰ বেয়া প্ৰভাৱ নাইকিয়া হয় আৰু প্ৰভুৰ দিনত মণ্ডলীৰ দৃষ্টিভংগী যেন সঠিক হৈ থাকে।
৬ তোমালোকে অহংকাৰ কৰাটো ভাল নহয়। তোমালোকে নাজানা নে যে অলপ খমিৰে* সানি থোৱা গোটেই আটাখিনি খমিৰ কৰি দিয়ে। ৭ পুৰণি খমিৰক উলিয়াই পেলাই দিয়া যাতে তোমালোক সানি থোৱা নতুন আটা হʼব পাৰা। আচলতে তোমালোক খমিৰৰ পৰা মুক্ত হʼলা। কাৰণ আমাৰ নিস্তাৰ-পৰ্বৰ ভেড়া পোৱালি অৰ্থাৎ খ্ৰীষ্টক বলি দিয়া হʼল। ৮ সেইবাবে আহা, আমি এই পৰ্ব পুৰণি খমিৰ, মন্দ আৰু দুষ্টতা খমিৰেৰে পালন নকৰোঁ, ইয়াৰ পৰিৱৰ্তে অকপট আৰু সত্যৰ খমিৰ নোহোৱা ৰুটিৰ সৈতে পালন কৰোঁ।
৯ মই নিজৰ চিঠিখনত লিখিছিলোঁ যে তোমালোকে অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখা লোকসকলৰ লগত সংগতি কৰিবলৈ বন্ধ কৰা। ১০ মই কোৱাৰ অৰ্থ এয়া নহয় যে তোমালোকে জগতৰ সেই লোকসকলৰ লগত একেবাৰে সম্পৰ্ক নাৰাখিবা, যিসকলে অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখে, লুভীয়া হয়, ধন-সম্পত্তি কাঢ়ি লয় বা মূৰ্তিপূজা কৰে। কিয়নো এইদৰে কৰিলে দেখোন তোমালোকে এই জগতৰ পৰাই ওলাই যাব লাগিব। ১১ কিন্তু এতিয়া মই তোমালোকক লিখি আছোঁ যে এনে কোনো মানুহৰ লগত সংগতি কৰিবলৈ বন্ধ কৰা, যিজন ভাই হৈও অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখে বা লুভীয়া হয় বা মূৰ্তিপূজা কৰে বা গালি-শপনি দিয়ে বা মতলীয়া হয় বা আনৰ ধন-সম্পত্তি কাঢ়ি লয়। এনে মানুহৰ লগত খোৱা-বোৱাও নকৰিবা। ১২ বাহিৰা লোকসকলৰ ন্যায় কৰাজন মইনো কোন হওঁ? কিন্তু যিজন ভিতৰত আছে, তোমালোকে তেওঁৰ ন্যায় কৰাটো উচিত নহয় নে? ১৩ বাহিৰা লোকসকলৰ ন্যায়তো ঈশ্বৰে কৰে। “সেই দুষ্ট মানুহজনক নিজৰ মাজৰ পৰা বাহিৰ কৰা।”
৬ তোমালোকৰ মাজৰ দুজনৰ যেতিয়া কাজিয়া হয়, তেতিয়া তোমালোকে বিচাৰৰ কাৰণে পবিত্ৰ লোকসকলৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে আদালতত দুষ্ট লোকসকলৰ ওচৰলৈ যাবলৈ কেনেকৈ সাহস কৰা? ২ তোমালোকে নাজানা নে যে পবিত্ৰ লোকসকলে গোটেই জগতৰ ন্যায় কৰিব? যদি তোমালোকে গোটেই জগতৰ ন্যায় কৰিবা, তেনেহʼলে তোমালোকে সাধাৰণ বিষয়বোৰৰ ন্যায় কৰিবলৈও যোগ্য নোহোৱা নে? ৩ তোমালোকে নাজানা নে যে আমি স্বৰ্গদূতসকলৰ ন্যায় কৰিম? তেনেহʼলে তোমালোকে এই জীৱনৰ বিষয়বোৰৰ ন্যায় কিয় কৰিব নোৱাৰা? ৪ যদি তোমালোকে এই জীৱনৰ বিষয়বোৰৰ বিচাৰ কৰিবলগীয়া হয়, তেনেহʼলে মণ্ডলীয়ে অযোগ্য বুলি ভবা লোকসকলক তোমালোকে নিজৰ বিচাৰকৰ্তা হিচাপে কিয় বাছনি কৰা? ৫ মই তোমালোকক লাজত পেলাবলৈ এইদৰে কৈ আছোঁ। তোমালোকৰ মাজৰ এনে এজনো বুদ্ধিমান মানুহ নাই নে, যিজনে নিজৰ ভাইসকলৰ ন্যায় কৰিব পাৰে? ৬ ইয়াৰ পৰিৱৰ্তে, এজন ভায়ে, আন এজন ভাইক আদালতলৈ লৈ যায়, তাকো অবিশ্বাসীসকলৰ ওচৰলৈ!
৭ সঁচাকৈ, তোমালোকে যে এজনে-আনজনৰ বিৰুদ্ধে মোকৰ্দ্দমা কৰা, তাৰ যোগেদিয়ে প্ৰমাণ হয় যে তোমালোক পৰাজয় হৈছা। তোমালোকে নিজেই অন্যায় কিয় সহন নকৰা? যেতিয়া আনে তোমালোকক বিশ্বাসঘাত কৰে, তেতিয়া তোমালোকে কিয় সহ্য নকৰা? ৮ ইয়াৰ পৰিৱৰ্তে, তোমালোকে নিজেই অন্যায় কৰা আৰু বিশ্বাসঘাত কৰা, তাকো নিজৰ ভাইসকলক!
৯ তোমালোকে নাজানা নে যে যিসকলে ঈশ্বৰৰ সঠিক মানদণ্ডৰ অনুসৰি নচলে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহʼব? ভুল ধাৰণাত নাথাকিবা। অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰাখোঁতা, মূৰ্তিপূজা কৰোঁতা, ব্যভিচাৰী, পুৰুষে পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ নিজকে গতাই দিয়া পুৰুষ, পুৰুষে পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা পুৰুষ, ১০ চোৰ, লুভীয়া, মতলীয়া, গালি-শপনি দিওঁতা আৰু আনৰ ধন-সম্পত্তি কাঢ়ি লোৱা লোকসকলে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহʼব। ১১ তোমালোকৰ মাজৰ কিছুমানে আগতে এনে কামবোৰ কৰিছিল। কিন্তু তোমালোকক ধুই শুচি কৰা হʼল, পবিত্ৰ কৰা হʼল আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু আমাৰ ঈশ্বৰৰ পবিত্ৰ শক্তিৰে ভাল মানুহ বুলি গণ্য কৰা হʼল।
১২ সকলো কথা মোৰ কাৰণে আইন-সংগত হয়, কিন্তু সকলো কথা লাভজনক নহয়। সকলো কথা মোৰ কাৰণে আইন-সংগত হয়, কিন্তু মই নিজকে কোনো বস্তুক নিয়ন্ত্ৰণ কৰিবলৈ নিদিওঁ। ১৩ আহাৰ পেটৰ কাৰণে হয় আৰু পেট আহাৰৰ কাৰণে, কিন্তু ঈশ্বৰে এই দুয়োটাকে নাইকিয়া কৰি দিব। শৰীৰ অনৈতিক শাৰীৰিক সম্পৰ্কৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে প্ৰভুৰ কাৰণে হয় আৰু প্ৰভু শৰীৰৰ কাৰণে হয়। ১৪ কিন্তু ঈশ্বৰে নিজৰ শক্তিৰ যোগেদি প্ৰভুক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে আৰু আমাকো জীয়াই তুলিব।
১৫ তোমালোকে নাজানা নে তোমালোকৰ শৰীৰ খ্ৰীষ্টৰ অংগ হয়? তেনেহʼলে মই খ্ৰীষ্টৰ অংগবোৰ লৈ বেশ্যাৰ অংগবোৰৰ লগত যোগ কৰিম নে? কেতিয়াও নহয়! ১৬ তোমালোকে নাজানা নে যে যিজনে বেশ্যাৰ লগত যোগ হয়, তেওঁ তাৰ লগত একদেহ হৈ যায়? কিয়নো ঈশ্বৰে কয়, “তেওঁলোক দুয়োজন একদেহ হʼব।” ১৭ কিন্তু যিজনে প্ৰভুৰ লগত যোগ হয়, তেওঁ প্ৰভুৰ লগত এক মন হৈ যায়। ১৮ অনৈতিক শাৰীৰিক সম্পৰ্কৰ পৰা দূৰলৈ পলোৱা! মানুহে কৰা সকলো পাপ তেওঁৰ শৰীৰৰ বাহিৰত হয়, কিন্তু যিজনে অনৈতিক শাৰীৰিক সম্পৰ্কত লাগি থাকে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে। ১৯ তোমালোকে নাজানা নে যে তোমাৰ শৰীৰ সেই পবিত্ৰ শক্তিৰ মন্দিৰ হয়, যি তোমালোকৰ ভিতৰত আছে আৰু যি ঈশ্বৰে তোমালোকক দিছে? লগতে নিজৰ শৰীৰৰ ওপৰত তোমালোকৰ কোনো অধিকাৰ নাই। ২০ তোমালোকক ডাঙৰ মূল্য দি কিনা হৈছে। সেইবাবে, যিকোনো পৰিস্থিতিত নিজৰ শৰীৰৰ যোগেদি ঈশ্বৰৰ মহিমা কৰা।
৭ এতিয়া মই সেই প্ৰশ্নবোৰৰ উত্তৰ দি আছোঁ, যি তোমালোকে লিখি মোক সুধিছিলা। এজন পুৰুষৰ বাবে এয়াই ভাল হʼব যে তেওঁ যেন তিৰোতাক নুচুৱে।* ২ কিন্তু চাৰিওফালে যিহেতু অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখাটো সাধাৰণ বিষয় হৈ পৰিছে। সেই কাৰণে প্ৰতিজন পুৰুষৰ নিজৰ পত্নী হওক আৰু প্ৰতিগৰাকী তিৰোতাৰ নিজৰ স্বামী হওক। ৩ স্বামীয়ে নিজৰ পত্নীক তেওঁৰ পাবলগীয়া দিয়ক আৰু ঠিক সেইদৰে পত্নীয়েও নিজৰ স্বামীক তেওঁৰ পাবলগীয়া দিয়ক। ৪ নিজৰ শৰীৰৰ ওপৰত পত্নীৰ কোনো অধিকাৰ নাই, ইয়াৰ পৰিৱৰ্তে তেওঁৰ স্বামীৰ আছে। ঠিক সেইদৰে নিজৰ শৰীৰৰ ওপৰত স্বামীৰ কোনো অধিকাৰ নাই, ইয়াৰ পৰিৱৰ্তে তেওঁৰ পত্নীৰ আছে। ৫ তোমালোকে এজনে-আনজনক এই পাবলগীয়াৰ পৰা বঞ্চিত নকৰিবা, কিন্তু প্ৰাৰ্থনাত সময় অতিবাহিত কৰিবলৈ যদিও এইদৰে কৰা, তেনেহʼলে কেৱল দুয়োৰে সন্মতিতহে কিছু সময়ৰ কাৰণে কৰা। ইয়াৰ পাছত আকৌ একলগ হোৱা যাতে চয়তানে তোমালোকৰ আত্মনিয়ন্ত্ৰণৰ অভাৱৰ কাৰণে যেন তোমালোকক প্ৰলোভিত নকৰে। ৬ মই তোমালোকক যি কʼলোঁ, সেয়া তোমালোকে কৰিব পাৰা, কিন্তু এয়া কোনো আজ্ঞা নহয়। ৭ সকলোৱে মোৰ দৰেই হোৱাটো মই বিচাৰোঁ। কিন্তু প্ৰতিজনে ঈশ্বৰৰ ফালৰ পৰা বেলেগ বেলেগ উপহাৰ পাইছে, কোনোবাই এনেধৰণৰ আন কোনোবাই বেলেগ ধৰণৰ।
৮ এতিয়া মই অবিবাহিত আৰু বিধৱাসকলক কৈছোঁ যে তেওঁলোকে মোৰ দৰে থাকিলেই তেওঁলোকৰ কাৰণে ভাল। ৯ কিন্তু তেওঁলোকৰ যদি আত্মনিয়ন্ত্ৰণ নাই, তেনেহʼলে তেওঁলোকে বিয়া কৰি লওক, কিয়নো কামভাৱৰ জুইত প্ৰজ্বলিত হোৱাতকৈ তেওঁলোকে বিয়া কৰি লোৱাই ভাল।
১০ বিবাহিত লোকসকলক মই এই নিৰ্দেশনা দিছোঁ, আচলতে মই নহয়, কিন্তু প্ৰভুৱে দিছে যে এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ পৰা বেলেগ হোৱা উচিত নহয়। ১১ কিন্তু তেওঁ যদি বেলেগ হৈও যায়, তেনেহʼলে আন কাৰোবাৰ লগত বিয়া নহওক বা নিজৰ স্বামীৰ লগত মিল হওক আৰু এজন স্বামীয়ে নিজৰ পত্নীক এৰি দিয়া উচিত নহয়।
১২ এতিয়া আনক প্ৰভুৱে নহয়, কিন্তু মই এয়া কৈছোঁ: যদি এজন ভাইৰ পত্নী অবিশ্বাসী হয়,* তথাপিও তেওঁ নিজৰ স্বামীৰ লগত থাকিবলৈ সন্মত হয়, তেনেহʼলে সেই ভাইজনে নিজৰ পত্নীক এৰি নিদিয়ক। ১৩ যদি এগৰাকী তিৰোতাৰ স্বামী অবিশ্বাসী হয়,* তথাপিও তেওঁ নিজৰ পত্নীৰ লগত থাকিবলৈ সন্মত হয়, তেনেহʼলে সেই তিৰোতাই নিজৰ স্বামীক এৰি নিদিয়ক। ১৪ কাৰণ অবিশ্বাসী স্বামী নিজৰ পত্নীৰ লগত বিয়াৰ বন্ধনৰ কাৰণে পবিত্ৰ হৈছে আৰু অবিশ্বাসী পত্নী নিজৰ স্বামী অৰ্থাৎ সেই খ্ৰীষ্টান ভাইৰ লগত বিয়াৰ বন্ধনৰ কাৰণে পবিত্ৰ হৈছে। এইদৰে নোহোৱা হʼলে তোমালোকৰ লʼৰা-ছোৱালী অশুচি হʼলহেঁতেন, কিন্তু এতিয়া সিহঁত পবিত্ৰ হয়। ১৫ কিন্তু অবিশ্বাসী সংগীয়ে যদি বেলেগ হʼবলৈ বিচাৰে, তেনেহʼলে তেওঁক বেলেগ হʼবলৈ দিয়া। এনে পৰিস্থিতিত এজন ভাই বা ভনীয়ে নিজৰ সংগীৰ লগত থকাটো কোনো বাধ্যতা নাই। ঈশ্বৰে তোমালোকক শান্তিৰে জীয়াই থাকিবলৈ মাতিছে। ১৬ কাৰণ হে পত্নী, যদি তুমি নিজৰ স্বামীৰ লগত থাকা, তেনেহʼলে কোনে জানে তুমি নিজৰ স্বামীক বচাব পাৰা? অথবা হে স্বামী, যদি তুমি নিজৰ পত্নীৰ লগত থাকা, তেনেহʼলে কোনে জানে তুমি নিজৰ পত্নীক বচাব পাৰা?
১৭ যিহোৱাই* প্ৰতিজনক যি দিছে আৰু ঈশ্বৰে প্ৰতিজনক যি অৱস্থাত মাতিছে, তেওঁ তেনেকৈ চলক। মই সকলো মণ্ডলীক এই নিৰ্দেশনাই দিওঁ। ১৮ কোনো মানুহক চুন্নৎ হোৱা অৱস্থাত মতা হৈছিল নে? তেনেহʼলে তেওঁ সেই অৱস্থাতে থাকক। কোনো মানুহক চুন্নৎ নোহোৱা অৱস্থাত মতা হৈছিল নে? তেনেহʼলে তেওঁ চুন্নৎ নকৰক। ১৯ চুন্নৎ হোৱা অৱস্থা আৰু চুন্নৎ নোহোৱা অৱস্থাত থকাটো কোনো অৰ্থ নাৰাখে। কিন্তু ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰাটোহে গুৰুত্বপূৰ্ণ। ২০ প্ৰতিজনক যি অৱস্থাত মতা হৈছে, তেওঁ তেনেকৈয়ে থাকক। ২১ যেতিয়া তুমি এজন দাস আছিলা, তেতিয়া তোমাক মতা হৈছিল নে? তেনেহʼলে এই কথাই তোমাক আমনি নকৰক। কিন্তু তুমি যদি স্বাধীন হʼব পাৰা, তেনেহʼলে এনে সুযোগ এৰি নিদিবা। ২২ কাৰণ যিজনক দাস হিচাপে প্ৰভুত মতা হৈছিল, তেওঁ প্ৰভুত স্বাধীন হয় আৰু তেওঁৰেই হয়। ঠিক সেইদৰে যিজনক স্বাধীন মানুহ হিচাপে মতা হৈছিল, তেওঁ খ্ৰীষ্টৰ দাস হয়। ২৩ তোমাক মূল্য দি কিনি লোৱা হৈছে, মানুহৰ দাস হʼবলৈ বন্ধ কৰা। ২৪ ভাইসকল, প্ৰতিজনক যি অৱস্থাত মতা হৈছে, তেওঁ ঈশ্বৰৰ আগত তেনেকৈয়ে থাকক।
২৫ অবিবাহিত লোকসকলৰ বিষয়ে মই প্ৰভুৰ পৰা কোনো আজ্ঞা পোৱা নাই। তথাপি প্ৰভুৰ পৰা দয়া পাই বিশ্বাসযোগ্য হোৱা ব্যক্তি হিচাপে মই নিজৰ মতামত দিছোঁ। ২৬ সেইবাবে, মই ভাবোঁ যে আজি-কালিৰ কঠিন পৰিস্থিতি চাই এজন মানুহ যেনেকৈ আছে, তেনেকৈ থকাটোৱেই সকলোতকৈ ভাল। ২৭ তুমি পত্নীৰ সৈতে বন্ধা হৈছা নে? তেনেহʼলে তেওঁৰ পৰা মুক্ত হʼবলৈ চেষ্টা কৰিবলৈ বন্ধ কৰা। তুমি পত্নীৰ পৰা মুক্ত আছা নে? তেনেহʼলে এজনী পত্নী বিচাৰিবলৈ বন্ধ কৰা। ২৮ কিন্তু তুমি যদি বিয়া কৰিও লোৱা, তেনেহʼলে কোনো পাপ নকৰা। আৰু যদি কোনো এজন অবিবাহিতে বিয়া কৰে, তেনেহʼলে তেওঁ কোনো পাপ নকৰে। তথাপি যিসকলে বিয়া কৰে, তেওঁলোকে শাৰীৰিক দুখ-কষ্ট ভুগিব লাগিব। কিন্তু মই তোমালোকক এইবোৰৰ পৰা বচাব বিচাৰোঁ।
২৯ ইয়াৰ উপৰিও, ভাইসকল মই এয়া কৈছোঁ, যি সময় আছে, তাৰ সংখ্যা কম কৰা হৈছে। সেইবাবে, যিসকলৰ পত্নী আছে, তেওঁলোকে এতিয়াৰে পৰা এনেদৰে থাকক যেন তেওঁলোকৰ পত্নী নাই। ৩০ আৰু যিসকলে কান্দে তেওঁলোকে এনেদৰে থাকক যেন তেওঁলোকে নাকান্দে, যিসকলে আনন্দ কৰে তেওঁলোকে এনেদৰে থাকক যেন তেওঁলোকে আনন্দ নকৰে আৰু যিসকলে কিনে তেওঁলোকে এনেদৰে থাকক যেন তেওঁলোকে কিনাই নাই। ৩১ এই জগতক ব্যৱহাৰ কৰাবিলাক এনে হওক যেন তেওঁলোকে ইয়াক সম্পূৰ্ণৰূপে ব্যৱহাৰ নকৰে, কিয়নো এই জগতৰ দৃশ্য সলনি হৈ আছে। ৩২ সঁচাকৈ, তোমালোকে চিন্তাবোৰৰ পৰা মুক্ত হোৱাটো মই বিচাৰোঁ। অবিবাহিত পুৰুষে প্ৰভুৰ সেৱাৰ লগত জড়িত বিষয়বোৰ চিন্তা কৰে যে তেওঁ কেনেকৈ প্ৰভুক আনন্দিত কৰিব। ৩৩ কিন্তু বিবাহিত পুৰুষে সংসাৰৰ কথাবোৰৰ বিষয়ে চিন্তা কৰে যে তেওঁ নিজৰ পত্নীক কেনেকৈ আনন্দিত কৰিব ৩৪ আৰু তেওঁৰ মন দুভাগ হৈ আছে। ইয়াৰ উপৰিও, অবিবাহিতা বা কুমাৰী তিৰোতাই প্ৰভুৰ সেৱাৰ লগত জড়িত বিষয়বোৰ চিন্তা কৰে যাতে তেওঁ নিজৰ শৰীৰ আৰু মনেৰে পবিত্ৰ হৈ থাকে। কিন্তু বিবাহিতা তিৰোতাই সংসাৰৰ কথাবোৰৰ বিষয়ে চিন্তা কৰে যে তেওঁ কেনেকৈ নিজৰ স্বামীক আনন্দিত কৰিব। ৩৫ মই তোমালোকক বাধা দিবলৈ নহয়,* কিন্তু তোমালোকৰ লাভৰ কাৰণে কৈ আছোঁ। আচলতে, মই তোমালোকক সঠিক কাম কৰিবলৈ উৎসাহিত কৰি আছোঁ যাতে তোমালোকে প্ৰভুৰ সেৱাত সম্পূৰ্ণ ধ্যান দিব পাৰা।
৩৬ কিন্তু কোনো অবিবাহিত ব্যক্তিক যদি লাগে যে তেওঁ যৌন ইচ্ছা নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু তেওঁ যৌৱনৰ কোমল বয়স পাৰ কৰিলে, তেনেহʼলে তেওঁ বিয়া কৰা উচিত। এনে কৰি তেওঁ পাপ নকৰে। এনে লোকসকলে বিয়া কৰি লওক। ৩৭ কিন্তু কোনোবাই যদি অবিবাহিত হৈ থাকিবলৈ নিজৰ মনত থিৰাং কৰি লৈছে আৰু তেওঁ নিজৰ নিৰ্ণয়ত স্থিৰ হৈ থাকে, কিয়নো তেওঁ বিয়া কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে আৰু নিজৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰে, তেনেহʼলে তেওঁ ভাল কৰে। ৩৮ সেইবাবে, যিজনে বিয়া কৰে, তেওঁ ভাল কৰে। কিন্তু যিজনে বিয়া নকৰে, তেওঁ বেছি ভাল কৰে।
৩৯ এগৰাকী পত্নীয়ে নিজৰ স্বামী জীয়াই থকা অৱস্থাতে তেওঁৰ লগত বন্ধা হৈ থাকে। কিন্তু যদি তেওঁৰ স্বামী মৃত্যুৰ টোপনিত যায়, তেনেহʼলে তেওঁ যিজনক বিচাৰে, তেওঁৰ লগত বিয়া হʼব পাৰে, কিন্তু কেৱল প্ৰভুত। ৪০ মোৰ মতে তেওঁ যেনেকুৱা আছে, তেনেকুৱাই থাকিলে বেছি আনন্দত থাকিব। মোৰ বিশ্বাস আছে যে এইবোৰ কʼবলৈ মোক ঈশ্বৰৰ পবিত্ৰ শক্তিয়ে অনুপ্ৰাণিত কৰিছে।
৮ এতিয়া মই মূৰ্তিবোৰক উছৰ্গা কৰা খোৱাবস্তুৰ বিষয়ে লিখি আছোঁ। আমি জানোঁ যে এই বিষয়ে আমাৰ সকলোৰে জ্ঞান আছে। জ্ঞানে অহংকাৰ আনে, কিন্তু প্ৰেমে মজবুত কৰে। ২ যদি কোনোবাই ভাবে যে তেওঁৰ ওচৰত কিবা বিষয়ত জ্ঞান আছে, তেনেহʼলে প্ৰকৃততে তেওঁৰ ওচৰত সিমান জ্ঞান নাই, যিমান হোৱা উচিত। ৩ কিন্তু কোনোৱে যদি ঈশ্বৰক প্ৰেম কৰে, তেনেহʼলে ঈশ্বৰে তেওঁক জানে।
৪ মূৰ্তিবোৰক উছৰ্গা কৰা বস্তুবোৰ খোৱাৰ বিষয়ে আমি জানোঁ যে মূৰ্তি এই জগতত একোৱেই নহয় আৰু সত্য ঈশ্বৰৰ বাহিৰে আৰু কোনো ঈশ্বৰ নাই। ৫ লোকসকলে কয়, স্বৰ্গ আৰু পৃথিৱীত বহুত ঈশ্বৰ আছে। সেইবাবে, লোকসকলৰ দৃষ্টিত বহুত ঈশ্বৰ আৰু প্ৰভু আছে। ৬ কিন্তু আচলতে আমাৰ কাৰণে এজনেই ঈশ্বৰ আছে অৰ্থাৎ পিতৃ, যাৰ যোগেদি সকলো বস্তু সৃষ্টি কৰা হৈছে আৰু আমি তেওঁৰ কাৰণেই অস্তিত্বত আছোঁ। এজনেই প্ৰভু আছে অৰ্থাৎ যীচু খ্ৰীষ্ট, যাৰ যোগেদি সকলো বস্তু সৃষ্টি কৰা হৈছে আৰু আমিও তেওঁৰ যোগেদি হওঁ।
৭ তথাপি এই জ্ঞান সকলোৰে ওচৰত নাই। যিসকলে আগতে মূৰ্তিপূজা কৰিছিল, তেওঁলোকে আজিও যেতিয়া মূৰ্তিবোৰক উছৰ্গা কৰা বস্তুবোৰ খায়, তেতিয়া তেওঁলোকে ভাবে যে তেওঁলোকে মূৰ্তিবোৰৰ উপাসনা কৰিছে। আৰু তেওঁলোকৰ বিবেক দুৰ্বল হোৱাৰ কাৰণে অশুচি হৈ যায়। ৮ আহাৰে আমাক ঈশ্বৰৰ কাষ নচপায়। যদি আমি নাখাওঁ, তেনেহʼলে আমাৰ কোনো লোকচান নহয় আৰু যদি আমি খাওঁ, তেনেহʼলে আমাৰ কোনো লাভ নহয়। ৯ কিন্তু সদায় মনত ৰাখিবা যে তোমালোকৰ ওচৰত বাছনি কৰাৰ যি অধিকাৰ আছে, তাক এনেদৰে ব্যৱহাৰ নকৰিবা যেন তোমালোক দুৰ্বল লোকসকলে বিশ্বাসৰ পৰা আঁতৰি যোৱাৰ কাৰণ হোৱা। ১০ কাৰণ কোনো দুৰ্বল মানুহে যদি তোমাৰ নিচিনা জ্ঞান থকা লোকক মূৰ্তিৰ মন্দিৰত খোৱা দেখে, তেনেহʼলে মূৰ্তিবোৰক উছৰ্গা কৰা বস্তু খাবলৈ তেৱোঁ সাহস নকৰিব নে? ১১ তোমাৰ জ্ঞানৰ কাৰণে সেই দুৰ্বল মানুহজন ধ্বংস হৈ আছে, হয়, তোমাৰ সেই ভাই, যিজনৰ কাৰণে খ্ৰীষ্টই নিজৰ জীৱন দিছে। ১২ যদি তোমালোকে নিজৰ ভাইৰ বিৰুদ্ধে এইদৰে পাপ কৰা আৰু তেওঁলোকৰ দুৰ্বল বিবেকক আঘাত দিয়া, তেনেহʼলে তোমালোকে খ্ৰীষ্টৰ বিৰুদ্ধে পাপ কৰি আছা। ১৩ সেইবাবে, আহাৰ যদি মোৰ ভাইৰ কাৰণে বিশ্বাসৰ পৰা আঁতৰি যোৱাৰ কাৰণ হয়, তেনেহʼলে মই কেতিয়াও মাংস নাখাম যাতে মই মোৰ ভাইৰ কাৰণে বিশ্বাসৰ পৰা আঁতৰি যোৱাৰ কাৰণ নহওঁ।
৯ যি ইচ্ছা তাকেই কৰিবলৈ মই স্বাধীন নহওঁ নে? মই এজন পাঁচনি* নহওঁ নে? মই আমাৰ প্ৰভু যীচুক দেখা নাই নে? তোমালোক প্ৰভুত মোৰ পৰিশ্ৰমৰ ফল নোহোৱা নে? ২ মই আনৰ কাৰণে পাঁচনি নহʼলেও তোমালোকৰ কাৰণে নিশ্চয় হওঁ! কাৰণ তোমালোকেই সেই প্ৰমাণ, যিয়ে দেখুৱায় যে মই প্ৰভুৰ এজন পাঁচনি।
৩ যিসকলে মোৰ বিচাৰ কৰে, তেওঁলোকক মই এই উত্তৰ দিছোঁ: ৪ আমি খোৱা-বোৱা কৰাৰ অধিকাৰ নাই নে? ৫ আমি বিয়া কৰি নিজৰ বিশ্বাসী পত্নীক* নিজৰ লগত নিবলৈ অধিকাৰ নাই নে, যিদৰে বাকী পাঁচনি, প্ৰভুৰ ভাই আৰু কৈফাও* কৰে? ৬ অথবা কেৱল বাৰ্ণব্বা আৰু ময়েই প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কাম কৰাৰ প্ৰয়োজন আছে নে? আমি কোনো কাম নকৰাকৈ থকাৰ আমাৰ অধিকাৰ নাই নে? ৭ এনে কোন সৈনিক আছে, যিজনে নিজৰ খৰচ-পাতি নিজেই বহন কৰে? এনে কোন আছে, যিজনে দ্ৰাক্ষাবাৰী পাতিও তাৰ ফল নাখায়? বা এনে কোন ৰখীয়া আছে, যিজনে জাকৰ চোৱা-চিতাতো কৰে, কিন্তু তাৰ গাখীৰৰ কিছু অংশও নলয়।
৮ মই এই কথাবোৰ কেৱল মানুহৰ দৃষ্টিৰে কৈ আছোঁ নে? নিয়মেও এই কথাবোৰেই নকয় নে? ৯ কাৰণ মোচিৰ নিয়মত লিখা আছে, “তুমি মৰণা মাৰোঁতে ষাঁড় গৰুৰ মুখত মোখোৰা নাবান্ধিবা।” ঈশ্বৰে কেৱল ষাঁড় গৰুবোৰৰ বিষয়ে চিন্তা কৰি এইদৰে কৈছে নে? ১০ তেওঁ এই কথা আমাৰ কাৰণে কোৱা নাছিল নে? আচলতে এই কথা আমাৰ কাৰণেই লিখা হৈছিল। কাৰণ যিজনে হাল বায়, তেওঁ শস্য পাবলৈ আশা ৰখাটো ভুল নহয় আৰু যিজনে মৰণা মাৰে, তেওঁ শস্যৰ ভাগ পাবলৈ আশা ৰখাটো ভুল নহয়।
১১ আমি তোমালোকৰ মাজত ঈশ্বৰৰ বাক্য সিঁচিলোঁ, তেনেহʼলে তাৰ সলনি তোমালোকে আমাৰ প্ৰয়োজনীয়তা পূৰ কৰাটো ভুল হʼব নে? ১২ আন লোকসকলৰ যদি তোমালোকৰ পৰা এনেধৰণৰ সহায় লাভ কৰাৰ অধিকাৰ থাকে, তেনেহʼলে আমাৰ আৰু বেছি অধিকাৰ নাই নে? তথাপিও আমি কেতিয়াও এই অধিকাৰ ব্যৱহাৰ কৰা নাই। ইয়াৰ পৰিৱৰ্তে, আমি সকলো সহ্য কৰি আছোঁ যাতে আমাৰ কাৰণে খ্ৰীষ্টৰ শুভবাৰ্তা বিয়পাত কোনো বাধা নাহে। ১৩ তোমালোকে নাজানা নে যিসকলে মন্দিৰৰ পবিত্ৰ সেৱাৰ লগত জড়িত কামবোৰ কৰে, তেওঁলোকে মন্দিৰৰ পৰা পোৱা বস্তুবোৰ খায়? আৰু যিসকলে বেদীৰ ওচৰত সেৱা কৰাত লাগি থাকে, তেওঁলোকে বেদীত বলিদান কৰা বস্তুবোৰৰ অংশ পায়? ১৪ ঠিক সেইদৰে, প্ৰভুৱে শুভবাৰ্তা শুনোৱা লোকসকলৰ কাৰণেও এই আজ্ঞা দিছে যে শুভবাৰ্তাৰ যোগেদি তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ হওক।
১৫ কিন্তু মই ইয়াৰ পৰা এটাও ব্যৱস্থাৰ সুযোগ লোৱা নাই। আচলতে মোৰ কাৰণে এইবোৰ কৰা হওক বুলি মই এই কথাবোৰ লিখা নাই, কিয়নো ইয়াতকৈতো মই মৰি যোৱাই ভাল। মই গৰ্ব কৰাৰ মোৰ ওচৰত যি কাৰণ আছে, ইয়াক মই আন মানুহক কাঢ়ি লʼবলৈ নিদিওঁ। ১৬ এতিয়া যদি মই শুভবাৰ্তা শুনাওঁ, তেনেহʼলে এয়া মোৰ কাৰণে গৰ্ব কৰাৰ কোনো কাৰণ নাই, কিয়নো এনে কৰাটো মোৰ কৰ্তব্য হয়। যদি মই শুভবাৰ্তা নুশুনাওঁ, তেনেহʼলে মই নিজকে ধিক্কাৰ দিছোঁ! ১৭ যদি মই এই কাম নিজৰ ইচ্ছাৰে কৰোঁ, তেনেহʼলে মই পুৰস্কাৰ পাম। আৰু যদি মই এই কাম ইচ্ছা নোহোৱাৰ সত্ত্বেও কৰোঁ, তেতিয়াও মই প্ৰবন্ধকৰ কাম কৰি আছোঁ, যি প্ৰভুৱে মোক দিছে। ১৮ সেই পুৰস্কাৰ কি হয়, যি মই পাম? এয়াই যে যেতিয়া মই শুভবাৰ্তা শুনাওঁ, তেতিয়া বিনামূল্যত শুভবাৰ্তা শুনাওঁ যাতে মই শুভবাৰ্তাৰ ক্ষেত্ৰত নিজৰ অধিকাৰক বেয়া ব্যৱহাৰ নকৰোঁ।
১৯ যদিও মই কোনো মানুহৰ দাস নহওঁ, তথাপি মই নিজকে সকলোৰে দাস কৰিলোঁ যাতে মই বেছিতকৈ বেছি লোকসকলক খ্ৰীষ্টৰ পথত আনিব পাৰোঁ। ২০ মই যিহূদীসকলৰ কাৰণে যিহূদীৰ দৰে হʼলোঁ যাতে যিহূদীসকলক আনিব পাৰোঁ। যিসকল নিয়মৰ অধীনত আছে, তেওঁলোকৰ কাৰণে মই নিয়মৰ অধীনত থকা লোকসকলৰ দৰে হʼলোঁ যাতে যিসকল নিয়মৰ অধীনত আছে, তেওঁলোকক আনিব পাৰোঁ, যদিও মই নিজেই নিয়মৰ অধীনত নাই। ২১ ঈশ্বৰৰ ওচৰত মই নিয়ম নথকা মানুহ নহওঁ, কিয়নো মই খ্ৰীষ্টৰ নিয়মৰ অধীনত আছোঁ। তথাপি মই নিয়ম নথকা লোকসকলৰ কাৰণে নিয়ম নথকা লোকসকলৰ দৰে হʼলোঁ যাতে তেওঁলোকক আনিব পাৰোঁ। ২২ মই দুৰ্বল লোকসকলৰ কাৰণে দুৰ্বল হʼলোঁ যাতে দুৰ্বল লোকসকলক আনিব পাৰোঁ। মই সকলো ধৰণৰ লোকসকলৰ কাৰণে সকলো হʼলোঁ যাতে মই সকলো উপায়েৰে কিছুমান লোকৰ উদ্ধাৰ কৰিব পাৰোঁ। ২৩ মই সকলো শুভবাৰ্তাৰ কাৰণে কৰোঁ যাতে এই খবৰ মই আনক শুনাব পাৰোঁ।
২৪ তোমালোকে নাজানা নে দৌৰত ভাগ লোৱা সকলোৱে দৌৰে, কিন্তু এজনেই পুৰস্কাৰ পায়? এইদৰে দৌৰা যেন তোমালোকে পুৰস্কাৰ পোৱা। ২৫ প্ৰতিযোগিতাত ভাগ লোৱা লোকসকলে* সকলো কথাত আত্মনিয়ন্ত্ৰণ কৰে। তেওঁলোকে এনে কিৰীটিৰ কাৰণে এই সকলো কৰে, যি ধ্বংস হৈ যাব পাৰে। কিন্তু আমি সেই কিৰীটিৰ কাৰণে কৰোঁ, যি কেতিয়াও ধ্বংস নহʼব। ২৬ সেইবাবে, মই দৌৰ মাৰোঁ, কিন্তু লক্ষ্য নোহোৱাকৈ নহয়। মই ঘোচা মাৰোঁ, কিন্তু বতাহত ঘোচা মৰাৰ দৰে নামাৰোঁ। ২৭ কিন্তু আনক প্ৰচাৰ কৰাৰ পাছত নিজে যেন কোনো কাৰণৰ বাবে অযোগ্য নহওঁ, সেই কাৰণে মই নিজৰ শৰীৰক মাৰি আঘাত কৰোঁ আৰু ইয়াক দাস বনাই নিয়ন্ত্ৰণত ৰাখোঁ।
১০ ভাইসকল, তোমালোকে এই কথা জনাটো মই বিচাৰোঁ যে আমাৰ সকলো পূৰ্বপুৰুষে মেঘৰ তলত আছিল আৰু তেওঁলোক সকলোৱে সমুদ্ৰৰ মাজেদি পাৰ হৈছিল। ২ যেতিয়া তেওঁলোকে মেঘৰ তলত আছিল আৰু সমুদ্ৰৰ মাজেদি পাৰ হৈছিল, তেতিয়া তেওঁলোকে মোচিত বাপ্তিষ্মা লৈছিল। ৩ সকলোৱে ঈশ্বৰৰ পৰা পোৱা একে আহাৰ খাইছিল ৪ আৰু ঈশ্বৰৰ পৰা পোৱা একে পানী খাইছিল। কাৰণ তেওঁলোকে ঈশ্বৰৰ সেই শিলাৰ পৰা খাইছিল, যি তেওঁলোকৰ লগত গৈছিল আৰু সেই শিলাই খ্ৰীষ্টক চিত্ৰিত কৰিছিল।* ৫ তথাপি ঈশ্বৰে তেওঁলোকৰ মাজৰ বেছিভাগ লোকৰ পৰা আনন্দিত নাছিল। সেইবাবে, তেওঁলোকক অৰণ্যত* হত্যা কৰা হʼল।
৬ যিবোৰ ঘটিছিল, তাৰ পৰা আমি শিকিব পাৰোঁ যে তেওঁলোকে যিদৰে বেয়া কথাবোৰৰ ইচ্ছা কৰিছিল, ঠিক সেইদৰে আমি যেন নকৰোঁ। ৭ নাইবা আমি মূৰ্তিপূজা কৰা লোকসকলৰ দৰেও নহওঁ, যিদৰে তেওঁলোকৰ মাজৰ কিছুমানে কৰিছিল, যেনেকৈ শাস্ত্ৰত লিখা আছে, “লোকসকলে বহি খোৱা-বোৱা কৰিলে। তাৰ পাছত তেওঁলোকে ফূৰ্তি কৰিবলৈ ধৰিলে।” ৮ নাইবা আমি অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখাৰো পাপ নকৰোঁ, যিদৰে তেওঁলোকৰ মাজৰ কিছুমানে কৰিছিল আৰু এদিনতে তেওঁলোকৰ মাজৰ ২৩,০০০ জন লোকক হত্যা কৰা হʼল। ৯ নাইবা আমি যিহোৱাৰ* পৰীক্ষাও নলওঁ, যিদৰে তেওঁলোকৰ মাজৰ কিছুমানে তেওঁৰ পৰীক্ষা লৈছিল আৰু সাপে খোঁটাৰ কাৰণে মৃত্যু হৈছিল। ১০ নাইবা আমি ভোৰভোৰাইও নাথাকোঁ, যিদৰে তেওঁলোকৰ মাজৰ কিছুমানে ভোৰভোৰাইছিল আৰু এজন স্বৰ্গদূতৰ যোগেদি মৃত্যু হৈছিল। ১১ তেওঁলোকৰ লগত যিবোৰ ঘটিল, সেইবোৰ আমাৰ কাৰণে উদাহৰণ হয় আৰু জগতৰ ব্যৱস্থাবোৰৰ শেষ সময়ছোৱাত জীয়াই থকা লোক অৰ্থাৎ আমাৰ কাৰণে সতৰ্কবাণী লিখা হৈছিল।
১২ সেইবাবে, যিজনে থিয় হৈ আছোঁ বুলি ভাবে, তেওঁ সাৱধান হওক যেন তেওঁ পৰি নাযায়। ১৩ মানুহে সাধাৰণতে যি সমস্যাৰ সন্মুখীন হয়, সেইবোৰৰ বাহিৰে আন কোনো সমস্যা তোমালোকৰ ওপৰত অহা নাই। কিন্তু ঈশ্বৰ বিশ্বাসযোগ্য হয় আৰু তেওঁ তোমালোকক এনে কোনো পৰীক্ষাত পৰিবলৈ নিদিব, যি তোমালোকে সহিব নোৱাৰা। কিন্তু পৰীক্ষাৰ লগতে তেওঁ তোমালোকক তাৰ পৰা ওলাই আহিবলৈ ৰাস্তাও দেখুৱাব যাতে তোমালোকে ইয়াক সহ্য কৰিব পাৰা।
১৪ সেইবাবে মৰমৰ বন্ধুসকল, মূৰ্তিপূজাৰ পৰা দূৰলৈ পলোৱা। ১৫ মই তোমালোকক বিবেচক বুলি ভাবি তোমালোকৰ লগত কথা পাতি আছোঁ। তোমালোকে নিজেই নিৰ্ণয় লোৱা যে মই যি কৈ আছোঁ, সেয়া সঠিক হয় নে ভুল হয়। ১৬ যেতিয়া আমি ধন্যবাদৰ পাত্ৰৰ কাৰণে ধন্যবাদ দিওঁ, তেতিয়া আমি খ্ৰীষ্টৰ তেজৰ সহভাগীতা নহওঁ নে? যেতিয়া আমি ৰুটি ভাঙি খাওঁ, তেতিয়া আমি খ্ৰীষ্টৰ শৰীৰৰ সহভাগীতা নহওঁ নে? ১৭ ৰুটি এটাই আৰু আমি বহুত হৈও এক শৰীৰ হওঁ। কাৰণ আমি সকলোৱেই সেই ৰুটিৰ পৰাই খাওঁ।
১৮ জন্মগত ইস্ৰায়েলীসকললৈ মন কৰা। যিসকলে বলিদানৰ পৰা খায়, তেওঁলোক বেদীৰ সহভাগীতা নহয় নে? ১৯ তেনেহʼলে মই মূৰ্তি বা মূৰ্তিবোৰৰ আগত উছৰ্গা কৰা বলিদান গুৰুত্বপূৰ্ণ হয় বুলি কʼব বিচাৰিছোঁ নে? ২০ নহয়। ইয়াৰ পৰিৱৰ্তে মই এয়া কৈ আছোঁ যে আন ৰাষ্ট্ৰৰ লোকসকলে যি বলিদান আগবঢ়ায়, সেয়া ঈশ্বৰৰ কাৰণে নহয়, কিন্তু দুষ্ট স্বৰ্গদূতবিলাকৰ কাৰণে বলিদান আগবঢ়ায় আৰু তোমালোকে দুষ্ট স্বৰ্গদূতৰ লগত সহভাগী হোৱাটো মই নিবিচাৰোঁ। ২১ তোমালোকে যিহোৱাৰ* পাত্ৰ আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ পাত্ৰ, এই দুয়োটাৰ পৰা খাব নোৱাৰা। তোমালোকে যিহোৱাৰ* মেজ আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ মেজ, এই দুয়োটাৰ পৰা খাব নোৱাৰা। ২২ অথবা “আমি যিহোৱাৰ* খং তুলিবলৈ চেষ্টা কৰি আছোঁ নে”? আমি তেওঁতকৈ বেছি শক্তিশালী হওঁ নে?
২৩ সকলো কথা আইন-সংগত, কিন্তু সকলো কথা লাভজনক নহয়। সকলো কথা আইন-সংগত, কিন্তু সকলো কথাই উৎসাহিত নকৰে। ২৪ প্ৰতিজনে নিজৰ লাভৰ কাৰণে নহয়, কিন্তু আনৰ লাভৰ কাৰণে চিন্তা কৰি থাকক।
২৫ বজাৰত যিয়েই মাংস বিক্ৰী কৰা হয়, সেয়া খোৱা। তোমাৰ বিবেকৰ কাৰণে সোধ-পোছ নকৰিবা। ২৬ কাৰণ “পৃথিৱী আৰু ইয়াৰ সকলো বস্তু যিহোৱাৰ* হয়।” ২৭ যদি কোনো অবিশ্বাসীয়ে তোমালোকক খাবলৈ মাতে আৰু তোমালোকে যাব বিচাৰা, তেনেহʼলে যিয়েই তোমালোকৰ সন্মুখত ৰখা হয়, সেয়া খোৱা আৰু নিজৰ বিবেকৰ কাৰণে কোনো সোধ-পোছ নকৰিবা। ২৮ কিন্তু কোনোৱে যদি তোমালোকক কয়, “এয়া বলিদানৰ পৰা হয়,” তেনেহʼলে তেওঁ কোৱাৰ কাৰণে আৰু বিবেকৰ কাৰণে সেয়া নাখাবা। ২৯ বিবেক মানে তোমালোকৰ বিবেক নহয়, কিন্তু আনৰ বিবেক। মই নিজৰ এই স্বাধীনতা ব্যৱহাৰ কৰিব নিবিচাৰোঁ যাতে আনৰ বিবেকে মোক দোষী বুলি নকয়। ৩০ যদিও মই প্ৰাৰ্থনাত ধন্যবাদ দি সেয়া খাওঁ, তথাপি তাৰ কাৰণে যদি আনে মোক দোষী বুলি কয়, তেনেহʼলে মই সেয়া খোৱাটো সঠিক হʼব নে?
৩১ সেইবাবে, তোমালোকে খোৱা-বোৱা বা যিয়েই কাম নকৰা কিয়, সকলো ঈশ্বৰৰ মহিমাৰ কাৰণে কৰা। ৩২ তোমালোকে যিহূদী আৰু গ্ৰীকসকলৰ কাৰণে, লগতে ঈশ্বৰৰ মণ্ডলীৰ কাৰণে বিশ্বাসৰ পৰা আঁতৰি যোৱাৰ কাৰণ নহʼবা। ৩৩ যিদৰে ময়ো সকলো বিষয়ত সকলোকে আনন্দিত কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু নিজৰ লাভৰ কাৰণে নহয়, কিন্তু বহুতো লোকৰ লাভৰ কাৰণে চেষ্টা কৰি আছোঁ যাতে তেওঁলোকে উদ্ধাৰ পাব পাৰে।
১১ মোৰ উদাহৰণত চলা, যিদৰে মই খ্ৰীষ্টৰ উদাহৰণত চলোঁ।
২ মই তোমালোকক প্ৰশংসা কৰোঁ, কিয়নো তোমালোকে সকলো বিষয়ত মোক মনত পেলোৱা আৰু মই তোমালোকক যি যি শিক্ষা দিছিলোঁ, সেইবোৰ তোমালোকে দৃঢ়তাৰে পালন কৰি আছা। ৩ কিন্তু প্ৰতিজন পুৰুষৰ মূৰ হৈছে খ্ৰীষ্ট, তিৰোতাৰ মূৰ হৈছে পুৰুষ আৰু খ্ৰীষ্টৰ মূৰ হৈছে ঈশ্বৰ, ইয়াক তোমালোকে জনাটো মই বিচাৰোঁ। ৪ যদি কোনো পুৰুষে নিজৰ মূৰ ঢাকি প্ৰাৰ্থনা বা ভৱিষ্যবাণী কৰে, তেনেহʼলে তেওঁ নিজৰ মূৰৰ অপমান কৰে। ৫ কিন্তু যদি কোনো তিৰোতাই মূৰ নঢকাকৈ প্ৰাৰ্থনা বা ভৱিষ্যবাণী কৰে, তেনেহʼলে তেওঁ নিজৰ মূৰৰ অপমান কৰে, কিয়নো তেওঁ মূৰ খুৰুৱা তিৰোতাৰ নিচিনা হয়। ৬ কাৰণ যদি এগৰাকী তিৰোতাই নিজৰ মূৰ নাঢাকে, তেনেহʼলে তেওঁ নিজৰ চুলি চুটিকৈ কটা উচিত। কিন্তু যদি এগৰাকী তিৰোতাই চুলি কাটিলে বা মূৰ খুৰালে লাজৰ কথা হয়, তেনেহʼলে তেওঁ নিজৰ মূৰ ঢকা উচিত।
৭ এজন পুৰুষে নিজৰ মূৰ ঢাকিব নালাগে, কিয়নো তেওঁ ঈশ্বৰৰ প্ৰতিৰূপ হয় আৰু তেওঁৰ মহিমা হয়। কিন্তু তিৰোতা পুৰুষৰ মহিমা হয়। ৮ কাৰণ ঈশ্বৰে পুৰুষক তিৰোতাৰ শৰীৰৰ পৰা সৃষ্টি কৰা নাই, কিন্তু তিৰোতাক পুৰুষৰ শৰীৰৰ পৰা সৃষ্টি কৰিছে। ৯ লগতে পুৰুষক তিৰোতাৰ কাৰণে নহয়, কিন্তু তিৰোতাক পুৰুষৰ কাৰণে সৃষ্টি কৰা হৈছিল। ১০ সেইবাবে, স্বৰ্গদূতবিলাকৰ কাৰণে এগৰাকী তিৰোতাই নিজৰ মূৰত অধীনতাৰ চিন ৰখা উচিত।
১১ তথাপিও, প্ৰভুৰ ব্যৱস্থাত পুৰুষৰ অবিহনে তিৰোতা অস্তিত্বত থাকিব নোৱাৰে আৰু তিৰোতাৰ অবিহনে পুৰুষ অস্তিত্বত থাকিব নোৱাৰে। ১২ কাৰণ যিদৰে তিৰোতাক পুৰুষৰ পৰা সৃষ্টি কৰা হৈছে, ঠিক সেইদৰে তিৰোতাৰ পৰা পুৰুষৰ জন্ম হয়। কিন্তু সকলো ঈশ্বৰেই সৃষ্টি কৰিছে। ১৩ তোমালোকে নিজেই নিৰ্ণয় লোৱা: এগৰাকী তিৰোতাই মূৰ নঢকাকৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাটো উচিত হʼব নে? ১৪ এয়া স্বাভাৱিক নহয় নে যদি এজন পুৰুষে চুলি দীঘলকৈ থয়, তেনেহʼলে এয়া তেওঁৰ বাবে অপমানজনক কথা হয়? ১৫ কিন্তু এগৰাকী তিৰোতাৰ চুলি যদি দীঘল আছে, তেনেহʼলে এয়া তেওঁৰ কাৰণে সন্মানৰ বিষয়। কিয়নো সেই দীঘল চুলি তেওঁক ওৰণিৰ পৰিৱৰ্তে দিয়া হৈছে। ১৬ কিন্তু যদি কোনোৱে আনৰ ৰীতিক লৈ তৰ্ক কৰিব বিচাৰে, তেনেহʼলে তেওঁ এয়া জানি লওক যে আমাৰ মাজত আৰু ঈশ্বৰৰ মণ্ডলীৰ মাজত আন কোনো ৰীতি নাই।
১৭ কিন্তু এই নিৰ্দেশনা দিয়াৰ সময়ত মই তোমালোকক প্ৰশংসা নকৰোঁ, কিয়নো যেতিয়া তোমালোকে একগোট হোৱা, তেতিয়া ভাল হোৱাৰ পৰিৱৰ্তে বেছি বেয়াহে হয়। ১৮ প্ৰথমতে মই শুনিবলৈ পাইছোঁ যে যেতিয়া তোমালোকে মণ্ডলীত একগোট হোৱা, তেতিয়া তোমালোকৰ মাজত বিভেদ সৃষ্টি হয় আৰু কিছু পৰিমাণে মই এই কথাৰ ওপৰত বিশ্বাসো কৰিছোঁ। ১৯ কাৰণ তোমালোকৰ মাজত মতভেদ নিশ্চয় হʼব আৰু এয়া প্ৰকাশ হʼব যে কাৰ ওপৰত ঈশ্বৰৰ অনুমোদন আছে।
২০ যেতিয়া তোমালোকে প্ৰভুৰ সন্ধ্যা ভোজৰ কাৰণে একগোট হোৱা, তেতিয়া আচলতে তোমালোকে ভোজ খাবলৈ একগোট নোহোৱা। ২১ কাৰণ তোমালোকৰ মাজৰ কিছুমানে ৰাতিৰ আহাৰ আগতেই খাই লোৱা। সেইবাবে, প্ৰভুৰ সন্ধ্যা ভোজৰ সময়ত তোমালোকৰ মাজত কোনোবাই ভোকত থাকে নাইবা কোনোবাই মতলীয়া হৈ থাকে। ২২ খোৱা-বোৱা কৰিবলৈ তোমালোকৰ ঘৰ নাই নে? বা তোমালোকে ঈশ্বৰৰ মণ্ডলীক তুচ্ছ বুলি ভাবিছা নে? আৰু যিসকলৰ ওচৰত একো নাই, তেওঁলোকক লাজত পেলাইছা নে? মই তোমালোকক কি কʼম? মই তোমালোকক প্ৰশংসা কৰিম নে? মই এই কথাত তোমালোকৰ প্ৰশংসা নকৰোঁ।
২৩ যি কথা প্ৰভুৱে মোক কৈছিল, সেয়াই মই তোমালোকক শিকাইছিলোঁ যে যি ৰাতি প্ৰভু যীচুৰ লগত বিশ্বাসঘাত কৰি তেওঁক ধৰাই দিবলগীয়া আছিল, সেই ৰাতি তেওঁ এখন ৰুটি লʼলে ২৪ আৰু প্ৰাৰ্থনাত ধন্যবাদ দিয়াৰ পাছত সেয়া ভাঙিলে আৰু কʼলে, “ইয়ে মোৰ শৰীৰক চিত্ৰিত কৰে, যি তোমালোকৰ কাৰণে দিয়া হʼব। মোক সুঁৱৰিবলৈ এইদৰেই কৰি থাকিবা।” ২৫ নিস্তাৰ পৰ্বৰ ভোজ খোৱাৰ পাছত তেওঁ এটা পাত্ৰ লৈয়ো এইদৰেই কৰিলে আৰু কʼলে, “এই পাত্ৰই ঈশ্বৰৰ লগত কৰা সেই নতুন চুক্তিক চিত্ৰিত কৰে, যাক মোৰ তেজেৰে নিশ্চিত কৰা হʼব। যেতিয়া তোমালোকে এই পাত্ৰৰ পৰা খাবা, তেতিয়া মোক সুঁৱৰিবলৈ এইদৰেই কৰি থাকিবা।” ২৬ যেতিয়া তোমালোকে এই ৰুটি খোৱা আৰু এই পাত্ৰৰ পৰা খোৱা, তেতিয়া তোমালোকে তেওঁৰ মৃত্যুৰ ঘোষণা কৰা আৰু এইদৰে তোমালোকে প্ৰভু অহালৈকে কৰি থাকা।
২৭ সেইবাবে, যি কোনোৱে অযোগ্য অৱস্থাত ৰুটি খায় আৰু প্ৰভুৰ পাত্ৰৰ পৰা খায়, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ বিৰুদ্ধে পাপ কৰে। ২৮ ৰুটি খোৱাৰ আৰু পাত্ৰৰ পৰা খোৱাৰ আগেয়ে এজন ব্যক্তিয়ে প্ৰথমে নিজকে চালি-জাৰি চাওক যে তেওঁ সেইবোৰ খোৱাৰ যোগ্য হয় নে নহয়, তাৰ পাছতহে তেওঁ সেইবোৰ খাব পাৰে। ২৯ কাৰণ যিজনে প্ৰভুৰ শৰীৰৰ অৰ্থ কি, সেয়া নুবুজাকৈ খায়, তেওঁ নিজকে দোষী কৰে। ৩০ সেইবাবে, তোমালোকৰ মাজৰ বহুতো লোক দুৰ্বল আৰু অসুস্থ আৰু বহুতো লোক মৃত্যুৰ টোপনিত আছে।* ৩১ কিন্তু আমি যদি নিজকে চালি-জাৰি চাওঁ যে আমি কেনে ব্যক্তি, তেনেহʼলে আমাক দোষী কৰা নহʼব। ৩২ আৰু যেতিয়া আমি দোষী হওঁ, তেতিয়া যিহোৱাই* আমাক শুধৰণি কৰে যাতে আমি জগতৰ লগত শাস্তি নাপাওঁ। ৩৩ সেইবাবে মোৰ ভাইসকল, যেতিয়া তোমালোকে এয়া খাবলৈ একগোট হোৱা, তেতিয়া এজনে-আনজনৰ অপেক্ষা কৰা। ৩৪ যদি কোনোবাই ভোকত আছে, তেনেহʼলে তেওঁ ঘৰত খোৱা-বোৱা কৰক যাতে তোমালোকে একগোট হোৱাটো শাস্তিৰ কাৰণ নহয়। বাকী বিষয়বোৰ যেতিয়া মই তালৈ আহিম, তেতিয়া শুধৰণি কৰিম।
১২ এতিয়া ভাইসকল, পবিত্ৰ শক্তিৰ পৰা পোৱা বৰদানৰ বিষয়ে তোমালোকে ভালদৰে জনাটো মই বিচাৰোঁ। ২ তোমালোকে জানা যে যেতিয়া তোমালোক এই জগতৰ আছিলা,* তেতিয়া তোমালোকক বিচলিত কৰা হৈছিল আৰু বোবা মূৰ্তিবোৰক পূজা কৰিবলৈ ভুলোৱা হৈছিল আৰু সিহঁতে তোমালোকক যʼলৈ বিচাৰিছিল, তালৈ লৈ গৈছিল। ৩ মই তোমালোকক এই বিষয়টো স্পষ্ট কৰিব বিচাৰোঁ যে পবিত্ৰ শক্তি পাই কোনেও এইদৰে নকʼব: “যীচু অভিশপ্ত!” আৰু পবিত্ৰ শক্তিৰ অবিহনে কোনেও এইদৰে কʼব নোৱাৰে: “যীচু প্ৰভু হয়!”
৪ বৰদান বেলেগ বেলেগ ধৰণৰ আছে, কিন্তু পবিত্ৰ শক্তি এটাই আছে। ৫ সেৱা বেলেগ বেলেগ ধৰণৰ আছে, কিন্তু প্ৰভু এজনেই। ৬ আৰু যি কাম হৈ আছে, সেয়া বেলেগ বেলেগ ধৰণৰ আছে, তথাপি ঈশ্বৰ এজনেই, যিজনে সকলো লোকৰ যোগেদি এই কাম কৰায়। ৭ কিন্তু প্ৰতিজনৰ ওপৰত পবিত্ৰ শক্তিয়ে যিদৰে কাম কৰা দেখিবলৈ পোৱা যায়, সেয়া সকলোৰে লাভৰ বাবে হয়। ৮ উদাহৰণস্বৰূপে, কোনোবাই পবিত্ৰ শক্তিৰ যোগেদি বুদ্ধিৰ কথা* কʼবলৈ বৰদান পাইছে, কোনোবাই সেই পবিত্ৰ শক্তিৰ যোগেদি জ্ঞানৰ কথা কʼবলৈ বৰদান পাইছে। ৯ কোনোবাই সেই পবিত্ৰ শক্তিৰ পৰা বিশ্বাসৰ বৰদান পাইছে, কোনোবাই সেই পবিত্ৰ শক্তিৰ পৰা সুস্থ কৰাৰ বৰদান পাইছে। ১০ কোনোবাই আচৰিত কাম কৰিবলৈ, কোনোবাই ভৱিষ্যবাণী কৰিবলৈ, কোনোবাই কোনো বাক্য সত্য ঈশ্বৰৰ পৰা হয় নে নহয়, সেয়া পৰীক্ষা কৰিবলৈ, কোনোবাই বেলেগ বেলেগ ভাষা কʼবলৈ আৰু কোনোবাই ভাষা অনুবাদ কৰি বুজাবলৈ* বৰদান পাইছে। ১১ কিন্তু এই সকলো কাম সেই একে পবিত্ৰ শক্তিয়ে কৰে আৰু প্ৰতিজনক যি বৰদান দিব বিচাৰে, সেয়া দিয়ে।
১২ কাৰণ যিদৰে শৰীৰ এক হয়, কিন্তু তাৰ বহুতো অংগ থাকে আৰু শৰীৰৰ অংগ বহুত হʼলেও, সেয়া সকলো মিলি এক শৰীৰ হয়, সেইদৰেই খ্ৰীষ্টও হয়। ১৩ যিহূদী হওক বা গ্ৰীক, দাস হওক বা স্বাধীন, আমি সকলোৱে এক শৰীৰ হʼবলৈ এটাই পবিত্ৰ শক্তিৰে বাপ্তিষ্মা লৈছোঁ আৰু আমাক সকলোকে এটাই পবিত্ৰ শক্তি দিয়া হৈছে।
১৪ সঁচাকৈ, শৰীৰ এক অংগৰে নহয়, কিন্তু বহুতো অংগ মিলি গঠন হয়। ১৫ যদি ভৰিয়ে কয়, “মই হাত নহওঁ, সেইবাবে মই শৰীৰৰ ভাগ নহওঁ,” তেনেহʼলে ইয়াৰ কাৰণে ভৰি শৰীৰৰ ভাগ নহয় নে? ১৬ আৰু কাণে যদি কয়, “মই চকু নহওঁ, সেইবাবে মই শৰীৰৰ ভাগ নহওঁ,” তেনেহʼলে ইয়াৰ কাৰণে চকু শৰীৰৰ ভাগ নহয় নে? ১৭ গোটেই শৰীৰ চকু হোৱা হʼলে, মই কেনেকৈ শুনি পালোঁহেঁতেন? গোটেই শৰীৰ কাণ হোৱা হʼলে আমি কেনেকৈ গোন্ধ পালোঁহেঁতেন? ১৮ কিন্তু ঈশ্বৰে নিজৰ ইচ্ছাৰ অনুসৰি শৰীৰৰ প্ৰতিটো অংগক নিজৰ নিজৰ ঠাইত থʼলে।
১৯ সেইবোৰ এটাই অংগ হোৱা হʼলে সেয়া শৰীৰ হʼলহেঁতেন নে? ২০ কিন্তু সেইবোৰ এতিয়া বহুতো অংগ হয়, তথাপি এটাই শৰীৰ হয়। ২১ “মোক তোমাৰ কোনো প্ৰয়োজন নাই” বুলি চকুৱে হাতক কʼব নোৱাৰে বা “মোক তোমাৰ কোনো প্ৰয়োজন নাই” বুলি মূৰে ভৰিক কʼব নোৱাৰে। ২২ ইয়াৰ পৰিৱৰ্তে, শৰীৰৰ যিবোৰ অংগ আনবোৰতকৈ দুৰ্বল যেন লাগে, আচলতে সেইবোৰৰ বহুত প্ৰয়োজন। ২৩ আৰু শৰীৰৰ যিবোৰ অংগক আমি কম আদৰৰ যোগ্য বুলি ভাবোঁ, সেইবোৰক আমি ঢাকি বেছি আদৰ দিওঁ। এইদৰে শৰীৰৰ যিবোৰ অংগ ইমান ধুনীয়া নহয়, তাক আমি বেছি আদৰ কৰোঁ, ২৪ কিন্তু আমাৰ সুন্দৰ অংগবোৰক এনে চোৱা-চিতা কৰাৰ প্ৰয়োজন নাই। তথাপি ঈশ্বৰে শৰীৰক এইদৰে সৃষ্টি কৰিছে যে যিবোৰ অংগই বেছি আদৰ লাভ নকৰে, সেইবোৰ অংগক আৰু বেছি আদৰ কৰা হয় ২৫ যাতে শৰীৰত কোনো বিভেদ নহয়, ইয়াৰ পৰিৱৰ্তে ইয়াৰ অংগবোৰে যেন ইটোৱে-সিটোৰ বিষয়ে চিন্তা কৰে। ২৬ যদি এটা অংগই কষ্ট পায়, তেনেহʼলে বাকী সকলো অংগই তাৰ লগত কষ্ট ভোগে বা যদি এটা অংগই সন্মান পায়, তেনেহʼলে বাকী সকলো অংগই তাৰ লগত আনন্দিত হয়।
২৭ তোমালোক খ্ৰীষ্টৰ শৰীৰ হোৱা আৰু তোমালোকৰ মাজৰ প্ৰতিজন তেওঁৰ এক এক অংগ হোৱা। ২৮ আৰু ঈশ্বৰে মণ্ডলীৰ প্ৰতিজনকে তেওঁলোকৰ নিজৰ ঠাই দিছে, প্ৰথমতে পাঁচনি,* দ্বিতীয়তে ভৱিষ্যবক্তা, তৃতীয়তে শিক্ষক, ইয়াৰ পাছত কিছুমানক চমৎকাৰ কৰাৰ ক্ষমতা, কিছুমানক সুস্থ কৰাৰ দান, কিছুমানক আনক সহায় কৰাৰ ক্ষমতা, কিছুমানক সঠিক পথ দেখুৱাৰ ক্ষমতা আৰু কিছুমানক বেলেগ বেলেগ ভাষা কোৱাৰ ক্ষমতা দিছে। ২৯ তেনেহʼলে সকলোৱে পাঁচনি হয় নে? সকলোৱে ভৱিষ্যবক্তা হয় নে? সকলোৱে শিক্ষক হয় নে? সকলোৱে চমৎকাৰ কৰে নে? ৩০ সকলোৰে ওচৰত বেমাৰীবিলাকক সুস্থ কৰাৰ বৰদান আছে নে? সকলোৰে ওচৰত বেলেগ বেলেগ ভাষা কোৱাৰ বৰদান আছে নে? সকলোৱে অনুবাদ কৰি বুজায় নে? ৩১ তোমালোকে ঈশ্বৰৰ পৰা আৰু ডাঙৰ ডাঙৰ বৰদান পাবলৈ চেষ্টা* কৰি থাকা। কিন্তু এতিয়া মই তোমালোকক সকলোতকৈ ভাল পথ দেখাওঁ।
১৩ যদি মই মানুহৰ আৰু স্বৰ্গদূতবিলাকৰ ভাষাৰে কওঁ, কিন্তু মোৰ হৃদয়ত প্ৰেম নাথাকে, তেনেহʼলে মই বাজি থকা ঘণ্টা বা বাজি থকা তাল হওঁ। ২ আৰু যদি মই ভৱিষ্যবাণী কৰা বৰদান পাইছোঁ আৰু মই সকলো পবিত্ৰ ৰহস্য বুজি পাওঁ আৰু মোৰ ওচৰত সকলো জ্ঞান আছে আৰু মোৰ ইমানেই বিশ্বাস আছে যে মই পাহাৰকো ইয়াৰ পৰা তালৈ আঁতৰাব* পাৰোঁ, কিন্তু মোৰ মাজত যদি প্ৰেম নাই, তেনেহʼলে মই একোৱেই নহওঁ।* ৩ যদি মই নিজৰ সকলো সম্পত্তি আনক খোৱাবৰ বাবে দি দিওঁ আৰু মই গৰ্ব কৰিবলৈ নিজৰ শৰীৰক বলিদান দি দিওঁ, কিন্তু মোৰ মাজত যদি প্ৰেম নাথাকে, তেনেহʼলে মোৰ একো লাভ নহʼব।
৪ প্ৰেমে ধৈৰ্য ধৰে আৰু কৃপা কৰে। প্ৰেমে ঈৰ্ষা নকৰে, ফিতাহি নামাৰে, অহংকাৰেৰে ভৰি নপৰে, ৫ বেয়া ব্যৱহাৰ নকৰে, কেৱল নিজৰ লাভৰ বিষয়ে চিন্তা নকৰে, সোনকালে খং নকৰে। প্ৰেমে ভুলবোৰ ধৰি নাৰাখে। ৬ প্ৰেমে বেয়া বিষয়ত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে। ৭ প্ৰেমে সকলো সহন কৰি লয়, সকলো কথাত বিশ্বাস কৰে, সকলো কথাত আশা ৰাখে, সকলো ধৈৰ্যেৰে সহন কৰি লয়।
৮ প্ৰেম কেতিয়াও লুপ্ত নহয়।* যদি ভৱিষ্যবাণী কৰাৰ বৰদান আছে, তেনেহʼলে সেয়া লুপ্ত হৈ যাব, আন ভাষা কোৱাৰ* বৰদান আছে, তেনেহʼলে সেয়া শেষ হৈ যাব, যদি জ্ঞান আছে, তেনেহʼলে সেয়া লুপ্ত হৈ যাব, ৯ কাৰণ আমাৰ জ্ঞান আধৰুৱা হৈ আছে আৰু আমি আধৰুৱা ভৱিষ্যবাণী কৰোঁ। ১০ কিন্তু আমি যেতিয়া সম্পূৰ্ণ জ্ঞান লাভ কৰিম আৰু সম্পূৰ্ণৰূপে ভৱিষ্যবাণী কৰিম, তেতিয়া আধৰুৱা জ্ঞান আৰু আধৰুৱা ভৱিষ্যবাণী লুপ্ত হৈ যাব। ১১ যেতিয়া মই শিশু আছিলোঁ, তেতিয়া মই শিশুৰ দৰে কথা পাতিছিলোঁ, শিশুৰ দৰে চিন্তা কৰিছিলোঁ, শিশুৰ দৰে যুক্তি কৰিছিলোঁ। কিন্তু এতিয়া মই ডাঙৰ হʼলোঁ, সেইবাবে মই শিশুৰ দৰে হʼবলৈ এৰি দিলোঁ। ১২ কাৰণ এতিয়া আমি স্পষ্টকৈ দেখা নাই, যেন আমি ধাতুৰে বনোৱা আইনাত চাই আছোঁ, কিন্তু সেই সময়ত মুখা-মুখিকৈ ভালদৰে দেখা পাম। এতিয়া মোৰ ওচৰত আধৰুৱা জ্ঞান আছে, কিন্তু সেই সময়ত মোৰ ওচৰত সম্পূৰ্ণ* জ্ঞান হʼব, যিদৰে ঈশ্বৰে মোৰ বিষয়ে সম্পূৰ্ণভাৱে জানে। ১৩ কিন্তু যি তিনিটা বিষয় থাকি যাব, সেয়া হৈছে বিশ্বাস, আশা আৰু প্ৰেম, কিন্তু এই তিনিটাৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ হৈছে প্ৰেম।
১৪ এজনে-আনজনক মনে-প্ৰাণে প্ৰেম কৰা, লগতে তোমালোকে ঈশ্বৰৰ পৰা বৰদান পাবলৈ চেষ্টা* কৰি থাকা, বিশেষকৈ ভৱিষ্যবাণী কৰাৰ বৰদান। ২ যিজনে বেলেগ ভাষা কয়, তেওঁ মানুহৰ লগত নহয়, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ লগত কথা পাতে। কিয়নো তেওঁ পবিত্ৰ শক্তিৰ যোগেদি পবিত্ৰ ৰহস্যতো কয়, কিন্তু কোনেও বুজি নাপায়। ৩ কিন্তু যিজনে ভৱিষ্যবাণী কৰে, তেওঁ নিজৰ কথাৰে লোকসকলক মজবুত কৰে, তেওঁলোকৰ সাহস বঢ়ায় আৰু তেওঁলোকক শান্ত্বনা দিয়ে। ৪ যিজনে বেলেগ ভাষা কয়, তেওঁ কেৱল নিজকে মজবুত কৰে, কিন্তু যিজনে ভৱিষ্যবাণী কৰে, তেওঁ মণ্ডলীক মজবুত কৰে। ৫ তোমালোক সকলোৱে বেলেগ ভাষা কোৱাটো মই বিচাৰোঁ, কিন্তু মোৰ মতে তোমালোকে ভৱিষ্যবাণী কৰাটো ভাল হʼব। আচলতে ভৱিষ্যবাণী কৰাজন বেলেগ ভাষা কোৱাজনতকৈ শ্ৰেষ্ঠ। কিয়নো বেলেগ ভাষা কোৱাজনে যদি নিজৰ কথাবোৰ অনুবাদ কৰি নুবুজায়, তেনেহʼলে তেওঁৰ কথাৰ পৰা মণ্ডলীয়ে মজবুত নহʼব। ৬ কিন্তু ভাইসকল, যদি মই এই সময়ত তোমালোকৰ ওচৰলৈ আহি বেলেগ ভাষা কওঁ, কিন্তু ঈশ্বৰে দিয়া বাৰ্তা নুশুনাওঁ বা তোমালোকক জ্ঞান নিদিওঁ বা ভৱিষ্যবাণী নকৰোঁ বা কোনো শিক্ষা নিদিওঁ, তেনেহʼলে ইয়াৰ পৰা তোমালোকৰ লাভ হʼব নে?
৭ এয়া বাদ্যযন্ত্ৰৰ দৰে হয়, হয়তো বাঁহী বা বীণাৰ দৰে। সুৰত যদি কোনো পাৰ্থক্য নাথাকে, তেনেহʼলে বাঁহী বা বীণাত কি বজোৱা হৈছে, সেয়া কেনেকৈ বুজিব পাৰি? ৮ তূৰীৰ শব্দ স্পষ্ট নহʼলে যুদ্ধৰ কাৰণে কোনে সাজু হʼব? ৯ ঠিক সেইদৰে, যদি তুমি সহজে বুজি নোপোৱা কথা কোৱা, তেনেহʼলে তোমাৰ কথা কোনে বুজি পাব? তুমিতো বতাহক কোৱাৰ দৰে হʼব। ১০ জগতত বহুতো ভাষা আছে, তথাপি তাৰ অৰ্থ নোহোৱা ভাষা এটাও নাই। ১১ যদি এজন মানুহৰ কথা বুজি নাপাওঁ, তেনেহʼলে মই তেওঁৰ কাৰণে এজন বিদেশীৰ দৰে হওঁ আৰু তেৱোঁ মোৰ কাৰণে বিদেশীৰ দৰে হয়। ১২ এই কথা তোমালোকৰ ক্ষেত্ৰতো প্ৰযোজ্য। কিয়নো তোমালোকে পবিত্ৰ শক্তিৰ বৰদান লাভ কৰিবলৈ বহুত ইচ্ছা কৰা, সেইবাবে তোমালোকে সেই দান প্ৰচুৰ পৰিমাণে পাবলৈ চেষ্টা কৰা যাতে মণ্ডলী মজবুত হয়।
১৩ সেইবাবে, যিজনে বেলেগ ভাষা কয়, তেওঁ প্ৰাৰ্থনা কৰক যে তেওঁ যি কৈ আছে, সেয়া যেন অনুবাদ কৰি বুজাই* দিব পাৰে। ১৪ কিয়নো মই যদি বেলেগ ভাষাত প্ৰাৰ্থনা কৰি আছোঁ, তেনেহʼলে পবিত্ৰ শক্তিৰ বৰদান পোৱাৰ কাৰণে প্ৰাৰ্থনা কৰি আছোঁ, কিন্তু মোৰ মগজুৱে সেয়া নুবুজে। ১৫ তেনেহʼলে কি কৰিব পৰা যায়? মই পবিত্ৰ শক্তিৰ বৰদানৰ কাৰণে প্ৰাৰ্থনা কৰিম, লগতে মই নিজৰ মগজুৰে বুজিও প্ৰাৰ্থনা কৰিম। মই পবিত্ৰ শক্তিৰ বৰদানৰ কাৰণে প্ৰশংসাৰ গীত গাম, কিন্তু মই নিজৰ মগজুৰে বুজিও গাম। ১৬ নহʼলে যদি তুমি পবিত্ৰ শক্তিৰ কাৰণে প্ৰাৰ্থনাত ধন্যবাদ কৰা, তেনেহʼলে তোমালোকৰ মাজত যি সাধাৰণ মানুহ আছে, তেওঁ তোমাৰ ধন্যবাদৰ প্ৰাৰ্থনাৰ কাৰণে “আমেন” কেনেকৈ কʼব? তেওঁতো বুজিয়েই নাপাব যে তুমি কি কৈ আছা। ১৭ হয়, এয়া সঁচা যে তুমি ভালদৰে প্ৰাৰ্থনাত ধন্যবাদ দিয়া, কিন্তু ইয়াৰ পৰা সেই আন মানুহজনৰ কোনো লাভ নহয়। ১৮ মই ঈশ্বৰক ধন্যবাদ কৰোঁ যে মই তোমালোকতকৈ বেছি ভাষাত কথা পাতিব পাৰোঁ। ১৯ তথাপি মই এটা মণ্ডলীত বেলেগ ভাষাত ১০ হাজাৰ শব্দ কোৱাৰ পৰিৱৰ্তে নিজৰ মগজুৰে এনে পাঁচটা শব্দ কʼম, যি বুজি পোৱা যায় যাতে আনক কিবা শিকাব পাৰোঁ।*
২০ ভাইসকল, চিন্তা কৰাৰ শক্তিৰ ক্ষেত্ৰত সৰু লʼৰা-ছোৱালীৰ দৰে নহʼবা, ইয়াৰ পৰিৱৰ্তে দুষ্টতাৰ ক্ষেত্ৰত সৰু লʼৰা-ছোৱালীৰ দৰে হোৱা আৰু চিন্তা কৰাৰ শক্তিৰ ক্ষেত্ৰত পৰিপক্ক হোৱা। ২১ নিয়মত লিখা আছে, “যিহোৱাই* কৈছে, ‘মই এওঁলোকৰ লগত বিদেশী ভাষাত আৰু অচিনাকীসকলৰ ভাষাত কথা পাতিম, তথাপিও তেওঁলোকে মোৰ কথাৰ ওপৰত ধ্যান নিদিব।’” ২২ সেইবাবে বেলেগ বেলেগ ভাষা বিশ্বাস কৰা লোকসকলৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে অবিশ্বাসী লোকসকলৰ কাৰণে এটা চিন হয়, কিন্তু ভৱিষ্যবাণী অবিশ্বাসী লোকসকলৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে বিশ্বাস কৰা লোকসকলৰ কাৰণে হয়। ২৩ সেইবাবে, গোটেই মণ্ডলীয়ে এখন ঠাইত যদি গোট খায় আৰু তেওঁলোক সকলোৱে বেলেগ বেলেগ ভাষা কয় আৰু যদি সাধাৰণ লোক বা অবিশ্বাসী লোকসকল ভিতৰলৈ আহে, তেতিয়া তেওঁলোকে তোমালোকক পগলা হৈছা বুলি নকʼব নে? ২৪ কিন্তু তোমালোক সকলোৱে যদি ভৱিষ্যবাণী কৰা আৰু কোনো অবিশ্বাসী বা সাধাৰণ মানুহ ভিতৰলৈ আহে, তেনেহʼলে তোমালোকৰ কথাই তেওঁক শুধৰণি কৰিব আৰু নিজকে ভালদৰে চালি-জাৰি চাবলৈ উৎসাহিত কৰিব। ২৫ তেওঁলোকৰ হৃদয়ত যি লুকাই আছে, সেয়া মুকলি হʼব আৰু তেওঁ উবুৰি হৈ পৰি এইদৰে কৈ ঈশ্বৰৰ উপাসনা কৰিব, “ঈশ্বৰ সঁচাকৈ তোমালোকৰ মাজত আছে।”
২৬ তেনেহʼলে ভাইসকল, কি কৰাটো উচিত? যেতিয়া তোমালোকে একগোট হোৱা, তেতিয়া কোনোবাই ঈশ্বৰৰ প্ৰশংসা কৰে, কোনোবাই শিকায়, কোনোবাই ঈশ্বৰৰ বাৰ্তা জনায়, কোনোবাই বেলেগ ভাষা কয় আৰু কোনোবাই সেইবোৰ অনুবাদ কৰি বুজাই দিয়ে। এই সকলো এজনে-আনজনক উৎসাহিত কৰিবলৈ কৰা হওক। ২৭ যদি কোনোবাই বেলেগ ভাষা কয়, তেনেহʼলে দুজন বা তিনিজন হওক আৰু তেওঁলোকে এজনৰ পাছত আনজনে কওক আৰু কোনোবাই অনুবাদ কৰি তেওঁলোকৰ কথা বুজাওক। ২৮ কিন্তু অনুবাদ কৰি বুজাওঁতা যদি কোনো নাই, তেনেহʼলে তেওঁলোকে মণ্ডলীত মনে মনে থাকক আৰু মনতে নিজৰ লগত আৰু ঈশ্বৰৰ লগত কথা পাতক। ২৯ ভৱিষ্যবক্তাসকলৰ মাজৰ পৰা দুই বা তিনিজনে কওক আৰু আনে তেওঁলোকৰ কথাৰ অৰ্থ বুজাওক। ৩০ কিন্তু তাত বহি থকা আন কোনোবাই যদি ঈশ্বৰৰ বাৰ্তা পায়, তেনেহʼলে যিজনে কৈ আছে তেওঁ মনে মনে থাকক। ৩১ কাৰণ তোমালোক সকলোৱে এজন এজনকৈ ভৱিষ্যবাণী কৰিব পাৰা যাতে সকলোৱে শিকিব পাৰে আৰু সকলোৰে সাহস বাঢ়ে। ৩২ ভৱিষ্যবক্তাসকলে পবিত্ৰ শক্তিৰ যোগেদি ভৱিষ্যবাণী কৰাৰ যি বৰদান পাইছে, তাৰ ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ ৰাখিব লাগে। ৩৩ কাৰণ ঈশ্বৰ খেলি-মেলি কৰা ঈশ্বৰ নহয়, ইয়াৰ পৰিৱৰ্তে শান্তিৰ ঈশ্বৰ হয়।
যিদৰে পবিত্ৰ লোকসকলৰ গোটেই মণ্ডলীত হয়। ৩৪ ঠিক সেইদৰে মণ্ডলীবোৰত তিৰোতাসকলে মনে মনে থাকক, কিয়নো তেওঁলোকে কথা কোৱাৰ অনুমতি নাই, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে অধীনত থাকক, যিদৰে নিয়মতো লিখা আছে। ৩৫ যদি তেওঁলোকে কিবা জানিব বিচাৰে, তেনেহʼলে তেওঁলোকে নিজৰ ঘৰতে নিজৰ নিজৰ স্বামীক সোধক, কিয়নো এগৰাকী তিৰোতাই মণ্ডলীৰ সন্মুখত কথা কোৱাটো অপমানৰ বিষয় হয়।
৩৬ ঈশ্বৰৰ বাক্যৰ আৰম্ভণি তোমালোকৰ পৰা হৈছিল নে এয়া কেৱল তোমালোকেই পাইছিলা?
৩৭ যদি কোনোবাই ভাবে যে তেওঁ এজন ভৱিষ্যবক্তা হয় বা তেওঁ পবিত্ৰ শক্তিৰ বৰদান পাইছে, তেনেহʼলে মই লিখা কথাবোৰ প্ৰভুৰ আজ্ঞা হয় বুলি তেওঁ স্বীকাৰ কৰক। ৩৮ কিন্তু কোনোবাই যদি এই কথাবোৰ অস্বীকাৰ কৰে, তেনেহʼলে তেওঁকো অস্বীকাৰ কৰা হʼব।* ৩৯ সেইবাবে মোৰ ভাইসকল, ভৱিষ্যবাণী কৰিবলৈ পৰিশ্ৰম কৰি থাকা, লগতে কাৰোবাক বেলেগ ভাষা কʼবলৈ বাধা নিদিবা। ৪০ কিন্তু সকলো কথা পৰিপাটিকৈ আৰু সংগঠিতভাৱে* হওক।
১৫ ভাইসকল, এতিয়া মই তোমালোকক সেই শুভবাৰ্তা মনত পেলাই দিছোঁ, যি মই তোমালোকক শুনাইছিলোঁ আৰু যিবোৰ তোমালোকে গ্ৰহণ কৰিছিলা আৰু যাৰ পক্ষত এতিয়া তোমালোকে থিৰেও আছা। ২ এই শুভবাৰ্তাৰ পৰা তোমালোকৰ উদ্ধাৰ হʼব, তোমালোকে এই শুভবাৰ্তাৰ ওপৰত নিজৰ বিশ্বাস মজবুত কৰি ৰাখা, নহʼলে তোমালোকে যীচুৰ শিষ্য হোৱাটো ব্যৰ্থ।
৩ কাৰণ যিবোৰ কথা মোক শিকোৱা হৈছিল আৰু যিবোৰ মই তোমালোকক জনালোঁ, সেইবোৰৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে যে যিদৰে শাস্ত্ৰত লিখা আছে, খ্ৰীষ্টই আমাৰ পাপৰ কাৰণে মৰিল ৪ আৰু তেওঁক কবৰ দিয়া হʼল। আৰু যিদৰে শাস্ত্ৰত লিখা আছিল তেওঁক তৃতীয় দিনাখন জীয়াই তোলা হʼল। ৫ তেওঁ কৈফাক* দেখা দিলে আৰু সেই ১২ জনক দেখা দিলে। ৬ তাৰ পাছত তেওঁ একে সময়তে ৫০০ জনতকৈ বেছি ভাইসকলক দেখা দিলে, যিসকলৰ ভিতৰত বেছিভাগ লোক আজিও আমাৰ লগত আছে, কিন্তু কিছুমান মৃত্যুৰ টোপনিত গʼল। ৭ ইয়াৰ পাছত তেওঁ যাকোবক দেখা দিলে, তাৰ পাছত সকলো পাঁচনিক* দেখা দিলে। ৮ শেষত তেওঁ মোকো দেখা দিলে, যদিও মই সময়ৰ আগতে জন্ম হোৱা শিশুৰ দৰে আছিলোঁ।
৯ মই পাঁচনিসকলৰ ভিতৰত সকলোতকৈ সৰু হওঁ, আনকি পাঁচনি বুলি মতাৰো যোগ্য নহওঁ, কিয়নো মই ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অত্যাচাৰ কৰিছিলোঁ। ১০ কিন্তু আজি মই যি আছোঁ, সেয়া ঈশ্বৰৰ মহা-কৃপাৰ কাৰণে আছোঁ। আৰু মোৰ কাৰণে তেওঁৰ মহা-কৃপা ব্যৰ্থ বুলি প্ৰমাণিত নহʼল, কিয়নো মই বাকীবিলাকতকৈ বেছি পৰিশ্ৰম কৰিলোঁ। তথাপিও এয়া মোৰ কাৰণে হোৱা নাই, কিন্তু ঈশ্বৰৰ সেই মহা-কৃপাৰ কাৰণে হৈছে, যি মোৰ ওপৰত আছে। ১১ কিন্তু মই বা তেওঁলোকেই হওক, আমি এই বিষয়ে প্ৰচাৰ কৰিছোঁ আৰু তোমালোকেও ইয়াৰ ওপৰত বিশ্বাস কৰিলা।
১২ খ্ৰীষ্টক যে মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল, ইয়াক যদি প্ৰচাৰ কৰা হৈছে, তেনেহʼলে মৃতবিলাকক আকৌ জীয়াই তোলা নহʼব বুলি তোমালোকৰ মাজৰ কিছুমানে কেনেকৈ কয়? ১৩ যদি মৃতবিলাকক আকৌ জীয়াই তোলা নহʼব, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে খ্ৰীষ্টকো মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হোৱা নাই। ১৪ যদি খ্ৰীষ্টক জীয়াই তোলা হোৱা নাই, তেনেহʼলে আমাৰ প্ৰচাৰ কাম ব্যৰ্থ আৰু তোমালোকৰ বিশ্বাসো ব্যৰ্থ। ১৫ ইয়াৰ উপৰিও, ঈশ্বৰে খ্ৰীষ্টক জীয়াই তুলিলে বুলি আমি তেওঁৰ বিষয়ে মিছা সাক্ষ্য দিছোঁ, কিয়নো মৃতবিলাকক জীয়াই তোলা নহʼব, যদি এই কথা সঁচা হয়, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে ঈশ্বৰে খ্ৰীষ্টকো জীয়াই তোলা নাই। ১৬ কাৰণ মৃতবিলাকক যদি জীয়াই তোলা নহয়, তেনেহʼলে খ্ৰীষ্টকো জীয়াই তোলা হোৱা নাই। ১৭ আৰু যদি খ্ৰীষ্টকো জীয়াই তোলা হোৱা নাই, তেনেহʼলে তোমালোকৰ বিশ্বাস ব্যৰ্থ আৰু তোমালোকে এতিয়াও নিজৰ পাপৰ পৰা মুক্ত হোৱা নাই। ১৮ আৰু খ্ৰীষ্টৰ যিসকল শিষ্য মৃত্যুৰ টোপনিত গৈছে, তেওঁলোকেও সদায় কালৰ কাৰণে শেষ হৈ গʼল। ১৯ যদি আমি কেৱল এই জীৱনৰ কাৰণে খ্ৰীষ্টৰ পৰা আশা ৰাখিছোঁ, তেনেহʼলে আমাৰ অৱস্থা সকলোতকৈ দুখজনক।
২০ কিন্তু এয়া সঁচা যে খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল আৰু যিসকল মৃত্যুৰ টোপনিত আছে, তেওঁলোকৰ মাজত তেওঁ প্ৰথম ফল হয়। ২১ এজন মানুহৰ যোগেদি মৃত্যু আহিল, সেইবাবে এজন মানুহৰ যোগেদিহে মৃতবিলাকক জীয়াই তোলা হʼব। ২২ যিদৰে আদমৰ কাৰণে সকলোৰে মৃত্যু হৈছে, ঠিক সেইদৰে খ্ৰীষ্টৰ যোগেদি সকলোকে জীৱিত কৰা হʼব। ২৩ কিন্তু প্ৰতিজনকে তেওঁলোকৰ ক্ৰম অনুসৰি জীয়াই তোলা হʼব: প্ৰথমে খ্ৰীষ্টক যি প্ৰথম ফল হয়। ইয়াৰ পাছত তেওঁলোক যিসকল খ্ৰীষ্টৰ হয়, তেওঁৰ উপস্থিতিৰ সময়ত জীয়াই তোলা হʼব। ২৪ ইয়াৰ পাছত যেতিয়া তেওঁ শেষত সকলো চৰকাৰ আৰু সেই লোকসকলক শেষ কৰিব, যিসকলৰ ওচৰত অধিকাৰ আৰু শক্তি আছে, তেতিয়া তেওঁ নিজৰ ঈশ্বৰ আৰু পিতৃৰ হাতত ৰাজ্য গতাই দিব। ২৫ কাৰণ তেওঁ তেতিয়ালৈকে ৰজা হৈ শাসন কৰাৰ প্ৰয়োজন আছে, যেতিয়ালৈকে ঈশ্বৰে সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে। ২৬ শেষ শত্ৰু যি মৃত্যু, তাক নাইকিয়া কৰা হʼব। ২৭ ঈশ্বৰে “সকলো তেওঁৰ ভৰিৰ তল কৰি দিলে।” কিন্তু যেতিয়া তেওঁ কয়, ‘সকলো ভৰিৰ তল কৰা হʼল,’ তেতিয়া ইয়াৰ পৰা স্পষ্ট হয় যে যিজন ঈশ্বৰে সকলো তেওঁৰ অধীন কৰি দিলে, তেওঁ নিজেই ইয়াত জড়িত নাই। ২৮ কিন্তু সকলো পুত্ৰৰ অধীনত যেতিয়া কৰা হʼব, তেতিয়া পুত্ৰয়ো নিজকে ঈশ্বৰৰ অধীনত কৰিব, যিজনে সকলো তেওঁৰ অধীনত কৰিছিল যাতে ঈশ্বৰেই সকলোৰ কাৰণে সকলো হয়।
২৯ তেনেহʼলে যিসকলে মৃত্যুৰ কাৰণে বাপ্তিষ্মা লয়, তেওঁলোকৰ কি হʼব? যদি মৃতবিলাকক জীয়াই তোলা নহয়, তেনেহʼলে তেওঁলোকে মৃত্যুৰ কাৰণে বাপ্তিষ্মাই কিয় লৈ আছে? ৩০ আমিও কিয় প্ৰতিটো সময়ত বিপদৰ সন্মুখীন হওঁ? ৩১ ভাইসকল, মই আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত তোমালোকক লৈ গৰ্ব কৰোঁ, এই কথা যিমান সঁচা, সিমানেই এয়াও সঁচা যে মই প্ৰতিদিনে মৃত্যুৰ সন্মুখীন হওঁ। ৩২ যদি বাকী মানুহৰ দৰে* ময়ো ইফিচত বনৰীয়া জন্তুবোৰৰ বিৰুদ্ধে যুঁজি থাকোঁ, তেনেহʼলে মোৰ কি লাভ? যদি মৃতবিলাকক জীয়াই তোলা নহয়, তেনেহʼলে “আহা আমি খোৱা-বোৱা কৰোঁ, কিয়নো কালিলৈতো আমি মৰিবই লাগিব।” ৩৩ আনে তোমাক নুভুলাওক। বেয়া সংগতিয়ে ভাল অভ্যাসবোৰ* নষ্ট কৰে। ৩৪ ভাল কাম কৰিবলৈ সচেতন হোৱা আৰু পাপ নকৰিবা, কিয়নো কিছুমান লোকৰ ঈশ্বৰৰ বিষয়ে কোনো জ্ঞান নাই। মই তোমালোকক লাজত পেলাবলৈ এইদৰে কৈ আছোঁ।
৩৫ কিন্তু কোনোবাই হয়তো কয়, “মৃতবিলাকক কেনেকৈ জীয়াই তোলা হʼব? তেওঁলোকে কেনেধৰণৰ শৰীৰত জীৱিত হʼব?” ৩৬ হে মূৰ্খ মানুহ! তুমি যি সিঁচা, প্ৰথমে সেয়া নমৰালৈকে জীৱন নাপায়। ৩৭ তুমি যি সিঁচা, সেয়া কোনো পুলি নহয় যে বাঢ়িব, ইয়াৰ পৰিৱৰ্তে সেয়া এটা বীজ হয়, লাগিলে সেয়া ঘেঁহুৰ বীজ হওক বা আন কোনো বীজ। ৩৮ কিন্তু ঈশ্বৰে যিদৰে বিচাৰে, সেইদৰে সেই বীজ বাঢ়ে আৰু যেতিয়া সেয়া পুলি হয়, তেতিয়া আন পুলিতকৈ বেলেগ হয়। ৩৯ সকলোৰে শৰীৰ বেলেগ ধৰণৰ হয়। মানুহৰ শৰীৰ বেলেগ হয়, জন্তুবোৰৰ শৰীৰ বেলেগ। চৰাই-চিৰিকটিৰ শৰীৰ বেলেগ হয় আৰু মাছৰ শৰীৰ বেলেগ। ৪০ যিসকল স্বৰ্গত থাকে, তেওঁলোকৰ শৰীৰ পৃথিৱীত থকা লোকসকলৰ শৰীৰতকৈ বেলেগ হয়। যিসকল স্বৰ্গত থাকে, তেওঁলোকৰ শৰীৰৰ উজ্জ্বলতা একধৰণৰ হয় আৰু পৃথিৱীত থকা লোকসকলৰ শৰীৰৰ উজ্জ্বলতা বেলেগ ধৰণৰ। ৪১ সূৰ্যৰ উজ্জ্বলতা একধৰণৰ আৰু চন্দ্ৰৰ উজ্জ্বলতা বেলেগ ধৰণৰ আৰু তৰাবোৰৰ উজ্জ্বলতা আন একধৰণৰ। আচলতে এটা তৰাৰ উজ্জ্বলতা আন এক তৰাৰ উজ্জ্বলতাতকৈ বেলেগ হয়।
৪২ মৃতবিলাককো এইদৰে জীয়াই তোলা হয়। শৰীৰ বিনাশী অৱস্থাত সিঁচা হয় আৰু অবিনাশী অৱস্থাত জীয়াই তোলা হয়। ৪৩ ইয়াক অনাদৰৰ অৱস্থাত সিঁচা হয় আৰু মহিমাৰ অৱস্থাত জীয়াই তোলা হয়। ইয়াক দুৰ্বল অৱস্থাত সিঁচা হয় আৰু শক্তিশালী অৱস্থাত জীয়াই তোলা হয়। ৪৪ হাড়-মাংসৰ শৰীৰ সিঁচা হয় আৰু অদৃশ্য শৰীৰ দি জীয়াই তোলা হয়। যিদৰে হাড়-মাংসৰ শৰীৰ থাকে, ঠিক সেইদৰে অদৃশ্য শৰীৰো থাকে। ৪৫ এইদৰে লিখাও আছে, “প্ৰথম আদম জীৱিত মানুহ হʼল।” কিন্তু শেষ আদম জীৱন দিওঁতা অদৃশ্য প্ৰাণী হʼল। ৪৬ কিন্তু প্ৰথম শৰীৰ অদৃশ্য নহয়। প্ৰথমে হাড়-মাংসৰ শৰীৰ, তাৰ পাছত অদৃশ্য শৰীৰ। ৪৭ প্ৰথম মানুহ পৃথিৱীৰ পৰা হয় আৰু মাটিৰে বনোৱা হৈছে। আনজন স্বৰ্গৰ পৰা হয়। ৪৮ যিসকলক মাটিৰে বনোৱা হৈছে, তেওঁলোক মাটিৰে বনোৱা সেই ব্যক্তিৰ নিচিনা হয়। আৰু যিসকল স্বৰ্গৰ হয়, তেওঁলোক স্বৰ্গৰ পৰা অহা সেই ব্যক্তিৰ নিচিনা হয়। ৪৯ আমি যিদৰে মাটিৰে বনোৱা সেই ব্যক্তিৰ নিচিনা হৈছোঁ, ঠিক সেইদৰে আমি স্বৰ্গৰ পৰা অহা সেই ব্যক্তিৰ নিচিনাও হʼম।
৫০ কিন্তু ভাইসকল, মই কৈ আছোঁ যে মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হʼব নোৱাৰে। আৰু বিনাশী, অবিনাশী শৰীৰৰ অধিকাৰী হʼব নোৱাৰে। ৫১ চোৱা! মই তোমালোকক এটা পবিত্ৰ ৰহস্যৰ কথা কৈছোঁ: আমি সকলোৱে মৃত্যুৰ টোপনিত নাযাম, কিন্তু আমি সকলোৱে সলনি হʼম, ৫২ এক মুহূৰ্ততে চকুৰ পলকতে শেষ তূৰী বজোৱাৰ সময়তে এইদৰে হʼব। তূৰী বজোৱা হʼব আৰু মৃতবিলাকক অবিনাশী অৱস্থাত জীয়াই তোলা হʼব আৰু আমি সলনি হৈ যাম। ৫৩ কাৰণ বিনাশী শৰীৰ সলনি হৈ অবিনাশী হৈ যাব আৰু মৰণশীল শৰীৰ সলনি হৈ অমৰ হৈ যাব। ৫৪ যেতিয়া বিনাশী শৰীৰ অবিনাশী হৈ যাব আৰু মৰণশীল শৰীৰ অমৰ হৈ যাব, তেতিয়া শাস্ত্ৰত লিখা এই কথা পূৰ হʼব, “মৃত্যুক সদায় কালৰ বাবে গিলি পেলোৱা হʼল।” ৫৫ “হে মৃত্যু, তোমাৰ জয় কʼত? হে মৃত্যু, তোমাৰ শুং কʼত?” ৫৬ পাপ সেই শুং হয়, যি মৃত্যু দিয়ে আৰু পাপক শক্তি দিওঁতা নিয়ম হয়।* ৫৭ কিন্তু ঈশ্বৰৰ ধন্যবাদ হওক, যিজনে প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি আমাক জিকিবলৈ সহায় কৰে!
৫৮ সেইবাবে মোৰ মৰমৰ ভাইসকল, দৃঢ় থাকা, থিৰে থাকা আৰু প্ৰভুৰ সেৱাত সদায় তোমালোকৰ ওচৰত বহুত কাম থাকক, কিয়নো তোমালোকে জানা যে প্ৰভুৰ কাৰণে তোমালোকে যি পৰিশ্ৰম কৰা, সেয়া ব্যৰ্থ নহয়।
১৬ পবিত্ৰ লোকসকলৰ কাৰণে দান জমা কৰাৰ বিষয়ে মই গালাতিয়াৰ মণ্ডলীবোৰক যি আদেশ দিছিলোঁ, তোমালোকেও সেয়া পালন কৰিব পাৰা। ২ প্ৰতি সপ্তাহৰ প্ৰথম দিনা তোমালোকৰ মাজৰ প্ৰতিজনে নিজৰ উপাৰ্জনৰ অনুসৰি কিছু অংশ বেলেগে ৰাখক যাতে যেতিয়া মই আহিম, তেতিয়া দান জমা কৰিবলগীয়া নহয়। ৩ কিন্তু মই যেতিয়া তোমালোকৰ তালৈ আহিম, তেতিয়া তোমালোকে যিসকল ভাইৰ নাম নিজৰ চিঠিত লিখিবা, তেওঁলোকক পঠাম যাতে তোমালোকে আনন্দেৰে যি দান দিবা, সেয়া তেওঁলোকে যিৰূচালেমলৈ লৈ যায়। ৪ কিন্তু মোৰ কাৰণে যদি তালৈ যাবলৈ সুবিধাজনক হয়, তেনেহʼলে মই তেওঁলোকৰ লগত যাম।
৫ কিন্তু মই মাকিদনিয়াৰ যাত্ৰা কৰাৰ পাছত তোমালোকৰ ওচৰলৈ আহিম, কিয়নো মই মাকিদনিয়ালৈ নিশ্চয় যাবলগীয়া আছে। ৬ আৰু হয়তো মই তোমালোকৰ তাতে থাকিম বা ঠাণ্ডা দিনবোৰ তাতে পাৰ কৰিম আৰু ইয়াৰ পাছত মই যʼলৈ যাম, তাৰ কাৰণে তোমালোকে মোক কিছু দূৰলৈকে এৰি আহিবা। ৭ মই এতিয়া কেৱল ৰাস্তাতেই তোমালোকক লগ কৰি গুচি যোৱাটো নিবিচাৰোঁ, ইয়াৰ পৰিৱৰ্তে যদি যিহোৱাই* অনুমতি দিয়ে, তেনেহʼলে তোমালোকৰ লগত কিছু সময় অতিবাহিত কৰাটো বিচাৰোঁ। ৮ কিন্তু মই পেণ্টাকোষ্টৰ উৎসৱলৈকে তোমালোকৰ তাতে থাকিম, ৯ কিয়নো বেছিকৈ সেৱা কৰিবলৈ মোৰ কাৰণে এটা ডাঙৰ সুযোগৰ দুৱাৰ খোলা হৈছে, কিন্তু এই কামত বহুত বিৰোধীও আছে।
১০ যেতিয়া তীমথিয় তালৈ আহিব, তেতিয়া তাত থকাৰ সময়ত কোনো কথাৰ কাৰণে যেন তেওঁ ভয় নকৰে, তালৈ ধ্যান দিবা, কিয়নো তেৱোঁ মোৰ দৰে যিহোৱাৰ* কাম কৰি আছে। ১১ সেইবাবে, কোনেও যেন তেওঁক তুচ্ছ বুলি নাভাবক। তোমালোকে তেওঁক কিছু দূৰলৈকে ভালদৰে এৰি আহিবা যাতে তেওঁ ইয়াত মোৰ ওচৰলৈ আহিব পাৰে, কাৰণ মই ভাইসকলৰ সৈতে তেওঁৰ কাৰণে ৰৈ আছোঁ।
১২ এতিয়া আমাৰ ভাই আপল্লোৰ বিষয়ে কৈছোঁ। মই তেওঁক ভাইসকলৰ লগত তোমালোকৰ ওচৰলৈ যাবলৈ অনুৰোধ কৰিছিলোঁ। এতিয়া তোমালোকৰ ওচৰলৈ যাবলৈ তেওঁৰ ইচ্ছা নাই, কিন্তু যেতিয়া তেওঁ সুযোগ পাব, তেতিয়া তেওঁ তোমালোকৰ ওচৰলৈ যাব।
১৩ জাগি থাকা, বিশ্বাসত দৃঢ়তাৰে থিয় হোৱা, সাহসী হোৱা,* শক্তিশালী হৈ গৈ থাকা। ১৪ তোমালোকৰ মাজত সকলো কাম প্ৰেমেৰে কৰা হওক।
১৫ এতিয়া ভাইসকল, মই তোমালোকক আৰু এটা কথাৰ কাৰণে উৎসাহিত কৰি আছোঁ। তোমালোকে জানা যে স্তিফানাৰ পৰিয়াল আখায়াৰ প্ৰথম ফল হয় আৰু তেওঁলোকে পবিত্ৰ লোকসকলৰ সেৱাত লাগি থাকে। ১৬ তোমালোকেও এনে লোকসকলৰ অধীনত থাকা আৰু সেই লোকসকলৰো অধীনত থাকা, যিসকলে সহযোগ কৰে আৰু কঠিন পৰিশ্ৰম কৰে। ১৭ মই এই কথাৰ কাৰণে আনন্দিত যে স্তিফানা, ফৰ্ত্তূনাত আৰু আখায়ি মোৰ লগত আছে, কিয়নো তোমালোকে নথকাৰ সময়ত তেওঁলোকে মোক বহুত সহায় কৰিলে। ১৮ তেওঁলোকে মোক আৰু তোমালোকক উৎসাহিত কৰিলে, সেইবাবে এনে লোকসকলক আদৰ কৰা।
১৯ এচিয়াৰ মণ্ডলীবোৰে তোমালোকক নমস্কাৰ জনাইছে। আক্কিলা আৰু প্ৰিষ্কা, লগতে তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়েও প্ৰভুত তোমালোকক হৃদয়েৰে নমস্কাৰ জনাইছে। ২০ সকলো ভায়ে তোমালোকক নমস্কাৰ জনাইছে। পবিত্ৰ চুমাৰে এজনে-আনজনক নমস্কাৰ কৰা।
২১ মই পৌলে নিজ হাতেৰে তোমালোকক নমস্কাৰ লিখি পঠাইছোঁ।
২২ যদি কোনোৱে প্ৰভুক প্ৰেম নকৰে, তেনেহʼলে তেওঁ অভিশপ্ত হওক। হে আমাৰ প্ৰভু, আহক! ২৩ প্ৰভু যীচুৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক। ২৪ তোমালোক সকলো যি খ্ৰীষ্ট যীচুৰ শিষ্য হোৱা, মোৰ প্ৰেম তোমালোকৰ লগত থাকক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
পিতৰ বুলিও কোৱা হৈছিল।
বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”
বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
আক্ষ., “লেখক।” শব্দকোষ চাওক।
বা “মানুহৰ মানদণ্ডৰ অনুসৰি।”
অতি. ক৫ চাওক।
বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
বা “কাঠত আঁৰি হত্যা নকৰিলেহেঁতেন।”
বা “ঈশ্বৰৰ পবিত্ৰ শক্তিৰ।”
বা “পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি চলা ব্যক্তি।”
অতি. ক৫ চাওক।
আক্ষ., “শাৰীৰিক।”
বা “তেওঁলোকৰ একে উদ্দেশ্য আছে।”
বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
অতি. ক৫ চাওক।
পিতৰ বুলিও কোৱা হৈছিল।
বা “অধীনত কাম কৰাসকল।”
অতি. ক৫ চাওক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
আক্ষ., “উদং।”
বা “ঘোচা মৰা হয়।”
আক্ষ., “আমি অনুৰোধ কৰোঁ।”
বা “অভিভাৱক।”
অতি. ক৫ চাওক।
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
বা “বেকিং পাউদাৰে।”
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
অৰ্থাৎ শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ।
গ্ৰীক ভাষাত পৰনিয়াৰ বহুবচন। শব্দকোষ চাওক।
বা “পত্নীয়ে প্ৰভুৰ ওপৰত বিশ্বাস নকৰে।”
বা “স্বামীয়ে প্ৰভুৰ ওপৰত বিশ্বাস নকৰে।”
অতি. ক৫ চাওক।
আক্ষ., “ডিঙিত ফান্দ পেলাবলৈ নহয়।”
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “কোনো খ্ৰীষ্টান ভনীক বিয়া কৰি।”
পিতৰ বুলিও কোৱা হৈছিল।
বা “প্ৰতিজন খেলুৱৈয়ে।”
বা “সেই শিলা খ্ৰীষ্ট আছিল।”
ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
ইয়াত আক্ষৰিক মৃত্যুৰ বিষয়ে কোৱা নাই, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ লগত থকা তেওঁলোকৰ সম্পৰ্ক নাইকিয়া হোৱাটো বুজাইছে।
অতি. ক৫ চাওক।
অৰ্থাৎ অবিশ্বাসী।
বা “বাৰ্তা।”
বা “অনুবাদ কৰিবলৈ।”
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “উৎসাহেৰে চেষ্টা।”
বা “ইয়াৰ পৰা উলিয়াই তাত লগাব।”
বা “মই কোনো কামৰ নহওঁ।”
বা “কেতিয়াও বিফল নহয়।”
অৰ্থাৎ চমৎকাৰেৰে আন ভাষা কোৱা।
বা “সঠিক।”
বা “উৎসাহেৰে চেষ্টা।”
বা “অনুবাদ কৰি।”
বা “মৌখিকভাৱে শিকাব পাৰোঁ।”
অতি. ক৫ চাওক।
বা হয়তো, “যদি কোনোবাই নজনাকৈ আছে, তেনেহʼলে তেওঁ নজনাকৈ থাকিব।”
বা “সঠিক ক্ৰম অনুসৰি।”
পিতৰ বুলিও কোৱা হৈছিল।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা হয়তো, “মানুহৰ দৃষ্টিৰে।”
বা “নৈতিকতাক।”
বা “আৰু নিয়মে পাপক শক্তি দিয়ে।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “পুৰুষালি দেখুৱা।”