প্ৰশ্ন ১৮
আপুনি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰে?
“হে প্ৰাৰ্থনা শুনোতা জনা, তোমাৰ ওচৰলৈ সকলো ধৰণৰ মানুহ আহিব।”
গীতমালা ৬৫:২
“তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো কাৰ্য্যত তেওঁক স্বীকাৰ কৰা; তাতে তেওঁ তোমাৰ পথবোৰ সমান কৰিব।”
হিতোপদেশ ৩:৫, ৬
“অনন্ত জীৱন পাবলৈ হʼলে তেওঁলোকে তোমাক অৰ্থাৎ একমাত্ৰ সত্য ঈশ্বৰক জানিব লাগিব আৰু তুমি যিজনক পঠাইছা, সেই যীচু খ্ৰীষ্টকো জানিব লাগিব।”
“আচলতে তেওঁ [ঈশ্বৰ] আমাৰ কাৰোৰে পৰা দূৰ নহয়।”
“মই এয়াই প্ৰাৰ্থনা কৰি থাকোঁ যে সঠিক জ্ঞান আৰু বিবেচনাৰে সৈতে তোমালোকৰ প্ৰেম আৰু বাঢ়ি থাকক।”
“তোমালোকৰ মাজত যদি কাৰোবাৰ বুদ্ধিৰ অভাৱ হয়, তেনেহʼলে তেওঁ ঈশ্বৰৰ পৰা খুজি থাকক আৰু সেয়া তেওঁক দিয়া হʼব। কিয়নো ঈশ্বৰে সকলোকে খং নকৰাকৈ উদাৰতাৰে দিয়ে।”
“ঈশ্বৰৰ কাষ চাপা আৰু তেওঁ তোমালোকৰ কাষ চাপিব। হে পাপীবিলাক, নিজৰ হাত ধোৱা, হে সন্দেহ কৰা লোকবিলাক, নিজৰ হৃদয়ক শুদ্ধ কৰা।”
“ঈশ্বৰক প্ৰেম কৰাৰ অৰ্থ এয়েই যে আমি যেন তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ আজ্ঞাবোৰ আমাৰ কাৰণে বোজা নহয়।”