ভাগ ১
সৃষ্টিৰপৰা জল-প্লাৱনলৈকে
আকাশ আৰু পৃথিৱী কʼৰপৰা আহিল? সূৰ্য্য, চন্দ্ৰ, কোটি কোটি তৰা আৰু পৃথিৱীৰ বিভিন্ন বস্তুবোৰ কেনেকৈ উৎপত্তি হʼল? বাইবেলে ইয়াৰ সঠিক উত্তৰ দিয়ে। এই সকলোবোৰ ঈশ্বৰে সৃষ্টি কৰিছে। এই কিতাপখনৰ আৰম্ভণি সৃষ্টিৰ বিষয়ে উল্লেখ থকা বাইবেলৰ কাহিনীবোৰৰ যোগেদি হৈছে।
ঈশ্বৰ আত্মিক প্ৰাণী হয়। তেওঁ প্ৰথমে আত্মিক প্ৰাণীবোৰক সৃষ্টি কৰিছিল আৰু তেওঁলোকক স্বৰ্গদূত বুলি কোৱা হয়। ঈশ্বৰে এই পৃথিৱীখন মানৱ জাতিৰ বাবে সৃষ্টি কৰিছিল। ঈশ্বৰে পুৰুষ আৰু স্ত্ৰীক সৃষ্টি কৰি, এখন সুন্দৰ বাগিচাত থাকিবলৈ দিলে। ঈশ্বৰে পুৰুষজনৰ নাম আদম আৰু স্ত্ৰীজনীৰ নাম হৱা ৰাখিলে। কিন্তু দুখৰ বিষয় যে তেওঁলোকে ঈশ্বৰৰ বাক্য অমান্য কৰাৰ বাবে অনন্ত জীৱন জীয়াই থকাৰ আশা হেৰুৱালে।
আদমৰ সৃষ্টিৰপৰা জল-প্লাৱনলৈকে মুঠতে ১,৬৫৬ বছৰ হৈছিল। সেই সময়ছোৱাত বহুতো দুষ্ট লোক বাস কৰিছিল। স্বৰ্গত চয়তান আৰু তাক অনুকৰণ কৰা কিছুমান দুষ্ট স্বৰ্গদূত আছিল। পৃথিৱীতো কয়িন আৰু আন বহুতো দুষ্ট লোকে বাস কৰিছিল। তাৰে কিছুমান বৰ শক্তিশালী আছিল। কিন্তু আনন্দৰ বিষয় যে সেইসময়ত পৃথিৱীত কিছুমান ঈশ্বৰৰ আজ্ঞা পালন কৰা লোকো আছিল। তাৰে কেইজনমানৰ নাম হৈছে—হেবল, হনোক আৰু নোহ। প্ৰথম ভাগত আমি এই লোকসকল আৰু তেওঁলোকৰ জীৱন কালত হোৱা ঘটনাবোৰৰ বিষয়ে শিকিবলৈ পাম।