প্ৰশ্ন ১৯
বাইবেলৰ কিতাপবোৰত কিহৰ বিষয়ে কোৱা হৈছে?
হিব্ৰু শাস্ত্ৰ (“পুৰণি নিয়ম”)
প্ৰথম ৫ খন কিতাপ:
আদিপুস্তক, যাত্ৰাপুস্তক, লেবীয়া পুস্তক, গণনা পুস্তক, দ্বিতীয় বিবৰণ
সৃষ্টিৰ পৰা প্ৰাচীন ইস্ৰায়েল ৰাষ্ট্ৰৰ আৰম্ভণিলৈকে বিৱৰণ
ইতিহাসৰ কিতাপবোৰ (১২ খন কিতাপ):
যিহোচূৱা, বিচাৰকৰ্ত্তাবিলাক, ৰূথ
ইস্ৰায়েলী লোকসকলে প্ৰতিজ্ঞা কৰা দেশত প্ৰৱেশ কৰা ঘটনা আৰু তাৰ পাছৰ ঘটনাবোৰ
১ আৰু ২ চমূৱেল, ১ আৰু ২ ৰাজাৱলি, ১ আৰু ২ বংশাৱলি
ইস্ৰায়েল জাতিৰ বিৱৰণৰ পৰা লৈ যিৰূচালেমৰ বিনাশৰ বিষয়ে বৰ্ণনা
ইজ্ৰা, নহিমিয়া, ইষ্টেৰ
বাবিল নগৰৰ দাসত্বৰ পৰা মুকলি হোৱা যিহূদী লোকসকলৰ বৰ্ণনা
কবিতা আকাৰে লিখা কিতাপ (৫ খন কিতাপ):
ইয়োব, গীতমালা, হিতোপদেশ, উপদেশক, পৰমগীত
গীতৰ কিতাপ আৰু বুদ্ধিৰে ভৰা বচন
ভৱিষ্যবাণীৰ কিতাপ (১৭ খন কিতাপ):
যিচয়া, যিৰিমিয়া, বিলাপ, যিহিষ্কেল, দানিয়েল, হোচেয়া, যোৱেল, আমোচ, ওবদিয়া, যোনা, মীখা, নহূম, হবক্কুক, চফনিয়া, হগ্গয়, জখৰিয়া, মলাখী
ঈশ্বৰৰ লোকসকলৰ বিষয়ে ভৱিষ্যবাণী
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰ (“নতুন নিয়ম”)
চাৰিখন শুভবাৰ্তাৰ কিতাপ (৪ খন কিতাপ):
মথি, মাৰ্ক, লূক, যোহন
যীচু খ্ৰীষ্টৰ জীৱন আৰু পৰিচৰ্য্যাৰ বিষয়ে বৰ্ণনা
পাঁচনিবিলাকৰ কৰ্ম্ম (১ খন কিতাপ):
খ্ৰীষ্টান মণ্ডলীৰ আৰম্ভণি আৰু মিছনাৰী কাৰ্য্যৰ বিষয়ে বৰ্ণনা
চিঠি (২১ খন কিতাপ):
ৰোমীয়া, ১ আৰু ২ কৰিন্থীয়া, গালাতীয়া, ইফিচীয়া, ফিলিপীয়া, কলচীয়া, ১ আৰু ২ থিচলনীকীয়া
বিভিন্ন খ্ৰীষ্টান মণ্ডলীবিলাকলৈ চিঠি
১ আৰু ২ তীমথিয়, তীত, ফিলীমন
বিভিন্ন খ্ৰীষ্টানসকলৰ বাবে ব্যক্তিগত চিঠি
ইব্ৰী, যাকোব, ১ আৰু ২ পিতৰ, ১, ২ আৰু ৩ যোহন, যিহূদা
সকলো খ্ৰীষ্টানৰ বাবে চিঠি
প্ৰকাশিত বাক্য (১ খন কিতাপ)
একাদিক্ৰমে পাঁচনি যোহনক দিয়া দৰ্শন