ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt ইব্ৰী ১:১-১৩:২৫
  • ইব্ৰী

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ইব্ৰী
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ইব্ৰী

ইব্ৰীসকললৈ চিঠি

১ ঈশ্বৰে অতীতত বহুবাৰ বিভিন্ন উপায়েৰে ভৱিষ্যবক্তাসকলৰ যোগেদি আমাৰ পূৰ্ব পুৰুষসকলৰ লগত কথা পাতিছিল। ২ কিন্তু এতিয়া এই শেষ সময়ছোৱাত তেওঁ আমাৰ লগত নিজৰ পুত্ৰৰ যোগেদি কথা পাতিছে, যিজনক তেওঁ সকলো বস্তুৰ উত্তৰাধিকাৰী হিচাপে নিযুক্ত কৰিছে আৰু যিজনৰ যোগেদি তেওঁ জগতৰ ব্যৱস্থা* বনালে। ৩ এই পুত্ৰত ঈশ্বৰৰ মহিমা প্ৰকাশ পায় আৰু তেওঁ ঈশ্বৰৰ প্ৰতিৰূপ হয়। তেওঁ নিজৰ শক্তিশালী বাক্যৰে সকলো চম্ভালি ৰাখে। তেওঁ আমাৰ পাপ ধুই শুচি কৰাৰ পাছত তেওঁ স্বৰ্গত ঈশ্বৰৰ সোঁহাতে বহিল। ৪ যিহেতু তেওঁ স্বৰ্গদূতসকলৰ তুলনাত আৰু শ্ৰেষ্ঠ নাম পাইছে, সেইবাবে তেওঁ তেওঁলোকতকৈয়ো বহুত মহান।

৫ উদাহৰণস্বৰূপে, ঈশ্বৰে কেতিয়া কোনো স্বৰ্গদূতক এইদৰে কৈছিল, “তুমি মোৰ পুত্ৰ হয়, আজি মই তোমাৰ পিতৃ হৈছোঁ”? বা “মই তেওঁৰ পিতৃ হʼম আৰু তেওঁ মোৰ পুত্ৰ হʼব”? ৬ কিন্তু তেওঁ যেতিয়া আকৌ নিজৰ প্ৰথম সন্তানক জগতত পঠাব, তেতিয়া তেওঁ এইদৰে কʼব, “ঈশ্বৰৰ সকলো স্বৰ্গদূতে তেওঁক মূৰ দোৱাই প্ৰণাম কৰক।”

৭ লগতে তেওঁ নিজৰ স্বৰ্গদূতসকলৰ বিষয়ে এইদৰে কয়, “তেওঁ নিজৰ স্বৰ্গদূতসকলক শক্তিশালী আৰু নিজৰ সেৱকসকলক জুইৰ শিখাৰ দৰে কৰি তোলে।” ৮ কিন্তু তেওঁ নিজৰ পুত্ৰৰ বিষয়ে কয়, “ঈশ্বৰ সদায় কালৰ কাৰণে তোমাৰ সিংহাসন হয় আৰু তোমাৰ ৰাজদণ্ড ন্যায়ৰ ৰাজদণ্ড হয়। ৯ তুমি যি সঠিক, তাক প্ৰেম কৰিলা আৰু দুষ্টতাক ঘিণ কৰিলা। সেইবাবে ঈশ্বৰে, হয়, তোমাৰ ঈশ্বৰে তোমাৰ লগৰবিলাকতকৈ বেছি আনন্দৰূপ তেলেৰে তোমাক অভিষেক কৰিলে।” ১০ আৰু “হে প্ৰভু, তুমি আৰম্ভণিতে পৃথিৱীৰ ভিত্তি স্থাপন কৰিলা, আকাশ-মণ্ডল তোমাৰ হাতৰ কাম হয়। ১১ সেইবোৰতো ধ্বংস হৈ যাব, কিন্তু তুমি সদায় থাকিবা। সেইবোৰ কাপোৰৰ দৰে পুৰণি হৈ যাব ১২ আৰু কাপোৰ মেৰিয়াই ৰখাৰ দৰে সেইবোৰকো মেৰিয়াই ৰখা হʼব আৰু সেইবোৰক কাপোৰৰ দৰে সলাই দিয়া হʼব। কিন্তু তুমি সদায় একেই থাকিবা আৰু তোমাৰ আয়ু কেতিয়াও শেষ নহʼব।”

১৩ কিন্তু তেওঁ কেতিয়া কোনো স্বৰ্গদূতৰ বিষয়ে এইদৰে কৈছিল, “মই তোমাৰ শত্ৰু বিলাকক তোমাৰ ভৰি-পীৰা নকৰালৈকে তুমি মোৰ সোঁহাতে বহি থাকা”? ১৪ সকলো স্বৰ্গদূত পবিত্ৰ সেৱা* কৰাৰ কাৰণে নহয় নে আৰু এওঁলোকক সেই লোকসকলৰ সেৱাৰ কাৰণে পঠোৱা হোৱা নাই নে, যিসকলে উদ্ধাৰ পাব?

২ সেইবাবে, আমি যি কথা শুনিলোঁ, তাৰ ওপৰত আৰু বেছি ধ্যান দিয়াৰ প্ৰয়োজন যাতে আমি কেতিয়াও বিচলিত হৈ দূৰলৈ গুচি নাযাওঁ। ২ যদি স্বৰ্গদূতসকলৰ যোগেদি কোৱা বাক্য নিশ্চিত বুলি প্ৰমাণিত হʼল আৰু তেওঁৰ বিৰুদ্ধে যিজনে পাপ কৰিলে আৰু আজ্ঞা নামানিলে, তেওঁ ন্যায়ৰ অনুসৰি শাস্তি পালে, ৩ তেনেহʼলে আমি সেই মহান উদ্ধাৰৰ বিষয়ক অৱহেলা কৰি কেনেকৈ বাচি থাকিব পাৰিম? ইয়াৰ বিষয়ে সকলোতকৈ আগতে আমাৰ প্ৰভুৱে কৈছিল আৰু যিসকল লোকে তেওঁৰ পৰা শুনিছিল, তেওঁলোকে আমাৰ কাৰণে এই সত্যতাৰ প্ৰমাণ দিলে। ৪ ঈশ্বৰেও চিন আৰু চমৎকাৰ দেখুৱায় আৰু বিভিন্ন ধৰণৰ শক্তিশালী কামৰ যোগেদি আৰু নিজৰ ইচ্ছাৰ অনুসৰি পবিত্ৰ শক্তিৰ বৰদান দি ইয়াৰ সাক্ষ্য দিছে।

৫ কিয়নো আমি যি আহিবলগীয়া পৃথিৱীৰ বিষয়ে কৈ আছোঁ, সেই পৃথিৱীক ঈশ্বৰে স্বৰ্গদূতসকলৰ অধীন কৰা নাই। ৬ কিন্তু এজন সাক্ষীয়ে এইদৰে কৈছে, “মানুহনো কি যে তুমি তেওঁক মনত ৰাখা? মানুহৰ সন্তানেই বা কি যে তুমি তেওঁৰ চোৱা-চিতা কৰা? ৭ তুমি তেওঁক স্বৰ্গদূততকৈ অলপহে কম অধিকাৰ দিলা। আৰু তেওঁক মহিমা আৰু আদৰৰ কিৰীটি পিন্ধালা আৰু তেওঁক নিজৰ হাতৰ সৃষ্টিৰ ওপৰত অধিকাৰ দিলা। ৮ তুমি সকলো তেওঁৰ ভৰিৰ তল কৰিলা।” যিহেতু ঈশ্বৰে সকলো তেওঁৰ অধীন কৰিলে, সেইবাবে ঈশ্বৰে এনে একো বাকী ৰখা নাই, যি তেওঁৰ অধীনত কৰা হোৱা নাই। এয়া সঁচা যে এতিয়ালৈকে আমি সকলো তেওঁৰ অধীনত থকা দেখা নাই, ৯ কিন্তু যিজনক স্বৰ্গদূতসকলতকৈ অলপহে কম অধিকাৰ দিছে, সেই যীচুক এতিয়া আমি মহিমা আৰু আদৰৰ কিৰীটি পিন্ধা দেখিবলৈ পাইছোঁ, কাৰণ তেওঁ মৃত্যুৰ দুখ সহন কৰিলে। তেওঁ ঈশ্বৰৰ মহা-কৃপাৰে সকলো মানুহৰ কাৰণে মৃত্যু হʼল।

১০ সকলো ঈশ্বৰৰ কাৰণে আৰু তেওঁৰ যোগেদিহে অস্তিত্বত আছে। ঈশ্বৰৰ বহুতো পুত্ৰক মহিমান্বিত কৰিবলৈ তেওঁলোকৰ উদ্ধাৰৰ মুখ্য অধিকাৰীক দুখ সহন কৰিবলৈ দি সিদ্ধ কৰি তোলাটো উচিত আছিল। ১১ কাৰণ পবিত্ৰ কৰাজন আৰু যিসকলক পবিত্ৰ কৰা হৈছে, সকলোৱে এজন পিতৃৰ পৰাই হয়, সেইবাবে পবিত্ৰ কৰাজনে তেওঁলোকক ভাই বুলি মাতিবলৈ লাজ অনুভৱ নকৰে, ১২ যিদৰে তেওঁ কয়, “মই নিজৰ ভাইবিলাকৰ আগত তোমাৰ নাম ঘোষণা কৰিম, মণ্ডলীৰ মাজত গীত গাই তোমাৰ প্ৰশংসা কৰিম।” ১৩ তেওঁ আৰু কয়, “মই তেওঁৰ ওপৰত ভৰসা কৰিম।” তেওঁ এয়াও কয়, “চোৱা! মই আৰু মোৰ এই সন্তানসকল, যিসকলক যিহোৱাই* মোক দিছে।”

১৪ সেইবাবে, যিদৰে সন্তান হাড় আৰু মাংসৰ হয়, তেৱোঁ হাড় আৰু মাংসৰ হʼল যাতে নিজৰ মৃত্যুৰ যোগেদি তাক অৰ্থাৎ চয়তানক* শেষ কৰি দিয়ে, যাৰ ওচৰত হত্যা কৰাৰ শক্তি আছে ১৫ আৰু সেই সকলোকে মুকলি কৰে, যিসকলে মৃত্যুৰ ভয়ত গোটেই জীৱন দাসত্বত আছিল। ১৬ তেওঁ আচলতে স্বৰ্গদূতসকলক নহয়, কিন্তু অব্ৰাহামৰ বংশক* সহায় কৰি আছে। ১৭ সেইবাবে, তেওঁ সকলো বিষয়ত নিজৰ ভাইসকলৰ দৰে হোৱাটো প্ৰয়োজন আছিল যাতে তেওঁ ঈশ্বৰৰ লগত জড়িত বিষয়বোৰত এজন দয়ালু আৰু বিশ্বাসযোগ্য মহা-পুৰোহিত হʼব পাৰে আৰু লোকসকলৰ পাপৰ কাৰণে এনে এক বলিদান উৎসৰ্গ কৰিব পাৰে,* যি ঈশ্বৰৰ লগত আমাৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে। ১৮ তেওঁ নিজেও সেই সময়ত বহুত দুখ ভুগিছিল, যেতিয়া তেওঁৰ পৰীক্ষা লোৱা হৈছিল। সেইবাবে, এতিয়া তেওঁ সেই লোকসকলৰ সহায় কৰিবলৈ যোগ্য, যিসকল পৰীক্ষাৰ সন্মুখীন হৈ আছে।

৩ সেইবাবে, স্বৰ্গলৈ যাবলৈ নিমন্ত্ৰণ পোৱা হে পবিত্ৰ ভাইসকল, সেই পাঁচনি* আৰু মহা-পুৰোহিত যীচুৰ ওপৰত ধ্যান দিয়া, যিজনক আমি গ্ৰহণ কৰিছোঁ। ২ তেওঁ ঈশ্বৰৰ বিশ্বাসযোগ্য হৈ থাকিল, যিজনে তেওঁক নিযুক্ত কৰিছিল, যিদৰে মোচিয়েও ঈশ্বৰৰ গোটেই ঘৰৰ* বিশ্বাসযোগ্য হৈ থাকিল। ৩ যিদৰে ঘৰ বনোৱাজনক ঘৰতকৈ বেছি আদৰ দিয়া হয়, ঠিক সেইদৰে তেওঁক* মোচিতকৈ বেছি মহিমাৰ যোগ্য বুলি ভবা হʼল। ৪ নিশ্চয়, প্ৰতিটো ঘৰ কোনোবা নহয় কোনোবা এজন বনাওঁতা থাকে, কিন্তু যিজনে সকলো বনাইছে তেওঁ হৈছে ঈশ্বৰ। ৫ মোচি ঈশ্বৰৰ গোটেই ঘৰত এজন সেৱক হিচাপে বিশ্বাসযোগ্য হৈ থাকিল আৰু তেওঁৰ সেৱাৰ পৰা সেই কথাবোৰৰ সাক্ষ্য পোৱা গʼল, যিবোৰ পাছত পোৱা গʼলহেঁতেন। ৬ কিন্তু খ্ৰীষ্টতো ঈশ্বৰৰ পুত্ৰ হয় আৰু তেওঁ ঈশ্বৰৰ ঘৰৰ অধিকাৰী হিচাপে বিশ্বাসযোগ্য হৈ থাকিল। যদি আমি শেষলৈকে সংকোচ নকৰাকৈ কʼবলৈ সাহস নেহেৰুৱাওঁ আৰু সেই আশাক দৃঢ়তাৰে ধৰি থাকোঁ, যাক লৈ আমি গৰ্ব কৰোঁ, তেনেহʼলে ঈশ্বৰৰ ঘৰ আমিয়েই হওঁ।

৭ সেইবাবে, পবিত্ৰ শক্তিয়ে কয়, “আজি যদি তোমালোকে তেওঁৰ মাত শুনা, ৮ তেনেহʼলে নিজৰ হৃদয় কঠোৰ নকৰিবা, যিদৰে তোমালোকৰ পূৰ্বপুৰুষসকলে অৰণ্যত* কৰিছিল আৰু মোৰ পৰীক্ষা লোৱাৰ যোগেদি মোৰ ক্ৰোধ জগাই তুলিছিল। ৯ তাত ৪০ বছৰ ধৰি মোৰ কাম দেখাৰ সত্ত্বেও তেওঁলোকে মোৰ পৰীক্ষা লৈছিল। ১০ সেইবাবে, এই প্ৰজন্মৰ* প্ৰতি মোৰ ঘিণ উপজিল আৰু মই কʼলোঁ, ‘এই লোকসকলৰ হৃদয় সদায় ভ্ৰান্ত হৈ যায়, এওঁলোকে মোৰ পথৰ বিষয়ে নাজানিলে।’ ১১ সেইবাবে, মই ক্ৰোধিত হৈ শপত খালোঁ, ‘এওঁলোক মোৰ বিশ্ৰামত নোসোমাব।’”

১২ ভাইসকল সাৱধানে থাকা! তোমালোকৰ মাজৰ যেন কোনোবাই জীৱিত ঈশ্বৰৰ পৰা দূৰলৈ গুচি নাযায়, যাৰ কাৰণে তোমালোকৰ হৃদয় দুষ্ট হৈ পৰে আৰু তোমালোকৰ বিশ্বাস শেষ হৈ যায়। ১৩ কিন্তু যিদিনালৈকে “আজিৰ” দিন বুলি কোৱা হʼব, তোমালোকে প্ৰতিদিনে এজনে-আনজনক উৎসাহিত কৰি থাকা যাতে তোমালোকৰ মাজৰ কোনেও যেন পাপৰ ভুলোৱা শক্তিৰ কাৰণে কঠোৰ হৈ নাযায়। ১৪ কিয়নো আমি সঠিক অৰ্থত খ্ৰীষ্টৰ সহভাগী তেতিয়াহে হʼম, যেতিয়া আমি নিজৰ সেই ভৰসা শেষলৈকে মজবুত কৰি ৰাখোঁ, যি আমাৰ অন্তৰত আৰম্ভণিতে আছিল। ১৫ যিদৰে কোৱাও হৈছে, “আজি যদি তোমালোকে তেওঁৰ মাত শুনা, তেনেহʼলে নিজৰ হৃদয় কঠোৰ নকৰিবা, যিদৰে তোমালোকৰ পূৰ্বপুৰুষসকলে কৰিছিল আৰু মোৰ ক্ৰোধ জগাই তুলিছিল।”

১৬ তেওঁলোক কোন আছিল, যিসকলে ঈশ্বৰৰ মাত শুনিও তেওঁৰ ক্ৰোধ জগাই তুলিছিল? তেওঁলোক সেই লোকসকলেই নাছিল নে, যিসকলে মোচিৰ অধীনত মিচৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল? ১৭ তেওঁলোক কোন আছিল, যিসকলক ঈশ্বৰে ৪০ বছৰলৈকে ঘিণ কৰি থাকিল? তেওঁলোক সেই লোকসকলেই নাছিল নে, যিসকলে পাপ কৰিলে আৰু যিসকলৰ মৃতদেহ অৰণ্যত পৰি থাকিল? ১৮ আৰু তেওঁ কাৰ লগত এই শপত খাইছিল যে তেওঁলোকে তেওঁৰ বিশ্ৰামত নোসোমাব? তেওঁলোকৰ লগত নহয় নে, যিসকলে তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে কাম কৰিছিল? ১৯ গতিকে, আমি চাব পাৰোঁ যে তেওঁলোকে বিশ্ৰামত সোমাব নোৱাৰাৰ কাৰণ হৈছে তেওঁলোকৰ বিশ্বাস নাছিল।

৪ সেইবাবে, যিহেতু ঈশ্বৰৰ বিশ্ৰামত সোমোৱাৰ প্ৰতিজ্ঞা এতিয়ালৈকে আছে, গতিকে আহা, আমি সাৱধান হওঁ যাতে আমাৰ মাজৰ কোনেও যেন এই বিশ্ৰামত সোমোৱাৰ কাৰণে অযোগ্য নহওঁ। ২ কিয়নো আমাকো শুভবাৰ্তা শুনোৱা হৈছে, যিদৰে আমাৰ পূৰ্বপুৰুষসকলক শুনোৱা হৈছিল। কিন্তু যি বাক্য তেওঁলোকে শুনিছিল, তাৰ পৰা তেওঁলোকৰ একো লাভ নহʼল। কিয়নো যিসকলে সেই বাক্য শুনিছিল, সেই লোকসকলৰ দৰে তেওঁলোকৰ বিশ্বাস নাছিল। ৩ কিন্তু আমি বিশ্বাস কৰিলোঁ আৰু বিশ্ৰামত সোমাওঁ। কিন্তু তেওঁ তেওঁলোকৰ বিষয়ে কৈছে, “সেইবাবে, মই ক্ৰোধিত হৈ শপত খালোঁ, ‘এওঁলোক মোৰ বিশ্ৰামত নোসোমাব,’” যদিও জগতৰ আৰম্ভণি হোৱাৰ আগেয়েই তেওঁৰ কাম সম্পূৰ্ণ হৈছিল। ৪ এঠাইত তেওঁ সপ্তম দিনৰ বিষয়ে কৈছে, “সপ্তম দিনাখন ঈশ্বৰে নিজৰ সকলো কামৰ পৰা বিশ্ৰাম লʼলে।” ৫ আৰু তাৰ পাছত তেওঁ আকৌ ইয়াত কʼলে, “এওঁলোক মোৰ বিশ্ৰামত নোসোমাব।”

৬ তেনেহʼলে কিছুমান লোকে এই বিশ্ৰামত সোমাবলৈ বাকী আছে আৰু যিসকল লোকক আগতে শুভবাৰ্তা শুনোৱা হৈছিল, তেওঁলোকে আজ্ঞা নমনাৰ কাৰণে তাত নোসোমালে। ৭ সেইবাবে, এক দীঘলীয়া সময়ৰ পাছত তেওঁ দায়ূদৰ গীতত কোনো এটা দিনক “আজিৰ দিন” বুলি কৈছে, যিদৰে এই চিঠিত ইতিমধ্যে কোৱা হৈছে, “আজি যদি তোমালোকে তেওঁৰ মাত শুনা, তেনেহʼলে নিজৰ হৃদয় কঠোৰ নকৰিবা।” ৮ যিহোচূৱাই তেওঁলোকক বিশ্ৰামৰ ঠাইত লৈ যোৱা হʼলে ঈশ্বৰে পাছত আৰু এটা দিনৰ বিষয়ে নকʼলেহেঁতেন। ৯ তেনেহʼলে ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ লোকসকলৰ কাৰণে বিশ্ৰাম-বাৰৰ* নিচিনা এটা বিশ্ৰামৰ সুযোগ বাকী আছে। ১০ কিয়নো যিজন মানুহে ঈশ্বৰৰ বিশ্ৰামত সোমাইছে, তেৱোঁ নিজৰ কামৰ পৰা বিশ্ৰাম লৈছে, যিদৰে ঈশ্বৰে লৈছিল।

১১ সেইবাবে, আহা আমি সেই বিশ্ৰামত সোমাবলৈ মনে-প্ৰাণে চেষ্টা কৰোঁ যাতে আমাৰ মাজৰ কোনেও যেন সেই লোকসকলৰ দৰে আজ্ঞা পালন নকৰা উদা হৰণক অনুকৰণ নকৰোঁ। ১২ কিয়নো ঈশ্বৰৰ বাক্য জীৱন্ত আৰু বহুত শক্তিশালী আৰু দুয়োফালে ধাৰ থকা তৰোৱালতকৈয়ো বেছি চোকা। ইয়ে মানুহৰ বাহিৰৰ ৰূপক* ভিতৰৰ ৰূপৰ* পৰা পৃথক কৰে। যিদৰে চোকা তৰোৱালে হাড়* আৰু মজ্জাক বিন্ধি ইপাৰ-সিপাৰ কৰি বেলেগ কৰে, ঠিক সেইদৰে ইয়ে হৃদয়ৰ চিন্তাধাৰা আৰু উদ্দেশ্যক জানিব পাৰে। ১৩ সৃষ্টিত এনে একো বস্তু নাই, যি ঈশ্বৰৰ দৃষ্টিত লুকাই আছে। ইয়াৰ পৰিৱৰ্তে, আমি যিজনক হিচাপ দিব লাগিব, তেওঁৰ দৃষ্টিত সকলো বস্তু মুকলি আৰু তেওঁ সকলো দেখা পায়।

১৪ সেইবাবে, যিহেতু আমাৰ এনে এজন মহান মহা-পুৰোহিত আছে অৰ্থাৎ ঈশ্বৰৰ পুত্ৰ যীচু, যিজন স্বৰ্গত সোমালে, তেনেহʼলে আহা আমি তেওঁৰ বিষয়ে ৰাজহুৱাভাৱে ঘোষণা কৰি থাকোঁ। ১৫ কাৰণ আমি এনে মহা-পুৰোহিত পোৱা নাই, যিজনে আমাৰ দুৰ্বলতাবোৰ বুজিব নোৱাৰে। ইয়াৰ পৰিৱৰ্তে, আমি এনে মহা-পুৰোহিত পাইছোঁ, যিজনে সকলো বিষয়ত আমাৰ নিচিনাই পৰীক্ষাৰ সন্মুখীন হৈছিল, তথাপি কোনো পাপ নকৰিলে। ১৬ সেইবাবে, আহা আমি ঈশ্বৰৰ মহা-কৃপাৰ সিংহাসনৰ আগত সংকোচ নকৰাকৈ কʼবলৈ সাহসেৰে যাওঁ যাতে আমি সঠিক সময়ত সহায় পাবলৈ তেওঁৰ দয়া আৰু মহা-কৃপা পাব পাৰোঁ।

৫ প্ৰতিজন মহা-পুৰোহিতক মানুহৰ মাজৰ পৰাই লোৱা হয় আৰু তেওঁক মানুহৰ কাৰণে ঈশ্বৰৰ সেৱা কৰিবলৈ নিযুক্ত কৰা হয় যাতে তেওঁ উপহাৰ আৰু পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে বলিদান উৎসৰ্গ কৰে। ২ অজানিতে ভুল কৰা* লোকসকলৰ লগত কৰুণাৰে* ব্যৱহাৰ কৰাৰ তেওঁৰ সামৰ্থ আছে, কিয়নো তেওঁ নিজেও নিজৰ দুৰ্বলতাবোৰৰ সন্মুখীন হয়।* ৩ সেইবাবে, তেওঁ নিজৰ পাপৰ কাৰণেও উছৰ্গা উৎসৰ্গ কৰিবলগীয়া হয়, যিদৰে তেওঁ আনৰ পাপৰ কাৰণে উৎসৰ্গ কৰে।

৪ এজন মানুহে আদৰৰ এই পদ নিজেই নিজেই নলয়, কিন্তু এয়া তেওঁ তেতিয়াহে পায়, যেতিয়া ঈশ্বৰে তেওঁক নিযুক্ত কৰে, যিদৰে তেওঁ হাৰোণক নিযুক্ত কৰিছিল। ৫ ঠিক সেইদৰে, খ্ৰীষ্টও নিজেই মহা-পুৰোহিতৰ পদ লৈ নিজৰ মহিমা নক ৰিলে, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰে তেওঁক এই মহিমা দিলে, যিজনে তেওঁক কৈছে, “তুমি মোৰ পুত্ৰ হয়, আজি মই তোমাৰ পিতৃ হৈছোঁ।” ৬ তেওঁ আৰু এঠাইত এয়াও কৈছে, “তুমি মল্কীচেদকৰ দৰে পুৰোহিত হোৱা আৰু তুমি সদায় পুৰোহিত হৈ থাকিবা।”

৭ যেতিয়া খ্ৰীষ্ট এই পৃথিৱীত জীয়াই আছিল, তেতিয়া তেওঁ ডাঙৰ মাতেৰে চিঞৰি চিঞৰি আৰু চকুপানী টুকি টুকি সেই ঈশ্বৰলৈ মিনতি আৰু নিবেদন কৰিছিল, যিজনৰ তেওঁক মৃত্যুৰ পৰা বচোৱাৰ সামৰ্থ আছিল। আৰু ঈশ্বৰৰ প্ৰতি ভয় থকাৰ কাৰণে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিলে। ৮ ঈশ্বৰৰ পুত্ৰ হৈও তেওঁ বহুতো দুখ-কষ্ট সহন কৰি আজ্ঞা মানিবলৈ শিকিলে। ৯ আৰু সিদ্ধ কৰাৰ* পাছত সেই সকলো লোকক অনন্ত কালৰ উদ্ধাৰ কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছে, যিসকলে তেওঁৰ আজ্ঞা পালন কৰে, ১০ কিয়নো তেওঁক ঈশ্বৰে মহা-পুৰোহিত হিচাপে নিযুক্ত কৰিলে যাতে তেওঁ মল্কীচেদকৰ দৰে পুৰোহিত হʼব পাৰে।

১১ আমাৰ ওচৰত তেওঁৰ বিষয়ে কʼবলৈ বহুত কথা আছে, কিন্তু তোমালোকৰ কাণ গধুৰ হোৱাৰ বাবে সেই বিষয়বোৰ বুজাবলৈ টান। ১২  এতিয়ালৈকে* তোমালোকে আনক শিকোৱাৰ যোগ্য হʼব লাগিছিল, কিন্তু এতিয়া তোমালোকক আকৌ কোনোবাই ঈশ্বৰৰ পবিত্ৰ বাক্যৰ প্ৰাথমিক শিক্ষাবোৰ আৰম্ভণিৰে পৰা শিকোৱাটো প্ৰয়োজন হৈ পৰিছে আৰু তোমালোকক আকৌ গাখীৰৰ প্ৰয়োজন আছে, টান আহাৰৰ নহয়। ১৩ যিজনে এতিয়াও গাখীৰ খাই থাকে, তেওঁ শিশু হৈ আছে, কিয়নো তেওঁ ঈশ্বৰৰ সত্য বাক্য সঠিকভাৱে নাজানে। ১৪ কিন্তু টান আহাৰ পৰিপক্ক লোকসকলৰ কাৰণে হয়, যিসকলে নিজৰ চিন্তা কৰা শক্তি* ব্যৱহাৰ কৰি কৰি ভাল-বেয়াৰ মাজত পাৰ্থক্য কৰিবলৈ ইয়াক প্ৰশিক্ষিত কৰিছে।

৬ গতিকে, খ্ৰীষ্টৰ বিষয়ে আমি যি প্ৰাথমিক শিক্ষা শিকিলোঁ, সেইবোৰ এৰি, আহা আমি পৰিপক্কতাৰ লক্ষ্যৰ ফালে আগবাঢ়ি যাবলৈ মনে-প্ৰাণে চেষ্টা কৰোঁ। আমি যেন আকৌ ভিত্তিমূল স্থাপন নকৰোঁ অৰ্থাৎ আমি আকৌ সেই কথাবোৰ শিকি নাথাকোঁ, যিবোৰ আমি আৰম্ভণিতে শিকিছিলোঁ। যেনে, ব্যৰ্থ কামবোৰৰ* পৰা ঘূৰি অনুতাপ কৰা, ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা, ২  বাপ্তিষ্মাৰ শিক্ষা, কাৰোবাৰ ওপৰত হাত থোৱা, মৃতবিলাকক জীয়াই তোলা আৰু ঈশ্বৰৰ শেষ* ন্যায়ৰ শিক্ষা। ৩ আৰু যদি ঈশ্বৰে অনুমতি দিয়ে, তেনেহʼলে আমি পৰিপক্কতাৰ লক্ষ্যলৈ নিশ্চয় আগবাঢ়ি যাম।

৪ যিসকল লোকে এবাৰ জ্ঞানৰ পোহৰ পাইছে আৰু যিসকলে স্বৰ্গৰ পৰা পোৱা বৰদানৰ সোৱাদ লৈছে আৰু যিসকল পবিত্ৰ শক্তিৰ সহভাগী হৈছে ৫ আৰু যিসকলে ঈশ্বৰৰ উত্তম বাক্যৰ আৰু আহিবলগীয়া জগতৰ ব্যৱস্থাৰ শক্তিশালী বস্তুবোৰৰ সোৱাদ লৈছে, ৬ কিন্তু এতিয়া তেওঁলোকে বিশ্বাসৰ পৰা দূৰলৈ গুচি গৈছে, তেওঁলোকক অনুতাপ কৰাবলৈ উভতাই লৈ অনাটো অসম্ভৱ। কিয়নো তেওঁলোকে নিজেই ঈশ্বৰৰ পুত্ৰক আৰু এবাৰ কাঠত গজাল মাৰি দিছে আৰু সকলোৰে আগত তেওঁক লাজত পেলাইছে। ৭ যেতিয়া ঈশ্বৰৰ আশীৰ্বাদত মাটিত বাৰে বাৰে বৰষুণ হয়, তেতিয়া সেই মাটিয়ে পানী শুহি লয় আৰু কৃষকসকলৰ কাৰণে শাক-পাচলি উৎপন্ন কৰে, যাৰ পৰা তেওঁলোকে লাভৱান হয়। ৮ কিন্তু যদি ইয়ে কাঁইটীয়া জোপোহা উৎপন্ন কৰে, তেনেহʼলে তাক এনেই এৰি দিয়া হয় আৰু তাক বহুত সোনকালে শাও দিয়া হʼব আৰু শেষত জ্বলাই দিয়া হʼব।

৯ যদিও আমি এইদৰে কথা পাতি আছোঁ, কিন্তু মৰমৰ ভাইসকল, আমাৰ বিশ্বাস আছে যে তোমালোক ভাল অৱস্থাত আছা অৰ্থাৎ এনে পথত আছা, যাৰ পৰা তোমালোকৰ উদ্ধাৰ হʼব পাৰে। ১০ কাৰণ ঈশ্বৰ অন্যায়ী নহয়। তোমালোকে পবিত্ৰ লোকসকলৰ যি সেৱা কৰিলা আৰু এতিয়াও কৰি আছা আৰু এইদৰে তোমালোকে যি কাম কৰিছা আৰু তেওঁৰ নামৰ প্ৰতি যি প্ৰেম দেখুৱাইছা, সেয়া তেওঁ নাপাহৰিব। ১১ কিন্তু তোমালোকৰ মাজৰ প্ৰতিজনে এইদৰে পৰিশ্ৰম কৰি থকাটো আমি বিচাৰোঁ যাতে শেষলৈকে তোমালোকৰ আশা পূৰ হোৱাৰ সম্পূৰ্ণ ভৰসা থাকে ১২ আৰু তোমালোকে যেন এলেহুৱা নোহোৱা। কিন্তু সেই লোকসকলৰ উদাহৰণত চলা, যিসকলে বিশ্বাস আৰু ধৈৰ্য ধৰাৰ কাৰণে প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰী হয়।

১৩ যেতিয়া ঈশ্বৰে অব্ৰাহামৰ লগত প্ৰতিজ্ঞা কৰিছিল, তেতিয়া তেওঁ নিজেই নিজৰ শপত খালে, কিয়নো ঈশ্বৰতকৈ ডাঙৰ কোনো নাই, যিজনৰ তেওঁ শপত খালে হেঁতেন। তেওঁ নিজৰ শপত খাই ১৪ কʼলে, “মই তোমাক নিশ্চয় আশীৰ্বাদ দিম আৰু তোমাৰ বংশ বৃদ্ধি কৰিম।” ১৫ এইদৰে যেতিয়া অব্ৰাহামে ধৈৰ্য ধৰিলে, তেতিয়া তেওঁৰ লগত প্ৰতিজ্ঞা কৰা হʼল। ১৬ মানুহে নিজতকৈ ডাঙৰৰ শপত খায় আৰু তেওঁলোকৰ শপত সকলো বিবাদৰ অন্ত হয়, কিয়নো শপতে এই কথাক নিশ্চিত কৰে যে তেওঁলোকৰ প্ৰতিজ্ঞা সত্য হয়।* ১৭ ঠিক সেইদৰে, ঈশ্বৰে যেতিয়া নিৰ্ণয় লʼলে যে তেওঁ প্ৰতিজ্ঞাৰ উত্ত ৰাধিকাৰীসকলৰ ওপৰত প্ৰকাশ কৰিব যে তেওঁৰ উদ্দেশ্য* সলনি হʼব নোৱাৰে, তেতিয়া তেওঁ নিজৰ শপতৰ কাৰণে নিজৰ প্ৰতিজ্ঞাক নিশ্চিত কৰিলে* ১৮ যাতে তেওঁৰ প্ৰতিজ্ঞা আৰু শপতৰ যোগেদি আমি, যিসকলে ঈশ্বৰৰ ওচৰত আশ্ৰয় লৈছোঁ, আমি আমাৰ আশা দৃঢ়ভাৱে ধৰি ৰাখিব পাৰোঁ, যিহেতু আমি বহুতো উৎসাহ লাভ কৰিছোঁ। তেওঁৰ শপত আৰু প্ৰতিজ্ঞা কেতিয়াও পৰিৱৰ্তন নহয়, কাৰণ তেওঁ মিছা কথা কোৱাটো অসম্ভৱ। ১৯ এই আশা আমাৰ জীৱনৰ কাৰণে এক লংগৰৰ দৰে হয়, যি নিশ্চিত আৰু মজবুত হয় আৰু এই আশাই আমাক পৰ্দাৰ ভিতৰলৈ লৈ যায়, ২০ যʼত আমাৰ নেতৃত্ব লোৱা যীচু আমাৰ কাৰণে প্ৰৱেশ কৰিলে আৰু যিজন সদায় কালৰ কাৰণে মল্কীচেদকৰ দৰে এজন মহা-পুৰোহিত হʼল।

৭ মল্কীচেদক চালেমৰ ৰজা আৰু মহান ঈশ্বৰৰ পুৰোহিত আছিল। তেওঁ অব্ৰাহামক সেই সময়ত লগ পালে, যেতিয়া তেওঁ ৰজাবিলাকক হত্যা কৰি উভতি আহিছিল আৰু তেওঁ অব্ৰাহামক আশীৰ্বাদ দিলে ২ আৰু অব্ৰাহামে তেওঁক সকলো বস্তুৰ দশম ভাগ দিলে। এই মল্কীচেদক নিজৰ নামৰ অৰ্থৰ অনুসৰি প্ৰথমে “ভাল ৰজা” হয় আৰু তেওঁ চালেমৰ ৰজাও হয় অৰ্থাৎ “শান্তিৰ ৰজা।” ৩ তেওঁৰ মা-দেউতাৰ বিষয়ে আৰু তেওঁৰ বংশাৱলীৰ বিষয়ে একো জানিব নোৱাৰি। তেওঁৰ কেতিয়া জন্ম হৈছিল আৰু কেতিয়া মৃত্যু হৈছিল, সেই বিষয়েও কোনো উল্লেখ নাই। ইয়াৰ পৰিৱৰ্তে, তেওঁক ঈশ্বৰৰ পুত্ৰৰ দৰে নিযুক্ত কৰা হৈছে। সেইবাবে, তেওঁ সদায় কালৰ কাৰণে এজন পুৰোহিত হৈ থাকে।

৪ চিন্তা কৰা, এই মানুহজন কিমান মহান আছিল, যিজনক পৰিয়ালৰ মুৰব্বী* অব্ৰাহামে লুট কৰা সকলোতকৈ ভাল বস্তুৰ দশম ভাগ দিলে। ৫ এয়া সঁচা যে নিয়মৰ অনুসৰি লেবীৰ পুত্ৰসকলৰ মাজৰ যিসকলে পুৰোহিত পদ পাইছিল, তেওঁলোকক সেই লোকসকলৰ পৰা অৰ্থাৎ নিজৰ ভাইসকলৰ পৰা দশম ভাগ গোটাবলৈ আজ্ঞা দিয়া হৈছিল, যদিও সেই ভাইসকল অব্ৰাহামৰ বংশৰ আছিল। ৬ কিন্তু মল্কীচেদক লেবীৰ বংশৰ নোহোৱাৰ সত্ত্বেও অব্ৰাহামৰ পৰা দশম ভাগ গ্ৰহণ কৰিছিল আৰু এই অব্ৰাহামকে তেওঁ আশীৰ্বাদ দিছিল, যিজনৰ লগত প্ৰতিজ্ঞা কৰা হৈছিল। ৭ এতিয়া এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ পায়। ৮ এটা বিষয়ত অৰ্থাৎ লেবীসকলৰ ক্ষেত্ৰত দশম ভাগ পোৱা এনে মানুহ আছিল, যিসকলৰ মৃত্যু হৈ যায়। কিন্তু আন এটা বিষয়ত এই সাক্ষ্য দিয়া হৈছে যে তেওঁ জীয়াই আছে। ৯ আৰু এয়াও কʼব পাৰি যে লেবীও, যিজনে লোকসকলৰ পৰা দশম ভাগ পায়, অব্ৰাহামৰ যোগেদি নিজেও সেই মানুহজনক দশম ভাগ দিলে, ১০ কিয়নো মল্কীচেদকে যেতিয়া অব্ৰাহামক লগ পাইছিল, তেতিয়া লেবীজন নিজৰ পূৰ্ব পুৰুষ অব্ৰাহামৰ শৰীৰতেই আছিল।*

১১ তেনেহʼলে, লেবীসকলৰ পুৰোহিত পদৰ যোগেদি যদি সঁচাকৈ সিদ্ধতা লাভ কৰিব পাৰি (যি নিয়ম লোকসকলক দিয়া হৈছিল, তাৰ এক ভাগ আছিল পুৰোহিত পদ), তেনেহʼলে আৰু এজন মহা-পুৰোহিতক নিযুক্ত কৰাৰ প্ৰয়োজন আছিল নে, যাৰ বিষয়ে কোৱা হৈছে যে তেওঁ হাৰোণৰ দৰে নহয়, কিন্তু মল্কীচেদকৰ দৰে পুৰোহিত হওক? ১২ সেইবাবে, যদি পুৰোহিত পদ সলনি কৰা হৈছে, তেনেহʼলে নিয়মো সলনি কৰাৰ প্ৰয়োজন হৈ পৰে। ১৩ কিয়নো যিজন ব্যক্তিৰ বিষয়ে এই কথাবোৰ কোৱা হৈছে, তেওঁ বেলেগ গোষ্ঠীৰ হয় আৰু তেওঁৰ গোষ্ঠীৰ পৰা কেতিয়াও কোনো লোকক বেদীত সেৱা কৰিবলৈ বাছনি কৰা হোৱা নাছিল। ১৪ এতিয়া এয়া একেবাৰে স্পষ্ট যে আমাৰ প্ৰভু যিহূদা গোষ্ঠীৰ পৰা আহিছিল, যদিও মোচিয়ে কেতিয়াও কোৱা নাছিল যে সেই গোষ্ঠীৰ পৰা পুৰোহিত আহিব।

১৫ এই কথা আৰু বেছি স্পষ্ট হৈ পৰিছে, কিয়নো এতিয়া আমাৰ কাৰণে মল্কীচেদকৰ দৰে আৰু এজন পুৰোহিত আহিছে। ১৬ তেওঁ পুৰোহিত হোৱাৰ কাৰণ এয়া নহয় যে তেওঁ সেই গোষ্ঠীৰ পৰা হয়, যাৰ বংশই নিয়মৰ অনুসৰি পুৰোহিত হʼব পাৰিছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ সেই শক্তিৰে পুৰোহিত হʼল, যিয়ে তেওঁক অবিনাশী জীৱন দিয়ে। ১৭ কিয়নো তেওঁৰ বিষয়ে এই সাক্ষ্য দিয়া হৈছিল, “তুমি মল্কীচেদকৰ দৰে পুৰোহিত হোৱা আৰু তুমি সদায় পুৰোহিত হৈ থাকিবা।”

১৮ সেইবাবে, আগৰ নিয়ম সলনি কৰা হʼল, কিয়নো সেয়া দুৰ্বল আছিল আৰু লাভদায়ক নাছিল। ১৯ সেই নিয়মে একোৱেই সিদ্ধ নকৰিলে, কিন্তু তাতকৈ ভাল আশা যেতিয়া দিয়া হʼল, তেতিয়া তাৰ পৰা সিদ্ধ হোৱাটো সম্ভৱ হʼল আৰু তাৰ যোগেদি আমি ঈশ্বৰৰ কাষ চাপি আছোঁ। ২০ আৰু এই আশা শপতৰ সৈতে দিয়া হৈছিল। ২১ (কিয়নো এনে মানুহ আছে, যিসকলে শপত নোখোৱাকৈ পুৰোহিত হৈছে, কিন্তু এই পুৰোহিত এনে হয়, যাক ঈশ্বৰে শপতেৰে সৈতে পুৰোহিত হিচাপে নিযুক্ত কৰিছে আৰু তাৰ বিষয়ে কৈছে, “যিহোৱাই* শপত খাইছে আৰু তেওঁ যি ভাবিছে, সেয়া সলনি নকৰিব,* ‘তুমি সদায় পুৰোহিত হৈ থাকিবা।’”) ২২ এইদৰেই যীচু এক উত্তম চুক্তিৰ জামিনদাৰ* হʼল। ২৩ ইয়াৰ উপৰিও, আগতে এজনৰ পাছত এজনকৈ বহুতো লোকক পুৰোহিত হʼব লাগিছিল। কিয়নো মৃত্যুৰ কাৰণে তেওঁলোকে পুৰোহিত হিচাপে সেৱা কৰিব নোৱাৰিছিল। ২৪ কিন্তু যীচু সদায় জীয়াই থকাৰ কাৰণে তেওঁ সদায় কাললৈকে পুৰোহিত হৈ থাকিব আৰু তেওঁৰ ঠাইত কোনেও পুৰোহিত নহʼব। ২৫ সেইবাবে, যিসকলে তেওঁৰ যোগেদি ঈশ্বৰৰ কাষ চাপে, তেওঁ তেওঁলোকৰ সম্পূৰ্ণৰূপে উদ্ধাৰ কৰাৰ যোগ্য হয়। কিয়নো তেওঁ তেওঁলোকৰ কাৰণে ঈশ্বৰলৈ মিনতি কৰিবলৈ সদায় জীয়াই থাকে।

২৬ আমাৰ কাৰণে এনে মহা-পুৰোহিতৰেই প্ৰয়োজন আছে, যিজন বিশ্বাসী, নিৰ্দোষী আৰু নিষ্কলংক হয়, পাপীবিলাকৰ দৰে নহয় আৰু যিজনক আকাশতকৈয়ো ওখ কৰা হৈছে। ২৭ তেওঁ সেই মহা-পুৰোহিতসকলৰ দৰে প্ৰতিদিনে বলিদান উৎসৰ্গ কৰাৰ প্ৰয়োজন নাই, যিসকলে প্ৰথমে নিজৰ পাপৰ কাৰণে আৰু তাৰ পাছত লোকসকলৰ পাপৰ কাৰণে বলিদান উৎসৰ্গ কৰে। কিয়নো তেওঁ এবাৰেই আৰু সদায় কালৰ কাৰণে নিজকে বলিদান হিচাপে উৎসৰ্গ কৰিলে। ২৮ কিয়নো নিয়মৰ অনুসৰি যিসকল মহা-পুৰোহিতক নিযুক্ত কৰা হয়, তেওঁলোক দুৰ্বল মানুহ, কিন্তু নিয়মৰ পাছত যি প্ৰতিজ্ঞা শপত খাই কৰা হৈছিল, তাৰ অনুসৰি এজন পুত্ৰক মহা-পুৰোহিত হিচাপে নিযুক্ত কৰা হৈছে, যিজনক সদায় কাললৈকে সিদ্ধ কৰা হৈছে।

৮ আমাৰ কথাৰ মূল বিষয় হৈছে: আমাৰ এনে এজন মহা-পুৰোহিত আছে, যিজন স্বৰ্গত ঈশ্বৰৰ সিংহাসনৰ সোঁহাতে বহিল। ২ তেওঁ পবিত্ৰ ঠাই আৰু প্ৰকৃত তম্বুৰ সেৱক* হʼল, যাক কোনো মানুহে নহয়, কিন্তু যিহোৱাই* তৰিছে। ৩ প্ৰতিজন মহা-পুৰোহিতক উপহাৰ আৰু বলিদান উৎসৰ্গ কৰাৰ কাৰণে নিযুক্ত কৰা হয়। সেইবাবে, এই মহা-পুৰোহিতৰ ওচৰতো উৎসৰ্গ কৰাৰ কাৰণে কিবা থকাৰ প্ৰয়োজন আছিল। ৪ তেওঁ পৃথিৱীত থকা হʼলে তেওঁ পুৰোহিত নহʼলহেঁতেন। কিয়নো ইয়াত আগৰে পৰা পুৰোহিত আছে, যিসকলে নিয়মৰ অনুসৰি উপহাৰ উৎসৰ্গ কৰে। ৫ তেওঁলোকে যি পবিত্ৰ সেৱা কৰে, সেয়া স্বৰ্গৰ বিষয়বোৰৰ কেৱল এক নমুনা আৰু ছাঁ হয়। যিদৰে মোচিক সেই সময়ত কোৱা হৈছিল, যেতিয়া তেওঁ তম্বু নিৰ্মাণ কৰিবলৈ লৈছিল। ঈশ্বৰে তেওঁক এই আজ্ঞা দিছিল: “মনত ৰাখিবা যে এই সকলো বস্তু ঠিক সেই নমুনাৰ অনুসৰি হোৱা উচিত, যি তোমাক এই পাহাৰত দেখুৱা হৈছে।” ৬ কিন্তু এতিয়া যীচুক ইয়াতকৈয়ো উত্তম সেৱাৰ* কাৰণে নিযুক্ত কৰা হʼল। কিয়নো তেওঁ এনে চুক্তিৰ মধ্যস্থতাও হয়, যি আগৰ চুক্তিতকৈ শ্ৰেষ্ঠ হয় আৰু যি উত্তম প্ৰতিজ্ঞাবোৰৰ আধাৰত আইন গতভাৱে কৰা হৈছে।

৭ প্ৰথম চুক্তিত কোনো দোষ নথকা হʼলে দ্বিতীয় চুক্তিৰ প্ৰয়োজনেই নহʼলহেঁতেন। ৮ কিয়নো ঈশ্বৰে লোকসকলক এইদৰে কৈ দোষী কৰে, “যিহোৱাই* কয়, ‘চোৱা! সেই দিন আহি আছে, যেতিয়া মই ইস্ৰায়েল আৰু যিহূদাৰ লোকসকলৰ লগত এক নতুন চুক্তি কৰিম। ৯ এই চুক্তি, সেই চুক্তিৰ দৰে নহʼব, যি মই তোমালোকৰ পূৰ্বপুৰুষসকলৰ লগত সেই দিনা কৰিছিলোঁ, যেতিয়া মই তেওঁলোকক হাতত ধৰি মিচৰ দেশৰ পৰা উলিয়াই আনিছিলোঁ।’ যিহোৱাই* কয়, ‘তেওঁলোক মোৰ চুক্তিৰ বিশ্বাসী হৈ নাথাকিল, সেইবাবে মই তেওঁলোকৰ চোৱা-চিতা কৰিবলৈ এৰি দিলোঁ।’”

১০ “যিহোৱাই* কয়, ‘সেই দিনবোৰৰ পাছত মই ইস্ৰায়েলৰ লোকসকলৰ লগত এই চুক্তিয়েই কৰিম। মই নিজৰ নিয়ম তেওঁলোকৰ মগজুত সোমোৱাই দিম আৰু তেওঁলোকৰ হৃদয়ত লিখিম। মই তেওঁলোকৰ ঈশ্বৰ হʼম আৰু তেওঁলোক মোৰ লোক হʼব।

১১ ইয়াৰ পাছত আৰু কেতিয়াও কোনেও নিজৰ দেশৰ লোকসকলক আৰু নিজৰ ভাইসকলক এইদৰে কৈ নিশিকাব, “যিহোৱাক* জানা!” কিয়নো সৰু-ডাঙৰ সকলোৱে মোক জানিব। ১২ মই তেওঁলোকৰ ওপৰত দয়া কৰিম আৰু তেওঁলোকৰ দুষ্ট কাম আৰু পাপবোৰ আৰু কেতিয়াও মনত নেপেলাম।’”

১৩ এইদৰে তেওঁ “নতুন চুক্তিৰ” কথা কৈ প্ৰথম চুক্তিক নাইকিয়া কৰিলে। আৰু যি চুক্তিক নাইকিয়া কৰা হৈছে আৰু পুৰণি হৈ গৈ আছে, সেয়া সোনকালে শেষ হৈ যাব।

৯ সেই প্ৰথম চুক্তি পবিত্ৰ সেৱাৰ কাৰণে আইনগত আৱশ্যকতাবোৰ পূৰ কৰিবলগীয়া হৈছিল আৰু পৃথিৱীত এক পবিত্ৰ ঠাইয়ো আছিল। ২ এই তম্বুৰ যি প্ৰথম ভাগ বনোৱা হৈছিল আৰু যʼত দীপাধাৰ, মেজ আৰু আগবঢ়োৱা ৰুটি* ৰখা হৈছিল, তাক পবিত্ৰ ঠাই বুলি কোৱা হৈছিল। ৩ কিন্তু দ্বিতীয় পৰ্দাৰ পিছফালে মহা-পবিত্ৰ বুলি কোৱা ভাগ আছিল। ৪ এই ভাগত সোণৰ এটা ধূপদানী আৰু চুক্তিৰ সেই চন্দুক আছিল, যাক সম্পূৰ্ণৰূপে সোণেৰে মেৰোৱা আছিল। চন্দুকৰ ভিতৰত সোণৰ পাত্ৰ আছিল, যʼত মান্না থোৱা আছিল আৰু হাৰোণৰ কলি ওলোৱা লাঠিও আছিল আৰু চুক্তিৰ দুখন ফলিও আছিল। ৫ এই চন্দুকৰ ওপৰত মহিমাময় দুটা কৰূব আছিল, যিসকলে প্ৰায়শ্চিত্তৰ ঢাকনিৰ* ওপৰত ছাঁ দি আছিল। কিন্তু এতিয়া এই সকলো বস্তুৰ বিষয়ে ভাঙি-পাতি কোৱাৰ সময় নাই।

৬ যেতিয়া এই সকলো বস্তু এইদৰে বনোৱা হʼল, তেতিয়া পুৰোহিতসকলে পবিত্ৰ সেৱাৰ কাম কৰিবলৈ প্ৰথম ভাগত নিয়মীয়াকৈ গৈছিল। ৭ কিন্তু কেৱল মহা-পুৰোহিতে বছৰেকত এবাৰ দ্বিতীয় ভাগত গৈছিল আৰু তেওঁক সেই তেজ লৈ যাবলগীয়া হৈছিল, যি তেওঁ নিজৰ পাপৰ কাৰণে আৰু লোকসকলে অজানিতে কৰা পাপৰ কাৰণে উৎসৰ্গ কৰিছিল। ৮ এইদৰে পবিত্ৰ শক্তিয়ে স্পষ্ট কৰে যে যিমান দিন এই প্ৰথম তম্বু* আছিল, সিমান দিনলৈকে সেই পবিত্ৰ ঠাইলৈ সোমোৱা ৰাস্তা খোলা নহʼল। ৯ এই তম্বু আজিৰ সময়ৰ কাৰণে এটা নমুনা হয় আৰু এই ব্যৱস্থাৰ অনুসৰি উপহাৰ আৰু বলিদান আগবঢ়োৱা হয়। কিন্তু এই বলিদান আৰু উপহাৰে পবিত্ৰ সেৱা কৰা লোকসকলক সম্পূৰ্ণৰূপে শুদ্ধ বিবেক দিব নোৱাৰে। ১০ এই উপহাৰ আৰু বলিদান কেৱল খোৱা-বোৱা আৰু শুচিকৰণৰ বিভিন্ন ধৰণৰ ৰীতি-নীতিৰ* লগত জড়িত আছে। এইবোৰ শৰীৰৰ বিষয়ত আইনগত আৱশ্যকতা আছিল আৰু এইবোৰ তেতিয়ালৈকে প্ৰযোজ্য হʼবলগীয়া আছিল, যেতিয়ালৈকে সকলো বিষয় শুধৰণি কৰাৰ সময় নাহে।

১১ কিন্তু আমি লাভ কৰা উত্তম আশীৰ্বাদ আনিবলৈ যেতিয়া খ্ৰীষ্ট মহা-পুৰোহিত হৈ আহিল, তেতিয়া তেওঁ এনে তম্বুত সোমালে, যি আৰু বেছি শ্ৰেষ্ঠ আৰু সিদ্ধ হয়। এই তম্বু মানুহৰ হাতেৰে বনোৱা নহয় অৰ্থাৎ এই পৃথিৱীৰ সৃষ্টিৰ ভাগ নহয়। ১২ তেওঁ ছাগলী আৰু ষাঁড় গৰুৰ তেজ লৈ নহয়, ইয়াৰ পৰিৱৰ্তে নিজৰ তেজ লৈ তেওঁ এবাৰেই সদায় কালৰ কাৰণে পবিত্ৰ ঠাইত সোমালে আৰু আমাক সদায়ৰ কাৰণে মুকলি কৰিলে।* ১৩ ছাগলী আৰু ষাঁড় গৰুৰ তেজ আৰু চেঁউৰীৰ* ছাই যদি অশুচি মানুহৰ ওপৰত ছটিওৱাৰ যোগেদি তেওঁলোকৰ শৰীৰ ঈশ্বৰৰ দৃষ্টিত শুচি হয়, ১৪ তেনেহʼলে যিজনে সদায় বৰ্তি থকা পবিত্ৰ শক্তিৰ যোগেদি এক নিৰ্দোষী বলিদান হিচাপে নিজকে ঈশ্বৰৰ আগত অৰ্পণ কৰিলে, সেই খ্ৰীষ্টৰ তেজে ব্যৰ্থ কামবোৰৰ* পৰা আমাৰ বিবেকক আৰু কিমান বেছি শুদ্ধ কৰিব পাৰে যাতে আমি জীৱিত ঈশ্বৰৰ পবিত্ৰ সেৱা কৰিব পাৰোঁ!

১৫ সেইবাবে, তেওঁ এক নতুন চুক্তিৰ মধ্যস্থতা হয় যাতে যিসকলক মতা হৈছে, তেওঁলোকে সদায় বৰ্তি থকা উত্তৰাধিকাৰৰ প্ৰতিজ্ঞা লাভ কৰিব পাৰে। এই সকলো তেওঁৰ মৃত্যুৰ কাৰণে সম্ভৱ হʼল, যি মুক্তিৰ মূল্য দি তেওঁলোকক সেই পাপৰ পৰা মুকলি কৰে, যি তেওঁলোকে প্ৰথম চুক্তিৰ অধীনত থকাৰ সময়ত কৰিছিল। ১৬ যেতিয়া কিবা চুক্তি কৰা হয়, তেতিয়া চুক্তি কৰা মানুহজনৰ মৃত্যু হোৱাটো আৱশ্যক। ১৭ কিয়নো এটা চুক্তি তেতিয়াহে প্ৰযোজ্য হয়, যেতিয়া চুক্তি কৰাজনৰ মৃত্যু হয়। যেতিয়ালৈকে সেই মানুহজন জীয়াই থাকে, তেতিয়ালৈকে সেই চুক্তি প্ৰযোজ্য হʼব নোৱাৰে। ১৮ সেইবাবে, প্ৰথম চুক্তিও তেজৰ আধাৰতহে নিশ্চিত কৰা হৈছিল। ১৯ যেতিয়া মোচিয়ে সকলো লোকৰ আগত নিয়মৰ প্ৰতিটো আজ্ঞা পঢ়ি শুনালে, তেতিয়া তেওঁ ষাঁড় গৰু আৰু ছাগলীৰ তেজেৰে সৈতে পানী লʼলে আৰু উজ্জ্বল ৰঙা ৰঙৰ নোম আৰু এচোব এডালেৰে চুক্তিৰ কিতাপৰ* ওপৰত আৰু সকলো লোকৰ ওপৰত ছটিয়ালে ২০ আৰু কʼলে, “এই তেজে সেই চুক্তিক নিশ্চিত কৰে, যাক পালন কৰাৰ আজ্ঞা ঈশ্বৰে তোমালোক সকলোকে দিছে।” ২১ তেওঁ তম্বু আৰু পবিত্ৰ সেৱাত* ব্যৱহাৰ হোৱা সকলো পাত্ৰৰ ওপৰতো এইদৰে তেজ ছটিয়ালে। ২২ হয়, নিয়মৰ অনুসৰি প্ৰায় সকলো বস্তু তেজেৰে শুচি কৰা হয় আৰু যেতিয়ালৈকে তেজ ঢালি দিয়া নহয়, তেতিয়ালৈকে কেতিয়াও ক্ষমা পোৱা নাযায়।

২৩ সেইবাবে, স্বৰ্গৰ বিষয়বোৰৰ এইবোৰ নমুনা জন্তুবোৰৰ তেজেৰে শুচি কৰাটো আৱশ্যক আছিল, কিন্তু স্বৰ্গৰ বস্তুবোৰ এনে বলিদানেৰে শুচি কৰাটো আৱশ্যক আছিল, যি জন্তুবোৰৰ বলিদানতকৈ বহুত শ্ৰেষ্ঠ হয়। ২৪ কিয়নো খ্ৰীষ্ট মানুহৰ হাতেৰে বনোৱা কোনো পবিত্ৰ ঠাইত সোমোৱা নাই, যি প্ৰকৃত পবিত্ৰ ঠাইৰ কেৱল মাত্ৰ নকলহে হয়, ইয়াৰ পৰিৱৰ্তে তেওঁ স্বৰ্গত সোমালে। সেইবাবে, এতিয়া তেওঁ আমাৰ কাৰণে ঈশ্বৰৰ আগত* উপস্থিত আছে। ২৫ মহা-পুৰোহিতে যেনেকৈ বছৰে বছৰে জন্তুবোৰৰ তেজ লৈ পবিত্ৰ ঠাইত সোমাইছিল, তেনেকৈ খ্ৰীষ্টই বাৰে বাৰে নিজৰ বলিদান উৎসৰ্গ নকৰিব। ২৬ খ্ৰীষ্টই বাৰে বাৰে নিজৰ বলিদান উৎসৰ্গ কৰিবলগীয়া হোৱা হʼলে তেওঁক জগতৰ আৰম্ভণিৰে পৰা কিমান বাৰ দুখ ভুগিবলগীয়া হʼলহেঁতেন। কিন্তু এতিয়া তেওঁ জগতৰ ব্যৱস্থাৰ* শেষ সময়ছোৱাত এবাৰেই সদায়ৰ কাৰণে নিজকে প্ৰকাশ কৰিলে যাতে নিজৰ বলিদান দি পাপ নাইকিয়া কৰিব পাৰে। ২৭ আৰু যিদৰে মানুহৰ এবাৰ মৃত্যু হʼবই লাগিব আৰু তাৰ পাছত তেওঁলোকৰ ন্যায় হʼব, ২৮ ঠিক সেইদৰে খ্ৰীষ্টকো বহুতো লোকৰ পাপ উঠাবলৈ এবাৰেই সদায়ৰ কাৰণে বলিদান কৰা হʼল। আৰু যেতিয়া তেওঁ দ্বিতীয় বাৰ আহিব, তেতিয়া পাপ নাইকিয়া কৰিবলৈ নাহিব আৰু তেওঁক সেই লোকসকলে দেখা পাব, যিসকলে উদ্ধাৰ পাবলৈ বৰ আগ্ৰহেৰে তেওঁলৈ অপেক্ষা কৰি আছে।

১০ নিয়ম আহিবলগীয়া ভাল বিষয়বোৰৰ কেৱল এক ছাঁ হয়, কিন্তু প্ৰকৃত ৰূপ নহয়। ইয়ে* বছৰে বছৰে উৎসৰ্গ কৰা একেধৰণৰ বলিদানৰ পৰা ঈশ্বৰৰ উপাসনা কৰা লোকসকলক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে। ২ এইদৰে হোৱা হʼলে বলিদান উৎসৰ্গ কৰাটো বন্ধ নহʼলহেঁতেন নে? কিয়নো বলিদান লৈ অহা লোকসকলে* যদি এবাৰতেই শুচি হৈ যায়, তেনেহʼলে তেওঁলোকে পাপী হৈ থকাৰ কেতিয়াও অনুভৱেই নকৰিলেহেঁতেন। ৩ ইয়াৰ পৰিৱৰ্তে, এই বলিদানবোৰে বছৰে বছৰে তেওঁলোকৰ পাপ মনত পেলাই দিয়ে, ৪ কিয়নো এয়া সম্ভৱ নহয় যে ষাঁড় গৰু আৰু ছাগলীৰ তেজে পাপক নাইকিয়া কৰিব পাৰে।

৫ সেইবাবে, যেতিয়া খ্ৰীষ্টই পৃথিৱীলৈ আহিছিল, তেতিয়া তেওঁ কৈছিল, “‘তুমি বলিদান আৰু উছৰ্গা বিচৰা নাই। কিন্তু তুমি মোৰ কাৰণে এক শৰীৰ প্ৰস্তুত কৰিলা। ৬ তুমি হোম-বলি আৰু পাপ-বলিবোৰ গ্ৰহণ নক ৰিলা।’ ৭ তেতিয়া মই কʼলোঁ, ‘হে ঈশ্বৰ, চোৱা! মই তোমাৰ ইচ্ছা পূৰ কৰিবলৈ আহিছোঁ (যিদৰে নুৰাত* মোৰ বিষয়ে লিখা আছে)।’” ৮ নিয়মৰ অনুসৰি উৎসৰ্গ কৰা বলিদানৰ বিষয়ে প্ৰথমতে তেওঁ কয়, “তুমি বলিদান আৰু উছৰ্গা আৰু হোম-বলি আৰু পাপ-বলিবোৰ নিবিচাৰিলা আৰু সেইবোৰ গ্ৰহণো নকৰিলা।” ৯ আকৌ তেওঁ কয়, “চোৱা! মই তোমাৰ ইচ্ছা পূৰ কৰিবলৈ আহিছোঁ।” তেওঁ প্ৰথম ব্যৱস্থাক শেষ কৰি দিয়ে যাতে দ্বিতীয় ব্যৱস্থা আৰম্ভ কৰিব পাৰে। ১০ যি “ইচ্ছাৰ” বিষয়ে তেওঁ কʼলে, তাৰ অনুসৰি আমাক পবিত্ৰ কৰা হʼল, কিয়নো যীচু খ্ৰীষ্টই এবাৰেই সদায়ৰ কাৰণে নিজৰ শৰীৰ বলিদান হিচাপে আগবঢ়ালে।

১১ ইয়াৰ উপৰিও, প্ৰতিজন পুৰোহিতে পবিত্ৰ সেৱাৰ* কাৰণে প্ৰতিদিনে নিজৰ ঠাইত থিয় হয় আৰু বাৰে বাৰে সেই বলিদানেই উৎসৰ্গ কৰে, যি কেতিয়াও পাপক সম্পূৰ্ণৰূপে নাইকিয়া কৰিব নোৱাৰে। ১২ কিন্তু এই মানুহজনে পাপৰ কাৰণে এটাই বলিদান সদায়ৰ কাৰণে উৎসৰ্গ কৰিলে আৰু ঈশ্বৰৰ সোঁহাতে বহিল। ১৩ তেতিয়াৰে পৰা তেওঁ সেই সময়ৰ কাৰণে অপেক্ষা কৰি আছে, যেতিয়া তেওঁৰ শত্ৰুবিলাকক তেওঁৰ ভৰিৰ তল কৰা হʼব। ১৪ তেওঁ এটাই বলিদান উৎসৰ্গ কৰি সেই লোকসকলক সদায়ৰ কাৰণে সিদ্ধ কৰিলে, যিসকলক পবিত্ৰ কৰা হৈছে। ১৫ আৰু ঈশ্বৰৰ পবিত্ৰ শক্তিও আমাক এই কথা সঁচা হয় বুলি সাক্ষ্য দিয়ে, কিয়নো ইয়ে প্ৰথমে কৈছে, ১৬ “যিহোৱাই* কয়, ‘সেই দিনবোৰৰ পাছত মই তেওঁলোকৰ লগত এই চুক্তিয়েই কৰিম। মই নিজৰ নিয়ম তেওঁলোকৰ হৃদয়ত সোমোৱাই দিম আৰু তেওঁলোকৰ মগজুত লিখিম।’” ১৭ তাৰ পাছত পবিত্ৰ শক্তিয়ে কয়, “মই তেওঁলোকৰ পাপ আৰু দুষ্ট কামবোৰ আৰু কেতিয়াও মনত নেপেলাম।” ১৮ যি পাপবোৰৰ ক্ষমা পোৱা গʼল, তাৰ কাৰণে আকৌ বলিদান উৎসৰ্গ কৰাৰ প্ৰয়োজন নাই।

১৯ তেনেহʼলে ভাইসকল, আমি যীচুৰ তেজৰ যোগেদি সেই পথত চলিবলৈ সাহস পাইছোঁ,* যিয়ে পবিত্ৰ ঠাইলৈ লৈ যায়। ২০ তেওঁ এই নতুন আৰু জীৱিত পথ মুকলি কৰিলে,* যি পৰ্দা পাৰ কৰি যায় আৰু এই পৰ্দা তেওঁৰ শৰীৰ হয়। ২১ আৰু আমাৰ ওচৰত এনে মহান পুৰোহিত আছে, যিজন ঈশ্বৰৰ ঘৰৰ অধিকাৰী হয়। ২২ তেনেহʼলে আহা, আমি সত্য হৃদয়েৰে আৰু সম্পূৰ্ণ বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ যাওঁ। কিয়নো আমাৰ হৃদয়ত তেজ ছটিয়াই আমাৰ দুষ্ট বিবেকক শুচি কৰা হʼল আৰু আমাৰ শৰীৰক বিশুদ্ধ পানীৰে ধুউৱা হʼল। ২৩ আহা, আমি থিৰে থাকি নিজৰ আশাৰ বিষয়ে সকলো লোকৰ আগত ঘোষণা কৰি থাকোঁ, কিয়নো যিজনে প্ৰতিজ্ঞা কৰিছে, তেওঁ বিশ্বাসযোগ্য হয়। ২৪ আৰু আহা আমি এজনে-আনজনক মনোযোগ দিওঁ* যাতে এজনে-আনজনক প্ৰেম আৰু ভাল কাম কৰিবলৈ উৎসাহিত কৰিব পাৰোঁ।* ২৫ একগোট হʼবলৈ* এৰি দিয়াৰ কিছুমান লোকৰ অভ্যাস হৈ পৰিছে, কিন্তু আমি সেইদৰে একগোট হʼবলৈ এৰি নিদিওঁ। ইয়াৰ পৰিৱৰ্তে, এজনে-আনজনক উৎসাহিত কৰি থাকোঁ আৰু সেইদিন যিমানেই কাষ চপা দেখোঁ, সিমানেই আৰু বেছি এইদৰে কৰি থাকোঁ।

২৬ এবাৰ সত্যৰ সঠিক জ্ঞান পোৱাৰ পাছত যদি আমি জানি-বুজি পাপ কৰি থাকোঁ, তেনেহʼলে আমাৰ পাপবোৰৰ কাৰণে কোনো বলিদান বাকী নাথাকে। ২৭ কিন্তু কেৱল ভয়ংকৰ শাস্তি আৰু ক্ৰোধৰ জুই বাকী থাকে, যি বিৰোধীসকলক ভষ্ম কৰি দিব। ২৮ যি মানুহে নিয়ম ভাঙে, তেওঁক দুজন বা তিনিজন ব্যক্তিৰ সাক্ষ্যৰ আধাৰত হত্যা কৰা হয় আৰু তেওঁৰ ওপৰত দয়া কৰা নহয়। ২৯ তেনেহʼলে চিন্তা কৰা, যিজন ব্যক্তিয়ে ঈশ্বৰৰ পুত্ৰক ভৰিৰ তলত গছকে আৰু চুক্তিৰ সেই তেজক সাধাৰণ বুলি ভাবে, যাৰ যোগেদি তেওঁক পবিত্ৰ কৰা হৈছিল আৰু যিজনে পবিত্ৰ শক্তিৰ যোগেদি কৰা মহা-কৃপাক অপমান কৰিছে, সেই ব্যক্তিজনে আৰু বেছি শাস্তি পোৱাৰ যোগ্য। ৩০ কিয়নো আমি ঈশ্বৰক জানোঁ, যিজনে কৈছে, “প্ৰতিশোধ লোৱা মোৰ কাম, ময়েই প্ৰতিশোধ লʼম।” আৰু এয়াও লিখা আছে, “যিহোৱাই* নিজৰ লোকসকলৰ ন্যায় কৰিব।” ৩১ জীৱিত ঈশ্বৰৰ হাতৰ পৰা শাস্তি পোৱাটো কিমান ভয়ানক কথা হয়।

৩২ কিন্তু তোমালোকে সেই অতীতৰ দিনবোৰ মনত পেলাই থাকা, যেতিয়া তোমালোকে জ্ঞানৰ পোহৰ পোৱাৰ পাছত কঠোৰ সংঘৰ্ষ কৰি সমস্যাবোৰ সহন কৰিছিলা আৰু ধৈৰ্য ধৰিছিলা। ৩৩ কেতিয়াবা সকলোৰে আগত তোমালোকক ঠাট্টা কৰা হʼল* আৰু তোমালোকক অত্যাচাৰ কৰা হʼল আৰু কেতিয়াবা তোমালোকে এই সকলো সহন কৰা লোকসকলৰ লগত তেওঁলোকৰ দুখত সহভাগী হʼলা।* ৩৪ তোমালোকে সেই লোকসকলক সহানুভূতি দেখুৱালা, যিসকল জেলত আছিল। আৰু যেতিয়া তোমালোকৰ বস্তুবোৰ লুট কৰা হʼল, তেতিয়া তোমালোকে আনন্দেৰে এয়া সহন কৰিলা। কিয়নো তোমালোকে জানিছিলা যে তোমালোকৰ ওচৰত এনে সম্পত্তি আছে, যি সকলোতকৈ উত্তম আৰু সদায় থাকিব।

৩৫ সেইবাবে, সংকোচ নকৰাকৈ সাহসেৰে কʼবলৈ এৰি নিদিবা। কিয়নো ইয়াৰ কাৰণে তোমালোকক ডাঙৰ পুৰস্কাৰ দিয়া হʼব। ৩৬ তোমালোকে ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে যাতে ঈশ্বৰৰ ইচ্ছা পূৰ কৰাৰ পাছত তোমালোকে সেয়া লাভ কৰিব পাৰা, যাৰ প্ৰতিজ্ঞা ঈশ্বৰে কৰিছে। ৩৭ এতিয়া মাত্ৰ “অলপ সময়হে” বাকী আছে আৰু “যিজন আহিবলগীয়া আছে, তেওঁ আহিব আৰু দেৰি নকৰিব।” ৩৮ “কিন্তু মোৰ দৃষ্টিত ভাল মানুহজনে নিজৰ বিশ্বাসৰ কাৰণে জীয়াই থাকিব” আৰু “যদি তেওঁ পিচ হুঁহকি যায়, তেনেহʼলে মই তেওঁৰ পৰা আনন্দিত নহʼম।” ৩৯ আমি পিচ হুঁহকি ধ্বংস হোৱা লোকসকলৰ নিচিনা নহওঁ। ইয়াৰ পৰিৱৰ্তে, সেই লোকসকল হওঁ, যিসকলে বিশ্বাস ৰাখে যাতে নিজৰ জীৱন বচাব পাৰে।

১১ বিশ্বাসৰ অৰ্থ হৈছে, যি আশা কৰা হয়, সেয়া পূৰ হʼব বুলি সম্পূৰ্ণ ভৰসাৰে অপেক্ষা কৰা আৰু সেই বাস্তৱৰ স্পষ্ট প্ৰমাণ হয়, যি এতিয়া দেখা পোৱা নাযায়। ২ কিয়নো বিশ্বাসৰ কাৰণে প্ৰাচীন সময়ৰ লোকসকলে* নিজৰ বিষয়ে সাক্ষ্য পালে যে ঈশ্বৰ তেওঁলোকৰ পৰা আনন্দিত।

৩ বিশ্বাসৰ কাৰণেই আমি এয়া বুজি পাইছোঁ যে ঈশ্বৰৰ বাক্যৰে জগতৰ ব্যৱস্থা* স্থাপন কৰা হʼল, সেইবাবে যি দেখা পোৱা গৈছে, সেইবোৰ সেই বস্তুবোৰৰ পৰা আহিছে, যিবোৰ দেখা পোৱা নাযায়।

৪ বিশ্বাসৰ কাৰণেই হেবলে ঈশ্বৰক এনে বলিদান উৎসৰ্গ কৰিলে, যি কয়িনৰ বলি দানতকৈ শ্ৰেষ্ঠ আছিল। আৰু এই বিশ্বাসৰ কাৰণেই তেওঁক সাক্ষ্য দিয়া হʼল যে তেওঁ ভাল মানুহ হয়, কিয়নো ঈশ্বৰে তেওঁৰ উপহাৰ গ্ৰহণ কৰিছিল। যদিও হেবলৰ মৃত্যু হʼল, কিন্তু নিজৰ বিশ্বাসৰ কাৰণে তেওঁ আজিও কথা কয়।

৫ বিশ্বাসৰ কাৰণেই হনোকক বেলেগ ঠাইলৈ নিয়া হʼল যাতে তেওঁ মৃত্যুৰ মুখ নেদেখে। আৰু তেওঁক কʼতো পোৱা নগʼল, কিয়নো ঈশ্বৰে তেওঁক বেলেগ ঠাইলৈ নিছিল। কিন্তু তেওঁক নিয়াৰ আগতে তেওঁক এই সাক্ষ্য দিয়া হৈছিল যে তেওঁ ঈশ্বৰক আনন্দিত কৰিলে। ৬ বিশ্বাসৰ অবিহনে ঈশ্বৰক আনন্দিত কৰাটো অসম্ভৱ, কিয়নো যিজনে তেওঁৰ ওচৰলৈ আহে, তেওঁ বিশ্বাস কৰিব লাগিব যে ঈশ্বৰ সঁচাকৈ আছে* আৰু তেওঁ সেই লোকসকলক পুৰস্কাৰ দিয়ে, যিসকলে সম্পূৰ্ণ যত্নেৰে তেওঁক বিচাৰে।

৭ বিশ্বাসৰ কাৰণেই নোহে ঈশ্বৰৰ প্ৰতি ভয় ৰাখি নিজৰ পৰিয়ালক বচাবলৈ এখন জাহাজ বনালে, কিয়নো ঈশ্বৰে তেওঁক সেই বস্তুবোৰৰ বিষয়ে সতৰ্কবাণী দিছিল, যিবোৰ সেই সময়লৈকে দেখা পোৱা নগৈছিল। এই বিশ্বাসৰ যোগেদিয়েই তেওঁ জগতক দোষী কৰিলে আৰু তেওঁৰ বিশ্বাসৰ কাৰণেই তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল।

৮ যেতিয়া অব্ৰাহামক মতা হৈছিল, তেতিয়া বিশ্বাসৰ কাৰণেই তেওঁ আজ্ঞা পালন কৰিলে আৰু তেওঁ সেই ঠাইলৈ ওলাই গʼল, যি তেওঁ উত্তৰাধিকাৰী হিচাপে পাবলগীয়া আছিল। তেওঁ নাজানিছিল যে তেওঁ কʼলৈ গৈ আছে, তথাপিও তেওঁ গʼল। ৯ বিশ্বাসৰ কাৰণে তেওঁ প্ৰতিজ্ঞা কৰা দেশত এজন বিদেশীৰ দৰে থাকিছিল আৰু তেওঁ ইচহাক আৰু যাকোবৰ লগত তম্বুত আছিল, যিসকলে তেওঁৰ লগত সেই একেই প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰী আছিল। ১০ কিয়নো তেওঁ এনে এখন চহৰৰ কাৰণে বাট চাই আছিল, যি প্ৰকৃত ভিত্তিৰ ওপৰত আছে আৰু যাৰ নক্সা বনাওঁতা* আৰু নিৰ্মাণ কৰোঁতা ঈশ্বৰ হয়।

১১ যদিও চাৰাৰ সন্তান জন্ম দিয়াৰ বয়স পাৰ হৈ গৈছিল, তথাপি বিশ্বাসৰ কাৰণেই তেওঁ গৰ্ভধাৰণ কৰাৰ শক্তি পালে, কিয়নো তেওঁ বিশ্বাস কৰিছিল যে যিজন ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে, তেওঁ বিশ্বাসযোগ্য* হয়। ১২ সেইবাবে, যদিও অব্ৰাহামৰ বংশ বঢ়োৱাৰ ক্ষমতা নাছিল,* তথাপি আকাশৰ তৰা আৰু সমুদ্ৰৰ পাৰৰ বালিৰ নিচিনা অসংখ্য সন্তান জন্ম হʼল।

১৩ এই সকলো লোকে মৃত্যুলৈকে বিশ্বাসী হৈ থাকিল, যদিও তেওঁলোকে সেই সকলো নাপালে, যিবোৰ তেওঁলোকৰ লগত প্ৰতিজ্ঞা কৰা হৈছিল। তথাপিও তেওঁলোকে প্ৰতিজ্ঞা কৰা বিষয়বোৰ দূৰৰ পৰা দেখিলে আৰু তাৰ পৰা আনন্দ পালে। আৰু সকলোৰে আগত ঘোষণা কৰা হʼল যে তেওঁলোক সেই দেশত অচিনাকী আৰু অস্থায়ী বাসিন্দা হয়। ১৪ কিয়নো যিসকলে এনেধৰণৰ কথা কয়, তেওঁলোকে প্ৰমাণ কৰে যে তেওঁলোকে সম্পূৰ্ণ যত্নেৰে সেই ঠাই বিচাৰি আছে, যি তেওঁলোকৰ নিজৰ হʼব। ১৫ আৰু তেওঁলোকে এৰি অহা দেশৰ বিষয়ে মনত পেলাই থকা হʼলে তেওঁলোকৰ ওচৰত আকৌ উভতি যোৱাৰ সুযোগ থাকিলেহেঁতেন। ১৬ কিন্তু এতিয়া তেওঁলোকে এক উত্তম ঠাই পোৱাৰ চেষ্টাৰে আগবাঢ়ি গৈ আছে, যাৰ সম্পৰ্ক স্বৰ্গৰ লগত আছে। সেইবাবে, ঈশ্বৰে নিজকে তেওঁলোকৰ ঈশ্বৰ বুলি কʼবলৈ লাজ অনুভৱ নকৰে আৰু তেওঁ তেওঁলোকৰ কাৰণে এখন চহৰ প্ৰস্তুত কৰিলে।

১৭ যেতিয়া অব্ৰাহামৰ পৰীক্ষা লোৱা হৈছিল, তেতিয়া তেওঁ বিশ্বাসৰ কাৰণেই ইচহাকক যেন বলি দিলেইহেঁতেন। হয়, যিজনে আনন্দেৰে প্ৰতিজ্ঞাবোৰ গ্ৰহণ কৰিছিল, তেওঁ নিজৰ একমাত্ৰ পুত্ৰক বলি উৎসৰ্গ কৰিবলৈ সাজু হʼল। ১৮ যদিও তেওঁক কোৱা হৈছিল, “যি বংশক,* তোমাৰ বংশ বুলি কোৱা হʼব, সেয়া ইচহাকৰ যোগেদি আহিব।” ১৯ তেওঁৰ বিশ্বাস আছিল যে তেওঁৰ লʼৰাক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলাৰ ঈশ্বৰৰ ক্ষমতা আছে। আৰু সঁচাকৈ তেওঁ নিজৰ লʼৰাক মৃত্যুৰ মুখৰ পৰা ঘূৰাই পালে। এয়া আহিবলগীয়া বিষয়বোৰৰ এক উদাহৰণ হʼল।

২০ বিশ্বাসৰ কাৰণেই ইচহাকে আহিবলগীয়া বিষয়বোৰৰ সম্পৰ্কে যাকোব আৰু এচৌক আশীৰ্বাদ দিলে।

২১ বিশ্বাসৰ কাৰণেই যাকোবে নিজৰ মৃত্যুৰ আগত, যোচেফৰ দুজন লʼৰাক আশীৰ্বাদ দিলে আৰু নিজৰ লাখুটিৰ মূৰত ভৰ দি ঈশ্বৰৰ উপাসনা কৰিলে।

২২ বিশ্বাসৰ কাৰণেই যোচেফে নিজৰ মৃত্যুৰ আগতে কৈছিল যে ইস্ৰায়েলীসকলে এদিন মিচৰৰ পৰা ওলাই আহিব আৰু তেওঁ নিজৰ হাড়বোৰৰ* বিষয়ে আজ্ঞা* দিলে।

২৩ বিশ্বাসৰ কাৰণেই মোচিৰ মা-দেউতাই তেওঁ জন্ম হোৱাৰ পাছত তিনি মাহলৈকে তেওঁক লুকোৱাই ৰাখিলে, কিয়নো তেওঁলোকে দেখিলে যে লʼৰাটি অতি সুন্দৰ আৰু তেওঁলোকে ৰজাৰ আদেশলৈ ভয় নকৰিলে। ২৪ বিশ্বাসৰ কাৰণেই মোচিয়ে ডাঙৰ হোৱাৰ পাছত ফৰৌণৰ ছোৱালীৰ লʼৰা বুলি পৰিচিত হʼবলৈ অস্বীকাৰ কৰিলে। ২৫ আৰু তেওঁ পাপৰ অলপদিনীয়া সুখ ভোগ কৰাতকৈ ঈশ্বৰৰ লোকসকলৰ লগত দুখভোগ কৰিবলৈ বাছনি কৰিলে। ২৬ তেওঁ মিচৰৰ ধন-সম্পত্তিতকৈ অভিষিক্তজন হিচাপে অপমান সহন কৰাটো মূল্যৱান বুলি ভাবিছিল, কিয়নো তেওঁৰ দৃষ্টি পুৰস্কাৰৰ ওপৰত আছিল। ২৭ বিশ্বাসৰ কাৰণেই তেওঁ মিচৰ এৰি দিলে, কিন্তু ৰজাৰ ক্ৰোধৰ ভয়ত নহয়, কিয়নো তেওঁ সেই অদৃশ্য ঈশ্বৰক যেন দেখা পোৱাৰ দৰে থিৰে থাকিল। ২৮ বিশ্বাসৰ কাৰণেই মোচিয়ে নিস্তাৰ-পৰ্ব পালন কৰিলে আৰু দুৱাৰৰ চৌকাঠত তেজ ছটিয়ালে যাতে ধ্বংস কৰাজনে তেওঁলোকৰ প্ৰথম সন্তানসকলক একো ক্ষতি কৰিব নোৱাৰে।*

২৯ বিশ্বাসৰ কাৰণেই তেওঁলোকে শুকান মাটিত খোজকঢ়াৰ দৰে লোহিত সাগৰ* পাৰ কৰিলে। কিন্তু যেতিয়া মিচৰীয়াসকলে পাৰ হʼবলৈ চেষ্টা কৰিলে, তেতিয়া তেওঁলোকে সাগৰত ডুবি মৰিল।

৩০ বিশ্বাসৰ কাৰণেই যেতিয়া ইস্ৰায়েলীসকলে যিৰীহো চহৰৰ দেৱালৰ চাৰিওফালে সাত দিন ধৰি ঘূৰিছিল, তেতিয়া সেই দেৱালখন খহি পৰিল। ৩১ বিশ্বাসৰ কাৰণেই ৰাহাব নামৰ বেশ্যাই আজ্ঞা নমনা লোকসকলৰ লগত ধ্বংস নহʼল, কিয়নো তাই চোৰাংচোৱাসকলক শান্তিৰে গ্ৰহণ কৰিছিল।

৩২ আৰু কাৰ কাৰ নাম লʼম? কাৰণ মই যদি গিদিয়োন, বাৰাক, চিমচোন, যিপ্তহ, দায়ূদ আৰু তাৰ লগতে চমূৱেল আৰু আন আন ভৱিষ্যবক্তাসকলৰ বিষয়ে কʼবলৈ যাওঁ, তেনেহʼলে সময়েই নুজুৰিব। ৩৩ বিশ্বাসৰ কাৰণেই এওঁলোকে ৰাজ্যবোৰক পৰাজিত কৰিলে, ভাল কাম কৰাৰ পথ দেখুৱালে, এওঁলোকৰ লগত প্ৰতিজ্ঞা কৰা হʼল, এওঁলোকে সিংহবোৰৰ মুখ বন্ধ কৰিলে। ৩৪ জুইৰ তাপৰ পৰা ৰক্ষা পৰিলে, তৰোৱালেৰে আঘাত পোৱাৰ পৰা ৰক্ষা পৰিলে, তেওঁলোকক দুৰ্বল অৱস্থাত শক্তিশালী কৰা হʼল, তেওঁলোকে সাহসেৰে যুদ্ধ কৰিলে আৰু তেওঁলোকে আক্ৰমণ কৰিবলৈ অহা সেনাবাহিনীক হৰুৱালে। ৩৫ তিৰোতাসকলে নিজৰ মৃত আপোন জনাক উভতাই পালে। আৰু আন কিছুমানক অত্যাচাৰ কৰি হত্যা কৰা হʼল, কাৰণ তেওঁলোকে নিজৰ বিশ্বাস ত্যাগ কৰি নিজৰ জীৱন বচাবলৈ চেষ্টা নকৰিলে যাতে মৃত্যুৰ পাছত তেওঁলোকক শ্ৰেষ্ঠ উপায়েৰে জীয়াই তোলা হয়। ৩৬ হয়, এনে বহুতো লোক আছিল, যিসকলক ঠাট্টা কৰা হʼল, যিসকলক কোবোৱা হʼল। ইয়াৰ উপৰিও, তেওঁলোকক শিকলিৰে বন্ধা হʼল আৰু জেলত বন্দী কৰা হʼল আৰু এইদৰে তেওঁলোকে পৰীক্ষিত হʼল। ৩৭ তেওঁলোকক শিল দলিয়াই হত্যা কৰা হʼল, তেওঁলোকৰ পৰীক্ষা লোৱা হʼল, তেওঁলোকক কৰতেৰে দুভাগ কৰা হʼল আৰু তৰোৱালেৰে হত্যা কৰা হʼল। তেওঁলোকে ভেড়া আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল আৰু অভাৱ, সমস্যা আৰু দুৰ্ব্যৱহাৰ সহন কৰি থাকিল। ৩৮ আৰু এই জগত তেওঁলোকৰ যোগ্য নাছিল। তেওঁলোকে মৰুভূমি, পাহাৰ, গুহা আৰু পৃথিৱীৰ গাঁতবোৰত লুকাই ফুৰিছিল।

৩৯ এই সকলোৱে যদিও নিজৰ বিশ্বাসৰ যোগেদি নিজৰ বিষয়ে ভাল সাক্ষ্য পাইছিল, তথাপি তেওঁলোকে প্ৰতিজ্ঞা পূৰ হোৱাটো দেখা নাপালে। ৪০ কিয়নো ঈশ্বৰে আগৰে পৰা ভাবি থৈছিল যে তেওঁ আমাক কিবা উত্তম দিব যাতে তেওঁলোকে আমাৰ অবিহনে সিদ্ধতা লাভ নকৰে।

১২ সেইবাবে, যিহেতু সাক্ষীসকলৰ এনে ঘন ডাৱৰে আমাক আৱৰি আছে, গতিকে, আহা আমি প্ৰতিটো বোজা আৰু সেই পাপক উলিয়াই পেলাওঁ, যিয়ে আমাক সহজতে বাধা দিব পাৰে আৰু যি দৌৰত আমি দৌৰিব লাগে, তাত ধৈৰ্যেৰে দৌৰি থাকোঁ ২ আৰু যীচুৰ ওপৰত দৃষ্টি বজাই ৰাখোঁ, যিজন আমাৰ বিশ্বাসৰ মুখ্য অধিকাৰী আৰু ইয়াক সিদ্ধ কৰোঁতা হয়। তেওঁৰ আগত থকা সেই আনন্দৰ কাৰণে যাতনাৰ কাঠত* মৃত্যু সহ্য কৰিলে আৰু অপমানলৈ অলপো ধ্যান নিদিলে আৰু এতিয়া তেওঁ ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহি আছে। ৩ তেওঁ পাপীবিলাকৰ পৰা বহুতো নিন্দাজনক কথা শুনিলে, যাৰ কাৰণে তেওঁলোকৰ নিজৰেই লোকচান হʼল। সেইবাবে, তোমালোকে তেওঁৰ ওপৰত ভালদৰে ধ্যান দিয়া যাতে তোমালোকে ভাগৰি হাৰ নামানা।

৪ পাপৰ বিৰুদ্ধে তোমালোকে ইমানেই সংঘৰ্ষ কৰা নাই যে তোমালোকে মৃত্যুৰ মুখামুখি হʼবলগীয়া হৈছে। ৫ আৰু ঈশ্বৰে নিজৰ সন্তান হিচাপে তোমালোকক যি পৰামৰ্শ দিছে, সেয়া তোমালোকে সম্পূৰ্ণৰূপে পাহৰি গৈছা। তেওঁ কৈছে: “হে মোৰ লʼৰা, যিহোৱাৰ* শিক্ষাক সহজভাৱে নলʼবা আৰু যেতিয়া তেওঁ তোমাক শুধৰণি কৰে, তেতিয়া আশা এৰি নিদিবা। ৬ কিয়নো যিহোৱাই* যিজনক প্ৰেম কৰে, তেওঁক শুধৰণিও কৰে। আচলতে তেওঁ যিজনক নিজৰ সন্তান হিচাপে গ্ৰহণ কৰে, তেওঁক শাস্তিও দিয়ে।”*

৭ তোমালোকক শুধৰণি কৰা হৈছে* বুলি ভাবি ইয়াক সহন কৰা। ঈশ্বৰে তোমালোকক নিজৰ সন্তান বুলি ভাবি তোমালোকৰ লগত এইদৰে ব্যৱহাৰ কৰিছে, কিয়নো এনে কোন সন্তান আছে, যিজনক পিতৃয়ে শুধৰণি নকৰে? ৮ কিন্তু তোমালোক সকলোকে যদি এইদৰে শুধৰণি কৰা নহয়, তেনেহʼলে তোমালোক প্ৰকৃত সন্তান নহয়, কিন্তু অবৈধ সন্তান হোৱা। ৯ ইয়াৰ উপৰিও, আমাৰ মানৱ পিতৃয়েও আমাক শুধৰণি কৰিছিল আৰু আমি তেওঁৰ আদৰ কৰিছিলোঁ। তেনেহʼলে যিজন পিতৃয়ে আমাক পবিত্ৰ শক্তিৰ যোগেদি জীৱন দিছে, আমি আৰু বেছিকৈ তেওঁৰ অধীনত থকাটো উচিত নহয় নে যাতে আমি জীয়াই থাকোঁ? ১০ আমাৰ পিতৃসকলক যিদৰে ভাল লাগিছিল, সেইদৰে আমাক শুধৰণি কৰিলে আৰু সেয়াও কিছু সময়ৰ কাৰণেহে। কিন্তু ঈশ্বৰে আমাৰ লাভৰ কাৰণে আমাক শুধৰণি কৰে যাতে আমি তেওঁৰ দৰে পবিত্ৰ হৈ থাকোঁ। ১১ এয়া সঁচা যে যেতিয়া কোনো এজনক শুধৰণি কৰা হয়, সেই সময়ত তেওঁ আনন্দিত নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁৰ বহুত দুখ লাগে।* কিন্তু যিজনে এনেধৰণৰ প্ৰশিক্ষণ পায়, তেওঁ সঠিকভাৱে জীৱন-যাপন কৰে আৰু শান্তি উপভোগ কৰে।

১২ সেইবাবে, দুৰ্বল হাত আৰু দুৰ্বল আঁঠুক মজবুত কৰা। ১৩ আৰু নিজৰ খোজৰ কাৰণে পোন ৰাস্তা প্ৰস্তুত কৰি থাকা যাতে যি অংগ দুৰ্বল হয়, সেয়া যেন জোৰাৰ পৰা ওলাই নপৰে, ইয়াৰ পৰিৱৰ্তে সুস্থ হৈ যায়। ১৪ সকলো লোকৰ লগত শান্তি বজাই ৰাখিবলৈ আৰু পবিত্ৰ হৈ থাকিবলৈ চেষ্টা কৰি থাকা, যাৰ অবিহনে কোনো মানুহে প্ৰভুক নেদেখিব। ১৫ এই কথাৰ ওপৰত বিশেষভাৱে ধ্যান দিয়া যে তোমালোকৰ মাজৰ যেন কোনেও ঈশ্বৰৰ মহা-কৃপা পোৱাৰ পৰা বঞ্চিত নহয় যাতে তোমালোকৰ মাজত কোনো বিষাক্ত শিপা উৎপন্ন নহয়, যিয়ে সমস্যাৰ সৃষ্টি কৰে আৰু বহুতো লোকে ইয়াৰ পৰা অশুচি হৈ যায়। ১৬ আৰু এয়াও ধ্যান দিয়া যে তোমালোকৰ মাজত যেন এনে কোনো নহওক, যিজনে অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰাখে আৰু এচৌৰ দৰে নহওক, যিজনে পবিত্ৰ বিষয়বোৰৰ প্ৰতি কৃতজ্ঞতা নেদেখুৱালে আৰু এসাঁজ আহাৰৰ কাৰণে প্ৰথম সন্তান হোৱাৰ অধিকাৰক বেচি দিলে। ১৭ তোমালোকে জানা যে পাছত যেতিয়া তেওঁ সেই আশীৰ্বাদ পাব বিচাৰিছিল, তেতিয়া তেওঁক অস্বীকাৰ কৰা হৈছিল। তেওঁ চকু পানী টুকি টুকি তেওঁৰ* নিৰ্ণয় সলনি কৰিবলৈ বহুত চেষ্টা কৰিছিল, তথাপিও তেওঁ তাক সলনি কৰিব নোৱাৰিলে।

১৮ তোমালোকে চুব পৰা আৰু জুই জ্বলি থকা এনে কোনো পাহাৰ, কোনো কʼলা মেঘ, ঘোৰ অন্ধকাৰ আৰু বতাহ-ধুমুহাৰ ওচৰলৈ অহা নাই। ১৯ আৰু তোমালোকে তূৰীৰ ডাঙৰ মাত বা কাৰোবাৰ এনে মাত শুনি আছা, যি মাত শুনি লোকসকলে মিনতি কৰিছিল যে তেওঁলোকৰ লগত যেন আৰু কথা কোৱা নহয়। ২০ কিয়নো তেওঁলোকে এই আজ্ঞাৰ পৰা বহুত ভয় খাইছিল: “যদি কোনো জন্তুৱেও এই পাহাৰক স্পৰ্শ কৰে, তেনেহʼলে তাক শিল দলিয়াই হত্যা কৰা হʼব।” ২১ লগতে এই দৃশ্য ইমানেই ভয়ানক আছিল যে মোচিয়ে কʼলে, “মই ভয়ত থৰ থৰকৈ কঁপি আছোঁ।” ২২ ইয়াৰ পৰিৱৰ্তে, তোমালোকে চিয়োন পাহাৰৰ ওচৰত আৰু জীৱিত ঈশ্বৰৰ নগৰ, স্বৰ্গৰ যিৰূচালেমৰ ওচৰত, লাখ লাখ স্বৰ্গদূতৰ ২৩ সভাত আৰু ঈশ্বৰৰ প্ৰথম সন্তানসকলৰ মণ্ডলীলৈ আহিছা, যিসকলৰ নাম স্বৰ্গত লিখা হৈছে। আৰু সেইজন ঈশ্বৰৰ ওচৰলৈ আহিছা, যিজন সকলোৰে ন্যায়ী হয় আৰু পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি জীৱন-যাপন কৰা আৰু সিদ্ধতা লাভ কৰা এনে ভাল ব্যক্তিৰ ওচৰলৈ আহিছা। ২৪ আৰু নতুন চুক্তিৰ মধ্যস্থতা যীচু আৰু সেই তেজৰ ওচৰলৈ আহিছা, যি তেওঁ আমাৰ ওপৰত ছটিয়াইছে আৰু যি তেজ হেবলৰ তেজতকৈ আৰু উত্তমভাৱে কথা কয়।

২৫ সাৱধানে থাকা, যিজনে তোমালোকক কৈ আছে তেওঁৰ কথা শুনিবলৈ অস্বীকাৰ নকৰিবা।* কাৰণ যিজনে পৃথিৱীত ঈশ্বৰৰ সাৱধানবাণী দি আছিল, তেওঁৰ কথা যিসকলে শুনিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে যদি ৰেহাই নাপালে, তেনেহʼলে চিন্তা কৰা, যিজনে স্বৰ্গৰ পৰা কথা কয়, তেওঁৰ কথা যদি আমি নুশুনোঁ, তেনেহʼলে আমি কেনেকৈ ৰেহাই পাম! ২৬ সেই সময়ত তেওঁৰ মাতেৰে পৃথিৱী কঁপি উঠিছিল, কিন্তু এতিয়া তেওঁ এই প্ৰতিজ্ঞা কৰিছে: “মই আকৌ এবাৰ কেৱল পৃথিৱীকে নহয়, আকাশো লৰাম।” ২৭ “আকৌ এবাৰ” এই শব্দৰ পৰা জানিব পাৰি যে লৰোৱা বস্তুবোৰ ধ্বংস হʼব অৰ্থাৎ সেই বস্তুবোৰ ধ্বংস হʼব, যিবোৰ ঈশ্বৰে বনোৱা নাই যাতে লৰাব নোৱাৰা বস্তুবোৰ সদায় থাকে। ২৮ যিহেতু আমি এনে ৰাজ্য পাবলগীয়া আছে, যাক লৰাব নোৱাৰি, গতিকে আহা আমি ঈশ্বৰৰ মহা-কৃপা লাভ কৰি থাকোঁ, যাৰ যোগেদি আমি ঈশ্বৰৰ প্ৰতি ভয় ৰাখি আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা ৰাখি তেওঁ গ্ৰহণ কৰা পবিত্ৰ সেৱা কৰি থাকোঁ। ২৯ কিয়নো আমাৰ ঈশ্বৰ ভষ্ম কৰা জুই হয়।

১৩ ভাইসকলৰ নিচিনা এজনে-আনজনক প্ৰেম কৰি থাকা। ২ অতিথি-সৎকাৰ কৰিবলৈ* নাপাহৰিবা, কিয়নো এইদৰে কৰি কিছুমান লোকে অজানিতে স্বৰ্গদূতসকলৰ শুশ্ৰূষা কৰিছিল। ৩ যিসকল জেলত আছে* তেওঁলোকক মনত ৰাখা যেন তোমালোকেও তেওঁলোকৰ লগত জেলত আছা। আৰু যিসকলৰ লগত অত্যাচাৰ কৰা হয়, তেওঁলোককো মনত ৰাখা, কিয়নো তোমালোকেও তেওঁলোকৰ লগত এটাই শৰীৰৰ ভাগ হোৱা।* ৪ সকলোৱে যেন বিবাহক আদৰণীয় বুলি ভাবক আৰু বিবাহৰ শয্যাক অশুচি নকৰক, কিয়নো ঈশ্বৰে অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখা আৰু ব্যভিচাৰ কৰা লোকসকলক শাস্তি দিব। ৫ তোমালোকৰ জীৱন-প্ৰণালীয়ে দেখুৱাওক যে টকা-পইচাৰ প্ৰতি তোমালোকৰ প্ৰেম নাই আৰু তোমালোকৰ ওচৰত যি আছে, তাতে সন্তুষ্ট হৈ থাকা। কিয়নো ঈশ্বৰে কৈছে, “মই তোমালোকক কেতিয়াও নেৰিম আৰু কেতিয়াও ত্যাগ নকৰিম।” ৬ সেইবাবে, আমি সম্পূৰ্ণ সাহসেৰে এইদৰে কʼব পাৰোঁ, “যিহোৱা* মোৰ সহায়কৰ্তা হয়, মই ভয় নকৰিম। মানুহে মোৰ কি কৰিব পাৰে?”

৭ যিসকলে তোমালোকৰ মাজত নেতৃত্ব লয় আৰু যিসকলে তোমালোকক ঈশ্বৰৰ বাক্য শুনায়, তেওঁলোকক মনত ৰাখা আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰৰ ভাল পৰিণামৰ ওপৰত ধ্যান দি তেওঁলোকৰ বিশ্বাসৰ উদাহৰণত চলা।

৮ যীচু খ্ৰীষ্ট কালি সলনি হোৱা নাছিল, আজিও সলনি হোৱা নাই আৰু আহিবলগীয়া সময়তো সলনি নহʼব।

৯ বিভিন্ন ধৰণৰ অদ্ভুত শিক্ষাৰ পৰা ভ্ৰান্ত নহʼবা। কিয়নো খোৱা-বোৱাৰ বিষয়ে বিভিন্ন নিয়মৰ যোগেদি হৃদয়ক মজবুত কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ মহা-কৃপাৰ যোগেদি হৃদয়ক মজবুত কৰাটো ভাল। কাৰণ যিসকলে খোৱা-বোৱাৰ বিষয়ে বিভিন্ন নিয়মক গুৰুত্ব দিয়ে, তেওঁলোকৰ একো লাভ নহয়।

১০ আমাৰ এনে এটা বেদী আছে, যʼৰ পৰা সেই লোকসকলে খোৱাৰ কোনো অধিকাৰ নাই, যিসকলে তম্বুত পবিত্ৰ সেৱা কৰে। ১১ কিয়নো মহা-পুৰোহিতে যি জন্তুবোৰৰ তেজ পাপ-বলি হিচাপে পবিত্ৰ ঠাইলৈ লৈ যায়, সেই জন্তুবোৰৰ মৃতদেহ ছাউনিৰ বাহিৰত জ্বলাই দিয়া হয়। ১২ সেইবাবে, যীচুৱেও চহৰৰ দুৱাৰৰ বাহিৰত দুখভোগ কৰিলে যাতে তেওঁ নিজৰ তেজেৰে লোকসকলক পবিত্ৰ কৰিব পাৰে। ১৩ সেইবাবে, আহা আমি ছাউনিৰ বাহিৰলৈ তেওঁৰ ওচৰলৈ যাওঁ আৰু তেওঁ যি অপমান সহন কৰিছিল, সেয়া সহন কৰোঁ। ১৪ কিয়নো আমাৰ ইয়াত এনে চহৰ নাই, যি সদায় থাকিব, ইয়াৰ পৰিৱৰ্তে আমি সেই চহৰৰ কাৰণে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ, যি আহিবলগীয়া আছে। ১৫ আহা, আমি যীচুৰ যোগেদি সদায় ঈশ্বৰৰ প্ৰশংসাৰ বলিদান অৰ্থাৎ নিজৰ ওঁঠৰ ফল উৎসৰ্গ কৰোঁ, যি আমি ৰাজহুৱাভাৱে ঈশ্বৰৰ নাম ঘোষণা কৰাৰ যোগেদি কৰোঁ। ১৬ ইয়াৰ উপৰিও, আনৰ কাৰণে ভাল কাম কৰা আৰু তোমালোকৰ ওচৰত যি আছে, সেয়া আনক ভগাবলৈ নাপাহৰিবা, কিয়নো ঈশ্বৰ এনে বলিদানৰ পৰা বহুত আনন্দিত হয়।

১৭ যিসকলে তোমালোকৰ মাজত নেতৃত্ব লয়, তেওঁলোকৰ আজ্ঞা পালন কৰা আৰু তেওঁলোকৰ অধীনত থাকা, কিয়নো তেওঁলোকে তোমালোকৰ চোৱা-চিতা কৰে আৰু তেওঁলোকে জানে যে এই কামৰ কাৰণে তেওঁলোকে হিচাপ দিব লাগিব। যদি তোমালোকে এইদৰে কৰা, তেনেহʼলে তেওঁলোকে এই কাম দুখেৰে নহয়, আনন্দেৰে কৰিব আৰু তেওঁলোকে যদি দুখেৰে এই কাম কৰে, তেনেহʼলে ইয়াৰ পৰা তোমালোকৰে ক্ষতি হʼব।

১৮ আমাৰ কাৰণে প্ৰাৰ্থনা কৰি থাকা, কিয়নো আমাৰ বিশ্বাস আছে যে আমাৰ বিবেক শুদ্ধ* আৰু আমি সকলো বিষয়ত সততাৰে* কাম কৰিব খোজোঁ। ১৯ কিন্তু মই তোমালোকক বিশেষভাৱে এই কাৰণে প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰিছোঁ যাতে মই আৰু সোনকালে তোমালোকৰ ওচৰলৈ উভতি আহিব পাৰোঁ।

২০ আমাৰ প্ৰাৰ্থনা এয়েই যে শান্তিৰ ঈশ্বৰ, যিজনে আমাৰ মহান ৰখীয়া অৰ্থাৎ আমাৰ প্ৰভু যীচুক সদায় কালৰ চুক্তিৰ তেজৰ সৈতে মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে, ২১ তেওঁ তোমালোকক নিজৰ ইচ্ছা পূৰ কৰিবলৈ সকলো ভাল বস্তু দি প্ৰস্তুত কৰক আৰু যীচু খ্ৰীষ্টৰ যোগেদি তোমালোকৰ ভিতৰত সেই সকলো কাম কৰক, যি ঈশ্বৰে গ্ৰহণ কৰে। তেওঁৰ মহিমা সদায় কাললৈকে হৈ থাকক। আমেন।

২২ ভাইসকল, মই তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকে মোৰ এই উৎসাহজনক কথা ধৈৰ্যেৰে শুনা, কাৰণ মই চমুকৈ তোমালোকলৈ এই চিঠি লিখিছোঁ। ২৩ মই তোমালোকক কʼব বিচাৰোঁ যে আমাৰ ভাই তীমথিয়ক মুকলি কৰা হৈছে। যদি তেওঁ সোনকালে আহে, তেনেহʼলে মই তেওঁৰ লগত আহি তোমালোকক লগ কৰিম।

২৪ যিসকলে তোমালোকৰ মাজত নেতৃত্ব লয়, তেওঁলোকৰ লগতে সকলো পবিত্ৰ লোকক মোৰ নমস্কাৰ জনাবা। ইটালীৰ ভাই-ভনীসকলে তোমালোকক নমস্কাৰ জনাইছে।

২৫ ঈশ্বৰৰ মহা-কৃপা তোমালোক সকলোৰে ওপৰত থাকক।

শব্দকোষ চাওক।

বা “জনসেৱা।”

অতি. ক৫ চাওক।

আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।

আক্ষ., “বীজ।”

বা “প্ৰায়শ্চিত্তৰ বলিদান উৎসৰ্গ কৰিব পাৰে; প্ৰায়শ্চিত্ত কৰিব পাৰে।”

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

অৰ্থাৎ ইস্ৰায়েল ৰাষ্ট্ৰৰ।

অৰ্থাৎ যীচুক।

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

প্ৰায় একে সময়তে জন্ম হোৱা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।

বা “আৰাম কৰা দিনৰ।” শব্দকোষ চাওক।

শব্দকোষত “জীৱন” চাওক।

শব্দকোষত “ৰোৱাষ্‌; নিওমা” চাওক।

আক্ষ., “গাঁঠি।”

বা “ভ্ৰান্ত হোৱা।”

বা “সহানুভূতিৰে।”

বা “তেওঁৰো দুৰ্বলতাবোৰ আছে।”

বা “সম্পূৰ্ণৰূপে যোগ্য হোৱাৰ।”

আক্ষ., “সময়ৰ অনুসৰি।”

বা “বিবেচনা।”

আক্ষ., “মৃত কামবোৰৰ।”

আক্ষ., “অনন্ত।”

বা “শপত তেওঁলোকৰ কাৰণে আইনৰ অনুসৰি এক গেৰাণ্টি হয়।”

বা “ইচ্ছা।”

বা “শপত খাই গেৰাণ্টি দিলে।” আক্ষ., “মধ্যস্থতাৰ কাম কৰিলে।”

বা “কুলপিতৃ।”

বা “তেওঁ ভৱিষ্যতে অব্ৰাহামৰ এজন বংশ হʼলহেঁতেন।”

অতি. ক৫ চাওক।

বা “তেওঁ অনুতাপ নকৰিব।”

বা “গেৰাণ্টি দিওঁতা।”

বা “জনসেৱক।”

অতি. ক৫ চাওক।

বা “জনসেৱাৰ।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

বা “দৰ্শন-ৰুটি।”

বা “প্ৰায়শ্চিত্তৰ ঠাইৰ।”

সেই তম্বু যি পৃথিৱীত আছিল।

আক্ষ., “বাপ্তিষ্মাৰ।”

আক্ষ., “মুক্তিৰ মূল্য দি মুকলি কৰিলে।”

বা “গাইৰ।”

আক্ষ., “মৃত কামবোৰৰ।”

বা “নুৰাৰ।”

বা “জনসেৱাত।”

আক্ষ., “মুখৰ আগত।”

শব্দকোষ চাওক।

বা হয়তো, “এই মানুহজনে।”

আক্ষ., “পবিত্ৰ সেৱা কৰাসকলে।”

আক্ষ., “কিতাপৰ নুৰাত।”

বা “জনসেৱাৰ।”

অতি. ক৫ চাওক।

বা “ভৰসা পাইছোঁ।”

আক্ষ., “উদ্‌ঘাটন কৰিলে।”

বা “এজনে-আনজনৰ বিষয়ে চিন্তা কৰোঁ।”

বা “উৎসাহ বঢ়াব পাৰোঁ; অনুপ্ৰাণিত কৰিব পাৰোঁ।”

অৰ্থাৎ সভালৈ যাবলৈ।

অতি. ক৫ চাওক।

আক্ষ., “যেন ৰংভূমিত অপমান কৰা হʼল।”

বা “লগত থিয় হʼলা।”

বা “আমাৰ পূৰ্বপুৰুষসকলে।”

শব্দকোষ চাওক।

বা “অস্তিত্বত আছে।”

বা “শিল্পকাৰ।”

বা “ভৰসাযোগ্য।”

আক্ষ., “মৃত্যুৰ তুল্য আছিল।”

আক্ষ., “বীজক।”

বা “নিজকে কবৰ দিয়াৰ।”

বা “নিৰ্দেশনা।”

বা “চুব নোৱাৰে।”

বা “চূফ সাগৰ।”

শব্দকোষ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

আক্ষ., “তেওঁক কোবায়।”

বা “প্ৰশিক্ষণ দিয়া হৈছে।”

বা “কষ্ট হয়।”

গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

অৰ্থাৎ তেওঁৰ দেউতাকৰ।

বা “বাহানা নিদিবা; আওকাণ নকৰিবা।”

বা “অচিনাকী লোকসকলক কৃপা কৰিবলৈ নাপাহৰিবা।”

আক্ষ., “বান্ধি থোৱা অৱস্থাত আছে।”

বা হয়তো, “যেন তোমালোকেও তেওঁলোকৰ লগত দুখ সহন কৰি আছা।”

গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

অতি. ক৫ চাওক।

আক্ষ., “ভাল।”

বা “সদাচাৰেৰে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক