ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ১১৫
  • এই পৃথিৱীত এখন নতুন প্ৰমোদবন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এই পৃথিৱীত এখন নতুন প্ৰমোদবন
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • এই পৃথিবীৰ বাবে ঈশ্বৰৰ উদ্দেৰ্শ্য কি?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • এখন ৰাজ্যই পৃথিৱীজুৰি শাসন কৰিব
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • “তুমি পৰমদেশত মোৰ সঙ্গী হবা”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
বাইবেলৰ কাহিনী
my কাহিনী ১১৫
পৃথিৱীৰ পমোদবনত লোকসকলে জীৱ-জন্তুৰ লগত আনন্দ উপভোগ কৰিছ

কাহিনী ১১৫

এই পৃথিৱীত এখন নতুন প্ৰমোদবন

ছবিখনত থকা ওখ ওখ গছ, ফুল আৰু পৰ্ব্বতবোৰলৈ লক্ষ্য কৰাচোন। এইবোৰে ঠাইখন ধুনীয়া কৰি তোলা নাইনে? সৰু লʼৰাজনৰ হাতৰপৰা হৰিণটোৱে কিবা খাই থকা দেখিছানে? সিংহ আৰু ঘোঁৰাকেইটালৈ লক্ষ্য কৰাচোন। এনে এখন ঠাইত তুমি নিজৰ বাবে এটা ঘৰ বনাই থাকিবলৈ নিবিচাৰিবানে?

প্ৰমোদবনত তুমি অনন্ত জীৱন জীয়াই থকাটো ঈশ্বৰে বিচাৰে। আজি লোকসকলে দুখ-কষ্টৰ মাজেদি জীৱন অতিবাহিত কৰিছে। কিন্তু তুমি কোনো ধৰণৰ দুখ-কষ্ট বা বেদনা অনুভৱ কৰাটো ঈশ্বৰে নিবিচাৰে। প্ৰমোদবনত বাস কৰা লোকসকলৰ বাবে বাইবেলে এইদৰে প্ৰতিজ্ঞা কৰিছে: ‘ঈশ্বৰে তেওঁলোকৰ লগত বাস কৰিব। ক্ৰন্দন, বেদনা বা মৃত্যু নহʼব। প্ৰথমবোৰ গুচিল।’

পমোদবনত এজনী ছাৱালীৰ হাতত একোছা ফুল

পৃথিৱীৰ ওপৰত এই পৰিৱৰ্তন আনিবলৈ যীচুয়ে ধ্যান দিব। তেওঁ এইবোৰ কেতিয়া কৰিব তুমি জানানে? পৃথিৱীৰপৰা সকলো দুষ্টতা আৰু দুষ্ট লোকসকলক বিনাশ কৰাৰ পাছত, তেওঁ এই পৰিৱৰ্তন আনিব। তোমাৰ নিশ্চয় মনত আছে যে যীচুয়ে পৃথিৱীত থকাৰ সময়ত, তেওঁ লোকসকলক বেমাৰৰপৰা সুস্থ কৰিছিল আৰু মৃত লোকসকলক পুনৰ জীৱিত কৰিছিল। ইয়াৰ যোগেদি তেওঁ প্ৰমাণ কৰি দেখুৱালে যে ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে তেওঁ ভৱিষ্যতে, গোটেই পৃথিৱীজোৰি এইবোৰ সম্ভৱ কৰি তুলিব।

এই পৃথিৱীখনত এক নতুন প্ৰমোদবন হোৱাটো আনন্দৰ কথা নহয়নে? যীচু আৰু তেওঁ নিৰ্ব্বাচন কৰা লোকসকলে স্বৰ্গত শাসন কৰিব। এই শাসকসকলে পৃথিৱীত থকা লোকসকলৰ যত্ন লʼব আৰু সকলোৱে যাতে আনন্দত থাকে, তাৰ প্ৰতি ধ্যান দিব। কিন্তু সেই প্ৰমোদবনত অনন্ত জীৱন লাভ কৰিবলৈ হʼলে, আমি কি কৰাৰ প্ৰয়োজন আছে? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।

প্ৰকাশিত বাক্য ২১:৩, ৪; ৫:৯, ১০; ১৪:১-৩.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক