ভাগ ৩
প্ৰমোদবনত জীৱন কেনে আছিল?
যিহোৱা ঈশ্বৰে আদম আৰু হৱাক বহুতো ভাল বস্তু দিছিল। আদিপুস্তক ১:২৮
যিহোৱা ঈশ্বৰে প্ৰথম তিৰোতা হৱাক সৃষ্টি কৰিলে আৰু তাই আদমৰ পত্নী হʼল।—আদিপুস্তক ২:২১, ২২.
যিহোৱা ঈশ্বৰে আদম আৰু হৱাক সিদ্ধ শৰীৰ আৰু মন দিছিল।
আদম আৰু হৱাই এদন বাগিচাত বাস কৰিছিল। এই ঠাইখন বৰ ধুনীয়া আছিল আৰু ইয়াত এখন নদী, ফল-মূলৰ গছ আৰু বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আছিল।
যিহোৱাই তেওঁলোকৰ লগত কথা-বতৰা হৈছিল। ঈশ্বৰে তেওঁলোকক শিক্ষা দিছিল। যদি তেওঁলোকে ঈশ্বৰৰ বাক্য শুনে, তেনেহʼলে তেওঁলোকে এই পৃথিৱীত থকা প্ৰমোদবনত অনন্ত জীৱন জীয়াই থাকিব পাৰিব।
বাগিচাত থকা এজোপা গছৰ ফল খাবলৈ ঈশ্বৰে মানা কৰিছিল। আদিপুস্তক ২:১৬, ১৭
এজন স্বৰ্গদূতে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। সেই দুষ্ট স্বৰ্গদূতজনৰ নাম হৈছে চয়তান।
এদন বাগিচাত থকা এজোপা গছৰ ফল খাবলৈ যিহোৱা ঈশ্বৰে আদম আৰু হৱাক মানা কৰিছিল। ঈশ্বৰে কৈছিল যে যদি তেওঁলোকে সেই গছৰ ফল খায়, তেনেহʼলে তেওঁলোকৰ মৃত্যু হʼব।
আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা পালন কৰাটো চয়তানে বিচৰা নাছিল। সেইবাবে এডাল সাপৰ যোগেদি চয়তানে হৱাক কৈছিল যে যদি তাই সেই গছৰ ফল খায়, তেনেহʼলে তাই কেতিয়াও নমৰিব, বৰঞ্চ তাই ঈশ্বৰৰ সমতুল্য হʼব। কিন্তু চয়তানে প্ৰকৃততে মিছা কথা কৈছিল।—আদিপুস্তক ৩:১-৫.