ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt ২ কৰিন্থীয়া ১:১-১৩:১৪
  • ২ কৰিন্থীয়া

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ২ কৰিন্থীয়া
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
২ কৰিন্থীয়া

কৰিন্থীয়াসকললৈ দ্বিতীয় চিঠি

১ মই পৌল, ঈশ্বৰৰ ইচ্ছাৰে খ্ৰীষ্ট যীচুৰ এজন পাঁচনি* হওঁ, আমাৰ ভাই তীমথিয়ৰ লগত কৰিন্থৰ ভাই অৰ্থাৎ তোমালোকক লিখি আছোঁ, যি ঈশ্বৰৰ মণ্ডলী হোৱা। এই চিঠি সেই সকলো পবিত্ৰ লোকৰ কাৰণেও হয়, যিসকল গোটেই আখায়াত আছে।

২ আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰৰ পৰা আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক।

৩ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ আৰু পিতৃৰ প্ৰশংসা হওক। তেওঁ দয়ালু পিতৃ হয় আৰু সকলো ধৰণৰ শান্ত্বনা দিওঁতা ঈশ্বৰ হয়। ৪ তেওঁ আমাৰ সকলো পৰীক্ষাত আমাক শান্ত্বনা* দিয়ে যাতে আমি কোনো পৰীক্ষাৰ সন্মুখীন হোৱা লোকসকলক সেই শান্ত্বনাই দিব পাৰোঁ, যি আমি ঈশ্বৰৰ পৰা পাওঁ। ৫ কাৰণ যিদৰে খ্ৰীষ্টৰ কাৰণে আমি বহুতো কষ্ট ভোগ কৰোঁ, ঠিক সেইদৰে খ্ৰীষ্টৰ যোগেদি আমি বহুত শান্ত্বনাও পাওঁ। ৬ যদিও আমি পৰীক্ষাৰ সন্মুখীন হওঁ, তথাপি এয়া তোমালোকৰ শান্ত্বনা আৰু উদ্ধাৰৰ কাৰণে হয়। আৰু যেতিয়া আমি শান্ত্বনা পাওঁ, তেতিয়া ইয়াৰ পৰা তোমালোকেও শান্ত্বনা পোৱা। এই শান্ত্বনাই তোমালোকক সেই সকলো কষ্ট সহন কৰিবলৈ সহায় কৰিব, যি আমিও সহন কৰি আছোঁ। ৭ তোমালোকৰ বিষয়ে আমাৰ আশা দৃঢ়, কিয়নো আমি জানোঁ যে যিদৰে তোমালোকে আমাৰ দৰে দুখ ভোগা, সেইদৰেই তোমালোকে আমাৰ দৰে শান্ত্বনাও পাবা।

৮ ভাইসকল, আমি এচিয়া প্ৰদেশত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হʼলোঁ, সেই বিষয়ে তোমালোকে জনাটো আমি বিচাৰোঁ। আমি ইমানেই সমস্যাবোৰৰ সন্মুখীন হʼলোঁ যে সেইবোৰ সহন কৰাটো আমাৰ কাৰণে সহজ নাছিল। আমিতো নাবাচিম বুলিয়েই ভাবিছিলোঁ। ৯ আনকি, আমাৰ এনে লাগিছিল যেন আমাক মৃত্যুৰ শাস্তি শুনোৱা হৈছে। এইদৰে হোৱাৰ কাৰণ হৈছে যাতে আমি নিজৰ ওপৰত নহয়, কিন্তু সেইজন ঈশ্বৰৰ ওপৰত যেন ভৰসা ৰাখোঁ, যিজনে মৃত লোকসকলক জীয়াই তোলে। ১০ তেওঁ আমাক ভয়ানক মৃত্যুৰ পৰা বচালে আৰু বচাব। আমাৰ আশা আছে যে তেওঁ আমাক আগলৈও বচাই থাকিব। ১১ তোমালোকেও আমাৰ কাৰণে মিনতি কৰি আমাক সহায় কৰিব পাৰা যাতে বহুতো লোকৰ প্ৰাৰ্থনাৰ কাৰণে আমাৰ ওপৰত কৃপা কৰা হয় আৰু বহুতো লোকে আমাৰ ফালৰ পৰা ঈশ্বৰলৈ ধন্যবাদ দিব পাৰে।

১২ আমি এই কথাৰ ওপৰত গৰ্ব কৰোঁ আৰু আমাৰ বিবেকেও সাক্ষ্য দিয়ে যে আমি জগতত আৰু বিশেষকৈ তোমালোকৰ মাজত এনে পবিত্ৰতা আৰু অকপটতাৰে ব্যৱহাৰ কৰিছোঁ, যি ঈশ্বৰে শিকায় আৰু আমি জগতৰ বুদ্ধিৰ ওপৰত নহয়, কিন্তু ঈশ্বৰৰ মহা-কৃপাৰ ওপৰত নিৰ্ভৰ কৰোঁ। ১৩ আচলতে, তোমালোকে যিবোৰ কথা পঢ়িব পাৰা* আৰু বুজিব পাৰা, সেইবোৰৰ বাহিৰে আন কোনো কথা আমি তোমালোকলৈ লিখা নাই আৰু মই আশা কৰিছোঁ যে তোমালোকে এই কথাবোৰ সম্পূৰ্ণৰূপে* বুজিব পাৰিবা। ১৪ যিদৰে কিছু পৰিমাণে তোমালোকে বুজিও পোৱা যে আমি তোমালোকৰ বাবে গৰ্ব কৰাৰ কাৰণ হওঁ আৰু তোমালোকেও আমাৰ প্ৰভু যীচুৰ দিনত আমাৰ বাবে গৰ্ব কৰাৰ কাৰণ হʼবা।

১৫ এই আশাৰ কাৰণে মোৰ ইচ্ছা আছিল যে মই তোমালোকৰ ওচৰত দ্বিতীয়বাৰ আহিম যাতে তোমালোকে আনন্দিত হোৱাৰ আৰু এটা সুযোগ পোৱা।* ১৬ কিয়নো মই ভাবিছিলোঁ যে মাকিদনিয়ালৈ যোৱাৰ সময়ত আৰু তাৰ পৰা উভতি অহাৰ সময়ত ৰাস্তাত তোমালোকক লগ কৰিম আৰু তাৰ পাছত তোমালোকে কিছু দূৰলৈকে আহি মোক যিহূদিয়ালৈ বিদায় দিবা। ১৭ যেতিয়া মই এয়া ভাবিছিলোঁ, তেতিয়া ইয়াক সহজভাৱে লৈছিলোঁ নে? নাইবা যেতিয়া মই কিবা কৰিবলৈ থিৰাং কৰোঁ, তেতিয়া মোৰ যি মন যায়, তাকে কৰিবলৈ প্ৰথমে “হয়” তাৰ পাছত “নহয়” বুলি কওঁ নে? ১৮ কিন্তু যিদৰে ঈশ্বৰৰ ওপৰত ভৰসা কৰিব পাৰি, ঠিক সেইদৰে তোমালোকে আমাৰ ওপৰতো ভৰসা কৰিব পাৰা যে যেতিয়া আমি তোমালোকক “হয়” বুলি কওঁ, তেতিয়া তাৰ অৰ্থ “নহয়” বুলি নহয়। ১৯ কাৰণ ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্ট, যিজনৰ বিষয়ে মই, চীল* আৰু তীমথিয়ে তোমালোকক প্ৰচাৰ কৰিছিলোঁ, তেওঁ প্ৰথমে “হয়” বুলি কৈ পাছত “নহয়” বুলি নকʼলে, ইয়াৰ পৰিৱৰ্তে তেওঁ যেতিয়া “হয়” বুলি কয়, তেতিয়া তাৰ অৰ্থ সদায় “হয়” হʼব। ২০ কাৰণ ঈশ্বৰৰ যিমানেই প্ৰতিজ্ঞা আছে, সেই সকলো তেওঁৰ যোগেদিয়েই “হয়” হৈছে, সেইবাবে তেওঁৰ যোগেদি আমি ঈশ্বৰক “আমেন” বুলি কওঁ আৰু ইয়াৰ পৰা ঈশ্বৰৰ মহিমা হয়। ২১ কিন্তু যিজনে এই কথা নিশ্চিত কৰে যে তোমালোক আৰু আমি খ্ৰীষ্টৰ হওঁ আৰু যিজনে আমাক অভিষেক কৰিলে, তেওঁ ঈশ্বৰ হয়। ২২ তেওঁ আমাৰ ওপৰত নিজৰ মোহৰো মাৰিলে আৰু যিজন আহিবলগীয়া আছে, তেওঁৰ বইনা হিচাপে* পবিত্ৰ শক্তি আমাৰ হৃদয়ত দিলে।

২৩ মই তোমালোকক আৰু দুখ দিব নিবিচাৰোঁ। সেইবাবে, এতিয়ালৈকে মই কৰিন্থলৈ অহা নাই আৰু এই বিষয়ে ঈশ্বৰ মোৰ সাক্ষী। ২৪ আমি যে তোমালোকৰ বিশ্বাসৰ মালিক হওঁ, এনে নহয়। ইয়াৰ পৰিৱৰ্তে, আমি তোমালোকৰ আনন্দৰ কাৰণে তোমালোকৰ সহকৰ্মী হওঁ, কিয়নো তোমালোকে নিজৰ বিশ্বাসৰ কাৰণে থিয় হৈ আছা।

২ মই থিৰাং কৰিছোঁ যে যেতিয়া মই দ্বিতীয়বাৰ তোমালোকৰ ওচৰলৈ আহিম, তেতিয়া তোমালোকক নিৰাশ নকৰিম। ২ কাৰণ যদি মই তোমালোকক নিৰাশ কৰোঁ, তেনেহʼলে মোক আনন্দিত কোনে কৰিব, কিয়নো মোক আনন্দিত কৰাসকল তোমালোকেই হোৱা? ৩ মই তোমালোকলৈ এই সকলো লিখাৰ কাৰণ হৈছে যে যেতিয়া মই আহিম, তেতিয়া যিসকলৰ পৰা মই আনন্দিত হোৱা উচিত তেওঁলোকৰ কাৰণে যেন মই নিৰাশ নহওঁ, কিয়নো মোৰ ভৰসা আছে যে যি কথাবোৰৰ পৰা মই আনন্দ লাভ কৰোঁ, সেই কথাবোৰৰ পৰা তোমালোকেও আনন্দ পোৱা। ৪ মই বহুত কষ্টেৰে আৰু হৃদয়ৰ বেদনাৰে সৈতে চকুপানী টুকি টুকি তোমালোকলৈ লিখিছিলোঁ, কিন্তু তোমালোকক নিৰাশ কৰিবলৈ নহয়, ইয়াৰ পৰিৱৰ্তে তোমালোকৰ প্ৰতি মোৰ প্ৰেম কিমান গভীৰ হয়, সেয়া যেন তোমালোকে জানিব পাৰা।

৫ এতিয়া যদি কোনোবাই নিৰাশ কৰিছে, তেনেহʼলে তেওঁ মোক নহয়, কিন্তু তোমালোক সকলোকে কিছু পৰিমাণে নিৰাশ কৰিছে। মই বেছি টানকৈ কʼব নিবিচাৰোঁ। ৬ সেই মানুহজনক বেছিভাগ লোকে যি তাড়না দিলে, সেয়াই যথেষ্ট। ৭ এতিয়া তোমালোকে তেওঁৰ ওপৰত কৃপা কৰি তেওঁক ক্ষমা কৰা উচিত আৰু তেওঁক শান্ত্বনা দিয়া উচিত যাতে তেওঁ বেছি দুখ কৰি নিৰাশাত যেন সোমাই নপৰে। ৮ সেইবাবে, মই তোমালোকক উৎসাহিত কৰিছোঁ যে তোমালোকে সেই মানুহজনক যে প্ৰেম কৰা, সেয়া তেওঁক প্ৰমাণ দিয়া। ৯ মই তোমালোকক এই চিঠি এই কাৰণেও লিখি আছোঁ যাতে তোমালোকে জানিব পাৰা যে তোমালোক সকলো কথাত আজ্ঞা পালন কৰা নে নকৰা। ১০ যদি তোমালোকে কোনো এজনক ক্ষমা কৰা, তেনেহʼলে তেওঁক ময়ো ক্ষমা কৰোঁ। আচলতে মই যিজনক ক্ষমা কৰিলোঁ (যদি মই কিবা অপৰাধ ক্ষমা কৰিলোঁ), সেয়া তোমালোকৰ লাভৰ কাৰণে কৰিলোঁ আৰু খ্ৰীষ্ট ইয়াৰ সাক্ষী হয় ১১ যাতে আমি চয়তানৰ দ্বাৰা পৰাজিত নহওঁ,* কিয়নো আমি তাৰ পৰিকল্পনা* নজনা নহওঁ।

১২ যেতিয়া মই খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা জনাবলৈ ত্ৰোৱা পালোঁগৈ আৰু প্ৰভুৰ সেৱাত মোৰ কাৰণে সুযোগৰ এখন দুৱাৰ খোলা হʼল, ১৩ তেতিয়া মোৰ ভাই তীতক তাত নোপোৱাৰ কাৰণে মই মনত শান্তি পোৱা নাছিলোঁ। তেতিয়া মই তাত শিষ্যসকলক বিদায় দিলোঁ আৰু মাকিদনিয়ালৈ গʼলোঁ।

১৪ কিন্তু ঈশ্বৰৰ ধন্যবাদ হওক, যিজনে সদায় আমাক খ্ৰীষ্টৰ লগত বিজয়যাত্ৰা কৰিবলৈ বাট দেখুৱায় আৰু আমাৰ দ্বাৰা নিজৰ জ্ঞানৰ সুগন্ধি সকলো ঠাইতে বিয়পায়! ১৫ কিয়নো উদ্ধাৰ পোৱা আৰু ধ্বংস হোৱা লোকসকলৰ কাৰণে ঈশ্বৰৰ আগত আমি খ্ৰীষ্টৰ সুগন্ধি হওঁ, ১৬ অৰ্থাৎ ধ্বংস হোৱা লোকসকলৰ কাৰণে সেই দুৰ্গন্ধ হওঁ, যিয়ে মৃত্যুৰ ফালে লৈ যায় আৰু উদ্ধাৰ পোৱা লোকসকলৰ কাৰণে এনে সুগন্ধি হওঁ, যিয়ে জীৱনৰ ফালে লৈ যায়। আৰু এনে কোন আছে, যিজনে এই সেৱাৰ কাৰণে যোগ্য হয়? ১৭ আমি যোগ্য হওঁ, কিয়নো আমি ঈশ্বৰৰ বাক্যৰ বেপাৰী নহওঁ, যিদৰে বহুতো লোকে কৰে। ইয়াৰ পৰিৱৰ্তে, ঈশ্বৰৰ ফালৰ পৰা পঠোৱা লোক হিচাপে আমি অকপটতাৰে কওঁ, হয়, ঈশ্বৰৰ সাক্ষাতে খ্ৰীষ্টৰ লগত কওঁ।

৩ আমি আৰু এবাৰ আৰম্ভণিৰ পৰা তোমালোকক নিজৰ পৰিচয় দিব লাগিব নে, যেন তোমালোকে আমাক চিনিয়েই নোপোৱা? বা কিছুমান লোকৰ দৰে আমিও নিজৰ কাৰণে তোমালোকক মঞ্জুৰি পত্ৰ দিব লাগিব নে, অথবা তোমালোকৰ পৰা মঞ্জুৰি পত্ৰ লʼব লাগিব নে? ২ আমাৰ মঞ্জুৰি পত্ৰ তোমালোকেই হোৱা, যি আমাৰ হৃদয়ত লিখা আছে আৰু যাক গোটেই জগতে জানে আৰু পঢ়ে। ৩ কাৰণ এয়া স্পষ্ট যে তোমালোক খ্ৰীষ্টৰ সেই চিঠি, যাক আমি সেৱকসকলে চিয়াঁহীৰে নহয়, কিন্তু জীৱিত ঈশ্বৰৰ পবিত্ৰ শক্তিৰে লিখিছোঁ আৰু এয়া শিলৰ ফলিত নহয়, কিন্তু হৃদয়ত লিখা হৈছে।

৪ খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ ওচৰত আমি এই ভৰসাই ৰাখোঁ। ৫ আমাৰ যোগ্যতা আমি নিজৰ শক্তিৰে পোৱা নাই, কিন্তু আমাৰ যোগ্যতা ঈশ্বৰৰ পৰা পাইছোঁ। ৬ তেৱেঁই আমাক নতুন চুক্তিৰ সেৱক হʼবলৈ যোগ্য কৰি তুলিছে আৰু এই চুক্তি লিখিত নিয়মৰ নহয়, কিন্তু পবিত্ৰ শক্তিৰ হয়। কিয়নো লিখিত নিয়মে মৃত্যুৰ শাস্তি দিয়ে, কিন্তু পবিত্ৰ শক্তিয়ে জীৱন দিয়ে।

৭ যি নিয়মে মৃত্যুলৈ নিয়ে আৰু যি নিয়ম শিলত খোদিত কৰি লিখা হৈছিল, সেই নিয়ম দিয়াৰ সময়ত ইমানেই মহিমা প্ৰকাশ পাইছিল যে সেই মহিমাৰ প্ৰভাৱত মোচিৰ মুখ উজ্জ্বল হৈ উঠিছিল আৰু ইয়াৰ কাৰণে ইস্ৰায়েলীসকলে মোচিৰ মুখৰ ফালে চাব নোৱাৰিছিল, যদিও সেই উজ্জ্বলতা শেষ হোৱাৰ কথা আছিল। ৮ লিখিত নিয়ম যদি ইমানেই মহিমাৰে সৈতে দিয়া হয়, তেনেহʼলে পবিত্ৰ শক্তি আৰু বেছি মহিমাৰে দিয়া নহʼব নে? ৯ যদি শাস্তি দিয়া নিয়ম মহিমাৰে পৰিপূৰ্ণ আছিল, তেনেহʼলে ভাল বুলি গণ্য কৰা সেৱা আৰু কিমান মহিমাৰে পৰিপূৰ্ণ হʼব! ১০ আচলতে এসময়ত যাক মহিমাৰে পৰিপূৰ্ণ কৰা হৈছিল, তাৰ মহিমা কাঢ়ি লোৱা হʼল, কিয়নো যি মহিমা পাছত আহিছিল, সেয়া তাতকৈ বেছি শ্ৰেষ্ঠ আছিল। ১১ যি শেষ হʼবলগীয়া আছিল, সেয়া যদি মহিমাৰে সৈতে অনা হʼল, তেনেহʼলে যি থাকিবলগীয়া আছে, তাৰ মহিমা আৰু কিমান বেছি শ্ৰেষ্ঠ হʼব!

১২ আমাৰ ওচৰত এনে আশা আছে, সেইবাবে আমি ভয় নকৰাকৈ কʼবলৈ সাহস কৰোঁ ১৩ আৰু মোচিয়ে যি কৰিছিল, সেয়া আমি নকৰোঁ। তেওঁ নিজৰ চেহেৰা পৰ্দাত ঢাকি লৈছিল যাতে ইস্ৰায়েলীসকলে সেই নিয়মৰ মহিমা একেথৰে চাব নোৱাৰে, যাক পাছত শেষ কৰাৰ কথা আছিল। ১৪ কিন্তু তেওঁলোকৰ চিন্তা কৰা শক্তি নাইকিয়া হৈ পৰিছিল। আজিও যেতিয়া পুৰণি চুক্তি পঢ়া হয়, তেতিয়া তেওঁলোকৰ হৃদয়ত সেই একে পৰ্দা ঢাক খাই থাকে, কিয়নো সেই পৰ্দা কেৱল খ্ৰীষ্টৰ যোগেদিহে আঁতৰাব পাৰি। ১৫ আচলতে, আজিও যেতিয়াই মোচিৰ কিতাপ পঢ়ি শুনোৱা হয়, তেতিয়া তেওঁলোকৰ হৃদয় পৰ্দাত ঢাক খাই থাকে। ১৬ কিন্তু যেতিয়া কোনোবাই উভতি যিহোৱাৰ* ওচৰলৈ আহে, তেতিয়া সেই পৰ্দা আঁতৰাই দিয়া হয়। ১৭ যিহোৱা* অদৃশ্য হয় আৰু যʼত যিহোৱাৰ* পবিত্ৰ শক্তি আছে, তাত স্বাধীনতাও আছে। ১৮ আমাৰ চেহেৰা পৰ্দাত ঢাকি থোৱা নাই আৰু আমি সকলোৱে আইনাৰ দৰে যিহোৱাৰ* মহিমা প্ৰকাশ কৰোঁ। এইদৰে আমি ঈশ্বৰৰ দৰে হৈ গৈ আছোঁ আৰু আমি দিনক দিনে আগতকৈ বেছি তেওঁৰ মহিমা প্ৰকাশ কৰি আছোঁ, যিদৰে অদৃশ্য ঈশ্বৰ যিহোৱাই* আমাক সলনি কৰি গৈ আছে।*

৪ গতিকে ঈশ্বৰৰ দয়াৰ কাৰণে আমাক যিহেতু সেৱা কৰাৰ দায়িত্ব দিয়া হৈছে, সেইবাবে আমি আশা এৰি নিদিওঁ। ২ কিন্তু আমি ঠগবাজি কামবোৰ এৰি দিলোঁ, যি লজ্জাজনক হয়। আমি চতুৰালি নকৰোঁ আৰু ঈশ্বৰৰ বাক্য ৰহণ লগাই নকওঁ, ইয়াৰ পৰিৱৰ্তে সত্য জনাই ঈশ্বৰৰ দৃষ্টিত সকলো মানুহৰ আগত ভাল উদাহৰণ ৰাখোঁ। ৩ আমি যি শুভবাৰ্তা ঘোষণা কৰোঁ, তাৰ ওপৰত যদি সঁচাকৈ পৰ্দা ঢাক খাই আছে, তেনেহʼলে এই পৰ্দা তেওঁলোকৰ কাৰণে ঢাক খাই আছে, যিসকলে বিনাশৰ ফালে গৈ আছে। ৪ সেই অবিশ্বাসীসকলৰ বুদ্ধি এই জগতৰ ব্যৱস্থাৰ ঈশ্বৰে অন্ধ কৰি দিছে যাতে খ্ৰীষ্ট, যি ঈশ্বৰৰ প্ৰতিৰূপ হয়, তেওঁৰ বিষয়ে মহিমাপূৰ্ণ শুভবাৰ্তাৰ পোহৰ তেওঁলোকৰ ওপৰত যেন নপৰে। ৫ কাৰণ আমি নিজৰ বিষয়ে নহয়, কিন্তু যীচু খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰি আছোঁ যে তেওঁ প্ৰভু হয় আৰু আমি নিজৰ বিষয়ে এইদৰে কৈছোঁ যে আমি যীচুৰ কাৰণে তোমালোকৰ দাস হওঁ। ৬ কাৰণ ঈশ্বৰে কৈছিল, “অন্ধকাৰৰ পৰা পোহৰ জিলিকক।” তেৱেঁই আমাৰ হৃদয়ত নিজৰ পোহৰ জিলিকালে যাতে আমি তেওঁলোকক ঈশ্বৰৰ সেই মহিমাপূৰ্ণ জ্ঞানেৰে পোহৰ প্ৰকাশিত কৰিব পাৰোঁ, যি খ্ৰীষ্টৰ চেহেৰাত জিলিকে।

৭ কিন্তু আমাৰ ওচৰত এই ৰত্ন মাটিৰ পাত্ৰত আছে যাতে এয়া প্ৰকাশ হʼব পাৰে যে সেই শক্তি, যি মানুহৰ সাধাৰণ শক্তিতকৈ বহুগুণে শ্ৰেষ্ঠ, সেয়া আমি নিজৰ শক্তিৰে নহয়, কিন্তু ঈশ্বৰৰ ফালৰ পৰা পাইছোঁ। ৮ আমাক সকলো ধৰণৰ হেঁচা দিয়া হয়, কিন্তু এনে নহয় যে আমি ওলাই আহিব নোৱাৰোঁ। আমি চিন্তিত হওঁ, কিন্তু ইমানেই চিন্তিত নহওঁ যে আমি কোনো ৰাস্তা দেখা নাপাওঁ।* ৯ আমাৰ ওপৰত অত্যাচাৰ কৰা হয়, কিন্তু আমাক ত্যাগ কৰা নহয়। আমাক মাটিত পেলোৱা হয়, কিন্তু নষ্ট কৰা নহয়। ১০ সকলো সময়তে আমাৰ লগত বেয়া ব্যৱহাৰ কৰা হয় আৰু আমাক মৃত্যুৰ হাতত গতাই দিয়া হয়, যিদৰে যীচুৰ লগত হৈছিল যাতে যীচুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশ পায়। ১১ কাৰণ আমি জীয়াই থকা লোকসকলে সকলো সময়তে মৃত্যুৰ সন্মুখীন হʼবলগীয়া হয় যাতে যীচুৰ জীৱন আমাৰ অবিনাশী শৰীৰত প্ৰকাশ পায়। ১২ যদিও আমি মৃত্যুৰ সন্মুখীন হʼবলগীয়া হয়, কিন্তু ইয়াৰ কাৰণে তোমালোকে জীৱন লাভ কৰা।

১৩ শাস্ত্ৰত লিখা আছে, “মই বিশ্বাস কৰিলোঁ, সেইবাবে মই কʼলোঁ।” আমিও বিশ্বাস কৰোঁ, সেইবাবে আমি কওঁ। ১৪ কিয়নো আমি জানোঁ যে যিজনে যীচুক জীয়াই তুলিছিল, তেওঁ আমাকো যীচুৰ লগত জীয়াই তুলিব আৰু আমাক তোমালোকৰ লগত তেওঁৰ ওচৰলৈ লৈ যাব। ১৫ এই সকলো তোমালোকৰ কাৰণে হৈছে যাতে বেছিতকৈ বেছি লোকসকলৰ ওপৰত মহা-কৃপা হয়, কিয়নো বহুতো লোকে ঈশ্বৰক ধন্যবাদ দি আছে, যাৰ পৰা তেওঁৰ মহিমা হৈ আছে।

১৬ সেইবাবে, আমি হাৰ নামানোঁ। যদিও আমাৰ শৰীৰ নষ্ট হৈ গৈ আছে, কিন্তু আমাৰ ভিতৰৰ ব্যক্তিত্ব দিনক দিনে নতুন হৈ গৈ আছে। ১৭ যদিও আমাৰ দুখ-কষ্ট* অলপ সময়ৰ কাৰণে হয় আৰু সামান্য হয়, কিন্তু ইয়াৰ কাৰণে আমি এনে মহিমা লাভ কৰিম, যাক কাৰো লগত তুলনা কৰিব নোৱাৰি* আৰু যি সদায় কালৰ কাৰণে থাকিব। ১৮ এই সময়ছোৱাত আমি নিজৰ দৃষ্টি দেখা পোৱা বস্তুৰ ওপৰত নহয়, কিন্তু নেদেখা বস্তুৰ ওপৰত ৰাখোঁ। কাৰণ যি দেখা পোৱা যায়, সেয়া কিছু সময়ৰ কাৰণে হয়, কিন্তু যি দেখা পোৱা নাযায়, সেয়া সদায় থাকে।

৫ কাৰণ আমি জানোঁ যে যেতিয়া পৃথিৱীত আমাৰ এই ঘৰ অৰ্থাৎ শৰীৰৰ এই তম্বু নষ্ট হৈ যাব, তেতিয়া আমি ঈশ্বৰৰ ফালৰ পৰা স্বৰ্গত এনে এখন ঘৰ পাম, যি সদায় থাকিব আৰু যি হাতেৰে বনোৱা নহয়। ২ কাৰণ পৃথিৱীৰ এই ঘৰত আমি সঁচাকৈ কেঁকাই আছোঁ আৰু স্বৰ্গত আমাৰ কাৰণে যি ঘৰ প্ৰস্তুত কৰা হৈছে, তাক কাপোৰৰ দৰে পিন্ধিবলৈ আমি আন্তৰিকতাৰে ইচ্ছা কৰিছোঁ। ৩ আৰু যেতিয়া আমি তাক পিন্ধি লʼম, তেতিয়া আমাক উদঙে পোৱা নাযাব। ৪ আচলতে আমি যিসকলে এই তম্বুত আছোঁ, আমাক গধুৰ বোজাই হেঁচি ধৰাৰ কাৰণে আমি কেঁকাই আছোঁ। আমি ইয়াক খুলি পেলাব বিচাৰোঁ এনে নহয়, ইয়াৰ পৰিৱৰ্তে স্বৰ্গৰ সেই তম্বুক পিন্ধিব বিচাৰোঁ যাতে যি বিনাশী হয়, তাক জীৱনে গিলি পেলাব পাৰে। ৫ যিজনে আমাক এই কথাৰ কাৰণে প্ৰস্তুত কৰিছে, তেওঁ হৈছে ঈশ্বৰ। যিজন আহিবলগীয়া আছে, তেওঁৰ বইনা হিচাপে* তেওঁ আমাক নিজৰ পবিত্ৰ শক্তি দিছে।

৬ সেইবাবে, আমি সদায় বিশ্বাস ৰাখোঁ আৰু জানোঁ যে যেতিয়ালৈকে আমি এই ঘৰৰ নিচিনা শৰীৰত থাকোঁ, তেতিয়ালৈকে আমি প্ৰভুৰ পৰা দূৰত আছোঁ। ৭ কিয়নো আমি চকুৱে দেখা বস্তুৰে নহয়, কিন্তু বিশ্বাসেৰে চলোঁ। ৮ কিন্তু আমি ভৰসা ৰাখোঁ আৰু এই মানৱীয় শৰীৰত জীয়াই থকাৰ পৰিৱৰ্তে প্ৰভুৰ লগত থকাটো বিচাৰোঁ। ৯ সেইবাবে, আমি তেওঁৰ লগত থাকোঁ বা তেওঁৰ পৰা আমি দূৰত থাকোঁ, আমাৰ লক্ষ্য এয়েই যে আমি তেওঁক আনন্দিত কৰোঁ। ১০ কিয়নো আমাৰ মাজৰ প্ৰতিজনক খ্ৰীষ্টৰ ন্যায়ৰ আসনৰ আগত উপস্থিত হʼব লাগিব যাতে প্ৰতিজনে এই শৰীৰত থাকি ভালেই হওক বা বেয়াই হওক যিদৰে কাম কৰিলে, তাৰ অনুসৰি প্ৰতিফল পাওক।

১১ এই কাৰণে প্ৰভুলৈ ভয় ৰখাৰ অৰ্থ কি, সেয়া জনাৰ কাৰণে আমি লোকসকলক বুজাওঁ যেন তেওঁলোকে আমাৰ কথা শুনে আৰু আমি কেনেধৰণৰ মানুহ হওঁ, সেয়া ঈশ্বৰে ভালদৰে জানে। কিন্তু আমি আশা কৰোঁ যে তোমালোকৰ বিবেকেও তোমালোকক বুজিবলৈ সহায় কৰিছে যে আমি কেনেধৰণৰ মানুহ হওঁ। ১২ আমি আকৌ এবাৰ আৰম্ভণিৰ পৰা তোমালোকক নিজৰ পৰিচয় দিয়া নাই, ইয়াৰ পৰিৱৰ্তে আমাক লৈ গৰ্ব কৰিবলৈ তোমালোকক উৎসাহিত কৰিছোঁ যাতে যিসকলে হৃদয় চাই নহয়, কিন্তু চেহেৰা চাই ফিতাহি মাৰে, তেওঁলোকক তোমালোকে উত্তৰ দিব পাৰা। ১৩ যদি আমি পগলা হৈছিলোঁ, তেনেহʼলে ঈশ্বৰৰ কাৰণে আছিলোঁ, যদি আমাৰ মগজু ঠিকেই আছে, তেনেহʼলে এয়া তোমালোকৰ কাৰণে হয়। ১৪ খ্ৰীষ্টৰ প্ৰেমে আমাক বাধ্য কৰায়, কিয়নো আমি বুজি পালোঁ যে সকলোৱে মৰিল, সেইবাবে এজন মানুহ সকলোৰে কাৰণে মৰিল। ১৫ তেওঁ সকলোৰে কাৰণে মৰিল যাতে যিসকলে জীয়াই থাকে, তেওঁলোকে এতিয়াৰে পৰা নিজৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁৰ কাৰণে জীয়াই থাকক, যিজনে তেওঁলোকৰ কাৰণে মৰিল আৰু জীয়াই তোলা হʼল।

১৬ সেইবাবে, এতিয়াৰ পৰা আমি কোনো মানুহক মানৱীয় দৃষ্টিৰে নাচাওঁ। যদিও আমি এটা সময়ত খ্ৰীষ্টক শৰীৰৰ অনুসৰি জানিছিলোঁ, কিন্তু এতিয়া তেওঁক সেইদৰে নাজানোঁ। ১৭ সেইবাবে, যদি কোনোৱে খ্ৰীষ্টৰ লগত একতাত আছে, তেনেহʼলে তেওঁ এক নতুন সৃষ্টি হয়। পুৰণি বিষয়বোৰ শেষ হʼল, চোৱা! নতুন বিষয়বোৰ অস্তিত্বত আহিছে। ১৮ কিন্তু সকলো বিষয় ঈশ্বৰৰ ফালৰ পৰা হয়, যিজনে খ্ৰীষ্টৰ যোগেদি তেওঁৰ লগত আমাৰ পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিলে আৰু আমাক এই সম্পৰ্ক গঢ়ি তোলাৰ কাম দিছে। ১৯ অৰ্থাৎ এয়া ঘোষণা কৰাৰ কাম যে ঈশ্বৰে খ্ৰীষ্টৰ যোগেদি জগতক নিজৰ লগত পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছে আৰু ঈশ্বৰে তেওঁলোকৰ অপৰাধৰ হিচাপ তেওঁলোকৰ পৰা লোৱা নাই আৰু আমাক পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ বাৰ্তা দিছে।

২০ সেইবাবে, আমি খ্ৰীষ্টৰ সলনি কাম কৰা ৰাজদূত হওঁ যেন ঈশ্বৰে আমাৰ যোগেদি অনুৰোধ কৰিছে। খ্ৰীষ্টৰ যোগেদি কাম কৰা লোক হিচাপে আমি মিনতি কৰিছোঁ, “ঈশ্বৰৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলক।” ২১ খ্ৰীষ্টই কেতিয়াও পাপ কৰা নাই আৰু ঈশ্বৰে তেওঁক আমাৰ পাপৰ কাৰণে বলিদান দিলে যেন তেওঁৰ যোগেদি আমি ঈশ্বৰৰ আগত ভাল মানুহ বুলি গণিত হʼব পাৰোঁ।

৬ ঈশ্বৰৰ সহকৰ্মী হিচাপে আমি তোমালোকক এয়াও অনুৰোধ কৰিছোঁ যে ঈশ্বৰৰ মহা-কৃপা গ্ৰহণ কৰাৰ পাছত তোমালোকে সেই কৃপাৰ উদ্দেশ্য পাহৰি নাযাবা। ২ কাৰণ তেওঁ কয়, “অনুগ্ৰহ পোৱা সময়ত মই তোমাৰ শুনিলোঁ আৰু উদ্ধাৰৰ দিনত তোমাক সহায় কৰিলোঁ।” চোৱা! এতিয়া বিশেষভাৱে অনুগ্ৰহ পোৱা সময় হয়। চোৱা! এতিয়া উদ্ধাৰৰ সেই দিন হয়।

৩ আমি আনক উজুটি খুউৱাৰ কোনো কাৰণ নিদিওঁ যাতে আমাৰ সেৱাত কোনো খুঁত পোৱা নাযায়। ৪ সকলো ধৰণে আমি ঈশ্বৰৰ সেৱক হোৱাৰ প্ৰমাণ দিওঁ, ধৈৰ্যেৰে বহুতো পৰীক্ষা সহন কৰি, দুখ-কষ্ট, অভাৱ আৰু সমস্যাবোৰৰ সন্মুখীন হৈ, ৫ মাৰ খাই, জেলত বন্দী হৈ, প্ৰতিবাদৰ সন্মুখীন হৈ, কঠিন পৰিশ্ৰম কৰি, নোশোৱাকৈ ৰাতি পাৰ কৰি, ভোকত থাকি, ৬ শুদ্ধতা, জ্ঞান, ধৈৰ্য, কৃপা আৰু পবিত্ৰ শক্তিৰে, অকপট প্ৰেম কৰি, ৭ সঁচা কথা কৈ, ঈশ্বৰৰ শক্তিৰে, সোঁ* আৰু বাওঁ* হাতত যি সঠিক তাৰ অস্ত্ৰ লৈ, ৮ সন্মান পোৱাৰ সময় আৰু আমাক অপমান কৰাৰ সময়, আমাৰ বিষয়ে বেয়া খবৰ আৰু ভাল খবৰ বিয়পাৰ সময়। আমাক বিশ্বাসঘাত কৰোঁতা বুলি ভবা হয়, কিন্তু আমি সত্য হওঁ, ৯ আমি অচিনাকীৰ দৰে হওঁ, তথাপি আমি বিখ্যাত, আমাক মৃত্যুৰ যোগ্য বুলি গণিত কৰা হয়, তথাপি চোৱা! আমি জীৱিত আছোঁ, আমি এনেদৰে আছোঁ যেন আমাক শাস্তি দিয়া হৈছে, কিন্তু আমাক হত্যা কৰা হোৱা নাই, ১০ দুখ কৰা লোকসকলৰ দৰে হওঁ, তথাপি সদায় আনন্দত থাকোঁ, দুখীয়াৰ দৰে হওঁ, তথাপি বহুতো লোকক ধনী বনাওঁ, আমাৰ ওচৰত যেন একোৱেই নাই, তথাপি আমাৰ ওচৰত সকলো আছে।

১১ হে কৰিন্থৰ ভাইসকল, আমি মুকলিভাৱে তোমালোকৰ লগত কথা পাতিলোঁ, আমি তোমালোকৰ কাৰণে নিজৰ হৃদয় বহল কৰিলোঁ। ১২ আমি হৃদয় খুলি তোমালোকক প্ৰেম কৰিলোঁ, কিন্তু আমাৰ প্ৰতি তোমালোকৰ প্ৰেম সীমিত। ১৩ সেইবাবে, নিজৰ লʼৰা-ছোৱালী হিচাপে মই তোমালোকক কৈছোঁ যে তোমালোকেও নিজৰ হৃদয় বহল কৰা।

১৪ অবিশ্বাসীৰ লগত একেটা যুঁৱলিত যোতা নহʼবা,* কিয়নো এনেধৰণৰ যোৰা মিল নাখায়। ভাল কামৰ লগত দুষ্টতাৰ কি মিল? বা পোহৰৰ লগত আন্ধাৰৰ কি সম্পৰ্ক? ১৫ আৰু খ্ৰীষ্ট আৰু চয়তানৰ* মাজত কি মিল? বা এজন বিশ্বাসী* আৰু এজন অবিশ্বাসীৰ মাজত কি মিল আছে? ১৬ আৰু ঈশ্বৰৰ মন্দিৰৰ মূৰ্তিৰ লগত কি কাম? কাৰণ আমি জীৱিত ঈশ্বৰৰ এক মন্দিৰ হওঁ, যিদৰে ঈশ্বৰে কৈছে, “মই তেওঁলোকৰ মাজত থাকিম আৰু তেওঁলোকৰ মাজত চলা-ফুৰা কৰিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হৈ থাকিম আৰু তেওঁলোক মোৰ লোক হৈ থাকিব।” ১৭ “যিহোৱাই* কয়, ‘সেইবাবে, তেওঁলোকৰ মাজৰ পৰা ওলাই আহা আৰু নিজকে তেওঁলোকৰ পৰা বেলেগ কৰা আৰু অশুচি বস্তুক নুচুবা, তেতিয়া মই তোমালোকক গ্ৰহণ কৰিম।’” ১৮ “সৰ্বশক্তিমান ঈশ্বৰ যিহোৱাই* কয়, ‘আৰু মই তোমালোকৰ পিতৃ হʼম আৰু তোমালোক মোৰ লʼৰা-ছোৱালী হʼবা।’”

৭ সেইবাবে মৰমৰ ভাইসকল, যিহেতু আমাক এইবোৰ প্ৰতিজ্ঞা কৰা হৈছে, সেইবাবে আহা, আমি শৰীৰ আৰু মনক অশুচি কৰিব পৰা সকলো ধৰণৰ বিষয়ৰ পৰা আঁতৰি থাকি নিজকে শুচি কৰোঁ আৰু ঈশ্বৰলৈ ভয় ৰাখি আৰু বেছি পবিত্ৰ হওঁ।

২ তোমালোকৰ হৃদয়ত আমাক ঠাই দিয়া। আমি কাৰো লগত অন্যায় কৰা নাই, কাৰো হানি কৰা নাই, নিজৰ লাভৰ কাৰণে কাকো ঠগাও নাই। ৩ মই তোমালোকক দোষী কৰিবলৈ এই কথা কোৱা নাই। কাৰণ মই আগতেই তোমালোকক কৈছিলোঁ যে আমি জীওঁ বা মৰোঁ তোমালোক আমাৰ হৃদয়ত থাকা। ৪ মই তোমালোকৰ লগত সংকোচ নকৰাকৈ খুলি কথা পাতিব পাৰোঁ। মই তোমালোকক লৈ বহুত গৰ্ব কৰোঁ। মই বহুত শান্ত্বনা পাইছোঁ, দুখ-কষ্টৰ সময়তো মোৰ হৃদয় আনন্দেৰে ভৰি পৰিছে।

৫ আচলতে যেতিয়া আমি মাকিদনিয়া পালোঁগৈ, তেতিয়া আমি অলপো শান্তি পোৱা নাছিলোঁ, কিন্তু আমি সকলো ধৰণৰ দুখ-কষ্ট ভুগি থাকিলোঁ। বাহিৰত কাজিয়া আৰু অন্তৰত ভয় আছিল। ৬ কিন্তু ঈশ্বৰ, যিজনে নিৰাশাত থকা লোকসকলক শান্ত্বনা দিয়ে, আমাক তীতৰ উপস্থিতিৰ যোগেদি শান্ত্বনা দিলে। ৭ কিন্তু কেৱল তীত ইয়াত থকাৰ কাৰণেই নহয়, তেওঁ যে তোমালোকৰ কাৰণে শান্ত্বনা পালে, সেয়া দেখিও আমি শান্ত্বনা পালোঁ। তেওঁ উভতি আহি আমাক খবৰ দিলে যে তোমালোকে মোক চাবলৈ কিমান আগ্ৰহী হৈ আছা, বহুত শোক কৰি আছা আৰু মোৰ বিষয়ে কিমান চিন্তা কৰি আছা।* এয়া শুনি মই আৰু বেছি আনন্দিত হʼলোঁ।

৮ সেইবাবে, যদিও মই তোমালোকক নিজৰ চিঠিৰ যোগেদি নিৰাশ কৰিছিলোঁ, কিন্তু ইয়াৰ কাৰণে মোৰ দুখ লগা নাই। হয়, আৰম্ভণিতে মোৰ দুখ লাগিছিল, (কিয়নো অলপ সময়ৰ কাৰণেই নহওক কিয়, সেই চিঠিয়ে তোমালোকক নিৰাশ কৰিছিল) ৯ কিন্তু এতিয়া মই আনন্দ কৰি আছোঁ, তোমালোকে কেৱল নিৰাশ হোৱাৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে তোমালোকে ইমানেই নিৰাশ হʼলা যে তোমালোকে অনুতাপ কৰিলা। কিয়নো তোমালোকে নিৰাশ হোৱাৰ কাৰণে ঈশ্বৰ আনন্দিত হʼল আৰু আমাৰ কাৰণে তোমালোকৰ একো হানি নহʼল। ১০ কাৰণ ঈশ্বৰক আনন্দিত কৰা নিৰাশাই অনুতাপ উৎপন্ন কৰে আৰু ইয়ে উদ্ধাৰৰ ফালে লৈ যায় আৰু ইয়াৰ কাৰণে পাছত দুখ কৰিবলগীয়া নহয়। কিন্তু জগতৰ লোকসকলৰ দৰে হোৱা নিৰাশাই মৃত্যু আনে। ১১ চোৱা! ঈশ্বৰক আনন্দিত কৰা নিৰাশাই তোমালোকৰ অন্তৰত কিমান আগ্ৰহ উৎপন্ন কৰিলে, হয়, তোমালোকৰ ওপৰত লগা কলংক দূৰ কৰিবলৈ তোমালোকে কিমান ইচ্ছা দেখুৱালা, নিজৰ ভুলৰ কাৰণে তোমালোকৰ কিমান খং উঠিল, তোমালোকৰ অন্তৰত ভয় উৎপন্ন হʼল, হয়, তোমালোকৰ অন্তৰত কিমান যে বেছি ইচ্ছা আৰু উৎসাহ উৎপন্ন হʼল আৰু তোমালোকে নিজৰ ভুল শুধৰণি কৰিলা! তোমালোকে সকলো ধৰণে প্ৰমাণ কৰিলা যে তোমালোকে এই বিষয়বোৰত নিৰ্দোষী* হোৱা। ১২ মই যি চিঠি লিখিছিলোঁ, সেয়া যিজনে বেয়া কাম কৰিছিল, তেওঁৰ কাৰণে লিখা নাছিলোঁ আৰু যিজনৰ লগত অন্যায় হৈছিল, তেওঁৰ কাৰণেও লিখা নাছিলোঁ, ইয়াৰ পৰিৱৰ্তে মই লিখাৰ কাৰণ হৈছে যাতে ঈশ্বৰৰ আগত এয়া প্ৰমাণ হয় যে তোমালোকে আমাৰ কথা শুনিবলৈ কিমান আগ্ৰহী হোৱা। ১৩ সেইবাবে, আমি শান্ত্বনা পালোঁ।

কিন্তু শান্ত্বনা পোৱাৰ উপৰিও আমি তীতে পোৱা আনন্দৰ কাৰণে আৰু বেছি আনন্দিত হʼলোঁ, কিয়নো তোমালোক সকলোৱে তেওঁৰ হৃদয়ক সতেজ কৰিলা। ১৪ কাৰণ আমি তোমালোকৰ বিষয়ে তীতক যি কথা গৰ্বেৰে কৈছিলোঁ, তাৰ বাবে মই লাজত পৰিবলগীয়া নহʼল। যিদৰে আমাৰ সেই সকলো কথা সঁচা আছিল, যি আমি তোমালোকক কৈছিলোঁ, ঠিক সেইদৰে তীতক যি কথা আমি গৰ্বেৰে কৈছিলোঁ, সেয়া সঁচা বুলি প্ৰমাণিত হʼল। ১৫ ইয়াৰ উপৰিও, যেতিয়া তেওঁ মনত পেলায় যে তোমালোক সকলোৱে কেনেকৈ আজ্ঞা পালন কৰিছিলা আৰু গভীৰ সন্মানেৰে তেওঁক আদৰণি জনাইছিলা, তেতিয়া তোমালোকৰ কাৰণে তেওঁৰ প্ৰেম আৰু বাঢ়ি যায়। ১৬ মই আনন্দ কৰোঁ, কিয়নো মই প্ৰতিটো কথাত তোমালোকৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰোঁ।*

৮ হে ভাইসকল, মাকিদনিয়াৰ মণ্ডলীৰ ওপৰত ঈশ্বৰে যি মহা-কৃপা দেখুৱাইছিল, সেই বিষয়ে আমি তোমালোকক জনাব বিচাৰোঁ। ২ যেতিয়া তেওঁলোকে ডাঙৰ পৰীক্ষাৰ সময়ছোৱাত দুখ ভুগিছিল, তেতিয়া অতি দুখীয়া হোৱাৰ সত্ত্বেও তেওঁলোকে আনন্দ মনেৰে দান দি নিজৰ উদাৰতাৰ প্ৰমাণ দিলে। ৩ তেওঁলোকে নিজৰ সামৰ্থ অনুসৰি দিছিল, আনকি তাতকৈয়ো বেছি দিছিল আৰু মই নিজেই এই কথাৰ সাক্ষী হওঁ। ৪ তেওঁলোকে নিজেই আগবাঢ়ি আহি আমাক অনুৰোধ কৰিলে, আনকি তেওঁলোকে আমাক মিনতি কৰি থাকিল যে পবিত্ৰ লোকসকলক সাহায্য আগবঢ়াবলৈ তেওঁলোককো যেন দান দিয়াৰ সন্মান দিয়া হয়। ৫ তেওঁলোকে আমি আশা কৰাতকৈ বেছি কৰিলে, কিয়নো তেওঁলোকে ঈশ্বৰৰ উদ্দেশ্যৰ অনুসৰি নিজকে প্ৰথমে প্ৰভুৰ কাৰণে আৰু তাৰ পাছত আমাৰ কাৰণে দিলে। ৬ সেইবাবে, তোমালোকে মৰমেৰে দিয়া দান গোটোৱাৰ কাম পূৰ কৰিবলৈ আমি তীতক উৎসাহিত কৰিছিলোঁ, যি তেওঁ আৰম্ভ কৰিছিল। ৭ সেইবাবে, তোমালোকে যিদৰে সকলো কথাত অৰ্থাৎ বিশ্বাস আৰু কথা কোৱাৰ দক্ষতাত জ্ঞান আৰু উৎসাহ আৰু আমি তোমালোকক প্ৰেম কৰাৰ দৰেই তোমালোকেও প্ৰেম দেখুৱাত ধনী হোৱা, ঠিক সেইদৰে দান দিয়াৰ ক্ষেত্ৰতো উদাৰশীল হোৱা।

৮ এয়া কৈ মই তোমালোকক কোনো আদেশ দিয়া নাই, ইয়াৰ পৰিৱৰ্তে আনে কিমান আনন্দ মনেৰে দান দিছে, সেই কথাৰ ওপৰত তোমালোকৰ ধ্যান আকৰ্ষণ কৰি আছোঁ আৰু মই পৰীক্ষা কৰি চাব বিচাৰোঁ যে তোমালোকৰ প্ৰেম কিমান সঁচা হয়। ৯ কাৰণ তোমালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপাৰ বিষয়ে জানা যে তেওঁ ধনী হোৱাৰ সত্ত্বেও তোমালোকৰ কাৰণে দুখীয়া হʼল যাতে তোমালোকে তেওঁ দুখীয়া হোৱাৰ পৰা ধনী হʼব পাৰা।

১০ এই বিষয়ে মই নিজৰ মতামত জনাইছোঁ: এই কাম পূৰ কৰিলে তোমালোকৰেই লাভ হʼব। কিয়নো এবছৰ পাৰ হৈ গʼল, যেতিয়া তোমালোকে এই কাম আৰম্ভ কৰিছিলা আৰু তোমালোকে এইদৰে কৰিবলৈ বহুত ইচ্ছাও দেখুৱাইছিলা। ১১ তোমালোকে এই কাম যিমান উৎসাহেৰে আৰম্ভ কৰিছিলা, সিমানেই উৎসাহেৰে এই কাম নিজৰ সামৰ্থ অনুসৰি পূৰো কৰা। ১২ কাৰণ যদি এজন মানুহৰ কিবা দিয়াৰ ইচ্ছা থাকে, তেনেহʼলে তেওঁৰ ওচৰত দিবলৈ যি আছে, সেয়া গ্ৰহণ কৰা হয়। তেওঁৰ ওচৰত যি নাই, সেয়া দিবলৈ তেওঁৰ পৰা আশা কৰা নহয়। ১৩ কাৰণ আনে আৰামেৰে থকাটো আৰু তোমালোকে কষ্টত থকাটো মই নিবিচাৰোঁ। ১৪ ইয়াৰ পৰিৱৰ্তে, মই বিচাৰোঁ যে এতিয়া তোমালোকৰ অধিকতাই তেওঁলোকৰ অভাৱ পূৰ কৰক আৰু তেওঁলোকৰ অধিকতাইয়ো তোমালোকৰ অভাৱ পূৰ কৰক যাতে এইদৰে সমান হৈ যায়। ১৫ যিদৰে লিখাও আছে, “যিজনৰ ওচৰত বেছি আছিল, তেওঁৰ ওচৰত বহুত বেছি নহʼল আৰু যিজনৰ ওচৰত কম আছিল, তেওঁৰ অভাৱ নহʼল।”

১৬ ঈশ্বৰৰ ধন্যবাদ হওক। কাৰণ তোমালোকৰ বিষয়ে আমি যিমান চিন্তা কৰোঁ, তীতেও তোমালোকৰ বিষয়ে সিমানেই চিন্তা কৰে। ১৭ কিয়নো আমি কোৱাৰ কাৰণেই তেওঁ তোমালোকৰ ওচৰলৈ গৈ আছে, এনে নহয়, ইয়াৰ পৰিৱৰ্তে আগ্ৰহী হৈ তেওঁ নিজ ইচ্ছাৰে তোমালোকৰ ওচৰলৈ গৈ আছে। ১৮ আমি তেওঁৰ লগত সেই ভাইজনকো পঠাইছোঁ, যিজনে শুভবাৰ্তা শুনোৱাৰ কামত যি কৰিছিল, তাৰ কাৰণে গোটেই মণ্ডলীত তেওঁৰ প্ৰশংসা হৈ আছে। ১৯ ইয়াৰ উপৰিও, মণ্ডলীবোৰে এই ভাইক আমাৰ লগত যাত্ৰা কৰিবলৈ নিযুক্ত কৰিছে যাতে তেওঁ আমাৰ লগত মৰমেৰে দিয়া এই উপহাৰ লৈ যোৱা কাম কৰিব পাৰে। এই দান আমি প্ৰভুৰ মহিমাৰ কাৰণে ভগাম, যি এই কথাৰ প্ৰমাণো হʼব যে আমি আনক সহায় কৰিব বিচাৰোঁ। ২০ উদাৰতাৰে দিয়া দান ভগাই দিয়াৰ বিষয়ে আমি আগৰে পৰা সাৱধান হৈছোঁ যাতে কোনেও যেন আমাক দুখ দিব নোৱাৰে। ২১ কাৰণ আমি “কেৱল যিহোৱাৰ* দৃষ্টিতে নহয়, কিন্তু মানুহৰ দৃষ্টিতো সকলো কাম সততাৰে* কৰিবলৈ সাৱধান হওঁ।”

২২ ইয়াৰ উপৰিও, আমি তেওঁলোকৰ লগত সেই ভাইজনকো পঠাইছোঁ, যিজনক আমি বহুবাৰ চালি-জাৰি চালোঁ আৰু দেখিলোঁ যে তেওঁ বহুতো বিষয়ত পৰিশ্ৰমী হয়। তেৱোঁ তোমালোকৰ ওপৰত বহুত ভৰসা কৰে, সেইবাবে তেওঁ আৰু বেছি পৰিশ্ৰম কৰিব। ২৩ যদি তীতৰ বিষয়ে কিবা প্ৰশ্ন আছে, তেনেহʼলে মই তোমালোকক কওঁ যে তেওঁ মোৰ লগৰ* আৰু মোৰ সহকৰ্মী হয়, যিজনে তোমালোকৰ ভালৰ কাৰণে কাম কৰে আৰু আন ভাইবিলাকৰ বিষয়ে যদি কিবা প্ৰশ্ন আছে, তেনেহʼলে মনত ৰাখা যে তেওঁলোক মণ্ডলীয়ে পঠোৱা পাঁচনি* হয় আৰু খ্ৰীষ্টৰ মহিমা কৰে। ২৪ সেইবাবে, তেওঁলোকক নিজৰ প্ৰেমৰ প্ৰমাণ দিয়া আৰু মণ্ডলীবোৰৰ আগত দেখুওৱা যে আমি তোমালোকক লৈ কিয় গৰ্ব কৰোঁ।

৯ পবিত্ৰ লোকসকলৰ সেৱা কৰাৰ বিষয়ে আচলতে মই তোমালোকলৈ লিখাৰ প্ৰয়োজন বুলি নাভাবোঁ, ২ কিয়নো মই জানোঁ যে তোমালোকে সহায় কৰিবলৈ সাজু হৈ আছা। আৰু মই মাকিদনিয়াৰ ভাইসকলক গৰ্বেৰে কৈ আছোঁ যে আখায়াৰ ভাইসকলে যোৱা এবছৰ ধৰি সহায় কৰিবলৈ ইচ্ছা কৰিছে। আৰু তোমালোকৰ উৎসাহে তেওঁলোকৰ মাজৰ বহুতো লোকক উৎসাহিত কৰিছে। ৩ কিন্তু মই ভাইসকলক তোমালোকৰ ওচৰলৈ আগতীয়াকৈ পঠোৱাৰ কাৰণ হৈছে যাতে এই বিষয়ত আমি তোমালোকৰ বিষয়ে যি গৰ্বেৰে কৈছিলোঁ, এই কথা ভুল বুলি প্ৰমাণিত নহয়, ইয়াৰ পৰিৱৰ্তে তোমালোকে যেন সাজু হৈ থাকিব পাৰা, যিদৰে তোমালোকে সাজু হৈ থাকিবা বুলি মই তেওঁলোকক কৈছিলোঁ। ৪ নহʼলে মাকিদনিয়াৰ ভাইসকলে যদি মোৰ লগত তালৈ আহে আৰু এয়া দেখে যে তোমালোকে সাজু হৈ থকা নাই, তেনেহʼলে তোমালোকৰ ওপৰত আমি যি ভৰসা কৰিছোঁ, তাৰ কাৰণে আমি আৰু তোমালোকেও লাজত পৰিব লাগিব। ৫ সেইবাবে, মই ভাইসকলক বহু আগতেই তোমালোকৰ তাত যাবলৈ উৎসাহিত কৰাটো প্ৰয়োজন বুলি ভাবিলোঁ যাতে তেওঁলোকে উদাৰতাৰে দিয়া তোমালোকৰ উপহাৰ প্ৰস্তুত কৰি থয়, যি দিবলৈ তোমালোকে প্ৰতিজ্ঞা কৰিছিলা। এইদৰে এই দান জোৰ কৰি লোৱা নহয়, ইয়াৰ পৰিৱৰ্তে উদাৰতাৰে দিয়া উপহাৰ হʼব।

৬ এই ক্ষেত্ৰত যিজনে অলপকৈ সিঁচে, তেওঁ অলপকৈ দাব, কিন্তু যিজনে বেছিকৈ সিঁচে, তেওঁ বেছিকৈ দাব। ৭ প্ৰতিজনে যিদৰে নিজৰ মনত থিৰাং কৰিছে, সেইদৰে কৰক, দিওঁ নিদিওঁকৈ বা কিবা হেঁচাত পৰি নিদিয়ক, কিয়নো ঈশ্বৰে আনন্দ মনেৰে দিয়া লোকসকলক প্ৰেম কৰে।

৮ তোমালোকৰ ওপৰত মহা-কৃপা দেখুৱাৰ ঈশ্বৰৰ প্ৰচুৰ পৰিমাণে ক্ষমতা আছে যাতে তোমালোকৰ ওচৰত সকলো বস্তু অধিক মাত্ৰাত হওক আৰু সকলো ভাল কাম কৰিবলৈ যি প্ৰয়োজন হয়, সেই সকলো তোমালোকৰ ওচৰত অধিক মাত্ৰাত হওক। ৯ (যিদৰে লিখাও আছে, “তেওঁ উদাৰতাৰে ভগাই দিলে, তেওঁ দুখীয়াসকলক দান দিলে। তেওঁৰ ভাল কাম সদায় কাললৈকে থাকে।” ১০ যিসকলে সিঁচে ঈশ্বৰে তেওঁলোকক অধিক মাত্ৰাত বীজ দিয়ে আৰু খোৱা লোকসকলক ৰুটি দিয়ে, তেৱেঁই তোমালোকক সিঁচিবলৈ অধিক মাত্ৰাত বীজ দিব আৰু তোমালোকৰ ভাল কামৰ শস্য বৃদ্ধি কৰিব।) ১১ ঈশ্বৰে তোমালোকক প্ৰচুৰ আশীৰ্বাদ দিছে যাতে তোমালোকেও প্ৰচুৰ পৰিমাণে দান দিব পাৰা আৰু আমি যেতিয়া তোমালোকৰ এই দান আন লোকসকলক দিম, তেতিয়া লোকসকলে ঈশ্বৰক ধন্যবাদ দিব। ১২ কিয়নো এই জনসেৱা পবিত্ৰ লোকসকলৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কেৱল কৰা নহয়, কিন্তু ঈশ্বৰক বহুত ধন্যবাদ দিবলৈও কৰা হয়। ১৩ তোমালোকে সাহায্যৰ কাৰণে এই যি সেৱা কৰা, তাৰ কাৰণে লোকসকলে ঈশ্বৰৰ মহিমা কৰে, কিয়নো তোমালোকে খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা প্ৰচাৰ কৰা, সেই শুভবাৰ্তাৰ অধীনতো থাকা আৰু তোমালোকে তেওঁলোকৰ কাৰণে আৰু সকলোৰে কাৰণে হৃদয় খুলি দান দিয়া। ১৪ তেওঁলোকে তোমালোকৰ কাৰণে ঈশ্বৰলৈ মিনতি কৰে আৰু তোমালোকক প্ৰেম কৰে, কিয়নো তোমালোকৰ ওপৰত ঈশ্বৰে প্ৰচুৰ পৰিমাণে মহা-কৃপা দিছে।

১৫ আহা আমি সেই দানৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ, যি দানৰ বিষয়ে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।

১০ এতিয়া মই পৌল, নিজেই খ্ৰীষ্টৰ কোমলতা আৰু কৃপাৰে তোমালোকক অনুৰোধ কৰিছোঁ, যদিও তোমালোকক লাগে যে তোমালোকৰ মাজত থকাৰ সময়ত মই দুৰ্বল, কিন্তু তোমালোকৰ মাজত নথকাৰ সময়ত মই মোৰ চিঠিত কঠোৰভাৱে কʼবলৈ ভয় নকৰোঁ। ২ মই আশা কৰোঁ যে যেতিয়া মই তোমালোকৰ মাজত থাকিম, তেতিয়া মই যাতে তোমালোকৰ লগত কঠোৰতাৰে ব্যৱহাৰ কৰিবলগীয়া নহয়, যিদৰে মই হয়তো সেই লোকসকলৰ লগত কৰিবলগীয়া হʼব পাৰে, যিসকলে ভাবে যে আমি জগতৰ লোকসকলৰ দৰে চলোঁ। ৩ যদিও আমি এই জগতত থাকোঁ, কিন্তু আমি জগতৰ লোকসকলৰ দৰে যুদ্ধ নকৰোঁ। ৪ কিয়নো আমাৰ যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ জগতৰ দৰে নহয়, ইয়াৰ পৰিৱৰ্তে এনে অস্ত্ৰ হয়, যি ঈশ্বৰে আমাক দিছে যাতে গভীৰতাত সোমাই থকা কথাবোৰ আমি শিপাৰে সৈতে উঘালি পেলাব পাৰোঁ। ৫ লোকসকলে দিয়া ভুল যুক্তি আৰু ঈশ্বৰৰ শিক্ষাৰ বিৰুদ্ধে উঠা সকলো বাধা পাৰ কৰোঁ আৰু সকলো চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰি খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ। ৬ আমি আজ্ঞা পালন নকৰা সকলো মানুহক শাস্তি দিবলৈ সাজু আছোঁ, কিন্তু ইয়াৰ আগতে তোমালোকে প্ৰমাণ কৰা যে তোমালোকে সম্পূৰ্ণৰূপে আজ্ঞা পালন কৰা।

৭ তোমালোকে বাহিৰৰ চেহেৰা চাই বিচাৰ কৰা। যদি কাৰোবাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ খ্ৰীষ্টৰ হয়, তেনেহʼলে তেওঁ এই সত্যতাৰ ওপৰত পুনৰ মন কৰক যে যিদৰে তেওঁ খ্ৰীষ্টৰ হয়, ঠিক সেইদৰে আমিও খ্ৰীষ্টৰ হওঁ। ৮ তোমালোকক নিৰাশ কৰিবলৈ নহয়, কিন্তু তোমালোকক উৎসাহিত কৰিবলৈ প্ৰভুৱে আমাক অধিকাৰ দিছে। এই অধিকাৰৰ বাবে যদি মই অলপ বেছিকৈয়ে গৰ্ব কৰোঁ, তেতিয়াও মই লাজত পৰিবলগীয়া নহʼব। ৯ মই নিবিচাৰোঁ যে তোমালোকৰ এনে লাগে যেন মই নিজৰ চিঠিৰ পৰা তোমালোকক ভয় খোৱাবলৈ চেষ্টা কৰিছোঁ। ১০ তেওঁলোকে কয়, “তেওঁৰ চিঠিত গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী কথা থাকে, কিন্তু যেতিয়া তেওঁ আমাৰ মাজত থাকে, তেতিয়া তেওঁ দুৰ্বল আৰু তেওঁৰ কথাবোৰ কোনো কামত নাহে।” ১১ যিসকলে এই কথা কয়, তেওঁলোকে জানি লওক যে আমি দূৰত থাকি নিজৰ চিঠিবোৰত যি কওঁ, সেয়া আমি তোমালোকৰ মাজত থাকিও কৰি দেখুৱাম। ১২ কাৰণ আমি নিবিচাৰোঁ যে আমি নিজৰ গণনা সেই লোকসকলৰ লগত কৰোঁ বা নিজৰ তুলনা তেওঁলোকৰ লগত কৰোঁ, যিসকলে নিজৰ প্ৰশংসা নিজেই কৰে। যেতিয়া তেওঁলোকে নিজৰ জোখেৰে নিজকে জোখে আৰু নিজৰ তুলনা নিজৰ লগত কৰে, তেতিয়া তেওঁলোকে দেখুৱায় যে তেওঁলোকৰ বুদ্ধি নাই।

১৩ কিন্তু আমি সেই সীমাৰ বাহিৰত গৈ ফিতাহি নামাৰিম, যি আমাৰ কাৰণে নিৰ্ধাৰিত কৰা হৈছে। ঈশ্বৰে জুখি যি এলেকা আমাক দিছে, তাত তোমালোকেও আছা, সেই সীমাত থাকি আমি গৰ্ব কৰিম। ১৪ আমি সঁচাকৈ নিজৰ সীমাৰ পৰা বাহিৰলৈ যোৱা নাই যেন তোমালোক আমাৰ এলেকাৰ নোহোৱা। কিয়নো আমিয়েই প্ৰথমতে তোমালোকক খ্ৰীষ্টৰ শুভবাৰ্তা জনাইছিলোঁ। ১৫ নিশ্চয় আমি নিৰ্ধাৰিত সীমাৰ পৰা বাহিৰলৈ গৈ আন কাৰোবাৰ পৰিশ্ৰমক লৈ ফিতাহি মৰা নাই, ইয়াৰ পৰিৱৰ্তে আমি এয়া আশা কৰোঁ যে যেনেকৈ তোমালোকৰ বিশ্বাস বাঢ়ি গৈ থাকিব, তেনেকৈ আমাৰ কাম সেই এলেকাত উন্নতি হৈ থাকিব, যি আমাক দিয়া হৈছে। ইয়াৰ পাছত আমাৰ কাম বাঢ়ি গৈ থাকিব ১৬ যাতে আমি তোমালোকৰ এলেকা এৰি আৰু দূৰত থকা এলেকাবোৰত শুভবাৰ্তা ঘোষণা কৰিব পাৰোঁ আৰু আমি আন কাৰোবাৰ কামক লৈ ফিতাহি নামাৰিম, যি তেওঁলোকৰ এলেকাত ইতিমধ্যে কৰিলে। ১৭ “কিন্তু যিজনে গৰ্ব কৰে, তেওঁ যিহোৱাৰ* বিষয়ে গৰ্ব কৰক।” ১৮ কাৰণ যিজনে নিজৰ প্ৰশংসা নিজেই কৰে তেওঁ নহয়, কিন্তু যিজনৰ প্ৰশংসা যিহোৱাই* কৰে, তেৱেঁই তেওঁৰ অনুমোদন পায়।

১১ তোমালোকে মোৰ অলপ মূৰ্খতা সহ্য কৰাটো মই বিচাৰোঁ। অৱশ্যে, তোমালোকে মোক সহ্য কৰিও আছা! ২ ঈশ্বৰে যিদৰে তোমালোকৰ কাৰণে চিন্তা কৰে, তেনেকৈ ময়ো তোমালোকৰ কাৰণে চিন্তা কৰোঁ,* কাৰণ মই নিজেই খ্ৰীষ্টৰ লগত তোমালোকক বিয়া দিবলৈ প্ৰতিজ্ঞা কৰিছোঁ যাতে তোমালোকক এজনী পবিত্ৰ কুমাৰীৰ দৰে তেওঁক দিব পাৰোঁ। ৩ কিন্তু মোৰ ভয় আছে যে যিদৰে সাপে চতুৰতাৰে হৱাক ভুলাইছিল, ঠিক সেইদৰে কোনেও যেন তোমালোকৰ মনক কলুষিত কৰি নেপেলায় আৰু এইদৰে খ্ৰীষ্টৰ প্ৰতি তোমালোকৰ যি অকপটতা আৰু পবিত্ৰতা আছে, সেয়া যেন ভ্ৰষ্ট নহয়। ৪ কোনোবাই যদি আহি আন কোনো যীচুৰ প্ৰচাৰ কৰে, যাৰ বিষয়ে আমি প্ৰচাৰ কৰা নাই বা কোনোবাই যদি তোমালোকক এনে কোনো শক্তিৰ দ্বাৰা প্ৰভাৱিত কৰিব বিচাৰে, যি তোমালোকৰ শক্তিতকৈ* একেবাৰে বেলেগ বা কোনোবাই যদি এনে শুভবাৰ্তা শুনায়, যি তোমালোকে গ্ৰহণ কৰা শুভবাৰ্তাতকৈ বেলেগ, তেনেহʼলে তোমালোকে সহজে সেই ব্যক্তিৰ কথা মানি লোৱা। ৫ মই নিজকে তোমালোকৰ মহা-পাঁচনিসকলতকৈ কোনো কথাত কম বুলি নাভাবোঁ। ৬ যদিও কথা কোৱাৰ ক্ষেত্ৰত আমাৰ দক্ষতা নাই, কিন্তু ঈশ্বৰৰ বিষয়ে জ্ঞান আছে আৰু আমি এই জ্ঞান সকলো ধৰণে আৰু সকলো বিষয়তে তোমালোকৰ আগত প্ৰকাশ কৰিলোঁ।

৭ অথবা তোমালোকে শ্ৰেষ্ঠ হʼবলৈ মই নিজকে সৰু কৰি বিনামূল্যে ঈশ্বৰৰ শুভবাৰ্তা আনন্দেৰে তোমালোকৰ আগত প্ৰচাৰ কৰি মই পাপ কৰিলোঁ নে? ৮ মই আন মণ্ডলীবোৰৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয় বস্তুবোৰ* লʼলোঁ* যাতে তোমালোকৰ সেৱা কৰিব পাৰোঁ। ৯ তথাপিও মই যেতিয়া তোমালোকৰ তাত আছিলোঁ আৰু মোৰ অভাৱ হৈছিল, তেতিয়া মই কাৰো বোজা নহʼলোঁ, কিয়নো মাকিদনিয়াৰ পৰা অহা ভাইসকলে প্ৰয়োজনতকৈ বেছি বস্তু দি মোৰ সহায় কৰিলে। হয়, মই কাৰো বোজা নহʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিলোঁ আৰু আগলৈও এইদৰে কৰি থাকিম। ১০ যেনেকৈ খ্ৰীষ্টৰ সত্যতা মোৰ অন্তৰত আছে বুলি নিশ্চিত, ঠিক সেইদৰে এই কথাও নিশ্চিত যে মই আখায়াৰ এলেকাবোৰত এই কথাক লৈ গৰ্ব কৰিবলৈ এৰি নিদিম। ১১ ইয়াৰ কাৰণ এয়া নে যে মই তোমালোকক প্ৰেম নকৰোঁ? ঈশ্বৰে জানে যে মই কৰোঁ।

১২ কিন্তু মই যি কৰি আছোঁ, সেয়া কৰি থাকিম যাতে যিসকলে নিজৰ পদক লৈ ফিতাহি মাৰে আৰু আমাৰ সমান হʼবলৈ সুযোগ বিচাৰি থাকে, তেওঁলোকক কোনো সুযোগ নিদিওঁ। ১৩ এনে মানুহবিলাক মিছা পাঁচনি হয়, ছলেৰে কাম কৰে আৰু খ্ৰীষ্টৰ পাঁচনি হোৱাৰ ভাও ধৰে। ১৪ এয়া কোনো আচৰিত কথা নহয়, কিয়নো চয়তানে নিজেও ভাল* স্বৰ্গদূতৰ ৰূপ ধাৰণ কৰে। ১৫ সেইবাবে, তাৰ সেৱকেও যদি সঠিক কামৰ সেৱক হোৱাৰ ভাও ধৰে, তেনেহʼলে এয়া কোনো আচৰিত কথা নহয়। কিন্তু সিহঁতৰ অন্ত কামৰ অনুসৰি হʼব।

১৬ মই আকৌ কৈছোঁ, কোনেও যেন মোক মূৰ্খ বুলি নাভাবক। যদি তোমালোকে এইদৰে ভাবাও, তেনেহʼলে মূৰ্খ বুলি ভাবি মোক সহ্য কৰা যাতে মই আৰু অলপ গৰ্ব কৰিব পাৰোঁ। ১৭ মই যি কৈ আছোঁ, সেয়া প্ৰভুৰ উদাহৰণত চলি কোৱা নাই, ইয়াৰ পৰিৱৰ্তে মই সেই লোকসকলৰ দৰে কৈ আছোঁ, যিসকল মূৰ্খ হয় আৰু যিসকলে নিজৰ ওপৰত ভৰসা কৰে আৰু ফিতাহি মাৰে। ১৮ বহুতো লোকে জগতৰ কথাবোৰক* লৈ ফিতাহি মাৰি আছে, সেইবাবে ময়ো ফিতাহি মাৰিম। ১৯ কিয়নো তোমালোক ইমানেই বুদ্ধিমান হোৱা যে মূৰ্খবিলাকৰ কথা আনন্দেৰে সহ্য কৰি লোৱা। ২০ ইয়াৰ উপৰিও, তোমালোকে এনে প্ৰতিজন মানুহক সহ্য কৰি লোৱা, যিসকলে তোমালোকক নিজৰ দাস বনায়, তোমালোকৰ সম্পত্তি লুট কৰে, যি তোমালোকৰ ওচৰত আছে সেয়া কাঢ়ি লয়, তোমালোকক সৰু কৰি নিজকে শ্ৰেষ্ঠ কৰে আৰু তোমালোকৰ মুখত চৰ মাৰে।

২১ মোৰ কাৰণে এয়া কোৱা লাজৰ কথা হয়, কিয়নো কিছুমান লোকে ভাবে যে আমি ইমানেই দুৰ্বল যে নিজৰ অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা নাই।

কিন্তু কোনোৱে যদি ফিতাহি মাৰিবলৈ লাজ অনুভৱ নকৰে, তেনেহʼলে ময়ো ফিতাহি মাৰিবলৈ লাজ অনুভৱ নকৰিম, যদিও কোনোৱে মোক মূৰ্খ বুলি নাভাবক কিয়। ২২ তেওঁলোক ইব্ৰী হয় নে? ময়ো হওঁ। তেওঁলোক ইস্ৰায়েলী হয় নে? ময়ো হওঁ। তেওঁলোক অব্ৰাহামৰ বংশৰ* হয় নে? ময়ো হওঁ। ২৩ তেওঁলোক খ্ৰীষ্টৰ সেৱক হয় নে? মই পগলাৰ দৰে চিঞৰি চিঞৰি কওঁ, মই তেওঁলোকতকৈ বেছি শ্ৰেষ্ঠ হওঁ: মই বেছি পৰিশ্ৰম কৰিলোঁ, মই বাৰে বাৰে জেললৈ গʼলোঁ, বহুবাৰ মই মাৰ খালোঁ আৰু বহুবাৰ মই মৃত্যুৰ সন্মুখীন হʼলোঁ। ২৪ পাঁচবাৰ মই যিহূদীসকলৰ পৰা ঊনচল্লিশ ঊনচল্লিশ বাৰকৈ কোব খাইছিলোঁ, ২৫ তিনিবাৰ মোক লাঠিৰে মৰা হʼল, এবাৰ মোক শিল দলিয়াই মৰা হʼল, তিনিবাৰ যাত্ৰা কৰি থকা জাহাজ সমুদ্ৰতে ভাঙি গʼল, এদিন আৰু এৰাতি মই সমুদ্ৰৰ মাজতেই কটালোঁ। ২৬ মই বাৰে বাৰে যাত্ৰাৰ বিপদ, নদীৰ বিপদ, ডকাইতৰ বিপদ, নিজৰ লোকসকলৰ পৰা অহা বিপদ, আন ৰাষ্ট্ৰৰ লোকসকলৰ পৰা অহা বিপদ, চহৰৰ বিপদ, অৰণ্যৰ* বিপদ, সমুদ্ৰৰ বিপদ, মিছলীয়া ভাইসকলৰ পৰা অহা বিপদৰ সন্মুখীন হʼলোঁ। ২৭ মই কঠিন পৰিশ্ৰম আৰু সংঘৰ্ষ কৰিলোঁ, প্ৰায় ৰাতি ৰাতি জাগি থাকিলোঁ, ভোকত আৰু পিয়াহত থাকিলোঁ, বহুবাৰ নোখোৱাকৈ থাকিলোঁ, ঠাণ্ডা আৰু কাপোৰৰ অভাৱেৰে* দিন কটালোঁ।

২৮ এইবোৰৰ উপৰিও, প্ৰতিদিনে গোটেই মণ্ডলীৰ চিন্তাই মোক আমনি কৰে। ২৯ যেতিয়া কোনোবাই দুৰ্বল হয়, তেতিয়া ময়ো কষ্ট নাপাওঁ নে? কোনোবাই যদি আনক উজুটি খোৱায়, তেনেহʼলে মোৰো খং নুঠে নে?

৩০ মই যদি ফিতাহি মাৰিবই লাগে, তেনেহʼলে মই সেই কথাবোৰক লৈ ফিতাহি মাৰিম, যিবোৰে মোৰ দুৰ্বলতাক প্ৰকাশ কৰে। ৩১ প্ৰভু যীচুৰ ঈশ্বৰ আৰু পিতৃ, যিজনৰ প্ৰশংসা সদায় হৈ থাকিব, তেওঁ জানে যে মই মিছাকৈ কোৱা নাই। ৩২ দম্মেচকত আৰিতা ৰজাৰ অধীনত যিজন ৰাজ্যপাল আছিল, তেওঁ মোক ধৰিবলৈ দম্মেচক চহৰত পহৰা দিয়াইছিল, ৩৩ কিন্তু মোক এটা ডাঙৰ টুকুৰীত বহাই চহৰৰ দেৱালত বনোৱা এখন খিৰিকীয়েদি নমাই দিয়া হʼল আৰু মই তেওঁৰ পৰা ৰক্ষা পালোঁ।

১২ ফিতাহি মাৰি একো লাভতো নহয়, তথাপিও মই এইদৰেই কৰিব লাগিব। কিন্তু এতিয়া মই প্ৰভুৱে দেখুৱা চমৎকাৰৰ দৰ্শন আৰু তেওঁৰ পৰা পোৱা বাৰ্তাৰ বিষয়ে কʼব বিচাৰোঁ। ২ মই খ্ৰীষ্টত এজন মানুহক জানোঁ, যিজনক ১৪ বছৰৰ আগতেই তৃতীয় স্বৰ্গত উঠাই নিয়া হৈছিল। তেওঁক শৰীৰৰ সৈতে উঠোৱা হৈছিল নে শৰীৰৰ অবিহনে, এয়া মই নাজানোঁ, ঈশ্বৰেহে জানে। ৩ হয়, মই সেই মানুহজনক জানোঁ। তেওঁক শৰীৰৰ সৈতে উঠোৱা হৈছিল নে শৰীৰৰ অবিহনে, এয়া মই নাজানোঁ, ঈশ্বৰেহে জানে। ৪ তেওঁক উঠাই প্ৰমোদবনলৈ লৈ যোৱা হʼল আৰু তেওঁ এনে কথা শুনিলে, যিবোৰ উচ্চাৰণ কৰিব নোৱাৰি আৰু যিবোৰ কʼবলৈ এজন মানুহৰ অনুমতি নাই। ৫ মই এনে মানুহক লৈ ফিতাহি মাৰিম, কিন্তু মই নিজক লৈ ফিতাহি নামাৰিম, কেৱল নিজৰ দুৰ্বলতাক লৈহে মাৰিম। ৬ যদি মই কেতিয়াবা ফিতাহি মাৰিবও বিচাৰোঁ, তেনেহʼলে মই মূৰ্খ নহʼম, কিয়নো মই সঁচা কথাই কʼম। কিন্তু মই ফিতাহি নামাৰোঁ যাতে মই যি কৰা তেওঁ দেখিলে আৰু কোৱা শুনিলে, সেই কথাবোৰৰ বাহিৰে আন কোনো কথাক লৈ কোনেও মোৰ প্ৰশংসা নকৰে। ৭ মোৰ ওপৰত বিশেষ ৰহস্য প্ৰকাশ কৰাৰ কাৰণেই কোনোবাই মোক ডাঙৰ বুলি নাভাবক।

মই যাতে অহংকাৰেৰে ভৰি নপৰোঁ, সেইবাবে মোৰ শৰীৰত এটা কাঁইট লগোৱা হৈছে, যি চয়তানৰ এক দূতৰ দৰে হয় যাতে সি মোক চৰিয়াই থাকে,* যাৰ কাৰণে মই নিজকে ডাঙৰ বুলি নাভাবোঁ। ৮ এই কাঁইট উলিয়াই দিবলৈ মই প্ৰভুক তিনিবাৰ মিনতি কৰিছিলোঁ। ৯ কিন্তু প্ৰভুৱে মোক কʼলে, “মোৰ মহা-কৃপা তোমাৰ কাৰণে যথেষ্ট। যেতিয়া তুমি দুৰ্বল হোৱা, তেতিয়া মোৰ শক্তি সম্পূৰ্ণৰূপে দেখা দিয়ে।” সেইবাবে, মই বৰ আনন্দেৰে নিজৰ দুৰ্বলতাক লৈ ফিতাহি মাৰিম যাতে খ্ৰীষ্টৰ শক্তি তম্বুৰ দৰে মোৰ ওপৰত থাকে। ১০ মই খ্ৰীষ্টৰ কাৰণে দুৰ্বলতা, অপমান, অভাৱ, তাড়না আৰু সমস্যাৰ সময়ত আনন্দিত হওঁ। কিয়নো যেতিয়াই মই দুৰ্বল, তেতিয়াই মই শক্তিশালী।

১১ মই মূৰ্খ হʼলোঁ। তোমালোকে মোক এইদৰে হʼবলৈ বাধ্য কৰিলা। তোমালোকে মোৰ প্ৰশংসা কৰা হʼলে মই এইদৰে নহʼলোঁহেঁতেন। কাৰণ তোমালোকৰ দৃষ্টিত যদিও মোৰ কোনো মূল্য নাই, তথাপি মই কোনো কথাতেই তোমালোকৰ সেই মহা-পাঁচনিসকলতকৈ কম নহওঁ। ১২ আচলতে তোমালোকে নিজ চকুৰে মোৰ পাঁচনি পদৰ প্ৰমাণ দেখিছিলা, যি মই বহুত ধৈৰ্য ধৰি, লগতে বিভিন্ন চিন আৰু চমৎকাৰ আৰু ডাঙৰ ডাঙৰ কামবোৰৰ যোগেদি দেখুৱাইছিলোঁ। ১৩ মই তোমালোকৰ ওপৰত কোনো ধৰণৰ বোজা নহʼলোঁ। কেৱল এই ক্ষেত্ৰত তোমালোক আন মণ্ডলীবোৰতকৈ বেলেগ হোৱা। মই কিবা ভুল কৰিলোঁ নে? যদি কৰিলোঁ, তেনেহʼলে ক্ষমা কৰিবা।

১৪ চোৱা! এয়া তৃতীয়বাৰ যে মই তোমালোকৰ ওচৰলৈ আহিবলৈ সাজু আছোঁ। তথাপিও মই তোমালোকৰ ওপৰত বোজা হʼব নিবিচাৰোঁ, কিয়নো মই তোমালোকৰ সম্পত্তি নিবিচাৰোঁ, তোমালোকক বিচাৰোঁ। লʼৰা-ছোৱালীয়ে মা-দেউতাৰ কাৰণে টকা-পইচা গোটাই ৰখাটো তেওঁলোকৰ পৰা আশা কৰা নহয়। ইয়াৰ পৰিৱৰ্তে, লʼৰা-ছোৱালীৰ কাৰণে মা-দেউতাই টকা-পইচা গোটাই ৰখাটো তেওঁলোকৰ পৰা আশা কৰা হয়। ১৫ মই তোমালোকৰ কাৰণে হাঁহি হাঁহি খৰচ কৰিম, আনকি মই নিজেও সম্পূৰ্ণৰূপে খৰচ হৈ যাম। যদি মই তোমালোকক ইমান প্ৰেম কৰোঁ, তেনেহʼলে মই তোমালোকৰ পৰা সিমানেই প্ৰেম পোৱাৰ যোগ্য নহওঁ নে? ১৬ মই তোমালোকৰ ওপৰত কোনো বোজা নহʼলোঁ, তথাপিও তোমালোকে কোৱা যে মই টেঙৰ আছিলোঁ আৰু মই তোমালোকক ছলেৰে ফান্দত পেলালোঁ। ১৭ আৰু মই যিমান লোকক তোমালোকৰ ওচৰলৈ পঠালোঁ, তেওঁলোকৰ মাজৰ কোনো এজনৰ যোগেদিও মই তোমালোকৰ পৰা লাভ উঠোৱা নাই। উঠাইছোঁ নে? ১৮ মই তীতক অনুৰোধ কৰি তেওঁৰ লগত এজন ভাইক পঠাইছিলোঁ। তীতে তোমালোকৰ পৰা কোনো লাভ উঠোৱা নাই। উঠাইছিল নে? আমি একেধৰণৰ উৎসাহ দেখুৱা নাছিলোঁ নে? আমি একেটা পথত চলা নাছিলোঁ নে?

১৯ তোমালোকে এতিয়ালৈকে এয়া ভাবিছা নে যে আমি নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ তোমালোকৰ আগত চেষ্টা কৰি আছোঁ? আমি তোমালোকৰ আগত নহয়, ঈশ্বৰৰ আগত খ্ৰীষ্টত প্ৰমাণ দি আছোঁ। কিন্তু মৰমৰ ভাইসকল, আমি এই সকলো তোমালোকক মজবুত কৰিবলৈ কৰি আছোঁ। ২০ মোৰ এয়াই ভয় যে মই যেতিয়া তোমালোকৰ ওচৰলৈ আহিম, তেতিয়া মই তোমালোকক যিদৰে বিচাৰোঁ, হয়তো সেইদৰে দেখা নাপাম। আৰু তোমালোকেও মোক যিদৰে বিচাৰা, সেইদৰে দেখা নাপাবা। তোমালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খঙত জ্বলি-পকি উঠা, কাজিয়া, আনক ঠাট্টা কৰা, পৰচৰ্চা কৰা, অহংকাৰেৰে ভৰি পৰা আৰু হুলস্থূল হৈ থকা দেখাটো মই নিবিচাৰোঁ। ২১ যেতিয়া মই তোমালোকৰ ওচৰলৈ আকৌ আহিম, তেতিয়া মোৰ ঈশ্বৰে তোমালোকৰ আগত যেন মোক লাজত নেপেলায় আৰু মই এনে বহুতো লোকৰ কাৰণে শোক কৰিবলগীয়া নহয়, যিসকলে আগতে পাপ কৰিছিল আৰু অশুচি, অনৈতিক শাৰীৰিক সম্পৰ্ক* আৰু নিৰ্লজ্জভাৱে কৰা পাপ কামত* লাগি আছিল আৰু অনুতাপ কৰা নাছিল।

১৩ মই তৃতীয়বাৰ তোমালোকৰ ওচৰলৈ আহি আছোঁ। “দুই বা তিনিজন সাক্ষীয়ে সাক্ষ্য দিয়াত* প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণ কৰা হওক।” ২ যদিও মই এতিয়া তোমালোকৰ পৰা বহুত দূৰত আছোঁ, কিন্তু তোমালোকে এয়া বুজি লোৱা যে মই তোমালোকৰ মাজত দ্বিতীয়বাৰ উপস্থিত আছোঁ। যি লোকসকলে আগতে পাপ কৰিছিল, তেওঁলোকক আৰু আন বাকী লোকসকলক মই এতিয়াৰে পৰা সাৱধান কৰিছোঁ যে যদি মই আকৌ তোমালোকৰ ওচৰলৈ আহিম, তেনেহʼলে তেওঁলোকক নিশ্চয় শাস্তি দিম। ৩ কিয়নো খ্ৰীষ্টই মোৰ যোগেদি কয় বুলি এই কথাৰ তোমালোকে প্ৰমাণ বিচাৰা, যি তোমালোকৰ দুৰ্বলতা নহয়, কিন্তু শক্তি হয়। ৪ সঁচাকৈ, তেওঁক দুৰ্বল অৱস্থাত কাঠত আঁৰি হত্যা কৰা হʼল, তথাপিও তেওঁ ঈশ্বৰৰ শক্তিৰে জীৱিত আছে। এয়া সঁচা যে আমিও তেওঁৰ দৰে দুৰ্বল হওঁ, কিন্তু আমি তেওঁৰ লগত জীয়াই থাকিম আৰু এয়া ঈশ্বৰৰ সেই শক্তিৰে হʼব, যি তোমালোকৰ অন্তৰত কাম কৰি আছে।

৫ নিজকে চালি-জাৰি চাই থাকা যে তোমালোকে বিশ্বাসত আছা নে নাই। তোমালোক কেনেধৰণৰ ব্যক্তি হোৱা, তাৰ প্ৰমাণ দি থাকা। অথবা যীচু খ্ৰীষ্ট তোমালোকৰ লগত একতাত আছে বুলি তোমালোকে বুজি পোৱা নাই নে? যদি একতাত নাই, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে তোমালোকক অস্বীকাৰ কৰা হৈছে। ৬ মই সঁচাকৈ আশা কৰিছোঁ যে আমাক অস্বীকাৰ কৰা হোৱা নাই বুলি তোমালোকে গʼম পাবা।

৭ এতিয়া আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যাতে তোমালোকে একো ভুল নকৰা। আমি অনুগ্ৰহ পাইছোঁ বুলি আনক দেখুৱাটো মোৰ উদ্দেশ্য নহয়, ইয়াৰ পৰিৱৰ্তে মই বিচাৰোঁ তোমালোকে যেন ভাল কাম কৰি থাকা, যদিও আনে ভাবে যে আমাক অস্বীকাৰ কৰা হৈছে। ৮ কাৰণ আমি সত্যতাৰ বিৰুদ্ধে একো কৰিব নোৱাৰোঁ, কেৱল সত্যতাৰ কাৰণেহে কৰিব পাৰোঁ। ৯ যেতিয়াই আমি দুৰ্বল হওঁ আৰু তোমালোক শক্তিশালী হোৱা, তেতিয়া আমি আনন্দিত হওঁ। আৰু আমি প্ৰাৰ্থনা কৰোঁ যে তোমালোকে শুধৰণি কৰি থাকা। ১০ মই তোমালোকৰ পৰা দূৰত থাকিও এই কথাবোৰ তোমালোকক লিখাৰ কাৰণ হৈছে যে যেতিয়া মই তোমালোকৰ মাজত থাকিম, তেতিয়া প্ৰভুৱে মোক দিয়া অধিকাৰ যাতে কঠোৰভাৱে ব্যৱহাৰ কৰিবলগীয়া নহয়। তেওঁ মোক এই অধিকাৰ তোমালোকক নিৰুৎসাহ কৰিবলৈ দিয়া নাই, ইয়াৰ পৰিৱৰ্তে তোমালোকক মজবুত কৰিবলৈ দিছে।

১১ অৱশেষত ভাইসকল, মই তোমালোকক কৈছোঁ যে তোমালোকে আনন্দ কৰি থাকা, শুধৰণি কৰি থাকা, শান্ত্বনা পাই থাকা, একেধৰণৰ চিন্তাধাৰা ৰাখা আৰু শান্তিৰে থাকা, তেতিয়া প্ৰেম আৰু শান্তিৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব। ১২ পবিত্ৰ চুমাৰে এজনে-আনজনক নমস্কাৰ কৰা। ১৩ সকলো পবিত্ৰ লোকে তোমালোকক নমস্কাৰ জনাইছে।

১৪ প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপা আৰু ঈশ্বৰৰ প্ৰেম আৰু তেওঁৰ পবিত্ৰ শক্তি তোমালোকৰ লগত থাকক, যাৰ পৰা তোমালোকে লাভৱান হৈ আছা।

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

বা “উৎসাহ।”

বা হয়তো, “যিবোৰ তোমালোকে আগৰে পৰা ভালদৰে জানা।”

আক্ষ., “শেষলৈকে।”

বা হয়তো, “যাতে তোমালোকৰ দুবাৰ লাভ হয়।”

বা “চীলবান।”

বা “চিন হিচাপে; প্ৰমাণ হিচাপে; গেৰাণ্টি হিচাপে।”

বা “চয়তানৰ ঠগবাজিত নপৰোঁ।”

বা “উদ্দেশ্য; ষড়যন্ত্ৰ।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

বা হয়তো, “যিহোৱাৰ পবিত্ৰ শক্তিয়ে আমাক সলনি কৰি আছে।”

বা হয়তো, “আমাক নিৰাশাত এৰি দিয়া নহয়।”

বা “পৰীক্ষা।”

আক্ষ., “যি গধুৰ।”

বা “চিন হিচাপে; প্ৰমাণ হিচাপে; গেৰাণ্টি হিচাপে।”

হয়তো মাৰিবলৈ।

হয়তো নিজকে বচাবলৈ।

বা “যুক্ত নহʼবা।”

আক্ষ., “বেলীয়াল।” ই এক হিব্ৰু শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে “কোনো কামৰ যোগ্য নোহোৱা।”

বা “বিশ্বাসযোগ্য মানুহ।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

আক্ষ., “তোমালোকৰ উৎসাহ আছে।”

বা “শুচি।”

বা হয়তো, “তোমালোকৰ কাৰণে মই বহুত সাহস পাওঁ।”

অতি. ক৫ চাওক।

বা “সদাচাৰেৰে।”

আক্ষ., “সহভাগী।”

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

বা “ঈশ্বৰে যেনেকৈ ঈৰ্ষা কৰে, তেনেকৈ ময়ো তোমালোকৰ কাৰণে ঈৰ্ষা কৰোঁ।”

বা “ঈশ্বৰৰ শক্তিতকৈ।”

বা “সহায়।”

আক্ষ., “লুট কৰিলোঁ।”

বা “পোহৰ দিওঁতা।”

অৰ্থাৎ মানৱীয় কথাবোৰ।

আক্ষ., “বীজ।”

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

আক্ষ., “উদঙে।”

বা “মাৰি থাকে।”

গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

গ্ৰীক ভাষাত আচেলʼগেইয়া। শব্দকোষ চাওক।

আক্ষ., “মুখ।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক