ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ll ভাগ ৪ পৃষ্ঠা ১০-১১
  • চয়তানৰ কথা শুনাৰ পৰিণাম কি হʼল?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চয়তানৰ কথা শুনাৰ পৰিণাম কি হʼল?
  • ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • মিল থকা বিষয়
  • প্ৰমোদবনত জীৱন কেনে আছিল?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • ভাগ ৪
    ঈশ্বৰৰ বাক্য শুনক
  • মৃত লোকসকল কʼত আছে?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • মৃত্যুৰ পাছত আমাৰ কি হয়?
    বাইবেলে আমাক কি শিকায়?
আৰু চাওক
ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
ll ভাগ ৪ পৃষ্ঠা ১০-১১

ভাগ ৪

চয়তানৰ কথা শুনাৰ পৰিণাম কি হʼল?

আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে আৰু সেইবাবে তেওঁলোকৰ মৃত্যু হʼল। আদিপুস্তক ৩:৬, ২৩

ঈশ্বৰে খাবলৈ মানা কৰা ফলটা হৱাই নিজেও খালে আৰু আদমকো খাবলৈ দিছ

হৱাই সাপৰ কথা শুনি, সেই গছৰ ফল খালে। ইয়াৰ পাছত তাই আদমকো সেই ফল খাবলৈ দিলে আৰু আদমেও সেই ফল খালে।

আদম আৰু হৱা পমোদবনৰপৰা বাহিৰ হৈছ

তেওঁলোকৰ এই কাৰ্য্য ভুল আছিল। তেওঁলোকে পাপ কৰিলে। ঈশ্বৰে আদম আৰু হৱাক এদন বাগিচাৰপৰা বাহিৰ কৰিলে।

লাহে লাহে আদম আৰু হৱা বৃদ্ধ হ’বলৈ ধৰিলে আৰু এদিনাখন তেওঁলোকৰ মৃত্যু হ’ল

এদন বাগিচাৰ বাহিৰত তেওঁলোক আৰু তেওঁলোকৰ লʼৰা-ছোৱালীৰ জীৱন সহজ নাছিল। লাহে লাহে আদম আৰু হৱা বৃদ্ধ হʼবলৈ ধৰিলে আৰু এদিনাখন তেওঁলোকৰ মৃত্যু হʼল। মৃত্যুৰ পাছত তেওঁলোক কোনো আত্মিক জগতলৈ যোৱা নাছিল। মাত্ৰ তেওঁলোকৰ অস্তিত্বহে নাইকিয়া হʼল।

ধূলিৰ যেনেকৈ প্ৰাণ নাই, মৃত লোকসকলৰো তেনে অৱস্থা। আদিপুস্তক ৩:১৯

বিভিন্ন পৃষ্ঠভূমিৰপৰা অহা বেলেগ বেলেগ সময়ৰ লোকসকল

আদম আৰু হৱাৰ সন্তান হোৱাৰ বাবে আজি আমিও মৃত্যুৰ সন্মুখীন হওঁ। মৃত লোকসকলে দেখিব নোৱাৰে, শুনিব নোৱাৰে তথা একো কৰিব নোৱাৰে।—উপদেশক ৯:৫, ১০.

এজনী ছাৱালীৰ মৃত্যু হৈছ আৰু পৰিয়ালৰ লোকসকলে শোক কৰিছ

মানুহৰ মৃত্যু হোৱাটো ঈশ্বৰৰ উদ্দেশ্য নাছিল। ঈশ্বৰে অতি সোনকালে মৃত লোকসকলক পুনৰ জীৱিত কৰিব। পুনৰ জীৱন পোৱা এই লোকসকলে যদি ঈশ্বৰৰ বাক্য শুনে, তেনেহʼলে তেওঁলোকে অনন্ত জীৱন জীয়াই থাকিব।

  • আমাৰ কিয় মৃত্যু হয়?—ৰোমীয়া ৫:১২.

  • মৃত্যু আৰু নহʼব।—১ কৰিন্থীয়া ১৫:২৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক