ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ২
  • এখন সুন্দৰ বাগিচা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এখন সুন্দৰ বাগিচা
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • ঈশ্বৰে আকাশ আৰু পৃথিৱী বনালে
    বাইবেলৰ পৰা শিকোঁ আহা
  • তেওঁলোকক এদন বাগিচাৰপৰা কিয় উলিয়াই দিলে
    বাইবেলৰ কাহিনী
  • মানৱৰ সৃষ্টি
    বাইবেলৰ কাহিনী
  • এই পৃথিৱীত এখন নতুন প্ৰমোদবন
    বাইবেলৰ কাহিনী
আৰু চাওক
বাইবেলৰ কাহিনী
my কাহিনী ২
সুন্দৰ এদন বাগিচাত জীৱ-জন্তু, ফুল, গছ-গছনি আৰু এটা জল-পপাত

কাহিনী ২

এখন সুন্দৰ বাগিচা

ছবিখনলৈ চোৱাচোন। কি যে সুন্দৰ, নহয়নে বাৰু! বাগিচাখনত থকা ঘাঁহ, গছ-গছনি, ফুল আৰু জীৱ-জন্তুবোৰলৈ লক্ষ্য কৰিছানে? হাতী আৰু সিংহকেইটা কʼত আছে কʼব পাৰিবানে?

এই সুন্দৰ বাগিচাখন কোনে সৃষ্টি কৰিলে? ঈশ্বৰে। আমাৰ বাবে ঈশ্বৰে ইয়াক কেনেকৈ সুন্দৰ কৰি তুলিলে তোমালোকে জানানে?

সৰ্ব্বপ্ৰথমে, উদং ভূমি ঢাকিবলৈ ঈশ্বৰে ঘাঁহৰ সৃষ্টি কৰিলে। ইয়াৰ পাছত তেওঁ বিভিন্ন ধৰণৰ সৰু-ডাঙৰ গছ-গছনিৰ সৃষ্টি কৰিলে। ঘাঁহ আৰু গছ-গছনিয়ে পৃথিৱীখনক এক আকৰ্ষণীয় ৰূপ দিলে। গছ-গছনিবোৰে পৃথিৱীৰ সুন্দৰতা বৃদ্ধি কৰাৰ লগতে, বিভিন্ন ধৰণৰ সোৱাদলগা ফল-মূলো উৎপন্ন কৰে।

ইয়াৰ পাছত ঈশ্বৰে, পানীত মাছ আৰু আকাশত উৰি ফুৰা চৰাই-চিৰিকটিবোৰ সৃষ্টি কৰিলে। তেওঁ বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ সৃষ্টি কৰিলে। যেনে: কুকুৰ, মেকুৰী, ঘোঁৰা আদি। তুমি কেইটামান জন্তুৰ নাম কʼব পাৰিবানে? ঈশ্বৰে এইবোৰ সৃষ্টি কৰাৰ বাবে আমি আনন্দিত নহওঁনে?

এই সকলোৰে অন্তত, ঈশ্বৰে পৃথিৱীখনৰ এটা অংশক এক বিশেষ ৰূপ দিলে। ঈশ্বৰে সেই ঠাইখনৰ নাম এদন বাগিচা ৰাখিলে। এই বাগিচাখনত কোনো খুঁত নাছিল। ইয়াত থকা সকলো বস্তুৱেই সুন্দৰ আছিল। এদন বাগিচাৰ দৰে গোটেই পৃথিৱীখন সুন্দৰ হোৱাটো ঈশ্বৰে বিচাৰিছিল।

ছবিখনলৈ আকৌ এবাৰ চোৱাচোন। ইয়াত কি নাই তুমি কʼব পাৰিবানে? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।

আদিপুস্তক ১:১১-২৫; ২:৮, ৯.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক