কাহিনী ৩
মানৱৰ সৃষ্টি
এই ছবিখনত কি পাৰ্থক্য আছে তুমি কʼব পাৰিবানে? ইয়াত এজন পুৰুষ আৰু এগৰাকী স্ত্ৰীক দেখা গৈছে। তেওঁলোকক কোনে সৃষ্টি কৰিলে বাৰু? ঈশ্বৰে। ঈশ্বৰৰ নাম কি হয় তোমালোকে জানানে? তেওঁৰ নাম হৈছে যিহোৱা। ঈশ্বৰে প্ৰথম পুৰুষৰ নাম আদম আৰু প্ৰথম স্ত্ৰীৰ নাম হৱা ৰাখিলে।
যিহোৱা ঈশ্বৰে আদমক কেনেকৈ সৃষ্টি কৰিলে তালৈ ধ্যান দিয়াচোন। ঈশ্বৰে মাটিৰ ধূলি একগোট কৰি এটা দেহা বনালে। তাৰ পাছত তেওঁ সেই দেহাটোৰ নাকত ফু দিলে। নাকত ফু দিয়াৰ লগে লগে সেই দেহা অৰ্থাৎ আদমৰ শৰীৰ জীৱিত হʼল।
যিহোৱা ঈশ্বৰে আদমক এটা কাম দিলে। তেওঁ আদমক জীৱ-জন্তুবোৰৰ নাম ৰাখিবলৈ কʼলে। নামবোৰ যাতে উপযুক্ত হয়, তাৰ বাবে আদমে হয়তো বহুদিন ধৰি জীৱ-জন্তুবোৰক ধ্যান দি চাবলগীয়া হৈছিল। জীৱ-জন্তুবোৰৰ নাম দিওঁতে আদমে এটা কথা লক্ষ্য কৰিলে। তেওঁ কি লক্ষ্য কৰিলে তুমি কʼব পাৰিবানে?
আদমে লক্ষ্য কৰিলে যে সকলো জীৱ-জন্তুৰ সংগী আছে। ইয়াৰে কেইটামান হৈছে, সিংহ আৰু সিংহিনী, মতা হাতী আৰু মাইকী হাতী আদি। কিন্তু আদমৰ কোনো সংগী নাছিল। সেইবাবে যিহোৱা ঈশ্বৰে আদমক গভীৰ টোপনি নিয়ালে। ঈশ্বৰে আদমৰ শৰীৰৰপৰা এডাল কামী-হাড় উলিয়াই, এগৰাকী স্ত্ৰী সৃষ্টি কৰিলে আৰু সেই স্ত্ৰী আদমৰ পত্নী হʼল।
ইয়াৰ বাবে আদম নিশ্চয় আনন্দিত হৈছিল। এনে এক সুন্দৰ বাগিচাত থাকিবলৈ দিয়াৰ বাবে হৱাৰ আনন্দৰ বিষয়ে কল্পনা কৰিব পাৰিবানে? এতিয়া আদম আৰু হৱাৰ লʼৰা-ছোৱালী হʼব আৰু তেওঁলোকে আনন্দেৰে একেলগে বাস কৰিব।
আদম আৰু হৱাই অনন্ত জীৱন জীয়াই থকাটো যিহোৱাৰ ইচ্ছা আছিল। এদন বাগিচাৰ দৰে গোটেই পৃথিৱীখন সুন্দৰকৈ গঢ়ি তোলাটো যিহোৱাই তেওঁলোকৰপৰা বিচাৰিছিল। এই কামৰ দায়িত্ব পোৱাৰ বাবে আদম আৰু হৱাই নিশ্চয় আনন্দিত হৈছিল। পৃথিৱীখন এক সুন্দৰ বাগিচাৰূপে গঢ়ি তুলিবলৈ যদি তোমাক সেই দায়িত্ব দিয়াহেঁতেন, তুমি কেনে অনুভৱ কৰিলাহেঁতেন? কিন্তু আদম আৰু হৱাৰ আনন্দ বেছিদিনলৈ নাথাকিল। আহাঁ আমি ইয়াৰ কাৰণ বিচাৰি চাওঁ।
গীতমালা ৮৩:১৮; আদিপুস্তক ১:২৬-৩১; ২:৭-২৫.