পাতনি
এই কিতাপখনত উল্লেখ কৰা কাহিনীবোৰ সত্য হয় আৰু এইবোৰ বাইবেলৰ আধাৰত। ঈশ্বৰে সৃষ্টি কৰিবলৈ আৰম্ভ কৰাৰেপৰা, বৰ্তমান সময়লৈকে হোৱা ঘটনাবোৰৰ বিষয়ে এই কাহিনীবোৰে এক আভাস দিয়ে। ইয়াৰ উপৰিও ঈশ্বৰে ভৱিষ্যতে কি কৰিব, তাৰ বিষয়ে এই কাহিনীবোৰে বৰ্ণনা কৰিছে।
এই কিতাপখনৰ সহায়ত তোমালোকে বাইবেলৰ বিষয়ে ভালদৰে জানিব পাৰিবা। প্ৰাচীন কালৰ লোকসকল আৰু তেওঁলোকে কৰা কাৰ্য্যবোৰৰ বিষয়ে ইয়াত বৰ্ণনা আছে। ঈশ্বৰে মানৱ জাতিৰ বাবে প্ৰমোদবনত অনন্ত জীৱন জীয়াই থকাৰ যি উজ্জ্বল আশা দিছে, তাৰ বিষয়েও জানিবলৈ পোৱা যাব।
এই কিতাপখনত ১১৬টা কাহিনী আছে আৰু ইয়াক আঠটা ভাগত বিভক্ত কৰা হৈছে। প্ৰতিটো ভাগত কি উল্লেখ আছে তাৰ বিষয়ে সেই ভাগৰ আৰম্ভণিত এক চমু বিৱৰণ দিয়া হৈছে। ইতিহাসত ঘটা অনুসৰি এই কাহিনীবোৰ এটাৰ পাছত আনটো লিখা হৈছে। ইয়াৰ দ্বাৰা তোমালোকে সেই ঘটনাবোৰ কেতিয়া হৈছিল, তাৰ বিষয়ে জানিব পাৰিবা।
এই কাহিনীবোৰ সৰল ভাষাত লিখা হৈছে। সৰু সৰু লʼৰা-ছোৱালীবিলাকে আনৰ সহায় নোলোৱাকৈ এই কিতাপখন পঢ়িব পাৰিব। পিতৃ-মাতৃসকল, আপোনালোকে লক্ষ্য কৰিব যে আপোনাৰ কণমানীজনেও এই কাহিনীবোৰ ভাল পাইছে আৰু বাৰে বাৰে পঢ়ি শুনাবলৈ আপোনাক খাটনি ধৰিব। আপুনি নিজেও অনুভৱ কৰিব যে এই কিতাপখনত সৰু-ডাঙৰ সকলোৰে বাবে আকৰ্ষণীয় বিষয় আছে।
প্ৰতিটো কাহিনীৰ অন্তত বাইবেলৰ পদবোৰ দিয়া হৈছে আৰু সেই পদবোৰ তোমালোকে পঢ়িবা। কাহিনীবোৰৰ ওপৰত আধাৰিত প্ৰশ্নবোৰ ১১৬ নম্বৰ কাহিনীৰ পিছত দিয়া হৈছে। অনুগ্ৰহ কৰি সেই প্ৰশ্নবোৰ বিবেচনা কৰিবা।