ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ১
  • ঈশ্বৰে সৃষ্টি কৰিবলৈ আৰম্ভ কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰে সৃষ্টি কৰিবলৈ আৰম্ভ কৰে
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • ঈশ্বৰে আকাশ আৰু পৃথিৱী বনালে
    বাইবেলৰ পৰা শিকোঁ আহা
  • সৃষ্টিৰপৰা জল-প্লাৱনলৈকে
    বাইবেলৰ কাহিনী
বাইবেলৰ কাহিনী
my কাহিনী ১
আৰভণিতে, পৃথিৱীখনত সাগৰ, আগ্নেয়গিৰি আৰু শিলৰে ভৰি আছিল

কাহিনী ১

ঈশ্বৰে সৃষ্টি কৰিবলৈ আৰম্ভ কৰে

আমাৰ চাৰিওফালে থকা বস্তুবোৰক কোনে সৃষ্টি কৰিলে বাৰু? ঈশ্বৰে। দিনত পোহৰ দিবলৈ সূৰ্য্য আৰু ৰাতি পোহৰ দিবলৈ চন্দ্ৰ আৰু তৰাবোৰক সৃষ্টি কৰিলে। আমি থাকিবলৈ ঈশ্বৰে এই পৃথিৱীখন সৃষ্টি কৰিলে।

কিন্তু মন কৰিবলগীয়া কথা যে ঈশ্বৰে সূৰ্য্য, চন্দ্ৰ, তৰা আৰু পৃথিৱীখন প্ৰথমে সৃষ্টি কৰা নাছিল। তেওঁ সৰ্ব্বপ্ৰথমে কি সৃষ্টি কৰিছিল তোমালোকে জানানে? ঈশ্বৰে প্ৰথমে স্বৰ্গদূতবিলাকক সৃষ্টি কৰিছিল। ঈশ্বৰক আমি দেখা নাপাওঁ, ঠিক সেইদৰে স্বৰ্গদূতবিলাককো আমি দেখা নাপাওঁ। ঈশ্বৰে স্বৰ্গদূতবিলাকক তেওঁৰ লগত স্বৰ্গত থাকিবলৈ সৃষ্টি কৰিছিল।

ঈশ্বৰে সৃষ্টি কৰা প্ৰথম স্বৰ্গদূতজনক তেওঁৰ প্ৰথম পুত্ৰ বুলি কোৱা হয়। এই পুত্ৰ ঈশ্বৰৰ বৰ প্ৰিয় আছিল। তেওঁ ঈশ্বৰৰ লগত কাৰ্য্য কৰিছিল। ঈশ্বৰৰ সকলো সৃষ্টিৰ কাৰ্য্যত তেওঁ সহায় আগবঢ়াইছিল। সূৰ্য্য, চন্দ্ৰ, পৃথিৱী আৰু তৰাবোৰক সৃষ্টি কৰোঁতে, এই পুত্ৰই ঈশ্বৰক সহায় কৰিছিল।

সেইসময়ত পৃথিৱীখন দেখিবলৈ কেনেকুৱা আছিল বাৰু? আৰম্ভণিতে পৃথিৱীখন বাস কৰাৰ উপযোগী নাছিল। গোটেই পৃথিৱীখন পানীৰে ভৰি আছিল। কিন্তু ইয়াত মানুহে বাস কৰাটো ঈশ্বৰে বিচাৰিছিল আৰু তাৰ বাবে তেওঁ কাৰ্য্য কৰিবলৈ আৰম্ভ কৰে। তেওঁ কি কাৰ্য্য কৰিছিল তোমালোকে জানানে?

সৰ্ব্বপ্ৰথমে, পৃথিৱীখনত পোহৰৰ প্ৰয়োজন আছিল। সেইবাবে ঈশ্বৰে সূৰ্য্যৰ পোহৰ পৃথিৱীত পৰাৰ ব্যৱস্থা কৰিলে। এই ব্যৱস্থা তেওঁ এনেদৰে কৰিলে যাতে ইয়াৰ দ্বাৰা দিন আৰু ৰাতি হয়। ইয়াৰ পাছত, পানীৰ তলত থকা ভূমি ঈশ্বৰে ওপৰলৈ আনিলে।

সেইসময়ত ভূমিত একোৱেই নাছিল। খন্তেকৰ বাবে ছবিখনলৈ চোৱাচোন। ইয়াত দেখুৱাৰ দৰে পৃথিৱীৰ পৰিস্থিতি আছিল। গছ-গছনি বা জীৱ-জন্তু আদি একোৱেই নাছিল। আনকি পানীত মাছো নাছিল। জীৱ-জন্তু আৰু মানুহৰ বাবে এই পৃথিৱীখন সুন্দৰকৈ গঢ়ি তুলিবলৈ, ঈশ্বৰে আৰু কাম কৰাৰ প্ৰয়োজন আছিল।

যিৰিমিয়া ১০:১২; কলচীয়া ১:১৫-১৭; আদিপুস্তক ১:১-১০.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক