পাঠ ৩
আদম আৰু হৱাই ঈশ্বৰৰ কথা নামানিলে
এদিনাখন হৱাই যেতিয়া অকলে আছিল, তেতিয়া এটা সাপে তেওঁৰ লগত কথা পাতিলে। সাপে সুধিলে, ‘এয়া সঁচা নে, ঈশ্বৰে কৈছে যে তুমি এই বাগিচাৰ কোনো গছৰ ফল খাব নোৱাৰা?’ হৱাই কʼলে, ‘আমি সকলো গছৰ ফল খাব পাৰোঁ, কিন্তু এজোপা গছৰ ফল খাব নোৱাৰোঁ। সেই গছৰ ফল খালে আমি মৰি যাম।’ সাপে কʼলে, ‘নহয়, তুমি কেতিয়াও নমৰিবা, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ নিচিনা হʼবা।’ এয়া সঁচা আছিল নে? নহয়, এয়া মিছা আছিল। কিন্তু হৱাই সেয়া সঁচা বুলি মানি লʼলে আৰু তেওঁ সেই ফলটো চাবলৈ ধৰিলে। যিমানেই তেওঁ সেই ফলটোলৈ চালে, সিমানেই তেওঁক সেই ফলটো খাবলৈ মন গʼল। তেওঁ সেই ফল খালে আৰু আদমকো দিলে। আদমে জানিছিল যে যদি তেওঁ ঈশ্বৰৰ কথা নামানে, তেনেহʼলে তেওঁ মৰি যাব। তথাপিও তেওঁ সেই ফলটো খালে।
সেই দিনাই গধূলি যিহোৱাই হৱাক সুধিলে যে তেওঁলোকে কিয় তেওঁৰ কথা নামানিলে? আদমে হৱাৰ ওপৰত দোষ দিলে আৰু হৱাই সাপৰ ওপৰত। আদম আৰু হৱাই যিহোৱাৰ কথা নামানিলে, সেইবাবে তেওঁলোক দুয়োজনকে বাগিচাৰ পৰা উলিয়াই দিয়া হʼল। তেওঁলোকে বাগিচালৈ আকৌ উভতি অহাটো যিহোৱাই বিচৰা নাছিল। সেইবাবে, তেওঁ বাগিচাখনৰ ৰাস্তাত স্বৰ্গদূতসকলক ৰাখিলে আৰু এখন জুইৰ তৰোৱাল ৰাখিলে।
যিহোৱাই কʼলে যিজনে হৱাক মিছা কথা কৈছিল, তাকো শাস্তি দিয়া হʼব। হৱাই সঁচাকৈ সাপৰ লগত কথা পাতিছিল নে? নহয়। যিহোৱাই সাপবোৰক কথা পাতিব পৰাকৈ বনোৱা নাছিল। আচলতে এটা বেয়া স্বৰ্গদূতে সাপৰ যোগেদি হৱাৰ লগত কথা পাতিছিল। হৱাক ভুলাবলৈ সি এইদৰে কৰিছিল। সেই স্বৰ্গদূতজনক চয়তান বুলি কোৱা হয়। যিহোৱাই অতি সোনকালে তাক নাশ কৰি দিব যাতে সি বেয়া কাম কৰিবলৈ লোকসকলক ভুলাব নোৱাৰে।
“চয়তান . . . আৰম্ভণিৰে পৰা হত্যাকাৰী আৰু সত্যত নাথাকিল, কিয়নো তাৰ ভিতৰত সত্য নাই।”—যোহন ৮:৪৪