ছয় অধ্যায়
মৃত্যুৰ পাছত আমাৰ কি হয়?
১-৩. (ক) মৃত্যুৰ বিষয়ে লোকসকলে কি কি প্ৰশ্ন কৰে? (খ) কিছুমান ধৰ্মই এই প্ৰশ্নবোৰৰ উত্তৰ কেনেধৰণে দিয়ে?
বাইবেলে এনে এক সময়ৰ বিষয়ে উল্লেখ কৰিছে, যেতিয়া মৃত্যু আৰু নহ’ব। (প্ৰকাশিত বাক্য ২১:৪) এয়া কেনেকৈ সম্ভৱ? আমি ৫ অধ্যায়ত শিকিছিলোঁ যে মুক্তিপণৰ যোগেদি আমি অনন্ত জীৱন লাভ কৰিব পাৰোঁ। তথাপিও আজি লোকসকলৰ মৃত্যু হয়। (উপদেশক ৯:৫) গতিকে, এটা প্ৰশ্ন আমাৰ মনলৈ প্ৰায়ে আহে যে মৃত্যুৰ পাছত আমাৰ কি হয়?
২ যেতিয়া আমাৰ আপোনজনৰ মৃত্যু হয়, তেতিয়া এই প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ বাবে আৰু প্ৰয়োজন হৈ পৰে। হয়তো আমি ভাবিব পাৰোঁ যে তেওঁলোক ক’লৈ গ’ল? তেওঁলোকে আমাক ক’ৰবাৰপৰা চাই আছে নেকি? তেওঁলোকে আমাক সহায় কৰিব পাৰেনে? তেওঁলোকক আমি কেতিয়াবা দেখিবলৈ পামনে?
৩ সকলো ধৰ্মই এই প্ৰশ্নবোৰৰ উত্তৰ বেলেগ বেলেগ ধৰণে দিয়ে। কিছুমানে কয় যে ভাল কাম কৰা লোকসকলে স্বৰ্গলৈ আৰু বেয়া কাম কৰা লোকসকলে নৰকলৈ যায়। আন কিছুমানে কয় যে মৃত্যুৰ পাছত, এজন ব্যক্তি আত্মা হৈ তেওঁৰ মৃত প্ৰিয়জনৰ ওচৰলৈ গুচি যায়। আন কিছুমানে বিশ্বাস কৰে যে মৃত্যুৰ পাছত লোকসকলৰ পুনৰ জন্ম হয় আৰু তেওঁলোকে কেতিয়াবা মানুহ অথবা কিবা জীৱ-জন্তুৰূপে জন্ম লয়।
৪. মৃত্যুৰ বিষয়ে সকলো ধৰ্মৰ শিক্ষাৰ মাজত কি মিল থকা দেখিবলৈ পোৱা যায়?
৪ সকলো ধৰ্মই মৃত্যুৰ বিষয়ে বেলেগ বেলেগ ধৰণে শিক্ষা দিয়ে। যদি আপুনি তেওঁলোকৰ শিক্ষাৰ প্ৰতি মন কৰে, তেনেহ’লে আপুনি জানিব পাৰিব যে তেওঁলোকৰ শিক্ষাৰ মাজত এটা কথা মিল আছে। সেয়া হৈছে এজন ব্যক্তিৰ মৃত্যুত, তাৰ শৰীৰৰ মৃত্যু হয়, কিন্তু আত্মা জীয়াই থাকে। এয়া সত্যনে?
মৃত্যুৰ পাছত কি হয়?
৫, ৬. মৃত্যুৰ পাছত কি হয়, ইয়াৰ বিষয়ে বাইবেলে কি শিকায়?
৫ এজন ব্যক্তিৰ মৃত্যুৰ পাছত কি হয়, তাক যিহোৱাই জানে। তেওঁ বাইবেলৰ যোগেদি আমাক কৈছে যে যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয়, তেতিয়া তেওঁৰ সকলো শেষ হৈ যায়। মৃতসকলৰ কোনো ধৰণৰ আত্মা নাথাকে।a তেওঁলোকৰ চিন্তাধাৰা আৰু স্মৃতি শক্তি সকলো নষ্ট হয়। মৃতসকলে দেখা নাপায়, শুনি নাপায় আৰু একো চিন্তা কৰিব নোৱাৰে।
৬ প্ৰাচীন সময়ত ৰজা চলোমনে এইদৰে লিখিছিল: “মৃত লোকবিলাকে একোকেই নাজানে।” মৃত লোকসকলে কাকো প্ৰেম কৰিব নোৱাৰে বা ঘৃণাও কৰিব নোৱাৰে। কবৰত “কোনো কাৰ্য্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান, একোৱেই নাই।” (উপদেশক ৯:৫, ৬, ১০ পঢ়ক।) গীতমালা ১৪৬:৪ পদত উল্লেখ আছে যে যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয়, তেতিয়া “তাৰ সঙ্কল্পবোৰ নষ্ট হয়।”
মৃত্যুৰ বিষয়ে যীচুৱে কি কৈছিল
যিহোৱাই সদায় দিনৰ বাবে জীয়াই থাকিবলৈ মানুহক সৃষ্টি কৰিলে
৭. মৃত্যুৰ বিষয়ে যীচুৱে কি কৈছিল?
৭ যীচুৰ এজন বন্ধু আছিল লাজাৰ। লাজাৰৰ যেতিয়া মৃত্যু হৈছিল, তেতিয়া তেওঁ নিজৰ শিষ্যসকলক এইদৰে কৈছিল: “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে।” ইয়াক শুনি তেওঁৰ শিষ্যসকলে ভাবিলে যে যীচুৱে সঁচাকৈ টোপনি যোৱাৰ কথা কৈছে। সেইবাবে, যীচুৱে তেওঁলোকক স্পষ্টকৈ কৈছিল: “লাজাৰ মৰিল।” (যোহন ১১:১১-১৪) ইয়াত যীচুৱে মৃত্যুক টোপনিৰ লগত তুলনা কৰিছে। তেওঁ এইদৰে কোৱা নাছিল যে লাজাৰ স্বৰ্গলৈ গৈছিল অথবা তেওঁ মৃত্যু হোৱা নিজৰ আপোনাজনাৰ লগত আছিল। লাজাৰ নৰকত যাতনা ভুগি আছিল বা তেওঁ পুনৰ জন্ম হৈছে বুলিও যীচুৱে কোৱা নাছিল। ইয়াৰ উপৰিও, যীচুৱে কৈছিল যে লাজাৰ গভীৰ টোপনিত আছে। বাইবেলৰ আন পদতো মৃত্যুক টোপনিৰ লগত তুলনা কৰিছে। বাইবেলত উল্লেখ আছে যে যেতিয়া যীচুৰ এজন শিষ্য স্তিফানক হত্যা কৰা হৈছিল, তেতিয়া “তেওঁ মহা-নিদ্ৰা গল।” (পাঁচনিৰ কৰ্ম্ম ৭:৬০) পাঁচনি পৌলে মৃত্যু হোৱা শিষ্যসকলৰ বিষয়ে এইদৰে কৈছিল, তেওঁলোক “নিদ্ৰিত হল।”—১ কৰিন্থীয়া ১৫:৬.
৮. আমি কেনেকৈ জানিব পাৰোঁ যে যিহোৱা ঈশ্বৰে মানুহক মৃত্যু হ’বলৈ সৃষ্টি কৰা নাছিল?
৮ যিহোৱা ঈশ্বৰে আদম আৰু হৱাক বৃদ্ধ হৈ মৃত্যু হোৱাৰ বাবে সৃষ্টি কৰিছিলনে? নহয়! যিহোৱা ঈশ্বৰে তেওঁলোকক সদায় জীয়াই থাকিবলৈ সৃষ্টি কৰিছিল আৰু তেওঁলোকক সুস্থ শৰীৰ দিছিল। কেৱল এয়াই নহয়, তেওঁলোকৰ হৃদয়ত অনন্ত জীৱন জীয়াই থকাৰ ইচ্ছা দিছিল। (উপদেশক ৩:১১) কোনো পিতৃ-মাতৃয়ে নিজৰ ল’ৰা-ছোৱালী বৃদ্ধ হৈ মৃত্যু হোৱাটো কেতিয়াও নিবিচাৰে। ঠিক সেইদৰে, যিহোৱা ঈশ্বৰেও আমাৰ লগত এনে হোৱাটো কেতিয়াও নিবিচাৰে। যদি ঈশ্বৰে আমাক অনন্ত জীৱন জীয়াই থাকিবলৈ সৃষ্টি কৰিছে, তেন্তে আমি কিয় মৃত্যু হওঁ?
আমাৰ কিয় মৃত্যু হয়
৯. (ক) যিহোৱাৰ আজ্ঞা পালন কৰাটো আদম আৰু হৱাৰ বাবে কিয় কঠিন নাছিল? (খ) যিহোৱাৰ আজ্ঞা পালন কৰি তেওঁলোকে কি দেখুৱাব পাৰিলেহেঁতেন?
৯ এদন বাগিচাত যিহোৱা ঈশ্বৰে আদমক আজ্ঞা দিছিল যে “তুমি বাৰীৰ সকলো বৃক্ষৰ ফল স্বচ্ছন্দে খাব পাৰা; কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হলে নেখাবা কিয়নো, যি দিনা তাক খাবা, সেই দিনাই তুমি অৱশ্যে মৰিবা।” (আদিপুস্তক ২:৯, ১৬, ১৭) এই আজ্ঞা পালন কৰিবলৈ আদম আৰু হৱাৰ বাবে কোনো কঠিন নাছিল। আদম আৰু হৱাৰ ভাল আৰু বেয়াৰ বিষয়ে নিৰ্ণয় লোৱাৰ অধিকাৰ যিহোৱাৰ আছিল। যিহোৱাৰ আজ্ঞা পালন কৰাৰ যোগেদি তেওঁলোকে যিহোৱাৰ অধিকাৰৰ প্ৰতি সন্মান দেখুৱাব পাৰিলেহেঁতেন। ইয়াৰ উপৰিও, যিহোৱা ঈশ্বৰে তেওঁলোকক যি দিছে, তাৰ প্ৰতি তেওঁলোকে কৃতজ্ঞতা দেখুৱাব পাৰিলেহেঁতেন।
১০, ১১. (ক) চয়তানে আদম আৰু হৱাক কেনেকৈ ফুচুলালে? (খ) আদম আৰু হৱাৰ পাপৰ কিয় ক্ষমা নাছিল?
১০ কিন্তু দুখৰ বিষয় যে আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা পালন নকৰিলে। চয়তানে হৱাক কৈছিল: “বাৰীৰ কোনো গছৰ ফল তোমালোকে নেখাবা বুলি ঈশ্বৰে বাস্তৱিকে কলে নে?” হৱাই কৈছিল: “বাৰীৰ গছ বোৰৰ ফল আমি খাব পাৰোঁ; কিন্তু বাৰীৰ মাজত থকা যি গছ জোপা আছে তাৰ ফল হলে, ঈশ্বৰে কৈছে, তোমালোকে তাক নেখাবাও, নুচুবাও; তাকে কৰিলেই মৰিবা।”—আদিপুস্তক ৩:১-৩.
১১ তেতিয়া চয়তানে কৈছিল: “দৰাচলতে তোমালোকে নমৰা; কিয়নো, যি দিনা তোমালোকে তাৰ ফল খাবা, সেই দিনাই যে তোমালোকৰ চকু মুকলি হৈ তোমালোক ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হবা, তাক ঈশ্বৰে জানে।” (আদিপুস্তক ৩:৪-৬) হৱাৰ বাবে কি ভাল আৰু কি বেয়া, তাৰ বিষয়ে নিৰ্ণয় লোৱাৰ অধিকাৰ কেৱল তাইৰ আছে বুলি চিন্তা কৰিবলৈ চয়তানে বাধ্য কৰাইছিল। চয়তানে মিছা কথা কৈছিল যে যদি তাই যিহোৱাৰ আজ্ঞা পালন নকৰে, তেন্তে তাই নমৰিব। সেইবাবে, হৱাই সেই ফলটো খালে আৰু নিজৰ স্বামীকো খাবলৈ দিলে। আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা ভালদৰে জানিছিল আৰু এয়াও জানিছিল যে এই আজ্ঞা পালন কৰিবলৈ কঠিন নাছিল। তথাপিও তেওঁলোকে জানি-শুনি ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে আৰু সেই গছৰ ফল খালে। এইদৰে তেওঁলোকে দেখুৱালে যে স্বৰ্গত থকা মৰমিয়াল পিতৃৰ প্ৰতি কোনো সন্মান বা আদৰ নাই। গতিকে, তেওঁলোকে যি কৰিলে, তাৰ বাবে কোনো ক্ষমা নাছিল।
১২. আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা পালন নকৰাটো কিয় এক দুখৰ বিষয় আছিল?
১২ দুখৰ বিষয় যে আমাৰ প্ৰথম পিতৃ-মাতৃয়ে নিজৰ সৃষ্টিকৰ্তাৰ অপমান কৰিলে। কল্পনা কৰক যে আপোনাৰ সন্তানক আপুনি কোনো বস্তুৰ অভাৱ নোহোৱাকৈ ডাঙৰ-দীঘল কৰিছে। যদি সেই সন্তানজনে আপোনাৰ বিৰোধ হৈ যায় আৰু আপোনাৰ কথা নামানে, তেনেহ’লে আপোনাক কেনে লাগিব? আপোনাক দুখ নালাগিবনে?
আদমক ধূলিৰপৰা সৃষ্টি কৰা হৈছিল আৰু সি পুনৰ ধূলিলৈ উলটি গ’ল
১৩. যিহোৱাই কৈছিল: ‘তুমি পুনৰায় ধূলিলৈকে উলটি যাবা,’ ইয়াৰ অৰ্থ কি আছিল?
১৩ আজ্ঞা পালন নকৰাৰ বাবে আদম আৰু হৱাই অনন্ত জীৱন হেৰুৱালে। যিহোৱাই আদমক কৈছিল: “তুমি ধূলি মাথোন, পুনৰায় ধূলিলৈকে উলটি যাবা।” (আদিপুস্তক ৩:১৯ পঢ়ক।) ইয়াৰ অৰ্থ হৈছে আদমক ধূলিৰপৰা সৃষ্টি কৰা হৈছিল। সেইবাবে, মৃত্যু হোৱাৰ পাছত, তেওঁ পুনৰ ধূলিলৈ উলটি গ’ল। (আদিপুস্তক ২:৭) যিদৰে আদমক সৃষ্টি কৰাৰ আগতে তেওঁৰ কোনো অস্তিত্ব নাছিল, ঠিক সেইদৰে মৃত্যুৰ পাছতো তেওঁৰ কোনো অস্তিত্ব নাথাকিল।
১৪. আমাৰ কিয় মৃত্যু হয়?
১৪ যদি আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা পালন কৰিলেহেঁতেন, তেনেহ’লে তেওঁলোক আজিও জীৱিত থাকিলেহেঁতেন। কিন্তু তেওঁলোকে আজ্ঞা পালন নকৰি পাপ কৰিলে আৰু পাছত তেওঁলোকৰ মৃত্যু হ’ল। যেনেকৈ ভয়ানক বেমাৰ মা-দেউতাৰপৰা নিজৰ ল’ৰা-ছোৱালীলৈ বিয়পি যায়, ঠিক সেইদৰে আমাৰ প্ৰথম পিতৃ-মাতৃৰপৰা পাপ গোটেই মানৱজাতিলৈ বিয়পি পৰিছে। সেইবাবে, আমি সকলোৱে পাপত জন্ম হওঁ আৰু আমাৰ মৃত্যু হয়। (ৰোমীয়া ৫:১২) কিন্তু এয়া ঈশ্বৰৰ উদ্দেশ্য নাছিল। আমি মৃত্যু হোৱাটো তেওঁ কেতিয়াও বিচৰা নাছিল। সেইবাবে, বাইবেলত মৃত্যুক “শত্ৰু” বুলি কোৱা হৈছে।—১ কৰিন্থীয়া ১৫:২৬.
সত্যতাই আমাক মুক্ত কৰে
১৫. মৃত্যুৰ বিষয়ে সত্যতাই কেনেকৈ আমাক মুক্ত কৰে?
১৫ মৃত্যুৰ বিষয়ে সত্যতা জানিলে আমি বহুতো ভুল চিন্তাধাৰাৰপৰা দূৰে থাকিব পাৰিম। বাইবেলে শিকায় যে মৃত লোকসকলে কোনো ধৰণৰ দুখ বা যাতনা ভুগি থকা নাই। আমি তেওঁলোকৰ লগত কথা পাতিব নোৱাৰোঁ আৰু তেওঁলোকেও আমাৰ লগত কথা পাতিব নোৱাৰে। আমি তেওঁলোকক কোনো ধৰণৰ সহায় কৰিব নোৱাৰোঁ আৰু তেওঁলোকেও আমাক সহায় কৰিব নোৱাৰে। তেওঁলোকে আমাৰ কোনো হানি কৰিব নোৱাৰে। গতিকে, আমি তেওঁলোকক ভয় কৰাৰ প্ৰয়োজন নাই। কিন্তু বহুতো ধৰ্মই শিকায় যে মানুহৰ মৃত্যুৰ পাছতো আত্মা জীয়াই থাকে আৰু ধৰ্ম গুৰুবিলাকক টকা-পইচা দিয়াৰ যোগেদি আমি মৃত লোকসকলক সহায় কৰিব পাৰোঁ। কিন্তু, আমি মৃত্যুৰ বিষয়ে সত্যতা জনাৰ পাছত, এনেধৰণৰ মিছা শিক্ষাৰ ফান্দৰপৰা আঁতৰি থাকিব পাৰিম।
১৬. মৃত্যুৰ বিষয়ে বহুতো ধৰ্মই কি শিকায়?
১৬ চয়তানে মিছা ধৰ্মৰ যোগেদি আমাক মিছা কথা কয় আৰু আমাক বিশ্বাস জন্মাব বিচাৰে যে মানুহৰ মৃত্যুৰ পাছতো আত্মা জীয়াই থাকে। উদাহৰণস্বৰূপে, কিছুমান ধৰ্মই শিকায় যে আমি যেতিয়া মৃত্যু হওঁ, তেতিয়া আমাৰ এটা অংশ কোনোবা প্ৰকাৰে ক’ৰবাত জীয়াই থাকে। আপোনাৰ ধৰ্মই এইদৰে শিকায়নে? অথবা বাইবেলে যি শিকায় সেয়া আপোনাৰ ধৰ্মই শিকায়নে? চয়তানে এনেধৰণৰ মিছা শিক্ষা ব্যৱহাৰ কৰাৰ যোগেদি যিহোৱা ঈশ্বৰৰপৰা লোকসকলক আঁতৰ কৰিব বিচাৰে।
১৭. নৰকৰ শিক্ষাই কেনেকৈ যিহোৱা ঈশ্বৰক অপমান কৰে?
১৭ কিছুমান ধৰ্মই মৃত্যুৰ বিষয়ে যি শিকায় সেয়া সঁচাকৈ আচৰিত কথা। উদাহৰণস্বৰূপে, কিছুমানে শিকায় যে দুষ্ট লোকসকলক নৰকৰ জুইত সদায় দিনৰ বাবে যাতনা দিয়া হ’ব। এনে মিছা শিক্ষাই যিহোৱা ঈশ্বৰক অপমান কৰে। ঈশ্বৰে কেতিয়াও এনেধৰণৰ যাতনা ভুগিবলৈ লোকসকলক অনুমিত নিদিয়ে। (১ যোহন ৪:৮ পঢ়ক।) যদি কোনো এজন ব্যক্তিয়ে নিজৰ সন্তানক শাস্তি দিবলৈ তাৰ হাতখন জুইত পুৰি দিয়ে, তেতিয়া এনে দেখি আপোনাক কেনে লাগিব? আপুনি ভাবিব পাৰে যে সেই ব্যক্তিজন বহুত নিষ্ঠুৰ হয়! আপুনি তেওঁৰ লগত কেতিয়াও বন্ধুত্ব কৰিব নিবিচাৰে। ঠিক এইদৰে, যিহোৱা ঈশ্বৰৰ লগত আমি বন্ধুত্ব কৰাটো চয়তানে কেতিয়াও নিবিচাৰে।
১৮. আমি কিয় মৃতবিলাকক ভয় কৰা উচিত নহয়?
১৮ কিছুমান ধৰ্মই শিকায় যে এজন ব্যক্তিৰ মৃত্যুৰ পাছত, তেওঁ আত্মা হৈ যায়। তেওঁলোকে ইয়াকো শিকায় যে সেই আত্মাক আমি সন্মান আৰু ভয় কৰা উচিত। কিয়নো সেই আত্মাই আমাৰ ভাল বন্ধু হ’ব পাৰে বা ভয়ানক শত্ৰু হ’ব পাৰে। বহুতোলোকে এই মিছা কথাৰ ওপৰত বিশ্বাস কৰে। তেওঁলোকে মৃতবিলাকক ভয় কৰে, সেইবাবে যিহোৱা ঈশ্বৰৰ সলনি তেওঁলোকক উপাসনা কৰে। কিন্তু মনত ৰখা উচিত যে মৃতবিলাকৰ কোনো অনুভূতি বা চেতনা নাথাকে। গতিকে, আমি তেওঁবিলাকক ভয় কৰাৰ কোনো প্ৰয়োজন নাই। যিহোৱা আমাৰ সৃষ্টিকৰ্তা আৰু সত্য ঈশ্বৰ হোৱাৰ বাবে আমি কেৱল তেওঁকেই উপাসনা কৰা উচিত।—প্ৰকাশিত বাক্য ৪:১১.
১৯. মৃত্যুৰ বিষয়ে সত্যতা জানিলে আমাৰ কি লাভ আছে?
১৯ আমি মৃত্যুৰ বিষয়ে সত্যতা জনাৰ পাছত, আমি মিছা ধৰ্মৰ শিক্ষাৰপৰা মুক্ত হওঁ। ইয়াৰ উপৰিও এই সত্যতাই আমাৰ জীৱন আৰু ভৱিষ্যতৰ বিষয়ে যিহোৱাই কৰা প্ৰতিজ্ঞাক ভালদৰে বুজিবলৈ আমাক সহায় কৰে।
২০. পৰৱৰ্তী অধ্যায়ত আমি কিহৰ বিষয়ে শিকিবলৈ পাম?
২০ বহুবছৰৰ আগতে ইয়োব নামৰ এজন ঈশ্বৰৰ সেৱকে এইদৰে সুধিছিল, “মানুহ মৰিলে পুনৰায় জীব নে?” (ইয়ো ১৪:১৪) হয়তো আপোনাৰ মনলৈ এনে প্ৰশ্ন আহিব পাৰে। ইয়াৰ উত্তৰ ঈশ্বৰে আমাক বাইবেলত দিছে, যাৰ বিষয়ে জানি আপুনি আচৰিত হ’ব পাৰে। ইয়াৰ বিষয়ে আমি পৰৱৰ্তী অধ্যায়ত শিকিবলৈ পাম।